মুখ্য পৃষ্ঠাতাফছীৰAt-Takwir (81)

তাফছীৰ At-Takwir (81) — التكوير

মক্কী · 29 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِذَا ٱلشَّمْسُ كُوِّرَتْ ﴿١﴾

যেতিয়া সূৰ্য্যৰ অস্তি ত্বসংকীৰ্ণ কৰি দিয়া হ’ব আৰু সূৰ্য্যৰ পোহৰ সমাপ্ত কৰি দিয়া হ’ব।

وَإِذَا ٱلنُّجُومُ ٱنكَدَرَتْ ﴿٢﴾

আৰু যেতিয়া তৰাবোৰ খহি পৰিব আৰু তাৰ পোহৰ শেষ হৈ যাব।

وَإِذَا ٱلْجِبَالُ سُيِّرَتْ ﴿٣﴾

আৰু পৰ্বতবোৰক তাৰ স্থানৰ পৰা চলমান কৰি দিয়া হ'ব।

وَإِذَا ٱلْعِشَارُ عُطِّلَتْ ﴿٤﴾

যিবোৰ গৰ্ভ ৱতী উটকলৈ গৰাকীয়ে গৌৰৱ কৰে, সেইসময় ত সেইবোৰ উটক অযত্নে এৰি দিয়া হ'ব।

وَإِذَا ٱلْوُحُوشُ حُشِرَتْ ﴿٥﴾

যেতিয়া বনৰীয়া জন্তু বোৰক মানু হৰ লগত একে স্থানতে একত্ৰিত কৰা হ'ব।

وَإِذَا ٱلْبِحَارُ سُجِّرَتْ ﴿٦﴾

আৰু যেতিয়া সাগৰবোৰক প্ৰজ্জ্বলিত কৰা হ’ব, ফলত সেইবোৰ জুইত পৰিণত হ'ব।

وَإِذَا ٱلنُّفُوسُ زُوِّجَتْ ﴿٧﴾

আৰু যেতিয়া আত্মাবোৰক সেইবোৰৰ দৰে আত্মাৰ সৈতে মিলিত কৰা হ’ব। এতেকে পাপীৰ সৈতে পাপীক আৰু সদাচাৰীৰ সৈতে সদাচাৰীক মিলিত কৰা হ'ব।

وَإِذَا ٱلْمَوْءُۥدَةُ سُئِلَتْ ﴿٨﴾

আৰুযেতিয়াজীৱন্ত সমাধিস্থ কন্যাশিশুক আল্লাহে প্ৰশ্নকৰিব। بأى ذنب قتلت

بِأَىِّ ذَنۢبٍۢ قُتِلَتْ ﴿٩﴾

তোমাৰ হত্যাকাৰীয়ে তোমাক কি কাৰণত হত্যা কৰিছিল?

وَإِذَا ٱلصُّحُفُ نُشِرَتْ ﴿١٠﴾

আৰু যেতিয়া বান্দাৰ আমালনামা উন্মোচিত কৰা হ’ব, যাতে প্ৰত্যেক ব্যক্তি য়ে নিজৰ আমলনামা (কৰ্মপত্ৰ) পঢ়ি ব পাৰে। بلغ আল-কোৰআন · তাফছীৰ

وَإِذَا ٱلسَّمَآءُ كُشِطَتْ ﴿١١﴾

আৰু যেতিয়া আকাশৰ আৱৰণ খুলি দিয়া হ’ব, যিদৰে ছাগলীৰ ছাল পৃথক কৰা হয় ।

وَإِذَا ٱلْجَحِيمُ سُعِّرَتْ ﴿١٢﴾

আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ'ব।

وَإِذَا ٱلْجَنَّةُ أُزْلِفَتْ ﴿١٣﴾

আৰু যেতিয়া জান্নাতক মু ত্তাক্বীসকলৰ ওচৰত ৰখা হ'ব।

عَلِمَتْ نَفْسٌۭ مَّآ أَحْضَرَتْ ﴿١٤﴾

যেতিয়া এইবোৰ সংঘটি ত হ’ব, তেতিয়া প্ৰত্যেক ব্যক্তি য়ে জানিব পাৰিব যে, তেওঁ সেই দিৱসটোৰ বাবে কি আমল আগবঢ়াইছে।

فَلَآ أُقْسِمُ بِٱلْخُنَّسِ ﴿١٥﴾

মহান আল্লাহে সেইবোৰনক্ষত্ৰৰশপত খাইছে,যিবোৰেৰাতিত প্ৰকাশ হোৱাৰআগতে লুকাই থাকে।

ٱلْجَوَارِ ٱلْكُنَّسِ ﴿١٦﴾

যিবোৰে নিজ নিজ অক্ষ ৰেখাত ঘূৰি থাকে আৰু প্ৰভাত অহাৰ লগে লগে তেনেদৰে লুকাই যায় , যিদৰে হৰিণে নিজৰ ঘৰত সোমায় ।

وَٱلَّيْلِ إِذَا عَسْعَسَ ﴿١٧﴾

এইদৰে তেওঁ শপত খাইছে ৰাতিৰ প্ৰথম ভাগৰ যেতিয়া ৰাতিৰ আগমন হয় , এইদৰে তেওঁ শপত খাইছে ৰাতিৰ শেষ ভাগৰ যেতিয়া ৰাতিৰ অন্ধকাৰ গুচি যায় ।

وَٱلصُّبْحِ إِذَا تَنَفَّسَ ﴿١٨﴾

এইদৰেমহান আল্লাহে সেই সময় ৰোশপত খাইছে,যেতিয়াপুৱাৰভাগত পোহৰপ্ৰ সাৰিত হয় । إنه لقول رسول كريم

إِنَّهُۥ لَقَوْلُ رَسُولٍۢ كَرِيمٍۢ ﴿١٩﴾

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে মহান আল্লাহৰ বাণী। যিখন বিশ্বতস্ ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁ ৰ ওচৰলৈ লৈ আহিছে।

ذِى قُوَّةٍ عِندَ ذِى ٱلْعَرْشِ مَكِينٍۢ ﴿٢٠﴾

তেওঁ হৈছে অত্যন্ত শক্তি শালী আৰু তেওঁ আকাশৰপ্ৰ তিপালকৰ মহা মৰ্যাদাসম্পন্ন। بلغ আল-কোৰআন · তাফছীৰ مطاع ثم أمين

مُّطَاعٍۢ ثَمَّ أَمِينٍۢ ﴿٢١﴾

আকাশবাসীসকলে তেওঁ ৰআনু গত্য কৰে। তেওঁ অহী পৌঁচাই দিয়াৰ দায়ি ত্বত অত্যন্ত বিশ্ব তস্। وما صاحبكم بمجنون

وَمَا صَاحِبُكُم بِمَجْنُونٍۢ ﴿٢٢﴾

আৰু তোমালোকৰ নিতৌ দিনৰ সংগী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাৰ বিবেক সম্পৰ্কে , বিশ্বতস্তা সম্পৰ্কে আৰু সততা সম্পৰ্কে তোমালেকে ভালদৰেই পৰিচিত। তেওঁ কোনো উন্মাদ নহয় , যিদৰেতোমালোকে অপবাদ স্বৰূপে দাবী কৰিআছা।

وَلَقَدْ رَءَاهُ بِٱلْأُفُقِ ٱلْمُبِينِ ﴿٢٣﴾

নিশ্চয় তোমালোকৰসঙ্গীয়ে জিব্ৰীলক তেওঁ ৰপ্ৰ কৃ ত ৰূপত আকাশৰসুস্পষ্ট দিগন্ত ত দেখিছে।

وَمَا هُوَ عَلَى ٱلْغَيْبِ بِضَنِينٍۢ ﴿٢٤﴾

আৰু তোমালকৰ সঙ্গীজন কৃ পণো নহয় যে, যি বস্তু পৌঁচাবলৈ তেখেতক নিযুক্ত কৰা হৈছে সেয়া পৌঁচাবলৈ তেখেতে কৃ পণালী কৰিব। এইদৰে তেখেতে তোমালোকৰ পৰা বিনিময়ো গ্ৰহণ নকৰে, যিদৰে জ্যোতিষীয়ে বিনিময় বিচাৰে। وما هوبقول شيطن رجيم

وَمَا هُوَ بِقَوْلِ شَيْطَـٰنٍۢ رَّجِيمٍۢ ﴿٢٥﴾

আৰু এই কোৰআন আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কোনো অভিশপ্ত চয় তাৰ বাণী নহয় । فأ ين تذهبون

فَأَيْنَ تَذْهَبُونَ ﴿٢٦﴾

এতেকে ইমানখিনি প্ৰমাণৰ পাছতো এইখন আল্লাহৰ বাণী নহয় বুলি অস্বীকাৰ কৰিবলৈ তোমালোকে কোনটো পথ অৱলম্বন কৰিবা? إن هو إل اذكر للعلمين

إِنْ هُوَ إِلَّا ذِكْرٌۭ لِّلْعَـٰلَمِينَ ﴿٢٧﴾

এই কোৰআন হৈছে জিন আৰুমানু হৰবাবেউপদেশ আৰুসতৰ্ক বাণীহে।

لِمَن شَآءَ مِنكُمْ أَن يَسْتَقِيمَ ﴿٢٨﴾

তোমালোকৰ মাজৰ পৰা সেই ব্যক্তি ৰ বাবে, যিয়ে সত্যৰ পথ অৱলম্বন কৰিবলৈ ইচ্ছু ক।

وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلْعَـٰلَمِينَ ﴿٢٩﴾

তোমালোকে সত্যৰ পথত পৰিচালিত হ’বলৈ বা নহ’বলৈ তেতিয়ালৈকে ইচ্ছা কৰিব নোৱাৰিবা, যেতিয়ালৈকে আল্লাহে ইচ্ছা নকৰিব। তেৱেঁই হৈছে গোটেই সৃষ্টি জগতৰপ্ৰ তিপালক। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · At-Takwir — التكوير

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা