أَلْهَىٰكُمُ ٱلتَّكَاثُرُ ﴿١﴾
হে মানৱ! তোমালোকক তোমালোকৰ ধন-সম্পদ আৰু সন্তান সন্ত তিৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তু লিছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›At-Takaathur (102)
মক্কী · 8 আয়াত
أَلْهَىٰكُمُ ٱلتَّكَاثُرُ ﴿١﴾
হে মানৱ! তোমালোকক তোমালোকৰ ধন-সম্পদ আৰু সন্তান সন্ত তিৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তু লিছে।
حَتَّىٰ زُرْتُمُ ٱلْمَقَابِرَ ﴿٢﴾
যেতিয়ালৈকে তোমালোকৰ মৃত্যু নহ’ব আৰু তোমালোকে কবৰত উপনীত নহ’বা। كلا سوف تعلمون
كَلَّا سَوْفَ تَعْلَمُونَ ﴿٣﴾
এই প্ৰতিযোগিতাত মোহাচ্ছন্ন হোৱাটো তোমালোকৰ বাবে কদাপিও উচিত নাছিল, যিয়ে তোমালোকক আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে। এতেকে শীঘ্ৰে ই তোমালোকে এই অমনোযোগিতাৰ পৰিণাম সম্পৰ্কে জানিবলৈ পাবা। ثم كلاسوف تعلمون
ثُمَّ كَلَّا سَوْفَ تَعْلَمُونَ ﴿٤﴾
পুনৰ কৈছোঁ,শীঘ্ৰে ই তোমালোকে এই অমনোযোগিতাৰ পৰিণাম সম্পৰ্কে জানিবলৈ পাবা।
كَلَّا لَوْ تَعْلَمُونَ عِلْمَ ٱلْيَقِينِ ﴿٥﴾
সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁ তেন যে, তোমালোকে পুনৰুত্থিত হৈ আল্লাহৰ আগত থিয় হ’ব লাগিব, আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব, তেতিয়াহ’লে তোমালোকে কেতিয়াও নিজৰ ধন- সম্পদ আৰু সন্তান-সন্ত তিক লৈ গৌৰৱ কৰাৰ প্ৰতিযোগিতা নকৰিলাহেঁ তেন।
لَتَرَوُنَّ ٱلْجَحِيمَ ﴿٦﴾
আল্লাহৰ শপত! নিশ্চয় তোমালোকে ক্বি য়ামতৰ দিনা জাহান্নামক দেখিবলৈ পাবা। بلغ আল-কোৰআন · তাফছীৰ
ثُمَّ لَتَرَوُنَّهَا عَيْنَ ٱلْيَقِينِ ﴿٧﴾
আকৌ কৈছোঁ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দে হ নাই।
ثُمَّ لَتُسْـَٔلُنَّ يَوْمَئِذٍ عَنِ ٱلنَّعِيمِ ﴿٨﴾
তাৰ পাছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন-সম্পত্তি আদি অনুগ্ৰ হসমূহৰ বিষয়ে নিশ্চিতৰূপে সোধ- পোচ কৰিব,যিবোৰ তেওঁ তোমালোকক দান কৰিছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে