মুখ্য পৃষ্ঠাতাফছীৰTaa-Haa (20)

তাফছীৰ Taa-Haa (20) — طه

মক্কী · 135 আয়াত

পঢ়ক · শুনকPDF ফাইল

طه ﴿١﴾

(ত্বা-হা) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।

مَآ أَنزَلْنَا عَلَيْكَ ٱلْقُرْءَانَ لِتَشْقَىٰٓ ﴿٢﴾

হে ৰাছু ল! আমি আপোনাৰপ্ৰ তি কোৰআন অৱতীৰ্ণ কৰিইয়াক কষ্ট ৰকাৰণ বনাববিচৰানাই যে,আপোনাৰসম্প্ৰ দায়ে আপোনাৰপ্ৰ তি ঈমান পোষণ নকৰিব, ফলত আপুনি দুশ্চিন্তাত ভাগি পৰিব। إلا تذكرة لمن يخش

إِلَّا تَذْكِرَةًۭ لِّمَن يَخْشَىٰ ﴿٣﴾

আমি ইয়াক সেইসকল লোকক স্মৰণ কৰাবলৈ অৱতীৰ্ণ কৰিছোঁ, যিসকলক আল্লাহে তেওঁ ৰ পৰা ভয় কৰাৰ তাওফীক প্ৰদান কৰিছে।

تَنزِيلًۭا مِّمَّنْ خَلَقَ ٱلْأَرْضَ وَٱلسَّمَـٰوَٰتِ ٱلْعُلَى ﴿٤﴾

ইয়াক সেই মহান সত্তা আল্লাহে অৱতীৰ্ণ কৰিছে, যিয়ে পৃথিৱী সৃষ্টি কৰিছে আৰু সুউচ্চ আকাশমণ্ডল সৃজন কৰিছে। গতিকে এইখন হৈছে মহান কোৰআন, কিয় নো এইখন মহান সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

ٱلرَّحْمَـٰنُ عَلَى ٱلْعَرْشِ ٱسْتَوَىٰ ﴿٥﴾

ৰহমানে (অত্যান্ত কৃ পাশীল আল্লাহে) নিজৰ আৰচৰ (সিংহাসনৰ) ওপৰত তেনেকৈয়ে উঠি ছে, যেনেকৈ উঠা পৱিত্ৰ আৰু মহান আল্লাহৰ মৰ্যাদা তথা প্ৰতাপৰ বাবে উপযুক্ত ।

لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَمَا بَيْنَهُمَا وَمَا تَحْتَ ٱلثَّرَىٰ ﴿٦﴾

যিমানবোৰ সৃষ্টি আকাশমণ্ডল আৰু পৃথিৱী তথা মাটি ৰ তলত আছে, সেই সকলোৰে স্ৰষ্টা, মালিক আৰু সঞ্চালক হৈছে কেৱলমাত্ৰ পৱিত্ৰ আল্লাহ।

وَإِن تَجْهَرْ بِٱلْقَوْلِ فَإِنَّهُۥ يَعْلَمُ ٱلسِّرَّ وَأَخْفَى ﴿٧﴾

হে ৰাছু ল! আপুনি উচ্চস্বৰে কথা কওক অথবা নিম্ন স্বৰে, পৱিত্ৰ আল্লাহে সকলো জানে। তেওঁ গোপন বিষয় সম্পৰ্কে তথা গোপনতকৈও গোপন বিষয় সম্পৰ্কে ,যেনে অন্ত ৰত উৎপন্ন হোৱাভাৱনাসম্পৰ্কে ও অৱগত। তেওঁ ৰপৰাকোনোবিষয়ে ই গোপন নহয় ।

ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ لَهُ ٱلْأَسْمَآءُ ٱلْحُسْنَىٰ ﴿٨﴾

আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। অকল তেওঁ ৰ বাবেই আছে এনেকু ৱা নাম, যিবোৰ সৌন্দ ৰ্যৰ চৰম সীমাত উপনীত।

وَهَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ ﴿٩﴾

হে ৰাছু ল! নিশ্চিতভাৱেআপোনাৰওচৰলৈ মূ ছা বিন ইমৰাণ সম্পৰ্কীয় বাৰ্তা আহি পৰিছে। بلغ আল-কোৰআন · তাফছীৰ

إِذْ رَءَا نَارًۭا فَقَالَ لِأَهْلِهِ ٱمْكُثُوٓا۟ إِنِّىٓ ءَانَسْتُ نَارًۭا لَّعَلِّىٓ ءَاتِيكُم مِّنْهَا بِقَبَسٍ أَوْ أَجِدُ عَلَى ٱلنَّارِ هُدًۭى ﴿١٠﴾

তেওঁ ভ্ৰমণ অৱস্থাত যেতিয়া এটুকু ৰা জুই দেখা পাই নিজ পৰিয়ালক উদ্দেশ্যি কৈছিলঃতোমালোকে এই স্থানতে অৱস্থান কৰা, মই এটুকু ৰা জুই দেখা পাইছোঁ। আশা কৰোঁ তাৰ পৰা তোমালোকৰ বাবে এধানি এঙাৰ লৈ আহিম, নাইবা তাতগৈ কোনো পথপ্ৰ দৰ্শকৰ সন্ধান পাম।

فَلَمَّآ أَتَىٰهَا نُودِىَ يَـٰمُوسَىٰٓ ﴿١١﴾

কিন্তু যেতিয়া তেওঁ সেই অগ্নিৰ ওচৰ গৈ পালে, তেতিয়া পৱিত্ৰ আল্লাহে তেওঁ ক “হে মূ ছা!” বুলি আহ্বান কৰিলেঃ

إِنِّىٓ أَنَا۠ رَبُّكَ فَٱخْلَعْ نَعْلَيْكَ ۖ إِنَّكَ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًۭى ﴿١٢﴾

চোৱা! মই হৈছোঁ তোমাৰ প্ৰতিপালক! গতিকে মোৰ লগত কথা ক'বলৈ তু মি প্ৰস্তু তি লোৱা আৰু তোমাৰ জুতাযোৰ খুলি থৈ আহা। কিয় নো তু মি এতিয়া পৱিত্ৰস্থান ‘তু ৱা’ত অৱস্থান কৰিছা।

وَأَنَا ٱخْتَرْتُكَ فَٱسْتَمِعْ لِمَا يُوحَىٰٓ ﴿١٣﴾

হে মূ ছা! তোমাক মই মোৰবাৰ্তা প্ৰচাৰৰবাবেনিৰ্বাচিত কৰিছোঁ। এতেকে মই তোমাৰপ্ৰ তি যি অহী কৰিম সেয়া মনোযোগ সহকাৰে শুনিবা।

إِنَّنِىٓ أَنَا ٱللَّهُ لَآ إِلَـٰهَ إِلَّآ أَنَا۠ فَٱعْبُدْنِى وَأَقِمِ ٱلصَّلَوٰةَ لِذِكْرِىٓ ﴿١٤﴾

নিশ্চয় ময়ে ই আল্লাহ। মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা, আৰু পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, যাতে তাত মোক স্মৰণ কৰিবপাৰা।

إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا تَسْعَىٰ ﴿١٥﴾

নিশ্চিতভাৱে কিয়ামত আহিব আৰু কিয়ামতৰ দৃশ্যাৱলী সংঘটি ত হ'বই হ'ব। কিন্তু বিষয় টো মই গোপন ৰাখিছোঁ, কেতিয়া সংঘটি ত হ'ব সেই সময় সম্পৰ্কে কোনোসৃষ্টি য়ে ই জানিবলৈ সক্ষম নহয় । কিন্তু যিহেতু নবীচাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰকিছু মান নিদৰ্শন বৰ্ণনাকৰিছিল,সেয়ে মানুহে সেই নিদৰ্শনসমূ হ চিনি পাব। কিয়ামতৰ মূ ল উদ্দেশ্য হৈছে মানু হে যাতে নিজৰ ভাল বেয়া কৰ্মৰ প্ৰতিফল লাভ কৰিব পাৰে।

فَلَا يَصُدَّنَّكَ عَنْهَا مَن لَّا يُؤْمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرْدَىٰ ﴿١٦﴾

এতেকে কাফিৰসকলে যাতে তোমাক ইয়াৰ প্ৰতি বিশ্বাস কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ বাবে প্ৰস্তু তি লোৱাৰ ক্ষেত্ৰত তথা নেক আমল কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। সিহঁ তে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে তথা নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুযায়ী হাৰাম কামত লিপ্ত থাকে। অন্যথা ইয়াৰ ফলত তোমাৰ বিনাশ হ'ব। وماتلك بيمينك يموس

وَمَا تِلْكَ بِيَمِينِكَ يَـٰمُوسَىٰ ﴿١٧﴾

তথা হে মূ ছা! তোমাৰসোঁহাতত এইডাল কি? قال هى عصاى أتوك ؤاعليها وأهش بها عل غنمى ولى فيها مٔارب أخر

قَالَ هِىَ عَصَاىَ أَتَوَكَّؤُا۟ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِى وَلِىَ فِيهَا مَـَٔارِبُ أُخْرَىٰ ﴿١٨﴾

মূছা আলাইহিচ্ছালামে ক'লেঃ এইডাল হৈছে মোৰ লাখুটি । মই ইয়াৰ সহায় ত খোজকাঢ়োঁ, তথা ইয়াৰ জৰিয় তে মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ , ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা আৰু বহুতো কাম কৰোঁ। بلغ আল-কোৰআন · তাফছীৰ قال ألقها يموس

قَالَ أَلْقِهَا يَـٰمُوسَىٰ ﴿١٩﴾

আল্লাহে ক'লেঃহে মূ ছা! তু মি ইয়াক মাটি ত নিক্ষেপ কৰা। فألقىها فإذا هى حية تسعى

فَأَلْقَىٰهَا فَإِذَا هِىَ حَيَّةٌۭ تَسْعَىٰ ﴿٢٠﴾

এতেকে মূছা আলাইহিচ্ছালামে সেইডাল মাটি ত নিক্ষেপ কৰিলে, চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড সাপত ৰূপান্ত ৰিত হ'ল, তথা আগুৱাই গতি কৰিবলৈ ধৰিলে।

قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا ٱلْأُولَىٰ ﴿٢١﴾

আল্লাহে মূছা আলাইহিচ্ছালামক ক'লেঃ লাখুটি ডাল খামোচি ধৰা, সাপলৈ ৰূপান্ত ৰিত হৈছে বুলি ভয় নকৰিবা। যেতিয়া তু মি ধৰিবা, আমি সেইডালক আগৰ অৱস্থালৈ ৰূপান্ত ৰিত কৰি দিম।

وَٱضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ ءَايَةً أُخْرَىٰ ﴿٢٢﴾

তোমাৰ হাতখনক তোমাৰ কাষলতিৰ তলত লৈ যোৱা। চাবা তোমাৰ হাতখন শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। কিন্তু এই উজ্জ্বলতা কোনো বেমাৰৰ বাবে নহয় । বৰং এইটো হৈছে আল্লাহৰ ফালৰ পৰা তোমাক প্ৰদান কৰা দ্বি তীয় টো নিদৰ্শন।

لِنُرِيَكَ مِنْ ءَايَـٰتِنَا ٱلْكُبْرَى ﴿٢٣﴾

আমি তোমাক এই দুটা নিদৰ্শন দেখুৱালোঁ, যাতে হে মূছা! আমি তোমাক আমাৰ ক্ষমতাৰ আৰু তু মি যে আল্লাহৰ নবী তাৰ ডাঙৰ ডাঙৰ নিদৰ্শনবোৰ দেখু ৱাব পাৰোঁ।

ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ ﴿٢٤﴾

হে মূ ছা! তু মি এতিয়া ফিৰআউনৰওচৰলৈ যোৱা। কিয় নো সি কু ফৰী আৰুআল্লাহৰঅবাধ্যতাৰবিদ্ৰোহত সীমা চেৰাই গৈছে।

قَالَ رَبِّ ٱشْرَحْ لِى صَدْرِى ﴿٢٥﴾

মূ ছা আলাইহিচ্ছালামে ক'লেঃহে মোৰপ্ৰ তিপালক! মোৰবাবেমোৰবুকু প্ৰশস্ত কৰিদিয়া। যাতে মই এই পথত সন্মুখীন হোৱা সকলো কষ্ট সহ্যকৰিব পাৰোঁ।

وَيَسِّرْ لِىٓ أَمْرِى ﴿٢٦﴾

আৰু মোৰ বাবে মোৰ সকলো কৰ্ম সহজ কৰি দিয়া।

وَٱحْلُلْ عُقْدَةًۭ مِّن لِّسَانِى ﴿٢٧﴾

তথা মোক স্পষ্ট ৰূপে কথা কোৱাৰশক্তি প্ৰদান কৰা। بلغ আল-কোৰআন · তাফছীৰ يفقهوا قولى

يَفْقَهُوا۟ قَوْلِى ﴿٢٨﴾

মই যেতিয়া তোমাৰ বাৰ্তা সিহঁ তলৈ পৌঁচাই দিম তেতিয়া সিহঁ তে যাতে মোৰ কথা ভালদৰে বুজি পায় ।

وَٱجْعَل لِّى وَزِيرًۭا مِّنْ أَهْلِى ﴿٢٩﴾

মোৰ পৰিয়ালৰ মাজৰ পৰা এজনক সহায় ক বনাই দিয়া, যিয়ে মোৰ কামত মোক সহায় কৰিব। هرون أ خى

هَـٰرُونَ أَخِى ﴿٣٠﴾

মোৰ ভাতৃ হাৰূনক।

ٱشْدُدْ بِهِۦٓ أَزْرِى ﴿٣١﴾

তেওঁ ৰ জৰিয় তে মোক শক্তি শালী কৰা।

وَأَشْرِكْهُ فِىٓ أَمْرِى ﴿٣٢﴾

বাৰ্তা পৌঁচাই দিয়া কৰ্মত তেওঁ ক মোৰ অংশীদাৰ বনাই দিয়া। كى نسبحك كثيرا

كَىْ نُسَبِّحَكَ كَثِيرًۭا ﴿٣٣﴾

যাতে আমি তোমাৰবেছি বেছি গুণগান কৰিবপাৰোঁ। ونذكرك كثيرا

وَنَذْكُرَكَ كَثِيرًا ﴿٣٤﴾

যাতে আমি তোমাক বেছি বেছি স্মৰণ কৰিবপাৰোঁ। إنك كنت بنا بصيرا

إِنَّكَ كُنتَ بِنَا بَصِيرًۭا ﴿٣٥﴾

নিশ্চয় তু মি আমাক সুক্ষ্মভাৱেচাই আছা। আমাৰকোনো কৰ্মই তোমাৰপৰা গোপন নহয় । قال قد أوتيت سؤلك يموس

قَالَ قَدْ أُوتِيتَ سُؤْلَكَ يَـٰمُوسَىٰ ﴿٣٦﴾

আল্লাহে ক'লেঃহে মূ ছা! তু মি যি বিচাৰিছা,আমি তোমাক প্ৰদান কৰিলোঁ।

وَلَقَدْ مَنَنَّا عَلَيْكَ مَرَّةً أُخْرَىٰٓ ﴿٣٧﴾

নিশ্চয় ইয়াৰ পূৰ্বেও আমি তোমাক আৰু এবাৰ উপকাৰ কৰিছোঁ। بلغ আল-কোৰআন · তাফছীৰ

إِذْ أَوْحَيْنَآ إِلَىٰٓ أُمِّكَ مَا يُوحَىٰٓ ﴿٣٨﴾

যেতিয়া আমি তোমাৰ মাতৃ ৰ হৃ দয় ত এটাو কথা নিক্ষেপو কৰিছিলোঁ, যাৰ ফলত আল্লাহে তোমাক ফিৰআউনৰ চক্ৰান্ত ৰ পৰা ৰক্ষা কৰিছিল।

أَنِ ٱقْذِفِيهِ فِى ٱلتَّابُوتِ فَٱقْذِفِيهِ فِى ٱلْيَمِّ فَلْيُلْقِهِ ٱلْيَمُّ بِٱلسَّاحِلِ يَأْخُذْهُ عَدُوٌّۭ لِّى وَعَدُوٌّۭ لَّهُۥ ۚ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةًۭ مِّنِّى وَلِتُصْنَعَ عَلَىٰ عَيْنِىٓ ﴿٣٩﴾

ى এতেকে তেওঁ ক ইলহামৰ দ্বাৰা আদেশ প্ৰদান কৰিছিলোঁ যে, মূ ছাক জন্ম দিয়াৰ পিছত বাকচত ভৰাই সাগৰত উটু ৱাই দিবা। ইয়াৰ পিছত সাগৰে আমাৰ আদেশত তেওঁক পাৰত নিক্ষেপ কৰিব। তেতিয়া তেওঁক মোৰ আৰু তেওঁৰ শত্ৰুৱে অৰ্থাৎ ফিৰআউনে তু লি ল’ব। তথা মই মোৰ ফালৰ পৰা তোমাৰ ওপৰত মু হাব্বাত ৰাখি দিছোঁ। যাতে মানু হে তোমাক ভালপায় । যাতে মোৰ চকু ৰ সন্মুখতে তথা মোৰ সুৰক্ষা বেষ্ট নী আৰু চোৱাচিতাৰ জৰিয় তে তোমাৰ লালন-পালন হয় ।

إِذْ تَمْشِىٓ أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَن يَكْفُلُهُۥ ۖ فَرَجَعْنَـٰكَ إِلَىٰٓ أُمِّكَ كَىْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ ۚ وَقَتَلْتَ نَفْسًۭا فَنَجَّيْنَـٰكَ مِنَ ٱلْغَمِّ وَفَتَنَّـٰكَ فُتُونًۭا ۚ فَلَبِثْتَ سِنِينَ فِىٓ أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍۢ يَـٰمُوسَىٰ ﴿٤٠﴾

ى ى যেতিয়া তোমাৰভনীয়ে সেই বাকচৰঅনুসৰণ কৰিআছিল, যিপিনে বাকচ গৈছিল সেই পিনেই তেওঁ গতি কৰিছিল। অৱশেষত তেওঁ বাকচ ল’বধৰা ব্যক্তিক সম্বোধন কৰি ক'লেঃ মই আপোনাক সেই ব্যক্তিৰ সন্ধান দিমনে, যিয়ে ইয়াৰ হিফাজত কৰিব পাৰিব তথা ইয়াক পিয়াহ খোৱাব পাৰিব আৰু লালন-পালন কৰিব? এইদৰে (হে মূছা) আমি তোমাক তোমাৰ মাতৃ ৰ ওচৰলৈ ওভোতাই দি তোমাৰ প্ৰতি উপকাৰ কৰিছিলোঁ। যাতে তোমাৰ মায়ে তোমাক ওভোতাই পাই আনন্দি ত হয় আৰু তোমাক হেৰুৱাৰ বেদনা সহিব নালাগে। তুমি এজন কিবতীক ঘোচা মাৰি হত্যা কৰিছিলা, কিন্তু আমি তোমাক সেই দণ্ডৰ পৰাও ৰক্ষা কৰিছিলোঁ আৰু তোমাক তোমাৰ জীৱনত অহা এটাৰ পিছত এটা পৰীক্ষাৰ পৰা ৰক্ষা কৰিছিলোঁ। ইয়াৰ পিছত তু মি সেই ঠাইৰপৰা প্ৰস্থান কৰিমাদিয়ানবাসী সকলৰমাজত কেইবা বছৰঅৱস্থান কৰিছিলা। তাৰপিছত,হে মূ ছা! তু মি সেই সময় ত উভতি আহিছা,যিটো সময় তোমাৰ সৈতে কথা কোৱাৰ বাবে নিৰ্ধাৰিত আছিল।

وَٱصْطَنَعْتُكَ لِنَفْسِى ﴿٤١﴾

আৰু মই তোমাক নিৰ্বাচিত কৰিছোঁ, যাতে তু মি মোৰ ফালৰ পৰা বাৰ্তাবাহক হ'ব পাৰা, আৰু মানু হৰ মাজত সেইটো প্ৰচাৰ কৰিব পাৰা, যিটো মই তোমাৰ ফালে অহী কৰিম।

ٱذْهَبْ أَنتَ وَأَخُوكَ بِـَٔايَـٰتِى وَلَا تَنِيَا فِى ذِكْرِى ﴿٤٢﴾

হে মূ ছা! তু মি আৰু তোমাৰ ভাই হাৰূন, দুয়ো মিলি আল্লাহৰ ক্ষমতা আৰু একত্ব বাদৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূ হ লৈ যোৱা। তোমালোক দুয়োজনে (শুনা)! ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তথা মোৰ স্মৰণত কেতিয়াও অমনোযোগী নহ'বা।

ٱذْهَبَآ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ ﴿٤٣﴾

তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, কিয় নো সি কু ফৰী আৰু আল্লাহৰ অবাধ্যতাৰ ক্ষেত্ৰত সীমা চেৰাই গৈছে। فقولا له قولا لينا لعله يتذكرأو يخش

فَقُولَا لَهُۥ قَوْلًۭا لَّيِّنًۭا لَّعَلَّهُۥ يَتَذَكَّرُ أَوْ يَخْشَىٰ ﴿٤٤﴾

তোমালোকে দুয়ো তাৰ লগত নম্ৰ ভাৱে আলোচনা কৰিবা, যি আলোচনাত কোনো ধৰণৰ কঠোৰতা নাই। সম্ভ ৱতঃ সি উপদেশ গ্ৰহণ কৰিব তথা আল্লাহক ভয় কৰি তাওবা কৰিব। بلغ আল-কোৰআন · তাফছীৰ

قَالَا رَبَّنَآ إِنَّنَا نَخَافُ أَن يَفْرُطَ عَلَيْنَآ أَوْ أَن يَطْغَىٰ ﴿٤٥﴾

মূ ছা আৰু হাৰূন আলাইহিমাচ্ছালামে ক'লেঃ আমি আশংকা কৰিছোঁ, আমি তাক নিমন্ত্ৰ ণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব। নাইবা হত্যা তথা অন্য কোনো শাস্তি ৰ দ্বাৰা আমাৰ ওপৰত অন্যায় ৰ সীমা অতিক্ৰ ম কৰিব।

قَالَ لَا تَخَافَآ ۖ إِنَّنِى مَعَكُمَآ أَسْمَعُ وَأَرَىٰ ﴿٤٦﴾

আল্লাহে তেওঁ লোক দুয়োকে সম্বোধন কৰি ক'লেঃ তোমালোকে ভয় নকৰিবা। নিশ্চয় সহায় তথা সমৰ্থনৰ বাবে মই তোমালোকৰ লগত আছোঁ। নিশ্চয় মই সেই সকলো বিষয় শুনা পাম তথা চাই থাকিম, যিবোৰ তোমালোকৰ আৰু ফিৰআউনৰ মাজত সংঘটি ত হ'ব।

فَأْتِيَاهُ فَقُولَآ إِنَّا رَسُولَا رَبِّكَ فَأَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ وَلَا تُعَذِّبْهُمْ ۖ قَدْ جِئْنَـٰكَ بِـَٔايَةٍۢ مِّن رَّبِّكَ ۖ وَٱلسَّلَـٰمُ عَلَىٰ مَنِ ٱتَّبَعَ ٱلْهُدَىٰٓ ﴿٤٧﴾

এতেকে তোমালোক দুয়ো তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, হে ফিৰআউন! নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছু ল হিচাপে প্ৰে ৰিত হৈছোঁ। এতেকে বনী ইছৰাঈলক আমাৰ লগত প্ৰে ৰণ কৰা, তথা সিহঁ তৰ সন্তানক হত্যা কৰি আৰু সিহঁ তৰ নাৰীসকলক জীৱিত ৰাখি তু মি সিহঁ তক যি শাস্তি প্ৰদান কৰি আছা, সেয়া বন্ধ কৰা। নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ আমাৰ সত্যতাৰ প্ৰমাণ লৈ আহিছোঁ, আৰু সেই ব্যক্তি ৰ বাবে আল্লাহৰ শাস্তি ৰ পৰা সুৰক্ষা কবচ লৈ আহিছোঁ, যিয়ে ঈমান পোষণ কৰিব আৰু আল্লাহৰ হিদায় তৰ অনু সৰণ কৰিব।

إِنَّا قَدْ أُوحِىَ إِلَيْنَآ أَنَّ ٱلْعَذَابَ عَلَىٰ مَن كَذَّبَ وَتَوَلَّىٰ ﴿٤٨﴾

দৰাচলতে আল্লাহে আমাৰ প্ৰতি অহী কৰিছে যে, নিশ্চয় পৃথিৱী আৰু আখিৰাতৰ শাস্তি হৈছে সেই ব্যক্তি ৰ ওপৰত অৱধাৰিত, যিয়ে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিব আৰু ৰাছু লে লৈ অহা শিক্ষাক অৱজ্ঞা কৰিব। قال فمن ر بكما يموس

قَالَ فَمَن رَّبُّكُمَا يَـٰمُوسَىٰ ﴿٤٩﴾

ফিৰআউনে তেওঁ লোকৰ দুয়োৰে কথা অগ্ৰাহ্য কৰি ক'লেঃ হে মূ ছা! তোমালোকৰ ৰব্ব আকৌ কোন? যিয়ে তোমালোকক ৰাছু ল হিচাপে মোলৈ প্ৰে ৰণ কৰিছে?

قَالَ رَبُّنَا ٱلَّذِىٓ أَعْطَىٰ كُلَّ شَىْءٍ خَلْقَهُۥ ثُمَّ هَدَىٰ ﴿٥٠﴾

মূ ছা আলাইহিচ্ছালামে ক'লেঃসেইজনেই আমাৰৰব্ব, যিয়ে প্ৰত্যেককে এটা ৰূপ তথা উচিত আকৃ তি প্ৰদান কৰিছে, তাৰপিছত সকলো সৃষ্টি কেই সেই পথৰ হিদায় ত দিছে, যাৰ বাবে সিহঁ তক সৃষ্টি কৰা হৈছে।

قَالَ فَمَا بَالُ ٱلْقُرُونِ ٱلْأُولَىٰ ﴿٥١﴾

ফিৰআউনে ক'লেঃতেন্তে বিগত সম্প্ৰ দায় সমূ হৰকি গতি হ'ব,যিসকলে কু ফৰীঅৱস্থাতে মৃ ত্যুবৰণ কৰিছে?

قَالَ عِلْمُهَا عِندَ رَبِّى فِى كِتَـٰبٍۢ ۖ لَّا يَضِلُّ رَبِّى وَلَا يَنسَى ﴿٥٢﴾

মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ সেই উম্মতসকলৰ বিষয়ে পূৰ্ণাংগ জ্ঞান, মোৰ প্ৰতিপালকৰ ওচৰত লাওহে মাহফু জত লিপিবদ্ধ আছে। মোৰ প্ৰতিপালকৰ জ্ঞানত কোনো ত্ৰুটি নাই, আৰু তেওঁ কেতিয়াও একো নাপাহৰে। بلغ আল-কোৰআন · তাফছীৰ

ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ مَهْدًۭا وَسَلَكَ لَكُمْ فِيهَا سُبُلًۭا وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَخْرَجْنَا بِهِۦٓ أَزْوَٰجًۭا مِّن نَّبَاتٍۢ شَتَّىٰ ﴿٥٣﴾

شت ى যিয়ে তোমালোকৰ বাবে পৃথিৱীখনক বসবাস উপযোগী বনাইছে, তথা তাত তোমালোকৰ বাবে চলাচল কৰিব পৰা সুগম পথ বনাইছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে. যাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।

كُلُوا۟ وَٱرْعَوْا۟ أَنْعَـٰمَكُمْ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّأُو۟لِى ٱلنُّهَىٰ ﴿٥٤﴾

হে মানৱ! আমি তোমালোকৰ বাবে যি পৱিত্ৰ বস্তু উৎপন্ন কৰিছোঁ সেয়া ভক্ষণ কৰা, তথা তোমালোকৰ ঘৰচীয়া জন্তু বোৰক খাবলৈ দিয়া। নিশ্চয় উক্ত নিয়ামতসমূ হৰমাজত বিবেকৱানসকলৰবাবেআল্লাহৰশক্তি আৰু তেওঁ ৰএকত্ব ৰপ্ৰ মাণ নিহিত আছে।

۞ مِنْهَا خَلَقْنَـٰكُمْ وَفِيهَا نُعِيدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً أُخْرَىٰ ﴿٥٥﴾

পৃথিৱীৰ মাটি ৰেই আমি তোমালোকৰ পিতৃ আদমক সৃষ্টি কৰিছোঁ, এতেকে তোমালোকে যেতিয়া মৃ ত্যুবৰণ কৰিবা, তেতিয়া এই মাটি তেই তোমালোকক দাফন কৰা হ’ব, আকৌ কিয়ামতৰ দিনা আমি তোমালোকক এই মাটি ৰ পৰাই পুনৰুত্থিত কৰিম। ولقد أرينهءايتنا كلها فكذب وأبى

وَلَقَدْ أَرَيْنَـٰهُ ءَايَـٰتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ ﴿٥٦﴾

আমি ফিৰআউনৰ সন্মুখত ন টা নিদৰ্শনৰ গোটেই কেইটা প্ৰকট কৰিছিলোঁ, সি সেইবোৰ দেখিও অস্বীকাৰ কৰিছিল। তথা আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈও অস্বীকাৰ কৰিছিল। قال أجئتنا لتخرجنا من أرضنا بسحرك يموس

قَالَ أَجِئْتَنَا لِتُخْرِجَنَا مِنْ أَرْضِنَا بِسِحْرِكَ يَـٰمُوسَىٰ ﴿٥٧﴾

ফিৰআউনে ক'লেঃহে মূ ছা! তু মি তোমাৰযাদুৰজৰিয় তে আমাক মিচৰৰপৰা বহিষ্কাৰকৰিবলৈ আহিছা নেকি, যাতে তু মি ইয়াত শাসন কৰিব পাৰা?

فَلَنَأْتِيَنَّكَ بِسِحْرٍۢ مِّثْلِهِۦ فَٱجْعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًۭا لَّا نُخْلِفُهُۥ نَحْنُ وَلَآ أَنتَ مَكَانًۭا سُوًۭى ﴿٥٨﴾

এতেকে হে মূছা! নিশ্চয় আমিও তোমাৰ যাদুৰ দৰে যাদু লৈ আহিম। গতিকে আমাৰ আৰু তোমাৰ বাবে স্থান আৰু নিৰ্দিষ্ট সময় এটা নিৰ্ধাৰণ কৰা একত্ৰিত হ'বলৈ। যিটো প্ৰতিশ্ৰুতিৰপৰা আমিও পিছু ৱাই নাযাওঁ আৰুতু মিও পিছু ৱাই নাযাবা। তথা সেই স্থান যাতে হয় উপযুক্ত আৰুদুয়ো দলৰবাবে মধ্যৱৰ্তী ঠাই।

قَالَ مَوْعِدُكُمْ يَوْمُ ٱلزِّينَةِ وَأَن يُحْشَرَ ٱلنَّاسُ ضُحًۭى ﴿٥٩﴾

মূ ছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ ঠি ক আছে, তেনেহ’লে একত্ৰিত হ'বলৈ উৎসৱৰ দিনটোকে মই নিৰ্ধাৰণ কৰিলোঁ আমাৰ আৰু তোমালোকৰ বাবে। যিদিনামানু হে আগবেলিয়ে উৎসৱউদযাপন কৰিবলৈ একত্ৰিত হয় । فتولى فرعون فجمع كيده ثم أتى

فَتَوَلَّىٰ فِرْعَوْنُ فَجَمَعَ كَيْدَهُۥ ثُمَّ أَتَىٰ ﴿٦٠﴾

ইয়াৰপিছত ফিৰআউন উভতি গ'ল,আৰুচক্ৰান্ত ৰচিবলৈ ধৰিলে তথানিৰ্দিষ্ট সময় ত নিৰ্ধাৰিত স্থানতগৈ উপস্থি ত হ'ল। بلغ আল-কোৰআন · তাফছীৰ

قَالَ لَهُم مُّوسَىٰ وَيْلَكُمْ لَا تَفْتَرُوا۟ عَلَى ٱللَّهِ كَذِبًۭا فَيُسْحِتَكُم بِعَذَابٍۢ ۖ وَقَدْ خَابَ مَنِ ٱفْتَرَىٰ ﴿٦١﴾

মূছা আলাইহিচ্ছালামে ফিৰআউনৰ যাদুকৰসকলক উপদেশ দি ক'লেঃ এতিয়াও সময় আছে সাৱধান হোৱা, তোমালোকে যাদুৰ জৰিয় তে মানুহক প্ৰতাৰণা কৰি আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, অন্যথা আল্লাহে তোমালোকক কোনো শাস্তি ৰ জৰিয় তে নিৰ্মূল কৰি পেলাব। কিয় নো যিয়ে আল্লাহৰপ্ৰ তি মিছা আৰোপ কৰে, নিশ্চিতভাৱেসি হৈছে ক্ষতিগ্ৰ তস্।

فَتَنَـٰزَعُوٓا۟ أَمْرَهُم بَيْنَهُمْ وَأَسَرُّوا۟ ٱلنَّجْوَىٰ ﴿٦٢﴾

যাদুকৰসকলে মূছা আলাইহিচ্ছালামৰ কথা শুনি তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু ইজনে সিজনৰ লগত কাণে কাণে কথা পাতিবলৈ ধৰিলে।

قَالُوٓا۟ إِنْ هَـٰذَٰنِ لَسَـٰحِرَٰنِ يُرِيدَانِ أَن يُخْرِجَاكُم مِّنْ أَرْضِكُم بِسِحْرِهِمَا وَيَذْهَبَا بِطَرِيقَتِكُمُ ٱلْمُثْلَىٰ ﴿٦٣﴾

সিহঁ তে ইজনে সিজনৰ কাণত গোপনভাৱে ক'লেঃ নিশ্চয় মূ ছা আৰু হাৰূন হৈছে যাদুকৰ, তেওঁ লোকে নিজৰ যাদুৰ জৰিয় তে তোমালোকক মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, তথা তোমালোকৰ জীৱন-যাপনৰ উত্তম পদ্ধতি আৰুف উচ্চতম সিদ্ধান্ত ক বিনষ্ট কৰিব বিচাৰে।

فَأَجْمِعُوا۟ كَيْدَكُمْ ثُمَّ ٱئْتُوا۟ صَفًّۭا ۚ وَقَدْ أَفْلَحَ ٱلْيَوْمَ مَنِ ٱسْتَعْلَىٰ ﴿٦٤﴾

এতেকে তোমালোকে নিজৰ সিদ্ধান্ত ত দৃঢ় থাকিবা, এই ক্ষেত্ৰত কোনো মতানৈক্যৰ চিকাৰ নহ'বা, তথা শাৰীবদ্ধভাৱে আগুৱাই যাবা, আৰু তোমালোকৰ হাতত যি যি আছে সেয়া সকলোৱে এবাৰতেই নিক্ষেপ কৰিবা। আজি সেই ব্যক্তিয়ে সফলতা অৰ্জ ন কৰিব যিয়ে নিজৰ প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব।

قَالُوا۟ يَـٰمُوسَىٰٓ إِمَّآ أَن تُلْقِىَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنْ أَلْقَىٰ ﴿٦٥﴾

যাদুকৰসকলে মূ ছা আলাইহিচ্ছালামক ক'লেঃ হে মূ ছা! তু মি দুটা বিকল্প ৰ যিকোনো এটা গ্ৰহণ কৰা, হয় তু মি প্ৰথমে তোমাৰ যাদু দেখুৱা, নহ'লে আমি প্ৰথমেআৰম্ভ কৰিম।

قَالَ بَلْ أَلْقُوا۟ ۖ فَإِذَا حِبَالُهُمْ وَعِصِيُّهُمْ يُخَيَّلُ إِلَيْهِ مِن سِحْرِهِمْ أَنَّهَا تَسْعَىٰ ﴿٦٦﴾

মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকৰ ওচৰত যি আছে সেইবোৰকে প্ৰথমে নিক্ষেপ কৰা। এতেকে সিহঁ তে সিহঁ তৰ ওচৰত থকা যি যি আছিল নিক্ষেপ কৰিলে, হঠাৎ সিহঁ তে নিক্ষেপ কৰা ৰচী আৰু লাখুটি বোৰ যাদুৰ প্ৰভাৱত মূ ছা আলাইহিচ্ছালামৰ ওচৰত এনেকু ৱা প্ৰতীত হ'বলৈ ধৰিলে যেনিবা সেইবোৰ সাপ হৈ দৌৰি আছে। فأوجس فى نفسه خيفة م وس

فَأَوْجَسَ فِى نَفْسِهِۦ خِيفَةًۭ مُّوسَىٰ ﴿٦٧﴾

এতেকে সিহঁ তৰএই কৰ্ম দেখি মূ ছা আলাইহিচ্ছালামৰঅন্ত ৰত ভয় অনু ভৱহ'বলৈ ধৰিলে।

قُلْنَا لَا تَخَفْ إِنَّكَ أَنتَ ٱلْأَعْلَىٰ ﴿٦٨﴾

তেতিয়া আল্লাহে মূছা আলাইহিচ্ছালামক সান্ত না প্ৰদান কৰি ক'লেঃ তু মি যিটো অনুভৱ কৰি আছা, সেইটোক ভয় নকৰিবা। হে মূছা! নিশ্চয় তু মিয়ে ই সিহঁ তকপৰাস্ত কৰিবিজয় লাভ কৰিবা। بلغ আল-কোৰআন · তাফছীৰ

وَأَلْقِ مَا فِى يَمِينِكَ تَلْقَفْ مَا صَنَعُوٓا۟ ۖ إِنَّمَا صَنَعُوا۟ كَيْدُ سَـٰحِرٍۢ ۖ وَلَا يُفْلِحُ ٱلسَّاحِرُ حَيْثُ أَتَىٰ ﴿٦٩﴾

তোমাৰসোঁ হাতত যিডাল লাখুটি আছে, সেইডাল নিক্ষেপ কৰা। সেইডাল এডাল প্ৰকাণ্ডসাপ হৈ সেইবোৰক গিলি খাব। দৰাচলতে সিহঁ তে যি বনাইছে, সেইবোৰ যাদুৰ চক্ৰান্ত ৰ বাহিৰে আন একো নহয় । এতেকে যাদুকৰ য’তে নাথাকক কিয় , সিহঁ ত কেতিয়াও উদ্দেশ্যত সফল হ'ব নোৱাৰিব।

فَأُلْقِىَ ٱلسَّحَرَةُ سُجَّدًۭا قَالُوٓا۟ ءَامَنَّا بِرَبِّ هَـٰرُونَ وَمُوسَىٰ ﴿٧٠﴾

এতেকে মূছা আলাইহিচ্ছালামে তেওঁৰ লাখুটি ডাল নিক্ষেপ কৰিলে, ফলত সেই লাখুটি ডাল এডাল প্ৰকাণ্ড সাপ হৈ যাদুকৰসকলৰ সৰু সৰু সাপবোৰক এফালৰ পৰা গিলি খাবলৈ ধৰিলে। এতেকে যাদুকৰসকলে যেতিয়া পতিয় ন গ'ল যে, মূ ছাৰ ওচৰত যি আছে সেয়া যাদু নহয় , বৰং সেয়া হৈছে আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিদৰ্শন, তেতিয়া সিহঁ তে আল্লাহৰ বাবে ছাজদাত পৰি ক'লেঃ আমি ঈমান পোষণ কৰিলোঁ মূ ছা আৰু হাৰূনৰ প্ৰতিপালকৰ প্ৰতি তথা গোটেই সৃষ্টি জগতৰপ্ৰ তিপালকৰপ্ৰ তি।

قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ ۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَـٰفٍۢ وَلَأُصَلِّبَنَّكُمْ فِى جُذُوعِ ٱلنَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابًۭا وَأَبْقَىٰ ﴿٧١﴾

ى ফিৰআউনে যাদুকৰসকলৰ ঈমানক নাকচ কৰি আৰু সিহঁতক সকীয় নি দি ক'লেঃ মই অনুমতি দিয়াৰ আগতেই তোমালোকে মূছাৰ প্ৰতি ঈমান আনিলা? হে যাদুকৰসকল! মোৰ এতিয়া বিশ্বাস হৈছে যে, নিশ্চয় মূছাই হৈছে তোমালোকৰ প্ৰতিনিধি, যিয়ে তোমালোকক যাদু শিকাইছে। মই তোমালোকৰ প্ৰত্যেকৰে হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি ম, আৰু তোমালোকৰ শৰীৰক মৃত্যু নোহোৱালৈকে খেজুৰ গছৰ কাণ্ডত ওলোমাই ৰাখিম, আৰু তোমালোকৰ এই শাস্তি যাতে মানু হৰ বাবে শিক্ষামূ লক হয় । তেতিয়াহে তোমালোকে গম পাবা, আমাৰ মাজৰ কোনে অধিক কঠোৰ আৰু স্থায়ীশাস্তি প্ৰদান কৰিবপাৰে,মই নে মূ ছাৰপ্ৰ তিপালক?

قَالُوا۟ لَن نُّؤْثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلْبَيِّنَـٰتِ وَٱلَّذِى فَطَرَنَا ۖ فَٱقْضِ مَآ أَنتَ قَاضٍ ۖ إِنَّمَا تَقْضِى هَـٰذِهِ ٱلْحَيَوٰةَ ٱلدُّنْيَآ ﴿٧٢﴾

যাদুকৰসকলে ফিৰআউনক ক'লেঃ হে ফিৰআউন! আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহি পৰিছে, সেইবোৰৰ অনুসৰণৰ ওপৰত আমি কেতিয়াও তোমাৰ অনুসৰণক প্ৰাধান্য দিব নোৱাৰোঁ। তথা যিজন আল্লাহে আমাক সৃষ্টি কৰিছে, তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক অগ্ৰাধিকাৰ নিদিওঁ। এতেকে তু মি আমাৰসৈতে যি আচৰণ কৰিববিচৰাকৰা। এই ধ্বংসশীল জীৱনতেই কেৱল তু মি আমাৰওপৰত শাসন কৰিবপাৰিবা,আৰুজানি থোৱা! অতিশীঘ্ৰে তোমাৰএইৰাজত্ব বিনষ্ট হ'ব।

إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغْفِرَ لَنَا خَطَـٰيَـٰنَا وَمَآ أَكْرَهْتَنَا عَلَيْهِ مِنَ ٱلسِّحْرِ ۗ وَٱللَّهُ خَيْرٌۭ وَأَبْقَىٰٓ ﴿٧٣﴾

নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, আশা কৰোঁ তেওঁ আমাৰ বিগত গুনাহসমূহ যেনে কু ফৰী আদি ক্ষমা কৰিব তথা আমাৰ যাদুকৰ্মৰ পাপবোৰ মাৰ্জ না কৰিব, যিটো শিকিবলৈ আৰু অভ্যাস কৰিবলৈ তথা যাৰ দ্বাৰা মূ ছাক পৰাস্ত কৰিবলৈ তু মি আমাক বাধ্য কৰিছিলা। আল্লাহে তাতোকৈ অধিক প্ৰতিফল দান কৰিব যিবোৰৰ তু মি প্ৰতিশ্ৰুতি দিছিলা, তথা তেওঁ তাতোকৈও অধিক স্থায়ী আৰু কঠি ন শাস্তি দিবলৈ সক্ষম, যিটো শাস্তি ৰ সকীয় নি তু মি আমাকপ্ৰ দান কৰিছা। إنه من يأت ربه مجرما فإن له جهنملا يموت فيها ولا يحي

إِنَّهُۥ مَن يَأْتِ رَبَّهُۥ مُجْرِمًۭا فَإِنَّ لَهُۥ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ ﴿٧٤﴾

এতেকে মূ ল কথা হৈছে, যিয়ে কিয়ামতৰ দিনা কাফিৰ অৱস্থাত আল্লাহৰ ওচৰত আহিব, তাৰ বাবে আছে জাহান্নাম, য’ত সি প্ৰৱেশ কৰিব আৰু চিৰকাল অৱস্থান কৰিব, তাত শাস্তি ৰ পৰা ৰক্ষা পাবলৈ কেতিয়াও তাৰ মৃ ত্যু নহ'ব, ইপিনে পৱিত্ৰ জীৱনো লাভ নকৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَمَن يَأْتِهِۦ مُؤْمِنًۭا قَدْ عَمِلَ ٱلصَّـٰلِحَـٰتِ فَأُو۟لَـٰٓئِكَ لَهُمُ ٱلدَّرَجَـٰتُ ٱلْعُلَىٰ ﴿٧٥﴾

আনহাতে যিয়ে নিজ প্ৰতিপালকৰওচৰত মুমিন অৱস্থাত আহিবতথা সৎকৰ্ম কৰিউপস্থি ত হ'ব, তেনেকু ৱা মহান গুণবিশিষ্ট ব্যক্তিসকলৰবাবেআছে উচ্চ স্থান তথাউচ্চ মৰ্যাদা।

جَنَّـٰتُ عَدْنٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَآءُ مَن تَزَكَّىٰ ﴿٧٦﴾

সেই উচ্চ মৰ্যাদাৰ দ্বাৰা সেই প্ৰতিষ্ঠি ত জান্নাতক বুজোৱা হৈছে যাৰ অট্টালিকসমূ হৰ তলদেশত আছে জলপ্ৰ বাহ আৰু তাত তেওঁ লোকে চিৰকাল বসবাস কৰিব। উক্ত প্ৰতিদান প্ৰত্যেক সেই ব্যক্তি য়ে লাভ কৰিব,যিয়ে কু ফৰী আৰুপাপকৰ্মৰপৰা নিজকে পৱিত্ৰ ৰাখিব।

وَلَقَدْ أَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِى فَٱضْرِبْ لَهُمْ طَرِيقًۭا فِى ٱلْبَحْرِ يَبَسًۭا لَّا تَخَـٰفُ دَرَكًۭا وَلَا تَخْشَىٰ ﴿٧٧﴾

নিশ্চয় আমি মূ ছাৰ প্ৰতি অহী কৰিছিলোঁ যে, তু মি ৰাতিৰ ভিতৰতেই মোৰ বান্দাসকলক লগত লৈ মিচৰৰ পৰা ৰাওনা হোৱা, যাতে কোনেও একো গম নাপায় , আৰু সাগৰত তোমাৰ লাখুটি ৰে আঘাত কৰি তেওঁ লোকৰ বাবে শুকান ৰাস্তা বনাই লোৱা, তথা সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে আৰু কোনো ভয় -ভীতি নোহোৱাকৈ আগুৱাই যোৱা, এই ভয় কেতিয়াও নকৰিবা যে, ফিৰআউনে তোমালোকক ধৰিব পাৰিব অথবা তোমালোকে সাগৰত ডু বি যাবা।

فَأَتْبَعَهُمْ فِرْعَوْنُ بِجُنُودِهِۦ فَغَشِيَهُم مِّنَ ٱلْيَمِّ مَا غَشِيَهُمْ ﴿٧٨﴾

ইপিনে ফিৰআউনে নিজৰ সৈন্যবাহিনীক লৈ তেওঁলোকক চোঁচা ল'লে, ফলত সাগৰে তাক আৰু তাৰ সৈন্যবাহিনীক এনেকৈ ডুবাই মাৰিলে যাৰ বাস্ত ৱিকতা কেৱল আল্লাহেই জানে। অৱশেষত সিহঁ তৰ সকলোৱে ডু বি গ'ল আৰু ধ্বংস হ'ল, আনহাতে মূ ছা আৰু তেওঁ ৰ সঙ্গীসকল সুকলমে পাৰ হৈ গ'ল। وأضل فرعون قومه وما هد

وَأَضَلَّ فِرْعَوْنُ قَوْمَهُۥ وَمَا هَدَىٰ ﴿٧٩﴾

ফিৰআউনে নিজৰ সম্প্ৰ দায় ক পথভ্ৰ ষ্টকৰিছিল, সিহঁ তৰ সন্মুখত কু ফৰী কৰ্মক সৌন্দ ৰ্যময় কৰি উপস্থাপন কৰিছিল তথা অসত্যৰ জৰিয় তে প্ৰবঞ্চিত কৰিছিল। সি কেতিয়াও সত্যৰ পথ দেখুৱা নাছিল।

يَـٰبَنِىٓ إِسْرَٰٓءِيلَ قَدْ أَنجَيْنَـٰكُم مِّنْ عَدُوِّكُمْ وَوَٰعَدْنَـٰكُمْ جَانِبَ ٱلطُّورِ ٱلْأَيْمَنَ وَنَزَّلْنَا عَلَيْكُمُ ٱلْمَنَّ وَٱلسَّلْوَىٰ ﴿٨٠﴾

আমি বনী ইছৰাঈলক ফিৰআউন আৰু তাৰ সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰাৰ পিছত ক’লোঁঃ হে বনী ইছৰাঈল! আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিছোঁ। তথা তু ৰপৰ্বতৰকাষত অৱস্থি ত উপত্যকাৰ সোঁফালে মূ ছাৰলগত কথাপোকথন কৰিম বুলি তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ। লগতে তীহৰ ময় দানত আমি আমাৰ নিয়ামতৰ পৰা তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ মৌৰ দৰে মিঠা পানীয় আৰু বটা চৰাইৰ দৰে সৰু চৰাইৰ পৱিত্ৰ মাংস।

كُلُوا۟ مِن طَيِّبَـٰتِ مَا رَزَقْنَـٰكُمْ وَلَا تَطْغَوْا۟ فِيهِ فَيَحِلَّ عَلَيْكُمْ غَضَبِى ۖ وَمَن يَحْلِلْ عَلَيْهِ غَضَبِى فَقَدْ هَوَىٰ ﴿٨١﴾

আমি তোমালোকক যিবোৰ হালাল খাদ্য প্ৰদান কৰিছোঁ, তাৰ পৰা সোৱাদ লগা বস্তু বোৰ তোমালোকে ভক্ষণ কৰা, তথা আমি তোমালোকৰ বাবে যিবোৰ বস্তু বৈধ কৰিছোঁ সেইবোৰক এৰি আমি হাৰাম কৰা বস্তু বোৰৰ পিনে কেতিয়াও ঢাপলি নেমেলিবা। অন্যথা তোমালোকৰ ওপৰত মোৰ প্ৰকোপ অৱতীৰ্ণ হ'ব, আৰু (জানি থোৱা) যাৰ ওপৰত মোৰ প্ৰকোপ অৱতীৰ্ণ হ'ব, নিশ্চিতভাৱে তাৰ সৰ্বনাশ হ'ব, লগতে পৃথিৱী আৰু আখিৰাতত সি দুৰ্ভ গীয়া হ'ব। بلغ আল-কোৰআন · তাফছীৰ

وَإِنِّى لَغَفَّارٌۭ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَـٰلِحًۭا ثُمَّ ٱهْتَدَىٰ ﴿٨٢﴾

যিয়ে তাওবা কৰি মোৰ ফালে প্ৰত্যাৱৰ্ত ন কৰিছে আৰু ঈমান পোষণ কৰিছে তথা সৎকৰ্ম কৰিছে আৰু সত্যৰ ওপৰত সুদৃঢ় আছিল, নিঃসন্দে হে মই তেনেকু ৱা লোকৰ প্ৰতি অধিক ক্ষমাশীল তথা মাৰ্জ নাকাৰী।

۞ وَمَآ أَعْجَلَكَ عَن قَوْمِكَ يَـٰمُوسَىٰ ﴿٨٣﴾

হে মূ ছা! তু মি তোমাৰসম্প্ৰ দায় ক পিছফালে এৰিথৈ কিয় ইমান খৰখেদাকৈ আগতে আহিলা?

قَالَ هُمْ أُو۟لَآءِ عَلَىٰٓ أَثَرِى وَعَجِلْتُ إِلَيْكَ رَبِّ لِتَرْضَىٰ ﴿٨٤﴾

মূছা আলাইহিচ্ছালামে ক'লেঃ তেওঁলোকে মোৰ পিছে পিছে আহি আছে, অনতিপলমে তেওঁলোকে আহি মোক লগ ধৰিব। মই মোৰ সম্প্ৰ দায় ৰ আগতে তোমাৰওচৰলৈ এই কাৰণে আহিছোঁ,যাতে তু মি মোৰআগতীয়াকৈ অহাৰআগ্ৰ হ দেখি সন্তু ষ্টহোৱা।

قَالَ فَإِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنۢ بَعْدِكَ وَأَضَلَّهُمُ ٱلسَّامِرِىُّ ﴿٨٥﴾

আল্লাহে ক'লেঃ তু মি তোমাৰ পিছফালে এৰি থৈ অহা সম্প্ৰ দায় ক, আমি দামুৰী পূজাৰ পৰীক্ষাত পতিত কৰিছোঁ। দৰাচলতে ছামিৰীয়ে সিহঁ তক এই পূজাৰ পিনে আহ্বান কৰিছে, তথা ইয়াৰ দ্বাৰা সি সিহঁ তক পথভ্ৰ ষ্টকৰিছে।

فَرَجَعَ مُوسَىٰٓ إِلَىٰ قَوْمِهِۦ غَضْبَـٰنَ أَسِفًۭا ۚ قَالَ يَـٰقَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ۚ أَفَطَالَ عَلَيْكُمُ ٱلْعَهْدُ أَمْ أَرَدتُّمْ أَن يَحِلَّ عَلَيْكُمْ غَضَبٌۭ مِّن رَّبِّكُمْ فَأَخْلَفْتُم مَّوْعِدِى ﴿٨٦﴾

أن يحل عليكم غضب من ر بكم فأخلفتم موعدى এতেকে মূছা আলাইহিচ্ছালামে দুখ মনেৰে আৰু ক্ৰোধান্বি ত হৈ নিজৰ সম্প্ৰ দায় ৰ অভিমূখে ৰাওনা হ'ল। মূছা আলাইহিচ্ছামে আহি ক'লেঃ হে মোৰ সম্প্ৰ দায়ৰ লোকসকল! আল্লাহে তোমালোকক ভাল প্ৰতিশ্ৰুতি দিয়া নাছিলনে যে, তেওঁ তোমালোকৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব? দীৰ্ঘ সময় অতিবাহিত হোৱাৰ কাৰণে পাহৰি গৈছা নেকি? অথবা তোমালোকে এই কৰ্মৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ গজব অৱতীৰ্ণ হোৱাটো কামনা কৰা নেকি, যাতে তোমালোকে শাস্তি ত পতিত হোৱা, সেইকাৰণেই তোমালোকে আনুগত্যৰ ওপৰত অবিচল থকাৰযি প্ৰতিশ্ৰুতি মই দিছিলোঁসেইটোভঙ্গ কৰিছা?!

قَالُوا۟ مَآ أَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلَـٰكِنَّا حُمِّلْنَآ أَوْزَارًۭا مِّن زِينَةِ ٱلْقَوْمِ فَقَذَفْنَـٰهَا فَكَذَٰلِكَ أَلْقَى ٱلسَّامِرِىُّ ﴿٨٧﴾

মূছাৰ সম্প্ৰ দায় ৰ লোকসকলে ক'লেঃ হে মূছা! আমি আপোনাৰ প্ৰতিশ্ৰুতি নিজৰ ইচ্ছা অনুসৰি ভংগ কৰা নাই, বৰং বাধ্যত পৰিহে ভংগ কৰিছোঁ। দৰাচলতে আমাৰ ওচৰত ফিৰআউন জাতিৰ আ-অলংকাৰৰ ভাৰি বোজা আছিল, যিবোৰৰ পৰা হাত সাৰিবলৈ আমি সেইবোৰক এটা গাতত নিক্ষেপ কৰিছিলোঁ। এতেকে যিদৰে আমি নিক্ষেপ কৰিছিলোঁ, ঠি ক সেইদৰে ছামিৰিয়ে ও তাৰ ওচৰত থকা জিব্ৰীল আলাইহিচ্ছালামৰ ঘোঁৰাৰ খুৰৰ মাটি নিক্ষেপ কৰিছিল।

فَأَخْرَجَ لَهُمْ عِجْلًۭا جَسَدًۭا لَّهُۥ خُوَارٌۭ فَقَالُوا۟ هَـٰذَآ إِلَـٰهُكُمْ وَإِلَـٰهُ مُوسَىٰ فَنَسِىَ ﴿٨٨﴾

ইয়াৰ পিছত ছামেৰীয়ে বনী ইছৰাঈলৰ বাবে সেই আ-অলংকাৰৰ দ্বাৰা এটা দামুৰি সাজিলে, যাৰ ভিতৰত ৰূহ (জীৱন) নাছিল কিন্তু গৰুৰ দৰে মাত উলিয়াইছিল। ছামেৰীৰ এই কৰ্ম দেখি আকৰ্ষিত হোৱা লোকসকলে ক'লেঃ এইটোৱে হৈছে মূছা আৰু তোমালোকৰ প্ৰতিপালক। মূছাই এইটোক ইয়াতে পাহৰি এৰি গৈছে। بلغ আল-কোৰআন · তাফছীৰ ر أفلا يرون ألا يرجع إليهم قولا ولا يملك لهم ض اولا نفعا

أَفَلَا يَرَوْنَ أَلَّا يَرْجِعُ إِلَيْهِمْ قَوْلًۭا وَلَا يَمْلِكُ لَهُمْ ضَرًّۭا وَلَا نَفْعًۭا ﴿٨٩﴾

যিসকল লোকে দামু ৰিৰ ফিতনাত পৰি তাৰ পূজা-পাঠ আৰম্ভ কৰিছিল, সিহঁ তে লক্ষ্য কৰা নাইনে যে, এই দামু ৰিটোৱে কথাও ক'ব নোৱাৰে, তথা কোনো কথাৰ উত্তৰো দিব নোৱাৰে, আনকি নিজকে অথবা আনক কোনো বিপদৰ পৰা ৰক্ষাও কৰিব নোৱাৰে, নাইবা নিজৰ অথবা আনৰ উপকাৰো সাধিব নোৱাৰে?

وَلَقَدْ قَالَ لَهُمْ هَـٰرُونُ مِن قَبْلُ يَـٰقَوْمِ إِنَّمَا فُتِنتُم بِهِۦ ۖ وَإِنَّ رَبَّكُمُ ٱلرَّحْمَـٰنُ فَٱتَّبِعُونِى وَأَطِيعُوٓا۟ أَمْرِى ﴿٩٠﴾

আনহাতে মূছা আলাইহিচ্ছালাম উভতি অহাৰ পূৰ্বে হাৰূন আলাইহিচ্ছালামেও সিহঁ তক উদ্দেশ্যি কৈছিলঃ আ-অলংকাৰেৰে নিৰ্মিত এই দামুৰি আৰু ইয়াৰ মাতটো তোমালোকৰ বাবে এটা পৰীক্ষাহে, যাতে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্য হয়। তথা হে মোৰ জাতিৰ লোকসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে সেইজন, যিজন অত্যন্ত দয়াৰ অধিকাৰী। সেইজন কেতিয়াও নহয় যিজন দয়াতো দূৰৰ কথা ক্ষয়-ক্ষতি তথা উপকাৰৰো মালিক নহয় । এতেকে সেই একক আল্লাহৰ ইবাদত কৰাৰ স্বাৰ্থত তোমালোকে মোৰ অনু সৰণ কৰা, তথা তেওঁ ৰ বাহিৰে আনৰ ইবাদত ত্যাগ কৰাৰক্ষেত্ৰত মোৰআদেশ পালন কৰা। قالوالن نبرح عليه عكفين حت يرجع إلينا موس

قَالُوا۟ لَن نَّبْرَحَ عَلَيْهِ عَـٰكِفِينَ حَتَّىٰ يَرْجِعَ إِلَيْنَا مُوسَىٰ ﴿٩١﴾

দামু ৰিৰপূজা-পাঠত লিপ্ত লোকসকলে উত্তৰদি ক'লেঃমূ ছা উভতি নহালৈকে আমি ইয়াৰইবাদত কৰিয়ে থাকিম।

قَالَ يَـٰهَـٰرُونُ مَا مَنَعَكَ إِذْ رَأَيْتَهُمْ ضَلُّوٓا۟ ﴿٩٢﴾

মূছা আলাইহিচ্ছালামে (উভতি অহাৰ পিছত) তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ তু মি যিহেতু লক্ষ্য কৰিছিলা যে, সিহঁ তে আল্লাহক এৰি দামুৰিৰ পূজা-পাঠত লিপ্ত হৈছে, তাৰ পিছতো তু মি সিহঁ তক কিয় বাধা দিয়া নাছিলা?

أَلَّا تَتَّبِعَنِ ۖ أَفَعَصَيْتَ أَمْرِى ﴿٩٣﴾

সিহঁ তক এৰিমোৰলগত সাক্ষাৎ কৰিলাহেঁ তেন। তু মি মোৰসেই আদেশ অমান্য কৰিছিলা নেকি, যিটো আদেশ মই তোমাক সিহঁ তৰপ্ৰ তিনিধিনিযুক্তি দিয়াৰসময় ত দিছিলোঁ?

قَالَ يَبْنَؤُمَّ لَا تَأْخُذْ بِلِحْيَتِى وَلَا بِرَأْسِىٓ ۖ إِنِّى خَشِيتُ أَن تَقُولَ فَرَّقْتَ بَيْنَ بَنِىٓ إِسْرَٰٓءِيلَ وَلَمْ تَرْقُبْ قَوْلِى ﴿٩٤﴾

মূ ছা আলাইহিচ্ছালামে যেতিয়া তেওঁ ৰ ভাতৃ ৰ দাঢ়ি আৰু মূ ৰৰ চু লি খামোচি ধৰি নিজৰ ফালে টানি তেওঁ ক ভৰ্ৎ সনা কৰি আছিল, তেতিয়া হাৰূনে তেওঁ ৰ ওচৰত কৃ পা কৰাৰ আবেদন জনাই ক'লেঃ আপুনি অনুগ্ৰ হ কৰি মোৰ দাঢ়ি আৰু চু লিত ধৰি নাটানিব। কিয় নো সিহঁ তৰ সৈতে অৱস্থান কৰা সম্পৰ্কে মোৰ ওচৰত উপযুক্ত কাৰণ আছে। দৰাচলতে মই যদি সিহঁতক এৰি গুচি গ’লোঁহেঁতেন তেন্তে সিহঁতে বিভিন্ন দলত বিভক্ত হ'লহেঁতেন। তেতিয়া আপুনি মোক দোষাৰোপ কৰিলেহেঁ তেন যে, ময়ে ই সিহঁ তক বিভক্ত কৰিছোঁ, তথা আপোনাৰউপদেশৰপ্ৰ তি ভ্ৰূক্ষেপ কৰা নাছিলোঁ। قال فما خطبك يسمرى

قَالَ فَمَا خَطْبُكَ يَـٰسَـٰمِرِىُّ ﴿٩٥﴾

মূছা আলাইহিচ্ছালামে ছামেৰীক উদ্দেশ্যি ক'লেঃ হে ছামেৰী! তোমাৰ আকৌ কি হ'ল, তুমি যি কৰ্মটো কৰিছা, এইটো কৰিবলৈ তোমাক কিহে অনু প্ৰে ৰণা যোগাইছে? بلغ আল-কোৰআন · তাফছীৰ

قَالَ بَصُرْتُ بِمَا لَمْ يَبْصُرُوا۟ بِهِۦ فَقَبَضْتُ قَبْضَةًۭ مِّنْ أَثَرِ ٱلرَّسُولِ فَنَبَذْتُهَا وَكَذَٰلِكَ سَوَّلَتْ لِى نَفْسِى ﴿٩٦﴾

ছামেৰীয়ে মূছা আলাইহিচ্ছালামক ক'লেঃ মই সেইটো প্ৰত্যক্ষ কৰিছোঁ যিটো সিহঁ তে প্ৰত্যক্ষ কৰা নাই। মই জিব্ৰীলক ঘোঁৰাৰ ওপৰত দেখিছোঁ আৰু তেওঁৰ ঘোঁৰাৰ পদ চিহ্নৰ এমুঠি মাটি সংগ্ৰ হ কৰিছোঁ, সেই মাটি আ-অলংকাৰেৰে নিৰ্মিত দামুৰিৰ অৱয় বত নিক্ষেপ কৰিছোঁ। এতেকে ইয়াৰ দ্বাৰা এটা দামু ৰিৰ শৰীৰ সৃষ্টি হৈছে, যিটো হাম্বা হাম্বা মাতিছিল। মই যি কৰিছোঁ সেইটো মোৰ মনে মোৰ বাবে সৌন্দ ৰ্যময় কৰি দিছিল।

قَالَ فَٱذْهَبْ فَإِنَّ لَكَ فِى ٱلْحَيَوٰةِ أَن تَقُولَ لَا مِسَاسَ ۖ وَإِنَّ لَكَ مَوْعِدًۭا لَّن تُخْلَفَهُۥ ۖ وَٱنظُرْ إِلَىٰٓ إِلَـٰهِكَ ٱلَّذِى ظَلْتَ عَلَيْهِ عَاكِفًۭا ۖ لَّنُحَرِّقَنَّهُۥ ثُمَّ لَنَنسِفَنَّهُۥ فِى ٱلْيَمِّ نَسْفًا ﴿٩٧﴾

মূছা আলাইহিচ্ছালামে ছামেৰীক ক'লেঃ তু মি ইয়াৰ পৰা ওলাই যোৱা, তোমাৰ শাস্তি হৈছে ওৰে জীৱন এইটো কৈ থাকিবা, “মই কাকো স্পৰ্শ নকৰোঁ, কোনেও যেন মোক স্পৰ্শ নকৰে”। আছু তীয়াকৈ জীৱন-যাপন কৰিবা। তথা কিয়ামতৰ দিনা তোমাৰ বাবে আছে এটা প্ৰতিশ্ৰুতি, সেইদিনা তোমাৰ হিচাপ হ'বআৰুশাস্তি প্ৰদান কৰাহ'ব। আল্লাহে এই প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰিব। তু মি তোমাৰএই দামুৰিটোৰপিনে চোৱা,যাক তু মি আল্লাহৰ বাহিৰে উপাস্য বুলি গ্ৰহণ কৰি ইবাদত কৰিছিলা। আমি ইয়াক অগ্নিত নিক্ষেপ কৰিম, অৱশেষত ই গলি তৰল হৈ যাব। তেতিয়া আমি ইয়াক সাগৰত নিক্ষেপ কৰিম, যাতে ইয়াৰকোনো চিহ্ন অৱশিষ্ট নাথাকে।

إِنَّمَآ إِلَـٰهُكُمُ ٱللَّهُ ٱلَّذِى لَآ إِلَـٰهَ إِلَّا هُوَ ۚ وَسِعَ كُلَّ شَىْءٍ عِلْمًۭا ﴿٩٨﴾

হে মানৱজাতি! নিশ্চয় তোমালোকৰপ্ৰ কৃ ত প্ৰতিপালক হৈছে সেই আল্লাহ, যাৰবাহিৰেআন কোনো সত্যউপাস্যনাই। তেওঁ নিজ জ্ঞানৰজৰিয় তে সকলো বস্তু কে পৰিবেষ্ট ন কৰি আছে। এতেকে পৱিত্ৰ আল্লাহৰ জ্ঞানৰ পৰিসৰৰ পৰা কোনো বস্তু ৱেই ওলাবলৈ সক্ষম নহয় ।

كَذَٰلِكَ نَقُصُّ عَلَيْكَ مِنْ أَنۢبَآءِ مَا قَدْ سَبَقَ ۚ وَقَدْ ءَاتَيْنَـٰكَ مِن لَّدُنَّا ذِكْرًۭا ﴿٩٩﴾

হে ৰাছু ল! যিদৰেআমি আপোনাৰসন্মুখত মূ ছা আৰুফিৰআউন তথা সিহঁ তৰসম্প্ৰ দায় ৰবিষয়ে আলোকপাত কৰিলোঁ, ঠি ক সেইদৰেআপোনাক সিহঁ তৰ পূৰ্বে অহা আম্বীয়া আৰু তেওঁলোকৰ সম্প্ৰ দায় ৰ বিষয়ে ও বহু কথা অৱগত কৰাইছোঁ, যাতে ইয়াৰ দ্বাৰা আপুনি সান্ত না লভিব পাৰে, নিশ্চয় আমি আপোনাক আমাৰফালৰপৰাকোৰআন প্ৰদান কৰিছোঁ,যাৰদ্বাৰাউপদেশ গ্ৰহণকাৰীয়ে উপদেশ গ্ৰহণ কৰে।

مَّنْ أَعْرَضَ عَنْهُ فَإِنَّهُۥ يَحْمِلُ يَوْمَ ٱلْقِيَـٰمَةِ وِزْرًا ﴿١٠٠﴾

আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনৰ পৰা যিয়ে বিমুখ হ'ব, আৰু ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, তথা ইয়াৰ মাজত থকা শিক্ষাৰ প্ৰতি আমল নকৰিব, তেনেকু ৱা ব্যক্তি য়ে কিয়ামতৰ দিনা মহাপাপ বহন কৰি আহিব, আৰু সি কষ্ট দায় ক শাস্তি ৰ উপযুক্ত হৈ আহিব।

خَـٰلِدِينَ فِيهِ ۖ وَسَآءَ لَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ حِمْلًۭا ﴿١٠١﴾

সিহঁ ত চিৰকাল শাস্তি ৰমাজত অৱস্থান কৰিব,কিমান যে নিকৃ ষ্টবোজাসেইটো,যিটোসিহঁ তে কিয়ামতৰদিনাবহন কৰিব।

يَوْمَ يُنفَخُ فِى ٱلصُّورِ ۚ وَنَحْشُرُ ٱلْمُجْرِمِينَ يَوْمَئِذٍۢ زُرْقًۭا ﴿١٠٢﴾

পুনৰুত্থানৰ বাবে ফিৰিস্তাই যিদিনা শিঙাত দ্বি তীয় বাৰ ফুঁ দিব, সেইদিনা আমি কাফিৰসকলক এনেকু ৱা অৱস্থাত একত্ৰিত কৰিম যে, কিয়ামতৰ ভয় ৱহতাৰ সন্মুখীন হোৱাৰ কাৰণে সিহঁ তৰ শৰীৰ তথা চকু ৰ ৰং নীলা হৈ পৰিব। يتخفتون بينهم إن لبثتم إل اعشرا

يَتَخَـٰفَتُونَ بَيْنَهُمْ إِن لَّبِثْتُمْ إِلَّا عَشْرًۭا ﴿١٠٣﴾

সিহঁ তে ইজনে সিজনক কাণত ফু চফু চাই ক'বঃমৃ ত্যুৰপিছত বাৰঝাখত তোমালোকে কেৱল দহদিন মানহে অতিবাহিত কৰিছা,ইয়াতকৈ বেছি নহয় । بلغ আল-কোৰআন · তাফছীৰ ن حن أعلمبما يقولون إذ يقول أمثلهم طريقةإن لبثتمإلا يوما

نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ إِذْ يَقُولُ أَمْثَلُهُمْ طَرِيقَةً إِن لَّبِثْتُمْ إِلَّا يَوْمًۭا ﴿١٠٤﴾

সিহঁ তে ফু চফু চাই কি কথা ক'ব সেয়া আমি ভালদৰেই জানো, সিহঁ তৰ কোনো বিষয়ে ই আমাৰ পৰা গোপন নহয় । এনেতে সিহঁ তৰ মাজৰ বুদ্ধিমান ব্যক্তি য়ে ক'বঃ তোমালোকে বাৰঝাখত কেৱলমাত্ৰ এদিনহে অৱস্থান কৰিছিলা, ইয়াতকৈ অধিক নহয় ।

وَيَسْـَٔلُونَكَ عَنِ ٱلْجِبَالِ فَقُلْ يَنسِفُهَا رَبِّى نَسْفًۭا ﴿١٠٥﴾

হে ৰাছু ল! সিহঁ তে আপোনাক কিয়ামতৰ দিনা পৰ্বতবোৰৰ কি অৱস্থা হ'ব বুলি প্ৰশ্নকৰে, আপুনি সিহঁ তক কৈ দিয় কঃ মোৰ প্ৰতিপালকে পৰ্বতবোৰক নিৰ্মূল কৰি উৰুৱাই দিব, আৰু সেইবোৰ ধূলি কণাত পৰিণত হ'ব। فيذرها قاعا صفصفا

فَيَذَرُهَا قَاعًۭا صَفْصَفًۭا ﴿١٠٦﴾

ফলত সেইবোৰ সমতল ভূ মিত পৰিণত হ'ব, তাত কোনো ঘৰ-দুৱাৰো নাথাকিব আৰু কোনো উদ্ভিদো গজালি নেমেলিব।

لَّا تَرَىٰ فِيهَا عِوَجًۭا وَلَآ أَمْتًۭا ﴿١٠٧﴾

হে প্ৰত্যক্ষকাৰী ব্যক্তি! তু মি সেই সমতল ভূ মিত কোনো খলা-বমা দেখিবলৈ নাপাবা তথা কোনো ওখ-নিচ বিচাৰি নাপাবা।

يَوْمَئِذٍۢ يَتَّبِعُونَ ٱلدَّاعِىَ لَا عِوَجَ لَهُۥ ۖ وَخَشَعَتِ ٱلْأَصْوَاتُ لِلرَّحْمَـٰنِ فَلَا تَسْمَعُ إِلَّا هَمْسًۭا ﴿١٠٨﴾

সেইদিনা মানুহে একত্ৰিত হোৱাৰ স্থানলৈ আহ্বানকাৰীৰ আহ্বানক অনুসৰণ কৰি দৌৰি আগুৱাই যাব। এই আহ্বানক অনুসৰণৰ পৰা কোনেও সিহঁ তক বিৰত ৰাখিব নোৱাৰিব। ৰহমানৰ ভয় ত সকলোৱে মৌনতা অৱলম্বন কৰিব। এতেকে সেইদিনা ৰিণিকি-ৰিণিকি অহা শব্দৰ বাহিৰে অতিৰিক্ত একো শুনা নাযাব।

يَوْمَئِذٍۢ لَّا تَنفَعُ ٱلشَّفَـٰعَةُ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَـٰنُ وَرَضِىَ لَهُۥ قَوْلًۭا ﴿١٠٩﴾

সেই মহা দিৱসটোত কোনো মধ্যস্ত তাকাৰীৰ মধ্যস্ত তা কামত নাহিব, কেৱল সেই মধ্যস্ত তাকাৰীৰ বাহিৰে যাক স্বয়ং আল্লাহে মধ্যস্ত তা কৰাৰ অনুমতি প্ৰদান কৰিব,তথামধ্যস্ত তাসম্পৰ্কীয় তেওঁ ৰযাৱতীয় কথাত তেওঁ সন্তু ষ্টহ'ব। يعلمما بين أيديهم وما خلفهم ولا يحيطون به علما

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِهِۦ عِلْمًۭا ﴿١١٠﴾

পৱিত্ৰ আল্লাহে ভালদৰেই জানে মানু হে কিয়ামত সম্পৰ্কীয় কি কি বিষয় ৰসন্মুখীন হ'ব, তথা এই বিষয়ে ও ভালদৰেঅৱগত যে, সিহঁ তে পৃথিৱীত কি এৰি থৈ আহিছে। আনহাতে বান্দাই কিন্তু আল্লাহৰসত্ত্বাগত দিশ আৰু তেওঁ ৰগুণাৱলীক সম্পূৰ্ণৰূপে আয় ত্বকৰিবনোৱাৰে।

۞ وَعَنَتِ ٱلْوُجُوهُ لِلْحَىِّ ٱلْقَيُّومِ ۖ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًۭا ﴿١١١﴾

বান্দাসকলে সেই সত্ত্বাৰসন্মুখত শিৰনত হৈ থিয় দিব, বিনয় ভাৱপ্ৰ কাশ কৰিব, যি সত্ত্বাই কেতিয়াও মৃত্যুবৰণ নকৰিব, তেৱেঁই বান্দাসকলৰসকলো দিশ নিয় ন্ত্ৰ ণ কৰে। তথাসেই ব্যক্তি নিশ্চিতভাৱেক্ষতিগ্ৰ তস্,যিয়ে নিজকে বিনাশৰপথত ঠেলি দি গুনাহৰবোজাবহন কৰিছে।

وَمَن يَعْمَلْ مِنَ ٱلصَّـٰلِحَـٰتِ وَهُوَ مُؤْمِنٌۭ فَلَا يَخَافُ ظُلْمًۭا وَلَا هَضْمًۭا ﴿١١٢﴾

আনহাতে যিয়ে সৎকৰ্ম কৰিব তথা আল্লাহৰ প্ৰতি আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিব, তেনেকু ৱা ব্যক্তি য়ে পৰিপূৰ্ণভাৱে নিজৰ প্ৰতিফল লাভ কৰিব। তেওঁ নকৰা কোনো গুনাহৰ শাস্তি ভোগ কৰিব লাগিব বুলি কোনো ধৰণৰ ভয় নাথাকিব, তথা তেওঁ কৰা সৎকৰ্মৰ ছোৱাবো হ্ৰাস কৰা নহ'ব। بلغ আল-কোৰআন · তাফছীৰ ي

وَكَذَٰلِكَ أَنزَلْنَـٰهُ قُرْءَانًا عَرَبِيًّۭا وَصَرَّفْنَا فِيهِ مِنَ ٱلْوَعِيدِ لَعَلَّهُمْ يَتَّقُونَ أَوْ يُحْدِثُ لَهُمْ ذِكْرًۭا ﴿١١٣﴾

যিদৰেআমি পূৰ্বৱৰ্তী লোকসকলৰঘটনাৰবিৱৰণ দাঙি ধৰিছোঁ, সেইদৰেআমি এই কোৰআনখনক স্পষ্ট আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰমাজত আমি বিভিন্ন প্ৰকাৰৰসতৰ্ক বাণী যেনে সকীয় ণি আৰুভয় দেখুৱাবলৈ বৰ্ণনা দিছোঁ, যাতে সিহঁ তে আল্লাহক ভয় কৰে, আৰুকোৰআনখন যাতে সিহঁ তৰ বাবে উপদেশ হয় , যাৰ পৰা সিহঁ তে শিক্ষা লাভ কৰিব।

فَتَعَـٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ ۗ وَلَا تَعْجَلْ بِٱلْقُرْءَانِ مِن قَبْلِ أَن يُقْضَىٰٓ إِلَيْكَ وَحْيُهُۥ ۖ وَقُل رَّبِّ زِدْنِى عِلْمًۭا ﴿١١٤﴾

এতেকে আল্লাহ সুউচ্চ, পৱিত্ৰ তথা প্ৰতাপী। তেওঁ মালিক, সকলো বস্তু তেওঁৰেই অধীনস্থ । তেওঁ সত্য, তেওঁৰ সকলো কথাই সত্য। মুশ্বৰিকসকলে তেওঁ ৰ বিষয়ে উত্থাপন কৰা সকলো বিষয় ৰ পৰা তেওঁ মহাঊৰ্দ্ধ ত। হে ৰাছু ল! জিব্ৰীলে আপোনালৈ কোনো বিষয় সম্পূৰ্ণভাৱে পৌঁচাই দিয়াৰ পূৰ্বে আপুনি তেওঁ ৰসৈতে কোৰআন পাঠ কৰাত খৰধৰনকৰিব। বৰংআপুনি এইটো কওক যে, হে মোৰপ্ৰ তিপালক! তু মি মোক যি জ্ঞান দান কৰিছা, ইয়াৰলগতে আৰুঅধিকজ্ঞান প্ৰদান কৰা।

وَلَقَدْ عَهِدْنَآ إِلَىٰٓ ءَادَمَ مِن قَبْلُ فَنَسِىَ وَلَمْ نَجِدْ لَهُۥ عَزْمًۭا ﴿١١٥﴾

নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমক (নিৰ্দিষ্ট এটা) গছৰ পৰা ফল ভক্ষণ নকৰিবলৈ উপদেশ দিছিলোঁ, অৰ্থাৎ ফল ভক্ষণ কৰিবলৈ নিষেধ কৰিছিলোঁ, আৰু ইয়াৰ পৰিণাম সম্পৰ্কে অৱগত কৰাইছিলোঁ। কিন্তু তেওঁ আমাৰ আদেশ পাহৰি গৈছিল, আৰু সেই গছৰ ফল ভক্ষণ কৰিছিল, ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল। আমি তেওঁ ৰমাজত আমাৰআদেশ পালন কৰাৰদৃঢ় সংকল্প দেখা পোৱা নাছিলোঁ।

وَإِذْ قُلْنَا لِلْمَلَـٰٓئِكَةِ ٱسْجُدُوا۟ لِـَٔادَمَ فَسَجَدُوٓا۟ إِلَّآ إِبْلِيسَ أَبَىٰ ﴿١١٦﴾

তথা হে ৰাছু ল! আপুনি স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ আদমক আদৰণি জনাবলৈ ছাজদাহ কৰা, এতেকে সকলোৱে ছাজদাহ কৰিলে কিন্তু ইবলিছে নকৰিলে (সি দৰাচলতে ফিৰিস্তাসকলৰলগত আছিল কিন্তু ফিৰিস্তা নাছিল।) সি অহংকাৰতথা অভিমান দেখুৱাই ছাজদাহ কৰাৰ পৰা বিৰত আছিল। و

فَقُلْنَا يَـٰٓـَٔادَمُ إِنَّ هَـٰذَا عَدُوٌّۭ لَّكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ ٱلْجَنَّةِ فَتَشْقَىٰٓ ﴿١١٧﴾

ইয়াৰ পিছত আমি ক’লোঁঃ হে আদম! নিশ্চয় ইবলীছ তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ ঘোৰ শত্ৰু। এতেকে সি যাতে তোমাক আৰু তোমাৰ স্ত্ৰীক প্ৰতাৰণা কৰি জান্নাতৰ পৰা উলিয়াই দিবলৈ সক্ষম নহয় , এনেকু ৱা হ'লে তু মি বৰ কষ্ট আৰু কঠি নতাৰ সন্মুখীন হ'বা। إن لك ألا تجوع فيها ولا تعر

إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ ﴿١١٨﴾

জান্নাতত তোমালোকক পানাহাৰ কৰোৱাৰ দায়িত্ব নিশ্চিতভাৱে আল্লাহৰ। গতিকে তোমালোক কেতিয়াও ক্ষুধাৰ্ত নহ'বা। তেৱেঁই তোমালোকক পৰিধান কৰাব,কেতিয়াও নিৰ্বস্ত্ৰ নহ'বা। وأنك لا تظمؤافيها ولا تضح

وَأَنَّكَ لَا تَظْمَؤُا۟ فِيهَا وَلَا تَضْحَىٰ ﴿١١٩﴾

তেওঁ তোমালোকক পান কৰাব, যাৰ পিছত কেতিয়াও পিয়াহ নালাগিব। তথা তোমালোকক ছাঁ দান কৰিব, য’ত সূৰ্যৰ উত্তাপ কেতিয়াও ঢু কি নাপাব।

فَوَسْوَسَ إِلَيْهِ ٱلشَّيْطَـٰنُ قَالَ يَـٰٓـَٔادَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ ٱلْخُلْدِ وَمُلْكٍۢ لَّا يَبْلَىٰ ﴿١٢٠﴾

ইপিনে চয় তানে আদমক ভ্ৰমিত কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিলে আৰু ক'লেঃ মই তোমালোকক এনেকু ৱা এটা গছৰ সন্ধান দিম নেকি, যি গছৰ ফল ভক্ষণ কৰিলে মানু হে অমৰত্ব লাভ কৰে,সি কেতিয়াও মৃ ত্যুবৰণ নকৰে,বৰংসি চিৰকাল জীৱিত থাকিব। তথাএনেকু ৱানিৰন্ত ৰপৰিচালিত ৰাজ্যৰ بلغ আল-কোৰআন · তাফছীৰ মালিক হ'ব, যিটো কেতিয়াও নিঃশেষ নহ'ব।

فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْءَٰتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِن وَرَقِ ٱلْجَنَّةِ ۚ وَعَصَىٰٓ ءَادَمُ رَبَّهُۥ فَغَوَىٰ ﴿١٢١﴾

ফলস্বৰূপে আদম আৰু হাৱায় সেই গছৰ ফল ভক্ষণ কৰিলে, যিটো খাবলৈ তেওঁলোকক নিষেধ কৰা হৈছিল। ফলত এই ফল ভক্ষণ কৰাৰ পিছত দুয়োৰে লজ্জাস্থান প্ৰকাশ পালে, ইতিপূৰ্বে তেওঁ লোকৰ লজ্জাস্থান আবৃত আছিল। তেতিয়া দুয়ো জান্নাতৰ গছৰ পাত ছিঙি নিজৰ লজ্জাস্থান ঢাকিবলৈ ধৰিলে। আদমে নিষিদ্ধ গছৰ ফল ভক্ষণ কৰি নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল, এনেকু ৱা কাম কৰি বহিছিল যিটো তেওঁৰ বাবে উচিত নাছিল।

ثُمَّ ٱجْتَبَـٰهُ رَبُّهُۥ فَتَابَ عَلَيْهِ وَهَدَىٰ ﴿١٢٢﴾

ইয়াৰ পিছত আল্লাহে তেওঁ ক মনোনীত কৰিলে আৰু তেওঁ ৰ তাওবা কবূল কৰিলে।وতথা সঠি ক পথত চলাৰ তাওফীক প্ৰদান কৰিলে।

قَالَ ٱهْبِطَا مِنْهَا جَمِيعًۢا ۖ بَعْضُكُمْ لِبَعْضٍ عَدُوٌّۭ ۖ فَإِمَّا يَأْتِيَنَّكُم مِّنِّى هُدًۭى فَمَنِ ٱتَّبَعَ هُدَاىَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ ﴿١٢٣﴾

আল্লাহে আদম আৰু হাৱাক উদ্দেশ্যি ক'লেঃ তোমালোক দুয়ো আৰু ইবলীছ জান্নাতৰ পৰা নামি যোৱা। ইবলীছ হৈছে তোমালোক দুজনৰে শত্ৰু, আৰু তোমালোক দুজন হৈছা ইবলীছৰ শত্ৰু। এতেকে মোৰ ফালৰ পৰা যেতিয়া কোনো দিশ নিৰ্দে শনা আহিব, যিয়ে সেই দিশ নিৰ্দে শনাৰ অনুসৰণ কৰিব আৰু সেইমতে আমল কৰিব আৰু ইয়াৰ পৰা আঁতৰি নাযাব, তেওঁ কেতিয়াও সত্যৰ পৰা পথভ্ৰ ষ্টনহ'ব আৰু আখিৰাতত শাস্তি ৰ সন্মুখীন হোৱাৰ দৰে দুৰ্ভ গীয়ানহ'ব। বৰংআল্লাহে তাক জান্নাতত প্ৰৱেশ কৰাব।

وَمَنْ أَعْرَضَ عَن ذِكْرِى فَإِنَّ لَهُۥ مَعِيشَةًۭ ضَنكًۭا وَنَحْشُرُهُۥ يَوْمَ ٱلْقِيَـٰمَةِ أَعْمَىٰ ﴿١٢٤﴾

যিয়ে মোৰ স্মৰণৰ পৰা বিমু খ হ'ব আৰু ইয়াক গ্ৰহণ নকৰিব, সি পৃথিৱী আৰু আখিৰাতত সংকীৰ্ণ জীৱন লাভ কৰিব, আৰু কিয়ামতৰ দিনা আমি তাক হাচৰৰময় দানলৈ দৃষ্টি হীন আৰুপ্ৰ মাণহীন অৱস্থাত খেদি লৈ যাম।

قَالَ رَبِّ لِمَ حَشَرْتَنِىٓ أَعْمَىٰ وَقَدْ كُنتُ بَصِيرًۭا ﴿١٢٥﴾

আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ব্যক্তিয়ে ক'বঃ হে মোৰ প্ৰতিপালক! আজি তু মি মোক অন্ধ অৱস্থাত কিয় হাজিৰ কৰোৱাইছা, অথচ পৃথিৱীত মই দৃষ্টি শক্তি সম্পন্নআছিলোঁ?

قَالَ كَذَٰلِكَ أَتَتْكَ ءَايَـٰتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ ٱلْيَوْمَ تُنسَىٰ ﴿١٢٦﴾

মহান আল্লাহে সেই ব্যক্তি ক প্ৰত্যুত্তৰপ্ৰ দান কৰিক'বঃতু মিও পৃথিৱীত এনেকু ৱাই কৰিছিলা। তোমাৰওচৰলৈ আমাৰআয়াতসমূ হ আহিছিল, সেইবোৰৰ পৰা তু মি বিমু খ হৈছিলা, আৰু সেইবোৰৰপ্ৰ তি কেৰেপ কৰা নাছিলা। ঠি ক সেইদৰেই আজি তোমাক শাস্তি ত এৰিদিয়া হ'ব।

وَكَذَٰلِكَ نَجْزِى مَنْ أَسْرَفَ وَلَمْ يُؤْمِنۢ بِـَٔايَـٰتِ رَبِّهِۦ ۚ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَشَدُّ وَأَبْقَىٰٓ ﴿١٢٧﴾

এনেকু ৱা শাস্তি আমি সেই ব্যক্তিকো প্ৰদান কৰিম যিয়ে হাৰাম ইচ্ছাবোৰৰমাজত নিমজ্জিত থাকে আৰুনিজ প্ৰতিপালকৰস্পষ্ট প্ৰমাণবোৰৰপ্ৰ তি ঈমান পোষণ কৰাৰ পৰা বিমু খ হয় । (জানি থোৱা উচিত) আখিৰাতৰ শাস্তি পৃথিৱী আৰু বাৰঝখৰ সংকীৰ্ণ জীৱনতকৈও অধিক কঠি ন তথা চিৰস্থায়ী। بلغ আল-কোৰআন · তাফছীৰ

أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ يَمْشُونَ فِى مَسَـٰكِنِهِمْ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّأُو۟لِى ٱلنُّهَىٰ ﴿١٢٨﴾

মুশ্বৰিকসকলৰ ওচৰত এই বিষয় টো স্পষ্ট হোৱা নাই নেকি যে, আমি সিহঁ তৰ পূৰ্বে বহুতো সম্প্ৰ দায় ধ্বংস কৰিছোঁ? ইহঁ তে দেখোন সেই ধ্বংস হোৱা সম্প্ৰ দায় সমূহৰবসবাস কৰা স্থানৰমাজেৰেই চলাফু ৰা কৰে, তথা সিহঁ তৰওপৰত অহা শাস্তি ৰপ্ৰ ভাৱবোৰো দেখা পায়! ! সেই সম্প্ৰ দায় সমূহ যি কাৰণত ধ্বংসপ্ৰাপ্ত তথা বিনষ্ট হৈছিল, তাৰ মাজতم আছে বিবেকৱান সকলৰ বাবে বহুতো উপদেশ তথা শিক্ষা। ولولا كلمة سبقت من ر بك لكان لزاما وأجل مس ى

وَلَوْلَا كَلِمَةٌۭ سَبَقَتْ مِن رَّبِّكَ لَكَانَ لِزَامًۭا وَأَجَلٌۭ مُّسَمًّۭى ﴿١٢٩﴾

হে ৰাছু ল! যদি আপোনাৰপ্ৰ তিপালকৰফালৰপৰাএই বিষয় টোপূৰ্বনিৰ্ধাৰিত নাথাকিলহেঁ তেন যে,দোষীসাব্যস্ত হোৱাৰপূৰ্বে তেওঁ কাকোশাস্তি প্ৰদান নকৰিবতথাআল্লাহৰওচৰত যদি কোনোসময় নিৰ্দিষ্ট নাথাকিলহেঁ তেন তেন্তে তেওঁ সিহঁ তকশীঘ্ৰে ই ইয়াতে শাস্তি বিহিলহেঁ তেন। কিয় নোসিহঁ ত শাস্তি পোৱাৰ যোগ্য।

فَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ ٱلشَّمْسِ وَقَبْلَ غُرُوبِهَا ۖ وَمِنْ ءَانَآئِ ٱلَّيْلِ فَسَبِّحْ وَأَطْرَافَ ٱلنَّهَارِ لَعَلَّكَ تَرْضَىٰ ﴿١٣٠﴾

ى হে ৰাছু ল! আপোনাক অস্বীকাৰকাৰী লোকসকলে আপোনাৰ বিষয়ে যিবোৰ কটু-মন্ত ব্যকৰে সেই বিষয়ে আপুনি ধৈৰ্য্য ধাৰণ কৰক, তথা আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক সূৰ্যোদয় ৰ পূৰ্বে ফজৰৰ নামাজত, সূৰ্যাস্ত যোৱাৰ পূৰ্বে আচৰৰ চালাতত, আৰু ৰাতিৰ ভাগত মাগৰিব আৰু ঈশ্বাৰ চালাতত, আৰু দিনৰ ভাগত সূৰ্য্য ঢাল খোৱাৰ পিছত জোহৰৰ চালাতত, লগতে সম্পূৰ্ণৰূপে সূৰ্যাস্ত যোৱাৰ পিছত অৰ্থাৎ মাগৰিবৰ চালাতত, যাতে আপুনি আল্লাহৰওচৰত এনেকু ৱাপ্ৰ তিফল লাভ কৰে,যিটোকলৈ আপুনি সন্তু ষ্টহ'ব।

وَلَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًۭا مِّنْهُمْ زَهْرَةَ ٱلْحَيَوٰةِ ٱلدُّنْيَا لِنَفْتِنَهُمْ فِيهِ ۚ وَرِزْقُ رَبِّكَ خَيْرٌۭ وَأَبْقَىٰ ﴿١٣١﴾

আপুনি পাৰ্থিৱ জীৱনৰ সেই শোভাৰ প্ৰতি অপেক্ষা কৰি নাথাকিব, যিটো আমি অস্বীকাৰকাৰী সকলক আনন্দ ৰ উপকৰণ কৰি দিছোঁ, আৰু যিটো সিহঁ তে উপভোগ কৰি আছে, যাতে সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। কিয় নো আমি এই ধৰণৰ যিবোৰ বস্তু সিহঁতক প্ৰদান কৰিছোঁ, সেই সকলোবোৰ হৈছে ধ্বংসশীল। আনহাতে আপোনাৰ প্ৰতিপালকৰ চোৱাব হৈছে স্থায়ী তথা নিৰৱচ্ছিন্ন, যিটোকলৈ আপুনি সন্তু ষ্টহ'ব আৰু সেই প্ৰতিফল পাৰ্থিৱ জীৱনৰ এই উপভোগতকৈও অধিক কল্যাণকৰ, কিয় নো পাৰ্থিৱ জীৱনৰ উপভোগ হৈছে ক্ষণস্থায়ী।

وَأْمُرْ أَهْلَكَ بِٱلصَّلَوٰةِ وَٱصْطَبِرْ عَلَيْهَا ۖ لَا نَسْـَٔلُكَ رِزْقًۭا ۖ نَّحْنُ نَرْزُقُكَ ۗ وَٱلْعَـٰقِبَةُ لِلتَّقْوَىٰ ﴿١٣٢﴾

হে ৰাছু ল! আপুনি আপোনাৰপৰিয়ালক চালাত আদায় কৰাৰআদেশ দিয় ক, তথা আপুনি নিজেও ধৈৰ্য্যসহকাৰেআদায় কৰক। আমি আপোনাৰপৰা আপোনাৰ বাবে নাইবা আনৰ বাবে কোনো ধৰণৰ জীৱিকাৰ আশা কৰা নাই। বৰং আপোনাক জীৱিকা প্ৰদানৰ দায়ি ত্বহৈছে আমাৰ হাতত। পৃথিৱী আৰু আখিৰাতত প্ৰশংসনীয় পৰিণাম হৈছে সেই তাক্ব ৱা অৱলম্বনকাৰী লোকসকলৰ বাবে, যিসকলে আল্লাহক ভয় কৰে। এতেকে যিসকলে আল্লাহৰ আদেশ পালন কৰেতথা তেওঁ ৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকে।

وَقَالُوا۟ لَوْلَا يَأْتِينَا بِـَٔايَةٍۢ مِّن رَّبِّهِۦٓ ۚ أَوَلَمْ تَأْتِهِم بَيِّنَةُ مَا فِى ٱلصُّحُفِ ٱلْأُولَىٰ ﴿١٣٣﴾

অস্বীকাৰকাৰী এই কাফিৰসকলে কয়ঃ মু হাম্মদে তেওঁ ৰ প্ৰতিপালকৰ ফালৰ পৰা আমাৰ ওচৰলৈ এনেকু ৱা কোনো নিদৰ্শন কিয় লৈ নাহে যিটো তেওঁ ৰ সত্যতাৰ প্ৰতীক হ'ব তথা তেওঁ ৰাছু ল হোৱাৰ প্ৰমাণবহন কৰিব? এই অস্বীকাৰকাৰী সকলৰ ওচৰত কোৰআন অহা নাই নেকি, যিখনে পূৰ্বৱৰ্তী সকলো আচমানীগ্ৰ ন্থক সমৰ্থন কৰে? بلغ আল-কোৰআন · তাফছীৰ

وَلَوْ أَنَّآ أَهْلَكْنَـٰهُم بِعَذَابٍۢ مِّن قَبْلِهِۦ لَقَالُوا۟ رَبَّنَا لَوْلَآ أَرْسَلْتَ إِلَيْنَا رَسُولًۭا فَنَتَّبِعَ ءَايَـٰتِكَ مِن قَبْلِ أَن نَّذِلَّ وَنَخْزَىٰ ﴿١٣٤﴾

ونخز ى নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই কাফিৰসকলক সিহঁ তৰ কু ফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে ৰাছু ল প্ৰে ৰণ কৰাৰ পূৰ্বেই যদি আমি সিহঁ তৰপ্ৰ তি আজাবঅৱতীৰ্ণ কৰিশাস্তি বিহিলোঁহেঁ তেন তেন্তে সিহঁ তে কিয়ামতৰদিনা নিজৰকু ফু ৰীৰবাবেঅজুহাত দেখুৱাই ক'লেহেঁ তেনঃহে আমাৰ প্ৰতিপালক! তু মি পৃথিৱীত আমাৰওচৰলৈ কিয় ৰাছু ল প্ৰে ৰণ নকৰিলা,তেন্তে আমি অপমানিত তথা তোমাৰশাস্তি ৰসন্মুখীন হোৱাৰপূৰ্বেই তেওঁ ৰপ্ৰ তি ঈমান আনিলোঁহেঁ তেন আৰুতেওঁ লৈ অহা আয়াতসমূ হৰঅনু সৰণ কৰিলোঁহেঁ তেন? ل

قُلْ كُلٌّۭ مُّتَرَبِّصٌۭ فَتَرَبَّصُوا۟ ۖ فَسَتَعْلَمُونَ مَنْ أَصْحَـٰبُ ٱلصِّرَٰطِ ٱلسَّوِىِّ وَمَنِ ٱهْتَدَىٰ ﴿١٣٥﴾

হে ৰাছু ল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয় কঃ শুনা! আমি সকলোৱেই সেই পৰিণামৰ বাবে অপেক্ষা কৰি আছোঁ, যিটো আল্লাহৰ ফালৰ পৰা জাৰি হ'ব। এতেকে তোমালোকেও অপেক্ষা কৰা। তোমালোকে (নিশ্চিতভাৱে) শীঘ্ৰে ই জানিব পাৰিবা কোনসকল লোক সঠি ক পথত পৰিচালিত তথা হিদায় তপ্ৰাপ্ত । আমি নে তোমালোক? উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Taa-Haa — طه

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা