মুখ্য পৃষ্ঠাতাফছীৰAl-Jumu'a (62)

তাফছীৰ Al-Jumu'a (62) — الجمعة

মাদানী · 11 আয়াত

পঢ়ক · শুনকPDF ফাইল

يُسَبِّحُ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ٱلْمَلِكِ ٱلْقُدُّوسِ ٱلْعَزِيزِ ٱلْحَكِيمِ ﴿١﴾

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টি য়ে আল্লাহক সেই সকলো ত্ৰুটি ৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয় । তেৱেঁই একক সম্ৰাট, ৰাজত্ব কেৱল তেওঁৰেই। তেওঁ সকলো ধৰণৰ দোষ-ত্ৰুটি ৰ পৰা পৱিত্ৰ। তেওঁ প্ৰভুত্ব শালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয় ত প্ৰণয় নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান।

هُوَ ٱلَّذِى بَعَثَ فِى ٱلْأُمِّيِّـۧنَ رَسُولًۭا مِّنْهُمْ يَتْلُوا۟ عَلَيْهِمْ ءَايَـٰتِهِۦ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَإِن كَانُوا۟ مِن قَبْلُ لَفِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٢﴾

তেৱেঁই আৰবীয়ানসকলৰ মাজত, যিসকলে লিখা-পঢ়া একোৱে জনা নাছিল, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰে ৰণ কৰিলে। যিজনে সিহঁতক তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহ পাঠ কৰি শুনায় । লগতে সিহঁতক কু ফৰ তথা কু -ব্যৱহাৰৰ পৰা পৱিত্ৰ কৰে, আৰু কোৰআন শিকায় লগতে ছুন্নাহৰ শিক্ষা প্ৰদান কৰে। তেওঁৰ নুবুওৱতৰ পূৰ্বে সিহঁত স্পষ্ট ৰূপে সত্যৰ পৰা পথভ্ৰ ষ্টহৈ আছিল। ফলত সিহঁ তে মূৰ্তি পূজা কৰিছিল, ৰক্ত প্ৰবাহিত কৰিছিল আৰু আত্মীয় তাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিছিল।

وَءَاخَرِينَ مِنْهُمْ لَمَّا يَلْحَقُوا۟ بِهِمْ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٣﴾

এই ৰাছুলক আন আন আৰবীয়ান তথা অনাৰবীয়ান সকলৰ ওচৰলৈও প্ৰে ৰণ কৰিছে, যিসকলে এতিয়াও আগমন কৰা নাই, কিন্তু শীঘ্ৰে ই আহিব। তেওঁ প্ৰভুত্ব শালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয় ত প্ৰণয় নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান।

ذَٰلِكَ فَضْلُ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ ۚ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ ﴿٤﴾

উক্ত বিষয় টো (অৰ্থাৎ আৰব তথা অনাৰবসকলৰ ওচৰলৈ ৰাছুল প্ৰে ৰণ কৰাটো) হৈছে আল্লাহৰ এটা অনুগ্ৰ হ, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। আল্লাহ অত্যন্ত অনুগ্ৰ হকাৰী। তেওঁৰ অন্যতম এটা ডাঙৰ অনুগ্ৰ হ হৈছে এই যে, তেওঁ এই উম্মতৰ ৰাছুলক গোটেই মানৱজাতিৰপ্ৰ তি প্ৰে ৰণ কৰিছে।

مَثَلُ ٱلَّذِينَ حُمِّلُوا۟ ٱلتَّوْرَىٰةَ ثُمَّ لَمْ يَحْمِلُوهَا كَمَثَلِ ٱلْحِمَارِ يَحْمِلُ أَسْفَارًۢا ۚ بِئْسَ مَثَلُ ٱلْقَوْمِ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِ ٱللَّهِ ۚ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ ﴿٥﴾

ه যিসকল ইয়াহুদীক তৌৰাতৰ বিধান অনুসৰি আমল কৰিবলৈ আদেশ দিয়া হৈছিল, কিন্তু সিহঁতে সেই মতে আমল কৰা নাছিল। সিহঁ তৰ উদাহৰণ হৈছে গাধৰ দৰে, যিয়ে ডাঙৰ ডাঙৰ কিতাপ পিঠি ত বহন কৰে কিন্তু সি গম নাপায় তাৰ পিঠি য়ে কি কঢ়ি য়াই নিছে। সেইবোৰ কিতাপ নে অইন কিবা? বৰ বেয়া উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, بلغ আল-কোৰআন · তাফছীৰ আৰু আল্লাহে অত্যাচাৰীসকলক সত্যত উপনীত হ'বলৈ সামৰ্থ নিদিয়ে ।

قُلْ يَـٰٓأَيُّهَا ٱلَّذِينَ هَادُوٓا۟ إِن زَعَمْتُمْ أَنَّكُمْ أَوْلِيَآءُ لِلَّهِ مِن دُونِ ٱلنَّاسِ فَتَمَنَّوُا۟ ٱلْمَوْتَ إِن كُنتُمْ صَـٰدِقِينَ ﴿٦﴾

صدقين হে ৰাছুল! আপুনি কৈ দিয় কঃ ইয়াহুদী ধৰ্ম বিকৃত হোৱাৰ পাছতো তাৰ ওপৰত প্ৰতিষ্ঠি ত থকা হে লোকসকল! যদি তোমালোকে নিজকে আল্লাহৰ অলী বুলি গণ্য কৰা, লগতে যদি তোমালোকে ভাবা যে, তেওঁ অন্যান্য লোকসকলক এৰি বন্ধুত্ব ৰ সৌভাগ্য কেৱল তোমালোককহে প্ৰদান কৰিছে, তেন্তে তোমালোকে মৃত্যু কামনা কৰাচোন, যাতে আল্লাহে তোমালোকক সেইবোৰ বস্তু অতি সোনকালে প্ৰদান কৰিব পাৰে, যিটো তেওঁ (তোমালোকৰ ধাৰণা অনুযায়ী) তোমালোকৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে। যদি তোমালোকে তোমালোকৰ এই দাবীত সত্যবাদী যে, কেৱল তোমালোকেই আল্লাহৰ বন্ধু, আন কোনো নহয় (তেন্তে মৃত্যু কামনা কৰা)।

وَلَا يَتَمَنَّوْنَهُۥٓ أَبَدًۢا بِمَا قَدَّمَتْ أَيْدِيهِمْ ۚ وَٱللَّهُ عَلِيمٌۢ بِٱلظَّـٰلِمِينَ ﴿٧﴾

সিহঁ তে কেতিয়াও মৃত্যু কামনা নকৰিব, বৰং সিহঁ তে কৰা পাপকৰ্ম, অন্যায় -অত্যাচাৰ তথা তৌৰাতত পৰিবৰ্ত ন-পৰিবৰ্ধন আৰু বিকৃ ত কৰাৰ কাৰণে সদায় পৃথিৱীতেই থাকিব বিচাৰিব। আল্লাহে অত্যাচাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত। সিহঁতৰ কোনো আমলেই তেওঁৰ পৰা গোপন নহয় । শীঘ্ৰে ই তেওঁ সিহঁ তক ইয়াৰ প্ৰতিদান দিব।

قُلْ إِنَّ ٱلْمَوْتَ ٱلَّذِى تَفِرُّونَ مِنْهُ فَإِنَّهُۥ مُلَـٰقِيكُمْ ۖ ثُمَّ تُرَدُّونَ إِلَىٰ عَـٰلِمِ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ ﴿٨﴾

بما كنتم تعملون হে ৰাছু ল! এই ইয়াহুদী বিলাকক কৈ দিয় কঃ নিশ্চয় সেই মৃত্যু, যিটোৰ পৰা তোমালোকে পলায় ন কৰি আছা, অৱশ্যে তোমালোকক সাক্ষাৎ কৰিব, সোনকালে হওক অথবা পলমকৈ। তাৰ পিছত তোমালোকে ক্বি য়ামতৰ দিনা আল্লাহৰ ফালে প্ৰত্যাৱৰ্ত ন কৰিবা। তেওঁ দৃশ্য অদৃশ্য সকলো বিষয়ে অৱগত, এই উভয় বিষয় ৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । তেতিয়া তেওঁ তোমালোকক সেই সকলো কথা অৱগত কৰিব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা আৰু তোমালোকক তাৰ প্ৰতিদান দিব।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا نُودِىَ لِلصَّلَوٰةِ مِن يَوْمِ ٱلْجُمُعَةِ فَٱسْعَوْا۟ إِلَىٰ ذِكْرِ ٱللَّهِ وَذَرُوا۟ ٱلْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌۭ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ ﴿٩﴾

خير ل كم إن كنتمتعلمون হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! জুমুআৰ দিনা ইমাম মিম্বৰত উঠাৰ পিছত মুআজ্জিনে যেতিয়া ছালাতৰ বাবে আজান দিয়ে , তেতিয়া তোমালোকে খুৎবা শুনিবলৈ আৰু ছালাত আদায় কৰিবলৈ মছজিদৰ পিনে অগ্ৰ সৰ হোৱা আৰু ক্ৰয় -বিক্ৰ য় বন্ধ কৰা, যাতে ই তোমালোকক ইবাদতৰ পৰা অমনোযোগী নকৰে। হে মুমিনসকল! জুমুআৰ আজানৰ পিছত ছালাতৰ বাবে যোৱা আৰু ক্ৰয় -বিক্ৰ য় বন্ধ কৰাটো হৈছে তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে আল্লাহেতোমালোকক যি আদেশ কৰিছে সেয়া পালনকৰা। بلغ আল-কোৰআন · তাফছীৰ

فَإِذَا قُضِيَتِ ٱلصَّلَوٰةُ فَٱنتَشِرُوا۟ فِى ٱلْأَرْضِ وَٱبْتَغُوا۟ مِن فَضْلِ ٱللَّهِ وَٱذْكُرُوا۟ ٱللَّهَ كَثِيرًۭا لَّعَلَّكُمْ تُفْلِحُونَ ﴿١٠﴾

تفلحون তাৰ পিছত যেতিয়া তোমালোকে জুমআৰ ছালাত সম্পন্ন কৰিবা, তেতিয়া তোমালোকে হালাল জীৱিকাৰ অনুসন্ধানত আৰু নিজৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে পৃথিৱীত প্ৰসাৰিত হৈ যাবা, আৰু হালাল উপাৰ্জ ন তথা বৈধ লাভৰ জৰিয় তে আল্লাহৰ অনুগ্ৰ হ সন্ধান কৰিবা। জীৱিকা উপাৰ্জনৰ সময়তো আল্লাহক বেছি বেছি স্মৰণ কৰিবা। লগতে মনত ৰাখিবা জীৱিকাৰ অনুসন্ধানে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী কৰিব নোৱাৰে। যাতে তোমালোকে সেই বস্তু লাভ কৰিবলৈ সফল হ'ব পাৰা, যিটোক তোমালোকে ভাল পোৱা, আৰু সেই বস্তু ৰ পৰা মুক্তি পাব পাৰা যিটোক তোমালোকে ভয় কৰা।

وَإِذَا رَأَوْا۟ تِجَـٰرَةً أَوْ لَهْوًا ٱنفَضُّوٓا۟ إِلَيْهَا وَتَرَكُوكَ قَآئِمًۭا ۚ قُلْ مَا عِندَ ٱللَّهِ خَيْرٌۭ مِّنَ ٱللَّهْوِ وَمِنَ ٱلتِّجَـٰرَةِ ۚ وَٱللَّهُ خَيْرُ ٱلرَّٰزِقِينَ ﴿١١﴾

ه হে ৰাছুল! যেতিয়া কিছুমান মুছলমানে ব্যৱসায়ি ক পণ্য বা খেল সামগ্ৰী দেখিবলৈ পায় , তেতিয়া তেওঁলোকে আপোনাক মিম্বৰৰ ওপৰত থিয় অৱস্থাতে এৰি থৈ সেই ফালে ওলাই যায় । হে ৰাছু ল! আপুনি কৈ দিয় কঃ আল্লাহৰ ওচৰত ভাল কৰ্মৰ যি প্ৰতিদান আছে, সেয়া ব্যৱসায় আৰু খেল-ধেমালিতকৈ উত্তম, যিবোৰৰ ফালে তোমালোকে দৌৰি যোৱা। নিশ্চয় আল্লাহ হৈছে সৰ্বোত্তম জীৱিকা দাতা। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Jumu'a — الجمعة

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা