মুখ্য পৃষ্ঠাতাফছীৰAl-Furqaan (25)

তাফছীৰ Al-Furqaan (25) — الفرقان

মক্কী · 77 আয়াত

পঢ়ক · শুনকPDF ফাইল

تَبَارَكَ ٱلَّذِى نَزَّلَ ٱلْفُرْقَانَ عَلَىٰ عَبْدِهِۦ لِيَكُونَ لِلْعَـٰلَمِينَ نَذِيرًا ﴿١﴾

আল্লাহ মহামহীম, অসংখ্য অগণন কল্যাণৰ অধিকাৰী, যিজনে তেওঁ ৰ বান্দা আৰু ৰাছু ল মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকৰিবপৰা এখন গ্ৰন্থঅৱতীৰ্ণ কৰিছে, যাতে তেওঁ জ্বি ন আৰুমানৱৰপ্ৰ তি ৰাছু ল হিচাপে প্ৰে ৰিত হয় আৰুসিহঁ তক আল্লাহৰশাস্তি ৰপৰা ভয় দেখুৱায় ।

ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَلَمْ يَتَّخِذْ وَلَدًۭا وَلَمْ يَكُن لَّهُۥ شَرِيكٌۭ فِى ٱلْمُلْكِ وَخَلَقَ كُلَّ شَىْءٍۢ فَقَدَّرَهُۥ تَقْدِيرًۭا ﴿٢﴾

تقديرا আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব কেৱল তেওঁৰেই হাতত। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই। লগতে তেওঁৰ ৰাজত্ব তো কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে। তেৱেঁই নিজৰ জ্ঞান আৰু হিকমতৰ দ্বাৰা সেইবোৰক ইমান পৰিপাটি কৈ সঠি ক পৰিমাপত সৃষ্টি কৰিছে, যিটো পৰিমাণ সিহঁ তৰ বাবে উপযুক্ত । ر

وَٱتَّخَذُوا۟ مِن دُونِهِۦٓ ءَالِهَةًۭ لَّا يَخْلُقُونَ شَيْـًۭٔا وَهُمْ يُخْلَقُونَ وَلَا يَمْلِكُونَ لِأَنفُسِهِمْ ضَرًّۭا وَلَا نَفْعًۭا وَلَا يَمْلِكُونَ مَوْتًۭا وَلَا حَيَوٰةًۭ وَلَا نُشُورًۭا ﴿٣﴾

ولا حيوة ولا نشورا মু শ্বৰিকসকলে আল্লাহক এৰি এনেকু ৱা কিছু মানক নিজৰ উপাস্য কৰি লৈছে, যিবোৰে সৰু বৰ একোৱেই সৃষ্টি কৰিব নোৱাৰে। বৰং সিহঁ ত নিজেই আনৰ দ্বাৰা সৃষ্ট । আল্লাহেই সেইবোৰক অস্তি ত্বপ্ৰদান কৰিছে। সেইবোৰে নিজকে কোনো ক্ষতিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে আৰু নিজৰ কোনো উপকাৰো কৰিব নোৱাৰে। কোনো জীৱিত ব্যক্তিক মৃত্যু প্ৰদান কৰিব নোৱাৰে আৰু কোনো মৃত ব্যক্তিক জীৱিত কৰিবও নোৱাৰে। আনকি মৃত ব্যক্তিসকলক সিহঁ তৰ কবৰৰ পৰা পুনৰুত্থিত কৰিবলৈও সক্ষম নহয় ।

وَقَالَ ٱلَّذِينَ كَفَرُوٓا۟ إِنْ هَـٰذَآ إِلَّآ إِفْكٌ ٱفْتَرَىٰهُ وَأَعَانَهُۥ عَلَيْهِ قَوْمٌ ءَاخَرُونَ ۖ فَقَدْ جَآءُو ظُلْمًۭا وَزُورًۭا ﴿٤﴾

আল্লাহ আৰু তেওঁৰ ৰাছু লক অস্বীকাৰকাৰীসকলে কয়ঃ “এই কোৰআনখন হৈছে মিছা, যিখনক মুহাম্মদে নিজে ৰচনা কৰি মিছাতে আল্লাহৰ লগত সম্পৃক্ত কৰিছে। ইয়াক ৰচনাকৰোঁতে আন আন লোকসকলেও সহায় কৰিছে।” নিশ্চয় এই কাফিৰসকলেই অসত্যমন্ত ব্যকৰিছে। কাৰণ কোৰআন হৈছে আল্লাহৰবাণী। মানৱআৰুজ্বি নৰকোনোৱেই এনেকু ৱা বাণী আনিবলৈ সক্ষম নহয় ।

وَقَالُوٓا۟ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ٱكْتَتَبَهَا فَهِىَ تُمْلَىٰ عَلَيْهِ بُكْرَةًۭ وَأَصِيلًۭا ﴿٥﴾

কোৰআনক অস্বীকাৰকাৰী লোকসকলে আৰু কয়ঃ কোৰআন হৈছে পূৰ্বৱৰ্তী লোকসকলৰ কাহিনীমূলক পুথি, আৰু তাত লিখা সকলো তথ্যই ভিত্তিহীন। মু হাম্মদে সেইবোৰ কাৰোবাৰ পৰা লিখোৱাই লৈছে, সেইবোৰকে তেওঁ ৰ ওচৰত পুৱা-গধূলি পাঠ কৰা হয় ।

قُلْ أَنزَلَهُ ٱلَّذِى يَعْلَمُ ٱلسِّرَّ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ إِنَّهُۥ كَانَ غَفُورًۭا رَّحِيمًۭا ﴿٦﴾

হে ৰাছু ল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয় ক,এই কোৰআনখন আল্লাহে অৱতীৰ্ণ কৰিছে,যিজন আকাশমণ্ডল আৰুপৃথিৱীৰসকলোবিষয় সম্পৰ্কে অৱগত। কোৰআন কেতিয়াও মানৱৰচিত হ'বনোৱাৰে, যিদৰেতোমালোকে ধাৰণা কৰা। ইয়াৰপিছত তেওঁ সিহঁ তক তাওবাৰপ্ৰ তি উৎসাহিত কৰি কৈছেঃনিশ্চয় আল্লাহ তেওঁ ৰতাওবাকাৰী বান্দাসকলৰপ্ৰ তি ক্ষমাশীল তথা তেওঁ লোকৰপ্ৰ তি কৃ পাশীল। بلغ আল-কোৰআন · তাফছীৰ

وَقَالُوا۟ مَالِ هَـٰذَا ٱلرَّسُولِ يَأْكُلُ ٱلطَّعَامَ وَيَمْشِى فِى ٱلْأَسْوَاقِ ۙ لَوْلَآ أُنزِلَ إِلَيْهِ مَلَكٌۭ فَيَكُونَ مَعَهُۥ نَذِيرًا ﴿٧﴾

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী মুশ্বৰিকসকলে কয়ঃ এইজন কেনেকু ৱা ৰাছু ল, যিজনে নিজকে আল্লাহৰ ৰাছু ল বুলিও দাবী কৰে, পক্ষান্ত ৰে মানুহৰ দৰে আহাৰো কৰে আৰু জীৱিকা সন্ধানৰ বাবে বজাৰতো চলাফু ৰা কৰে? আল্লাহে তেওঁৰ সৈতে কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নাই, যিজন সদায় তেওঁ ৰলগত থাকিলহেঁ তেন আৰুতেওঁ ক সমৰ্থন কৰিলেহেঁ তেন তথা তেওঁ ক সহায় কৰিলেহেঁ তেন?

أَوْ يُلْقَىٰٓ إِلَيْهِ كَنزٌ أَوْ تَكُونُ لَهُۥ جَنَّةٌۭ يَأْكُلُ مِنْهَا ۚ وَقَالَ ٱلظَّـٰلِمُونَ إِن تَتَّبِعُونَ إِلَّا رَجُلًۭا مَّسْحُورًا ﴿٨﴾

অথবা আকাশৰ পৰা তেওঁৰ ওচৰত কোনো ধন-ভাণ্ডাৰ অৱতীৰ্ণ কৰা নহ'ল কিয় , নাইবা তেওঁৰ ওচৰত এখন বাগান থাকিব লাগিছিল, যাৰ ফল-মূল তেওঁ ভক্ষণ কৰিলেহেঁতেন। ফলত তেওঁ বজাৰত চলাফু ৰাৰ পৰা আৰু জীৱিকাৰ সন্ধানৰ পৰা ৰক্ষা পালেহেঁতেন। সেই যালিমসকলে এই কথাও কৈছিল যে, হে মুমিনসকল! তোমালোকে কোনো ৰাছু লৰ অনুসৰণ কৰা নাই, বৰং এনেকু ৱা এজন ব্যক্তিৰ অনুসৰণ কৰি আছা, যাদুৰ প্ৰভাৱত যিয়ে বিবেকহীন হৈ পৰিছে।

ٱنظُرْ كَيْفَ ضَرَبُوا۟ لَكَ ٱلْأَمْثَـٰلَ فَضَلُّوا۟ فَلَا يَسْتَطِيعُونَ سَبِيلًۭا ﴿٩﴾

হে ৰাছু ল! সিহঁ তৰএই আশ্চৰ্যজনক ব্যৱহাৰটো চাওক, কিদৰেসিহঁ তে আপোনাৰপ্ৰ তি মিছা আৰুভিত্তিহীন আৰোপ লগাই আছে। সিহঁ তে কেতিয়াবা আপোনাক যাদুকৰ বুলি কয় , আকৌ কেতিয়াবা যাদুগ্ৰ তস্ ব্যক্তি বুলি কয় । আনহাতে কেতিয়াবা উন্মাদ বুলিও কয় । এইকাৰণেই সিহঁ তে সত্যৰ পৰা পথভ্ৰ ষ্টহৈছে। গতিকে এতিয়া সিহঁ তৰ পক্ষে সত্যৰ পথ বিচাৰি পোৱা সম্ভ ৱ নহয় । আনকি আপোনাৰ সত্যবাদিতা আৰু আমনদাৰিতাৰ ওপৰত আঘাত কৰাৰো কোনো পথ বিচাৰি নাপাব।

تَبَارَكَ ٱلَّذِىٓ إِن شَآءَ جَعَلَ لَكَ خَيْرًۭا مِّن ذَٰلِكَ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ وَيَجْعَل لَّكَ قُصُورًۢا ﴿١٠﴾

আল্লাহ মহা বৰকতময় , তেওঁ যদি ইচ্ছা কৰেআপোনাক ইয়াতকৈও উত্তম বস্তু প্ৰদান কৰিবপাৰে, আপোনাৰবাবেসিহঁ তে যিবোৰপ্ৰ তাৱস্ কৰিছে। তেওঁ পৃথিৱীতেই আপোনাৰ বাবে এনেকু ৱা বাগান বনাই দিব পাৰে, যাৰ মাজত থকা অট্টালিকা আৰু গছ-গছনিৰ তলেদেশত প্ৰবাহিত থাকিব নিজৰা, আৰু সেই বাগানৰ ফল-মূল আপুনি ভক্ষণ কৰিব পাৰিব। আপোনাৰ বাবে এনেকু ৱা অট্টালিকাও নিৰ্মাণ কৰি দিব পাৰে, য’ত আপুনি সুখ-সুবিধাৰ সৈতে জীৱন-যাপন কৰিব পাৰে।

بَلْ كَذَّبُوا۟ بِٱلسَّاعَةِ ۖ وَأَعْتَدْنَا لِمَن كَذَّبَ بِٱلسَّاعَةِ سَعِيرًا ﴿١١﴾

সিহঁ তে এইবোৰপ্ৰ তাৱস্ সত্যৰসন্ধানত তথা সত্য গ্ৰহণ কৰাৰউদ্দেশ্যে আগবঢ়োৱা নাই। দৰাচলতে সিহঁ তে কিয়ামতক অস্বীকাৰকৰিছে। জানি থোৱা, যিয়ে কিয়ামতক অস্বীকাৰ কৰিব, আমি তাৰ বাবে প্ৰস্তু ত কৰি ৰাখিছোঁ মহা অগ্নিকু ণ্ড। إذا رأتهم من مكانبعيد سمعوالها تغيظا وزفيرا

إِذَا رَأَتْهُم مِّن مَّكَانٍۭ بَعِيدٍۢ سَمِعُوا۟ لَهَا تَغَيُّظًۭا وَزَفِيرًۭا ﴿١٢﴾

জাহান্নামে যেতিয়া কাফিৰসকলক প্ৰত্যক্ষ কৰিব, সিহঁ তক জাহান্নামৰ পিনে বহু দূৰৰ পৰা খেদি লৈ অহা হ'ব, তেতিয়া কাফিৰসকলে ইয়াৰ প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব,তথাক্ৰু দ্ধতৰ্জ ন-গৰ্জ নৰভয়াৱহ ধ্বনি শুনিবলৈ পাব।

وَإِذَآ أُلْقُوا۟ مِنْهَا مَكَانًۭا ضَيِّقًۭا مُّقَرَّنِينَ دَعَوْا۟ هُنَالِكَ ثُبُورًۭا ﴿١٣﴾

যেতিয়া এই কাফিৰসকলক শিকলিৰে সিহঁ তৰ হাত ডিঙিত মেৰিয়াই জাহান্নামৰ সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁ তে তাৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ধ্বংস কামনা কৰিব। بلغ আল-কোৰআন · তাফছীৰ

لَّا تَدْعُوا۟ ٱلْيَوْمَ ثُبُورًۭا وَٰحِدًۭا وَٱدْعُوا۟ ثُبُورًۭا كَثِيرًۭا ﴿١٤﴾

হে কাফিৰসকল! আজি তোমালোকে এটা ধ্বংসক নামাতিবা, বৰং অসংখ্য ধ্বংসক আহ্বান কৰা। কিন্তু তথাপিও তোমালোকৰ আবেদন গৃহীত নহ'ব, বৰংতোমালোকে এই কষ্ট দায় ক শাস্তি ত চিৰকাল অৱস্থান কৰিবা।

قُلْ أَذَٰلِكَ خَيْرٌ أَمْ جَنَّةُ ٱلْخُلْدِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۚ كَانَتْ لَهُمْ جَزَآءًۭ وَمَصِيرًۭا ﴿١٥﴾

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয় ক, উক্ত শাস্তি তোমালোকৰ বাবে উত্তম, নে সেই জান্নাত উত্তম, যিখনৰ নিয়ামতসমূহ সদায় উপলব্ধ থাকিব, কেতিয়াও শেষ নহ'ব? এইখনেই সেই জান্নাত, যিখনক আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ মাজৰ মুত্তাক্বী বান্দাসকলক প্ৰতিদানস্বৰূপে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, আৰু কিয়ামতৰদিনা এইখনেই হ'বতেওঁ লোকৰ প্ৰত্যাৱৰ্ত নস্থ ল।

لَّهُمْ فِيهَا مَا يَشَآءُونَ خَـٰلِدِينَ ۚ كَانَ عَلَىٰ رَبِّكَ وَعْدًۭا مَّسْـُٔولًۭا ﴿١٦﴾

এই জান্নাতত তেওঁ লোকৰ বাবে সেই সকলো নিয়ামত উপলব্ধ থাকিব, যিবোৰ তেওঁ লোকে বিচাৰিব। এইটো আল্লাহৰ প্ৰতি এনেকু ৱা এটা বচন, যিটো মু ত্তাক্বী বান্দাসকলে তেওঁ ৰ ওচৰত আবেদন কৰিব। আল্লাহৰপ্ৰ তিশ্ৰুতি অৱশ্যে পূৰণ হ'ব, তেওঁ কেতিয়াও নিজৰপ্ৰ তিশ্ৰুতি ভঙ্গ নকৰে।

وَيَوْمَ يَحْشُرُهُمْ وَمَا يَعْبُدُونَ مِن دُونِ ٱللَّهِ فَيَقُولُ ءَأَنتُمْ أَضْلَلْتُمْ عِبَادِى هَـٰٓؤُلَآءِ أَمْ هُمْ ضَلُّوا۟ ٱلسَّبِيلَ ﴿١٧﴾

যিদিনা আল্লাহে এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক আৰু সিহঁ তে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰক একত্ৰিত কৰিব। সেইদিনা আল্লাহে উপাস্যবোৰক ভৰ্ৎ সনা কৰি ক'বঃ তোমালোকে মোৰ বান্দাসকলক তোমালোকৰ উপাসনা কৰিবলৈ আদেশ প্ৰদান কৰি পথভ্ৰ ষ্টকৰিছিলা নেকি, নে সিহঁ ত নিজে নিজেই পথভ্ৰ ষ্টহৈছে?

قَالُوا۟ سُبْحَـٰنَكَ مَا كَانَ يَنۢبَغِى لَنَآ أَن نَّتَّخِذَ مِن دُونِكَ مِنْ أَوْلِيَآءَ وَلَـٰكِن مَّتَّعْتَهُمْ وَءَابَآءَهُمْ حَتَّىٰ نَسُوا۟ ٱلذِّكْرَ وَكَانُوا۟ قَوْمًۢا بُورًۭا ﴿١٨﴾

وكانوا قوما بورا তেতিয়া সেই উপাস্যবোৰে ক'বঃ হে আমাৰ প্ৰতিপালক! নিশ্চয় তু মি পৱিত্ৰ, তোমাৰ কোনো অংশীদাৰ নাই। আমাৰ দ্বাৰা এইটো কেতিয়াও সম্ভ ৱ নহয় যে, আমি তোমাক এৰি আনক অভিভাৱক বনাই তাৰ সংৰক্ষণত গুচি যাম। তেনেস্থ লত কেনেকৈ আমি তোমাৰ বান্দাসকলক তোমাৰ ইবাদত এৰি আমাৰ ইবাদত কৰিবলৈ আহ্বান কৰিম? প্ৰকৃ ততে তুমি এই কাফিৰসকলক পৃথিৱীত অতিমাত্ৰা সুখ-সুবিধা তথা ভোগ-সামগ্ৰী প্ৰদান কৰিছিলা, তথা সিহঁতৰ পিতৃপুৰুষসকলকো উপভোগ কৰিবলৈ অৱকাশ দিছিলা, ফলত সিহঁতে তোমাক পাহৰি গৈছিল, লগতে তোমাৰ সৈতে আনৰো উপাসনা কৰিছিল। দৰাচলতে সিহঁ তে নিজৰকৃ তকৰ্মৰবাবেই ধ্বংস হ'বলগীয়াসম্প্ৰ দায় আছিল।

فَقَدْ كَذَّبُوكُم بِمَا تَقُولُونَ فَمَا تَسْتَطِيعُونَ صَرْفًۭا وَلَا نَصْرًۭا ۚ وَمَن يَظْلِم مِّنكُمْ نُذِقْهُ عَذَابًۭا كَبِيرًۭا ﴿١٩﴾

হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ উপাসনা কৰিছিলা, আজি সেইসকলেই তোমালোকৰ দাবীক মিছা প্ৰমাণিত কৰিলে, যিটো দাবী তোমালোকে কৰি আহিছিলা। গতিকে তোমালোকে নিজৰ শাস্তি কো প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু নিজক সহায়ো কৰিব নোৱাৰিবা, কাৰণ তোমালোক হৈছা অপাৰগ তথা বিৱশ। হে মু মিনসকল! তোমালোকৰ মাজৰো যিসকলে আল্লাহৰ লগত শ্বি ৰ্ককৰি অন্যায় কৰিব, আমি তাক মহাশাস্তি ভোগ কৰাম, যিদৰে আমি সেইসকল লোকক ভোগ কৰাইছোঁ, যাৰ বৰ্ণনা ওপৰত কৰা হৈছে।

وَمَآ أَرْسَلْنَا قَبْلَكَ مِنَ ٱلْمُرْسَلِينَ إِلَّآ إِنَّهُمْ لَيَأْكُلُونَ ٱلطَّعَامَ وَيَمْشُونَ فِى ٱلْأَسْوَاقِ ۗ وَجَعَلْنَا بَعْضَكُمْ لِبَعْضٍۢ فِتْنَةً أَتَصْبِرُونَ ۗ وَكَانَ رَبُّكَ بَصِيرًۭا ﴿٢٠﴾

হে ৰাছুল! আপোনাৰ পূৰ্বে আমি যিমান ৰাছুল প্ৰে ৰণ কৰিছিলোঁ, সেই সকলোৱে আছিল মানৱ। তেওঁলোকেও পানাহাৰ কৰিছিল আৰু বজাৰত চলাফু ৰাকৰিছিল। গতিকে এই ক্ষেত্ৰত আপুনি কোনোনতু ন ৰাছু ল নহয় । হে মানৱ! আমি তোমালোকৰমাজৰকিছু মানক ধনীআৰুকিছু মানক بلغ আল-কোৰআন · তাফছীৰ দুখীয়া, কিছু মানক সুস্বাস্থ্যৰ অধিকাৰী আৰু কিছু মান ৰুগীয়া কৰি ইজনক সিজনৰ বাবে পৰীক্ষাস্বৰূপ বনাই দিছোঁ। এতেকে তোমালোকে যি অৱস্থাত আছা, আল্লাহৰ ছোৱাব লাভ কৰাৰ বাবে সেই অৱস্থাত ধৈৰ্য্য ধাৰণ কৰিবানে? তোমালোকৰ প্ৰতিপালকে দেখি আছে, তোমালোকৰ মাজৰ কোনে ধৈৰ্য্য ধাৰণوকৰে আৰু কোনে নকৰে। কোনে তেওঁ ৰ আনু গত্য কৰে আৰু কোনে তেওঁ ৰ অবাধ্যতা কৰে।

۞ وَقَالَ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا لَوْلَآ أُنزِلَ عَلَيْنَا ٱلْمَلَـٰٓئِكَةُ أَوْ نَرَىٰ رَبَّنَا ۗ لَقَدِ ٱسْتَكْبَرُوا۟ فِىٓ أَنفُسِهِمْ وَعَتَوْ عُتُوًّۭا كَبِيرًۭا ﴿٢١﴾

كبيرا যিসকল কাফিৰে আমাৰ সাক্ষাৎ কামনা নকৰে আৰু আমাৰ শাস্তি ৰ পৰাও ভয় নকৰে, সিহঁ তে কয়ঃ “আল্লাহে আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ নকৰিলে, যিয়ে আমাক মুহাম্মদৰ সত্যতা সম্পৰ্কে জনালেহেঁতেন। অথবা আমি আমাৰ প্ৰতিপালকক প্ৰত্যক্ষভাৱে দেখা নাপাওঁ কিয় , তেৱেঁই এই বিষয়ে বিতংভাৱে আমাক জনালেহেঁ তেন?” দৰাচলতে সিহঁ তৰ অন্ত ৰত আছে বৰ অহংকাৰ, সেই অহংকাৰেই সিহঁ তক ঈমানৰ পৰা বিৰত ৰাখিছে। সিহঁ তে এনেকু ৱা মন্ত ব্যকৰি কু ফৰ আৰু স্বৈ ৰাচাৰিতাৰ সীমা চেৰাই গৈছে।

يَوْمَ يَرَوْنَ ٱلْمَلَـٰٓئِكَةَ لَا بُشْرَىٰ يَوْمَئِذٍۢ لِّلْمُجْرِمِينَ وَيَقُولُونَ حِجْرًۭا مَّحْجُورًۭا ﴿٢٢﴾

যিদিনা কাফিৰসকলে ফিৰিস্তাসকলক দেখা পাব, অৰ্থাৎ সিহঁ তৰ মৃত্যুৰ দিনা, বাৰঝাখ জীৱনত তথা পুনৰুত্থানৰ দিনা আৰু যিদিনা সিহঁ তক হিচাপ- নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব, আৰু যেতিয়া সিহঁ তক জাহান্নামত নিক্ষেপ কৰা হ’ব। এই সকলো পৰিস্থি তিত সিহঁ তৰ বাবে কোনো ধৰণৰ সুসংবাদ নাথাকিব। পক্ষান্ত ৰে মু মিনসকলৰ অৱস্থা ইয়াৰ বিপৰীত হ’ব। ফিৰিস্তাসকলে সেই অপৰাধীবিলাকক ক’বঃ “আল্লাহৰ ফালৰ পৰা তোমালোকে কোনো ধৰণৰ সুসংবাদ পোৱাৰ যোগ্য নহয় । বৰং তোমালোকৰ প্ৰতি সুসংবাদ হাৰাম কৰা হৈছে”।

وَقَدِمْنَآ إِلَىٰ مَا عَمِلُوا۟ مِنْ عَمَلٍۢ فَجَعَلْنَـٰهُ هَبَآءًۭ مَّنثُورًا ﴿٢٣﴾

ইয়াৰ পিছত আমি সেই কাফিৰসকলৰ ভাল-বেয়া আমলৰ প্ৰতি অগ্ৰ সৰ হ'ম, যিবোৰ সিহঁ তে পৃথিৱীত কৰিছিল, সেইবোৰক আমি সিহঁ তৰ কু ফৰীৰ কাৰণে নাকচ কৰি এনেকু ৱা ধূলিকণাত পৰিণত কৰিম, যি ধৰণৰر ধূলিকণা প্ৰত্যক্ষকাৰীয়ে খিৰিকীৰে পাৰ হৈ অহা সূৰ্যৰ কিৰণত দেখিবলৈ পায় ।

أَصْحَـٰبُ ٱلْجَنَّةِ يَوْمَئِذٍ خَيْرٌۭ مُّسْتَقَرًّۭا وَأَحْسَنُ مَقِيلًۭا ﴿٢٤﴾

এই কাফিৰসকলৰপাৰ্থিৱসুখ-শান্তি ৰতু লনাত সেইদিনা জান্নাতবাসী মু মিনসকল উৎকৃ ষ্টস্থানত আৰুউত্তম বিশ্ৰামস্থ লত থাকিব। কাৰণ সিহঁ তে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰুসৎকৰ্ম কৰিছিল।

وَيَوْمَ تَشَقَّقُ ٱلسَّمَآءُ بِٱلْغَمَـٰمِ وَنُزِّلَ ٱلْمَلَـٰٓئِكَةُ تَنزِيلًا ﴿٢٥﴾

হে ৰাছু ল! সেই দিৱসটোক স্মৰণ কৰক, যিদিনা শুকু লা পাতল মেঘপুঞ্জৰ দ্বাৰা আকাশত ফাট মেলিব, ফিৰিস্তাসকল অধিক সংখ্যাত পৃথিৱীলৈ একত্ৰিত হোৱাৰঠাইত অৱতৰণ কৰিব।

ٱلْمُلْكُ يَوْمَئِذٍ ٱلْحَقُّ لِلرَّحْمَـٰنِ ۚ وَكَانَ يَوْمًا عَلَى ٱلْكَـٰفِرِينَ عَسِيرًۭا ﴿٢٦﴾

কিয়ামতৰ দিনা ৰাজত্ব ৰ চূ ড়ান্ত কৰ্তৃ ত্বহ’ব একমাত্ৰ ৰহমানৰ হাতত, সেই দিনটো হ’ব কাফিৰসকলৰ বাবে মহা কঠি ন দিন। আনহাতে মুমিনসকলৰ অৱস্থা হ’ব ইয়াৰ বিপৰীত। তেওঁ লোকৰ বাবে সকলো পৰিস্থি তি সহজ হ’ব।

وَيَوْمَ يَعَضُّ ٱلظَّالِمُ عَلَىٰ يَدَيْهِ يَقُولُ يَـٰلَيْتَنِى ٱتَّخَذْتُ مَعَ ٱلرَّسُولِ سَبِيلًۭا ﴿٢٧﴾

হে ৰাছু ল! সেই দিনটো স্মৰণ কৰক, যিদিনা অত্যাচাৰীসকলে ৰাছু লৰ অনুসৰণ ত্যাগ কৰাৰ কাৰণে অনুতপ্ত হৈ নিজৰ দুয়ো হাত কামুৰি ক’বঃ “হায় আফচোচ! ৰাছু লে নিজ প্ৰতিপালকৰতৰফৰপৰা যি লৈ আহিছিল, সেয়া যদি মই মানি ল'লোঁহেঁ তেন তথা মু ক্তি ৰপথ যদি অৱলম্বন কৰিলোঁহেঁ তেন”। بلغ আল-কোৰআন · তাফছীৰ يويلت ليتنى لم أت خذ فلانا خليلا

يَـٰوَيْلَتَىٰ لَيْتَنِى لَمْ أَتَّخِذْ فُلَانًا خَلِيلًۭا ﴿٢٨﴾

লগতে শোকত ভাগি পৰিনিজকে অভিশাপ কৰিক’বঃ“হায় মোৰবিনাশ! যদি মই অমু কক মোৰবন্ধু হিচাপে গ্ৰহণ নকৰিলোঁহেঁ তেন!”

لَّقَدْ أَضَلَّنِى عَنِ ٱلذِّكْرِ بَعْدَ إِذْ جَآءَنِى ۗ وَكَانَ ٱلشَّيْطَـٰنُ لِلْإِنسَـٰنِ خَذُولًۭا ﴿٢٩﴾

মোৰ এই কাফিৰ বন্ধুজনে মোক কোৰআন সম্পৰ্কে বিভ্ৰান্ত কৰিছিল, অথচ ৰাছু লৰ দ্বাৰা সেইখন মোৰ ওচৰলৈ আহিছিল। নিশ্চয় চয় তানে মানুহক অধিক প্ৰৱঞ্চনাকৰে। যেতিয়াই কোনোবিপদ-আপদ আহে তেতিয়াই সম্পৰ্ক চ্ছেদ কৰিপলায় ন কৰে।

وَقَالَ ٱلرَّسُولُ يَـٰرَبِّ إِنَّ قَوْمِى ٱتَّخَذُوا۟ هَـٰذَا ٱلْقُرْءَانَ مَهْجُورًۭا ﴿٣٠﴾

সেইদিনাৰাছু লে তেওঁৰসম্প্ৰ দায় ৰঅৱস্থাসম্পৰ্কে অভিযোগ কৰিক'বঃহে মোৰপ্ৰ তিপালক! নিশ্চয় মোৰসম্প্ৰ দায়ে অৰ্থাৎ যিসকলৰপ্ৰ তি তু মি মোক প্ৰে ৰণ কৰিছিলা, সিহঁ তে এই কোৰআনক পৰিত্যাগ কৰিছিল আৰু ইয়াৰ পৰা বিমুوখ হৈছিল।

وَكَذَٰلِكَ جَعَلْنَا لِكُلِّ نَبِىٍّ عَدُوًّۭا مِّنَ ٱلْمُجْرِمِينَ ۗ وَكَفَىٰ بِرَبِّكَ هَادِيًۭا وَنَصِيرًۭا ﴿٣١﴾

হে ৰাছু ল! যিদৰে আপোনাৰ সম্প্ৰ দায়ে আপোনাক নিৰ্যাতন কৰিছে আৰু আপোনাৰ পথৰ পৰা মানুহক বিৰত ৰাখিছে, ঠি ক সেইদৰে আপোনাৰ পূৰ্বেও প্ৰত্যেক নবীৰ বাবে তেওঁলোকৰ সম্প্ৰ দায় ৰ কিছু মানক তেওঁলোকৰ শত্ৰু বনাইছিলোঁ। জানি থওক, সত্যৰ পথ দেখুৱাবলৈ আপোনাৰ প্ৰতিপালকেই যথেষ্ট , আৰু আপোনাক আপোনাৰ শত্ৰুৰ বিপক্ষে সহায় কৰিবলৈও তেৱেঁই যথেষ্ট ।

وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لَوْلَا نُزِّلَ عَلَيْهِ ٱلْقُرْءَانُ جُمْلَةًۭ وَٰحِدَةًۭ ۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَ ۖ وَرَتَّلْنَـٰهُ تَرْتِيلًۭا ﴿٣٢﴾

আল্লাহক অস্বীকাৰকাৰীসকলে কয়ঃ ৰাছু লৰ ওপৰত এবাৰতেই কোৰআনখন কিয় অৱতীৰ্ণ কৰা নহ’ল? এনেকৈ অলপ অলপকৈ কিয় অৱতীৰ্ণ কৰা হ’ল?(আল্লাহে উত্তৰপ্ৰ দান কৰিকৈছেঃ) হে ৰাছু ল! আমি আপোনাৰপ্ৰ তি কোৰআনখনক অলপ অলপকৈ এইকাৰণে অৱতীৰ্ণ কৰিছোঁ,যাতে এইদৰে অৱতীৰ্ণ কৰিআপোনাৰঅন্ত ৰক দৃঢ় তা প্ৰদান কৰিবপাৰোঁ। লগতে এইকাৰণে অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ,যাতে মু খস্থ কৰাত আৰুবুজি পোৱাত সহজ হয় ।

وَلَا يَأْتُونَكَ بِمَثَلٍ إِلَّا جِئْنَـٰكَ بِٱلْحَقِّ وَأَحْسَنَ تَفْسِيرًا ﴿٣٣﴾

হে ৰাছুল! মুশ্বৰিকসকলে আপোনাৰ ওচৰলৈ যি অভিযোগেই লৈ নাহক কিয় , আমি তাৰ সত্য আৰু সঠি ক প্ৰত্যুত্তৰ লৈ আহিম, লগতে আপোনাৰ সন্মুখত তাতোকৈ উত্তম ব্যাখ্যা লৈ আহিম। ر

ٱلَّذِينَ يُحْشَرُونَ عَلَىٰ وُجُوهِهِمْ إِلَىٰ جَهَنَّمَ أُو۟لَـٰٓئِكَ شَرٌّۭ مَّكَانًۭا وَأَضَلُّ سَبِيلًۭا ﴿٣٤﴾

কিয়ামতৰ দিনা যিসকলক উবৰি খুৱাই চোঁচৰি জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব। সিহঁ তেই নিকৃ ষ্টস্থানত অৱস্থান কৰিব, কাৰণ সিহঁ তৰ ঠি কনা হ’ব জাহান্নাম। কিয় নো সিহঁ ত সত্যৰ পৰা বহু দূৰ আঁতৰি আছিল। সিহঁ তৰ পথ আছিল কু ফৰী আৰু বিভ্ৰান্তি মূ লক।

وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ وَجَعَلْنَا مَعَهُۥٓ أَخَاهُ هَـٰرُونَ وَزِيرًۭا ﴿٣٥﴾

নিশ্চয় আমি মূছা –আলাইহিচ্ছালামক- তাওৰাত প্ৰদান কৰিছিলোঁ। তথা তেওঁৰ সৈতে তেওঁৰ ভাতৃ হাৰূণক ৰাছু ল বনাইছিলোঁ, যাতে তেওঁ তেওঁৰ সহায় ক হৈ কাম কৰে। بلغ আল-কোৰআন · তাফছীৰ

فَقُلْنَا ٱذْهَبَآ إِلَى ٱلْقَوْمِ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِنَا فَدَمَّرْنَـٰهُمْ تَدْمِيرًۭا ﴿٣٦﴾

ইয়াৰ পিছত আমি দুয়োকে (মূছা আৰু হাৰূণক) নিৰ্দে শ দিলোঁ যে, আপোনালোকে ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰ ওচৰলৈ যাওক, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। এতেকে তেওঁলোক উভয়ে মোৰ আদেশ পালন কৰিলে আৰু সিহঁ তৰ ওচৰলৈ গৈ উপস্থি ত হ’ল, আৰু সিহঁ তক এক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিলে। কিন্তু সিহঁ তে তেওঁ লোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিলে, ফলত আমি সিহঁ তক পৰিপূৰ্ণৰূপে ধ্বংস কৰি দিলোঁ।

وَقَوْمَ نُوحٍۢ لَّمَّا كَذَّبُوا۟ ٱلرُّسُلَ أَغْرَقْنَـٰهُمْ وَجَعَلْنَـٰهُمْ لِلنَّاسِ ءَايَةًۭ ۖ وَأَعْتَدْنَا لِلظَّـٰلِمِينَ عَذَابًا أَلِيمًۭا ﴿٣٧﴾

নূহ আলাইহিচ্ছালামৰ সম্প্ৰ দায়ে যেতিয়া নূহক অস্বীকাৰ কৰি গোটেই ৰাছু লসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁ তক পানীত ডু বাই ধ্বংস কৰিছিলোঁ। লগতে আমি সিহঁতৰ সেই বিনাশক নিদৰ্শন বনাইছিলোঁ যে, আমি যালিমসকলক এইদৰেই নিৰ্মূল কৰিবলৈ সক্ষম। লগতে আমি এই অত্যাচাৰীসকলৰ বাবে কিয়ামতৰ দিনা কষ্ট দায় ক তথা দুখদায় ক শাস্তি প্ৰস্তু ত কৰি ৰাখিছোঁ।

وَعَادًۭا وَثَمُودَا۟ وَأَصْحَـٰبَ ٱلرَّسِّ وَقُرُونًۢا بَيْنَ ذَٰلِكَ كَثِيرًۭا ﴿٣٨﴾

হূ দৰসম্প্ৰ দায় আদকো আমি ধ্বংস কৰিছোঁ, চলেহৰসম্প্ৰ দায় ছামূদক আৰুকুঁ ৱাৰঅধিবাসীসকলকো আমিয়ে ই ধ্বংস কৰিছোঁ। লগতে এই তিনিওটা সম্প্ৰ দায় ৰমধ্যৱৰ্তী সময় ছোৱাত আমি বহুতোউম্মতক ধ্বংসلকৰিছোঁ। ل

وَكُلًّۭا ضَرَبْنَا لَهُ ٱلْأَمْثَـٰلَ ۖ وَكُلًّۭا تَبَّرْنَا تَتْبِيرًۭا ﴿٣٩﴾

আমি এইবোৰ সম্প্ৰ দায় ৰ প্ৰত্যেকৰে সন্মুখত ধ্বংস হোৱা সম্প্ৰ দায় সমূহৰ উদাহৰণ দাঙি ধৰিছিলোঁ, লগতে সিহঁ তৰ ধ্বংস হোৱাৰ কাৰণবোৰো উল্লে খ কৰিছিলোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। (কিন্তু সিহঁতে তেনেকু ৱা কৰা নাছিল। সেয়ে ) উপৰোক্ত প্ৰত্যেক সম্প্ৰ দায় কে সিহঁতৰ কু ফৰী আৰু স্বৈ ৰাচাৰীতাৰকাৰণে সিহঁ তক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।

وَلَقَدْ أَتَوْا۟ عَلَى ٱلْقَرْيَةِ ٱلَّتِىٓ أُمْطِرَتْ مَطَرَ ٱلسَّوْءِ ۚ أَفَلَمْ يَكُونُوا۟ يَرَوْنَهَا ۚ بَلْ كَانُوا۟ لَا يَرْجُونَ نُشُورًۭا ﴿٤٠﴾

(হে নবী) আপোনাৰ সম্প্ৰ দায় ৰ এই অস্বীকাৰকাৰী লোকসকলে ছিৰিয়ালৈ যোৱাৰ সময় ত লূত আলাইহিচ্ছালামৰ জনবসতিক অতিক্ৰ ম কৰি যায় , যি জনবসতিক সিহঁ তৰপ্ৰ কাশ্য অশ্লীলতাৰফলত শিলাবৃষ্টি ৰজৰিয় তে ধ্বংস কৰা হৈছিল, সিহঁ তে ইয়াৰপৰা শিক্ষা লোৱা উচিত। সিহঁ তে এই ধ্বংসস্তু পত পৰিণত হোৱা জনবসতিটোক প্ৰত্যক্ষ কৰা নাইনে? নে সিহঁ ত অন্ধ হৈ পৰিছে? নহয় , সিহঁ ত অন্ধ হৈ পৰা নাই, বৰং সিহঁ তে পুনৰুত্থানৰ পিছত হিচাপ- নিকাচ সম্পৰ্কে বিশ্বাস পোষণ নকৰে।

وَإِذَا رَأَوْكَ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَـٰذَا ٱلَّذِى بَعَثَ ٱللَّهُ رَسُولًا ﴿٤١﴾

হে ৰাছু ল! যেতিয়া এই অস্বীকাৰকাৰীসকলে আপোনাক দেখা পায় , তেতিয়া সিহঁ তে আপোনাক উপহাস কৰে, তথা বিদ্ৰূপাত্মকভাৱে আৰু অস্বীকাৰৰ সুৰত কয়ঃএইজনেই নেকি সেইজন, যিজনক আল্লাহে আমাৰপিনে ৰাছু ল হিচাপে প্ৰে ৰণ কৰিছে?!

إِن كَادَ لَيُضِلُّنَا عَنْ ءَالِهَتِنَا لَوْلَآ أَن صَبَرْنَا عَلَيْهَا ۚ وَسَوْفَ يَعْلَمُونَ حِينَ يَرَوْنَ ٱلْعَذَابَ مَنْ أَضَلُّ سَبِيلًا ﴿٤٢﴾

“এওঁ দেখোন আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা আঁতৰাই দিব, যদি আমি আমাৰ উপাস্যবোৰৰ উপাসনাত দৃঢ় ভাৱে অটল নাথাকোঁ, তেন্তে এওঁ যুক্তি আৰু দলিলৰ দ্বাৰা আমাক নিশ্চয় আঁতৰাই নিব”। কিন্তু সিহঁ তে যেতিয়া কবৰত আৰু কিয়ামতৰ দিনা শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁ তে গম পাবকোন পথভ্ৰ ষ্টআছিল?সিহঁ ত নে ৰাছু ল। লগতে এই কথাওজানি ল’বযে,কোন সৰ্বাধিকপথভ্ৰ ষ্টআছিল। بلغ আল-কোৰআন · তাফছীৰ

أَرَءَيْتَ مَنِ ٱتَّخَذَ إِلَـٰهَهُۥ هَوَىٰهُ أَفَأَنتَ تَكُونُ عَلَيْهِ وَكِيلًا ﴿٤٣﴾

হে ৰাছু ল! ভাবি চাওকচোন, যিয়ে নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে, তথা নিজৰ কামনা-বাসনাৰ উপাসনাও কৰে, আপুনি তেনেকু ৱা ব্যক্তি ৰ সংৰক্ষক হ’বনে? সেই ব্যক্তি ক আপুনি ঈমানৰ পিনে ওভোতাই আনিব পাৰিবনে? তথা কু ফৰীৰ পৰা তাক প্ৰতিৰোধ কৰিব পাৰিবনে?

أَمْ تَحْسَبُ أَنَّ أَكْثَرَهُمْ يَسْمَعُونَ أَوْ يَعْقِلُونَ ۚ إِنْ هُمْ إِلَّا كَٱلْأَنْعَـٰمِ ۖ بَلْ هُمْ أَضَلُّ سَبِيلًا ﴿٤٤﴾

হে ৰাছুল! আপুনি ভাবে নেকি যে, যিসকল লোকক আপুনি আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰি আছে সিহঁতে আপোনাৰ কথা মানিবলৈ শুনে তথা সিহঁ তে যুক্তি আৰু দলিলবোৰ বুজি পায় ? কদাপিও নহয় । সিহঁ ত শ্ৰৱণৰ ক্ষেত্ৰত আৰু বুজাৰ ক্ষেত্ৰত চতু ষ্পদ জন্তু তকৈও অধম, বৰং তাতোকৈ নিকৃ ষ্ট।

أَلَمْ تَرَ إِلَىٰ رَبِّكَ كَيْفَ مَدَّ ٱلظِّلَّ وَلَوْ شَآءَ لَجَعَلَهُۥ سَاكِنًۭا ثُمَّ جَعَلْنَا ٱلشَّمْسَ عَلَيْهِ دَلِيلًۭا ﴿٤٥﴾

হে ৰাছু ল! আপুনি আল্লাহৰ সৃষ্টি ৰ নিদৰ্শনবোৰ দেখা পোৱা নাইনে, যেতিয়া তেওঁ কোনো বস্তু ৰ ছাঁক মাটি ত প্ৰসাৰিত কৰে, তেওঁ ইচ্ছা কৰিলে ইয়াক স্থি ৰ কৰিব পাৰিলেহেঁ তেন। (কিন্তু তেওঁ এনেকু ৱা কৰা নাই) ইয়াৰ পিছত আমি সূৰ্যক ইয়াৰ কাৰক বনাইছোঁ, যাৰ ফলত ছাঁ সৰু হয় আৰু ডাঙৰ হয় । ثم قبضنهإلينا قبضا يسيرا

ثُمَّ قَبَضْنَـٰهُ إِلَيْنَا قَبْضًۭا يَسِيرًۭا ﴿٤٦﴾

ইয়াৰ পিছত লাহে লাহে যিদৰে সূৰ্য ওপৰলৈ উঠে, আমিও লাহে লাহে ছাঁটোক সৰু কৰি পেলাওঁ ।

وَهُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِبَاسًۭا وَٱلنَّوْمَ سُبَاتًۭا وَجَعَلَ ٱلنَّهَارَ نُشُورًۭا ﴿٤٧﴾

আল্লাহেই তোমালোকৰ বাবে ৰাতিক বস্ত্ৰ সদৃশ বনাইছে, যিটোৱে তোমালোকক আৰু আন আন বস্তু ক ঢাকি ৰাখে। তেৱেঁই তোমালোকৰ বাবে টোপনিক বিশ্ৰাম বনাইছে,তোমালোকে গোটেই দিন কৰ্মৰঅন্ত ত ক্লান্ত হৈ সেইটোৰদ্বাৰা বিশ্ৰাম কৰা। তেৱেঁই তোমালোকৰবাবেদিন বনাইছে,তেতিয়া তোমালোকে কৰ্মস্থানলৈ গতি কৰা।

وَهُوَ ٱلَّذِىٓ أَرْسَلَ ٱلرِّيَـٰحَ بُشْرًۢا بَيْنَ يَدَىْ رَحْمَتِهِۦ ۚ وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۭ طَهُورًۭا ﴿٤٨﴾

তেৱেঁই বতাহক বৰষুণৰ পূৰ্বে সুসংবাদৰূপে প্ৰে ৰণ কৰে, যিটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁ ৰ বান্দাসকলৰ বাবে বিশেষ ৰহমত। আকাশৰ পৰা আমি পৱিত্ৰ পানী বৰ্ষণ কৰোঁ, সেইটোৰ দ্বাৰা মানু হে পৱিত্ৰতা অৰ্জ ন কৰে।

لِّنُحْـِۧىَ بِهِۦ بَلْدَةًۭ مَّيْتًۭا وَنُسْقِيَهُۥ مِمَّا خَلَقْنَآ أَنْعَـٰمًۭا وَأَنَاسِىَّ كَثِيرًۭا ﴿٤٩﴾

যাতে আমি সেই পানীৰে বিভিন্ন প্ৰকাৰৰ গছ-পুলি উৎপন্ন কৰি মৃত ভূমিক সেউজীয়া কৰি জীৱন প্ৰদান কৰিব পাৰোঁ। ইয়াৰ লগতে যাতে সেই পানী অসংখ্য জীৱ-জন্তু আৰু মানু হক খোৱাব পাৰোঁ।

وَلَقَدْ صَرَّفْنَـٰهُ بَيْنَهُمْ لِيَذَّكَّرُوا۟ فَأَبَىٰٓ أَكْثَرُ ٱلنَّاسِ إِلَّا كُفُورًۭا ﴿٥٠﴾

নিশ্চয় আমি কোৰআনত বিভিন্ন প্ৰকাৰৰযুক্তি আৰুপ্ৰ মাণ সবিস্তাৰেবৰ্ণনাকৰিছোঁ,যাতে সিহঁ তে শিক্ষাগ্ৰ হণ কৰে। কিন্তু অধিকাংশ লোকেই সত্যক অস্বীকাৰ কৰাৰ নীতি আৰু তাৰ পৰা বিমু খ হোৱাৰ নীতি অৱলম্বন কৰিছে। بلغ আল-কোৰআন · তাফছীৰ ولو شئنا لبعثنا فى كل قرية نذيرا

وَلَوْ شِئْنَا لَبَعَثْنَا فِى كُلِّ قَرْيَةٍۢ نَّذِيرًۭا ﴿٥١﴾

আমি ইচ্ছা কৰিলে প্ৰত্যেক জনবসতিলৈ একোজনকৈ ৰাছুল প্ৰে ৰণ কৰিব পাৰিলোহেঁতেন, যিজন ৰাছুলে সিহঁতক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিলেহেঁতেন, তথা সিহঁতক ভয় দেখুৱালেহেঁতেন। কিন্তু আমি তেনেকু ৱা বিচৰা নাছিলোঁ। বৰং মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক গোটেই মানৱজাতিৰবাবেৰাছু ল বনাই প্ৰে ৰণ কৰিছোঁ।

فَلَا تُطِعِ ٱلْكَـٰفِرِينَ وَجَـٰهِدْهُم بِهِۦ جِهَادًۭا كَبِيرًۭا ﴿٥٢﴾

এতেকে আপুনি কাফিৰসকলৰতোষামোদ মূলক আবেদন আৰুসিহঁ তৰআন আন প্ৰতাৱসমূস্ হ মানি নল’ব। আপুনি আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱা কোৰআনৰজৰিয় তে সিহঁ তৰনিৰ্যাতনত ধৈৰ্য্যধাৰণ কৰিআৰুবিভিন্ন কষ্ট সহ্যকৰিসিহঁ তৰলগত সংগ্ৰাম কৰক।

۞ وَهُوَ ٱلَّذِى مَرَجَ ٱلْبَحْرَيْنِ هَـٰذَا عَذْبٌۭ فُرَاتٌۭ وَهَـٰذَا مِلْحٌ أُجَاجٌۭ وَجَعَلَ بَيْنَهُمَا بَرْزَخًۭا وَحِجْرًۭا مَّحْجُورًۭا ﴿٥٣﴾

তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে দুটা সাগৰক একেলগে প্ৰবাহিত কৰিছে। এটাৰ পানী সুস্বাদু, মিঠা, আনটো নিমখীয়া। তথা দুয়ো সাগৰৰ মাজত ৰাখিছে এটা অন্ত ৰায় , যিটোৱে দুয়ো সাগৰৰ পানীক মিশ্ৰি ত হোৱাত বাধা প্ৰদান কৰে।

وَهُوَ ٱلَّذِى خَلَقَ مِنَ ٱلْمَآءِ بَشَرًۭا فَجَعَلَهُۥ نَسَبًۭا وَصِهْرًۭا ۗ وَكَانَ رَبُّكَ قَدِيرًۭا ﴿٥٤﴾

তেৱেঁই পুৰুষ আৰু নাৰীৰ বীৰ্যৰ দ্বাৰা মানু হ সৃষ্টি কৰিছে। যিজনে মানৱ সৃষ্টি কৰিছে, তেৱেঁই আত্মীয় তাৰ বন্ধন আৰু বৈবাহিক সম্পৰ্ক বনাই দিছে। হে ৰাছু ল! আপোনাৰ প্ৰতিপালক হৈছে অত্যন্ত ক্ষমতাশীল, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁৰ ক্ষমতাৰ এইটোও এটা নিদৰ্শন যে, তেওঁ পুৰুষ আৰু নাৰীৰ বীৰ্যৰে মানু হ সৃষ্টি কৰিছে।

وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُهُمْ وَلَا يَضُرُّهُمْ ۗ وَكَانَ ٱلْكَافِرُ عَلَىٰ رَبِّهِۦ ظَهِيرًۭا ﴿٥٥﴾

কাফিসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ উপাসনা কৰে, সিহঁ তে যদি সেইবোৰৰ আনুগত্যও কৰে, তথাপিও সেইবোৰে সিহঁ তক একো উপকাৰ কৰিব নোৱাৰিব। আনহাতে যদি সিহঁ তে সেইবোৰৰ অবাধ্যতা কৰে, তথাপিও সেইবোৰে সিহঁ তক একো ক্ষতি কৰিব নোৱাৰে। বৰং কাফিৰসকলে এনেকু ৱা কৰ্মৰ দ্বাৰা চয় তানৰ আজ্ঞা পালন কৰে, যিবোৰে আল্লাহক ক্ৰোধান্বি ত কৰে।

وَمَآ أَرْسَلْنَـٰكَ إِلَّا مُبَشِّرًۭا وَنَذِيرًۭا ﴿٥٦﴾

হে ৰাছু ল! আমি আপোনাক সেইসকল লোকৰ বাবে সুসংবাদকাৰী হিচাপে প্ৰে ৰণ কৰিছোঁ, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি তেওঁ ৰ আনু গত্য কৰে আৰু সৎকৰ্ম কৰে। আনহাতে সেইসকল লোকৰ বাবে সতৰ্ক কাৰী হিচাপে প্ৰে ৰণ কৰিছোঁ, যিসকলে কু ফৰী আৰু পাপকৰ্মৰ জৰিয় তে তেওঁৰ অবাধ্যতা কৰে।

قُلْ مَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلًۭا ﴿٥٧﴾

হে ৰাছু ল! আপুনি স্পষ্ট ভাৱে কৈ দিয় ক যে, আল্লাহৰ বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰ মিক নিবিচাৰোঁ। আনহাতে তোমালোকৰ মাজৰপৰাকোনোবাই যদি নিজৰকিছু ধন ব্যয় কৰিআল্লাহৰসন্তু ষ্টি অৰ্জ ন কৰিববিচাৰে,তেন্তে তেওঁ নিশ্চয় কৰিবপাৰে।

وَتَوَكَّلْ عَلَى ٱلْحَىِّ ٱلَّذِى لَا يَمُوتُ وَسَبِّحْ بِحَمْدِهِۦ ۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا ﴿٥٨﴾

হে ৰাছু ল! আপুনি সকলো কৰ্মতে সেই চিৰঞ্জীৱ সত্ত্বাৰ ওপৰত ভৰসা কৰক, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব। লগতে তেওঁৰ প্ৰশংসা কৰক আৰু তেওঁ ক সকলো ধৰণৰ দোষ-ত্ৰুটি ৰ পৰা মু ক্তঘোষণা কৰি তেওঁ ৰ পৱিত্ৰতা বৰ্ণনা কৰক। বান্দাৰ গুনাহৰ খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট । তেওঁ ৰ পৰা بلغ আল-কোৰআন · তাফছীৰ একোৱেই গোপন নহয় ,তেওঁ অচিৰেই সিহঁ তক ইয়াৰপ্ৰ তিফল দিব।

ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا فِى سِتَّةِ أَيَّامٍۢ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۚ ٱلرَّحْمَـٰنُ فَسْـَٔلْ بِهِۦ خَبِيرًۭا ﴿٥٩﴾

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱী, তথা এই দুয়োৰ মাজত থকা সকলো বস্তু ছয় দিনত সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তেওঁ ৰ মহিমা অনু সাৰে আৰশ্ব ৰ ওপৰত অধিৰোহণ কৰিছে। তেৱেঁই ৰহমান (অতি দয়ালু), হে ৰাছু ল! তেওঁ ৰ মহিমা সম্পৰ্কে তেওঁ ৰ বিষয়ে জনা কোনো জ্ঞানী ব্যক্তি ক আপুনি সুধি চাব পাৰে। তেৱেঁই আল্লাহ,যিজন সকলোবিষয়ে অৱগত। তেওঁ ৰপৰাকোনোবস্তু ৱেগোপন নহয় ।

وَإِذَا قِيلَ لَهُمُ ٱسْجُدُوا۟ لِلرَّحْمَـٰنِ قَالُوا۟ وَمَا ٱلرَّحْمَـٰنُ أَنَسْجُدُ لِمَا تَأْمُرُنَا وَزَادَهُمْ نُفُورًۭا ۩ ﴿٦٠﴾

এতেকে, যেতিয়া কাফিৰসকলক কোৱা হয় যে, ৰহমানক ছাজদাহ কৰা, তেতিয়া সিহঁতে কয়ঃ “আমি ৰহমানক ছাজদাহ নকৰোঁ”। লগতে কয়ঃ “ৰহমান কোন? আমি তেওঁক চিনিও নাপাওঁ আৰু তেওঁক স্বীকাৰো নকৰোঁ। তু মি আমাক এনেকু ৱা সত্ত্বাক ছাজদাহ কৰিবলৈ কৈ আছা নেকি, যাক আমি চিনিয়ে নাপাওঁ ?” ছাজদাৰ এই আদেশে সিহঁ তক আল্লাহৰ প্ৰতি ঈমানৰ পৰা আৰু অধিক আঁতৰ কৰিলে।

تَبَارَكَ ٱلَّذِى جَعَلَ فِى ٱلسَّمَآءِ بُرُوجًۭا وَجَعَلَ فِيهَا سِرَٰجًۭا وَقَمَرًۭا مُّنِيرًۭا ﴿٦١﴾

তেওঁ মহা বৰকতময় , যিজনে আকাশত গ্ৰহ নক্ষত্ৰৰ বাবে গতিপথ তৈয়াৰ কৰিছে। তথা আকাশত এনেকু ৱা সূৰ্য্য প্ৰতিষ্ঠা কৰিছে, যিটোৱে পোহৰ বিলায় । লগতে তাত স্থাপন কৰিছে এটাচন্দ্ৰ ,যিটোৱেসূৰ্যৰৰশ্মি ৰসহায় ত পৃথিৱীত আলোবিকিৰণ কৰে।

وَهُوَ ٱلَّذِى جَعَلَ ٱلَّيْلَ وَٱلنَّهَارَ خِلْفَةًۭ لِّمَنْ أَرَادَ أَن يَذَّكَّرَ أَوْ أَرَادَ شُكُورًۭا ﴿٦٢﴾

আল্লাহেই দিন আৰু ৰাতিৰ বাবে আহ্নিক গতি নিৰ্ধাৰণ কৰিছে, ফলত এটাৰ পিছত এটা আহি থাকে। সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা হিদায় ত গ্ৰহণ কৰিব বিচাৰে, আৰু তেওঁ ৰ নিয়ামতৰ কৃ তজ্ঞতা জ্ঞাপন কৰিব বিচাৰে।

وَعِبَادُ ٱلرَّحْمَـٰنِ ٱلَّذِينَ يَمْشُونَ عَلَى ٱلْأَرْضِ هَوْنًۭا وَإِذَا خَاطَبَهُمُ ٱلْجَـٰهِلُونَ قَالُوا۟ سَلَـٰمًۭا ﴿٦٣﴾

ৰহমানৰ মু মিন বান্দাসকল হৈছে সেইসকল লোক, যিসকলে পৃথিৱীত বিনম্ৰ তাৰে সৈতে শিষ্ট তা অনু সাৰে চলাফু ৰা কৰে। তথা যেতিয়া কোনো মু ৰ্খআৰু শিষ্টাচাৰহীন লোক তেওঁ লোকৰ লগত বিতৰ্ক কৰে, তেতিয়া সিহঁ তৰ লগত সিহঁ তৰ দৰে ব্যৱহাৰ নকৰে। বৰং সিহঁ তৰ সৈতে ভাল ব্যৱহাৰ কৰে।

وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمْ سُجَّدًۭا وَقِيَـٰمًۭا ﴿٦٤﴾

তেওঁ লোকে শিৰনত কৰিছাজদাৱনত হৈ ৰাতি অতিবাহিত কৰে,তথাআল্লাহৰসন্মুখত থিয় হৈ চালাত আদায় কৰিৰাতি পাৰকৰে।

وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصْرِفْ عَنَّا عَذَابَ جَهَنَّمَ ۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا ﴿٦٥﴾

তেওঁ লোকে দুআ কৰাৰ সময় ত নিজ প্ৰতিপালকক কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ পৰা জাহান্নামৰ শাস্তি দূৰ কৰি দিয়া। কিয় নো যিয়ে কাফিৰ হৈ মৃ ত্যুবৰণ কৰিব, জাহান্নামৰশাস্তি নিশ্চিতভাৱেতাৰসৈতে চিৰকালر সম্পৃক্ত হৈ থাকিব।

إِنَّهَا سَآءَتْ مُسْتَقَرًّۭا وَمُقَامًۭا ﴿٦٦﴾

নিশ্চিতভাৱে জাহান্নাম হৈছে বেয়া ঠাই, তাত অৱস্থানকাৰী লোকসকলৰ বাবে। তথা সেইটো হৈছে আটাইতকৈ নিকৃ ষ্টস্থান সেইসকল লোকৰ বাবে, যিসকলে তাত বসবাস কৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَٱلَّذِينَ إِذَآ أَنفَقُوا۟ لَمْ يُسْرِفُوا۟ وَلَمْ يَقْتُرُوا۟ وَكَانَ بَيْنَ ذَٰلِكَ قَوَامًۭا ﴿٦٧﴾

তেওঁলোকে যেতিয়া ধন-সম্পদ ব্যয় কৰে, তেতিয়া অপব্যয় নকৰে। আনহাতে যিসকলৰ ভৰণ-পোষণৰ দায়িত্ব তেওঁলোকৰ ওপৰত আছে, তেওঁলোকৰ প্ৰতি ব্যয় কৰাৰ ক্ষেত্ৰতো কৃ পণালী নকৰে। বৰং ব্যয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে অপব্যয় আৰু কৃ পণালীৰ মধ্যৱৰ্তী ন্যায় ৰ পথ অৱলম্বন কৰে।

وَٱلَّذِينَ لَا يَدْعُونَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ وَلَا يَقْتُلُونَ ٱلنَّفْسَ ٱلَّتِى حَرَّمَ ٱللَّهُ إِلَّا بِٱلْحَقِّ وَلَا يَزْنُونَ ۚ وَمَن يَفْعَلْ ذَٰلِكَ يَلْقَ أَثَامًۭا ﴿٦٨﴾

يلق أ ثاما তেওঁ লোকে আল্লাহৰ সৈতে আন কোনো উপাস্যক আহ্বান নকৰে। লগতে তেওঁ লোকে কোনো নিৰপৰাধ ব্যক্তি ক হত্যা নকৰে। কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলক হত্যা কৰিবলৈ আল্লাহে অনু মতি প্ৰদান কৰিছে যেনেঃ কোনো হত্যাকাৰী, মু ৰতাদ বা ধৰ্ম ত্যাগী, বিবাহিত ব্যভিচাৰী আদি। তেওঁ লোকে কেতিয়াও ব্যভিচাৰ নকৰে। এতেকে যিয়ে এই মহাপাপসমূ হৰ কোনোবা এটা কৰিব, সি কিয়ামতৰ দিনা তাৰ শাস্তি ভোগ কৰিব।

يُضَـٰعَفْ لَهُ ٱلْعَذَابُ يَوْمَ ٱلْقِيَـٰمَةِ وَيَخْلُدْ فِيهِۦ مُهَانًا ﴿٦٩﴾

কিয়ামতৰদিনাতাৰশাস্তি দ্বি গুণ কৰিদিয়াহ’ব,আৰুসি সেই শাস্তি ত লাঞ্ছিত অপমানিত হৈ চিৰকাল অৱস্থান কৰিব।

إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ عَمَلًۭا صَـٰلِحًۭا فَأُو۟لَـٰٓئِكَ يُبَدِّلُ ٱللَّهُ سَيِّـَٔاتِهِمْ حَسَنَـٰتٍۢ ۗ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًۭا ﴿٧٠﴾

কিন্তু যিয়ে আল্লাহৰ প্ৰতি তাওবা কৰি উভতি আহিব তথা ঈমান পোষণ কৰিব, লগতে সৎকৰ্ম কৰিব, অৰ্থাৎ অন্ত ৰৰ পৰা সত্য তাওবা কৰিব, তেন্তে এনেকু ৱা লোকৰ গুনাহক আল্লাহে ছোৱাবলৈ ৰূপান্ত ৰিত কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহসমূহ ক্ষমা কৰে আৰু তেওঁ লোকৰপ্ৰ তি দয়া কৰে।

وَمَن تَابَ وَعَمِلَ صَـٰلِحًۭا فَإِنَّهُۥ يَتُوبُ إِلَى ٱللَّهِ مَتَابًۭا ﴿٧١﴾

এতেকে যিয়ে আল্লাহৰ ওচৰত তাওবা কৰিব আৰু সেই তাওবাৰ সত্যতাৰ পৰিচায় ক হিচাপে সৎকৰ্ম কৰিব আৰু গুনাহৰ পৰা বিৰত থাকিব তেন্তে নিশ্চিতৰূপে তাৰ তাওবা গ্ৰহণযোগ্য হ’ব।

وَٱلَّذِينَ لَا يَشْهَدُونَ ٱلزُّورَ وَإِذَا مَرُّوا۟ بِٱللَّغْوِ مَرُّوا۟ كِرَامًۭا ﴿٧٢﴾

তেওঁলোকে বাতিল (অসত্য তথা গুনাহৰ) কৰ্মত অংশ গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে হাৰাম খেল-ধেমালি আদি। আৰু যেতিয়া তেওঁলোকে কোনো অযথা অলাগতিয়াল কথা-কৰ্মৰ সন্মুখীন হয় , তেতিয়া তেওঁলোকে নিজকে সেইবোৰ কৰ্মৰ পৰা আঁতৰাই ৰাখে আৰু সজ্জনতাপূৰ্বকভাৱে তাৰ পৰা আঁতৰি যায় । م

وَٱلَّذِينَ إِذَا ذُكِّرُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ لَمْ يَخِرُّوا۟ عَلَيْهَا صُمًّۭا وَعُمْيَانًۭا ﴿٧٣﴾

তেওঁ লোকক যেতিয়া দৰ্শনমূ লক আৰু শ্ৰৱণমূ লক আল্লাহৰ কোনো নিদৰ্শনৰ দ্বাৰা শিক্ষা দিয়া হয় , তেতিয়া তেওঁ লোকে শ্ৰৱণমূ লক আয়াতৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত নু শুনাৰ ভাও নধৰে, আৰু দৰ্শনমূ লক নিদৰ্শনৰ পৰাও চকু মু দি নাথাকে। بلغ আল-কোৰআন · তাফছীৰ

وَٱلَّذِينَ يَقُولُونَ رَبَّنَا هَبْ لَنَا مِنْ أَزْوَٰجِنَا وَذُرِّيَّـٰتِنَا قُرَّةَ أَعْيُنٍۢ وَٱجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا ﴿٧٤﴾

তেওঁলোকে নিজ প্ৰতিপালকৰওচৰত দুআকৰাৰসময় ত কয়ঃহে আমাৰপ্ৰ তিপালক! তু মি আমাক এনেকু ৱা স্ত্ৰী আৰুসন্তান-সন্ত তি প্ৰদান কৰা, যাৰ তাক্ব ৱা আৰু সত্যৰ ওপৰত থকা দৃঢ় তা দেখি আমাৰ চকু শীতল হয় । তথা আমাক মু ত্ত্বাক্বীসকলৰ প্ৰতিনিধি বনাই দিয়া, যাতে সত্যৰ পথত তেওঁ লোকে আমাক অনু সৰণ কৰে।

أُو۟لَـٰٓئِكَ يُجْزَوْنَ ٱلْغُرْفَةَ بِمَا صَبَرُوا۟ وَيُلَقَّوْنَ فِيهَا تَحِيَّةًۭ وَسَلَـٰمًا ﴿٧٥﴾

এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আল্লাহৰ আনুগত্যত অবিচল থকাৰ কাৰণে জান্নাতু ল ফিৰদাউচত সুউচ্চ ভৱন প্ৰদান কৰা হ’ব। লগতে তেওঁ লোকে তাত ফিৰিস্তাসকলৰ পৰা দুআ-ছালাম লাভ কৰিব।ر তথা তাত তেওঁ লোক সকলো প্ৰকাৰৰ বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব।

خَـٰلِدِينَ فِيهَا ۚ حَسُنَتْ مُسْتَقَرًّۭا وَمُقَامًۭا ﴿٧٦﴾

তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। কিমান উৎকৃষ্ট বাসস্থান, য’ত তেওঁলোকে বসবাস কৰিব! তথা সেইটো হৈছে সৰ্বোৎকৃষ্ট ঠাই, য’ত তেওঁ লোকে অৱস্থান কৰিব।

قُلْ مَا يَعْبَؤُا۟ بِكُمْ رَبِّى لَوْلَا دُعَآؤُكُمْ ۖ فَقَدْ كَذَّبْتُمْ فَسَوْفَ يَكُونُ لِزَامًۢا ﴿٧٧﴾

হে ৰাছু ল! কু ফৰৰ ওপৰত অটল থকা কাফিৰসকলক কৈ দিয় ক, তোমালোকৰ আনু গত্যই মোৰ প্ৰতিপালকক কোনো ধৰণৰ উপকাৰ সাধন নকৰে, বৰং তেওঁ সেইটোৰ প্ৰতি ভ্ৰূক্ষেপো নকৰে। শুনা! যদি তেওঁৰ এনেকু ৱা কিছু মান বান্দা নাথাকিলহেঁ তেন যিসকলে তেওঁৰ ওচৰত দুআ কৰে, ইবাদতৰ দুআ হওক অথবা কিবা বিচাৰিবলৈ কৰা দুআই হওক, তেন্তে তেওঁ তোমালোকৰ কেতিয়াও ভ্ৰূক্ষেপ নকৰিলেহেঁ তেন। কিয় নো তোমালোকৰ ওচৰত ৰাছু লে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে সেইটোক তোমালোকে অস্বীকাৰ কৰিছা। এতেকে এই অস্বীকাৰৰ প্ৰতিফল তোমালোকে অৱশ্যে নিশ্চিতভাৱে লাভ কৰিবা। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Furqaan — الفرقان

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা