قُلْ يَـٰٓأَيُّهَا ٱلْكَـٰفِرُونَ ﴿١﴾
হে ৰাছু ল! কওক যে,হে আল্লাহক অস্বীকাৰকাৰীসকল!
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Kaafiroon (109)
মক্কী · 6 আয়াত
قُلْ يَـٰٓأَيُّهَا ٱلْكَـٰفِرُونَ ﴿١﴾
হে ৰাছু ল! কওক যে,হে আল্লাহক অস্বীকাৰকাৰীসকল!
لَآ أَعْبُدُ مَا تَعْبُدُونَ ﴿٢﴾
যিবোৰ মূৰ্ত্তিক তোমালোকে পূজা-পাঠ কৰা, সেইবোৰক মই এতিয়াও পূজা নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ।
وَلَآ أَنتُمْ عَـٰبِدُونَ مَآ أَعْبُدُ ﴿٣﴾
আৰু তোমালোকেও তেওঁ ৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰোঁ। সেইজন হৈছে একক তথা অদ্বি তীয় আল্লাহ।
وَلَآ أَنَا۠ عَابِدٌۭ مَّا عَبَدتُّمْ ﴿٤﴾
আৰু তোমালোকে যিবোৰ মূৰ্তিক পূজা কৰা, সেইবোৰৰ মই ইবাদতকাৰী নহয় ।
وَلَآ أَنتُمْ عَـٰبِدُونَ مَآ أَعْبُدُ ﴿٥﴾
আৰু তোমালোকেও তেওঁ ৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰোঁ। সেইজন হৈছে একক তথা অদ্বি তীয় আল্লাহ। لكم دينكم ولىدين
لَكُمْ دِينُكُمْ وَلِىَ دِينِ ﴿٦﴾
তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম, যিটো তোমালোকে নিজৰ ইচ্ছামতে বনাই লৈছা, আৰু মোৰ কাৰণে মোৰ ধৰ্ম, যিটোআল্লাহে মোৰ প্ৰতিঅৱতীৰ্ণ কৰিছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে