الٓمٓ ﴿١﴾
(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Luqman (31)
মক্কী · 34 আয়াত
الٓمٓ ﴿١﴾
(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে।
تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْحَكِيمِ ﴿٢﴾
হে ৰাছু ল! আপোনাৰওপৰত অৱতীৰ্ণ হোৱাএই আয়াতসমূ হ হৈছে সেই গ্ৰন্থৰআয়াত,যিখন হিকমতৰদ্বাৰাপৰিপূৰ্ণ। هدى ورحمة للمح سنين
هُدًۭى وَرَحْمَةًۭ لِّلْمُحْسِنِينَ ﴿٣﴾
এই গ্ৰন্থখন সেইসকল লোকৰ বাবে হিদায় ত আৰু ৰহমতস্ব ৰূপ, যিসকলে সৎকৰ্ম কৰে। অৰ্থাৎ আল্লাহ আৰু তেওঁ ৰ বান্দাসকলৰ প্ৰাপ্য অধিকাৰ আদায় কৰে।
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ يُوقِنُونَ ﴿٤﴾
যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰে, তথা তেওঁ লোকেই আখিৰাতত হ’বলগীয়া পুনৰ্জীৱন, হিচাপ-নিকাচ আৰুছোৱাবতথাশাস্তি ৰপ্ৰ তি বিশ্বাস পোষণ কৰে।
أُو۟لَـٰٓئِكَ عَلَىٰ هُدًۭى مِّن رَّبِّهِمْ ۖ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ ﴿٥﴾
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত প্ৰতিষ্ঠি ত। তেওঁলোকেই নিজৰ উদ্দেশ্যত সফল হ’ব। তথা তেওঁ লোকেই ভয় -ভীতিৰপৰা সুৰক্ষিত থাকিব।
وَمِنَ ٱلنَّاسِ مَن يَشْتَرِى لَهْوَ ٱلْحَدِيثِ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِ بِغَيْرِ عِلْمٍۢ وَيَتَّخِذَهَا هُزُوًا ۚ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌۭ مُّهِينٌۭ ﴿٦﴾
মানুহৰ মাজত এনেকু ৱা কিছু মান মানুহো আছে (উদাহৰণস্বৰূপে নজৰ বিন হাৰিছ), যিসকলে আল্লাহৰ পৰা অমনোযোগী কৰিব পৰা বস্তু বোৰ ক্ৰয় কৰে, যাতে মানুহক আল্লাহৰ দ্বীনৰ পৰা কোনো তথ্য নোহোৱাকৈয়ে আঁতৰাই আনিব পাৰে। তথা আল্লাহৰ আয়াতসমূহক হাঁহিয়াতৰ পাত্ৰ বনাই লয় আৰুসেইবোৰক লৈ উপহাস কৰে। এনেকু ৱাস্ব ভাৱৰলোকসকলৰবাবেই আখিৰাতত আছে অতি লাঞ্ছনাদায় ক শাস্তি ।
وَإِذَا تُتْلَىٰ عَلَيْهِ ءَايَـٰتُنَا وَلَّىٰ مُسْتَكْبِرًۭا كَأَن لَّمْ يَسْمَعْهَا كَأَنَّ فِىٓ أُذُنَيْهِ وَقْرًۭا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ ﴿٧﴾
যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় , তেতিয়া সি সেইবোৰ মনোযোগ সহকাৰে শুনাৰ বিপৰীতে এনেকৈ অহংকাৰ কৰি উভতি যায় যেনিবাসি একোশুনাই নাই। যেনিবাসি এজন বধিৰ,শ্ৰৱণশক্তি নাইকিয়াহৈছে। হে ৰাছু ল! আপুনি এনেকু ৱালোকক কষ্ট দায় ক শাস্তি ৰসংবাদ দিয় ক, যি শাস্তি তাৰ বাবে অপেক্ষা কৰি আছে।
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُمْ جَنَّـٰتُ ٱلنَّعِيمِ ﴿٨﴾
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে নিশ্চিতভাৱে তেওঁ লোকৰ বাবে আছে নিয়ামতেৰে ভৰা জান্নাত। তেওঁ লোকে তাত আল্লাহে প্ৰস্তু ত কৰা নিয়ামতবোৰ চিৰকাল উপভোগ কৰিব। بلغ আল-কোৰআন · তাফছীৰ ق
خَـٰلِدِينَ فِيهَا ۖ وَعْدَ ٱللَّهِ حَقًّۭا ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٩﴾
তেওঁলোকে সেই নিয়ামতবোৰৰ মাজত চিৰকাল অৱস্থান কৰিব। আল্লাহে এই বিষয়ে তেওঁলোকক সত্য প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ মাজত সন্দে হৰ কোনো অৱকাশ নাই। তেওঁ অতি পৱিত্ৰ, মহাপৰাক্ৰমশালী; যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয় তপ্ৰ ণয় নতমহাপ্ৰ জ্ঞাৱান।
خَلَقَ ٱلسَّمَـٰوَٰتِ بِغَيْرِ عَمَدٍۢ تَرَوْنَهَا ۖ وَأَلْقَىٰ فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِكُمْ وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٍۢ ۚ وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍۢ كَرِيمٍ ﴿١٠﴾
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডলক কোনো খুঁটা নোহোৱাকৈ সুউচ্চ কৰি ৰাখিছে। লগতে পৃথিৱীত প্ৰতিষ্ঠি ত কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক বহন কৰিলৰচৰকৰিবনোৱাৰে। লগতে পৃথিৱীৰওপৰত প্ৰসাৰিত কৰিছে বিভিন্ন প্ৰকাৰৰজীৱ-জন্তু । তেৱেঁই আকাশৰপৰা পানী বৰষায় ,যাৰফলত পৃথিৱীৰবুকু ত সৌন্দ ৰ্যময় বিভিন্ন প্ৰকাৰৰউদ্ভিদ উৎপন্ন হয় ,যিবোৰৰদ্বাৰা মানু হ আৰুজীৱ-জন্তু সকলোৱেউপকৃ ত হয় ।
هَـٰذَا خَلْقُ ٱللَّهِ فَأَرُونِى مَاذَا خَلَقَ ٱلَّذِينَ مِن دُونِهِۦ ۚ بَلِ ٱلظَّـٰلِمُونَ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿١١﴾
এই সকলোবোৰ হৈছে আল্লাহে সৃষ্টি কৰা বস্তু । এতেকে হে মুশ্বৰিকসকল! আল্লাহক এৰি তোমালোকে যিবোৰৰ উপাসনা কৰা সেইবোৰে কিবা সৃষ্টি কৰিছেনে? প্ৰকৃ ততে এই অন্যায় কাৰী লোকসকল সত্যৰপৰা স্পষ্ট ভাৱেবিভ্ৰান্ত হৈ আছে। কিয় নো সিহঁ তে নিজ প্ৰতিপালকৰসৈতে এনেকু ৱা বস্তু ক শ্বি ৰ্ককৰে, যিবোৰে একো সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁ ত নিজেই সৃষ্ট ।
وَلَقَدْ ءَاتَيْنَا لُقْمَـٰنَ ٱلْحِكْمَةَ أَنِ ٱشْكُرْ لِلَّهِ ۚ وَمَن يَشْكُرْ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِۦ ۖ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِىٌّ حَمِيدٌۭ ﴿١٢﴾
নিশ্চয় আমি লুকমানক পৰিপূৰ্ণ ধৰ্মবোধ আৰু সঠি ক নিৰ্ণয় কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ আৰু তেওঁক কৈছিলোঁ, হে লুকমান! নিজ প্ৰতিপালকৰ কৃ তজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেৱেঁই তোমাক, তেওঁ ৰ আনু গত্য কৰাৰ তাওফীক প্ৰদান কৰিছে। যিয়ে নিজ প্ৰতিপালকৰ কৃ তজ্ঞতা জ্ঞাপন কৰিব, সেই কৃ তজ্ঞতাৰপ্ৰ তিফল তেওঁ নিজেই ভোগ কৰিব। কাৰণ আল্লাহ কৃ তজ্ঞতাৰমুখাপেক্ষী নহয় । আনহাতে যিয়ে আল্লাহৰনিয়ামতক অস্বীকাৰকৰিবআৰু অকৃতজ্ঞ হ’ব, এই অকৃতজ্ঞতাৰ ক্ষতিৰ সন্মুখীন সি নিজেই হ’ব। সি আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। কাৰণ তেওঁ সকলো সৃষ্টি ৰ পৰা অমু খাপেক্ষী। সকলোঅৱস্থাতেই প্ৰশংসনীয় ।
وَإِذْ قَالَ لُقْمَـٰنُ لِٱبْنِهِۦ وَهُوَ يَعِظُهُۥ يَـٰبُنَىَّ لَا تُشْرِكْ بِٱللَّهِ ۖ إِنَّ ٱلشِّرْكَ لَظُلْمٌ عَظِيمٌۭ ﴿١٣﴾
হে ৰাছু ল! স্মৰণ কৰক, যেতিয়া লুকমানে তেওঁ ৰ পুত্ৰক কল্যাণৰ উপদেশ প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা সতৰ্ক কৰি কৈছিলঃ হে মোৰ পুত্ৰ! আল্লাহৰ ইবাদতত আনক অংশীদাৰ স্থাপন নকৰিবা। কাৰণ আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা কৰাটো হৈছে মহা অন্যায় । নিশ্চিতভাৱে এইটো মহাপাপ, আৰু ইয়াৰ ফলত মানু হ চিৰস্থায়ী জাহান্নামী হয় ।
وَوَصَّيْنَا ٱلْإِنسَـٰنَ بِوَٰلِدَيْهِ حَمَلَتْهُ أُمُّهُۥ وَهْنًا عَلَىٰ وَهْنٍۢ وَفِصَـٰلُهُۥ فِى عَامَيْنِ أَنِ ٱشْكُرْ لِى وَلِوَٰلِدَيْكَ إِلَىَّ ٱلْمَصِيرُ ﴿١٤﴾
আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ আৰু তেওঁলোকৰ সৈতে সদাচৰণ কৰাৰ আদেশ দিছোঁ, কিন্তু তেওঁলোকে যদি আল্লাহৰ অবাধ্যতামূলক কোনো নিৰ্দে শ দিয়ে তেন্তে সেই নিৰ্দে শ পালন কৰা সিহঁ তৰ বাবে বৈধ নহয় । মাকে কষ্ট ৰ ওপৰত কষ্ট সহ্য কৰি তাক পেটত বহন কৰিছে, আৰু দুবছৰ পৰ্যতন্ পিয়াহ খুওৱাইছে। আমি তাক কৈছোঁ, আল্লাহে তোমাক যি নিয়ামত দান কৰিছে, তাৰ বাবে তু মি তেওঁৰ কৃ তজ্ঞতা জ্ঞাপন কৰা। তাৰ পিছত তোমাৰ পিতৃ -মাতৃ ৰ কৃ তজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেওঁলোকে তোমাক লালন-পালন কৰিছে আৰু চোৱাচিতা কৰিছে। সকলোৱে মোৰওচৰতেই প্ৰত্যাৱৰ্ত ন কৰিব,আৰুআমি প্ৰত্যেককেউপযুক্ত প্ৰতিদান দান কৰিম। بلغ আল-কোৰআন · তাফছীৰ
وَإِن جَـٰهَدَاكَ عَلَىٰٓ أَن تُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌۭ فَلَا تُطِعْهُمَا ۖ وَصَاحِبْهُمَا فِى ٱلدُّنْيَا مَعْرُوفًۭا ۖ وَٱتَّبِعْ سَبِيلَ مَنْ أَنَابَ إِلَىَّ ۚ ثُمَّ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ ﴿١٥﴾
পিতৃ-মাতৃয়ে যদি তোমাক আল্লাহৰ সৈতে শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, তেন্তে এই ক্ষেত্ৰত তুমি তেওঁলোকৰ কথা নামানিবা। কাৰণ আল্লাহৰ অবাধ্যতা কৰি সৃষ্টি ৰ আনুগত্য কৰাটো কেতিয়াও বৈধ নহয় । ইয়াৰ বাহিৰে, তেওঁলোকৰ সৈতে পৃথিৱীত সদ্ব্যৱহাৰ কৰিবা, সদাচৰণ কৰিবা আৰু আত্মীয় তাৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় কৰিবা। লগতে সেইসকল লোকৰ পথ অনুসৰণ কৰিবা, যিসকলে তাওহীদ আৰু আনুগত্যৰ জৰিয় তে মোৰ ওচৰলৈ প্ৰত্যাৱৰ্ত ন কৰে। কিয় নো কিয়ামতৰ দিনা তোমালোক সকলোৱে মোৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া মই তোমালোকক জনাই দিম যে, তোমালোকে পৃথিৱীত কি কি কৰ্ম কৰিছিলা, আৰু তোমালোকক সেইবোৰৰ প্ৰতিদানো দান কৰিম।
يَـٰبُنَىَّ إِنَّهَآ إِن تَكُ مِثْقَالَ حَبَّةٍۢ مِّنْ خَرْدَلٍۢ فَتَكُن فِى صَخْرَةٍ أَوْ فِى ٱلسَّمَـٰوَٰتِ أَوْ فِى ٱلْأَرْضِ يَأْتِ بِهَا ٱللَّهُ ۚ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٌۭ ﴿١٦﴾
لطيف خبير হে মোৰ মৰমৰ পুত্ৰ! পুণ্যই হওক অথবা পাপকৰ্ম, যিমানেই সৰু নহওক কিয় , উদাহৰণস্বৰূপে যদি সৰিয় হৰ বীজ পৰিমাণো হয় , আৰু সেইটো যদি কোনো প্ৰকাণ্ড শিলৰ ভিতৰত থাকে যিটোক মানুহৰ দৃষ্টি য়ে অৱলোকন কৰিব নোৱাৰে, অথবা আকাশ আৰু পৃথিৱীৰ যি ঠাইতেই নাথাকক কিয় , কিয়ামতৰ দিনা আল্লাহে সেইটোক নিশ্চিতভাৱে উপস্থি ত কৰিব। তথা বান্দাক ইয়াৰ প্ৰতিদান দান কৰিব। নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সৰুতকৈও সৰু বস্তু এটাও তেওঁ ৰপৰা অগোচৰ নহয় । তেওঁ সেই বস্তু ৰবাস্ত ৱিকতা আৰু স্থান সম্পৰ্কে সম্যক অৱগত।
يَـٰبُنَىَّ أَقِمِ ٱلصَّلَوٰةَ وَأْمُرْ بِٱلْمَعْرُوفِ وَٱنْهَ عَنِ ٱلْمُنكَرِ وَٱصْبِرْ عَلَىٰ مَآ أَصَابَكَ ۖ إِنَّ ذَٰلِكَ مِنْ عَزْمِ ٱلْأُمُورِ ﴿١٧﴾
হে মোৰ পুত্ৰ! পৰিপূৰ্ণ নিয় ম-নীতিৰ সৈতে চালাত আদায় কৰিবা তথা ইয়াক প্ৰতিষ্ঠা কৰিবা। লগতে সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিবা। তথা এই পথত যিমানবোৰ কষ্ট ৰ সন্মুখীন হ’বা, সেই সকলো পৰিস্থি তিতেই ধৈৰ্য্য ধাৰণ কৰিবা। ইয়াত তোমাক যিবোৰ বিষয় ৰ আদেশ দিয়া হৈছে, দৰাচলতে আল্লাহেই এইবোৰ নিৰ্ধাৰণ কৰিছে, সেই সকলোবোৰ কৰা তোমাৰ বাবে অনিবাৰ্য্য। ইয়াত তোমাৰ বাবে কোনো বিকল্প নাই।
وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِى ٱلْأَرْضِ مَرَحًا ۖ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ مُخْتَالٍۢ فَخُورٍۢ ﴿١٨﴾
অহংকাৰ কৰি মানুহৰ পৰা নিজৰ মুখ ঘূৰাই নল’বা, আৰু পৃথিৱীত অতিমাত্ৰা আনন্দি ত হৈ তথা নিজকে উৎকৃ ষ্টবুলি ভাবি গৌৰৱ দেখুৱাই চলাফু ৰা নকৰিবা। কাৰণ নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায় , যিসকলে চলাফু ৰাত অহংকাৰ কৰে আৰু নিয়ামত পাই মানু হৰ সন্মুখত গৌৰৱ কৰে, লগতে আল্লাহৰকৃ তজ্ঞতাও জ্ঞাপন নকৰে।
وَٱقْصِدْ فِى مَشْيِكَ وَٱغْضُضْ مِن صَوْتِكَ ۚ إِنَّ أَنكَرَ ٱلْأَصْوَٰتِ لَصَوْتُ ٱلْحَمِيرِ ﴿١٩﴾
চলাফু ৰাত মধ্যম পন্থা অৱলম্বন কৰিবা তথা ভাৰসাম্য বজায় ৰাখিবা। বেছি দ্ৰুত গতিতো খোজ নাকাঢ়ি বা আৰু অতি লাহে লাহেও নাকাঢ়ি বা। চাল- চলনত যাতে প্ৰতিষ্ঠাৰ উমান পোৱা যায় । তোমাৰ কণ্ঠস্বৰ অৱনত ৰাখিবা। চিঞৰি নামাতিবা, মানুহে যাতে কষ্ট নাপায় । নিশ্চিতভাৱে আটাইতকৈ অপ্ৰীতিকৰমাত হৈছে গাধৰমাত। কাৰণ গাধৰকণ্ঠস্ব ৰঅতি উচ্চ। بلغ আল-কোৰআন · তাফছীৰ
أَلَمْ تَرَوْا۟ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَأَسْبَغَ عَلَيْكُمْ نِعَمَهُۥ ظَـٰهِرَةًۭ وَبَاطِنَةًۭ ۗ وَمِنَ ٱلنَّاسِ مَن يُجَـٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍۢ وَلَا هُدًۭى وَلَا كِتَـٰبٍۢ مُّنِيرٍۢ ﴿٢٠﴾
হে মানৱজাতি! তোমালোকে লক্ষ্য নকৰা নেকি তথা দেখা নোপোৱা নেকি যে, আকাশমণ্ডলত থকা সূৰ্য্য, চন্দ্ৰ আৰু তাৰকাৰাজীৰ পৰা উপকৃ ত হ’বলৈ আল্লাহে তোমালোকৰ বাবে সহজ কৰি দিছে। লগতে পৃথিৱীত থকা জীৱ-জন্তু আৰু গছ-গছনিৰ দ্বাৰাও উপকৃ ত হোৱাৰ পথ সুগম কৰি দিছে। তোমালোকৰ ওপৰত তেওঁ সকলো প্ৰকাৰৰ নিয়ামত সম্পূৰ্ণ কৰি দিছে, দৃশ্যমান হওক অথবা অদৃশ্যমান। দৃশ্যমান নিয়ামত যেনেঃ সুন্দ ৰ আকৃ তি আৰু সৌন্দ ৰ্যময় গঠন আদি। অদৃশ্যমান নিয়ামত যেনেঃবিবেক আৰু জ্ঞান আদি। এই নিয়ামতসমূহৰপিছতো কিছু মান লোক এনেকু ৱা আছে, যিসকলে স্পষ্ট কোনো কিতাব নোহোৱাকৈ তথা বিবেক-বুদ্ধিহীনভাৱে, লগতে অহীৰ ওপৰত ভিত্তি নথকা যুক্তিলৈ তথ্যহীনভাৱে আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানু বাদ কৰে।
وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُوا۟ مَآ أَنزَلَ ٱللَّهُ قَالُوا۟ بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَيْهِ ءَابَآءَنَآ ۚ أَوَلَوْ كَانَ ٱلشَّيْطَـٰنُ يَدْعُوهُمْ إِلَىٰ عَذَابِ ٱلسَّعِيرِ ﴿٢١﴾
আল্লাহৰতাওহীদ সম্পৰ্কে বাদানু বাদ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তেওঁ ৰৰাছু লৰওপৰত যি অহী প্ৰে ৰণ কৰিছে তোমালোকে তাৰ অনুসৰণ কৰা। তেতিয়া সিহঁতে কয়ঃ আমি সেইটো কেতিয়াও অনুসৰণ নকৰোঁ। বৰং আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলক যিবোৰ উপাস্যৰ উপাসনা কৰা দেখিছোঁ আমি কেৱল সেইবোৰৰেই অনুসৰণ কৰিম। (কওকচোন!) যদি চয় তানে সিহঁ তক আহ্বান কৰি (মূৰ্ত্তি পূজাৰ জৰিয় তে পথভ্ৰ ষ্টকৰি) কিয়ামতৰ দিনা জাহান্নামৰ শাস্তি ৰ সন্মুখীন কৰায় , তথাপিও সিহঁ তে পূৰ্বৱৰ্তীসকলৰ অনু সৰণ কৰিবনে?!
۞ وَمَن يُسْلِمْ وَجْهَهُۥٓ إِلَى ٱللَّهِ وَهُوَ مُحْسِنٌۭ فَقَدِ ٱسْتَمْسَكَ بِٱلْعُرْوَةِ ٱلْوُثْقَىٰ ۗ وَإِلَى ٱللَّهِ عَـٰقِبَةُ ٱلْأُمُورِ ﴿٢٢﴾
যিয়ে আল্লাহ অভিমু খে হৈ নিৰ্ভে জালভাৱে তেওঁ ৰ ইবাদত কৰিব তথা সৎকৰ্ম কৰিব। তেওঁ নিশ্চিতভাৱে এটা মজবুত ৰছী ধাৰণ কৰিছে, যিটো বিচ্ছিন্ন হোৱাৰ কোনো আশংকা নাই। নাজাতৰ আশাবাদী লোকেই এনেকু ৱা ৰছী মজবুতভাৱে ধাৰণ কৰে। সকলো কৰ্ম একমাত্ৰ আল্লাহৰ ওচৰতেই উভতি যায় । আৰুতেৱেঁই প্ৰত্যেককেউপযুক্ত প্ৰতিদান দান কৰিব।
وَمَن كَفَرَ فَلَا يَحْزُنكَ كُفْرُهُۥٓ ۚ إِلَيْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُم بِمَا عَمِلُوٓا۟ ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٢٣﴾
হে ৰাছু ল! যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁ তৰ কু ফৰী কৰ্মত যাতে আপুনি চিন্তি ত নহয় । কাৰণ কিয়ামতৰ দিনা আমাৰ ওচৰতেই সিহঁ তে উভতি আহিব লাগিব। তেতিয়া আমি পৃথিৱীত কৰা সিহঁ তৰ পাপকৰ্মবোৰ এটা এটাকৈ উদঙাই দিম, আৰু ইয়াৰ উচিত শাস্তি ও প্ৰদান কৰিম। নিশ্চয় আল্লাহ অন্ত ৰৰসকলোগোপন তথ্যসম্পৰ্কে সৰ্বজ্ঞ। অন্ত ৰৰকোনোবিষয়ে ই তেওঁ ৰপৰাগোপন নহয় । نمتعهم قليلا ثم نضطرهم إلىعذاب غليظ
نُمَتِّعُهُمْ قَلِيلًۭا ثُمَّ نَضْطَرُّهُمْ إِلَىٰ عَذَابٍ غَلِيظٍۢ ﴿٢٤﴾
পৃথিৱীত আমি সিহঁ তক ভোগ-বিলাসৰকিছু মান সামগ্ৰী প্ৰদান কৰিকিছু সময় উপভোগ কৰা সুযোগ প্ৰদান কৰিম। ইয়াৰপিছত কিয়ামতৰদিনা আমি সিহঁ তক কঠি ন শাস্তি ৰপিনে অৰ্থাৎ জাহান্নামৰশাস্তি ৰপিনে বলপূৰ্বকভাৱেখেদি লৈ যাম।
وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ ٱللَّهُ ۚ قُلِ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ ﴿٢٥﴾
হে ৰাছু ল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? তথা পৃথিৱী কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁ তে নিশ্চয় ক’বঃ আল্লাহে সৃষ্টি কৰিছে। আপুনি সিহঁতক কৈ দিয় কঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে তোমালোকৰ ওপৰত প্ৰমাণ স্পষ্ট কৰি দিছে। কিন্তু সিহঁ তৰমাজৰঅধিকাংশ লোকেই নিজৰঅজ্ঞানতাৰকাৰণে নাজানে যে,প্ৰকৃ ত প্ৰশংসাৰউপযুক্ত কোন। بلغ আল-কোৰআন · তাফছীৰ
لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ إِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ ﴿٢٦﴾
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু একমাত্ৰ আল্লাহৰেই। তেৱেঁই সৃষ্টি কৰিছে, তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰক নিয় ন্ত্ৰ ণ তথা পৰিচালনা কৰে। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টি জগতৰ পৰা অমু খাপেক্ষী। পৃথিৱী আৰু আখিৰাতত তেৱেঁই প্ৰশংসিত।
وَلَوْ أَنَّمَا فِى ٱلْأَرْضِ مِن شَجَرَةٍ أَقْلَـٰمٌۭ وَٱلْبَحْرُ يَمُدُّهُۥ مِنۢ بَعْدِهِۦ سَبْعَةُ أَبْحُرٍۢ مَّا نَفِدَتْ كَلِمَـٰتُ ٱللَّهِ ۗ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌۭ ﴿٢٧﴾
حكيم পৃথিৱীৰ বুকু ত থকা সকলো গছ-গছনি কাটি যদি কলম বনোৱা হয় , আৰু সাগৰবোৰক যদি চিয়াঁহী বনোৱা হয় , তথাপিও আল্লাহৰ প্ৰশংসা সমাপ্ত নহ'ব, আনকি ইয়াৰ লগত আৰু সাত সাগৰক যদি সংযুক্ত কৰা হয় তথাপিও নহ'ব। কাৰণ তেওঁৰ প্ৰশংসাৰ কোনো অন্ত নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত আৰুপৰিচালনাত মহাপ্ৰ জ্ঞাৱান।
مَّا خَلْقُكُمْ وَلَا بَعْثُكُمْ إِلَّا كَنَفْسٍۢ وَٰحِدَةٍ ۗ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ ﴿٢٨﴾
হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে সৃষ্টি কৰা তথা পুনৰুত্থিত কৰা বিষয় টো হৈছে এটা প্ৰাণ সৃষ্টি কৰাৰ দৰেই সহজ। নিশ্চয় আল্লাহ সকলো কথা শ্ৰৱণকাৰী। কোনো কথা শুনিবলৈ তেওঁক আন কোনো কথাই অসুবিধা নকৰে। এটা বস্তু দেখিবলৈ তেওঁ আনটো বস্তু ৰ পৰা কেতিয়াও অমনোযোগী নহয় । ঠি ক সেইদৰে কোনো এটা প্ৰাণীক সৃষ্টি কৰিবলৈ আৰু পুনৰুত্থিত কৰিবলৈ আন কোনো প্ৰাণীৰ সৃষ্টি ৰ পৰা তথাمপুনৰুত্থান কৰাৰ পৰা তেওঁ অমনোযোগীل নহয় ।
أَلَمْ تَرَ أَنَّ ٱللَّهَ يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ كُلٌّۭ يَجْرِىٓ إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى وَأَنَّ ٱللَّهَ بِمَا تَعْمَلُونَ خَبِيرٌۭ ﴿٢٩﴾
তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে ৰাতিক হ্ৰাস কৰে দিনৰ পৰিধি বৃদ্ধি কৰিবলৈ। আনহাতে দিনক হ্ৰাস কৰে ৰাতিৰ পৰিধি বৃদ্ধি কৰিবলৈ। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰ ৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিছে, সেয়ে সেইবোৰে নিৰ্দিষ্ট সময় লৈকে নিজ নিজ গতি পথত ঘূৰি আছে। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ নিশ্চিতভাৱেঅৱগত। তোমালোকৰকোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।
ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّ مَا يَدْعُونَ مِن دُونِهِ ٱلْبَـٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلْعَلِىُّ ٱلْكَبِيرُ ﴿٣٠﴾
এইবোৰৰ যোগান আৰু নিৰ্ধাৰণে এই কথাৰ সাক্ষ্য বহন কৰে যে, একমাত্ৰ আল্লাহেই সত্য। তেওঁ সত্তাগতভাৱে, বৈশিষ্ট্যগতভাৱে আৰু তেওঁৰ সকলো কৰ্মত সত্যবাদী। আনহাতে মু শ্বৰিকসকলে আল্লাহক এৰি যিবোৰ উপাস্যৰ উপাসনা কৰে সেই সকলোবোৰ হৈছে অসত্য, তথা সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় তেওঁ সত্তাগতভাৱে, শক্তি সমাৰ্থৰ ফালেৰে তেওঁৰ সকলো সৃষ্টি তকৈ মহান তথা সুউচ্চ। তেওঁৰ ওপৰত আন কোনোৱেই নাই। তেৱেঁই সকলোতকৈ মহান।
أَلَمْ تَرَ أَنَّ ٱلْفُلْكَ تَجْرِى فِى ٱلْبَحْرِ بِنِعْمَتِ ٱللَّهِ لِيُرِيَكُم مِّنْ ءَايَـٰتِهِۦٓ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّكُلِّ صَبَّارٍۢ شَكُورٍۢ ﴿٣١﴾
তোমালোকে লক্ষ্য কৰা নাইনে, তেওঁ ৰ অনু গ্ৰহ আৰু বশীকৰণৰ ফলতেই নদ-নদী আৰু সাগৰত নৌ-যানসমূ হ চলাচল কৰে। হে মানৱজাতি! এইবোৰৰ দ্বাৰা তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু অনুগ্ৰ হৰ নিদৰ্শনসমূহ দেখুৱাব বিচাৰে। নিশ্চিতভাৱে এইবোৰৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, যিসকলে দুখ-কষ্ট ত ধৈৰ্য্য ধাৰণ কৰে আৰু স্বচ্ছলতাৰ সময় ত আল্লাহৰ কৃ তজ্ঞতা জ্ঞাপন কৰে। بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا غَشِيَهُم مَّوْجٌۭ كَٱلظُّلَلِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ فَمِنْهُم مُّقْتَصِدٌۭ ۚ وَمَا يَجْحَدُ بِـَٔايَـٰتِنَآ إِلَّا كُلُّ خَتَّارٍۢ كَفُورٍۢ ﴿٣٢﴾
كل ختار كفور সাগৰীয় ঢৌ যেতিয়া সিহঁ তক পৰ্বত সদৃশ আৰু প্ৰকাণ্ড মেঘৰ দৰে আগুৰি ধৰে, তেতিয়া সিহঁ তে একনিষ্ঠ ভাৱে একমাত্ৰ আল্লাহৰ ইবাদতৰ অঙ্গীকাৰ কৰি তেওঁৰ ওচৰত দুআ কৰিবলৈ ধৰে। এতেকে আল্লাহে যেতিয়া সিহঁ তৰ দুআ কবূল কৰে আৰু সিহঁ তক বিপদৰ পৰা ৰক্ষা কৰি যেতিয়া সুকলমে স্থলত পৌঁচাই দিয়ে , তেতিয়া সিহঁ তৰ মাজৰ কিছু মানে মধ্যম পন্থা বাচি লয় , অৰ্থাৎ যিদৰে আল্লাহৰ কৃ তজ্ঞতা কৰা উচিত সেইদৰ নকৰে। পক্ষান্ত ৰে আন কিছু মানে আল্লাহৰ নিয়ামতসমূ হক অস্বীকাৰ কৰি বহে। আমাৰ আয়াতসমূ হক কেৱল সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকল হৈছে বিশ্বাসঘাতক, তথা যিয়ে নিয়ামত লাভ কৰাৰপিছত আল্লাহৰনিয়ামত অস্বীকাৰকৰিঅকৃ তজ্ঞ হৈ পৰে। যিদৰেএই ব্যক্তিয়ে আল্লাহৰলগত অঙ্গীকাৰকৰিছিল যে, আল্লাহে যদি তাক বিপদৰপৰা ৰক্ষা কৰেতেন্তে সি আল্লাহৰকৃ তজ্ঞ হৈ থাকিব।
يَـٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمْ وَٱخْشَوْا۟ يَوْمًۭا لَّا يَجْزِى وَالِدٌ عَن وَلَدِهِۦ وَلَا مَوْلُودٌ هُوَ جَازٍ عَن وَالِدِهِۦ شَيْـًٔا ۚ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ ۖ فَلَا تَغُرَّنَّكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلْغَرُورُ ﴿٣٣﴾
হে মানৱজাতি! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। তথা সেই দিৱসটোক ভয় কৰা যিদিনা পিতৃ য়ে ও সন্তানক উপকাৰ কৰিব নোৱাৰিব, আনহাতে সন্তানেও পিতৃ ক একো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা প্ৰতিদান দিবলগীয়া আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ’বই হ’ব। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু ইয়াৰ মায়াজালত পৰি তোমালোকে যেন প্ৰতাৰিত নোহোৱা। আনহাতে চয় তানেও যেন তোমালোকক প্ৰৱঞ্চনা কৰিবনোৱাৰে,এই আশা দেখুৱাই যে,আল্লাহে তোমালোকৰ প্ৰতি অনু গ্ৰহ কৰিয়ে থাকিবতথাতোমালোকৰপৰাশাস্তি পিছু ৱাই দিয়াহ’ব।
إِنَّ ٱللَّهَ عِندَهُۥ عِلْمُ ٱلسَّاعَةِ وَيُنَزِّلُ ٱلْغَيْثَ وَيَعْلَمُ مَا فِى ٱلْأَرْحَامِ ۖ وَمَا تَدْرِى نَفْسٌۭ مَّاذَا تَكْسِبُ غَدًۭا ۖ وَمَا تَدْرِى نَفْسٌۢ بِأَىِّ أَرْضٍۢ تَمُوتُ ۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرٌۢ ﴿٣٤﴾
নিশ্চিতভাৱেকিয়ামতৰসঠি ক জ্ঞান একমাত্ৰ আল্লাহৰওচৰতেই আছে। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটি ত হ’ব। তেৱেঁই নিজ ইচ্ছা মতে বৰষুণ অৱতীৰ্ণ কৰে। গৰ্ভ ত কি আছে সেই সম্পৰ্কে তেৱেঁই জানে,পুত্ৰ সন্তান নে কন্যাসন্তান?! সৌভাগ্যশালীনে দুৰ্ভ গীয়া?! কোনেও এই কথা নাজানে যে, সি অহাকালি কি অৰ্জন কৰিব, কল্যাণ নে অকল্যাণ। এই কথাও কোনোৱেই নাজানে যে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। এই সকলোবোৰ তথ্য আছে একমাত্ৰ আল্লাহৰ ওচৰত। নিশ্চয় আল্লাহ এই সকলো বিষয়ে সৰ্বজ্ঞ তথা অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে