মুখ্য পৃষ্ঠাতাফছীৰAr-Room (30)

তাফছীৰ Ar-Room (30) — الروم

মক্কী · 60 আয়াত

পঢ়ক · শুনকPDF ফাইল

الٓمٓ ﴿١﴾

(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।

غُلِبَتِ ٱلرُّومُ ﴿٢﴾

পাৰস্যসকলে ৰোমানসকলক পৰাজিত কৰিছে।

فِىٓ أَدْنَى ٱلْأَرْضِ وَهُم مِّنۢ بَعْدِ غَلَبِهِمْ سَيَغْلِبُونَ ﴿٣﴾

শ্বাম দেশৰ সেইবোৰ ক্ষেত্ৰত যিবোৰ পাৰস্যদেশৰ নিকটৱৰ্তী। আনহাতে ৰোমানসকলে পাৰস্যসকলৰ ওচৰত পৰাজিত হোৱাৰ পিছত শীঘ্ৰে ই বিজয় লাভ কৰিব।

فِى بِضْعِ سِنِينَ ۗ لِلَّهِ ٱلْأَمْرُ مِن قَبْلُ وَمِنۢ بَعْدُ ۚ وَيَوْمَئِذٍۢ يَفْرَحُ ٱلْمُؤْمِنُونَ ﴿٤﴾

অতি কম সময় ৰ ভিতৰত অৰ্থাৎ তিনি বছৰৰ পৰা দহ বছৰ সময় ছোৱাৰ ভিতৰত। দৰাচলতে সকলো বিষয় ৰ নিয় ন্ত্ৰ ণ হৈছে আল্লাহৰ হাতত। ৰোমানসকলৰ বিজয় ৰ আগতো আৰু পিছতো। এতেকে যিদিনা ৰোমানসকলে পাৰস্যবাসীক পৰাজিত কৰিব, সেইদিনা মু মিনসকলে উৎফু ল্লি ত হ’ব।

بِنَصْرِ ٱللَّهِ ۚ يَنصُرُ مَن يَشَآءُ ۖ وَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ ﴿٥﴾

ৰোমানসকলে আল্লাহৰ সহায় লাভ কৰাৰ বাবে মুমিনসকলে আনন্দি ত হ'ব। কাৰণ সিহঁ ত হৈছে আহলে কিতাব। আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ বিৰুদ্ধে ইচ্ছাকৰেসহায় কৰে। তেওঁ মহাপৰাক্ৰ মশালী,তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। নিশ্চয় তেওঁ মু মিন বান্দাসকলৰপ্ৰ তি অতি দয়ালু।

وَعْدَ ٱللَّهِ ۖ لَا يُخْلِفُ ٱللَّهُ وَعْدَهُۥ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ ﴿٦﴾

এই সহায় টো দৰাচলতে আল্লাহৰ প্ৰতিশ্ৰুতি আছিল। আল্লাহে নিজৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। এইটো পূৰণ হোৱাৰ পিছত, সহায় ৰ বাবে আল্লাহে দিয়া আন আন প্ৰতিশ্ৰুতিৰক্ষেত্ৰত মুমিনসকলৰবিশ্বাস আৰুঅধিক মজবুত হৈছে। কিন্তু অধিকাংশ লোকে কু ফৰীত লিপ্ত থকাৰকাৰণে এই বিষয় টোবুজি নাপায় ।

يَعْلَمُونَ ظَـٰهِرًۭا مِّنَ ٱلْحَيَوٰةِ ٱلدُّنْيَا وَهُمْ عَنِ ٱلْـَٔاخِرَةِ هُمْ غَـٰفِلُونَ ﴿٧﴾

সিহঁতে ঈমান সম্পৰ্কেও নাজানে আৰু চৰীয় ত সম্পৰ্কেও অৱগত নহয় । সিহঁতে কেৱল পাৰ্থিৱ জীৱনৰ বাহ্যিক দিশটোহে জানে। অৰ্থাৎ সিহঁতৰ সম্পৰ্ক কেৱল জীৱিকা উপাৰ্জ ন আৰু ভৌতিক সভ্যতাৰ লগত। প্ৰকৃ ত জীৱনৰ ঘৰৰ পৰা অৰ্থাৎ আখিৰাতৰ পৰা সিহঁ ত বিমুখ হৈ আছে। ইয়াৰ প্ৰতি সিহঁ তে অকণোমনোনিৱেশم নকৰে।

أَوَلَمْ يَتَفَكَّرُوا۟ فِىٓ أَنفُسِهِم ۗ مَّا خَلَقَ ٱللَّهُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ وَأَجَلٍۢ مُّسَمًّۭى ۗ وَإِنَّ كَثِيرًۭا مِّنَ ٱلنَّاسِ بِلِقَآئِ رَبِّهِمْ لَكَـٰفِرُونَ ﴿٨﴾

এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে নিজৰ অস্তি ত্বক লৈ চিন্তা-চৰ্চা নকৰে নেকি, কিদৰে আল্লাহে সিহঁ তক সৃষ্টি কৰিছে আৰু কেনেকৈ সঠি ক আকৃ তি প্ৰদান কৰিছে? আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক তথা এই দুয়োৰে মাজত থকা সকলো বস্তু ক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক তেওঁ অনৰ্থক بلغ আল-কোৰআন · তাফছীৰ সৃষ্টি কৰা নাই। এইবোৰৰ কাৰণে তেওঁ এটা ম্যাদো নিৰ্ধাৰণ কৰিছে। নিশ্চয় বহুতো মানুহে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰকৰে। সেইকাৰণেই সিহঁ তে নিজ প্ৰতিপালকৰসন্তু ষ্টি মূ লক নেক কৰ্মবোৰকৰিপুনৰুত্থানৰবাবেপ্ৰ স্তু তি গ্ৰহণ নকৰে।

أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَانُوٓا۟ أَشَدَّ مِنْهُمْ قُوَّةًۭ وَأَثَارُوا۟ ٱلْأَرْضَ وَعَمَرُوهَآ أَكْثَرَ مِمَّا عَمَرُوهَا وَجَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ ۖ فَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ ﴿٩﴾

ইহঁ তে পৃথিৱীত চলাফু ৰা নকৰে নেকি, তেতিয়াহে চিন্তা-চৰ্চা কৰিব পাৰিলেহেঁ তেন যে, ইহঁ তৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁ তৰ কি দশা হৈছিল? সেই উম্মতসমূহ ইহঁ ততকৈও শক্তিশালীআছিল। সিহঁ তে প্ৰচু ৰপৰিমাণে খেতি-বাতি কৰিছিল আৰুনিৰ্মাণ কাৰ্য্যকৰিছিল। ইহঁ ততকৈ সিহঁ তেই অধিক উন্নতি কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে যেতিয়া আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণসমূহ লৈ আগমন কৰিছিল, তেতিয়া সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে কু ফৰী কৰি আৰু নিজকে ধ্বংসৰ গৰাহত নিক্ষেপ কৰিনিজৰেই ক্ষতি কৰিছিল।

ثُمَّ كَانَ عَـٰقِبَةَ ٱلَّذِينَ أَسَـٰٓـُٔوا۟ ٱلسُّوٓأَىٰٓ أَن كَذَّبُوا۟ بِـَٔايَـٰتِ ٱللَّهِ وَكَانُوا۟ بِهَا يَسْتَهْزِءُونَ ﴿١٠﴾

যিসকলে নিজৰ কৰ্মক কলুষিত কৰি আল্লাহৰ লগত শ্বি ৰ্ককৰিছিল, আৰু পাপকৰ্মত লিপ্ত আছিল, সিহঁ তৰ পৰিণাম খুবেই বেয়া হৈছিল। কাৰণ সিহঁ তে আল্লাহৰ আয়াতসমূ হক অস্বীকাৰ কৰিছিল, আৰু সেইবোৰক উপহাস কৰিছিল তথা তিৰস্কাৰ কৰিছিল।

ٱللَّهُ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ثُمَّ إِلَيْهِ تُرْجَعُونَ ﴿١١﴾

পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আল্লাহেই সৃষ্টি ৰশুভাৰম্ভ ণি কৰিছে। তেৱেঁই এইবোৰক ধ্বংস কৰিবআৰুতেৱেঁই পুনৰুত্থিত কৰিব। তাৰপিছত তোমালোকে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁ ৰ ওচৰতেই উভতি যাব লাগিব।

وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يُبْلِسُ ٱلْمُجْرِمُونَ ﴿١٢﴾

যিদিনা কিয়ামত সংঘটি ত হ’ব, সেইদিনা অপৰাধীবিলাক আল্লাহৰৰহমতৰপৰা নিৰাশ হৈ পৰিব। তথা সিহঁ তৰআশাৰবান্ধোন বিচ্ছিন্ন হৈ যাব। কাৰণ সিহঁ তে আল্লাহৰ সন্মুখত কু ফৰক সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিব।

وَلَمْ يَكُن لَّهُم مِّن شُرَكَآئِهِمْ شُفَعَـٰٓؤُا۟ وَكَانُوا۟ بِشُرَكَآئِهِمْ كَـٰفِرِينَ ﴿١٣﴾

পৃথিৱীত সিহঁ তে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰৰ কোনেও সিহঁ তক শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ মধ্যস্ত তা কৰাৰ বাবে আগবাঢ়ি নাহিব। সিহঁ তে নিজৰ অংশীদাৰ স্থাপনৰ বিষয় টোক অস্বীকাৰ কৰি বহিব। কাৰণ সিহঁতে প্ৰকৃ ত প্ৰয়োজনৰ সময় ত সিহঁতক প্ৰৱঞ্চনা কৰিছে। আনহাতে ধ্বংসৰ ক্ষেত্ৰত সিহঁ ত সকলোৱেই সমান পৰ্যায় ৰ।

وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يَوْمَئِذٍۢ يَتَفَرَّقُونَ ﴿١٤﴾

যিদিনা কিয়ামত সংঘটি ত হ’ব সেইদিনা মানুহে পৃথিৱীত কৰা সিহঁতৰ কৰ্মানুসাৰে প্ৰতিদান পোৱাৰ ক্ষেত্ৰত বেলেগ বেলেগ হ’ব। কিছুমান থাকিব জান্নাতৰসুউচ্চ স্থানত। আকৌ আন কিছু মানক আটাইতকৈ নিকৃ ষ্টস্থানত নিক্ষেপ কৰা হ’ব।

فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَهُمْ فِى رَوْضَةٍۢ يُحْبَرُونَ ﴿١٥﴾

এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু এনেকু ৱা সৎকৰ্ম কৰিছে যিবোৰ আল্লাহৰ দৃষ্টি ত পছন্দ নীয় ; তেওঁলোকে জান্নাতৰ এনেকু ৱা নিয়ামতৰ মাজত অৱস্থান কৰিব, যিবোৰ নিয়ামত কেতিয়াও সমাপ্ত নহ’ব। بلغ আল-কোৰআন · তাফছীৰ

وَأَمَّا ٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَا وَلِقَآئِ ٱلْـَٔاخِرَةِ فَأُو۟لَـٰٓئِكَ فِى ٱلْعَذَابِ مُحْضَرُونَ ﴿١٦﴾

আনহাতে যিসকলে আল্লাহৰ লগত কু ফৰী কৰিছে আৰু আমাৰ ৰাছু লৰ ওপৰত অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছে, লগতে আখিৰাতৰ জীৱন আৰু হিচাপ-নিকাচক অস্বীকাৰ কৰিছে, সেইসকল লোককেই শাস্তি ৰ বাবে উপস্থি ত কৰা হ’ব আৰু সিহঁ ত সদায় শাস্তি য়ে উপভোগ কৰিব।

فَسُبْحَـٰنَ ٱللَّهِ حِينَ تُمْسُونَ وَحِينَ تُصْبِحُونَ ﴿١٧﴾

এতেকে তোমালোকে সন্ধিয়াপৰত নিয় মীয়াকৈ আল্লাহৰ পৱিত্ৰতা ঘোষণা কৰা। অৰ্থাৎ মাগৰিব আৰু ঈশ্বাৰ চালাতৰ সময় ত। লগতে পৱিত্ৰতাৰ গুণগান কৰা প্ৰভাতৰ সময় ত, অৰ্থাৎ ফজৰৰ চালাতৰيসময় ত।

وَلَهُ ٱلْحَمْدُ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَعَشِيًّۭا وَحِينَ تُظْهِرُونَ ﴿١٨﴾

সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ পৱিত্ৰ আল্লাহৰ বাবে। আকাশমণ্ডলত তেওঁ ৰ প্ৰশংসা কৰে ফিৰিস্তাসকলে, আৰু পৃথিৱীত তেওঁ ৰ প্ৰশংসা কৰে বিভিন্ন সৃষ্টি সমূ হে। গতিকে তোমালোকে তেওঁ ৰ পৱিত্ৰতা বৰ্ণনা কৰা দিনৰ তৃ তীয়াংশত, অৰ্থাৎ আচৰৰ চালাতৰ সময় ত। লগতে পৱিত্ৰতা বৰ্ণনা কৰা জোহৰৰ সময় ত।

يُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَيُخْرِجُ ٱلْمَيِّتَ مِنَ ٱلْحَىِّ وَيُحْىِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا ۚ وَكَذَٰلِكَ تُخْرَجُونَ ﴿١٩﴾

তেৱেঁই জীৱক নিৰ্জীৱৰ পৰা উলিয়ায় , উদাহৰণস্বৰূপে পানীৰ টোপালৰ পৰা মানৱ আৰু কণীৰ পৰা কু কু ৰাৰ শাৱক। এইদৰে তেৱেঁই মৃতক জীৱিতৰ পৰা উলিয়ায় , যেনেঃ মানু হৰ পৰা বীৰ্যৰ টোপাল, কু কু ৰাৰ পৰা কণী। তথা তেৱেঁই পানী বৰ্ষণ কৰি শুকান মৃ ত ভূ মিক সেউজীয়া কৰি তোলে। এতেকে যিদৰে ভূ মিৰ পৰা উদ্ভিদ উৎপন্ন হৈ সেউজীয়া হৈ পৰে, ঠি ক সেইদৰেই তোমালোকক হিচাপ-নিকাচৰ বাবে কবৰৰ পৰা উলিওৱা হ’ব।

وَمِنْ ءَايَـٰتِهِۦٓ أَنْ خَلَقَكُم مِّن تُرَابٍۢ ثُمَّ إِذَآ أَنتُم بَشَرٌۭ تَنتَشِرُونَ ﴿٢٠﴾

হে মানৱ! আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ এটা অন্যতম প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকক মাটি ৰে সৃষ্টি কৰিছে, অৰ্থাৎ তোমালোকৰ আদি পিতা আদমক তেওঁ মাটি ৰেসৃষ্টি কৰিছিল। তাৰপিছতহে তোমালোকে বংশানু ক্ৰমৰমাধ্যমত বংশবৃদ্ধি কৰিছা আৰু পৃথিৱীত বিস্তৃ ত হৈছা।

وَمِنْ ءَايَـٰتِهِۦٓ أَنْ خَلَقَ لَكُم مِّنْ أَنفُسِكُمْ أَزْوَٰجًۭا لِّتَسْكُنُوٓا۟ إِلَيْهَا وَجَعَلَ بَيْنَكُم مَّوَدَّةًۭ وَرَحْمَةً ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَتَفَكَّرُونَ ﴿٢١﴾

لقوم يتفك رون এইদৰেই তেওঁ ৰ ক্ষমতা আৰু তাওহীদৰ আৰু এটা অন্যতম প্ৰতীক হৈছে এই যে, হে পুৰুষসকল! তেওঁ তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই সহধৰ্মিণী সৃষ্টি কৰিছে। যাতে সজাতি হোৱাৰকাৰণে তোমালোকৰঅন্ত ৰেপ্ৰ শান্তি লাভ কৰিবপাৰে। সিহঁ তৰআৰুতোমালোকৰমাজত সৃষ্টি কৰিদিছে মুহাব্বত আৰু দয়া। নিশ্চয় এইবোৰৰ মাজত সেইসকল লোকৰ বাবে বহুতো স্পষ্ট প্ৰমাণ আৰু নিৰ্দে শনা আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁ লোকেই নিজৰবিবেকৰসদ্ব্যৱহাৰকৰিউপকৃ ত হয় ।

وَمِنْ ءَايَـٰتِهِۦ خَلْقُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَٱخْتِلَـٰفُ أَلْسِنَتِكُمْ وَأَلْوَٰنِكُمْ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّلْعَـٰلِمِينَ ﴿٢٢﴾

তেওঁ ৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তোমালোকৰ বিবিধ ভাষা আৰু নানা তৰহৰ ৰং আদিও হৈছে ইয়াৰ অন্যতম এটা প্ৰতীক। উক্ত বিষয় বোৰৰ মাজত সেইসকল লোকৰ বাবে দলিল আৰু প্ৰমাণ আছে, যিসকল প্ৰকৃ ততে জ্ঞানীতথাবিবেকৱান। بلغ আল-কোৰআন · তাফছীৰ

وَمِنْ ءَايَـٰتِهِۦ مَنَامُكُم بِٱلَّيْلِ وَٱلنَّهَارِ وَٱبْتِغَآؤُكُم مِّن فَضْلِهِۦٓ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَسْمَعُونَ ﴿٢٣﴾

বিভিন্ন পৰিশ্ৰ মত ক্লান্তি ৰ পিছত ৰাতিৰ টোপনি আৰু দিনৰ বিশ্ৰাম আদিও তেওঁ ৰ ক্ষমতা আৰু তাওহীদৰ এটা অন্যতম ডাঙৰ প্ৰতীক। তেওঁ ৰ আন এটা প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকৰ বাবে দিন সৃষ্টি কৰিছে, যাতে তাত তোমালোকে নিজ প্ৰতিপালকে দিয়া জীৱিকাসমূহ অনুসন্ধান কৰিব পাৰা। নিশ্চিতভাৱে উক্ত বিষয় বোৰৰ মাজত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলে চিন্তা-চৰ্চা কৰে তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে মনোযোগ সহকাৰে শুনে।

وَمِنْ ءَايَـٰتِهِۦ يُرِيكُمُ ٱلْبَرْقَ خَوْفًۭا وَطَمَعًۭا وَيُنَزِّلُ مِنَ ٱلسَّمَآءِ مَآءًۭ فَيُحْىِۦ بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَآ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَعْقِلُونَ ﴿٢٤﴾

لٔايت لقوم يعقلون তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম আন এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেৱেঁই তোমালোকক আকাশত বিজুলীৰ চমকণি দেখুৱায়। তোমালোকৰ বাবে তাত বৰষুণৰ আশা আৰু বজ্ৰপাতৰ ভয় একত্ৰিত কৰি দিয়ে । তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী অৱতীৰ্ণ কৰে আৰু সেই পানীৰে শুকান ভূমিত উদ্ভিদ উৎপন্ন কৰি সেউজীয়া কৰি তোলে। নিশ্চিতভাৱে উক্ত বিষয় বোৰৰ মাজত স্পষ্ট দলিল-প্ৰমাণ আছে সেইসকল লোকৰ বাবে যিসকলে নিজৰ বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। গতিকে তেওঁ লোকেই ইয়াৰ দ্বাৰা মৃ ত্যুৰ পিছত হ’বলগীয়া আখিৰাতৰ হিচাপ-নিকাচ আৰু প্ৰতিদানৰপ্ৰ মাণগ্ৰ হণকৰে।

وَمِنْ ءَايَـٰتِهِۦٓ أَن تَقُومَ ٱلسَّمَآءُ وَٱلْأَرْضُ بِأَمْرِهِۦ ۚ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةًۭ مِّنَ ٱلْأَرْضِ إِذَآ أَنتُمْ تَخْرُجُونَ ﴿٢٥﴾

আল্লাহৰ ক্ষমতা আৰু তাওহীদৰ এটোও এটা ডাঙৰ প্ৰতীক যে, আকাশমণ্ডল প্ৰতিষ্ঠি ত হৈ আছে, ভাঙি পৰা নাই। পৃথিৱী স্থি ৰ হৈ আছে, বিদীৰ্ণ হোৱা নাই। এইবোৰসকলো সেই পৱিত্ৰ আল্লাহৰআদেশত হৈ আছে। অৱশেষত তেওঁ যেতিয়া ফিৰিস্তাৰজৰিয় তে শিঙাত ফুঁ দিয়াব, তেতিয়া তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে কবৰৰ পৰা ওলাইلপৰিবা।

وَلَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ كُلٌّۭ لَّهُۥ قَـٰنِتُونَ ﴿٢٦﴾

আকাশমণ্ডলত যি যি আছে সেইসকলো একমাত্ৰ তেওঁৰেই, আৰুপৃথিৱীত যি যি আছে সেইসকলো তেওঁৰেই। তেৱেঁই মালিক, তেৱেঁই সৃষ্টি কৰ্তা আৰু তেৱেঁই সঞ্চালনকাৰী। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টি য়ে ই তেওঁৰ আদেশ মানিবলৈ বাধ্য আৰু তেওঁৰ ওচৰতেই সকলোৱে আত্মসমৰ্পন কৰে।

وَهُوَ ٱلَّذِى يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ وَهُوَ أَهْوَنُ عَلَيْهِ ۚ وَلَهُ ٱلْمَثَلُ ٱلْأَعْلَىٰ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٢٧﴾

তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টি ৰশুভাৰম্ভ ণি কৰিছে। ধ্বংসৰপিছত তেৱেঁই এইবোৰক পুনৰসৃষ্টি কৰিব। প্ৰথমবাৰৰ সৃষ্টি ৰ তু লনাত পুনৰ সৃষ্টি কৰাটো অতি সহজ। যদিও দুয়োটাই তেওঁ ৰ বাবে সহজ। কাৰণ তেওঁ যেতিয়া কোনো বস্তু ক সৃষ্টি কৰিব বিচাৰে, তেতিয়া কেৱল কয় ‘হ’ তৎক্ষণাত সেইটো হৈ যায় । আল্লাহক যিবোৰ গুণেৰে বিশেষিত কৰা হয় যেনেঃ প্ৰতাপশীল আৰু পৰিপূৰ্ণ ও পূৰ্ণাংগ গুণ, সেইসকলো গুণৰ ক্ষেত্ৰত তেওঁ সৰ্বোচ্চ। তেওঁ প্ৰবলপৰাক্ৰ মশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰততেওঁ মহাপ্ৰ জ্ঞাৱান।

ضَرَبَ لَكُم مَّثَلًۭا مِّنْ أَنفُسِكُمْ ۖ هَل لَّكُم مِّن مَّا مَلَكَتْ أَيْمَـٰنُكُم مِّن شُرَكَآءَ فِى مَا رَزَقْنَـٰكُمْ فَأَنتُمْ فِيهِ سَوَآءٌۭ تَخَافُونَهُمْ كَخِيفَتِكُمْ أَنفُسَكُمْ ۚ كَذَٰلِكَ نُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍۢ يَعْقِلُونَ ﴿٢٨﴾

হে মু শ্বৰিকসকল! আল্লাহে তোমালোকৰ বাবে এটা উদাহৰণ দাঙি ধৰিছে, যিটো তোমালোকৰ পৰাই লোৱা হৈছে। কোৱাচোন, তোমালোকৰ দাস-দাসীৰ মাজৰ কোনোবাই তথা তোমালোকৰ অধীনস্থ ব্যক্তি সকলৰ মাজৰ কোনোবাই তোমালোকৰ অংশীদাৰ আছে নেকি, যিজন তোমালোকৰ ধন-সম্পত্তিত সমানভাৱে অংশীদাৰ? নিশ্চয় তোমালোকে সিহঁ তৰ ক্ষেত্ৰতো তেনেকৈয়ে ভয় কৰা, যিদৰে তোমালোকে ধন-সম্পত্তিৰ ভাগত স্বাধীন ব্যক্তি ৰ بلغ আল-কোৰআন · তাফছীৰ অংশীদাৰিত্ব ক ভয় কৰা। তোমালোকে নিজৰ বাবে দাস-দাসীৰ এই অংশীদাৰিত্ব ক পছন্দ কৰিবানে? নিঃসন্দে হে তোমালোকে এইটোক অপছন্দ কৰিবা। তেনে ক্ষেত্ৰত আল্লাহৰ দাস আৰু তেওঁৰ সৃষ্টি ক তেওঁৰ ৰাজত্ব ত অংশীদাৰ কৰাটো তু লনামূলকভাৱে আৰু অধিক সমীচীন নহয় । এনেকু ৱা উদাহৰণ উপস্থাপন কৰি আমি বিভিন্ন প্ৰকাৰৰ দলিল-প্ৰমাণ দাঙি ধৰোঁ, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। কাৰণ তেওঁ লোকেই ইয়াৰদ্বাৰাউপকৃ ত হয় ।

بَلِ ٱتَّبَعَ ٱلَّذِينَ ظَلَمُوٓا۟ أَهْوَآءَهُم بِغَيْرِ عِلْمٍۢ ۖ فَمَن يَهْدِى مَنْ أَضَلَّ ٱللَّهُ ۖ وَمَا لَهُم مِّن نَّـٰصِرِينَ ﴿٢٩﴾

দৰাচলতে দলিল-প্ৰমাণৰ স্বল্পতা আৰু ব্যাখ্যা অবিহনে সিহঁ তে পথভ্ৰ ষ্টহোৱা নাই, বৰং সিহঁ তৰ পথভ্ৰ ষ্টতাৰ প্ৰকৃ ত কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ আৰু পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণ। সিহঁ তৰ ওপৰত থকা আল্লাহৰ হক সম্পৰ্কে সিহঁ তে অজ্ঞ আছিল। এতেকে আল্লাহে যাক পথভ্ৰ ষ্টকৰিব বিচাৰে তাকনো কোনে হিদায় তৰ তাওফীক দিব পাৰে? নিঃসন্দে হে কোনেও তাওফীক দিব নোৱাৰে। সিহঁ তৰ বাবে এনেকু ৱা কোনো সহায় কো নাথাকিব, যিয়ে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব পাৰিব।

فَأَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًۭا ۚ فِطْرَتَ ٱللَّهِ ٱلَّتِى فَطَرَ ٱلنَّاسَ عَلَيْهَا ۚ لَا تَبْدِيلَ لِخَلْقِ ٱللَّهِ ۚ ذَٰلِكَ ٱلدِّينُ ٱلْقَيِّمُ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ ﴿٣٠﴾

হে ৰাছু ল! আপুনি আৰু আপোনাৰ সঙ্গীসকলে সেইফালে মনোনিৱেশ কৰক, যিফালে মনোনিৱেশ কৰাৰ আল্লাহে নিৰ্দে শ দিছে। সকলো ধৰ্মৰ পৰা ধ্যান আঁতৰাই একমাত্ৰ তেওঁ ৰ ওচৰলৈকে ধাৱমান হওক। এইটোৱেই হৈছে ইছলাম ধৰ্ম, স্বভাৱগতভাৱে যিটো ধৰ্ম প্ৰদান কৰি আল্লাহে মানু হক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টি ত কোনো ধৰণৰ পৰিবৰ্তন নাই। এইটোৱেই হৈছে সঠি ক ধৰ্ম, যিটো সকলো প্ৰকাৰ বক্ৰতাৰ পৰা পৱিত্ৰ। কিন্তু অধিকাংশ লোকেই নাজানে যে, সঠি ক ধৰ্মটোৱে হৈছে ইছলাম ধৰ্ম।

۞ مُنِيبِينَ إِلَيْهِ وَٱتَّقُوهُ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَلَا تَكُونُوا۟ مِنَ ٱلْمُشْرِكِينَ ﴿٣١﴾

তোমালোকে নিজৰ গুনাহৰ পৰা তাওবা কৰি পৱিত্ৰ আল্লাহৰ ফালে উভতি আহা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা। পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰা। তথা সেইসকল মু শ্বৰিকৰ অন্ত ৰ্ভু ক্তনহ’বা, যিসকলে আল্লাহৰ লগত শ্বি ৰ্ককৰি স্বভাৱগত ধৰ্মৰ বিৰোধিতা কৰে।

مِنَ ٱلَّذِينَ فَرَّقُوا۟ دِينَهُمْ وَكَانُوا۟ شِيَعًۭا ۖ كُلُّ حِزْبٍۭ بِمَا لَدَيْهِمْ فَرِحُونَ ﴿٣٢﴾

তথা সেইসকল মুশ্বৰিকৰ অন্ত ৰ্ভু ক্তনহ’বা, যিসকলে নিজৰ ধৰ্মক বিকৃ ত কৰিছে। তাৰে কিছু মান বিধানক সিহঁ তে মানি লৈছে আৰু কিছু মানক নাকচ কৰিছে, এইদৰেসিহঁ তে বিভিন্ন গোটত বিভক্ত হৈছে। প্ৰত্যেক গোটৰব্যক্তিবৰ্গই সিহঁ তৰওচৰত থকা অসত্যক লৈ আনন্দি ত। সিহঁ তে ধাৰণা কৰেযে, সত্যৰ ওপৰত কেৱল সিহঁ তেই আছে, আৰু সিহঁ তৰ বাহিৰে সকলোৱে অসত্যৰ পথত পৰিচালিত। ر

وَإِذَا مَسَّ ٱلنَّاسَ ضُرٌّۭ دَعَوْا۟ رَبَّهُم مُّنِيبِينَ إِلَيْهِ ثُمَّ إِذَآ أَذَاقَهُم مِّنْهُ رَحْمَةً إِذَا فَرِيقٌۭ مِّنْهُم بِرَبِّهِمْ يُشْرِكُونَ ﴿٣٣﴾

মু শ্বৰিকসকলে যেতিয়া বেমাৰ-আজাৰ অথবা দৰিদ্ৰ তা নাইবা অভাৱ অনাটনৰ সন্মুখীন হয় , তেতিয়া সিহঁ তে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্ত ন কৰে আৰু বিনীত হৈ এই দুআ কৰে যে, তেওঁ যেন সিহঁ তৰ বিপদ-আপদ দূৰ কৰি দিয়ে । এতেকে তেওঁ যেতিয়া সিহঁ তৰ দুখ-দৈন্যতা আৰু বিপদ-আপদ দূৰ কৰি দিয়ে তেতিয়া সিহঁ তৰ মাজৰ এটা দল শ্বি ৰ্কৰ পথলৈ আকৌ উভতি যায় , আৰু দুআত আনকো অংশীদাৰ কৰে।

لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَـٰهُمْ ۚ فَتَمَتَّعُوا۟ فَسَوْفَ تَعْلَمُونَ ﴿٣٤﴾

আল্লাহৰ নিয়ামতবোৰক যিহেতু সিহঁ তে অস্বীকাৰ কৰিছে, বিপদ-আপদ দূৰ কৰাও এটা নিয়ামত, লগতে পাৰ্থিৱ জীৱনত যি যি সামগ্ৰী লাভ কৰিছে সেইবোৰৰ বাবে কৃ তজ্ঞতা নকৰাকৈয়ে উপভোগ কৰি আছে, সেয়ে কিয়ামতৰ দিনা সিহঁতে শীঘ্ৰে ই অনুভৱ কৰিব যে, সিহঁতে নিশ্চিতভাৱে স্পষ্ট বিভ্ৰান্তি তলিপ্ত আছিল। بلغ আল-কোৰআন · তাফছীৰ أم أنزلنا عليهم سلطنا فهويتكلمبما كانوابه يشركون

أَمْ أَنزَلْنَا عَلَيْهِمْ سُلْطَـٰنًۭا فَهُوَ يَتَكَلَّمُ بِمَا كَانُوا۟ بِهِۦ يُشْرِكُونَ ﴿٣٥﴾

আল্লাহৰ লগত শ্বিৰ্ক কৰিবলৈ সিহঁ তক কিহে আহ্বান কৰিছিল, অথচ সিহঁ তৰ ওচৰত কোনো প্ৰমাণ নাছিল? আমি সিহঁ তৰ ওপৰত কিতাব আকাৰেও কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাছিলোঁ, যাৰ দ্বাৰা শ্বিৰ্ক প্ৰমাণিত হ’ব। আনহাতে সিহঁ তৰ ওচৰত কোনো কিতাবো নাই, যাৰ মাজত শ্বিৰ্ক কৰাৰ দলিল বিচাৰি পাব। অথবা সিহঁ তে অৱস্থান কৰা কু ফৰীক সঠি ক বুলি প্ৰমাণ কৰিবলৈও একো বিচাৰি নাপাব।

وَإِذَآ أَذَقْنَا ٱلنَّاسَ رَحْمَةًۭ فَرِحُوا۟ بِهَا ۖ وَإِن تُصِبْهُمْ سَيِّئَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ إِذَا هُمْ يَقْنَطُونَ ﴿٣٦﴾

যেতিয়া আমি মানুহক কোনো নিয়ামতৰ সোৱাদ ল’বলৈ দিওঁ, উদাহৰণস্বৰূপে সুস্বাস্থ্য আৰু ধন-সম্পদ আদি, তেতিয়া সিহঁ তে গৌৰৱ আৰু অহংকাৰ কৰিবলৈ ধৰে। পক্ষান্ত ৰে সিহঁ তৰ গুনাহৰ ফলস্বৰূপে যদি আমি সিহঁ তক কোনো বেমাৰ-আজাৰ অথবা অভাৱ অনাটনত আক্ৰান্ত কৰোঁ তেন্তে সিহঁ তে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে, আনকি সিহঁ ত ইমান হতাশাগ্ৰ তস্ হয় যে, যেনিবা এই বিপদ সিহঁ তৰপৰা কেতিয়াও আঁতৰিনাযাব।

أَوَلَمْ يَرَوْا۟ أَنَّ ٱللَّهَ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يُؤْمِنُونَ ﴿٣٧﴾

সিহঁ তে লক্ষ্য নকৰে নেকি যে, আল্লাহে তেওঁ ৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে ; ইয়াৰ একমাত্ৰ কাৰণ হৈছে তাক পৰীক্ষা কৰা, সি আল্লাহৰ কৃ তজ্ঞ হয় নে অকৃ তজ্ঞ? আনহাতে তেওঁ যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে , এইটো পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হৈ ক্ৰোধান্বিত হয়? কিছুমানৰ জীৱিকা প্ৰশস্ত কৰা আৰু কিছুমানক সংকীৰ্ণ কৰি দিয়া বিষয়টোত, নিশ্চিতভাৱে মু মিনসকলৰবাবেআল্লাহৰ কৃ পা আৰু অনু গ্ৰহৰপ্ৰ মাণ নিহিত হৈ আছে।

فَـَٔاتِ ذَا ٱلْقُرْبَىٰ حَقَّهُۥ وَٱلْمِسْكِينَ وَٱبْنَ ٱلسَّبِيلِ ۚ ذَٰلِكَ خَيْرٌۭ لِّلَّذِينَ يُرِيدُونَ وَجْهَ ٱللَّهِ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ ﴿٣٨﴾

হে মুছলিমসকল! তোমালোকে নিকটাত্মীয় সকলৰ লগত এনেকু ৱা সদাচৰণ কৰিবা যিটো তেওঁলোকৰ প্ৰাপ্য। অভাৱীক দান কৰা, যাতে সি নিজৰ অভাৱ দূৰ কৰিব পাৰে। তথা সেই ভ্ৰমণকাৰীকো দান কৰা, যিয়ে অভাৱত ঘৰলৈ উভতি যাব পৰা নাই। এই নেকীৰ শিতানবোৰত দান কৰাটো সেইসকল লোকৰ বাবে অতি কল্যাণকৰ, যিসকলে আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰিব বিচাৰে। এইবোৰ সহায় -সহযোগিতা আৰু অধিকাৰক যিসকল লোকে প্ৰাধান্য দিয়ে , সেইসকল লোকেই নিজৰউদ্দেশ্যত অৰ্থাৎ জান্নাত লাভ কৰাত সফল হ’ব, লগতে তেওঁ লোকে ভয় কৰা শাস্তি ৰপৰা সুৰক্ষিত থাকিব।

وَمَآ ءَاتَيْتُم مِّن رِّبًۭا لِّيَرْبُوَا۟ فِىٓ أَمْوَٰلِ ٱلنَّاسِ فَلَا يَرْبُوا۟ عِندَ ٱللَّهِ ۖ وَمَآ ءَاتَيْتُم مِّن زَكَوٰةٍۢ تُرِيدُونَ وَجْهَ ٱللَّهِ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُضْعِفُونَ ﴿٣٩﴾

তোমালোকে অধিক বৃদ্ধিকৈ পোৱাৰ আশাত যদি কাৰোবাক ধন-সম্পদ প্ৰদান কৰা, তেন্তে জানি থোৱা আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব বৃদ্ধি নহয় । আনহাতে যদি কাৰোবাৰ অভাৱ দূৰ কৰিবলৈ তথা আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰিবলৈ ধন দান কৰা, যাৰ বিনিময় ত তোমালোকে মৰ্যাদা কামনা নকৰা আৰু মানু হৰ প্ৰশংসা বিচৰাটোও তোমালোকৰ উদ্দেশ্য নহয় , তেন্তে জানি থোৱা, তেনেকু ৱা লোককেই তেওঁ লোকৰ ছোৱাব আল্লাহৰ ওচৰত অধিক বৃদ্ধিকৈ প্ৰদান কৰাহ’ব।

ٱللَّهُ ٱلَّذِى خَلَقَكُمْ ثُمَّ رَزَقَكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۖ هَلْ مِن شُرَكَآئِكُم مَّن يَفْعَلُ مِن ذَٰلِكُم مِّن شَىْءٍۢ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ ﴿٤٠﴾

وتعل عما يشركون ى একমাত্ৰ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক জীৱিকা দান কৰিছে, তথা তেৱেঁই তোমালোকক মৃ ত্যু দান কৰিব আৰু তাৰ পিছত তোমালোকক একত্ৰিত কৰিবলৈ পুনৰ্জীৱিত কৰিব। আল্লাহক এৰি তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰৰ মাজৰ কোনোবাই এইবোৰ কাম কৰিব পাৰিবনে? নিশ্চিতভাৱে আল্লাহ মহা পৱিত্ৰ সেই সকলো বিষয় ৰ পৰা, যিবোৰ মু শ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে। بلغ আল-কোৰআন · তাফছীৰ

ظَهَرَ ٱلْفَسَادُ فِى ٱلْبَرِّ وَٱلْبَحْرِ بِمَا كَسَبَتْ أَيْدِى ٱلنَّاسِ لِيُذِيقَهُم بَعْضَ ٱلَّذِى عَمِلُوا۟ لَعَلَّهُمْ يَرْجِعُونَ ﴿٤١﴾

জল আৰু স্থলত বিপৰ্যয় সৃষ্টি হৈছে, যিবোৰ দুৰ্ভিক্ষ, কেতিয়াবা বৰষুণৰ নাটনি আকৌ কেতিয়াবা অধিক বৃষ্টি , শৰীৰত অচিন ৰোগ আৰু মহামাৰী আদিৰ ৰূপত প্ৰকাশ পাইছে। এইবোৰ সংঘটি ত হোৱাৰ অন্যতম কাৰণ হৈছে সিহঁ তৰ পাপকৰ্ম। আল্লাহে সিহঁ তক সিহঁ তৰ কিছু মান বেয়া কৰ্মৰ পৰিণাম এই পৃথিৱীতেই ভোগ কৰায় , যাতে সিহঁ তে তাওবা কৰি আল্লাহৰ ফালে উভতি আহিব পাৰে।

قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلُ ۚ كَانَ أَكْثَرُهُم مُّشْرِكِينَ ﴿٤٢﴾

হে ৰাছু ল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয় ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, তোমালোকৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁ তৰ কেনেকু ৱা পৰিণাম হৈছিল? নিশ্চয় সিহঁ তৰ পৰিণাম অতি বেয়া আছিল। সিহঁ তৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল। তেওঁৰ সৈতে অন্যান্য উপাস্যৰো উপাসনা কৰিছিল। গতিকে আল্লাহৰলগত এই শ্বি ৰ্ককৰাৰকাৰণেই সিহঁ তক ধ্বংস কৰা হৈছে।

فَأَقِمْ وَجْهَكَ لِلدِّينِ ٱلْقَيِّمِ مِن قَبْلِ أَن يَأْتِىَ يَوْمٌۭ لَّا مَرَدَّ لَهُۥ مِنَ ٱللَّهِ ۖ يَوْمَئِذٍۢ يَصَّدَّعُونَ ﴿٤٣﴾

হে ৰাছুল! আপুনি কিয়ামত অহাৰ পূৰ্বেই পৰিপূৰ্ণৰূপে ইছলামৰ পিনে মনোনিৱেশ কৰক, কাৰণ কিয়ামতক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিব। এইটোৱে হৈছে সঠি ক ধৰ্ম, যি ধৰ্মত কোনো ধৰণৰ বক্ৰ তা নাই। সেইদিনা মানুহবোৰ বিভিন্ন গোটত বিভক্ত থাকিব। এটা দল জান্নাতত প্ৰৱেশ কৰিব, যিসকলে নিয়ামতৰ মাজত অৱস্থান কৰিব। আৰু আনটো দল যাব জাহান্নামত, যিসকলে শাস্তি ৰ মাজত অৱস্থান কৰিব।

مَن كَفَرَ فَعَلَيْهِ كُفْرُهُۥ ۖ وَمَنْ عَمِلَ صَـٰلِحًۭا فَلِأَنفُسِهِمْ يَمْهَدُونَ ﴿٤٤﴾

যিয়ে আল্লাহক অস্বীকাৰ কৰিব, সেই অস্বীকাৰৰ শাস্তি সি নিজেই ভোগ কৰিব। অৰ্থাৎ সি চিৰকাল জাহান্নামত অৱস্থান কৰিব। আনহাতে যিয়ে আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰাৰ বাবে সৎকৰ্ম কৰিব, তেওঁ নিজকে জান্নাতত প্ৰৱেশ কৰাৰ যোগ্য কৰি তু লিব আৰু তাত থকা নিয়ামতবোৰ উপভোগ কৰাৰ পথপ্ৰ শস্ত কৰিব। তাত তেওঁ চিৰকালঅৱস্থান কৰিব।

لِيَجْزِىَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ مِن فَضْلِهِۦٓ ۚ إِنَّهُۥ لَا يُحِبُّ ٱلْكَـٰفِرِينَ ﴿٤٥﴾

যাতে আল্লাহে সেইসকল লোকক উত্তম প্ৰতিফল দিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ অনুগ্ৰ হত তেওঁক সন্তু ষ্টকৰিব পৰা সৎকৰ্ম কৰিছে। নিশ্চয় আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে তেওঁ ক আৰু তেওঁ ৰৰাছু লসকলক অস্বীকাৰকৰে। বৰংতেওঁ সিহঁ তৰপ্ৰ তি ভীষণ অসন্তু ষ্টহয় । অচিৰেই সিহঁ তককিয়ামতৰদিনাশাস্তি বিহিব।

وَمِنْ ءَايَـٰتِهِۦٓ أَن يُرْسِلَ ٱلرِّيَاحَ مُبَشِّرَٰتٍۢ وَلِيُذِيقَكُم مِّن رَّحْمَتِهِۦ وَلِتَجْرِىَ ٱلْفُلْكُ بِأَمْرِهِۦ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ ﴿٤٦﴾

ولعل كم تشكرون আল্লাহৰ ক্ষমতা আৰু তেওঁ ৰ তাওহীদৰ এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেওঁ বৰষুণৰ পূৰ্বে বতাহৰ জৰিয় তে বান্দাসকলক সুসংবাদ প্ৰে ৰণ কৰে। হে মানৱ! ইয়াৰ কাৰণ হৈছে যাতে তেওঁ তোমালোকক বৰষুণৰ ফলত হ’বলগীয়া সেউজীয়া পৰিৱেশ আৰু সুখ-সমৃ দ্ধি আদি উপভোগ কৰাব পাৰে, লগতে তেওঁ ৰ আদেশত যাতে সাগৰত নৌ-যান চলাচল কৰিব পাৰে, আৰু মানু হে যাতে সাগৰীয় ব্যৱসায় -বাণিজ্যৰ দ্বাৰা তেওঁ ৰ অনু গ্ৰহ অনু সন্ধান কৰিব পাৰে। তথা আল্লাহে তোমালোকক যি নিয়ামত দান কৰিছে সেইবোৰৰ বাবে যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। ফলত তেওঁ তোমালোকক আৰু অধিক প্ৰদান কৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَآءُوهُم بِٱلْبَيِّنَـٰتِ فَٱنتَقَمْنَا مِنَ ٱلَّذِينَ أَجْرَمُوا۟ ۖ وَكَانَ حَقًّا عَلَيْنَا نَصْرُ ٱلْمُؤْمِنِينَ ﴿٤٧﴾

হে ৰাছু ল! আমি আপোনাৰ পূৰ্বেও বহুতো ৰাছু লক তেওঁ লোকৰ জাতিৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ। এতেকে তেওঁ লোকে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ যথেষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। তথাপিও ৰাছু লসকলে লৈ অহা বাৰ্তাক সিহঁ তে অস্বীকাৰ কৰিছিল। সেয়ে আমি পাপকৰ্মকাৰী লোকসকলৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু সিহঁতক আমাৰ শাস্তি ৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। আনহাতে ৰাছুলসকলক আৰু মুমিনসকলক সেই ধ্বংসৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ মু মিনসকলক ৰক্ষা কৰা আৰু তেওঁ লোকক সহায় কৰা আমাৰ ওপৰত অনিবাৰ্য্য আছিল।

ٱللَّهُ ٱلَّذِى يُرْسِلُ ٱلرِّيَـٰحَ فَتُثِيرُ سَحَابًۭا فَيَبْسُطُهُۥ فِى ٱلسَّمَآءِ كَيْفَ يَشَآءُ وَيَجْعَلُهُۥ كِسَفًۭا فَتَرَى ٱلْوَدْقَ يَخْرُجُ مِنْ خِلَـٰلِهِۦ ۖ فَإِذَآ أَصَابَ بِهِۦ مَن يَشَآءُ مِنْ عِبَادِهِۦٓ إِذَا هُمْ يَسْتَبْشِرُونَ ﴿٤٨﴾

পৱিত্ৰ আল্লাহেই বতাহক সঞ্চালন কৰে, আৰুইফালে সিফালে প্ৰে ৰণ কৰে। সেই বতাহৰদ্বাৰাই তেওঁ মেঘক আকাশত নিজ ইচ্ছা মতে প্ৰসাৰিত কৰে আৰু সেইবোৰক বিভিন্ন টুকু ৰাত বিভক্ত কৰে, কম হওক অথবা বেছি। এতেকে হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তু মি সেই মেঘৰ ভিতৰৰ পৰা বৰষুণ অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা। এতেকে আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যিসকলক ইচ্ছা কৰে বৰষুণ প্ৰদান কৰে। বৰষুণৰ ৰূপত তেওঁলোকে আল্লাহৰ ৰহমত লাভ কৰি আনন্দি ত হয় । কাৰণ বৰষুণৰ পিছত স্বয়ং সিহঁ তৰ বাবে আৰু জীৱ-জন্তু ৰ বাবে ভূমিৰ পৰা অত্যাৱশ্যকীয় খাদ্যদ্ৰ ৱ্যউৎপাদনহয় । وإن كانوامن قبل أن ينزل عليهم من قبله لمبلسين

وَإِن كَانُوا۟ مِن قَبْلِ أَن يُنَزَّلَ عَلَيْهِم مِّن قَبْلِهِۦ لَمُبْلِسِينَ ﴿٤٩﴾

এই কথানিশ্চিত যে,আল্লাহে সিহঁ তৰওপৰত বৰষুণ অৱতীৰ্ণ কৰাৰপূৰ্বে,সিহঁ তে বৰষুণৰপৰানিৰাশ হৈ পৰিছিল।

فَٱنظُرْ إِلَىٰٓ ءَاثَـٰرِ رَحْمَتِ ٱللَّهِ كَيْفَ يُحْىِ ٱلْأَرْضَ بَعْدَ مَوْتِهَآ ۚ إِنَّ ذَٰلِكَ لَمُحْىِ ٱلْمَوْتَىٰ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٥٠﴾

হে ৰাছু ল! আপুনি বৰষুণৰ প্ৰভাৱৰ প্ৰতি মন কৰকচোন, যি বৰষুণক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে ৰহমতস্বৰূপ প্ৰে ৰণ কৰে। কিদৰে তেওঁ মৃত ভূ মিক জীৱিত কৰিতাত বিভিন্ন প্ৰকাৰৰউদ্ভিদ উৎপন্ন কৰে! জানি থওক,যি সত্তাই এই মৃ ত ভূ মিক জীৱিত কৰে,নিশ্চিতভাৱেতেৱেঁই মৃ ত লোকসকলক জীৱিত কৰিপুনৰুত্থিত কৰিব। তেওঁ সকলোবস্তু ৰওপৰত ক্ষমতাৱান।ر তেওঁ ৰক্ষমতাৰবাহিৰত একোৱেই নাই। ولئن أرسلنا ريحا فرأوه مصف الظلوا من بعده يكفرون

وَلَئِنْ أَرْسَلْنَا رِيحًۭا فَرَأَوْهُ مُصْفَرًّۭا لَّظَلُّوا۟ مِنۢ بَعْدِهِۦ يَكْفُرُونَ ﴿٥١﴾

যদি আমি সিহঁ তৰখেতি-পথাৰত বিনাশকাৰী বতাহ প্ৰে ৰণ কৰোঁ,যি বতাহে সিহঁ তৰখেতি-বাতি তচনচ কৰিপেলাব,আৰুসিহঁ তে যদি সেউজীয়া পথাৰক হালধীয়া দেখিবলৈ পায় , তেন্তে পূৰ্বৱৰ্তী আল্লাহৰ অসংখ্য নিয়ামতসমূ হক পাহৰি অকৃ তজ্ঞ হৈ পৰে।

فَإِنَّكَ لَا تُسْمِعُ ٱلْمَوْتَىٰ وَلَا تُسْمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوْا۟ مُدْبِرِينَ ﴿٥٢﴾

যিদৰে আপুনি মৃত ব্যক্তিক শুনাব নোৱাৰে, সেইদৰে আপুনি বধিৰ (কলা) ব্যক্তিকো শুনাব নোৱাৰে, সিহঁ তে নুশুনাৰ কাৰণেই আপোনাৰ পৰা আঁতৰি যায় । ঠি ক সেইদৰেই আপুনি সেইসকল লোককো সঠি ক পথলৈ ঘূৰাই আনিব নোৱাৰিব, যিসকলে ইহঁ তৰ দৰেই উপকৃ ত হোৱাৰ পৰা বঞ্চিত হৈ বিমুখ হৈ উভতি যায় ।

وَمَآ أَنتَ بِهَـٰدِ ٱلْعُمْىِ عَن ضَلَـٰلَتِهِمْ ۖ إِن تُسْمِعُ إِلَّا مَن يُؤْمِنُ بِـَٔايَـٰتِنَا فَهُم مُّسْلِمُونَ ﴿٥٣﴾

আপুনি সেই ব্যক্তিক কেতিয়াও সঠি ক পথৰ তাওফীক দিব নোৱাৰে, যিয়ে উৎকৃ ষ্টপথৰ পৰা বিভ্ৰান্ত হৈছে। আপুনি কেৱল সেইসকল লোককেই উপকৃ ত কৰাৰ উদ্দেশ্যে শুনাব পাৰিব, যিসকলে আমাৰ আয়াতসমূহক বিশ্বাস কৰে। কাৰণ তেওঁলোকেই আপোনাৰ কথাৰ দ্বাৰা উপকৃ ত হয় । তেওঁ লোকেই আমাৰআদেশ পালন কৰেআৰুসেইমতে নত স্বীকাৰকৰে। بلغ আল-কোৰআন · তাফছীৰ

۞ ٱللَّهُ ٱلَّذِى خَلَقَكُم مِّن ضَعْفٍۢ ثُمَّ جَعَلَ مِنۢ بَعْدِ ضَعْفٍۢ قُوَّةًۭ ثُمَّ جَعَلَ مِنۢ بَعْدِ قُوَّةٍۢ ضَعْفًۭا وَشَيْبَةًۭ ۚ يَخْلُقُ مَا يَشَآءُ ۖ وَهُوَ ٱلْعَلِيمُ ٱلْقَدِيرُ ﴿٥٤﴾

হে মানৱজাতি! আল্লাহেই তোমালোকক তু চ্ছপানীৰপৰাসৃষ্টি কৰিছে। তেৱেঁই তোমালোকক শৈশৱৰনিৰ্বলতাৰপিছত যৌৱনৰশক্তি প্ৰদান কৰিছে। আকৌ যৌৱনৰ শক্তি ৰ পিছত পুনৰ বৃদ্ধ বয় সৰ দুৰ্বলতা আৰু বলহীনতা প্ৰদান কৰিব। শক্তি সামৰ্থই হওক অথবা দুৰ্বলতা, আল্লাহে নিজ ইচ্ছামতে সৃষ্টি কৰে। তেওঁ সকলোবিষয়ে সৰ্বজ্ঞ। তেওঁ ৰপৰাএকোৱেই গোপন নহয় । তেওঁ মহাশক্তি শালী,তেওঁ ৰশক্তি ৰবাহিৰত একোৱেই নাই।

وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يُقْسِمُ ٱلْمُجْرِمُونَ مَا لَبِثُوا۟ غَيْرَ سَاعَةٍۢ ۚ كَذَٰلِكَ كَانُوا۟ يُؤْفَكُونَ ﴿٥٥﴾

যিদিনা কিয়ামত সংঘটি ত হ’ব, সেইদিনা অপৰাধীবিলাকে শপত খাই ক’বযে, আমি কবৰত কেৱল কিছু সময় হে অৱস্থান কৰিছিলোঁ। যিদৰেসিহঁ তক কবৰত অৱস্থান কৰা সময় সম্পৰ্কীয় তথ্যৰ পৰা আঁতৰাই ৰখা হৈছে, ঠি ক সেইদৰে পৃথিৱীতো সিহঁ তে সত্যৰ পৰা আঁতৰি ফু ৰিছিল।

وَقَالَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ وَٱلْإِيمَـٰنَ لَقَدْ لَبِثْتُمْ فِى كِتَـٰبِ ٱللَّهِ إِلَىٰ يَوْمِ ٱلْبَعْثِ ۖ فَهَـٰذَا يَوْمُ ٱلْبَعْثِ وَلَـٰكِنَّكُمْ كُنتُمْ لَا تَعْلَمُونَ ﴿٥٦﴾

تعلمون যিসকলক আল্লাহে জ্ঞান দান কৰিছিল অৰ্থাৎ নবী আৰু ফিৰিস্তাসকলে ক'বঃ তোমালোকে সেই পুনৰুত্থান দিৱসলৈকে অৱস্থান কৰিছা, যিটোক আল্লাহে তেওঁ ৰ জ্ঞান অনু সাৰে তোমালোকৰ সৃষ্টি ৰ সময় তেই নিৰ্ধাৰণ কৰি লিখি ৰাখিছিল, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। এতেকে এইটোৱেই হৈছে সেই দিন, যিদিনা মানু হক সিহঁ তৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব। দৰাচলতে তোমালোকে জনাই নাছিলা যে, আখিৰাতৰ বাবে পুনৰ্জীৱন লাভ কৰাটো এটা চিৰসত্য বিষয় । সেইকাৰণেই তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।

فَيَوْمَئِذٍۢ لَّا يَنفَعُ ٱلَّذِينَ ظَلَمُوا۟ مَعْذِرَتُهُمْ وَلَا هُمْ يُسْتَعْتَبُونَ ﴿٥٧﴾

যিদিনা আল্লাহে সৃষ্টি বোৰক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰ্জীৱিত কৰিব, সেইদিনা যালিমসকলৰ কোনো অজুহাত কামত নাহিব। আনকি তাওবা কৰি আল্লাহৰ ওচৰত সিহঁ তক উভতি অহাৰো সুযোগ দিয়া নহ’ব। কাৰণ এই সুযোগ সিহঁ তে পূৰ্বেই হেৰুৱাইছে।

وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِى هَـٰذَا ٱلْقُرْءَانِ مِن كُلِّ مَثَلٍۢ ۚ وَلَئِن جِئْتَهُم بِـَٔايَةٍۢ لَّيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓا۟ إِنْ أَنتُمْ إِلَّا مُبْطِلُونَ ﴿٥٨﴾

আমি মানু হৰপ্ৰ তি বিশেষ মনোযোগ প্ৰদান কৰিসিহঁ তৰবাবেএই কোৰআনত সকলো প্ৰকাৰৰউদাহৰণ দাঙি ধৰিছোঁ। যাতে সিহঁ তৰসন্মুখত অসত্যৰ পৰা সত্য স্পষ্ট হৈ পৰে। হে ৰাছুল! আপুনি যদি সিহঁতৰ ওচৰত আপোনাৰ সত্যতাৰ কোনো প্ৰমাণ লৈ আহে, তথাপিও আল্লাহক অস্বীকাৰ কৰা লোকসকলে নিশ্চয় ক’বঃ তোমালোক হৈছা বাতিলপন্থী, আৰু এই তথ্যবোৰো তোমালোকৰ মনেসজা।

كَذَٰلِكَ يَطْبَعُ ٱللَّهُ عَلَىٰ قُلُوبِ ٱلَّذِينَ لَا يَعْلَمُونَ ﴿٥٩﴾

যিদৰে এইসকল লোকৰ অন্ত ৰত মোহৰ মাৰি দিয়া হৈছে, যিসকলে আপুনি লৈ অহা আয়াতক বিশ্বাস নকৰে, ঠি ক সেইদৰে আল্লাহে সেইসকল লোকৰ অন্ত ৰতো মোহৰ মাৰি দিয়ে , যিসকলে এই কথা নাজানে যে, আপুনি সিহঁ তৰقওচৰত যি লৈ আহিছে সেইবোৰ হৈছে সত্য।

فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ ۖ وَلَا يَسْتَخِفَّنَّكَ ٱلَّذِينَ لَا يُوقِنُونَ ﴿٦٠﴾

হে ৰাছু ল! আপোনাৰসম্প্ৰ দায়ে আপোনাক অস্বীকাৰকৰিছে,গতিকে আপুনি ধৈৰ্য্যধাৰণ কৰক। আল্লাহে আপোনাক সহায় কৰাৰআৰুপ্ৰ তিষ্ঠি ত কৰাৰ যি প্ৰতিশ্ৰুতি দান কৰিছে,নিশ্চিতভাৱেসেই প্ৰতিশ্ৰুতি সত্য। ইয়াত সন্দে হৰকোনো অৱকাশ নাই। আখিৰাতৰপুনৰ্জীৱনক বিশ্বাস নকৰা লোকসকলে যাতে আপোনাক অধৈৰ্য্য হ’বলৈ তথা খৰধৰ কৰিবলৈ উচটনি দিব নোৱাৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Ar-Room — الروم

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা