الٓمٓ ﴿١﴾
(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›As-Sajda (32)
মক্কী · 30 আয়াত
الٓمٓ ﴿١﴾
(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে।
تَنزِيلُ ٱلْكِتَـٰبِ لَا رَيْبَ فِيهِ مِن رَّبِّ ٱلْعَـٰلَمِينَ ﴿٢﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা এই কোৰআনখন, বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা তেওঁৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। ইয়াত কোনোসন্দে হ নাই।
أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۚ بَلْ هُوَ ٱلْحَقُّ مِن رَّبِّكَ لِتُنذِرَ قَوْمًۭا مَّآ أَتَىٰهُم مِّن نَّذِيرٍۢ مِّن قَبْلِكَ لَعَلَّهُمْ يَهْتَدُونَ ﴿٣﴾
এই কাফিৰসকলে কয় যে, মুহাম্মদে নিজে এইবোৰ ৰচনা কৰি তেওঁৰ প্ৰতিপালকৰ সৈতে সম্পৃক্ত কৰিছে। যদিও বিষয় টো তেনেকু ৱা নহয় , যিদৰে সিহঁ তে কয় । বৰংএইখন হৈছে সত্য গ্ৰন্থ , যাৰমাজত কোনো সন্দে হ নাই। হে ৰাছু ল! এইখন আপোনাৰপ্ৰ তি আপোনাৰপ্ৰ তিপালকৰতৰফৰপৰা অৱতীৰ্ণ কৰা হৈছে। যাতে আপুনি ইয়াৰ সহায় ত সেইসকল লোকক পৰা সতৰ্ক কৰিব পাৰে যিসকলৰ ওচৰত ইয়াৰ পূৰ্বে আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিবলৈ কোনো ৰাছু ল অহা নাছিল। যাতে সিহঁ তে হিদায় ত লাভ কৰিব পাৰে, তথা ইয়াৰ অনু সৰণ কৰিব পাৰে আৰু সেইমতে আমল কৰিব পাৰে।
ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا فِى سِتَّةِ أَيَّامٍۢ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۖ مَا لَكُم مِّن دُونِهِۦ مِن وَلِىٍّۢ وَلَا شَفِيعٍ ۚ أَفَلَا تَتَذَكَّرُونَ ﴿٤﴾
আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তথা এই দুয়োৰে মাজত থকা সকলো বস্তু কে তেওঁ কেৱল ছয় দিনত সৃষ্টি কৰিছে। যদিও তেওঁ নিমিষতে এইবোৰ সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰ পিছত তেওঁ নিজৰ মহা মৰ্যাদা অনুযায়ী আৰছৰ ওপৰত উঠি ছে। হে মানৱজাতি! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সংৰক্ষক নাই, যিয়ে তোমালোকৰ সকলো বিষয় সংৰক্ষণ কৰিব। তথা তোমালোকৰ কোনো মধ্যস্ত তাকাৰীও নাই, যিয়ে তোমালোকৰ হৈ তেওঁ ৰ ওচৰত মধ্যস্ত তা কৰিব। তোমালোকে চিন্তা-চৰ্চা নকৰা নেকি? এইটো তোমালোকৰ কেনেকু ৱা স্বভাৱ, যিয়ে তোমালোকক সৃষ্টি কৰিছে তেওঁ ৰ ইবাদত নকৰি তোমালোকে আনৰ উপাসনা কৰি আছা?
يُدَبِّرُ ٱلْأَمْرَ مِنَ ٱلسَّمَآءِ إِلَى ٱلْأَرْضِ ثُمَّ يَعْرُجُ إِلَيْهِ فِى يَوْمٍۢ كَانَ مِقْدَارُهُۥٓ أَلْفَ سَنَةٍۢ مِّمَّا تَعُدُّونَ ﴿٥﴾
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টি ৰ সকলো বিষয় , পৱিত্ৰ তথা মহান আল্লাহেই নিয় ন্ত্ৰ ণ কৰে। তাৰ পিছত সেই বিষয় টো তেওঁৰ ওচৰলৈ এনেকু ৱা এটা দিনত আৰোহণ কৰিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ পাৰ্থিৱ হিচাপ অনু যায়ী এহেজাৰ বছৰৰ সমান।
ذَٰلِكَ عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ٱلْعَزِيزُ ٱلرَّحِيمُ ﴿٦﴾
এই সকলোবোৰ যিজন সত্তাই পৰিচালনা কৰে, তেৱেঁই বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে সৰ্বজ্ঞ। ইয়াৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । তেওঁ মহাপৰাক্ৰ মশালী,তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ শত্ৰুসকলৰপৰাপ্ৰ তিশোধলয় । কিন্তু তেওঁ মু মিন বান্দাসকলৰপ্ৰ তি অতি দয়ালু।
ٱلَّذِىٓ أَحْسَنَ كُلَّ شَىْءٍ خَلَقَهُۥ ۖ وَبَدَأَ خَلْقَ ٱلْإِنسَـٰنِ مِن طِينٍۢ ﴿٧﴾
তেৱেঁই প্ৰত্যেক সৃষ্টি ক সৌন্দ ৰ্যদান কৰিছে, আৰু তেৱেঁই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ বোকা মাটি ৰে আদমক সৃষ্টি ৰ সূচনা কৰিছে। بلغ আল-কোৰআন · তাফছীৰ
ثُمَّ جَعَلَ نَسْلَهُۥ مِن سُلَـٰلَةٍۢ مِّن مَّآءٍۢ مَّهِينٍۢ ﴿٨﴾
ইয়াৰ পিছত তাৰ বংশধৰসকলক শৰীৰৰ তু চ্ছতৰল পদাৰ্থৰ দ্বাৰা অৰ্থাৎ বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছে।
ثُمَّ سَوَّىٰهُ وَنَفَخَ فِيهِ مِن رُّوحِهِۦ ۖ وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۚ قَلِيلًۭا مَّا تَشْكُرُونَ ﴿٩﴾
তাৰপিছত পৰিপূৰ্ণৰূপে সুঠাম মানৱত পৰিণত কৰিছে। আৰুইয়াৰপিছত ৰূহ ফুঁ ৱাই দিয়া ফিৰিস্তাক আদেশ কৰিতাৰভিতৰত ৰূহ ফুঁ ৱাই দিছে। হে মানৱজাতি! তেৱেঁই তোমালোকক কাণ দান কৰিছে, যাতে তোমালোকে শুনিব পাৰা; আৰু চকু প্ৰদান কৰিছে, যাতে তোমালোকে দেখিব পাৰা; অন্ত ৰ প্ৰদান কৰিছে, যাতে তোমালোকে বুজিব পাৰা। আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে তোমালোকে খুবেই কম কৃ তজ্ঞতা প্ৰকাশ কৰা।
وَقَالُوٓا۟ أَءِذَا ضَلَلْنَا فِى ٱلْأَرْضِ أَءِنَّا لَفِى خَلْقٍۢ جَدِيدٍۭ ۚ بَلْ هُم بِلِقَآءِ رَبِّهِمْ كَـٰفِرُونَ ﴿١٠﴾
আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “যেতিয়া আমি মৃ ত্যুবৰণ কৰিম আৰু পৃথিৱীত বিলীন হৈ যাম, তথা আমাৰ শৰীৰবোৰ মাটি ত পৰিণত হ’ব, তাৰ পিছতো আমাক নতু নভাৱে সৃষ্টি কৰা হ’ব নেকি? বিষয় টোক মগজুৱে স্বীকাৰ নকৰে”। বৰং প্ৰকৃ ততে সিহঁ ত হৈছে অস্বীকাৰকাৰী, ইয়াৰপ্ৰ তি ঈমান পোষণ নকৰে।
۞ قُلْ يَتَوَفَّىٰكُم مَّلَكُ ٱلْمَوْتِ ٱلَّذِى وُكِّلَ بِكُمْ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ ﴿١١﴾
হে ৰাছুল! আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা এই লোকসকলক কৈ দিয় কঃ মৃত্যুৰ ফিৰিস্তাই তোমালোকৰ প্ৰাণ হৰণ কৰিব, যাক আল্লাহে তোমালোকৰ প্ৰাণ হৰণ কৰাৰ বাবে নিযুক্ত কৰি ৰাখিছে। এতেকে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰতেই তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে উভতি আহিব লাগিব।
وَلَوْ تَرَىٰٓ إِذِ ٱلْمُجْرِمُونَ نَاكِسُوا۟ رُءُوسِهِمْ عِندَ رَبِّهِمْ رَبَّنَآ أَبْصَرْنَا وَسَمِعْنَا فَٱرْجِعْنَا نَعْمَلْ صَـٰلِحًا إِنَّا مُوقِنُونَ ﴿١٢﴾
কিয়ামতৰ দিনা অপৰাধীসকল যেতিয়া উপস্থি ত হ’ব, তেতিয়া সিহঁতে অপমানিত হৈ নিজৰ মূৰ তলমোৱা কৰি ৰাখিব, কাৰণ সিহঁতে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰিছিল। লগতে সিহঁতে তাচ্ছিল্য আৰু গ্লানি অনুভৱ কৰি ক’বঃ “হে আমাৰ প্ৰতিপালক! আমি যি পুনৰুত্থানক অস্বীকাৰ কৰিছিলোঁ, সেয়া আমি নিজ চকু ৰে আজি দেখা পালোঁ। তথা তোমাৰ ৰাছু লসকলে তোমাৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল সেইবোৰৰ সত্যতাও আমি শুনিলোঁ। গতিকে তু মি আমাক এতিয়া পৃথিৱীৰজীৱনলৈ ওভোতাই দিয়া; আমি এনেকু ৱা সৎকৰ্ম কৰিম, যি কৰ্মই তোমাক সন্তু ষ্টকৰিব। নিশ্চিতভাৱে এতিয়া আমি পুনৰুত্থানক মনে প্ৰাণে বিশ্বাস কৰিছোঁ, আৰু ৰাছুলসকলে লৈ যোৱা বাৰ্তাকো বিশ্বাস কৰিছোঁ”। আপুনি যদি অপাৰধীবিলাকক এই পৰিস্থি তিত দেখা পায় তেন্তে এটা ভয়ানক দৃশ্য দেখিবলৈ পাব।
وَلَوْ شِئْنَا لَـَٔاتَيْنَا كُلَّ نَفْسٍ هُدَىٰهَا وَلَـٰكِنْ حَقَّ ٱلْقَوْلُ مِنِّى لَأَمْلَأَنَّ جَهَنَّمَ مِنَ ٱلْجِنَّةِ وَٱلنَّاسِ أَجْمَعِينَ ﴿١٣﴾
যদি আমি প্ৰত্যেককে হিদায় ত দিব বিচাৰিলোঁহেঁ তেন তেন্তে নিশ্চয় সিহঁ তক তাওফীক প্ৰদান কৰিলোঁহেঁ তেন আৰু ইয়াৰ প্ৰে ৰণা দিলোঁহেঁ তেন। কিন্তু মোৰ হিকমত আৰু ন্যায় অনুযায়ী এই কথা চূ ড়ান্ত হৈছে যে, নিশ্চয় আমি কিয়ামতৰ দিনা জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে কু ফৰী কৰিছে সিহঁ তৰদ্বাৰাজাহান্নাম ভৰ্তি কৰিম। কাৰণ সিহঁ তে ঈমান তথাসঠি ক সুদৃঢ় পথৰপৰিবৰ্তে কু ফৰতথাবিভ্ৰান্ত কৰপথ বাচি লৈছে।
فَذُوقُوا۟ بِمَا نَسِيتُمْ لِقَآءَ يَوْمِكُمْ هَـٰذَآ إِنَّا نَسِينَـٰكُمْ ۖ وَذُوقُوا۟ عَذَابَ ٱلْخُلْدِ بِمَا كُنتُمْ تَعْمَلُونَ ﴿١٤﴾
কিয়ামতৰ দিনা সিহঁ তক ধিক্কাৰ আৰু গৰিহণা দি কোৱা হ’বঃ আজি সেই অমনোযোগিতাৰ ফল ভোগ কৰা, যিটো তোমালোকে পাৰ্থিৱ জীৱনত অৱলম্বন কৰিছিলা, কাৰণ কিয়ামত দিৱসত হ’বলগীয়া আল্লাহৰ সাক্ষাৎ সম্পৰ্কে আৰু তোমালোকৰ হিচাপ-নিকাচ সম্পৰ্কে অমনোযোগী হৈ আছিলা। আজি আমি তোমালোকক শাস্তি ৰ মাজত এৰিছোঁ, তোমালোকে যি শাস্তি ৰ সন্মুখীন হৈছা সেই সম্পৰ্কে মোৰ অলপো ভ্ৰূক্ষেপ নাই। গতিকে এতিয়া তোমালোকে চিৰস্থায়ী শাস্তি ৰ সোৱাদ লোৱা, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব, কাৰণ তোমালোকে পৃথিৱীত গুনাহৰ কৰ্মত লিপ্ত আছিলা। بلغ আল-কোৰআন · তাফছীৰ
إِنَّمَا يُؤْمِنُ بِـَٔايَـٰتِنَا ٱلَّذِينَ إِذَا ذُكِّرُوا۟ بِهَا خَرُّوا۟ سُجَّدًۭا وَسَبَّحُوا۟ بِحَمْدِ رَبِّهِمْ وَهُمْ لَا يَسْتَكْبِرُونَ ۩ ﴿١٥﴾
আমাৰ ৰাছু লৰ ওপৰত অৱতীৰ্ণ হোৱা আমাৰ আয়াতসমূহৰ প্ৰতি কেৱল সেইসকল লোকেই ঈমান পোষণ কৰে, যিসকলক আমাৰ আয়াতৰ দ্বাৰা উপদেশ দিলে তেওঁ লোকে আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি তেওঁ ক ছাজদাহ কৰে। আৰু কোনো অৱস্থাতেই আল্লাহৰ ইবাদতৰ ক্ষেত্ৰত আৰু তেওঁ ক ছাজদা কৰাৰ ক্ষেত্ৰত তেওঁ লোকে কেতিয়াও অহংকাৰ নকৰে।
تَتَجَافَىٰ جُنُوبُهُمْ عَنِ ٱلْمَضَاجِعِ يَدْعُونَ رَبَّهُمْ خَوْفًۭا وَطَمَعًۭا وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ ﴿١٦﴾
তেওঁলোকে শোৱা বিছনাক পৰিত্যাগ কৰি আল্লাহৰ প্ৰতি মনোনিৱেশ কৰে। চালাতত থকা অৱস্থাত তথা অন্যান্য অৱস্থাতো তেওঁলোকে আল্লাহৰ শাস্তি ক ভয় কৰি তেওঁৰ ওচৰত দুআ কৰে, আৰু তেওঁৰ ৰহমত কামনা কৰে। আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ সেইবোৰ তেওঁলোকে আল্লাহৰপথত ব্যয় কৰে।
فَلَا تَعْلَمُ نَفْسٌۭ مَّآ أُخْفِىَ لَهُم مِّن قُرَّةِ أَعْيُنٍۢ جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ ﴿١٧﴾
কোনোৱেই নাজানে আল্লাহে তেওঁলোকৰ চকু শীতল কৰিবলৈ কি কি প্ৰস্তু ত কৰি ৰাখিছে। এইবোৰ হৈছে দৰাচলতে তেওঁলোকৰ সেই সৎকৰ্মসমূহৰ প্ৰতিদান, যিবোৰ তেওঁ লোকে পৃথিৱীত কৰিছিল। এইটো ইমান ডাঙৰ প্ৰতিদান যিটো আল্লাহৰ বাহিৰে আন কোনেও আয় ত্তকৰিব নোৱাৰে।
أَفَمَن كَانَ مُؤْمِنًۭا كَمَن كَانَ فَاسِقًۭا ۚ لَّا يَسْتَوُۥنَ ﴿١٨﴾
যিয়ে আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰে, তেওঁৰআদেশ পালন কৰেআৰু তেওঁৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকে, এই ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ’ব নোৱাৰে, যিয়ে আল্লাহৰ আদেশ উলঙ্ঘা কৰে। আল্লাহৰ ওচৰত প্ৰতিদানৰ ক্ষেত্ৰতো সিহঁ ত সমান হ’ব নোৱাৰে।
أَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَلَهُمْ جَنَّـٰتُ ٱلْمَأْوَىٰ نُزُلًۢا بِمَا كَانُوا۟ يَعْمَلُونَ ﴿١٩﴾
এতেকে যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদানস্বৰূপে তেওঁলোকৰ বাবে প্ৰস্তু ত কৰি ৰখা হৈছে জান্নাত, য’ত তেওঁ লোকে অৱস্থান কৰিব। আল্লাহৰ ফালৰ পৰা তেওঁ লোকৰ বাবে এইটো এটা সন্মান; লগতে তেওঁ লোকৰ সেইসমূ হ সৎকৰ্মৰ প্ৰতিদান, যিবোৰ তেওঁ লোকে পৃথিৱীত কৰিছিল।
وَأَمَّا ٱلَّذِينَ فَسَقُوا۟ فَمَأْوَىٰهُمُ ٱلنَّارُ ۖ كُلَّمَآ أَرَادُوٓا۟ أَن يَخْرُجُوا۟ مِنْهَآ أُعِيدُوا۟ فِيهَا وَقِيلَ لَهُمْ ذُوقُوا۟ عَذَابَ ٱلنَّارِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ ﴿٢٠﴾
كنتم به تكذبون আনহাতে যিসকলে কু ফৰী কৰি আৰু গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল, কিয়ামতৰ দিনা হ’বলগীয়া সিহঁ তৰ ঠি কনাটো হৈছে জাহান্নাম,যিটোসিহঁ তৰবাবেপ্ৰ স্তু ত কৰিৰখাহৈছে। তাত সিহঁ তে চিৰকাল অৱস্থান কৰিব। যেতিয়াই সিহঁ তে তাৰপৰাওলোৱাৰচেষ্টাকৰিব,তেতিয়াই সিহঁ তক তালৈ পুনৰ খেদি পঠি ওৱা হ’ব। লগতে সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ “আজি জাহান্নামৰ এই শাস্তি ভোগ কৰা, যি শাস্তি ক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা; যেতিয়া তোমালোকৰ ৰাছু লসকলে তোমালোকক এই শাস্তি ৰ পৰা সতৰ্ক কৰিছিল”।
وَلَنُذِيقَنَّهُم مِّنَ ٱلْعَذَابِ ٱلْأَدْنَىٰ دُونَ ٱلْعَذَابِ ٱلْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ ﴿٢١﴾
আমি এই অস্বীকাৰকাৰীসকলক যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গৈছে, যদি সিহঁ তে তাওবা নকৰে তেন্তে আমি সিহঁ তক আখিৰাতৰ মহাশাস্তি ৰপূৰ্বেই পৃথিৱীত বিভিন্ন বিপদ-আপদৰসোৱাদ উপভোগ কৰাম, যাতে সিহঁ তে তাওবা কৰিনিজ প্ৰতিপালকৰআনু গত্যৰপিনে উভতি আহে। بلغ আল-কোৰআন · তাফছীৰ
وَمَنْ أَظْلَمُ مِمَّن ذُكِّرَ بِـَٔايَـٰتِ رَبِّهِۦ ثُمَّ أَعْرَضَ عَنْهَآ ۚ إِنَّا مِنَ ٱلْمُجْرِمِينَ مُنتَقِمُونَ ﴿٢٢﴾
সেই ব্যক্তি তকৈ ডাঙৰ অন্যায় কাৰী আন কোনো হ'ব নোৱাৰে, যাক আল্লাহৰ আয়াতৰ দ্বাৰা উপদেশ দিয়া হয় , তথাপিও সি সেই উপদেশ গ্ৰহণ নকৰে। তথা সেই উপদেশক কেৰেপ নকৰি মু খ ঘূৰাই লয় । আল্লাহৰ আয়াতসমূ হৰ পৰা বিমু খ হোৱা তথা কু ফৰী আৰু গুনাহৰ দ্বাৰা অপৰাধ কৰা লোকসকলৰ পৰানিশ্চয় আমি প্ৰতিশোধলম।
وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ فَلَا تَكُن فِى مِرْيَةٍۢ مِّن لِّقَآئِهِۦ ۖ وَجَعَلْنَـٰهُ هُدًۭى لِّبَنِىٓ إِسْرَٰٓءِيلَ ﴿٢٣﴾
নিশ্চয় আমি মুছাক তাওৰাত প্ৰদান কৰিছিলোঁ। এতেকে হে ৰাছু ল! ইছৰা আৰুমিৰাজৰৰাতি আপুনি মুছাৰলগত কৰা সাক্ষাৎ সম্পৰ্কে সন্দে হ পোষণ নকৰিব। আমি মু ছাৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থক বনী ইছৰাঈলৰ বাবে বিভ্ৰান্তি ৰ পৰা উদ্ধাৰ হোৱাৰ পথপ্ৰ দৰ্শক বনাইছিলোঁ।
وَجَعَلْنَا مِنْهُمْ أَئِمَّةًۭ يَهْدُونَ بِأَمْرِنَا لَمَّا صَبَرُوا۟ ۖ وَكَانُوا۟ بِـَٔايَـٰتِنَا يُوقِنُونَ ﴿٢٤﴾
আমি বনী ইছৰাঈলৰ মাজত কিছু মান প্ৰতিনিধি বনাইছিলোঁ, সত্যৰ সন্ধানত মানুহে তেওঁলোকৰ অনুসৰণ কৰিছিল। আমাৰ আদেশত তেওঁলোকে সত্যৰ পথ দেখুৱাইছিল, আৰু আমি তেওঁলোকক শক্তিশালী কৰিছিলোঁ। তেওঁলোকে এই মৰ্যাদা এইকাৰণে লাভ কৰিছিল যে, তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছিল। লগতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে সকলো কঠি ন পৰিস্থি তিক নেওচি দৃঢ়ভাৱে মোকাবিলা কৰিছিল। লগতে আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ ৰাছুলসকলৰ প্ৰতি অৱতীৰ্ণ হোৱা আয়াতসমূ হক পূৰ্ণ সমৰ্থনৰ সৈতে বিশ্বাস পোষণ কৰিছিল।
إِنَّ رَبَّكَ هُوَ يَفْصِلُ بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ ﴿٢٥﴾
হে ৰাছু ল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁ তৰ মাজত সেইবোৰ বিষয় ৰ মীমাংসা কৰি দিব, যিবোৰ বিষয় ক লৈ সিহঁ তে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে তেতিয়া স্পষ্ট হৈ পৰিব, কোন সৎ পথত আছিল আৰু কোন অসৎ পথত আছিল। লগতে তেওঁ প্ৰত্যেককে উচিত প্ৰতিফলদান কৰিব।
أَوَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا مِن قَبْلِهِم مِّنَ ٱلْقُرُونِ يَمْشُونَ فِى مَسَـٰكِنِهِمْ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ ۖ أَفَلَا يَسْمَعُونَ ﴿٢٦﴾
ইহঁ ত অন্ধ হৈ পৰিছে নেকি,ইহঁ তে গ'ম পোৱানাই নেকি যে,ইহঁ তৰপূৰ্বে আমি কিমান উম্মতক ধ্বংস কৰিছোঁ?! অথচ ইহঁ তে সিহঁ তৰসেই বাসস্থানসমূ হৰ মাজেৰে চলাফু ৰা কৰে যিবোৰত সিহঁ তে ধ্বংস হোৱাৰ পূৰ্বে বাস কৰিছিল। তথাপিও ইহঁ তে সিহঁ তৰ অৱস্থাৰ পৰা উপদেশ গ্ৰহণ নকৰে। কু ফৰ আৰু গুনাহৰ বাবে ধ্বংস হোৱা সেই উম্মতসমূ হৰ মাজত নিশ্চয় কেইটামান উপদেশ আছে, যিবোৰৰ দ্বাৰা সিহঁ তৰ ৰাছু লসকলৰ সত্যতা প্ৰমাণিত হয় , যিসকল আল্লাহৰ ফালৰ পৰা সিহঁ তৰ ওচৰলৈ প্ৰে ৰিত হৈছিল। আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা এই লোকসকলে, কবূল কৰাৰ উদ্দেশ্যে তথা উপদেশ গ্ৰহণ কৰাৰউদ্দেশ্যেনু শুনে নেকি?
أَوَلَمْ يَرَوْا۟ أَنَّا نَسُوقُ ٱلْمَآءَ إِلَى ٱلْأَرْضِ ٱلْجُرُزِ فَنُخْرِجُ بِهِۦ زَرْعًۭا تَأْكُلُ مِنْهُ أَنْعَـٰمُهُمْ وَأَنفُسُهُمْ ۖ أَفَلَا يُبْصِرُونَ ﴿٢٧﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে দেখা নাপায় নেকি যে, আমি এনেকু ৱা মৃত ভূমিত বৰষুণৰ পানী অৱতীৰ্ণ কৰোঁ য’ত উদ্ভিদৰ কোনো নাম গোন্ধ নাই,এতেকে সেই পানীৰজৰিয় তেই আমি বিভিন্ন উদ্ভিদ আৰুখেতি-বাতি উৎপন্ন কৰোঁ,যিবোৰসিহঁ তৰউট,গৰু,ছাগলীআদিয়ে ভক্ষণ কৰে, আনকি সিহঁ তে নিজেও ভক্ষণ কৰে? এইবোৰ সিহঁ তে দেখা নাপায় নেকি? লগতে এই কথা সিহঁ তে কিয় বুজি নাপায় যে, যি সত্তাই মৃত ভূমিক উদ্ভিদ উৎপন্নৰ বাবে উপযোগী কৰি তু লিব পাৰে, তেওঁ নিশ্চয় মৃ ত ব্যক্তি সকলক জীৱিত কৰি তু লিবলৈ সক্ষম? بلغ আল-কোৰআন · তাফছীৰ
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْفَتْحُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٢٨﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তি সকলে সোনকালে শাস্তি বিচাৰি কয়ঃ “এই ফয় চালা কেতিয়া কৰা হ’ব, যিটোৰ বিষয়ে তোমালোকে দাবী কৰা যে, আমাৰ আৰু তোমালোকৰ মাজত কিয়ামতৰ দিনা মীমাংসা হ’ব; যিদিনা আমাক জাহান্নামত নিক্ষেপ কৰা হ’ব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰোৱা হ’ব”।
قُلْ يَوْمَ ٱلْفَتْحِ لَا يَنفَعُ ٱلَّذِينَ كَفَرُوٓا۟ إِيمَـٰنُهُمْ وَلَا هُمْ يُنظَرُونَ ﴿٢٩﴾
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয় ক, এই প্ৰতিশ্ৰুতি কিয়ামতৰ দিনা পূৰণ হ’ব। বান্দাসকলৰ মাজত সেইদিনাই মীমাংসা কৰা হ’ব। নিজ চকু ৰে কিয়ামত প্ৰত্যক্ষ কৰাৰ পিছত পৃথিৱীত আল্লাহক অস্বীকাৰ কৰা লোকসকলে সেইদিনা বিশ্বাস কৰিলেও কোনো কামত নাহিব। সেইদিনা সিহঁতক অৱকাশো দিয়া নহ’ব যে, যাতে নিজ প্ৰতিপালকৰ ওচৰত তাওবা কৰিব পাৰে নাইবা তেওঁ ৰ ওচৰলৈ প্ৰত্যাৱৰ্ত ন কৰিব পাৰে।
فَأَعْرِضْ عَنْهُمْ وَٱنتَظِرْ إِنَّهُم مُّنتَظِرُونَ ﴿٣٠﴾
হে ৰাছু ল! ইহঁ ত যিহেতু পথভ্ৰ ষ্টতাত বহু দূৰ আগুৱাই গৈছে, গতিকে ইহঁ তৰ পৰা আপুনি মু খ ঘূৰাই লওক, আৰু অপেক্ষা কৰক সিহঁ তৰ পৰিণাম কি হয় । ইহঁ ত দৰাচলতে সেই শাস্তি ৰঅপেক্ষাত আছে,যি শাস্তি ৰপ্ৰ তিশ্ৰুতি আপুনি সিহঁ তক প্ৰদান কৰিছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে