মুখ্য পৃষ্ঠাতাফছীৰAs-Saff (61)

তাফছীৰ As-Saff (61) — الصف

মাদানী · 14 আয়াত

পঢ়ক · শুনকPDF ফাইল

سَبَّحَ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿١﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যি যি আছে, সেই সকলোৱে আল্লাহক প্ৰত্যেক এনেকু ৱা বস্তু ৰ পৰা পাক তথা পৱিত্ৰতা ঘোষণা কৰে, যিবোৰ তেওঁৰ উপযুক্ত নহয় । তেওঁ প্ৰভুত্ব শালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয় ত প্ৰণয় নত মহা প্ৰজ্ঞাৱান।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لِمَ تَقُولُونَ مَا لَا تَفْعَلُونَ ﴿٢﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰীসকল! তোমালোকে কিয় এনেকৈ কোৱা যে, আমি ইটো আৰু সিটো কৰিছোঁ, অথচ প্ৰকৃ ততে তোমালোকে সেইটো কৰাই নাই? উদাহৰণস্বৰূপে তোমালোকৰ কোনোবাই যদি কয় যে, মই নিজৰ তৰোৱালেৰে যুদ্ধ কৰিছোঁ আৰু শত্ৰুৰ ওপৰত আঘাত হানিছোঁ, অথচ সি তৰোৱালেৰে যুদ্ধ কৰা নাইআৰু শত্ৰুক আঘাতো কৰা নাই।

كَبُرَ مَقْتًا عِندَ ٱللَّهِ أَن تَقُولُوا۟ مَا لَا تَفْعَلُونَ ﴿٣﴾

এনেকু ৱা ধৰণৰ মনেসজা কথা আল্লাহৰ ওচৰত খুবেইঅপ্ৰি য় ।অৰ্থাৎ যিটো কাম তোমালোকে কৰা নাই, সেইকামৰ শ্ৰে য় লোৱাটো হৈছে নিকৃ ষ্টমানসিকতা। মুমিনসকলে আল্লাহৰ ওচৰতف সত্যবাদী হোৱা উচিত, যাতে তেওঁৰ কৰ্মই তেওঁৰ কথাক সমৰ্থন কৰে।

إِنَّ ٱللَّهَ يُحِبُّ ٱلَّذِينَ يُقَـٰتِلُونَ فِى سَبِيلِهِۦ صَفًّۭا كَأَنَّهُم بُنْيَـٰنٌۭ مَّرْصُوصٌۭ ﴿٤﴾

নিশ্চয় আল্লাহে সেইজন মুমিন বান্দাক ভাল পায় , যিয়ে তেওঁৰ পথত তেওঁৰ সন্তু ষ্টি প্ৰাপ্তি ৰ বাবে এনেকৈ শাৰীবদ্ধ হৈ যুদ্ধ কৰে, যেনিবা পকী বেৰ, ইটোৰ লগত সিটো লগ লাগি আছে।

وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِۦ يَـٰقَوْمِ لِمَ تُؤْذُونَنِى وَقَد تَّعْلَمُونَ أَنِّى رَسُولُ ٱللَّهِ إِلَيْكُمْ ۖ فَلَمَّا زَاغُوٓا۟ أَزَاغَ ٱللَّهُ قُلُوبَهُمْ ۚ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَـٰسِقِينَ ﴿٥﴾

ى আৰু হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰ দায়ক কৈছিলঃ হে মোৰ সম্প্ৰ দায় ৰ লোকসকল! তোমালোকে মোৰ আদেশ উলংঘা কৰি মোক কষ্ট দিয়া কিয় , অথচ তোমালোকে জানা যে, মই হৈছোঁ তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰে ৰিত ৰাছুল? এতেকে যেতিয়া সিহঁতে সেই সত্যৰ পৰা আঁতৰি গ’ল, যিটো মুছা আলাইহিচ্ছালামে সিহঁ তৰ ওচৰলৈ আনিছিল, তেতিয়া আল্লাহে সিহঁ তৰ অন্ত ৰক সত্য আৰু ইছলামৰ প্ৰতি অটু ট থাকিবলৈ তাওফীক লাভৰ পৰা দূৰ কৰি দিলে। (এতেকে জানি থোৱা) আল্লাহে সেইসকল লোকক সত্যৰ তাওফীক নিদিয়ে , যিসকলে তেওঁৰ আনুগত্যৰ পৰা আঁতৰি যায় । بلغ আল-কোৰআন · তাফছীৰ

وَإِذْ قَالَ عِيسَى ٱبْنُ مَرْيَمَ يَـٰبَنِىٓ إِسْرَٰٓءِيلَ إِنِّى رَسُولُ ٱللَّهِ إِلَيْكُم مُّصَدِّقًۭا لِّمَا بَيْنَ يَدَىَّ مِنَ ٱلتَّوْرَىٰةِ وَمُبَشِّرًۢا بِرَسُولٍۢ يَأْتِى مِنۢ بَعْدِى ٱسْمُهُۥٓ أَحْمَدُ ۖ فَلَمَّا جَآءَهُم بِٱلْبَيِّنَـٰتِ قَالُوا۟ هَـٰذَا سِحْرٌۭ مُّبِينٌۭ ﴿٦﴾

হেৰাছু ল! সেইসময় ছোৱাক স্মৰণ কৰক, যেতিয়া ঈছা ইবনেমাৰয়াম আলাইহিচ্ছালামে কৈছিল, হেবনী ইছৰাঈল! নিশ্চয় মইহৈছোঁ আল্লাহৰ ৰাছু ল, মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক সমৰ্থন কৰিবলৈ মোক তোমালোকৰ ওচৰলৈ প্ৰে ৰণ কৰা হৈছে। এতেকে মই কোনো নতু ন ৰাছু ল নহয় , লগতে মোক এজন ৰাছু লৰ সুসংবাদ দিবলৈ প্ৰে ৰণ কৰা হৈছে, যিজন মোৰ পিছত আহিব, তেওঁৰ নাম হ'ব আহমদ। যেতিয়া ঈছা আলাইহিচ্ছালামে সিহঁতৰ ওচৰত নিজৰ সমৰ্থনত দলিল প্ৰমাণ দাঙি ধৰিলে, তেতিয়া সিহঁতে ক'লেঃ এয়া দেখোন স্পষ্ট যাদু। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ।

وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ ٱلْكَذِبَ وَهُوَ يُدْعَىٰٓ إِلَى ٱلْإِسْلَـٰمِ ۚ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ ﴿٧﴾

আৰু সেই ব্যক্তিতকৈ ডাঙৰ অত্যাচাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা ৰচনা কৰে, তথা তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি তেওঁৰ বাহিৰে সেইবোৰৰ পূজা অৰ্চ না কৰে। অথচ তাক ইছলামৰ ফালে আহ্বান কৰা হৈছে, যিটো নিৰ্ভে জাল সঠি ক তাওহীদৰ ধৰ্ম। আল্লাহে সেইসকল লোকক হিদায় ত আৰু সত্যৰ পথ নেদেখুৱায় , যিসকলে শ্বিৰ্ক আৰু পাপ কৰ্মৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰে।

يُرِيدُونَ لِيُطْفِـُٔوا۟ نُورَ ٱللَّهِ بِأَفْوَٰهِهِمْ وَٱللَّهُ مُتِمُّ نُورِهِۦ وَلَوْ كَرِهَ ٱلْكَـٰفِرُونَ ﴿٨﴾

এই অস্বীকাৰকাৰীসকলে নিজৰ মিছা কথাৰ দ্বাৰা আৰু সত্যক বিকৃ ত কৰি আল্লাহৰ জ্যোতিক নুমাই দিব বিচাৰে। পক্ষান্ত ৰে আল্লাহে তেওঁৰ ধৰ্মক পৃথিৱীৰ চৌদিশে প্ৰসাৰিত কৰি তেওঁৰ কলিমাক পূৰ্ণতা প্ৰদান কৰিব, যদিওঁ সিহঁ তে অপছন্দ কৰে।

هُوَ ٱلَّذِىٓ أَرْسَلَ رَسُولَهُۥ بِٱلْهُدَىٰ وَدِينِ ٱلْحَقِّ لِيُظْهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ وَلَوْ كَرِهَ ٱلْمُشْرِكُونَ ﴿٩﴾

আল্লাহ তেৱেঁই, যিয়ে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম ধৰ্মৰ সৈতে প্ৰে ৰণ কৰিছে। যি ধৰ্মই সত্য আৰু কল্যাণৰ পথ দেখুৱায় তথা এইটো হৈছে উপকাৰী জ্ঞান আৰু সত্ কৰ্মৰ ধৰ্ম, যাতে এই ধৰ্মক সকলো ধৰ্মতকৈ উচ্চ কৰি দিয়ে , যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে, তথা সিহঁ তে নিবিচাৰে যে, এই ধৰ্ম পৃথিৱীত প্ৰতিষ্ঠি ত হওক।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ هَلْ أَدُلُّكُمْ عَلَىٰ تِجَـٰرَةٍۢ تُنجِيكُم مِّنْ عَذَابٍ أَلِيمٍۢ ﴿١٠﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! মই তোমালোকক এটা লাভদায় ক ব্যৱসায় ৰ পথ দেখুৱাই দিমনে, যিটোৱে তোমালোকক কষ্ট দায় ক শাস্তি ৰ পৰা ৰক্ষা কৰিব? بلغ আল-কোৰআন · তাফছীৰ

تُؤْمِنُونَ بِٱللَّهِ وَرَسُولِهِۦ وَتُجَـٰهِدُونَ فِى سَبِيلِ ٱللَّهِ بِأَمْوَٰلِكُمْ وَأَنفُسِكُمْ ۚ ذَٰلِكُمْ خَيْرٌۭ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ ﴿١١﴾

تعلمون এই লাভদায় ক ব্যৱসায় টো হৈছে এই যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁৰ পথত নিজৰ ধন খৰচ কৰি আৰু নিজৰ প্ৰাণ আহুতি দি তেওঁৰ সন্তু ষ্টি লাভৰ বাবে যুদ্ধ কৰা। এই আমল তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত, তেন্তে ইয়াৰ ফালে সোনকালে অগ্ৰ সৰ হোৱা।

يَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَيُدْخِلْكُمْ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ وَمَسَـٰكِنَ طَيِّبَةًۭ فِى جَنَّـٰتِ عَدْنٍۢ ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿١٢﴾

আৰু এই ব্যৱসায় ৰ লাভাংশ হৈছে এই যে, আল্লাহে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰা প্ৰৱাহিত হ'ব, আৰু তোমালোকক চিৰস্থায়ী জান্নাতৰ উৎকৃ ষ্টঘৰবোৰত প্ৰৱেশ কৰাব। এই প্ৰতিদানেই সেই ডাঙৰ সফলতা, যাৰ সমান আন কোনো সফলতাই হ'ব নোৱাৰে।

وَأُخْرَىٰ تُحِبُّونَهَا ۖ نَصْرٌۭ مِّنَ ٱللَّهِ وَفَتْحٌۭ قَرِيبٌۭ ۗ وَبَشِّرِ ٱلْمُؤْمِنِينَ ﴿١٣﴾

এই ব্যৱসায় ৰ আৰু এটা লাভ আছে, যিটোক তোমালোকে ভাল পোৱা আৰু সেইটো পৃথিৱীতেই অৰ্জ ন হয় , সেয়া হৈছে আল্লাহে তোমালোকক তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব আৰু তোমালোকে শীঘ্ৰে ইএটা বিজয় লাভ কৰিবা অৰ্থাৎ মক্কা জয় কৰিবা। এতেকে হে ৰাছু ল! আপুনি মুমিনসকলক সুসংবাদ দিয় ক, যিটোৱে তেওঁলোকক আনন্দি ত কৰিব অৰ্থাৎ পৃথিৱীত সহায় প্ৰাপ্ত হোৱাৰ আৰু পৰকালত জান্নাত লাভ কৰাৰ সুসংবাদ।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ كُونُوٓا۟ أَنصَارَ ٱللَّهِ كَمَا قَالَ عِيسَى ٱبْنُ مَرْيَمَ لِلْحَوَارِيِّـۧنَ مَنْ أَنصَارِىٓ إِلَى ٱللَّهِ ۖ قَالَ ٱلْحَوَارِيُّونَ نَحْنُ أَنصَارُ ٱللَّهِ ۖ فَـَٔامَنَت طَّآئِفَةٌۭ مِّنۢ بَنِىٓ إِسْرَٰٓءِيلَ وَكَفَرَت طَّآئِفَةٌۭ ۖ فَأَيَّدْنَا ٱلَّذِينَ ءَامَنُوا۟ عَلَىٰ عَدُوِّهِمْ فَأَصْبَحُوا۟ ظَـٰهِرِينَ ﴿١٤﴾

ى হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! ৰাছুলে তোমালোকৰ ওচৰলৈ লৈ অহা দ্বীন ইছলামক সহায় কৰি আল্লাহৰ সহায় ক হৈ যোৱা। ঠি ক সেইদৰে যিদৰে হাৱাৰীসকলে সহায় কৰিছিল, যেতিয়া ঈছা আলাইহিচ্ছালামে তেওঁলোকক কৈছিলঃ আল্লাহৰ দ্বীন প্ৰচাৰৰ ক্ষেত্ৰত মোক কোনে কোনে সহায় কৰিবা? তেতিয়া তেওঁলোকে ক্ষীপ্ৰ তাৰে উত্তৰ দিছিল যে, আমি হম আল্লাহৰ সহায় ক। ফলত বনী ইছৰাঈলৰ এটা দলে ঈছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান আনিছিল আৰু আনটো দলে তেখেতক মানিবলৈ অস্বীকাৰ কৰিছিল। এতেকে আমি সেইসকল লোকক কাফিৰসকলৰ বিৰুদ্ধে সমৰ্থন কৰিছিলোঁ, যিসকলে ঈছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান পোষণ কৰিছিল। অৱশেষত তেওঁলোকে সিহঁ তৰ ওপৰত বিজয় লাভ কৰিছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · As-Saff — الصف

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা