মুখ্য পৃষ্ঠাতাফছীৰAd-Dhuhaa (93)

তাফছীৰ Ad-Dhuhaa (93) — الضحى

মক্কী · 11 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلضُّحَىٰ ﴿١﴾

মহান আল্লাহে দিনৰ প্ৰথম ভাগৰ শপতকৰিছে।

وَٱلَّيْلِ إِذَا سَجَىٰ ﴿٢﴾

আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে । ما ودعك ربك وما قل

مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ ﴿٣﴾

হে ৰাছু ল, আপোনাৰ প্ৰতিপালকে আপোনাক পৰিত্যাগ কৰা নাই আৰু আপোনাৰ প্ৰতি অসন্তু ষ্টবা খঙো কৰা নাই। যিদৰে অহীৰ ধাৰাবাহিকতা কিছু দিনৰ বাবে বন্ধ হোৱাত মুশ্বৰিকসকলে কৈছিল যে, আপোনাৰ প্ৰতিপালকে আপোনাক এৰি দিছে।

وَلَلْـَٔاخِرَةُ خَيْرٌۭ لَّكَ مِنَ ٱلْأُولَىٰ ﴿٤﴾

আৰু আপোনাৰ বাবে পৰকালৰ ঘৰ হৈছে পৃথিৱীতকৈ উত্তম। কিয়নো তাত আছে এনেকুৱা নিয়ামতৰ ভাণ্ডাৰ, যিবোৰ কেতিয়াও শেষ নহয় ।

وَلَسَوْفَ يُعْطِيكَ رَبُّكَ فَتَرْضَىٰٓ ﴿٥﴾

আৰু আল্লাহে আপোনাক তথা আপোনাৰ সম্প্ৰ দায় ক প্ৰচু ৰ পৰিমাণে অনূগ্ৰ হ প্ৰদান কৰিব, যাৰ ফলত আপুনি সন্তু ষ্টহৈ যাব। ألم يجدك يتيما فٔاو

أَلَمْ يَجِدْكَ يَتِيمًۭا فَـَٔاوَىٰ ﴿٦﴾

নিশ্চয় তেওঁ আপোনাক এতিম অৱস্থাত পাইছিল, তেৱেঁই আপোনাক নিৰাপদ স্থান প্ৰদান কৰিছিল। সেয়েহে আপোনাৰ প্ৰতি আপোনাৰ আজোককা আব্দুল মুত্তালিবৰ ছাঁ আছিল, তাৰ পাছত আপোনাৰ খুড়া আবু তালিবৰ সঁহাৰি প্ৰদান কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ ل

وَوَجَدَكَ ضَآلًّۭا فَهَدَىٰ ﴿٧﴾

আৰু তেওঁ আপোনাক এনেকুৱা অৱস্থাত পাইছিল, যেতিয়া আপুনি কিতাব আৰু ঈমান সম্পৰ্কে একো অৱগত নাছিল। ফলত তেৱেঁই আপোনাক সেইবোৰ কথা শিকাইছিল, যিবোৰ আপুনি জনা নাছিল।

وَوَجَدَكَ عَآئِلًۭا فَأَغْنَىٰ ﴿٨﴾

আৰু তেওঁ আপোনাক দুখীয়া দৰিদ্ৰ ৰূপত পাইছিল, তাৰ পাছত তেৱেঁই আপোনাক ধনী বনাই দিছে।

فَأَمَّا ٱلْيَتِيمَ فَلَا تَقْهَرْ ﴿٩﴾

এতেকে আপুনি কোনো এতিমৰ সৈতে দূৰ্ব্যৱহাৰ নকৰিব আৰু তাক অপমান নকৰিব।

وَأَمَّا ٱلسَّآئِلَ فَلَا تَنْهَرْ ﴿١٠﴾

আৰু কোনো অভাৱী ভিখাৰীক ধমক নিদিব। وأم ابنعمة ربك فحدث

وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ ﴿١١﴾

বৰং আপোনাৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰ হবোৰৰ কাৰণে আপুনি তেওঁৰ কৃ তজ্ঞতা জ্ঞাপন কৰক, আৰু সেইবোৰ বৰ্ণ না কৰক। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Ad-Dhuhaa — الضحى

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা