মুখ্য পৃষ্ঠাতাফছীৰAl-Mulk (67)

তাফছীৰ Al-Mulk (67) — الملك

মক্কী · 30 আয়াত

পঢ়ক · শুনকPDF ফাইল

تَبَـٰرَكَ ٱلَّذِى بِيَدِهِ ٱلْمُلْكُ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ ﴿١﴾

সকলো কল্যাণ আৰুবৰকত হৈছে কেৱল সেই আল্লাহৰহাতত, যাৰহাতত আছে সকলো সাম্ৰাজ্য। তেওঁ সকলো বস্তু ৰওপৰতে ক্ষমতাৱান। কোনেও তেওঁ ক পৰাজিত কৰিব নোৱাৰে।

ٱلَّذِى خَلَقَ ٱلْمَوْتَ وَٱلْحَيَوٰةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًۭا ۚ وَهُوَ ٱلْعَزِيزُ ٱلْغَفُورُ ﴿٢﴾

যিজনে মৃত্যু সৃষ্টি কৰিছে আৰু জীৱন সৃষ্টি কৰিছে। হে মানৱ, যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ কোনে সৰ্বোত্তম কৰ্ম কৰে। তেওঁ প্ৰভু ত্বশালী, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ তাওবাকাৰী বান্দাক ক্ষমা কৰিদিয়ে ।

ٱلَّذِى خَلَقَ سَبْعَ سَمَـٰوَٰتٍۢ طِبَاقًۭا ۖ مَّا تَرَىٰ فِى خَلْقِ ٱلرَّحْمَـٰنِ مِن تَفَـٰوُتٍۢ ۖ فَٱرْجِعِ ٱلْبَصَرَ هَلْ تَرَىٰ مِن فُطُورٍۢ ﴿٣﴾

যিয়ে তস্ৰে তস্ৰে সাতখন আকাশ সৃষ্টি কৰিছে, কোনো আকাশেই ওপৰত থকা আকাশৰ সৈতে বা তলত থকা আকাশৰ সৈতে সংযোগ হোৱা নাই। হে দৰ্শনকাৰীসকল! তোমালোকে আল্লাহৰ সৃষ্টি ত কোনো বিসংগতি আৰু অসমতা দেখিবলৈ নাপাবা। তু মি পুনৰ ঘূৰি চোৱা, তাত কিবা ফাট মেলিছেনে বা কোনো খুঁত আছেনে? কেতিয়াও তোমালোকে এইটো দেখা নাপাবা। বৰং দেখিবলৈ পাবা এক নিপুণ তথা সুদৃঢ় সৃষ্টি ।

ثُمَّ ٱرْجِعِ ٱلْبَصَرَ كَرَّتَيْنِ يَنقَلِبْ إِلَيْكَ ٱلْبَصَرُ خَاسِئًۭا وَهُوَ حَسِيرٌۭ ﴿٤﴾

আকৌ বাৰে বাৰে চোৱা, অৱশেষত তোমাৰ দৃষ্টি য়ে আকাশৰ সৃজনত কোনো ত্ৰুটি অথবা অপূৰ্ণতা নেদেখাকৈয়ে তু চ্ছআৰু ব্যৰ্থ হৈ তোমাৰ ফালেই ওভতি আহিব। আনকি ক্লাতন্হৈ গম নোপোৱাহৈ যাব।

وَلَقَدْ زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِمَصَـٰبِيحَ وَجَعَلْنَـٰهَا رُجُومًۭا لِّلشَّيَـٰطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ ٱلسَّعِيرِ ﴿٥﴾

আৰু আমি পৃথিৱীৰ নিকটতম আকাশক উজ্জল তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, লগতে সেই তৰাবোৰক চয় তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছোঁ, যিসকল চয় তানে চু ৰিকৰিগোপন কথা শ্ৰৱণ কৰিবলৈ প্ৰয়াস কৰে। ফলত এই তৰাবোৰেসিহঁ তক পুৰিপেলায় , লগতে আমি সিহঁ তৰবাবে জলন্ত অগ্নিপ্ৰ স্তু তকৰিৰাখিছোঁ।

وَلِلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ۖ وَبِئْسَ ٱلْمَصِيرُ ﴿٦﴾

আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰে সিহঁ তৰ বাবে ক্বি য়ামতৰ দিনা উত্তপ্ত অগ্নিৰ শাস্তি আছে, আৰু সেয়া অতি বেয়া প্ৰত্যাৱৰ্ত নস্থ ল য’ত সিহঁ তে ওভতি যাবলাগিব।

إِذَآ أُلْقُوا۟ فِيهَا سَمِعُوا۟ لَهَا شَهِيقًۭا وَهِىَ تَفُورُ ﴿٧﴾

যেতিয়া সিহঁ তক জাহান্নামত দলিওৱা হ'ব, তেতিয়া সিহঁ তে অতি বেয়া আৰু কঠোৰ শব্দ শুনিবলৈ পাব, আৰু সেই সময় ত জাহান্নাম প্ৰকাণ্ড পাত্ৰত বা ডেগচিত পানী উথলি থকাৰ দৰে উথলি থাকিব। بلغ আল-কোৰআন · তাফছীৰ

تَكَادُ تَمَيَّزُ مِنَ ٱلْغَيْظِ ۖ كُلَّمَآ أُلْقِىَ فِيهَا فَوْجٌۭ سَأَلَهُمْ خَزَنَتُهَآ أَلَمْ يَأْتِكُمْ نَذِيرٌۭ ﴿٨﴾

সেই অগ্নিয়ে তাৰভিতৰত প্ৰৱেশ কৰা কাফিৰবিলাকৰপ্ৰ তি প্ৰকোপৰকাৰণে ফাটি যোৱাৰবা ছিন্ন-ভিন্ন হোৱাৰউপক্ৰ ম হ’ব। যেতিয়াই তাৰভিতৰত প্ৰৱেশ কৰা কাফিৰ বিলাকৰ দলসমূহক দলিওৱা হ’ব তেতিয়াই তাত নিযুক্ত ফিৰিস্তাসকলে সিহঁ তক দলিয়াওঁতে ক’বঃ পৃথিৱীত তোমালোকৰ ওচৰত কোনো ৰাছু ল অহা নাছিলনে, যিয়ে তোমালোকক আল্লাহৰ শাস্তি ৰ পৰা সাৱধান কৰিছিল?

قَالُوا۟ بَلَىٰ قَدْ جَآءَنَا نَذِيرٌۭ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ ٱللَّهُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا فِى ضَلَـٰلٍۢ كَبِيرٍۢ ﴿٩﴾

তেতিয়া কাফিৰবিলাকে ক’বঃকিয় নহয় ,নিশ্চয় আমাৰওচৰলৈ ৰাছু ল আহিছিল। যিয়ে আমাক আল্লাহৰশাস্তি ৰভয় প্ৰদৰ্শন কৰাইছিল। কিন্তু আমি তাক অস্বীকাৰকৰিছিলোঁ আৰুতাক কৈছিলোঁঃমহান আল্লাহে কোনো অহী অৱতীৰ্ণ কৰা নাই। হে ৰাছু ল, তু মি সত্যৰপৰা বহুত দূৰত পথভ্ৰ ষ্টহৈ আছা।

وَقَالُوا۟ لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِىٓ أَصْحَـٰبِ ٱلسَّعِيرِ ﴿١٠﴾

লগতে সেই কাফিৰবিলাকে পৰিতাপ কৰি ক’বঃ আমি যদি উপকৃ ত হোৱাৰ বাবে শুনিলোঁহেঁতেন অথবা সত্য আৰু অসত্যৰ মাজত পৃথককাৰী ব্যক্তিসকলৰ দৰে বুজিলোঁহেঁতেন তেন্তে আজি আমি জাহান্নামত প্ৰৱেশকাৰী সকলৰ অন্ত ৰ্ভুক্ত নহ’লোঁহেঁতেন। বৰং ৰাছুলসকলৰ প্ৰতি ঈমান আনিলোঁহেঁ তেন, তেখেতসকলে আনা সংবাদক সত্য বুলি মানিলোঁহেঁ তেন আৰু জান্নাতত প্ৰৱেশকাৰীসকলৰ অন্ত ৰ্ভু ক্তহ’ব পাৰিলোঁহেঁ তেন।

فَٱعْتَرَفُوا۟ بِذَنۢبِهِمْ فَسُحْقًۭا لِّأَصْحَـٰبِ ٱلسَّعِيرِ ﴿١١﴾

এতেকে সিহঁ তে নিজৰ কু ফু ৰীৰ কথা আৰু অস্বীকাৰ কৰাৰ কথা স্বীকাৰ কৰিব আৰু জাহান্নামৰ অধিবাসী হ’ব। সেয়ে হে ধিক্কাৰ জাহান্নামীবিলাকৰ প্ৰতি।

إِنَّ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ لَهُم مَّغْفِرَةٌۭ وَأَجْرٌۭ كَبِيرٌۭ ﴿١٢﴾

যিসকলে একান্ত অৱস্থাত আল্লাহক ভয় কৰে, তেওঁ লোকৰবাবে আছে গুনাহৰপৰা মু ক্তি আৰু ডাঙৰপৰিণাম অৰ্থাৎ জান্নাত আছে।

وَأَسِرُّوا۟ قَوْلَكُمْ أَوِ ٱجْهَرُوا۟ بِهِۦٓ ۖ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿١٣﴾

হে মানৱ,তোমালোকে নিজৰকথাগোপন কৰাবাব্যক্ত কৰা,সেই বিষয়ে আল্লাহ ভালকৈয়ে অৱগত। নিশ্চয় পৱিত্ৰআল্লাহ বান্দাসকলৰঅন্ত ৰৰকথাও জানে। তেওঁ ৰপৰা কোনো বস্তু ৱেগোপন নহয় ।

أَلَا يَعْلَمُ مَنْ خَلَقَ وَهُوَ ٱللَّطِيفُ ٱلْخَبِيرُ ﴿١٤﴾

যিয়ে গোটেই সৃষ্টি জগতক সৃষ্টি কৰিছে,তেওঁ গোপন বিষয় সম্পৰ্কে তথাগোপনতকৈও গোপন বস্তু সম্পৰ্কে নাজানিবনে? অথচ তেওঁ বান্দাসকলৰ বিষয়ে সূক্ষ্মদৰ্শী আৰু বান্দাসকলৰ অৱস্থা সম্পৰ্কে ও সম্যক অৱগত। তেওঁ ৰ পৰা কোনো বস্তু ৱেই গোপন নহয় ।

هُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ ذَلُولًۭا فَٱمْشُوا۟ فِى مَنَاكِبِهَا وَكُلُوا۟ مِن رِّزْقِهِۦ ۖ وَإِلَيْهِ ٱلنُّشُورُ ﴿١٥﴾

তেৱেঁই যিজনে পৃথিৱীসৃষ্টি কৰিছে আৰুতোমালোকৰবাবেইয়াক বসবাস উপযোগীবনাইছে। সেয়ে হে তোমালোকে তাৰবিভিন্ন প্ৰান্ত ত পৰিভ্ৰ মণ কৰা আৰু তোমালোকৰ বাবে পৃথিৱীত ৰাখি থোৱা জীৱিকাবোৰৰ পৰা আহাৰ কৰা। জানি থোৱা! কেৱল তেওঁৰ ফালেই হিচাপ- নিকাচৰ বাবে প্ৰত্যাগমন কৰিব লাগিব। بلغ আল-কোৰআন · তাফছীৰ

ءَأَمِنتُم مَّن فِى ٱلسَّمَآءِ أَن يَخْسِفَ بِكُمُ ٱلْأَرْضَ فَإِذَا هِىَ تَمُورُ ﴿١٦﴾

তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভ য় হৈছা নেকি, যিজন আকাশত আছে? তোমালোকৰ বাবে বসবাস উপযোগী এই ভূ মিক তেওঁ তোমালোকৰ তলৰ পৰা বিদীৰ্ণ কৰিব নোৱাৰিবনে, যিদৰে কাৰুণক ভূ মিস্খলনৰ দ্বাৰা মাটি ৰ তলত পুতি পেলাইছিল? তেতিয়া দেখিবা এই স্থি ৰ থকা ভূ মি হঠাৎ তোমালোকক লৈ থৰথৰকৈ কঁ পিবলৈ ধৰিব?

أَمْ أَمِنتُم مَّن فِى ٱلسَّمَآءِ أَن يُرْسِلَ عَلَيْكُمْ حَاصِبًۭا ۖ فَسَتَعْلَمُونَ كَيْفَ نَذِيرِ ﴿١٧﴾

নাইবা তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভ য় হৈছা নেকি, যিজন আকাশত আছে, যে তেওঁ তোমালোকৰ ওপৰত আকাশৰ পৰা শিল বৰ্ষণ নকৰিব, যিদৰে লুত আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰ ওপৰত বৰ্ষণ কৰিছিল? শীঘ্ৰে ই তোমালোকে নিজ চকু ৰে মোৰ শাস্তি চাই লোৱাৰ পিছত নিশ্চয় মোৰ এই সতৰ্ক তাৰবাস্ত ৱতাজানিবলৈ পাবা। কিন্তু শাস্তি চাই লোৱাৰপিছত তোমালোকৰঈমান কোনোকামত নাহিব।

وَلَقَدْ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ فَكَيْفَ كَانَ نَكِيرِ ﴿١٨﴾

এই মুশ্বৰিকসকলৰ আগৰ জাতিবোৰেও অস্বীকাৰ কৰিছিল। যেতিয়া সিহঁ তে নিজৰ কু ফু ৰী আৰু অস্বীকাৰ কাৰ্য্যৰ ওপৰত অটল আছিল, তেতিয়া সিহঁ তৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল। গতিকে চোৱাচোন! মোৰ ফালৰ পৰা সিহঁ তৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেনেকু ৱা আছিল? এই গ্ৰে প্তাৰী আছিল অতি কঠোৰ।

أَوَلَمْ يَرَوْا۟ إِلَى ٱلطَّيْرِ فَوْقَهُمْ صَـٰٓفَّـٰتٍۢ وَيَقْبِضْنَ ۚ مَا يُمْسِكُهُنَّ إِلَّا ٱلرَّحْمَـٰنُ ۚ إِنَّهُۥ بِكُلِّ شَىْءٍۭ بَصِيرٌ ﴿١٩﴾

এই অস্বীকাৰকাৰী বিলাকে নিজৰ ওপৰত চৰাইবোৰক উৰি থকা লক্ষ্য কৰা নাইনে, যিবোৰে কেতিয়াবা শূ ন্যত পাখী মেলি দিয়ে আৰু কেতিয়া সংকু চিত কৰে। মহান আল্লাহেই এইবোৰক পৰি নোযোৱাকৈ আকাশত স্থি ৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তু ৰ সম্যক দ্ৰষ্টা। তেওঁৰ পৰা কোনো বস্তু ৱেই গোপন নহয় ।

أَمَّنْ هَـٰذَا ٱلَّذِى هُوَ جُندٌۭ لَّكُمْ يَنصُرُكُم مِّن دُونِ ٱلرَّحْمَـٰنِ ۚ إِنِ ٱلْكَـٰفِرُونَ إِلَّا فِى غُرُورٍ ﴿٢٠﴾

হে কাফিৰসকল, যদি মহান আল্লাহে তোমালোকক শাস্তি দিব বিচাৰে, তেন্তে তোমালোকৰ এনেকু ৱা কোনো সৈন্য বাহিনী নাই যিয়ে এই শাস্তি ৰ পৰা তোমালোকক ৰক্ষাকৰিবপাৰিব। কাফিৰসকলআছে কেৱলপ্ৰ ৱঞ্চনাৰমাজতহে। চয় তানে সিহঁ তক প্ৰৱঞ্চনাত লিপ্ত কৰিছে।

أَمَّنْ هَـٰذَا ٱلَّذِى يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُۥ ۚ بَل لَّجُّوا۟ فِى عُتُوٍّۢ وَنُفُورٍ ﴿٢١﴾

যদি আল্লাহে তেওঁৰজীৱকা বন্ধ কৰিদিয়ে তেন্তে কোনেও তোমালোকক জীৱিকা প্ৰদান কৰিবনোৱাৰে। বৰঞ্চ প্ৰকৃ ত কথাটো হৈছে কাফিৰবিলাকে বিদ্বে ষ আৰুঅহংকাৰত পতিত হৈছে লগতে সত্যৰপৰাদূৰত অৱস্থান কৰিছে।

أَفَمَن يَمْشِى مُكِبًّا عَلَىٰ وَجْهِهِۦٓ أَهْدَىٰٓ أَمَّن يَمْشِى سَوِيًّا عَلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٢٢﴾

যি ব্যক্তিয়ে নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে (অৰ্থাৎ মুশ্বৰিকসকল) সিহঁ তে বেছি হিদায় ত প্ৰাপ্ত , নে সেইজন মুমিন ব্যক্তি হিদায় তপ্ৰাপ্ত , যিয়ে পোন হৈ সৰল পথত খোজ কাঢ়ে ? بلغ আল-কোৰআন · তাফছীৰ

قُلْ هُوَ ٱلَّذِىٓ أَنشَأَكُمْ وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَٱلْأَفْـِٔدَةَ ۖ قَلِيلًۭا مَّا تَشْكُرُونَ ﴿٢٣﴾

হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয় কঃ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু শুনিবলৈ কাণ দিছে, দেখিবলৈ চকু দিছে আৰু বুজিবলৈ অন্ত ৰ দিছে। কিন্তু তথাপিও তোমালোকৰ মাজৰ কেৱল কিছু সংখ্যক লোকেহে আল্লাহৰ ফালৰ পৰা লাভ কৰা অনুগ্ৰ হ বা অৱদানবোৰৰ কৃ তজ্ঞতাপালন কৰে।

قُلْ هُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ ﴿٢٤﴾

হে ৰাছু ল, এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয় কঃ তেৱেই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে আৰু তাত প্ৰসাৰিত কৰিছে। তোমালোকৰ সেই মূ ৰ্তিবোৰে নহয় যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে। কেৱল আল্লাহ তাআলাৰ ওচৰতেই তোমালোকক ক্বি য়ামতৰ দিনা হিচাপ-নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত বা সমবেত কৰা হ’ব। তোমালোকৰমূ ৰ্তিবোৰৰওচৰত নহয় । গতিকে একমাত্ৰ তেওঁ কেই ভয় কৰা আৰু কেৱল তেওঁ ৰেই ইবাদত কৰা।

وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٢٥﴾

আৰু পুনৰুত্থান অস্বীকাৰকাৰীসকলে পুনৰুত্থানক অসম্ভ ৱ বুলি ভাবি কয়ঃ হে মু হাম্মদ! তু মি আৰু তোমাৰ অনু সাৰীসকলে আমাক যিটো দিৱসৰ কথা কৈ আছা,যদি তোমালোকে এই দাবীত সত্যবাদীহোৱা,তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়াবাস্ত বায়ি ত হ’ব?

قُلْ إِنَّمَا ٱلْعِلْمُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌۭ مُّبِينٌۭ ﴿٢٦﴾

হে ৰাছু ল আপুনি কৈ দিয় কঃক্বি য়ামতৰজ্ঞান কেৱল আল্লাহৰওচৰতহে আছে। ক্বি য়ামত কেতিয়া সংঘটি ত হ’ব,এই কথা তেওঁ ৰবাহিৰেআন কোনেও নাজানে। মইতোকেৱলস্পষ্ট সতৰ্ক কাৰীহে মাত্ৰ।

فَلَمَّا رَأَوْهُ زُلْفَةًۭ سِيٓـَٔتْ وُجُوهُ ٱلَّذِينَ كَفَرُوا۟ وَقِيلَ هَـٰذَا ٱلَّذِى كُنتُم بِهِۦ تَدَّعُونَ ﴿٢٧﴾

যেতিয়া ক্বি য়ামতৰ দিনা সিহঁ তৰ ওচৰত সেই প্ৰতিশ্ৰুতি আহি যাব, যাৰ বিষয়ে সিহঁ তক কথা দিয়া হৈছিল আৰু সিহঁ তে তাক নিজ চকু ৰে দেখিবলৈ পাব, তেতিয়া কাফিৰ বিলাকৰ মুখমণ্ডল ম্লান হৈ পৰিব আৰু সিহঁ তক কোৱা হ’বঃ এইটোৱে হৈছে সেই শাস্তি যিটোক তোমালোকে পৃথিৱীত বিচাৰি আছিলা আৰু খৰখেদা কৰিছিলা।

قُلْ أَرَءَيْتُمْ إِنْ أَهْلَكَنِىَ ٱللَّهُ وَمَن مَّعِىَ أَوْ رَحِمَنَا فَمَن يُجِيرُ ٱلْكَـٰفِرِينَ مِنْ عَذَابٍ أَلِيمٍۢ ﴿٢٨﴾

হে ৰাছু ল, আপুনি এই মুশ্বৰিকবিলাকৰ ভ্ৰান্ত ধাৰণা খণ্ডন কৰি কৈ দিয় কঃ তোমালোকে মোক কোৱাচোন, যদি আল্লাহে মোক মৃত্যু প্ৰদান কৰে আৰু মোৰ মুমিন সঙ্গীসকলকো মৃত্যু প্ৰদান কৰা হয় , নাইবা আমাৰ প্ৰতি যদি ক্ষমাৰ দৃষ্টি ৰে চোৱা হয় আৰু আমাৰ মৃত্যুক যদি পিছু ৱাই দিয়া হয় তেন্তে কাফিৰবিলাকক কষ্ঠ দায় ক শাস্তি ৰ পৰা কোনে ৰক্ষা কৰিব? নিঃসন্দে হে সিহঁ তক কোনেও বচাব নোৱাৰে।

قُلْ هُوَ ٱلرَّحْمَـٰنُ ءَامَنَّا بِهِۦ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٢٩﴾

হে ৰাছু ল, এই মুশ্বৰিকবিলাকক কৈ দিয় কঃ তেৱেঁই পৰম কৰুণাময় যিয়ে তোমালোকক কেৱল তেওঁৰ উপাসনাৰ ফালে আহ্বান কৰি আছে। আমি তেওঁৰ ওপৰতেই বিশ্বাস স্থাপন কৰিছোঁ। কেৱল তেওঁৰ ওপৰতেই সকলো কামৰ ক্ষেত্ৰতে নিৰ্ভ ৰ কৰোঁ। সেয়ে হে তোমালোকে নিশ্চিতৰূপে জানিবলৈ পাবাযে,কোন স্পষ্ট পথভ্ৰ ষ্টতাত আছে আৰুকোন সঠি ক পথত আছে। بلغ আল-কোৰআন · তাফছীৰ

قُلْ أَرَءَيْتُمْ إِنْ أَصْبَحَ مَآؤُكُمْ غَوْرًۭا فَمَن يَأْتِيكُم بِمَآءٍۢ مَّعِينٍۭ ﴿٣٠﴾

হে ৰাছু ল, এই মুশ্বৰিকবিলাকক কৈ দিয় কঃ মোক কোৱাচোন তোমালোকে যি পানী খোৱাৰ কাৰণে ব্যৱহাৰ কৰা, সেই পানী যদি পৃথিৱীৰ তললৈ গুচি যায় আৰু তোমালোকৰ ক্ষমতাৰ বাহিৰত যায় , তেন্তে তোমালোকৰ বাবে খোৱাৰ উপযোগী প্ৰবাহিত পানী কোনে আনি দিব? জানি থোৱা! আল্লাহৰ বাহিৰে আন কাৰো ক্ষমতা নাই। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Mulk — الملك

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা