মুখ্য পৃষ্ঠাতাফছীৰAt-Taghaabun (64)

তাফছীৰ At-Taghaabun (64) — التغابن

মাদানী · 18 আয়াত

পঢ়ক · শুনকPDF ফাইল

يُسَبِّحُ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ لَهُ ٱلْمُلْكُ وَلَهُ ٱلْحَمْدُ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ ﴿١﴾

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টি য়ে আল্লাহক সেই সকলো দোষ-ত্ৰুটি ৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয় । ৰাজত্ব কেৱল তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো স্বত্বাধিকাৰী নাই। উত্তম প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ প্ৰত্যেক বস্তু ৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁ ক পৰাস্ত কৰিব নোৱাৰে।

هُوَ ٱلَّذِى خَلَقَكُمْ فَمِنكُمْ كَافِرٌۭ وَمِنكُم مُّؤْمِنٌۭ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ ﴿٢﴾

হে মানৱজাতি! তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজৰ কিছু মানে অস্বীকাৰ কৰিছে, সিহঁ তৰ ঠি কনা হৈছে জাহান্নাম। আনহাতে কিছু মানে ইমান পোষণ কৰিছে, তেওঁলোকৰঠি কনা হৈছে জান্নাত। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। তোমালোকৰ কোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় । অনতিপলমে তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।

خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ ۖ وَإِلَيْهِ ٱلْمَصِيرُ ﴿٣﴾

আকাশমণ্ডল আৰু পৃথিৱীক সত্যৰ সৈতে সৃষ্টি কৰিছে, অনৰ্থক সৃষ্টি কৰা নাই। হে মানৱজাতি! তেৱেঁই তোমালোকক আকৃ তি দান কৰিছে আৰু তেওঁ ৰ অনু গ্ৰহ আৰুকৃ পাত উত্তম আকৃ তি দিছে। অন্যথাইচ্ছাকৰিলে বেয়াআকৃ তি দিবপাৰিলেহেঁ তেন। ক্বি য়ামতৰদিনাকেৱল তেওঁ ৰওচৰতেই প্ৰত্যাৱৰ্ত ন কৰিব লাগিব। য’ত তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ'ব। যদি ভাল হয় তেন্তে ভাল ফলাফল দিয়া হ'ব আৰু যদি বেয়া হয় তেন্তে বেয়া প্ৰতিদান দিয়া হ'ব।

يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَيَعْلَمُ مَا تُسِرُّونَ وَمَا تُعْلِنُونَ ۚ وَٱللَّهُ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٤﴾

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো তেওঁ জানে। তোমালোকে যিবোৰ গোপনে কৰা সেইবোৰো তেওঁ জানে, আৰু যিবোৰ প্ৰকাশ্যভাৱেকৰা সেয়াও তেওঁ জানে। মহান আল্লাহে তোমালোকৰঅন্ত ৰত থকা ভাল-বেয়া গোপন ভেদ সম্পৰ্কে ও অৱগত। এই সংক্ৰান্তীয় কোনো বিষয়ে ই তেওঁ ৰপৰাগোপন নহয় ।

أَلَمْ يَأْتِكُمْ نَبَؤُا۟ ٱلَّذِينَ كَفَرُوا۟ مِن قَبْلُ فَذَاقُوا۟ وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌۭ ﴿٥﴾

হে মু শ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা অস্বীকাৰকাৰী জাতিসমূ হৰ খবৰ আহি পোৱা নাইনে? উদাহৰণস্ব ৰূপে নূ হ আলাইহিচ্ছালামৰ জাতি, আদ, ছামূদ আদি জাতিসমূহ। যিসকলে পৃথিৱীতেই নিজৰ কু ফু ৰীৰ শাস্তি ভোগ কৰিছে আৰু সিহঁ তৰ বাবে পৰকালত আছে কষ্ট দায় ক শাস্তি ? নিশ্চয় তোমালোকৰ ওচৰত সেইবোৰ খবৰ আহি পাইছে। এতেকে সিহঁতৰ পৰিণামৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু তোমালোকে তেনেকু ৱাশাস্তি ৰসন্মুখীন হোৱাৰআগতেই আল্লাহৰওচৰত তাওবাকৰা,যি শাস্তি ৰসন্মুখীন সিহঁ তে হৈছিল।

ذَٰلِكَ بِأَنَّهُۥ كَانَت تَّأْتِيهِمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ فَقَالُوٓا۟ أَبَشَرٌۭ يَهْدُونَنَا فَكَفَرُوا۟ وَتَوَلَّوا۟ ۚ وَّٱسْتَغْنَى ٱللَّهُ ۚ وَٱللَّهُ غَنِىٌّ حَمِيدٌۭ ﴿٦﴾

এই শাস্তি সিহঁতক এই কাৰণে বিহা হৈছিল যে, সিহঁতৰ ওচৰত ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু স্পষ্ট যুক্তি সহকাৰে আহিছিল। কিন্তু সিহঁতে মানৱ জাতিৰ মাজৰ পৰা ৰাছু ল হোৱা বিষয় টোক আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মানুহ এজনে আমাক কেনেকৈ সত্যৰ পথ দেখুৱাব পাৰে? এইদৰে সিহঁ তে অস্বীকাৰ কৰিলে আৰু ঈমানৰ পৰা মু খ ঘূৰাই ল’লে। কিন্তু সিহঁ তে আল্লাহৰ কোনো ক্ষতি কৰিব পৰা নাই। কিয় নো আল্লাহ হৈছে সিহঁ তৰ ইবাদতৰ পৰা অমুখাপেক্ষী। তদোপৰি সিহঁ তৰ আনুগত্যৰ ফলত আল্লাহৰ কোনো মৰ্যাদা বৃদ্ধি নহয় । আল্লাহ অমুখাপেক্ষী, কোনো ক্ষেত্ৰতেই তেওঁ বান্দাৰ মুখাপেক্ষী নহয় । তেওঁ নিজৰকথাআৰুকৰ্মত সপ্ৰ শংসিত। بلغ আল-কোৰআন · তাফছীৰ

زَعَمَ ٱلَّذِينَ كَفَرُوٓا۟ أَن لَّن يُبْعَثُوا۟ ۚ قُلْ بَلَىٰ وَرَبِّى لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ۚ وَذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌۭ ﴿٧﴾

আল্লাহক অস্বীকাৰকাৰীসকলে ভাবিছে যে, আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক কেতিয়াও পুনৰ্জীৱিত নকৰিব। হে ৰাছুল! এই পুনৰুত্থান অস্বীকাৰকাৰীসকলক কৈ দিয় কঃ কিয় নহয় , মোৰ প্ৰতিপালকৰ শপত! নিশ্চয় ক্বি য়ামতৰ দিনা তোমালোকক পুনৰ্জীৱিত কৰা হ'ব। তাৰ পিছত তোমালোকক পৃথিৱীত কৰা কৰ্মবোৰৰ বিষয়ে অৱগত কৰোৱা হ'ব। এই পুনৰুত্থান আল্লাহৰ বাবে তেনেই উজু, কিয় নো তেৱেঁই তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে। গতিকে তোমালোকৰ মৃ ত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিবলৈ তেওঁ নিশ্চিতভাৱে সক্ষম।

فَـَٔامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱلنُّورِ ٱلَّذِىٓ أَنزَلْنَا ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌۭ ﴿٨﴾

গতিকে হে মানৱজাতি! আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰা, লগতে সেই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা, যিখন আমি আমাৰ ৰাছু লৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয় । অনতিপলমে তোমালোকক ইয়াৰপ্ৰ তিদানো দিয়া হ'ব।

يَوْمَ يَجْمَعُكُمْ لِيَوْمِ ٱلْجَمْعِ ۖ ذَٰلِكَ يَوْمُ ٱلتَّغَابُنِ ۗ وَمَن يُؤْمِنۢ بِٱللَّهِ وَيَعْمَلْ صَـٰلِحًۭا يُكَفِّرْ عَنْهُ سَيِّـَٔاتِهِۦ وَيُدْخِلْهُ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًۭا ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿٩﴾

হে ৰাছু ল! স্মৰণ কৰক, ক্বি য়ামতৰ দিনা আল্লাহে যেতিয়া মানুহৰ কৰ্মৰ প্ৰতিদান দিবলৈ সকলোকে একত্ৰিত কৰিব। সেই দিৱসটো হ'ব কাফিৰসকলৰ বাবে ক্ষয়-ক্ষতিৰ দিৱস। কিয়নো মুমিনসকলে জান্নাতৰ ভিতৰত জাহান্নামীসকলৰ অট্টালিকাসমূহৰ উত্তৰাধিকাৰী হ'ব। আনহাতে জাহান্নামত জাহান্নামীসকলে জান্নাতিসকলৰ ঠি কনাৰ উত্তৰাধিকাৰী হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, আল্লাহে তেওঁলোকৰ পাপসমূ হ মোচন কৰি দিব আৰু এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰাসমূ হ প্ৰৱাহিত হ'ব। তেওঁ লোকে তাত চিৰকাল থাকিব। তেওঁ লোকে তাৰ পৰা কেতিয়াও বহিষ্কৃ ত নহ'ব আৰু ইয়াৰ নিয়ামতবোৰৰ ধাৰাবাহিকতাও বিচ্ছিন্ন নহ'ব। তেওঁ লোকে লাভ কৰা এই বস্তু বোৰেই হৈছে প্ৰকৃ ত সফলতা। এই সফলতাৰমোকাবিলাআন কোনোসফলতাই কৰিবনোৱাৰে।

وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَآ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ خَـٰلِدِينَ فِيهَا ۖ وَبِئْسَ ٱلْمَصِيرُ ﴿١٠﴾

আৰু যিসকলে আল্লাহৰ লগত কু ফু ৰী কৰিছে আৰু আমি আমাৰ ৰাছু লৰ ওপৰত অৱতীৰ্ণ কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকেই হৈছে জাহান্নামী। তাত সিহঁ তে চিৰকালথাকিবআৰুসিহঁ তৰঠি কনাহৈছে অতি নিকৃ ষ্টঠি কনা।

مَآ أَصَابَ مِن مُّصِيبَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۗ وَمَن يُؤْمِنۢ بِٱللَّهِ يَهْدِ قَلْبَهُۥ ۚ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌۭ ﴿١١﴾

ধন-সম্পদ, প্ৰাণ বা সন্তান-সন্ত তিৰ ক্ষেত্ৰত যি বিপদ আহে, সেয়া আল্লাহৰ নিৰ্ধাৰণ আৰু ফয় চালা অনুসাৰেই আহে। যিয়ে আল্লাহৰ প্ৰতি, তেওঁৰ নিৰ্ধাৰণৰ প্ৰতি আৰু ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰিব, আল্লাহে তাৰ অন্ত ৰক তেওঁৰ আদেশৰ সন্মুখত নত হোৱাৰ তথা তেওঁৰ নিৰ্ধাৰণৰ প্ৰতি সন্তু ষ্টহোৱাৰতাওফীক দিব। নিশ্চয় আল্লাহ প্ৰত্যেক বিষয় তে সৰ্বজ্ঞ। তেওঁ ৰপৰাকোনোবিষয়ে ই গোপন নহয় ।

وَأَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ ۚ فَإِن تَوَلَّيْتُمْ فَإِنَّمَا عَلَىٰ رَسُولِنَا ٱلْبَلَـٰغُ ٱلْمُبِينُ ﴿١٢﴾

তথা আল্লাহৰ অনুসৰণ কৰা আৰু তেওঁৰ ৰাছু লৰ অনুসৰণ কৰা। ইয়াৰ পিছতো যদি তোমালোকে তেওঁৰ ৰাছু লে লৈ অহা চৰীয় তৰ পৰা মুখ ঘূৰাই লোৱা, তেন্তে এই বিমুখ হোৱাৰ পাপ তোমালোকৰ ওপৰতেই বৰ্তিব। আমাৰ ৰাছু লৰ দায়ি ত্বহৈছে কেৱল সেই সংবাদ পৌঁচাই দিয়া, যিটো পৌঁচাবলৈ আমি তেখেতক আদেশ কৰিছোঁ। নিশ্চিতভাৱে তেওঁ তোমালোকক সেইটো পৌঁচাই দিছে যিটো পৌঁচাই দিবলৈ তেওঁ ক আদেশ দিয়া হৈছিল। بلغ আল-কোৰআন · তাফছীৰ

ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ ﴿١٣﴾

আল্লাহেই সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়ে মুমিনসকলে সকলো বিষয় তে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা و উচিত।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ مِنْ أَزْوَٰجِكُمْ وَأَوْلَـٰدِكُمْ عَدُوًّۭا لَّكُمْ فَٱحْذَرُوهُمْ ۚ وَإِن تَعْفُوا۟ وَتَصْفَحُوا۟ وَتَغْفِرُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌ ﴿١٤﴾

غفور ر حيم হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! নিশ্চয় তোমালোকৰ কিছু মান স্ত্ৰী আৰু সন্তান হৈছে তোমালোকৰ শত্ৰু। কিয় নো সিহঁ তে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা আৰু তেওঁ ৰ পথত যু্দ্ধ কৰাৰ পৰা অমনোযোগী কৰি ৰাখে। গতিকে সাৱধান থাকিবা, যাতে সিহঁ তে তোমালোকক প্ৰভাৱিত কৰিব নোৱাৰে। এতেকে যদি তোমালোকে সিহঁ তৰ ভু লবোৰ ক্ষমা কৰি দিয়া আৰু সিহঁ তক আওকাণ কৰি চলা, লগতে সিহঁ তৰ কিছু মান ত্ৰুটি গোপন কৰি ৰাখা, তেন্তে আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব, আৰু তোমালোকৰ প্ৰতি দয়া কৰিব। কিয় নো কাম অনু সৰিহে প্ৰতিফল দিয়াহয় ।

إِنَّمَآ أَمْوَٰلُكُمْ وَأَوْلَـٰدُكُمْ فِتْنَةٌۭ ۚ وَٱللَّهُ عِندَهُۥٓ أَجْرٌ عَظِيمٌۭ ﴿١٥﴾

নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু তোমালোকৰ সন্তান-সন্ত তি হৈছে তোমালোকৰ বাবে মুচিবত তথা পৰীক্ষাস্বৰূপ। কিয় নো সিহঁতে কেতিয়াবা কেতিয়াবা তোমালোকক হাৰাম উপাৰ্জ ন কৰিবলৈ আৰু আল্লাহৰ আনু গত্যৰ পৰা দূৰ হ’বলৈ উৎসাহিত কৰে। জানি থোৱা! আল্লাহৰ ওচৰত সেই ব্যক্তি ৰ বাবে আছে মহাপ্ৰ তিদান, যিয়ে আল্লাহৰ আনুগত্যক সন্তানৰ আনুগত্যৰ ওপৰত তথা ধন-সম্পদৰ লোভত ব্যস্ত থকাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে । এই মহাপ্ৰ তিদানটোহৈছে জান্নাত।

فَٱتَّقُوا۟ ٱللَّهَ مَا ٱسْتَطَعْتُمْ وَٱسْمَعُوا۟ وَأَطِيعُوا۟ وَأَنفِقُوا۟ خَيْرًۭا لِّأَنفُسِكُمْ ۗ وَمَن يُوقَ شُحَّ نَفْسِهِۦ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ ﴿١٦﴾

আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি, যথাসম্ভ ৱ তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। শুনা আৰু আনুগত্য কৰা, তথা আল্লাহ আৰু তেওঁৰ ৰাছু লৰ কথা মানি চলা। লগতে আল্লাহে দিয়া ধন-সম্পদ সৎ পথত ব্যয় কৰা। আল্লাহে যাক অন্ত ৰৰ লালসাৰ পৰা ৰক্ষা কৰে, দৰাচলতে তেওঁ লোকেই হৈছে নিজৰউদ্দেশ্যত সাফল্যমণ্ডিত আৰুভয় ৰপৰা মু ক্তি প্ৰাপ্ত ।

إِن تُقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًۭا يُضَـٰعِفْهُ لَكُمْ وَيَغْفِرْ لَكُمْ ۚ وَٱللَّهُ شَكُورٌ حَلِيمٌ ﴿١٧﴾

যদি তোমালোকে আল্লাহক উত্তম ঋণ দিয়া অৰ্থাৎ তেওঁৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰা, তেন্তে তোমালোকৰ পুণ্যক দহৰ পৰা সাত শ গুণ পৰ্যতন্, তথা তাতকৈও অধিকগুণ পৰ্যতন্ বৃদ্ধি কৰি দিয়া হ'ব, লগতে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিয়া হ'ব। কাৰণ আল্লাহ হৈছে গুণগ্ৰাহী, তেওঁ সৰু কামৰোডাঙৰপ্ৰ তিফলদিয়ে । তেওঁ সহনশীল,শাস্তি প্ৰদানত খৰধৰনকৰে।

عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿١٨﴾

পৱিত্ৰমহান আল্লাহ প্ৰকাশ্যঅপ্ৰ কাশ্যসকলোবিষয়ে অৱগত। তেওঁ ৰপৰাকোনোবস্তু ৱেই গোপন নহয় । তেওঁ প্ৰভু ত্বশালী,তেওঁ ক কোনেওপৰাজিত কৰিবনোৱাৰে। তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত,চৰীয় ত প্ৰণয় নত আৰুভাগ্যনিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · At-Taghaabun — التغابن

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা