মুখ্য পৃষ্ঠাতাফছীৰAl-Qadr (97)

তাফছীৰ Al-Qadr (97) — القدر

মক্কী · 5 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِنَّآ أَنزَلْنَـٰهُ فِى لَيْلَةِ ٱلْقَدْرِ ﴿١﴾

নিশ্চয় আমি এই কোৰআন পৃথিৱীৰ আকাশত এবাৰতে অৱতীৰ্ণ কৰিছোঁ, যিদৰে ৰমজান মাহৰ পৱিত্ৰ ৰাতিত (লাইলাতু ল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ।

وَمَآ أَدْرَىٰكَ مَا لَيْلَةُ ٱلْقَدْرِ ﴿٢﴾

হে নবী! আপুনি জানেনে এই ৰাতিটোতকিমান কল্যাণ আৰু বৰকতআছে।

لَيْلَةُ ٱلْقَدْرِ خَيْرٌۭ مِّنْ أَلْفِ شَهْرٍۢ ﴿٣﴾

এইটো হৈছে এটা সৰ্বোত্তম মঙ্গলময় আৰু অত্যন্ত কল্যাণকৰ ৰাতি। এইটো এহেজাৰ মাহতকৈ উত্তম, সেই ব্যক্তিৰ বাবে যিয়ে ঈমানৰ সৈতেআৰু ছোৱাব অৰ্জ নৰ আশাতৰাতিজাগৰণ কৰি ইবাদতকৰে।

تَنَزَّلُ ٱلْمَلَـٰٓئِكَةُ وَٱلرُّوحُ فِيهَا بِإِذْنِ رَبِّهِم مِّن كُلِّ أَمْرٍۢ ﴿٤﴾

সেই ৰাতিত ফিৰিস্তাসকলে আৰু জিব্ৰীল আলাইহিচ্ছালামে তেওঁলোকৰ প্ৰতিপালকৰ আদেশমৰ্মে অৱতৰণ কৰে, সেইসমূহ বিষয় লৈ যিবোৰ অহা বছৰৰ বাবে মহান আল্লাহে নিৰ্ধাৰণ কৰিছে। সেয়া জীৱিকা সম্পৰ্কীয় হওক অথবা মৃত্যু সম্পৰ্কীয় নাইবা জন্ম সম্পৰ্কীয় বা অন্যান্য বিষয় বোৰ লৈ।

سَلَـٰمٌ هِىَ حَتَّىٰ مَطْلَعِ ٱلْفَجْرِ ﴿٥﴾

এই বৰকতময় ৰাতি পৰিপূৰ্ণভাৱে কল্যাণকৰ, এই কল্যাণ ৰাতিৰ আৰম্ভ ণিৰ পৰা অন্ত লৈ অৰ্থাৎ ফজৰলৈকে থাকে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Qadr — القدر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা