মুখ্য পৃষ্ঠাতাফছীৰAt-Tahrim (66)

তাফছীৰ At-Tahrim (66) — التحريم

মাদানী · 12 আয়াত

পঢ়ক · শুনকPDF ফাইল

يَـٰٓأَيُّهَا ٱلنَّبِىُّ لِمَ تُحَرِّمُ مَآ أَحَلَّ ٱللَّهُ لَكَ ۖ تَبْتَغِى مَرْضَاتَ أَزْوَٰجِكَ ۚ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌۭ ﴿١﴾

হে ৰাছুল! আপুনি আপোনাৰ দাসী মাৰিয়াৰ পৰা উপকৃ ত হোৱাক নিজৰ ওপৰত কিয় হাৰাম কৰিছে, যিটো আল্লাহে আপোনাৰ বাবে হালাল কৰিছে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ স্ত্ৰীসকলৰ সন্তু ষ্টি বিচাৰে নেকি যে, মাৰিয়াৰ ওচৰত গমন কৰিলে সিহঁতৰ আত্মসন্মানত আঘাত হানে? অথচ আল্লাহে আপোনাক ক্ষমা কৰিব আৰু আপোনাৰ প্ৰতি দয়া কৰিব।

قَدْ فَرَضَ ٱللَّهُ لَكُمْ تَحِلَّةَ أَيْمَـٰنِكُمْ ۚ وَٱللَّهُ مَوْلَىٰكُمْ ۖ وَهُوَ ٱلْعَلِيمُ ٱلْحَكِيمُ ﴿٢﴾

(হে নবীৰ অনুসাৰীসকল) আল্লাহে তোমালোকৰ বাবে প্ৰায় শ্চিত্যৰ জৰিয় তে শপতৰ পৰা ওলোৱাৰ উপায় কৰি দিছে, যদি তোমালোকে সেইটোতকৈ উত্তম বস্তু পোৱা অথবা শপত ভাঙিব বিচৰা। আল্লাহেই তোমালোকৰ সহায় ক। তেওঁ তোমালোকৰ অৱস্থা আৰু কল্যাণ সম্পৰ্কে সম্যক অৱগত। চৰীয় ত আৰু ভাগ্য নিৰ্ণয় ত তেওঁ মহাপ্ৰ জ্ঞাৱান।

وَإِذْ أَسَرَّ ٱلنَّبِىُّ إِلَىٰ بَعْضِ أَزْوَٰجِهِۦ حَدِيثًۭا فَلَمَّا نَبَّأَتْ بِهِۦ وَأَظْهَرَهُ ٱللَّهُ عَلَيْهِ عَرَّفَ بَعْضَهُۥ وَأَعْرَضَ عَنۢ بَعْضٍۢ ۖ فَلَمَّا نَبَّأَهَا بِهِۦ قَالَتْ مَنْ أَنۢبَأَكَ هَـٰذَا ۖ قَالَ نَبَّأَنِىَ ٱلْعَلِيمُ ٱلْخَبِيرُ ﴿٣﴾

তথা স্মৰণকৰা সেই সময় ছোৱাক, যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁ ৰ পত্নী হাফচা ৰাদ্বি য়াল্লাহু আনহাক এটা গোপন কথা কৈছিল যে, তেওঁ মাৰিয়াৰ ওচৰলৈ আৰু নাযাব। এই কথাষাৰ যেতিয়া হাফচা ৰাদ্বিয়াল্লাহু আনহাই আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাইছিল, ইপিনে আল্লাহেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰাইছিল যে, হাফচাই গোপন তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাফচাক ভৰ্ৎসনা কৰিলে আৰু এই সংক্ৰান্তীয় কিছুমান কথা ক'লে আৰু কিছুমান কথা নোকোৱাকৈ থাকিলে। তেতিয়া হাফচাই ক'লেঃ আপোনাক এইবোৰ কোনে কৈছে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মোক সেই সত্ত্বাই জনাইছে, যিজন সকলো বিষয়ে সৰ্বজ্ঞ আৰু প্ৰত্যেক গোপন তথ্য সম্পৰ্কে অৱগত।

إِن تَتُوبَآ إِلَى ٱللَّهِ فَقَدْ صَغَتْ قُلُوبُكُمَا ۖ وَإِن تَظَـٰهَرَا عَلَيْهِ فَإِنَّ ٱللَّهَ هُوَ مَوْلَىٰهُ وَجِبْرِيلُ وَصَـٰلِحُ ٱلْمُؤْمِنِينَ ۖ وَٱلْمَلَـٰٓئِكَةُ بَعْدَ ذَٰلِكَ ظَهِيرٌ ﴿٤﴾

তোমালোক দুয়ো তাওবা কৰা উচিত। কাৰণ তোমালোক দুয়োৰে অন্ত ৰে এইটো বিচাৰিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যাতে তেওঁ ৰ দাসীৰ পৰা দূৰৈত থাকে আৰু তাইক নিজৰ ওপৰত হাৰাম কৰি লয় , যদিও তেখেতে এইটো অপছন্দ কৰে। ইয়াৰ পিছতো যদি তোমালোকে তেখেতৰ বিৰুদ্ধে সৰৱ থাকা তেন্তে জানি থোৱা, স্বয়ং আল্লাহেই তেখেতৰ সংৰক্ষক আৰু সহায় ক। লগতে জিব্ৰীল আৰু মুমিনসকলেও তেখেতৰ সহায় -সহযোগকাৰী। তথা আল্লাহৰ সহায় ৰ পিছত ফিৰিস্তাসকলেও তেখেতৰ সহায় ক হ'ব আৰু সকলো প্ৰকাৰ নিৰ্যাতনকাৰীৰ বিৰুদ্ধে সহযোগিতা কৰিব। بلغ আল-কোৰআন · তাফছীৰ

عَسَىٰ رَبُّهُۥٓ إِن طَلَّقَكُنَّ أَن يُبْدِلَهُۥٓ أَزْوَٰجًا خَيْرًۭا مِّنكُنَّ مُسْلِمَـٰتٍۢ مُّؤْمِنَـٰتٍۢ قَـٰنِتَـٰتٍۢ تَـٰٓئِبَـٰتٍ عَـٰبِدَٰتٍۢ سَـٰٓئِحَـٰتٍۢ ثَيِّبَـٰتٍۢ وَأَبْكَارًۭا ﴿٥﴾

এয়া কোনো ডাঙৰ কথা নহয় যে, যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক তালাক দিয়ে, তেন্তে তেখেতৰ প্ৰতিপালকে তেখেতক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব, যিয়ে আল্লাহৰ আদেশ পালন কৰিব, তেওঁৰ ওপৰত তথা তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰিব। আল্লাহৰ আনুগত্য কৰিব আৰু গুনাহৰ পৰা তাওবা কৰিব। নিজ প্ৰতিপালকৰ ইবাদতকাৰী হ'ব, চওম পালনকাৰী হ'ব, বিধৱা হওক অথবা কু মাৰী। কিন্তু তেখেতে তেওঁ লোকক তালাক দিয়া নাছিল।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ قُوٓا۟ أَنفُسَكُمْ وَأَهْلِيكُمْ نَارًۭا وَقُودُهَا ٱلنَّاسُ وَٱلْحِجَارَةُ عَلَيْهَا مَلَـٰٓئِكَةٌ غِلَاظٌۭ شِدَادٌۭ لَّا يَعْصُونَ ٱللَّهَ مَآ أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ ﴿٦﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! নিজকে তথা নিজৰ পৰিয়ালক সেই ভয়াৱহ অগ্নিৰ পৰা বচোৱাৰ প্ৰস্তু তি লোৱা, যিটোক মানুহ আৰু শিলৰ জৰিয় তে উত্তপ্ত কৰা হ'ব। এই অগ্নিৰ বাবে এনেকু ৱা ফিৰিস্তা নিযুক্ত থাকিব, যিসকল প্ৰৱেশকাৰীসকলৰ বাবে হ'ব অত্যন্ত নিষ্ঠুৰ আৰু ৰূঢ় স্বভাৱৰ। আল্লাহে যেতিয়া তেওঁলোকক কোনো আদেশ কৰিব, তেওঁ লোকে সেই আদেশ কেতিয়াও অমান্য নকৰে। তেওঁ লোকে কোনো ধৰণৰ পলম নকৰাকৈ সেই আদেশ পালন কৰিব।

يَـٰٓأَيُّهَا ٱلَّذِينَ كَفَرُوا۟ لَا تَعْتَذِرُوا۟ ٱلْيَوْمَ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ ﴿٧﴾

ক্বি য়ামতৰ দিনা কাফিৰসকলক কোৱা হ'বঃ হে আল্লাহক অস্বীকাৰকাৰীসকল! আজি তোমালোকে নিজৰ কু ফু ৰী আৰু গুনাহৰ কাৰ্যক উচিত সাব্যস্ত কৰিবলৈ টালৈবাজি নকৰিবা। আজি তোমালোকৰ কোনো বাহানা গৃহীত নহ'ব। আজি তোমালোকক আল্লাহৰ লগত কু ফু ৰী কৰাৰ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰ কৰাৰ প্ৰতিদান দিয়া হ'ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ تُوبُوٓا۟ إِلَى ٱللَّهِ تَوْبَةًۭ نَّصُوحًا عَسَىٰ رَبُّكُمْ أَن يُكَفِّرَ عَنكُمْ سَيِّـَٔاتِكُمْ وَيُدْخِلَكُمْ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ يَوْمَ لَا يُخْزِى ٱللَّهُ ٱلنَّبِىَّ وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ ۖ نُورُهُمْ يَسْعَىٰ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَـٰنِهِمْ يَقُولُونَ رَبَّنَآ أَتْمِمْ لَنَا نُورَنَا وَٱغْفِرْ لَنَآ ۖ إِنَّكَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٨﴾

ى ى হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! তোমালোকে নিজৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত সত্য তাওবা কৰা। আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক ক্বি য়ামতৰ দিনা এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। সিদিনা আল্লাহে নবীক আৰু মুমিনসকলক জাহান্নামত প্ৰৱেশ কৰি অপমানিত নকৰিব। তেওঁলোকৰ জ্যোতি চিৰাতৰ ওপৰত তেওঁলোকৰ সন্মুখত আৰু সোঁফালে দৌৰি ফু ৰিব। তেতিয়া তেওঁ লোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰি দিয়া, যাতে আমি জান্নাতত প্ৰৱেশ কৰিব পাৰোঁ, আৰু যাতে মুনাফিকসকলৰ দৰে হৈ নাযাওঁ, যিসকলৰ জ্যোতি চিৰাতৰ ওপৰত নুমাই যাব। তথা আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। নিশ্চয় তুমি সকলো বস্তু ৰ ওপৰত ক্ষমতাৱান। এতেকে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰা আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা তোমাৰ বাবে কোনো ডাঙৰ কথা নহয় । بلغ আল-কোৰআন · তাফছীৰ

يَـٰٓأَيُّهَا ٱلنَّبِىُّ جَـٰهِدِ ٱلْكُفَّارَ وَٱلْمُنَـٰفِقِينَ وَٱغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَىٰهُمْ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمَصِيرُ ﴿٩﴾

হে ৰাছুল! কাফিৰসকলৰ লগত তৰোৱালৰ সহায়ত যুদ্ধ কৰক, আনহাতে মুনাফিকসকলৰ লগত মৌখিকভাৱে আৰু বিধান প্ৰতিষ্ঠা কৰিবলৈ জিহাদ কৰক। সিহঁ তৰ লগত কঠোৰ ব্যৱহাৰ কৰিব, যাতে সিহঁ তে আপোনাক ভয় কৰে। ক্বি য়ামতৰ দিনা সিহঁ তৰ ঠি কনা হ'ব জাহান্নাম। কিমান যেনিকৃ ষ্টসিহঁ তৰ ঠি কনা, য’ত সিহঁ তে প্ৰত্যাৱৰ্ত ন কৰিব।

ضَرَبَ ٱللَّهُ مَثَلًۭا لِّلَّذِينَ كَفَرُوا۟ ٱمْرَأَتَ نُوحٍۢ وَٱمْرَأَتَ لُوطٍۢ ۖ كَانَتَا تَحْتَ عَبْدَيْنِ مِنْ عِبَادِنَا صَـٰلِحَيْنِ فَخَانَتَاهُمَا فَلَمْ يُغْنِيَا عَنْهُمَا مِنَ ٱللَّهِ شَيْـًۭٔا وَقِيلَ ٱدْخُلَا ٱلنَّارَ مَعَ ٱلدَّٰخِلِينَ ﴿١٠﴾

আল্লাহ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰকাৰী সকলৰ বাবে আল্লাহে এটা উদাহৰণ দাঙি ধৰিছে, যিটো প্ৰমাণ কৰে যে, মুমিনসকলৰ লগত সিহঁ তৰ সুসম্পৰ্ক ই কোনো উপকাৰ সাধন নকৰিব। আল্লাহে উদাহৰণ দিছে দুজন নবীৰ স্ত্ৰীৰ, নূহ আৰু লূত আলাইহিমাচ্ছালামৰ স্ত্ৰীৰ। দুয়োজনী নাৰী দুজন নেক বান্দাৰ স্ত্ৰী আছিল। কিন্তু দুয়ো গৰাকী নাৰীয়ে নিজ নিজ স্বামীৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল আৰু আল্লাহৰ পথত বাধা সৃষ্টি কৰিছিল তথা কাফিৰসকলক সহায় কৰিছিল। এতেকে দুয়ো গৰাকী নাৰী দুজন নেক বান্দাৰ স্ত্ৰী হোৱাৰ পিছতো সেই সম্পৰ্কই সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত সিহঁতক কোৱা হ'লঃ কাফিৰ ফাছিক্ব সকলৰ লগত তোমালোকেও জাহান্নামত প্ৰৱেশ কৰা।

وَضَرَبَ ٱللَّهُ مَثَلًۭا لِّلَّذِينَ ءَامَنُوا۟ ٱمْرَأَتَ فِرْعَوْنَ إِذْ قَالَتْ رَبِّ ٱبْنِ لِى عِندَكَ بَيْتًۭا فِى ٱلْجَنَّةِ وَنَجِّنِى مِن فِرْعَوْنَ وَعَمَلِهِۦ وَنَجِّنِى مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ ﴿١١﴾

লগতে আল্লাহৰ প্ৰতি আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান পোষণকাৰীসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে। এই কথা সাব্যস্ত কৰাৰ বাবে যে, কাফিৰসকলৰ লগত সুসম্পৰ্ক থকাৰ পিছতো কোনো ক্ষতি নহয়, যেতিয়ালৈকে তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠি ত থাকিব। যেতিয়া তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে তোমাৰ ওচৰত জান্নাতত এটা গৃহ নিৰ্মাণ কৰা। লগতে মোক ফিৰআউনৰ অত্যাচাৰ আৰু তাৰ কু কৰ্মৰ পৰা ৰক্ষা কৰা, তথা মোক সেইসকল লোকৰ পৰা ৰক্ষা কৰা, যিসকলে অন্যায় -অত্যাচাৰত তাক অনুসৰণ কৰি নিজৰেই ক্ষতি সাধন কৰে।

وَمَرْيَمَ ٱبْنَتَ عِمْرَٰنَ ٱلَّتِىٓ أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهِ مِن رُّوحِنَا وَصَدَّقَتْ بِكَلِمَـٰتِ رَبِّهَا وَكُتُبِهِۦ وَكَانَتْ مِنَ ٱلْقَـٰنِتِينَ ﴿١٢﴾

আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীসকলৰ বাবে আল্লাহে মাৰয়াম বিন্তে ইমৰাণৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে নিজৰ লজ্জাস্থান ব্যভিচাৰৰ পৰা সুৰক্ষিত ৰাখিছিল। আল্লাহে জিব্ৰীলক তেওঁৰ ভিতৰত ফুঁ মাৰিবলৈ আদেশ দিছিল। ফলত তেওঁ আল্লাহৰ আদেশত ঈছা আলাইহিচ্ছালামক পিতৃ অবিহনেই গৰ্ভত ধাৰণ কৰিছিল। তথা তেওঁ আল্লাহৰ চৰীয় তক আৰু ৰাছু লৰ ওপৰত অৱতীৰ্ণ কিতাপসমূহক সত্য বুলি মানি লৈছিল, লগতে তেওঁ আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ আনুগত্যকাৰী সকলৰ অন্ত ৰ্ভু ক্তআছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · At-Tahrim — التحريم

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা