মুখ্য পৃষ্ঠাতাফছীৰAt-Tin (95)

তাফছীৰ At-Tin (95) — التين

মক্কী · 8 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلتِّينِ وَٱلزَّيْتُونِ ﴿١﴾

আল্লাহে তীন (ডিমৰু) আৰু তাৰ উত্ পত্তি স্থানৰ শপত কৰিছে, লগতে শপত কৰিছে যায় তু ন আৰু ইয়াৰ উৎপত্তিস্থান ফিলিস্তি নৰ ভূ মি, য'ত ঈছা আলাইহিচ্ছালামক প্ৰৰণ কৰা হৈছিল। وطور سينين

وَطُورِ سِينِينَ ﴿٢﴾

আৰু শপত কৰিছে চিনাই পৰ্বতৰ, যিখন পৰ্বতৰ ওচৰত মহান আল্লাহে নবী মুছা আলাইহিচ্ছালামৰ সৈতে কথা পাতিছিল।

وَهَـٰذَا ٱلْبَلَدِ ٱلْأَمِينِ ﴿٣﴾

আৰু শপত কৰিছে পৱিত্ৰ এই মক্কা নগৰৰ, য'ত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰে ৰণ কৰা হৈছিল আৰু য’ত প্ৰৱেশ কৰিলে মানুহে নিৰাপত্তা লাভ কৰে।

لَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ فِىٓ أَحْسَنِ تَقْوِيمٍۢ ﴿٤﴾

আমি মানুহক আটাইতকৈ সন্তু লিত সংৰচনাৰ সৈতে আৰু সবাতোকৈ উত্তম ৰূপত সৃষ্টি কৰিছোঁ। ثم رددنه أسفل سفلين

ثُمَّ رَدَدْنَـٰهُ أَسْفَلَ سَـٰفِلِينَ ﴿٥﴾

তাৰ পাছত আমি তাক পৃথিৱীত বৃদ্ধ আৰু অক্ষমতাৰ বয় সলৈ ওভতাই দিওঁ। গতিকে সিহঁতে নিজৰ শৰীৰৰ পৰা উপকৃ ত হ’ব নোৱাৰে। যিদৰে সেই সময় ত উপকৃ ত হ’ব নোৱাৰে যেতিয়া তাৰ ফিতৰত প্ৰকৃ তি বিনষ্ট হৈ যাব আৰু জাহান্নামত প্ৰৱেশ কৰিব লাগিব।

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۢ ﴿٦﴾

কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্ কৰ্ম কৰিছে, তেওঁ লোকে যদিও বৃদ্ধ হৈ যায় তেওঁ লোকৰ বাবে নিৰৱচ্ছিন্ন প্ৰতিদান আছে, অৰ্থাৎ জান্নাত আছে। কিয় নো তেওঁ লোকে নিজৰ ফিতৰতক পৱিত্ৰ কৰি লৈছে। بلغ আল-কোৰআন · তাফছীৰ

فَمَا يُكَذِّبُكَ بَعْدُ بِٱلدِّينِ ﴿٧﴾

হে মানৱ! তোমাক কোনটো বস্তু ৱে প্ৰতিদান দিৱসক অস্বীকাৰ কৰিবলৈ উদগনি দিয়ে । যিহেতু তুমি তাৰ ক্ষমতাৰ বহুতো নিদৰ্শন দেখিছা?

أَلَيْسَ ٱللَّهُ بِأَحْكَمِ ٱلْحَـٰكِمِينَ ﴿٨﴾

মহান আল্লাহে ক্বি য়ামত দিৱসক প্ৰতিদানৰ দিৱস বনোৱাৰ ক্ষেত্ৰত আটাইতকৈ মহান বিচাৰক আৰু আটাইতকৈ ন্যায় পৰায় ণ নহয় নে? এইটো বিবেকসন্মত হ’ব পাৰেনে যে, আল্লাহে তেওঁৰ বান্দাসকলক সিহঁতৰ মাজত বিচাৰ নকৰাকৈ এনেই এৰি দিব, আৰু তেওঁ সৎকৰ্মকাৰী ব্যক্তিক উত্তম প্ৰতিদান আৰু বেয়া কৰ্মকাৰী ব্যক্তিক বেয়া প্ৰতিফল নিদিয়াকৈ এনেই এৰি দিবনে? উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · At-Tin — التين

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা