মুখ্য পৃষ্ঠাতাফছীৰAl-Fajr (89)

তাফছীৰ Al-Fajr (89) — الفجر

মক্কী · 30 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلْفَجْرِ ﴿١﴾

মহান আল্লাহে ফজৰৰশপত খাইছে। وليال عشر

وَلَيَالٍ عَشْرٍۢ ﴿٢﴾

আৰুজিল হজ্জ মাহৰপ্ৰ থম দহ ৰাতিৰশপত কৰিছে।

وَٱلشَّفْعِ وَٱلْوَتْرِ ﴿٣﴾

আৰু সকলো যোৰ আৰু বিযোৰ বস্তু ৰ শপত কৰিছে।

وَٱلَّيْلِ إِذَا يَسْرِ ﴿٤﴾

এইদৰে ৰাতিৰ শপত কৰিছে, যেতিয়া ইয়াৰ আগমন ঘটে, আৰু অৱস্থান কৰাৰ পাছত বিদায় লয় । এই শপতবোৰৰ উত্তৰ হৈছে, নিশ্চয় তোমালোকে নিজৰ কৰ্মৰ প্ৰতিদান লাভ কৰিবা। هل فى ذلك قسم لذىحجر

هَلْ فِى ذَٰلِكَ قَسَمٌۭ لِّذِى حِجْرٍ ﴿٥﴾

এই বিৱৰণৰভিতৰত এনেকু ৱা কোনো শপত আছে নেকি, যিটো বোধসম্পন্ন ব্যক্তি ৰবাবেযথেষ্ট নহয় ? ألم تركيف فعل ربك بعاد

أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِعَادٍ ﴿٦﴾

হে ৰাছু ল, যেতিয়া আদ সম্প্ৰ দায়ে সিহঁ তৰ ৰাছু লক অস্বীকাৰ কৰিছিল তেতিয়া আপোনাৰ প্ৰতিপালকে সিহঁ তৰ সৈতে কেনেকু ৱা আচৰণ কৰিছিল সেয়া আপুনি দেখা নাইনে?

إِرَمَ ذَاتِ ٱلْعِمَادِ ﴿٧﴾

আদ গোত্ৰ হৈছে সিহঁ তৰ পিতৃ পুৰুষ ইৰামৰ লগত সম্পৃক্ত , তেওঁ আছিল সুদীৰ্ঘ দেহৰ অধিকাৰী।

ٱلَّتِى لَمْ يُخْلَقْ مِثْلُهَا فِى ٱلْبِلَـٰدِ ﴿٨﴾

সেইটো এনেকু ৱা জাতি আছিল যে, তেনেকু ৱা জাতি আল্লাহে আন কোনো দেশত সৃষ্টি কৰা নাছিল।

وَثَمُودَ ٱلَّذِينَ جَابُوا۟ ٱلصَّخْرَ بِٱلْوَادِ ﴿٩﴾

আপুনি দেখা নাইনে যে, আপোনাৰ প্ৰতিপালকে ছলেহ আলাইহিচ্ছালামৰ জাতি ছামুদৰ সৈতে কেনেকু ৱা আচৰণ কৰিছিল? যিসকলে হিজৰ নামক ঠাইত পাহাৰৰ প্ৰকাণ্ড শিল কাটি ঘৰ সাজিছিল। بلغ আল-কোৰআন · তাফছীৰ

وَفِرْعَوْنَ ذِى ٱلْأَوْتَادِ ﴿١٠﴾

আপুনি দেখা নাইনে, আপোনাৰ প্ৰতিপালকে ফিৰআউনৰ লগত কি কৰিছিল, যাৰ ওচৰত মানু হক শাস্তি দিয়াৰ বাবে শূ লদণ্ড আছিল?

ٱلَّذِينَ طَغَوْا۟ فِى ٱلْبِلَـٰدِ ﴿١١﴾

এই সকলোৱেশক্তি ৰফলত অত্যাচাৰৰচৰমসীমাঅতিক্ৰ ম কৰিছিল। প্ৰত্যেকে নিজ নিজ এলাকাত সীমালংঘন কৰিছিল।

فَأَكْثَرُوا۟ فِيهَا ٱلْفَسَادَ ﴿١٢﴾

আৰু দেশত কু ফৰী আৰু পাপকৰ্ম বিস্তাৰ কৰি অশান্তি সৃষ্টি কৰি ফু ৰিছিল। فصب عليهم ربك سوط عذاب

فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ﴿١٣﴾

সেয়ে মহান আল্লাহে সিহঁ তক কঠোৰ শাস্তি বিহিছিল আৰু সিহঁ তক পৃথিৱীৰ পৰা সমূ লি ধ্বংস কৰিছিল।

إِنَّ رَبَّكَ لَبِٱلْمِرْصَادِ ﴿١٤﴾

হে ৰাছু ল! আপোনাৰ প্ৰতিপালকে মানুহৰ কৰ্মবোৰ সুপ্ত ভাৱে দেখি আছে আৰু নিৰীক্ষণ কৰি আছে, যাতে ভাল আমলকাৰীক জান্নাত আৰু বেয়া কৰ্মকাৰীক জাহান্নামত প্ৰৱেশ কৰাবপাৰে।

فَأَمَّا ٱلْإِنسَـٰنُ إِذَا مَا ٱبْتَلَىٰهُ رَبُّهُۥ فَأَكْرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّىٓ أَكْرَمَنِ ﴿١٥﴾

মানুহৰ স্বভাৱ হৈছে যেতিয়া তাৰ প্ৰতিপালকে তাক পৰীক্ষা কৰিবলৈ সন্মান প্ৰদান কৰে, ধন-সম্পদ, সন্তান-সন্ত তি আৰু পদ মৰ্যাদা আদি প্ৰদান কৰে, তেতিয়া সি ধাৰণা কৰে যে, সি এইবোৰ বস্তু এই কাৰণে পাইছে যে, সি হৈছে আল্লাহৰ ওচৰত প্ৰি য় । সেয়ে সি কয়ঃমোৰ প্ৰতিপালকে মোক সন্মান প্ৰদান কৰিছে। কিয় নোমই তাৰসন্মানৰঅধিকাৰীআছিলোঁ।

وَأَمَّآ إِذَا مَا ٱبْتَلَىٰهُ فَقَدَرَ عَلَيْهِ رِزْقَهُۥ فَيَقُولُ رَبِّىٓ أَهَـٰنَنِ ﴿١٦﴾

আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ আৰ্থিক অনাটনত আক্ৰান্ত কৰে, তেতিয়া সি ধাৰণা কৰে যে, এইটো হৈছে তাৰ প্ৰতিপালকৰ ফালৰ পৰা তাৰ প্ৰতি অৱহেলা। গতিকে সি কয়ঃ মোৰ প্ৰতিপালকে মোক অপমান কৰিছে।

كَلَّا ۖ بَل لَّا تُكْرِمُونَ ٱلْيَتِيمَ ﴿١٧﴾

কেতিয়াওনহয় । বিষয় টোতেনেকু ৱানহয় যিদৰেএই ব্যক্তি জনে ভাবিছে যে,অনু গ্ৰহ লাভ কৰাটোহৈছে তাৰপ্ৰ তি আল্লাহৰসন্তু ষ্টহোৱাৰপ্ৰ মাণ,আৰু অনু গ্ৰহৰ পৰা বঞ্চিত হোৱাটো হৈছে অপমান, কথাটো কেতিয়াও সঁচা নহয় । সচাঁ কথাটো হৈছে, তোমালোকে এতিমসকলক সেই সম্পদৰ পৰা সহায় নকৰা,যি সম্পদ মহান আল্লাহে তোমালোকক প্ৰদান কৰিছে।

وَلَا تَحَـٰٓضُّونَ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ ﴿١٨﴾

লগতে তোমালোকে দুখীয়া-দৰিদ্ৰ ক আহাৰ খুওৱাবলৈ ইজনে সিজনক উৎসাহিত নকৰা। بلغ আল-কোৰআন · তাফছীৰ م

وَتَأْكُلُونَ ٱلتُّرَاثَ أَكْلًۭا لَّمًّۭا ﴿١٩﴾

এইদৰে তোমালোকে দূৰ্বলসকলৰ অধিকাৰ যেনে- নাৰী আৰুم بএতিমসকলৰ অধিকাৰ বৈধ-অবৈধৰ প্ৰতি কোনো কেৰেপ নকৰাকৈ ভক্ষণ কৰা।

وَتُحِبُّونَ ٱلْمَالَ حُبًّۭا جَمًّۭا ﴿٢٠﴾

আৰু তোমালোকে ধন-সম্পত্তিক অধিক ভাল পোৱা,كসেয়েكআল্লাহৰ পথত খৰচ কৰিবলৈ কৃ পণালি কৰা।

كَلَّآ إِذَا دُكَّتِ ٱلْأَرْضُ دَكًّۭا دَكًّۭا ﴿٢١﴾

তোমালোকৰ আমল এনেকু ৱা হোৱা অনুচিত। তোমালোকে সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া পৃথিৱীখনক সজোৰে কম্পিত কৰোৱা হ’ব আৰু সমগ্ৰ পৃথিৱীপ্ৰ কম্পিতহ’ব। ف ف

وَجَآءَ رَبُّكَ وَٱلْمَلَكُ صَفًّۭا صَفًّۭا ﴿٢٢﴾

আৰু হে ৰাছু ল, আপোনাৰ প্ৰতিপালকে বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ উপস্থি ত হ’ব, আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে আহিব।

وَجِا۟ىٓءَ يَوْمَئِذٍۭ بِجَهَنَّمَ ۚ يَوْمَئِذٍۢ يَتَذَكَّرُ ٱلْإِنسَـٰنُ وَأَنَّىٰ لَهُ ٱلذِّكْرَىٰ ﴿٢٣﴾

আৰু যিদিনাখন সত্তৰ হাজাৰ লেকাম লগাই জাহান্নামক উপস্থি ত কৰা হ’ব, প্ৰত্যেক লেকাম সত্তৰ হাজাৰ ফিৰিস্তাই ধৰি টানি আনিব। সেইদিনা মানু হে মনত পেলাব যে, সিহঁ তে আল্লাহ সম্পৰ্কে কিমান অৱহেলা কৰিছিল। কিন্তু তেতিয়া স্মৰণ কৰিলে কোনো লাভ নহ’ব, কিয় নো সেই দিৱসটো কৰ্মৰ নহয় ,প্ৰতিদান লাভ কৰাৰহে দিন। يقول يليتنى قدمت لحياتى

يَقُولُ يَـٰلَيْتَنِى قَدَّمْتُ لِحَيَاتِى ﴿٢٤﴾

সেইদিনামানু হে অত্যন্ত অনু তপ্ত হৈ ক’বঃহায়! যদি মই পৰকালৰএই প্ৰকৃ ত জীৱনৰবাবেসত্ কৰ্ম কৰিলোঁহেঁ তন। فيومئذ لا يعذب عذابه أحد

فَيَوْمَئِذٍۢ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٌۭ ﴿٢٥﴾

সিদিনাআল্লাহৰশাস্তি তকৈ কঠি ন শাস্তি আন কোনেওদিবনোৱাৰিব,কিয় নোআল্লাহৰশাস্তি য়ে ই হৈছে আটাইতকৈ কষ্ট দায় ক আৰুচিৰস্থায়ী। ولا يوثق وثاقه أحد

وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٌۭ ﴿٢٦﴾

আৰু তেওঁ কাফিৰসকলক যিদৰে হাতকেৰেয়া পিন্ধাই আবদ্ধ কৰিব, সেইদৰে আন কোনেও কৰায় ত্তকৰিব নোৱাৰিব।

يَـٰٓأَيَّتُهَا ٱلنَّفْسُ ٱلْمُطْمَئِنَّةُ ﴿٢٧﴾

আনহাতে মু মিনসকলৰআত্মাক মৃ ত্যুৰসময় ত আৰু ক্বি য়ামতৰদিনা কোৱা হ’বঃহে ঈমানৰপ্ৰ তি আৰু সত্ কৰ্মৰপ্ৰ তি সন্তু ষ্টআত্মা!

ٱرْجِعِىٓ إِلَىٰ رَبِّكِ رَاضِيَةًۭ مَّرْضِيَّةًۭ ﴿٢٨﴾

তু মি তোমাৰপ্ৰ তিপালকৰপৰিপূৰ্ণ প্ৰতিদানৰপ্ৰ তি সন্তু ষ্টহৈ আৰুতোমাৰসত্ কৰ্মৰপ্ৰ তি সন্তু ষ্টহৈ তোমাৰপ্ৰ তিপালকৰসান্নি ধ্যলৈ উভতি যোৱা। بلغ আল-কোৰআন · তাফছীৰ

فَٱدْخُلِى فِى عِبَـٰدِى ﴿٢٩﴾

তু মি মোৰসৎ বান্দাহসকলৰঅন্ত ৰ্ভু ক্তহৈ যোৱা।

وَٱدْخُلِى جَنَّتِى ﴿٣٠﴾

আৰুতেওঁ লোকৰসৈতে জান্নাতত প্ৰৱেশ কৰা,যিখন মই তেওঁ লোকৰবাবেপ্ৰ স্তু ত কৰিছোঁ। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Fajr — الفجر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা