وَٱلذَّٰرِيَـٰتِ ذَرْوًۭا ﴿١﴾
আল্লাহে সেই বতাহৰশপত খাইছে,যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফু ৰে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Adh-Dhaariyat (51)
মক্কী · 60 আয়াত
وَٱلذَّٰرِيَـٰتِ ذَرْوًۭا ﴿١﴾
আল্লাহে সেই বতাহৰশপত খাইছে,যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফু ৰে।
فَٱلْحَـٰمِلَـٰتِ وِقْرًۭا ﴿٢﴾
সেই মেঘপুঞ্জৰশপত খাইছে,যিয়ে বহন কৰেপ্ৰ চু ৰপৰিমাণে পানী।
فَٱلْجَـٰرِيَـٰتِ يُسْرًۭا ﴿٣﴾
সেই নাওবোৰৰো শপত খাইছে, যিবোৰসাগৰত মৃ দুগতিত সহজে চলাচল কৰে।
فَٱلْمُقَسِّمَـٰتِ أَمْرًا ﴿٤﴾
সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ আদেশত বান্দাসকলৰ মাজত তেওঁ লোকৰ বিষয় বোৰ বণ্ট ন কৰে। إنما توعدون لصادق
إِنَّمَا تُوعَدُونَ لَصَادِقٌۭ ﴿٥﴾
নিশ্চিতৰূপে তোমালোকৰ প্ৰতিপালকে তোমালোকক যি হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে, সেয়া হৈছে সত্য। ইয়াত কোনো ধৰণৰ সন্দে হ-সংশয় ৰঅৱকাশনাই।
وَإِنَّ ٱلدِّينَ لَوَٰقِعٌۭ ﴿٦﴾
নিশ্চিতৰূপে কিয়ামতৰ দিনা বান্দাসকলৰ হিচাপ-কিতাপ কৰা হ’ব, যিকোনো উপায়ে এইটো বাস্তাৱায় ন হ’ব।
وَٱلسَّمَآءِ ذَاتِ ٱلْحُبُكِ ﴿٧﴾
লগতে আল্লাহে শপত খাইছে সৌন্দ ৰ্যময় তথাবহু পথবিশিষ্ট আকাশৰ। إنكم لفى قول م ختلف
إِنَّكُمْ لَفِى قَوْلٍۢ مُّخْتَلِفٍۢ ﴿٨﴾
হে মক্কাৰ অধিবাসীসকল! নিশ্চয় তোমালোকৰ কথাৰ মাজত বহুতো বিৰোধাভাস পোৱা যায় । তোমালোকে কেতিয়াবা কোৰআনক যাদু বুলি কোৱা, আকৌ কেতিয়াবা কবিতা বুলি কোৱা। আনহাতে কেতিয়াবা মু হাম্মদক যাদুকৰ বুলি কোৱা আৰু কেতিয়াবা তেওঁ ক কবি বুলি কোৱা। يؤفك عنهمن أفك
يُؤْفَكُ عَنْهُ مَنْ أُفِكَ ﴿٩﴾
কোৰআন আৰু নবীৰ পৰা সেই ব্যক্তিকেই আঁতৰাই ৰখা হয় , যাক আল্লাহৰ জ্ঞানৰ দ্বাৰা আঁতৰাই ৰখা হৈছে। কাৰণ তেওঁ জানে, সি ঈমান পোষণ নকৰিব, সেইকাৰণেই তাক হিদায় তৰ তাওফীক দিয়া হোৱা নাই। بلغ আল-কোৰআন · তাফছীৰ
قُتِلَ ٱلْخَرَّٰصُونَ ﴿١٠﴾
সেইসকল মিছলীয়াৰ ওপৰত আল্লাহৰ অভিসম্পাত, যিসকলে কোৰআন আৰু নবীৰ বিষয়ে অসত্য কথা গাই ফু ৰে।
ٱلَّذِينَ هُمْ فِى غَمْرَةٍۢ سَاهُونَ ﴿١١﴾
যিসকলে অজ্ঞনতাৰ ফলত আখিৰাতৰ পৰা অমনোযোগী হৈ আছে। ইয়াক লৈ সিহঁ তৰ কোনো ভ্ৰূক্ষেপ নাই।
يَسْـَٔلُونَ أَيَّانَ يَوْمُ ٱلدِّينِ ﴿١٢﴾
সিহঁ তে সোধেঃপ্ৰ তিদান দিৱস কেতিয়াবাস্ত ৱায়ি ত হ’ব? অথচ ইয়াৰবাবেসিহঁ তে কোনোধৰণৰপ্ৰ স্তু তিও লোৱানাই।
يَوْمَ هُمْ عَلَى ٱلنَّارِ يُفْتَنُونَ ﴿١٣﴾
আল্লাহে সিহঁ তৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কৈছেঃ যিদিনা সিহঁ তক জুইত শাস্তি দিয়া হ’ব।
ذُوقُوا۟ فِتْنَتَكُمْ هَـٰذَا ٱلَّذِى كُنتُم بِهِۦ تَسْتَعْجِلُونَ ﴿١٤﴾
সিহঁ তক কোৱা হ’বঃ তোমালোকে শাস্তি ৰ সোৱাদ লোৱা। এইটোৱে হৈছে সেই শাস্তি , যিটোৰ পৰা তোমালোকক সতৰ্ক কৰিলে তোমালোকে উপহাস কৰিসোনকালে ইয়াৰবাস্ত ৱায় ন বিচাৰিছিলা।
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍۢ وَعُيُونٍ ﴿١٥﴾
আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে কিয়ামতৰ দিনা ঠাই লাভ কৰিব বাগানসমূহৰ মাজত আৰুপ্ৰ বাহিত প্ৰস্ৰৱনসমূ হৰমাজত।
ءَاخِذِينَ مَآ ءَاتَىٰهُمْ رَبُّهُمْ ۚ إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُحْسِنِينَ ﴿١٦﴾
তেওঁলোকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সন্মানিত প্ৰতিফল লাভ কৰিব। দৰাচলতে এই সন্মানিত প্ৰতিদানৰ পূৰ্বে তেওঁলোকে পৃথিৱীত সদাচাৰী আছিল।
كَانُوا۟ قَلِيلًۭا مِّنَ ٱلَّيْلِ مَا يَهْجَعُونَ ﴿١٧﴾
তেওঁ লোকে ৰাতিত চালাত আদায় কৰিছিল,খুবেই কম সময় টোপনিত কটাইছিল।
وَبِٱلْأَسْحَارِ هُمْ يَسْتَغْفِرُونَ ﴿١٨﴾
লগতে ৰাতিৰ শেষাংশত আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থقনা কৰিছিল।
وَفِىٓ أَمْوَٰلِهِمْ حَقٌّۭ لِّلسَّآئِلِ وَٱلْمَحْرُومِ ﴿١٩﴾
তথা তেওঁ লোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ বাবে নিৰ্দিষ্ট অংশ, যিসকলে কাৰণবশতঃ জীৱিকাৰ পৰা বঞ্চিত আছিল। بلغ আল-কোৰআন · তাফছীৰ
وَفِى ٱلْأَرْضِ ءَايَـٰتٌۭ لِّلْمُوقِنِينَ ﴿٢٠﴾
পৃথিৱীৰ মাজত, লগতে আল্লাহে সৃষ্টি কৰা পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী, বৃক্ষ, গছ-গছনি আৰু জীৱ-জন্তু আদিৰ মাজত, সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন আছে, যিসকলে আল্লাহক স্ৰষ্টা হিচাপে বিশ্বাস কৰে।
وَفِىٓ أَنفُسِكُمْ ۚ أَفَلَا تُبْصِرُونَ ﴿٢١﴾
হে মানৱজাতি! স্বয়ং তোমালোকৰ মাজতো আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, শিক্ষা গ্ৰহণ কৰিবলৈ সেইবোৰ তোমালোকে দেখা নোপোৱা নেকি?!
وَفِى ٱلسَّمَآءِ رِزْقُكُمْ وَمَا تُوعَدُونَ ﴿٢٢﴾
আকাশত আছে তোমালোকৰ বাবে পাৰ্থিৱ আৰু ধাৰ্মিক জীৱিকা। তথা ইয়াৰ মাজত প্ৰত্যেক সেইসমূহ কল্যাণ আৰু অকল্যাণ আছে, যিবোৰৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছে। ق
فَوَرَبِّ ٱلسَّمَآءِ وَٱلْأَرْضِ إِنَّهُۥ لَحَقٌّۭ مِّثْلَ مَآ أَنَّكُمْ تَنطِقُونَ ﴿٢٣﴾
আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত, নিশ্চয় আখিৰাতৰ জীৱন সত্য, ইয়াৰ মাজত কোনো সন্দে হ নাই। ঠি ক সেইদৰে, যিদৰে তোমালোকৰ কথা কোৱাত কোনোসন্দে হ নাই।
هَلْ أَتَىٰكَ حَدِيثُ ضَيْفِ إِبْرَٰهِيمَ ٱلْمُكْرَمِينَ ﴿٢٤﴾
হে ৰাছুল! আপোনাৰ ওচৰলৈ ইব্ৰাহীম আলাইহিচ্ছালামৰ অতিথি ফিৰিস্তাসকলৰ বিষয়ে সংবাদ আহি পৰা নাইনে, যিসকলক তেখেতে আপ্যায় ন কৰিছিল?!
إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَـٰمًۭا ۖ قَالَ سَلَـٰمٌۭ قَوْمٌۭ مُّنكَرُونَ ﴿٢٥﴾
যেতিয়া তেওঁ লোকে ইব্ৰাহীম আলাইহিচ্ছালামৰওচৰত উপস্থি ত হৈ ছালাম কৰিছিল,তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে ছালামৰউত্তৰপ্ৰ দান কৰিমনে মনে কৈছিল, এওঁ লোক দেখোন অপৰিচিত লোক।
فَرَاغَ إِلَىٰٓ أَهْلِهِۦ فَجَآءَ بِعِجْلٍۢ سَمِينٍۢ ﴿٢٦﴾
ইপিনে অতিথিসকলে নজনাকৈ তেওঁ গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল, আৰু এটা স্বাস্থ্যৱান সম্পূৰ্ণ গো-পোৱালি (ভজা) লৈ অতিথিসকলৰ সন্মুখত পৰিৱেশন কৰিলে। তেওঁ ভাবিছিলতেওঁ লোক হৈছে মানৱ। فقربه إليهم قال ألا تأكلون
فَقَرَّبَهُۥٓ إِلَيْهِمْ قَالَ أَلَا تَأْكُلُونَ ﴿٢٧﴾
ভজা গো-পোৱালিটো তেওঁলোকৰ পিনে আগুৱাই দিলে, আৰু তেওঁলোকক বিনম্ৰ ভাৱে ক'লেঃ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰা খাদ্য আপোনালোকেনাখায় কিয় ?!
فَأَوْجَسَ مِنْهُمْ خِيفَةًۭ ۖ قَالُوا۟ لَا تَخَفْ ۖ وَبَشَّرُوهُ بِغُلَـٰمٍ عَلِيمٍۢ ﴿٢٨﴾
তথাপিও যেতিয়া তেওঁলোকে খাদ্য গ্ৰহণ নকৰিলে, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে মনে মনে ভয় অনুভৱ কৰিলে, বিষয় টো তেওঁলোকে গম পাইছিল। গতিকে তেওঁ লোকে ইব্ৰাহীম আলাইহিচ্ছালামক সান্ত না দি ক’লেঃ “ভয় নকৰিব, আমি আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক হিচাপে প্ৰে ৰিত بلغ আল-কোৰআন · তাফছীৰ হৈছোঁ”। লগতে তেওঁ লোকে তেওঁ ক আনন্দ দায় ক সংবাদ এটা প্ৰদান কৰিলে। তেওঁ লোকে ক’লেঃতেওঁ ৰঘৰত এটা পুত্ৰ সন্তান জন্ম লাভ কৰিব, যিজন জ্ঞানী হ’ব। ইয়াত যিজন পুত্ৰ সন্তানৰ সুসংবাদ দিয়া হৈছে, তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম।
فَأَقْبَلَتِ ٱمْرَأَتُهُۥ فِى صَرَّةٍۢ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوزٌ عَقِيمٌۭ ﴿٢٩﴾
যেতিয়া তেখেতৰ স্ত্ৰীয়ে সুসংবাদটো শুনা পালে, তেতিয়া তেওঁ আনন্দ ত চিঞৰি আগুৱাই আহিল আৰু নিজৰে মু খমণ্ডলত থপৰিয়াই আশ্চৰ্য প্ৰকাশ কৰি ক’লেঃ “বৃদ্ধা বয় সত এজনী বন্ধ্যা নাৰীয়ে সন্তান জন্ম দিয়াটো সম্ভ ৱনে”?!
قَالُوا۟ كَذَٰلِكِ قَالَ رَبُّكِ ۖ إِنَّهُۥ هُوَ ٱلْحَكِيمُ ٱلْعَلِيمُ ﴿٣٠﴾
ফিৰিস্তাসকলে তেওঁ ক ক’লেঃ আমি আপোনাক যি সংবাদ দিছোঁ, সেইটো আপোনাৰ প্ৰতিপালকে প্ৰে ৰণ কৰিছে। আল্লাহৰ সিদ্ধাতন্ক কোনেও প্ৰতিৰোধ কৰিবনোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত আৰুনিৰ্ধাৰণৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান। সৃষ্টি জগতৰবিষয়ে আৰুসিহঁ তৰহিত সম্পৰ্কে তেওঁ সৰ্বজ্ঞ।
۞ قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ ﴿٣١﴾
ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ আপোনালোকে কি অভিযানত ওলাইছে, আপোনালোকৰ উদ্দেশ্য কি?
قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍۢ مُّجْرِمِينَ ﴿٣٢﴾
ফিৰিস্তাসকলে উত্তৰ প্ৰদান কৰি ক’লেঃ আল্লাহে আমাক এটা অপৰাধী সম্প্ৰ দায় ৰ পিনে প্ৰে ৰণ কৰিছে, যিসকলে জঘন্য অপৰাধত লিপ্ত আছে। لنرسل عليهم حجارةمن طين
لِنُرْسِلَ عَلَيْهِمْ حِجَارَةًۭ مِّن طِينٍۢ ﴿٣٣﴾
যাতে আমি সিহঁ তৰওপৰত পকা মাটি ৰশিল নিক্ষেপ কৰোঁ। م سومة عند ربك للمسرفين
مُّسَوَّمَةً عِندَ رَبِّكَ لِلْمُسْرِفِينَ ﴿٣٤﴾
হে ইব্ৰাহীম! আপোনাৰ প্ৰতিপালকৰ ওচৰত (সিহঁতক) চিহ্নিত কৰি থোৱা আছে, সেইসকল লোকৰ ওপৰত নিক্ষেপ কৰা হ’ব, যিসকলে আল্লাহৰ নিৰ্ধাৰিত সীমালঙ্ঘন কৰিছে আৰুকু ফৰীতথাপাপকৰ্মত লিপ্ত আছে।
فَأَخْرَجْنَا مَن كَانَ فِيهَا مِنَ ٱلْمُؤْمِنِينَ ﴿٣٥﴾
এতেকে লূত আলাইহিচ্ছালামৰ জনবসতিত থকা মুমিনসকলক আমি উলিয়াই আনিছিলোঁ, যাতে অপৰাধীসকলক দিয়া শাস্তি য়ে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে।
فَمَا وَجَدْنَا فِيهَا غَيْرَ بَيْتٍۢ مِّنَ ٱلْمُسْلِمِينَ ﴿٣٦﴾
আমি সেই জনবসতিত কেৱল এটাই মু ছলিম পৰিয়াল পাইছিলোঁ। তেওঁ লোক হৈছে লূত আলাইহিচ্ছালামৰপৰিয়াল।
وَتَرَكْنَا فِيهَآ ءَايَةًۭ لِّلَّذِينَ يَخَافُونَ ٱلْعَذَابَ ٱلْأَلِيمَ ﴿٣٧﴾
আমি লূত সম্প্ৰ দায় ৰ জনবসতিত শাস্তি ৰ কিছুমান চিহ্ন এৰিছোঁ, যিবোৰে প্ৰমাণ কৰে যে, সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল; যাতে সেইসকল লোকে ইয়াৰ দ্বাৰা শিক্ষা ল’ব পাৰে, যিসকলে কষ্ট দায় ক শাস্তি ক ভয় কৰে, আৰু তেওঁ লোকে যেন এনেকু ৱা কাম নকৰে যিবোৰ কাম সিহঁ তে কৰিছিল; بلغ আল-কোৰআন · তাফছীৰ যাতে এনেকু ৱা শাস্তি ৰ পৰা ৰক্ষা পাব পাৰে।
وَفِى مُوسَىٰٓ إِذْ أَرْسَلْنَـٰهُ إِلَىٰ فِرْعَوْنَ بِسُلْطَـٰنٍۢ مُّبِينٍۢ ﴿٣٨﴾
মূছা আলাইহিচ্ছালামৰ ঘটনাতো আছে নিদৰ্শন, যেতিয়া আমি তেওঁক স্পষ্ট দলিল-প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ। সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্ট দায় ক শাস্তি ক ভয় কৰে। فتولى بركنه وقال سحرأو مجنون
فَتَوَلَّىٰ بِرُكْنِهِۦ وَقَالَ سَـٰحِرٌ أَوْ مَجْنُونٌۭ ﴿٣٩﴾
কিন্তু ফিৰআউনে নিজৰ সৈন্যবাহিনী আৰু ক্ষমতাৰ অহংকাৰত সত্যৰ পৰা বিমুখ হৈছিল, লগতে মুছা আলাইহিচ্ছালামৰ বিষয়ে কৈছিলঃ এওঁ হৈছে এজন যাদুকৰ, মানু হক যাদু কৰে। অথবা এওঁ হৈছে এজন উন্মাদ ব্যক্তি , যিয়ে নিজৰকথা নিজেই নু বুজে।
فَأَخَذْنَـٰهُ وَجُنُودَهُۥ فَنَبَذْنَـٰهُمْ فِى ٱلْيَمِّ وَهُوَ مُلِيمٌۭ ﴿٤٠﴾
ফলত আমি ফিৰআউনক আৰু তাৰ সেনাবাহিনীক কৰায় ত্তকৰি সাগৰত নিক্ষেপ কৰিছিলোঁ আৰু সিহঁতে পানীত ডুবি ধ্বংস হৈছিল। দৰাচলতে ফিৰআউনে ভৰ্ৎ সনাযোগ্য কামেই কৰিছিল, যেনে- ৰাছু লক অস্বীকাৰ কৰা, আৰু নিজকে উপাস্য বুলি দাবী কৰা।
وَفِى عَادٍ إِذْ أَرْسَلْنَا عَلَيْهِمُ ٱلرِّيحَ ٱلْعَقِيمَ ﴿٤١﴾
হূ দ আলাইহিচ্ছালামৰ জাতি আদ সম্প্ৰ দায় ৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্ট দায় ক শাস্তি ক ভয় কৰে। আমি সিহঁ তৰ ওপৰত প্ৰে ৰণ কৰিছিলোঁ প্ৰচণ্ড বতাহ, সেই বতাহৰ মাজত পানীও নাছিল আৰু সেই বতাহে কোনো গছক ফল দিয়াৰ যোগ্যও এৰা নাছিল। দৰাচলতে সেই বতাহৰ মাজত কোনো ধৰণৰ কল্যাণ নাছিল।
مَا تَذَرُ مِن شَىْءٍ أَتَتْ عَلَيْهِ إِلَّا جَعَلَتْهُ كَٱلرَّمِيمِ ﴿٤٢﴾
সেই বতাহে যি প্ৰাণ আৰু ধন-সম্পদৰ ওপৰেৰে অতিক্ৰ ম কৰিছিল, তাক ধ্বংস কৰিহে এৰিছিল আৰু সেই পূৰণি বস্তু ৰ দৰে অৱস্থা কৰি দিছিল, যিটো পূৰণি হোৱাৰফলত টু কু ৰা-টু কু ৰহৈ যায় । وفى ثمودإذ قيل لهم تمتعواحت حين
وَفِى ثَمُودَ إِذْ قِيلَ لَهُمْ تَمَتَّعُوا۟ حَتَّىٰ حِينٍۢ ﴿٤٣﴾
এইদৰে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় ছামূদ জাতিৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্ট দায় ক শাস্তি ক ভয় কৰে, যেতিয়া সিহঁ তক কোৱা হৈছিলঃ নিৰ্ধাৰিত সময় অহাৰ পূৰ্বেই তোমালোকে নিজৰ জীৱন উপভোগ কৰি লোৱা।
فَعَتَوْا۟ عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ ٱلصَّـٰعِقَةُ وَهُمْ يَنظُرُونَ ﴿٤٤﴾
সিহঁ তে নিজ প্ৰতিপালকৰআদেশ মানিবলৈ অহংকাৰকৰিছিল, আৰুএই অহংকাৰেই সিহঁ তক ঈমান পোষণ কৰাত আৰুআনুগত্য কৰাত বাধা প্ৰদান কৰিছিল। ফলত কঠি ন শাস্তি ৰবজ্ৰপাতে সিহঁ তক আগুৰিধৰিছিল, অথচ সেই শাস্তি ৰবাবেই সিহঁ তে অপেক্ষা কৰিআছিল। কিয় নো তিনিদিন পূৰ্বেই সিহঁ তক এই শাস্তি ৰপৰা সতৰ্ক কৰা হৈছিল।
فَمَا ٱسْتَطَـٰعُوا۟ مِن قِيَامٍۢ وَمَا كَانُوا۟ مُنتَصِرِينَ ﴿٤٥﴾
সিহঁ তে নিজৰ ওপৰত অহা শাস্তি কো প্ৰতিৰোধ কৰিব পৰা নাছিল, আৰু কেনেকৈ প্ৰতিৰোধ কৰিব, সিহঁ তৰ ওচৰত এনেকু ৱা কোনো শক্তি ও নাছিল যে, ইয়াক বাধা দিব পাৰিব। بلغ আল-কোৰআন · তাফছীৰ
وَقَوْمَ نُوحٍۢ مِّن قَبْلُ ۖ إِنَّهُمْ كَانُوا۟ قَوْمًۭا فَـٰسِقِينَ ﴿٤٦﴾
এইসকল লোকৰদৰেই আমি ইহঁ তৰপূৰ্বে নূহ আলাইহিচ্ছালামৰসম্প্ৰ দায় কো ডু বাই ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁ ত আছিল আল্লাহৰআনুগত্যৰপৰা ওলাই যোৱাসম্প্ৰ দায় । সেইকাৰণেই সিহঁ তে তেওঁ ৰশাস্তি ৰসন্মুখীন হৈছিল।
وَٱلسَّمَآءَ بَنَيْنَـٰهَا بِأَيْي۟دٍۢ وَإِنَّا لَمُوسِعُونَ ﴿٤٧﴾
আমিয়ে ই আকাশ নিৰ্মাণ কৰিছোঁ,আৰুআমাৰক্ষমতাৰবলত মজবুত বনাইছোঁ,তথাআমিয়ে ই ইয়াক চাৰিওফালে প্ৰসাৰিত কৰিছোঁ।
وَٱلْأَرْضَ فَرَشْنَـٰهَا فَنِعْمَ ٱلْمَـٰهِدُونَ ﴿٤٨﴾
আমিয়ে ই পৃথিৱীখনক ইয়াৰ অধিবাসীসকলৰ বাবে বিস্তৃত কৰি দিছোঁ আৰু বিছনাৰ দৰে পাৰি দিছোঁ। চোৱাচোন আমি কিমান সুন্দ ৰ ব্যৱস্থাপনাকাৰী আৰু কিমান সুন্দ ৰকৈ আমি ইয়াক তেওঁ লোকৰ বাবে পাৰি দিছোঁ। ومن كل شىء خلقنا زوجين لعل كم تذكرون
وَمِن كُلِّ شَىْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ ﴿٤٩﴾
আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, নৰ আৰু নাৰী, আকাশ আৰু পৃথিৱী, ভূ -পৃষ্ঠ আৰু সাগৰ, যাতে তোমালোকে আল্লাহৰ তাওহীদৰ প্ৰতি মনোযোগ দিয়া, যিজনে প্ৰত্যেক বস্তু কে যোৰা যোৰাকৈ সৃষ্টি কৰিছে। তথা তেওঁ ৰ ক্ষমতাৰ প্ৰতি মনোযোগ দিয়া।
فَفِرُّوٓا۟ إِلَى ٱللَّهِ ۖ إِنِّى لَكُم مِّنْهُ نَذِيرٌۭ مُّبِينٌۭ ﴿٥٠﴾
গতিকে তোমালোকে আল্লাহৰ শাস্তি ৰ পৰা আঁতৰি তেওঁ ৰ ছোৱাবৰ প্ৰতি অগ্ৰ সৰ হোৱা আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁ ৰ আনু গত্যৰ পিনে ঢপলিয়াই আহা। হে মানৱজাতি! নিশ্চয় মই তোমালোকক তেওঁ ৰশাস্তি ৰপৰাস্পষ্ট ৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।
وَلَا تَجْعَلُوا۟ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۖ إِنِّى لَكُم مِّنْهُ نَذِيرٌۭ مُّبِينٌۭ ﴿٥١﴾
তোমালোকে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰিবলৈ কোনো উপাস্য গ্ৰহণ নকৰিবা। নিশ্চয় মই তোমালোকক এই বিষয়ে স্পষ্ট ৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।
كَذَٰلِكَ مَآ أَتَى ٱلَّذِينَ مِن قَبْلِهِم مِّن رَّسُولٍ إِلَّا قَالُوا۟ سَاحِرٌ أَوْ مَجْنُونٌ ﴿٥٢﴾
মক্কাৰ অধিবাসীসকলৰ দৰেই পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও অস্বীকাৰ কৰিছিল। এতেকে সিহঁ তৰ ওচৰত যেতিয়া কোনো ৰাছু ল আহিছিল, সিহঁ তে তেওঁ ক যাদুকৰ অথবা উন্মাদ বুলি কৈছিল।
أَتَوَاصَوْا۟ بِهِۦ ۚ بَلْ هُمْ قَوْمٌۭ طَاغُونَ ﴿٥٣﴾
পূৰ্বৱৰ্তী কাফিৰসকলে ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ পৰৱৰ্তী কাফিৰসকলক উপদেশ দি থৈ গৈছে নেকি? নহয় , কেতিয়াও নহয় ; বৰং সিহঁতৰ অবাধ্যতাই সিহঁ তক এই কৰ্মত একত্ৰিত কৰিছে।
فَتَوَلَّ عَنْهُمْ فَمَآ أَنتَ بِمَلُومٍۢ ﴿٥٤﴾
হে ৰাছু ল! আপুনি এই অস্বীকাৰকাৰীসকলক আওকাণ কৰক। ইয়াৰফলত আপোনাক কোনো ধৰণৰজবাবদিহি কৰা নহ’ব। কিয় নো আপোনাক যি বাৰ্তা পৌঁচাই দিবলৈ নিৰ্দে শ দিয়া হৈছিল, সেইটো আপুনি পৌঁচাই দিছে। بلغ আল-কোৰআন · তাফছীৰ
وَذَكِّرْ فَإِنَّ ٱلذِّكْرَىٰ تَنفَعُ ٱلْمُؤْمِنِينَ ﴿٥٥﴾
সিহঁ তক আওকাণ কৰাৰ এইটো অৰ্থ নহয় যে, সিহঁ তক ধৰ্মৰ কোনো কথাই নক’ব অথবা উপদেশ নিদিব, বৰং আপুনি সিহঁ তক বুজাই থাকক আৰু উপদেশ দি যাওক। কিয় নোনিশ্চয় উপদেশে আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰালোকসকলক উপকৃ ত কৰে।
وَمَا خَلَقْتُ ٱلْجِنَّ وَٱلْإِنسَ إِلَّا لِيَعْبُدُونِ ﴿٥٦﴾
মই জিন আৰু মানৱক একমাত্ৰ মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ। মই সিহঁ তক মোৰ সৈতে অংশীদাৰ স্থাপন কৰিবলৈ সৃষ্টি কৰা নাই।
مَآ أُرِيدُ مِنْهُم مِّن رِّزْقٍۢ وَمَآ أُرِيدُ أَن يُطْعِمُونِ ﴿٥٧﴾
মই সিহঁ তৰ পৰা জীৱিকা নিবিচাৰোঁ, আৰু এইটোও নিবিচাৰোঁ যে, সিহঁ তে মোক আহাৰ কৰাওক।
إِنَّ ٱللَّهَ هُوَ ٱلرَّزَّاقُ ذُو ٱلْقُوَّةِ ٱلْمَتِينُ ﴿٥٨﴾
নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ জীৱিকাদাতা। সকলোৱে তেওঁৰ জীৱিকাৰেই মুখাপেক্ষী। তেওঁ প্ৰবল সৰ্বশক্তিমান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। গোটেই মানৱ আৰু জিন জাতি তেওঁ ৰ ক্ষমতাৰ সন্মুখত শিৰ নতকাৰী। فإن للذين ظلمواذنوبا مثل ذنوب أصحبهم فلا يستعجلون
فَإِنَّ لِلَّذِينَ ظَلَمُوا۟ ذَنُوبًۭا مِّثْلَ ذَنُوبِ أَصْحَـٰبِهِمْ فَلَا يَسْتَعْجِلُونِ ﴿٥٩﴾
হে ৰাছু ল! যিসকলে আপোনাক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, নিশ্চয় সিহঁ তৰ বাবে আছে শাস্তি ৰ এটা অংশ, যিদৰে সিহঁ তৰ পূৰ্বৱৰ্তী সঙ্গীসকলৰ বাবে আছিল। ইয়াৰ বাবে এটা সময় নিৰ্ধাৰিত আছে। গতিকে সেই সময় অহাৰ পূৰ্বেই তোমালোকে সেই শাস্তি ৰ বাবে মোৰ ওচৰত খৰধৰ নকৰিবা।
فَوَيْلٌۭ لِّلَّذِينَ كَفَرُوا۟ مِن يَوْمِهِمُ ٱلَّذِى يُوعَدُونَ ﴿٦٠﴾
কিয়ামতৰ দিনা বিনাশ আৰু ধ্বংস হৈছে সেইসকল লোকৰ বাবে নিৰ্ধাৰিত, যিসকলে আল্লাহক নসাৎ কৰিছে আৰু সিহঁ তৰ প্ৰতি আগমন কৰা ৰাছু লক অস্বীকাৰ কৰিছে, সেই দিৱসৰ শাস্তি ৰ পৰাই সিহঁ তক সতৰ্ক কৰা হৈছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে