تَبَّتْ يَدَآ أَبِى لَهَبٍۢ وَتَبَّ ﴿١﴾
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰ তস্ হৈছে, কাৰণ তাৰ আমল হৈছে নিকৃ ষ্ট , আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যিহেতু সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিছিল।
مَآ أَغْنَىٰ عَنْهُ مَالُهُۥ وَمَا كَسَبَ ﴿٢﴾
তাৰ ধন-সম্পদ আৰু সন্তান-সন্ত তি একোৱেই তাৰ কোনো উপকাৰত অহা নাই, আৰু তাক শাস্তি ৰ পৰাও ৰক্ষা কৰিব পৰা নাই। তাক দয়াৰ পাত্ৰও বনাব পৰা নাই। سيصل نارا ذات لهب
سَيَصْلَىٰ نَارًۭا ذَاتَ لَهَبٍۢ ﴿٣﴾
শীঘ্ৰে ই সি ক্বি য়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ কৰিব, আৰু তাত জ্বলি থাকিব।
وَٱمْرَأَتُهُۥ حَمَّالَةَ ٱلْحَطَبِ ﴿٤﴾
আৰু তাৰ স্ত্ৰী উম্মে জামিলো তাত প্ৰৱেশ কৰিব। যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিবলৈ ৰাস্তাত কাইট ঢালি ৰাখিছিল। فى جيدها حبل من مسد
فِى جِيدِهَا حَبْلٌۭ مِّن مَّسَدٍۭ ﴿٥﴾
তাইৰ ডিঙিত শক্তিশালী পকোৱা টান ৰছি থাকিব, যিটো তাইৰ ডিঙিত লগাই চোঁচৰাই অগ্নিৰ ফালে লৈ যোৱা হ’ব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন