মুখ্য পৃষ্ঠাতাফছীৰAl-Inshiqaaq (84)

তাফছীৰ Al-Inshiqaaq (84) — الانشقاق

মক্কী · 25 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِذَا ٱلسَّمَآءُ ٱنشَقَّتْ ﴿١﴾

যেতিয়া আকাশখন ফাঁটি যাব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব। وأذنت لربها وحقت

وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ ﴿٢﴾

আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয় ।

وَإِذَا ٱلْأَرْضُ مُدَّتْ ﴿٣﴾

আৰু যেতিয়া মহান আল্লাহে পৃথিৱীক সম্প্ৰ সাৰিত কৰিব, যিদৰে ছাল সম্প্ৰ সাৰণকৰা হয় । وألقت ما فيها وتخلت

وَأَلْقَتْ مَا فِيهَا وَتَخَلَّتْ ﴿٤﴾

আৰু তাৰ ভিতৰত থকা সম্পদৰ ভাণ্ডাৰ আৰু মৃতসকলক বাহিৰলৈ নিক্ষেপ কৰিব আৰু গৰ্ভ শূন্য হ’ব। وأذنت لربها وحقت

وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ ﴿٥﴾

আৰু ই তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰণীয় ।

يَـٰٓأَيُّهَا ٱلْإِنسَـٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدْحًۭا فَمُلَـٰقِيهِ ﴿٦﴾

হে মানৱ! তু মি পৃথিৱীত যিবোৰ ভাল-বেয়া কাম কৰিছা, ক্বি য়ামতৰ দিনা সেইবোৰ তোমালোকে দেখিবলৈ পাবা, যাতে আল্লাহে তোমাক ইয়াৰ প্ৰতিদান দিব পাৰে। فأم امن أوتى كتبه بيمينه

فَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِيَمِينِهِۦ ﴿٧﴾

এতেকে যিজন ব্যক্তিক তাৰ আমলনামা সোঁ হাতত দিয়া হ’ব। فسوف يحاسب حسابايسيرا

فَسَوْفَ يُحَاسَبُ حِسَابًۭا يَسِيرًۭا ﴿٨﴾

সেইজন ব্যক্তিৰ হিচাপ-নিকাচ আল্লাহে অতি সহজে গ্ৰহণ কৰিব। কোনো ধৰণৰ জবাবদিহি নকৰাকৈ কেৱল আমলবোৰ উপস্থাপন কৰাৰ মাধ্যমতে তেওঁ লোকৰ হিচাপ গ্ৰহণ কৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَيَنقَلِبُ إِلَىٰٓ أَهْلِهِۦ مَسْرُورًۭا ﴿٩﴾

সেইজন ব্যক্তি নিজৰ আপোনজনলৈ প্ৰফু ল্লচিত্তে উভতি যাব।

وَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ وَرَآءَ ظَهْرِهِۦ ﴿١٠﴾

পক্ষান্ত ৰে যিজন ব্যক্তিক তাৰ আমলনামা (কৰ্মপত্ৰ) পিছফালৰ পৰা বাওঁ হাতত দিয়া হ’ব। فسوف يدعوا ثبورا

فَسَوْفَ يَدْعُوا۟ ثُبُورًۭا ﴿١١﴾

সেইজন ব্যক্তিয়ে নিজৰ ধ্বংস আহ্বান কৰিব। ويص ل سعيرا

وَيَصْلَىٰ سَعِيرًا ﴿١٢﴾

আৰু সিজাহান্নামত প্ৰৱেশ কৰি জ্বলন্ত জুইত জ্বলি থাকিব।

إِنَّهُۥ كَانَ فِىٓ أَهْلِهِۦ مَسْرُورًا ﴿١٣﴾

কাৰণপৃথিৱীত সিকু ফু ৰী আৰু পাপকৰ্ম কৰি পৰিয়ালবৰ্গৰ মাজত বৰ আনন্দি ত আছিল। إنه ظن أن لن يحور

إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ ﴿١٤﴾

নিশ্চয় সি ভাবিছিল যে, সি মৃত্যুৰ পিছত কেতিয়াও পুনৰুত্থিত নহ’ব।

بَلَىٰٓ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرًۭا ﴿١٥﴾

হয় , নিশ্চয় আল্লাহে তাক সেইদৰেই পুনৰুত্থিত কৰিব, যিদৰে তেওঁ তাক প্ৰথমবাৰ সৃষ্টি কৰিছিল। নিশ্চিতৰূপে তাৰ প্ৰতিপালক তাৰ সকলো অৱস্থা সম্পৰ্কে সম্যক অৱগত। তাৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নাছিল, আৰু মহান আল্লাহে শীঘ্ৰে ই তাক তাৰ কৰ্মৰ প্ৰতিদান দিব।

فَلَآ أُقْسِمُ بِٱلشَّفَقِ ﴿١٦﴾

মহান আল্লাহে সেই ৰঙা কিৰণৰ শপত কৰিছে, যিটো সূৰ্য্য মাৰ যোৱাৰ পিছত মহাকাশত থাকি যায় ।

وَٱلَّيْلِ وَمَا وَسَقَ ﴿١٧﴾

লগতে শপত কৰিছে ৰাতিৰ আৰু ইয়াৰ মাজত যিবোৰৰ সমাবেশ ঘটে। بلغ আল-কোৰআন · তাফছীৰ

وَٱلْقَمَرِ إِذَا ٱتَّسَقَ ﴿١٨﴾

তথা চন্দ্ৰ ৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰি পূৰ্ণিমা চন্দ্ৰ ৰ ৰূপ লয় । لتركبن طبقا عن طبق

لَتَرْكَبُنَّ طَبَقًا عَن طَبَقٍۢ ﴿١٩﴾

হে মানৱ! নিশ্চয় তোমালোকে এটা তস্ৰৰ পৰা আন এটা তস্ৰলৈ যাব লাগিব। যেনেদৰে শুক্ৰ বিন্দুৰ পৰা ৰক্তপিণ্ডলৈ, তাৰ পৰা মাংসৰ টুকু ৰালৈ, তাৰ পৰা জীৱনলৈ, তাৰ পৰা মৃত্যুলৈ, তাৰ পৰা পুনৰ জীৱিত হৈ উত্থিত হ’বা। فما لهم لا يؤمنون

فَمَا لَهُمْ لَا يُؤْمِنُونَ ﴿٢٠﴾

তেন্তে এই কাফিৰসকলৰ কি হৈছে, ইহঁ তে আল্লাহ আৰু ক্বি য়ামতৰ প্ৰতি ঈমান পোষণ নকৰে কিয় ?

وَإِذَا قُرِئَ عَلَيْهِمُ ٱلْقُرْءَانُ لَا يَسْجُدُونَ ۩ ﴿٢١﴾

আৰু যেতিয়া সিহঁ তৰ আগত কোৰআন তিলাৱত কৰা হয় , তেতিয়া সিহঁ তে কিয় নিজ প্ৰতিপালকৰ প্ৰতি ছাজদা নকৰে?

بَلِ ٱلَّذِينَ كَفَرُوا۟ يُكَذِّبُونَ ﴿٢٢﴾

বৰং কাফিৰসকলে ৰাছু লে লৈ অহা কোৰআনক অস্বীকাৰ কৰে।

وَٱللَّهُ أَعْلَمُ بِمَا يُوعُونَ ﴿٢٣﴾

সিহঁ তৰ আন্ত ৰত যি আছে মহান আল্লাহে সেই সম্পৰ্কে সবিশেষ অৱগত আৰু সিহঁ তৰ কোনো আমলে আল্লাহৰ পৰা গোপন নহয় । فبشرهم بعذاب أليم

فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ ﴿٢٤﴾

হে ৰাছু ল! আপুনি সিহঁ তক সেই যন্ত্ৰ ণাদায় ক শাস্তি ৰ সংবাদ দিয় ক, যাৰ বাবে সিহঁ তে অপেক্ষা কৰি আছে।

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۭ ﴿٢٥﴾

কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁ লোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান অৰ্থাৎ জান্নাত আছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Inshiqaaq — الانشقاق

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা