ٱقْتَرَبَ لِلنَّاسِ حِسَابُهُمْ وَهُمْ فِى غَفْلَةٍۢ مُّعْرِضُونَ ﴿١﴾
কিয়ামতৰ দিনা হ'বলগীয়া মানুহৰ হিচাপ-নিকাচৰ সময় অতি ক্ষীপ্ৰ তাৰে নিকটৱৰ্ত্তী হৈছে। তথাপিও মানুহে অৱহেলাত লিপ্ত হৈ আছে, আৰু আখিৰাতৰ পৰা বিমু খ হৈ পৃথিৱীকলৈ ব্যস্ত হৈ আছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Anbiyaa (21)
মক্কী · 112 আয়াত
ٱقْتَرَبَ لِلنَّاسِ حِسَابُهُمْ وَهُمْ فِى غَفْلَةٍۢ مُّعْرِضُونَ ﴿١﴾
কিয়ামতৰ দিনা হ'বলগীয়া মানুহৰ হিচাপ-নিকাচৰ সময় অতি ক্ষীপ্ৰ তাৰে নিকটৱৰ্ত্তী হৈছে। তথাপিও মানুহে অৱহেলাত লিপ্ত হৈ আছে, আৰু আখিৰাতৰ পৰা বিমু খ হৈ পৃথিৱীকলৈ ব্যস্ত হৈ আছে।
مَا يَأْتِيهِم مِّن ذِكْرٍۢ مِّن رَّبِّهِم مُّحْدَثٍ إِلَّا ٱسْتَمَعُوهُ وَهُمْ يَلْعَبُونَ ﴿٢﴾
যেতিয়াই সিহঁ তৰওচৰলৈ সিহঁ তৰপ্ৰ তিপালকৰতৰফৰপৰা কোৰআনৰকোনো নতু ন আয়াত অৱতীৰ্ণ হয় ,তেতিয়াই সিহঁ তে সেইটোক উপকৃ ত হোৱাৰ আশাৰে নু শুনে, বৰং অৱহেলা কৰি খেল-ধেমালিৰ সৈতে শ্ৰৱণ কৰে।
لَاهِيَةًۭ قُلُوبُهُمْ ۗ وَأَسَرُّوا۟ ٱلنَّجْوَى ٱلَّذِينَ ظَلَمُوا۟ هَلْ هَـٰذَآ إِلَّا بَشَرٌۭ مِّثْلُكُمْ ۖ أَفَتَأْتُونَ ٱلسِّحْرَ وَأَنتُمْ تُبْصِرُونَ ﴿٣﴾
সিহঁ তে সেইটোক শুনিছে ঠি কেই,কিন্তু সিহঁ তৰঅন্ত ৰহৈছে সম্পূৰ্ণৰূপে ইয়াৰপৰাঅমনোযোগী। অন্যায় কাৰীকাফিৰসকলে পৰস্পৰেকাণত ফু চফু চাই কয়ঃ নিজকে ৰাছু ল বুলি দাবী কৰা এই মানুহজন তোমালোকৰ দৰেই এজন মানুহ নহয় জানো? তেওঁ তোমালোকতকৈ পৃথক কোনো বৈশিষ্ট্যৰো অধিকাৰী নহয় । তেওঁ লৈ অহা বিষয় বোৰ হৈছে এক প্ৰকাৰ যাদু। এতেকে তোমালোকে এই কথা জনাৰ পিছতো তেওঁৰ অনুসৰণ কৰিবা নেকি যে, তেওঁ তোমালোকৰদৰেই এজন মানু হ, তথা তেওঁ যি লৈ আহিছে সেইবোৰহৈছে এক প্ৰকাৰযাদু?
قَالَ رَبِّى يَعْلَمُ ٱلْقَوْلَ فِى ٱلسَّمَآءِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ ﴿٤﴾
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে গোপনে কি আলোচনা কৰা সেই বিষয়ে মোৰ প্ৰতিপালক ভালকৈয়ে অৱগত। কিয় নো আকাশমণ্ডল আৰু পৃথিৱীত থকা প্ৰত্যেকৰে মুখৰ পৰা যি ওলায় সেই সম্পৰ্কে তেওঁ সম্যক অৱগত। তেওঁ নিজ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁ তৰআমল সম্পৰ্কে জ্ঞাত,তেৱেঁই সিহঁ তক ইয়াৰপ্ৰ তিদান দিব।
بَلْ قَالُوٓا۟ أَضْغَـٰثُ أَحْلَـٰمٍۭ بَلِ ٱفْتَرَىٰهُ بَلْ هُوَ شَاعِرٌۭ فَلْيَأْتِنَا بِـَٔايَةٍۢ كَمَآ أُرْسِلَ ٱلْأَوَّلُونَ ﴿٥﴾
দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেই সম্পৰ্কে সিহঁ তে দোধোৰমোধোৰ অৱস্থাত আছে, সেয়ে কেতিয়াবা কয়ঃএইবোৰ হৈছে মিশ্ৰি ত সপোন, যাৰ কোনো ব্যাখ্যা নাই। আকৌ কেতিয়াবা কয়ঃ এইবোৰৰ কোনো বাস্ত ৱিকতা নাই, মুহাম্মদে নিজেই এইবোৰ ৰচনা কৰিছে। আকৌ কেতিয়াবা কয়ঃ তেওঁ হৈছে এজন কবি। সঁচাই যদি তেওঁ এজন ৰাছু ল তেন্তে পূৰ্বৱৰ্তী ৰাছু লসকলৰ দৰে তেওঁ আমাৰ ওচৰলৈ কোনো মুযিঝা (অলৌকিকতা) লৈ অহা উচিত। পূৰ্বৱৰ্তী ৰাছু লসকলে মুযিঝা লৈ আহিছিল, যেনে মূছাই আনিছিল লাখুটি আৰু চলেহ আলাইহিচ্ছালামে আনিছিল উট।
مَآ ءَامَنَتْ قَبْلَهُم مِّن قَرْيَةٍ أَهْلَكْنَـٰهَآ ۖ أَفَهُمْ يُؤْمِنُونَ ﴿٦﴾
মুযিঝা দাবী কৰা এই ব্যক্তিসকলৰ পূৰ্বেও কিছু মান জনবসতি অতিবাহিত হৈছে যিসকলে মুযিঝা দাবী কৰিছিল কিন্তু সেইটো প্ৰকট হোৱাৰ পিছত সিহঁতে ঈমান পোষণ কৰা নাছিল। বৰং সিহঁতে সেইটোক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰিছিলোঁ। তেনে পৰিস্থি তিত এইসকল লোকে ঈমান আনিব বুলি কেনেকৈ আশা কৰিব পাৰি?
وَمَآ أَرْسَلْنَا قَبْلَكَ إِلَّا رِجَالًۭا نُّوحِىٓ إِلَيْهِمْ ۖ فَسْـَٔلُوٓا۟ أَهْلَ ٱلذِّكْرِ إِن كُنتُمْ لَا تَعْلَمُونَ ﴿٧﴾
হে ৰাছু ল! আমি আপোনাৰ পূৰ্বে প্ৰে ৰণ কৰা ৰাছু লসকল আছিল মানৱ সন্তান, যিসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ। আমি ফিৰিস্তাসকলক ৰাছু ল হিচাপে প্ৰে ৰণ কৰা নাছিলোঁ। যদি তোমালোকে নাজানা তেন্তে তোমালোকৰপূৰ্বে গ্ৰন্থপ্ৰাপ্ত আহলে কিতাবসকলক সুধিলোৱা। بلغ আল-কোৰআন · তাফছীৰ
وَمَا جَعَلْنَـٰهُمْ جَسَدًۭا لَّا يَأْكُلُونَ ٱلطَّعَامَ وَمَا كَانُوا۟ خَـٰلِدِينَ ﴿٨﴾
আমি প্ৰে ৰণ কৰা ৰাছু লসকলক এনেকু ৱা কোনো শৰীৰ দান কৰা নাছিলোঁ যে, তেওঁ লোকক পানাহাৰৰ প্ৰয়োজন নহ'ব। বৰং তেওঁ লোকেও আন আন লোকসকলৰ দৰেই খোৱা-বোৱা কৰিছিল। তথা তেওঁ লোক এনেকু ৱাও নাছিল যে, পৃথিৱীত অমৰ হৈ থাকিব আৰু কেতিয়াও মৃ ত্যুবৰণ নকৰিব।
ثُمَّ صَدَقْنَـٰهُمُ ٱلْوَعْدَ فَأَنجَيْنَـٰهُمْ وَمَن نَّشَآءُ وَأَهْلَكْنَا ٱلْمُسْرِفِينَ ﴿٩﴾
তাৰ পিছত ৰাছু লসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আমি তেওঁলোকক আৰু মুমিনসকলৰ মাজৰ যিসকলক ইচ্ছা কৰিছিলোঁ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। আল্লাহৰলগত কু ফৰী কৰা তথা গুনাহৰকৰ্মত লিপ্ত হৈ সীমালঙ্ঘন কৰা লোকসকলক ধ্বংস কৰিছিলোঁ।
لَقَدْ أَنزَلْنَآ إِلَيْكُمْ كِتَـٰبًۭا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ ﴿١٠﴾
নিশ্চয় আমি তোমালোকৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যদি তোমালোকে ইয়াক সত্য বুলি মানি লোৱা আৰু ইয়াৰ মাজত যি আছে তাৰ প্ৰতি আমল কৰা তেন্তে তোমালোকে নিশ্চয় মান-মৰ্যাদাৰ অধিকাৰী হ'বা। তোমালোকে এই কথাষাৰ বুজি নোপোৱানে? তেন্তে তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ মাজত থকা শিক্ষা অনু সাৰে আমল কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত। وكم قصمنا من قريةكانت ظالمة وأنشأنا بعدها قوما ءاخرين
وَكَمْ قَصَمْنَا مِن قَرْيَةٍۢ كَانَتْ ظَالِمَةًۭ وَأَنشَأْنَا بَعْدَهَا قَوْمًا ءَاخَرِينَ ﴿١١﴾
বহুতো এনেকু ৱা জনবসতিক আমি ধ্বংস কৰিছোঁ যিসকলে কু ফৰী কৰাৰজৰিয় তে অন্যায় কৰিছিল। আৰুসিহঁ তৰপিছত আমি অন্য সম্প্ৰ দায় ক সৃষ্টি কৰিছিলোঁ।
فَلَمَّآ أَحَسُّوا۟ بَأْسَنَآ إِذَا هُم مِّنْهَا يَرْكُضُونَ ﴿١٢﴾
এতেকে আমাৰ শাস্তি ৰ দ্বাৰা ধ্বংস হোৱা লোকসকলে যেতিয়া নিজ চকু ৰে শাস্তি প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁ তে ধ্বংস হোৱাৰ পৰা ৰক্ষা পাবলৈ গাওঁ এৰিপলায় ন কৰিবলৈ ধৰিলে।
لَا تَرْكُضُوا۟ وَٱرْجِعُوٓا۟ إِلَىٰ مَآ أُتْرِفْتُمْ فِيهِ وَمَسَـٰكِنِكُمْ لَعَلَّكُمْ تُسْـَٔلُونَ ﴿١٣﴾
এতেকে সিহঁ তক উপহাস কৰি কোৱা হ'লঃ দৌৰি পলায় ন নকৰিবা, বৰং তোমালোকে নিজৰ ভোগ-সামগ্ৰীৰ প্ৰতি উভতি যোৱা, যিবোৰ তোমালোকে উপভোগ কৰি আছিলা, তথা নিজৰ বাসস্থানলৈ উভতি যোৱা যাতে তোমালোকক তোমালোকৰ পাৰ্থিৱ জীৱন সম্পৰ্কে সোধ-পোচ কৰিব পৰা যায় ।
قَالُوا۟ يَـٰوَيْلَنَآ إِنَّا كُنَّا ظَـٰلِمِينَ ﴿١٤﴾
অন্যায় কাৰী এই লোকসকলে নিজৰগুনাহ স্বীকাৰকৰিক'লেঃহায় আমাৰবিনাশ আৰুক্ষতিগ্ৰ তস্তা! নিশ্চয় আমি অন্যায় কাৰী আছিলোঁ,কাৰণ আমি আল্লাহৰ লগত কু ফৰী কৰিছিলোঁ। فما زالت تلك دعوىهم حت جعلنهم حصيدا خمدين
فَمَا زَالَت تِّلْكَ دَعْوَىٰهُمْ حَتَّىٰ جَعَلْنَـٰهُمْ حَصِيدًا خَـٰمِدِينَ ﴿١٥﴾
ইয়াৰ পিছত একেলেঠাৰিয়ে সিহঁ তে নিজৰ গুনাহ স্বীকাৰ কৰিবলৈ ধৰিলে আৰু ধ্বংসৰ কাৰণে নিজৰ প্ৰতি অভিশাপ কৰিবলৈ ধৰিলে, অৱশেষত আমি সিহঁ তক চপাই লোৱা খেতিৰ নিচিনা কৰি পেলালোঁ। সিহঁ ত মৃ ত অৱস্থাত পৰি আছিল, কোনো ধৰণৰ লৰচৰ কৰা নাছিল। بلغ আল-কোৰআন · তাফছীৰ
وَمَا خَلَقْنَا ٱلسَّمَآءَ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا لَـٰعِبِينَ ﴿١٦﴾
আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু ক আমি খেল-ধেমালিৰ বাবে অথবা উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই, বৰং সেইবোৰক আমি আমাৰক্ষমতাআৰুসামৰ্থ প্ৰমাণ কৰিবলৈহে সৃষ্টি কৰিছোঁ।
لَوْ أَرَدْنَآ أَن نَّتَّخِذَ لَهْوًۭا لَّٱتَّخَذْنَـٰهُ مِن لَّدُنَّآ إِن كُنَّا فَـٰعِلِينَ ﴿١٧﴾
পত্নী অথবা পুত্ৰ গ্ৰহণ কৰাৰ যদি আমাৰ ইচ্ছা থাকিলহেঁ তেন, তেন্তে আমি আমাৰ ফালৰ পৰাই গ্ৰহণ কৰিলোঁহেঁ তেন। কিন্তু আমি এইটো কেতিয়াও নকৰোঁ, কাৰণ আমি ইয়াৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ।
بَلْ نَقْذِفُ بِٱلْحَقِّ عَلَى ٱلْبَـٰطِلِ فَيَدْمَغُهُۥ فَإِذَا هُوَ زَاهِقٌۭ ۚ وَلَكُمُ ٱلْوَيْلُ مِمَّا تَصِفُونَ ﴿١٨﴾
বৰং আমি ৰাছু লৰ প্ৰতি প্ৰে ৰণ কৰা সত্যক কাফিৰসকলৰ বাতিলৰ ওপৰত নিক্ষেপ কৰোঁ, ফলত বাতিল চূ ৰ্ণ-বিচূ ৰ্ণহৈ যায় আৰু ধ্বংসস্তু পত পৰিণত হয় । হেৰা আল্লাহৰ স্ত্ৰী আৰু পুত্ৰ দাবী কৰা ব্যক্তিসকল! তোমালোকৰ বাবে আছে বিনাশ, কিয় নো তোমালোকে এনেকু ৱা কথা কৈছা, যিটোৰ লগত আল্লাহৰকোনোসম্পৰ্ক নাই তেওঁ অতি পৱিত্ৰ।
وَلَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَمَنْ عِندَهُۥ لَا يَسْتَكْبِرُونَ عَنْ عِبَادَتِهِۦ وَلَا يَسْتَحْسِرُونَ ﴿١٩﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ মহান আল্লাহৰ। তেওঁৰ ওচৰত থকা ফিৰিস্তাসকলে তেওঁৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ নকৰে, তথা ক্লান্ত বোধো নকৰে।
يُسَبِّحُونَ ٱلَّيْلَ وَٱلنَّهَارَ لَا يَفْتُرُونَ ﴿٢٠﴾
তেওঁ লোকে সদায় আল্লাহৰপৱিত্ৰতাৰগুণগান কৰে। কেতিয়াও বিৰক্ত নহয় ।
أَمِ ٱتَّخَذُوٓا۟ ءَالِهَةًۭ مِّنَ ٱلْأَرْضِ هُمْ يُنشِرُونَ ﴿٢١﴾
বৰং মুশ্বৰিকসকলে আল্লাহক এৰি এনেকু ৱা কিছু মান উপাস্য বনাই লৈছে, যিবোৰে কেতিয়াও মৃতক জীৱিত কৰিবলৈ সক্ষম নহয় । তেন্তে সিহঁ তে কেনেকৈ এই অপাৰগ উপাস্যবোৰৰ উপাসনা কৰে?!
لَوْ كَانَ فِيهِمَآ ءَالِهَةٌ إِلَّا ٱللَّهُ لَفَسَدَتَا ۚ فَسُبْحَـٰنَ ٱللَّهِ رَبِّ ٱلْعَرْشِ عَمَّا يَصِفُونَ ﴿٢٢﴾
আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ বাহিৰে যদি একাধিক উপাস্য থাকিলহেঁ তেন, তেন্তে নিশ্চয় পৰিচালনাত মতানৈক্য সৃষ্টি হ'লহেঁ তেন। প্ৰকৃ ততে বাস্ত ৱতা ইয়াৰ বিপৰীত। এতেকে জানি থোৱা! আৰচৰ প্ৰতিপালক মহান আল্লাহ মু শ্বৰিকসকলৰ মিছা অপবাদৰ পৰা পৱিত্ৰ, তেওঁ ৰ কোনো অংশীদাৰ নাই। لا يسٔل عما يفعل وهم يسٔلون
لَا يُسْـَٔلُ عَمَّا يَفْعَلُ وَهُمْ يُسْـَٔلُونَ ﴿٢٣﴾
মহান আল্লাহ হৈছে তেওঁৰ ৰাজত্ব আৰু সিদ্ধান্ত ত একক তথা অদ্বি তীয় । তেওঁৰ কোনো ফয় চালা আৰু সিদ্ধান্ত ৰ বিষয়ে কোনেও তেওঁক সোধ-পোচ কৰিবলৈ সক্ষম নহয় । আনহাতে তেওঁ বান্দাসকলক সিহঁ তৰকৰ্ম সম্পৰ্কে জবাবদিহি কৰিব,তথাসিহঁ তক সিহঁ তৰকৰ্মৰপ্ৰ তিফল দান কৰিব। بلغ আল-কোৰআন · তাফছীৰ
أَمِ ٱتَّخَذُوا۟ مِن دُونِهِۦٓ ءَالِهَةًۭ ۖ قُلْ هَاتُوا۟ بُرْهَـٰنَكُمْ ۖ هَـٰذَا ذِكْرُ مَن مَّعِىَ وَذِكْرُ مَن قَبْلِى ۗ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ ٱلْحَقَّ ۖ فَهُم مُّعْرِضُونَ ﴿٢٤﴾
বৰং সিহঁ তে আল্লাহক এৰি বহুতো উপাস্য বনাই লৈছে। হে ৰাছু ল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয় কঃ তোমালোকে প্ৰমাণ কৰাচোন যে, এই উপাস্যবোৰইবাদতৰযোগ্য। চোৱা! এই হৈছে মোৰওপৰত অৱতীৰ্ণ হোৱা কিতাব(আল-কোৰআন) আৰুইয়াৰপূৰ্বে আন আন ৰাছু লসকলৰওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰভিতৰতো এই সম্পৰ্কে তোমালোকৰকোনো প্ৰমাণ নাই। প্ৰকৃ ততে অধিকাংশ মুশ্বৰিকেই অজ্ঞানতা আৰুপিতৃ পুৰুষসকলৰ অন্ধানু কৰণত পৰিচালিত, সেইকাৰণেই সিহঁ তে সত্যৰপৰা বিমু খ হৈ আছে।
وَمَآ أَرْسَلْنَا مِن قَبْلِكَ مِن رَّسُولٍ إِلَّا نُوحِىٓ إِلَيْهِ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّآ أَنَا۠ فَٱعْبُدُونِ ﴿٢٥﴾
হে ৰাছু ল! আমি আপোনাৰ পূৰ্বেও ৰাছু ল প্ৰে ৰণ কৰিছিলোঁ, আৰু তেওঁৰ প্ৰতি অহী কৰিছিলোঁ যে, মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই; সেয়ে কেৱল মোৰেই ইবাদত কৰা তথা আন কাকো মোৰ লগত অংশী নকৰিবা।
وَقَالُوا۟ ٱتَّخَذَ ٱلرَّحْمَـٰنُ وَلَدًۭا ۗ سُبْحَـٰنَهُۥ ۚ بَلْ عِبَادٌۭ مُّكْرَمُونَ ﴿٢٦﴾
মু শ্বৰিকসকলে কয়ঃ আল্লাহে ফিৰিস্তাসকলক নিজৰ জীয়াৰী বনাই লৈছে। আল্লাহ সিহঁ তৰ এনেকু ৱা মিছা অপবাদৰ পৰা পৱিত্ৰ। প্ৰকৃ ত সত্যটো হৈছে এই যে, ফিৰিস্তাসকল হৈছে আল্লাহৰবান্দা। আল্লাহৰওচৰত তেওঁ লোক হৈছে সন্মানিত তথা নৈকট্যপ্ৰাপ্ত ।
لَا يَسْبِقُونَهُۥ بِٱلْقَوْلِ وَهُم بِأَمْرِهِۦ يَعْمَلُونَ ﴿٢٧﴾
তেওঁ লোকে নিজ প্ৰতিপালকৰআগধৰিনামাতে। তেওঁ ৰঅনু মতি নোহোৱাকৈ তেওঁ লোকে কোনো কথাই নকয় , তেওঁ লোকে তেওঁ ৰ আদেশ অনু সৰিহে কাম কৰে। তেওঁ ৰ কোনো আদেশকে উলঙ্ঘা নকৰে।
يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يَشْفَعُونَ إِلَّا لِمَنِ ٱرْتَضَىٰ وَهُم مِّنْ خَشْيَتِهِۦ مُشْفِقُونَ ﴿٢٨﴾
তেওঁলোকৰ আগৰ পিছৰ সকলো কৰ্ম সম্পৰ্কে তেওঁ অৱগত। তেওঁলোকে (কিয়ামতৰ দিনা) সেই ব্যক্তিৰ সপক্ষে মধ্যস্ত তা কৰিব, যাৰ বাবে মধ্যস্ত তা কৰাৰঅনুমতি আল্লাহে প্ৰদান কৰিব, তথা তেওঁৰমধ্যস্তাত আল্লাহ সন্তু ষ্টহ'ব। তেওঁলোকে আল্লাহৰভয় ত ভীত-সন্ত্ৰ তস্ হৈ থাকে। এতেকে তেওঁলোকে তেওঁ ৰ কোনো আদেশ তথা নিষেধক অমান্য নকৰে।
۞ وَمَن يَقُلْ مِنْهُمْ إِنِّىٓ إِلَـٰهٌۭ مِّن دُونِهِۦ فَذَٰلِكَ نَجْزِيهِ جَهَنَّمَ ۚ كَذَٰلِكَ نَجْزِى ٱلظَّـٰلِمِينَ ﴿٢٩﴾
ধৰি লোৱা যদি কোনো ফিৰিস্তাই দাবী কৰে যে, আল্লাহৰ বাহিৰে নিশ্চয় ময়ে ই উপাস্য তেন্তে আমি তাক তাৰ এই অসত্য দাবীৰ কাৰণে কিয়ামতৰ দিনা জাহান্নামৰশাস্তি প্ৰদান কৰিম, য’ত সি চিৰকাল অৱস্থান কৰিব। কু ফৰআৰুশ্বিৰ্ক ৰজৰিয় তে অত্যাচাৰকৰা লোকসকলক আমি এনেকৈয়ে প্ৰতিদান দিওঁ ।
أَوَلَمْ يَرَ ٱلَّذِينَ كَفَرُوٓا۟ أَنَّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ كَانَتَا رَتْقًۭا فَفَتَقْنَـٰهُمَا ۖ وَجَعَلْنَا مِنَ ٱلْمَآءِ كُلَّ شَىْءٍ حَىٍّ ۖ أَفَلَا يُؤْمِنُونَ ﴿٣٠﴾
يؤمنون আল্লাহক অস্বীকাৰকাৰী লোকসকলে নাজানে নেকি যে, আকাশমণ্ডল আৰু পৃথিৱী এটা সময় ত মিলিত আছিল, বৰষুণ পৰিবলৈ উভয় ৰ মাজত কোনো খালী ঠাই নাছিল। ইয়াৰ পিছত আমি উভয় ক পৃথক কৰি দিলোঁ। তথা আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণৰ পানীৰে সকলো প্ৰকাৰৰ জীৱ-জন্তু আৰু গছ-গছনি উৎপন্ন কৰিলোঁ। সিহঁ তে এইবোৰৰপৰাকিয় শিক্ষানলয় ,তথাএক আল্লাহৰপ্ৰ তি ঈমান কিয় পোষণ নকৰে?! بلغ আল-কোৰআন · তাফছীৰ
وَجَعَلْنَا فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِهِمْ وَجَعَلْنَا فِيهَا فِجَاجًۭا سُبُلًۭا لَّعَلَّهُمْ يَهْتَدُونَ ﴿٣١﴾
পৃথিৱীত আমি সুদৃঢ় পৰ্বত স্থাপন কৰিছোঁ,যাতে পৃথিৱীয়ে তাৰওপৰত বসবাস কৰালোকসকলকলৈ কম্পিত নহয় । লগতে পৃথিৱীত বনাই দিছোঁপ্ৰ শস্ত পথ,যাতে মানু হে ভ্ৰমণত অতি সহজেই গন্ত ব্যস্থ লত উপনীত হ'বপাৰে।
وَجَعَلْنَا ٱلسَّمَآءَ سَقْفًۭا مَّحْفُوظًۭا ۖ وَهُمْ عَنْ ءَايَـٰتِهَا مُعْرِضُونَ ﴿٣٢﴾
আৰু আমি আকাশখনক খুঁটাবিহীন সুৰক্ষিত চাদ বনাইছোঁ। তথা সুৰক্ষিত কৰিছোঁ চয় তানৰ গোপনে কথাপোকথন শুনাৰ পৰা। মুশ্বৰিকসকলে আকাশত থকা নিদৰ্শনসমূ হ (যেনেঃ চন্দ্ৰ , সূৰ্য আদি)ৰل পৰা বিমু খ হৈ আছে, সেইবোৰৰ পৰা শিক্ষা নলয় ।
وَهُوَ ٱلَّذِى خَلَقَ ٱلَّيْلَ وَٱلنَّهَارَ وَٱلشَّمْسَ وَٱلْقَمَرَ ۖ كُلٌّۭ فِى فَلَكٍۢ يَسْبَحُونَ ﴿٣٣﴾
একমাত্ৰ আল্লাহেই বিশ্ৰামৰ বাবে ৰাতি সৃষ্টি কৰিছে, আৰু দিন সৃষ্টি কৰিছে জীৱিকা উপাৰ্জ নৰ বাবে। সূৰ্যক সৃষ্টি কৰিছে দিনৰ প্ৰতীক হিচাপে, আনহাতে চন্দ্ৰ ক সৃষ্টি কৰিছে ৰাতিৰপ্ৰ তীক হিচাপে। চন্দ্ৰ ,সূৰ্য প্ৰত্যেকেই নিজ নিজ কক্ষপথত ঘূৰিআছে। কোনেও নিজ নিজ কক্ষপথৰপৰাআঁতৰিনাযায় ।
وَمَا جَعَلْنَا لِبَشَرٍۢ مِّن قَبْلِكَ ٱلْخُلْدَ ۖ أَفَإِي۟ن مِّتَّ فَهُمُ ٱلْخَـٰلِدُونَ ﴿٣٤﴾
হে ৰাছু ল! আপোনাৰ পূৰ্বে আগমন কৰা আমি কোনো ৰাছু লকেই অমৰত্ব দান কৰা নাই। এতেকে যদি আপোনাৰ জীৱনৰ সমাপ্তি ঘটে তথা আপুনি মৃ ত্যুবৰণ কৰে তেন্তে এইসকল লোকে আপোনাৰ পিছত অমৰত্ব লাভ কৰিব নেকি? নহয় , কদাপিও নহয় ।
كُلُّ نَفْسٍۢ ذَآئِقَةُ ٱلْمَوْتِ ۗ وَنَبْلُوكُم بِٱلشَّرِّ وَٱلْخَيْرِ فِتْنَةًۭ ۖ وَإِلَيْنَا تُرْجَعُونَ ﴿٣٥﴾
প্ৰত্যেক মানু হেই, মু মিন হওক অথবা কাফিৰ পৃথিৱীত মৃ ত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। হে মানৱজাতি! পাৰ্থিৱ জীৱনত আমি তোমালোকক চৰীয় ত পালনৰ দায়ি ত্বপ্ৰদান কৰি তথা নিয়ামত দান কৰি আৰু বিভিন্ন আপদ-বিপদত পেলাই পৰীক্ষা কৰিম। জানি থোৱা! তোমালোকৰ মৃত্যুৰ পিছত মোৰ ফালেই উভতি আহিব লাগিব, তেতিয়া আমি তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিম।
وَإِذَا رَءَاكَ ٱلَّذِينَ كَفَرُوٓا۟ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَـٰذَا ٱلَّذِى يَذْكُرُ ءَالِهَتَكُمْ وَهُم بِذِكْرِ ٱلرَّحْمَـٰنِ هُمْ كَـٰفِرُونَ ﴿٣٦﴾
হে ৰাছুল! এই মুশ্বৰিকসকলে যেতিয়া আপোনাক দেখা পায় , তেতিয়া আপোনাকলৈ উপহাস কৰে, আৰু এই বুলি কৈ সিহঁতৰ অনুসাৰীসকলক আপোনাৰ পৰা আঁতৰাই ৰাখে যে, “এইজনেই সেই ব্যক্তি নেকি যিয়ে তোমালোকৰ উপাস্যবোৰক গালি-শপনি পাৰে, যিবোৰক তোমালোকে উপাসনা কৰা?” সিহঁ তে আপোনাৰ লগত ঠাট্টা কৰাৰ লগতে সিহঁ তৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনকো অস্বীকাৰ কৰে, তথা আল্লাহৰ নিয়ামতসমূ হৰ অকৃ তজ্ঞতা কৰে। গতিকে,যিহেতু সিহঁ তৰমাজতেই দোষ-ত্ৰুটি ৰেপৰিপূৰ্ণ,সেয়ে সিহঁ তেই গৰিহণাৰযোগ্য।
خُلِقَ ٱلْإِنسَـٰنُ مِنْ عَجَلٍۢ ۚ سَأُو۟رِيكُمْ ءَايَـٰتِى فَلَا تَسْتَعْجِلُونِ ﴿٣٧﴾
মানুহ জন্মগতভাৱে খৰধৰ প্ৰৱণতা সম্পন্ন। সিহঁ তে সময় ৰ পূৰ্বেই খৰধৰ কৰিবলৈ ধৰে। উদাহৰণস্বৰূপে মুশ্বৰিকসকলে শাস্তি ৰ বাবে কৰা খৰধৰ। (মোৰ শাস্তি ৰ বাবে খৰধৰ কৰা হে লোকসকল!) যিটো শাস্তি ৰ বাবে তোমালোকে খৰধৰ কৰি আছা, সেইটো শীঘ্ৰে ই মই তোমালোকক দেখুৱাম। গতিকে সেইটোৰ বাবে তোমালোকে খৰধৰ কৰিব নালাগে।
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٣٨﴾
পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰসকলে খৰধৰ কৰি কয়ঃ হে মু ছলিমসকল! যদি তোমালোকে এই দাবীত সত্যবাদী যে, আমি পুনৰ জীৱিত হ’বই লাগিব তেন্তে কোৱাচোন! এইটোকেতিয়াসংঘটি ত হ’ব?! بلغ আল-কোৰআন · তাফছীৰ
لَوْ يَعْلَمُ ٱلَّذِينَ كَفَرُوا۟ حِينَ لَا يَكُفُّونَ عَن وُجُوهِهِمُ ٱلنَّارَ وَلَا عَن ظُهُورِهِمْ وَلَا هُمْ يُنصَرُونَ ﴿٣٩﴾
পুনৰুত্থানক অস্বীকাৰ কৰা এই কাফিৰসকলে যদি সেই সময় ৰ অৱস্থা সম্পৰ্কে অৱগত হ'লহেঁ তেন, যেতিয়া সিহঁ তে নিজৰ মু খমণ্ডল আৰু পিঠি ক জুইৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, সেইদিনা সিহঁতৰ কোনো সহায় ক নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব। যদি সিহঁতে এই বিষয় টোক বিশ্বাস কৰিলেহেঁ তেন তেন্তে কেতিয়াওসিহঁ তে শাস্তি ৰবাবেখৰধৰনকৰিলেহেঁ তেন। بل تأتيهم بغتةفتبهتهم فلا يستطيعون ردها ولا هم ينظرون
بَلْ تَأْتِيهِم بَغْتَةًۭ فَتَبْهَتُهُمْ فَلَا يَسْتَطِيعُونَ رَدَّهَا وَلَا هُمْ يُنظَرُونَ ﴿٤٠﴾
এই জুই, যিটোৰজৰিয় তে সিহঁ তক শাস্তি প্ৰদান কৰা হ’ব, এনেকৈ হঠাৎ আগমন কৰিবযে, সিহঁ তে উপলব্ধিও কৰিবনোৱাৰিব। সিহঁ তে সেই শাস্তি ক প্ৰতিৰোধো কৰিব নোৱাৰিব, আৰু ইমানখিনিও সুযোগ নাপাব যে, তাওবা কৰি ল’ব তথা আল্লাহৰ দয়াৰ উপযুক্ত হ’ব।
وَلَقَدِ ٱسْتُهْزِئَ بِرُسُلٍۢ مِّن قَبْلِكَ فَحَاقَ بِٱلَّذِينَ سَخِرُوا۟ مِنْهُم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٤١﴾
হে ৰাছু ল! যদি আপোনাৰসম্প্ৰ দায়ে আপোনাক উপহাস কৰিআছে তেন্তে এয়া কোনো নতু ন কথা নহয় , আপোনাৰপূৰ্বেও বহুতো ৰাছু লৰলগত ঠাট্টা- মস্কৰা কৰা হৈছিল। সেই কাফিৰসকলৰ মাজৰ যিসকলে উপহাস কৰিছিল, সিহঁ তক সেই শাস্তি য়ে ই আগুৰি ধৰিছিল, যি শাস্তি ৰ পৰা ৰাছু লে সিহঁ তক সতৰ্ক কৰাত সিহঁ তে উপহাস কৰিছিল।
قُلْ مَن يَكْلَؤُكُم بِٱلَّيْلِ وَٱلنَّهَارِ مِنَ ٱلرَّحْمَـٰنِ ۗ بَلْ هُمْ عَن ذِكْرِ رَبِّهِم مُّعْرِضُونَ ﴿٤٢﴾
হে ৰাছু ল! খৰখেদাকৈ যিসকলে শাস্তি বিচাৰি আছে সিহঁ তক আপুনি কৈ দিয় কঃ ৰহমানে যদি তোমালোকক শাস্তি অৱতীৰ্ণ কৰি ধ্বংস কৰিব বিচাৰে তেন্তে কোৱাচোন, ৰাতি অথবা দিনৰভাগতেই হওক তোমালোকক কোনে সুৰক্ষা প্ৰদান কৰিব? বৰংসিহঁ ত নিজ প্ৰতিপালকৰউপদেশ আৰু প্ৰমাণৰ পৰা বিমু খ হৈ আছে। নিজৰ মু ৰ্খতা আৰু নিৰ্বোধতাৰ কাৰণে এই সম্পৰ্কে অকণো চিন্তা-চৰ্চা নকৰে।
أَمْ لَهُمْ ءَالِهَةٌۭ تَمْنَعُهُم مِّن دُونِنَا ۚ لَا يَسْتَطِيعُونَ نَصْرَ أَنفُسِهِمْ وَلَا هُم مِّنَّا يُصْحَبُونَ ﴿٤٣﴾
সিহঁ তৰ এনেকু ৱা কিছু মান উপাস্য আছে নেকি, যিবোৰে সিহঁ তক মোৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব? সেইবোৰে দেখোন নিজকেই ক্ষতিৰ পৰা ৰক্ষা কৰিব নোৱাৰে, তথা কোনো উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে যিয়ে নিজৰ বাবে কল্যাণ কঢ়ি য়াই আনিব নোৱাৰে, সি কেনেকৈ আনক সহায় কৰিব? (জানি থোৱা) সিহঁ তক কোনেও আমাৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব নোৱাৰিব।
بَلْ مَتَّعْنَا هَـٰٓؤُلَآءِ وَءَابَآءَهُمْ حَتَّىٰ طَالَ عَلَيْهِمُ ٱلْعُمُرُ ۗ أَفَلَا يَرَوْنَ أَنَّا نَأْتِى ٱلْأَرْضَ نَنقُصُهَا مِنْ أَطْرَافِهَآ ۚ أَفَهُمُ ٱلْغَـٰلِبُونَ ﴿٤٤﴾
বৰং আমি এইসকল কাফিৰ আৰু ইহঁ তৰ পিতৃ পুৰুষসকলক অৱকাশ প্ৰদান কৰি পাৰ্থিৱ জীৱনত নিয়ামত উপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিছিলোঁ, সময় টো অলপ দীঘলীয়া আছিল কাৰণে সিহঁ তে প্ৰতাৰণাত পতিত হৈছিল আৰু কু ফৰীত অটল আছিল। আমাৰ নিয়ামতসমূহৰ দ্বাৰা প্ৰবঞ্চিত হোৱা আৰু আমাৰ শাস্তি শীঘ্ৰে কামনা কৰা কাফিৰসকলে দেখা নাপায় নেকি যে, আমি পৃথিৱীৰ অধিবাসীসকলক পৰাজিত কৰি পৃথিৱীক কেউফালৰ পৰা সংকু চিত কৰিআনি আছোঁ। যাতে সিহঁ তে শিক্ষা লাভ কৰেযে, সেই অৱস্থা যাতে সিহঁ তৰো নহয় যিটো আনৰহৈছে? এতেকে ইহঁ ত বিজয়ী নহয় , বৰং ইহঁ ত হৈছে পৰাজিত।
قُلْ إِنَّمَآ أُنذِرُكُم بِٱلْوَحْىِ ۚ وَلَا يَسْمَعُ ٱلصُّمُّ ٱلدُّعَآءَ إِذَا مَا يُنذَرُونَ ﴿٤٥﴾
হে ৰাছু ল! আপুনি কওক, হে মানৱজাতি! মই তোমালোকক আল্লাহৰ শাস্তি ৰ পৰা সেই অহীৰ দ্বাৰা সতৰ্ক কৰোঁ, যি অহী মোৰ প্ৰতিপালকে মোৰ প্ৰতি প্ৰে ৰণ কৰে। কিন্তু যিসকলে সত্য শুনাৰ যোগ্যতাৰ পৰা বঞ্চিত হৈছে, সেইসকল লোকক যেতিয়া সত্যৰ পৰা সতৰ্ক কৰা হয় , তেতিয়া সিহঁ তে আমল কৰাৰ মানসিকতাৰে নু শুনে। بلغ আল-কোৰআন · তাফছীৰ
وَلَئِن مَّسَّتْهُمْ نَفْحَةٌۭ مِّنْ عَذَابِ رَبِّكَ لَيَقُولُنَّ يَـٰوَيْلَنَآ إِنَّا كُنَّا ظَـٰلِمِينَ ﴿٤٦﴾
হে ৰাছু ল! শাস্তি ৰবাবেখৰধৰকৰা এই লোকসকলক যদি আপোনাৰপ্ৰ তিপালকৰশাস্তি ৰঅলপো অংশই স্পৰ্শ কৰেতেন্তে সিহঁ তে নিশ্চয় ক'বঃহায় আমাৰ ধ্বংস আৰু বিনাশ! আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয় তক অস্বীকাৰ কৰি নিশ্চয় আমি অন্যায় কৰিছিলোঁ।
وَنَضَعُ ٱلْمَوَٰزِينَ ٱلْقِسْطَ لِيَوْمِ ٱلْقِيَـٰمَةِ فَلَا تُظْلَمُ نَفْسٌۭ شَيْـًۭٔا ۖ وَإِن كَانَ مِثْقَالَ حَبَّةٍۢ مِّنْ خَرْدَلٍ أَتَيْنَا بِهَا ۗ وَكَفَىٰ بِنَا حَـٰسِبِينَ ﴿٤٧﴾
حسبين আমি কিয়ামতৰ দিনা মানু হৰ আমল ওজন কৰিবলৈ সঠি ক তু লাচনী প্ৰতিষ্ঠা কৰিম। সেইদিনা কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কাৰো প্ৰতি অন্যায় কৰানহ'ব। অণু পৰিমাণ কৰ্মকোসেইদিনাআমি উপস্থাপন কৰিম। বান্দাৰআমল হিচাপ কৰিবলৈ আমিয়ে যথেষ্ট ।
وَلَقَدْ ءَاتَيْنَا مُوسَىٰ وَهَـٰرُونَ ٱلْفُرْقَانَ وَضِيَآءًۭ وَذِكْرًۭا لِّلْمُتَّقِينَ ﴿٤٨﴾
নিশ্চয় আমি মূছা আৰু হাৰূন আলাইহিমাচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ। যিখন আছিল সত্য আৰু অসত্যৰ মাজত তথা হালাল আৰু হাৰামৰ মাজত পাৰ্থক্যকাৰী গ্ৰন্থ। সেইখন আছিল মু মিনসকলৰবাবেহিদায় ত আৰু মু ত্ত্বাক্বীসকলৰবাবেউপদেশমূ লক গ্ৰন্থ।
ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ وَهُم مِّنَ ٱلسَّاعَةِ مُشْفِقُونَ ﴿٤٩﴾
যিসকলে নিজ প্ৰতিপালকৰ সেই শাস্তি ক ভয় কৰে, যিটোক তেওঁ লোকে স্বচক্ষে দেখা পোৱা নাই কিন্তু বিশ্বাস কৰে। লগতে তেওঁ লোকে কিয়ামতক ভয় কৰে।
وَهَـٰذَا ذِكْرٌۭ مُّبَارَكٌ أَنزَلْنَـٰهُ ۚ أَفَأَنتُمْ لَهُۥ مُنكِرُونَ ﴿٥٠﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন, সেইসকল লোকৰ বাবে উপদেশ আৰু নচিহত, যিসকলে উপদেশ গ্ৰহণ কৰিব বিচাৰে, এইখন হৈছে মহা লাভদায় ক তথা বৰকতম গ্ৰন্থ। ইয়াৰ পিছতো তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে? ইয়াৰ মাজত থকা শিক্ষাক স্বীকাৰ নকৰিবানে আৰু তাৰপ্ৰ তি আমল নকৰিবানে?
۞ وَلَقَدْ ءَاتَيْنَآ إِبْرَٰهِيمَ رُشْدَهُۥ مِن قَبْلُ وَكُنَّا بِهِۦ عَـٰلِمِينَ ﴿٥١﴾
নিশ্চয় আমি ইব্ৰাহীমক শৈশৱকালতে তেওঁৰজাতিৰবিৰুদ্ধে প্ৰমাণ প্ৰদান কৰিছিলোঁ,আমি তেওঁৰবিষয়ে ভালদৰেই অৱগত আছিলোঁ। সেয়ে আমি তেওঁ ক তেওঁ ৰজাতিৰবিৰুদ্ধে সেইবোৰপ্ৰ মাণ প্ৰদান কৰিছিলোঁ, যিবোৰৰতেওঁ উপযুক্ত আছিল।
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَا هَـٰذِهِ ٱلتَّمَاثِيلُ ٱلَّتِىٓ أَنتُمْ لَهَا عَـٰكِفُونَ ﴿٥٢﴾
যেতিয়া তেওঁ নিজৰ পিতৃ আঝাৰ আৰু তেওঁ ৰ সম্প্ৰ দায় ক ক'লেঃ এই মূ ৰ্তিবোৰ আচলতে কি, যিবোৰক তোমালোকে নিজ হাতে নিৰ্মাণ কৰি সেইবোৰৰ ইবাদত কৰি আছা?
قَالُوا۟ وَجَدْنَآ ءَابَآءَنَا لَهَا عَـٰبِدِينَ ﴿٥٣﴾
তেওঁৰ সম্প্ৰ দায়ে তেওঁক ক'লেঃ আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখা পাইছোঁ। সেয়ে তেওঁলোকৰ অনুসৰণ কৰি আমি এইবোৰক উপাসনা কৰোঁ। بلغ আল-কোৰআন · তাফছীৰ
قَالَ لَقَدْ كُنتُمْ أَنتُمْ وَءَابَآؤُكُمْ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٥٤﴾
ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁ তক ক'লেঃ হে অন্ধানুসাৰীসকল! তোমালোক আৰু তোমালোকৰ পিতৃ -পুৰুষসকলে সত্যৰ পথৰ পৰা আঁতৰি প্ৰকাশ্য বিভ্ৰান্তি ত পতিত হৈছা।
قَالُوٓا۟ أَجِئْتَنَا بِٱلْحَقِّ أَمْ أَنتَ مِنَ ٱللَّـٰعِبِينَ ﴿٥٥﴾
তেওঁ ৰ সম্প্ৰ দায় ৰ লোকসকলে তেওঁ ক ক'লেঃ তু মি কোৱা কথাষাৰ সঁচাই সত্যনে? নে তু মি আমাৰ লগত ঠাট্টা কৰি আছা?
قَالَ بَل رَّبُّكُمْ رَبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ٱلَّذِى فَطَرَهُنَّ وَأَنَا۠ عَلَىٰ ذَٰلِكُم مِّنَ ٱلشَّـٰهِدِينَ ﴿٥٦﴾
ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ এয়া ঠাট্টা নহয়, বৰং প্ৰকৃত সত্য। আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক। তেৱেঁই এইবোৰক পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। নিশ্চিতভাৱে মই এই কথাৰ সাক্ষ্য দিওঁ যে, আকাশমণ্ডল আৰু পৃথিৱীৰপ্ৰ তিপালকেই হৈছে তোমালোকৰপ্ৰ কৃ ত প্ৰতিপালক। এই ক্ষেত্ৰত তোমালোকৰমূ ৰ্তিবোৰৰকোনোহস্ত ক্ষেপ নাই।
وَتَٱللَّهِ لَأَكِيدَنَّ أَصْنَـٰمَكُم بَعْدَ أَن تُوَلُّوا۟ مُدْبِرِينَ ﴿٥٧﴾
ইব্ৰাহীমে তেওঁৰ সম্প্ৰ দায়ে নুশুনাকৈ লাহে লাহে ক'লেঃ তোমালোকে উৎসৱত গুচি যোৱাৰ পিছত নিশ্চয় মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে এটা কৌশল অৱলম্বন কৰিম। যিটো তোমালোকৰ বাবে হ'ব অপ্ৰি য় । فجعلهم جذذا إلا كبيرا لهم لعلهم إليهيرجعون
فَجَعَلَهُمْ جُذَٰذًا إِلَّا كَبِيرًۭا لَّهُمْ لَعَلَّهُمْ إِلَيْهِ يَرْجِعُونَ ﴿٥٨﴾
ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁ তৰ মূৰ্তিবোৰক ভাঙি চূ ৰ্ণ-বিচূ ৰ্ণকৰি পেলালে। কিন্তু আটাইতকৈ ডাঙৰ মূৰ্তিটোক একো নকৰিলে, যাতে মানুহে সেই মূ ৰ্তিটোক সোধ-পোচ কৰিব পাৰে যে, কোনে এইবোৰক চূ ৰ্ণ-বিচূ ৰ্ণকৰিছে।
قَالُوا۟ مَن فَعَلَ هَـٰذَا بِـَٔالِهَتِنَآ إِنَّهُۥ لَمِنَ ٱلظَّـٰلِمِينَ ﴿٥٩﴾
যেতিয়া সিহঁ ত উভতি আহিল, আৰু দেখা পালে যে, সিহঁ তৰ মূ ৰ্তিবোৰ চূ ৰ্ণ-বিচূ ৰ্ণহৈ আছে, তেতিয়া সিহঁ তে ইজনে সিজনক সুধিলেঃ আমাৰ উপাস্যবোৰৰ কোনে এনেকু ৱাঅৱস্থাকৰিছে?যিয়ে এনেকু ৱাকৰিছে,নিশ্চয় সি হৈছে এজন যালিম ব্যক্তি । কিয় নোসি সন্মানৰপাত্ৰক অপমান কৰিছে। قالواسمعنا فتى يذكرهم يقال له إبرهيم
قَالُوا۟ سَمِعْنَا فَتًۭى يَذْكُرُهُمْ يُقَالُ لَهُۥٓ إِبْرَٰهِيمُ ﴿٦٠﴾
সিহঁ তৰ মাজৰ কোনোবাই ক'লেঃ মই এজন যুৱকক -যাক ইব্ৰাহীম বুলি কোৱা হয় - এই উপাস্যবোৰৰ বিষয়ে বেয়া মন্ত ব্যকৰা শুনিছোঁ। জানোচা সিয়ে ই এইবোৰচূ ৰ্ণ-বিচূ ৰ্ণকৰিছে।
قَالُوا۟ فَأْتُوا۟ بِهِۦ عَلَىٰٓ أَعْيُنِ ٱلنَّاسِ لَعَلَّهُمْ يَشْهَدُونَ ﴿٦١﴾
সিহঁ তৰ প্ৰতিনিধিসকলে ক'লেঃ ইব্ৰাহীমক জনসন্মুখত উপস্থি ত কৰা হওক, যাতে সকলোৱে তাক অপৰাধ স্বীকাৰ কৰা দেখা পায় , তাৰ সেই স্বীকৃ তি যাতে তোমালোকৰবাবেতাৰবিৰুদ্ধে প্ৰমাণ সাব্যস্ত হয় । بلغ আল-কোৰআন · তাফছীৰ
قَالُوٓا۟ ءَأَنتَ فَعَلْتَ هَـٰذَا بِـَٔالِهَتِنَا يَـٰٓإِبْرَٰهِيمُ ﴿٦٢﴾
এতেকে সিহঁ তে ইব্ৰাহীম আলাইহিচ্ছালামক উপস্থি ত কৰালে, আৰু তেওঁ ক সুধিলেঃ হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে এই জঘন্য আচৰণ তু মিয়ে কৰিছা নেকি?! قال بل فعله كبيرهم هذا فسٔلوهم إن كانواينطقون
قَالَ بَلْ فَعَلَهُۥ كَبِيرُهُمْ هَـٰذَا فَسْـَٔلُوهُمْ إِن كَانُوا۟ يَنطِقُونَ ﴿٦٣﴾
ইব্ৰাহীম আলাইহিচ্ছালামে (সিহঁ তক পৰিহাস কৰি আৰু মানুহৰ সন্মুখত সিহঁ তৰ মূৰ্তিবোৰৰ অপাৰগতা প্ৰকাশ কৰি) ক'লেঃ এই আচৰণ মই কৰা নাই, বৰং এই কাম সেই ডাঙৰ মূ ৰ্তিটোৱেহে কৰিছে। যদি তোমালোকৰ মূ ৰ্তিবোৰে কথা ক’ব পাৰে তেন্তে সেইবোৰক সুধি লোৱা।
فَرَجَعُوٓا۟ إِلَىٰٓ أَنفُسِهِمْ فَقَالُوٓا۟ إِنَّكُمْ أَنتُمُ ٱلظَّـٰلِمُونَ ﴿٦٤﴾
সিহঁ তে মনে মনে ভাবিবলৈ বাধ্য হ'ল যে, সিহঁ তৰ মূৰ্তিবোৰৰ সঁচাই কোনো উপকাৰ বা অপকাৰ কৰাৰ সাধ্য নাই। গতিকে এইবোৰৰ উপাসনা কৰি সিহঁ তে এক প্ৰকাৰঅন্যায় হে কৰিআছে।
ثُمَّ نُكِسُوا۟ عَلَىٰ رُءُوسِهِمْ لَقَدْ عَلِمْتَ مَا هَـٰٓؤُلَآءِ يَنطِقُونَ ﴿٦٥﴾
কিন্তু ইয়াৰ পিছত সিহঁ তে আকৌ আকোঁৰগোজ আৰু স্বৈৰাচাৰী স্বভাৱবলৈ উভতি আহিল আৰু ক’লেঃ হে ইব্ৰাহীম! তু মি ভালদৰেই জানা যে, এই মূৰ্তিবোৰৰ বাকশক্তি নাই। তথাপিও তু মি আমাক সেইবোৰক সোধ-পোচ কৰিবলৈ কিয় কোৱা? এই কথাষাৰক যদিও সিহঁ তে নিজৰ সপক্ষে দলিল হিচাপে উপস্থাপন কৰিছিল, কিন্তু সেইটো সিহঁ তৰবিৰুদ্ধেহে দলিল সাব্যস্ত হ’ল।
قَالَ أَفَتَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكُمْ شَيْـًۭٔا وَلَا يَضُرُّكُمْ ﴿٦٦﴾
ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতৰ যুক্তিক খণ্ডন কৰি ক'লেঃ তোমালোকে আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ উপাসনা কৰা নেকি, যিবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে তথা অপকাৰো কৰিব নোৱাৰে। আনকি সেইবোৰে নিজকো ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ অপাৰগ, তথা নিজৰো কোনো উপকাৰ সাধন কৰিব নোৱাৰে।
أُفٍّۢ لَّكُمْ وَلِمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ ۖ أَفَلَا تَعْقِلُونَ ﴿٦٧﴾
ধিক্ , তোমালোকৰ প্ৰতি, তথা সেই মূৰ্তিবোৰৰ প্ৰতি যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। তেন্তে সেইবোৰৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰানে, তোমালোকে এইখিনিও বুজি নোপোৱা নেকি?
قَالُوا۟ حَرِّقُوهُ وَٱنصُرُوٓا۟ ءَالِهَتَكُمْ إِن كُنتُمْ فَـٰعِلِينَ ﴿٦٨﴾
যেতিয়া সিহঁ তে প্ৰমাণৰ জৰিয় তে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁ তে শক্তি প্ৰদৰ্শন কৰিবলৈ ল'লে আৰু ক'লেঃ যদি তোমালোকে ইব্ৰাহীমক মূ ৰ্তি চূ ৰ্ণ-বিচূ ৰ্ণকৰাৰ বাবে যথোচিত শাস্তি দিব বিচৰা তেন্তে তাক জুইত নিক্ষেপ কৰা।
قُلْنَا يَـٰنَارُ كُونِى بَرْدًۭا وَسَلَـٰمًا عَلَىٰٓ إِبْرَٰهِيمَ ﴿٦٩﴾
ফলত সিহঁ তে জুই উত্তপ্ত কৰিলে আৰুইব্ৰাহীম আলাইহিচ্ছালামক তাত নিক্ষেপ কৰিলে, তেতিয়া আমি (জুইক নিৰ্দে শ দিলোঁ), “হে অগ্নি! ইব্ৰাহীমৰবাবে তু মি শীতল তথা শান্ত হৈ যোৱা।” ফলত তেনেকু ৱাই হ’ল। তেওঁ ক অগ্নিত নিক্ষেপ কৰাৰপিছতো তেওঁ ৰএকো ক্ষতি নহ’ল। بلغ আল-কোৰআন · তাফছীৰ
وَأَرَادُوا۟ بِهِۦ كَيْدًۭا فَجَعَلْنَـٰهُمُ ٱلْأَخْسَرِينَ ﴿٧٠﴾
ইব্ৰাহীম আলাইহিচ্ছালামৰসম্প্ৰ দায়ে তেওঁক অগ্নিত নিক্ষেপ কৰাৰষড় যন্ত্ৰ ৰচিছিল,কিন্তু আমি সেই ষড় যন্ত্ৰ ক সফল হ’বলৈ দিয়ানাছিলোঁ। পক্ষান্ত ৰে সিহঁ তকেই বিনাশ তথাপৰাজিত কৰিছিলোঁ।
وَنَجَّيْنَـٰهُ وَلُوطًا إِلَى ٱلْأَرْضِ ٱلَّتِى بَـٰرَكْنَا فِيهَا لِلْعَـٰلَمِينَ ﴿٧١﴾
আমি তেওঁক আৰু লূতক ৰক্ষা কৰিছিলোঁ, আৰু দুয়োকে সুকলমে শ্বামত (ছিৰিয়া) লৈ গৈছিলোঁ, য’ত আমি বৰকত সিঁচৰিত কৰি ৰাখিছোঁ। কিয় নো তাত আমি নবীপ্ৰে ৰণ কৰিছিলোঁআৰুসৃষ্টি জগতৰবাবেلকল্যাণ ৰাখিছোঁ।
وَوَهَبْنَا لَهُۥٓ إِسْحَـٰقَ وَيَعْقُوبَ نَافِلَةًۭ ۖ وَكُلًّۭا جَعَلْنَا صَـٰلِحِينَ ﴿٧٢﴾
যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত পুত্ৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁ ক ইছহাক প্ৰদান কৰিছিলোঁ আৰু অতিৰিক্ত ভাৱে দান কৰিছিলোঁ ইয়াকূ বক। ইব্ৰাহীম, তেওঁ ৰ পুত্ৰ ইছহাক তথা নাতিয়ে ক ইয়াকূ ব, প্ৰত্যেককে আমি পুণ্যৱান আৰু আল্লাহৰ আনু গত্যকাৰী বনাইছিলোঁ।
وَجَعَلْنَـٰهُمْ أَئِمَّةًۭ يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَآ إِلَيْهِمْ فِعْلَ ٱلْخَيْرَٰتِ وَإِقَامَ ٱلصَّلَوٰةِ وَإِيتَآءَ ٱلزَّكَوٰةِ ۖ وَكَانُوا۟ لَنَا عَـٰبِدِينَ ﴿٧٣﴾
আমি তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ, তেওঁলোকৰ পৰা মানুহে কল্যাণ সম্পৰ্কে অৱগত হৈছিল। তেওঁলোকে আল্লাহৰ অনুমতিত মানুহক এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। আমি তেওঁলোকক অহীৰ মাধ্যমত জনাইছিলোঁ যে, সৎকৰ্ম কৰা, পৰিপূৰ্ণৰূপে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। তেওঁ লোক আছিল আমাৰআনু গত্যকাৰী।
وَلُوطًا ءَاتَيْنَـٰهُ حُكْمًۭا وَعِلْمًۭا وَنَجَّيْنَـٰهُ مِنَ ٱلْقَرْيَةِ ٱلَّتِى كَانَت تَّعْمَلُ ٱلْخَبَـٰٓئِثَ ۗ إِنَّهُمْ كَانُوا۟ قَوْمَ سَوْءٍۢ فَـٰسِقِينَ ﴿٧٤﴾
লূত আলাইহিচ্ছালামক আমি দ্বন্দকাৰী ব্যক্তিসকলৰ মাজত মীমাংসা কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ। আৰু তেওঁক দ্বীনৰ জ্ঞান প্ৰদান কৰিছিলোঁ। লগতে তেওঁ ৰ জনবসতি (ছু দুম)ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি ৰ পৰা তেওঁ ক ৰক্ষা কৰিছিলোঁ। যি জনবসতিৰ অধিবাসীসকলে প্ৰকাশ্য অশ্লীলতাত লিপ্ত আছিল। নিশ্চয় সিহঁ ত আছিল বিপৰ্যয় সৃষ্টি কাৰী লোক, যিসকলে নিজ প্ৰতিপালকৰআনু গত্যৰপৰা ওলাই গৈছিল।
وَأَدْخَلْنَـٰهُ فِى رَحْمَتِنَآ ۖ إِنَّهُۥ مِنَ ٱلصَّـٰلِحِينَ ﴿٧٥﴾
তেওঁক আমি তেওঁৰ সম্প্ৰ দায় ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি ৰ পৰা ৰক্ষা কৰি আমাৰ ৰহমতৰ ভিতৰত প্ৰৱেশ কৰাইছিলোঁ। তেওঁ সেইসকল পুণ্যৱান ব্যক্তি ৰ অন্ত ৰ্ভু ক্তআছিল, যিসকলে আমাৰআদেশ পালন কৰেআৰু আমাৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকে।
وَنُوحًا إِذْ نَادَىٰ مِن قَبْلُ فَٱسْتَجَبْنَا لَهُۥ فَنَجَّيْنَـٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ ﴿٧٦﴾
হে ৰাছু ল! নূ হ আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, ইব্ৰাহীম আৰু লূত আলাইহিমাচ্ছালামৰ পূৰ্বে যেতিয়া তেওঁ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁ ৰ প্ৰাৰ্থনা কবূল কৰি তেওঁ বিচৰাখিনি দান কৰিছিলোঁ। তাৰ পিছত আমি তেওঁ ক আৰু তেওঁ ৰ মু মিন পৰিয়ালবৰ্গক মহাবিপদৰ পৰা ৰক্ষা কৰিছিলোঁ।
وَنَصَرْنَـٰهُ مِنَ ٱلْقَوْمِ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِنَآ ۚ إِنَّهُمْ كَانُوا۟ قَوْمَ سَوْءٍۢ فَأَغْرَقْنَـٰهُمْ أَجْمَعِينَ ﴿٧٧﴾
আমি তেওঁ ক সেই সম্প্ৰ দায় ৰ ষড় যন্ত্ৰ ৰ পৰা ৰক্ষা কৰিছিলোঁ, যিসকলে তেওঁ ৰ সত্যতা নিৰূপনকাৰী নিদৰ্শনবোৰক অস্বীকাৰ কৰিছিল। যিবোৰ নিদৰ্শনৰ দ্বাৰাআমি তেওঁ ক সমৰ্থন কৰিছিলোঁ। নিশ্চয় সিহঁ ত বিপৰ্যয় সৃষ্টি কাৰীআৰুদুষ্ট সম্প্ৰ দায় আছিল। সেয়ে আমি সিহঁ তক পানীত ডু বাই ধ্বংস কৰিছিলোঁ। بلغ আল-কোৰআন · তাফছীৰ
وَدَاوُۥدَ وَسُلَيْمَـٰنَ إِذْ يَحْكُمَانِ فِى ٱلْحَرْثِ إِذْ نَفَشَتْ فِيهِ غَنَمُ ٱلْقَوْمِ وَكُنَّا لِحُكْمِهِمْ شَـٰهِدِينَ ﴿٧٨﴾
হে ৰাছু ল! দাঊদ আৰু তেওঁৰ পুত্ৰ ছু লাইমান আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁলোকে দুজন বিবাদকাৰী লোকৰ মীমাংসা কৰি আছিল, যি দুজনে তেওঁ লোকৰ ওচৰত মীমাংসা বিচাৰি আহিছিল। বিষয় টো আছিল এনেকু ৱা যে, এজন ব্যক্তি ৰ ছাগলীয়ে ৰাতিৰ ভাগত দ্বি তীয় ব্যক্তি ৰ খেতিত সোমাই লোকচান কৰিছিল। ইপিনে আমি দাঊদ আৰু ছু লাইমানৰমীমাংসা প্ৰত্যক্ষ কৰিআছিলোঁ। তেওঁলোকৰমীমাংসাৰকোনো এটা অংশ আমাৰ পৰা গোপন নাছিল।
فَفَهَّمْنَـٰهَا سُلَيْمَـٰنَ ۚ وَكُلًّا ءَاتَيْنَا حُكْمًۭا وَعِلْمًۭا ۚ وَسَخَّرْنَا مَعَ دَاوُۥدَ ٱلْجِبَالَ يُسَبِّحْنَ وَٱلطَّيْرَ ۚ وَكُنَّا فَـٰعِلِينَ ﴿٧٩﴾
কিন্তু বিষয় টোৰ মীমাংসা দাঊদক এৰি তেওঁৰ পুত্ৰ ছু লাইমানক ভালদৰে আমি বুজাই দিছিলোঁ। যদিও দাঊদ আৰু ছু লাইমান দুয়োকে আমি নুবুওৱত আৰু চৰীয় তৰ বিধি-বিধানৰ জ্ঞান প্ৰদান কৰিছিলোঁ। এনেকু ৱা নহয় যে, কেৱল ছুলাইমানকেই প্ৰদান কৰিছিলোঁ, আৰু পৰ্বতবোৰক আমি দাঊদৰ অধীনস্থ কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ সৈতে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল। তথা চৰাই-চিৰকটি কো আমি তেওঁৰ অধীনস্থ কৰিছিলোঁ। উত্তম বোধশক্তি , মীমাংসা কৰাৰ ক্ষমতা, জ্ঞান আৰু অধীনস্থ ৰ ক্ষমতা আমিয়ে ই তেওঁ ক প্ৰদান কৰিছিলোঁ।
وَعَلَّمْنَـٰهُ صَنْعَةَ لَبُوسٍۢ لَّكُمْ لِتُحْصِنَكُم مِّنۢ بَأْسِكُمْ ۖ فَهَلْ أَنتُمْ شَـٰكِرُونَ ﴿٨٠﴾
আনহাতে ছু লাইমানক এৰিদাঊদক আমি কৱচ নিৰ্মাণৰদক্ষতা প্ৰদান কৰিছিলোঁ, যাতে অস্ত্ৰ ই তোমালোকৰশৰীৰক আঘাত কৰিবনোৱাৰে। এতেকে হে মানৱজাতি! তোমালোকে আল্লাহৰএই নিয়ামতৰকৃ তজ্ঞতাজ্ঞাপন কৰিবানে?!
وَلِسُلَيْمَـٰنَ ٱلرِّيحَ عَاصِفَةًۭ تَجْرِى بِأَمْرِهِۦٓ إِلَى ٱلْأَرْضِ ٱلَّتِى بَـٰرَكْنَا فِيهَا ۚ وَكُنَّا بِكُلِّ شَىْءٍ عَـٰلِمِينَ ﴿٨١﴾
প্ৰচণ্ড দ্ৰুতগামী বতাহক আমি ছু লাইমানৰ অধীনস্থ কৰি দিছিলোঁ, যিটো তেওঁ ৰ আদেশ অনু সৰি শ্বামদেশ (বৰ্ত মানৰ ছিৰিয়া)লৈ প্ৰচণ্ড বেগত বলিছিল। যিখন দেশক আমি নবীসকলক প্ৰে ৰণ কৰিআৰুকল্যাণ প্ৰসাৰিত কৰিবৰকতময় কৰিছিলোঁ। প্ৰত্যেক বিষয় সম্পৰ্কে আমি অৱগত। আমাৰপৰা কোনোবিষয়ে ই গোপন নহয় ।
وَمِنَ ٱلشَّيَـٰطِينِ مَن يَغُوصُونَ لَهُۥ وَيَعْمَلُونَ عَمَلًۭا دُونَ ذَٰلِكَ ۖ وَكُنَّا لَهُمْ حَـٰفِظِينَ ﴿٨٢﴾
লগতে চয় তানবোৰকো আমি তেওঁ ৰ অধীনস্থ কৰি দিছিলোঁ, যিবোৰে সাগৰৰ গভীৰৰ পৰা তেওঁ ৰ বাবে মু কু তা সংগ্ৰ হ কৰিছিল আৰু ইয়াৰ বাহিৰেও আন আন কাম কৰিছিল, যেনে অট্টালিকা আদি নিৰ্মাণ কৰা। আমি সিহঁ তৰসংখ্যা আৰুকৰ্ম সম্পৰ্কে অৱগত। এই ক্ষেত্ৰত কোনো বিষয়ে ই আমাৰপৰা গোপন নহয় ।
۞ وَأَيُّوبَ إِذْ نَادَىٰ رَبَّهُۥٓ أَنِّى مَسَّنِىَ ٱلضُّرُّ وَأَنتَ أَرْحَمُ ٱلرَّٰحِمِينَ ﴿٨٣﴾
হে ৰাছু ল! আইয়্যুবৰঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁ বিপদগ্ৰ তস্ হৈ নিজ প্ৰতিপালকক প্ৰাৰ্থনা কৰিকৈছিলঃহে মোৰপ্ৰ তিপালক! মই বেমাৰত ভু গি আছোঁ আৰু পৰিয়ালবৰ্গৰ পৰাও আঁতৰ হৈ আছোঁ। তু মিয়ে আটাইতকৈ দয়ালু। গতিকে মোক এই বিপদৰ পৰা ৰক্ষা কৰাঁ।
فَٱسْتَجَبْنَا لَهُۥ فَكَشَفْنَا مَا بِهِۦ مِن ضُرٍّۢ ۖ وَءَاتَيْنَـٰهُ أَهْلَهُۥ وَمِثْلَهُم مَّعَهُمْ رَحْمَةًۭ مِّنْ عِندِنَا وَذِكْرَىٰ لِلْعَـٰبِدِينَ ﴿٨٤﴾
ফলত আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ, তেওঁৰ কষ্ট দূৰ কৰি দিলোঁ। তেওঁৰ পৰিয়ালবৰ্গ আৰু সন্তান-সন্ত তি ওভোতাই দিলোঁ। লগতে তেওঁলোকৰ সমপৰিমাণ আৰু দান কৰিলোঁ। এইবোৰ আমি আমাৰ দয়াৰ ফলত কৰিছোঁ আৰু সেইসকল লোকৰ বাবে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কৰিছোঁ যিসকলে ইবাদতৰ মাধ্যমত আল্লাহৰ আনু গত্য কৰে। যাতে তেওঁ লোকেও আয়্যুব আলাইহিচ্ছালামৰ দৰে ধৈৰ্য্য ধাৰণ কৰে। بلغ আল-কোৰআন · তাফছীৰ ل
وَإِسْمَـٰعِيلَ وَإِدْرِيسَ وَذَا ٱلْكِفْلِ ۖ كُلٌّۭ مِّنَ ٱلصَّـٰبِرِينَ ﴿٨٥﴾
হে ৰাছু ল! ইছমাঈল, ইদ্ৰীছ আৰু জুল-কিফল আলাইহিমুচ্ছালামক স্মৰণ কৰক। তেওঁলোক প্ৰত্যেকেই বিপদত ধৈৰ্য্য ধাৰণ কৰিছিল, তথা আল্লাহে প্ৰদান কৰাদায়ি ত্বসুচাৰুৰূপে পালন কৰিছিল।
وَأَدْخَلْنَـٰهُمْ فِى رَحْمَتِنَآ ۖ إِنَّهُم مِّنَ ٱلصَّـٰلِحِينَ ﴿٨٦﴾
আমি তেওঁলোকক আমাৰ দয়াত প্ৰৱেশ কৰাইছিলোঁ আৰু তেওঁলোকক নবী বনাইছিলোঁ। তথা জান্নাতৰ অধিবাসী বনাইছোঁ। নিশ্চয় তেওঁলোক আছিল আল্লাহৰ সদাচাৰী বান্দা। তেওঁলোকে নিজ প্ৰতিপালকৰ আনুগত্য কৰিছিল, লগতে তেওঁলোকৰ বাহ্যিক-আভ্যন্ত ৰীণ সকলো দিশ নেক আছিল।
وَذَا ٱلنُّونِ إِذ ذَّهَبَ مُغَـٰضِبًۭا فَظَنَّ أَن لَّن نَّقْدِرَ عَلَيْهِ فَنَادَىٰ فِى ٱلظُّلُمَـٰتِ أَن لَّآ إِلَـٰهَ إِلَّآ أَنتَ سُبْحَـٰنَكَ إِنِّى كُنتُ مِنَ ٱلظَّـٰلِمِينَ ﴿٨٧﴾
হে ৰাছুল! মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ বিষয় টো স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰ দায় ৰ অবাধ্যতাত অসন্তু ষ্টহৈ গুচি গৈছিল। তেওঁ ভাবিছিল যে, তেওঁ গুচি গ’লে আমি তেওঁক শাস্তি স্বৰূপে তেওঁৰপ্ৰ তি সংকীৰ্ণতা জাপি নিদিওঁ। কিন্তু তেওঁক মাছে গিলি খালে আৰু মাছৰ পেটৰ অন্ধকাৰাচ্ছন্ন সংকীৰ্ণ ঠাইত বন্দী হৈ থাকিল। ফলত তেওঁ ৰাতিৰ অন্ধকাৰ, সাগৰ আৰু মাছৰ পেটৰ অন্ধকাৰত নিজৰ গুনাহ স্বীকাৰৰ জৰিয় তে তাওবা কৰি আল্লাহৰ ওচৰত দুআ কৰিলেঃ তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তু মি পাক তথা পৱিত্ৰ। নিশ্চয় মই অপৰাধকৰিছোঁ।
فَٱسْتَجَبْنَا لَهُۥ وَنَجَّيْنَـٰهُ مِنَ ٱلْغَمِّ ۚ وَكَذَٰلِكَ نُـۨجِى ٱلْمُؤْمِنِينَ ﴿٨٨﴾
তেতিয়া আমি তেওঁ ৰ দুআ কবূল কৰিছিলোঁ, আৰু অন্ধকাৰ তথা মাছৰ পেটৰ পৰা উলিয়াই কঠি ন বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে ইউনু ছ আলাইহিচ্ছালামক আমি বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ, সেইদৰেই আমি মু মিন সকলকো বিপদৰ পৰা ৰক্ষা কৰোঁ, যেতিয়া তেওঁ লোকে কোনো বিপদগ্ৰ তস্ হৈ আল্লাহৰ ওচৰত দুআ কৰে।
وَزَكَرِيَّآ إِذْ نَادَىٰ رَبَّهُۥ رَبِّ لَا تَذَرْنِى فَرْدًۭا وَأَنتَ خَيْرُ ٱلْوَٰرِثِينَ ﴿٨٩﴾
হে ৰাছু ল! যাকাৰিয়্যা আলাইহিচ্ছালামৰ ঘটনাক স্মৰণ কৰক, যেতিয়া তেওঁ পৱিত্ৰ আল্লাহক এই বুলি প্ৰাৰ্থনা কৰিছিলঃ হে মোৰ প্ৰতিপালক! তু মি মোক সন্তানহীন অকলশৰীয়াঅৱস্থাত নেৰিবা। নিশ্চয় তু মিয়ে উত্তম বাকীথকাসত্ত্বা। এতেকে মোক সন্তান দান কৰা,যিজন মোৰপিছত অৱস্থান কৰিব।
فَٱسْتَجَبْنَا لَهُۥ وَوَهَبْنَا لَهُۥ يَحْيَىٰ وَأَصْلَحْنَا لَهُۥ زَوْجَهُۥٓ ۚ إِنَّهُمْ كَانُوا۟ يُسَـٰرِعُونَ فِى ٱلْخَيْرَٰتِ وَيَدْعُونَنَا رَغَبًۭا وَرَهَبًۭا ۖ وَكَانُوا۟ لَنَا خَـٰشِعِينَ ﴿٩٠﴾
وكانوا لنا خشعين তেতিয়া আমি তেওঁ ৰ দুআ কবূল কৰিছিলোঁ আৰু ইয়াহইয়াৰ ৰূপত এজন সন্তান প্ৰদান কৰিছিলোঁ আৰু তেওঁ ৰ পত্নীক (গৰ্ভ ধাৰণ যোগ্য বনাই) সংশোধন কৰিছিলোঁ। ফলত তাইৰ বন্ধ্যা ৰোগ দূৰ হৈছিল আৰু সন্তান জন্ম দিয়াৰ বাবে উপযুক্ত হৈছিল। নিশ্চয় যাকাৰিয়্যা, তেওঁ ৰ স্ত্ৰী আৰু পুত্ৰ সৎকৰ্মৰ ফালে ক্ষীপ্ৰ তাৰে আগবাঢ়িছিল, তথা আমাৰ ছোৱাবৰ আশাত আৰু আমাৰ শাস্তি ৰ ভয় ত দুআ কৰিছিল, লগতে আমাৰ সন্মুখত বিনীত হৈ নত স্বীকাৰ কৰিছিল।
وَٱلَّتِىٓ أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهَا مِن رُّوحِنَا وَجَعَلْنَـٰهَا وَٱبْنَهَآ ءَايَةًۭ لِّلْعَـٰلَمِينَ ﴿٩١﴾
হে ৰাছু ল! মৰিয় ম আলাইহাচ্ছালামৰ বিষয় টো স্মৰণ কৰক, যিয়ে নিজৰ লজ্জাস্থানক ব্যভিচাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। ফলত আল্লাহে তেওঁৰ ওচৰলৈ জিব্ৰীলক প্ৰে ৰণ কৰিলে। জিব্ৰীলে তেওঁ ক ফুঁ ৱাই দিলে, ইয়াৰফলত তেওঁ গৰ্ভ ৱতী হৈ গ'ল। দৰাচলতে মৰিয় ম আৰু তেওঁ ৰ পুত্ৰ ঈছা হৈছে بلغ আল-কোৰআন · তাফছীৰ মানু হৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক। তেওঁ ক পিতৃ নোহোৱাকৈ সৃষ্টি কৰা বিষয় টোৱে প্ৰমাণ কৰে যে, কোনো কৰ্মই আল্লাহৰ বাবে সাধ্যাতীত নহয় ।
إِنَّ هَـٰذِهِۦٓ أُمَّتُكُمْ أُمَّةًۭ وَٰحِدَةًۭ وَأَنَا۠ رَبُّكُمْ فَٱعْبُدُونِ ﴿٩٢﴾
হে মানৱজাতি! তোমালোকৰ এই সম্প্ৰ দায় , মূলতে এটাই সম্প্ৰ দায় । সেইটো হৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠি ত ইছলাম ধৰ্ম। ময়ে ই তোমালোকৰ প্ৰতিপালক, গতিকে নিৰ্ভে জালভাৱেকেৱল মোৰেই ইবাদত কৰা।
وَتَقَطَّعُوٓا۟ أَمْرَهُم بَيْنَهُمْ ۖ كُلٌّ إِلَيْنَا رَٰجِعُونَ ﴿٩٣﴾
মানুহ বিভিন্ন দলত বিভক্ত হৈছে। কিছু মান তাওহীদৰ ওপৰত পৰিচালিত, আকৌ কিছু মান শ্বিৰ্ক ৰ ওপৰত; কিছু মান হৈছে কাফিৰ, আকৌ কিছু মান মুমিন। বিভিন্ন গোটত বিভক্ত এই লোকসকল কিয়ামতৰ দিনা কেৱল আমাৰ ওচৰতেই প্ৰত্যাৱৰ্ত ন কৰিব। তেতিয়া আমিয়ে সিহঁ তক সিহঁ তৰ কৰ্মৰ প্ৰতিদান দিম।
فَمَن يَعْمَلْ مِنَ ٱلصَّـٰلِحَـٰتِ وَهُوَ مُؤْمِنٌۭ فَلَا كُفْرَانَ لِسَعْيِهِۦ وَإِنَّا لَهُۥ كَـٰتِبُونَ ﴿٩٤﴾
সিহঁ তৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তথা আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিব, লগতে আখিৰাতৰ প্ৰতি ঈমান ৰাখিব, সেই ব্যক্তিৰ সৎকৰ্মক কেতিয়াও নসাৎ কৰা নহ'ব। বৰং আল্লাহে ইয়াৰ উচিত মৰ্যাদা প্ৰদান কৰি অধিক বৃদ্ধি কৰি দিব। পুনৰুত্থানৰ দিনা তেওঁ নিজৰ কৰ্মপুথিত এইবোৰ লিখা দেখিবলৈ পাব, আৰু সেয়া দেখি তেওঁ আনন্দি ত হ'ব।
وَحَرَٰمٌ عَلَىٰ قَرْيَةٍ أَهْلَكْنَـٰهَآ أَنَّهُمْ لَا يَرْجِعُونَ ﴿٩٥﴾
যেতিয়া আমি কোনো জনবসতিক কু ফৰী কৰাৰ কাৰণে ধ্বংস কৰি দিওঁ, সিহঁ তক পুনৰ তাওবাৰ অৱকাশ দিবলৈ পৃথিৱীত ওভোতাই পঠোৱা বিষয় টো অসম্ভ ৱ।
حَتَّىٰٓ إِذَا فُتِحَتْ يَأْجُوجُ وَمَأْجُوجُ وَهُم مِّن كُلِّ حَدَبٍۢ يَنسِلُونَ ﴿٩٦﴾
সিহঁ তে কেতিয়াও উভতি আহিব নোৱাৰিব। অৱশেষত যেতিয়া ইয়া’জুজ মা’জুজৰ বান্ধোন খুলি দিয়া হ'ব, আৰু সিহঁ তে প্ৰতিটো উচ্চভূ মিৰ পৰা দৌৰি আহিব।
وَٱقْتَرَبَ ٱلْوَعْدُ ٱلْحَقُّ فَإِذَا هِىَ شَـٰخِصَةٌ أَبْصَـٰرُ ٱلَّذِينَ كَفَرُوا۟ يَـٰوَيْلَنَا قَدْ كُنَّا فِى غَفْلَةٍۢ مِّنْ هَـٰذَا بَلْ كُنَّا ظَـٰلِمِينَ ﴿٩٧﴾
সিহঁ তে মুক্ত হ'লে কিয়ামত নিকটৱৰ্তী হ'বআৰুকিয়ামতৰভয়াৱহ দৃশ্যতথা কঠি ন পৰিস্থি তি প্ৰকাশ পাব। সেই কঠি ন পৰিস্থি তি দেখি কাফিৰসকলৰ চকু কপালত উঠি ব। সিহঁতে ক'বঃ হায় আমাৰ বিনাশ! পৃথিৱীত আমি এই ভয়াৱহ দিনৰ প্ৰস্তু তিৰ পৰা অমনোযোগী আছিলোঁ। বৰং কু ফৰ আৰু অবাধ্যতাৰফলত আমি যালিম হৈ পৰিছিলোঁ।
إِنَّكُمْ وَمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ حَصَبُ جَهَنَّمَ أَنتُمْ لَهَا وَٰرِدُونَ ﴿٩٨﴾
হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আৰু সেই মূৰ্তিবোৰ যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, লগতে যিসকল জিন আৰু মানৱক তোমালোকে উপাসনা কৰা আৰু সিহঁ ত তোমালোকৰ উপাসনাত সন্তু ষ্ট , সেই সকলোবোৰ হ'ব জাহান্নামৰ ইন্ধন। তোমালোকে নিজ নিজ উপাস্যবোৰৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিবা। بلغ আল-কোৰআন · তাফছীৰ ل
لَوْ كَانَ هَـٰٓؤُلَآءِ ءَالِهَةًۭ مَّا وَرَدُوهَا ۖ وَكُلٌّۭ فِيهَا خَـٰلِدُونَ ﴿٩٩﴾
যদি সিহঁ তৰ এই উপাস্যবোৰ সঁচাই উপাসনাৰ যোগ্য হ’লহেঁ তেন, আৰু সিহঁ তৰ সন্মুখত শিৰ নত কৰা ঠি ক হ’লহেঁ তেন, তেন্তে নিজ উপাস্যবোৰৰ সৈতে সিহঁ ত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁ তেন। কিয় নো এই উপাসক আৰুউপাস্য সকলোৱেজাহান্নামত প্ৰৱেশ কৰিবআৰুতাত চিৰকাল অৱস্থান কৰিব, কেতিয়াও তাৰ পৰা ওলাব নোৱাৰিব। لهم فيها زفير وهم فيها لا يسمعون
لَهُمْ فِيهَا زَفِيرٌۭ وَهُمْ فِيهَا لَا يَسْمَعُونَ ﴿١٠٠﴾
প্ৰচণ্ডশাস্তি ৰফলত তাত সিহঁ তৰশ্বাস-প্ৰশ্বাসৰগতি বাঢ়ি ব। পৰিস্থি তি ইমান ভয়াৱহ হ'বযে,চিঞৰ-বাখৰৰফলত জাহান্নামত কোনেও কাৰো মাত শুনা নাপাব।
إِنَّ ٱلَّذِينَ سَبَقَتْ لَهُم مِّنَّا ٱلْحُسْنَىٰٓ أُو۟لَـٰٓئِكَ عَنْهَا مُبْعَدُونَ ﴿١٠١﴾
যেতিয়া মু শ্বৰিকসকলে ক'লেঃ “তেনেহ’লে নিশ্চয় ঈছা আৰু সেইসকল ফিৰিস্তাও জাহান্নামত প্ৰৱেশ কৰিব যিবোৰক উপাসনা কৰা হৈছিল।” তেতিয়া আল্লাহে প্ৰত্যুত্তৰ দি ক’লেঃ “যিসকলৰ বিষয়ে আল্লাহে পূৰ্বেই নিৰ্ধাৰণ কৰিছে যে, তেওঁলোক হৈছে সৌভাগ্যশালী (উদাহৰণস্বৰূপে ঈছা আলাইহিচ্ছালাম) তেনেকু ৱা লোকক জাহান্নামৰ পৰা আঁতৰাই ৰখা হ’ব।”
لَا يَسْمَعُونَ حَسِيسَهَا ۖ وَهُمْ فِى مَا ٱشْتَهَتْ أَنفُسُهُمْ خَـٰلِدُونَ ﴿١٠٢﴾
তেওঁ লোকে জাহান্নামৰ শব্দ শুনা নাপাব, তেওঁ লোকে নিজৰ পছন্দ অনু যায়ী নিয়ামত আৰু আকৰ্ষণীয় বস্তু ৰ মাজত চিৰকাল থাকিব। তেওঁ লোকৰ সেই নিয়ামত কেতিয়াও অন্ত নপৰিব।
لَا يَحْزُنُهُمُ ٱلْفَزَعُ ٱلْأَكْبَرُ وَتَتَلَقَّىٰهُمُ ٱلْمَلَـٰٓئِكَةُ هَـٰذَا يَوْمُكُمُ ٱلَّذِى كُنتُمْ تُوعَدُونَ ﴿١٠٣﴾
সেইদিৱসৰ ভয়াৱহ পৰিস্থি তিৰ কোনো প্ৰভাৱ তেওঁলোকৰ ওপৰত নপৰিব, যিদিনা জাহান্নামীসকলক জাহান্নামত বন্দী কৰা হ'ব। ফিৰিস্তাসকলে তেওঁলোকক এই বুলি অভিবাদন জনাই ক'বঃ এইটোৱেই তোমালোকৰ সেইদিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক পৃথিৱীত দিয়া হৈছিল আৰু যিবোৰ নিয়ামত সম্পৰ্কে তোমালোকক সুসংবাদ দিয়া হৈছিল।
يَوْمَ نَطْوِى ٱلسَّمَآءَ كَطَىِّ ٱلسِّجِلِّ لِلْكُتُبِ ۚ كَمَا بَدَأْنَآ أَوَّلَ خَلْقٍۢ نُّعِيدُهُۥ ۚ وَعْدًا عَلَيْنَآ ۚ إِنَّا كُنَّا فَـٰعِلِينَ ﴿١٠٤﴾
যিদিনা আমি আকাশমণ্ডলক মেৰিয়াই লম, যিদৰেকাকতৰপৃষ্ঠাবোৰমেৰিওৱা হয় । সকলো সৃষ্টি কেই সেই অৱস্থাত একত্ৰিত কৰিম, যি অৱস্থাত সিহঁ ত প্ৰথমবাৰসৃষ্টি হৈছিল। এইটোআমাৰদৃঢ় প্ৰতিশ্ৰুতি,যিটোকেতিয়াও ভঙ্গ নহ’ব। নিশ্চয় আমি আমাৰপ্ৰ তিশ্ৰুতি পূৰণ কৰিম।
وَلَقَدْ كَتَبْنَا فِى ٱلزَّبُورِ مِنۢ بَعْدِ ٱلذِّكْرِ أَنَّ ٱلْأَرْضَ يَرِثُهَا عِبَادِىَ ٱلصَّـٰلِحُونَ ﴿١٠٥﴾
লওহে মাহফু জত লিপিবদ্ধ কৰাৰ পিছত আমি আমাৰ ৰাছু লসকলৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থসমূহত লিখি দিছিলোঁ যে, পৃথিৱীৰ উত্তৰাধিকাৰী কেৱল আল্লাহৰ নেক বান্দাসকল আৰু তেওঁৰ আনুগত্যকাৰী বান্দাসকলহে হ’ব। ইয়াৰ দ্বাৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ লোক সকলক বু জোৱা হৈছে। إن فى هذا لبلغا لقوم عبدين
إِنَّ فِى هَـٰذَا لَبَلَـٰغًۭا لِّقَوْمٍ عَـٰبِدِينَ ﴿١٠٦﴾
নিঃসন্দে হে আমি অৱতীৰ্ণ কৰা গ্ৰন্থত সেইসকল লোকৰ বাবে উপকাৰী ডাঙৰ উপদেশ আছে, যিসকলে নিজ প্ৰতিপালকৰ দেখুৱাই দিয়া পদ্ধতি অনু সাৰেতেওঁ ৰইবাদত কৰে। কিয় নো তেওঁ লোকেই ইয়াৰদ্বাৰা উপকৃ ত হয় । بلغ আল-কোৰআন · তাফছীৰ
وَمَآ أَرْسَلْنَـٰكَ إِلَّا رَحْمَةًۭ لِّلْعَـٰلَمِينَ ﴿١٠٧﴾
হে মুহাম্মদ! আমি আপোনাক গোটেই বিশ্বজগতৰ বাবে ৰহমত হিচাপে প্ৰে ৰণ কৰিছোঁ। কিয় নো আপুনি মানুহক সুপথ দেখুৱাই দিয়াৰ ক্ষেত্ৰত আৰু সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰা ক্ষেত্ৰত বৰ আগ্ৰ হী।
قُلْ إِنَّمَا يُوحَىٰٓ إِلَىَّ أَنَّمَآ إِلَـٰهُكُمْ إِلَـٰهٌۭ وَٰحِدٌۭ ۖ فَهَلْ أَنتُم مُّسْلِمُونَ ﴿١٠٨﴾
হে ৰাছু ল! আপুনি কওক, মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি অহী কৰা হৈছে যে, তোমালোকৰ প্ৰকৃ ত উপাস্য কেৱল এজনেই, তেওঁ ৰ কোনো অংশীদাৰনাই। তেৱেঁই হৈছে আল্লাহ। গতিকে তেওঁ ৰপ্ৰ তি ঈমান পোষণ কৰা আৰুতেওঁ ৰআদেশ পালন কৰিতেওঁ ৰওচৰত শিৰনত কৰা।
فَإِن تَوَلَّوْا۟ فَقُلْ ءَاذَنتُكُمْ عَلَىٰ سَوَآءٍۢ ۖ وَإِنْ أَدْرِىٓ أَقَرِيبٌ أَم بَعِيدٌۭ مَّا تُوعَدُونَ ﴿١٠٩﴾
ইয়াৰ পিছতো যদি ইহঁ তে আপুনি লৈ অহা বাৰ্তাৰ পৰা বিমুখ হয় তেন্তে হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় কঃ মই তোমালোকক জনাই দিছোঁ, শাস্তি আহিবলৈ কিমান সময় বাকী আছে সেই বিষয় টোৰক্ষেত্ৰত তোমালোক আৰুমই সমান। মই ডাঠি ক'বনোৱাৰোঁ আল্লাহে প্ৰতিশ্ৰুতি দিয়া শাস্তি টো কেতিয়া আহিব।
إِنَّهُۥ يَعْلَمُ ٱلْجَهْرَ مِنَ ٱلْقَوْلِ وَيَعْلَمُ مَا تَكْتُمُونَ ﴿١١٠﴾
তোমালোকে প্ৰকাশ কৰা আৰু গোপন কৰা সকলো তথ্য নিশ্চিতভাৱে আল্লাহে ভালদৰেই জানে। তোমালোকৰ কোনো বিষয়ে ই তেওঁৰ পৰা গোপন নহয় । তেওঁ তোমালোককইয়াৰপ্ৰ তিদান দিব। وإن أدرى لعله فتنة ل كم ومتع إلى حين
وَإِنْ أَدْرِى لَعَلَّهُۥ فِتْنَةٌۭ لَّكُمْ وَمَتَـٰعٌ إِلَىٰ حِينٍۢ ﴿١١١﴾
মই নাজানো তোমালোকক শাস্তি দিয়াৰ ক্ষেত্ৰত পলম কৰাটো তোমালোকৰ বাবে পৰীক্ষা নে অৱকাশ, যাতে তোমালোকে আল্লাহৰ জ্ঞান অনু সাৰে এটা নিৰ্দিষ্ট সময় লৈকে উপকৃ ত হ’বপাৰা,তথাকু ফৰীআৰুপথভ্ৰ ষ্টতাত মতলীয়াহৈ থাকিবপাৰা।
قَـٰلَ رَبِّ ٱحْكُم بِٱلْحَقِّ ۗ وَرَبُّنَا ٱلرَّحْمَـٰنُ ٱلْمُسْتَعَانُ عَلَىٰ مَا تَصِفُونَ ﴿١١٢﴾
ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকক দুআ কৰি ক'লেঃ “হে মোৰ প্ৰতিপালক! আমাৰ মাজত আৰু এই কু ফৰী কৰ্মত অটল থকা আমাৰ সম্প্ৰ দায় ৰ মাজত উচিত সিদ্ধান্ত অনুযায়ী দূৰত্ব কৰি দিয়া।” (হে কাফিৰসকল!) তোমালোকে যিবোৰ কু ফৰী আৰু অস্বীকাৰমূলক কথা কোৱা সেইবোৰৰ পৰা আমি আমাৰ দয়াময় প্ৰতিপালকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰোঁ। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে