سُورَةٌ أَنزَلْنَـٰهَا وَفَرَضْنَـٰهَا وَأَنزَلْنَا فِيهَآ ءَايَـٰتٍۭ بَيِّنَـٰتٍۢ لَّعَلَّكُمْ تَذَكَّرُونَ ﴿١﴾
এইটো এটা ছু ৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা।
ٱلزَّانِيَةُ وَٱلزَّانِى فَٱجْلِدُوا۟ كُلَّ وَٰحِدٍۢ مِّنْهُمَا مِا۟ئَةَ جَلْدَةٍۢ ۖ وَلَا تَأْخُذْكُم بِهِمَا رَأْفَةٌۭ فِى دِينِ ٱللَّهِ إِن كُنتُمْ تُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ ۖ وَلْيَشْهَدْ عَذَابَهُمَا طَآئِفَةٌۭ مِّنَ ٱلْمُؤْمِنِينَ ﴿٢﴾
অবিবাহিত ব্যাভিচাৰী আৰু ব্যাভিচাৰিণী উভয় কে এশ এশ বেত্ৰাঘাত কৰা। সঁচাকৈ যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু অন্তি ম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে সিহঁ তৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাবা আৰু দয়া নকৰিবা, কাৰণ এনে কৰিলে হয় তো তোমালোকে সিহঁ তক শাস্তি দিয়াৰ পৰা বিৰত থাকিবা অথবা শাস্তি লাঘৱ কৰিবা। শাস্তি বিহাৰ সময় ত মু মিনসকলৰ এটা দল তাত উপস্থি ত থকা উচিত, যাতে শাস্তি ৰ খবৰ বেছিকৈ প্ৰচাৰ হয় আৰু তেওঁ লোকে আৰু অন্যান্য লোকসকলেও যাতে এনেকু ৱা অশ্লীলতাৰ পৰা দূৰৈত থাকে।
ٱلزَّانِى لَا يَنكِحُ إِلَّا زَانِيَةً أَوْ مُشْرِكَةًۭ وَٱلزَّانِيَةُ لَا يَنكِحُهَآ إِلَّا زَانٍ أَوْ مُشْرِكٌۭ ۚ وَحُرِّمَ ذَٰلِكَ عَلَى ٱلْمُؤْمِنِينَ ﴿٣﴾
ব্যাভিচাৰৰ জঘণ্যতা স্পষ্ট কৰিবলৈ আল্লাহে উল্লে খ কৰিছে যে, যি ব্যক্তিয়ে ব্যাভিচাৰক অভ্যাসত পৰিণত কৰিছে, সি নিজৰ দৰেই কোনো ব্যাভিচাৰিণী নাৰীক অথবা কোনো মুশ্বৰিকা নাৰীক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিকা নাৰীক বিবাহ কৰা বৈধ নহয় । আনহাতে যি নাৰীয়ে ব্যাভিচাৰক নিজৰ অভ্যাসত পৰিণত কৰিছে, তাই নিজৰ দৰেই ব্যাভিচাৰী পুৰুষক নাইবা মুশ্বৰিক পুৰুষক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিক পুৰুষক বিবাহ কৰা হাৰাম। লগতে ব্যাভিচাৰিণী নাৰীক বিবাহ কৰা আৰু ব্যাভিচাৰী পুৰুষক বিবাহ কৰোৱা দুয়োটাই মু মিনসকলৰ বাবে হাৰাম।
وَٱلَّذِينَ يَرْمُونَ ٱلْمُحْصَنَـٰتِ ثُمَّ لَمْ يَأْتُوا۟ بِأَرْبَعَةِ شُهَدَآءَ فَٱجْلِدُوهُمْ ثَمَـٰنِينَ جَلْدَةًۭ وَلَا تَقْبَلُوا۟ لَهُمْ شَهَـٰدَةً أَبَدًۭا ۚ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْفَـٰسِقُونَ ﴿٤﴾
যিসকলে পৱিত্ৰ নাৰীসকলৰ প্ৰতি (পৱিত্ৰ পুৰুষসকলো ইয়াৰ অন্ত ৰ্ভু ক্ত) ব্যাভিচাৰৰ আৰোপ লগায় , আৰু এই দাবীৰ সপক্ষে চাৰিজন সাক্ষী উপস্থি ত কৰিব নোৱাৰে, হে প্ৰশাসনৰ লোকসকল! তেনেকু ৱা ব্যক্তিক আশীটা বেত্ৰাঘাতেৰে দণ্ডিত কৰা, লগতে এনেকু ৱা ব্যক্তিৰ সাক্ষ্যদান আজীৱন স্বীকাৰ নকৰিবা। পৱিত্ৰ নাৰীসকলৰ প্ৰতি মিছা আৰোপ কৰা এই লোকসকল আল্লাহৰ আনু গত্যৰ পৰা বহিষ্কৃ ত।
إِلَّا ٱلَّذِينَ تَابُوا۟ مِنۢ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌۭ ﴿٥﴾
কিন্তু যিসকলে এনেকু ৱা মিথ্যাৰোপ কৰাৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে সেইসকল লোকৰ তাওবা আল্লাহে কবূল কৰিব আৰু তেওঁ লোকৰ সাক্ষ্যও গ্ৰহণযোগ্য হ'ব। নিশ্চয় আল্লাহ তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁ লোকৰ প্ৰতি দয়ালু।
وَٱلَّذِينَ يَرْمُونَ أَزْوَٰجَهُمْ وَلَمْ يَكُن لَّهُمْ شُهَدَآءُ إِلَّآ أَنفُسُهُمْ فَشَهَـٰدَةُ أَحَدِهِمْ أَرْبَعُ شَهَـٰدَٰتٍۭ بِٱللَّهِ ۙ إِنَّهُۥ لَمِنَ ٱلصَّـٰدِقِينَ ﴿٦﴾
যদি কোনো পুৰুষে নিজৰ স্ত্ৰীৰ প্ৰতি ব্যাভিচাৰৰ আৰোপ লগায় আৰু সেই আৰোপক সত্য প্ৰমাণিত কৰিবলৈ নিজৰ বাহিৰে আন কোনো সাক্ষী নাথাকে, তেন্তে পুৰুষজনে নিজেই চাৰিবাৰআল্লাহৰশপত খাই সাক্ষ্য দিবযে, তেওঁ নিজৰপত্নীৰপ্ৰ তি ব্যাভিচাৰৰযি আৰোপ লগাইছে সেয়া সত্য। بلغ আল-কোৰআন · তাফছীৰ
وَٱلْخَـٰمِسَةُ أَنَّ لَعْنَتَ ٱللَّهِ عَلَيْهِ إِن كَانَ مِنَ ٱلْكَـٰذِبِينَ ﴿٧﴾
ইয়াৰ পিছত পঞ্চমবাৰ তেওঁ নিজৰ প্ৰতি বদ্দুআ কৰি ক'ব যে, যদি মই মোৰ স্ত্ৰীৰ প্ৰতি মিছা আৰোপ কৰিছোঁ, তেন্তে মই হৈছোঁ আল্লাহৰ অভিসম্পাতৰ যোগ্য।
وَيَدْرَؤُا۟ عَنْهَا ٱلْعَذَابَ أَن تَشْهَدَ أَرْبَعَ شَهَـٰدَٰتٍۭ بِٱللَّهِ ۙ إِنَّهُۥ لَمِنَ ٱلْكَـٰذِبِينَ ﴿٨﴾
এই শপত বাক্যৰ পিছত স্ত্ৰীজনী ব্যাভিচাৰৰ শাস্তি ৰ উপযুক্ত বুলি গণ্য হ'ব। কিন্তু তাইৰ এই শাস্তি তেতিয়া উঠাই লোৱা হ'ব, যেতিয়া তাই নিজেও চাৰিবাৰআল্লাহৰশপত খাই ক'বযে,তাইৰস্বামীয়ে তাইৰপ্ৰ তি যি আৰোপ লগাইছে সেইটোনিঃসন্দে হে মিছা।
وَٱلْخَـٰمِسَةَ أَنَّ غَضَبَ ٱللَّهِ عَلَيْهَآ إِن كَانَ مِنَ ٱلصَّـٰدِقِينَ ﴿٩﴾
আৰু পঞ্চমবাৰ নিজৰ ওপৰত বদ্দুআ কৰি ক'ব, যদি মোৰ স্বামীয়ে কৰা আৰোপ সত্য হয় তেন্তে মোৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।
وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكُمْ وَرَحْمَتُهُۥ وَأَنَّ ٱللَّهَ تَوَّابٌ حَكِيمٌ ﴿١٠﴾
হে মানৱজাতি! যদি তোমালোকৰওপৰত আল্লাহৰকৃ পা আৰুদয়া নহ’লহেঁ তেন আৰুতেওঁ যদি তাওবাকাৰী বান্দাসকলৰপ্ৰ তি ক্ষমাশীল নহ’লহেঁ তেন, লগতে পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত যদি প্ৰজ্ঞাৱান নহ’লহেঁতেন তেন্তে তোমালোকৰ গুনাহৰ বাবে তোমালোকক শাস্তি প্ৰদানত খৰখেদা কৰিলেহেঁ তেন, আৰু তোমালোকে অপমানৰ সন্মুখীন হ’লাহেঁ তেন। ر
إِنَّ ٱلَّذِينَ جَآءُو بِٱلْإِفْكِ عُصْبَةٌۭ مِّنكُمْ ۚ لَا تَحْسَبُوهُ شَرًّۭا لَّكُم ۖ بَلْ هُوَ خَيْرٌۭ لَّكُمْ ۚ لِكُلِّ ٱمْرِئٍۢ مِّنْهُم مَّا ٱكْتَسَبَ مِنَ ٱلْإِثْمِ ۚ وَٱلَّذِى تَوَلَّىٰ كِبْرَهُۥ مِنْهُمْ لَهُۥ عَذَابٌ عَظِيمٌۭ ﴿١١﴾
নিশ্চয় যিসকল লোকে এই অপবাদ ৰচনা কৰিছে (অৰ্থাৎ উম্মুল মুমিনীন আইশ্বা ৰাদ্বি য়াল্লাহু আনহাৰ ওপৰত ব্যাভিচাৰৰ আৰোপ লগাইছে), সিহঁ ত দৰাচলতে হে মুমিনসকল তোমালোকৰ মাজৰেই এটা দল। সিহঁ তে যিটো মিছা অপবাদ ৰচনা কৰিছে, সেইটোক তোমালোকে নিজৰ বাবে অকল্যাণ বুলি নাভাবিবা। বৰং সেইটো তোমালোকৰ বাবে একপ্ৰ কাৰ কল্যাণকৰ। কাৰণ তাত মুমিনসকলৰ বাবে ছোৱাব আছে আৰু তেওঁলোকৰ সত্যতা নিৰূপণ কৰা হৈছে, লগতে উম্মুল মুমিনীন আইশ্বা ৰাদ্বি য়াল্লাহু আনহাক এনেকু ৱা ধৰণৰ নিকৃ ষ্টকামৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে। এই অশ্লীল অপবাদ বিয় পোৱাত যিয়ে ই অংশ লৈছে, সি সেই অনুপাতেই গুনাহ অৰ্জ ন কৰিব। আনহাতে যিয়ে এই ষড়যন্ত্ৰ ৰচনা কৰিজুই জ্বলোৱাত আগভাগ লৈছে, তাৰ বাবে আছে মহাশাস্তি । ইয়াৰ দ্বাৰা মু নাফিকসকলৰ প্ৰমু খ নেতা আব্দুল্লাহ বিন উবাই বিন ছলুলক বুজোৱা হৈছে।
لَّوْلَآ إِذْ سَمِعْتُمُوهُ ظَنَّ ٱلْمُؤْمِنُونَ وَٱلْمُؤْمِنَـٰتُ بِأَنفُسِهِمْ خَيْرًۭا وَقَالُوا۟ هَـٰذَآ إِفْكٌۭ مُّبِينٌۭ ﴿١٢﴾
যেতিয়া মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলে এই মহা অপবাদটো শুনা পাইছিল, তেতিয়া তেওঁলোকে নিজৰ মুমিন ভাইসকলৰ প্ৰতি এনেকু ৱা মিছা অপবাদ শুনি তেওঁ লোকে কিয় বিশ্বাস পোষণ নকৰিলে যে, ইয়াৰ লগত তেওঁ লোকৰ কোনো সম্পৰ্ক নাই, তথা এইটো এটা স্পষ্ট মিছা অপবাদ?
لَّوْلَا جَآءُو عَلَيْهِ بِأَرْبَعَةِ شُهَدَآءَ ۚ فَإِذْ لَمْ يَأْتُوا۟ بِٱلشُّهَدَآءِ فَأُو۟لَـٰٓئِكَ عِندَ ٱللَّهِ هُمُ ٱلْكَـٰذِبُونَ ﴿١٣﴾
উম্মুল মু মিনীন আইশ্বা ৰাদ্বি য়াল্লাহু আনহাৰ প্ৰতি মিছা অপবাদ জাপি দিয়া লোকসকলে সিহঁ তৰ এই মহা অপবাদৰ সপক্ষে চাৰিজন সাক্ষী কিয় উপস্থি ত নকৰিলে,যিসকলে সিহঁ তৰসপক্ষে সাক্ষ্যপ্ৰ দান কৰিলেহেঁ তেন। যদি সিহঁ তে চাৰিজন সাক্ষী উপস্থি ত কৰিবনোৱাৰে(সিহঁ তে কদাপিও নোৱাৰিব) তেন্তে আল্লাহৰআদেশ মু তাবিক সিহঁ ত হৈছে মিছলীয়া। بلغ আল-কোৰআন · তাফছীৰ
وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكُمْ وَرَحْمَتُهُۥ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ لَمَسَّكُمْ فِى مَآ أَفَضْتُمْ فِيهِ عَذَابٌ عَظِيمٌ ﴿١٤﴾
হে মুমিনসকল! তোমালোকৰপ্ৰ তি আল্লাহৰযদি অনুগ্ৰ হ আৰু কৃ পা নাথাকিলহেঁ তেন, তেন্তে এই মিছা ষড় যন্ত্ৰ আৰু আইশ্বা ৰাদ্বি য়াল্লাহু আনহাৰপ্ৰ তি কৰা মিছা আৰোপৰ ফলত তোমালোকে মহাশাস্তি ত পতিত হ’লাহেঁতেন। (তোমালোকৰ প্ৰতি তেওঁৰ দয়া আৰু অনুগ্ৰ হ আছে কাৰণেই) তেওঁ তোমালোকক শাস্তি প্ৰদানত খৰধৰ কৰা নাই, আৰু তোমালোকৰ মাজৰ তাওবাকাৰীসকলৰ তাওবা কবূল কৰিছে।
إِذْ تَلَقَّوْنَهُۥ بِأَلْسِنَتِكُمْ وَتَقُولُونَ بِأَفْوَاهِكُم مَّا لَيْسَ لَكُم بِهِۦ عِلْمٌۭ وَتَحْسَبُونَهُۥ هَيِّنًۭا وَهُوَ عِندَ ٱللَّهِ عَظِيمٌۭ ﴿١٥﴾
যেতিয়া তোমালোকে এই অপবাদটোক ইজনে সিজনৰ ওচৰত বৰ্ণনা কৰিছিলা, সঠি ক তথ্য নোহোৱাকৈ নিজ মুখেৰে আনলৈ প্ৰচাৰ কৰিছিলা, তোমালোকে বিষয় টোক খুবেই সহজ বুলি ভাবিছিলা, কিন্তু আল্লাহৰ ওচৰত বিষয় টো আছিল বৰ ডাঙৰ। কাৰণ ঘটনাটো পৰিপূৰ্ণৰূপে মিছা তথা নিৰ্দোষী ব্যক্তি ক অপৰাধী সজোৱাৰ কুঃচক্ৰান্ত ।
وَلَوْلَآ إِذْ سَمِعْتُمُوهُ قُلْتُم مَّا يَكُونُ لَنَآ أَن نَّتَكَلَّمَ بِهَـٰذَا سُبْحَـٰنَكَ هَـٰذَا بُهْتَـٰنٌ عَظِيمٌۭ ﴿١٦﴾
যেতিয়া তোমালোকে এই অপবাদটোৰ বিষয়ে শুনিছিলা, তেতিয়া তোমালোকে এই কথাষাৰ কিয় নক’লা যে, এনেকু ৱা নিকৃ ষ্টকথা আমাৰ মুখেৰে উচ্চাৰণ কৰাটোকেতিয়াও ঠি ক নহয় । হে আমাৰপ্ৰ তিপালক! আমি তোমাৰপৱিত্ৰতাঘোষণাকৰোঁ। মু মিনসকলৰমাতৃ ৰপ্ৰ তি আৰোপ কৰাবিষয় টো এটা মহা মিছা অপবাদ।
يَعِظُكُمُ ٱللَّهُ أَن تَعُودُوا۟ لِمِثْلِهِۦٓ أَبَدًا إِن كُنتُم مُّؤْمِنِينَ ﴿١٧﴾
আল্লাহে তোমালোকক উপদেশ দিয়ে আৰু নিৰ্দে শ দিয়ে যে, এনেকু ৱা অপবাদৰ প্ৰচাৰ ভৱিষ্যতে কেতিয়াও নকৰিবা, আৰু কোনো পৱিত্ৰ ব্যক্তি ৰ প্ৰতি কেতিয়াও ব্যাভিচাৰৰঅপবাদ আৰোপ নকৰিবা, যদিহে তোমালোকে আল্লাহৰপ্ৰ তি সঁচাই ঈমান পোষণ কৰিছা।
وَيُبَيِّنُ ٱللَّهُ لَكُمُ ٱلْـَٔايَـٰتِ ۚ وَٱللَّهُ عَلِيمٌ حَكِيمٌ ﴿١٨﴾
আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্ট ভাৱে বৰ্ণনা কৰে, যিবোৰৰ মাজত আছে তেওঁৰ বিধি-বিধান আৰু উপদেশ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয় । তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। তেওঁ পৰিচালনা আৰু চৰীয় ত প্ৰণয়নতমহাপ্ৰ জ্ঞাৱান।
إِنَّ ٱلَّذِينَ يُحِبُّونَ أَن تَشِيعَ ٱلْفَـٰحِشَةُ فِى ٱلَّذِينَ ءَامَنُوا۟ لَهُمْ عَذَابٌ أَلِيمٌۭ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ ۚ وَٱللَّهُ يَعْلَمُ وَأَنتُمْ لَا تَعْلَمُونَ ﴿١٩﴾
تعلمون নিশ্চয় যিসকলে মু মিনসকলৰ মাজত অশ্লীলতা প্ৰচাৰ হোৱাটোক ভালপায় , (ব্যাভিচাৰৰ অপবাদ দিয়াটোও ইয়াৰ অন্ত ৰ্ভু ক্ত ) সিহঁ তৰ বাবে পৃথিৱীত আছে কষ্ট দায় ক শাস্তি । অৰ্থাৎ পৃথিৱীত সিহঁ তক অপবাদ লগোৱাৰঅপৰাধত শাস্তি বিহা হ'ব,আৰুআখিৰাতত সিহঁ তৰবাবেআছে জাহান্নামৰশাস্তি । সিহঁ তৰ মিছা কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। তথা বান্দাসকলৰ শেষ পৰিণতি সম্পৰ্কে ও তেওঁ অৱগত। বান্দাৰ হিত সম্পৰ্কে তেৱেঁই ভালদৰে জানে। তোমালোকে একোৱেই নাজানা।
وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكُمْ وَرَحْمَتُهُۥ وَأَنَّ ٱللَّهَ رَءُوفٌۭ رَّحِيمٌۭ ﴿٢٠﴾
হে মিছা অপবাদ প্ৰচাৰত লিপ্ত লোকসকল! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰ হ আৰু তেওঁৰ দয়া যদি নাথাকিলহেঁ তেন, আনহাতে আল্লাহ যদি পৰম কৰুণাময় আৰুপৰম দয়ালু নহ’লহেঁ তেন তেন্তে তোমালোককঅতিসোনকালেশাস্তি বিহিলহেঁ তেন। بلغ আল-কোৰআন · তাফছীৰ
۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّبِعُوا۟ خُطُوَٰتِ ٱلشَّيْطَـٰنِ ۚ وَمَن يَتَّبِعْ خُطُوَٰتِ ٱلشَّيْطَـٰنِ فَإِنَّهُۥ يَأْمُرُ بِٱلْفَحْشَآءِ وَٱلْمُنكَرِ ۚ وَلَوْلَا فَضْلُ ٱللَّهِ عَلَيْكُمْ وَرَحْمَتُهُۥ مَا زَكَىٰ مِنكُم مِّنْ أَحَدٍ أَبَدًۭا وَلَـٰكِنَّ ٱللَّهَ يُزَكِّى مَن يَشَآءُ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌۭ ﴿٢١﴾
ه ه হে আল্লাহৰপ্ৰ তি ঈমান পোষণকাৰীআৰুতেওঁ ৰচৰীয় তৰপ্ৰ তি আমলকাৰীসকল! বাতিলক শোভনীয় কৰিবলৈ চয় তানৰপথ অৱলম্বন নকৰিবা। যিয়ে চয় তানৰ পথ অৱলম্বন কৰে, চয় তানে তাক বেয়া কথা আৰু বেয়া কৰ্মৰ আদেশ দিয়ে , যিবোৰ কথা আৰু কৰ্ম চৰীয় তত নিষিদ্ধ। হে মু মিনসকল! যদি তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰ হ নাথাকিলহেঁ তেন তেন্তে তোমালোকে কেতিয়াও তাওবা কৰি পৱিত্ৰ হ'ব নোৱাৰিলাহেঁ তেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে তাৰ তাওবা কবূল কৰি তাক পৱিত্ৰ কৰে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁ ৰপৰাএকোৱেই গোপন নহয় । তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।
وَلَا يَأْتَلِ أُو۟لُوا۟ ٱلْفَضْلِ مِنكُمْ وَٱلسَّعَةِ أَن يُؤْتُوٓا۟ أُو۟لِى ٱلْقُرْبَىٰ وَٱلْمَسَـٰكِينَ وَٱلْمُهَـٰجِرِينَ فِى سَبِيلِ ٱللَّهِ ۖ وَلْيَعْفُوا۟ وَلْيَصْفَحُوٓا۟ ۗ أَلَا تُحِبُّونَ أَن يَغْفِرَ ٱللَّهُ لَكُمْ ۗ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌ ﴿٢٢﴾
দ্বীনৰ ক্ষেত্ৰত মৰ্যাদাৱান আৰু আৰ্থিক দিশত মজবুত লোকসকলে, কোনো অপৰাধৰ পৰিপ্ৰে ক্ষিতত নিজৰ আত্মীয় -স্বজনক যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে তথা যিসকলক দানৰ প্ৰয়োজন, এনেকু ৱা লোকসকলক একো নিদিয়াৰ শপত খোৱা উচিত নহয় । বৰং এনেকু ৱা আত্মীয় -স্বজনক ক্ষমা কৰি দিয়া উচিত তথা তেওঁ লোকৰ প্ৰতি সদয় হোৱা উচিত। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক তোমালোকৰ গুনাহসমূ হ ক্ষমা কৰি দিয় ক, যদি তোমালোকে সিহঁ তক ক্ষমা কৰি দিয়া আৰু সিহঁ তক মাফ কৰি দিয়া। নিশ্চয় আল্লাহে তেওঁ ৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। গতিকে বান্দাসকলেও তেওঁক আদৰ্শ হিচাপে লৈ ক্ষমা কৰি দিয়া উচিত। এই আয়াতটো আবু বকৰ ৰাদ্বি য়াল্লাহু আনহুৰ সন্দ ৰ্ভত অৱতীৰ্ণ হৈছে। আইশ্বা ৰাদ্বি য়াল্লাহু আনহাৰ প্ৰতি অপবাদ নিক্ষেপত মিছতাহ ৰাদ্বি য়াল্লাহু আনহু জৰিত থকাৰ কাৰণে আবু বকৰ ৰাদ্বি য়াল্লাহু আনহুৱেতেওঁ ৰখৰচ বহন নকৰাৰশপত খাইছিল।
إِنَّ ٱلَّذِينَ يَرْمُونَ ٱلْمُحْصَنَـٰتِ ٱلْغَـٰفِلَـٰتِ ٱلْمُؤْمِنَـٰتِ لُعِنُوا۟ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَلَهُمْ عَذَابٌ عَظِيمٌۭ ﴿٢٣﴾
নিশ্চয় যিসকল লোকে সচ্চৰিত্ৰা, অশ্লীলতাৰ পৰা বহু দূৰত অৱস্থান কৰা সহজ-সৰল নিৰ্মলচিত্ত মুমিনা নাৰীৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰে, সিহঁ তক পৃথিৱী আৰু আখিৰাতত আল্লাহৰ ৰহমতৰ পৰা আঁতৰ কৰি দিয়া হৈছে। তথা সিহঁ তৰ বাবে আখিৰাতত আছে মহাশাস্তি । يوم تشهد عليهم ألسنتهم وأيديهم وأرجلهم بما كانوايعملون
يَوْمَ تَشْهَدُ عَلَيْهِمْ أَلْسِنَتُهُمْ وَأَيْدِيهِمْ وَأَرْجُلُهُم بِمَا كَانُوا۟ يَعْمَلُونَ ﴿٢٤﴾
এই শাস্তি কিয়ামতৰ দিনা সিহঁ তক দিয়া হ'ব, যিদিনা সিহঁ তৰ জিভাই সিহঁ তৰ বাতিল মন্ত ব্যৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তথা সিহঁ তৰ হাত আৰু ভৰি সিহঁ তৰসেইসমূ হ কৰ্মৰবিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবযিবোৰসিহঁ তে কৰিছিল।
يَوْمَئِذٍۢ يُوَفِّيهِمُ ٱللَّهُ دِينَهُمُ ٱلْحَقَّ وَيَعْلَمُونَ أَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ ٱلْمُبِينُ ﴿٢٥﴾
সেইদিনা আল্লাহে সিহঁতক ন্যায় পূৰ্বক প্ৰতিদান দিব, আৰু সিহঁতে ভালদৰে জানি ল'ব যে, আল্লাহেই সত্য। এতেকে তেওঁ যি খবৰেই দিয়ে অথবা প্ৰতিশ্ৰুতি নাইবাসতৰ্ক কৰে,সেই সকলোসত্যতথাস্পষ্ট । তাত কোনোধৰণৰসন্দে হ নাই।
ٱلْخَبِيثَـٰتُ لِلْخَبِيثِينَ وَٱلْخَبِيثُونَ لِلْخَبِيثَـٰتِ ۖ وَٱلطَّيِّبَـٰتُ لِلطَّيِّبِينَ وَٱلطَّيِّبُونَ لِلطَّيِّبَـٰتِ ۚ أُو۟لَـٰٓئِكَ مُبَرَّءُونَ مِمَّا يَقُولُونَ ۖ لَهُم مَّغْفِرَةٌۭ وَرِزْقٌۭ كَرِيمٌۭ ﴿٢٦﴾
مغفرة ورزق كريم প্ৰত্যেক অপৱিত্ৰ পুৰুষ আৰু অপৱিত্ৰ নাৰী, তথা অপৱিত্ৰ কথা আৰু কৰ্ম, সেই ব্যক্তিৰ বাবে অনুকূ ল, যিয়ে নিজেই অপৱিত্ৰ। তথা এইবোৰৰ মাজৰ সকলো পৱিত্ৰ বস্তু , সেই ব্যক্তি ৰ বাবে অনু কূ ল, যিয়ে নিজেই পৱিত্ৰ। এই পৱিত্ৰ পুৰুষ আৰু পৱিত্ৰা নাৰীসকলে সেইসমূ হ বিষয় ৰ পৰা দোষমু ক্ত , যিবোৰ বিষয় অপৱিত্ৰ নাৰী-পুৰুষসকলে প্ৰচাৰ কৰে। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে আছে মাগফিৰাত, আল্লাহে তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা তেওঁ লোকৰবাবেআছে সন্মানিত জীৱিকা অৰ্থাৎ জান্নাত। بلغ আল-কোৰআন · তাফছীৰ
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَدْخُلُوا۟ بُيُوتًا غَيْرَ بُيُوتِكُمْ حَتَّىٰ تَسْتَأْنِسُوا۟ وَتُسَلِّمُوا۟ عَلَىٰٓ أَهْلِهَا ۚ ذَٰلِكُمْ خَيْرٌۭ لَّكُمْ لَعَلَّكُمْ تَذَكَّرُونَ ﴿٢٧﴾
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰ চৰীয় ত মু তাবিক আমলকাৰী লোকসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত তেওঁ লোকৰ অনুমতি নোলোৱালৈকে আৰু তেওঁলোকক ছালাম নকৰালৈকে তেওঁলোকৰ ঘৰত প্ৰৱেশ নকৰিবা। ছালাম আৰু অনুমতি লোৱাৰ সময় ত এনেকৈ ক'বাঃ "আচ্ছালামু আলাইকু ম, মই ঘৰত প্ৰৱেশ কৰিব পাৰিমনে"?, হঠাৎ প্ৰৱেশ কৰাতকৈ অনু মতিলৈ প্ৰৱেশ কৰাটো তোমালোকৰ বাবে উত্তম, যিটো তোমালোকক আদেশ দিয়া হৈছে। আশা কৰিব পাৰি তোমালোকে এই নিৰ্দে শ মনত ৰাখিবা আৰু সেইমতে আমল কৰিবা।
فَإِن لَّمْ تَجِدُوا۟ فِيهَآ أَحَدًۭا فَلَا تَدْخُلُوهَا حَتَّىٰ يُؤْذَنَ لَكُمْ ۖ وَإِن قِيلَ لَكُمُ ٱرْجِعُوا۟ فَٱرْجِعُوا۟ ۖ هُوَ أَزْكَىٰ لَكُمْ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌۭ ﴿٢٨﴾
بما تعملون عليم যদি ঘৰত কোনো ব্যক্তি নাথাকে তেন্তে ঘৰৰমালিকে অনুমতি নিদিয়ালৈকে সেই ঘৰত প্ৰৱেশ নকৰিবা। আনহাতে যদি ঘৰৰমালিকে উভতি যাবলৈ কয় তেন্তে উভতি যাবা,প্ৰৱেশ নকৰিবা। আল্লাহৰওচৰত এইটোৱেহৈছে তোমালোকৰবাবেঅধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তোমালোকৰকৰ্ম সম্পৰ্কে সৰ্বজ্ঞ, তোমালোকৰ কোনো কৰ্মই তেওঁ ৰ পৰা গোপন নহয় । তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
لَّيْسَ عَلَيْكُمْ جُنَاحٌ أَن تَدْخُلُوا۟ بُيُوتًا غَيْرَ مَسْكُونَةٍۢ فِيهَا مَتَـٰعٌۭ لَّكُمْ ۚ وَٱللَّهُ يَعْلَمُ مَا تُبْدُونَ وَمَا تَكْتُمُونَ ﴿٢٩﴾
সাৰ্বজনিক ঘৰত বিনা অনুমতিত প্ৰৱেশ কৰাত তোমালোকৰ কোনো গুনাহ নহয় , এনেকু ৱা ঘৰ যিটো কাৰো বাবে বিশেষ নহয় । যেনেঃ পুথিভঁ ৰাল, ব্যৱসায়ি ক প্ৰতিষ্ঠান আদি। তোমালোকে যিবোৰকৰ্ম আৰুপৰিস্থি তি গোপন কৰা তথা প্ৰকাশ কৰা, সেইবোৰৰবিষয়ে আল্লাহে ভালদৰেই অৱগত। একোৱেই তেওঁ ৰপৰাগোপন নহয় ,তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।
قُل لِّلْمُؤْمِنِينَ يَغُضُّوا۟ مِنْ أَبْصَـٰرِهِمْ وَيَحْفَظُوا۟ فُرُوجَهُمْ ۚ ذَٰلِكَ أَزْكَىٰ لَهُمْ ۗ إِنَّ ٱللَّهَ خَبِيرٌۢ بِمَا يَصْنَعُونَ ﴿٣٠﴾
হে ৰাছু ল! আপুনি মুমিনসকলক জনাই দিয় ক যে, তেওঁলোকে যেন পৰ নাৰীক দেখাৰ পৰা আৰু পৰ্দাকৃ ত বস্তু চোৱাৰ পৰা নিজৰ দৃষ্টি ক সংযত ৰাখে, লগতে তেওঁলোকে যেন হাৰাম কৰ্মৰ পৰা বিৰত থাকি নিজৰ লজ্জাস্থানক হিফাজত কৰে, তথা মানুহৰ আগত যাতে নিজৰ লজ্জাস্থান উন্মুক্ত নকৰে। লজ্জাস্থানৰ হিফাজত কৰা আৰু আল্লাহে হাৰাম কৰা বস্তু নেদেখাটোৱে হৈছে আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তেওঁ লোকৰসকলো কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁ ৰপৰা একোৱেই গোপন নহয় , তেৱেঁই তেওঁ লোকক ইয়াৰপ্ৰ তিদান দিব।
وَقُل لِّلْمُؤْمِنَـٰتِ يَغْضُضْنَ مِنْ أَبْصَـٰرِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا ۖ وَلْيَضْرِبْنَ بِخُمُرِهِنَّ عَلَىٰ جُيُوبِهِنَّ ۖ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوْ ءَابَآئِهِنَّ أَوْ ءَابَآءِ بُعُولَتِهِنَّ أَوْ أَبْنَآئِهِنَّ أَوْ أَبْنَآءِ بُعُولَتِهِنَّ أَوْ إِخْوَٰنِهِنَّ أَوْ بَنِىٓ إِخْوَٰنِهِنَّ أَوْ بَنِىٓ أَخَوَٰتِهِنَّ أَوْ نِسَآئِهِنَّ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُنَّ أَوِ ٱلتَّـٰبِعِينَ غَيْرِ أُو۟لِى ٱلْإِرْبَةِ مِنَ ٱلرِّجَالِ أَوِ ٱلطِّفْلِ ٱلَّذِينَ لَمْ يَظْهَرُوا۟ عَلَىٰ عَوْرَٰتِ ٱلنِّسَآءِ ۖ وَلَا يَضْرِبْنَ بِأَرْجُلِهِنَّ لِيُعْلَمَ مَا يُخْفِينَ مِن زِينَتِهِنَّ ۚ وَتُوبُوٓا۟ إِلَى ٱللَّهِ جَمِيعًا أَيُّهَ ٱلْمُؤْمِنُونَ لَعَلَّكُمْ تُفْلِحُونَ ﴿٣١﴾
ى ى মু মিনা নাৰীসকলক কৈ দিয় ক, তেওঁ লোকে যেন সেইবোৰ বস্তু ৰ পৰা নিজৰ দৃষ্টি সংযত ৰাখে, যিবোৰৰ প্ৰতি দৃষ্টি পাত কৰা হাৰাম। লগতে তেওঁ লোকে নিজৰ লজ্জাস্থান হিফাজত কৰা উচিত আৰু ব্যভিচাৰৰ পৰা দূৰত্ব অৱলম্বন কৰি নিজৰ লজ্জাস্থান পৰ্দাত ৰখা উচিত। তথা নিজৰ সৌন্দ ৰ্যবেলেগৰ সন্মুখত প্ৰকাশ কৰা অনুচিত, কিন্তু যিবোৰ সাধাৰণতে প্ৰকাশ পায় , নাইবা যিবোৰক গোপন ৰখা অসম্ভ ৱ যেনে পোছাক-পৰিচ্ছদ আদি (সেইবোৰৰ বিষয় টো সুকীয়া)। তেওঁ লোকে মূ ৰত ওৰণি ব্যৱহাৰ কৰা উচিত, যাতে মূ ৰৰ চু লি, মু খমণ্ডল আৰু ঘাৰ আৰু বক্ষস্থ ল ঢাকি থাকে। নিজৰ গোপন সৌন্দ ৰ্যআনৰ ওচৰত প্ৰকাশ কৰা উচিত নহয় , স্বামী, পিতা, শশুৰ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগতে লগৰীয়া বিশ্বাসী তিৰোতাসকলৰ বাহিৰে, মু ছলিমেই হওক অথবা কাফিৰ। তথা সেইবোৰ দাস-দাসীৰ বাহিৰে যিবোৰৰ স্বয়ং তেওঁ লোক মালিক। নাইবা যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষসকলৰ বাহিৰে, লগতে নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ শিশুসকলৰ বাহিৰে। তথা তেওঁ লোকে যেন নিজৰ গোপন সৌন্দ ৰ্যপ্ৰকাশ কৰাৰউদ্দেশ্যেমাটি ত সজোৰেখোজ নাকাঢ়ে । হে মু মিনসকল! তোমালোক আটায়ে দৃষ্টি আদিৰগুনাহৰপৰাআল্লাহৰওচৰত তাওবাকৰা। بلغ আল-কোৰআন · তাফছীৰ যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, আৰু ভয় -ভীতিৰ পৰা ৰক্ষা পোৱা।
وَأَنكِحُوا۟ ٱلْأَيَـٰمَىٰ مِنكُمْ وَٱلصَّـٰلِحِينَ مِنْ عِبَادِكُمْ وَإِمَآئِكُمْ ۚ إِن يَكُونُوا۟ فُقَرَآءَ يُغْنِهِمُ ٱللَّهُ مِن فَضْلِهِۦ ۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٌۭ ﴿٣٢﴾
عليم হে মু মিনসকল! নিজৰ দায়ি ত্ববোধেৰে সেইসকল লোকক বিবাহ কৰোৱা যিসকলৰ স্ত্ৰী নাই, আৰু সেইসকল স্বাধীন নাৰীকো বিবাহ দিয়া যিসকলৰ স্বামী নাই। তথা তোমালোকৰঅধীনস্থ মুমিন দাস-দাসীসকলকো বিবাহ কৰোৱাই দিয়া। যদি তেওঁলোক দৰিদ্ৰ হয় , তেন্তে নিশ্চয় আল্লাহে তেওঁৰবিশাল অনুগ্ৰ হেৰেতেওঁলোকৰপ্ৰ য়োজন পূৰণ কৰিব। নিশ্চয় আল্লাহ প্ৰশস্ত জীৱিকাপ্ৰ দানকাৰী। কাৰোবাক ধন প্ৰদান কৰিলেও তেওঁৰজীৱিকাভাণ্ডাৰত কোনোক্ষতি নহয় । তেওঁ বান্দাসকলৰঅৱস্থাসম্পৰ্কে সৰ্বজ্ঞ।
وَلْيَسْتَعْفِفِ ٱلَّذِينَ لَا يَجِدُونَ نِكَاحًا حَتَّىٰ يُغْنِيَهُمُ ٱللَّهُ مِن فَضْلِهِۦ ۗ وَٱلَّذِينَ يَبْتَغُونَ ٱلْكِتَـٰبَ مِمَّا مَلَكَتْ أَيْمَـٰنُكُمْ فَكَاتِبُوهُمْ إِنْ عَلِمْتُمْ فِيهِمْ خَيْرًۭا ۖ وَءَاتُوهُم مِّن مَّالِ ٱللَّهِ ٱلَّذِىٓ ءَاتَىٰكُمْ ۚ وَلَا تُكْرِهُوا۟ فَتَيَـٰتِكُمْ عَلَى ٱلْبِغَآءِ إِنْ أَرَدْنَ تَحَصُّنًۭا لِّتَبْتَغُوا۟ عَرَضَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۚ وَمَن يُكْرِههُّنَّ فَإِنَّ ٱللَّهَ مِنۢ بَعْدِ إِكْرَٰهِهِنَّ غَفُورٌۭ رَّحِيمٌۭ ﴿٣٣﴾
দৰিদ্ৰ হোৱাৰ কাৰণে যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, তেওঁলোকে ব্যভিচাৰৰ পৰা নিজকে পৱিত্ৰ ৰখা উচিত, যেতিয়ালৈকে আল্লাহে তেওঁলোকক তেওঁ ৰ বিশাল অনু গ্ৰহৰে সম্পদ প্ৰদান নকৰে। যিসকল দাসে নিজৰ মালিকৰ পৰা ধনৰ বিনিময় ত স্বাধীনতা বিচাৰে, যদি তেওঁ লোকে সেইসকল দাসৰ মাজত বিনিময় আদায় কৰাৰ সামৰ্থ দেখা পায় আৰু ধৰ্মৰ ক্ষেত্ৰত যদি সঠি ক জ্ঞান থাকে তেন্তে তেওঁলোকে এই আবেদন স্বীকাৰ কৰা উচিত। তেওঁ লোকৰ প্ৰতি এইটোও জৰুৰী যে, আল্লাহে তেওঁ লোকক যি সম্পদ দান কৰিছে, তাৰ পৰা সিহঁ তকো অলপ প্ৰদান কৰা উচিত। তথা লিখাৰ সময় ত যিটো বিনিময় ৰ ধন নিৰ্ধাৰিত হৈছিল, তাৰে কিছু অংশ মাফ কৰি দিয়া উচিত। ধনৰ লোভত পৰি নিজৰ দাসীসকলক ব্যভিচাৰত লিপ্ত কৰিবলৈ বাধ্য নকৰিবা, তথা ইয়াৰ জৰিয় তে উপাৰ্জিত ধন ভক্ষণ নকৰিবা। যিদৰে আব্দুল্লাহ বিন উবায়ে (সি আছিল এজন মুনাফিক) তাৰ দুই দাসীক ব্যভিচাৰ কৰিবলৈ বাধ্য কৰিছিল, অথচ দাসী দুজনীয়ে ব্যভিচাৰৰ পৰা আঁতৰত থাকি নিজকে পৱিত্ৰ ৰাখিব বিচাৰিছিল। আনহাতে যি ব্যক্তিয়ে নিজৰ দাসীসকলক এনেকু ৱা কাম কৰিবলৈ বাধ্য কৰাব তেন্তে আল্লাহে নিশ্চয় সেইসকল দাসীৰ গুনাহসমূ হ ক্ষমা কৰি দিব তথা তেওঁ লোকৰ প্ৰতি দয়া কৰিব। কিয় নোসিহঁ তক বাধ্যকৰোৱাহৈছে। গতিকে যিয়ে বাধ্যকৰাইছে সি হ'বপ্ৰ কৃ ত গুনাহগাৰ।
وَلَقَدْ أَنزَلْنَآ إِلَيْكُمْ ءَايَـٰتٍۢ مُّبَيِّنَـٰتٍۢ وَمَثَلًۭا مِّنَ ٱلَّذِينَ خَلَوْا۟ مِن قَبْلِكُمْ وَمَوْعِظَةًۭ لِّلْمُتَّقِينَ ﴿٣٤﴾
হে মানৱজাতি! আমি তোমালোকৰপ্ৰ তি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। যিবোৰেসত্য আৰুঅসত্যৰমাজত পাৰ্থক্য কৰে। আমি তোমালোকৰ বাবে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা মুমিন আৰু কাফিৰসকলৰ উদাহৰণো দাঙি ধৰিছোঁ। তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ উপদেশ; উপদেশ সেই ব্যক্তি য়ে ই গ্ৰহণ কৰেযিয়ে নিজ প্ৰতিপালকৰআদেশ পালন কৰিতেওঁ ৰনিষেধকৃ ত বস্তু ৰপৰাবিৰত থাকি তেওঁ ক ভয় কৰে।
۞ ٱللَّهُ نُورُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ مَثَلُ نُورِهِۦ كَمِشْكَوٰةٍۢ فِيهَا مِصْبَاحٌ ۖ ٱلْمِصْبَاحُ فِى زُجَاجَةٍ ۖ ٱلزُّجَاجَةُ كَأَنَّهَا كَوْكَبٌۭ دُرِّىٌّۭ يُوقَدُ مِن شَجَرَةٍۢ مُّبَـٰرَكَةٍۢ زَيْتُونَةٍۢ لَّا شَرْقِيَّةٍۢ وَلَا غَرْبِيَّةٍۢ يَكَادُ زَيْتُهَا يُضِىٓءُ وَلَوْ لَمْ تَمْسَسْهُ نَارٌۭ ۚ نُّورٌ عَلَىٰ نُورٍۢ ۗ يَهْدِى ٱللَّهُ لِنُورِهِۦ مَن يَشَآءُ ۚ وَيَضْرِبُ ٱللَّهُ ٱلْأَمْثَـٰلَ لِلنَّاسِ ۗ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌۭ ﴿٣٥﴾
ى ه ه ه আল্লাহ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ নূ ৰ, তথা উভয় ৰ মাজত থকা সকলোৰে পথপ্ৰ দৰ্শক। মু মিনৰ অন্ত ৰত আল্লাহৰ নূ ৰৰ উপমা হৈছে এনেকু ৱা, যেনিবা দেৱালত ওলমি থকা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, যেনিবা উজ্জ্বল নক্ষত্ৰ। যিটো প্ৰদীপ প্ৰজ্বলিত হয় বৰকতময় গছৰ তেলৰ দ্বাৰা, অৰ্থাৎ যাইতু ন গছৰ তেলৰ দ্বাৰা। সেই গছজোপা সূৰ্যৰ তাপৰ পৰা কেতিয়াও বঞ্চিত নহয় , পুৱাৰ ভাগতো নহয় আবেলিও নহয় । সেই তেল ইমান পৰিস্কাৰযে, জুই নোহোৱাকৈ যেনিবা পোহৰবিয় পায় । তেন্তে ভাবিচোৱা! জুই স্পৰ্শ কৰিলে কি অৱস্থা হ’ব। এফালে প্ৰদীপৰ নূৰ, আনফালে কাঁচৰ পোহৰ। এইটোৱেই হৈছে মুমিনৰ অন্ত ৰৰ পৰিৱেশ, যেতিয়া তাত হিদায় তৰ নূৰ প্ৰৱেশ কৰে। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে কোৰআন-হাদীছ অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰে। আল্লাহে উদাহৰণৰ জৰিয় তে বিষয় বোৰ স্পষ্ট কৰে। নিশ্চয় আল্লাহ সকলোবিষয়ে সৰ্বজ্ঞ,একোৱেই তেওঁ ৰপৰাগোপন নহয় । بلغ আল-কোৰআন · তাফছীৰ
فِى بُيُوتٍ أَذِنَ ٱللَّهُ أَن تُرْفَعَ وَيُذْكَرَ فِيهَا ٱسْمُهُۥ يُسَبِّحُ لَهُۥ فِيهَا بِٱلْغُدُوِّ وَٱلْـَٔاصَالِ ﴿٣٦﴾
এই প্ৰদীপটো মছজিদত প্ৰজ্জ্বলিত কৰা হয় , যাৰভিত্তি আৰুমৰ্যাদা সমন্নুত কৰাৰনিৰ্দে শ আল্লাহে প্ৰদান কৰিছে। সেই মছজিদসমূহত আজান, জিকৰ আৰুচালাতৰজৰিয় তে তেওঁ ক স্মৰণ কৰাহয় । লগতে তেওঁ ৰসন্তু ষ্টি অৰ্জ ন কৰিবলৈ পুৱা-গধূলি চালাত আদায় কৰাহয় ।
رِجَالٌۭ لَّا تُلْهِيهِمْ تِجَـٰرَةٌۭ وَلَا بَيْعٌ عَن ذِكْرِ ٱللَّهِ وَإِقَامِ ٱلصَّلَوٰةِ وَإِيتَآءِ ٱلزَّكَوٰةِ ۙ يَخَافُونَ يَوْمًۭا تَتَقَلَّبُ فِيهِ ٱلْقُلُوبُ وَٱلْأَبْصَـٰرُ ﴿٣٧﴾
তেওঁ লোক হৈছে এনেকু ৱা লোক, যিসকলক ব্যৱসায় -বাণিজ্যই কেতিয়াও আল্লাহৰ স্মৰণৰ পৰা আৰু সম্পূৰ্ণৰূপে চালাত আদায় ৰ পৰা, লগতে উপযুক্ত শিতানত যাকাত আদায় ৰ পৰা অমনোযোগী নকৰে। তেওঁলোকে কিয়ামত দিৱসক ভয় কৰে। সেইদিনা মানুহৰ অন্ত ৰ মুক্তি লাভৰ আশাত আৰু শাস্তি ৰভয় ত কম্পমান থাকিব। লগতে সিহঁ তে ইপিনে সিপিনে চাই থাকিবযে,ক’লৈ যাবআজি।
لِيَجْزِيَهُمُ ٱللَّهُ أَحْسَنَ مَا عَمِلُوا۟ وَيَزِيدَهُم مِّن فَضْلِهِۦ ۗ وَٱللَّهُ يَرْزُقُ مَن يَشَآءُ بِغَيْرِ حِسَابٍۢ ﴿٣٨﴾
তেওঁলোকে এইবোৰ কৰ্ম এইকাৰণে কৰিছে, যাতে আল্লাহে তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিয়ে , লগতে তেওঁ যাতে নিজ অনুগ্ৰ হত আৰু অধিক বৃদ্ধি কৰি দিয়ে । আল্লাহে যাক ইচ্ছা কৰে তাৰ কৰ্ম অনু সাৰে প্ৰচু ৰ জীৱিকা প্ৰদান কৰে। আনকি তাৰ কৰ্মতকৈও কেইগুণ অধিক প্ৰদান কৰে।
وَٱلَّذِينَ كَفَرُوٓا۟ أَعْمَـٰلُهُمْ كَسَرَابٍۭ بِقِيعَةٍۢ يَحْسَبُهُ ٱلظَّمْـَٔانُ مَآءً حَتَّىٰٓ إِذَا جَآءَهُۥ لَمْ يَجِدْهُ شَيْـًۭٔا وَوَجَدَ ٱللَّهَ عِندَهُۥ فَوَفَّىٰهُ حِسَابَهُۥ ۗ وَٱللَّهُ سَرِيعُ ٱلْحِسَابِ ﴿٣٩﴾
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁ তৰ সৎকৰ্মৰ কোনো প্ৰতিদান নাই। বৰং সেই সৎকৰ্মৰ উদাহৰণ হৈছে বালিৰ প্ৰান্ত ত থকা মৰীচিকাৰ দৰে, যিটোক পানী বুলি ভাবি তৃ ষ্ণাতু ৰ ব্যক্তিয়ে হেঁ পাহত আগুৱাই যায় । অৱশেষত যেতিয়া তাৰ ওচৰ পায় গৈ, তেতিয়া তাত কোনো পানী নাপায় । ঠি ক সেইটোৱেই হৈছে কাফিৰসকলৰ অৱস্থা। সিহঁ তে ভাবে সিহঁ তৰ সৎকৰ্ম সিহঁ তৰ বাবে লাভদায় ক হ'ব, কিন্তু যেতিয়া মৃত্যুবৰণ কৰিব আৰু তাৰ পিছত পুনৰুত্থিত হ'ব, তেতিয়া সিহঁ তে সেই সৎকৰ্মৰ কোনো প্ৰতিফল নাপাব। কিন্তু সন্মুখীন হ'ব তেওঁ ৰ প্ৰতিপালকৰ, যিয়ে পৰিপূৰ্ণৰূপে সিহঁ তৰ কৰ্মৰ হিচাপ গ্ৰহণকৰিব।নিশ্চয় তেওঁ দ্ৰুতহিচাপগ্ৰ হণকাৰী।
أَوْ كَظُلُمَـٰتٍۢ فِى بَحْرٍۢ لُّجِّىٍّۢ يَغْشَىٰهُ مَوْجٌۭ مِّن فَوْقِهِۦ مَوْجٌۭ مِّن فَوْقِهِۦ سَحَابٌۭ ۚ ظُلُمَـٰتٌۢ بَعْضُهَا فَوْقَ بَعْضٍ إِذَآ أَخْرَجَ يَدَهُۥ لَمْ يَكَدْ يَرَىٰهَا ۗ وَمَن لَّمْ يَجْعَلِ ٱللَّهُ لَهُۥ نُورًۭا فَمَا لَهُۥ مِن نُّورٍ ﴿٤٠﴾
ى অথবা সিহঁ তৰ সৎকৰ্মৰ উদাহৰণ হৈছে গভীৰ সাগৰত থকা অন্ধকাৰৰ দৰে। যাৰ ওপৰি ভাগত আছে প্ৰচণ্ড ঢৌৰ ওপৰত ঢৌ, আৰু আকাশত আছে মেঘপুঞ্জ, যি মেঘে আকাশত থকা তৰাবোৰকো ঢাকি পেলাইছে। গতিকে অন্ধকাৰৰ ওপৰত অন্ধকাৰে বিৰাজ কৰিছে। এনেকু ৱা অন্ধকাৰত থকা ব্যক্তিয়ে যদি নিজৰ হাতখনকো উলিয়ায় , তথাপিও সি ঘন অন্ধকাৰৰ ফলত সেই হাতখন দেখা নাপাব। এইটোৱেই হৈছে কাফিৰৰ অৱস্থা। সিহঁ তক অজ্ঞতা, সন্দে হ, দোমোজা আৰু হৃদয় ত মাৰি দিয়া মোহৰ আদিৰ অন্ধকাৰৰ ওপৰত অন্ধকাৰে আৱৰি আছে। যাক আল্লাহে পথভ্ৰ ষ্টতাৰ পৰা উলিয়াই সঠি ক পথৰ হিদায় ত প্ৰদান নকৰিব তথা তেওঁ ৰ গ্ৰন্থৰ সঠি ক জ্ঞান দান নকৰিব, সি কেতিয়াও সঠি ক পথত পৰিচালিত হ'ব নোৱাৰে আৰু পোহৰ বিচাৰি কোনো কিতাপৰো সন্ধান নাপাব। ل
أَلَمْ تَرَ أَنَّ ٱللَّهَ يُسَبِّحُ لَهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَٱلطَّيْرُ صَـٰٓفَّـٰتٍۢ ۖ كُلٌّۭ قَدْ عَلِمَ صَلَاتَهُۥ وَتَسْبِيحَهُۥ ۗ وَٱللَّهُ عَلِيمٌۢ بِمَا يَفْعَلُونَ ﴿٤١﴾
بما يفعلون হে ৰাছু ল! আপুনি গ'ম পোৱা নাইনে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰে, আৰু চৰাই-চিৰিকটি য়ে ও শূ ন্যত পাখি মেলি তেওঁ ৰ গুণগান কৰে। যিবোৰ সৃষ্টি য়ে চালাত আদায় কৰে, আল্লাহ তেওঁ লোকৰ চালাত সম্পৰ্কে অৱগত, যেনেঃ মানু হে চালাত আদায় কৰে,আৰুযিবোৰেতেওঁ ৰগুণগান কৰেযেনেঃচৰাই-চিৰিকটি ,সেই সম্পৰ্কে ও তেওঁ অৱগত। সিহঁ তে যি যি কৰে,সেই সকলোবিষয় সম্পৰ্কে আল্লাহ بلغ আল-কোৰআন · তাফছীৰ সৰ্বজ্ঞ। সিহঁ তৰকোনো কৰ্মই তেওঁ ৰপৰা গোপন নহয় ।
وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ وَإِلَى ٱللَّهِ ٱلْمَصِيرُ ﴿٤٢﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত, আৰু কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে প্ৰত্যাৱৰ্ত ন কৰিবলাগিব।
أَلَمْ تَرَ أَنَّ ٱللَّهَ يُزْجِى سَحَابًۭا ثُمَّ يُؤَلِّفُ بَيْنَهُۥ ثُمَّ يَجْعَلُهُۥ رُكَامًۭا فَتَرَى ٱلْوَدْقَ يَخْرُجُ مِنْ خِلَـٰلِهِۦ وَيُنَزِّلُ مِنَ ٱلسَّمَآءِ مِن جِبَالٍۢ فِيهَا مِنۢ بَرَدٍۢ فَيُصِيبُ بِهِۦ مَن يَشَآءُ وَيَصْرِفُهُۥ عَن مَّن يَشَآءُ ۖ يَكَادُ سَنَا بَرْقِهِۦ يَذْهَبُ بِٱلْأَبْصَـٰرِ ﴿٤٣﴾
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহে মেঘপুঞ্জক সঞ্চালিত কৰে, আৰু ইয়াৰ বিভিন্ন খণ্ডক ইটোৰ লগত সিটোক মিলাই দিয়ে । তথা সেইবোৰক খাপে-খাপে ৰাখি পঞ্জীভূত কৰে। ফলত আপুনি মেঘৰ ভিতৰৰ পৰা বৰষুণৰ টোপাল ওলাই অহা দেখিবলৈ পায় । এইদৰে তেৱেঁই পৰ্বত সদৃশ ঘন মেঘমালাৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে, তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা ইচ্ছানু সাৰে কিছু মানৰ ওপৰত বৰ্ষণ কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সেই শিলাবৃষ্টি ৰপৰাআঁতৰাই ৰাখে। মেঘৰচমকনি ইমান প্ৰচণ্ডযে,দৃষ্টি শক্তি কাঢ়ি লোৱাৰউপক্ৰ ম হয় ।
يُقَلِّبُ ٱللَّهُ ٱلَّيْلَ وَٱلنَّهَارَ ۚ إِنَّ فِى ذَٰلِكَ لَعِبْرَةًۭ لِّأُو۟لِى ٱلْأَبْصَـٰرِ ﴿٤٤﴾
আল্লাহেই দিন ৰাতিৰআৱৰ্ত ন ঘটায় আৰুইয়াক সৰু-ডাঙৰকৰে। নিশ্চয় আল্লাহৰপ্ৰ ভূ ত্বপ্ৰমাণ কৰাএই নিদৰ্শনবোৰৰমাজত সেইসকল লোকৰবাবে আছে শিক্ষা তথা পাঠ, যিসকলে আল্লাহৰ ক্ষমতা আৰু তেওঁ ৰ একত্ব সম্পৰ্কে জ্ঞান ৰাখে।
وَٱللَّهُ خَلَقَ كُلَّ دَآبَّةٍۢ مِّن مَّآءٍۢ ۖ فَمِنْهُم مَّن يَمْشِى عَلَىٰ بَطْنِهِۦ وَمِنْهُم مَّن يَمْشِى عَلَىٰ رِجْلَيْنِ وَمِنْهُم مَّن يَمْشِى عَلَىٰٓ أَرْبَعٍۢ ۚ يَخْلُقُ ٱللَّهُ مَا يَشَآءُ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٤٥﴾
ى পৃথিৱীত চলাচল কৰা প্ৰত্যেক জীৱকে আল্লাহে বীৰ্যৰ (পানীৰ) পৰা সৃষ্টি কৰিছে। সেইবোৰৰ কিছু মানে পেটত ভৰ দি চুঁ চৰি চলাচল কৰে, যেনেঃ সাপ। আৰু কিছু মানে দুই ভৰিৰে খোজকাঢ়ে , যেনেঃ মানু হ আৰু হাঁহ, কু কু ৰা, চৰাই-চিৰিকটি । এইদৰে কিছু মানে চলাচল কৰে চাৰি ঠেঙেৰে, যেনেঃ চতু ষ্পদ জন্তু । আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, যিটো বৰ্ণনা হৈছে সেইটোও আৰু যিটো বৰ্ণনা হোৱা নাই সেইটোও। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰতে সকলোবিষয় তে ক্ষমতাৱান। তেওঁ ক একোৱেই পৰাজিত কৰিবনোৱাৰে।
لَّقَدْ أَنزَلْنَآ ءَايَـٰتٍۢ مُّبَيِّنَـٰتٍۢ ۚ وَٱللَّهُ يَهْدِى مَن يَشَآءُ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٤٦﴾
নিশ্চয় আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, যিবোৰে সত্যৰ পথ দেখুৱায় । আল্লাহে যাক ইচ্ছা কৰে সঠি ক পথত পৰিচালিত কৰে,যি পথত কোনোধৰণৰবক্ৰ তানাই। সেই পথে জান্নাতলৈ লৈ যায় ।
وَيَقُولُونَ ءَامَنَّا بِٱللَّهِ وَبِٱلرَّسُولِ وَأَطَعْنَا ثُمَّ يَتَوَلَّىٰ فَرِيقٌۭ مِّنْهُم مِّنۢ بَعْدِ ذَٰلِكَ ۚ وَمَآ أُو۟لَـٰٓئِكَ بِٱلْمُؤْمِنِينَ ﴿٤٧﴾
মুনাফিকসকলে কয়ঃ আমি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, তথা আমি আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্যশীল হৈ গৈছোঁ। ইয়াৰ পিছত সিহঁ তৰ মাজৰ এটা দল বিমু খ হৈ যায় । এতেকে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান ৰখাৰ আৰু তেওঁ লোকৰ আনু গত্য কৰা বুলি দাবী কৰাৰ পিছতো সিহঁতে জিহাদ ফি ছাবিলিল্লাহৰ আদেশ পালন নকৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ পৰা বিমুখ হোৱা এই লোকসকল কেতিয়াও মু মিন হ'ব নোৱাৰে, যদিও সিহঁ তে নিজকে মু মিন বুলি দাবী কৰে। بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا دُعُوٓا۟ إِلَى ٱللَّهِ وَرَسُولِهِۦ لِيَحْكُمَ بَيْنَهُمْ إِذَا فَرِيقٌۭ مِّنْهُم مُّعْرِضُونَ ﴿٤٨﴾
যেতিয়া এই মুনাফিকসকলক আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি আহ্বান কৰা হয় , যাতে ৰাছু লে সিহঁ তৰ বিবাদৰ মীমাংসা কৰি দিয়ে , তেতিয়া সিহঁ তে নিফাকৰ কাৰণে ৰাছু লৰ মীমাংসাৰ পৰা আঁতৰি থাকে।
وَإِن يَكُن لَّهُمُ ٱلْحَقُّ يَأْتُوٓا۟ إِلَيْهِ مُذْعِنِينَ ﴿٤٩﴾
কিন্তু যদি সিহঁ তে গম পায় যে, মীমাংসা সিহঁ তৰ পক্ষত থাকিব আৰু ৰাছু লে সিহঁ তৰ সপক্ষে ফয় চালা দিব, তেতিয়া সিহঁ তে বিনীত হৈ শিৰ নত কৰি আগুৱাই আহে।
أَفِى قُلُوبِهِم مَّرَضٌ أَمِ ٱرْتَابُوٓا۟ أَمْ يَخَافُونَ أَن يَحِيفَ ٱللَّهُ عَلَيْهِمْ وَرَسُولُهُۥ ۚ بَلْ أُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ ﴿٥٠﴾
সিহঁ তৰঅন্ত ৰত ব্যাধিআছে নেকি,যিটো অৱসান হোৱাৰনামেই নলয় । নে সিহঁ তে আপোনাক ৰাছু ল হোৱাত সন্দে হ পোষণ কৰে? অথবা সিহঁ তে ভয় কৰে নেকি যে, আল্লাহ আৰু তেওঁৰ ৰাছু লে সিহঁ তৰ বিৰুদ্ধে ফয় চালা দিব বা সিহঁ তৰ লগত অন্যায় কৰিব? এইবোৰৰ এটাও সত্য নহয় । বৰং আল্লাহৰ আদেশ নমনাৰ কাৰণে বা অৱহেলা কৰাৰ কাৰণে সিহঁ তৰ অন্ত ৰত ব্যাধিৰ সৃষ্টি হৈছে।
إِنَّمَا كَانَ قَوْلَ ٱلْمُؤْمِنِينَ إِذَا دُعُوٓا۟ إِلَى ٱللَّهِ وَرَسُولِهِۦ لِيَحْكُمَ بَيْنَهُمْ أَن يَقُولُوا۟ سَمِعْنَا وَأَطَعْنَا ۚ وَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ ﴿٥١﴾
মু মিনসকলক যদি আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ ফালে মীমাংসাৰ বাবে আহ্বান কৰা হয় , তেতিয়া তেওঁ লোকৰ মু খৰ পৰা এই কথা ওলোৱা উচিত যে, আমি তেওঁৰ কথা শুনিলোঁ আৰু তেওঁৰ আদেশ পালন কৰিলোঁ। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই প্ৰকৃততে পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।
وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ وَيَخْشَ ٱللَّهَ وَيَتَّقْهِ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْفَآئِزُونَ ﴿٥٢﴾
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আদেশ পালন কৰিব তথা তেওঁলোকৰ মীমাংসা মানি ল'ব, লগতে গুনাহৰ পৰিণামক ভয় কৰিব, আৰু আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ শাস্তি ক ভয় কৰিব, প্ৰকৃ ততে সেইসকল লোকেই হৈছে পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভকাৰী সফল লোক।
۞ وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَـٰنِهِمْ لَئِنْ أَمَرْتَهُمْ لَيَخْرُجُنَّ ۖ قُل لَّا تُقْسِمُوا۟ ۖ طَاعَةٌۭ مَّعْرُوفَةٌ ۚ إِنَّ ٱللَّهَ خَبِيرٌۢ بِمَا تَعْمَلُونَ ﴿٥٣﴾
মুনাফিকসকলে দৃঢ় ভাৱে আল্লাহৰ শপত খায় যে, যদি আপুনি সিহঁ তক জিহাদৰ বাবে ওলাবলৈ আহ্বান কৰে তেন্তে সিহঁ ত অৱশ্যে ওলাব। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, তোমালোকে শপত নাখাবা, কাৰণ তোমালোকৰ মিছা কথা সম্পৰ্কে ভালদৰেই জানো, আনহাতে তোমালোকৰ তথাকথিত আনুগত্যৰ অৱস্থাও ভালদৰেই জ্ঞাত। তোমালোকে যি যি কৰি আছা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয় ,যিমানেই সৰুনহওক কিয় ।
قُلْ أَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ ۖ فَإِن تَوَلَّوْا۟ فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُم مَّا حُمِّلْتُمْ ۖ وَإِن تُطِيعُوهُ تَهْتَدُوا۟ ۚ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ ﴿٥٤﴾
হে ৰাছু ল! আপুনি এই মুনাফিকসকলক কৈ দিয় ক, তোমালোকে বাহ্যিক আভ্যন্ত ৰীণ সৰ্বতোপ্ৰ কাৰে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্য কৰা। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্যৰ পৰা বিমুখ হোৱা, যিটো পালন কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা! ৰাছু লৰ কৰ্ত ব্যহৈছে কেৱল ধৰ্ম প্ৰচাৰ কৰা, যিটো দায়ি ত্বতেওঁ ক অৰ্পন কৰা হৈছে। আনহাতে তোমালোকৰ দায়ি ত্বহৈছে আনু গত্য কৰা, আৰু ৰাছু লে লৈ অহা চৰীয় ত মু তাবিক জীৱন-যাপন কৰা। যদি তোমালোকে তেওঁ ৰ আনু গত্য কৰি তেওঁ ৰ আদেশ পালন কৰা, আৰু তেওঁ নিষেধ কৰা বিষয় ৰ পৰা بلغ আল-কোৰআন · তাফছীৰ বিৰত থাকা, তেন্তে অৱশ্যে তোমালোকে সত্যৰপথ লাভ কৰিবা। ৰাছু লৰদায়ি ত্বহৈছে কেৱল স্পষ্ট ভাৱেদ্বীন প্ৰচাৰকৰা। এতেকে তেওঁ ৰকৰ্ত ব্যহৈছে তোমালোকক সঠি ক পথ দেখুৱাই দিয়া, তোমালোকক সেই পথত চলিবলৈ বাধ্য কৰোৱাটো তেওঁ ৰ দায়ি ত্বনহয় ।
وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ مِنكُمْ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَيَسْتَخْلِفَنَّهُمْ فِى ٱلْأَرْضِ كَمَا ٱسْتَخْلَفَ ٱلَّذِينَ مِن قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ ٱلَّذِى ٱرْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُم مِّنۢ بَعْدِ خَوْفِهِمْ أَمْنًۭا ۚ يَعْبُدُونَنِى لَا يُشْرِكُونَ بِى شَيْـًۭٔا ۚ وَمَن كَفَرَ بَعْدَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْفَـٰسِقُونَ ﴿٥٥﴾
ى তোমালোকৰমাজৰযিসকলে আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰিছে আৰুসৎকৰ্ম কৰিছে তেওঁ লোকক আল্লাহে প্ৰতিশ্ৰুতি দিছে যে,তেওঁ লোকক আল্লাহে শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব, তথা তেওঁ লোকক পৃথিৱীত প্ৰতিনিধি বনাব, যিদৰে তেওঁ লোকৰ পূৰ্বে মু মিনসকলৰ মাজৰ কিছু মানক প্ৰতিনিধি বনাইছিল। লগতে এই প্ৰতিশ্ৰুতিও দিছে যে, তেওঁ লোকৰ বাবে মনোনীত আৰু পছন্দ নীয় ধৰ্ম ইছলামক পৃথিৱীত শক্তি শালী কৰিব। তথা তেওঁ লোকক এই কথাও দিছে যে, তেওঁলোকক ভয় -ভীতিৰ পাছত শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব। কিন্তু তেওঁলোকে কেৱলমাত্ৰ মোৰেই ইবাদত কৰিব লাগিব আৰু মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰিব নোৱাৰিব। যিয়ে এইবোৰ নিয়ামতৰ পিছতো অকৃ তজ্ঞ হ'ব, প্ৰকৃ ততে সেইসকল লোকেই হৈছে আল্লাহৰ আনু গত্যৰ উলংঘাকাৰী।
وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَطِيعُوا۟ ٱلرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ ﴿٥٦﴾
পৰিপূৰ্ণভাৱে চালাত আদায় কৰা, নিজৰ সম্পত্তিৰ যাকাত প্ৰদান কৰা। লগতে ৰাছু লৰ আদেশ পালন কৰি আৰু তেওঁ নিষেধ কৰা বিষয় ৰ পৰা বিৰত থাকি, তেওঁ ৰ আনু গত্য কৰা। যাতে তোমালোকে আল্লাহৰ ৰহমত লাভ কৰিব পাৰা।
لَا تَحْسَبَنَّ ٱلَّذِينَ كَفَرُوا۟ مُعْجِزِينَ فِى ٱلْأَرْضِ ۚ وَمَأْوَىٰهُمُ ٱلنَّارُ ۖ وَلَبِئْسَ ٱلْمَصِيرُ ﴿٥٧﴾
হে ৰাছু ল! যিসকলে আল্লাহৰ লগত কু ফৰী কৰিছে, আপুনি এইটো নাভাবিব যে, সিহঁ তে মোৰ শাস্তি ৰ পৰা পলায় ন কৰিব পাৰিব, যেতিয়া আমি সিহঁ তৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম। কিয়ামতৰ দিনা সিহঁতৰ ঠি কনা হ'ব জাহান্নাম। সেইসকল লোকৰ ঠি কনা কিমান যে নিকৃ ষ্ট , যিসকলে জাহান্নামত অৱস্থান কৰিব।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لِيَسْتَـْٔذِنكُمُ ٱلَّذِينَ مَلَكَتْ أَيْمَـٰنُكُمْ وَٱلَّذِينَ لَمْ يَبْلُغُوا۟ ٱلْحُلُمَ مِنكُمْ ثَلَـٰثَ مَرَّٰتٍۢ ۚ مِّن قَبْلِ صَلَوٰةِ ٱلْفَجْرِ وَحِينَ تَضَعُونَ ثِيَابَكُم مِّنَ ٱلظَّهِيرَةِ وَمِنۢ بَعْدِ صَلَوٰةِ ٱلْعِشَآءِ ۚ ثَلَـٰثُ عَوْرَٰتٍۢ لَّكُمْ ۚ لَيْسَ عَلَيْكُمْ وَلَا عَلَيْهِمْ جُنَاحٌۢ بَعْدَهُنَّ ۚ طَوَّٰفُونَ عَلَيْكُم بَعْضُكُمْ عَلَىٰ بَعْضٍۢ ۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلْـَٔايَـٰتِ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌۭ ﴿٥٨﴾
ى ه ه হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰ চৰীয় ত মু তাবিক আমলকাৰীসকল! তোমালোকৰ দাস-দাসী আৰু তোমালোকৰ ল’ৰা-ছোৱালী যিবোৰ অপ্ৰাপ্ত বয় স্ক, সিহঁতে তিনিটা সময় ত তোমালোকৰ কোঠাত প্ৰৱেশ কৰাৰ পূৰ্বে তোমালোকৰ পৰা অনুমতি লোৱা বাঞ্চনীয় । ফজৰৰ সময় ৰ পূৰ্বে, যেতিয়া ৰাতিৰ পোছাক সলাই দিনৰ পোছাক পৰিধান কৰা হয় । এইদৰে দুপুৰীয়াৰ সময় ত, যেতিয়া তোমালোকে কাপোৰ খুলি কিছু সময় বিশ্ৰাম কৰা। লগতে ঈশ্বাৰ চালাতৰ পিছত, যেতিয়া তোমালোকে দিনৰ কাপোৰ সলাই ৰাতিৰ কাপোৰ পৰিধান কৰা। এই তিনিটা সময় হৈছে তোমালোকৰ বাবে পৰ্দা কৰাৰ সময় । এই তিনিওটা সময় ত সিহঁতে তোমালোকৰ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু ইয়াৰ বাহিৰে বেলেগ সময় ত সিহঁতে অনুমতি নোলোৱাকৈ আহিব পাৰে, ইয়াৰ ফলত তোমালোকৰো গুনাহ নহ'ব আৰু সিহঁ তৰো গুনাহ নহ'ব। কাৰণ তোমালোকে ইজনে সিজনৰ ওচৰত সদায় অহা-যোৱা কৰা, সেয়ে সিহঁতৰ অহা-যোৱাটো স্বাভাৱিক। গতিকে সদায় অনুমতি লৈ প্ৰৱেশ কৰাটো এটা কঠি ন কাম। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ নিয় ম-নীতি স্পষ্ট ভাৱে বৰ্ণনা কৰিছে, ঠি ক সেইদৰে আল্লাহে তোমালোকৰ বাবে সেইসমূহ আয়াতকো স্পষ্ট ভাৱে বৰ্ণনা কৰিছে যিবোৰত তেওঁ ৰ অন্যান্য আদেশ-নিষেধসমূ হ বৰ্ণিত হৈছে। আল্লাহে তেওঁ ৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে ভালকৈ অৱগত। তেওঁ লোকৰ বাবেবিধান জাৰিকৰাৰক্ষেত্ৰত তেওঁ মহাপ্ৰ জ্ঞাৱান। بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا بَلَغَ ٱلْأَطْفَـٰلُ مِنكُمُ ٱلْحُلُمَ فَلْيَسْتَـْٔذِنُوا۟ كَمَا ٱسْتَـْٔذَنَ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمْ ءَايَـٰتِهِۦ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌۭ ﴿٥٩﴾
عليم حكيم যেতিয়া তোমালোকৰ শিশুসকল প্ৰাপ্ত বয় স্কত উপনীত হ'ব, তেতিয়া তেওঁলোকে সকলো সময় তে ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি লোৱা উচিত। যেনেকৈ ইতিপূৰ্বে ডাঙৰসকলৰ বিষয়ে ঘৰত প্ৰৱেশ কৰাৰ নিয় ম-নীতি বৰ্ণনা কৰা হৈছে। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ বিধান স্পষ্ট কৰিছে, ঠি ক সেইদৰে তেওঁ তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্ট ৰূপে বৰ্ণনা কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ হিত সম্পৰ্কে সম্যকঅৱগত। তেওঁ বান্দাসকলৰবাবেচৰীয় ত প্ৰণয় নত মহাপ্ৰ জ্ঞাৱান।
وَٱلْقَوَٰعِدُ مِنَ ٱلنِّسَآءِ ٱلَّـٰتِى لَا يَرْجُونَ نِكَاحًۭا فَلَيْسَ عَلَيْهِنَّ جُنَاحٌ أَن يَضَعْنَ ثِيَابَهُنَّ غَيْرَ مُتَبَرِّجَـٰتٍۭ بِزِينَةٍۢ ۖ وَأَن يَسْتَعْفِفْنَ خَيْرٌۭ لَّهُنَّ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌۭ ﴿٦٠﴾
বৃদ্ধবয় সৰ কাৰণে যিসকল মহিলাৰ মাহেকীয়া নহয় আৰু গৰ্ভ ৱতীও নহয় , আনকি তেওঁলোকৰ বিবাহৰো কোনো আশা নাই, তেনেকু ৱা মহিলাই যদি কিছু কাপোৰ খুলি ৰাখে, যেনেঃ চাদৰ আৰু ওৰণি আদি তেন্তে তেওঁলোকৰ কোনো গুনাহ নহ’ব। কিন্তু চৰ্ত হৈছে যিবোৰ সৌন্দ ৰ্যগোপন ৰাখিবলৈ নিৰ্দে শ দিয়া হৈছে সেইবোৰ যাতে প্ৰকাশ নাপায় । কিন্তু সেইবোৰ কাপোৰ খুলি নৰখাই তেওঁ লোকৰ বাবে অধিক উত্তম, যাতে পৰ্দা আৰু পাক-পৱিত্ৰতাৰ প্ৰতি অধিক মনোযোগ থাকে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁ ৰপৰাগোপন নহয় । তেওঁ তোমালোককইয়াৰপ্ৰ তিদান দিব।
لَّيْسَ عَلَى ٱلْأَعْمَىٰ حَرَجٌۭ وَلَا عَلَى ٱلْأَعْرَجِ حَرَجٌۭ وَلَا عَلَى ٱلْمَرِيضِ حَرَجٌۭ وَلَا عَلَىٰٓ أَنفُسِكُمْ أَن تَأْكُلُوا۟ مِنۢ بُيُوتِكُمْ أَوْ بُيُوتِ ءَابَآئِكُمْ أَوْ بُيُوتِ أُمَّهَـٰتِكُمْ أَوْ بُيُوتِ إِخْوَٰنِكُمْ أَوْ بُيُوتِ أَخَوَٰتِكُمْ أَوْ بُيُوتِ أَعْمَـٰمِكُمْ أَوْ بُيُوتِ عَمَّـٰتِكُمْ أَوْ بُيُوتِ أَخْوَٰلِكُمْ أَوْ بُيُوتِ خَـٰلَـٰتِكُمْ أَوْ مَا مَلَكْتُم مَّفَاتِحَهُۥٓ أَوْ صَدِيقِكُمْ ۚ لَيْسَ عَلَيْكُمْ جُنَاحٌ أَن تَأْكُلُوا۟ جَمِيعًا أَوْ أَشْتَاتًۭا ۚ فَإِذَا دَخَلْتُم بُيُوتًۭا فَسَلِّمُوا۟ عَلَىٰٓ أَنفُسِكُمْ تَحِيَّةًۭ مِّنْ عِندِ ٱللَّهِ مُبَـٰرَكَةًۭ طَيِّبَةًۭ ۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلْـَٔايَـٰتِ لَعَلَّكُمْ تَعْقِلُونَ ﴿٦١﴾
ه لعل كم تعقلون অন্ধৰ বাবে গুনাহ নহয় , যিয়ে দৃষ্টি শক্তি হেৰাই পেলাইছে। খোৰাৰ বাবেও কোনো গুনাহ নহয় আৰু ৰুগীয়া ব্যক্তিৰ বাবেও কোনো গুনাহ নহয় , যদি তেওঁ লোকে চৰীয় তৰ এনেকু ৱা কোনো কাম এৰি দিয়ে , যিটো কৰা তেওঁ লোকৰ পক্ষে সম্ভ ৱ নহয় । যেনেঃ আল্লাহৰ পথত জিহাদ কৰা। হে মু মিনসকল! তোমালোকৰ নিজৰ ঘৰত আহাৰ কৰাত তোমালোকৰ কোনো গুনাহ নহয় , আৰু তোমালোকৰ পুত্ৰৰ ঘৰত খালেও গুনাহ নহয় , আনকি তোমালোকৰ পিতৃ ৰ ঘৰত, মাকৰ ঘৰত, ভাতৃ ৰ ঘৰত, ভগ্নীৰ ঘৰত, খুৰাৰ ঘৰত, মাহীৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহীসকলৰ ঘৰত, অথবা সেইবোৰ ঘৰৰ পৰা যিবোৰ ঘৰৰ চাবি তোমালোকৰ হাতত থাকে, যেনেঃ বাগানৰ চকীদাৰ। আনকি তোমালোকৰ বন্ধুবৰ্গৰ ঘৰৰ পৰা খোৱাতো কোনো গুনাহ নহয় , কিয় নো ইয়াৰ দ্বাৰা আন্ত ৰিক সুখ লাভ হয় । তোমালোকে একেলগে মিলি খোৱা অথবা অকলশৰীয়াকৈ খোৱা তাত তোমালোকৰ কোনো গুনাহ নহয় । যেতিয়া তোমালোকে উক্ত ঘৰসমূ হত অথবা ইয়াৰ বাহিৰে আন কোনো ঘৰত প্ৰৱেশ কৰিবা, তেতিয়া তোমালোকে এইদৰে ছালাম কৰিবাঃ “আচ্ছালামু আলাইকু ম”। যদি ঘৰত কোনোৱে নাথাকে তেন্তে নিজকেই ছালাম কৰি এইদৰে ক'বাঃ “আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লা- হিচ্ছালিহীন”। এইটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত ছালাম। যিটো প্ৰচাৰ কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। এইটো বৰকতময় ছালাম। কিয় নো ইয়াৰ দ্বাৰা তোমালোকৰ মাজত মুহাব্বত বৃদ্ধি পায় । লগতে এইটো এটা পৱিত্ৰ বাক্য, যিটো শুনাৰ ফলত শ্ৰৱণকাৰীয়ে আন্ত ৰিক তৃ প্তি লাভ কৰে। এই ছু ৰাত উল্লি খিত বৰ্ণনাৰ দৰেই আল্লাহে তেওঁৰ আয়াতসমূহক স্পষ্ট ৰূপে বৰ্ণনা কৰে, যাতে তোমালোকে বুজি পোৱা আৰু সেইমতে আমল কৰা। بلغ আল-কোৰআন · তাফছীৰ
إِنَّمَا ٱلْمُؤْمِنُونَ ٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَإِذَا كَانُوا۟ مَعَهُۥ عَلَىٰٓ أَمْرٍۢ جَامِعٍۢ لَّمْ يَذْهَبُوا۟ حَتَّىٰ يَسْتَـْٔذِنُوهُ ۚ إِنَّ ٱلَّذِينَ يَسْتَـْٔذِنُونَكَ أُو۟لَـٰٓئِكَ ٱلَّذِينَ يُؤْمِنُونَ بِٱللَّهِ وَرَسُولِهِۦ ۚ فَإِذَا ٱسْتَـْٔذَنُوكَ لِبَعْضِ شَأْنِهِمْ فَأْذَن لِّمَن شِئْتَ مِنْهُمْ وَٱسْتَغْفِرْ لَهُمُ ٱللَّهَ ۚ إِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌۭ ﴿٦٢﴾
প্ৰকৃ ত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিছে। তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যেতিয়া কোনো গুৰুত্ব পূৰ্ণ কামত অংশ লয়, যি কামত মুছলিমসকলৰ কল্যাণ নিহিত আছে, তেতিয়া তেওঁলোকে অনুমতি নোলোৱালৈকে কেতিয়াও উভতি নাহে। হে ৰাছু ল! যিসকল লোকে ওভোতাৰ সময় ত আপোনাৰ পৰা অনুমতি বিচাৰে, তেওঁলোকেই হৈছে আল্লাহৰ প্ৰতি আৰুতেওঁ ৰৰাছু লৰপ্ৰ তি প্ৰকৃ ত ঈমান পোষণকাৰী। এতেকে তেওঁ লোকে যদি কোনো গুৰুত্ব পূৰ্ণ কামৰবাবেঅনু মতি বিচাৰে, তেন্তে তেওঁ লোকৰ মাজৰ যাক ইচ্ছা আপুনি অনুমতি দিব পাৰে। তেওঁলোকৰ বাবে তেওঁলোকৰ গুনাহৰ মাগফিৰাত কামনা কৰক। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল তথা তেওঁ লোকৰ প্ৰতি দয়ালু।
لَّا تَجْعَلُوا۟ دُعَآءَ ٱلرَّسُولِ بَيْنَكُمْ كَدُعَآءِ بَعْضِكُم بَعْضًۭا ۚ قَدْ يَعْلَمُ ٱللَّهُ ٱلَّذِينَ يَتَسَلَّلُونَ مِنكُمْ لِوَاذًۭا ۚ فَلْيَحْذَرِ ٱلَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِۦٓ أَن تُصِيبَهُمْ فِتْنَةٌ أَوْ يُصِيبَهُمْ عَذَابٌ أَلِيمٌ ﴿٦٣﴾
হে মু মিনসকল! আল্লাহৰ ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান কৰা। তেওঁ ক যদি মাতিবলগীয়া হয় , তেতিয়া তেওঁ ক নাম ধৰি নামাতিবা, যেনেঃ হে মুহাম্মদ। অথবা তেওঁৰ পিতৃৰ নাম ধৰিও নামাতিবা যিদৰে তোমালোকে ইজনে সিজনক মাতা, উদাহৰণস্বৰূপেঃ হে আব্দুল্লাহৰ পুত্ৰ। বৰং তোমালোকে এনেকৈ মাতিবাঃ “হে আল্লাহৰ ৰাছু ল”, নাইবা “হে আল্লাহৰ নবী”। তেওঁ যদি তোমালোকক কোনো সাধাৰণ কামৰ বাবেও মাতে, তথাপিও তোমালোকে সেই আহ্বানক তোমালোকৰ নিজৰ মাজৰ অনৰ্থক আহ্বানৰ দৰে নাভাবিবা। বৰং সেই আহ্বানত শীঘ্ৰে ই সঁহাৰি দিবা। জানি থোৱা! তোমালোকৰ মাজৰ যিসকলে অনুমতি নোলোৱাকৈ গোপনে পলায় ন কৰে, আল্লাহে সেইসকল লোকক ভালদৰেই জানে। এতেকে যিসকল লোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অমান্য কৰে সিহঁতে ভয় কৰা উচিত, কাৰণ সিহঁত কোনো বিপদ-আপদত গ্ৰে প্তাৰ হ'ব পাৰে অথবা কষ্ট দায় কশাস্তি য়ে সিহঁ তকস্পৰ্শ কৰিবপাৰে। যিটোকসিহঁ তে সহ্যকৰিবনোৱাৰিব।
أَلَآ إِنَّ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ قَدْ يَعْلَمُ مَآ أَنتُمْ عَلَيْهِ وَيَوْمَ يُرْجَعُونَ إِلَيْهِ فَيُنَبِّئُهُم بِمَا عَمِلُوا۟ ۗ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌۢ ﴿٦٤﴾
شىء عليم জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰৰ সৃষ্টি কৰ্তা, মালিক আৰু সঞ্চালনকৰ্তা হৈছে একমাত্ৰ মহান আল্লাহ। হে মানৱজাতি! তোমালোকে যি অৱস্থাতেই নাথাকা কিয় , সেই অৱস্থা সম্পৰ্কে তেওঁ অৱগত। তোমালোকৰকোনো অৱস্থাই তেওঁৰপৰা গোপন নহয় । কিয়ামতৰ দিনা যেতিয়া সিহঁত পুনৰ্জীৱিত হৈ উঠি ব, তেতিয়া সিহঁতক আল্লাহে সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰিব, যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁ ৰপৰা গোপন নহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন