মুখ্য পৃষ্ঠাতাফছীৰAl-Burooj (85)

তাফছীৰ Al-Burooj (85) — البروج

মক্কী · 22 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلسَّمَآءِ ذَاتِ ٱلْبُرُوجِ ﴿١﴾

মহান আল্লাহে আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য্য, চন্দ্ৰ আদিৰ কক্ষপথসমূহকো সামৰি লৈছে।

وَٱلْيَوْمِ ٱلْمَوْعُودِ ﴿٢﴾

আৰু ক্বি য়ামতৰ দিৱসৰো শপত কৰিছে, যিদিনাখন সকলো সৃষ্টি বোৰক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। وشاهد ومشهود

وَشَاهِدٍۢ وَمَشْهُودٍۢ ﴿٣﴾

আৰু প্ৰত্যেক সাক্ষীদাতাৰ শপত কৰিছে, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতৰ হৈ সাক্ষী দিব। এইদৰে প্ৰত্যেক সেই ব্যক্তিৰ শপত কৰিছে, যাৰ হৈ সাক্ষ্য প্ৰদান কৰা হ'ব, যেনে- প্ৰত্যেক উম্মতৰ হৈ তেওঁলোকৰ নবীয়ে সাক্ষ্য প্ৰদান কৰিব।

قُتِلَ أَصْحَـٰبُ ٱلْأُخْدُودِ ﴿٤﴾

অভিসম্পাত সেইসকল লোকৰ ওপৰত, যিসকলে ডাঙৰ গাত খান্দি মহাকু ণ্ডপ্ৰস্তু ত কৰিছিল।

ٱلنَّارِ ذَاتِ ٱلْوَقُودِ ﴿٥﴾

আৰু তাৰ ভিতৰত জুই জ্বলাইছিল আৰু মুমিনসকলক জীৱন্তে তাৰ ভিতৰত নিক্ষেপ কৰিছিল। إذ هم عليها قعود

إِذْ هُمْ عَلَيْهَا قُعُودٌۭ ﴿٦﴾

যেতিয়া সিহঁ তে সেই অগ্নিগৰ্ভা কু ণ্ডৰ ওচৰত বহি আছিল।

وَهُمْ عَلَىٰ مَا يَفْعَلُونَ بِٱلْمُؤْمِنِينَ شُهُودٌۭ ﴿٧﴾

আৰু সিহঁতে মুমিনসকলক যি শাস্তি দিছিল, তাৰ বাবে সিহঁত নিজেই সাক্ষী, কিয় নো সিহঁতে তাত উপস্থি ত হৈ সেইবোৰ প্ৰত্যক্ষ কৰি আছিল।

وَمَا نَقَمُوا۟ مِنْهُمْ إِلَّآ أَن يُؤْمِنُوا۟ بِٱللَّهِ ٱلْعَزِيزِ ٱلْحَمِيدِ ﴿٨﴾

আৰু সেই কাফিৰসকলে মুমিনসকলক কেৱল এইটোৱে দোষ দিছিল যে, তেওঁলোকে আল্লাহৰ প্ৰতি ঈমান আনিছে, যিজন প্ৰভু ত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ প্ৰত্যেক ক্ষেত্ৰতে প্ৰশংসনীয় । بلغ আল-কোৰআন · তাফছীৰ

ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ ﴿٩﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃ ত্বএকমাত্ৰ তেওঁৰেই হাতত, আৰু তেওঁ প্ৰত্যেক বস্তু ৰ বিষয়ে অৱগত। বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপননহয় ।

إِنَّ ٱلَّذِينَ فَتَنُوا۟ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ ثُمَّ لَمْ يَتُوبُوا۟ فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ ٱلْحَرِيقِ ﴿١٠﴾

নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা ওভোতাই আনিবলৈ অগ্নিৰ শাস্তি বিহিছিল, আৰু ইয়াৰ পাছত যিসকলে সেই অপৰাধৰ পৰা তাওবা কৰা নাই, সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছে। সিহঁতৰ বাবে অগ্নিৰ শাস্তি প্ৰস্তু ত কৰি ৰখা হৈছে, যি অগ্নিয়ে সিহঁ তক পুৰিব। এই শাস্তি হৈছে মুমিনসকলক জুইত জ্বলোৱাৰ পৰিণাম।

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُمْ جَنَّـٰتٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْكَبِيرُ ﴿١١﴾

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এনেকু ৱা জান্নাত, যাৰ অট্টালিকা আৰু গছ-গছনিসমূহৰ তলেদি নৈ বৈ থাকিব। এইটোৱে হৈছে তেওঁলোকৰ বাবে প্ৰস্তু তকৃত সেই মহা প্ৰতিদান, যাৰ সৈতে কোনো সফলতাৰে তু লনা হ’ব নোৱাৰে। إن بطش ربكلشديد

إِنَّ بَطْشَ رَبِّكَ لَشَدِيدٌ ﴿١٢﴾

হে ৰাছু ল! নিশ্চয় অত্যাচাৰীসকলৰ বাবে তোমাৰ প্ৰতিপালকৰ গ্ৰে প্তাৰী বৰ কঠোৰ। যদিও তেওঁ সিহঁ তক কিছু সময় ৰ বাবে অৱকাশ দি থয় । إ نه هو يبدئ ويعيد

إِنَّهُۥ هُوَ يُبْدِئُ وَيُعِيدُ ﴿١٣﴾

তেৱেঁই মাখলুক আৰু শাস্তি ক নতু নকৈ সৃষ্টি কৰে, আৰু তেৱেঁই এইবোৰৰ পুনৰাবৃত্তি ঘটায় ।

وَهُوَ ٱلْغَفُورُ ٱلْوَدُودُ ﴿١٤﴾

আৰু তেৱেঁইক্ষমাশীল যিয়ে তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে, আৰু নিশ্চয় তেওঁ মুত্তাক্বী বান্দাসকলক ভাল পায় ।

ذُو ٱلْعَرْشِ ٱلْمَجِيدُ ﴿١٥﴾

তেৱেঁই মহা আৰছৰ অধিপতি। بلغ আল-কোৰআন · তাফছীৰ فعال لما يريد

فَعَّالٌۭ لِّمَا يُرِيدُ ﴿١٦﴾

তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে । তেওঁক বাধ্য কৰিব পৰা কোনো নাই।

هَلْ أَتَىٰكَ حَدِيثُ ٱلْجُنُودِ ﴿١٧﴾

হে ৰাছু ল! যি সৈন্যবাহিনীয়ে সত্যৰ বিৰুদ্ধে যুঁজিবলৈ তথা সত্যক বাধা প্ৰদান কৰিবলৈ আহিছিল, সিহঁ তৰ বিষয়ে আপোনাৰ ওচৰলৈ সংবাদ আহি পাইছেনে? فرعون وثمود

فِرْعَوْنَ وَثَمُودَ ﴿١٨﴾

ফিৰআউন আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰ বিষয়ে ।

بَلِ ٱلَّذِينَ كَفَرُوا۟ فِى تَكْذِيبٍۢ ﴿١٩﴾

সিহঁতে ঈমান পোষণ নকৰাৰ কাৰণ এইটো নাছিল যে, সিহঁতৰ ওচৰলৈ পূৰ্বৱৰ্তী অস্বীকাৰকাৰী জাতিসকলৰ আৰু সিহঁতৰ বিনাশৰ সংবাদ আহি পোৱা নাছিল। বৰং মূল কথাটো হৈছে এই যে, সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয় তক অস্বীকাৰ কৰিছিল।

وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطٌۢ ﴿٢٠﴾

মহান আল্লাহে সিহঁতৰ প্ৰতিটো কৰ্ম সম্পৰ্কে অৱগত আৰু সেইবোৰ হিচাপ কৰি ৰাখিছে। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয় । শীঘ্ৰে ই তেওঁ সিহঁ তক ইয়াৰ প্ৰতিদান দিব। بل هوقرءان مجيد

بَلْ هُوَ قُرْءَانٌۭ مَّجِيدٌۭ ﴿٢١﴾

এইকোৰআনকোনো কবিতাগ্ৰ ন্থবা ছন্দ যুক্ত বাণী নহয় , যিদৰে অস্বীকাৰকাৰীসকলে দাবী কৰে, বৰং এইখনহৈছে পৱিত্ৰ কোৰআন। فى لوح محفوظ

فِى لَوْحٍۢ مَّحْفُوظٍۭ ﴿٢٢﴾

এইখন এনেকু ৱা সুৰক্ষিত ফলকত লিপিবদ্ধ আছে, যিটো পৰিৱৰ্ত ন, পৰিবৰ্ধন, বিকৃ ত আৰু দূৰাচাৰৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Burooj — البروج

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা