মুখ্য পৃষ্ঠাতাফছীৰAl-Hajj (22)

তাফছীৰ Al-Hajj (22) — الحج

মাদানী · 78 আয়াত

পঢ়ক · শুনকPDF ফাইল

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمْ ۚ إِنَّ زَلْزَلَةَ ٱلسَّاعَةِ شَىْءٌ عَظِيمٌۭ ﴿١﴾

হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ ভূমিকম্প আৰু তাৰ লগত আহিবলগীয়া পৰিস্থি তিবোৰ অতি ভয়ংকৰ। গতিকে ইয়াৰ প্ৰস্তু তিৰ বাবে আল্লাহক সন্তু ষ্টকৰিবলগীয়া আমল কৰাটো অত্যন্ত জৰুৰী।

يَوْمَ تَرَوْنَهَا تَذْهَلُ كُلُّ مُرْضِعَةٍ عَمَّآ أَرْضَعَتْ وَتَضَعُ كُلُّ ذَاتِ حَمْلٍ حَمْلَهَا وَتَرَى ٱلنَّاسَ سُكَـٰرَىٰ وَمَا هُم بِسُكَـٰرَىٰ وَلَـٰكِنَّ عَذَابَ ٱللَّهِ شَدِيدٌۭ ﴿٢﴾

ى যিদিনা তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰিবা (সেইদিনাৰ পৰিস্থি তি এনেকু ৱা হ’ব যে) প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁ চু ৱাক পাহৰি যাব, আৰুপ্ৰ ত্যেক গৰ্ভ ৱতী নাৰীয়ে ভয় তে গৰ্ভ পাত কৰিব, আৰুতু মি সেইদিনা মানুহক দেখিবলৈ পাবা, সিহঁ ত ভয় তে বিবেক হেৰাই যোৱাৰফলত নিচাগ্ৰ তস্ ব্যক্তি ৰদৰেআচৰণ কৰিব। যদিও সিহঁ ত নিচাগ্ৰ তস্ নহ’ব,কিন্তু আল্লাহৰকঠি ন শাস্তি ৰফলত সিহঁ তৰবিবেক নাইকিয়াহ’ব।

وَمِنَ ٱلنَّاسِ مَن يُجَـٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍۢ وَيَتَّبِعُ كُلَّ شَيْطَـٰنٍۢ مَّرِيدٍۢ ﴿٣﴾

কিছু মান মানুহ এনেকু ৱাও আছে, যিসকলে মৃত ব্যক্তিক জীৱিত কৰা সম্পৰ্কীয় আল্লাহৰ ক্ষমতাৰ বিষয়ে বাদানুবাদ কৰে, যদিও এই সম্পৰ্কে সিহঁ তৰ ওচৰত কোনো জ্ঞানেই নাই, যাৰ ওপৰত সিহঁতে নিৰ্ভ ৰ কৰিব। সিহঁতে নিজৰ আস্থা, আৰু দাবীৰ ক্ষেত্ৰত এনেকু ৱা চয় তান আৰু পথভ্ৰ ষ্টলোকৰ অনু সৰণ কৰে, যিসকল নিজেই প্ৰতিপালকৰবিদ্ৰোহী।

كُتِبَ عَلَيْهِ أَنَّهُۥ مَن تَوَلَّاهُ فَأَنَّهُۥ يُضِلُّهُۥ وَيَهْدِيهِ إِلَىٰ عَذَابِ ٱلسَّعِيرِ ﴿٤﴾

জ্বি ন আৰু মানু হৰ মাজত থকা বিদ্ৰোহী চয় তানসকলৰ লগত যিয়ে সম্পৰ্ক স্থাপন কৰিব, এই কথা লিখি দিয়া হৈছে যে, যিয়ে এইসকলৰ অনু সৰণ কৰিব আৰু সত্য বুলি মানিব, সিহঁ তে তাক নিশ্চয় সঠি ক পথৰ পৰা বিভ্ৰান্ত কৰিব, লগতে কু ফৰ তথা গুনাহৰ পথত পৰিচালিত কৰি জাহান্নামৰ পিনে আগুৱাই লৈ যাব।

يَـٰٓأَيُّهَا ٱلنَّاسُ إِن كُنتُمْ فِى رَيْبٍۢ مِّنَ ٱلْبَعْثِ فَإِنَّا خَلَقْنَـٰكُم مِّن تُرَابٍۢ ثُمَّ مِن نُّطْفَةٍۢ ثُمَّ مِنْ عَلَقَةٍۢ ثُمَّ مِن مُّضْغَةٍۢ مُّخَلَّقَةٍۢ وَغَيْرِ مُخَلَّقَةٍۢ لِّنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِى ٱلْأَرْحَامِ مَا نَشَآءُ إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى ثُمَّ نُخْرِجُكُمْ طِفْلًۭا ثُمَّ لِتَبْلُغُوٓا۟ أَشُدَّكُمْ ۖ وَمِنكُم مَّن يُتَوَفَّىٰ وَمِنكُم مَّن يُرَدُّ إِلَىٰٓ أَرْذَلِ ٱلْعُمُرِ لِكَيْلَا يَعْلَمَ مِنۢ بَعْدِ عِلْمٍۢ شَيْـًۭٔا ۚ وَتَرَى ٱلْأَرْضَ هَامِدَةًۭ فَإِذَآ أَنزَلْنَا عَلَيْهَا ٱلْمَآءَ ٱهْتَزَّتْ وَرَبَتْ وَأَنۢبَتَتْ مِن كُلِّ زَوْجٍۭ بَهِيجٍۢ ﴿٥﴾

হে মানৱজাতি! মৃ ত্যুৰপিছত হ'বলগীয়া পুনৰুত্থান সম্পৰ্কীয় মোৰক্ষমতা সম্পৰ্কে যদি তোমালোকে সন্দে হ কৰা তেন্তে নিজৰসৃষ্টি সম্পৰ্কে ভাবিচোৱা। নিশ্চয় আমি তোমাৰ আদি পিতা আদমক মাটি ৰে সৃষ্টি কৰিছিলোঁ। তাৰ পিছত তেওঁৰ সন্তান-সন্ত তিক শুক্ৰ কীটৰ পৰা সৃষ্টি কৰিছিলোঁ, যিটোক পুৰুষে নাৰীৰগৰ্ভাশয় ত নিক্ষেপ কৰে। পিছত সেই শুক্ৰ কীট গোট খাই থকা ৰক্তত ৰূপান্ত ৰিত হয় । তাৰপিছত সেই গোট খাই থকা ৰক্ত সৰুমাংসৰটুকু ৰালৈ ৰূপান্ত ৰিত হয় । তাৰপিছত সেই মাংসৰটুকু ৰা পূৰ্ণ আকৃ তি ধাৰণ কৰিগৰ্ভাশয় ত থাকে, যিটো অৱশেষত জীৱিত নৱজাতকৰৰূপত জন্ম লাভ কৰে। নাইবা অপূৰ্ণ আকৃ তি ধাৰণ কৰিগৰ্ভ পাত হৈ যায় । তোমালোকক বিভিন্ন তস্ৰত সৃষ্টি কৰাৰঅৰ্থ হৈছে,যাতে আমি তোমালোকক আমাৰক্ষমতা দেখুৱাব পাৰোঁ। আমি যিটোগৰ্ভ ক ইচ্ছাকৰোঁ,গৰ্ভাশয় ত স্থি ত ৰাখোঁ। অৱশেষত নিৰ্ধাৰিত সময় ত অৰ্থাৎ ন মাহ পিছত সন্তান ভূমিষ্ঠ হয় । আমি তোমালোকক তোমালোকৰ মাতৃ-গৰ্ভ ৰ পৰা শিশু অৱস্থাত উলিয়াই আনো, তাৰ পিছত তোমালোকক সম্পূৰ্ণ শক্তি আৰু বিবেক-বুদ্ধি প্ৰদান কৰোঁ। তোমালোকৰ মাজৰকিছু মানে ইয়াৰপূৰ্বেই মৃ ত্যুবৰণ কৰেআৰুকিছু মানে অসহায় বৃদ্ধ বয় সলৈকে জীৱিত থাকে,যি সময় ত শক্তি -সামৰ্থ আৰুবিবেক-বুদ্ধি হ্ৰাস পায় । আনকি সিহঁ তৰ অৱস্থা শিশুতকৈও অধিক অৱনতি ঘটে। যিবোৰ কথা শিকিছিল, সকলো পাহৰি যায় । ঠি ক সেইদৰে, যিদৰে তোমালোকে ভূ মিক بلغ আল-কোৰআন · তাফছীৰ শুকান দেখিবলৈ পোৱা, তাত কোনো উদ্ভিদ নাথাকে। ইয়াৰ পিছত তাত বৰষুণৰ পানী নামি আহে, ফলত উদ্ভিদ আদি গজালি মেলে। ওখ ওখ গছ- গছনি বৃদ্ধি পায় । লগতে বিভিন্ন প্ৰকাৰৰসুন্দ ৰসেউজীয়াদৃশ্যপ্ৰ কাশ পায় ।

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّهُۥ يُحْىِ ٱلْمَوْتَىٰ وَأَنَّهُۥ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٦﴾

এই সকলোবোৰ (তোমালোকৰ সৃষ্টি ৰ আৰম্ভ ণি আৰু ইয়াৰ বিভিন্ন পৰ্যায় , তথা তোমালোকৰ মাজৰ যিসকলে জন্ম লাভ কৰে সেইসকলৰ অৱস্থা আদি) যিবোৰ আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ, ইয়াৰ উদ্দেশ্য হৈছেঃ তোমালোকে সেই আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, যিয়ে তোমালোকক সৃষ্টি কৰিছে; তেৱেঁই সত্য, ইয়াত কোনো সন্দে হ নাই। আনহাতে তেওঁ ৰ বাহিৰে তোমালোকে যিবোৰ মূ ৰ্তিৰ উপাসনা কৰা সেই সকলোবোৰ হৈছে অসত্য। ইয়াৰ আন এটা উদ্দেশ্য হৈছেঃ তোমালোকে বিশ্বাস পোষণ কৰা যে, তেৱেঁই মৃ ত লোকসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো কৰ্মত ক্ষমতাৱান। কোনো কৰ্মই তেওঁ ৰসাধ্যাতীত নহয় ।

وَأَنَّ ٱلسَّاعَةَ ءَاتِيَةٌۭ لَّا رَيْبَ فِيهَا وَأَنَّ ٱللَّهَ يَبْعَثُ مَن فِى ٱلْقُبُورِ ﴿٧﴾

যাতে তোমালোকে দৃঢ় ভাৱে এই বিশ্বাস পোষণ কৰা যে, কিয়ামত নিশ্চয় আহিব, ইয়াত কোনো সন্দে হ নাই। তথা আল্লাহে নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰিব সিহঁ তৰ কবৰৰ পৰা, যাতে সিহঁ তক সিহঁ তৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।

وَمِنَ ٱلنَّاسِ مَن يُجَـٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍۢ وَلَا هُدًۭى وَلَا كِتَـٰبٍۢ مُّنِيرٍۢ ﴿٨﴾

কাফিৰসকলৰ মাজত এনেকু ৱা কিছু মান ব্যক্তিও আছে যিসকলে আল্লাহৰ তাওহীদ সম্পৰ্কে বিবাদ কৰে। অথচ সিহঁ তৰ ওচৰত সত্য সম্পৰ্কে অৱগত হ'বলৈ কোনো জ্ঞান নাই, আনকি কোনো পথপ্ৰ দৰ্শকৰ হিদায় তো নাই, তথা সিহঁ তৰ ওচৰত আল্লাহৰ পৰা অৱতীৰ্ণ কোনো গ্ৰন্থও নাই যিখনে সিহঁ তক পথ দেখু ৱাব।

ثَانِىَ عِطْفِهِۦ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِ ۖ لَهُۥ فِى ٱلدُّنْيَا خِزْىٌۭ ۖ وَنُذِيقُهُۥ يَوْمَ ٱلْقِيَـٰمَةِ عَذَابَ ٱلْحَرِيقِ ﴿٩﴾

এনেকু ৱা স্বভাৱৰ ব্যক্তি য়ে অহংকাৰত ঘাৰ ঘূৰায় । যাতে মানু হক ঈমান পোষণৰ পৰা বিৰত ৰাখিব পাৰে আৰু আল্লাহৰ দ্বীনত প্ৰৱেশ কৰাত বাধা দিব পাৰে। এনেকু ৱা স্বভাৱৰ ব্যক্তি ৰ বাবে পৃথিৱীত আছে অপমানজনক শাস্তি আৰু আখিৰাতত আমি তাক জাহান্নামৰ শাস্তি ভোগ কৰাম।

ذَٰلِكَ بِمَا قَدَّمَتْ يَدَاكَ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّـٰمٍۢ لِّلْعَبِيدِ ﴿١٠﴾

তাক কোৱা হ’বঃ এই শাস্তি , যিটোৰ সোৱাদ তু মি গ্ৰহণ কৰি আছা, এইটো হৈছে তোমাৰ কু ফৰী আৰু গুনাহৰ প্ৰতিফল। আল্লাহে তেওঁ ৰ কোনো সৃষ্টি ক কাৰণ অবিহনে কোনোশাস্তি নিদিয়ে ।

وَمِنَ ٱلنَّاسِ مَن يَعْبُدُ ٱللَّهَ عَلَىٰ حَرْفٍۢ ۖ فَإِنْ أَصَابَهُۥ خَيْرٌ ٱطْمَأَنَّ بِهِۦ ۖ وَإِنْ أَصَابَتْهُ فِتْنَةٌ ٱنقَلَبَ عَلَىٰ وَجْهِهِۦ خَسِرَ ٱلدُّنْيَا وَٱلْـَٔاخِرَةَ ۚ ذَٰلِكَ هُوَ ٱلْخُسْرَانُ ٱلْمُبِينُ ﴿١١﴾

কিছু মান ব্যক্তি য়ে দোমোজাত পৰি,সন্দে হৰবশৱৰ্তী হৈ আল্লাহৰইবাদত কৰে। যদি সুস্বাস্থ্যআৰুসুখ-শান্তি পায় তেন্তে আল্লাহৰপ্ৰ তি ঈমান আৰুতেওঁ ৰ ইবাদত অব্যাহত ৰাখে। আনহাতে যদি বেমাৰ-আজাৰ আৰু দৰিদ্ৰ তাৰ ৰূপত কোনো পৰীক্ষাৰ সন্মুখীন হয় তেন্তে ধৰ্মৰ প্ৰতি দোষ জাপি দি তাৰ পৰা আঁতৰি যায় । এনেকু ৱা ব্যক্তি পাৰ্থিৱ জীৱনতেই ক্ষতিগ্ৰ তস্, তাৰ কু ফৰীয়ে তাৰ বাবে পৃথিৱীৰ এনেকু ৱা কোনো উপকাৰ কঢ়ি য়াই আনিব নোৱাৰিব যিটো তাৰভাগ্যত লিখানাই। সি আখিৰাততোক্ষতিগ্ৰ তস্ হ’ব,কিয় নোসি আল্লাহৰশাস্তি ৰসন্মুখীন হ’ব। দৰাচলতে এইটোৱেহৈছে স্পষ্ট ক্ষতি। بلغ আল-কোৰআন · তাফছীৰ

يَدْعُوا۟ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُۥ وَمَا لَا يَنفَعُهُۥ ۚ ذَٰلِكَ هُوَ ٱلضَّلَـٰلُ ٱلْبَعِيدُ ﴿١٢﴾

সি আল্লাহৰ বাহিৰে এনেকু ৱা মূৰ্তিৰ উপাসনা কৰে, যাৰ অবাধ্যতা কৰিলে কোনো ক্ষতি কৰিব নোৱাৰে আৰু আনুগত্য কৰিলে কোনো উপকাৰ কৰিব নোৱাৰে। এনেকু ৱা উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকা মূ ৰ্তিবোৰক পূজা পাঠ কৰাটোৱেই হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থি ত পথভ্ৰ ষ্টতা।

يَدْعُوا۟ لَمَن ضَرُّهُۥٓ أَقْرَبُ مِن نَّفْعِهِۦ ۚ لَبِئْسَ ٱلْمَوْلَىٰ وَلَبِئْسَ ٱلْعَشِيرُ ﴿١٣﴾

এই কাফিৰে যিবোৰ মূ ৰ্তিৰ উপাসনা কৰে, তাৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি। এইবোৰ হৈছে নিকৃ ষ্টউপাস্য, যাৰ ক্ষতিৰ পৰিমাণ লাভতকৈ বহুগুণে বেছি। সেই ব্যক্তি ৰবাবেই কিমান নিকৃ ষ্টসহায় ক,যিয়ে ইয়াৰওচৰত সহায় প্ৰাৰ্থনাকৰে,আৰুকিমান যে নিকৃ ষ্টসঙ্গী,যিয়ে ইয়াৰসংস্পৰ্শত থাকে।

إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۚ إِنَّ ٱللَّهَ يَفْعَلُ مَا يُرِيدُ ﴿١٤﴾

যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱেই কৰে। যাৰ প্ৰতি ইচ্ছা কৰে দয়া কৰে আৰু যাক ইচ্ছা কৰে শাস্তি প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।

مَن كَانَ يَظُنُّ أَن لَّن يَنصُرَهُ ٱللَّهُ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ فَلْيَمْدُدْ بِسَبَبٍ إِلَى ٱلسَّمَآءِ ثُمَّ لْيَقْطَعْ فَلْيَنظُرْ هَلْ يُذْهِبَنَّ كَيْدُهُۥ مَا يَغِيظُ ﴿١٥﴾

كيده ما يغيظ যিয়ে এই ধাৰণা পোষণ কৰে যে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তেওঁ ৰ ৰাছু লক সহায় নকৰিব, সেই ব্যক্তি য়ে নিজৰ ঘৰৰ চাদৰ সৈতে এটা ৰচী লগাই চিপজৰী লওক আৰু নিজকে মাটি ৰ পৰা বিচ্ছিন্ন কৰক, তাৰ পিছত চাওক, ইয়াৰ দ্বাৰা তাৰ অন্ত ৰৰ ক্ৰোধ আৰু আক্ৰোশ শেষ হয় নে নহয় ? আল্লাহ সকলো অৱস্থাতেই ৰাছু লৰ সহায় কাৰী। শত্ৰুৱে এইটো বিচাৰক বা নিবিচাৰক।

وَكَذَٰلِكَ أَنزَلْنَـٰهُ ءَايَـٰتٍۭ بَيِّنَـٰتٍۢ وَأَنَّ ٱللَّهَ يَهْدِى مَن يُرِيدُ ﴿١٦﴾

যিদৰে আমি তোমালোকৰ বাবে পুনৰুত্থান সম্পৰ্কীয় স্পষ্ট প্ৰমাণাদি বৰ্ণনা কৰিছোঁ, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআনৰ স্পষ্ট আয়াতসমূ হ অৱতীৰ্ণ কৰিছোঁ। গতিকে নিশ্চিতভাৱেআল্লাহে যাক ইচ্ছা কৰেনিজ অনু গ্ৰহত হিদায় তৰতাওফীক দিয়ে আৰু সুপথ দেখুৱায় ।

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَٱلَّذِينَ هَادُوا۟ وَٱلصَّـٰبِـِٔينَ وَٱلنَّصَـٰرَىٰ وَٱلْمَجُوسَ وَٱلَّذِينَ أَشْرَكُوٓا۟ إِنَّ ٱللَّهَ يَفْصِلُ بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ ﴿١٧﴾

ى নিশ্চয় এই উম্মতৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, তেওঁ লোকৰ মাজত আৰু ইয়াহুদী, চাবেয়ী (কোনোবা নবীৰ অনু সৰণকাৰী এটা দল), নাচাৰা, অগ্নিপূজাৰী, মূ ৰ্তিপূজাৰী আদি সকলৰ মাজত নিশ্চয় আল্লাহে কিয়ামতৰ দিনা মীমাংসা কৰি দিব। তেতিয়া মু মিনসকলক জান্নাতত প্ৰৱেশ কৰাব আৰু তেওঁ লোকৰ বাহিৰে অন্য লোকসকলক জাহান্নামত নিক্ষেপ কৰিব। নিশ্চয় আল্লাহ, তেওঁ ৰ বান্দাসকলৰ সকলো কথা আৰু কৰ্ম সম্পৰ্কে পূৰ্ণ অৱহিত। তেওঁ ৰপৰাএকোৱেই গোপন নহয় । অনতিপলমে তেওঁ সিহঁ তকইয়াৰপ্ৰ তিদান দিব।

أَلَمْ تَرَ أَنَّ ٱللَّهَ يَسْجُدُ لَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ وَٱلشَّمْسُ وَٱلْقَمَرُ وَٱلنُّجُومُ وَٱلْجِبَالُ وَٱلشَّجَرُ وَٱلدَّوَآبُّ وَكَثِيرٌۭ مِّنَ ٱلنَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ ٱلْعَذَابُ ۗ وَمَن يُهِنِ ٱللَّهُ فَمَا لَهُۥ مِن مُّكْرِمٍ ۚ إِنَّ ٱللَّهَ يَفْعَلُ مَا يَشَآءُ ۩ ﴿١٨﴾

হে ৰাছু ল! আপুনি নাজানে নেকি যে, আকাশমণ্ডলৰ সকলো ফিৰিস্তাই, এইদৰে পৃথিৱীৰ সকলো ইমান্দাৰ জ্বি ন আৰু মানৱে আল্লাহৰ সন্মুখত তেওঁৰ ইবাদত কৰিবলৈ ছাজদাহ কৰে। সূৰ্য্যও তেওঁ কেই ছাজদাহ কৰে আৰু চন্দ্ৰ ও তেওঁ কেই ছাজদাহ কৰেআৰু আকাশত থকা তৰাবোৰেও তেওঁ কেই بلغ আল-কোৰআন · তাফছীৰ ছাজদাহ কৰে, লগতে পাহাৰ-পৰ্বত, গছ-গছনি আৰু পৃথিৱীৰ সকলো জীৱ-জন্তু ৱে তেওঁৰ ওচৰতেই নত স্বীকাৰ কৰে। বহুতো লোকে ইবাদত কৰি আল্লাহক ছাজদাহ কৰে, আনহাতে বহুতো লোকে আনু গত্যমূ লক ছাজদাৰ পৰা নিজকে বিৰত ৰাখে। এনেকু ৱা লোকৰ বিপক্ষে সিহঁ তৰ কু ফৰীৰ কাৰণে সিহঁ তৰ ওপৰত শাস্তি অৱধাৰিত হৈছে। কু ফৰীৰ কাৰণে আল্লাহে যাৰ ক্ষেত্ৰত অপমানজনক শাস্তি ৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰ বাবে কোনেও সন্মান কঢ়ি য়াই আনিব নোৱাৰে। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। পৱিত্ৰ মহান আল্লাহক কোনেও বাধ্য কৰাব নোৱাৰে।

۞ هَـٰذَانِ خَصْمَانِ ٱخْتَصَمُوا۟ فِى رَبِّهِمْ ۖ فَٱلَّذِينَ كَفَرُوا۟ قُطِّعَتْ لَهُمْ ثِيَابٌۭ مِّن نَّارٍۢ يُصَبُّ مِن فَوْقِ رُءُوسِهِمُ ٱلْحَمِيمُ ﴿١٩﴾

এই দল দুটা হৈছে বিবদমান পক্ষ, সিহঁ তে নিজ প্ৰতিপালক সম্পৰ্কে বিবাদ কৰে, কোন সত্য পথত আছেঃ মুমিনসকলৰ দল নে কাফিৰসকলৰ দল। কাফিৰসকলৰ দলক জাহান্নামে ঠি ক সেইদৰে পৰিবেষ্ট ন কৰিব, যিদৰে কাপোৰে মানুহৰ শৰীৰক আৱৰি ৰাখে, আৰু সিহঁ তৰ মূৰত উতলা গৰম পানী ঢালি দিয়া হ’ব।

يُصْهَرُ بِهِۦ مَا فِى بُطُونِهِمْ وَٱلْجُلُودُ ﴿٢٠﴾

গৰমত সিহঁ তৰপেটৰনাড়ীভুঁ ৰু গলি পচি যাব, গৰমৰএই প্ৰচণ্ডতাই সিহঁ তৰছালকো বিগলিত কৰিপেলাব। ولهم مقمع من حديد

وَلَهُم مَّقَـٰمِعُ مِنْ حَدِيدٍۢ ﴿٢١﴾

জাহান্নামত সিহঁ তৰ বাবে থাকিব লোৰ হাঁতু ৰী, যিটোৰে ফিৰিস্তাসকলে সিহঁ তৰ মূ ৰত আঘাত কৰিব।

كُلَّمَآ أَرَادُوٓا۟ أَن يَخْرُجُوا۟ مِنْهَا مِنْ غَمٍّ أُعِيدُوا۟ فِيهَا وَذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ ﴿٢٢﴾

সিহঁ তে যেতিয়াই শাস্তি সহ্য কৰিব নোৱাৰি ওলাই আহিবলৈ প্ৰয়াস কৰিব, তেতিয়াই সিহঁ তক ওভোতাই পঠোৱা হ'ব, আৰু সিহঁ তক কোৱা হ'বঃ অগ্নিৰ শাস্তি উপভোগ কৰা।

إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍۢ وَلُؤْلُؤًۭا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌۭ ﴿٢٣﴾

আনহাতে মু মিনসকলৰদলক,যিসকলে আল্লাহৰপ্ৰ তি ঈমান আনিছে আৰুসৎকৰ্ম কৰিছে তেওঁ লোকক আল্লাহে এনেকু ৱাজান্নাতত প্ৰৱেশ কৰাব,যাৰ অট্টালিকাসমূহৰ তলদেশত আৰু গছ-গছনিসমূহৰ মাজেৰে নিজৰা প্ৰবাহিত থাকিব। আল্লাহে তেওঁলোকক সোণৰ খাৰুৰে অলংকৃ ত কৰিব। মুকু তাৰ অলংকাৰেৰে অলংকৃ ত কৰিব আৰু তাত তেওঁ লোকৰ পোচাক হ'ব ৰেচমৰ।

وَهُدُوٓا۟ إِلَى ٱلطَّيِّبِ مِنَ ٱلْقَوْلِ وَهُدُوٓا۟ إِلَىٰ صِرَٰطِ ٱلْحَمِيدِ ﴿٢٤﴾

আল্লাহে পাৰ্থিৱ জীৱনত তেওঁলোকক পৱিত্ৰ কথাৰ পথ দেখুৱাইছিল, উদাহৰণস্বৰূপে এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আল্লাহৰ মহত্ব বৰ্ণনা কৰা আৰু তেওঁ ৰ প্ৰশংসা কৰা ইত্যাদি। তথা তেওঁ লোকক ইছলামৰ প্ৰশংসনীয় পথ দেখুৱাইছিল।

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَٱلْمَسْجِدِ ٱلْحَرَامِ ٱلَّذِى جَعَلْنَـٰهُ لِلنَّاسِ سَوَآءً ٱلْعَـٰكِفُ فِيهِ وَٱلْبَادِ ۚ وَمَن يُرِدْ فِيهِ بِإِلْحَادٍۭ بِظُلْمٍۢ نُّذِقْهُ مِنْ عَذَابٍ أَلِيمٍۢ ﴿٢٥﴾

ومن يرد فيه بإلحادبظلم نذقهمن عذاب أليم নিশ্চয় যিসকলে আল্লাহৰলগত কু ফৰী কৰিছে, আৰু আন আন লোকসকলক ইছলাম গ্ৰহণত বাধা প্ৰদান কৰিছে আৰু মছজিদে হাৰামৰপৰা মানুহক বিৰত ৰাখিছে,যিদৰেমু শ্বৰিকসকলে হুদাইবিয়াৰবছৰত বাধাপ্ৰ দান কৰিছিল। সিহঁ তক আমি অচিৰেই কষ্ট দায় ক শাস্তি উপভোগ কৰাম। সেই মছজিদ بلغ আল-কোৰআন · তাফছীৰ যিটোক আমি মানু হৰ চালাতৰ বাবে কিবলা বনাইছোঁ, লগতে হজ্জ তথা ওমৰা সম্পাদনৰ স্থান বনাইছোঁ। সেই ঠাইডোখৰ মক্কাৰ অধিবাসী আৰু মক্কাৰ বাহিৰৰ পৰা অহা সকলো লোকসকলৰ বাবেই সমান। যিয়ে ই তাত জানি বুজি গুনাহৰ কৰ্ম কৰি সত্যৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব, আমি তাক কষ্ট দায় ক শাস্তি ৰসোৱাদ উপভোগ কৰাম।

وَإِذْ بَوَّأْنَا لِإِبْرَٰهِيمَ مَكَانَ ٱلْبَيْتِ أَن لَّا تُشْرِكْ بِى شَيْـًۭٔا وَطَهِّرْ بَيْتِىَ لِلطَّآئِفِينَ وَٱلْقَآئِمِينَ وَٱلرُّكَّعِ ٱلسُّجُودِ ﴿٢٦﴾

হে ৰাছু ল! স্মৰণ কৰক, যেতিয়া আমি ইব্ৰাহীমক কাবাৰ স্থান আৰু তাৰ সীমা সম্পৰ্কে অৱগত কৰিছিলোঁ। কিয় নো ইয়াৰ পূৰ্বৰ চিহ্ন নাইকিয়া হৈ গৈছিল। আমি তেওঁৰ প্ৰতি অহী কৰি কৈছিলোঁ, মোৰ ইবাদতৰ ক্ষেত্ৰত আপুনি কাকো অংশীদাৰ স্থাপন নকৰিব। বৰং কেৱল মোৰেই ইবাদত কৰিব, আৰু তাৱাফকাৰীসকলৰ বাবে আৰু চালাত আদায় কাৰীসকলৰ বাবে মোৰ ঘৰখনক দৃশ্যাৱলী আৱৰ্জ না আৰু অদৃশ্য মলিনতাৰ পৰা পৰিস্কাৰ-পৰিচ্ছন্ন তথা পৱিত্ৰ কৰি ৰাখিব।

وَأَذِّن فِى ٱلنَّاسِ بِٱلْحَجِّ يَأْتُوكَ رِجَالًۭا وَعَلَىٰ كُلِّ ضَامِرٍۢ يَأْتِينَ مِن كُلِّ فَجٍّ عَمِيقٍۢ ﴿٢٧﴾

লগতে মানু হক এই ঘৰৰ হজ্জ কৰিবলৈ আহ্বান কৰক, যিটোক নিৰ্মাণ কৰাৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। তেওঁ লোকে আপোনাৰ ওচৰলৈ খোজকাঢ়ি আহিব অথবা উটৰ পিঠি ত আৰোহণ কৰি আহিব, দীঘলীয়া ভ্ৰমণৰ বাবে উট দুৰ্বল হৈ পৰিব। দূৰ-দাৰান্ত পথ অতিক্ৰম কৰি উটে তেওঁ লোকক বহন কৰি আনিব।

لِّيَشْهَدُوا۟ مَنَـٰفِعَ لَهُمْ وَيَذْكُرُوا۟ ٱسْمَ ٱللَّهِ فِىٓ أَيَّامٍۢ مَّعْلُومَـٰتٍ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلْأَنْعَـٰمِ ۖ فَكُلُوا۟ مِنْهَا وَأَطْعِمُوا۟ ٱلْبَآئِسَ ٱلْفَقِيرَ ﴿٢٨﴾

যাতে তেওঁলোকে মাগফিৰাত লাভ কৰিবলৈ আৰু ছোৱাব অৰ্জ ন কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত একতা বৃদ্ধি কৰিবলৈ উপস্থি ত হয় । যাতে তেওঁলোকে নিৰ্দিষ্ট দিনসমূহত অৰ্থাৎ জিল-হিজ্জা মাহৰ দশম তাৰিখ আৰু ইয়াৰ পিছৰ তিনিদিনত হ'বলগীয়া কোৰবানীৰ পশু জবেহ কৰাৰ সময় ত আল্লাহৰ নাম লয় , আৰু আল্লাহৰ কৃ তজ্ঞতা জ্ঞাপন কৰা উচিত, কিয় নো তেৱেঁই উট, গৰু আৰু ছাগলী আদি চতু ষ্পদ জন্তু প্ৰদান কৰিছে। তোমালোকে এই কোৰবানীৰ মাংস নিজে খোৱা আৰু দুখীয়া, নিচলা, দৰিদ্ৰ সকলক খুউৱা।

ثُمَّ لْيَقْضُوا۟ تَفَثَهُمْ وَلْيُوفُوا۟ نُذُورَهُمْ وَلْيَطَّوَّفُوا۟ بِٱلْبَيْتِ ٱلْعَتِيقِ ﴿٢٩﴾

তাৰ পিছত হজ্জৰ অৱশিষ্ট কৰণীয় খিনি সম্পাদন কৰা উচিত। মূৰ খুৰাই, নখ কাটি আৰু ইহৰামৰ ফলত হোৱা শৰীৰ ময় লা-আৱৰ্জ না পৰিস্কাৰ কৰি হালাল হ'ব লাগে। তাৰ পিছত হজ্জ, ওমৰাহ আৰু হাদী সম্পৰ্কীয় মান্নত আদি পূৰণ কৰা উচিত। তাৰ পিছত সেই কাবা গৃহৰ অন্তি ম তাৱাফ কৰিব লাগে, যিটোক আল্লাহে দমনকাৰী শক্তি ৰ পৰা ৰক্ষা কৰিছে।

ذَٰلِكَ وَمَن يُعَظِّمْ حُرُمَـٰتِ ٱللَّهِ فَهُوَ خَيْرٌۭ لَّهُۥ عِندَ رَبِّهِۦ ۗ وَأُحِلَّتْ لَكُمُ ٱلْأَنْعَـٰمُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَٱجْتَنِبُوا۟ ٱلرِّجْسَ مِنَ ٱلْأَوْثَـٰنِ وَٱجْتَنِبُوا۟ قَوْلَ ٱلزُّورِ ﴿٣٠﴾

তোমালোকক এই যিবোৰ আদেশ দিয়া হৈছে (যেনেঃ মূ ৰ খুৰোৱা, নখ কটা, শৰীৰৰ ময় লা দূৰ কৰা, মান্নত আদি পূৰণ কৰা আৰু কাবা গৃহৰ তাৱাফ কৰা) আল্লাহে তোমালোকৰ ওপৰত এইবোৰ ওৱাজিব কৰিছে। এতেকে আল্লাহে ওৱাজিব কৰা বিষয় বোৰৰ তোমালোকে সন্মান কৰা উচিত। এতেকে যিয়ে আল্লাহৰ সীমালংঘন কৰাৰ ভয় ত, ইহৰাম অৱস্থাত আল্লাহে হাৰাম কৰা বস্তু ৰ পৰা বিৰত থাকিব, তথা তেওঁ হাৰাম কৰা বস্তু ক হালাল বুলি নাভাবিব, তেন্তে এই পদক্ষেপ তেওঁৰ বাবে তেওঁৰ প্ৰতিপালকৰ ওচৰত উত্তম বুলি পৰিগণিত হ'ব। হে মানৱ! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি চতু ষ্পদ জন্তু বোৰক হালাল কৰা হৈছে। এইবোৰৰ মাজৰ হামী, বাহীৰাহ আৰু অচীলাকো তোমালোকৰ বাবে হাৰাম কৰা নাই। হাৰাম কেৱল সেইবোৰ জীৱ-জন্তু যিবোৰ কোৰআনত উল্লে খ আছে, যেনেঃ মৃত জীৱ-জন্তু আৰু প্ৰবাহিত তেজ। এতেকে আৱৰ্জ না অৰ্থাৎ মূৰ্তি আদিৰ পৰা দূৰত্ব অৱলম্বন কৰা, লগতে সেই সকলো কথাৰ পৰা বিৰত থাকা, যিবোৰ আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰা হৈছে অথবা তেওঁ ৰ কোনো সৃষ্টি সম্পৰ্কে বনোৱা হৈছে। بلغ আল-কোৰআন · তাফছীৰ

حُنَفَآءَ لِلَّهِ غَيْرَ مُشْرِكِينَ بِهِۦ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَكَأَنَّمَا خَرَّ مِنَ ٱلسَّمَآءِ فَتَخْطَفُهُ ٱلطَّيْرُ أَوْ تَهْوِى بِهِ ٱلرِّيحُ فِى مَكَانٍۢ سَحِيقٍۢ ﴿٣١﴾

س حيق আল্লাহৰ মনোনীত দ্বীনৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে বিৰত ৰাখি তেওঁ ৰ ইবাদতত আন কাকো অংশীদাৰ স্থপনৰ পৰা দূৰত্ব অৱলম্বন কৰি, উপৰোক্ত আয়াতত উল্লে খ কৰা উপদেশবোৰ মানি চলা। এতেকে যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব, ধৰি লোৱা সি আকাশৰ পৰা সৰি পৰিল, এতিয়া হয় তো চৰাই-চিৰকটি য়ে তাৰমাংস আৰুহাড় সমূ হ থাপ মাৰিলৈ যাব, নাইবা বতাহে তাক উৰুৱাই দূৰৱৰ্তী কোনো ঠাইত নিক্ষেপ কৰিব।

ذَٰلِكَ وَمَن يُعَظِّمْ شَعَـٰٓئِرَ ٱللَّهِ فَإِنَّهَا مِن تَقْوَى ٱلْقُلُوبِ ﴿٣٢﴾

এইবোৰেই হৈছে সেইবোৰ কৰ্ম, যিবোৰৰ আদেশ আল্লাহে প্ৰদান কৰিছে। যেনেঃ তেওঁ ক একক বুলি স্বীকাৰ কৰা আৰু নিৰ্ভে জালভাৱে তেওঁ ৰ ইবাদত কৰা, মূৰ্তিপূজা আৰু মিছা কথাৰ পৰা বিৰত থকা ইত্যাদি। যিয়ে মাআলিমে দ্বীনৰ (ধৰ্মৰ প্ৰতীকসমূহৰ) সন্মান কৰিব, যেনেঃ কোৰবানীৰ জন্তু , হজ্জৰ কৰ্ম আদি,তেন্তে তেওঁ ৰএই কৰ্মই প্ৰমাণ বহন কৰেযে,তেওঁ ৰঅন্ত ৰতم আল্লাহৰভয় আছে।

لَكُمْ فِيهَا مَنَـٰفِعُ إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى ثُمَّ مَحِلُّهَآ إِلَى ٱلْبَيْتِ ٱلْعَتِيقِ ﴿٣٣﴾

হাদীৰ জন্তু বোৰৰ মাজত আছে তোমালোকৰ বাবে কেইবাটাও উপকাৰ, যিবোৰ জন্তু ক তোমালোকে কাবাৰ ওচৰত কু ৰবানী কৰা। যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊণ সংগ্ৰ হ কৰা, সেই পশুৰ বংশ জীয়াই ৰখা, গাখীৰ আদি। এটা নিৰ্দিষ্ট সময় লৈকে তোমালোকে ইয়াৰ পৰা উপকৃ ত হ’ব পাৰা অৰ্থাৎ কাবা গৃহৰ ওচৰত জবেহ কৰাৰ আগমূ ৰ্তলৈকে, যি কাবা ঘৰক দমনকাৰী শক্তি ৰ পৰা সুৰক্ষিত কৰা হৈছে।

وَلِكُلِّ أُمَّةٍۢ جَعَلْنَا مَنسَكًۭا لِّيَذْكُرُوا۟ ٱسْمَ ٱللَّهِ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلْأَنْعَـٰمِ ۗ فَإِلَـٰهُكُمْ إِلَـٰهٌۭ وَٰحِدٌۭ فَلَهُۥٓ أَسْلِمُوا۟ ۗ وَبَشِّرِ ٱلْمُخْبِتِينَ ﴿٣٤﴾

অতিবাহিত হোৱা সকলো সম্প্ৰ দায় ৰ বাবে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ তেজ প্ৰবাহিত কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰি দিছিলোঁ। যাতে তেওঁলোকে নৈকট্য অৱলম্বন কৰিবলৈ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। তথা তেওঁলোকে যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, কিয়নো তেৱেঁই তেওঁলোকক উট, গৰু আৰু ছাগলী আদি প্ৰদান কৰিছে। হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে তেওঁৰ ওচৰত নত স্বীকাৰ কৰি তেওঁৰ আনুগত্য কৰা। হে ৰাছু ল! নিজ প্ৰতিপালকক ভয় কৰা লোকসকলক আৰু নিৰ্ভে জালভাৱে তেওঁৰ ইবাদত কৰা লোকসকলক এনেকু ৱা সুসংবাদ দিয় ক যাতে তেওঁ লোকে আনন্দি ত হৈ যায় ।

ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتْ قُلُوبُهُمْ وَٱلصَّـٰبِرِينَ عَلَىٰ مَآ أَصَابَهُمْ وَٱلْمُقِيمِى ٱلصَّلَوٰةِ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ ﴿٣٥﴾

যেতিয়া তেওঁ লোকৰ সন্মুখত আল্লাহৰ নাম লোৱা হয় , তেওঁ লোকে তেওঁ ৰ শাস্তি ক স্মৰণ কৰি ভীত-সন্ত্ৰ তস্ হয় , তথা তেওঁ ৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে, আৰু পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। আল্লাহে প্ৰদান কৰা ধন বিভিন্ন প্ৰকাৰৰ কল্যাণমূলক কামত ব্যয় কৰে।

وَٱلْبُدْنَ جَعَلْنَـٰهَا لَكُم مِّن شَعَـٰٓئِرِ ٱللَّهِ لَكُمْ فِيهَا خَيْرٌۭ ۖ فَٱذْكُرُوا۟ ٱسْمَ ٱللَّهِ عَلَيْهَا صَوَآفَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا۟ مِنْهَا وَأَطْعِمُوا۟ ٱلْقَانِعَ وَٱلْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَـٰهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ ﴿٣٦﴾

হাদীৰ বাবে নিৰ্ধাৰণ কৰা সেই উট আৰু গৰু যিবোৰক কাবাৰ পিনে লৈ যোৱা হয় , সেইবোৰক আমি তোমালোকৰ বাবে ধৰ্মৰ প্ৰতীক বনাই দিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ আছে। এতেকে সেই উট জবেহ কৰাৰ সময় ত, তাৰ এটা ভৰি বান্ধি তিনি ঠেঙৰ ওপৰত থিয় কৰাই বিছমিল্লাহ বুলি কৈ জবেহ কৰিবা। জবেহ কৰাৰপিছত যেতিয়া মাটি ত বাগৰিপৰিব,(হে কু ৰবানীকাৰী ব্যক্তি! ) তেতিয়া তোমালোকে তাৰ মাংস ভক্ষণ কৰা, আৰু সেইসকল দুখীয়াক দিয়া যিসকলে মানু হৰ আগত হাত প্ৰসাৰিত নকৰে, লগতে সেইসকল দুখীয়াকো দিয়া যিসকলে মানু হৰ ওচৰত বিচাৰিফু ৰে। এইদৰেই আমি সেই জন্তু বোৰক তোমালোকৰবশীভূ ত কৰিদিছোঁ, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰকৰিব পাৰা, লগতে সেইবোৰক তোমালোকৰ বশীভূ ত কৰি দিছোঁ যাতে তোমালোকে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ সেইবোৰক জবেহ কৰাৰ স্থানলৈ লৈ بلغ আল-কোৰআন · তাফছীৰ যাব পাৰা। আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিয়াৰ বাবে যাতে তোমালোকে তেওঁ ৰ কৃ তজ্ঞতা জ্ঞাপন কৰা।

لَن يَنَالَ ٱللَّهَ لُحُومُهَا وَلَا دِمَآؤُهَا وَلَـٰكِن يَنَالُهُ ٱلتَّقْوَىٰ مِنكُمْ ۚ كَذَٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا۟ ٱللَّهَ عَلَىٰ مَا هَدَىٰكُمْ ۗ وَبَشِّرِ ٱلْمُحْسِنِينَ ﴿٣٧﴾

তোমালোকৰ কু ৰবানীৰ মাংস আৰু তেজ একোৱেই আল্লাহৰ ওচৰলৈ গৈ নাপায় । এইবোৰক আল্লাহৰ ওচৰলৈ উঠায়ো লোৱা নহয় । কিন্তু জবেহ কৰাৰ সময় ত তোমালোকৰ আজ্ঞা পালন আৰু আগ্ৰ হ তথা তাক্ব ৱাহে তেওঁৰ ওচৰলৈ গৈ পায় । সেয়ে তোমালোকে তেওঁৰ নৈকট্য অৰ্জ ন কৰিবলৈ ছোৱাবৰ আশাত নিৰ্ভে জালভাৱে কু ৰবানী কৰা। যিহেতু আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তোমালোকে সঠি ক পথ পোৱাৰ বাবে আল্লাহৰ কৃ তজ্ঞতা জ্ঞাপন কৰি তেওঁ ৰ মহিমা বৰ্ণনা কৰা। হে ৰাছু ল! লগতে আপুনি সেইসকল লোকক সুসংবাদ দিয় ক, যিসকলে উত্তমভাৱে আল্লাহৰ ইবাদত কৰে আৰু তেওঁ ৰ সৃষ্টি ৰ সৈতে ভাল ব্যৱহাৰ কৰে।

۞ إِنَّ ٱللَّهَ يُدَٰفِعُ عَنِ ٱلَّذِينَ ءَامَنُوٓا۟ ۗ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٍۢ كَفُورٍ ﴿٣٨﴾

নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰে। নিশ্চয় আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিক পছন্দ নকৰে। যিসকলে আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে তথা সেই নিয়ামতৰ বাবে আল্লাহৰ কৃ তজ্ঞতা নকৰি বিদ্বে ষভাৱ পোষণ কৰে।

أُذِنَ لِلَّذِينَ يُقَـٰتَلُونَ بِأَنَّهُمْ ظُلِمُوا۟ ۚ وَإِنَّ ٱللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ ﴿٣٩﴾

আল্লাহে সেইসকল মু মিনক যুদ্ধৰ অনু মতি প্ৰদান কৰিছে, যিসকলৰ লগত মু শ্বৰিকসকলে যুদ্ধ কৰে। কিয় নো তেওঁ লোকৰ শত্ৰুসকলে তেওঁ লোকৰ প্ৰতি মহা অন্যায় কৰিছে। যুদ্ধ নকৰাকৈও নিশ্চয় আল্লাহে মুমিনসকলক সহায় কৰিবলৈ সক্ষম, কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, মুমিনসকলক কাফিৰসকলৰ লগত যুদ্ধ কৰাই পৰীক্ষা কৰা।

ٱلَّذِينَ أُخْرِجُوا۟ مِن دِيَـٰرِهِم بِغَيْرِ حَقٍّ إِلَّآ أَن يَقُولُوا۟ رَبُّنَا ٱللَّهُ ۗ وَلَوْلَا دَفْعُ ٱللَّهِ ٱلنَّاسَ بَعْضَهُم بِبَعْضٍۢ لَّهُدِّمَتْ صَوَٰمِعُ وَبِيَعٌۭ وَصَلَوَٰتٌۭ وَمَسَـٰجِدُ يُذْكَرُ فِيهَا ٱسْمُ ٱللَّهِ كَثِيرًۭا ۗ وَلَيَنصُرَنَّ ٱللَّهُ مَن يَنصُرُهُۥٓ ۗ إِنَّ ٱللَّهَ لَقَوِىٌّ عَزِيزٌ ﴿٤٠﴾

কাফিৰসকলে তেওঁলোকক অন্যায় ভাৱে নিজৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছিল, তেওঁলোকৰ কোনো অপৰাধ নাছিল; অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কৈছিলঃ “আল্লাহ হৈছে আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ আন কোনো প্ৰতিপালক নাই।” যদি আল্লাহে নবীসকলক আৰু মুমিনসকলক শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ অনুমতি প্ৰদান নকৰিলেহেঁতেন, তেন্তে সিহঁতে ইবাদতৰ স্থানসমূহক বিধ্বস্ত কৰিলেহেঁতেন, বৈৰাগীসকলৰ উপাসনালয় , খৃষ্টানসকলৰ গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় আৰু মু ছলিমসকলৰ চালাত আদায় কৰা স্থান মছজিদসমূ হক বিধ্বস্ত কৰিলেহেঁ তেন, য’ত মুছলিমসকলে আল্লাহক অধিক বেছি বেছি স্মৰণ কৰে। নিশ্চয় আল্লাহে সেই ব্যক্তিক সহায় কৰিব, যিয়ে তেওঁৰ ধৰ্ম আৰু তেওঁৰ নবীক সহায় কৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিব নোৱাৰে।

ٱلَّذِينَ إِن مَّكَّنَّـٰهُمْ فِى ٱلْأَرْضِ أَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ وَأَمَرُوا۟ بِٱلْمَعْرُوفِ وَنَهَوْا۟ عَنِ ٱلْمُنكَرِ ۗ وَلِلَّهِ عَـٰقِبَةُ ٱلْأُمُورِ ﴿٤١﴾

যিসকল লোকক সহায় ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যদি আমি তেওঁলোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি পৃথিৱীত আধিপত্য প্ৰদান কৰোঁ, তেন্তে তেওঁলোকে নিয় মিতভাৱে পৰিপূৰ্ণৰূপে চালাত আদায় কৰিব, আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰিব, চৰীয় তে আদেশ দিয়া কৰ্মৰ প্ৰতি আনকো আহ্বান কৰিব,আৰুনিষেধকৃ ত বস্তু ৰপৰা বিৰত ৰাখিব। জানি থোৱা! ছোৱাবতথা শাস্তি সম্পৰ্কীয় সকলো বিষয় একমাত্ৰ আল্লাহৰফালেই প্ৰত্যাৱৰ্ত ন কৰে। بلغ আল-কোৰআন · তাফছীৰ وإن يكذبوكفقد كذبت قبلهم قومنوح وعاد وثمود

وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍۢ وَعَادٌۭ وَثَمُودُ ﴿٤٢﴾

হে ৰাছুল! যদি আপোনাৰ সম্প্ৰ দায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত আপুনিয়ে প্ৰথম নহয় । কিয় নো আপোনাৰপূৰ্বে নূহৰসম্প্ৰ দায়ে নূহ আলাইহিচ্ছালামক, আদ সম্প্ৰ দায়ে হূ দ আলাইহিচ্ছালামক আৰুছামূদ সম্প্ৰ দায়ে চলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। وقوم إ برهيم وقوم لوط

وَقَوْمُ إِبْرَٰهِيمَ وَقَوْمُ لُوطٍۢ ﴿٤٣﴾

ইব্ৰাহীমৰ সম্প্ৰ দায়ে ইব্ৰাহীম আলাইহিচ্ছালামক আৰু লূতৰ সম্প্ৰ দায়ে লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।

وَأَصْحَـٰبُ مَدْيَنَ ۖ وَكُذِّبَ مُوسَىٰ فَأَمْلَيْتُ لِلْكَـٰفِرِينَ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ نَكِيرِ ﴿٤٤﴾

মাদিয়ানৰ অধিবাসীসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰ দায়ে মূছা আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। এতেকে ময়োসিহঁ তক অৱকাশ প্ৰদান কৰিসিহঁ তৰশাস্তি ক পিছু ৱাই দিছিলোঁ। তাৰপিছত শাস্তি য়ে সিহঁ তক গ্ৰাস কৰিছিল। এতেকে ভাবি চাওক,সিহঁ তৰপ্ৰ তি মোৰকৰায় ত্তকেনেকু ৱাআছিল?সিহঁ তৰকু ফৰীৰকাৰণে মই সিহঁ তক ধ্বংস কৰিছিলোঁ। فكأين من قريةأهلكنها وهى ظالمة فهى خاويةعل عروشها وبئر معط لة وقصر مشيد

فَكَأَيِّن مِّن قَرْيَةٍ أَهْلَكْنَـٰهَا وَهِىَ ظَالِمَةٌۭ فَهِىَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَبِئْرٍۢ مُّعَطَّلَةٍۢ وَقَصْرٍۢ مَّشِيدٍ ﴿٤٥﴾

বহুতো জনবসতিক আমি আমাৰ শাস্তি ৰ দ্বাৰা ধ্বংস কৰিছোঁ, সিহঁ তে কু ফৰী কৰি অন্যায় কৰিছিল। সিহঁ তৰ ঘৰ-দুৱাৰ বিধ্বস্ত আৰু জনশূন্য হৈ পৰি আছে। বহুতো কুঁ ৱা এতিয়া এনেই পৰি আছে, যিবোৰৰ পৰা পানী সংগ্ৰ হকাৰী ব্যক্তি সকল ধ্বংস হৈছে। বহুতো আটক ধুনীয়া ওখ ওখ অট্টালিকা আছে, যিবোৰৰ অধিবাসীসকলক সিহঁ তৰ অট্টালিকাই শাস্তি ৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।

أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَتَكُونَ لَهُمْ قُلُوبٌۭ يَعْقِلُونَ بِهَآ أَوْ ءَاذَانٌۭ يَسْمَعُونَ بِهَا ۖ فَإِنَّهَا لَا تَعْمَى ٱلْأَبْصَـٰرُ وَلَـٰكِن تَعْمَى ٱلْقُلُوبُ ٱلَّتِى فِى ٱلصُّدُورِ ﴿٤٦﴾

ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয় তক অস্বীকাৰ কৰা লোকসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি? তেতিয়াহে বিধ্বস্ত জনবসতিৰ ঐতিহাসিক চিহ্নবোৰ নিজ চকু ৰে চাব পাৰিলেহেঁ তেন, আৰু চিন্তা-চৰ্চা কৰি উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁ তেন! লগতে সিহঁ তৰ ঘটনাৱলী মানাৰ মানসিকতাৰে শ্ৰৱণ কৰি শিক্ষা ল'লেহেঁ তেন! দৰাচলতে দৃষ্টি হীনতাই প্ৰকৃ ত অন্ধতা নহয় , বৰং বিনাশকাৰী অন্ধতা হৈছে বিবেকৰ অন্ধতা। যাৰ ফলত মানু হে শিক্ষা গ্ৰহণ কৰিবনোৱাৰেআৰুউপদেশ গ্ৰহণ কৰাৰউপযুক্ত নাথাকে।

وَيَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَلَن يُخْلِفَ ٱللَّهُ وَعْدَهُۥ ۚ وَإِنَّ يَوْمًا عِندَ رَبِّكَ كَأَلْفِ سَنَةٍۢ مِّمَّا تَعُدُّونَ ﴿٤٧﴾

হে ৰাছু ল! আপোনাৰ সম্প্ৰ দায় ৰ লোকসকলক যেতিয়া অচিৰেই আহিবলগীয়া পৃথিৱীৰ শাস্তি আৰু পিছত হ'বলগীয়া আখিৰাতৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰা হয় , তেতিয়া সিহঁ তে সেই শাস্তি অতি শীঘ্ৰে আনিবলৈ আপোনাৰওচৰত দাবী জনায় , অথচ আল্লাহে সিহঁ তৰলগত যি প্ৰতিশ্ৰুতি কৰিছে, সেইটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। দৰাচলতে সেই পৰাজয়ো পাৰ্থিৱ জীৱনৰ এটা অংশ, যিটোৰ সন্মুখীন সিহঁ ত বদৰৰ যুদ্ধৰ দিনা হৈছিল। জানি থোৱা! আখিৰাতৰ শাস্তি ৰ এদিন, পাৰ্থিৱ জীৱনৰ গণনা অনু যায়ী এহেজাৰ বছৰৰ সমান। কাৰণ তাত আছে অধিক কষ্ট ।

وَكَأَيِّن مِّن قَرْيَةٍ أَمْلَيْتُ لَهَا وَهِىَ ظَالِمَةٌۭ ثُمَّ أَخَذْتُهَا وَإِلَىَّ ٱلْمَصِيرُ ﴿٤٨﴾

বহুতো জনবসতি এনেকু ৱা আছিল যিসকলে কু ফৰী কৰি অন্যায় কৰিছিল, কিন্তু তথাপিও মই সিহঁ তক অৱকাশ দিছিলোঁ, লাহে লাহে কৰায় ত্তকৰাৰ উদ্দেশ্যে শীঘ্ৰে শাস্তি দিয়া নাছিলোঁ, অৱশেষত সিহঁতক বিনাশকাৰী শাস্তি ৰ জৰিয় তে কৰায় ত্তকৰিছিলোঁ। কিয়ামতৰ দিনা কেৱল মোৰ ওচৰতেই সিহঁ তে প্ৰত্যাৱৰ্ত ন কৰিবলাগিব। এতেকেমই সিহঁ তকসিহঁ তৰকু ফৰীৰকাৰণে চিৰস্থায়ীশাস্তি প্ৰদান কৰিম। بلغ আল-কোৰআন · তাফছীৰ

قُلْ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَآ أَنَا۠ لَكُمْ نَذِيرٌۭ مُّبِينٌۭ ﴿٤٩﴾

কওক হে মানৱজাতি! মই তোমালোকৰ বাবে এজন প্ৰকাশ্য সতৰ্ক কাৰীহে, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ, যিটো বাৰ্তা অৰ্পণ কৰি মোক প্ৰে ৰণ কৰাহৈছে।

فَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُم مَّغْفِرَةٌۭ وَرِزْقٌۭ كَرِيمٌۭ ﴿٥٠﴾

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে গুনাহৰ মাগফিৰাত (পাপ মোচন) আৰুজান্নাতত আছে উৎকৃ ষ্টজীৱিকা,যিটোকেতিয়াও বিচ্ছিন্ন নহ'ব।

وَٱلَّذِينَ سَعَوْا۟ فِىٓ ءَايَـٰتِنَا مُعَـٰجِزِينَ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَحِيمِ ﴿٥١﴾

যিসকল লোকে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছিল, এইবুলি ভাবি যে, সিহঁতে আল্লাহক বিৱশ কৰিব আৰু তেওঁৰ পৰা পলায় ন কৰিবলৈ সক্ষম হ’ব,ফলত তেওঁ সিহঁ তক শাস্তি দিবনোৱাৰিব। সেইসকল লোকেই হৈছে জাহান্নামী। সিহঁ ত এইদৰেশাস্তি ৰলগত নিৰৱচ্ছিন্ন হৈ থাকিব, যিদৰে সঙ্গীয়ে সঙ্গীৰ লগত লগ লাগি থাকে।

وَمَآ أَرْسَلْنَا مِن قَبْلِكَ مِن رَّسُولٍۢ وَلَا نَبِىٍّ إِلَّآ إِذَا تَمَنَّىٰٓ أَلْقَى ٱلشَّيْطَـٰنُ فِىٓ أُمْنِيَّتِهِۦ فَيَنسَخُ ٱللَّهُ مَا يُلْقِى ٱلشَّيْطَـٰنُ ثُمَّ يُحْكِمُ ٱللَّهُ ءَايَـٰتِهِۦ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌۭ ﴿٥٢﴾

হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল অথবা নবী প্ৰে ৰণ কৰিছিলোঁ, যেতিয়া তেওঁলোকে আল্লাহৰ কিতাব পাঠ কৰিছিল, তেতিয়া চয় তানে তেওঁলোকৰ পাঠৰ মাজত এনেকু ৱা বস্তু মিহলাই দিছিল, যিটোক মানুহে সন্দে হৰ বশৱৰ্তী হৈ আল্লাহৰ অহী বুলি ধাৰণা কৰিছিল। তেতিয়া আল্লাহে চয় তানৰ মিশ্ৰি ত বাক্যক বাতিল কৰিছিল আৰু তেওঁ ৰ আয়াতসমূ হক সত্য সাব্যস্ত কৰিছিল। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁ ৰ পৰা কোনো বিষয়ে ই গোপন নহয় । তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত,নিৰ্ধাৰণ কৰাৰক্ষেত্ৰত আৰুপৰিচালনাকৰাৰক্ষেত্ৰত মহাজ্ঞানী।

لِّيَجْعَلَ مَا يُلْقِى ٱلشَّيْطَـٰنُ فِتْنَةًۭ لِّلَّذِينَ فِى قُلُوبِهِم مَّرَضٌۭ وَٱلْقَاسِيَةِ قُلُوبُهُمْ ۗ وَإِنَّ ٱلظَّـٰلِمِينَ لَفِى شِقَاقٍۭ بَعِيدٍۢ ﴿٥٣﴾

নবীয়ে পাঠ কৰাৰসময় ত চয় তানে যি মিশ্ৰি ত কৰে, সেইবোৰৰদ্বাৰা আল্লাহে মু নাফিকসকলক আৰু সেই মু শ্বৰিকসকলক পৰীক্ষা কৰিব বিচাৰে যিবোৰৰ অন্ত ৰ কঠোৰ হৈ পৰিছে। নিশ্চয় যালিম মুনাফিক আৰু মুশ্বৰিকসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ শত্ৰুতাত লিপ্ত হৈছে, তথা সিহঁ তে সত্য আৰু হিদায় তৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।

وَلِيَعْلَمَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ أَنَّهُ ٱلْحَقُّ مِن رَّبِّكَ فَيُؤْمِنُوا۟ بِهِۦ فَتُخْبِتَ لَهُۥ قُلُوبُهُمْ ۗ وَإِنَّ ٱللَّهَ لَهَادِ ٱلَّذِينَ ءَامَنُوٓا۟ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٥٤﴾

صرط م ستقيم যিসকল লোকক আল্লাহে জ্ঞান দান কৰিছে, তেওঁলোকে যাতে পতিয় ন যাব পাৰে যে, এই কোৰআন, যিখন মুহাম্মদৰ ওপৰত অৱতীৰ্ণ হৈছে সেইখন হৈছে সত্য; হে ৰাছুল! যিখন আল্লাহে আপোনাৰ প্ৰতি অহী কৰিছে। ইয়াৰ ফলত যাতে তেওঁলোকৰ অন্ত ৰ আৰু মজবুত হয় । তথা ইয়াৰ প্ৰতি তেওঁলোকৰ অন্ত ৰ যাতে কোমল হয় আৰু নত স্বীকাৰ কৰে। নিশ্চয় আল্লাহে সেইসকল লোকক তেওঁৰ প্ৰতি ঈমান আনিবলৈ হিদায় ত দিয়ে আৰু সত্যৰ সুপথ দেখুৱায় , যিপথত কোনো ধৰণৰ বক্ৰ তা নাই। এই প্ৰতিদান দিয়াৰ কাৰণ হৈছে, তেওঁ লোকে তেওঁ ৰ প্ৰতি নত স্বীকাৰ কৰিছে।

وَلَا يَزَالُ ٱلَّذِينَ كَفَرُوا۟ فِى مِرْيَةٍۢ مِّنْهُ حَتَّىٰ تَأْتِيَهُمُ ٱلسَّاعَةُ بَغْتَةً أَوْ يَأْتِيَهُمْ عَذَابُ يَوْمٍ عَقِيمٍ ﴿٥٥﴾

আল্লাহৰ লগত কু ফৰী কৰা আৰু তেওঁৰ ৰাছু লক অস্বীকাৰ কৰা লোকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সম্পৰ্কে সদায় সন্দে হত পতিত হৈ থাকিব। এই সন্দে হত থকা অৱস্থাতেই হঠাৎ কিয়ামত আহি পৰিব, নাইবা এনেকু ৱা কোনো শাস্তি আহি পৰিব, যিদিনা সিহঁ তৰ বাবে কোনো দয়া নাথাকিব আৰু কল্যাণো নাথাকিব। সেইটোৱে হ’ব সিহঁ তৰ বাবে কিয়ামতৰ দিন। بلغ আল-কোৰআন · তাফছীৰ

ٱلْمُلْكُ يَوْمَئِذٍۢ لِّلَّهِ يَحْكُمُ بَيْنَهُمْ ۚ فَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فِى جَنَّـٰتِ ٱلنَّعِيمِ ﴿٥٦﴾

কিয়ামতৰ দিনা যেতিয়া সিহঁ তৰ লগত কৰা প্ৰতিশ্ৰুত শাস্তি আহি পৰিব, তেতিয়া এইক্ষেত্ৰত সিহঁ তৰ কোনো সহায় ক নাথাকিব, সেইদিনা কৰ্তৃ ত্বএকমাত্ৰ আল্লাহৰ হাতত থাকিব। তেৱেঁই মুমিন আৰু কাফিৰসকলৰ মাজত মীমাংসা কৰিব। সকলোৰে পক্ষে উপযুক্ত ন্যায় বিচাৰ কৰিব। এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁ লোকৰ বাবে আছে মহাপ্ৰ তিদান। অৰ্থাৎ তেওঁ লোকৰ বাবে এনেকু ৱা জান্নাতৰ উপহাৰ থাকিব, যিবোৰ কেতিয়াও শেষ নহ'ব।

وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَا فَأُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌۭ مُّهِينٌۭ ﴿٥٧﴾

যিসকল লোকে আল্লাহৰ লগত কু ফৰী কৰিছে আৰু আমি আমাৰ ৰাছু লৰ প্ৰতি অৱতীৰ্ণ কৰা আয়াতসমূ হক অস্বীকাৰ কৰিছে, সেইসকল লোকৰ বাবেই আছে অপমানজনক শাস্তি । ইয়াৰদ্বাৰাআল্লাহে সিহঁ তক জাহান্নামত অপমানিত কৰিব।

وَٱلَّذِينَ هَاجَرُوا۟ فِى سَبِيلِ ٱللَّهِ ثُمَّ قُتِلُوٓا۟ أَوْ مَاتُوا۟ لَيَرْزُقَنَّهُمُ ٱللَّهُ رِزْقًا حَسَنًۭا ۚ وَإِنَّ ٱللَّهَ لَهُوَ خَيْرُ ٱلرَّٰزِقِينَ ﴿٥٨﴾

যিসকল লোকে আল্লাহৰ সন্তু ষ্টি লাভৰ বাবে আৰু তেওঁ ৰ দ্বীনক শক্তি শালী কৰাৰ বাবে নিজৰ ঘৰ-দুৱাৰ আৰু মাতৃ ভূ মি ত্যাগ কৰিছে, লগতে তেওঁ ৰ পথত যুদ্ধ কৰি শ্বহীদ হৈছে অথবা মৃত্যুবৰণ কৰিছে, সেইসকল লোকক আল্লাহে জান্নাতত নিৰৱচ্ছিন্ন উত্তম জীৱিকা প্ৰদান কৰিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকা প্ৰদানকাৰী।

لَيُدْخِلَنَّهُم مُّدْخَلًۭا يَرْضَوْنَهُۥ ۗ وَإِنَّ ٱللَّهَ لَعَلِيمٌ حَلِيمٌۭ ﴿٥٩﴾

আল্লাহে তেওঁলোকক নিশ্চয় এনেকু ৱাঠাইত প্ৰৱেশ কৰাব,যিটোস্থান পাই তেওঁলোক সন্তু ষ্টহ'ব। সেইটোহৈছে জান্নাত। নিশ্চয় আল্লাহ সিহঁ তৰকৰ্ম সম্পৰ্কে আৰুনিয়্যত সম্পৰ্কে সম্পূৰ্ণ অৱগত। তেওঁ অত্যন্ত সহনশীল,দোষ-ত্ৰুটি ৰক্ষেত্ৰত কেতিয়াওশাস্তি প্ৰদানত খৰখেদানকৰে।

۞ ذَٰلِكَ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوقِبَ بِهِۦ ثُمَّ بُغِىَ عَلَيْهِ لَيَنصُرَنَّهُ ٱللَّهُ ۗ إِنَّ ٱللَّهَ لَعَفُوٌّ غَفُورٌۭ ﴿٦٠﴾

ওপৰত যিবোৰ বৰ্ণনা হ'ল, যেনে- আল্লাহৰ পথত যুদ্ধকাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব, তথা অন্যায় কাৰী ব্যক্তিৰ পৰা সেই অনুপাতে প্ৰতিশোধ লোৱাৰঅনু মতি প্ৰদান কৰিছে যিমানখিনি অন্যায় তাৰপ্ৰ তি হৈছে,যাতে দ্বি তীয় বাৰএনেকু ৱা অন্যায় কৰাৰসাহস নকৰে। ইয়াৰপিছতো যদি অন্যায় - অত্যাচাৰত সীমালঙ্ঘন কৰেতেন্তে নিশ্চয় আল্লাহে নিৰ্যাতনকৃ ত ব্যক্তিক সহায় কৰিব। এতেকে জানি থোৱা! নিশ্চয় আল্লাহে মুমিন বান্দাসকলৰগুনাহ মাফ কৰিব আৰু তেওঁ লোকক ক্ষমা কৰিব।

ذَٰلِكَ بِأَنَّ ٱللَّهَ يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَأَنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌۭ ﴿٦١﴾

নিৰ্যাতিত ব্যক্তি ক এইকাৰণে সহায় কৰিব, কিয় নো আল্লাহে যিটো কৰিবলৈ ইচ্ছা কৰে সেইটোৱে কৰিবলৈ সক্ষম। তেওঁ ৰ ক্ষমতাৰ এটা প্ৰকাশ্য প্ৰমাণ হৈছে দিনক ৰাতিৰে আচ্ছাদিত কৰা আৰু ৰাতিক দিনেৰে আচ্ছাদিত কৰা। এটাক বঢ়াই দিয়ে আনটোক হ্ৰাস কৰি দিয়ে । নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয় । তেৱেঁই সিহঁ তক ইয়াৰ প্ৰতিদান দিব।

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّ مَا يَدْعُونَ مِن دُونِهِۦ هُوَ ٱلْبَـٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلْعَلِىُّ ٱلْكَبِيرُ ﴿٦٢﴾

ৰাতিক দিনৰ জৰিয় তে আৰু দিনক ৰাতিৰ জৰিয় তে আচ্ছাদিত কৰাৰ এই ধাৰাবাহিকতা এইকাৰণে যাতে এইটো প্ৰমাণিত হয় যে, আল্লাহেই সত্য, তেওঁ ৰ দ্বীন সত্য, তেওঁ ৰ প্ৰতিশ্ৰুতি সত্য, মু মিনসকলৰ প্ৰতি তেওঁ ৰ সহায় -সহযোগিতা সত্য, কিন্তু মু শ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰ মূ ৰ্তিৰ উপাসনা কৰে সেই সকলোবোৰ হৈছে অসত্য। সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় আল্লাহ সত্ত্বাগতভাৱে, সন্মান আৰু শক্তি সামৰ্থৰ ফালেৰে মখলুকতকৈ অতি উচ্চ। তেওঁ সুমহান, গৌৰৱ-গৰিমা, আত্মাভিমান, প্ৰতাপ আদি কেৱল তেওঁ ৰবাবেই উপযুক্ত । بلغ আল-কোৰআন · তাফছীৰ

أَلَمْ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَتُصْبِحُ ٱلْأَرْضُ مُخْضَرَّةً ۗ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٌۭ ﴿٦٣﴾

হে ৰাছু ল! আপুনি দেখা নাইনে- নিশ্চয় আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানী বৰ্ষণৰ পিছত পৃথিৱীত গজালি মেলা উদ্ভিদবোৰ সেউজীয়া হৈ পৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ সিহঁ তৰ ওপৰত পানী বৰ্ষণ কৰে, আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। নিশ্চয় তেওঁ সিহঁ তৰকল্যাণ সম্পৰ্কে অৱগত। সেইবোৰৰএকোৱেই তেওঁ ৰপৰাগোপন নহয় ।

لَّهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَإِنَّ ٱللَّهَ لَهُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ ﴿٦٤﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃ ত্বএকমাত্ৰ আল্লাহৰ হাতত। নিশ্চয় আল্লাহ অমুখাপেক্ষী, কোনো সৃষ্টি কেই তেওঁ প্ৰয়োজনবোধ নকৰে। তেওঁ সকলো অৱস্থাতেই প্ৰশংসিত।

أَلَمْ تَرَ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِى ٱلْأَرْضِ وَٱلْفُلْكَ تَجْرِى فِى ٱلْبَحْرِ بِأَمْرِهِۦ وَيُمْسِكُ ٱلسَّمَآءَ أَن تَقَعَ عَلَى ٱلْأَرْضِ إِلَّا بِإِذْنِهِۦٓ ۗ إِنَّ ٱللَّهَ بِٱلنَّاسِ لَرَءُوفٌۭ رَّحِيمٌۭ ﴿٦٥﴾

হে ৰাছু ল! আপুনি দেখা নাইনে, নিশ্চয় আল্লাহে পৃথিৱীৰ সকলো জীৱ-জন্তু আৰু জীৱ আৰু জড় সকলো বস্তু কেই আপোনাৰ আৰু মানু হৰ আয় ত্তাধীন কৰি দিছে, যাতে সিহঁ তৰ উপকাৰ হয় আৰু প্ৰয়োজনীয় তা পূৰণ হয় । লগতে তেওঁৰ আদেশত সাগৰত চলা জাহাজসমূহক তোমালোকৰ আয় ত্তাধীন কৰি দিছে. যিবোৰ এটা দেশৰ পৰা আনটো দেশলৈ ভ্ৰমণ কৰে। তেৱেঁই আকাশক নিজৰ অধীনত ৰাখিছে, তেওঁৰ অনুমতি অবিহনে সেইখন ভাঙি নপৰে। যদি তেওঁ অনুমতি দিয়ে তেন্তে নিশ্চয় সেইখন ভাঙি পৰিব। নিশ্চয় আল্লাহ মানুহৰবাবেঅতি কৰুণাময় আৰুদয়াৱান, সেইকাৰণেই তেওঁ মানু হে অন্যায় -অত্যাচাৰ কৰাৰ পিছতো এইবোৰ বস্তু ক সিহঁ তৰ অধীনস্থ কৰি দিছে।

وَهُوَ ٱلَّذِىٓ أَحْيَاكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۗ إِنَّ ٱلْإِنسَـٰنَ لَكَفُورٌۭ ﴿٦٦﴾

আল্লাহেই তোমালোকক অনস্তি ত্বৰ পৰা অস্তি ত্বলৈ আনিছে। ইয়াৰ পিছত আকৌ যেতিয়া তোমালোকৰ আয়ু সমাপ্ত হ'ব, তেতিয়া তোমালোকক মৃত্যু প্ৰদান কৰিব। মৃত্যুৰ পিছত আমলৰ হিচাপ-নিকাচ আৰু প্ৰতিদান দিয়াৰ বাবে তোমালোকক পুনৰ্জীৱিত কৰিব। নিশ্চয় মানুহে আল্লাহৰ নিয়ামতৰ অধিক অকৃ তজ্ঞতা কৰে, যদিও তেওঁ ৰ নিয়ামত প্ৰকাশ্য। লগতে তেওঁ ৰ ইবাদতত আনক অংশীদাৰ কৰে।

لِّكُلِّ أُمَّةٍۢ جَعَلْنَا مَنسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَـٰزِعُنَّكَ فِى ٱلْأَمْرِ ۚ وَٱدْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًۭى مُّسْتَقِيمٍۢ ﴿٦٧﴾

প্ৰত্যেক উম্মতকে আমি এটা চৰীয় ত প্ৰদান কৰিছিলোঁ, সিহঁ তে নিজ নিজ চৰীয় ত মুতাবিক আমল কৰিছিল। গতিকে হে ৰাছু ল! মুশ্বৰিকসকলে আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলে আপোনাৰ চৰীয় তকলৈ বাদানু বাদ কৰা উচিত নহয় । কিয় নো আপুনি সিহঁ তৰ তু লনাত সত্যৰ অধিক নিকটৱৰ্তী, কাৰণ সিহঁত হৈছে বাতিল পন্থী। আপুনি মানুহক নিৰ্ভে জাল তাওহীদৰ পিনে আহ্বান কৰক। নিশ্চয় আপুনি সঠি ক পথত পৰিচালিত, য’ত কোনো ধৰণৰ বক্ৰ তা নাই।

وَإِن جَـٰدَلُوكَ فَقُلِ ٱللَّهُ أَعْلَمُ بِمَا تَعْمَلُونَ ﴿٦٨﴾

এতেকে সত্য প্ৰকাশ পোৱাৰ পিছতো যদি সিহঁ তে আপোনাৰ লগত বিতৰ্ক কৰিবলৈ জিদ কৰে, তেন্তে সিহঁ তৰ বিষয় টো আল্লাহৰ ওপৰত অৰ্পণ কৰি সিহঁতক সতৰ্ক কৰাৰ মাধ্যমেৰে জনাই দিয় ক যে, তোমালোকে যি যি কৰি আছা, সেই সকলোবোৰৰ বিষয়ে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰকোনোআমলেই গোপন নহয় । তেওঁ তোমালোককইয়াৰপ্ৰ তিদান দিব।

ٱللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كُنتُمْ فِيهِ تَخْتَلِفُونَ ﴿٦٩﴾

আল্লাহে কিয়ামতৰ দিনা তেওঁ ৰ বান্দাসকলৰ মাজৰ পৰা মু মিন আৰু কাফিৰসকলৰ মাজত দ্বীন সম্পৰ্কীয় বিষয় ত মীমাংসা কৰি দিব। যিবোৰ বিষয় ত তেওঁ লোকে পৃথিৱীত মতানৈক্য কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ

أَلَمْ تَعْلَمْ أَنَّ ٱللَّهَ يَعْلَمُ مَا فِى ٱلسَّمَآءِ وَٱلْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِى كِتَـٰبٍ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌۭ ﴿٧٠﴾

হে ৰাছু ল! আপুনি নাজানে নেকি যে, নিশ্চয় আল্লাহ আকাশৰ আৰু পৃথিৱীৰ সকলো বিষয়ে ই অৱগত, এই দুয়োৰে মাজত থকা একোৱেই তেওঁ ৰ পৰা গোপন নহয় । এই সকলোবিষয় ৰজ্ঞান লওহে মাহফু জত লিপিবদ্ধ আছে। এইবোৰবিষয় সম্পৰ্কে জ্ঞান ৰখাআল্লাহৰপক্ষে তেনেই উজু।

وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَمْ يُنَزِّلْ بِهِۦ سُلْطَـٰنًۭا وَمَا لَيْسَ لَهُم بِهِۦ عِلْمٌۭ ۗ وَمَا لِلظَّـٰلِمِينَ مِن نَّصِيرٍۢ ﴿٧١﴾

মুশ্বৰিকসকলে আল্লাহক এৰি এনেকু ৱা মূৰ্তিবোৰৰ উপাসনা কৰে, যিবোৰক উপাসনা কৰাৰ কোনো প্ৰমাণ আল্লাহে তেওঁৰ পুথিত অৱতীৰ্ণ কৰা নাই। তথা সেইবোৰ যে, উপাস্য তাৰ সপক্ষে সিহঁতৰ ওচৰতো জ্ঞান নিৰ্ভ ৰ কোনো প্ৰমাণ নাই। সিহঁতৰ ভিত্তি হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। অন্যায় কাৰীসকলক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায় ক নাথাকিব।

وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍۢ تَعْرِفُ فِى وُجُوهِ ٱلَّذِينَ كَفَرُوا۟ ٱلْمُنكَرَ ۖ يَكَادُونَ يَسْطُونَ بِٱلَّذِينَ يَتْلُونَ عَلَيْهِمْ ءَايَـٰتِنَا ۗ قُلْ أَفَأُنَبِّئُكُم بِشَرٍّۢ مِّن ذَٰلِكُمُ ۗ ٱلنَّارُ وَعَدَهَا ٱللَّهُ ٱلَّذِينَ كَفَرُوا۟ ۖ وَبِئْسَ ٱلْمَصِيرُ ﴿٧٢﴾

ه সিহঁ তৰ সন্মুখত আমাৰ কোৰআনৰ স্পষ্ট আয়াতসমূহ যেতিয়া তিলাৱত কৰা হয় , তেতিয়া আপুনি আল্লাহক অস্বীকাৰ কৰা লোকসকলৰ মুখমণ্ডলত সেইবোৰক অপছন্দ কৰাৰ প্ৰভাৱ দেখিবলৈ পাব। এনেকু ৱা অনুভৱ হয় যেনিবা সিহঁ তে ক্ৰোধ সহ্য কৰিব নোৱাৰি আয়াত তিলাৱতকাৰীৰ ওপৰত আক্ৰ মণ কৰিব। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, মই তোমালোকক সেই বিষয়ে অৱগত কৰামনে, যিটো তোমালোকৰক্ৰোধআৰু ভ্ৰূকু টীতকৈ নিকৃ ষ্ট ,সেইখন হৈছে সেই জাহান্নাম যিখনত আল্লাহে কাফিৰসকলক প্ৰৱেশ কৰাববুলি প্ৰতিশ্ৰুতি দিছে। সেইটোকিমান যে,নিকৃ ষ্টঠাই,য’ত সিহঁ তে প্ৰৱেশ কৰিব।

يَـٰٓأَيُّهَا ٱلنَّاسُ ضُرِبَ مَثَلٌۭ فَٱسْتَمِعُوا۟ لَهُۥٓ ۚ إِنَّ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ لَن يَخْلُقُوا۟ ذُبَابًۭا وَلَوِ ٱجْتَمَعُوا۟ لَهُۥ ۖ وَإِن يَسْلُبْهُمُ ٱلذُّبَابُ شَيْـًۭٔا لَّا يَسْتَنقِذُوهُ مِنْهُ ۚ ضَعُفَ ٱلطَّالِبُ وَٱلْمَطْلُوبُ ﴿٧٣﴾

হে মানৱজাতি! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ সহকাৰে শুনা, আৰু শিক্ষা লোৱা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূ ৰ্তি আৰু অন্যান্য বস্তু বোৰক উপাসনা কৰা, সিহঁ তে মাখীৰ দৰে সৰু পৰুৱা এটাকো সৃষ্টি কৰিব নোৱাৰে। বৰং যদি সিহঁ ত সকলোৱে একত্ৰিত হৈ সেইটোক সৃষ্টি কৰিব বিচাৰে, তথাপিও সিহঁ তে সৃষ্টি কৰিব নোৱাৰিব। আনকি মাখীয়ে যদি সিহঁ তৰ ওচৰত থকা কোনো বস্তু এটা লৈ উৰা মাৰে, তেন্তে সেইটোকো সিহঁ তে কাঢ়ি নিবলৈ সক্ষম নহয় । যেতিয়া সিহঁ তে এটা মাখী পৰ্যতন্ সৃষ্টি কৰিব নোৱাৰে আৰু মাখীয়ে কিবা লৈ উৰা মাৰিলে সেইটো কাঢ়ি লোৱাৰো ক্ষমতা নাই তেন্তে এই কথা স্পষ্ট যে, ইয়াতকৈ ডাঙৰ কোনো কামেই সিহঁত কৰিবলৈ সক্ষম নহয় । যিহেতু সিহঁত অত্যন্ত অক্ষম, তেন্তে তোমালোকে সিহঁতৰ উপাসনা কেনেকৈ কৰা? দুৰ্বল এই অন্বে ষণকাৰী অৰ্থাৎ মূ ৰ্তিবোৰ, যিবোৰক পূজা পাঠ কৰা হয় । আৰু সেইবোৰো দুৰ্বল যিবোৰৰ ওচৰত অন্বে ষণ কৰা হয় অৰ্থাৎ সেই মাখীবোৰ।

مَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدْرِهِۦٓ ۗ إِنَّ ٱللَّهَ لَقَوِىٌّ عَزِيزٌ ﴿٧٤﴾

সিহঁ তে আল্লাহক যিদৰে সন্মান কৰা উচিত সেইদৰে সন্মান কৰা নাই, কিয় নো সিহঁ তে আল্লাহৰ সৈতে তেওঁৰ কিছু মান সৃষ্টি ৰো উপাসনা কৰে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান। তেওঁৰ শক্তি আৰু ক্ষমতাৰ এইটোৱেই প্ৰমাণ যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু কে সৃষ্টি কৰিছে। তেওঁ মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিব নোৱাৰে। পক্ষান্ত ৰে মু শ্বৰিকসকলৰ মূ ৰ্তিবোৰ হৈছে অতি দুৰ্বল, মৰ্যাদাহীন। একোৱেই সৃষ্টি কৰিব নোৱাৰে।

ٱللَّهُ يَصْطَفِى مِنَ ٱلْمَلَـٰٓئِكَةِ رُسُلًۭا وَمِنَ ٱلنَّاسِ ۚ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌۭ ﴿٧٥﴾

পৱিত্ৰ আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা কিছুমানক বাৰ্তাবাহক হিচাপে নিৰ্বাচিত কৰে। সেইদৰে মানুহৰ মাজৰ পৰাও কিছুমানক ৰাছুল হিচাপে মনোনীত কৰে। এতেকে কিছু মান ফিৰিস্তাক তেওঁ নবীসকলৰ ওচৰলৈ প্ৰে ৰণ কৰে। যেনে- জিব্ৰীল আলাইহিচ্ছালামক তেওঁ ৰাছু লসকলৰ ওচৰলৈ প্ৰে ৰণ কৰিছিল। আনহাতে মানৱৰাছু লসকলক মানৱজাতিৰপ্ৰ তি প্ৰে ৰণ কৰিছিল। নিশ্চয় আল্লাহে সেই যাৱতীয় কথাশ্ৰ ৱণ কৰে,মু শ্বৰিকসকলে بلغ আল-কোৰআন · তাফছীৰ যিবোৰকথাৰাছু লসকলৰবিষয়ে কয় । লগতে তেওঁ সদায় সেইসকলৰপ্ৰ তি দৃষ্টি ৰাখে,যিসকলক তেওঁ ৰাছু ল হিচাপে নিৰ্বাচিত কৰে।

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۗ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ ﴿٧٦﴾

তেওঁ ৰাছু লসকলৰ সৃষ্টি ৰ পূৰ্বৰ অৱস্থা আৰু মৃত্যুৰ পিছৰ অৱস্থা সম্পৰ্কে অৱগত, ফিৰিস্তাই হওক অথবা মানৱ। কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্ত ন কৰিব, যেতিয়া তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব। তেতিয়া তেওঁ বান্দাসকলক সিহঁ তৰকৰ্মৰপ্ৰ তিদান দিব।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱرْكَعُوا۟ وَٱسْجُدُوا۟ وَٱعْبُدُوا۟ رَبَّكُمْ وَٱفْعَلُوا۟ ٱلْخَيْرَ لَعَلَّكُمْ تُفْلِحُونَ ۩ ﴿٧٧﴾

হে আল্লাহৰপ্ৰ তি ঈমান পোষণকাৰী আৰু তেওঁৰচৰীয় তৰপ্ৰ তি আমলকাৰী লোকসকল! তোমালোকে চালাতত ৰুকু ছাজদাহ কেৱল আল্লাহৰবাবেই কৰিবা। তথা কল্যাণমূলক কাম কৰিবা, যেনে- দান খয় ৰাত আৰু আত্মীয় তাৰ বন্ধন অটুট ৰখা আদি। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, লগতে ভয় -ভীতিৰপৰা মু ক্তি পোৱা।

وَجَـٰهِدُوا۟ فِى ٱللَّهِ حَقَّ جِهَادِهِۦ ۚ هُوَ ٱجْتَبَىٰكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِى ٱلدِّينِ مِنْ حَرَجٍۢ ۚ مِّلَّةَ أَبِيكُمْ إِبْرَٰهِيمَ ۚ هُوَ سَمَّىٰكُمُ ٱلْمُسْلِمِينَ مِن قَبْلُ وَفِى هَـٰذَا لِيَكُونَ ٱلرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا۟ شُهَدَآءَ عَلَى ٱلنَّاسِ ۚ فَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَٱعْتَصِمُوا۟ بِٱللَّهِ هُوَ مَوْلَىٰكُمْ ۖ فَنِعْمَ ٱلْمَوْلَىٰ وَنِعْمَ ٱلنَّصِيرُ ﴿٧٨﴾

و আল্লাহৰ পথত নিৰ্ভে জালভাৱে তেওঁ ৰ সন্তু ষ্টি লাভৰ বাবে যুদ্ধ কৰা, তেওঁ তোমালোকক নিৰ্বাচিত কৰিছে, লগতে তোমালোকৰ ধৰ্মক উদাৰ বনাইছে, য’ত কোনো ধৰণৰ কঠোৰতা আৰু সংকীৰ্ণতা নাই। এই উদাৰ ধৰ্মটোৱে আছিল তোমালোকৰ পিতা ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্ম। আল্লাহেই তোমালোকৰ নাম পূৰ্বৱৰ্তী গ্ৰন্থসমূহত আৰু কোৰআনতো মুছলিম বুলি উল্লে খ কৰিছে। যাতে ৰাছু লে তোমালোকৰ বাবে সাক্ষী দিয়ে যে, তেওঁ তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছে, যিবোৰ পৌঁচাবলৈ তেওঁ ক দায়ি ত্বদিয়া হৈছিল। আনহাতে তোমালোকেও যাতে সাক্ষী দিব পাৰা যে, তোমালোকৰ পূৰ্বে অহা ৰাছু লসকলে নিজ নিজ দায়ি ত্বপালন কৰিছে। এতেকে ইয়াৰবাবেআল্লাহৰকৃ তজ্ঞতা জ্ঞাপন কৰিপৰিপূৰ্ণৰূপে নিয় মিতভাৱেচালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা, আল্লাহৰআশ্ৰ য় প্ৰাৰ্থনা কৰা, লগতে নিজৰসকলো কৰ্মত আল্লাহৰপ্ৰ তি ভৰসা কৰা। নিশ্চয় আল্লাহ হৈছে তেওঁৰওচৰত আশ্ৰ য় লোৱা মু মিনসকলৰ উত্তম সংৰক্ষক, তথা সহায় প্ৰাৰ্থনাকাৰীৰ বাবে উত্তম সহায় ক। এতেকে তেওঁ ৰ আশ্ৰ য় লোৱা, তেৱেঁই সুৰক্ষা প্ৰদান কৰিব, লগতে তেওঁ ৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, তেৱেঁই তোমালোকক সহায় কৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Hajj — الحج

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা