يَـٰٓأَيُّهَا ٱلنَّبِىُّ إِذَا طَلَّقْتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحْصُوا۟ ٱلْعِدَّةَ ۖ وَٱتَّقُوا۟ ٱللَّهَ رَبَّكُمْ ۖ لَا تُخْرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخْرُجْنَ إِلَّآ أَن يَأْتِينَ بِفَـٰحِشَةٍۢ مُّبَيِّنَةٍۢ ۚ وَتِلْكَ حُدُودُ ٱللَّهِ ۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدْ ظَلَمَ نَفْسَهُۥ ۚ لَا تَدْرِى لَعَلَّ ٱللَّهَ يُحْدِثُ بَعْدَ ذَٰلِكَ أَمْرًۭا ﴿١﴾
হে নবী! যেতিয়া আপুনি অথবা আপোনাৰ উম্মতৰ কোনোবাই নিজৰ স্ত্ৰীক তালাক দিব বিচাৰে, তেতিয়া তেওঁ নিজৰ স্ত্ৰীক ইদ্দতৰ আৰম্ভ ণিত তালাক দিয়া উচিত। অৰ্থাৎ তালাক এনেকু ৱা তুহৰত (ঋতুস্ৰাৱ শেষ হোৱাৰ পিছৰ অৱস্থাত) দিয়া উচিত, যিটো অৱস্থাত স্বামীয়ে স্ত্ৰীৰ লগত সহবাস কৰা নাই, আৰু তোমালোকে ইদ্দতৰ দিনবোৰ গণি ৰাখিবা, যাতে যদি ঘূৰাই ল’ব বিচৰা তেন্তে সেই সময় ছোৱাতে ওভোতাই ল’ব পাৰিবা। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা, আৰু ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে তালাকপ্ৰাপ্তা স্ত্ৰীক বসবাস কৰা ঘৰৰ পৰা উলিয়াই নিদিবা, আৰু সিহঁত নিজেও যাতে ওলাই নাযায়। কিন্তু যদি সিহঁতে প্ৰকাশ্য ব্যভিচাৰত লিপ্ত হয় তেন্তে বিষয়টো সুকীয়া (এনে পৰিস্থি ত বহিষ্কাৰ কৰাই উত্তম)। এইবোৰ বিধান হৈছে দৰাচলতে আল্লাহে বান্ধি দিয়া সীমাৰেখা, যিটো তেওঁ বান্দাসকলৰ বাবে নিৰ্ধাৰণ কৰিছে। যিয়ে আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিব, সি দৰাচলতে নিজৰ ওপৰতেই অন্যায় কৰিব। অৰ্থাৎ নিজ প্ৰতিপালকৰ অবাধ্যতা কৰি নিজকে ধ্বংসৰ পথত ঠেলি দিব। হে তালাক প্ৰদানকাৰী! তুমি হয় তো নাজানা, সম্ভ ৱতঃ আল্লাহে এই তালাকৰ পিছত এনেকু ৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেওঁ স্ত্ৰীক আকৌ ওভোতাই ল’ব। فإذابلغن أجلهن فأمسكوهن بمعروف أو فارقوهن بمعروف وأشهدواذوى عدل منكم وأقيموا
فَإِذَا بَلَغْنَ أَجَلَهُنَّ فَأَمْسِكُوهُنَّ بِمَعْرُوفٍ أَوْ فَارِقُوهُنَّ بِمَعْرُوفٍۢ وَأَشْهِدُوا۟ ذَوَىْ عَدْلٍۢ مِّنكُمْ وَأَقِيمُوا۟ ٱلشَّهَـٰدَةَ لِلَّهِ ۚ ذَٰلِكُمْ يُوعَظُ بِهِۦ مَن كَانَ يُؤْمِنُ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ ۚ وَمَن يَتَّقِ ٱللَّهَ يَجْعَل لَّهُۥ مَخْرَجًۭا ﴿٢﴾
যেতিয়া ইদ্দত সমাপ্ত হোৱাৰ উপক্ৰ ম হ'ব, তেতিয়া ইচ্ছা হ’লে আগ্ৰ হ তথা উত্তম ব্যৱহাৰৰ সৈতে আঁকোৱালি লোৱা নাইবা ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে এৰি দিয়া, যাতে নিজৰ দায়ি ত্বনিজে ল’ব পাৰে, আৰু তাইৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় দিবা। যেতিয়া তাইক ওভোতাই ল’বা অথবা পৃথক কৰিবা, তেতিয়া সমাজৰ দুজন ন্যায়পৰায়ণ ব্যক্তিক সাক্ষী কৰি ৰাখিবা, যাতে বিবাদ নহয়। হে সাক্ষীসকল! তোমালোকে আল্লাহৰ সন্তু ষ্টি লাভৰ বাবে সাক্ষ্য প্ৰদান কৰিবা। এই বিধানবোৰৰ জৰিয় তে সেইসকল লোকক উপদেশ দিয়া হৈছে, যিসকলে আল্লাহৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ কৰে। কিয় নো কেৱল তেওঁলোকেই উপদেশৰ দ্বাৰা উপকৃ ত হয় । যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰে, আল্লাহে তাক সকলো সংকীৰ্ণতাৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰি দিয়ে ।
وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِبُ ۚ وَمَن يَتَوَكَّلْ عَلَى ٱللَّهِ فَهُوَ حَسْبُهُۥٓ ۚ إِنَّ ٱللَّهَ بَـٰلِغُ أَمْرِهِۦ ۚ قَدْ جَعَلَ ٱللَّهُ لِكُلِّ شَىْءٍۢ قَدْرًۭا ﴿٣﴾
لكل شىء قدرا আৰু তেওঁক এনেকু ৱা ঠাইৰ পৰা জীৱিকা দান কৰিব, যিটো তেওঁ কেতিয়াও ভাবিবও নোৱাৰে আৰু কল্পনাও কৰিব নোৱাৰে। যিয়ে নিজৰ কৰ্মত আল্লাহৰ ওপৰত ভৰসা ৰাখিব, তাৰ বাবে আল্লাহেই যথেষ্ট । নিশ্চয় আল্লাহে তেওঁৰ আদেশ বলৱৎ কৰিবই, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে, তেওঁৰ পৰা কোনো বস্তু ৱে পৰিত্যাগ নহয়। নিশ্চয় আল্লাহে প্ৰত্যেক বস্তু ৰ এটা পৰিমাপ নিৰ্ধাৰণ কৰিছে, সেই অনুপাতেই শেষহয় । এতেকে সংকটময় সময় ৰো এটা পৰিমাপ নিৰ্ধাৰিত আছে, আৰু সুখৰো এটা নিৰ্ধাৰিত সময় আছে। এতেকে দুয়োটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত কোনো মানুহেই সদায় থাকিব নোৱাৰে। بلغ আল-কোৰআন · তাফছীৰ
وَٱلَّـٰٓـِٔى يَئِسْنَ مِنَ ٱلْمَحِيضِ مِن نِّسَآئِكُمْ إِنِ ٱرْتَبْتُمْ فَعِدَّتُهُنَّ ثَلَـٰثَةُ أَشْهُرٍۢ وَٱلَّـٰٓـِٔى لَمْ يَحِضْنَ ۚ وَأُو۟لَـٰتُ ٱلْأَحْمَالِ أَجَلُهُنَّ أَن يَضَعْنَ حَمْلَهُنَّ ۚ وَمَن يَتَّقِ ٱللَّهَ يَجْعَل لَّهُۥ مِنْ أَمْرِهِۦ يُسْرًۭا ﴿٤﴾
এনেকুৱা তালাকপ্ৰাপ্তা স্ত্ৰী, যাৰ বাৰ্ধক্যজনিত কাৰণত ঋতুস্ৰাৱ বন্ধ হৈছে, যদি তোমালোকে এনেকুৱা নাৰীৰ ইদ্দত সম্পৰ্কে সন্দে হত পতিত হোৱা, তেন্তে জানি থোৱা! সিহঁতৰ ইদ্দত হৈছে তিনি মাহ। আনহাতে এনেকু ৱা নাৰী যিসকলে এতিয়াও ঋতুস্ৰাৱ হোৱা বয় সত উপনীত হোৱা নাই, তেনেকু ৱা নাৰীৰো ইদ্দত কাল হৈছে তিনি মাহ। গৰ্ভৱতী নাৰীয়ে তালাকপ্ৰাপ্তা হ’লে অথবা গৰ্ভৱতী থকা অৱস্থাত স্বামীৰ মৃত্যু হ’লে, তেনেকু ৱা নাৰীৰ ইদ্দত কাল হৈছে প্ৰসৱ পৰ্যন্ত । যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰিব, আল্লাহে তাৰ সকলো কাম সহজ কৰি দিব, আৰু তাৰ সকলো মুচকিল আচান কৰি দিব।
ذَٰلِكَ أَمْرُ ٱللَّهِ أَنزَلَهُۥٓ إِلَيْكُمْ ۚ وَمَن يَتَّقِ ٱللَّهَ يُكَفِّرْ عَنْهُ سَيِّـَٔاتِهِۦ وَيُعْظِمْ لَهُۥٓ أَجْرًا ﴿٥﴾
এই তালাক, প্ৰত্যাৱৰ্তন আৰু ইদ্দতৰ বিধানসমূহ হৈছে আল্লাহৰ আদেশ, হে মুমিনসকল! যিটো তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে, যাতে তোমালোকে আমল কৰিব পাৰা। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰিব, আল্লাহে তাৰ গুনাহসমূহ মাফ কৰি দিব আৰু আখিৰাতত মহাপ্ৰ তিদান দান কৰিব। অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰিব, আৰু এনেকু ৱা নিয়ামত প্ৰদান কৰিব যিবোৰ কেতিয়াও শেষ নহ'ব।
أَسْكِنُوهُنَّ مِنْ حَيْثُ سَكَنتُم مِّن وُجْدِكُمْ وَلَا تُضَآرُّوهُنَّ لِتُضَيِّقُوا۟ عَلَيْهِنَّ ۚ وَإِن كُنَّ أُو۟لَـٰتِ حَمْلٍۢ فَأَنفِقُوا۟ عَلَيْهِنَّ حَتَّىٰ يَضَعْنَ حَمْلَهُنَّ ۚ فَإِنْ أَرْضَعْنَ لَكُمْ فَـَٔاتُوهُنَّ أُجُورَهُنَّ ۖ وَأْتَمِرُوا۟ بَيْنَكُم بِمَعْرُوفٍۢ ۖ وَإِن تَعَاسَرْتُمْ فَسَتُرْضِعُ لَهُۥٓ أُخْرَىٰ ﴿٦﴾
ى تعاسرتمفسترضع له أخر হে স্বামীসকল! তোমালোকে সিহঁতক নিজৰ সক্ষম অনুযায়ী সেই ঠাইত অৱস্থান কৰোৱা, য’ত তোমালোকে অৱস্থান কৰা। আল্লাহে তোমালোকক ইয়াতকৈ অধিক বোজা অৰ্পণ নকৰে। তথা সিহঁ তক বিৰক্ত কৰাৰ উদ্দেশ্যে থকা, খোৱাৰ ক্ষেত্ৰত কষ্ট প্ৰদান কৰি সিহঁ তৰ অধিকাৰ খৰ্ব নকৰিবা। যদি তালাকপ্ৰাপ্তা স্ত্ৰী গৰ্ভ ৱতী অৱস্থাত থাকে তেন্তে প্ৰসৱ নকৰালৈকে তাইৰ খৰচ বহন কৰিবা। প্ৰসৱৰ পাছত যদি তাই তোমাৰ সন্তানক পিয়াহ খুওৱায় তেন্তে তাইক পাৰিশ্ৰ মিক আদায় দিবা। পাৰিশ্ৰ মিকৰ ক্ষেত্ৰত উত্তম নীতি অৱলম্বন কৰিবা। কিন্তু যদিস্ত্ৰীয়ে দাবী কৰা পাৰিশ্ৰ মিক প্ৰদানত স্বামীয়ে কৃ পণালি কৰে, আনহাতে স্বামীয়ে প্ৰদানকৰা পাৰিশ্ৰ মিকত যদিস্ত্ৰীয়ে মান্তি নহয় , তেন্তে শিশুৰ পিতৃ য়ে অইন কোনো নাৰীৰ জৰিয় তে শিশুক দুগ্ধ পান কৰাব।
لِيُنفِقْ ذُو سَعَةٍۢ مِّن سَعَتِهِۦ ۖ وَمَن قُدِرَ عَلَيْهِ رِزْقُهُۥ فَلْيُنفِقْ مِمَّآ ءَاتَىٰهُ ٱللَّهُ ۚ لَا يُكَلِّفُ ٱللَّهُ نَفْسًا إِلَّا مَآ ءَاتَىٰهَا ۚ سَيَجْعَلُ ٱللَّهُ بَعْدَ عُسْرٍۢ يُسْرًۭا ﴿٧﴾
আল্লাহে যাক সম্পদৰ ক্ষেত্ৰত প্ৰশস্ত তা প্ৰদান কৰিছে, সিনিজৰ সামৰ্থ অনুযায়ী তালাক দিয়া স্ত্ৰীৰ ওপৰত আৰু সন্তান-সন্ত তিৰ ওপৰত ব্যয় কৰা উচিত। আনহাতে যাক সম্পদৰ ক্ষেত্ৰত সংকীৰ্ণতা প্ৰদান কৰিছে, সিও নিজৰ সামৰ্থ অনুযায়ী তাৰ পৰা ব্যয় কৰা উচিত। আল্লাহে কাকো তাৰ সাধ্যাতীত কোনো বোজা অৰ্পণ নকৰে, তথা সাধ্যতকৈ অধিক ভাৰ কেতিয়াও অৰ্পণ নকৰে। যিটো সি নোৱাৰিব সেইটোও প্ৰদান নকৰে। অনতিপলমে আল্লাহে তাক সংকীৰ্ণতাৰ পিছত প্ৰশস্ত তা আৰু প্ৰাচুৰ্যতা প্ৰদান কৰিব। بلغ আল-কোৰআন · তাফছীৰ وكأين من قرية عتت عن أمرربها ورسله فحاسبنها حسابا شديدا وعذبنها عذابا نكرا
وَكَأَيِّن مِّن قَرْيَةٍ عَتَتْ عَنْ أَمْرِ رَبِّهَا وَرُسُلِهِۦ فَحَاسَبْنَـٰهَا حِسَابًۭا شَدِيدًۭا وَعَذَّبْنَـٰهَا عَذَابًۭا نُّكْرًۭا ﴿٨﴾
অতীতৰ এনেকু ৱা বহুতো জনপদবাসীয়ে নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল আৰু তেওঁৰ ৰাছুলসকলৰ অবাধ্যতা কৰিছিল, তেতিয়া আমি সিহঁ তৰ বেয়া কৰ্মৰ কঠি ন হিচাপ লৈছিলোঁ, লগতে পৃথিৱী আৰু আখিৰাতত সিহঁ তক কঠোৰ শাস্তি বিহিছোঁ। فذاقت وبال أمرها وكان عقبةأمرها خسرا
فَذَاقَتْ وَبَالَ أَمْرِهَا وَكَانَ عَـٰقِبَةُ أَمْرِهَا خُسْرًا ﴿٩﴾
সিহঁ তে নিজৰ বেয়া কৰ্মৰ পৰিণাম ভোগ কৰিছে। এতেকে সিহঁ তৰ পৃথিৱীৰ পৰিণামো হৈছে ক্ষতিকৰ আৰু আখিৰাতৰ পৰিণামো হৈছে ক্ষতিকৰ।
أَعَدَّ ٱللَّهُ لَهُمْ عَذَابًۭا شَدِيدًۭا ۖ فَٱتَّقُوا۟ ٱللَّهَ يَـٰٓأُو۟لِى ٱلْأَلْبَـٰبِ ٱلَّذِينَ ءَامَنُوا۟ ۚ قَدْ أَنزَلَ ٱللَّهُ إِلَيْكُمْ ذِكْرًۭا ﴿١٠﴾
আল্লাহে সিহঁ তৰ বাবে বৰ কঠোৰ শাস্তি প্ৰস্তু ত কৰি ৰাখিছে। এতেকে হে বিবেকবান লোকসকল, যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিছা! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা। যাতে তোমালোকে সেই শাস্তি ৰ সন্মুখীন হ'ব নালাগে, যিটোৰ সন্মুখীন সিহঁতে হৈছিল। আল্লাহে তোমালোকৰ প্ৰতি উপদেশ অৱতীৰ্ণ কৰিছে, যিটোৱে তোমালোকক তেওঁ ৰ অবাধ্যতাৰ বেয়া পৰিণামৰ পৰা সাৱধান কৰে আৰু তেওঁ ৰ আদেশ পালনত প্ৰে ৰণা যোগায় ।
رَّسُولًۭا يَتْلُوا۟ عَلَيْكُمْ ءَايَـٰتِ ٱللَّهِ مُبَيِّنَـٰتٍۢ لِّيُخْرِجَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ مِنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ ۚ وَمَن يُؤْمِنۢ بِٱللَّهِ وَيَعْمَلْ صَـٰلِحًۭا يُدْخِلْهُ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًۭا ۖ قَدْ أَحْسَنَ ٱللَّهُ لَهُۥ رِزْقًا ﴿١١﴾
এই উপদেশ দৰাচলতে তোমালোকৰ ওচৰত আল্লাহৰ ৰাছুলৰ ৰূপত আহিছে, যিয়ে তোমালোকৰ সন্মুখত আল্লাহৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰে, যিবোৰৰ মাজত কোনো সন্দে হ নাই। যাতে সেইসকল লোকক পথভ্ৰ ষ্টতাৰ অন্ধকাৰৰ পৰা হিদায় তৰ পোহৰলৈ আনিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁ ৰ ৰাছু লক সত্য বুলি স্বীকাৰ কৰিছে আৰু নেক আমল কৰিছে। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নেক আমল কৰিব আল্লাহে তাক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলেদি নিজৰাসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল থাকিব। নিশ্চয় আল্লাহে তাৰ বাবে উত্তম জীৱিকা প্ৰস্তু ত কৰি ৰাখিছে। তেওঁ তাক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ নিয়ামতসমূহ কেতিয়াও সমাপ্ত নহয় ।
ٱللَّهُ ٱلَّذِى خَلَقَ سَبْعَ سَمَـٰوَٰتٍۢ وَمِنَ ٱلْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ ٱلْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوٓا۟ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ وَأَنَّ ٱللَّهَ قَدْ أَحَاطَ بِكُلِّ شَىْءٍ عِلْمًۢا ﴿١٢﴾
আল্লাহ তেৱেঁই, যিয়ে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ সাতখন পৃথিৱীও। তাত আল্লাহৰ সাংসাৰিক আৰু ধাৰ্মিক আদেশসমূহ অৱতীৰ্ণ হয়। যাতে তোমালোকে জানিব পাৰা যে, নিশ্চয় আল্লাহ সকলো বিষয়তে সামৰ্থৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ সকলো বস্তু কে তেওঁৰ জ্ঞানৰ জৰিয় তে পৰিবেষ্ট ন কৰি ৰাখিছে। সেয়ে আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বিষয়ে ই তেওঁ ৰ পৰা গোপন নহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন