মুখ্য পৃষ্ঠাতাফছীৰAl-Balad (90)

তাফছীৰ Al-Balad (90) — البلد

মক্কী · 20 আয়াত

পঢ়ক · শুনকPDF ফাইল

لَآ أُقْسِمُ بِهَـٰذَا ٱلْبَلَدِ ﴿١﴾

মহান আল্লাহে পৱিত্ৰ মক্কা নগৰৰ শপতখাইছে।

وَأَنتَ حِلٌّۢ بِهَـٰذَا ٱلْبَلَدِ ﴿٢﴾

হে ৰাছু ল! আপোনাৰ বাবে এই নগৰত হত্যাকাৰীক হত্যা কৰা আৰু কৰায় ত্তকৰিবলগীয়া ব্যক্তিক কৰায় ত্তকৰাটো বৈধ কৰা হৈছে। ووالد وما ولد

وَوَالِدٍۢ وَمَا وَلَدَ ﴿٣﴾

আল্লাহে মানৱজাতিৰ পিতা আৰু তাৰ বংশৰ পৰা জন্ম লাভ কৰা সন্তানৰ শপত খাইছে।

لَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ فِى كَبَدٍ ﴿٤﴾

আমি মানুহক ক্লান্তি আৰু কঠি নতাত আৱদ্ধ কৰি সৃষ্টি কৰিছোঁ। সেয়ে সিহঁ তে পৃথিৱীত সদায় কঠি নতাৰ সন্মুখীন হৈ থাকে। أيحسب أن لن يقدر عليه أحد

أَيَحْسَبُ أَن لَّن يَقْدِرَ عَلَيْهِ أَحَدٌۭ ﴿٥﴾

মানুহে ভাবিছে নেকি যে, যদি সিহঁ তে পাপকৰ্ম কৰে তেন্তে সিহঁ তক কোনেও জবাবদিহি নকৰিব আৰু কোনেও শাস্তি প্ৰদান নকৰিব, যদিও তাৰ প্ৰতিপালকে নহওক কিয় , যিজনে তাক সৃষ্টি কৰিছে? يقول أهلكت مالا لبدا

يَقُولُ أَهْلَكْتُ مَالًۭا لُّبَدًا ﴿٦﴾

সি কয় যে, মই বহুতো ধন ব্যয় কৰিছোঁ, ইখনৰ পিছত সিখন। أيحسب أن لم يره أحد

أَيَحْسَبُ أَن لَّمْ يَرَهُۥٓ أَحَدٌ ﴿٧﴾

খৰচ কৰাৰ ক্ষেত্ৰত দাম্ভি কতা প্ৰদৰ্শনকাৰী ব্যক্তিয়ে ভাবিছে নেকি যে, মহান আল্লাহে তাক দেখা নাই, আৰু সি ভাবিছে بلغ আল-কোৰআন · তাফছীৰ নেকি যে, তাৰ সম্পদৰ হিচাপ লোৱা নহ’ব, সেয়া ক’ৰ পৰা অৰ্জ ন কৰিছে আৰু ক’ত খৰচ কৰিছে সেই বিষয়ে প্ৰশ্নকৰা নহ’ব? ألم نجعل له عينين

أَلَمْ نَجْعَل لَّهُۥ عَيْنَيْنِ ﴿٨﴾

দেখিবলৈ আমি তাক দুটা চকু দিয়া নাইনে? ولسانا وشفتين

وَلِسَانًۭا وَشَفَتَيْنِ ﴿٩﴾

আৰু কথা ক’বলৈ এখন জিভা আৰু দুটা ওঁ ঠ দিয়া নাইনে?

وَهَدَيْنَـٰهُ ٱلنَّجْدَيْنِ ﴿١٠﴾

আৰু আমি তাক সত্য আৰু অসত্য পথৰ পৰিচয় দিয়া নাইনে?

فَلَا ٱقْتَحَمَ ٱلْعَقَبَةَ ﴿١١﴾

সি দৰাচলতে দুৰ্গম গিৰিপথ অতিক্ৰ ম কৰাৰ অপেক্ষাত আছে, যিটো তাক জান্নাতৰ পৰা পৃথক কৰিব। সেই পথ সি অতিক্ৰ ম কৰি পাৰ হৈ যাব।

وَمَآ أَدْرَىٰكَ مَا ٱلْعَقَبَةُ ﴿١٢﴾

হে ৰাছু ল! আপোনাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি? যিটো সি জান্নাতত প্ৰৱেশ কৰিবলৈ পাৰ হ’ব লাগিব? فك رقبة

فَكُّ رَقَبَةٍ ﴿١٣﴾

সেয়া হৈছে দাস মুক্ত কৰা, পুৰুষ হওক বা মহিলা। أو إطعم فى يوم ذى مسغبة

أَوْ إِطْعَـٰمٌۭ فِى يَوْمٍۢ ذِى مَسْغَبَةٍۢ ﴿١٤﴾

অথবা এনেকু ৱা দুৰ্ভিক্ষৰ দিনত যেতিয়া খাদ্য পোৱা কঠি ন হয় , মানুহক খাদ্য দান কৰা। بلغ আল-কোৰআন · তাফছীৰ يتيما ذا مقربة

يَتِيمًۭا ذَا مَقْرَبَةٍ ﴿١٥﴾

এনেকু ৱাদৰিদ্ৰ শিশুক সহায় কৰা,যিয়ে তাৰ পিতৃ ৰ ছাঁৰ পৰাবঞ্চিতহৈছে আৰু কিন্তু তাৰ আত্মীয় আছে। أو مسكينا ذا متربة

أَوْ مِسْكِينًۭا ذَا مَتْرَبَةٍۢ ﴿١٦﴾

অথবা এনেকু ৱা দৰিদ্ৰ ক সহায় কৰা, যিজন দুখীয়া নিচলা, তাৰ ওচৰত কোনো বস্তু নাই।

ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُوا۟ وَتَوَاصَوْا۟ بِٱلصَّبْرِ وَتَوَاصَوْا۟ بِٱلْمَرْحَمَةِ ﴿١٧﴾

তাৰ পাছত এনেকু ৱা লোকৰ অন্ত ৰ্ভুক্ত হ’ব লাগিব, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু পৰস্পৰে পৰস্পৰক সত্কৰ্মৰ প্ৰতি অটল থাকিবলৈ আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিবলৈ আৰু বিপদৰ সময় ত ধৈৰ্য্য ধাৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰে তথাএজনে আনজনক আল্লাহৰ বান্দাৰ প্ৰতিদয়াকৰিবলৈ গুৰুত্ব প্ৰদান কৰে।

أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْمَيْمَنَةِ ﴿١٨﴾

এই বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তিসকলেই হৈছে সোঁফালৰ গৰাকী।

وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِنَا هُمْ أَصْحَـٰبُ ٱلْمَشْـَٔمَةِ ﴿١٩﴾

আৰু যিসকলে ৰাছু লৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁ তেই হৈছে বাওঁ ফালে অৱস্থানকাৰী। عليهم نار مؤصدة

عَلَيْهِمْ نَارٌۭ مُّؤْصَدَةٌۢ ﴿٢٠﴾

কিয়ামতৰ দিনাএনেকু ৱালোককেই অৱৰুদ্ধ অগ্নিৰে শাস্তি বিহাহ’ব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Balad — البلد

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা