মুখ্য পৃষ্ঠাতাফছীৰAs-Saaffaat (37)

তাফছীৰ As-Saaffaat (37) — الصافات

মক্কী · 182 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلصَّـٰٓفَّـٰتِ صَفًّۭا ﴿١﴾

আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে ইবাদতৰ সময় ত গলিত সীহেৰে নিৰ্মিত প্ৰাচীৰৰ দৰে শাৰীবদ্ধভাৱে থিয় হয় ।

فَٱلزَّٰجِرَٰتِ زَجْرًۭا ﴿٢﴾

লগতে আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে মেঘপুঞ্জক খেদি লৈ যায় সেই স্থানলৈ, য’ত আল্লাহে পানী বৰ্ষণ কৰিব বিচাৰে।

فَٱلتَّـٰلِيَـٰتِ ذِكْرًا ﴿٣﴾

তথা সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ বাণী তিলাৱত কৰে। إن إلهكم لوحد

إِنَّ إِلَـٰهَكُمْ لَوَٰحِدٌۭ ﴿٤﴾

হে মানৱজাতি! নিশ্চয় তোমালোকৰসত্যউপাস্যহৈছে কেৱল এজনেই। তেওঁ ৰকোনোঅংশীদাৰনাই। তেওঁ হৈছে আল্লাহ।

رَّبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ ٱلْمَشَـٰرِقِ ﴿٥﴾

তেৱেঁই আকাশমণ্ডলৰপ্ৰ তিপালক আৰুপৃথিৱীৰপ্ৰ তিপালক,লগতে এই দুয়োৰেমাজত যি যি আছে সেই সকলোৰেপ্ৰ তিপালক। সূৰ্য্যগোটেই বছৰযি যি স্থানৰপৰাউদয় হয় আৰুযি যি স্থানত অস্ত যায় ,সেই ঠাইবোৰৰোতেৱেঁই প্ৰতিপালক আৰুসূৰ্যৰোতেৱেঁই প্ৰতিপালক।

إِنَّا زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِزِينَةٍ ٱلْكَوَاكِبِ ﴿٦﴾

আমিয়ে ই পৃথিৱীৰ নিকটতম আকাশক তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ। যিবোৰ দেখাত উজ্জ্বল হীৰাৰ দৰে। وحفظا من كل شيطن مارد

وَحِفْظًۭا مِّن كُلِّ شَيْطَـٰنٍۢ مَّارِدٍۢ ﴿٧﴾

নিশ্চয় আমি পৃথিৱীৰ নিকটৱৰ্তী আকাশখনক তৰাৰ জৰিয় তে পাপিষ্ঠ তথা আল্লাহৰ আনু গত্যৰ পৰা বহিষ্কৃ ত চয় তানৰ পৰা সুৰক্ষিত কৰিছোঁ। এতেকে তৰা নিক্ষেপ কৰি সিহঁ তক আঘাত কৰা হয় ।

لَّا يَسَّمَّعُونَ إِلَى ٱلْمَلَإِ ٱلْأَعْلَىٰ وَيُقْذَفُونَ مِن كُلِّ جَانِبٍۢ ﴿٨﴾

এইসকল চয় তানে আকাশত থকা ফিৰিস্তাসকলৰ কথা কোনো পধ্যেই শুনিব নোৱাৰে, যেতিয়া তেওঁ লোকে চৰীয় ত আৰু ভাগ্য সম্পৰ্কীয় আদেশ তথা সিদ্ধাতন্ সম্পৰ্কে চৰ্চা কৰে, আল্লাহে যিবোৰ তেওঁলোকৰ প্ৰতি অহী কৰিছে। কিবা প্ৰকাৰে যদি সিহঁ তে শুনিবলৈও চেষ্টা কৰে তেন্তে সিহঁ তৰ প্ৰতি জ্বলন্ত অন্ধৰা নিক্ষেপ কৰা হয় ।

دُحُورًۭا ۖ وَلَهُمْ عَذَابٌۭ وَاصِبٌ ﴿٩﴾

সিহঁ তক গোপনে ফিৰিস্তাৰ কথা শুনাৰ পৰা খেদিবলৈ তথা আঁতৰাবলৈ (এই জুই নিক্ষেপ কৰা হয় )। তথা সিহঁ তৰ বাবে আখিৰাততো আছে কষ্ট দায় ক শাস্তি ,যিশাস্তি কেতিয়াওসমাপ্ত নহ’ব। بلغ আল-কোৰআন · তাফছীৰ

إِلَّا مَنْ خَطِفَ ٱلْخَطْفَةَ فَأَتْبَعَهُۥ شِهَابٌۭ ثَاقِبٌۭ ﴿١٠﴾

এনেকু ৱা বাৰ্তা যিবোৰ পৃথিৱীবাসীয়ে নাজানে সেইবোৰ বাৰ্তা ফিৰিস্তাসকলে ইজনে সিজনক পৌঁচাই দিয়াৰ সময় ত চয় তানে হঠাৎ কোনো কথা গোপনে শুনাটো সুকীয়া বিষয় । কিন্তু এনেকৈ গোপনে শুনাৰ সময় ত জ্বলন্ত জুয়ে তাক চোঁচা লয় , আৰু তাক পুৰি পেলায় । অথচ কেতিয়াবা কেতিয়াবা চয় তানে পুৰিযোৱাৰআগতেই তাৰসঙ্গীসকলক সেই বাৰ্তা পৌঁচাই দিবলৈ সক্ষম হয় । এইদৰেসেই বাৰ্তা জ্যোতিষীয়ে গম পায় , আৰু ইপিনে জ্যোতিষীয়ে এশ মিছা কথা মিহলাই সেই বাৰ্তা প্ৰচাৰ কৰে।

فَٱسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَم مَّنْ خَلَقْنَآ ۚ إِنَّا خَلَقْنَـٰهُم مِّن طِينٍۢ لَّازِبٍۭ ﴿١١﴾

হে মু হাম্মদ! আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই কাফিৰসকলক আপুনি সোধকচোন, আমি সৃষ্টি কৰা আকাশমণ্ডল, পৃথিৱী আৰু ফিৰিস্তাসকলতকৈ ইহঁ ত অধিক মজবুত নেকি, তথা ইহঁ ত অধিক শক্তিশালী আৰু অধিক পুৰঠ নেকি তথা মহা অংগ-প্ৰত্যংগৰ অধিকাৰী নেকি? বংৰ আমি ইহঁ তক পিচল মাটি ৰেহে সৃষ্টি কৰিছোঁ। তথাপিও ইহঁ তে কিদৰে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰে, অথচ ইহঁ ত হৈছে দুৰ্বল সৃষ্টি , যিসকলক পিচল মাটি ৰে সৃষ্টি কৰা হৈছে। بل عجبت ويسخرون

بَلْ عَجِبْتَ وَيَسْخَرُونَ ﴿١٢﴾

বৰং হে মু হাম্মদ! আপুনি আল্লাহৰ ক্ষমতা আৰু তেওঁ ৰ মখলুকৰ নিয় ন্ত্ৰ ণকলৈ বিস্মিত। আনহাতে মু শ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ সম্পৰ্কে বিস্মিত। কিন্তু এই মু শ্বৰিকসকলে আখিৰাতৰজীৱনক অস্বীকাৰকৰাৰক্ষেত্ৰত ইমান তললৈ নামিছে যে,সেই বিষয়ে আপুনি যি কথাকেই নকওক কিয় , সিহঁ তে তাৰউপহাস কৰে। وإذا ذكروالا يذكرون

وَإِذَا ذُكِّرُوا۟ لَا يَذْكُرُونَ ﴿١٣﴾

এই মুশ্বৰিকসকলক যেতিয়া কোনো উপদেশ দিয়া হয় , তেতিয়া সিহঁ তে উপদেশ গ্ৰহণ নকৰে আৰু ইয়াৰ দ্বাৰা উপকৃ তও নহয় । কাৰণ সিহঁ তৰ অন্ত ৰ কঠি ন হৈ পৰিছে। وإ ذا رأوا ءاية يستسخرون

وَإِذَا رَأَوْا۟ ءَايَةًۭ يَسْتَسْخِرُونَ ﴿١٤﴾

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কীয় যেতিয়া সিহঁ তে কোনো নিদৰ্শন দেখিবলৈ পায় , তেতিয়া সিহঁ তে সেই নিদৰ্শনকলৈ চৰম পৰ্যায় ৰ বিদ্ৰুপ কৰে,তথাআশ্চৰ্য প্ৰকাশ কৰে।

وَقَالُوٓا۟ إِنْ هَـٰذَآ إِلَّا سِحْرٌۭ مُّبِينٌ ﴿١٥﴾

লগতে কয় , মু হাম্মদে যি যি লৈ আহিছে, সেইবোৰস্পষ্ট যাদুৰবাহিৰে আন একো নহয় । أءذا متنا وكنا ترابا وعظما أءنا لمبعوثون

أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ ﴿١٦﴾

যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি ত পৰিণত হ’ম তথা আমাৰ হাড় বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক জীৱিত কৰা হ’ব নেকি? এইটো অসম্ভ ৱ কথা দেখোন!

أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ ﴿١٧﴾

আমাৰ পিতৃ -পুৰুষসকলো পুনৰ্জীৱিত হ’ব নেকি, যিসকল আমাৰ পূৰ্বে মৃ ত্যুবৰণ কৰিছে? بلغ আল-কোৰআন · তাফছীৰ قل نعم وأنتمدخرون

قُلْ نَعَمْ وَأَنتُمْ دَٰخِرُونَ ﴿١٨﴾

হে মুহাম্মদ! আপুনি সিহঁ তক উত্তৰপ্ৰ দান কৰিকওক, হয়! তোমালোক মাটি ত পৰিণত হোৱাৰপিছতো তথা তোমালোকৰহাড় বোৰগেলি-পচি যোৱাৰ পিছতো তোমালোকক আকৌ জীৱিত কৰা হ’ব। লগতে তোমালোকৰ পূৰ্ব-পুৰুষসকলকো জীৱিত কৰা হ’ব। আনকি তোমালোক আটাইকে জীৱিত কৰি তোলা হ’ব, তেতিয়া তোমালোকে অপমানিত তথা লাঞ্ছিত হ’বা। فإنما هى زجرة وحدة فإذا هم ينظرون

فَإِنَّمَا هِىَ زَجْرَةٌۭ وَٰحِدَةٌۭ فَإِذَا هُمْ يَنظُرُونَ ﴿١٩﴾

ইয়াৰ বাবে শিঙাত মাত্ৰ এটা ফুঁ দিয়াৰ প্ৰয়োজন (এইটো হ’ব দ্বি তীয় ফুঁ ), ফলত লগে লগে মানুহে কিয়ামতৰ ভয়াৱহ দৃশ্যাদি লক্ষ্য কৰিব, তথা মানুহে প্ৰতীক্ষা কৰিবআল্লাহে সিহঁ তৰসৈতে কি বা আচৰণ কৰে।

وَقَالُوا۟ يَـٰوَيْلَنَا هَـٰذَا يَوْمُ ٱلدِّينِ ﴿٢٠﴾

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মু শ্বৰিকসকলে ক’বঃ হায় আমাৰ বিনাশ! এইটো দেখোন সেই দিৱস, যিদিনা আল্লাহে তেওঁ ৰ বান্দাসকলক পৃথিৱীত কৰা সিহঁ তৰ কৰ্মৰ প্ৰতিদান দিব।

هَـٰذَا يَوْمُ ٱلْفَصْلِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ ﴿٢١﴾

তেতিয়া সিহঁ তক কোৱা হ’ব, এইটোৱে বান্দাসকলৰ মাজত হ’বলগীয়া ফয় চালাৰ দিন, যিটোক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা আৰু অগ্ৰাহ্য কৰিছিলা।

۞ ٱحْشُرُوا۟ ٱلَّذِينَ ظَلَمُوا۟ وَأَزْوَٰجَهُمْ وَمَا كَانُوا۟ يَعْبُدُونَ ﴿٢٢﴾

مِن دُونِ ٱللَّهِ فَٱهْدُوهُمْ إِلَىٰ صِرَٰطِ ٱلْجَحِيمِ ﴿٢٣﴾

সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁ তক জাহান্নামৰপথ দেখুৱাই দিয়া আৰুসিহঁ তক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁ তৰঠি কনা।

وَقِفُوهُمْ ۖ إِنَّهُم مَّسْـُٔولُونَ ﴿٢٤﴾

সিহঁ তক জাহান্নামত নিক্ষেপ কৰাৰআগতে হিচাপ-নিকাচৰবাবেৰখাই দিয়া, কাৰণ সিহঁ তক সোধ-পোচ কৰা হ’ব। তাৰপিছত সিহঁ তক জাহান্নামৰপিনে খেদি লৈ যোৱা। ما لكم لا تناصرون

مَا لَكُمْ لَا تَنَاصَرُونَ ﴿٢٥﴾

সিহঁ তক ধমক দি কোৱা হ’ব, কি হ’ল তোমালোকৰ, পৃথিৱীত তোমালোকে যিদৰে ইজনে সিজনৰ সহায় কৰিছিলা, আজি কিয় তোমালোকে ইজনে সিজনক সহায় নকৰা? তথা তোমালোকে জানো ভবা নাছিলা যে, তোমালোকৰ মূ ৰ্ত্তিবোৰে তোমালোকক সহায় কৰিব?!

بَلْ هُمُ ٱلْيَوْمَ مُسْتَسْلِمُونَ ﴿٢٦﴾

কিন্তু সিহঁত সেইদিনা আল্লাহৰ আদেশ পালন কৰিবলৈ তৎপৰ হ’ব, ফলত অপমানিত হ’ব। সিহঁত ইমান বিৱশ আৰু অসহায় হৈ পৰিব যে, ইজনে সিজনক সহায়ো কৰিব নোৱাৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ ﴿٢٧﴾

সিহঁ তে ইজনে সিজনক সম্বোধন কৰিভৰ্ৎ সনা কৰিবআৰুবিবাদ কৰিব। যদিও সেইদিনা সিহঁ তৰএই ভৰ্ৎ সনা আৰুবিবাদ কোনো কামত নাহিব।

قَالُوٓا۟ إِنَّكُمْ كُنتُمْ تَأْتُونَنَا عَنِ ٱلْيَمِينِ ﴿٢٨﴾

সেইদিনা অনু সাৰীসকলে অনু সৰণ কৰা লোকসকলক উদ্দেশ্যি ক’বঃ হে আমাৰ নেতাসকল! তোমালোকে ধৰ্মৰ পোছাক পৰিধান কৰি সত্যৰ সুযোগলৈ আমাৰ দৃষ্টি ত কু ফৰী আৰু শ্বিৰ্ক ক শোভনীয় কৰি দিছিলা, যাতে আমি গুনাহত লিপ্ত থাকোঁ। তথা আমাক সেই সত্যৰ পৰা আঁতৰত ৰাখিছিলা, যিটো ৰাছু লসকলে আল্লাহৰ পৰা লৈ আহিছিল। قالوا بل لم تكونوامؤمنين

قَالُوا۟ بَل لَّمْ تَكُونُوا۟ مُؤْمِنِينَ ﴿٢٩﴾

তেতিয়া যিসকলক অনুসৰণ কৰা হৈছিল সিহঁ তে অনুসাৰীসকলক উদ্দেশ্যি ক’বঃ বিষয় টো তেনেকু ৱা নহয় , যিদৰে তোমালোকে ভাবি আছা। বৰং তোমালোকে কু ফৰীৰ ওপৰত অবিচল আছিলা আৰু ঈমান পোষণ কৰা নাছিলা। বৰং তোমালোক আছিলা অস্বীকাৰকাৰী।

وَمَا كَانَ لَنَا عَلَيْكُم مِّن سُلْطَـٰنٍۭ ۖ بَلْ كُنتُمْ قَوْمًۭا طَـٰغِينَ ﴿٣٠﴾

হে অনুসাৰীসকল! তোমালোকক কু ফৰী আৰু শ্বিৰ্ক গুনাহত লিপ্ত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাছিল। বৰং তোমালোকে নিজেই কু ফৰী আৰু পথভ্ৰ ষ্টতাৰসীমাচেৰাই গৈছিলা।

فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَآ ۖ إِنَّا لَذَآئِقُونَ ﴿٣١﴾

গতিকে আমাৰ আৰু তোমালোকৰ বিষয়ে আল্লাহে কৰা প্ৰতিশ্ৰুতি এতিয়া পূৰণ হৈছে, তেওঁ আগতীয়াকৈ জনাইছিল যে, (‘নিশ্চয় তোমাৰ দ্বাৰা আৰু সিহঁ তৰ মাজৰ যিবিলাকে তোমাৰ অনু সৰণ কৰিব সিহঁ ত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰণ কৰিম’।) (ছু ৰা চোৱাদঃ ৮৫) গতিকে আমাৰ প্ৰতিপালকে যি কথা দিছিল, সেইমতে এতিয়া আমি শাস্তি ভোগ কৰিবই লাগিব। فأغوينكم إنا كنا غوين

فَأَغْوَيْنَـٰكُمْ إِنَّا كُنَّا غَـٰوِينَ ﴿٣٢﴾

সেয়ে হে আমি তোমালোকক পথভ্ৰ ষ্টতথাকু ফৰীপথৰপিনে আহ্বান কৰিছিলোঁ। দৰাচলতে আমি নিজেই সত্যৰপথৰপৰাআঁতৰিআছিলোঁ।

فَإِنَّهُمْ يَوْمَئِذٍۢ فِى ٱلْعَذَابِ مُشْتَرِكُونَ ﴿٣٣﴾

যিসকলক অনু সৰণ কৰা হৈছিল আৰু যিসকলে অনু সৰণ কৰিছিল, সিহঁ ত সকলোকে কিয়ামতৰ দিনা শাস্তি ত পতিত কৰা হ’ব।

إِنَّا كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ ﴿٣٤﴾

যিদৰে আমি এই লোকসকলক শাস্তি ৰ সোৱাদ উপভোগ কৰাইছোঁ, ঠি ক সেইদৰে আমি অন্যান্য অপৰাধীবিলাককো শাস্তি বিহিম।

إِنَّهُمْ كَانُوٓا۟ إِذَا قِيلَ لَهُمْ لَآ إِلَـٰهَ إِلَّا ٱللَّهُ يَسْتَكْبِرُونَ ﴿٣٥﴾

এই মুশ্বৰিকসকলক পৃথিৱীত যেতিয়া কোৱা হৈছিল যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, যাতে ইয়াৰ দাবী অনুযায়ী আমল কৰে আৰু ইয়াৰ পৰিপন্থী বিষয় বোৰ পৰিত্যাগ কৰে, তেতিয়া সিহঁ তে সত্যৰ পৰা গৌৰৱ কৰি তথা অহংকাৰ কৰি আঁতৰি গৈছিল। بلغ আল-কোৰআন · তাফছীৰ

وَيَقُولُونَ أَئِنَّا لَتَارِكُوٓا۟ ءَالِهَتِنَا لِشَاعِرٍۢ مَّجْنُونٍۭ ﴿٣٦﴾

সিহঁ তে নিজৰ কু ফৰী কৰ্মক বৈধ সাব্যস্ত কৰিবলৈ এইদৰে কয় যে, এজন কবি আৰু উন্মাদ ব্যক্তি ৰ কথামতে আমি আমাৰ উপাস্যবোৰৰ উপাসনা এৰি দিম নেকি? ইয়াৰ দ্বাৰা সিহঁ তে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামক বুজাইছে।

بَلْ جَآءَ بِٱلْحَقِّ وَصَدَّقَ ٱلْمُرْسَلِينَ ﴿٣٧﴾

সিহঁ তে মহা মিছা আৰোপ কৰিছে। কাৰণ আল্লাহৰ ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লাম উন্মাদো নহয় , কবিও নহয় । বৰং তেওঁ কোৰআন লৈ প্ৰে ৰিত হৈছে, যিয়ে আল্লাহৰ তাওহীদ আৰু ৰাছু লৰ অনু সৰণৰ পিনে আহ্বান কৰে। তথা ৰাছু লসকলে আল্লাহৰ ফালৰ পৰা তাওহীদ আৰু আখিৰাতৰ যি বাৰ্তা লৈ আহিছিল তাক সমৰ্থন কৰে। কোনো বিষয় তেই তেওঁ লোকৰ বিৰোধিতা কৰা নাছিল।

إِنَّكُمْ لَذَآئِقُوا۟ ٱلْعَذَابِ ٱلْأَلِيمِ ﴿٣٨﴾

হে মু শ্বৰিকসকল! তোমালোকে কু ফৰী কৰাৰ কাৰণে আৰু ৰাছু লসকলক অস্বীকাৰ কৰাৰ কাৰণে নিশ্চিতভাৱে কিয়ামতৰ দিনা কষ্ট দায় ক শাস্তি ৰ সোৱাদ উপভোগ কৰিবা। وما تجزون إلا ما كنتمتعملون

وَمَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ ﴿٣٩﴾

হে মু শ্বৰিকসকল! তোমালোকক কেৱল সেই কৰ্মৰহে প্ৰতিদান দিয়া হ’ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা, যেনে আল্লাহৰ লগত কৰা কু ফৰী কৰ্ম আৰু বিভিন্ন প্ৰকাৰৰ গুনাহৰ কৰ্ম।

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿٤٠﴾

কিন্তু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন বান্দাসকলৰ বাহিৰে, যিসকলক আল্লাহে তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰি লৈছে। তথা তেওঁলোকে নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰে। তেওঁ লোকে এই শাস্তি ৰ পৰা ৰক্ষা পাব।

أُو۟لَـٰٓئِكَ لَهُمْ رِزْقٌۭ مَّعْلُومٌۭ ﴿٤١﴾

তেওঁলোকেই হৈছে আল্লাহৰ প্ৰকৃ ত বান্দা, তেওঁলোকৰ বাবে আছে আল্লাহৰ ফালৰ পৰা উত্তম জীৱিকা। এই জীৱিকাৰ স্বচ্ছতা, সৌন্দ ৰ্যআৰু স্থায়ি ত্বনিৰ্ধাৰিত।

فَوَٰكِهُ ۖ وَهُم مُّكْرَمُونَ ﴿٤٢﴾

এই জীৱিকাৰ মাজত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফল-মূ ল, যিবোৰ তেওঁ লোকে খোৱাৰ কামনা কৰিব। ইয়াতকৈও ওপৰত যিটো মৰ্যাদা তেওঁ লোকক প্ৰদান কৰা হ’ব সেইটো হৈছে এই যে, তেওঁ লোকৰ মৰ্যাদা বৃদ্ধি কৰি তেওঁ লোকক সন্মানিত কৰা হ’ব, লগতে তেওঁ লোকে আল্লাহৰ মহা সন্মানিত চেহেৰা দেখা পোৱাৰ সৌভাগ্য লাভ কৰিব।

فِى جَنَّـٰتِ ٱلنَّعِيمِ ﴿٤٣﴾

এই সকলোবোৰবস্তু তেওঁ লোকে জান্নাতত লাভ কৰিব,যি জান্নাতৰনিয়ামত চিৰস্থায়ী,কেতিয়াও সমাপ্ত নহয় । بلغ আল-কোৰআন · তাফছীৰ عل سرر متقبلين

عَلَىٰ سُرُرٍۢ مُّتَقَـٰبِلِينَ ﴿٤٤﴾

তেওঁ লোকে মৰ্যাদাপূৰ্ণ আসনত আউজি বহি ইজনে সিজনক দৰ্শন কৰিব। يطاف عليهم بكأس من معين

يُطَافُ عَلَيْهِم بِكَأْسٍۢ مِّن مَّعِينٍۭ ﴿٤٥﴾

তেওঁ লোকৰ সন্মুখত এনেকু ৱা মদিৰাৰ পিয় লা উপস্থাপন কৰা হ’ব, যিটো প্ৰবাহিত পানীৰ দৰে নিকা আৰু স্বচ্চহ’ব।

بَيْضَآءَ لَذَّةٍۢ لِّلشَّـٰرِبِينَ ﴿٤٦﴾

শুভ্ৰ বৰণৰ হ'ব। উপভোগকাৰীয়ে পৰিপূৰ্ণৰূপে উপভোগ কৰিব। لا فيها غول ولا هم عنها ينزفون

لَا فِيهَا غَوْلٌۭ وَلَا هُمْ عَنْهَا يُنزَفُونَ ﴿٤٧﴾

তাত উপলব্ধ মদিৰাবোৰ, পাৰ্থিৱ মদিৰাৰ দৰে নহয় । সেই মদিৰাত এনেকু ৱা কোনো নিচা জাতীয় দ্ৰৱ্যনাথাকিব, যিটোৱে মানুহৰ বিবেকক প্ৰভাৱিত কৰে। সেই মদিৰা গ্ৰহণ কৰিলে মূ ৰৰ বিষো অনু ভৱ নহ'ব। আনকি ইয়াৰ ফলত শৰীৰ আৰু বিবেক সম্পূৰ্ণৰূপে সুস্থ থাকিব।

وَعِندَهُمْ قَـٰصِرَٰتُ ٱلطَّرْفِ عِينٌۭ ﴿٤٨﴾

জান্নাতত তেওঁ লোকৰ বাবে থাকিব এনেকু ৱা পৱিত্ৰ স্ত্ৰীসকল, যিসকলৰ দৃষ্টি তেওঁ লোকৰ স্বামীৰ বাহিৰে আন কাৰো প্ৰতি নপৰিব। তেওঁ লোকৰ চকু যোৰ হ’ব অতি আকৰ্ষণীয় । كأن هن بيض مكنون

كَأَنَّهُنَّ بَيْضٌۭ مَّكْنُونٌۭ ﴿٤٩﴾

তেওঁ লোকৰ শৰীৰৰ ৰং পাতল সোণ বৰণীয়া শুভ্ৰোজ্জ্বল ইমান ধুনীয়া হ’ব যে, যেনিবা চৰাইৰ কণী। যিটোক কোনো হাতে স্পৰ্শ কৰা নাই।

فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ ﴿٥٠﴾

এতেকে জান্নাতীসকলৰ কিছু মানে আন কিছু মানক তেওঁলোকৰ অতীত সম্পৰ্কে জিজ্ঞাসাবাদ কৰিব, তথা এই কথা জানিবলৈ কৌতূ হল সৃষ্টি হ’ব যে, পৃথিৱীত তেওঁ লোকৰসৈতে কি কি সংঘটি ত হৈছিল।

قَالَ قَآئِلٌۭ مِّنْهُمْ إِنِّى كَانَ لِى قَرِينٌۭ ﴿٥١﴾

সেই মু মিনসকলৰ মাজৰ কোনোবাই ক’বঃ পৃথিৱীত মোৰ এজন বন্ধু আছিল, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল।

يَقُولُ أَءِنَّكَ لَمِنَ ٱلْمُصَدِّقِينَ ﴿٥٢﴾

সি অস্বীকাৰ কৰি আৰু মোক উপহাস কৰি কৈছিল, হে বন্ধু! তু মিও এই আখিৰাতৰ জীৱনক বিশ্বাস কৰা নেকি? أءذا متنا وكنا ترابا وعظما أءنا لمدينون

أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَـٰمًا أَءِنَّا لَمَدِينُونَ ﴿٥٣﴾

আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটি ত পৰিণত হ'ম, ইপিনে আমাৰ হাড় বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক পুনৰ্জীৱিত কৰা হ’ব নেকি? লগতে পৃথিৱীত কৰা আমাৰ কৰ্মবোৰৰ প্ৰতিদান আমাক দিয়া হ’ব নেকি? بلغ আল-কোৰআন · তাফছীৰ قال هل أنتم مط لعون

قَالَ هَلْ أَنتُم مُّطَّلِعُونَ ﴿٥٤﴾

তাৰ মুমিন বন্ধুজনে তেওঁৰ জান্নাতী সংগীসকলক ক’বঃ আহকচোন চাওঁ, মোৰ সেই বন্ধুজনৰ কি অৱস্থা এতিয়া, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল?

فَٱطَّلَعَ فَرَءَاهُ فِى سَوَآءِ ٱلْجَحِيمِ ﴿٥٥﴾

এতেকে তেওঁ লোকে ভু মু কি মাৰি চাব, আৰু তাৰ সেই বন্ধুজনক জাহান্নামৰ মাজ মজিয়াত দেখা পাব।

قَالَ تَٱللَّهِ إِن كِدتَّ لَتُرْدِينِ ﴿٥٦﴾

এই দেখি তেওঁ ক’বঃ আল্লাহৰ শপত! হে মোৰ সঙ্গী, তু মি দেখোন মোকো জাহান্নামৰ অধিবাসী বনালাহেঁ তেন, যদি মই তোমাৰ সেই কু ফৰী কৰ্মক সমৰ্থন কৰিলোঁহেঁ তেন আৰু আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিলোঁহেঁ তেন।

وَلَوْلَا نِعْمَةُ رَبِّى لَكُنتُ مِنَ ٱلْمُحْضَرِينَ ﴿٥٧﴾

যদি মোৰ প্ৰতি আল্লাহৰ অনুগ্ৰ হ নহ’লহেঁ তেন, যিয়ে মোক ঈমানৰ পথ দেখুৱাইছে আৰু হিদায় তৰ তাওফীক প্ৰদান কৰিছে, তেন্তে ময়ো তোমাৰ দৰে জাহান্নামতনিক্ষিপ্ত হ’লোঁহেঁ তেন। أفما نحن بميتين

أَفَمَا نَحْنُ بِمَيِّتِينَ ﴿٥٨﴾

শুনক! আমি জান্নাতৰঅধিবাসীসকলে কেতিয়াও মৃ ত্যুবৰণ নকৰোঁ।

إِلَّا مَوْتَتَنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ ﴿٥٩﴾

আমাৰ মৃত্যু কেৱল এবাৰেই আছিল, যিটোৰ সোৱাদ আমি পৃথিৱীতে গ্ৰহণ কৰিছোঁ। বৰং এতিয়া আমি জান্নাতত চিৰকাল বসবাস কৰিম। আনহাতে আমি কাফিৰসকলৰ দৰে শাস্তি ৰ সন্মুখীনো নহওঁ ।

إِنَّ هَـٰذَا لَهُوَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿٦٠﴾

এই যিটো প্ৰতিদান আমাৰ প্ৰতিপালকে আমাক প্ৰদান কৰিছে, (যেনে- জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ, জাহান্নামৰ পৰা সুৰক্ষা আদি) এইটো হৈছে মহা সফলতা। কোনো সফলতাই ইয়াৰসমান হ’ব নোৱাৰে।

لِمِثْلِ هَـٰذَا فَلْيَعْمَلِ ٱلْعَـٰمِلُونَ ﴿٦١﴾

এনেকু ৱামহাপ্ৰ তিদানৰবাবেই আমলকাৰীয়ে আমল কৰাউচিত। কিয় নোএইটোৱেই হৈছে লাভদায় ক ব্যৱসায় ।

أَذَٰلِكَ خَيْرٌۭ نُّزُلًا أَمْ شَجَرَةُ ٱلزَّقُّومِ ﴿٦٢﴾

উপৰোক্ত যিবোৰ নিয়ামত বৰ্ণনা কৰা হ’ল, যিবোৰ আল্লাহে তেওঁৰ নিষ্ঠাৱান বান্দাসকলৰ বাবে প্ৰস্তু ত কৰি ৰাখিছে, সন্মান আৰু আতিথ্যৰ বাবে সেইবোৰ নিয়ামত উত্তম নে সেই ঝাক্কু ম গছ উত্তম, যিটোক কোৰআনত অভিশপ্ত বুলি কোৱা হৈছে? যিটো গছ কাফিৰসকলক খাবলৈ দিয়া হ’ব, যি খাদ্যই সিহঁ তৰপুষ্টি ও সাধন নকৰিবআৰু ক্ষু ধাও নিবাৰণ নকৰিব। بلغ আল-কোৰআন · তাফছীৰ إنا جعلنها فتنة للظ لمين

إِنَّا جَعَلْنَـٰهَا فِتْنَةًۭ لِّلظَّـٰلِمِينَ ﴿٦٣﴾

আমি এই গছজোপাক এটা পৰীক্ষাস্বৰূপ বনাইছোঁ। ইয়াৰ দ্বাৰা সেইসকল লোকৰ পৰীক্ষা লোৱা হয় , যিসকলে কু ফৰী আৰু গুনাহৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে। সিহঁ তে কয়ঃজুয়ে গছ-গছনি খৰিআদিক পুৰিপেলায় , গতিকে জুইৰমাজত গছ হোৱাটো সম্ভ ৱনহয় ।

إِنَّهَا شَجَرَةٌۭ تَخْرُجُ فِىٓ أَصْلِ ٱلْجَحِيمِ ﴿٦٤﴾

নিশ্চিতভাৱেঝাক্কু ম গছ উৎপন্ন হয় নিকৃ ষ্টঠাইত। কিয় নোসেই গছ উৎপন্ন হয় জাহান্নামৰগহীন গহ্ব ৰত।

طَلْعُهَا كَأَنَّهُۥ رُءُوسُ ٱلشَّيَـٰطِينِ ﴿٦٥﴾

সেই গছৰ পৰা উৎপন্ন হোৱা ফল দেখাত অত্যন্ত কু ৎসিত, যেনিবা চয় তানৰ মূ ৰ। আকাৰ আকৃ তিয়ে প্ৰমাণ কৰে যে, ই অত্যন্ত দুৰ্গন্ধযুক্ত । অৰ্থাৎ ইয়াৰ ফলঅত্যন্ত নিকৃ ষ্টসোৱাদযুক্ত।

فَإِنَّهُمْ لَـَٔاكِلُونَ مِنْهَا فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ ﴿٦٦﴾

নিশ্চয় কাফিৰসকলে সেই তিক্ত আৰু নিকৃ ষ্টফল ভক্ষণ কৰিব, আৰু তাৰজৰিয় তে নিজৰউদৰভৰিব। ثم إن لهم عليها لشوبا من حميم

ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًۭا مِّنْ حَمِيمٍۢ ﴿٦٧﴾

সেই ফল ভক্ষণ কৰাৰপিছত সিহঁ তক যিটো পানীয় পৰিবেশন কৰা হ’ব, সেইটো হ’বগৰম আৰুনিকৃ ষ্টউপাদানেৰেমিশ্ৰি ত।

ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى ٱلْجَحِيمِ ﴿٦٨﴾

ইয়াৰপিছত সিহঁ তক জাহান্নামৰশাস্তি ৰপিনে প্ৰত্যাৱৰ্ত ন কৰোৱা হ’ব, এতেকে সিহঁ ত এটা শাস্তি ৰপৰা আনটো শাস্তি লৈ প্ৰস্থান কৰিথাকিব।

إِنَّهُمْ أَلْفَوْا۟ ءَابَآءَهُمْ ضَآلِّينَ ﴿٦٩﴾

নিশ্চয় এই কাফিৰসকলে নিজৰ পিতৃ -পুৰুষসকলক হিদায় তৰ পথৰ পৰা পথভ্ৰ ষ্টঅৱস্থাত পাইছিল। সেয়ে ইহঁ তেও দেখা-দেখি সিহঁ তৰেই অনুসৰণ কৰিছে। প্ৰমাণৰপ্ৰ তি কোনো ভ্ৰূক্ষেপ কৰা নাই।

فَهُمْ عَلَىٰٓ ءَاثَـٰرِهِمْ يُهْرَعُونَ ﴿٧٠﴾

সেইকাৰণেই ইহঁ তে পূৰ্ব-পুৰুষসকলৰঅনু সৰণ কৰিবিভ্ৰান্তি ৰপিনে ক্ষীপ্ৰ তাৰেআগুৱাই গৈ আছে।

وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ ٱلْأَوَّلِينَ ﴿٧١﴾

নিশ্চয় ইহঁতৰপূৰ্বেও পূৰ্বৱৰ্তী লোকসকলৰমাজৰপৰা বহুতো লোক পথভ্ৰ ষ্টহৈছিল। গতিকে হে ৰাছুল! আপোনাৰসম্প্ৰ দায়ে ই প্ৰথম পথভ্ৰ ষ্টজাতি নহয় । بلغ আল-কোৰআন · তাফছীৰ ولقد أرسلنا فيهم منذرين

وَلَقَدْ أَرْسَلْنَا فِيهِم مُّنذِرِينَ ﴿٧٢﴾

নিশ্চয় আমি পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজতো ৰাছু ল প্ৰে ৰণ কৰিছিলোঁ। যিসকলে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ভয় দেখুৱাইছিল, কিন্তু তথাপিও সিহঁ তে অস্বীকাৰ কৰিছিল।

فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُنذَرِينَ ﴿٧٣﴾

হে ৰাছু ল! লক্ষ্য কৰকচোন, সেইসকল লোকৰ পৰিণাম কেনেকু ৱা আছিল, যিসকলক সিহঁ তৰ ৰাছু লসকলে সতৰ্ক কৰিছিল কিন্তু সিহঁ তে তেওঁলোকৰ কথাত সঁহাৰি দিয়া নাছিল। নিশ্চয় সিহঁতৰ পৰিণাম আছিল চিৰস্থায়ী জাহান্নাম। কিয় নো সিহঁতে কু ফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿٧٤﴾

কেৱল সেইসকল লোকৰ বাহিৰে, যিসকলক আল্লাহে ঈমান পোষণ কৰাৰ বাবে নিৰ্বাচিত কৰিছে। কিয় নো তেওঁলোক সেই শাস্তি ৰ পৰা সুৰক্ষিত থাকিব, যি শাস্তি ৰ দ্বাৰা অস্বীকাৰ কৰা কাফিৰসকলৰ অন্ত হ’ব।

وَلَقَدْ نَادَىٰنَا نُوحٌۭ فَلَنِعْمَ ٱلْمُجِيبُونَ ﴿٧٥﴾

নিশ্চয় আমাৰ নবী নূহ আলাইহিচ্ছালামে আমাক আহ্বান কৰিছিল, যেতিয়া তেওঁ সেই সম্প্ৰ দায় ৰ বিৰুদ্ধে বদ্দুআ কৰিছিল যিসকলে তেওঁক নাকচ কৰিছিল তথা অস্বীকাৰ কৰিছিল। তেতিয়া আমি তেওঁ ৰ প্ৰাৰ্থনাৰ গুৰুত্ব সহকাৰে সঁহাৰি দিছিলোঁ। কাৰণ সিহঁ তৰ বিৰুদ্ধে তেওঁ ৰ বদ্দুআ আমি লগে লগে স্বীকাৰ কৰিছিলোঁ।

وَنَجَّيْنَـٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ ﴿٧٦﴾

নিশ্চয় আমি তেওঁ ক আৰু তেওঁ ৰ পৰিয়ালক, লগতে তেওঁ ৰ সৈতে থকা মু মিনসকলক তেওঁ ৰ সম্প্ৰ দায় ৰ নিৰ্যাতনৰ পৰা আৰু সেই মহাপ্লাৱনৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটোক কাফিৰসকলৰ ধ্বংসৰ বাবে প্ৰে ৰণ কৰা হৈছিল।

وَجَعَلْنَا ذُرِّيَّتَهُۥ هُمُ ٱلْبَاقِينَ ﴿٧٧﴾

আমি কেৱল তেওঁৰ পৰিয়ালক আৰু তেওঁৰ মুমিন অনুসাৰীসকলক ৰক্ষা কৰিছিলোঁ। তেওঁলোকৰ বাহিৰে আন আন কাফিৰ লোকসকলক ডু বাই মাৰিছিলোঁ।

وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ ﴿٧٨﴾

পৰৱৰ্তী লোকসকলৰমাজত তেওঁ লোকৰউত্তম প্ৰশংসা জাৰিৰাখিছিলোঁ। সেয়ে হে মানু হে তেওঁ লোকৰভূ য় সী প্ৰশংসা কৰিছিল।

سَلَـٰمٌ عَلَىٰ نُوحٍۢ فِى ٱلْعَـٰلَمِينَ ﴿٧٩﴾

পৰৱৰ্তী লোকসকলৰ মাজৰ কোনেও যাতে নূ হ আলাইহিচ্ছালামক বেয়াকৈ ক’ব নোৱাৰে, তাৰ পৰা তেওঁ ক সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰা হৈছে। বৰং তেওঁ ৰ প্ৰশংসা আৰু ভাল চৰ্চা সদায় কিংবদন্তি হিচাপে চলি থাকিব। بلغ আল-কোৰআন · তাফছীৰ

إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿٨٠﴾

আমি নূহ আলাইহিচ্ছালামক যি প্ৰতিদান দিছোঁ, এনেকু ৱা প্ৰতিদান আমি প্ৰত্যেক সেইসকল ব্যক্তিক প্ৰদান কৰিম, যিসকলে নিষ্ঠা সহকাৰে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে তথা তেওঁ ৰ আনু গত্য কৰে।

إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿٨١﴾

নিশ্চয় নূ হ হৈছে আল্লাহৰ আনু গত্য কৰা মু মিন বান্দাসকলৰ অন্যতম।

ثُمَّ أَغْرَقْنَا ٱلْـَٔاخَرِينَ ﴿٨٢﴾

ইয়াৰ পিছত বাকী লোকসকলক আমি প্ৰে ৰণ কৰা মহাপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁ তৰ মাজৰ কোনেও ৰক্ষা পোৱা নাছিল।

۞ وَإِنَّ مِن شِيعَتِهِۦ لَإِبْرَٰهِيمَ ﴿٨٣﴾

নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম তেওঁৰেই ধৰ্মৰ সেই লোকসকলৰ অন্ত ৰ্ভু ক্তআছিল, যিসকলে তেওঁৰ দৰেই আল্লাহৰ তাওহীদৰ পিনে মানুহক আহ্বান কৰিছিল।

إِذْ جَآءَ رَبَّهُۥ بِقَلْبٍۢ سَلِيمٍ ﴿٨٤﴾

স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰলৈ শ্বি ৰ্কৰ পৰা পৱিত্ৰ আৰু আল্লাহৰ বাবে তেওঁ ৰ মখলুকৰ হিতাকাংক্ষী অন্ত ৰ লৈ আগমন কৰিছিল। إذ قال لأبيه وقومه ماذا تعبدون

إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَاذَا تَعْبُدُونَ ﴿٨٥﴾

যেতিয়া তেওঁ নিজৰ পিতৃ ক আৰু তেওঁ ৰ মু শ্বৰিক সম্প্ৰ দায় ক ভৰ্ৎ সনা কৰি কৈছিলঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ কিহৰ পূজা-পাঠ কৰা?

أَئِفْكًا ءَالِهَةًۭ دُونَ ٱللَّهِ تُرِيدُونَ ﴿٨٦﴾

আল্লাহক এৰি তোমালোকে এই মিছা উপাস্যবোৰৰ পূজা-পাঠ কৰা নেকি?

فَمَا ظَنُّكُم بِرَبِّ ٱلْعَـٰلَمِينَ ﴿٨٧﴾

হে মোৰ জাতিৰ লোকসকল! বিশ্বজগতৰ প্ৰতিপালক আল্লাহ সম্পৰ্কে তোমালোকৰ ধাৰণা কি, যেতিয়া তোমালোকে তেওঁৰ বাহিৰে আনৰ পূজা-পাঠ কৰা অৱস্থাত তেওঁ ৰসৈতে সাক্ষাৎ কৰিবা? তোমালোকেই কোৱাচোন, তেতিয়া তেওঁ তোমালোকৰসৈতে কি আচৰণ কৰিব?!

فَنَظَرَ نَظْرَةًۭ فِى ٱلنُّجُومِ ﴿٨٨﴾

তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে আকাশৰ প্ৰতি দৃষ্টি পাত কৰিলে, যাতে তেওঁৰ জাতিৰ সৈতে ওলাই যোৱাৰ পৰা বিৰত থকাৰ কোনো উপায় অনু সন্ধান কৰিবপাৰে। بلغ আল-কোৰআন · তাফছীৰ فقال إنى سقيم

فَقَالَ إِنِّى سَقِيمٌۭ ﴿٨٩﴾

এতেকে তেওঁ লোকসকলৰসৈতে মেলাত গমন কৰাৰপৰা বিৰত থকাৰবাবেঅজুহাত দেখুৱাই ক’লেঃআজি মই অসুস্থ । فتولوا عنه مدبرين

فَتَوَلَّوْا۟ عَنْهُ مُدْبِرِينَ ﴿٩٠﴾

ফলত সিহঁ তে তেওঁ ক এৰিগুচি গ’ল।

فَرَاغَ إِلَىٰٓ ءَالِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ ﴿٩١﴾

সিহঁত গুচি যোৱাৰ পিছত তেওঁ সেই মূৰ্ত্তিবোৰৰ ওচৰলৈ গ’ল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। তেতিয়া তেওঁ সিহঁতৰ সেই উপাস্যবোৰক উপহাসসূচক বাক্যত ক’লেঃ তোমালোকে এইবোৰ খাদ্য কিয় নোখোৱা, মুশ্বৰিকসকলে দেখোন বিশেষকৈ তোমালোকৰ বাবে এইবোৰ প্ৰস্তু তকৰিছে?! ما لكم لا تنطقون

مَا لَكُمْ لَا تَنطِقُونَ ﴿٩٢﴾

কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয় ? আৰু প্ৰাৰ্থনাকাৰীসকলৰ প্ৰাৰ্থনাত সঁহাৰি নিদিয়া কিয় ?! আল্লাহৰ বাহিৰে এইবোৰক উপাসনা কৰা উচিত নে?

فَرَاغَ عَلَيْهِمْ ضَرْبًۢا بِٱلْيَمِينِ ﴿٩٣﴾

ইয়াৰপিছত ইব্ৰাহীম আলাইহিচ্ছালামে সেইবোৰক ভাঙি চূ ৰ্ণ-বিচূ ৰ্ণকৰিবলৈ সোঁহাতেৰেসজোৰেআঘাত কৰিবলৈ ধৰিলে।

فَأَقْبَلُوٓا۟ إِلَيْهِ يَزِفُّونَ ﴿٩٤﴾

মেলাৰ পৰা ঘূৰি আহি মূ ৰ্ত্তিবোৰৰ উপাসনাকাৰীসকলে ততাতৈয়াকৈ তেওঁ ৰ ফালে ঢাপলি মেলিলে। قال أتعبدون ما تنحتون

قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ ﴿٩٥﴾

ইব্ৰাহীম আলাইহিচ্ছালামে দৃঢ় তাৰে সিহঁ তৰ মোকাবিলা কৰিলে আৰু সিহঁ তক ধিক্কাৰ দি ক’লেঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ উপাস্যৰ আৰাধনা কৰা নেকি, যিবোৰক তোমালোকে নিজ হাতেৰে তৈয়াৰ কৰা?!

وَٱللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ ﴿٩٦﴾

অথচ পৱিত্ৰ আল্লাহেই তোমালোকক আৰু তোমালোকৰ কৰ্মকো সৃষ্টি কৰিছে, আৰু এই মু ৰ্ত্তিবোৰো তোমালোকৰ কৰ্মৰেই এটা অংশ। গতিকে একমাত্ৰ আল্লাহেই ইবাদতৰযোগ্য। লগতে তেওঁ ৰসৈতে আন কাকো তেওঁ ৰ অংশী কৰা বৈধনহয় ।

قَالُوا۟ ٱبْنُوا۟ لَهُۥ بُنْيَـٰنًۭا فَأَلْقُوهُ فِى ٱلْجَحِيمِ ﴿٩٧﴾

এতেকে যেতিয়া সিহঁতে দলিল প্ৰমাণেৰে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰয়োগ কৰিবলৈ ধৰিলে। তেতিয়া সিহঁতে পৰস্পৰৰ মাজত পৰামৰ্শ কৰিবলৈ ধৰিলে যে, ইব্ৰাহীমৰ লগত কি কৰা উচিত। অৱশেষত সিহঁ তে এই সিদ্ধাতন্ত উপনীত হ’ল যে, তেওঁৰ বাবে এটা অগ্নিশালা নিৰ্মাণ কৰা হওক, আৰু তাত কাঠৰ টু কু ৰা, খৰি আদিৰে জুই প্ৰজ্বলিত কৰি তাত তেওঁ ক নিক্ষেপ কৰা হওক। بلغ আল-কোৰআন · তাফছীৰ

فَأَرَادُوا۟ بِهِۦ كَيْدًۭا فَجَعَلْنَـٰهُمُ ٱلْأَسْفَلِينَ ﴿٩٨﴾

ইব্ৰাহীম আলাইহিচ্ছালামৰসম্প্ৰ দায়ে তেওঁক বিনাশ কৰিশান্তি লাভ কৰিববুলি ভাবিছিল। কিন্তু সিহঁ তৰএই প্ৰয়াসত আমি সিহঁ তক ব্যৰ্থ কৰিছিলোঁ। কাৰণ আমি সেই জুইক ইব্ৰাহীম আলাইহিচ্ছালামৰ বাবে শীতল তথা শান্তি ময় কৰি দিছিলোঁ। وقال إنى ذاهب إلى ربى سيهدين

وَقَالَ إِنِّى ذَاهِبٌ إِلَىٰ رَبِّى سَيَهْدِينِ ﴿٩٩﴾

ইব্ৰাহীম আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় মই মোৰ সম্প্ৰ দায় ৰ দেশ এৰি, মোৰ প্ৰতিপালকৰ ফালে হিজৰত কৰিম, যাতে মই নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰিব পাৰোঁ। অচিৰেই মোৰ প্ৰতিপালকে মোক সেই পথ দেখুৱাব, যি পথত মোৰ বাবে আছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ।

رَبِّ هَبْ لِى مِنَ ٱلصَّـٰلِحِينَ ﴿١٠٠﴾

হে মোৰপ্ৰ তিপালক! মোক এজন নেক সন্তান দান কৰা। যিয়ে অচিনাকি ঠাইত মোৰসহায় ক হ’বআৰুমোৰসম্প্ৰ দায় ৰপ্ৰ তিনিধিত্ব কৰিব। فبشرنه بغلم حليم

فَبَشَّرْنَـٰهُ بِغُلَـٰمٍ حَلِيمٍۢ ﴿١٠١﴾

এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁক আনন্দ দায় ক সুসংবাদ দিলোঁ। ফলত আমি তেওঁক এজন পুত্ৰ সন্তানৰ সংবাদ দিলোঁ, যিজন ডাঙৰ হৈ সহনশীল হ’ব। সুযোগ্য সেই পুত্ৰ সন্তান হৈছে ইছমাঈল আলাইহিচ্ছালাম।

فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعْىَ قَالَ يَـٰبُنَىَّ إِنِّىٓ أَرَىٰ فِى ٱلْمَنَامِ أَنِّىٓ أَذْبَحُكَ فَٱنظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَـٰٓأَبَتِ ٱفْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّـٰبِرِينَ ﴿١٠٢﴾

ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁ ৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁ ৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁ ৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰঅন্ত ৰ্ভু ক্তপাব।

فَلَمَّآ أَسْلَمَا وَتَلَّهُۥ لِلْجَبِينِ ﴿١٠٣﴾

ইয়াৰ পিছত তেওঁলোক পিতা-পুত্ৰই যেতিয়া আল্লাহৰ সন্মুখত নত হ’ল আৰু তেওঁৰ আদেশ পালন কৰিবলৈ প্ৰস্তু ত হ’ল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁ ৰপুত্ৰক তলমূ ৰকৰিশুৱাই দিলে, যাতে তেওঁ ক কু ৰবানী কৰাৰসেই আদেশ পালন হয় ।

وَنَـٰدَيْنَـٰهُ أَن يَـٰٓإِبْرَٰهِيمُ ﴿١٠٤﴾

ইব্ৰাহীমে যেতিয়া আল্লাহৰ আদেশ ৰূপায় ণ কৰিবলৈ তেওঁ ৰ পুত্ৰক জবেহ কৰিবলৈ ধৰিলে, তেতিয়া আমি ইব্ৰাহীমক মাতি ক’লোঁ, হে ইব্ৰাহীম!

قَدْ صَدَّقْتَ ٱلرُّءْيَآ ۚ إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٠٥﴾

আপুনি আপোনাৰ পুত্ৰক জবেহ কৰা সম্পৰ্কে দেখা সেই সপোনক বাস্ত ৱ ৰূপ দান কৰিবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। যিদৰে আমি আপোনাক এই মহা পৰীক্ষাৰ পৰা ৰক্ষা কৰি প্ৰতিদান দান কৰিছোঁ, ঠি ক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ আৰু তেওঁলোকক কঠি ন পৰিস্থি তি আৰু বিপদ- আপদৰ পৰা ৰক্ষা কৰোঁ। بلغ আল-কোৰআন · তাফছীৰ

إِنَّ هَـٰذَا لَهُوَ ٱلْبَلَـٰٓؤُا۟ ٱلْمُبِينُ ﴿١٠٦﴾

নিশ্চয় এয়াআছিল স্পষ্ট পৰীক্ষা,য’ত ইব্ৰাহীম আলাইহিচ্ছালামে কৃ তিত্ব সহকাৰেউত্তীৰ্ণ হৈছে। وفدينهبذب ح عظيم

وَفَدَيْنَـٰهُ بِذِبْحٍ عَظِيمٍۢ ﴿١٠٧﴾

আমি ইছমাঈল আলাইহিচ্ছালামক এটা ডাঙৰ দুম্বাৰ কু ৰবানীৰ বিনিময় ত মু ক্তকৰিছিলোঁ, যিটোক তেওঁ ৰ পৰিবৰ্তে কু ৰবানী কৰা হৈছিল।

وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ ﴿١٠٨﴾

আৰুআমি ইব্ৰাহীম আলাইহিচ্ছালামৰউত্তম প্ৰশংসা পৰৱৰ্তী উম্মতসমূ হৰমাজতো অব্যাহত ৰাখিছোঁ।

سَلَـٰمٌ عَلَىٰٓ إِبْرَٰهِيمَ ﴿١٠٩﴾

ইব্ৰাহীমৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম তথা অভিবাদন, লগতে সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।

كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١١٠﴾

যিদৰে আমি ইব্ৰাহীমক তেওঁ ৰআনু গত্যৰবিনিময় ত প্ৰতিদান দান কৰিছোঁ, ঠি ক সেইদৰেআমি সদাচাৰীসকলক প্ৰতিদান দিওঁ ।

إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿١١١﴾

নিশ্চয় ইব্ৰাহীম আছিল আমাৰমু মিন বান্দাসকলৰঅন্ত ৰ্ভু ক্ত। যিসকলেي আল্লাহৰইবাদতৰদাবীসমূ হ পুংখানু পুংখভাৱেআদায় কৰে।

وَبَشَّرْنَـٰهُ بِإِسْحَـٰقَ نَبِيًّۭا مِّنَ ٱلصَّـٰلِحِينَ ﴿١١٢﴾

আমি তেওঁক আৰু এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছিলোঁ। যিজন পিছলৈ নবী হৈছিল আৰু নেক বান্দাত পৰিণত হৈছিল। তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম। এই সুসংবাদ আছিল দৰাচলতে পিতা-মাতাৰ একমাত্ৰ সন্তান ইছমাঈল আলাইহিচ্ছালামৰ কু ৰবানী সম্পৰ্কীয় আল্লাহৰ আদেশ পালন কৰাৰ প্ৰতিদান।

وَبَـٰرَكْنَا عَلَيْهِ وَعَلَىٰٓ إِسْحَـٰقَ ۚ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌۭ وَظَالِمٌۭ لِّنَفْسِهِۦ مُبِينٌۭ ﴿١١٣﴾

আমি তেওঁৰ ওপৰত আৰু তেওঁৰ পুত্ৰ ইছহাক্ব ৰ ওপৰত, আমাৰ ফালৰ পৰা বৰকত অৱতীৰ্ণ কৰিছিলোঁ, আৰু দুয়োকে প্ৰদান কৰিছিলোঁ অসংখ্য নিয়ামত। আমি দুয়োৰে বংশ বিস্তাৰ কৰিছিলোঁ। তেওঁ লোকৰ বংশধৰসকলৰ মাজৰ কিছু মানে আল্লাহৰ আনু গত্য কৰি নেক বান্দাত পৰিণত হৈছিল, আৰুআন কিছু মানে কু ফৰীআৰুগুনাহত লিপ্ত হৈ নিজৰওপৰতেই প্ৰকাশ্যঅন্যায় কৰিছিল। ولقدمنناعل موس وهرون

وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَـٰرُونَ ﴿١١٤﴾

নিশ্চয় আমি মু ছা আৰু তেওঁ ৰ ভাই হাৰূনক নু বুওৱত প্ৰদান কৰি তেওঁ লোকক উপকাৰ কৰিছিলোঁ।

وَنَجَّيْنَـٰهُمَا وَقَوْمَهُمَا مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ ﴿١١٥﴾

আমি তেওঁ লোক দুয়োকে আৰু তেওঁ লোকৰ সম্প্ৰ দায় বনী ইছৰাঈলকো ফিৰআউনৰ দাসত্ব ৰ পৰা আৰু সাগৰত ডু বি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। بلغ আল-কোৰআন · তাফছীৰ

وَنَصَرْنَـٰهُمْ فَكَانُوا۟ هُمُ ٱلْغَـٰلِبِينَ ﴿١١٦﴾

ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে আমি তেওঁলোকক সহায় কৰিছিলোঁ, যাৰ ফলত তেওঁলোকে নিজৰ শত্ৰুসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সফল হৈছিল।

وَءَاتَيْنَـٰهُمَا ٱلْكِتَـٰبَ ٱلْمُسْتَبِينَ ﴿١١٧﴾

আমিয়ে ই মু ছাআৰুতেওঁ ৰভাই হাৰূনক এখন স্পষ্ট গ্ৰন্থদান কৰিছিলোঁ,যাৰমাজত কোনোধৰণৰসন্দে হ নাছিল।

وَهَدَيْنَـٰهُمَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ ﴿١١٨﴾

আমি দুয়োকে সঠি ক পথৰ হিদায় ত দিছিলোঁ, যি পথত কোনো ধৰণৰ বক্ৰ তা নাই। ইয়াৰ দ্বাৰা ইছলাম ধৰ্মৰ পথক বুজোৱা হৈছে, যি পথে পথিকক সৃষ্টি কৰ্তাৰসন্তু ষ্টি ৰপিনে লৈযায় ।

وَتَرَكْنَا عَلَيْهِمَا فِى ٱلْـَٔاخِرِينَ ﴿١١٩﴾

পৰৱৰ্তী উম্মতসমূ হৰ মাজতো তেওঁ লোক দুয়োৰে প্ৰশংসা আৰু উত্তম চৰ্চা অব্যাহত ৰাখিছিলোঁ। سلمعل موس وهرون

سَلَـٰمٌ عَلَىٰ مُوسَىٰ وَهَـٰرُونَ ﴿١٢٠﴾

আল্লাহৰ ফালৰ পৰা তেওঁ লোক দুয়োৰে বাবে আছে পৱিত্ৰ ছালাম আৰু প্ৰত্যেক বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।

إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٢١﴾

যিদৰে আমি মুছা আৰু হাৰূনক উৎকৃ ষ্টপ্ৰতিদান দান কৰিছোঁ, ঠি ক সেইদৰে আমি উত্তম প্ৰতিদান দিওঁ সেইসকল লোকক, যিসকলে নিষ্ঠা সহকাৰে নিজ প্ৰতিপালকৰআনু গত্য কৰে।

إِنَّهُمَا مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿١٢٢﴾

নিশ্চয় মু ছা আৰু হাৰূন আছিল আমাৰমু মিন বান্দাসকলৰঅন্ত ৰ্ভু ক্ত। তেওঁ লোকে চৰীয় ত মু তাবিক আমলকাৰী আছিল।

وَإِنَّ إِلْيَاسَ لَمِنَ ٱلْمُرْسَلِينَ ﴿١٢٣﴾

নিশ্চয় ইলিয়াছো আছিল নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰে ৰিত ৰাছু ল। আল্লাহে তেওঁ ক নু বুওৱত আৰু ৰিছালতৰ দ্বাৰা পুৰস্কৃত কৰিছিল।

إِذْ قَالَ لِقَوْمِهِۦٓ أَلَا تَتَّقُونَ ﴿١٢٤﴾

বনী ইছৰাঈলৰ প্ৰতি তেওঁক প্ৰে ৰণ কৰা হৈছিল, যেতিয়া তেওঁ বনী ইছৰাঈলক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি অৰ্থাৎ তাওহীদ স্বীকাৰ কৰি তথা তেওঁ ৰ নিষেধকৃ ত বিষয় ৰ পৰা বিৰত থাকি অৰ্থাৎ শ্বি ৰ্কৰ পৰা আঁতৰি থাকি তেওঁ ক ভয় নকৰা কিয় ?!

أَتَدْعُونَ بَعْلًۭا وَتَذَرُونَ أَحْسَنَ ٱلْخَـٰلِقِينَ ﴿١٢٥﴾

তোমালোকে আল্লাহক এৰি বা’ল মূ ৰ্ত্তিৰ উপাসনা কিয় কৰা? সৰ্বোৎকৃ ষ্টসৃষ্টি কৰ্তা আল্লাহৰ ইবাদতক পৰিত্যাগ কৰাৰ কাৰণ কি? بلغ আল-কোৰআন · তাফছীৰ

ٱللَّهَ رَبَّكُمْ وَرَبَّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ ﴿١٢٦﴾

অথচ আল্লাহেই হৈছে তোমালোকৰ প্ৰকৃ ত প্ৰতিপালক, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তথা তোমালোকৰ পূৰ্ব-পুৰুষসকলকো তেৱেঁই সৃষ্টি কৰিছিল। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। এই মূ ৰ্ত্তিবোৰ কেতিয়াও উপাসনাৰ যোগ্য নহয় , যিবোৰে উপকাৰ বা অপকাৰ কৰিবলৈও সক্ষম নহয় । فكذبوه فإن هم لمحضرون

فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ ﴿١٢٧﴾

তেওঁ ৰ সম্প্ৰ দায়ে তেওঁ ক অস্বীকাৰকৰাৰবাহিৰেআন কোনো প্ৰতিক্ৰি য়া দিয়া নাছিল। এই অস্বীকাৰৰকাৰণেই সিহঁ তে শাস্তি ভোগ কৰিব।

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿١٢٨﴾

কিন্তু তেওঁৰ সম্প্ৰ দায় ৰ সেইসকল লোকৰ বিষয় টো সুকীয়া, যিসকলে ঈমান আনিছিল আৰু নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰিছিল। তেওঁলোকে শাস্তি ৰ পৰা ৰক্ষা পাব।

وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ ﴿١٢٩﴾

আৰু পৰৱৰ্তী লোকসকলৰ মাজত আমি তেওঁ ৰসুনাম-সুখ্যাতি অৱশিষ্ট ৰাখিছোঁ।

سَلَـٰمٌ عَلَىٰٓ إِلْ يَاسِينَ ﴿١٣٠﴾

ইলিয়াছৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম আৰু প্ৰশংসা।

إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٣١﴾

যিদৰেআমি ইলিয়াছক উত্তম প্ৰতিদান দান কৰিছিলোঁ,ঠি ক সেইদৰেআমি আমাৰসৎকৰ্মশীল মু মিন বান্দাসকলক উত্তম প্ৰতিদান দিওঁ ।

إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿١٣٢﴾

নিশ্চয় ইলিয়াছ আছিল আমাৰমু মিন বান্দাসকলৰঅন্ত ৰ্ভু ক্ত ,তেওঁ নিজ প্ৰতিপালকৰপ্ৰ তি ঈমান পোষণ কৰাৰক্ষেত্ৰত আছিল সত্যবাদী।

وَإِنَّ لُوطًۭا لَّمِنَ ٱلْمُرْسَلِينَ ﴿١٣٣﴾

নিশ্চয় লূত আলাইহিচ্ছালাম আছিল আল্লাহৰ সেইসকল ৰাছু লৰ অন্ত ৰ্ভু ক্ত, যিসকলক তেওঁ নিজ নিজ সম্প্ৰ দায় ৰ প্ৰতি সুসংবাদদাতা আৰু সতৰ্ক কাৰী হিচাপে প্ৰে ৰণ কৰিছিল। إ ذ نجينه وأهله أجمعين

إِذْ نَجَّيْنَـٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ ﴿١٣٤﴾

আপুনি স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া আমি তেওঁ ক আৰু তেওঁ ৰ পৰিয়ালক সেই শাস্তি ৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটো তেওঁ ৰ সম্প্ৰ দায় ৰ ওপৰত প্ৰে ৰণ কৰাহৈছিল।

إِلَّا عَجُوزًۭا فِى ٱلْغَـٰبِرِينَ ﴿١٣٥﴾

কিন্তু তেওঁ ৰপত্নীৰবাহিৰে। তায়োসেই সম্প্ৰ দায় ৰসৈতে শাস্তি ত পতিত হৈছিল। কিয় নোসিহঁ তৰদৰেতায়োআছিল কাফিৰ। بلغ আল-কোৰআন · তাফছীৰ

ثُمَّ دَمَّرْنَا ٱلْـَٔاخَرِينَ ﴿١٣٦﴾

ইয়াৰ পিছত লূতক অস্বীকাৰ কৰা তেওঁৰ সম্প্ৰ দায় ৰ বাকী লোকসকলক আমি ধ্বংস কৰিছিলোঁ। কিয় নো সিহঁ তে তেওঁ লৈ অহা বাৰ্তাক বিশ্বাস কৰা নাছিল। وإ نكم لتمرون عليهم م ص بحين

وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِم مُّصْبِحِينَ ﴿١٣٧﴾

হে মক্কাৰ অধিবাসীসকল! তোমালোকে যেতিয়া ছিৰিয়ালৈ ভ্ৰমণ কৰা, তেতিয়া পুৱাৰ ভাগত নিশ্চয় তোমালোকে সিহঁ তৰ বাসস্থানৰ ওচৰেৰে পাৰ হৈ যোৱা।

وَبِٱلَّيْلِ ۗ أَفَلَا تَعْقِلُونَ ﴿١٣٨﴾

আনহাতে কেতিয়াবা ৰাতিৰ ভাগতো তোমালোকে সিহঁ তৰ সেই ঠাই অতিক্ৰ ম কৰা, তথাপিও তোমালোকে বুজি নোপোৱা নেকি? সিহঁ তে কু ফৰী আৰু অস্বীকাৰ কৰাৰ ফলত, লগতে পূৰ্বে কোনেও নকৰা অশ্লীলতাত লিপ্ত হোৱাৰ কাৰণে সিহঁ তে যি শাস্তি ৰ সন্মুখীন হৈছিল, সেইটোৰ পৰা তোমালোকে কিয় উপদেশ গ্ৰহণ নকৰা?

وَإِنَّ يُونُسَ لَمِنَ ٱلْمُرْسَلِينَ ﴿١٣٩﴾

নিশ্চয় আমাৰ বান্দা ইউনু ছ আলাইহিচ্ছালাম সেইসকল ৰাছু লৰ অন্ত ৰ্ভু ক্তআছিল, যিসকলক আমি তেওঁ লোকৰ সম্প্ৰ দায় ৰ ওচৰলৈ সুসংবাদদাতা আৰু সতৰ্ক কাৰীহিচাপে প্ৰে ৰণ কৰিছিলোঁ।

إِذْ أَبَقَ إِلَى ٱلْفُلْكِ ٱلْمَشْحُونِ ﴿١٤٠﴾

যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰ দায় ক এৰি গুচি গৈছিল, আৰু এনেকু ৱা এখন নাঁৱত আৰোহণ কৰিলে, যিখন যাত্ৰী আৰু বয় -বস্তু ৰে ভৰা আছিল।

فَسَاهَمَ فَكَانَ مِنَ ٱلْمُدْحَضِينَ ﴿١٤١﴾

এতেকে অধিক ভাৰী হোৱাৰ ফলত নাও ডু বি যোৱাৰ উপক্ৰ ম হ’ল, সেয়ে নাও ডু বি যোৱাৰ ভয় ত যাত্ৰীসকলে লটাৰীৰ যোগেদি কেইজনমানক সাগৰত দলিয়াই দিয়াৰসিদ্ধান্ত গ্ৰহণ কৰিলে। ভাগ্যক্ৰ মে লটাৰীত ইউনু ছ আলাইহিচ্ছালামৰনাম উঠি ল,সেয়ে তেওঁ ক সাগৰত নিক্ষেপ কৰাহ’ল।

فَٱلْتَقَمَهُ ٱلْحُوتُ وَهُوَ مُلِيمٌۭ ﴿١٤٢﴾

সিহঁ তে যেতিয়া তেওঁক সাগৰত নিক্ষেপ কৰিলে, তেতিয়া প্ৰকাণ্ড মাছ এটাই তেওঁক গিলি পেলালে। সেই সময় ত তেওঁ নিজকে ধিক্কাৰ দি আছিল। কিয় নোতেওঁ নিজ প্ৰতিপালকৰঅনু মতি নোহোৱাকৈ গুচি আহিছিল।

فَلَوْلَآ أَنَّهُۥ كَانَ مِنَ ٱلْمُسَبِّحِينَ ﴿١٤٣﴾

এই ঘটনা সংঘটি ত হোৱাৰপূৰ্বৰেপৰা যদি ইউনুছ আলাইহিচ্ছালামে আল্লাহক বেছি বেছি স্মৰণ কৰা লোকসকলৰঅন্ত ৰ্ভু ক্তনহ’লহেঁ তেন, তথা মাছৰ পেটত অৱস্থান কৰাৰসময় তোযদি তেওঁ আল্লাহৰতাছবীহ পাঠ নকৰিলেহেঁ তেন, بلغ আল-কোৰআন · তাফছীৰ

لَلَبِثَ فِى بَطْنِهِۦٓ إِلَىٰ يَوْمِ يُبْعَثُونَ ﴿١٤٤﴾

তেন্তে নিশ্চয় তেওঁ কিয়ামত পৰ্যতন্ মাছৰ পেটতেই অৱস্থান কৰিবলগীয়া হ’লহেঁ তেন, আৰু সেইটোৱে তেওঁ ৰ কবৰ হ’লহেঁ তেন।

۞ فَنَبَذْنَـٰهُ بِٱلْعَرَآءِ وَهُوَ سَقِيمٌۭ ﴿١٤٥﴾

ইয়াৰ পিছত আমি তেওঁক মাছৰ পেটৰ পৰা উলিয়াই এনেকু ৱা এখন ভূমিত নিক্ষেপ কৰিলোঁ, য’ত কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰ নাছিল। এটা নিৰ্দিষ্ট সময় লৈকে মাছৰপেটত অৱস্থান কৰাৰকাৰণে তেওঁ দুৰ্বল হৈ পৰিছিল। وأنبتنا عليه شجرة من يقطين

وَأَنۢبَتْنَا عَلَيْهِ شَجَرَةًۭ مِّن يَقْطِينٍۢ ﴿١٤٦﴾

সেই খালী ভূ মিত আমি এজোপা লতা জাতীয় গছ উৎপন্ন কৰিদিছিলোঁ (লাউ, খিৰা অথবা তৰমু জ গছ)। যাতে ইয়াৰছাঁত তেওঁ বিশ্ৰাম কৰিব পাৰেআৰু ইয়াৰ ফল ভক্ষণ কৰিব পাৰে। وأرسلنهإ لى مائة ألف أو يزيدون

وَأَرْسَلْنَـٰهُ إِلَىٰ مِا۟ئَةِ أَلْفٍ أَوْ يَزِيدُونَ ﴿١٤٧﴾

আমি তেওঁ ক তেওঁ ৰ সম্প্ৰ দায় ৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ, যাৰ সংখ্যা আছিল এক লাখ, বৰং তাতোকৈও বেছি । فٔامنوافمتعنهم إلى حين

فَـَٔامَنُوا۟ فَمَتَّعْنَـٰهُمْ إِلَىٰ حِينٍۢ ﴿١٤٨﴾

এতেকে তেওঁ লোকে ঈমান পোষণ কৰিলে আৰু তেওঁ লৈ অহা চৰীয় তক সমৰ্থন কৰিলে। ফলত আল্লাহে তেওঁ লোকক পাৰ্থিৱ জীৱনত সুখ-সুবিধা দান কৰিলে, অৱশেষত তেওঁ লোকৰ পাৰ্থিৱ জীৱনৰ নিৰ্ধাৰিত সময় সমাপ্ত হ’ল।

فَٱسْتَفْتِهِمْ أَلِرَبِّكَ ٱلْبَنَاتُ وَلَهُمُ ٱلْبَنُونَ ﴿١٤٩﴾

হে মু হাম্মদ! মু শ্বৰিকসকলৰ অভিযোগ খণ্ডন কৰিবলৈ সিহঁ তক সোধক, তোমালোকে আল্লাহৰ বাবে কন্যা সন্তান সাব্যস্ত কৰা অথচ তোমালোকে নিজৰ বাবে কন্যা সন্তান অপছন্দ কৰা, এইটো কেনেকু ৱা চিন্তা ধাৰা? আনহাতে নিজৰ বাবে তোমালোকে পুত্ৰ সন্তান পছন্দ কৰা। এইটো কি ধৰণৰ ভাগ- বতৰা?

أَمْ خَلَقْنَا ٱلْمَلَـٰٓئِكَةَ إِنَـٰثًۭا وَهُمْ شَـٰهِدُونَ ﴿١٥٠﴾

ফিৰিস্তাসকলক নাৰী বুলি সিহঁ তে কি ভিত্তিত ধাৰণা কৰিলে? অথচ তেওঁ লোকক সৃষ্টি কৰাৰ সময় ত সিহঁ ত উপস্থি ত নাছিল, আনকি সিহঁ তে তেওঁ লোকক সৃষ্টি কৰাও দেখা নাই।

أَلَآ إِنَّهُم مِّنْ إِفْكِهِمْ لَيَقُولُونَ ﴿١٥١﴾

وَلَدَ ٱللَّهُ وَإِنَّهُمْ لَكَـٰذِبُونَ ﴿١٥٢﴾

জানি থোৱা! নিশ্চয় মু শ্বৰিকসকলে আল্লাহৰসৈতে সন্তান সম্পৃক্ত কৰিএই ধৰণৰমিছা ৰটনাৰজৰিয় তে আল্লাহৰপ্ৰ তি মিছা অভিযোগ উত্থাপন কৰিছে তথামিছাঅপবাদ দিছে। এই দাবীত নিশ্চিতভাৱেসিহঁ ত হৈছে মিছলীয়া। بلغ আল-কোৰআন · তাফছীৰ

أَصْطَفَى ٱلْبَنَاتِ عَلَى ٱلْبَنِينَ ﴿١٥٣﴾

তোমালোকে পছন্দ কৰা পুত্ৰৰ ঠাইত, তোমালোকে অপছন্দ কৰা কন্যা সন্তানক আল্লাহে নিজৰ বাবে পছন্দ কৰিব নে? এইটো কেতিয়াও হ’ব নোৱাৰে। مالكم كيف تحكمون

مَا لَكُمْ كَيْفَ تَحْكُمُونَ ﴿١٥٤﴾

হে মুশ্বৰিকসকল! কি হৈছে তোমালোকৰ? কিয় তোমালোকে এনেকু ৱা অন্যায় মূলক নিৰ্ণয় দি আছা, নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, আনহাতে আল্লাহৰ বাবে কন্যা সন্তান?! أفلا تذك رون

أَفَلَا تَذَكَّرُونَ ﴿١٥٥﴾

তোমালোকে এই ভ্ৰষ্টআক্বীদাহ সম্পৰ্কে চিন্তা-চৰ্চানকৰানেকি?কিয় নোযদি চিন্তা-চৰ্চাকৰিলাহেঁ তেন তেন্তে কেতিয়াওএনেকু ৱাকথানক’লাহেঁ তেন! أم لكم سلطن مبين

أَمْ لَكُمْ سُلْطَـٰنٌۭ مُّبِينٌۭ ﴿١٥٦﴾

তোমালোকৰওচৰত কিতাবঅথবাৰাছু লৰফালৰপৰাএই সম্পৰ্কে কোনোস্পষ্ট দলিল তথাপ্ৰ ত্যক্ষ প্ৰমাণ আছে নেকি?! فأتوا بكتبكم إن كنتم صدقين

فَأْتُوا۟ بِكِتَـٰبِكُمْ إِن كُنتُمْ صَـٰدِقِينَ ﴿١٥٧﴾

যদি তোমালোকে নিজৰদাবীত সত্যবাদী হোৱা তেন্তে তোমালোকৰসেই কিতাবখন লৈ আহা,য’ত এই বিষয়ে তোমালোকৰপ্ৰ মাণ আছে।

وَجَعَلُوا۟ بَيْنَهُۥ وَبَيْنَ ٱلْجِنَّةِ نَسَبًۭا ۚ وَلَقَدْ عَلِمَتِ ٱلْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ ﴿١٥٨﴾

ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি কৈ মু শ্বৰিকসকলে অদৃশ্য ফিৰিস্তা আৰু আল্লাহৰ মাজত বংশ সম্পৰ্ক স্থাপন কৰি পেলাইছে, (যিটো প্ৰকাশ্য অন্যায় )। অথচ ফিৰিস্তাসকলে ভালকৈয়ে জানে যে, নিশ্চয় মু শ্বৰিকসকলক হিচাপ-নিকাচৰবাবেউপস্থি ত কৰা হ’ব।

سُبْحَـٰنَ ٱللَّهِ عَمَّا يَصِفُونَ ﴿١٥٩﴾

আল্লাহ সেই সকলো অভিযোগৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰে। দৰাচলতে সন্তান, অংশীদাৰ আদি পৱিত্ৰ আল্লাহৰ বাবে উচিতো নহয় ।

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿١٦٠﴾

কিন্তু আল্লাহৰ নিষ্ঠাৱান বান্দাসকলৰ বিষয় টো সুকীয়া। কিয় নো তেওঁ লোকে আল্লাহক সেইবোৰ বৈশিষ্ট্যৰ দ্বাৰাই বিভূ ষিত কৰে, যিবোৰ তেওঁ ৰ মৰ্যাদাৰ বাবে উপযুক্ত । فإنكم وما تعبدون

فَإِنَّكُمْ وَمَا تَعْبُدُونَ ﴿١٦١﴾

হে মু শ্বৰিকসকল! তোমালোকে আৰু আল্লাহৰ বাহিৰে উপাসনা কৰা তোমালোকৰ এই উপাস্যবোৰে (যিমান চেষ্টা নকৰা কিয় ),

مَآ أَنتُمْ عَلَيْهِ بِفَـٰتِنِينَ ﴿١٦٢﴾

কাকো সত্য ধৰ্মৰ পৰা আঁতৰাই নিব নোৱাৰিবা। بلغ আল-কোৰআন · তাফছীৰ

إِلَّا مَنْ هُوَ صَالِ ٱلْجَحِيمِ ﴿١٦٣﴾

কেৱল সেই ব্যক্তিৰবাহিৰে, যাৰবিষয়ে আল্লাহে আগতেই সিদ্ধান্ত লৈছে যে, সি জাহান্নামত প্ৰৱেশ কৰিব। গতিকে তেওঁৰসিদ্ধান্ত কাৰ্যকৰী হোৱাটোৱে নিশ্চিত, সেইকাৰণেই সি কুফৰী কৰে, আৰু অৱশেষত জাহান্নামত প্ৰৱেশ কৰে। আনহাতে এই ক্ষেত্ৰত তোমালোকৰ আৰু তোমালোকৰ এই উপাস্যবোৰৰ কোনো ক্ষমতা নাই।

وَمَا مِنَّآ إِلَّا لَهُۥ مَقَامٌۭ مَّعْلُومٌۭ ﴿١٦٤﴾

ফিৰিস্তাসকলে আল্লাহৰ দাসত্ব স্বীকাৰ কৰি আৰু মুশ্বৰিকসকলৰ অভিযোগক বিচ্ছেদ ঘোষণা কৰি কৈছেঃ আমাৰ মাজৰ প্ৰত্যেকৰে বাবে আল্লাহৰ ইবাদত আৰু তেওঁ ৰ আনু গত্যৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট মৰ্যাদা আছে।

وَإِنَّا لَنَحْنُ ٱلصَّآفُّونَ ﴿١٦٥﴾

وَإِنَّا لَنَحْنُ ٱلْمُسَبِّحُونَ ﴿١٦٦﴾

নিশ্চয় আমি ফিৰিস্তাসকলে আল্লাহৰ ইবাদত তথা আনুগত্যৰ বাবে শাৰীবদ্ধ হৈ থিয় দিওঁ। লগতে আমি আল্লাহক সেই সকলোবোৰ বিশেষণৰ পৰা পৱিত্ৰতা ঘোষণা কৰোঁ, যিবোৰ তেওঁ ৰ মৰ্যাদাৰ বাবে উপযুক্ত নহয় । وإ نكانوا ليقولون

وَإِن كَانُوا۟ لَيَقُولُونَ ﴿١٦٧﴾

لَوْ أَنَّ عِندَنَا ذِكْرًۭا مِّنَ ٱلْأَوَّلِينَ ﴿١٦٨﴾

لَكُنَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿١٦٩﴾

فَكَفَرُوا۟ بِهِۦ ۖ فَسَوْفَ يَعْلَمُونَ ﴿١٧٠﴾

মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নু বুওৱতৰ পূৰ্বে মক্কাৰ মু শ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থযেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰতো কোনো গ্ৰন্থথাকিলহেঁতেন তেন্তে আমিও নিৰ্ভে জালভাৱে আল্লাহৰ ইবাদত কৰিলোঁহেঁতেন। প্ৰকৃ ততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয় নো মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁ তৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁ তে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁ তে সেই কঠি ন শাস্তি ৰসন্মুখীন হ’ব,যি শাস্তি সিহঁ তৰঅপেক্ষাত আছে।

وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا ٱلْمُرْسَلِينَ ﴿١٧١﴾

إِنَّهُمْ لَهُمُ ٱلْمَنصُورُونَ ﴿١٧٢﴾

وَإِنَّ جُندَنَا لَهُمُ ٱلْغَـٰلِبُونَ ﴿١٧٣﴾

আমাৰ ৰাছু লসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰসেনাবাহিনীয়ে ই জয় যুক্ত হ’ব,যাতে আল্লাহৰবাণীসদায় উচ্চ হৈ থাকে। بلغ আল-কোৰআন · তাফছীৰ فتول عنهمحت حين

فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍۢ ﴿١٧٤﴾

হে ৰাছু ল! এই দূৰাচাৰী মু শ্বৰিকসকলৰপৰা আপুনি এটা নিৰ্দিষ্ট সময় লৈকে বিমু খ হৈ থাকক, যাতে সিহঁ তৰওচৰলৈ শাস্তি ৰসময় আহি পৰে। সেই সময় সম্পৰ্কে আল্লাহেই ভাল জানে। وأبصرهم فسوف يبصرون

وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ ﴿١٧٥﴾

সিহঁ তৰওপৰত শাস্তি অৱতীৰ্ণ নোহোৱালৈকে সিহঁ তক চাই থাকক,এটাসময় ত সিহঁ তৰোঅন্ত ৰাত্মাজাগিব,কিন্তু সেই সময় ৰচেতনাই সিহঁ তক কোনো উপকাৰ নকৰিব। أ فبعذابنا يستعجلون

أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ ﴿١٧٦﴾

এই মু শ্বৰিকসকলে আল্লাহৰশাস্তি সম্পৰ্কে খৰখেদা কৰিআছে নেকি?

فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ ٱلْمُنذَرِينَ ﴿١٧٧﴾

এতেকে যেতিয়া সিহঁ তৰওপৰত আল্লাহৰশাস্তি অৱতীৰ্ণ হ'ব, তেতিয়া সিহঁ তৰপ্ৰ ভাত হ’বঅতি নিন্দাজনক। وتول عنهمحت حين

وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍۢ ﴿١٧٨﴾

হে ৰাছু ল! আপুনি সিহঁ তক আওকাণ কৰক,যেতিয়ালৈকে আল্লাহে সিহঁ তৰওপৰত শাস্তি অৱতীৰ্ণ নকৰে। وأبصر فسوف يبصرون

وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ ﴿١٧٩﴾

আপুনি সিহঁ তক চাই থাকক। সিহঁ তেও অচিৰেই দেখা পাবযে, সিহঁ তৰওপৰত আল্লাহৰকোনটো আযাবআৰুশাস্তি অৱতীৰ্ণ হয় ।

سُبْحَـٰنَ رَبِّكَ رَبِّ ٱلْعِزَّةِ عَمَّا يَصِفُونَ ﴿١٨٠﴾

হে মুহাম্মদ! আপোনাৰ প্ৰতিপালক হৈছে সকলো প্ৰকাৰ ক্ষমতাৰ অধিকাৰী, আপুনি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। তেওঁ সেই সকলো বিশেষণৰ পৰা পৱিত্ৰ, যিবোৰমু শ্বৰিকসকলে তেওঁ ৰপ্ৰ তি আৰোপ কৰে।

وَسَلَـٰمٌ عَلَى ٱلْمُرْسَلِينَ ﴿١٨١﴾

আল্লাহৰ ছালাম আৰু তেওঁ ৰ প্ৰশংসা তেওঁ ৰ সন্মানিত ৰাছু লসকলৰ বাবে।

وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ ﴿١٨٢﴾

সকলো ধৰণৰ প্ৰশংসা পৱিত্ৰ আৰু মহান আল্লাহৰ বাবে। একমাত্ৰ তেৱেঁই ইয়াৰ যোগ্য। তেৱেঁই বিশ্ব জগতৰ প্ৰতিপালক। তেওঁ ৰ বাহিৰে বিশ্ব জগতৰ আন কোনোপ্ৰ তিপালক নাই। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · As-Saaffaat — الصافات

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা