ٱلْحَآقَّةُ ﴿١﴾
মহান আল্লাহে পুনৰুত্থানৰ সময় ৰ কথা উল্লে খ কৰিছে, যিটো সকলোৰে বাবে অৱধাৰিত।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Haaqqa (69)
মক্কী · 52 আয়াত
ٱلْحَآقَّةُ ﴿١﴾
মহান আল্লাহে পুনৰুত্থানৰ সময় ৰ কথা উল্লে খ কৰিছে, যিটো সকলোৰে বাবে অৱধাৰিত।
مَا ٱلْحَآقَّةُ ﴿٢﴾
আকৌ এই প্ৰশ্নৰ মাধ্যমেৰে পুনৰুত্থানৰ গুৰুত্ব বৃদ্ধি কৰিছে যে, সেই অৱশ্যম্ভাৱী ঘটনাটো কি?
وَمَآ أَدْرَىٰكَ مَا ٱلْحَآقَّةُ ﴿٣﴾
আৰু কিহে আপোনাক জনাব যে সেই অৱশ্যাম্ভাৱী ঘটনাটোনো কি?
كَذَّبَتْ ثَمُودُ وَعَادٌۢ بِٱلْقَارِعَةِ ﴿٤﴾
ছলেহ আলাইহিচ্ছালামৰসম্প্ৰ দায় ছামু দ আৰুহুদ আলাইহিচ্ছালামৰসম্প্ৰ দায় আদ জাতিয়ে ক্বি য়ামতক অস্বীকাৰকৰিছিল, যি ক্বি য়ামতৰভয় -ভীতিয়ে মানু হক কপাই তু লিব।
فَأَمَّا ثَمُودُ فَأُهْلِكُوا۟ بِٱلطَّاغِيَةِ ﴿٥﴾
সেয়ে ছামু দ সম্প্ৰ দায় ক আল্লাহে অতি তীব্ৰ আৰুভয়ানক শব্দৰজৰিয় তে ধ্বংস কৰিদিছিল। وأما عاد فأهلكوابريح صرصر عاتية
وَأَمَّا عَادٌۭ فَأُهْلِكُوا۟ بِرِيحٍۢ صَرْصَرٍ عَاتِيَةٍۢ ﴿٦﴾
আৰুআদ সম্প্ৰ দায় ক আল্লাহে ধ্বংস কৰিছে অত্যন্ত শীতল প্ৰবল ধুমু হাৰদ্বাৰা।
سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍۢ وَثَمَـٰنِيَةَ أَيَّامٍ حُسُومًۭا فَتَرَى ٱلْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍۢ ﴿٧﴾
আল্লাহে ইয়াক সাত ৰাতি আৰু আঠ দিনৰ বাবে প্ৰে ৰণ কৰিছিল। যিয়ে সিহঁ তক ধ্বংস কৰিছিল। ফলত আপুনি দেখিবলৈ পালেহেঁ তেন যে, সিহঁ তে ধ্বংসৰপিছত মাটি ৰওপৰত নিজ এলাকাত এনেকৈ পৰিআছে যেনিবা মাটি ৰওপৰত জৰাজীৰ্ণ খেজুৰগছৰকাণ্ডহে। فهل تر لهممن باقية
فَهَلْ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٍۢ ﴿٨﴾
সেয়ে হে এই শাস্তি ৰপিছত সিহঁ তৰমাজৰকাৰোবাক আপুনি দেখিবলৈ পাইছেনে?
وَجَآءَ فِرْعَوْنُ وَمَن قَبْلَهُۥ وَٱلْمُؤْتَفِكَـٰتُ بِٱلْخَاطِئَةِ ﴿٩﴾
ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়ে অৰ্থাৎ লুত আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰ লোকে শ্বিৰ্ক আৰু অবাধ্যতাত লিপ্ত হৈছিল। بلغ আল-কোৰআন · তাফছীৰ فعصوا رسول ربهم فأخذهم أخذة ر ابية
فَعَصَوْا۟ رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةًۭ رَّابِيَةً ﴿١٠﴾
আৰু সিহঁ তৰ মাজৰ প্ৰত্যেকেই নিজ নিজ ৰাছু লৰ সৈতে অবাধ্য আচৰণ কৰিছিল আৰু তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁ তক তাতকৈ অধিক কঠোৰভাৱে গ্ৰে প্তাৰ কৰিছিল, যাৰ দ্বাৰা সিহঁ তক ধ্বংস কৰা হৈছে।
إِنَّا لَمَّا طَغَا ٱلْمَآءُ حَمَلْنَـٰكُمْ فِى ٱلْجَارِيَةِ ﴿١١﴾
যেতিয়া পানী বিপদ সীমা চেৰাই গৈছিল, তেতিয়া আমি তোমালোকৰ পূৰ্বপুৰুষসকলক সেই নাৱত আৰোহণ কৰোৱাইছিলোঁ যিটো নূহ আলাইহিচ্ছালামে আমাৰ আদেশমৰ্মে তৈয়াৰ কৰিছিল।
لِنَجْعَلَهَا لَكُمْ تَذْكِرَةًۭ وَتَعِيَهَآ أُذُنٌۭ وَٰعِيَةٌۭ ﴿١٢﴾
যাতে আমি নাও আৰু ইয়াৰ ঘটনাক এটা শিক্ষাৰ সামগ্ৰী হিচাপে চিহ্নিত কৰি দিব পাৰোঁ যে, কাফিৰবিলাকৰ ধ্বংস আৰু মুমিনসকলক মুক্তিৰ প্ৰমাণ হিচাপে দেখাব পৰা যায় , আৰু ইয়াক এনেকু ৱা কাণে যাতে মনত ৰাখিব পাৰে, যিয়ে শুনা মাত্ৰকে মনত সংৰক্ষণ কৰি ৰাখে।
فَإِذَا نُفِخَ فِى ٱلصُّورِ نَفْخَةٌۭ وَٰحِدَةٌۭ ﴿١٣﴾
তাৰপাছত যেতিয়াশিঙাত ফুঁ দিয়াৰবাবেনিযুক্ত ফিৰিস্তাই শিঙাত এটাফুঁ মাৰিব। অৰ্থাৎ এইটোহ’বদ্বি তীয় ফুঁ ।
وَحُمِلَتِ ٱلْأَرْضُ وَٱلْجِبَالُ فَدُكَّتَا دَكَّةًۭ وَٰحِدَةًۭ ﴿١٤﴾
আৰু পৃথিৱী তথা পাহাৰসমূ হক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাত কৰা হ’ব, ফলত পৃথিৱী আৰু তাৰ ওপৰত থকা পাহাৰসমূ হ চূ ৰ্ণ-বিচূ ৰ্ণহৈ যাব।
فَيَوْمَئِذٍۢ وَقَعَتِ ٱلْوَاقِعَةُ ﴿١٥﴾
যিদিনাখন এইবোৰসংঘটি ত হ’ব,সেই দিৱসটোৱেহৈছে ক্বি য়ামত দিৱস।
وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِىَ يَوْمَئِذٍۢ وَاهِيَةٌۭ ﴿١٦﴾
আৰুসিদিনাখন আকাশ বিদীৰ্ণ হ’ব, যাতে সেই পথেৰেফিৰিস্তাসকল অৱতীৰ্ণ হ’বপাৰে। সেইদিনাখন আকাশ দূৰ্বল হৈ পৰিব, যদিও এইখন আছিল অত্যন্ত মজবু ত।
وَٱلْمَلَكُ عَلَىٰٓ أَرْجَآئِهَا ۚ وَيَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ يَوْمَئِذٍۢ ثَمَـٰنِيَةٌۭ ﴿١٧﴾
সিদিনাখন ফিৰিস্তাসকল থাকিবআকাশৰবিভিন্ন প্ৰান্ত ত আৰুচোকে কোণে। সেই ভীষণ দিনটোত আঠজন নিকটৱৰ্তী ফিৰিস্তাই তোমাৰপ্ৰ তিপালকৰ আৰছক বহন কৰি থাকিব। يومئذ تعرضون لا تخف منكم خافية
يَوْمَئِذٍۢ تُعْرَضُونَ لَا تَخْفَىٰ مِنكُمْ خَافِيَةٌۭ ﴿١٨﴾
(হে মানৱ) সেইদিনাই তোমালোকক আল্লাহৰসন্মুখত উপস্থি ত কৰা হ’ব। তোমালোকৰকোনো কথাই আল্লাহৰপৰা গোপন হৈ নাথাকিব। বৰংআল্লাহে তোমালোকৰ সকলো কথাই জানে। بلغ আল-কোৰআন · তাফছীৰ
فَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقْرَءُوا۟ كِتَـٰبِيَهْ ﴿١٩﴾
তাৰ পাছত সেইদিনা যাক তাৰ কৰ্মপত্ৰ তাৰ সোঁ হাতত দিয়া হ’ব, তেওঁ আনন্দ আৰু সন্তু ষ্টহৈ ক’বঃ লোৱা, মোৰ কৰ্মপত্ৰ পঢ়ি চোৱা। إنى ظننت أنى ملق حسابيه
إِنِّى ظَنَنتُ أَنِّى مُلَـٰقٍ حِسَابِيَهْ ﴿٢٠﴾
মই পৃথিৱীত জানিছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ যে, মোক পুনৰ জীৱিত কৰা হ’ব আৰু নিজৰ কৰ্মৰ প্ৰতিফল বা পৰিণাম পাব লাগিব। فهو فى عيشة ر اضية
فَهُوَ فِى عِيشَةٍۢ رَّاضِيَةٍۢ ﴿٢١﴾
এতেকেতেওঁ উত্ ফু ল্লি ত আৰুআনন্দ ময় জীৱনত থাকিব। কিয় নোতেওঁ প্ৰত্যেকফালেচিৰস্থায়ীঅনু গ্ৰহ দেখিবলৈপাব। فى جنة عالية
فِى جَنَّةٍ عَالِيَةٍۢ ﴿٢٢﴾
এনেকু ৱা জান্নাতত থাকিব, যিটো মৰ্যাদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত। قطوفها دانية
قُطُوفُهَا دَانِيَةٌۭ ﴿٢٣﴾
তাৰ ফল-মূ লবোৰ থাকিব ভক্ষণকাৰীৰ বাবে অতি ওচৰত।
كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَآ أَسْلَفْتُمْ فِى ٱلْأَيَّامِ ٱلْخَالِيَةِ ﴿٢٤﴾
সিহঁতক সন্মান স্বৰূপ কোৱা হ’বঃ এইবোৰ খোৱা আৰু পান কৰা। ইয়াত কোনো কষ্ট নাই। সেই সত্কৰ্মৰ বিনিময় ত উপভোগ কৰা, যিবোৰ তোমালোকে বিগত দিনত কৰিআহিছা। وأما من أوتى كتبه بشماله فيقول يليتنى لم أوت كتبيه
وَأَمَّا مَنْ أُوتِىَ كِتَـٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَـٰلَيْتَنِى لَمْ أُوتَ كِتَـٰبِيَهْ ﴿٢٥﴾
আনহাতে যাক তাৰ কৰ্মপত্ৰ বাওঁ হাতত দিয়া হ’ব সি অতি লজ্জিত হৈ ক’বঃ হায়. যদি মোক মোৰ আমলনামা দিয়া নহ’লহেঁ তেন! কিয় নো ইয়াৰ ভিতৰত আছে সকলো পাপকৰ্ম প্ৰমাণ, যিবোৰেমোক শাস্তি ৰঅধিকাৰী প্ৰমাণিত কৰে। ولم أدر ما حسابيه
وَلَمْ أَدْرِ مَا حِسَابِيَهْ ﴿٢٦﴾
হায়! মই যদি মোৰএই হিচাপ সম্পৰ্কে একোনাজানিলোঁহেঁ তেন।
يَـٰلَيْتَهَا كَانَتِ ٱلْقَاضِيَةَ ﴿٢٧﴾
হায়! মই মৃ ত্যুবৰণ কৰাৰপিছত কেতিয়াও যদি পুনৰুত্থিত নহ’লোঁহেঁ তেন।
مَآ أَغْنَىٰ عَنِّى مَالِيَهْ ۜ ﴿٢٨﴾
মোৰ ধন-সম্পদে মোক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। بلغ আল-কোৰআন · তাফছীৰ هلك عنى سلطنيه
هَلَكَ عَنِّى سُلْطَـٰنِيَهْ ﴿٢٩﴾
মোৰ যুক্তি প্ৰমাণ তথা শক্তি সামৰ্থ সকলো মোৰ পৰা বিলুপ্ত হৈ গ’ল, যাৰ ওপৰত মই নিৰ্ভ ৰ কৰিছিলোঁ। خذوه فغلوه
خُذُوهُ فَغُلُّوهُ ﴿٣٠﴾
আৰু কোৱা হ’বঃ হে ফিৰিস্তাসকল! তাক ধৰা, তাৰ দুয়ো হাত ডিঙিৰ সৈতে বান্ধি দিয়া।
ثُمَّ ٱلْجَحِيمَ صَلُّوهُ ﴿٣١﴾
তাৰ পাছত তাক জাহান্নামত নিক্ষেপ কৰা, যাতে ইয়াৰ উত্তাপ ভোগ কৰিব পাৰে।
ثُمَّ فِى سِلْسِلَةٍۢ ذَرْعُهَا سَبْعُونَ ذِرَاعًۭا فَٱسْلُكُوهُ ﴿٣٢﴾
তাৰ পাছত তাক এনেকু ৱা শিকলিৰে বান্ধি থোৱা, যাৰ দৈৰ্ঘ্য হৈছে সত্তৰ হাত।
إِنَّهُۥ كَانَ لَا يُؤْمِنُ بِٱللَّهِ ٱلْعَظِيمِ ﴿٣٣﴾
নিশ্চয় সি মহান আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰানাছিল।
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ ﴿٣٤﴾
মিছকিনসকলক খাদ্য খোওৱাবলৈ আনকো উত্ সাহিত কৰা নাছিল।
فَلَيْسَ لَهُ ٱلْيَوْمَ هَـٰهُنَا حَمِيمٌۭ ﴿٣٥﴾
এতেকে ক্বি য়ামতৰ দিনা তাক শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ তাৰ কোনো ঘনিষ্ঠ ব্যক্তি য়ে ই আগুৱাই নাহিব। ولا طعام إلا من غسلين
وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍۢ ﴿٣٦﴾
আৰু তাৰ খাদ্য হিচাপে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব।
لَّا يَأْكُلُهُۥٓ إِلَّا ٱلْخَـٰطِـُٔونَ ﴿٣٧﴾
এইটো হৈছে পাপিষ্ঠ সকলৰ আৰু অপৰাধীবিলাকৰ খাদ্য।
فَلَآ أُقْسِمُ بِمَا تُبْصِرُونَ ﴿٣٨﴾
মহান আল্লাহে সেইবোৰ বস্তু ৰ শপত কৰিছে, যিবোৰ বস্তু তোমালোকে দেখি আছা। بلغ আল-কোৰআন · তাফছীৰ وما لا تبصرون
وَمَا لَا تُبْصِرُونَ ﴿٣٩﴾
লগতে সেইবোৰ বস্তু ৰো শপত কৰিছে, যিবোৰ বস্তু তোমালোকে দেখা নোপোৱা। إنه لقول رسول كريم
إِنَّهُۥ لَقَوْلُ رَسُولٍۢ كَرِيمٍۢ ﴿٤٠﴾
নিশ্চয় কোৰআন হৈছে আল্লাহৰবাণী। যি বাণীমানু হৰআগত তেওঁ ৰসন্মানীয় ৰাছু লে পাঠ কৰিশুনায় ।
وَمَا هُوَ بِقَوْلِ شَاعِرٍۢ ۚ قَلِيلًۭا مَّا تُؤْمِنُونَ ﴿٤١﴾
আৰু এয়া কোনো কবিৰ কথাও নহয় । কিয় নো এইখন কবিতাৰ ৰূপত সজোৱা হোৱা নাই। তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
وَلَا بِقَوْلِ كَاهِنٍۢ ۚ قَلِيلًۭا مَّا تَذَكَّرُونَ ﴿٤٢﴾
আৰু এয়া কোনো গণকৰ কথাও নহয় । কিয় নো গণকৰ কথা সম্পূৰ্ণৰূপে এই কোৰআনৰ পৰিপন্থী। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
تَنزِيلٌۭ مِّن رَّبِّ ٱلْعَـٰلَمِينَ ﴿٤٣﴾
বৰংএইখন হৈছে গোটেই সৃষ্টি জগতৰপ্ৰ তিপালক আল্লাহৰফালৰপৰা অৱতীৰ্ণ হোৱা গ্ৰন্থ।
وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ ٱلْأَقَاوِيلِ ﴿٤٤﴾
যদি মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰনামত কোনো মনেসজা কথা ক’লেহঁ তেন যিটো আমি কোৱা নাই।
لَأَخَذْنَا مِنْهُ بِٱلْيَمِينِ ﴿٤٥﴾
তেন্তে আমি তেখেতৰ পৰা প্ৰতিশোধ ল’লোঁহেঁ তেন। লগতে তেখেতৰ সোঁ হাতক নিজৰ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোঁহেঁ তেন।
ثُمَّ لَقَطَعْنَا مِنْهُ ٱلْوَتِينَ ﴿٤٦﴾
তাৰ পাছত তেখেতৰহৃ দপিণ্ডৰমহাধমনি কাটি দিলোঁহেঁ তেন। যিটো সিৰা তেখেতৰঅন্ত ৰৰলগত সংযুক্ত । فما منكم من أحد عنهحجزين
فَمَا مِنكُم مِّنْ أَحَدٍ عَنْهُ حَـٰجِزِينَ ﴿٤٧﴾
এতেকে তোমালোকৰ মাজত এনেকু ৱা কোনো নাই, যিয়ে তেখেতক সেই অৱস্থাত আমাৰ পৰা ৰক্ষা কৰিব পাৰিব। গতিকে তোমালোকৰ বাবে তেখেতে মোৰ নামত কোনো মনেসজা কথা ৰচনা কৰাটো অসম্ভ ৱ। وإنه لتذكرة للمتقين
وَإِنَّهُۥ لَتَذْكِرَةٌۭ لِّلْمُتَّقِينَ ﴿٤٨﴾
নিশ্চয় এই কোৰআন সেইসকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ক ভয় কৰে। بلغ আল-কোৰআন · তাফছীৰ وإنا لنعلم أن منكم م كذبين
وَإِنَّا لَنَعْلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ ﴿٤٩﴾
আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছু মানে এই কোৰআনক অস্বীকাৰ কৰে।
وَإِنَّهُۥ لَحَسْرَةٌ عَلَى ٱلْكَـٰفِرِينَ ﴿٥٠﴾
নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বি য়ামতৰ দিনা ডাঙৰ অনু শোচনাৰ কাৰণ হ’ব।
وَإِنَّهُۥ لَحَقُّ ٱلْيَقِينِ ﴿٥١﴾
নিশ্চয় এই কোৰআন পূৰ্ণাংগৰূপে সুনিশ্চিত সত্য। এইখন যে আল্লাহৰফালৰপৰাঅৱতীৰ্ণ গ্ৰন্থ ,ইয়াত কোনোসন্দে হ তথাসংশয় ৰঅৱকাশ নাই।
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ ﴿٥٢﴾
এতেকে হে ৰাছু ল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক, যিবোৰ বিষয় তেওঁৰ সন্মানৰ পৰিপন্থী, লগতে আপুনি আপোনাৰপ্ৰ তিপালকৰনামত তাছবীহ পাঠ কৰক। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে