মুখ্য পৃষ্ঠাতাফছীৰAl-Hijr (15)

তাফছীৰ Al-Hijr (15) — الحجر

মক্কী · 99 আয়াত

পঢ়ক · শুনকPDF ফাইল

الٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ وَقُرْءَانٍۢ مُّبِينٍۢ ﴿١﴾

(আলিফ-লাম-ৰা) এই সম্পৰ্কীয় আলোচনা ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে কৰা হৈছে। এই আয়াতবোৰ খুবেই গুৰুত্ব পূৰ্ণ, যিবোৰে প্ৰমাণ কৰে যে, এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। দৰাচলতে এইবোৰ কোৰআনৰ এনেকু ৱা আয়াত, যিবোৰে আল্লাহৰ তাওহীদ আৰু চৰীয় তি আদেশ নিষেধ বৰ্ণনা কৰে।

رُّبَمَا يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ لَوْ كَانُوا۟ مُسْلِمِينَ ﴿٢﴾

ক্বি য়ামতৰ দিনা কাফিৰসকলৰ সন্মুখত যেতিয়া বিষয় টো স্পষ্ট হৈ পৰিব যে, পৃথিৱীত যি কু ফু ৰী পথ অৱলম্বন কৰিছিলোঁ সেয়া ভুল আছিল, তেতিয়া সিহঁ তে কামনাকৰিব,হায়! যদি আমিও মু ছলিম হ’লোঁহেঁ তেন।

ذَرْهُمْ يَأْكُلُوا۟ وَيَتَمَتَّعُوا۟ وَيُلْهِهِمُ ٱلْأَمَلُ ۖ فَسَوْفَ يَعْلَمُونَ ﴿٣﴾

হে ৰাছু ল! আপুনি এই অস্বীকাৰকাৰীসকলক এৰি দিয় ক, সিহঁ তে খাই থাকক যিদৰে চতু ষ্পদ জন্তু বোৰে খায় , আৰু পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰী উপভোগ কৰিবলৈ দিয় ক। সিহঁতৰ ডাঙৰ ডাঙৰ আশায় সিহঁতক ঈমান আৰু নেক আমলৰ পৰা বিৰত ৰাখক। ক্বি য়ামতৰ দিনা যেতিয়া সিহঁতে আল্লাহৰসন্মুখত উপস্থি ত হ'ব,তেতিয়াহে গ'ম পাবসিহঁ ত কিমান ক্ষতিগ্ৰ তস্ আছিল।

وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌۭ مَّعْلُومٌۭ ﴿٤﴾

অন্যায় কাৰী জনবসতিসমূহৰ মাজৰ যিবোৰৰ ওপৰত আমি বিনাশ অৱতীৰ্ণ কৰিছোঁ, সিহঁ তৰ বাবে আল্লাহৰ ওচৰত আছিল এটা নিৰ্ধাৰিত সময় । সেই নিৰ্ধাৰিত সময় ৰ পৰা সিহঁ তে আগুৱাইয়ো যাব পৰা নাছিল আৰু পিছু ৱাবও পৰা নাছিল। ما تسبق من أمة أجلها وما يستٔخرون

مَّا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ ﴿٥﴾

কোনো সম্প্ৰ দায় ৰ ওচৰতেই সিহঁ তৰ নিৰ্ধাৰিত সময় ৰ পূৰ্বে সিহঁ তৰ ধ্বংস নামি নাহে। এইদৰে সিহঁ তৰ ওচৰলৈ বিনাশ নামি আহিলে সেয়া প্ৰতিৰোধ কৰাও সম্ভ ৱনহয় । এতেকে আল্লাহে জালিমসকলক যি অৱকাশ প্ৰদান কৰিছে,তাৰপ্ৰ তি সিহঁ তে ভু ল যোৱাউচিত নহয় ।

وَقَالُوا۟ يَـٰٓأَيُّهَا ٱلَّذِى نُزِّلَ عَلَيْهِ ٱلذِّكْرُ إِنَّكَ لَمَجْنُونٌۭ ﴿٦﴾

মক্কাৰ কাফিৰসকলে ৰাছু লক উদ্দেশ্যি ক'লেঃ তু মি যি দাবী কৰিছা যে, তোমাৰ প্ৰতি যিকৰ অৱতীৰ্ণ হৈছে, তোমাৰ এই দাবীয়ে প্ৰমাণ কৰে যে, তু মি হৈছাএজন উন্মাদ। লগতে তু মি উন্মাদৰদৰেআচৰণোকৰা।

لَّوْ مَا تَأْتِينَا بِٱلْمَلَـٰٓئِكَةِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ ﴿٧﴾

যদি তু মি সত্যবাদী হোৱা তেন্তে তু মি আমাৰওচৰলৈ ফিৰিস্তা কিয় লৈ নাহা,যিয়ে তোমাৰসপক্ষে সাক্ষী দিবযে,তু মি এজন প্ৰে ৰিত নবী আৰু(আমি যদি তোমাৰকথানামানোতেন্তে ) আমাৰওপৰত শাস্তি অৱতীৰ্ণ হ'ব। بلغ আল-কোৰআন · তাফছীৰ

مَا نُنَزِّلُ ٱلْمَلَـٰٓئِكَةَ إِلَّا بِٱلْحَقِّ وَمَا كَانُوٓا۟ إِذًۭا مُّنظَرِينَ ﴿٨﴾

ফিৰিস্তা অহাটো কামনা কৰি সিহঁতে আগবঢ়োৱা এই প্ৰতাৱকস্ খণ্ডন কৰি আল্লাহে কৈছেঃ ফিৰিস্তা সেই সময় তেই অৱতীৰ্ণ হয় যেতিয়া হিকমত অনুসাৰে সিহঁ তৰ বিনাশৰ সময় ওচৰ চাপে। আনহাতে যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰোঁ আৰু তাৰ পিছত যদি সিহঁ তে ঈমান পোষণ নকৰে তেন্তে সিহঁ তক কেতিয়াও অৱকাশ দিয়া নহ'ব। বৰংসিহঁ তক দ্ৰুত শাস্তি বিহা হ'ব।

إِنَّا نَحْنُ نَزَّلْنَا ٱلذِّكْرَ وَإِنَّا لَهُۥ لَحَـٰفِظُونَ ﴿٩﴾

নিশ্চয় আমিয়ে ই এই কোৰআন মুহাম্মদৰঅন্ত ৰত অৱতীৰ্ণ কৰিছোঁ,মানুহক সতৰ্ক কৰিবলৈ। নিশ্চয় আমিয়ে ই এই কোৰআনক সুৰক্ষাপ্ৰ দান কৰিম, সকলো প্ৰকাৰ পৰিবৰ্ত ন, পৰিবৰ্ধন আৰু বিকৃ তকৰণৰ পৰা।

وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ فِى شِيَعِ ٱلْأَوَّلِينَ ﴿١٠﴾

হে ৰাছু ল! আমি তোমাৰ পূৰ্বেও কাফিৰ সম্প্ৰ দায় ৰ ওচৰলৈ বহুতো ৰাছু ল প্ৰে ৰণ কৰিছিলোঁ, কিন্তু সিহঁ তে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আপুনিয়ে প্ৰথম ৰাছু ল নহয় ,যাক সিহঁ তে অস্বীকাৰকৰিআছে। وما يأتيهم من رسول إلا كانوا به يستهزءون

وَمَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿١١﴾

পূৰ্বৱৰ্তী কাফিৰসম্প্ৰ দায় সমূ হৰওচৰত যেতিয়াই কোনো ৰাছু ল আহিছিল, তেতিয়াই সিহঁ তে তেওঁ ক অস্বীকাৰকৰিছিল আৰু তেওঁ ক উপহাস কৰিছিল।

كَذَٰلِكَ نَسْلُكُهُۥ فِى قُلُوبِ ٱلْمُجْرِمِينَ ﴿١٢﴾

যিদৰে আমি সেইসমূ হ সম্প্ৰ দায় ৰ অন্ত ৰত অস্বীকাৰ কৰাৰ প্ৰবৃত্তি সোমাই দিছিলোঁ, ঠি ক সেইদৰে মক্কাৰ মু শ্বৰিকসকলৰ অন্ত ৰতো সোমাই দিম, সিহঁ তৰ বিমু খ হোৱাৰ কাৰণে আৰু স্বৈ ৰাচাৰিতাৰ কাৰণে।

لَا يُؤْمِنُونَ بِهِۦ ۖ وَقَدْ خَلَتْ سُنَّةُ ٱلْأَوَّلِينَ ﴿١٣﴾

ইহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব। আল্লাহৰ সাধাৰণ নিয়ম হৈছে এই যে, ৰাছু লসকলে লৈ অহা বাণীক যিসকলে অস্বীকাৰ কৰে তেওঁ সিহঁ তক ধ্বংস কৰি দিয়ে । এতেকে অস্বীকাৰকাৰীসকলে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।

وَلَوْ فَتَحْنَا عَلَيْهِم بَابًۭا مِّنَ ٱلسَّمَآءِ فَظَلُّوا۟ فِيهِ يَعْرُجُونَ ﴿١٤﴾

প্ৰকাশ্য দলিলৰ দ্বাৰা সত্য স্পষ্ট হোৱাৰ পিছতো এই অস্বীকাৰকাৰী সকলে শত্ৰুতাৰ ওপৰত অবিচল থাকিব। এতেকে আমি যদি সিহঁ তৰ বাবে আকাশৰ দুৱাৰো খুলি দিওঁ , সিহঁ তে যদি তাত আৰোহণ কৰে,

لَقَالُوٓا۟ إِنَّمَا سُكِّرَتْ أَبْصَـٰرُنَا بَلْ نَحْنُ قَوْمٌۭ مَّسْحُورُونَ ﴿١٥﴾

তথাপিও সিহঁ তে সত্যক স্বীকাৰ নকৰিলেহেঁ তেন। বৰং সিহঁ তে ক’লেহেঁ তেনঃ সত্য প্ৰদৰ্শনৰ পৰা আমাৰ দৃষ্টি ক প্ৰতিৰোধ কৰা হৈছে। আমি যি দেখি আছোঁ, এয়া হৈছে যাদুৰ প্ৰভাৱ। আমাক যাদু কৰা হৈছে। بلغ আল-কোৰআন · তাফছীৰ

وَلَقَدْ جَعَلْنَا فِى ٱلسَّمَآءِ بُرُوجًۭا وَزَيَّنَّـٰهَا لِلنَّـٰظِرِينَ ﴿١٦﴾

আমি আকাশত ডাঙৰ ডাঙৰ তৰা বনাইছোঁ, যিবোৰৰ জৰিয় তে মানুহে জলভাগত আৰু স্থলত ভ্ৰমণ কৰাৰ সময় ত অন্ধকাৰত দিশ নিৰ্ণয় কৰে। আনহাতে এইবোৰক আমি দৰ্শনকাৰীসকলৰ বাবে সুসৌন্দ ৰ্যকৰিছোঁ। যাতে সিহঁ তে পৱিত্ৰ আল্লাহৰ ক্ষমতা আৰু শক্তি -সামৰ্থৰ প্ৰমাণ বিচাৰি পায় । وحفظنها من كل شيطن رجيم

وَحَفِظْنَـٰهَا مِن كُلِّ شَيْطَـٰنٍۢ رَّجِيمٍ ﴿١٧﴾

আৰু আমি আকাশক আল্লাহৰ ৰহমতৰ পৰা প্ৰতাৰিত সকলো চয় তানৰ পৰা ৰক্ষা কৰিছোঁ।

إِلَّا مَنِ ٱسْتَرَقَ ٱلسَّمْعَ فَأَتْبَعَهُۥ شِهَابٌۭ مُّبِينٌۭ ﴿١٨﴾

আনহাতে যিয়ে নিকটৱৰ্তী ফিৰিস্তাসকলৰকথাগোপনে শুনিবলৈ প্ৰয়াস কৰে,তাক জলন্ত শিখাই চোঁচালয় আৰুঅৱশেষত জ্বলাই ভস্মীভূ ত কৰে।

وَٱلْأَرْضَ مَدَدْنَـٰهَا وَأَلْقَيْنَا فِيهَا رَوَٰسِىَ وَأَنۢبَتْنَا فِيهَا مِن كُلِّ شَىْءٍۢ مَّوْزُونٍۢ ﴿١٩﴾

আমি পৃথিৱীক প্ৰসাৰিত কৰিছোঁ যাতে মানু হে তাত বসবাস কৰিবপাৰে। তাত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছোঁ যাতে পৃথিৱী কম্পমান নহয় ,লগতে তাত হিকমত অনু সাৰেএটা নিৰ্দিষ্ট পৰিমাণ মু তাবিক গছ-পুলি উৎপন্ন কৰিছোঁ। وجعلنا لكم فيها معيش ومن لستمله برزقين

وَجَعَلْنَا لَكُمْ فِيهَا مَعَـٰيِشَ وَمَن لَّسْتُمْ لَهُۥ بِرَٰزِقِينَ ﴿٢٠﴾

হে মানৱজাতি! আমি পৃথিৱীত তোমালোকৰ খোৱা বোৱাৰ বাবে এনেকুৱা বস্তু বনাইছোঁ যিবোৰ পাৰ্থিৱ জীৱনৰ বাবে অত্যাৱশ্যক। আনহাতে তোমালোকৰ বাহিৰেও আন আন লোকৰ বাবে আৰু জীৱ-জন্তু ৰ বাবে জীৱন-যাপনৰ সাধন বনাইছোঁ, যিবোৰক তোমালোকে জীৱিকা প্ৰদান নকৰা।

وَإِن مِّن شَىْءٍ إِلَّا عِندَنَا خَزَآئِنُهُۥ وَمَا نُنَزِّلُهُۥٓ إِلَّا بِقَدَرٍۢ مَّعْلُومٍۢ ﴿٢١﴾

মানু হক তথা জীৱ-জন্তু ক উপকাৰ কৰিব পৰা যিমানবোৰ উপকাৰী সা-সামগ্ৰী আছে, আমি সেইবোৰ সৃষ্টি কৰিবলৈ তথা সেইবোৰৰ দ্বাৰা মানু হক উপকৃ ত হোৱাৰ অৱকাশ দিবলৈ সামৰ্থৱান। আমি যি সৃষ্টি কৰোঁ, সেই হিকমত অনু সাৰেআৰু আমাৰইচ্ছানু সাৰেএটি নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰোঁ।

وَأَرْسَلْنَا ٱلرِّيَـٰحَ لَوَٰقِحَ فَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَسْقَيْنَـٰكُمُوهُ وَمَآ أَنتُمْ لَهُۥ بِخَـٰزِنِينَ ﴿٢٢﴾

আমিয়ে উৰ্বৰ বতাহ প্ৰে ৰণ কৰোঁ, যিবোৰে মেঘ কঢ়ি য়াই লৈ যায় , লগতে মেঘৰ পৰা পানী বৰ্ষণ কৰোঁ আৰু সেই বৰষুণৰ পানীয়ে তোমালোকক পান কৰাওঁ । হে মানৱজাতি! তোমালোকে এই পানীক নিজৰা তথা কুঁ ৱাত আৱদ্ধ কৰি ৰাখিব নোৱাৰা, সেইটোক কেৱল আল্লাহেই আৱদ্ধ কৰি ৰাখে।

وَإِنَّا لَنَحْنُ نُحْىِۦ وَنُمِيتُ وَنَحْنُ ٱلْوَٰرِثُونَ ﴿٢٣﴾

নিশ্চয় আমিয়ে ই মৃতক জীয়াই তোলোঁ আৰু সিহঁ তক সৰ্বপ্ৰ থম আমিয়ে ই অস্তি ত্বলৈ আনিছোঁ, মৃত্যুৰপিচত আকৌ সিহঁ তক পুনৰুত্থিত কৰিম, জীৱিত লোকসকলৰ মৃত্যুৰ সময় যেতিয়া নিকটৱৰ্তী হয় তেতিয়া আমিয়ে ই সিহঁ তক মৃত্যু প্ৰদান কৰোঁ। আমিয়ে ই চিৰঞ্জীৱ, পৃথিৱী তথা ইয়াৰ ওপৰত থকা সকলোবস্তু ৰআমিয়ে ই স্বত্তাধিকাৰী।

وَلَقَدْ عَلِمْنَا ٱلْمُسْتَقْدِمِينَ مِنكُمْ وَلَقَدْ عَلِمْنَا ٱلْمُسْتَـْٔخِرِينَ ﴿٢٤﴾

নিশ্চয় আমি সেইসকল লোককো জানো যিসকলে তোমালোকৰ পূৰ্বে জন্ম গ্ৰহণ কৰিছিল আৰু মৃত্যুবৰণ কৰিছে, আৰু সেইসকল লোককো জানো যিসকলে পিচত জন্ম গ্ৰহণ কৰিবআৰুমৃ ত্যুবৰণ কৰিব। এই ক্ষেত্ৰত কোনোকথাই আমাৰপৰাগোপন নহয় । بلغ আল-কোৰআন · তাফছীৰ

وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ ۚ إِنَّهُۥ حَكِيمٌ عَلِيمٌۭ ﴿٢٥﴾

হে ৰাছু ল! নিশ্চয় আপোনাৰপ্ৰ তিপালকে সেই সকলো লোককে ক্বি য়ামতৰদিনা একত্ৰিত কৰিব। যাতে নেক কৰ্ম কৰা লোকসকলক উত্তম প্ৰতিদান দিব পাৰে আৰু বেয়া কৰ্ম কৰা লোকসকলক বেয়া ফলাফল দান কৰিব পাৰে। নিশ্চয় তেওঁ পৰিচালনাত মহাপ্ৰ জ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, কোনো বিষয়ে ই তেওঁ ৰ পৰা গোপন নহয় ।

وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ مِن صَلْصَـٰلٍۢ مِّنْ حَمَإٍۢ مَّسْنُونٍۢ ﴿٢٦﴾

নিশ্চয় আমি মানুহক শুকান মাটি ৰে সৃষ্টি কৰিছোঁ, যিটো টিং টি ঙীয়া শব্দ কৰে। যিটো মাটি ৰে সৃষ্টি কৰা হৈছে তাৰ ৰং হৈছে ক’লা, দীৰ্ঘ সময় হোৱাৰ বাবেগন্ধ পৰিবৰ্ত ন হৈছিল।

وَٱلْجَآنَّ خَلَقْنَـٰهُ مِن قَبْلُ مِن نَّارِ ٱلسَّمُومِ ﴿٢٧﴾

আমি আদম আলাইহিচ্ছালামৰ সৃষ্টি ৰ পূৰ্বে জ্বি নসকলৰ আদি পিতাক প্ৰচণ্ড উত্তপ্ত অগ্নিশিখাৰে সৃষ্টি কৰিছিলোঁ।

وَإِذْ قَالَ رَبُّكَ لِلْمَلَـٰٓئِكَةِ إِنِّى خَـٰلِقٌۢ بَشَرًۭا مِّن صَلْصَـٰلٍۢ مِّنْ حَمَإٍۢ مَّسْنُونٍۢ ﴿٢٨﴾

হে ৰাছু ল! সেই সময় ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰপ্ৰ তিপালকে ফিৰিস্তাসকলক আৰুইবলীছক (সি ফিৰিস্তাসকলৰলগতে আছিল) অৱগত কৰালে যে, নিশ্চয় মই ক’লা বৰণীয়া দুৰ্গন্ধময় শুকান টিং টি ঙীয়া মাটি ৰে মানু হ সৃষ্টি কৰিম। فإذا سويته ونفخت فيه من روحى فقعواله سجدين

فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَـٰجِدِينَ ﴿٢٩﴾

এতেকে মই যেতিয়া পৰিপূৰ্ণৰূপে তাৰ আকৃ তি প্ৰদান কৰিম আৰু যেতিয়া সৃষ্টি কাৰ্য সম্পন্ন হ'ব তেতিয়া তোমালোকে মোৰ আদেশ পালন কৰি তেওঁ ৰ সন্মানাৰ্থে তেওঁ ক ছাজদাহ কৰিবা।

فَسَجَدَ ٱلْمَلَـٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ ﴿٣٠﴾

ফলত ফিৰিস্তাসকলে তেওঁ ৰ আদেশ পালন কৰি সকলোৱে ছাজদা কৰিলে, যিদৰে তেওঁ লোকক তেওঁ লোকৰ প্ৰতিপালকে আদেশ দিছিল।

إِلَّآ إِبْلِيسَ أَبَىٰٓ أَن يَكُونَ مَعَ ٱلسَّـٰجِدِينَ ﴿٣١﴾

কিন্তু ইবলীছে (যিজন ফিৰিস্তাসকলৰ লগতেই বসবাস কৰিছিল কিন্তু সি তেওঁলোকৰ অন্ত ৰ্ভুক্ত নাছিল) ফিৰিস্তাসকলৰ সৈতে আদমক ছাজদা নকৰিলে।

قَالَ يَـٰٓإِبْلِيسُ مَا لَكَ أَلَّا تَكُونَ مَعَ ٱلسَّـٰجِدِينَ ﴿٣٢﴾

ইবলিছে যেতিয়া আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে তেতিয়া আল্লাহে তাক ক'লেঃ যিহেতু ফিৰিস্তাসকলে মোৰ আদেশ পালন কৰি ছাজদাহ কৰিলে,তেনেস্থ লত তু মি কিয় ছাজদাহ নকৰিলা,কিহে তোমাক বাধাদিলে? قال لم أكن لأسجدلبشر خلقته من صلصل من حمإ مسنون

قَالَ لَمْ أَكُن لِّأَسْجُدَ لِبَشَرٍ خَلَقْتَهُۥ مِن صَلْصَـٰلٍۢ مِّنْ حَمَإٍۢ مَّسْنُونٍۢ ﴿٣٣﴾

ইবলীছে অহংকাৰ কৰি ক'লেঃ মোৰ পক্ষে এয়া উচিত নহয় যে, মই এনেকু ৱা মানুহক ছাজদাহ কৰিম, যাক তু মি শুকান মাটি ৰে সৃষ্টি কৰিছা, যি মাটি ইতিপূৰ্বে দুৰ্গন্ধময় ক’লা বৰণীয়া আছিল। بلغ আল-কোৰআন · তাফছীৰ

قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌۭ ﴿٣٤﴾

আল্লাহে ইবলীছক ক'লেঃ জান্নাতৰ পৰা ওলাই যোৱা, কাৰণ তোমাক নিলম্বন কৰা হৈছে।

وَإِنَّ عَلَيْكَ ٱللَّعْنَةَ إِلَىٰ يَوْمِ ٱلدِّينِ ﴿٣٥﴾

নিশ্চয় কিয়ামত পৰ্যতন্ তু মি অভিশপ্ত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত।

قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ ﴿٣٦﴾

ইবলীছে ক'লেঃহে মোৰপ্ৰ তিপালক! মোক সেই দিনটোলৈকে অৱকাশ দিয়া, যিদিনা তু মি সকলোকে পুনৰ্জীৱিত কৰিবা।

قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ ﴿٣٧﴾

আল্লাহে তাক ক'লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ'ল, আৰু তোমাৰ মৃ ত্যু পিছু ৱাই দিয়া হ'ল।

إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ ﴿٣٨﴾

সেই সময় লৈকে যেতিয়া প্ৰথমবাৰশিঙাত ফুঁ দিয়া হ'বআৰু সকলো সৃষ্টি জীৱই মৃ ত্যুবৰণ কৰিব।

قَالَ رَبِّ بِمَآ أَغْوَيْتَنِى لَأُزَيِّنَنَّ لَهُمْ فِى ٱلْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ ﴿٣٩﴾

ইবলীছে ক'লেঃহে মোৰপ্ৰ তিপালক! যিহেতু তু মি মোক পথভ্ৰ ষ্টকৰিছা,সেয়ে মই পৃথিৱীত সিহঁ তৰপাপকৰ্মবোৰক সৌন্দ ৰ্যময় কৰিউপস্থাপন কৰিম, আৰু সকলোকে সঠি ক পথৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম।

إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ ﴿٤٠﴾

কেৱল তোমাৰ সেইসকল বান্দাৰ বাহিৰে যিসকলক তু মি তোমাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিছা। قال هذا صرط على مستقيم

قَالَ هَـٰذَا صِرَٰطٌ عَلَىَّ مُسْتَقِيمٌ ﴿٤١﴾

আল্লাহে ক'লেঃ এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সঠি ক তথা সৰল পথ।

إِنَّ عِبَادِى لَيْسَ لَكَ عَلَيْهِمْ سُلْطَـٰنٌ إِلَّا مَنِ ٱتَّبَعَكَ مِنَ ٱلْغَاوِينَ ﴿٤٢﴾

মোৰ নিষ্ঠাৱান বান্দাসকলক বিভ্ৰান্ত কৰিবলৈ তোমাৰ কোনো চক্ৰান্ত কামত নাহিব। আনহাতে কিছুমান পথভ্ৰ ষ্টলোকে নিজেই তোমাৰ অনুসৰণ কৰিব। وإ ن جهن م لموعدهم أجمعين

وَإِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ أَجْمَعِينَ ﴿٤٣﴾

নিশ্চয় ইবলীছ আৰুতাৰপথভ্ৰ ষ্টঅনু সাৰীসকলৰপ্ৰ তিশ্ৰুত স্থান হৈছে জাহান্নাম। بلغ আল-কোৰআন · তাফছীৰ لها سبعةأبوب لكل باب منهم جزءمقسوم

لَهَا سَبْعَةُ أَبْوَٰبٍۢ لِّكُلِّ بَابٍۢ مِّنْهُمْ جُزْءٌۭ مَّقْسُومٌ ﴿٤٤﴾

জাহান্নামৰ সাতখন দুৱাৰ আছে, যিবোৰ দুৱাৰেৰে সিহঁ তে প্ৰৱেশ কৰিব। প্ৰত্যেক দুৱাৰেৰে নিৰ্দিষ্ট সংখ্যক ইবলীছৰ অনু সাৰীয়ে প্ৰৱেশ কৰিব।

إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍۢ وَعُيُونٍ ﴿٤٥﴾

যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰে, নিশ্চয় তেওঁ লোকে থাকিব নিজৰা প্ৰবাহিত জান্নাতত।

ٱدْخُلُوهَا بِسَلَـٰمٍ ءَامِنِينَ ﴿٤٦﴾

প্ৰৱেশ কৰাৰসময় ত তেওঁ লোকক কোৱা হ'বঃসকলো প্ৰকাৰৰবিপদ-আপদৰপৰা সুৰক্ষিত হৈ আৰুভয় মু ক্ততথা নিশ্চিন্ত হৈ প্ৰৱেশ কৰা। ونزعنا ما فى صدورهم من غل إخونا عل سرر متقبلين

وَنَزَعْنَا مَا فِى صُدُورِهِم مِّنْ غِلٍّ إِخْوَٰنًا عَلَىٰ سُرُرٍۢ مُّتَقَـٰبِلِينَ ﴿٤٧﴾

আমি তেওঁ লোকৰ অন্ত ৰসমূ হক সকলো প্ৰকাৰ হিংসা-বিদ্বে ষৰ পৰা পৱিত্ৰ কৰিম। তেওঁ লোকে ইজনে সিজনক ভাল পাব, তথা সিংহাসনত বহি ইজনে সিজনক প্ৰত্যক্ষ কৰিব। لا يمسهم فيها نصب وما هم منها بمخرجين

لَا يَمَسُّهُمْ فِيهَا نَصَبٌۭ وَمَا هُم مِّنْهَا بِمُخْرَجِينَ ﴿٤٨﴾

তেওঁ লোকে তাত কেতিয়াও ক্লান্ত নহ'ব, আৰু তেওঁ লোকক তাৰ পৰা কেতিয়াও বহিষ্কাৰো কৰা নহ'ব। বৰং তেওঁ লোকে তাত চিৰকাল থাকিব।

۞ نَبِّئْ عِبَادِىٓ أَنِّىٓ أَنَا ٱلْغَفُورُ ٱلرَّحِيمُ ﴿٤٩﴾

হে ৰাছু ল! মোৰবান্দাসকলক জনাই দিয় ক যে, নিশ্চয় মই তাওবাকাৰী বান্দাসকলক ক্ষমা কৰিদিওঁ আৰু তেওঁ লোকৰপ্ৰ তি কৃ পা কৰোঁ।

وَأَنَّ عَذَابِى هُوَ ٱلْعَذَابُ ٱلْأَلِيمُ ﴿٥٠﴾

লগতে তেওঁলোকক জনাই দিয় ক যে, মোৰ শাস্তি অতি কষ্ট দায় ক। এতেকে তেওঁলোকে তাওবা কৰা উচিত, যাতে তেওঁলোকে মোৰ ক্ষমা লাভ কৰিব পাৰে আৰু মোৰ শাস্তি ৰ পৰা নিৰাপদ থাকিব পাৰে। ونبئهم عن ضيف إبرهيم

وَنَبِّئْهُمْ عَن ضَيْفِ إِبْرَٰهِيمَ ﴿٥١﴾

আপুনি তেওঁলোকক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰলৈ অতিথি হৈ অহা ফিৰিস্তাসকলৰ বিষয়ে জনাই দিয় ক, ফিৰিস্তাসকলে তেওঁৰ ওচৰলৈ তেওঁৰ পুত্ৰৰ সুসংবাদ আৰু লূত সম্প্ৰ দায় ক ধ্বংস কৰাৰ বাৰ্তা লৈ আহিছিল। إذ دخلواعليه فقالواسلما قال إنا منكم وجلون

إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَـٰمًۭا قَالَ إِنَّا مِنكُمْ وَجِلُونَ ﴿٥٢﴾

যেতিয়া তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত আহি উপস্থি ত হ'ল আৰু ছালাম জনালে, তেতিয়া ইব্ৰাহীমে তেওঁলোকৰ ছালামৰ উত্তৰ উত্তমভাৱে দিলে। লগতে তেওঁলোকৰ সন্মুখত খোৱাৰ বাবে ভজা গো-পোৱালী এটা আগবঢ়াই দিলে, কাৰণ তেওঁলোকক তেওঁ মানুহ বুলি ভাবিছিল। কিন্তু যেতিয়া তেওঁ দেখিলে যে, তেওঁ লোকে খাদ্য বস্তু ৰ পিনে আগ্ৰ হ প্ৰকাশ কৰা নাই, তেতিয়া তেওঁ ক'লেঃ তোমালোকক দেখি আমি ভয় কৰি আছোঁ। بلغ আল-কোৰআন · তাফছীৰ قالوالا توجل إنا نبشرك بغلم عليم

قَالُوا۟ لَا تَوْجَلْ إِنَّا نُبَشِّرُكَ بِغُلَـٰمٍ عَلِيمٍۢ ﴿٥٣﴾

তেতিয়া সেই বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃভয় নকৰিব, আমি আপোনাক আনন্দ দায় ক সুসংবাদ দিবলৈহে আহিছোঁ। আপোনাৰঘৰত এজন জ্ঞানী সন্তান জন্ম লাভ কৰিব।

قَالَ أَبَشَّرْتُمُونِى عَلَىٰٓ أَن مَّسَّنِىَ ٱلْكِبَرُ فَبِمَ تُبَشِّرُونَ ﴿٥٤﴾

ইব্ৰাহীম আলাইহিচ্ছালামে পুত্ৰৰ সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ আপোনালোকে মোক এই বৃদ্ধ বয় সত পুত্ৰৰ সুসংবাদ দি আছে? কি ভিত্তিত আপোনালোকে মোক এই সুসংবাদ দি আছে?

قَالُوا۟ بَشَّرْنَـٰكَ بِٱلْحَقِّ فَلَا تَكُن مِّنَ ٱلْقَـٰنِطِينَ ﴿٥٥﴾

বাৰ্তাবাহক ফিৰিস্তাসকলে ইব্ৰাহীম আলাইহিচ্ছালামক উদ্দেশ্যি ক'লেঃ আমি আপোনাক সত্য সুসংবাদ শুনাইছোঁ, যাৰ ভিতৰত কোনো ধৰণৰ সন্দে হ নাই। গতিকে আপুনি ইয়াৰপৰা নিৰাশ নহ’ব, যি সুসংবাদ আমি আপোনাক প্ৰদান কৰিছোঁ।

قَالَ وَمَن يَقْنَطُ مِن رَّحْمَةِ رَبِّهِۦٓ إِلَّا ٱلضَّآلُّونَ ﴿٥٦﴾

ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ নিজ প্ৰতিপালকৰ দয়াৰ পৰা কেৱল সেইসকল লোকেই নিৰাশ হয় , যিসকলে আল্লাহৰ সঠি ক-সৰল পথৰ পৰা বিভ্ৰান্ত ।

قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ ﴿٥٧﴾

ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃহে আল্লাহৰপ্ৰে ৰিত বাৰ্তাবাহকসকল! আপোনালোকে কোনোঅভিযানত আহিছে নেকি?

قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍۢ مُّجْرِمِينَ ﴿٥٨﴾

বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ আল্লাহে আমাক এনেকু ৱা এটা সম্প্ৰ দায় ক বিনাশ কৰিবলৈ প্ৰে ৰণ কৰিছে, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফু ৰে আৰুসকলোপ্ৰ কাৰঅসৎকৰ্ম কৰে। সিহঁ ত হৈছে লূত সম্প্ৰ দায় ।

إِلَّآ ءَالَ لُوطٍ إِنَّا لَمُنَجُّوهُمْ أَجْمَعِينَ ﴿٥٩﴾

কেৱল লূত আলাইহিচ্ছালামৰ পৰিয়াল আৰু তেওঁৰ অনুসাৰী মুমিনসকলৰ বাহিৰে। এওঁলোকক বিনাশ কৰাৰ আদেশ দিয়া হোৱা নাই। আমি তেওঁ লোকক লোকক উদ্ধাৰ কৰিম।

إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَآ ۙ إِنَّهَا لَمِنَ ٱلْغَـٰبِرِينَ ﴿٦٠﴾

কিন্তু তেওঁ ৰস্ত্ৰীৰবিষয় টো সুকীয়া। আমাৰফয় চালা অনু সাৰেতাই পিছত অৱস্থানকাৰীসকলৰঅন্ত ৰ্ভু ক্তহ'বআৰু শাস্তি ৰসন্মুখীন হ'ব।

فَلَمَّا جَآءَ ءَالَ لُوطٍ ٱلْمُرْسَلُونَ ﴿٦١﴾

এতেকে প্ৰে ৰিত ফিৰিস্তাসকলে যেতিয়ামানু হৰৰূপত লূত আলাইহিচ্ছালামৰঘৰত আহি উপস্থি ত হ'ল। بلغ আল-কোৰআন · তাফছীৰ قال إنكم قوم م نكرون

قَالَ إِنَّكُمْ قَوْمٌۭ مُّنكَرُونَ ﴿٦٢﴾

লূত আলাইহিচ্ছালামে তেওঁ লোকক ক'লেঃ আপোনালোক দেখোন অপৰিচিত। قالوابل جئنك بما كانوافيه يمترون

قَالُوا۟ بَلْ جِئْنَـٰكَ بِمَا كَانُوا۟ فِيهِ يَمْتَرُونَ ﴿٦٣﴾

প্ৰে ৰিত ফিৰিস্তাসকলে লূত আলাইহিচ্ছালামক ক'লেঃ ভয় নকৰিব। আমি আপোনাৰ সম্প্ৰ দায় ক বিনাশ কৰাৰ বাবে শাস্তি লৈ আহিছোঁ, যি শাস্তি ক সিহঁ তে সদায় সন্দে হ কৰিআহিছে।

وَأَتَيْنَـٰكَ بِٱلْحَقِّ وَإِنَّا لَصَـٰدِقُونَ ﴿٦٤﴾

এয়া কোনো ধেমালি নহয় , আমি সঁচাই আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ, নিশ্চয় আমি এই বিষয় ত সত্যবাদী।

فَأَسْرِ بِأَهْلِكَ بِقِطْعٍۢ مِّنَ ٱلَّيْلِ وَٱتَّبِعْ أَدْبَـٰرَهُمْ وَلَا يَلْتَفِتْ مِنكُمْ أَحَدٌۭ وَٱمْضُوا۟ حَيْثُ تُؤْمَرُونَ ﴿٦٥﴾

এতেকে ৰাতিৰ কিছু অংশ অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ পৰিয়ালসহ ৰাওনা হওক, আৰু আপুনি এওঁলোকৰ পিচে পিচে থাকিব। কোনেও যেন পিচফালে ঘূৰি নাচায় যে, বাকী লোকসকলৰ কি হ'ল। সেই স্থানলৈ গুচি যাওক, য'ত যাবলৈ আল্লাহে আপোনালোকক আদেশ কৰিছে।

وَقَضَيْنَآ إِلَيْهِ ذَٰلِكَ ٱلْأَمْرَ أَنَّ دَابِرَ هَـٰٓؤُلَآءِ مَقْطُوعٌۭ مُّصْبِحِينَ ﴿٦٦﴾

আনহাতে আমি লূত আলাইহিচ্ছালামক অহীৰ দ্বাৰা আমাৰ নিৰ্ণয় সম্পৰ্কে অৱগত কৰোৱাইছিলোঁ যে, প্ৰভাত হোৱাৰ আগতেই আমি সিহঁতৰ প্ৰত্যেককে ধ্বংস কৰিম।

وَجَآءَ أَهْلُ ٱلْمَدِينَةِ يَسْتَبْشِرُونَ ﴿٦٧﴾

ইপিনে ছু দুমৰ অধিবাসীসকলে লূত আলাইহিচ্ছালামৰ অতিথিসকলক দেখি অশ্লীল কাৰ্যৰ বাসনাৰে আনন্দি ত হৈ উপস্থি ত হ'ল।

قَالَ إِنَّ هَـٰٓؤُلَآءِ ضَيْفِى فَلَا تَفْضَحُونِ ﴿٦٨﴾

লূত আলাইহিচ্ছালামে সিহঁ তক ক'লেঃ এওঁ লোক হৈছে মোৰ অতিথি। এতেকে এওঁ লোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা।

وَٱتَّقُوا۟ ٱللَّهَ وَلَا تُخْزُونِ ﴿٦٩﴾

এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি তোমালোকে আল্লাহক ভয় কৰা। তোমালোকৰ এনেকু ৱা বেয়া স্বভাৱৰ জৰিয় তে মোক লাঞ্ছিত নকৰিবা।

قَالُوٓا۟ أَوَلَمْ نَنْهَكَ عَنِ ٱلْعَـٰلَمِينَ ﴿٧٠﴾

তেওঁ ৰ সম্প্ৰ দায় ৰ লোকসকলে তেওঁ ক ক'লেঃ আমি আপোনাক নিষেধ কৰা নাছিলোঁনে যে, আপুনি কাকো অতিথি নবনাব?

قَالَ هَـٰٓؤُلَآءِ بَنَاتِىٓ إِن كُنتُمْ فَـٰعِلِينَ ﴿٧١﴾

লূত আলাইহিচ্ছালামে তেওঁৰ অতিথিসকলৰ সন্মুখত অপাৰগতা স্বীকাৰ কৰি নিজ জাতিৰ লোকসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ স্ত্ৰীৰসকলৰ লগতে এয়া মোৰ কন্যা সকলো আছে, যদি তোমালোকে প্ৰবৃত্তিৰ বাসনা পূৰণ কৰিব বিচৰা তেন্তে এওঁ লোকক বিবাহ কৰিব পাৰা। بلغ আল-কোৰআন · তাফছীৰ لعمرك إن هم لفى سكرتهم يعمهون

لَعَمْرُكَ إِنَّهُمْ لَفِى سَكْرَتِهِمْ يَعْمَهُونَ ﴿٧٢﴾

হে ৰাছু ল! আপোনাৰজীৱনৰশপত! প্ৰকৃ ততে লূত সম্প্ৰ দায় কামনা-বাসনাত মতলীয়াহৈ আছিল।

فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُشْرِقِينَ ﴿٧٣﴾

অৱশেষত সূৰ্যোদয় ৰসময় ত সিহঁ তক এক বিনাশকাৰীপ্ৰ চণ্ডশব্দই গ্ৰাস কৰিলে। فجعلنا عليها سافلها وأمطرنا عليهم حجارةمن سجيل

فَجَعَلْنَا عَـٰلِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهِمْ حِجَارَةًۭ مِّن سِجِّيلٍ ﴿٧٤﴾

আৰু সিহঁ তৰ জনবসতিক ওলোটাই দিলোঁ, লগতে সিহঁ তৰ ওপৰত বৰ্ষণ কৰিলোঁ শিলাবৃষ্টি । إن فىذلك لٔايت للمتوسمين

إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّلْمُتَوَسِّمِينَ ﴿٧٥﴾

লূত সম্প্ৰ দায় ক বিনাশ কৰাৰ যি ঘটনা বৰ্ণনা কৰা হ'ল, নিশ্চয় তাৰ মাজত চিন্তা-চৰ্চাকাৰীসকলৰ বাবে আছে বহুতো নিদৰ্শন। وإن ها لبسبيل مقيم

وَإِنَّهَا لَبِسَبِيلٍۢ مُّقِيمٍ ﴿٧٦﴾

লূত আলাইহিচ্ছালামৰ জাতিৰ গাঁওসমূহ সাৰ্বজনিক পথত অৱস্থি ত আছিল, সেই পথেৰে অতিক্ৰম কৰা সকলো ভ্ৰমণকাৰীয়ে সিহঁতক প্ৰত্যক্ষ কৰিছিল। إن فى ذلك لٔايةللمؤمنين

إِنَّ فِى ذَٰلِكَ لَـَٔايَةًۭ لِّلْمُؤْمِنِينَ ﴿٧٧﴾

যিবোৰ ঘটনা সংঘটি ত হৈছে তাত আছে মু মিনসকলৰ বাবে ডাঙৰ শিক্ষা, যিবোৰৰ পৰা তেওঁ লোকে পাঠ ল’ব পাৰে।

وَإِن كَانَ أَصْحَـٰبُ ٱلْأَيْكَةِ لَظَـٰلِمِينَ ﴿٧٨﴾

পাতশূন্য গছ থকা গাঁওৰ অধিবাসীসকল অৰ্থাৎ শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰ লোকসকলেও আছিল অত্যাচাৰী। কিয় নো সিহঁ তে আল্লাহৰ লগত কু ফৰী কৰিছিল আৰু তেওঁ ৰ ৰাছু ল শ্বু আইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।

فَٱنتَقَمْنَا مِنْهُمْ وَإِنَّهُمَا لَبِإِمَامٍۢ مُّبِينٍۢ ﴿٧٩﴾

ফলত আমি সিহঁ তৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু শাস্তি য়ে সিহঁ তক গ্ৰাস কৰিছিল। নিশ্চয় লূত সম্প্ৰ দায় ৰ গাঁও আৰু শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰগাঁও সাধাৰণ পথৰদাঁতিত অৱস্থি ত আছিল।

وَلَقَدْ كَذَّبَ أَصْحَـٰبُ ٱلْحِجْرِ ٱلْمُرْسَلِينَ ﴿٨٠﴾

হিজৰৰ (অৰ্থাৎ হিজাজ আৰু চিৰিয়াৰ মধ্যৱৰ্তী এখন স্থানৰ) অধিবাসীসকল অৰ্থাৎ ছামূদ সম্প্ৰ দায়ে সিহঁ তৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰাৰ জৰিয় তে সকলো ৰাছু লকে অস্বীকাৰ কৰিছে। بلغ আল-কোৰআন · তাফছীৰ وءاتينهم ءايتنا فكانواعنها معرضين

وَءَاتَيْنَـٰهُمْ ءَايَـٰتِنَا فَكَانُوا۟ عَنْهَا مُعْرِضِينَ ﴿٨١﴾

আমি সিহঁ তক তেওঁৰ সত্য নবী হোৱাৰ প্ৰমাণ আৰু নিদৰ্শন প্ৰদান কৰিছিলোঁ। তাৰে অন্যতম নিদৰ্শন আছিল এজনী মাইকী উট। কিন্তু সিহঁ তে সেই প্ৰমাণসমূ হক গুৰুত্ব নিদিলে, আৰু কোনো ভ্ৰূক্ষেপ নকৰিলে।

وَكَانُوا۟ يَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًا ءَامِنِينَ ﴿٨٢﴾

সিহঁ তে পৰ্বত খনন কৰিনিৰাপদে থকাৰবাবেঘৰসাজিছিল।

فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُصْبِحِينَ ﴿٨٣﴾

অৱশেষত প্ৰভাতৰসময় ত সিহঁ তক প্ৰচণ্ডশব্দই গ্ৰাস কৰিছিল।

فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ ﴿٨٤﴾

কিন্তু সিহঁ তৰ উপাৰ্জিত ধন-সম্পদে আৰু সিহঁ তৰ নিৰাপত্তামূ লক অট্টালিকা আদিয়ে সিহঁ তক ৰক্ষা কৰিব পৰা নাছিল।

وَمَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ ۗ وَإِنَّ ٱلسَّاعَةَ لَـَٔاتِيَةٌۭ ۖ فَٱصْفَحِ ٱلصَّفْحَ ٱلْجَمِيلَ ﴿٨٥﴾

আমি আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তু সমূহক উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই। নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। এতেকে হে ৰাছু ল! আপুনি অস্বীকাৰকাৰীসকলক আওকাণ কৰক, আৰু সিহঁ তক উত্তমৰূপে ক্ষমা কৰি দিয় ক।

إِنَّ رَبَّكَ هُوَ ٱلْخَلَّـٰقُ ٱلْعَلِيمُ ﴿٨٦﴾

হে ৰাছু ল! নিশ্চয় আপোনাৰপ্ৰ তিপালকেই হৈছে সকলোবস্তু ৰসৃষ্টি কৰ্তা,আৰুতেওঁ সেই সম্পৰ্কে সম্যক জ্ঞানৰঅধিকাৰী।

وَلَقَدْ ءَاتَيْنَـٰكَ سَبْعًۭا مِّنَ ٱلْمَثَانِى وَٱلْقُرْءَانَ ٱلْعَظِيمَ ﴿٨٧﴾

নিশ্চয় আমি আপোনাক সাতটা আয়াতবিশিষ্ট ছু ৰা আল-ফাতিহা প্ৰদান কৰিছোঁ,এইটোৱেহৈছে মহা কোৰআন।

لَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًۭا مِّنْهُمْ وَلَا تَحْزَنْ عَلَيْهِمْ وَٱخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِينَ ﴿٨٨﴾

আমি কাফিৰসকলৰ বিভিন্ন দলক ধ্বংসশীল জীৱনৰ যি সা-সামগ্ৰী প্ৰদান কৰিছোঁ আপুনি তালৈ দৃষ্টি পাত নকৰিব, আৰু সিহঁ তৰ অস্বীকাৰ কাৰ্যত দুখ নকৰিব আৰু মু মিনসকলৰ লগত নম্ৰ ব্যৱহাৰ কৰিব।

وَقُلْ إِنِّىٓ أَنَا ٱلنَّذِيرُ ٱلْمُبِينُ ﴿٨٩﴾

হে ৰাছু ল! আপুনি কৈ দিয় ক যে,নিশ্চয় মই শাস্তি ৰপৰাসতৰ্ক কাৰী,স্পষ্ট ভাৱেসতৰ্ক কৰোঁ।

كَمَآ أَنزَلْنَا عَلَى ٱلْمُقْتَسِمِينَ ﴿٩٠﴾

মই তোমালোকক সেই শাস্তি ৰপৰা সাৱধান কৰোঁ, যেনেকু ৱা শাস্তি অৱতীৰ্ণ হৈছিল আল্লাহৰগ্ৰ ন্থক ভাগ ভাগকাৰীসকলৰওপৰত, সিহঁ তে কিছু অংশৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰুকিছু অংশক অস্বীকাৰকৰিছিল। بلغ আল-কোৰআন · তাফছীৰ

ٱلَّذِينَ جَعَلُوا۟ ٱلْقُرْءَانَ عِضِينَ ﴿٩١﴾

যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁ তে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা। فوربك لنسٔلن هم أجمعين

فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ أَجْمَعِينَ ﴿٩٢﴾

এতেকে হে ৰাছু ল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্নকৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। عما كانوا يعملون

عَمَّا كَانُوا۟ يَعْمَلُونَ ﴿٩٣﴾

আমি সিহঁ তক সেইবোৰকু ফৰীকৰ্ম আৰুগুনাহ সম্পৰ্কে প্ৰশ্নকৰিম,যিবোৰসিহঁ তে পৃথিৱীত কৰিছিল।

فَٱصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ ٱلْمُشْرِكِينَ ﴿٩٤﴾

হে ৰাছু ল! আপুনি সেই আদেশৰ ঘোষণা দিয় ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰূক্ষেপ নকৰিব।

إِنَّا كَفَيْنَـٰكَ ٱلْمُسْتَهْزِءِينَ ﴿٩٥﴾

আৰু সিহঁ তক ভয় নকৰিব। কু ৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃ বৰ্গৰ উপহাস আৰু চক্ৰান্ত ৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়ে ই যথেষ্ট ।

ٱلَّذِينَ يَجْعَلُونَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۚ فَسَوْفَ يَعْلَمُونَ ﴿٩٦﴾

যিসকলে আল্লাহৰসৈতে আনক উপাস্যকৰিলৈছে। শীঘ্ৰে ই সিহঁ তে নিজৰশ্বি ৰ্কৰপৰিণাম সম্পৰ্কে অৱগত হ'ব। ولقد نعلمأنك يضيق صدرك بما يقولون

وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ ﴿٩٧﴾

হে ৰাছু ল! নিশ্চয় আমি জানোসিহঁ তে কৰাঅস্বীকাৰআৰুউপহাসৰফলত আপোনাৰঅন্ত ৰসংকীৰ্ণ হৈ পৰে।

فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُن مِّنَ ٱلسَّـٰجِدِينَ ﴿٩٨﴾

এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয় ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰ য় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায় কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্ত ৰিক শান্তি নিহিত আছে।

وَٱعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ ٱلْيَقِينُ ﴿٩٩﴾

এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃ ত্যু হওক। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Hijr — الحجر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা