মুখ্য পৃষ্ঠাতাফছীৰAl-Ikhlaas (112)

তাফছীৰ Al-Ikhlaas (112) — الإخلاص

মক্কী · 4 আয়াত

পঢ়ক · শুনকPDF ফাইল

قُلْ هُوَ ٱللَّهُ أَحَدٌ ﴿١﴾

হে ৰাছু ল! আপুনি কৈ দিয় ক যে,একমাত্ৰ মহান আল্লাহেই হৈছে ইবাদতৰ অধিকাৰী,তেওঁ ৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

ٱللَّهُ ٱلصَّمَدُ ﴿٢﴾

আল্লাহ হৈছে সুউচ্চ সত্ত্বাৰ অধিকাৰী, পৰিপূৰ্ণতা আৰু সীমাহীন সৌন্দ ৰ্যৰ বিশেষণেৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টি য়ে মুখাপেক্ষী। لم يلد ولم يولد

لَمْ يَلِدْ وَلَمْ يُولَدْ ﴿٣﴾

তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই। ولم يكن له كفوا أحد

وَلَمْ يَكُن لَّهُۥ كُفُوًا أَحَدٌۢ ﴿٤﴾

আৰু সৃষ্টি ৰ মাজত তেওঁ ৰ সৈতে তু লনা কৰিব পৰাও কোনো নাই। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Ikhlaas — الإخلاص

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা