মুখ্য পৃষ্ঠাতাফছীৰAl-Mumtahana (60)

তাফছীৰ Al-Mumtahana (60) — الممتحنة

মাদানী · 13 আয়াত

পঢ়ক · শুনকPDF ফাইল

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ عَدُوِّى وَعَدُوَّكُمْ أَوْلِيَآءَ تُلْقُونَ إِلَيْهِم بِٱلْمَوَدَّةِ وَقَدْ كَفَرُوا۟ بِمَا جَآءَكُم مِّنَ ٱلْحَقِّ يُخْرِجُونَ ٱلرَّسُولَ وَإِيَّاكُمْ ۙ أَن تُؤْمِنُوا۟ بِٱللَّهِ رَبِّكُمْ إِن كُنتُمْ خَرَجْتُمْ جِهَـٰدًۭا فِى سَبِيلِى وَٱبْتِغَآءَ مَرْضَاتِى ۚ تُسِرُّونَ إِلَيْهِم بِٱلْمَوَدَّةِ وَأَنَا۠ أَعْلَمُ بِمَآ أَخْفَيْتُمْ وَمَآ أَعْلَنتُمْ ۚ وَمَن يَفْعَلْهُ مِنكُمْ فَقَدْ ضَلَّ سَوَآءَ ٱلسَّبِيلِ ﴿١﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! মোৰ শত্ৰু আৰু তোমালোকৰ নিজৰ শত্ৰুসকলৰ সৈতে বন্ধুত্ব কৰি মুহাব্বত তথা ঘনিষ্ট তাৰ সৃষ্টি নকৰিবা। যিহেতু সিহঁ তে সেই চৰীয় তক অস্বীকাৰ কৰিছে, যিটো তোমালোকৰ ওচৰত নবীৰ জৰিয় তে তোমালোকলৈ আহিছে। সিহঁ তে ৰাছু লক তেখেতৰ ঘৰৰ পৰা আৰু তোমালোকক মক্কাত অৱস্থি ত তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছে। তোমালোকৰ প্ৰতি সিহঁ তে দয়াৰ দৃষ্টি ৰে তথা আত্মীয় তাৰ খাতিৰতো কোনো সহানু ভূ তি নেদেখুৱায় । ইয়াৰ মূ ল কাৰণটো হৈছে, তোমালোকে নিজ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। এতেকে যদি তোমালোকে জিহাদৰ বাবে আৰু মোৰ সন্তু ষ্টি প্ৰাপ্তি ৰ বাবে মোৰ পথত ওলাইছা তেন্তে সিহঁ তৰ সৈতে বন্ধুত্ব নকৰিবা। সিহঁ তৰ প্ৰতি বন্ধুত্ব ৰ হাত আগবঢ়াই মুছলমানৰ গোপন খবৰবোৰ সিহঁ তক প্ৰদান কৰিব বিচৰা নেকি, অথচ মই তোমালোকৰ সকলো কথাই জানো, যিবোৰ তোমালোকে গোপনে কৰা তথা যিবোৰ তোমালোকে প্ৰকাশ্যভাৱে কৰা। মোৰ পৰা এনেকু ৱা তথ্য তথা ইয়াৰ বাহিৰেও অন্যান্য কোনো কথাই গোপন নহয় । এতেকে যিয়ে কাফিৰসকলৰ সৈতে বন্ধুত্ব গঢ়ি তু লিব তেন্তে জানি থোৱা! সি সঠি ক পথৰ পৰা আঁতৰি গৈছে, আৰু সত্যৰ পৰা দূৰৈত গৈছে, সত্যতাৰ পৰা বিচ্ছিন্ন হৈ গৈছে।

إِن يَثْقَفُوكُمْ يَكُونُوا۟ لَكُمْ أَعْدَآءًۭ وَيَبْسُطُوٓا۟ إِلَيْكُمْ أَيْدِيَهُمْ وَأَلْسِنَتَهُم بِٱلسُّوٓءِ وَوَدُّوا۟ لَوْ تَكْفُرُونَ ﴿٢﴾

যদি সিহঁতে তোমালোকক পাবলৈ সফল হৈ যায় তেন্তে সিহঁতে সেই শত্ৰুতাৰ বহিঃপ্ৰ কাশ কৰিব যিটো সিহঁতৰ অন্ত ৰত লুকাই আছে। সিহঁতে তোমালোকক কষ্ট দিবলৈ তথা মাৰপিট কৰিবলৈ সিহঁ তৰ হাত আগবঢ়াব, লগতে গালি-শপনি পাৰিবলৈ নিজৰ মুখ লাগামহীনভাৱে এৰি দিব, লগতে সিহঁ তে এই কথাৰ কামনা কৰে যে, যদি তোমালোকেও আল্লাহ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰ কৰি সিহঁ তৰ দৰে হৈ গ’লাহেঁ তেন।

لَن تَنفَعَكُمْ أَرْحَامُكُمْ وَلَآ أَوْلَـٰدُكُمْ ۚ يَوْمَ ٱلْقِيَـٰمَةِ يَفْصِلُ بَيْنَكُمْ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌۭ ﴿٣﴾

তোমালোকৰ আত্মীয় -স্বজন তথা সন্তান-সন্ত তিসকলে তোমালোকৰ একো উপকাৰ সাধিব নোৱাৰিব যদি তোমালোকে সিহঁ তৰ কাৰণে কাফিৰসকলৰ সৈতে বন্ধুত্ব কৰা। ক্বি য়ামতৰ দিনা আল্লাহে তোমালোকৰ মাজত দূৰত্ব সৃষ্টি কৰি দিব। এতেকে জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু তোমালোকৰ মাজৰ পৰস্পৰে পৰস্পৰক কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ সকলো কৰ্ম চাই আছে। তোমালোকৰ কোনো কামেই তেওঁ ৰ পৰা গোপন নহয় , আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিব।

قَدْ كَانَتْ لَكُمْ أُسْوَةٌ حَسَنَةٌۭ فِىٓ إِبْرَٰهِيمَ وَٱلَّذِينَ مَعَهُۥٓ إِذْ قَالُوا۟ لِقَوْمِهِمْ إِنَّا بُرَءَٰٓؤُا۟ مِنكُمْ وَمِمَّا تَعْبُدُونَ مِن دُونِ ٱللَّهِ كَفَرْنَا بِكُمْ وَبَدَا بَيْنَنَا وَبَيْنَكُمُ ٱلْعَدَٰوَةُ وَٱلْبَغْضَآءُ أَبَدًا حَتَّىٰ تُؤْمِنُوا۟ بِٱللَّهِ وَحْدَهُۥٓ إِلَّا قَوْلَ إِبْرَٰهِيمَ لِأَبِيهِ لَأَسْتَغْفِرَنَّ لَكَ وَمَآ أَمْلِكُ لَكَ مِنَ ٱللَّهِ مِن شَىْءٍۢ ۖ رَّبَّنَا عَلَيْكَ تَوَكَّلْنَا وَإِلَيْكَ أَنَبْنَا وَإِلَيْكَ ٱلْمَصِيرُ ﴿٤﴾

হে মুমিনসকল! তোমালোকৰ বাবে ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেখেতৰ লগত থকা মুমিনসকলৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেখেতে তেখেতৰ কাফিৰ সম্প্ৰ দায় ক কৈছিলঃ আমি তোমালোকৰ পৰা আৰু তোমালোকৰ সেই মূ ৰ্তিবোৰৰ পৰা বিচ্ছেদ ঘোষণা কৰোঁ, যিবোৰক তোমালোকে আল্লাহৰবাহিৰেপূজা-পাঠ কৰা। তোমালোক যি ধৰ্ম পালন কৰিআছাআমি সেই ধৰ্মক নস্যাৎ কৰিছোঁ। আমাৰআৰুতোমালোকৰমাজত বিদ্বে ষ আৰু হিংসা প্ৰকট হৈছে, (আৰু এই বিদ্বে ষ তেতিয়ালৈকে থাকিব) যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি বিশ্বাস পোষণ নকৰিবা আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰা এৰি নিদিবা। গতিকে তোমালোকেও তেওঁলোকৰ দৰে নিজৰ কাফিৰ জাতিৰ পৰা বিচ্ছেদ ঘোষণা কৰা উচিত। কিন্তু ইব্ৰাহিম আলাইহিচ্ছালামে তেখেতৰ পিতৃ ক উদ্দেশ্যি কৰা এই মন্ত ব্যটো সুকীয়া, “মই আল্লাহৰ ওচৰত আপোনাৰ বাবে নিশ্চয় ক্ষমা বিচাৰিম”। সেয়ে তোমালোকে তেখেতৰ এই কথাক আদৰ্শ হিচাপে নল’বা। কিয় নো এই কথা তেখেতে তেখেতৰ পিতৃ ৰ প্ৰতি নিৰাশ হোৱাৰ আগতেই কৈছিল। জানি থোৱা উচিত যে, কোনো মু শ্বৰিকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা কোনো মু মিনৰ বাবে উচিত নহয় । আপুনিও আল্লাহৰ কোনো শাস্তি ক আপোনাৰ পৰা بلغ আল-কোৰআন · তাফছীৰ অকণো দূৰ কৰিব নোৱাৰে। হে আমাৰ প্ৰতিপালক! আমি সকলো ক্ষেত্ৰতে তোমাৰ ওপৰত ভৰসা কৰোঁ, আৰু আমি তোমাৰ ফালেই তাওবা কৰি ওভোতিছোঁ। তোমাৰ ওচৰতেই ক্বি য়ামতৰ দিনা আমাৰসকলোৰে প্ৰত্যাৱৰ্ত ন।

رَبَّنَا لَا تَجْعَلْنَا فِتْنَةًۭ لِّلَّذِينَ كَفَرُوا۟ وَٱغْفِرْ لَنَا رَبَّنَآ ۖ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٥﴾

হে আমাৰ প্ৰতিপালক! কাফিৰসকলক আমাৰ ওপৰত কৰ্তৃ ত্বপ্ৰদান কৰি তু মি আমাক পৰীক্ষাৰ সন্মুখীন নকৰিবা। ফলত সিহঁ তে যাতে এইটো ক’ব নোৱাৰে যে, যদি সিহঁ ত সত্যৰ ওপৰত প্ৰতিষ্ঠি ত হ’লহেঁ তেন তেন্তে আমাক সিহঁ তৰ ওপৰত কৰ্তৃ ত্বপ্ৰদান কৰা নহ’লহেঁ তেন। হে আমাৰ প্ৰতিপালক! আমাৰপাপসমূহ ক্ষমাকৰিদিয়া। নিশ্চয় তু মিয়ে ই প্ৰভুত্ব শালী,যাক কোনেও পৰাজিত কৰিবনোৱাৰে। তু মি তোমাৰসৃষ্টি ৰক্ষেত্ৰত,চৰীয় ত প্ৰণয় নত আৰুনিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান।

لَقَدْ كَانَ لَكُمْ فِيهِمْ أُسْوَةٌ حَسَنَةٌۭ لِّمَن كَانَ يَرْجُوا۟ ٱللَّهَ وَٱلْيَوْمَ ٱلْـَٔاخِرَ ۚ وَمَن يَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ ﴿٦﴾

এই উত্তম আদৰ্শ তেৱেঁই পালন কৰিব, যিয়ে পৃথিৱী আৰু পৰকালত আল্লাহৰ পৰা কল্যাণ আশা কৰে। আনহাতে যিয়ে এই উত্তম আদৰ্শৰ পৰা মুখ ঘূৰাই ল’বতেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰবান্দাসকলৰপৰাঅমুখাপেক্ষী। সিহঁ তৰআজ্ঞাপালনৰপ্ৰ তি তেওঁ মুখাপেক্ষীনহয় । তেওঁ সকলো সময় তেপ্ৰ শংসনীয় ।

۞ عَسَى ٱللَّهُ أَن يَجْعَلَ بَيْنَكُمْ وَبَيْنَ ٱلَّذِينَ عَادَيْتُم مِّنْهُم مَّوَدَّةًۭ ۚ وَٱللَّهُ قَدِيرٌۭ ۚ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌۭ ﴿٧﴾

হে মুমিনসকল! এয়া কোনো ডাঙৰ কথা নহয় যে, আল্লাহে তোমালোকৰ আৰু সেইসকল কাফিৰৰ মাজত মুহাব্বত সৃষ্টি কৰি দিব যিসকলৰ সৈতে তোমালোকে শত্ৰুতা পোষণ কৰা। এই উপায়ে যে, তেওঁ সিহঁ তক ইছলামৰ পথ দেখুৱাই দিব, ফলত সিহঁ তে তোমালোকৰইছলামী ভাই হৈ যাব, আৰু আল্লাহ মহাক্ষমতাৱান। নিশ্চয় তেওঁ সিহঁতৰ অন্ত ৰ ঈমানৰ ফালে ঘূৰাই দিবলৈ সক্ষম। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী (ক্ষমা প্ৰাৰ্থনাকাৰী) বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁ লোকৰ প্ৰতি দয়ালু।

لَّا يَنْهَىٰكُمُ ٱللَّهُ عَنِ ٱلَّذِينَ لَمْ يُقَـٰتِلُوكُمْ فِى ٱلدِّينِ وَلَمْ يُخْرِجُوكُم مِّن دِيَـٰرِكُمْ أَن تَبَرُّوهُمْ وَتُقْسِطُوٓا۟ إِلَيْهِمْ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُقْسِطِينَ ﴿٨﴾

আল্লাহে তোমালোকক সিহঁ তৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ তথা সিহঁ তৰ মাজত ন্যায় কৰিবলৈ অৰ্থাৎ সিহঁ তক সিহঁ তৰ অধিকাৰ দিবলৈ নিষেধ নকৰে, যিসকলে তোমালোকৰ বিৰুদ্ধে ইছলামৰ কাৰণে যুদ্ধ কৰা নাই আৰু তোমালোকক তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰো কৰা নাই। নিশ্চয় আল্লাহে সেইসকল ন্যায় কাৰীক ভাল পায় , যিসকলে স্বয়ং নিজৰ আৰু নিজ পৰিয়ালৰ তথা আত্মীয় ৰ লগত ন্যায় কৰে।

إِنَّمَا يَنْهَىٰكُمُ ٱللَّهُ عَنِ ٱلَّذِينَ قَـٰتَلُوكُمْ فِى ٱلدِّينِ وَأَخْرَجُوكُم مِّن دِيَـٰرِكُمْ وَظَـٰهَرُوا۟ عَلَىٰٓ إِخْرَاجِكُمْ أَن تَوَلَّوْهُمْ ۚ وَمَن يَتَوَلَّهُمْ فَأُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ ﴿٩﴾

বৰং আল্লাহে তোমালোকক সেইসকল লোকৰ সৈতে বন্ধুত্ব কৰিবলৈ নিষেধ কৰে, যিসকলে তোমালোকৰ বিৰুদ্ধে তোমালোকৰ ঈমানৰ কাৰণে যুদ্ধ কৰে, আৰু তোমালোকক তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছে, তথা তোমালোকক বহিষ্কাৰ কৰাত সহায় কৰিছে, এনেকুৱা লোকৰ সৈতে তোমালোকক বন্ধুত্ব কৰিবলৈ নিষেধ কৰা হৈছে। এতেকে তোমালোকৰ মাজৰ যিসকলে এনেকু ৱা লোকৰ লগত বন্ধুত্ব কৰিব তেন্তে (জানি থোৱা) সিহঁ তেই নিজৰওপৰত অত্যাচাৰকাৰী। কিয় নো সিহঁ তে আল্লাহৰআদেশৰবিৰোধিতা কৰিনিজকে ধংসৰস্থানত নিক্ষেপ কৰিছে। بلغ আল-কোৰআন · তাফছীৰ

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا جَآءَكُمُ ٱلْمُؤْمِنَـٰتُ مُهَـٰجِرَٰتٍۢ فَٱمْتَحِنُوهُنَّ ۖ ٱللَّهُ أَعْلَمُ بِإِيمَـٰنِهِنَّ ۖ فَإِنْ عَلِمْتُمُوهُنَّ مُؤْمِنَـٰتٍۢ فَلَا تَرْجِعُوهُنَّ إِلَى ٱلْكُفَّارِ ۖ لَا هُنَّ حِلٌّۭ لَّهُمْ وَلَا هُمْ يَحِلُّونَ لَهُنَّ ۖ وَءَاتُوهُم مَّآ أَنفَقُوا۟ ۚ وَلَا جُنَاحَ عَلَيْكُمْ أَن تَنكِحُوهُنَّ إِذَآ ءَاتَيْتُمُوهُنَّ أُجُورَهُنَّ ۚ وَلَا تُمْسِكُوا۟ بِعِصَمِ ٱلْكَوَافِرِ وَسْـَٔلُوا۟ مَآ أَنفَقْتُمْ وَلْيَسْـَٔلُوا۟ مَآ أَنفَقُوا۟ ۚ ذَٰلِكُمْ حُكْمُ ٱللَّهِ ۖ يَحْكُمُ بَيْنَكُمْ ۚ وَٱللَّهُ عَلِيمٌ حَكِيمٌۭ ﴿١٠﴾

ه হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! যেতিয়া তোমালোকৰ ওচৰত মুমিনা মহিলাসকলে কু ফু ৰৰ ভূমিৰ পৰা ঈমানৰ ভূ মিলৈ হিজৰত কৰি আহে, তেতিয়া তোমালোকে সিহঁ তৰ ঈমানৰ সত্যতা পৰীক্ষা কৰিবা। আল্লাহে সিহঁ তৰ ঈমান সম্পৰ্কে অধিক জ্ঞাত। সিহঁ তৰ অন্ত ৰৰ কোনো খবৰেই তেওঁৰ পৰা গোপন নহয় । যদি পৰীক্ষাৰ পিছত সিহঁ তৰ ঈমানৰ সত্যতা প্ৰকাশ পায় আৰু তোমালোকে গম পোৱা যে, সিহঁ ত প্ৰকৃ ত মুমিন তেন্তে সিহঁ তক সিহঁ তৰ কাফিৰ স্বামীৰ ওচৰলৈ ওভোতাই নপঠাবা। মুমিনা মহিলাৰ নিকাহ কাফিৰৰ লগত বৈধ নহয় । এইদৰে কাফিৰসকলৰ বাবেও মু মিনা নাৰীক বিবাহ পাশত আৱদ্ধ কৰোৱা বৈধ নহয় । এতেকে সিহঁ তৰ স্বামীসকলক মোহৰৰ বাবত খৰচ হোৱা ধন ঘূৰাই দিয়া। হে মুমিনসকল! তোমালোকৰ বাবে কোনো পাপ নহ'ব, যদি তোমালোকে সিহঁ তৰ ইদ্দত পাৰ হোৱাৰ পিছত সিহঁ তক বিবাহ কৰোৱা, আৰু সিহঁ তক সিহঁ তৰমোহৰআদায় দিয়া। আনহাতে যাৰস্ত্ৰী কাফিৰা বা ইছলাম ত্যাগ কৰিছে, তেনেকু ৱা স্ত্ৰীক বিবাহ পাশত নাৰাখিবা। কিয় নো তাইৰঈমান শেষ হৈ যোৱাৰ লগে লগে বিবাহ বিচ্ছেদ হৈ গৈছে। সেয়ে কাফিৰসকলৰ পৰা ইছলাম ত্যাগ কৰা নিজৰ স্ত্ৰীৰ মোহৰ বিচাৰিবা, যিবোৰ তু মি তাইৰ বাবে খৰচ কৰিছিলা। এইদৰে সিহঁ তেও সিহঁ তৰ ইছলাম গ্ৰহণকাৰীণী স্ত্ৰীসকলৰ মোহৰ বিচৰা উচিত। এইটো (তোমালোকৰ আৰু সিহঁ তৰ তৰফৰ পৰা মোহৰ ঘূৰাই পোৱাৰ আবেদন কৰা বিধানটো হৈছে) আল্লাহৰ আদেশ। তেওঁ তোমালোকৰ মাজত যি ইচ্ছা কৰে সেইটোৱে নিৰ্ধাৰণ কৰে। আল্লাহ তেওঁৰ বান্দাসকলৰপৰিস্থি তি আৰুকৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰপৰাকোনোবিষয়ে ই গোপন নহয় । বান্দাসকলৰবাবেচৰীয় ত প্ৰণয় ন কৰাত তেওঁ মহাপ্ৰ জ্ঞাময় ।

وَإِن فَاتَكُمْ شَىْءٌۭ مِّنْ أَزْوَٰجِكُمْ إِلَى ٱلْكُفَّارِ فَعَاقَبْتُمْ فَـَٔاتُوا۟ ٱلَّذِينَ ذَهَبَتْ أَزْوَٰجُهُم مِّثْلَ مَآ أَنفَقُوا۟ ۚ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِىٓ أَنتُم بِهِۦ مُؤْمِنُونَ ﴿١١﴾

أنتم به مؤمنون আৰু যদি এনেকু ৱা হয় যে, তোমালোকৰ কিছু মান স্ত্ৰী ইছলাম বৰ্জ ন কৰি কাফিৰ বিলাকৰ ওচৰলৈ গুচি যায় আৰু তোমালোকে কাফিৰসকলৰ পৰা সিহঁ তৰ মোহৰ ঘূৰাই বিচৰা কিন্তু সিহঁ তে ঘূৰাই দিবলৈ মান্তি নহয় , তেন্তে তোমালোকে কাফিৰসকলৰ পৰা গনিমত স্বৰূপে পোৱা সম্পদৰ পৰা ইছলাম বৰ্জ ন কৰি ঘূৰি যোৱা স্ত্ৰীসকলৰ পতিসকলক সিহঁ তৰ মোহৰৰ পৰিমাণ ধন আদায় দিবা। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু বোৰৰপৰা বিৰত থাকি তেওঁ ৰতাক্ব ৱা অৱলম্বন কৰা, যাৰপ্ৰ তি তোমালোকে ঈমান পোষণ কৰিছা।

يَـٰٓأَيُّهَا ٱلنَّبِىُّ إِذَا جَآءَكَ ٱلْمُؤْمِنَـٰتُ يُبَايِعْنَكَ عَلَىٰٓ أَن لَّا يُشْرِكْنَ بِٱللَّهِ شَيْـًۭٔا وَلَا يَسْرِقْنَ وَلَا يَزْنِينَ وَلَا يَقْتُلْنَ أَوْلَـٰدَهُنَّ وَلَا يَأْتِينَ بِبُهْتَـٰنٍۢ يَفْتَرِينَهُۥ بَيْنَ أَيْدِيهِنَّ وَأَرْجُلِهِنَّ وَلَا يَعْصِينَكَ فِى مَعْرُوفٍۢ ۙ فَبَايِعْهُنَّ وَٱسْتَغْفِرْ لَهُنَّ ٱللَّهَ ۖ إِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌۭ ﴿١٢﴾

হে নবী! যেতিয়া আপোনাৰ ওচৰত মুমিনা নাৰীসকলে এই কথাৰ বাইআত কৰিবলৈ আহে যে (যিদৰে মক্কা বিজয় ৰ সময় ত আহিছিল), তেওঁলোকে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, বৰং কেৱল তেওঁ ৰেই ইবাদত কৰিব, আৰু চু ৰি নকৰিব, ব্যভিচাৰ নকৰিব, অজ্ঞতা যুগৰ দৰে নিজৰ সন্তানক হত্যা নকৰিব আৰু ব্যভিচাৰৰ ফলত সৃষ্টি হোৱা সন্তানৰ সম্বন্ধ নিজৰ স্বামীৰ লগত সংযোগ নকৰিব তথা কোনো ভাল কামত আপোনাৰ অবাধ্য নহ’ব- যেনে- চিঞঁ ৰি চিঞঁ ৰি কান্দি বলৈ নিষেধ কৰা হৈছে, কান্দোনৰ সময় ত গালত চৰিওৱা, কাপোৰ ফালি পেলোৱা ইত্যাদি নিষেধ কৰা হৈছে- তেন্তে তেওঁলোকৰ পৰা আপুনি বাইআত লৈ লওক। বাইআত গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ বাবে আপুনি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আল্লাহ তেওঁ ৰতাওবাকাৰী বান্দাসকলৰপ্ৰ তি ক্ষমাশীল, আৰু তেওঁ লোকৰপ্ৰ তি দয়াৱান।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَوَلَّوْا۟ قَوْمًا غَضِبَ ٱللَّهُ عَلَيْهِمْ قَدْ يَئِسُوا۟ مِنَ ٱلْـَٔاخِرَةِ كَمَا يَئِسَ ٱلْكُفَّارُ مِنْ أَصْحَـٰبِ ٱلْقُبُورِ ﴿١٣﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! এনেকু ৱা সম্প্ৰ দায় ৰ লগত বন্ধুত্ব নকৰিবা যাৰ প্ৰতি আল্লাহ ক্ৰোধান্বি ত হৈছে। যিসকলে ক্বি য়ামত দিৱসৰপ্ৰ তি বিশ্বাস পোষণ নকৰে। বৰংসিহঁ তে ক্বি য়ামত সম্পৰ্কে এনেকৈ নিৰাশ হৈ আছে,যিদৰেপুনৰুত্থানক بلغ আল-কোৰআন · তাফছীৰ অস্বীকাৰ কৰাৰ কাৰণে, সিহঁ তৰ মৃ ত লোকসকল উভতি নহাক লৈ নিৰাশ হৈ আছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Mumtahana — الممتحنة

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা