মুখ্য পৃষ্ঠাতাফছীৰAl-Munaafiqoon (63)

তাফছীৰ Al-Munaafiqoon (63) — المنافقون

মাদানী · 11 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِذَا جَآءَكَ ٱلْمُنَـٰفِقُونَ قَالُوا۟ نَشْهَدُ إِنَّكَ لَرَسُولُ ٱللَّهِ ۗ وَٱللَّهُ يَعْلَمُ إِنَّكَ لَرَسُولُهُۥ وَٱللَّهُ يَشْهَدُ إِنَّ ٱلْمُنَـٰفِقِينَ لَكَـٰذِبُونَ ﴿١﴾

হে ৰাছুল! যিসকল মুনাফিকে ইছলাম গ্ৰহণ কৰা বুলি ভাৱ দেখুৱায় কিন্তু অন্ত ৰত কু ফু ৰ লুকু ৱাই ৰাখে, সিহঁতে যেতিয়া আপোনাৰ ওচৰত আহে তেতিয়া কয়ঃ আমি সাক্ষী দিওঁ যে, আপুনি নিশ্চয় আল্লাহৰ প্ৰকৃ ত ৰাছু ল। অথচ আল্লাহে জানে যে, আপুনি তেওঁৰ প্ৰকৃ ত ৰাছুল, আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া, আৰু সিহঁতে অন্ত ৰৰ গভীৰতাৰ পৰা সাক্ষ্য দিয়ে বুলি যি দাবী কৰে, সেই দাবীও মিছা।

ٱتَّخَذُوٓا۟ أَيْمَـٰنَهُمْ جُنَّةًۭ فَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ ۚ إِنَّهُمْ سَآءَ مَا كَانُوا۟ يَعْمَلُونَ ﴿٢﴾

সিহঁ তে ঈমান পোষণ কৰিছে বুলি শপত খাই দাবী কৰে। প্ৰকৃ ততে সিহঁ তে নিজকে হত্যা আৰু গ্ৰে প্তাৰৰ পৰা ৰক্ষা কৰিবলৈ এই শপতবোৰক ঢাল বনাই লৈছে। এইদৰে সন্দে হ বিয় পাই মানুহক ঈমানৰ পৰা বিৰত ৰাখিছে। প্ৰকৃ ততে নিফাকৰ ওপৰত অবিচল থকা আৰু মিছা শপত খোৱা আদি হৈছে অত্যন্ত বেয়া কাম, যিবোৰ সিহঁ তে কৰি আছে। ذلك بأنهم ءامنواثم كفروافطبع عل قلوبهم فهم لا يفقهون

ذَٰلِكَ بِأَنَّهُمْ ءَامَنُوا۟ ثُمَّ كَفَرُوا۟ فَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ ﴿٣﴾

ইয়াৰ কাৰণ হৈছে, সিহঁ তে মানুহক দেখুৱাবলৈহে ঈমান পোষণ কৰিছে, অথচ সিহঁ তৰ অন্ত ৰত ঈমান ঢুকি পোৱা নাই। তাৰ পিছত সিহঁতে গোপনীয় ভাৱে আল্লাহৰ লগত কু ফু ৰী কৰিছে। সেয়ে হে আল্লাহে সিহঁতৰ কু ফু ৰীৰ কাৰণে সিহঁতৰ অন্ত ৰত মোহৰ মাৰি দিছে। গতিকে এতিয়া সিহঁ তৰ অন্ত ৰত ঈমান সোমাব নোৱাৰে। এই মোহৰ লগাৰ কাৰণে সিহঁ তে বুজিব নোৱাৰে যে, কোনটোৰ ভিতৰত সিহঁ তৰ বাবে কল্যাণ আছে তথা হিদায় ত আছে।

۞ وَإِذَا رَأَيْتَهُمْ تُعْجِبُكَ أَجْسَامُهُمْ ۖ وَإِن يَقُولُوا۟ تَسْمَعْ لِقَوْلِهِمْ ۖ كَأَنَّهُمْ خُشُبٌۭ مُّسَنَّدَةٌۭ ۖ يَحْسَبُونَ كُلَّ صَيْحَةٍ عَلَيْهِمْ ۚ هُمُ ٱلْعَدُوُّ فَٱحْذَرْهُمْ ۚ قَـٰتَلَهُمُ ٱللَّهُ ۖ أَنَّىٰ يُؤْفَكُونَ ﴿٤﴾

হে দৰ্শনকাৰী! তু মি যেতিয়া সিহঁ তক দেখিবা, সিহঁ তৰ সতেজ আকাৰ আকৃ তি, হৃষ্ট পুষ্ট অৱয় ব আৰু নিয়ামতসমূহৰ মাজত লালিত-পালিত ৰূপ ৰেখাই তোমালোকক আকৰ্ষিত কৰিব। যদি সিহঁ তে কথা ক’বলৈ ধৰে তেন্তে তোমালোকে সিহঁ তৰ শুৱলা কথাবোৰ শুনিয়ে থাকিবা। হে ৰাছুল! সিহঁ তে আপোনাৰ বৈঠকত এনেদৰে বহে যেনিবা বেৰৰ সহায় ত থিয় হৈ থকা খৰিহে মাত্ৰ। সিহঁ তে একোৱে বুজি নাপায় , আৰু সিহঁ তৰত অন্ত ৰতো নোসোমায় । সিহঁ তৰ কাপুৰুষতাৰ চৰম অৱস্থা এই যে, সিহঁ তে প্ৰত্যেক কথাকে নিজৰ বিৰুদ্ধে গণ্য কৰে। সিহঁতেই হৈছে প্ৰকৃ ত শত্ৰু। এতেকে হে ৰাছুল! আপুনি সিহঁতৰ পৰা সাৱধান থাকিব, যাতে সিহঁ তে আপোনাৰ গোপন কৌশল প্ৰকাশ কৰিব নোৱাপে, অথবা আপোনাৰ বিৰুদ্ধে কোনো চক্ৰান্ত কৰিব بلغ আল-কোৰআন · তাফছীৰ নোৱাৰে। সিহঁতৰ প্ৰতি আল্লাহৰ অভিসম্পাত হওক। সিহঁতক ঈমানৰ পৰা কেনেকৈ বিমুখ কৰা হৈছে? অথচ ইয়াৰ প্ৰমাণসমূহ স্পষ্ট আৰু দলিলসমূহ প্ৰকাশ্য।

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا۟ يَسْتَغْفِرْ لَكُمْ رَسُولُ ٱللَّهِ لَوَّوْا۟ رُءُوسَهُمْ وَرَأَيْتَهُمْ يَصُدُّونَ وَهُم مُّسْتَكْبِرُونَ ﴿٥﴾

م ستك برون আৰু যেতিয়া এই মুনাফিকসকলক কোৱা হয় যে, তোমালোকৰ পৰা যি ভুল হৈছে তাৰ ক্ষমাৰ বাবে ৰাছুলৰ ওচৰলৈ আহা, তেখেতে তোমালোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁ তে বিদ্ৰূপ আৰু উপলুঙা কৰি নিজৰ মুখখন ঘূৰাই লয় । আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে সত্যক অগ্ৰাহ্য কৰি দম্ভালি মাৰি মুখ ঘূৰাই লয় , যি সত্যক গ্ৰহণ কৰিবলৈ সিহঁ তক আদেশ দিয়া হৈছিল।

سَوَآءٌ عَلَيْهِمْ أَسْتَغْفَرْتَ لَهُمْ أَمْ لَمْ تَسْتَغْفِرْ لَهُمْ لَن يَغْفِرَ ٱللَّهُ لَهُمْ ۚ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَـٰسِقِينَ ﴿٦﴾

হে ৰাছু ল! আপুনি সিহঁ তৰ বাবে ক্ষমা বিচাৰক বা নিবিচাৰক উভয়ে সমান। আল্লাহে সিহঁ তৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব। আল্লাহে সেই সম্প্ৰ দায় ক তাওফীক নিদিয়ে যিসকলে গুনাহৰ ওপৰত অবিচল থাকি আল্লাহৰ আনুগত্যৰ পৰা ওলাই যায় ।

هُمُ ٱلَّذِينَ يَقُولُونَ لَا تُنفِقُوا۟ عَلَىٰ مَنْ عِندَ رَسُولِ ٱللَّهِ حَتَّىٰ يَنفَضُّوا۟ ۗ وَلِلَّهِ خَزَآئِنُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَلَـٰكِنَّ ٱلْمُنَـٰفِقِينَ لَا يَفْقَهُونَ ﴿٧﴾

সিহঁ তে কয়ঃ তোমালোকে নিজৰ ধন সেইসকল দুখীয়াৰ প্ৰতি তথা মদীনাৰ ওচৰে-পাঁজৰে থকা দৰিদ্ৰ গাঁৱলীয়াৰ প্ৰতি খৰচ নকৰিবা, যিসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতে চলে, যাতে সিহঁতে তেখেতৰ পৰা বিচ্ছিন্ন হৈ যায় । অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ হৈছে কেৱল আল্লাহৰ অধীনত। তেওঁ যাক ইচ্ছা কৰে প্ৰচু ৰ পৰিমাণে জীৱিকা প্ৰদান কৰে। কিন্তু মুনাফিকসকলে এই কথা গমকে নাপায় যে, জীৱিকাৰ ভাণ্ডাৰ হৈছে কেৱল আল্লাহৰ অধীনত।

يَقُولُونَ لَئِن رَّجَعْنَآ إِلَى ٱلْمَدِينَةِ لَيُخْرِجَنَّ ٱلْأَعَزُّ مِنْهَا ٱلْأَذَلَّ ۚ وَلِلَّهِ ٱلْعِزَّةُ وَلِرَسُولِهِۦ وَلِلْمُؤْمِنِينَ وَلَـٰكِنَّ ٱلْمُنَـٰفِقِينَ لَا يَعْلَمُونَ ﴿٨﴾

সিহঁতৰ নেতা আব্দুল্লাহ বিন উবাইয়ে কয়ঃ যদি আমি মদীনালৈ উভতি যাওঁ তেন্তে আমাক মাজৰ সন্মানিত লোকসকলে (অৰ্থাৎ মই আৰু মোৰ সঙ্গীসকলে) অপমানিত লোকসকলক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ সঙ্গীসকলক) বহিষ্কাৰ কৰিব। অথচ সন্মান হৈছে কেৱল আল্লাহ, তেওঁ ৰ ৰাছু ল আৰু মুমিনসকলৰ বাবে, আব্দুল্লাহ বিন উবাই بلغ আল-কোৰআন · তাফছীৰ আৰু তাৰ সঙ্গীবিলাকৰ বাবে নহয় । কিন্তু মুনাফিকসকলে নাজানে যে, সন্মান হৈছে কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মু মিনসকলৰ বাবে।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تُلْهِكُمْ أَمْوَٰلُكُمْ وَلَآ أَوْلَـٰدُكُمْ عَن ذِكْرِ ٱللَّهِ ۚ وَمَن يَفْعَلْ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ ﴿٩﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! তোমালোকক তোমালোকৰ সা-সম্পত্তি আৰু সন্তান-সন্ত তিয়ে যাতে ছালাত তথা ইছলামৰ অন্যান্য ফৰজ কৰ্মবোৰৰ পৰা অমনোযোগী নকৰে। কাৰণ ছালাত আদিৰ দৰে আল্লাহে ফৰজ কৰা কৰ্মবোৰৰ পৰা যাক তাৰ সা-সম্পত্তি আৰু সন্তান-সন্ত তিয়ে অমনোযোগী কৰে, প্ৰকৃ ততে সিহঁ তেই হৈছে ক্ষতিগ্ৰ তস্। ক্বি য়ামতৰ দিনা সিহঁ তেই নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব।

وَأَنفِقُوا۟ مِن مَّا رَزَقْنَـٰكُم مِّن قَبْلِ أَن يَأْتِىَ أَحَدَكُمُ ٱلْمَوْتُ فَيَقُولَ رَبِّ لَوْلَآ أَخَّرْتَنِىٓ إِلَىٰٓ أَجَلٍۢ قَرِيبٍۢ فَأَصَّدَّقَ وَأَكُن مِّنَ ٱلصَّـٰلِحِينَ ﴿١٠﴾

তোমালোকৰ ওচৰলৈ মৃত্যু অহাৰ আগতেই তোমালোকে নিজৰ সেই সম্পদৰ পৰা আল্লাহৰ পথত ব্যয় কৰা, যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, অন্যথা নিজ প্ৰতিপালকক কাকূ তি মিনতি কৰি ক'ব লাগিবঃ হে মোৰ প্ৰতিপালক! মোক অলপ সময় ৰ কাৰণে অৱকাশ নিদিলা কিয় , মই তোমাৰ পথত মোৰ ধন ব্যয় কৰিলোঁহেঁ তেন আৰু মই তোমাৰ সেইসকল বান্দাৰ অন্ত ৰ্ভু ক্তহ’লোঁহেঁতেন,যিসকলেসৎকৰ্ম কৰিছে।

وَلَن يُؤَخِّرَ ٱللَّهُ نَفْسًا إِذَا جَآءَ أَجَلُهَا ۚ وَٱللَّهُ خَبِيرٌۢ بِمَا تَعْمَلُونَ ﴿١١﴾

আল্লাহে কোনো প্ৰাণীকেই সেই সময় ত সুযোগ নিদিব, যেতিয়া তাৰ আয়ু সমাপ্ত হৈ যাব আৰু তাৰ নিৰ্ধাৰিত সময় আহি পৰিব। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয় । তেওঁ তোমালোকক প্ৰত্যেক কামৰে প্ৰতিদান দিব। যদি আমল ভাল হয় তেন্তে প্ৰতিদানো ভাল হ’ব, আৰু যদি বেয়া হয় তেন্তে তাৰ প্ৰতিদানো বেয়া হ’ব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Munaafiqoon — المنافقون

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা