قَدْ أَفْلَحَ ٱلْمُؤْمِنُونَ ﴿١﴾
আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মু মিনসকল তথা তেওঁ ৰ চৰীয় তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁ লোকে ভয় কৰা বস্তু ৰপৰামু ক্তি লাভ কৰাৰক্ষেত্ৰত সফলতাঅৰ্জ ন কৰিছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Muminoon (23)
মক্কী · 118 আয়াত
قَدْ أَفْلَحَ ٱلْمُؤْمِنُونَ ﴿١﴾
আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মু মিনসকল তথা তেওঁ ৰ চৰীয় তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁ লোকে ভয় কৰা বস্তু ৰপৰামু ক্তি লাভ কৰাৰক্ষেত্ৰত সফলতাঅৰ্জ ন কৰিছে।
ٱلَّذِينَ هُمْ فِى صَلَاتِهِمْ خَـٰشِعُونَ ﴿٢﴾
তেওঁ লোকে চালাতত ইমান বিনম্ৰ তা অৱলম্বন কৰে যে, চালাত আদায় কৰাৰ সময় ত তেওঁ লোকৰ শৰীৰৰ অংগ কোনো ধৰণৰ লৰচৰ নকৰে। লগতে তেওঁ লোকৰ অন্ত ৰ সকলো চিন্তা-ভাৱনাৰ পৰা বিৰত থাকে।
وَٱلَّذِينَ هُمْ عَنِ ٱللَّغْوِ مُعْرِضُونَ ﴿٣﴾
তেওঁ লোকে অসত্য আৰু ব্যৰ্থ তথা সেই সকলো কথা-কৰ্মৰ পৰা বিৰত থাকে যিবোৰ গুনাহৰ কাৰণ হয় ।
وَٱلَّذِينَ هُمْ لِلزَّكَوٰةِ فَـٰعِلُونَ ﴿٤﴾
তেওঁ লোকে নিজকে সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখে, আৰু যাকাত আদায় ৰ মাধ্যমত নিজৰ সম্পত্তি পৱিত্ৰ কৰি ৰাখে।
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ ﴿٥﴾
তেওঁ লোকে ব্যভিচাৰ, সমকামিতা আৰু সকলো প্ৰকাৰ অশ্লীলতাৰ পৰা নিজকে সুৰক্ষিত ৰাখে, তেওঁ লোকে সদায় পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ থাকে।
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ ﴿٦﴾
কিন্তু সিহঁ তৰপত্নীআৰুঅধিকাৰভু ক্তদাসীৰবাহিৰে। কিয় নোসিহঁ তৰসৈতে মিলনৰমাধ্যমত উপকৃ ত হোৱাটোকোনোনিন্দ নীয় বিষয় নহয় ।
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ ﴿٧﴾
কিন্তু যদি কোনোবাই নিজৰস্ত্ৰী আৰুদাসীক এৰিআন কোনো পথেৰেউপকৃ ত হ’ববিচাৰে, তেন্তে তেনেকু ৱা ব্যক্তি য়ে ই হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লঙ্ঘনকাৰী। কাৰণ সি আল্লাহে হালাল কৰা যৌন-সম্ভোগৰ পথ এৰি, হাৰাম পথ অৱলম্বন কৰিছে।
وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ ﴿٨﴾
তথা তেওঁলোকে আল্লাহৰ আমানত আৰু বান্দাৰ আমানত, লগতে তেওঁলোকৰ বচন ৰক্ষা কৰে, কেতিয়াও ভঙ্গ নকৰে; বৰং সদায় পূৰণ কৰাৰ চেষ্টা কৰে।
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَوَٰتِهِمْ يُحَافِظُونَ ﴿٩﴾
তেওঁ লোকে চালাতৰআৰকান, ওৱাজিবাত আৰু মু তাস্ হাবসমূ হ ৰক্ষা কৰিসদায় যথাসময় ত নিয় মিতভাৱেচালাত আদায় কৰে। بلغ আল-কোৰআন · তাফছীৰ
أُو۟لَـٰٓئِكَ هُمُ ٱلْوَٰرِثُونَ ﴿١٠﴾
উপৰোক্ত বৈশিষ্ট্যসমূ হৰঅধিকাৰী ব্যক্তি সকলেই হৈছে ওৱাৰিচ তথা উত্তৰাধিকাৰী।
ٱلَّذِينَ يَرِثُونَ ٱلْفِرْدَوْسَ هُمْ فِيهَا خَـٰلِدُونَ ﴿١١﴾
তেওঁলোকেই হৈছে আটাইতকৈ উচ্চ জান্নাতৰ উত্তৰাধিকাৰী, য’ত তেওঁলোকে চিৰকাল অৱস্থান কৰিব, তাত তেওঁলোকে যিবোৰ নিয়ামত লাভ কৰিব সেইবোৰ কেতিয়াও শেষ নহ’ব।
وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ مِن سُلَـٰلَةٍۢ مِّن طِينٍۢ ﴿١٢﴾
মানু হৰ আদি পিতা আদমক আমি মাটি ৰে সৃষ্টি কৰিছিলোঁ; আৰু সেই মাটি পৃথিৱীৰ বোকা মাটি ৰ পৰা লোৱা হৈছিল। ثم جعلنهنطفة فى قرار مكين
ثُمَّ جَعَلْنَـٰهُ نُطْفَةًۭ فِى قَرَارٍۢ مَّكِينٍۢ ﴿١٣﴾
ইয়াৰ পিছত তেওঁ ৰ সন্তানসকলক ধাৰাবাহিকভাৱে বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। যিটো মাকৰ গৰ্ভাশয় ত জন্ম নোহোৱালৈকে অৱস্থান কৰে।
ثُمَّ خَلَقْنَا ٱلنُّطْفَةَ عَلَقَةًۭ فَخَلَقْنَا ٱلْعَلَقَةَ مُضْغَةًۭ فَخَلَقْنَا ٱلْمُضْغَةَ عِظَـٰمًۭا فَكَسَوْنَا ٱلْعِظَـٰمَ لَحْمًۭا ثُمَّ أَنشَأْنَـٰهُ خَلْقًا ءَاخَرَ ۚ فَتَبَارَكَ ٱللَّهُ أَحْسَنُ ٱلْخَـٰلِقِينَ ﴿١٤﴾
তাৰ পিছত আমি মাকৰ গৰ্ভাশয় ত অৱস্থান কৰা বীৰ্যক ৰঙা ৰক্তপিণ্ডলৈ ৰূপান্ত ৰিত কৰিছোঁ। ইয়াৰ পিছত সেই ৰক্তপিণ্ডক এটুকু ৰা মাংসত ৰূপান্ত ৰিত কৰিছোঁ। ইয়াৰ পিছত মাংসৰ টুকু ৰাৰে মজবুত হাড় সৃষ্টি কৰিছোঁ। ইয়াৰ পিছত সেই হাড় ক মাংস পৰিধান কৰাইছোঁ। তাৰ পিছত ইয়াৰ মাজত ৰূহ প্ৰদান কৰিএটা নতু ন সৃষ্টি ৰৰূপ দিছোঁ। লগতে ইয়াক পাৰ্থিৱজীৱনৰবাবেউলিয়াই আনিছোঁ। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ তাআলা কিমান বৰকতময় । ثم إنكم بعد ذلك لميتون
ثُمَّ إِنَّكُم بَعْدَ ذَٰلِكَ لَمَيِّتُونَ ﴿١٥﴾
এতেকে শুনা হে মানৱজাতি! এই ধাপসমূ হ শেষ হোৱাৰপিছত, নিৰ্ধাৰিত সময় শেষ হোৱাৰলগে লগে নিশ্চয় তোমালোকে মৃ ত্যুবৰণ কৰিবা।
ثُمَّ إِنَّكُمْ يَوْمَ ٱلْقِيَـٰمَةِ تُبْعَثُونَ ﴿١٦﴾
মৃ ত্যুৰ পিছত কিয়ামতৰ দিনা তোমালোকক কবৰৰ পৰা পুনৰুত্থিত কৰা হ’ব। যাতে তোমালোকে কৰা আমলৰ হিচাপ-কিতাপ ল’ব পৰা যায় ।
وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآئِقَ وَمَا كُنَّا عَنِ ٱلْخَلْقِ غَـٰفِلِينَ ﴿١٧﴾
হে মানৱজাতি! নিশ্চয় আমি তোমালোকৰ ওপৰত, এটাৰ ওপৰত এটাকৈ সাতখন আকাশ সৃষ্টি কৰিছোঁ। আমি আমাৰ সৃষ্টি ৰ পৰা কেতিয়াও অমনোযোগী নহয় , আৰু সিহঁ তক পাহৰাও নাই।
وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۢ بِقَدَرٍۢ فَأَسْكَنَّـٰهُ فِى ٱلْأَرْضِ ۖ وَإِنَّا عَلَىٰ ذَهَابٍۭ بِهِۦ لَقَـٰدِرُونَ ﴿١٨﴾
আকাশৰ পৰা আমি প্ৰয়োজন অনু সাৰে পানী বৰ্ষণ কৰোঁ, বেছিও নকৰোঁ যে বিপদ আহিব, আৰু কমো নিদিওঁ যে, যথেষ্ট নহ'ব। তথা সেই পানীক আমি পৃথিৱীত ৰখাই দিওঁ যাতে মানুহ আৰু জীৱ-জন্তু ৱে উপকৃ ত হ'ব পাৰে। সেই পানীক আমি নাইকিয়া কৰিবলৈকো সক্ষম, ফলত তোমালোকে উপকৃ ত হ'ব নোৱাৰিবা। بلغ আল-কোৰআন · তাফছীৰ فأنشأنا لكم به جنت من ن خيل وأعنب ل كم فيها فوكهكثيرة ومنها تأكلون
فَأَنشَأْنَا لَكُم بِهِۦ جَنَّـٰتٍۢ مِّن نَّخِيلٍۢ وَأَعْنَـٰبٍۢ لَّكُمْ فِيهَا فَوَٰكِهُ كَثِيرَةٌۭ وَمِنْهَا تَأْكُلُونَ ﴿١٩﴾
সেই পানীৰ পৰাই আমি তোমালোকক খেজুৰ আৰু আঙু ৰৰ বাগান সাজি দিছোঁ। তাত তোমালোকৰ বাবে আছে বিভিন্ন আকাৰৰ আৰু বিভিন্ন ৰঙৰ ফল- মূ ল। উদাহৰণস্ব ৰূপে ডিমৰু, ডালিম আৰু আপেল, যিবোৰতোমালোকে ভক্ষণ কৰা।
وَشَجَرَةًۭ تَخْرُجُ مِن طُورِ سَيْنَآءَ تَنۢبُتُ بِٱلدُّهْنِ وَصِبْغٍۢ لِّلْـَٔاكِلِينَ ﴿٢٠﴾
সেই পানীৰ পৰাই আমি তোমালোকৰ বাবে উৎপন্ন কৰিছোঁ যায় তু ন গছ, যিটো চিনাই পৰ্বতৰ অঞ্চলত উৎপাদিত হয় । সেই গছৰ ফলৰ পৰা তেল উলিওৱা হয় , আৰু সেইবোৰক তেল আৰু আঞ্জা হিচাপেও ব্যৱহাৰ কৰা হয় ।
وَإِنَّ لَكُمْ فِى ٱلْأَنْعَـٰمِ لَعِبْرَةًۭ ۖ نُّسْقِيكُم مِّمَّا فِى بُطُونِهَا وَلَكُمْ فِيهَا مَنَـٰفِعُ كَثِيرَةٌۭ وَمِنْهَا تَأْكُلُونَ ﴿٢١﴾
হে মানৱজাতি! বাস্ত ৱতে তোমালোকৰ বাবে ঘৰচীয়া চতু ষ্পদ জন্তু বোৰ (উট, গৰু আৰু ছাগলী)ৰ মাজত আছে ডাঙৰ শিক্ষা আৰু নিৰ্দে শনা, যাৰ দ্বাৰা তোমালোকে আল্লাহৰ ক্ষমতা আৰু তোমালোকৰ প্ৰতি তেওঁৰ দয়া তথা কৃ পা অতি সহজে অনুভৱ কৰিব পাৰিবা। আমিয়ে ই তোমালোকক এইবোৰ চতু ষ্পদ জন্তু ৰ নিৰ্ভে জাল তথা সোৱাদ লগা গাখীৰ খোৱাওঁ । এইবোৰৰ দ্বাৰা তোমালোকে আৰু বহুতো প্ৰকাৰে উপকৃ ত হোৱা, যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊণ সংগ্ৰ হ কৰা, গোবৰ আৰু নোমৰ দ্বাৰাও তোমালোকে উপকৃ ত হোৱা। তথা তোমালোকে এইবোৰৰ মাংসও ভক্ষণ কৰা।
وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ ﴿٢٢﴾
স্থলত তোমালোকে চতু ষ্পদ জন্তু বোৰৰ মাজৰ পৰা উটক পৰিবহন হিচাপে ব্যৱহাৰ কৰা, আনহাতে সাগৰত তোমালোকক প্ৰকাণ্ড জাহাজক পৰিবহণ হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিছোঁ।
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَقَالَ يَـٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَـٰهٍ غَيْرُهُۥٓ ۖ أَفَلَا تَتَّقُونَ ﴿٢٣﴾
নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰ দায়ৰ ফালে প্ৰে ৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। ফলত নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। সেই পৱিত্ৰ সত্ত্বাৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তথাপিও তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ক ভয় নকৰিবানে?!
فَقَالَ ٱلْمَلَؤُا۟ ٱلَّذِينَ كَفَرُوا۟ مِن قَوْمِهِۦ مَا هَـٰذَآ إِلَّا بَشَرٌۭ مِّثْلُكُمْ يُرِيدُ أَن يَتَفَضَّلَ عَلَيْكُمْ وَلَوْ شَآءَ ٱللَّهُ لَأَنزَلَ مَلَـٰٓئِكَةًۭ مَّا سَمِعْنَا بِهَـٰذَا فِىٓ ءَابَآئِنَا ٱلْأَوَّلِينَ ﴿٢٤﴾
ইয়াৰ পিছত তেওঁৰ সম্প্ৰ দায় ৰ সন্মানিত আৰু প্ৰমূখ লোকসকলে (যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল) নিজৰ অনুসাৰীসকলক আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক’লেঃ “এই মানু হজন, যিজনে নিজকে ৰাছু ল বুলি দাবী কৰে, তেওঁ দেখোন তোমালোকৰ দৰেই এজন মানু হ। দৰাচলতে এওঁ তোমালোকৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে আৰু তোমালোকৰ নেতা হ’ব বিচাৰে। সঁচাই যদি আল্লাহে আমাৰ ফালে ৰাছুল প্ৰে ৰণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰে ৰণ কৰিলেহেঁতেন। মানুহক কেতিয়াও ৰাছুল হিচাপে প্ৰে ৰণ নকৰিলেহেঁতেন। আমাৰ পূৰ্বপুৰুষসকলৰ মাজত এনেকু ৱা দাবীদাৰ ব্যক্তি ৰ বিষয়ে কেতিয়াও আমি শুনা নাছিলোঁ।” إن هوإلا رجل به جنة فتربصوابه حت حين
إِنْ هُوَ إِلَّا رَجُلٌۢ بِهِۦ جِنَّةٌۭ فَتَرَبَّصُوا۟ بِهِۦ حَتَّىٰ حِينٍۢ ﴿٢٥﴾
দৰাচলতে এওঁ হৈছে এজন উন্মাদ ব্যক্তি। এওঁ নিজেই নাজানে, এওঁ কি কৈ আছে। গতিকে কিছু সময় অপেক্ষা কৰা, তেওঁৰ সকলো বিষয় মানুহৰ সন্মুখত প্ৰকাশ পাব। بلغ আল-কোৰআন · তাফছীৰ
قَالَ رَبِّ ٱنصُرْنِى بِمَا كَذَّبُونِ ﴿٢٦﴾
নূহ আলাইহিচ্ছালামে ক’লেঃ“হে মোৰপ্ৰ তিপালক,সিহঁ তৰবিৰুদ্ধে তু মি মোক সহায় কৰা। লগতে সিহঁ তে মোক অস্বীকাৰকৰিছে;গতিকে তু মি ইয়াৰ প্ৰতিশোধ লোৱা।”
فَأَوْحَيْنَآ إِلَيْهِ أَنِ ٱصْنَعِ ٱلْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا فَإِذَا جَآءَ أَمْرُنَا وَفَارَ ٱلتَّنُّورُ ۙ فَٱسْلُكْ فِيهَا مِن كُلٍّۢ زَوْجَيْنِ ٱثْنَيْنِ وَأَهْلَكَ إِلَّا مَن سَبَقَ عَلَيْهِ ٱلْقَوْلُ مِنْهُمْ ۖ وَلَا تُخَـٰطِبْنِى فِى ٱلَّذِينَ ظَلَمُوٓا۟ ۖ إِنَّهُم مُّغْرَقُونَ ﴿٢٧﴾
আমি নূহ আলাইহিচ্ছালামক সংবাদ প্ৰদান কৰিছিলোঁ যে, আপুনি আমাৰ চকু ৰ সন্মুখত আৰু আমি কোৱা পদ্ধতিমতে এখন নাও বনাওক। সিহঁ তৰ বিনাশ সম্পৰ্কীয় যেতিয়া আমাৰ আদেশ আহি পৰিব আৰু চৌকাত পানী উথলি উঠি ব তেতিয়া প্ৰত্যেক জীৱ-জন্তু ৰ মাজৰ পৰা এযোৰ এযোৰকৈ নাঁৱত উঠাই ল’ব, যাতে সেইবোৰৰ বংশ পৃথিৱীত বাকী থাকে। লগতে আপোনাৰ পৰিয়ালকো উঠাই ল’ব, কিন্তু সেইসকল লোকক নাঁৱত নুঠাব যিসকলৰ বিৰুদ্ধে আল্লাহে পূৰ্বেই সিদ্ধাতন্ গ্ৰহণ কৰিছে। যেনেঃ আপোনাৰ স্ত্ৰী আৰু আপোনাৰ ল’ৰা। তথা সিহঁ তৰ মুক্তি আৰু ৰক্ষাৰ বাবে আপুনি মোৰ ওচৰত প্ৰাৰ্থনানকৰিব,কিয় নোসিহঁ তে কু ফৰীকৰিঅন্যায় কৰিছে। সিহঁ ত নিশ্চিতভাৱেপানীত ডু বিধ্বংস হ'ব।
فَإِذَا ٱسْتَوَيْتَ أَنتَ وَمَن مَّعَكَ عَلَى ٱلْفُلْكِ فَقُلِ ٱلْحَمْدُ لِلَّهِ ٱلَّذِى نَجَّىٰنَا مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ ﴿٢٨﴾
এতেকে আপুনি আৰু আপোনাৰ মুমিন সঙ্গীসকলে যেতিয়া নাঁৱত আৰোহণ কৰিব তেতিয়া ক’বঃ সকলো ধৰণৰ প্ৰশংসা সেই আল্লাহৰ বাবে, যিজনে আমাক কাফিৰ সম্প্ৰ দায় ৰ পৰা ৰক্ষা কৰিছে আৰু সিহঁ তক ধ্বংস কৰিছে।
وَقُل رَّبِّ أَنزِلْنِى مُنزَلًۭا مُّبَارَكًۭا وَأَنتَ خَيْرُ ٱلْمُنزِلِينَ ﴿٢٩﴾
লগতে এই দুআকৰিবঃহে মোৰপ্ৰ তিপালক! তু মি মোক বৰকতময় ভূ মিত অৱতৰণ কৰোৱা,নিশ্চয় তু মিয়ে ই শ্ৰে ষ্ঠস্থান প্ৰদানকাৰী। إن فى ذلك لٔايت وإن كنا لمبتلين
إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ وَإِن كُنَّا لَمُبْتَلِينَ ﴿٣٠﴾
উপৰোক্ত বিষয় টোৱে অৰ্থাৎ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ মুমিন সঙ্গীসকলক ৰক্ষা কৰা আৰু কাফিৰসকলক ধ্বংস কৰাৰ বিষয় টোৱে এই কথা স্পষ্ট ৰূপে প্ৰমাণ কৰে যে, নিশ্চয় আমি আমাৰ ৰাছু লসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিবলৈ সক্ষম। দৰাচলতে আমি নূহ আলাইহিচ্ছালামক তেওঁৰ জাতিৰ মাজত প্ৰে ৰণ কৰি সিহঁতক পৰীক্ষা কৰিব বিচাৰিছিলোঁ, যাতে কাফিৰৰ পৰা মুমিন আৰু গুনাহগাৰৰপৰা আনু গত্যকাৰী স্পষ্ট ভাৱেপ্ৰ কাশ পায় । ثم أنشأنا من بعدهم قرنا ءاخرين
ثُمَّ أَنشَأْنَا مِنۢ بَعْدِهِمْ قَرْنًا ءَاخَرِينَ ﴿٣١﴾
নূ হ আলাইহিচ্ছালামৰ জাতিক ধ্বংস কৰাৰ পিছত, আমি আৰু এটা জাতিক সৃষ্টি কৰিছিলোঁ।
فَأَرْسَلْنَا فِيهِمْ رَسُولًۭا مِّنْهُمْ أَنِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَـٰهٍ غَيْرُهُۥٓ ۖ أَفَلَا تَتَّقُونَ ﴿٣٢﴾
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰে ৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। এতেকে তেওঁ সিহঁতক সম্বোধন কৰি ক'লেঃ তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তেওঁ পৱিত্ৰ। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন নকৰিবানে? بلغ আল-কোৰআন · তাফছীৰ
وَقَالَ ٱلْمَلَأُ مِن قَوْمِهِ ٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِلِقَآءِ ٱلْـَٔاخِرَةِ وَأَتْرَفْنَـٰهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا مَا هَـٰذَآ إِلَّا بَشَرٌۭ مِّثْلُكُمْ يَأْكُلُ مِمَّا تَأْكُلُونَ مِنْهُ وَيَشْرَبُ مِمَّا تَشْرَبُونَ ﴿٣٣﴾
يأكل مما تأكلون منهويشرب مما تشربون তেওঁৰ জাতিৰ গণ্যমান্য আৰু প্ৰমুখ লোকসকলে যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল তথা আখিৰাতক নাকচ কৰিছিল আৰু আখিৰাতৰ প্ৰতিফল আৰু শাস্তি ক অৱমাননা কৰিছিল, পৃথিৱীত থকা আমাৰ অগণন নিয়ামতে সিহঁ তক স্বৈ ৰাচাৰী বনাইছিল, সেইসকল লোকে নিজৰ অনু সাৰী আৰু সাধাৰণ লোকসকলক সম্বোধন কৰিক'লেঃএওঁ দেখোন তোমালোকৰদৰেই এজন মানুহ। তোমালোকে যি খোৱা, তেৱোঁ সেইটোৱেই খায় । তোমালোকে যি পান কৰা, তেৱোঁ সেইটোৱে পান কৰে। তেওঁ ৰ মাজত এনেকু ৱা কোনো বৈশিষ্ট্য নাই, যাৰ ভিত্তিত তেওঁ ক তোমালোকৰ প্ৰতি ৰাছু ল হিচাপে প্ৰে ৰণ কৰা হ'ব। ولئن أطعتم بشرا مثلكم إنكم إذا ل خسرون
وَلَئِنْ أَطَعْتُم بَشَرًۭا مِّثْلَكُمْ إِنَّكُمْ إِذًۭا لَّخَـٰسِرُونَ ﴿٣٤﴾
যদি তোমালোকে নিজৰ দৰেই এজন মানুহৰ অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰ তস্ হ'বা। কাৰণ নিজৰ উপাস্যবোৰক এৰি এনেকু ৱা লোকৰ আনু গত্য কৰাত কোনো ধৰণৰ উপকাৰ নাই। এনেকু ৱা লোকৰ অনু সৰণতো কোনো লাভ নাই, যিজনৰ মাজত তোমালোকৰ ওপৰত প্ৰাধান্য লাভ কৰিব পাৰা কোনো বৈশিষ্ট্য নাই। أيعدكم أنكم إذا متم وكنتم ترابا وعظما أنكم م خرجون
أَيَعِدُكُمْ أَنَّكُمْ إِذَا مِتُّمْ وَكُنتُمْ تُرَابًۭا وَعِظَـٰمًا أَنَّكُم مُّخْرَجُونَ ﴿٣٥﴾
এই ৰাছু ল বুলি দাবী কৰা ব্যক্তি জনে তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃ ত্যুবৰণ কৰিবা আৰু মাটি ত পৰিণত হ'বা আৰু তোমালোকৰ হাড় বোৰ গেলি-পচি যাব, তেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি তোলা হ’ব? বিষয় টো কিন্তু বোধগম্য নহয় ।
۞ هَيْهَاتَ هَيْهَاتَ لِمَا تُوعَدُونَ ﴿٣٦﴾
এইটো এটা অসম্ভ ৱ বিষয় , যিটো তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে যে, তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক আকৌ জীৱিত কৰি তোলা হ'ব। যিহেতু তোমালোকৰহাড় বোৰগেলি পচি মাটি ত পৰিণত হ'ব।
إِنْ هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ ﴿٣٧﴾
শুনা! পাৰ্থিৱ জীৱনেই হৈছে একমাত্ৰ জীৱন। আখিৰাতৰ জীৱনৰ কোনো ভিত্তি নাই। আমাৰ মাজৰ জীৱিতসকলেহে মৃ ত্যুবৰণ কৰে, কিন্তু তেওঁ লোক কেতিয়াও জীৱিত নহয় । ইয়াৰপিছত অন্যলোকসকলে জন্ম লাভ কৰিএই পৃথিৱীত জীৱন-যাপন কৰে। আমি মৃ ত্যুবৰণ কৰাৰপিছত কিয়ামতৰদিনা হিচাপ-নিকাচৰ বাবে কেতিয়াও পুনৰুত্থিত নহওঁ ।
إِنْ هُوَ إِلَّا رَجُلٌ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًۭا وَمَا نَحْنُ لَهُۥ بِمُؤْمِنِينَ ﴿٣٨﴾
ৰাছু ল হিচাপে প্ৰে ৰিত হোৱা বুলি দাবী কৰা এই ব্যক্তিজনে দৰাচলতে আল্লাহৰ ওপৰত মিছা আৰোপ কৰিছে। আমি এওঁৰ কথাক কেতিয়াও বিশ্বাস নকৰোঁ।
قَالَ رَبِّ ٱنصُرْنِى بِمَا كَذَّبُونِ ﴿٣٩﴾
তেতিয়া ৰাছু লে প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! ইহঁ তৰ বিৰুদ্ধে তু মি মোক সহায় কৰা। যিহেতু ইহঁ তে মোক অস্বীকাৰ কৰিছে, গতিকে তু মি ইয়াৰ প্ৰতিশোধ লোৱা। بلغ আল-কোৰআন · তাফছীৰ قال عما قليل ليصبحن ندمين
قَالَ عَمَّا قَلِيلٍۢ لَّيُصْبِحُنَّ نَـٰدِمِينَ ﴿٤٠﴾
আল্লাহে তেওঁৰ প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই ক'লেঃ তু মি লৈ অহা বাৰ্তাক অস্বীকাৰকাৰী এই লোকসকলে নিজৰ এই অপকৰ্মৰ বাবে শীঘ্ৰে ই অনুতপ্ত হ'ব।
فَأَخَذَتْهُمُ ٱلصَّيْحَةُ بِٱلْحَقِّ فَجَعَلْنَـٰهُمْ غُثَآءًۭ ۚ فَبُعْدًۭا لِّلْقَوْمِ ٱلظَّـٰلِمِينَ ﴿٤١﴾
এতেকে যেতিয়া সিহঁ ত নিজৰ স্বৈৰাচাৰীতাৰ কাৰণে শাস্তি ৰ উপযুক্ত হ'ল, তেতিয়া সিহঁ তক প্ৰচণ্ড বিকট শব্দই আহি গ্ৰাস কৰিলে, আৰু সিহঁ ত প্লাৱিত ফেনৰ দৰে ধ্বংসস্তু পত পৰিণত হ'ল। এতেকে অন্যায় কাৰী জাতিৰ বাবে আছে কেৱল ধ্বংস। ثم أنشأنا من بعدهم قرونا ءاخرين
ثُمَّ أَنشَأْنَا مِنۢ بَعْدِهِمْ قُرُونًا ءَاخَرِينَ ﴿٤٢﴾
সিহঁ তক বিনাশ কৰাৰ পিছত, আমি অন্যান্য সম্প্ৰ দায় আৰু জাতি সৃষ্টি কৰিছিলোঁ, যেনেঃ লূত আলাইহিচ্ছালামৰ সম্প্ৰ দায় , শ্বু আইব আলাইহিচ্ছালামৰ সম্প্ৰ দায় আৰুইউনুছআলাইহিচ্ছালামৰসম্প্ৰ দায় । ما تسبق من أمة أجلها وما يستٔخرون
مَا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ ﴿٤٣﴾
এই অস্বীকাৰকাৰী জাতিসকলৰ মাজৰ কোনেও বিনাশৰ বাবে নিৰ্ধাৰিত সময় ৰ পৰা আগবাঢ়ি ব নোৱাৰে আৰু পিছু ৱাবও নোৱাৰে। সিহঁ তৰ ওচৰত যিমানেইউপায় নাথাকককিয় ।
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَا ۖ كُلَّ مَا جَآءَ أُمَّةًۭ رَّسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُم بَعْضًۭا وَجَعَلْنَـٰهُمْ أَحَادِيثَ ۚ فَبُعْدًۭا لِّقَوْمٍۢ لَّا يُؤْمِنُونَ ﴿٤٤﴾
يؤمنون আমি ধাৰাবাহিকভাৱে এজনৰ পিছত এজনকৈ ৰাছু ল প্ৰে ৰণ কৰিছিলোঁ। কিন্তু যেতিয়াই সেই উম্মতসমূহৰ মাজত কোনো ৰাছু লৰ আগমণ ঘটি ছিল সিহঁ তে তেওঁক অস্বীকাৰ কৰিছিল। আমিও সিহঁ তক এটাৰ পিছত এটাকৈ ধ্বংস কৰিছিলোঁ। সেইসমূহ জাতিৰ ইতিহাসৰ বাহিৰে আন কোনো অস্তি ত্বনাছিল। ধ্বংস হওক সেইসকল লোক, যিসকলে ৰাছু লে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰে। ثم أرسلنا موس وأخاههرون بٔايتنا وسلطن مبين
ثُمَّ أَرْسَلْنَا مُوسَىٰ وَأَخَاهُ هَـٰرُونَ بِـَٔايَـٰتِنَا وَسُلْطَـٰنٍۢ مُّبِينٍ ﴿٤٥﴾
তাৰ পিছত আমি মূ ছা আৰু তেওঁ ৰ ভাতৃ হাৰূনক নটা নিদৰ্শন (যেনেঃ লাখুটি , শুভ্ৰ হাত, কাকতি ফৰিং, ওকণি, ভেকু লী, তেজ, ধুমু হা, দুৰ্ভিক্ষ, শস্য আদিৰ ক্ষয় -খতি) আৰুস্পষ্ট নিদৰ্শনসহ প্ৰে ৰণ কৰিছিলোঁ।
إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَٱسْتَكْبَرُوا۟ وَكَانُوا۟ قَوْمًا عَالِينَ ﴿٤٦﴾
আমি তেওঁলোক দুয়োকে ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ। কিন্তু সিহঁ তে অহংকাৰ কৰিছিল আৰু তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল। দৰাচলতে সিহঁ ত আছিল মানুহৰ ওপৰত অন্যায় -অত্যাচাৰ কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তি ।
فَقَالُوٓا۟ أَنُؤْمِنُ لِبَشَرَيْنِ مِثْلِنَا وَقَوْمُهُمَا لَنَا عَـٰبِدُونَ ﴿٤٧﴾
সিহঁ তে ক'লেঃআমি এনেকু ৱা দুজন লোকৰওপৰত ঈমান পোষণ কৰিম নেকি,যি দুজনৰকোনো বিশেষ বৈশিষ্ট্যও নাই,আনহাতে সিহঁ তৰজাতি (বনী ইছৰাঈল) দেখোন আমাৰেই অধীনস্থ তথাঅনু গত?! بلغ আল-কোৰআন · তাফছীৰ
فَكَذَّبُوهُمَا فَكَانُوا۟ مِنَ ٱلْمُهْلَكِينَ ﴿٤٨﴾
তেওঁ লোক দুজনে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছিল সিহঁ তে সেয়া অস্বীকাৰ কৰিলে। এই অস্বীকাৰ কৰাৰ ফলত সিহঁ তক সাগৰত ডু বাই ধ্বংস কৰা হৈছিল।
وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ لَعَلَّهُمْ يَهْتَدُونَ ﴿٤٩﴾
নিশ্চয় আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, যাতে তেওঁৰ সম্প্ৰ দায় ৰ লোকসকলে সত্যৰ পথ পায় আৰু সেইমতে আমল কৰিব পাৰে।
وَجَعَلْنَا ٱبْنَ مَرْيَمَ وَأُمَّهُۥٓ ءَايَةًۭ وَءَاوَيْنَـٰهُمَآ إِلَىٰ رَبْوَةٍۢ ذَاتِ قَرَارٍۢ وَمَعِينٍۢ ﴿٥٠﴾
আমি মৰিয় ম আৰু তেওঁৰ পুত্ৰ ঈছাক আমাৰ অদ্ভুদ শক্তিৰ প্ৰতীক বনাইছিলোঁ। কিয় নো তেওঁ পিতৃ নোহোৱাকৈ জন্ম লাভ কৰিছিল। আমি দুয়োকে এটাওখ স্থানত আশ্ৰ য় দিছিলোঁ। যি ঠাইডোখৰআছিল সমতল আৰুবসবাস উপযোগী। লগতে তাত প্ৰবাহিত পানীৰোসুব্যৱস্থাআছিল।
يَـٰٓأَيُّهَا ٱلرُّسُلُ كُلُوا۟ مِنَ ٱلطَّيِّبَـٰتِ وَٱعْمَلُوا۟ صَـٰلِحًا ۖ إِنِّى بِمَا تَعْمَلُونَ عَلِيمٌۭ ﴿٥١﴾
হে ৰাছু ল! মই আপোনালোকৰবাবেযিবোৰপৱিত্ৰ বস্তু হালাল কৰিছোঁ সেইবোৰভক্ষণ কৰক। তথা চৰীয় ত মুতাবিক সৎকৰ্ম কৰক। আপোনালোকে কৰা সকলো কৰ্ম সম্পৰ্কে মই নিশ্চিতভাৱে অৱগত। আপোনালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয় ।
وَإِنَّ هَـٰذِهِۦٓ أُمَّتُكُمْ أُمَّةًۭ وَٰحِدَةًۭ وَأَنَا۠ رَبُّكُمْ فَٱتَّقُونِ ﴿٥٢﴾
হে ৰাছু ল! প্ৰকৃ ততে আপোনালোকৰএটাই ধৰ্ম, আৰুসেইটো হৈছে ইছলাম। ময়ে ই আপোনালোকৰৰব্ব, মোৰবাহিৰেআপোনালোকৰআন কোনো প্ৰকৃ ত ৰব্ব নাই। গতিকে মোৰআদেশ পালন কৰিআৰুমোৰনিষেধকৃ ত বিষয় ৰপৰা বিৰত থাকি মোৰতাক্ব ৱা অৱলম্বন কৰক।
فَتَقَطَّعُوٓا۟ أَمْرَهُم بَيْنَهُمْ زُبُرًۭا ۖ كُلُّ حِزْبٍۭ بِمَا لَدَيْهِمْ فَرِحُونَ ﴿٥٣﴾
কিন্তু তেওঁলোকৰ পিছত তেওঁলোকৰ অনুসাৰীসকলে দ্বীনৰ মাজত মতানৈক্য সৃষ্টি কৰিলে আৰু বহুধাবিভক্ত হৈ গ'ল। প্ৰত্যেকেই নিজৰ দলকলৈ আনন্দি ত আছিল আৰুভাবিছিল সিহঁ ত যিটোদলত আছে সেইটোৱেই আল্লাহৰওচৰত মনোনীত। অন্যান্যদলৰপ্ৰ তি ভ্ৰূক্ষেপ কৰানাছিল। فذرهم فىغمرتهم حت حين
فَذَرْهُمْ فِى غَمْرَتِهِمْ حَتَّىٰ حِينٍ ﴿٥٤﴾
হে ৰাছু ল! আপুনি সিহঁ তক সেই অজ্ঞনতাআৰুদোদুল্যমান অৱস্থাতে এৰিদিয় ক,যি অৱস্থাত সিহঁ ত বৰ্ত মান আছে। অৱশেষত সিহঁ তৰওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ’ব। أيحسبون أنما نمدهم به من مال وبنين
أَيَحْسَبُونَ أَنَّمَا نُمِدُّهُم بِهِۦ مِن مَّالٍۢ وَبَنِينَ ﴿٥٥﴾
نُسَارِعُ لَهُمْ فِى ٱلْخَيْرَٰتِ ۚ بَل لَّا يَشْعُرُونَ ﴿٥٦﴾
পাৰ্থিৱ জীৱনত আমি সিহঁতক যিবোৰ ধন-সম্পত্তি আৰু সন্তান-সন্ত তি প্ৰদান কৰিছোঁ, নিজৰ দলকলৈ আনন্দি ত লোকসকলে নিজকে সেইবোৰৰ উপযুক্ত বুলি ভাবে নেকি? সিহঁ তে যিটো ভাবিছে বিষয় টো তেনেকু ৱা নহয় । বৰং আমি সিহঁ তক অৱকাশ দিবলৈ আৰু সুযোগ দিবলৈ এইবোৰ প্ৰদান কৰিছোঁ। কিন্তু সিহঁ তে এইটোউপলব্ধি কৰানাই। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ ٱلَّذِينَ هُم مِّنْ خَشْيَةِ رَبِّهِم مُّشْفِقُونَ ﴿٥٧﴾
নিশ্চয় যিসকলে ঈমান আৰুনেকপৰায় ণতাৰসৈতে নিজ প্ৰতিপালকক ভয় কৰে।
وَٱلَّذِينَ هُم بِـَٔايَـٰتِ رَبِّهِمْ يُؤْمِنُونَ ﴿٥٨﴾
যিসকলে নিজ প্ৰতিপালকৰকিতাবৰপ্ৰ তি ঈমান পোষণ কৰে।
وَٱلَّذِينَ هُم بِرَبِّهِمْ لَا يُشْرِكُونَ ﴿٥٩﴾
যিসকলে নিজ প্ৰতিপালকক একক বুলি বিশ্বাস কৰে আৰু তেওঁ ৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে।
وَٱلَّذِينَ يُؤْتُونَ مَآ ءَاتَوا۟ وَّقُلُوبُهُمْ وَجِلَةٌ أَنَّهُمْ إِلَىٰ رَبِّهِمْ رَٰجِعُونَ ﴿٦٠﴾
যিসকলে নেক কৰ্ম মনোযোগ সহকাৰে কৰে, লগতে সৎকৰ্মৰ জৰিয় তে আল্লাহৰ নৈকট্য অৱলম্বন কৰিব বিচাৰে। তথা তেওঁ লোকে এই ভয়ো পোষণ কৰে যে, আল্লাহে তেওঁ লোকৰ দান আৰু সৎকৰ্মক কিয়ামতৰ দিনা কবূল কৰে নে নকৰে, যিদিনা তেওঁ লোকে তেওঁ ৰ ওচৰলৈ উভতি যাব।
أُو۟لَـٰٓئِكَ يُسَـٰرِعُونَ فِى ٱلْخَيْرَٰتِ وَهُمْ لَهَا سَـٰبِقُونَ ﴿٦١﴾
এনেকু ৱা মহান বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই সৎকৰ্ম কৰাৰ ক্ষেত্ৰত পলম নকৰে, তথা এনেকু ৱা কৰ্মত সদায় আগভাগ লয় । লগতে এই ক্ষেত্ৰত আন আন লোকসকলক পিছ পেলাই আগুৱাই যায় ।
وَلَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا ۖ وَلَدَيْنَا كِتَـٰبٌۭ يَنطِقُ بِٱلْحَقِّ ۚ وَهُمْ لَا يُظْلَمُونَ ﴿٦٢﴾
আমি প্ৰত্যেক প্ৰাণীৰওপৰত সেইখিনিয়ে কৰ্ত ব্যৰবোজাঅৰ্পণ কৰোঁযিখিনি সি পালন কৰিবলৈ সক্ষম। আমাৰওচৰত আছে এখন কিতাব,য’ত আমি প্ৰত্যেক আমলকাৰীৰ আমল লিপিবদ্ধ কৰি থৈছোঁ। সেই কিতাবখনে সত্য কথা কয় , য’ত কোনো সন্দে হ নাই। সিহঁ তৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি সিহঁ তৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। بل قلوبهم فى غمرةمن هذا ولهم أعمل من دون ذلك هم لها عملون
بَلْ قُلُوبُهُمْ فِى غَمْرَةٍۢ مِّنْ هَـٰذَا وَلَهُمْ أَعْمَـٰلٌۭ مِّن دُونِ ذَٰلِكَ هُمْ لَهَا عَـٰمِلُونَ ﴿٦٣﴾
বৰং কাফিৰসকলৰ অন্ত ৰ এই সত্য কথা কোৱা কিতাবৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে। লগতে সেইখন কিতাবৰ পৰাও অমনোযোগী হৈ আছে যিখন সিহঁ তৰওপৰত অৱতীৰ্ণ হৈছে। কু ফৰীৰবাহিৰেও সিহঁ তে আৰুবহুতোকাম কৰিআছে।
حَتَّىٰٓ إِذَآ أَخَذْنَا مُتْرَفِيهِم بِٱلْعَذَابِ إِذَا هُمْ يَجْـَٔرُونَ ﴿٦٤﴾
অৱশেষত কিয়ামতৰ দিনা যেতিয়া আমি সেইসকল লোকক শাস্তি প্ৰদান কৰিম, যিসকলে পৃথিৱীত সুখ-সামগ্ৰীৰ মাজত নিমজ্জিত আছিল, তেতিয়া সিহঁ তে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰিব।
لَا تَجْـَٔرُوا۟ ٱلْيَوْمَ ۖ إِنَّكُم مِّنَّا لَا تُنصَرُونَ ﴿٦٥﴾
তেতিয়া সিহঁ তক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি কোৱা হ’বঃ আজি চিঞৰি নাথাকিবা, আৰু সহায় প্ৰাৰ্থনাও নকৰিবা। কাৰণ আজি তোমালোকক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায় ক নাই। بلغ আল-কোৰআন · তাফছীৰ
قَدْ كَانَتْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُمْ عَلَىٰٓ أَعْقَـٰبِكُمْ تَنكِصُونَ ﴿٦٦﴾
পৃথিৱীত তোমালোকক আল্লাহৰ আয়াতসমূ হ শুনোৱা হৈছিল, কিন্তু তোমালোকে সেইবোৰক অপছন্দ কৰি বিমু খ হৈ গুচি গৈছিলা। مستكبرين به سمرا تهجرون
مُسْتَكْبِرِينَ بِهِۦ سَـٰمِرًۭا تَهْجُرُونَ ﴿٦٧﴾
তোমালোকে এইবোৰ এই অহংকাৰত কৰিছিলা যে, তোমালোক হৈছা হৰমৰ গৰাকী, প্ৰকৃ ততে তোমালোক হৰমৰ গৰাকী নাছিলা। হৰমৰ প্ৰকৃ ত গৰাকী হৈছে সেইসকল লোক, যিসকলে আল্লাহক ভয় কৰে। আনহাতে তোমালোকে হৰমৰ আশে-পাশে বেয়া কথা কৈছিলা তথা তাৰ পৱিত্ৰতা আৰু সন্মান হানি কৰিছিলা।
أَفَلَمْ يَدَّبَّرُوا۟ ٱلْقَوْلَ أَمْ جَآءَهُم مَّا لَمْ يَأْتِ ءَابَآءَهُمُ ٱلْأَوَّلِينَ ﴿٦٨﴾
এই মু শ্বৰিকসকলে আল্লাহে অৱতীৰ্ণ কৰা কোৰআন সম্পৰ্কে চিন্তা-চৰ্চা নকৰে নেকি, যাতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে আৰু তাত থকা বিধান মুতাবিক আমল কৰিব পাৰে? নে সিহঁ তৰ ওচৰত এনেকু ৱা বস্তু আহি পৰিছে যিটো সিহঁ তৰ পুৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল, সেইকাৰণেই সিহঁ তে ইয়াক অস্বীকাৰ কৰি বিমু খ হৈছে নেকি? أم لم يعرفوارسولهم فهم له منكرون
أَمْ لَمْ يَعْرِفُوا۟ رَسُولَهُمْ فَهُمْ لَهُۥ مُنكِرُونَ ﴿٦٩﴾
সিহঁ তৰপ্ৰ তি আল্লাহে ৰাছু ল হিচাপে প্ৰে ৰণ কৰা মু হাম্মদক সিহঁ তে চিনিয়ে পোৱা নাই নেকি, যাৰফলত সিহঁ তে তেওঁ ক অস্বীকাৰকৰিআছে। প্ৰকৃ ততে সিহঁ তে তেওঁ ক ভালদৰেই চিনি পায় আৰু তেওঁ ৰসততা আৰু আমনতদাৰিতা সম্পৰ্কে ও অৱগত।
أَمْ يَقُولُونَ بِهِۦ جِنَّةٌۢ ۚ بَلْ جَآءَهُم بِٱلْحَقِّ وَأَكْثَرُهُمْ لِلْحَقِّ كَـٰرِهُونَ ﴿٧٠﴾
তথাপিও সিহঁ তে তেওঁক উন্মাদ বুলি কয় । সিহঁ তৰ এই দাবী স্পষ্ট মিছা। বৰং তেওঁ আল্লাহৰ ফালৰ পৰা সিহঁ তৰ ওচৰলৈ সত্যৰ বাৰ্তা লৈ আহিছে, যি বাৰ্তাত কোনো ধৰণৰ সন্দে হ নাই। কিন্তু সিহঁ তৰ মাজৰ অধিকাংশ লোকে সত্যক অপছন্দ কৰে, ঘৃণা কৰে আৰু হিংসা কৰে, লগতে গোড়ামীত অটল।
وَلَوِ ٱتَّبَعَ ٱلْحَقُّ أَهْوَآءَهُمْ لَفَسَدَتِ ٱلسَّمَـٰوَٰتُ وَٱلْأَرْضُ وَمَن فِيهِنَّ ۚ بَلْ أَتَيْنَـٰهُم بِذِكْرِهِمْ فَهُمْ عَن ذِكْرِهِم مُّعْرِضُونَ ﴿٧١﴾
م عرضون যদি আল্লাহে সিহঁ তৰ চাহিদা অনু পাতে সকলো বিষয় ৰ পৰিচালনা কৰে তেন্তে আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থাত বিপৰ্যয় সৃষ্টি হ'ব আৰু সিহঁ তৰ ওচৰত থকা সকলো বিষয় ওলট-পালট হ'ব। কাৰণ সিহঁ ত সকলো বিষয় ৰ পৰিণাম আৰু সঠি ক অথবা ভুল পৰিচালনা সম্পৰ্কে অৱগত নহয় । বৰং আমি সিহঁ তৰওচৰলৈ কোৰআন লৈ আহিছোঁ,য'ত আছে সিহঁ তৰবাবেসন্মান আৰুমৰ্যাদা। কিন্তু তথাপিও সিহঁ তে বিমু খ হৈ আছে।
أَمْ تَسْـَٔلُهُمْ خَرْجًۭا فَخَرَاجُ رَبِّكَ خَيْرٌۭ ۖ وَهُوَ خَيْرُ ٱلرَّٰزِقِينَ ﴿٧٢﴾
হে ৰাছু ল! আপুনি যি দ্বীনলৈ সিহঁ তৰওচৰত আগমন কৰিছে,ইয়াৰবাবেআপুনি সিহঁ তৰপৰা কোনো পাৰিশ্ৰ মিক বিচাৰিছে নেকি? সেইকাৰণেই সিহঁ তে আপোনাৰ আহ্বানক নসাৎ কৰে নেকি? এনেকু ৱাতো আপুনি কৰা নাই। কাৰণ সিহঁ তৰ পাৰিশ্ৰ মিকতকৈ আপোনাৰ প্ৰতিপালকৰ ছোৱাব অধিক উত্তম। তেৱেঁই মহাপৱিত্ৰ,উত্তম জীৱিকাদাতা। وإنك لتدعوهم إلى صرط م ستقيم
وَإِنَّكَ لَتَدْعُوهُمْ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٧٣﴾
হে ৰাছু ল! নিশ্চয় আপুনি ইহঁ তক আৰুইহঁ তৰলগতে আন আন লোকসকলকো সত্যৰপথলৈ আহ্বান কৰিআছে,য’ত কোনো ধৰণৰবক্ৰ তা নাই। সেই পথটো হৈছে ইছলাম। بلغ আল-কোৰআন · তাফছীৰ
وَإِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ عَنِ ٱلصِّرَٰطِ لَنَـٰكِبُونَ ﴿٧٤﴾
নিশ্চয় যিসকলে আখিৰাত আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তি আৰু ছোৱাবৰ প্ৰতি ঈমান পোষণ নকৰে, দৰাচলতে সিহঁ তেই হৈছে সঠি ক ইছলামৰ পৰা ফালৰি কাটি বক্ৰ পথ অৱলম্বনকাৰী, যি পথে সিহঁ তক জাহান্নামলৈ লৈ যাব।
۞ وَلَوْ رَحِمْنَـٰهُمْ وَكَشَفْنَا مَا بِهِم مِّن ضُرٍّۢ لَّلَجُّوا۟ فِى طُغْيَـٰنِهِمْ يَعْمَهُونَ ﴿٧٥﴾
যদি আমি সিহঁ তৰ প্ৰতি দয়া কৰিলোঁহেঁ তেন আৰু সিহঁ তৰ আকাল তথা দুৰ্ভিক্ষ দূৰ কৰিলোঁহেঁ তেন, তথাপিও সিহঁ তে সত্যক এৰি পথভ্ৰ ষ্টতাত বহু দূৰলৈ গ'লহেঁ তেন,আৰুবিভ্ৰান্তি ত নিমজ্জিত হৈ থাকিলহেঁ তেন।
وَلَقَدْ أَخَذْنَـٰهُم بِٱلْعَذَابِ فَمَا ٱسْتَكَانُوا۟ لِرَبِّهِمْ وَمَا يَتَضَرَّعُونَ ﴿٧٦﴾
আমি বিভিন্ন বিপদ-আপদৰ দ্বাৰা সিহঁ তৰ পৰীক্ষা লৈছিলোঁ। কিন্তু তথাপিও সিহঁ তে নিজ প্ৰতিপালকৰ ওচৰত নতস্বীকাৰ কৰা নাছিল আৰু বিনীত হৈ বিপদ দূৰ কৰাৰ বাবে তেওঁ ৰ ওচৰত প্ৰাৰ্থনাও কৰা নাছিল।
حَتَّىٰٓ إِذَا فَتَحْنَا عَلَيْهِم بَابًۭا ذَا عَذَابٍۢ شَدِيدٍ إِذَا هُمْ فِيهِ مُبْلِسُونَ ﴿٧٧﴾
অৱশেষত আমি যেতিয়া সিহঁ তৰ বাবে কঠি ন শাস্তি ৰ দুৱাৰ উন্মুক্ত কৰি দিম, তেতিয়া সিহঁ তে সকলো কল্যাণ আৰু সহায় -সহযোগিতাৰ পৰা নিৰাশ হৈ পৰিব।
وَهُوَ ٱلَّذِىٓ أَنشَأَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۚ قَلِيلًۭا مَّا تَشْكُرُونَ ﴿٧٨﴾
হে পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকল! আল্লাহেই তোমালোকৰ কাণ সৃষ্টি কৰিছে, যাতে তোমালোকে শুনিব পাৰা। চকু সৃষ্টি কৰিছে, যাতে তাৰ দ্বাৰা দেখিব পাৰা। অন্ত ৰ সৃষ্টি কৰিছে, যাতে তাৰ দ্বাৰা বুজিব পাৰা। তথাপিও তোমালোকে এইবোৰ নিয়ামত পোৱাৰ পিছতো বহুত কম কৃ তজ্ঞতাহে জ্ঞাপন কৰা।
وَهُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ ﴿٧٩﴾
হে মানৱজাতি! তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰা হ'ব।
وَهُوَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ وَلَهُ ٱخْتِلَـٰفُ ٱلَّيْلِ وَٱلنَّهَارِ ۚ أَفَلَا تَعْقِلُونَ ﴿٨٠﴾
একমাত্ৰ তেৱেঁই জীৱন দান কৰে, তেওঁ ৰবাহিৰেআন কোনেও জীৱন দান কৰিবনোৱাৰে। একমাত্ৰ তেৱেঁই মৃ ত্যুদান কৰে, তেওঁ ৰবাহিৰে আন কোনেও মৃত্যু প্ৰদান কৰিব নোৱাৰে। দিন-ৰাতিৰ আৱৰ্ত ন, অন্ধকাৰ আৰু পোহৰ, দিন-ৰাতিক দীঘল কৰা অথবা সৰু কৰা, এই সকলোবোৰ হৈছে তেওঁৰেই অধীনস্থ । এতেকে তেওঁৰ ক্ষমতা আৰু তেওঁ যে অকলেই এই বিশ্বজগত সৃষ্টি কৰিছে আৰু অকলেই তেওঁ যে, ইয়াক পৰিচালনা কৰে এই কথা তোমালোকে বুজি নোপোৱা নেকি!?
بَلْ قَالُوا۟ مِثْلَ مَا قَالَ ٱلْأَوَّلُونَ ﴿٨١﴾
বৰং ইহঁ তেও কু ফৰীৰ সেই একে কথাকে পুনৰাবৃত্তি কৰিলে যিটো ইহঁ তৰ পুৰ্বপুৰুষসকলে কৈছিল। بلغ আল-কোৰআন · তাফছীৰ
قَالُوٓا۟ أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ ﴿٨٢﴾
ইহঁ তে পুনৰুত্থানক অস্বীকাৰ কৰি আৰু ইয়াক অসম্ভ ৱ বুলি ধাৰণা কৰি কয়ঃ যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটি আৰু গেলা-পচা হাড় ত পৰিণত হ’ম, তেতিয়া আমাক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব নেকি?!
لَقَدْ وُعِدْنَا نَحْنُ وَءَابَآؤُنَا هَـٰذَا مِن قَبْلُ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ﴿٨٣﴾
মৃ ত্যুৰ পিছত পুনৰুত্থিত হোৱাৰ এই প্ৰতিশ্ৰুতি আমাৰ পূৰ্বপুৰুষসকলৰ লগতো কৰা হৈছিল, কিন্তু সেই প্ৰতিশ্ৰুতিক আমি পুৰণ হোৱা দেখা নাই। এইটো দৰাচলতে পূৰ্বযুগৰ মনেসজা মিছা কাহিনীহে মাত্ৰ।
قُل لِّمَنِ ٱلْأَرْضُ وَمَن فِيهَآ إِن كُنتُمْ تَعْلَمُونَ ﴿٨٤﴾
হে ৰাছু ল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয় ক, যদি তোমালোকৰ ওচৰত প্ৰকৃ ত জ্ঞান আছে তেন্তে কোৱাচোন, এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু কাৰ?
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَذَكَّرُونَ ﴿٨٥﴾
তেতিয়া সিহঁ তে ক'বঃ এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু হৈছে একমাত্ৰ আল্লাহৰ। তেতিয়া আপুনি সিহঁ তক কওকঃ তেন্তে তোমালোকে বুজি নোপোৱা নেকি যে, পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু ৰ যিজন মালিক, তেওঁ তোমালোকক মৃ ত্যুৰ পিছত জীৱিত কৰি উঠোৱাব নোৱাৰিবনে?
قُلْ مَن رَّبُّ ٱلسَّمَـٰوَٰتِ ٱلسَّبْعِ وَرَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ ﴿٨٦﴾
আপুনি সিহঁ তক সোধক! “সাতখন আকাশৰ ৰব্ব কোন? তথা মহাসিংহাসনৰ মালিক কোন? যিখনতকৈ ডাঙৰ আন কোনো সৃষ্টি নাই”?
سَيَقُولُونَ لِلَّهِ ۚ قُلْ أَفَلَا تَتَّقُونَ ﴿٨٧﴾
সিহঁ তে ক’বঃ “সাতখন আকাশ আৰু মহাসিংহাসনৰ মালিক হৈছে আল্লাহ”। তেতিয়া আপুনি সিহঁ তক কওকঃ “তেন্তে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বিষয় ৰ পৰা বিৰত থাকি তেওঁ ক ভয় নকৰা কিয় , যাতে তেওঁ ৰ শাস্তি ৰ পৰা সুৰক্ষিত থাকিব পাৰা।” قل من بيده ملكوت كل شىء وهويجيرولا يجارعليه إن كنتمتعلمون
قُلْ مَنۢ بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍۢ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيْهِ إِن كُنتُمْ تَعْلَمُونَ ﴿٨٨﴾
আপুনি সিহঁ তক সোধক, প্ৰত্যেক বস্তু কাৰ অধীনস্থ , যাৰ অধীনৰ বাহিৰত একোৱেই নাই। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সহায় কৰে। কিন্তু তেওঁ যাক ক্ষতি কৰিব বিচাৰে তাক কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু তেওঁৰ শাস্তি ক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে? যদি তোমালোকৰ ওচৰত জ্ঞান আছে তেন্তে কোৱা।
سَيَقُولُونَ لِلَّهِ ۚ قُلْ فَأَنَّىٰ تُسْحَرُونَ ﴿٨٩﴾
তেতিয়া সিহঁ তে ক’বঃ “প্ৰত্যেক বস্তু ৰ ৰাজত্ব হৈছে একমাত্ৰ আল্লাহৰ হাতত”। তেতিয়া আপুনি সিহঁ তক কওকঃ “তেন্তে তোমালোকৰ বিবেক বুদ্ধি ক’ত হেৰাই যায় , এই স্বীকাৰোক্তি ৰ পিছতো কিয় তোমালোকে তেওঁ ৰ বাহিৰে আনৰ উপাসনা কৰা?! بلغ আল-কোৰআন · তাফছীৰ
بَلْ أَتَيْنَـٰهُم بِٱلْحَقِّ وَإِنَّهُمْ لَكَـٰذِبُونَ ﴿٩٠﴾
বিষয় টো তেনেকু ৱা নহয় , যিদৰে সিহঁ তে দাবী কৰে। বৰং আমি সিহঁ তৰ ওচৰলৈ সত্য লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দে হ নাই। নিশ্চয় সিহঁ ত আল্লাহৰ অংশীদাৰ আৰু তেওঁ ৰ পুত্ৰ থকা বুলি কৰা মন্ত ব্যত মিছলীয়া। সিহঁ তৰ এনেকু ৱা দাবীৰ পৰা মহান আল্লাহ অতি সুউচ্চ।
مَا ٱتَّخَذَ ٱللَّهُ مِن وَلَدٍۢ وَمَا كَانَ مَعَهُۥ مِنْ إِلَـٰهٍ ۚ إِذًۭا لَّذَهَبَ كُلُّ إِلَـٰهٍۭ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلَىٰ بَعْضٍۢ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يَصِفُونَ ﴿٩١﴾
আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, এইটো কাফিৰসকলৰ ধাৰণাহে মাত্ৰ। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। যদি তেওঁৰ বাহিৰে কোনো সত্য উপাস্য থাকিলহেঁতেন, তেন্তে প্ৰত্যেকেই নিজৰ নিজৰ সৃষ্টি কৰা অংশকলৈ পৃথক হৈ গ’লহেঁতেন আৰু ইজনে সিজনক পৰাজিত কৰিলেহেঁ তেন। ফলত বিশ্বজগতৰ পৰিচালনা বিশৃংখল হ’লহেঁ তেন। বাস্ত ৱত কিন্তু এনেকু ৱা একো হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে, প্ৰকৃ ত উপাস্য কেৱল এজনেই, আৰু তেওঁ হৈছে আল্লাহ তাআলা। মু শ্বৰিকসকলে তেওঁ ৰ লগত অংশীদাৰ আৰু সন্তান সম্পৃক্ত কৰি যি দাবী কৰে, তাৰ পৰাতেওঁ অতি পৱিত্ৰ।
عَـٰلِمِ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ فَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ ﴿٩٢﴾
তেওঁ প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰতেওঁৰসৃষ্টি য়ে নাজানে। লগতে প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰজ্ঞানিন্দ্ৰীয় ৰজৰিয় তে উপলব্ধি কৰিব পাৰি। এইবোৰৰ একোৱেই তেওঁ ৰ পৰা গোপন নহয় । গতিকে তেওঁ অংশীদাৰৰ পৰা অতিপৱিত্ৰ তথা সুউচ্চ। قل رب إما ترينى ما يوعدون
قُل رَّبِّ إِمَّا تُرِيَنِّى مَا يُوعَدُونَ ﴿٩٣﴾
হে ৰাছু ল! আপুনি প্ৰাৰ্থনা কৰক যে, হে মোৰ প্ৰতিপালক! যদি তু মি মোক সেই শাস্তি দেখুৱা, যি শাস্তি ৰ প্ৰতিশ্ৰুতি তু মি এই মুশ্বৰিকসকলক প্ৰদান কৰিছা
رَبِّ فَلَا تَجْعَلْنِى فِى ٱلْقَوْمِ ٱلظَّـٰلِمِينَ ﴿٩٤﴾
হে মোৰ প্ৰতিপালক! যদি এই মুশ্বৰিকসকলক সেই শাস্তি প্ৰদান কৰা আৰু সেই সময় ত যদি মই উপস্থি ত থাকোঁ তেন্তে তেতিয়া তুমি মোক ইহঁতৰ অন্ত ৰ্ভু ক্তনকৰিবা। অন্যথাময়োসেই শাস্তি ৰসন্মুখীন হ'বলগীয়াহ'ব।
وَإِنَّا عَلَىٰٓ أَن نُّرِيَكَ مَا نَعِدُهُمْ لَقَـٰدِرُونَ ﴿٩٥﴾
নিশ্চয় আমি আপোনাক সেই শাস্তি দেখুৱাবলৈ সক্ষম,যি শাস্তি ৰপ্ৰ তিশ্ৰুতি আমি সিহঁ তক প্ৰদান কৰিছোঁ। এইটোতথাআন আন সকলোকৰ্ম কৰিবলৈ আমি অপাৰগ নহয় ।
ٱدْفَعْ بِٱلَّتِى هِىَ أَحْسَنُ ٱلسَّيِّئَةَ ۚ نَحْنُ أَعْلَمُ بِمَا يَصِفُونَ ﴿٩٦﴾
হে ৰাছু ল! যিয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব, আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ তাৰ এই দুৰ্ব্যৱহাৰ ক্ষমা কৰি দিয় ক আৰু তাৰ ফালৰ পৰা পোৱা কষ্ট ত ধৈৰ্য্য ধাৰণ কৰক। আমি সিহঁ তৰ শ্বিৰ্ক আৰু অস্বীকাৰ সম্পৰ্কে ভালদৰেই অৱগত। তথা আপোনাক যিবোৰ অনোপযুক্ত বিশেষণেৰে বিভূ ষিত কৰে, সেইবোৰৰ বিষয়ে ও আমি ভালদৰেই জানো, যেনেঃ যাদুকৰ, উন্মাদ ইত্যাদি।
وَقُل رَّبِّ أَعُوذُ بِكَ مِنْ هَمَزَٰتِ ٱلشَّيَـٰطِينِ ﴿٩٧﴾
আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মই চয় তানৰ প্ৰৰোচনা আৰু কু মন্ত্ৰ ণাৰ পৰা তোমাৰ আশ্ৰ য় প্ৰাৰ্থনা কৰোঁ। بلغ আল-কোৰআন · তাফছীৰ وأعوذ بك رب أن يحضرون
وَأَعُوذُ بِكَ رَبِّ أَن يَحْضُرُونِ ﴿٩٨﴾
তথাহে মোৰপ্ৰ তিপালক! মই তোমাৰআশ্ৰ য় প্ৰাৰ্থনাকৰোঁ,সি যেন মোৰকোনোকামৰসময় তে মোৰওচৰত উপস্থি ত হ'বনোৱাৰে।
حَتَّىٰٓ إِذَا جَآءَ أَحَدَهُمُ ٱلْمَوْتُ قَالَ رَبِّ ٱرْجِعُونِ ﴿٩٩﴾
অৱশেষত এই মু শ্বৰিকসকলৰ মাজৰ যেতিয়া কাৰোবাৰ মৃ ত্যু আহি পৰে, তেতিয়া সি সেই সকলো দেখা পায় যিবোৰ তাৰ লগত সংঘটি ত হ'ব। এই দেখি সি নিজৰ অতিবাহিত আয়ু আৰু আল্লাহৰ আদেশ পালন নকৰাৰ বাবে অনুতাপ কৰি ক’বঃ “হে মোৰ প্ৰতিপালক! মোক আকৌ পৃথিৱীৰ জীৱনলৈ ওভোতাই দিয়া।”
لَعَلِّىٓ أَعْمَلُ صَـٰلِحًۭا فِيمَا تَرَكْتُ ۚ كَلَّآ ۚ إِنَّهَا كَلِمَةٌ هُوَ قَآئِلُهَا ۖ وَمِن وَرَآئِهِم بَرْزَخٌ إِلَىٰ يَوْمِ يُبْعَثُونَ ﴿١٠٠﴾
“মই যদি পৃথিৱীলৈ পুনৰ উভতি যাওঁ তেন্তে নিশ্চয় নেক আমল কৰিম।” কেতিয়াও নহয় , তুমি যি কৈ আছা, বিষয় টো তেনেকু ৱা নহয় । এইটো কেৱলমাত্ৰ তোমাৰ মু খৰ বাক্যহে (এইটো কেতিয়াও আমলত পৰিণত নহ'ব)। তাক যদিও পৃথিৱীলৈ ওভোতাই পঠোৱা হয় , তথাপিও সি এই অঙ্গীকাৰ পূৰণ নকৰিব। মৃ ত্যুবৰণ কৰা এইসকল লোক কিয়ামত পৰ্যতন্ পৃথিৱী আৰু আখিৰাতৰ মধ্যৱৰ্তী সময় ছোৱাত এটা পৰ্দাৰ আঁৰত থাকিব। সেই ঠাইৰ পৰা সিহঁ তে পৃথিৱীত এৰি যোৱাখিনি পাবলৈ অথবা তাত কৰা ত্ৰুটি বোৰ সংশোধন কৰিবলৈ কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰিব।
فَإِذَا نُفِخَ فِى ٱلصُّورِ فَلَآ أَنسَابَ بَيْنَهُمْ يَوْمَئِذٍۢ وَلَا يَتَسَآءَلُونَ ﴿١٠١﴾
এতেকে শিঙাত ফুঁ দিয়াৰবাবেনিয়োজিত ফিৰিস্তাই যেতিয়াদ্বি তীয় বাৰশিঙাত ফুঁ মাৰিব,প্ৰকৃ ততে সেই ফুঁ দিয়াৰঅৰ্থ হ'বকিয়ামতৰজাননী। তেতিয়া সিহঁ তে কিয়ামতৰ ভয়াৱহ পৰিস্থি তিত এনেকৈ বিলিন হৈ যাব যে, নিজৰ বংশকলৈ গৌৰৱ কৰাৰো সুযোগ নাথাকিব। প্ৰত্যেকেই নিজকলৈ ইমান ব্যস্ত থাকিব যে, আনক সোধ-পোচ কৰাৰো সময় নাপাব।
فَمَن ثَقُلَتْ مَوَٰزِينُهُۥ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ ﴿١٠٢﴾
এতেকে যাৰ পাল্লা ভাৰী হ'ব, অৰ্থাৎ যাৰ নেকী গুনাহতকৈ বেছি হ'ব, সেইসকলেই হৈছে সাফল্যমণ্ডিত। তেওঁলোকেই লক্ষ্যস্থানত উপনীত হ'ব আৰু পছন্দ নীয় বস্তু বোৰলাভ কৰিব,লগতে সকলোভয় -ভীতিৰপৰামু ক্তি লাভ কৰিব।
وَمَنْ خَفَّتْ مَوَٰزِينُهُۥ فَأُو۟لَـٰٓئِكَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ فِى جَهَنَّمَ خَـٰلِدُونَ ﴿١٠٣﴾
আনহাতে যাৰ গুনাহৰ পাল্লা নেকীৰ পাল্লাতকৈ গধূৰ হ'ব, সিহঁ ত হৈছে সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে। কাৰণ সিহঁ তে এনেকু ৱা কৰ্ম কৰিছে যিবোৰ সিহঁ তৰ বাবেই ক্ষতিকাৰক। লগতে এনেকু ৱা কৰ্মৰ পৰা বিৰত থাকিছিল, যিবোৰ সিহঁ তৰ বাবে আছিল লাভদায় ক। এতেকে সিহঁ তে জাহান্নামত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
تَلْفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمْ فِيهَا كَـٰلِحُونَ ﴿١٠٤﴾
জাহান্নামৰঅগ্নিয়ে সিহঁ তক পুৰিব। ফলত প্ৰচণ্ডহতাশাত সিহঁ তৰদুয়োওঠ সংকু চিত হৈ দাঁতত লাগি ধৰিব। ألم تكن ءايتى تتل عليكم فكنتم بها تكذبون
أَلَمْ تَكُنْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَكُنتُم بِهَا تُكَذِّبُونَ ﴿١٠٥﴾
সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ পৃথিৱীত তোমালোকৰ আগত কোৰআনৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিল নেকি, তোমালোক দেখোন সেইবোৰক অস্বীকাৰ কৰিছিলা?! بلغ আল-কোৰআন · তাফছীৰ
قَالُوا۟ رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًۭا ضَآلِّينَ ﴿١٠٦﴾
সিহঁ তে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ দুৰ্ভাগ্যই আমাক পৰাজিত কৰিছিল, যিটো বিষয় তু মি আগৰ পৰাই অৱগত, আৰু আমি আছিলোঁ সত্যৰ পৰাআঁতৰিথকাএটাপথভ্ৰ ষ্টসম্প্ৰ দায় ।
رَبَّنَآ أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَـٰلِمُونَ ﴿١٠٧﴾
হে আমাৰপ্ৰ তিপালক! আমাক এই জাহান্নামৰপৰা মুক্তি দিয়া। ইয়াৰপিছত পুনৰযদি আমি কু ফৰী আৰুপথভ্ৰ ষ্টতাত লিপ্ত হওঁ তেন্তে নিশ্চিতভাৱে আমি অন্যায় কাৰী বুলি পৰিগণিত হ'ম। তেতিয়া আমাৰ ওচৰত অজুহাত দাঙি ধৰাৰ কোনো অৱকাশ নাথাকিব।
قَالَ ٱخْسَـُٔوا۟ فِيهَا وَلَا تُكَلِّمُونِ ﴿١٠٨﴾
তেতিয়া আল্লাহে ক'বঃ তোমালোকে লাঞ্ছিত অপমানিত হৈ জাহান্নামতেই অৱস্থান কৰা, আৰু মোৰ সৈতে কোনো কথা কোৱাৰ চেষ্টা নকৰিবা।
إِنَّهُۥ كَانَ فَرِيقٌۭ مِّنْ عِبَادِى يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱغْفِرْ لَنَا وَٱرْحَمْنَا وَأَنتَ خَيْرُ ٱلرَّٰحِمِينَ ﴿١٠٩﴾
মোৰ বান্দাসকলৰ মাজৰ কিছু মানে মোৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু তেওঁলোকে কৈছিলঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, গতিকে তু মি আমাৰগুনাহসমূ হ ক্ষমা কৰিদিয়া, আৰুআমাৰপ্ৰ তি তু মি দয়া কৰা, নিশ্চয় তু মি অতি দয়ালু।
فَٱتَّخَذْتُمُوهُمْ سِخْرِيًّا حَتَّىٰٓ أَنسَوْكُمْ ذِكْرِى وَكُنتُم مِّنْهُمْ تَضْحَكُونَ ﴿١١٠﴾
তেতিয়া তোমালোকে সেইসকল মুমিনক উপহাস কৰিছিলা আৰু তেওঁলোকক ঠাট্টা কৰিছিলা, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰিছিল। আনকি তোমালোকে এই ঠাট্টা-মস্কৰাত লিপ্ত হৈ আল্লাহৰ স্মৰণকো পাহৰি গৈছিলা। দৰাচলতে তোমালোকে উপহাস আৰু বিদ্ৰুপ কৰিবলৈ তেওঁ লোকক দেখি হাঁহিছিলা।
إِنِّى جَزَيْتُهُمُ ٱلْيَوْمَ بِمَا صَبَرُوٓا۟ أَنَّهُمْ هُمُ ٱلْفَآئِزُونَ ﴿١١١﴾
নিশ্চয় আমি সেইসকল মুমিনক কিয়ামতৰ দিনা প্ৰতিদানস্বৰূপে জান্নাত প্ৰদান কৰিম। কিয় নো তেওঁলোকে আল্লাহৰ আনুগত্যত অটল আছিল আৰু তোমালোকৰ নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰিছিল।
قَـٰلَ كَمْ لَبِثْتُمْ فِى ٱلْأَرْضِ عَدَدَ سِنِينَ ﴿١١٢﴾
আল্লাহে সিহঁ তক ক'বঃতোমালোকে পৃথিৱীত কিমান বছৰঅৱস্থান কৰিছিলা? আৰুকিমান সময় নষ্ট কৰিছিলা?
قَالُوا۟ لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍۢ فَسْـَٔلِ ٱلْعَآدِّينَ ﴿١١٣﴾
সিহঁ তে উত্তৰদি ক'বঃআমি তাত এদিন অথবাদিনৰকিছু অংশহে অতিবাহিত কৰিছিলোঁ। তু মি সিহঁ তক সুধিচোৱা,যিসকলে দিন মাহৰগণনাকৰে।
قَـٰلَ إِن لَّبِثْتُمْ إِلَّا قَلِيلًۭا ۖ لَّوْ أَنَّكُمْ كُنتُمْ تَعْلَمُونَ ﴿١١٤﴾
আল্লাহে ক'বঃ সঁচাই তোমালোকে পৃথিৱীত অতি কম সময় অতিবাহিত কৰিছিলা। য'ত অতি সহজেই আল্লাহৰ আনুগত্যত পৰিচালিত হ'ব পাৰিলাহেঁ তেন। আফচোচ,তোমালোকে পৃথিৱীৰএই সংকীৰ্ণ ম্যাদ সম্পৰ্কে আগতেই যদি অৱগত হ’লাহেঁ তেন। بلغ আল-কোৰআন · তাফছীৰ أفحسبتم أنما خلقنكم عبثا وأنكم إ لينا لا ترجعون
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَـٰكُمْ عَبَثًۭا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ ﴿١١٥﴾
হে মানৱজাতি! তোমালোকে ভাবিছা নেকি যে, আমি তোমালোকক কোনো হিকমত নোহোৱাকৈ এনেই খেল-ধেমালিৰ বাবে সৃষ্টি কৰিছোঁ? তোমালোকে চতু ষ্পদ জন্তু ৰ দৰে নেকি যে, তোমালোকৰ ছোৱাবও নাই আৰু কোনো শাস্তি ও নাই? আৰু তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওভোতাই অনা নহ’ব নেকি?
فَتَعَـٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ ۖ لَآ إِلَـٰهَ إِلَّا هُوَ رَبُّ ٱلْعَرْشِ ٱلْكَرِيمِ ﴿١١٦﴾
এতেকে আল্লাহ তাআলা হৈছে মহাপৱিত্ৰ, তেৱেঁই হৈছে স্বত্তাধিকাৰী। তেওঁ বান্দাসকলক যিদৰে ইচ্ছা সেইদৰেই প্ৰয়োগ কৰে। তেওঁ সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, তেওঁ ৰ কথা সত্য। তেওঁ ৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক, যিখনতকৈ ডাঙৰ কোনো মখলুক নাই। যিজন আটাইতকৈ ডাঙৰ মখলুকৰ ৰব্ব, দৰাচলতে তেৱেঁই সকলো মখলুকৰ ৰব্ব।
وَمَن يَدْعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ لَا بُرْهَـٰنَ لَهُۥ بِهِۦ فَإِنَّمَا حِسَابُهُۥ عِندَ رَبِّهِۦٓ ۚ إِنَّهُۥ لَا يُفْلِحُ ٱلْكَـٰفِرُونَ ﴿١١٧﴾
যিয়ে আল্লাহৰ বাহিৰে আন কোনো উপাস্যক আহ্বান কৰে, উপাসনাৰ উপযুক্ত হোৱাৰ বাবে যাৰ ওচৰত কোনো প্ৰমাণ নাই (আল্লাহৰ বাহিৰে সকলো উপাস্যৰেই এই একেই অৱস্থা) তেনেকু ৱা ব্যক্তিৰ বাবে তাৰ এই বেয়া কৰ্মৰ প্ৰতিফলস্বৰূপে তাৰ প্ৰতিপালকৰ ওচৰত আছে বেয়া প্ৰতিদান। গতিকে তেৱেঁই তাক ইয়াৰ শাস্তি বিহিব। নিশ্চয় কাফিৰসকলে লক্ষ্যস্থানত উপনীত হ'বলৈ তথা নিজৰ পছন্দ ৰ বস্তু পাবলৈ আৰু ভয় -ভীতিমূলক বস্তু ৰ পৰা মু ক্তি লাভ কৰিবলৈ সক্ষম নহ'ব।
وَقُل رَّبِّ ٱغْفِرْ وَٱرْحَمْ وَأَنتَ خَيْرُ ٱلرَّٰحِمِينَ ﴿١١٨﴾
হে ৰাছু ল! আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু মোৰ প্ৰতি বিশেষ দয়া কৰা। নিশ্চয় তু মি অতি উত্তম, গুনাহগাৰৰ প্ৰতি কৃ পা কৰা আৰু তাৰ তাওবা কবুল কৰা। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে