মুখ্য পৃষ্ঠাতাফছীৰAt-Taariq (86)

তাফছীৰ At-Taariq (86) — الطارق

মক্কী · 17 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلسَّمَآءِ وَٱلطَّارِقِ ﴿١﴾

মহান আল্লাহে আকাশৰ শপত কৰিছে তথা ৰাতিত দেখা দিয়া তৰাৰ শপত কৰিছে।

وَمَآ أَدْرَىٰكَ مَا ٱلطَّارِقُ ﴿٢﴾

হে ৰাছু ল! আপুনি এই মহত্ব পূৰ্ণ তৰাটোৰ বিষয়ে কিবাজানেনে?

ٱلنَّجْمُ ٱلثَّاقِبُ ﴿٣﴾

এইটো হৈছে সেই তৰা, যিটো নিজৰ তীব্ৰ কিৰণেৰে আকাশক আলোকিত কৰে। إن كل نفس لما عليها حافظ

إِن كُلُّ نَفْسٍۢ لَّمَّا عَلَيْهَا حَافِظٌۭ ﴿٤﴾

প্ৰত্যকৰে বাবে মহান আল্লাহে এজনকৈ ফিৰিস্তা নিয়োগ কৰিছে, যিয়ে ক্বি য়ামত দিৱসত হ’বলগীয়া হিচাপ-নিকাচৰ বাবে আমলসমূহ সংৰক্ষণ কৰে।

فَلْيَنظُرِ ٱلْإِنسَـٰنُ مِمَّ خُلِقَ ﴿٥﴾

মানুহে চিন্তা কৰা উচিত যে, মহান আল্লাহে তেওঁ লোকক কি বস্তু ৰে সৃষ্টি কৰিছে, যাতে সিহঁ তৰ আগত আল্লাহৰ ক্ষমতা প্ৰকাশ পায় আৰু মানুহৰ দূৰ্বলতা স্পষ্ট হৈ যায় ।

خُلِقَ مِن مَّآءٍۢ دَافِقٍۢ ﴿٦﴾

মহান আল্লাহে মানুহক এনেকু ৱা পানীৰে সৃষ্টি কৰিছে, যি পানী দ্ৰুতগতিত স্খলিত হৈ গৰ্ভাশয় ত প্ৰৱেশ কৰে।

يَخْرُجُ مِنۢ بَيْنِ ٱلصُّلْبِ وَٱلتَّرَآئِبِ ﴿٧﴾

এই পানীনিৰ্গতহয় পুৰুষৰ মেৰুদণ্ড আৰু বুকু ৰ হাড় ৰ মাজৰ পৰা। بلغ আল-কোৰআন · তাফছীৰ إنه عل رجعه لقادر

إِنَّهُۥ عَلَىٰ رَجْعِهِۦ لَقَادِرٌۭ ﴿٨﴾

যি সত্ত্বাই মানুহক এই তুচ্ছ পানীৰ দ্বাৰা সৃষ্টি কৰিছে, তেওঁ নিশ্চয় মৃত্যুৰ পিছত হিচাপ-নিকাচৰ বাবে তাক পুনৰ জীৱিত কৰি উত্থিত কৰিবলৈও সক্ষম।

يَوْمَ تُبْلَى ٱلسَّرَآئِرُ ﴿٩﴾

যিদিনাখন গোপন ভেদসমূহ পৰ্যবেক্ষণ কৰা হ’ব, সিদিনা অন্ত ৰৰ ভিতৰত থকা গোপন নিয়ত আৰু আস্থা বা আক্বীদাহবোৰো প্ৰকাশ কৰা হ’ব আৰু এনেদৰে সৎ আৰু অসৎ চিনাক্ত হৈ যাব। فما له من قوة ولا ناصر

فَمَا لَهُۥ مِن قُوَّةٍۢ وَلَا نَاصِرٍۢ ﴿١٠﴾

সিদিনা আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা পাব পৰা মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাথাকিব, এইদৰে সিহঁ তৰ কোনো সহায় কাৰীও নাথাকিব,যিয়ে সিহঁ তক সহায় কৰিব পাৰিব।

وَٱلسَّمَآءِ ذَاتِ ٱلرَّجْعِ ﴿١١﴾

মহান আল্লাহে বৰষুণযুক্ত আকাশৰ শপতকৰিছে,কিয় নো বৰষুণ আকাশৰ পৰাই বাৰে বাৰে বৰ্ষণ হয় । ع

وَٱلْأَرْضِ ذَاتِ ٱلصَّدْعِ ﴿١٢﴾

আৰু পৃথিৱীৰ শপত কৰিছে, যিটো বিদীৰ্ণ হৈ তাৰ পৰা বনলতা, ফল-মূল আৰু গছ-বৃক্ষ গজে। إنه لقول فصل

إِنَّهُۥ لَقَوْلٌۭ فَصْلٌۭ ﴿١٣﴾

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে এনেকু ৱা বাণী, যিয়ে সত্য আৰু অসত্য তথা সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰি দিয়ে ।

وَمَا هُوَ بِٱلْهَزْلِ ﴿١٤﴾

এয়া কোনো খেল-ধেমালি আৰু অযথা গল্প -কাহিনী নহয় , বৰং এইটো হৈছে বাস্ত ৱিকতা আৰু সত্য। بلغ আল-কোৰআন · তাফছীৰ إن هم يكيدون كيدا

إِنَّهُمْ يَكِيدُونَ كَيْدًۭا ﴿١٥﴾

নিশ্চিতৰূপেৰাছু লে লৈ অহা চৰীয় তৰ বিৰুদ্ধে অস্বীকাৰকাৰীসকলে ভীষণ ষড় যন্ত্ৰ কৰে, যাতে তেওঁৰ দাৱাত বন্ধ হয় আৰু এই চৰীয় তক বিনাশ কৰিব পাৰে। وأ كيد كيدا

وَأَكِيدُ كَيْدًۭا ﴿١٦﴾

আনহাতে ময়ো ইছলামক প্ৰকাশ কৰিবলৈ আৰু মিছাক বিতাড়ি ত কৰিবলৈ কৌশল কৰিছোঁ।

فَمَهِّلِ ٱلْكَـٰفِرِينَ أَمْهِلْهُمْ رُوَيْدًۢا ﴿١٧﴾

হে ৰাছুল! এতেকে এই কাফিৰসকলক কিছু সময় ৰ বাবে অৱকাশ দিয় ক, আৰু সিহঁতৰ শাস্তি আৰু ধ্বংসৰ বাবে খৰখেদা নকৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · At-Taariq — الطارق

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা