মুখ্য পৃষ্ঠাতাফছীৰAl-Infitaar (82)

তাফছীৰ Al-Infitaar (82) — الانفطار

মক্কী · 19 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِذَا ٱلسَّمَآءُ ٱنفَطَرَتْ ﴿١﴾

যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব।

وَإِذَا ٱلْكَوَاكِبُ ٱنتَثَرَتْ ﴿٢﴾

আৰু যেতিয়ানক্ষত্ৰবোৰ বিক্ষিপ্ত ভাৱে খহি পৰিব।

وَإِذَا ٱلْبِحَارُ فُجِّرَتْ ﴿٣﴾

আৰু যেতিয়া সাগৰসমূহক এটাৰ ওপৰত আনটোক খুলি দিয়া হ’ব। ফলত সেইবোৰ পৰস্পৰে মিলিত হ’ব।

وَإِذَا ٱلْقُبُورُ بُعْثِرَتْ ﴿٤﴾

আৰু যেতিয়া কবৰবোৰৰ মাটি ওলোটাই দিয়া হ’ব, তাৰ ভিতৰত থকা মৃত ব্যক্তিক পুনৰ্জীৱিত কৰাৰ বাবে। علمت نفس ما قد مت وأخ رت

عَلِمَتْ نَفْسٌۭ مَّا قَدَّمَتْ وَأَخَّرَتْ ﴿٥﴾

তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ কোনটো কাম কৰিছে আৰু কোনটো পিছফালে এৰি আহিছে অৰ্থাৎ কৰা নাই।

يَـٰٓأَيُّهَا ٱلْإِنسَـٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلْكَرِيمِ ﴿٦﴾

হে নিজ প্ৰতিপালকক অস্বীকাৰকাৰী কাফিৰ ব্যক্তি! কিহে তোমাক তোমাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিবলৈ বাধ্য কৰিছে। যিহেতু তেওঁ তোমালোকক সুযোগ দিছে আৰু নিজ অনুগ্ৰ হেৰে শাস্তি প্ৰদানত খৰখেদা কৰা নাই।

ٱلَّذِى خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ ﴿٧﴾

যিয়ে তোমাক অনস্থি ত্বৰ পৰা অস্থি ত্বলৈ আনিছে, আৰু সঠি ক অংগযুক্ত সুবিন্যস্ত আৰু সুসামঞ্জস্য শৰীৰ প্ৰদান কৰিছে। بلغ আল-কোৰআন · তাফছীৰ

فِىٓ أَىِّ صُورَةٍۢ مَّا شَآءَ رَكَّبَكَ ﴿٨﴾

আৰু তেওঁ যি ৰূপত তোমাক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে সেই ৰূপতে সৃষ্টি কৰিছে। তোমাৰ প্ৰতি অনুগ্ৰ হ কৰিছে যে, তোমাক গাধা,বান্দ ৰ আৰু কু কু ৰ আদিৰ ৰূপতসৃষ্টি কৰানাই।

كَلَّا بَلْ تُكَذِّبُونَ بِٱلدِّينِ ﴿٩﴾

হে প্ৰৱঞ্চিতসকল! বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে বুজিছা। বাস্ত ৱতা হৈছে এই যে, তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰাআৰু তাৰ বাবে কোনোপ্ৰ স্তু তিনকৰা। وإن عليكم لحفظين

وَإِنَّ عَلَيْكُمْ لَحَـٰفِظِينَ ﴿١٠﴾

তোমালোকৰ ওপৰত এনেকু ৱা ফিৰিস্তা নিযুক্ত আছে, যিসকলে তোমালোকৰ আমলসমূহ লিখি থাকে। كراما كتبين

كِرَامًۭا كَـٰتِبِينَ ﴿١١﴾

আল্লাহৰ ওচৰত তেওঁ লোক হৈছে সন্মানীয় , যিসকলে তোমালোকৰ আমল লিপিবদ্ধ কৰে। يعلمون ما تفعلون

يَعْلَمُونَ مَا تَفْعَلُونَ ﴿١٢﴾

তেওঁ লোকে তোমালোকৰ প্ৰত্যেক কৰ্মৰ বিষয়ে অৱগত, আৰু সেইবোৰ তেওঁ লোকে লিখে।

إِنَّ ٱلْأَبْرَارَ لَفِى نَعِيمٍۢ ﴿١٣﴾

নিশ্চয় যিসকলে বেছি বেছি ভাল কৰ্ম কৰে, নেক কাম কৰে, তেওঁলোকে ক্বি য়ামতৰ দিনা এনেকু ৱা নিয়ামতৰ মাজত থাকিব,যিবোৰ হ’ব চিৰস্থায়ী।

وَإِنَّ ٱلْفُجَّارَ لَفِى جَحِيمٍۢ ﴿١٤﴾

আনহাতে দূৰাচাৰী লোকসকলে এনেকু ৱা জুইৰ মাজত থাকিব, যিটো হ’ব অত্যন্ত উত্তপ্ত । بلغ আল-কোৰআন · তাফছীৰ

يَصْلَوْنَهَا يَوْمَ ٱلدِّينِ ﴿١٥﴾

সিহঁ তেপ্ৰ তিদান দিৱসততাৰ ভিতৰতপ্ৰ ৱেশ কৰিব আৰু তাৰ উত্তাপৰ সন্মুখীন হ’ব।

وَمَا هُمْ عَنْهَا بِغَآئِبِينَ ﴿١٦﴾

আৰু সিহঁ তে তাৰ পৰা কেতিয়াও পলায় ন কৰিব নোৱাৰিব। বৰং চিৰকাল তাৰ ভিতৰতে থাকিব।

وَمَآ أَدْرَىٰكَ مَا يَوْمُ ٱلدِّينِ ﴿١٧﴾

হে ৰাছু ল! আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি?

ثُمَّ مَآ أَدْرَىٰكَ مَا يَوْمُ ٱلدِّينِ ﴿١٨﴾

আকৌ কৈছোঁ, আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি?

يَوْمَ لَا تَمْلِكُ نَفْسٌۭ لِّنَفْسٍۢ شَيْـًۭٔا ۖ وَٱلْأَمْرُ يَوْمَئِذٍۢ لِّلَّهِ ﴿١٩﴾

সিদিনাখন কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব, আৰু সেইদিনা সকলো ক্ষমতা থাকিব কেৱল আল্লাহৰ হাতত। তেওঁ যি ইচ্ছা কৰিব সেইটোৱে কৰিব। আন কাৰো হাতত এনেকু ৱা কোনো ক্ষমতা নাথাকিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Infitaar — الانفطار

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা