ٱقْرَأْ بِٱسْمِ رَبِّكَ ٱلَّذِى خَلَقَ ﴿١﴾
হে ৰাছু ল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি অহী প্ৰে ৰণ কৰে সেয়া পঢ় ক। আপোনাৰ প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক, যিজনে সকলো সৃষ্টি কে সৃজন কৰিছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Alaq (96)
মক্কী · 19 আয়াত
ٱقْرَأْ بِٱسْمِ رَبِّكَ ٱلَّذِى خَلَقَ ﴿١﴾
হে ৰাছু ল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি অহী প্ৰে ৰণ কৰে সেয়া পঢ় ক। আপোনাৰ প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক, যিজনে সকলো সৃষ্টি কে সৃজন কৰিছে।
خَلَقَ ٱلْإِنسَـٰنَ مِنْ عَلَقٍ ﴿٢﴾
যিয়ে মানুহক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, যিটো প্ৰথমতে পানীৰ টোপাল আছিল।
ٱقْرَأْ وَرَبُّكَ ٱلْأَكْرَمُ ﴿٣﴾
হে ৰাছু ল! আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি অহী প্ৰে ৰণ কৰে সেয়া পঢ় ক। নিশ্চয় আপোনাৰ প্ৰতিপালক হৈছে অত্যন্ত দয়ালু, যাৰ দয়াৰ সৈতে কাৰো দয়াকে তু লনা কৰিব নোৱাৰি। তেওঁ অত্যন্ত দাতা আৰু উপকাৰকাৰী।
ٱلَّذِى عَلَّمَ بِٱلْقَلَمِ ﴿٤﴾
যিয়ে কলমৰ দ্বাৰা লিখা-মেলা কৰা শিকাইছে।
عَلَّمَ ٱلْإِنسَـٰنَ مَا لَمْ يَعْلَمْ ﴿٥﴾
মানুহে যি জনা নাছিল, সেয়া তেৱেঁই শিকাইছে।
كَلَّآ إِنَّ ٱلْإِنسَـٰنَ لَيَطْغَىٰٓ ﴿٦﴾
সত্য কথা হৈছে এই যে, দুষ্ট পাপিষ্ঠ মানুহ যেনে- আবু জাহালে আল্লাহৰ অবাধ্যতা কৰি তেওঁ ৰ সীমালংঘন কৰিছে।
أَن رَّءَاهُ ٱسْتَغْنَىٰٓ ﴿٧﴾
তাৰ ওচৰত ধন-সম্পদ আছে কাৰণে সি নিজকে স্ব-নিৰ্ভ ৰশীল বুলি ভাবে। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجْعَىٰٓ ﴿٨﴾
হে মানৱ! নিশ্চয় ক্বি য়ামতৰ দিনা তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব লাগিব, য’ত তেওঁ প্ৰত্যেককে উচিত প্ৰতিদানপ্ৰ দানকৰিব।
أَرَءَيْتَ ٱلَّذِى يَنْهَىٰ ﴿٩﴾
আপুনি আবু জাহালৰ ঘটনাতকৈ কিবা আশ্চৰ্যজনক দেখিছেনে, যিয়ে বাধা দিয়ে ,
عَبْدًا إِذَا صَلَّىٰٓ ﴿١٠﴾
আমাৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কাবাৰ ওচৰত ছালাত আদায় কৰিবলৈ।
أَرَءَيْتَ إِن كَانَ عَلَى ٱلْهُدَىٰٓ ﴿١١﴾
চোৱাচোন! যি ব্যক্তিক প্ৰতিৰোধ কৰা হৈ আছে, তেওঁ যদি নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত থাকে (তেন্তে তোমালোকে কৰা বিৰোধিতাৰ কি লাভ)?
أَوْ أَمَرَ بِٱلتَّقْوَىٰٓ ﴿١٢﴾
অথবা মানুহক আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধ কৰা বস্তু সমূহৰ পৰা বিৰত ৰাখি, কেৱল তেওঁ কেই ভয় কৰাৰ আদেশ দিয়ে , এনেকু ৱা ব্যক্তিক প্ৰতিৰোধ কৰা উচিতনে?
أَرَءَيْتَ إِن كَذَّبَ وَتَوَلَّىٰٓ ﴿١٣﴾
আপুনি দেখিছেনে, যদি এই প্ৰতিৰোধকাৰী ব্যক্তিয়ে ৰাছুলে লৈ অহা সংবাদক অস্বীকাৰ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয় (তেন্তে তাৰ কি পৰিণতি হ’ব)। তথাপিও সি আল্লাহক ভয় নকৰেনে?
أَلَمْ يَعْلَم بِأَنَّ ٱللَّهَ يَرَىٰ ﴿١٤﴾
মোৰ এই বান্দাক ছালাত আদায় কৰিবলৈ বাধা প্ৰদান কৰা ব্যক্তিয়ে নাজানে নেকি যে, সি যি কৰি আছে, সেইবোৰ আল্লাহে দেখি আছে? তেওঁ ৰ পৰা কোনো কৰ্মই গোপন নাথাকে? بلغ আল-কোৰআন · তাফছীৰ
كَلَّا لَئِن لَّمْ يَنتَهِ لَنَسْفَعًۢا بِٱلنَّاصِيَةِ ﴿١٥﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে এই মূৰ্খ ব্যক্তিজনে ধাৰণ কৰে। যদি সি আমাৰ বান্দাক কষ্ট দিয়াৰ পৰা আৰু তেওঁ ক অস্বীকাৰ কৰাৰ পৰা বিৰত নাথাকে, তেন্তে আমি তাৰ আগচু লি ধৰি চোঁচৰাই জাহান্নামত প্ৰৱেশ কৰাম। ناصيةكذبة خاطئة
نَاصِيَةٍۢ كَـٰذِبَةٍ خَاطِئَةٍۢ ﴿١٦﴾
সেই আগচু লিৰ গৰাকীজনে কথা ক’লে, মিছা কথা কয় আৰু কাম কৰিলে পাপকৰ্ম কৰে। فليدع ناديه
فَلْيَدْعُ نَادِيَهُۥ ﴿١٧﴾
যেতিয়া তাৰ আগচু লি ধৰি অগ্নিৰ ফালে টানি লৈ যোৱা হ’ব, তেতিয়া সি নিজৰ সংগীসকলক আৰু লগত বহাসকলক মাতিব আৰু শাস্তি ৰ পৰাপৰিত্ৰাণ পাবলৈ সিহঁ তৰ সহায় বিচাৰিব।
سَنَدْعُ ٱلزَّبَانِيَةَ ﴿١٨﴾
আমিও জাহান্নামৰ শক্তিশালী ফিৰিস্তাসকলক আহ্বান কৰিম, যিসকলে আল্লাহৰ আদেশ লংঘন নকৰে আৰু যি কৰাৰ আদেশ পায় তাকেই কৰে। গতিকে সিহঁ তে দেখা উচিত যে, উভয় পক্ষৰ কোন পক্ষই অধিক শক্তিশালী আৰু অধিক ক্ষমতাশালী।
كَلَّا لَا تُطِعْهُ وَٱسْجُدْ وَٱقْتَرِب ۩ ﴿١٩﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে অত্যাচাৰীসকলে ধাৰণা কৰে যে, আপোনাক ক্ষতি কৰাত সফল হৈ যাব। আপুনি তাৰ কোনো আদেশ অথবা নিষেধ একোৱে নামানিব। বৰং আপুনি আল্লাহক ছাজদাহ কৰক আৰু ইবাদতৰ জৰিয় তে আল্লাহৰ নৈকট্য লাভ কৰক। কিয় নো ইবাদতৰ জৰিয় তে আল্লাহৰ নৈকট্য লাভ কৰা যায় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে