لَمْ يَكُنِ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَـٰبِ وَٱلْمُشْرِكِينَ مُنفَكِّينَ حَتَّىٰ تَأْتِيَهُمُ ٱلْبَيِّنَةُ ﴿١﴾
স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইয়াহুদী, খ্ৰীষ্টান আৰু মুশ্বৰিকসকলে কু ফু ৰীৰ প্ৰতি থকা সিহঁ তৰ ঐক্যতাৰ পৰা কেতিয়াও বিৰত নাথাকিব।
رَسُولٌۭ مِّنَ ٱللَّهِ يَتْلُوا۟ صُحُفًۭا مُّطَهَّرَةًۭ ﴿٢﴾
এই সুস্পষ্ট প্ৰমাণটো হৈছে আল্লাহৰ ফালৰ পৰা প্ৰে ৰিত এজন ৰাছুল, যাক মহান আল্লাহে প্ৰে ৰণ কৰিছে। যিজন ৰাছু লে এনেকু ৱাপৱিত্ৰ ছহীফাপঢ়ি শুনায় ,যিখন পৱিত্ৰসকলৰ বাহিৰে আন কোনেও স্পৰ্শ কৰিব নোৱাৰে। فيها كتب قيمة
فِيهَا كُتُبٌۭ قَيِّمَةٌۭ ﴿٣﴾
সেই ছহীফাবোৰত আছে সত্য সংবাদ আৰু ন্যায় নিষ্ঠ বিধানসমূহ, যিয়ে মানুহক সেই পথৰ পিনে আহ্বান কৰে, যি পথত তেওঁ লোকৰ বাবে আছে কল্যাণ, সংশোধন আৰু হিদায় ত।
وَمَا تَفَرَّقَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ إِلَّا مِنۢ بَعْدِ مَا جَآءَتْهُمُ ٱلْبَيِّنَةُ ﴿٤﴾
দৰাচলতে তাওৰাতপ্ৰাপ্ত ইয়াহুদী আৰু ইঞ্জিলপ্ৰাপ্ত খ্ৰীষ্টানসকলে তেতিয়াই বিভেদ সৃষ্টি কৰিছে যেতিয়াই সিহঁতৰ ওচৰলৈ আল্লাহে নবী প্ৰে ৰণ কৰিছে। ফলত সিহঁ তৰ মাজৰ কিছু মানে ঈমান আনিছে আৰু কিছু মানে নবীৰ সত্যতাৰ বিষয়ে অৱগতহোৱাৰ পাছতোকু ফু ৰীৰ পথতঅবিচল থাকিছে।
وَمَآ أُمِرُوٓا۟ إِلَّا لِيَعْبُدُوا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُوا۟ ٱلصَّلَوٰةَ وَيُؤْتُوا۟ ٱلزَّكَوٰةَ ۚ وَذَٰلِكَ دِينُ ٱلْقَيِّمَةِ ﴿٥﴾
ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ অপৰাধ আৰু বিদ্বে ষ এই কথাৰ পৰা স্পষ্ট হয় যে, সিহঁ তক এই কোৰআনত সেইবোৰ কথাৰ আদেশ দিয়া হৈছে, যিবোৰৰ আদেশ সিহঁতক প্ৰদান কৰা উভয় গ্ৰন্থতে দিয়া হৈছিল। যেনে- কেৱল এক আল্লাহৰ ইবাদত কৰা, শ্বিৰ্ক ৰ পৰা বিৰত থকা, ছালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। সেয়ে হে সিহঁ তক যি আদেশ দিয়া হৈছিল, সেয়া হৈছে প্ৰত্যক্ষ ধৰ্মৰ অংশ। যাৰ ভিতৰত কোনো বক্ৰ তা নাই। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَـٰبِ وَٱلْمُشْرِكِينَ فِى نَارِ جَهَنَّمَ خَـٰلِدِينَ فِيهَآ ۚ أُو۟لَـٰٓئِكَ هُمْ شَرُّ ٱلْبَرِيَّةِ ﴿٦﴾
নিশ্চয় (ইয়াহুদী, খ্ৰীষ্টান আৰু মুশ্বৰিকসকলৰ পৰা) যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে ক্বি য়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব, তাৰ ভিতৰত সিহঁতে স্থায়ীভাৱে অৱস্থান কৰিব। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে।
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ أُو۟لَـٰٓئِكَ هُمْ خَيْرُ ٱلْبَرِيَّةِ ﴿٧﴾
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্ কৰ্ম কৰিছে, তেওঁ লোকেই হৈছে সৃষ্টি ৰ ভিতৰত সৰ্বোত্তম।
جَزَآؤُهُمْ عِندَ رَبِّهِمْ جَنَّـٰتُ عَدْنٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًۭا ۖ رَّضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ ۚ ذَٰلِكَ لِمَنْ خَشِىَ رَبَّهُۥ ﴿٨﴾
তেওঁলোকৰ বাবে তেওঁলোকৰ পৱিত্ৰ তথা সুউচ্চ প্ৰতিপালকৰ ওচৰত মহা প্ৰতিদান আছে। প্ৰতিদান হিচাপে এনেকুৱা জান্নাত আছে, যাৰ অট্টালিকা আৰু গছবোৰৰ তলেদি নদীসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকৰ ঈমান আৰু ইবাদতৰ কাৰণে আল্লাহে তেওঁলোকৰ প্ৰতি সন্তু ষ্টহৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তু ষ্টহৈছে, কাৰণ তেওঁলোকে আল্লাহৰ ফালৰ পৰা অসীম কৃ পা লাভ কৰিছে। এই কৃ পা সেই ব্যক্তিয়ে লাভ কৰে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে আৰু তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন