মুখ্য পৃষ্ঠাতাফছীৰAn-Najm (53)

তাফছীৰ An-Najm (53) — النجم

মক্কী · 62 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلنَّجْمِ إِذَا هَوَىٰ ﴿١﴾

আল্লাহে তৰাৰ শপত খাইছে, যেতিয়া ই সৰি পৰে। ما ضل صاحبكم وما غو

مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوَىٰ ﴿٢﴾

আল্লাহৰ ৰাছু ল মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হিদায় তৰ পথৰ পৰা আঁতৰি যোৱা নাই, তথা বিভ্ৰান্ত ও হোৱা নাই, বৰং তেওঁ সঠি ক পথত প্ৰতিষ্ঠি ত হৈ আছে।

وَمَا يَنطِقُ عَنِ ٱلْهَوَىٰٓ ﴿٣﴾

আৰুতেওঁ এই কোৰআন প্ৰবৃত্তিৰঅনু সৰণ কৰিনকয় । إن هو إ ل اوحى يوحى

إِنْ هُوَ إِلَّا وَحْىٌۭ يُوحَىٰ ﴿٤﴾

এই কোৰআন হৈছে অহী। আল্লাহে জিব্ৰীল আলাইহিইচ্ছালামৰমাধ্যমত তেওঁ ৰওচৰলৈ এই অহীপ্ৰে ৰণ কৰে।

عَلَّمَهُۥ شَدِيدُ ٱلْقُوَىٰ ﴿٥﴾

শক্তি শালী ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁ ক শিকায় ।

ذُو مِرَّةٍۢ فَٱسْتَوَىٰ ﴿٦﴾

জিব্ৰীল আলাইহিচ্ছালাম হৈছে উৎকৃ ষ্টআকৃ তিৰঅধিকাৰী। আল্লাহে তেওঁক যি আকৃ তিত সৃষ্টি কৰিছে সেই আকৃ তিতেই তেওঁ নবীচাল্লাল্লাহু আলাইহি অছাল্লামৰসন্মুখত প্ৰকট হৈছিল।

وَهُوَ بِٱلْأُفُقِ ٱلْأَعْلَىٰ ﴿٧﴾

তেতিয়া জিব্ৰীল আলাইহিচ্ছালাম আছিল আকাশৰ ঊৰ্দ্ধ দিগন্ত ত। ثم دنا فتدلى

ثُمَّ دَنَا فَتَدَلَّىٰ ﴿٨﴾

ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটৱৰ্তী হৈছিল, তথা আৰু ওচৰ চাপি আহিছিল। فكان قاب قوسين أو أدنى

فَكَانَ قَابَ قَوْسَيْنِ أَوْ أَدْنَىٰ ﴿٩﴾

তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুখন ধেনু ৰ দূৰত্ব ত অৱস্থান কৰিছিল অথবা তাতোকৈ কম দূৰত্ব ত। بلغ আল-কোৰআন · তাফছীৰ

فَأَوْحَىٰٓ إِلَىٰ عَبْدِهِۦ مَآ أَوْحَىٰ ﴿١٠﴾

তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে আল্লাহৰ বান্দা মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যি অহী দিবলগীয়া আছিল সেয়া দিলে।

مَا كَذَبَ ٱلْفُؤَادُ مَا رَأَىٰٓ ﴿١١﴾

মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি যি দেখিছে, তেওঁ ৰঅন্ত ৰে সেয়া অস্বীকাৰকৰা নাই। أفتمرونه عل ما ير

أَفَتُمَـٰرُونَهُۥ عَلَىٰ مَا يَرَىٰ ﴿١٢﴾

হে মুশ্বৰিকসকল! তোমালোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সেইবোৰ বিষয় লৈ বিতৰ্ক কৰা নেকি, যিবোৰ আল্লাহে তেওঁক ‘ইছৰা’ৰ ৰাতিত দেখু ৱাইছে? ولقد رءاه نزلةأخر

وَلَقَدْ رَءَاهُ نَزْلَةً أُخْرَىٰ ﴿١٣﴾

মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক আৰু এবাৰপ্ৰ কৃ ত আকৃ তিত দেখা পাইছিল ইছৰাৰৰাতিত।

عِندَ سِدْرَةِ ٱلْمُنتَهَىٰ ﴿١٤﴾

ছিদৰাতু ল মু নতাহাৰওচৰত। সেয়া হৈছে সপ্ত ম আকাশত থকা এজোপা প্ৰকাণ্ডবৃক্ষ।

عِندَهَا جَنَّةُ ٱلْمَأْوَىٰٓ ﴿١٥﴾

এই গছজোপাৰওচৰতেই আছে জান্নাতু ল মা’ওৱা।

إِذْ يَغْشَى ٱلسِّدْرَةَ مَا يَغْشَىٰ ﴿١٦﴾

আল্লাহৰ আদেশত বিশাল বস্তু এটাই যেতিয়া ছিদৰাক আচ্ছাদিত কৰিছিল, যিটোৰ বাস্ত ৱিকতা সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত।

مَا زَاغَ ٱلْبَصَرُ وَمَا طَغَىٰ ﴿١٧﴾

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টি সোঁৱে-বাঁওৱেও যোৱা নাছিল, আৰু যি দেখিবলৈ আদেশ দিয়া হৈছিল সেই সীমা অতিক্ৰ মো কৰা নাছিল।

لَقَدْ رَأَىٰ مِنْ ءَايَـٰتِ رَبِّهِ ٱلْكُبْرَىٰٓ ﴿١٨﴾

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মিৰাজৰ ৰাতিত তেওঁৰ প্ৰতিপালকৰ মহা নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছে, যিবোৰে মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। এতেকে তেওঁ জান্নাত,জাহান্নাম আৰুঅন্যান্যকেইবাটাওবস্তু দেখিছে।

أَفَرَءَيْتُمُ ٱللَّـٰتَ وَٱلْعُزَّىٰ ﴿١٩﴾

হে মু শ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে উপাসনা কৰা লাত আৰু উঝঝা সম্পৰ্কে তোমালোকৰ ধাৰণা কি?! بلغ আল-কোৰআন · তাফছীৰ

وَمَنَوٰةَ ٱلثَّالِثَةَ ٱلْأُخْرَىٰٓ ﴿٢٠﴾

আৰু তোমালোকৰ তৃতীয় মূৰ্তি মানাত সম্পৰ্কে ধাৰণা কি? কোৱাচোন তোমালোকে, এইবোৰে তোমালোকক কোনো উপকাৰ বা অপকাৰ কৰিব পাৰিবনে?!

أَلَكُمُ ٱلذَّكَرُ وَلَهُ ٱلْأُنثَىٰ ﴿٢١﴾

হে মুশ্বৰিকসকল! তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, অথচ পৱিত্ৰ আল্লাহৰ বাবে তোমালোকে কন্যা সন্তান নিৰ্ধাৰণ কৰা, যিটোক তোমালোকে অপছন্দ কৰা?!

تِلْكَ إِذًۭا قِسْمَةٌۭ ضِيزَىٰٓ ﴿٢٢﴾

এই বণ্ট ন যিটো তোমালোকে নিজৰ প্ৰবৃত্তিৰ চাহিদা অনু সাৰে কৰিছা, সেইটো হৈছে নিশ্চিতভাৱে অসঙ্গত বণ্ট ন।

إِنْ هِىَ إِلَّآ أَسْمَآءٌۭ سَمَّيْتُمُوهَآ أَنتُمْ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلْطَـٰنٍ ۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَمَا تَهْوَى ٱلْأَنفُسُ ۖ وَلَقَدْ جَآءَهُم مِّن رَّبِّهِمُ ٱلْهُدَىٰٓ ﴿٢٣﴾

এই মূ ৰ্ত্তিবোৰ দৰাচলতে অৰ্থহীন নামৰ বাহিৰে আন একো নহয় । এইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। এইবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ -পুৰুষসকলে নিজৰ ফালৰ পৰা নামকৰণ কৰিছা, ইয়াৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। মুশ্বৰিকসকলে আক্বীদাৰ ক্ষেত্ৰত কেৱল অনুমান আৰু নিজৰ মনৰ চাহিদাৰহে অনুসৰণ কৰে, যিটোক চয় তানে সিহঁ তৰ অন্ত ৰত শোভনীয় কৰি দিয়ে । অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমত সিহঁ তৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিদায় ত আহি পৰিছে। তথাপিও সিহঁ তে ইয়াক আঁকোৱালি লোৱা নাই। أم للإنسن ما تمن

أَمْ لِلْإِنسَـٰنِ مَا تَمَنَّىٰ ﴿٢٤﴾

মানু হৰ এই আশা পূৰণ হ’বনে যে, এই মূ ৰ্তিবোৰেআল্লাহৰওচৰত মধ্যস্ত তা কৰিব?!

فَلِلَّهِ ٱلْـَٔاخِرَةُ وَٱلْأُولَىٰ ﴿٢٥﴾

নহয় , সিহঁ তৰ এই আশা কেতিয়াও পূৰণ নহয় । কিয় নো পৃথিৱী আৰু আখিৰাত হৈছে একমাত্ৰ আল্লাহৰ ক্ষমতাৰ অধীনত। তেওঁ এই দুয়ো ঠাইৰ পৰা যিমান ইচ্ছা কৰে প্ৰদান কৰে আৰু যিমান ইচ্ছা কৰে বঞ্চিত কৰে।

۞ وَكَم مِّن مَّلَكٍۢ فِى ٱلسَّمَـٰوَٰتِ لَا تُغْنِى شَفَـٰعَتُهُمْ شَيْـًٔا إِلَّا مِنۢ بَعْدِ أَن يَأْذَنَ ٱللَّهُ لِمَن يَشَآءُ وَيَرْضَىٰٓ ﴿٢٦﴾

আকাশমণ্ডলত অসংখ্য ফিৰিস্তা আছে, যদি তেওঁ লোকে কাৰোবাৰ বিষয়ে মধ্যস্ত তা কৰিব বিচাৰে তেন্তে তেওঁ লোকৰ মধ্যস্ত তা কোনো কামত নাহিব। কিন্তু তেওঁ লোকৰ মাজৰ পৰা যাক আল্লাহে মধ্যস্ত তা কৰাৰ অনু মতি দিব তাৰ বিষয় টো সুকীয়া, আৰু যাৰ সপক্ষে মধ্যস্ত তা কৰিব তাৰ ওপৰতো আল্লাহ সন্তু ষ্টহ’ব লাগিব। কিয় নো আল্লাহে কোনো মুশ্বৰিক ব্যক্তিৰ সপক্ষে কেতিয়াও মধ্যস্ত তা কৰাৰ অনুমতি প্ৰদান নকৰিব। তথা তেওঁ এনেকু ৱা কোনো ব্যক্তি ৰ প্ৰতিও সন্তু ষ্টনহ’ব, যিয়ে তেওঁ ৰ বাহিৰে আনৰ উপাসনা কৰিছিল।

إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ لَيُسَمُّونَ ٱلْمَلَـٰٓئِكَةَ تَسْمِيَةَ ٱلْأُنثَىٰ ﴿٢٧﴾

যিসকলে আখিৰাতৰ জীৱনক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীসকলৰ নামেৰে নামকৰণ কৰে, তথা এই আক্বীদাহ পোষণ কৰে যে, তেওঁ লোক হৈছে আল্লাহৰজীয়াৰী। আল্লাহ সিহঁ তৰএনেকু ৱা আৰোপৰপৰা বহুগুণে ঊৰ্দ্ধ ত। بلغ আল-কোৰআন · তাফছীৰ

وَمَا لَهُم بِهِۦ مِنْ عِلْمٍ ۖ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ ۖ وَإِنَّ ٱلظَّنَّ لَا يُغْنِى مِنَ ٱلْحَقِّ شَيْـًۭٔا ﴿٢٨﴾

অথচ এই নাৰীবাচক নামকৰণৰ সপক্ষে সিহঁতৰ ওচৰত কোনো ধৰণৰ নিৰ্ভ ৰযোগ্য জ্ঞান নাই। এইক্ষেত্ৰত সিহঁতে কেৱল ভ্ৰম আৰু অনুমানৰহে অনু কৰণ কৰে। অনু মানে সত্যৰ স্থান লোৱাতো দূৰৰ কথা, সত্যৰ কাষ চাপিবও নোৱাৰে।

فَأَعْرِضْ عَن مَّن تَوَلَّىٰ عَن ذِكْرِنَا وَلَمْ يُرِدْ إِلَّا ٱلْحَيَوٰةَ ٱلدُّنْيَا ﴿٢٩﴾

হে ৰাছু ল! আপুনি সেই ব্যক্তিক আওকাণ কৰক, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হৈছে আৰু যিয়ে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে, পাৰ্থিৱ জীৱনৰ বাহিৰে যিয়ে একো নিবিচাৰে, তথা আখিৰাতৰ বাবে কোনো কাম নকৰে, কাৰণ সি ইয়াৰ প্ৰতি বিশ্বাসেই নকৰে।

ذَٰلِكَ مَبْلَغُهُم مِّنَ ٱلْعِلْمِ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِمَنِ ٱهْتَدَىٰ ﴿٣٠﴾

এই মুশ্বৰিকসকলে ফিৰিস্তাসকলক যিদৰে নাৰীবাচক নাম দি আছে, দৰাচলতে সিহঁতৰ জ্ঞানৰ সীমা সিমানেই, কাৰণ সিহঁত হৈছে মুৰ্খ। সিহঁত ইয়াক্বীনত উপনীত হ’ব পৰা নাই। হে ৰাছু ল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই ব্যক্তিক ভালকৈয়ে জানে, যিয়ে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, আনহাতে সেই ব্যক্তি কোভালকৈ জানে,যিয়ে হিদায় তৰপথত পৰিচালিত হৈছে। এইবোৰৰএকোৱেই তেওঁ ৰপৰাগোপন নহয় ।

وَلِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ لِيَجْزِىَ ٱلَّذِينَ أَسَـٰٓـُٔوا۟ بِمَا عَمِلُوا۟ وَيَجْزِىَ ٱلَّذِينَ أَحْسَنُوا۟ بِٱلْحُسْنَى ﴿٣١﴾

আকাশমণ্ডলৰ সকলো বস্তু আল্লাহৰেই, আৰু পৃথিৱীৰো সকলো বস্তু আল্লাহৰেই। তেৱেঁই এইবোৰৰ মালিক, তেৱেঁই সৃষ্টি কৰ্তা আৰু তেৱেঁই পৰিচালক। যাতে আল্লাহে সেইসকল লোকক উচিত শাস্তি প্ৰদান কৰিব পাৰে, যিসকলে পৃথিৱীত বেয়া কৰ্ম কৰে। আনহাতে সৎকৰ্ম কৰা মুমিনসকলক যাতে জান্নাত প্ৰদান কৰিবপাৰে।

ٱلَّذِينَ يَجْتَنِبُونَ كَبَـٰٓئِرَ ٱلْإِثْمِ وَٱلْفَوَٰحِشَ إِلَّا ٱللَّمَمَ ۚ إِنَّ رَبَّكَ وَٰسِعُ ٱلْمَغْفِرَةِ ۚ هُوَ أَعْلَمُ بِكُمْ إِذْ أَنشَأَكُم مِّنَ ٱلْأَرْضِ وَإِذْ أَنتُمْ أَجِنَّةٌۭ فِى بُطُونِ أُمَّهَـٰتِكُمْ ۖ فَلَا تُزَكُّوٓا۟ أَنفُسَكُمْ ۖ هُوَ أَعْلَمُ بِمَنِ ٱتَّقَىٰٓ ﴿٣٢﴾

যিসকলে অশ্লীল কৰ্ম তথা মহাপাপসমূহৰ পৰা বিৰত থাকে, যদিও সৰু-সুৰা গুনাহ কেতিয়াবা হৈ যায় , কিন্তু আল্লাহে এইবোৰ ক্ষমা কৰি দিব, যিহেতু তেওঁলোকে মহাপাপসমূহৰ পৰা বিৰত আছিল আৰু বেছি বেছি সৎকৰ্ম কৰিছিল। হে ৰাছু ল! নিশ্চয় আপোনাৰ প্ৰতিপালক ক্ষমা কৰাৰ ক্ষেত্ৰত অতি উদাৰ। বান্দাসকলে তাওবা কৰাৰ লগে লগে তেওঁ সিহঁতক ক্ষমা কৰি দিয়ে । তেওঁ তোমালোকৰ বিষয়ে সেইসময় ৰ পৰাই অৱগত, যেতিয়া তেওঁ তোমালোকৰ আদি পিতা আদমক মাটি ৰ পৰা সৃষ্টি কৰিছিল, আৰু যেতিয়া তোমালোকে মাকৰ পেটত ভ্ৰুণৰূপে বিভিন্ন ধাপ অতিক্ৰম কৰি ভূমিষ্ঠ হৈছিলা। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । এতেকে তোমালোকে নিজেই নিজৰ ধৰ্মভীৰুতাৰ প্ৰশংসা নকৰিবা। কাৰণ পৱিত্ৰ আল্লাহে ভালদৰেই জানে, তোমালোকৰমাজৰকোনে তেওঁ ৰআদেশ পালন কৰিতেওঁ ৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকি তেওঁ ৰতাক্ব ৱা অৱলম্বন কৰিছে।

أَفَرَءَيْتَ ٱلَّذِى تَوَلَّىٰ ﴿٣٣﴾

আপুনি সেই ব্যক্তি ৰ দুৰ্দ শা দেখা পাইছেনে, যিয়ে ইছলামৰ ওচৰ চাপিও ইছলামৰ পৰা বিমু খ হৈছে?!

وَأَعْطَىٰ قَلِيلًۭا وَأَكْدَىٰٓ ﴿٣٤﴾

কিঞ্চিত দান কৰিছে আৰুতাৰপিছত বন্ধ কৰিদিছে। কিয় নোকৃ পণালি তাৰসিৰাই সিৰাই সোমাইছে। ইয়াৰপিছতোসি নিজৰগুণ গাই ফু ৰে।

أَعِندَهُۥ عِلْمُ ٱلْغَيْبِ فَهُوَ يَرَىٰٓ ﴿٣٥﴾

তাৰওচৰত গায়ে বৰজ্ঞান আছে নেকি,যাৰফলত সি সকলোদেখাপাই আছে আৰুসি গায়ে বৰবিষয়ে আলোচনাকৰিআছে? بلغ আল-কোৰআন · তাফছীৰ أم لم ينبأ بما فى صحف موس

أَمْ لَمْ يُنَبَّأْ بِمَا فِى صُحُفِ مُوسَىٰ ﴿٣٦﴾

নে সি আল্লাহৰ ওপৰত মিছা আৰোপ কৰি আছে? আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা এই ব্যক্তি ক মু ছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থত যি লিখাআছে সেই সম্পৰ্কে অৱগত কৰাহোৱানাই নেকি?

وَإِبْرَٰهِيمَ ٱلَّذِى وَفَّىٰٓ ﴿٣٧﴾

আৰু ইব্ৰাহীম আলাইহিচ্ছালামৰ ছহীফাত লিখা বাণী সম্পৰ্কে, যিজনে তেওঁৰ প্ৰতিপালকে অৰ্পন কৰা সকলো দায়ি ত্বপালন কৰিছিল তথা পূৰণ কৰিছিল। ألا تزر وازرة وزر أخر

أَلَّا تَزِرُ وَازِرَةٌۭ وِزْرَ أُخْرَىٰ ﴿٣٨﴾

কোনো মানু হেই আনৰ গুনাহৰ বোজা বহন নকৰিব। وأن ليس للإنسن إلا ما سعى

وَأَن لَّيْسَ لِلْإِنسَـٰنِ إِلَّا مَا سَعَىٰ ﴿٣٩﴾

মানু হে কেৱল নিজে কৰাকৰ্মৰহে প্ৰতিদান লাভ কৰিব। وأن سعيهسوف ير

وَأَنَّ سَعْيَهُۥ سَوْفَ يُرَىٰ ﴿٤٠﴾

শীঘ্ৰে ই কিয়ামতৰ দিনা তাৰ আমলনামা দেখুৱা হ’ব।

ثُمَّ يُجْزَىٰهُ ٱلْجَزَآءَ ٱلْأَوْفَىٰ ﴿٤١﴾

ইয়াৰ পিছত তাক তাৰ আমলৰ প্ৰতিদান কোনো প্ৰকাৰ হ্ৰাস নকৰাকৈয়ে পৰিপূৰ্ণভাৱে দিয়া হ’ব।

وَأَنَّ إِلَىٰ رَبِّكَ ٱلْمُنتَهَىٰ ﴿٤٢﴾

হে ৰাছু ল! বান্দাসকলে মৃ ত্যুবৰণ কৰাৰপিছত আপোনাৰপ্ৰ তিপালকৰওচৰলৈকেই প্ৰত্যাৱৰ্ত ন কৰিব। وأنه هوأض حك وأبكى

وَأَنَّهُۥ هُوَ أَضْحَكَ وَأَبْكَىٰ ﴿٤٣﴾

নিশ্চয় তেওঁ যাক আনন্দি ত কৰিব বিচাৰে, তাক হঁ হুৱায় । আৰু যাক দুশ্চিন্তাগ্ৰ তস্ কৰিব বিচাৰে, তাক কন্দুৱায় । وأنه هو أمات وأحيا

وَأَنَّهُۥ هُوَ أَمَاتَ وَأَحْيَا ﴿٤٤﴾

তেৱেঁই পৃথিৱীত জীৱিতসকলক মৃ ত্যু প্ৰদান কৰে, আৰু মৃ তসকলক আখিৰাতত জীৱন দান কৰিব।

وَأَنَّهُۥ خَلَقَ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰ ﴿٤٥﴾

তেৱেঁই দুয়োবিধক অৰ্থাৎ নৰ আৰু নাৰীক সৃষ্টি কৰিছে। بلغ আল-কোৰআন · তাফছীৰ من نطفة إذا تمن

مِن نُّطْفَةٍ إِذَا تُمْنَىٰ ﴿٤٦﴾

বীৰ্যৰ দ্বাৰা, যেতিয়া ইয়াক গৰ্ভাশয় ত ৰখা হৈছিল।

وَأَنَّ عَلَيْهِ ٱلنَّشْأَةَ ٱلْأُخْرَىٰ ﴿٤٧﴾

সিহঁ তৰমৃ ত্যুৰপিছত সিহঁ তক তেৱেঁই জীৱন দান কৰিপুনৰুত্থিত কৰিব। وأنه هو أغن وأقن

وَأَنَّهُۥ هُوَ أَغْنَىٰ وَأَقْنَىٰ ﴿٤٨﴾

তেৱেঁই বান্দাসকলৰমাজৰ পৰা যাক ইচ্ছা কৰেসম্পদ প্ৰদান কৰি ধনী বনায় । এনেকু ৱা সম্পদ প্ৰদান কৰে, যিবোৰমানু হে সঞ্চয় কৰি ৰাখে।

وَأَنَّهُۥ هُوَ رَبُّ ٱلشِّعْرَىٰ ﴿٤٩﴾

নিশ্চয় তেৱেঁই আশ্ব -শ্বি ’ৰা নামক তৰাৰ প্ৰতিপালক, যাক মু শ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ কৰি পূজা-পাঠ কৰিছিল।

وَأَنَّهُۥٓ أَهْلَكَ عَادًا ٱلْأُولَىٰ ﴿٥٠﴾

ইতিপূৰ্বে তেৱেঁই হূ দ আলাইহিচ্ছালামৰসম্প্ৰ দায় ‘আদ’ক ধ্বংস কৰিছে,যেতিয়াসিহঁ তে কু ফৰীত অটল আছিল।

وَثَمُودَا۟ فَمَآ أَبْقَىٰ ﴿٥١﴾

আৰু তেৱেঁই ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় ছামূ দক ধ্বংস কৰিছে। এতেকে সিহঁ তৰ মাজৰ কাকো এৰি দিয়া নাই।

وَقَوْمَ نُوحٍۢ مِّن قَبْلُ ۖ إِنَّهُمْ كَانُوا۟ هُمْ أَظْلَمَ وَأَطْغَىٰ ﴿٥٢﴾

আদ আৰু ছামূদৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় কো ধ্বংস কৰিছিল। নিশ্চয় নূহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় , আদ আৰু ছামূদ সম্প্ৰ দায় তকৈও অধিক অন্যায় কাৰী আৰু অবাধ্য আছিল। কিয় নো নূহ আলাইহিচ্ছালামে সিহঁতৰ মাজত পঞ্চাচ বছৰ কম এহেজাৰ বছৰ অৱস্থান কৰিছিল আৰু সিহঁ তক তাওহীদৰপিনে আহ্বান কৰিছিল কিন্তু তথাপিও সিহঁ তে স্বীকাৰকৰা নাছিল।

وَٱلْمُؤْتَفِكَةَ أَهْوَىٰ ﴿٥٣﴾

আৰু লূত আলাইহিচ্ছালামৰ সম্প্ৰ দায় ক ওপৰলৈ উঠাই ওলোটাই দিছিল আৰু তাৰ পিছত পৃথিৱীত নিক্ষেপ কৰিছিল। فغش ىها ما غش

فَغَشَّىٰهَا مَا غَشَّىٰ ﴿٥٤﴾

সিহঁ তক ওপৰলৈ উঠাই মাটি ত পেলাই দিয়াৰপিছত সিহঁ তৰওপৰত শিল বৰ্ষণ কৰিঢাকি দিয়া হৈছিল।

فَبِأَىِّ ءَالَآءِ رَبِّكَ تَتَمَارَىٰ ﴿٥٥﴾

হে মানৱ! তোমাৰপ্ৰ তিপালকৰক্ষমতাৰপ্ৰ মাণ বহন কৰা কোন কোনটো নিদৰ্শনক তু মি সন্দে হ কৰিবা, তথা শিক্ষা লোৱাৰপৰা বিৰত থাকিবা? بلغ আল-কোৰআন · তাফছীৰ

هَـٰذَا نَذِيرٌۭ مِّنَ ٱلنُّذُرِ ٱلْأُولَىٰٓ ﴿٥٦﴾

তোমালোকৰপ্ৰ তি প্ৰে ৰিত হোৱাএইজন ৰাছু লোপূৰ্বৱৰ্তী ৰাছু লসকলৰেই এটাঅংশ।

أَزِفَتِ ٱلْـَٔازِفَةُ ﴿٥٧﴾

কিয়ামত ওচৰচাপিছে,অতি নিকটৱৰ্তী হৈছে।

لَيْسَ لَهَا مِن دُونِ ٱللَّهِ كَاشِفَةٌ ﴿٥٨﴾

আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে, তথা তেওঁ ৰ বাহিৰে ইয়াৰ সঠি ক তথ্য সম্পৰ্কে ও অৱগত নহয় ।

أَفَمِنْ هَـٰذَا ٱلْحَدِيثِ تَعْجَبُونَ ﴿٥٩﴾

এই কোৰআন, যিখন তোমালোকৰ সন্মুখত তিলাৱত কৰা হয় , এইখন আল্লাহৰ ফালৰ পৰা বুলি তোমালোকে ইয়াকলৈ আশ্চৰ্য প্ৰকাশ কৰা নেকি? وتضحكون ولا تبكون

وَتَضْحَكُونَ وَلَا تَبْكُونَ ﴿٦٠﴾

তথা ইয়াক ঠাট্টা কৰি হাঁহি থকা? আৰু ইয়াৰ উপদেশ শুনি অশ্ৰুশিক্ত নোহোৱা কিয় ?! وأ نتم سمدون

وَأَنتُمْ سَـٰمِدُونَ ﴿٦١﴾

এই ক্ষেত্ৰত তোমালোকে অমনোযোগী হৈ আছা, অকণো ভ্ৰূক্ষেপ নকৰা।

فَٱسْجُدُوا۟ لِلَّهِ وَٱعْبُدُوا۟ ۩ ﴿٦٢﴾

এতেকে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰা আৰু নিৰ্ভে জালভাৱে তেওঁ ৰেই ইবাদত কৰা। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · An-Najm — النجم

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা