মুখ্য পৃষ্ঠাতাফছীৰAr-Ra'd (13)

তাফছীৰ Ar-Ra'd (13) — الرعد

মাদানী · 43 আয়াত

পঢ়ক · শুনকPDF ফাইল

الٓمٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ۗ وَٱلَّذِىٓ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ ٱلْحَقُّ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يُؤْمِنُونَ ﴿١﴾

(আলিফ-লাম-ৰা) এইবোৰআখৰসম্পৰ্কে ছু ৰাআল-বাক্বাৰাৰআৰম্ভ ণিত আলোচনাকৰাহৈছে। হে ৰাছু ল! এই ছু ৰাৰউৎকৃ ষ্টএই আয়াতসমূহ,লগতে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনখন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দে হ নাই। লগতে এই ক্ষেত্ৰতো কোনো সন্দে হ নাই যে, এইখন আল্লাহৰ ফালৰ পৰাلঅৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে।

ٱللَّهُ ٱلَّذِى رَفَعَ ٱلسَّمَـٰوَٰتِ بِغَيْرِ عَمَدٍۢ تَرَوْنَهَا ۖ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۖ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ ۖ كُلٌّۭ يَجْرِى لِأَجَلٍۢ مُّسَمًّۭى ۚ يُدَبِّرُ ٱلْأَمْرَ يُفَصِّلُ ٱلْـَٔايَـٰتِ لَعَلَّكُم بِلِقَآءِ رَبِّكُمْ تُوقِنُونَ ﴿٢﴾

তেৱেঁই আল্লাহ, যিয়ে আকাশমণ্ডলক খুটা অবিহনে সৃষ্টি কৰিছে, তোমালোকে ইয়াক দেখা পাই আছা। তাৰপিছত তেওঁ আৰছত (সিংহাসনত) উঠি ছে, সেইদৰেই যিদৰে তেওঁ উঠা উচিত। এই সম্পৰ্কে কোনো ধৰণ-গঠন বৰ্ণনা কৰা তথা কোনো উদাহৰণ দিয়া ঠি ক নহয় । তেৱেঁই চন্দ্ৰ সূৰ্যক তেওঁ ৰ সৃষ্টি ৰ উপকাৰৰবাবেনিয়োজিত কৰিছে। চন্দ্ৰ আৰুসূৰ্য প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময় লৈকে সক্ৰি য় থাকিব, যাৰজ্ঞান কেৱল আল্লাহৰওচৰত আছে। তেৱেঁই পৱিত্ৰ আল্লাহ, আকাশমণ্ডল আৰু পৃথিৱীক যিদৰে ইচ্ছা সেইদৰেই পৰিচালনা কৰে। তেওঁ নিজৰ ক্ষমতাৰ বৰ্ণনা স্পষ্ট ভাৱে বৰ্ণনা কৰে। যাতে তোমালোকে ক্বি য়ামত দিৱসৰ সাক্ষাতক বিশ্বাস কৰা, আৰু তাৰ প্ৰস্তু তিৰ বাবে নেক আমল কৰা।

وَهُوَ ٱلَّذِى مَدَّ ٱلْأَرْضَ وَجَعَلَ فِيهَا رَوَٰسِىَ وَأَنْهَـٰرًۭا ۖ وَمِن كُلِّ ٱلثَّمَرَٰتِ جَعَلَ فِيهَا زَوْجَيْنِ ٱثْنَيْنِ ۖ يُغْشِى ٱلَّيْلَ ٱلنَّهَارَ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَتَفَكَّرُونَ ﴿٣﴾

তেৱেঁই আল্লাহ, যিয়ে পৃথিৱীক প্ৰসাৰিত কৰিছে, আৰু তাত বনাইছে বিশাল বিশাল মজবুত পৰ্বত, যাতে পৃথিৱীয়ে মানুহক লৈ কঁ পি নাথাকে। লগতে ইয়াত সৃষ্টি কৰিছে নদ-নদী, যাতে মানু হে আৰু জীৱ-জন্তু ৱে পানী সেৱন কৰিব পাৰে আৰু খেতি-পথাৰত ব্যৱহাৰ কৰিব পাৰে। তেওঁ প্ৰত্যেক ফলমূ লকে বনাইছে যোৰযোৰকৈ, যিদৰেজীৱ-জন্তু ত আছে মতা আৰু মাইকী। তেওঁ ৰাতিৰদ্বাৰা দিনক আচ্ছাদিত কৰে, ফলত পোহৰৰঅন্ত ত অন্ধকাৰহৈ পৰে। নিশ্চয় এই বিৱৰণত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে আল্লাহৰ সৃষ্টি কলৈ চিন্তা-চৰ্চা তথা গৱেষণা কৰে। কাৰণ তেওঁলোকেই এইবোৰ প্ৰমাণ আৰুদলিলৰদ্বাৰাউপকৃ ত হয় ।

وَفِى ٱلْأَرْضِ قِطَعٌۭ مُّتَجَـٰوِرَٰتٌۭ وَجَنَّـٰتٌۭ مِّنْ أَعْنَـٰبٍۢ وَزَرْعٌۭ وَنَخِيلٌۭ صِنْوَانٌۭ وَغَيْرُ صِنْوَانٍۢ يُسْقَىٰ بِمَآءٍۢ وَٰحِدٍۢ وَنُفَضِّلُ بَعْضَهَا عَلَىٰ بَعْضٍۢ فِى ٱلْأُكُلِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَعْقِلُونَ ﴿٤﴾

ى আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূ-ভাগ। তাত আছে আঙুৰৰ বাগিচা আৰু খেতি-পথাৰ। ক’ৰবাত আছে একেই মূলৰ পৰা উদগত খেজুৰৰ গছ, আকৌ ক’ৰবাত আছে পৃথক পৃথক খেজুৰৰ গছ। এইবোৰ বাগিচা আৰু খেতি-পথাৰক একেই পানীয়ে জীপাল কৰে। একেই পানী আৰু একেই ভূ মিত উৎপন্ন হোৱাৰ পিছতো আমি সেইবোৰৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰে ষ্ঠত্বপ্ৰদান কৰোঁ, সোৱাদ তথা আন আন উপকাৰৰ ক্ষেত্ৰত। উক্ত বৰ্ণনাত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলৰ বিবেক-বুদ্ধি আছে। কাৰণ তেওঁ লোকেই ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।

۞ وَإِن تَعْجَبْ فَعَجَبٌۭ قَوْلُهُمْ أَءِذَا كُنَّا تُرَٰبًا أَءِنَّا لَفِى خَلْقٍۢ جَدِيدٍ ۗ أُو۟لَـٰٓئِكَ ٱلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ ۖ وَأُو۟لَـٰٓئِكَ ٱلْأَغْلَـٰلُ فِىٓ أَعْنَاقِهِمْ ۖ وَأُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ ۖ هُمْ فِيهَا خَـٰلِدُونَ ﴿٥﴾

হে ৰাছু ল! আপুনি যদি কোনো বিষয়ে আশ্চৰ্য প্ৰকাশ কৰে তেন্তে অধিক আশ্চৰ্যকৰ বিষয় হৈছে সিহঁ তৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা কাৰ্য, ইয়াক অস্বীকাৰ কৰি সিহঁ তে প্ৰমাণ দাঙি ধৰে যে, যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু মাটি ত পৰিণত হৈ যাম, তথা আমাৰ হাড় বোৰ গেলি-পচি যাব, তাৰ পিছতো আমাক পুনৰ্জীৱিত কৰা হ'বনে? এই পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকলেই নিজ প্ৰতিপালকৰ লগত কু ফু ৰী কৰিছে। মৃত্যু ব্যক্তিক পুনৰ্জীৱিত কৰা তেওঁ ৰ এই ক্ষমতাক সিহঁ তে অস্বীকাৰ কৰিছে। ক্বি য়ামতৰ দিনা সিহঁ তৰ ডিঙিত জুইৰ শিকলি পিন্ধোৱা হ'ব। সিহঁ তেই হৈছে জাহান্নামৰ অধিবাসী। তাত সিহঁ তে চিৰস্থায়ীহ'ব। তাত সিহঁ তৰমৃ ত্যুও নহ'ব,শাস্তি ও শেষ নহ'ব। بلغ আল-কোৰআন · তাফছীৰ

وَيَسْتَعْجِلُونَكَ بِٱلسَّيِّئَةِ قَبْلَ ٱلْحَسَنَةِ وَقَدْ خَلَتْ مِن قَبْلِهِمُ ٱلْمَثُلَـٰتُ ۗ وَإِنَّ رَبَّكَ لَذُو مَغْفِرَةٍۢ لِّلنَّاسِ عَلَىٰ ظُلْمِهِمْ ۖ وَإِنَّ رَبَّكَ لَشَدِيدُ ٱلْعِقَابِ ﴿٦﴾

হে ৰাছু ল! মুশ্বৰিকসকলে আপোনাৰ ওচৰত দ্ৰুত শাস্তি বিচাৰি আবেদন কৰি আছে, আৰু শাস্তি অহাত পলম হোৱাৰ বাবে অভিযোগ কৰি আছে, দৰাচলতে সিহঁ তে লাভ কৰা নিয়ামতসমূহ যিবোৰআল্লাহে সিহঁ তৰভাগ্যত লিখিছে, সেইবোৰব্যৱহাৰকৰাৰপূৰ্বেই এনেকু ৱা আবেদন কৰিবলৈ সিহঁ তে উঠি পৰি লাগিছে। অথচ ইয়াৰ পূৰ্বেও সিহঁ তৰ দৰেই অস্বীকাৰকাৰীসকলৰ ওপৰত শাস্তি আহিছিল। সিহঁ তে তাৰ পৰা শিক্ষা কিয় গ্ৰহণ নকৰে? হে ৰাছু ল! নিশ্চয় আপোনাৰপ্ৰ তিপালকে অন্যায় কাৰী লোকসকলকো আওকাণ কৰে, সিহঁ তক শাস্তি প্ৰদানৰক্ষেত্ৰত খৰধৰনকৰে, যাতে সিহঁ তে আল্লাহৰ পিনে প্ৰত্যাৱৰ্ত ন কৰে। নিশ্চয় তেওঁ কু ফৰৰওপৰত অটলথকাব্যক্তি ক,যদি সি তাওবানকৰেতেন্তে তাককঠি ন শাস্তি প্ৰদান কৰিব।

وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌۭ مِّن رَّبِّهِۦٓ ۗ إِنَّمَآ أَنتَ مُنذِرٌۭ ۖ وَلِكُلِّ قَوْمٍ هَادٍ ﴿٧﴾

আল্লাহক অস্বীকাৰ কৰা ব্যক্তিসকলে সিহঁ তৰ কু ফু ৰীত আৰু শত্ৰুতাত সীমা অতিক্ৰ ম কৰি কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকু ৱা কোনো নিদৰ্শন কিয় অৱতীৰ্ণ নহয় , যেনেকু ৱা নিদৰ্শন মূছা আৰু ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল? হে ৰাছু ল! আপুনি মানুহক কেৱল আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কাৰীহে। নিদৰ্শন লৈ অহা আপোনাৰ দায়ি ত্বনহয় , যদি আল্লাহে প্ৰদান কৰে সেয়া সুকীয়া বিষয় । প্ৰত্যেক উম্মতৰ বাবে আছে নবী, যিয়ে সিহঁ তক সত্যৰ পথ দেখুৱায় ।

ٱللَّهُ يَعْلَمُ مَا تَحْمِلُ كُلُّ أُنثَىٰ وَمَا تَغِيضُ ٱلْأَرْحَامُ وَمَا تَزْدَادُ ۖ وَكُلُّ شَىْءٍ عِندَهُۥ بِمِقْدَارٍ ﴿٨﴾

প্ৰত্যেক নাৰীয়ে (মাইকীজীৱ-জন্তু ও ইয়াৰঅন্ত ৰ্ভু ক্ত) নিজৰপেটত যি ধাৰণ কৰে,মহান আল্লাহ সেই সম্পৰ্কে অৱগত। এই বিষয়ে তেওঁ সকলোতথ্য জানে। তথা গৰ্ভাশয় ত বৃদ্ধি বা হ্ৰাস আৰু সুস্থ তা তথা বেমাৰ-আজাৰ যিয়ে ই নহওক, সেই সকলো তেওঁ জানে। আল্লাহৰ ওচৰত প্ৰত্যেক বস্তু ৰ এটা পৰিমাণ নিৰ্ধাৰিত আছে। তাতকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে।

عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ٱلْكَبِيرُ ٱلْمُتَعَالِ ﴿٩﴾

কিয় নো আল্লাহ সেই সকলো বস্তু সম্পৰ্কে অৱগত, যিবোৰ সৃষ্টি ৰ জ্ঞানৰ পৰা আঁতৰত। তথা সেইবোৰ বস্তু সম্পৰ্কে ও অৱগত যিবোৰ সিহঁ তৰ জ্ঞানৰ পৰিসীমাত আছে। তেওঁ কৰ্ম, নাম আৰুগুণাৱলীৰক্ষেত্ৰত অতি মহান। তেওঁ সত্ত্বাগতভাৱেআৰুগুণগতভাৱেসকলো সৃষ্টি তকৈ ঊৰ্দ্ধ ত।

سَوَآءٌۭ مِّنكُم مَّنْ أَسَرَّ ٱلْقَوْلَ وَمَن جَهَرَ بِهِۦ وَمَنْ هُوَ مُسْتَخْفٍۭ بِٱلَّيْلِ وَسَارِبٌۢ بِٱلنَّهَارِ ﴿١٠﴾

তেওঁ প্ৰকাশ্য অপ্ৰ কাশ্য সকলো বিষয়ে অৱগত। হে মানৱজাতি! তোমালোকে উচ্চস্বৰে কথা কোৱা অথবা নিম্ন স্বৰে, উভয় অৱস্থাই তেওঁৰ বাবে সমান। এইদৰে মানু হৰ দৃষ্টি ৰ পৰা লুকাই ৰাতিৰ অন্ধকাৰত কৰা কাম আৰু দিনৰ পোহৰত মানু হক দেখুৱাই কৰা কাম দুয়োটাই তেওঁ ৰ বাবে সমান।

لَهُۥ مُعَقِّبَـٰتٌۭ مِّنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦ يَحْفَظُونَهُۥ مِنْ أَمْرِ ٱللَّهِ ۗ إِنَّ ٱللَّهَ لَا يُغَيِّرُ مَا بِقَوْمٍ حَتَّىٰ يُغَيِّرُوا۟ مَا بِأَنفُسِهِمْ ۗ وَإِذَآ أَرَادَ ٱللَّهُ بِقَوْمٍۢ سُوٓءًۭا فَلَا مَرَدَّ لَهُۥ ۚ وَمَا لَهُم مِّن دُونِهِۦ مِن وَالٍ ﴿١١﴾

إ ه পৱিত্ৰ মহান আল্লাহৰ কিছু মান ফিৰিস্তা এনেকু ৱা আছে, যিসকলে মানুহৰ ওচৰত পৰ্যায় ক্ৰমে আহে। কিছু মান আহে ৰাতিত, আকৌ আন কিছু মান আহে দিনত। তেওঁ লোকে আল্লাহৰ আদেশত মানু হক সেই সকলো বিপত্তিৰ পৰা ৰক্ষা কৰে, যাৰ পৰা মানু হক ৰক্ষা কৰিবলৈ আল্লাহে ফয় চালা কৰিছে। তেওঁলোকে মানুহৰ কৰ্ম আৰু কথা লিপিবদ্ধ কৰে। এই কথা নিশ্চিত যে, আল্লাহে কেতিয়াও কোনো সম্প্ৰ দায় ৰ সুখ-শান্তি ক দুখ-কষ্ট লৈ ৰূপান্ত ৰিত নকৰে, যেতিয়ালৈকে সিহঁ তে কৃ তজ্ঞতাৰ আচৰণ পৰিবৰ্ত ন নকৰে। আল্লাহে যদি কোনো সম্প্ৰ দায় ক ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁৰ এই ইচ্ছাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনো ৰক্ষক নাই, যিয়ে তোমালোকক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰ য় প্ৰদানকৰিব। بلغ আল-কোৰআন · তাফছীৰ

هُوَ ٱلَّذِى يُرِيكُمُ ٱلْبَرْقَ خَوْفًۭا وَطَمَعًۭا وَيُنشِئُ ٱلسَّحَابَ ٱلثِّقَالَ ﴿١٢﴾

হে মানৱজাতি! তেৱেঁই তোমালোকক বজ্ৰপাত দেখুৱায় , আৰু তেৱেঁই তোমালোকৰ অন্ত ৰত বজ্ৰপাতৰ ভয় আৰু বৰষুণৰ লোভ একেলগে সৃষ্টি কৰে। তেৱেঁই তোমালোকৰ বাবে প্ৰচু ৰ পৰিমাণে বৰষুণৰ পানী ভৰা প্ৰকাণ্ড প্ৰকাণ্ড মেঘ সৃষ্টি কৰে।

وَيُسَبِّحُ ٱلرَّعْدُ بِحَمْدِهِۦ وَٱلْمَلَـٰٓئِكَةُ مِنْ خِيفَتِهِۦ وَيُرْسِلُ ٱلصَّوَٰعِقَ فَيُصِيبُ بِهَا مَن يَشَآءُ وَهُمْ يُجَـٰدِلُونَ فِى ٱللَّهِ وَهُوَ شَدِيدُ ٱلْمِحَالِ ﴿١٣﴾

বিজুলিৰ চমকণিয়ে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণগান কৰে, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ গুণগান কৰে ভয় তে তথা তেওঁ ৰ প্ৰতাপী ক্ষমতাৰ সন্মানাৰ্থে। আল্লাহে তেওঁ ৰ যি সৃষ্টি ৰ ওপৰতে ইচ্ছা কৰে তাৰ ওপৰত বজ্ৰপাত কৰি তাক ধ্বংস কৰে। আনহাতে কাফিৰসকলে আল্লাহৰএকত্ব কলৈ বাদানু বাদ কৰে। জানি থোৱা! আল্লাহ মহাশক্তি শালী মহাপৰাক্ৰ মশালী, তেওঁ যিটো কৰিববিচাৰেসেইটো কৰিহে এৰে।

لَهُۥ دَعْوَةُ ٱلْحَقِّ ۖ وَٱلَّذِينَ يَدْعُونَ مِن دُونِهِۦ لَا يَسْتَجِيبُونَ لَهُم بِشَىْءٍ إِلَّا كَبَـٰسِطِ كَفَّيْهِ إِلَى ٱلْمَآءِ لِيَبْلُغَ فَاهُ وَمَا هُوَ بِبَـٰلِغِهِۦ ۚ وَمَا دُعَآءُ ٱلْكَـٰفِرِينَ إِلَّا فِى ضَلَـٰلٍۢ ﴿١٤﴾

তাওহীদৰ আহ্বান একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট , ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰে, সেইবোৰ মূৰ্তিয়ে কোনো ক্ষেত্ৰতেই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব নোৱাৰে। সিহঁ তৰ প্ৰাৰ্থনাৰ উদাহৰণ হৈছে এনেকু ৱা, যেনে- কোনো তৃ ষ্ণাতু ৰব্যক্তিয়ে পানীৰপিনে হাত প্ৰসাৰিত কৰিভাবেযে, পানী তাৰমুখত নিজে নিজে আহি পাবআৰুসি পান কৰিব। অথচ পানী কেতিয়াও তাৰ মু খত নিজে নিজে অহাটো সম্ভ ৱ নহয় । দৰাচলতে কাফিৰসকলে মূ ৰ্তিবোৰক কৰা প্ৰাৰ্থনা হৈছে ব্যৰ্থ প্ৰচেষ্টা, যিটো সত্যতাৰ পৰাও বহু আঁতৰত। কাৰণ সেইবোৰে সিহঁ তক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।

وَلِلَّهِ يَسْجُدُ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ طَوْعًۭا وَكَرْهًۭا وَظِلَـٰلُهُم بِٱلْغُدُوِّ وَٱلْـَٔاصَالِ ۩ ﴿١٥﴾

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে কেৱল তেওঁ ৰ প্ৰতি নত হয় আৰু তেওঁ কেই ছাজদা কৰে, মু মিন হওক অথবা কাফিৰ। এয়া সুকীয়া কথা যে, মুমিনসকলে আনন্দ চিত্তে তেওঁৰ প্ৰতি নত হয় আৰু ছাজদা কৰে। আনহাতে কাফিৰসকলে তেওঁৰ প্ৰতি অনিচ্ছাকৃ তভাৱে নত হয় , আৰু তাৰ অন্رত ৰাত্মাই তাক আনন্দ চিত্তে নত হ'বলৈ আদেশ দিয়ে । লগতে প্ৰত্যেক ছাঁ থকা বস্তু ৰছাঁয়ে পূৱা-গধূলি তেওঁ কেই ছাজদা কৰে।

قُلْ مَن رَّبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ قُلِ ٱللَّهُ ۚ قُلْ أَفَٱتَّخَذْتُم مِّن دُونِهِۦٓ أَوْلِيَآءَ لَا يَمْلِكُونَ لِأَنفُسِهِمْ نَفْعًۭا وَلَا ضَرًّۭا ۚ قُلْ هَلْ يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ أَمْ هَلْ تَسْتَوِى ٱلظُّلُمَـٰتُ وَٱلنُّورُ ۗ أَمْ جَعَلُوا۟ لِلَّهِ شُرَكَآءَ خَلَقُوا۟ كَخَلْقِهِۦ فَتَشَـٰبَهَ ٱلْخَلْقُ عَلَيْهِمْ ۚ قُلِ ٱللَّهُ خَـٰلِقُ كُلِّ شَىْءٍۢ وَهُوَ ٱلْوَٰحِدُ ٱلْقَهَّـٰرُ ﴿١٦﴾

ى হে ৰাছু ল! আল্লাহৰ সৈতে আনক উপাসনা কৰা কাফিৰসকলক কওক যে, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা আৰু ইয়াৰ পৰিচালনাকাৰী কোন? হে ৰাছু ল কৈ দিয় ক যে, আল্লাহেই ইয়াৰ সৃষ্টি কৰ্তা আৰু তেৱেঁই এই উভয় ৰ পৰিচালনাকাৰী, আনকি এই কথা তোমালোকেও স্বীকাৰ কৰা। হে ৰাছু ল! সিহঁ তক কওক, তোমালোকে আল্লাহৰ বাহিৰে এনেকু ৱা অপাৰগ বস্তু ক সহায় ক কৰি লৈছা কিয় ? যিবোৰে নিজৰেই উপকাৰ কৰিব নোৱাৰে তথা বিপদৰ পৰা নিজকেই ৰক্ষা কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আনক কি সহায় কৰিব? হে ৰাছু ল! সিহঁ তক কৈ দিয় ক, দূৰদৰ্শিতাৰ পৰা বঞ্চিত কাফিৰ, আৰু দূৰদৰ্শী তথা হিদায় তপ্ৰাপ্ত মুমিন ব্যক্তি কেতিয়াও সমান হ'ব পাৰেনে? অথবা কু ফৰ যিটো হৈছে অন্ধকাৰ, আনহাতে ঈমান যিটো হৈছে জ্যোতি, এই দুয়োটা সমান হ'ব পাৰেনে? সিহঁ তে এনেকু ৱা কিছু মানক আল্লাহৰ অংশী কৰিছে নেকি, যিবোৰে কিবা সৃষ্টি কৰিছে আৰু সিহঁ তৰ সৃষ্টি তথা আল্লাহৰ সৃষ্টি মিশ্ৰি ত হৈছে? হে ৰাছু ল! সিহঁ তক কৈ দিয় ক, একমাত্ৰ আল্লাহেই সৃষ্টি কৰ্তা, যিয়ে সকলো বস্তু সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। একমাত্ৰতেৱেঁই উপাস্যক,যিজন ইবাদতৰযোগ্য। তেওঁ মহাশক্তি মান তথাপ্ৰ ভু ত্বশালী,তেওঁ প্ৰত্যেক বস্তু ৰওপৰত বিজয়ী। بلغ আল-কোৰআন · তাফছীৰ

أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَسَالَتْ أَوْدِيَةٌۢ بِقَدَرِهَا فَٱحْتَمَلَ ٱلسَّيْلُ زَبَدًۭا رَّابِيًۭا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِى ٱلنَّارِ ٱبْتِغَآءَ حِلْيَةٍ أَوْ مَتَـٰعٍۢ زَبَدٌۭ مِّثْلُهُۥ ۚ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ ٱلْحَقَّ وَٱلْبَـٰطِلَ ۚ فَأَمَّا ٱلزَّبَدُ فَيَذْهَبُ جُفَآءًۭ ۖ وَأَمَّا مَا يَنفَعُ ٱلنَّاسَ فَيَمْكُثُ فِى ٱلْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ ٱلْأَمْثَالَ ﴿١٧﴾

ه অসত্যৰ পতন আৰু সত্য প্ৰতিষ্ঠা সম্পৰ্কে আল্লাহে বৰষুণৰ উদাহৰণ প্ৰদান কৰি কৈছেঃ যেনে- আকাশৰ পৰা পানী বৰ্ষণ হয় , আৰু নৈ, বিল, হ্ৰদ আদি ভৰি পৰে, সৰু ডাঙৰ নিজ নিজ আকাৰ অনু যায়ী সকলো প্ৰবাহিত হয় । এতেকে পানীৰ সোঁতত সৃষ্টি হোৱা ফেন ফু টু কাবোৰ পানীৰ ওপৰত ভাঁহিবলৈ ধৰে। আল্লাহে সত্য অসত্যৰ আৰু এটা উদাহৰণ দিছে, যেনে- বহুমূ ল্যধাতু বোৰ মানু হৰ সৌন্দ ৰ্যৰ বাবে অলংকাৰ বনাবলৈ জুইৰ জৰিয় তে গলোৱা হয় , ফলত তাত থকা ময় লা আৱৰ্জ নাবোৰ ওপৰলৈ উপঙি উঠে। এই দুয়োটা উদাহৰণৰ জৰিয় তে আল্লাহে সত্য আৰু অসত্যৰ পাৰ্থক্য বুজাইছে। দৰাচলতে অসত্য হৈছে পানীৰ ওপৰত ভাঁহি থকা ফেন ফু টুকা তথা অলংকাৰ বনাবলৈ গলোৱা ধাতু ৰ ওপৰত ভাঁহি উঠা ময় লা আৱৰ্জ নাৰ দৰে। আনহাতে সত্য হৈছে সেই নিৰ্মল পানীৰ দৰে, যিটো খোৱাৰ উপযোগী, তথা যি পানীৰ জৰিয় তে ঘাঁহ বন আৰু ফলমূল উৎপন্ন হয় । তথা সেই মূল্যৱান ধাতু ৰ দৰে, যিটোক উষ্ণতাৰ জৰিয় তে উত্তপ্ত কৰি ময় লা আৱৰ্জ না দূৰ কৰা হৈছে, আৰু মানু হৰ উপকাৰত আহে। এই দুয়োটা উদাহৰণৰ দৰেই আল্লাহে অন্যান্য উদাহৰণো দাঙি ধৰে, যাতে সত্য আৰু অসত্য স্পষ্ট হয় ।

لِلَّذِينَ ٱسْتَجَابُوا۟ لِرَبِّهِمُ ٱلْحُسْنَىٰ ۚ وَٱلَّذِينَ لَمْ يَسْتَجِيبُوا۟ لَهُۥ لَوْ أَنَّ لَهُم مَّا فِى ٱلْأَرْضِ جَمِيعًۭا وَمِثْلَهُۥ مَعَهُۥ لَٱفْتَدَوْا۟ بِهِۦٓ ۚ أُو۟لَـٰٓئِكَ لَهُمْ سُوٓءُ ٱلْحِسَابِ وَمَأْوَىٰهُمْ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمِهَادُ ﴿١٨﴾

ء ى সেইসকল মুমিনৰ বাবে আছে উত্তম প্ৰতিদান অৰ্থাৎ জান্নাত, যিসকলক তাওহীদ আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰাত তেওঁলোকে স্বীকাৰ কৰিছে। আনহাতে কাফিৰসকল, যিসকলে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ আহ্বানক স্বীকাৰ কৰা নাই, সিহঁ ত যদি পৃথিৱীৰ সকলো সম্পদৰ মালিক হয় , লগতে সেই সম্পদৰ অনুৰূপ অতিৰিক্ত আৰু অধিক সম্পদ সিহঁ তক দিয়া হয় , এই সকলো সম্পদ সিহঁ তে আল্লাহক প্ৰদান কৰি হ'লেও সিহঁ তে নিজকে শাস্তি ৰ পৰা ৰক্ষা পাবলৈ ব্যৰ্থ চেষ্টা কৰিব। তেওঁৰ আহ্বান স্বীকাৰ নকৰা এইসকল ব্যক্তিৰ পৰা সিহঁ তৰ প্ৰত্যেক গুনাহৰ হিচাপ লোৱা হ'ব। সিহঁ তৰ আৱাসস্থ ল হ'ব জাহান্নাম। সিহঁ তৰ ঠি কনা তথা বিছনা হ'ব জুইৰ দ্বাৰা নিৰ্মিত, আৰু সেই ঠি কনা কিমান যে নিকৃ ষ্ট।

۞ أَفَمَن يَعْلَمُ أَنَّمَآ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ ٱلْحَقُّ كَمَنْ هُوَ أَعْمَىٰٓ ۚ إِنَّمَا يَتَذَكَّرُ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ ﴿١٩﴾

হে ৰাছু ল! যি ব্যক্তিয়ে আপোনাৰ প্ৰতি আল্লাহে অৱতীৰ্ণ কৰা তথ্যক সত্য বুলি স্বীকাৰ কৰে, যি তথ্যত কোনো সন্দে হ নাই, অৰ্থাৎ আল্লাহৰ আহ্বানত সঁহাৰি দিয়া মুমিন ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা মুঠেও ঠি ক নহয় যিজন হৈছে অন্ধ তথা আল্লাহৰ আহ্বানত সঁহাৰি নিদিয়া আল্লাহক অস্বীকাৰকাৰী, এই দুয়ো প্ৰকাৰ ব্যক্তি কেতিয়াও সমান হ'ব নোৱাৰে। দৰাচলতে ইয়াৰ দ্বাৰা কেৱল বিবেকৱান লোকসকলেহে শিক্ষা তথা পাঠ গ্ৰহণ কৰে।

ٱلَّذِينَ يُوفُونَ بِعَهْدِ ٱللَّهِ وَلَا يَنقُضُونَ ٱلْمِيثَـٰقَ ﴿٢٠﴾

যিসকলে আল্লাহৰ আহ্বান স্বীকাৰ কৰিছে, কেৱল সেইসকল লোকেই আল্লাহৰ লগত কৰা অঙ্গীকাৰ আৰু তেওঁ ৰ বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে। আল্লাহ তথাআন কাৰোবাৰলগত কৰাপ্ৰ তিশ্ৰুতি কেতিয়াও তেওঁ লোকে ভঙ্গ নকৰে।

وَٱلَّذِينَ يَصِلُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوٓءَ ٱلْحِسَابِ ﴿٢١﴾

তেওঁলোকেই আত্মীয় তাৰ সেই সকলো বন্ধন বজাই ৰাখে, যিবোৰ সম্পৰ্ক বজাই ৰাখিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁলোকে আল্লাহক এনেকৈ ভয় কৰে, যি ভয়ে তেওঁলোকক আল্লাহৰআদেশ পালন কৰাত আৰুতেওঁৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থকাত সহায় কৰে। লগতে তেওঁলোকে আৰু ভয় কৰেযে, আল্লাহে যেন তেওঁ লোকৰসকলো গুনাহৰহিচাপ নলয় । কাৰণ যাৰতন্ন তন্নকৈ হিচাপ লোৱা হ'ব, সি নিশ্চিতভাৱেধ্বংস হ'ব। بلغ আল-কোৰআন · তাফছীৰ ر

وَٱلَّذِينَ صَبَرُوا۟ ٱبْتِغَآءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَنفَقُوا۟ مِمَّا رَزَقْنَـٰهُمْ سِرًّۭا وَعَلَانِيَةًۭ وَيَدْرَءُونَ بِٱلْحَسَنَةِ ٱلسَّيِّئَةَ أُو۟لَـٰٓئِكَ لَهُمْ عُقْبَى ٱلدَّارِ ﴿٢٢﴾

তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ় ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয় চালাৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তু ষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছোঁ তাৰ পৰা অনিবাৰ্য্য হকু ক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয় তে প্ৰতিহত কৰে। এনেকু ৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বি য়ামতৰ দিনা আছে উৎকৃ ষ্টপৰিণাম।

جَنَّـٰتُ عَدْنٍۢ يَدْخُلُونَهَا وَمَن صَلَحَ مِنْ ءَابَآئِهِمْ وَأَزْوَٰجِهِمْ وَذُرِّيَّـٰتِهِمْ ۖ وَٱلْمَلَـٰٓئِكَةُ يَدْخُلُونَ عَلَيْهِم مِّن كُلِّ بَابٍۢ ﴿٢٣﴾

উৎকৃষ্ট পৰিণামৰ জৰিয়তে বুজোৱা হৈছে এনেকুৱা জান্নাতক, য'ত আছে নিৰৱচ্ছিন্ন নিয়ামত, তাত তেওঁলোকে চিৰস্থায়ী হ'ব। তাত থকা নিয়ামতসমূহক পৰিপূৰ্ণ ৰূপ দান কৰা হ'ব, যেনে- তেওঁলোকৰ সৈতে তেওঁলোকৰ হিদায় তপ্ৰাপ্ত পিতৃ পুৰুষসকল, মাতৃ সকল, স্ত্ৰীসকল আৰু সন্তান- সন্ত তিসকলেও প্ৰৱেশ কৰিব। যাতে তেওঁ লোকৰলগত সাক্ষাৎ কৰিতেওঁ লোকৰঅন্ত ৰপ্ৰ শান্তি লাভ কৰে। জান্নাতত ফিৰিস্তাসকলে তেওঁ লোকৰগৃহৰ সকলো দুৱাৰেৰে প্ৰৱেশ কৰিব আৰু তেওঁ লোকক অভিবাদন জনাব।

سَلَـٰمٌ عَلَيْكُم بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى ٱلدَّارِ ﴿٢٤﴾

ফিৰিস্তাসকলে যেতিয়াই তেওঁলোকৰ ওচৰলৈ যাব, তেতিয়াই তেওঁলোকক এই বুলি ছালাম কৰিব- ছালামুন আলাইকু ম- (আপোনালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক)। অৰ্থাৎ আপোনালোকে আল্লাহৰ আনু গত্য তথা তেওঁ ৰ কঠি ন ফয় চালাত ধৈৰ্য্য ধাৰণ কৰাৰ ফলত, লগতে তেওঁ ৰ অবাধ্যতাৰ পৰা বিৰত থকাৰকাৰণে বিপত্তিৰপৰাসুৰক্ষিত থাকক। এতেকে আখিৰাতত আপোনালোকে লাভ কৰাপৰিণাম কিমান যে সুখদায় ক আৰুশান্তি দায় ক।

وَٱلَّذِينَ يَنقُضُونَ عَهْدَ ٱللَّهِ مِنۢ بَعْدِ مِيثَـٰقِهِۦ وَيَقْطَعُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيُفْسِدُونَ فِى ٱلْأَرْضِ ۙ أُو۟لَـٰٓئِكَ لَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ ﴿٢٥﴾

ء যিসকলে আল্লাহৰ লগত দৃঢ় প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া ভঙ্গ কৰে, লগতে সেই সকলো আত্মীয় তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ বজাই ৰখাৰ নিৰ্দে শ আল্লাহে প্ৰদান কৰিছে। লগতে পৃথিৱীত গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, এইসকলেই হৈছে দুৰ্ভ গীয়া, যিসকলে আল্লাহৰ কৃ পাৰ পৰা বঞ্চিত থাকিব, আৰু সিহঁ তৰপৰিণাম হৈছে অত্যন্ত নিকৃ ষ্ট ,সেয়াহৈছে জাহান্নাম।

ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ وَفَرِحُوا۟ بِٱلْحَيَوٰةِ ٱلدُّنْيَا وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا فِى ٱلْـَٔاخِرَةِ إِلَّا مَتَـٰعٌۭ ﴿٢٦﴾

আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক জীৱিকাত প্ৰশস্ত তা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে সংকীৰ্ণতা প্ৰদান কৰে। কিন্তু জীৱিকাৰ প্ৰশস্ত তা পূণ্যৱান হোৱাৰ প্ৰতীক নহয় , তথা আল্লাহৰ প্ৰি য় পাত্ৰ হোৱাৰো প্ৰতীক নহয় । পক্ষান্ত ৰে জীৱিকাৰ সংকীৰ্ণতা দুৰ্ভ গীয়া হোৱাৰ প্ৰতীক নহয় । কাফিৰসকল পাৰ্থিৱজীৱনক লৈয়ে আনন্দি ত। এতেকে সিহঁ তে ইয়াৰপ্ৰ তি ধাবিত আৰুইয়াক লৈয়ে সন্তু ষ্ট। আখিৰাতৰতু লনাত পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ীউপভোগৰসময় হে মাত্ৰ,যিটোঅচিৰেই সমাপ্ত হ'ব।

وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌۭ مِّن رَّبِّهِۦ ۗ قُلْ إِنَّ ٱللَّهَ يُضِلُّ مَن يَشَآءُ وَيَهْدِىٓ إِلَيْهِ مَنْ أَنَابَ ﴿٢٧﴾

যিসকলে আল্লাহক আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁ তে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ সত্যতাৰ প্ৰতীক স্বৰূপে তেওঁৰ প্ৰতিপালকৰ তৰফৰপৰাকোনোপ্ৰ ত্যক্ষ নিদৰ্শন কিয় অৱতীৰ্ণ নহয় ,যাৰপ্ৰ তি আমি বিশ্বাস কৰিলোঁহেঁ তেন। হে ৰাছু ল! আপুনি এই প্ৰতাৱস্ প্ৰদানকাৰীসকলক কৈ দিয় কঃআল্লাহে যাকইচ্ছাকৰে,ন্যায় অনু সাৰেপথভ্ৰ ষ্টকৰে। কিন্তু যিয়ে তাওবাকৰিতেওঁ ৰপিনে প্ৰত্যাৱৰ্ত ন কৰেতাকহিদায় ত প্ৰদান কৰে। হিদায় ত সিহঁ তৰহাতত নহয় যে সিহঁ তে ইচ্ছাকৰিলেই হিদায় তক নিদৰ্শনৰসৈতে সম্পৃক্ত কৰিনিদৰ্শন আনিবপাৰিব। بلغ আল-কোৰআন · তাফছীৰ

ٱلَّذِينَ ءَامَنُوا۟ وَتَطْمَئِنُّ قُلُوبُهُم بِذِكْرِ ٱللَّهِ ۗ أَلَا بِذِكْرِ ٱللَّهِ تَطْمَئِنُّ ٱلْقُلُوبُ ﴿٢٨﴾

এওঁলোকেই হৈছে সেইসকল লোক,যিসকলক আল্লাহে হিদায় ত প্ৰদান কৰিছে আৰুতেওঁলোকে ঈমান পোষণ কৰিছে। তেওঁলোকৰঅন্ত ৰেআল্লাহৰ স্মৰণত শান্তি লাভ কৰে অৰ্থাৎ তেওঁৰ তাছবীহ (গুণগান), তেওঁৰ তাহমীদ(প্ৰশংসা), লগতে তেওঁৰ গ্ৰন্থতিলাৱত কৰিলে বা শুনিলে, লগতে ইয়াৰ বাহিৰেও অন্যান্য জিকৰ-আজকাৰ পাঠ কৰিলে তেওঁলোকৰ অন্ত ৰে প্ৰশান্তি লাভ কৰে। জানি থোৱা! কেৱল আল্লাহৰ স্মৰণতেই আছে অন্ত ৰৰ প্ৰশান্তি । এইটোৱেই হৈছে অন্ত ৰৰবাবেউপযুক্ত ।

ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَـَٔابٍۢ ﴿٢٩﴾

এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা এনেকু ৱা নেক আমল কৰিছে যাৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ হয় , আখিৰাতত তেওঁলোকৰ বাবে আছে পৱিত্ৰজীৱন। লগতে তেওঁ লোকৰবাবেআছে উত্তম পৰিণাম অৰ্থাৎ জান্নাত।

كَذَٰلِكَ أَرْسَلْنَـٰكَ فِىٓ أُمَّةٍۢ قَدْ خَلَتْ مِن قَبْلِهَآ أُمَمٌۭ لِّتَتْلُوَا۟ عَلَيْهِمُ ٱلَّذِىٓ أَوْحَيْنَآ إِلَيْكَ وَهُمْ يَكْفُرُونَ بِٱلرَّحْمَـٰنِ ۚ قُلْ هُوَ رَبِّى لَآ إِلَـٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ مَتَابِ ﴿٣٠﴾

যিদৰে আমি পূৰ্বৱৰ্তী নবীসকলক তেওঁ লোকৰ সম্প্ৰ দায় ৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ, ঠি ক সেইদৰে হে নবী! আপোনাকো আপোনাৰ সম্প্ৰ দায় ৰ ওচৰলৈ প্ৰে ৰণ কৰিছোঁ, যাতে আপুনি সিহঁতক কোৰআন শুনায় , যিখন আমি আপোনাৰ প্ৰতি অহী কৰিছোঁ। আপোনাৰ সত্যতাৰ প্ৰমাণ হিচাপে এইখনেই যথেষ্ট । কিন্তু আপোনাৰ সম্প্ৰ দায়ে এই নিদৰ্শনক অস্বীকাৰ কৰে। কিয় নো সিহঁতে ৰহমানক অস্বীকাৰ কৰে, কাৰণ সিহঁতে তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, তেৱেঁই মোৰ প্ৰতিপালক, যিজন ৰহমনাৰ সৈতে তোমলোকে অংশীদাৰ স্থাপন কৰা, তেওঁ ৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই মোৰ সকলো কৰ্মতে তেওঁ ৰ ওপৰত ভৰসা কৰোঁ, আৰু তেওঁ ৰ ওচৰতেই তাওবা কৰোঁ।

وَلَوْ أَنَّ قُرْءَانًۭا سُيِّرَتْ بِهِ ٱلْجِبَالُ أَوْ قُطِّعَتْ بِهِ ٱلْأَرْضُ أَوْ كُلِّمَ بِهِ ٱلْمَوْتَىٰ ۗ بَل لِّلَّهِ ٱلْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَا۟يْـَٔسِ ٱلَّذِينَ ءَامَنُوٓا۟ أَن لَّوْ يَشَآءُ ٱللَّهُ لَهَدَى ٱلنَّاسَ جَمِيعًۭا ۗ وَلَا يَزَالُ ٱلَّذِينَ كَفَرُوا۟ تُصِيبُهُم بِمَا صَنَعُوا۟ قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًۭا مِّن دَارِهِمْ حَتَّىٰ يَأْتِىَ وَعْدُ ٱللَّهِ ۚ إِنَّ ٱللَّهَ لَا يُخْلِفُ ٱلْمِيعَادَ ﴿٣١﴾

ى ه যদি কোনো ঐশী গ্ৰন্থৰ এনেকু ৱা বৈশিষ্ট্য থাকিলহেঁ তেন, যাৰ দ্বাৰা পাহাৰ স্থানান্ত ৰ কৰা সম্ভ ৱ হ’লহেঁ তেনে অথবা মাটি বিদীৰ্ণ কৰি তাত নদী বা জলাশয় সৃষ্টি কৰা সম্ভ ৱ হ’লহেঁ তেনে, নাইবা যিখন পাঠ কৰিলে মৃত ব্যক্তিও জীৱিত হৈ উঠি লহেঁ তেন তেন্তে হে ৰাছু ল! সেইখন এই কোৰআন হ’লহেঁ তেনে। কাৰণ ই স্পষ্ট প্ৰমাণ বহনকাৰী,তথামহাপ্ৰ ভাৱসৃষ্টি কাৰী,যদি সিহঁ তে পৰিস্কাৰহৃ দয় ৰঅধিকাৰীহ’লহেঁ তেনে,কিন্তু সিহঁ ত হৈছে অস্বীকাৰকাৰী। অথচ মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ কৰাৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত। আল্লাহৰ প্ৰতি ঈমান পোষণকাৰীসকলে এই কথা গম পোৱা নাইনে যে, আল্লাহে ইচ্ছা কৰিলে মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ নকৰাকৈয়ে সকলো মানুহকে হিদায় ত দিব পাৰিলেহেঁ তেন? কিন্তু তেওঁ এনেকু ৱা কৰিব বিচৰা নাই। আল্লাহক অস্বীকাৰকাৰীসকলৰ ওপৰত সিহঁ তৰ গুনাহ আৰু কু ফু ৰী কৰ্মৰ কাৰণে এটাৰ পিছত এটা কঠি ন বিপদ আহিয়ে থাকিব, যিয়ে সিহঁ তৰশান্তি বিনষ্ট কৰিব,অথবাসেই বিপদ সিহঁ তৰবাসস্থানৰওচৰত আহিব। অৱশেষত আল্লাহৰপ্ৰ তিশ্ৰুতিকৃ ত শাস্তি অৱতীৰ্ণ হ'ব। আল্লাহে নিশ্চয় তেওঁ ৰপ্ৰ তিশ্ৰুতি পালন কৰেযেতিয়াতাৰনিৰ্ধাৰিত সময় আহি পৰে।

وَلَقَدِ ٱسْتُهْزِئَ بِرُسُلٍۢ مِّن قَبْلِكَ فَأَمْلَيْتُ لِلَّذِينَ كَفَرُوا۟ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ ﴿٣٢﴾

আপুনিয়ে প্ৰথম ৰাছু ল নহয় ,যাক অস্বীকাৰকৰাহৈছে তথাযাক উপহাস কৰাহৈছে। হে ৰাছু ল! আপোনাৰপূৰ্বেও বহুতোসম্প্ৰ দায়ে নিজ নিজ ৰাছু লক অস্বীকাৰকৰিছে তথা তেওঁ লোকক উপহাস কৰিছে। ফলত আমি কাফিৰসকলক অৱকাশ দিছিলোঁ,আনকি সিহঁ তে পতিয় ন গৈছিল যে,আমি সিহঁ তক ধ্বংস নকৰোঁ। কিন্তু সেই অৱকাশৰপিছতে আমি সিহঁ তক আকস্মিকভাৱেবিভিন্ন শাস্তি ত আক্ৰান্ত কৰিছিলোঁ,সিহঁ তক প্ৰদান কৰামোৰশাস্তি সম্পৰ্কে আপোনাৰকেনেকু ৱালাগিল?নিশ্চয় সেয়াআছিলঅত্যন্ত কঠি ন শাস্তি । بلغ আল-কোৰআন · তাফছীৰ

أَفَمَنْ هُوَ قَآئِمٌ عَلَىٰ كُلِّ نَفْسٍۭ بِمَا كَسَبَتْ ۗ وَجَعَلُوا۟ لِلَّهِ شُرَكَآءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّـُٔونَهُۥ بِمَا لَا يَعْلَمُ فِى ٱلْأَرْضِ أَم بِظَـٰهِرٍۢ مِّنَ ٱلْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا۟ مَكْرُهُمْ وَصُدُّوا۟ عَنِ ٱلسَّبِيلِ ۗ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍۢ ﴿٣٣﴾

যিয়ে সকলো সৃষ্টি জীৱকে জীৱিকাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰে আৰু প্ৰত্যেক প্ৰাণীৰ কৰ্ম চোৱাচিতা কৰে তথা সিহঁ তৰ কৰ্মৰ প্ৰতিদান দিয়ে সেই সত্ত্বা বেছি ইবাদতৰ যোগ্য, নে সেই মূ ৰ্তিবোৰ বেছি যোগ্য যিবোৰৰ উপাস্য হোৱাৰ কোনো যোগ্যতা নাই? কাফিৰসকলে অন্যায় ভাৱে সেইবোৰকেই আল্লাহৰ অংশী কৰি লৈছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয় ক, যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা, তেন্তে তোমালোকে সেইবোৰৰ নাম কোৱাচোন যিবোৰক তোমালোকে আল্লাহৰ লগত অংশী কৰি সিহঁ তৰ উপাসনা কৰি আছা। নে তোমালোকে আল্লাহক তেওঁৰ পৃথিৱীত থকা অংশী সম্পৰ্কে অৱগত কৰাই আছা যিটো তেওঁ নাজানে? নে তোমালোকে বাস্ত ৱিকতাহীন কথা সম্পৰ্কে জনাই আছা? বৰংচয় তানে কাফিৰসকলৰদৃষ্টি ত সিহঁ তৰষড় যন্ত্ৰ ক সৌন্দ ৰ্যময় কৰিদিছে। ফলত সিহঁ তে আল্লাহক অস্বীকাৰকৰিছে। চয় তানে সিহঁ তক হিদায় ত তথাসঠি ক পথৰপৰাআঁতৰাই দিছে। সঠি ক পথৰ পৰা আল্লাহে যাক আঁতৰাই ৰাখিব বিচাৰে, তাক হিদায় ত দিব পৰা কোনো নাই।

لَّهُمْ عَذَابٌۭ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَشَقُّ ۖ وَمَا لَهُم مِّنَ ٱللَّهِ مِن وَاقٍۢ ﴿٣٤﴾

পাৰ্থিৱ জীৱনত সিহঁ তৰ শাস্তি হৈছে মুমিনসকলৰ হাতত বন্দী হোৱা তথা নিহত হোৱা। আখিৰাতত সিহঁ তৰ বাবে যি শাস্তি অপেক্ষামান, সেয়া পাৰ্থিৱ জীৱনৰ শাস্তি তকৈও অতি কঠি ন তথা ভয়াৱহ। কাৰণ সেই শাস্তি হ'ব অতি কঠোৰ তথা নিৰৱচ্ছিন্ন। ক্বি য়ামতৰ দিনা সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাথাকিব।

۞ مَّثَلُ ٱلْجَنَّةِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۖ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ أُكُلُهَا دَآئِمٌۭ وَظِلُّهَا ۚ تِلْكَ عُقْبَى ٱلَّذِينَ ٱتَّقَوا۟ ۖ وَّعُقْبَى ٱلْكَـٰفِرِينَ ٱلنَّارُ ﴿٣٥﴾

আল্লাহে মু ত্তাক্বীসকলক অৰ্থাৎ যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰে সেইসকল লোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, তাৰ বৈশিষ্ট্য হৈছে এই যে, সেই জান্নাতৰ অট্টালিকাসমূ হ আৰু গছ-গছনিৰ তলদেশত প্ৰবাহমান থাকিব নদ-নদী। পৃথিৱীৰ ফলমূলতকৈ ব্যতিক্ৰ ম, সেই জান্নাতৰ ফলমূল হ'ব চিৰস্থায়ী, নিৰৱচ্ছিন্ন। তাৰ ছাঁবোৰো হ'ব চিৰস্থায়ী, কেতিয়াও অন্ত নপৰিব। এয়া হৈছে সেইসকল লোকৰ পৰিণাম যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰে। আনহাতে কাফিৰসকলৰপৰিণাম হৈছে জাহান্নাম,য’ত সিহঁ তে প্ৰৱেশ কৰিবআৰুসিহঁ তে তাত চিৰকাল থাকিব।

وَٱلَّذِينَ ءَاتَيْنَـٰهُمُ ٱلْكِتَـٰبَ يَفْرَحُونَ بِمَآ أُنزِلَ إِلَيْكَ ۖ وَمِنَ ٱلْأَحْزَابِ مَن يُنكِرُ بَعْضَهُۥ ۚ قُلْ إِنَّمَآ أُمِرْتُ أَنْ أَعْبُدَ ٱللَّهَ وَلَآ أُشْرِكَ بِهِۦٓ ۚ إِلَيْهِ أَدْعُوا۟ وَإِلَيْهِ مَـَٔابِ ﴿٣٦﴾

ه যিসকল ইয়াহুদীক আমি তাওৰাত প্ৰদান কৰিছিলোঁ, আৰু যিসকল খৃষ্টানক আমি ইঞ্জীল প্ৰদান কৰিছিলোঁ, তেওঁলোকে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দি ত, কাৰণ এইখনে তেওঁ লোকৰপ্ৰ তি অৱতীৰ্ণ হোৱা কিছু মান বিধানক সমৰ্থন কৰে। ইয়াহুদী আৰুখৃষ্টানসকলৰবিভিন্ন সম্প্ৰ দায়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ কিছু মান বিধানক অস্বীকাৰ কৰে, কাৰণ সেইবোৰ সিহঁ তৰ আকাংক্ষা মুতাবিক নহয় অথবা পৰিবৰ্ত ন তথা বিকৃ ত কৰাৰ ফলত সিহঁ তৰবিধানৰলগত মিলা নাই। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক যে, আল্লাহে মোক আদেশ দিছে, মই যেন কেৱল তেওঁ ৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী স্থাপন নকৰোঁ। মই কেৱল তেওঁৰ পিনেই আহ্বান কৰোঁ, তেওঁৰ বাহিৰে আন কৰোঁ পিনে আহ্বান নকৰোঁ। আৰু কেৱল তেওঁ ৰপিনেই মই প্ৰত্যাৱৰ্ত ন কৰিম। তাওৰাত আৰুইঞ্জীলেও এই শিক্ষালৈ আহিছে। ي

وَكَذَٰلِكَ أَنزَلْنَـٰهُ حُكْمًا عَرَبِيًّۭا ۚ وَلَئِنِ ٱتَّبَعْتَ أَهْوَآءَهُم بَعْدَ مَا جَآءَكَ مِنَ ٱلْعِلْمِ مَا لَكَ مِنَ ٱللَّهِ مِن وَلِىٍّۢ وَلَا وَاقٍۢ ﴿٣٧﴾

যিদৰেআমি পূৰ্বৱৰ্তী গ্ৰন্থসমূ হ সিহঁ তৰনিজ সম্প্ৰ দায় ৰভাষাত অৱতীৰ্ণ কৰিছিলোঁ,ঠি ক সেইদৰেহে ৰাছু ল! কোৰআনকোআৰবীভাষাত স্পষ্ট ৰূপে সত্য বৰ্ণনাকাৰী গ্ৰন্থহিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। এতেকে হে ৰাছুল! আপুনি যদি আহলে কিতাবসকলৰ ইচ্ছাৰ অনুসৰণ কৰি সিহঁতৰ আকাংক্ষাৰবিপৰীত হোৱা বিষয় বোৰবিলুপ্ত কৰাৰমত পোষণ কৰে, অথচ আপোনাৰওচৰত সেই জ্ঞান আহি পৰিছে যিটো স্বয়ংআল্লাহে আপোনাক শিকাইছে তেন্তে জানি থওক, আল্লাহৰ বাহিৰে আপোনাৰ কোনো অভিভাৱক নাই, যিয়ে আপোনাক সুৰক্ষা প্ৰদান কৰিব, আৰু শত্ৰুৰ বিপক্ষে সহায় কৰিব, আনকি আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈও কোনো নাই। بلغ আল-কোৰআন · তাফছীৰ

وَلَقَدْ أَرْسَلْنَا رُسُلًۭا مِّن قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَٰجًۭا وَذُرِّيَّةًۭ ۚ وَمَا كَانَ لِرَسُولٍ أَن يَأْتِىَ بِـَٔايَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۗ لِكُلِّ أَجَلٍۢ كِتَابٌۭ ﴿٣٨﴾

أ جل كتاب হে ৰাছু ল! আপোনাৰ পূৰ্বেও আমি মানু হৰ মাজৰ পৰাই ৰাছু ল নিৰ্বাচিত কৰি প্ৰে ৰণ কৰিছিলোঁ। এতেকে আপুনি ৰাছু লসকলৰ পৰা পৃথক কোনো নতু ন ৰাছু ল নহয় । সাধাৰণ মানুহৰ দৰে তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ত তি। আমি তেওঁলোকক ফিৰিস্তা বনাই প্ৰে ৰণ কৰা নাছিলোঁ, যিসকলে বিবাহো নকৰে সন্তানো জন্ম নিদিয়ে । এতেকে আপুনি যিহেতু এই ৰাছু লসকলৰ দৰেই এজন মানৱ ৰাছু ল, তেওঁ লোকো আছিল একো একোজন মানৱ তথা তেওঁলোকেও বিবাহ কৰিছিল সন্তান জন্ম দিছিল, গতিকে আপোনাৰ এনেকু ৱা বৈশিষ্ট্যৰ অধিকাৰী হোৱাত মুশ্বৰিকসকলে আশ্চৰ্য কিয় প্ৰকাশ কৰে? আল্লাহৰ অনু মতি নোহোৱাকৈ কোনো নিদৰ্শন লৈ আহিবলৈ ৰাছু লসকলৰ কোনো ক্ষমতা নাই। আল্লাহৰ সকলো ফয় চালা এখন গ্ৰন্থত লিপিবদ্ধ, আৰু এটা সময় নিৰ্ধাৰিত আছে যিটো কেতিয়াও অগা-পিছা নহয় ।

يَمْحُوا۟ ٱللَّهُ مَا يَشَآءُ وَيُثْبِتُ ۖ وَعِندَهُۥٓ أُمُّ ٱلْكِتَـٰبِ ﴿٣٩﴾

আল্লাহে যিটো কল্যাণ অথবা অকল্যাণ নাইবা সৌভাগ্য বা দুৰ্ভাগ্য মচি দিব বিচাৰে সেইটো মচি দিয়ে । আনহাতে যিটো ৰাখিব বিচাৰে সেইটো ৰাখি দিয়ে । তেওঁৰ ওচৰত আছে লাওহে মাহফু জ (সুৰক্ষিত ফলক)। সেইটো হৈছে সকলো ফয় চালাৰ মূল উৎস। মচি দিয়া তথা প্ৰতিষ্ঠি ত ৰখাৰ সকলো কৰ্ম তাত লিপিবদ্ধ ফয় চালাঅনু সাৰেই সম্পাদিত হয় ।

وَإِن مَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ ٱلْبَلَـٰغُ وَعَلَيْنَا ٱلْحِسَابُ ﴿٤٠﴾

হে নবী! আপোনাৰমৃত্যুৰপূৰ্বেই যদি আমি সেই শাস্তি ৰকিছু অংশ আপোনাক দেখুৱাই দিওঁ,যি শাস্তি ৰপ্ৰ তিশ্ৰুতি আমি সিহঁ তক প্ৰদান কৰিছোঁ,তেন্তে সেই অধিকাৰআমাৰআছে। আনহাতে সেই শাস্তি ৰপূৰ্বেই যদি আপোনাক মৃ ত্যুপ্ৰ দান কৰোঁ তেন্তে আপোনাৰদায়ি ত্বহৈছে কেৱল পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। প্ৰতিদান দিয়া তথা হিচাপ-নিকাচ লোৱাৰ দায়ি ত্বআপোনাৰ নহয় , সেইটো হৈছে আমাৰ দায়ি ত্ব।

أَوَلَمْ يَرَوْا۟ أَنَّا نَأْتِى ٱلْأَرْضَ نَنقُصُهَا مِنْ أَطْرَافِهَا ۚ وَٱللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِۦ ۚ وَهُوَ سَرِيعُ ٱلْحِسَابِ ﴿٤١﴾

কাফিৰসকলে দেখা নাপায় নেকি যে, আমি ইছলাম প্ৰচাৰৰ জৰিয় তে আৰু মুছলিমসকলক বিজয়ী প্ৰদানৰ জৰিয় তে কু ফু ৰী জগতখনক কেউফালৰ পৰা সংকু চিত কৰি আনি আছোঁ, আল্লাহে নিজৰ ইচ্ছা মতে বান্দাসকলৰ মাজত ফয় চলা কৰে তথা আদেশ দিয়ে । তেওঁৰ আদেশ প্ৰতিৰোধ কৰিবলৈ অথবা পৰিবৰ্ত ন কৰিবলৈ নাইবা বিকৃ ত কৰিবপৰা শক্তি কাৰো নাই। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। আদিৰপৰা অন্ত লৈকে একে দিনাই হিচাপ গ্ৰহণ কৰিব।

وَقَدْ مَكَرَ ٱلَّذِينَ مِن قَبْلِهِمْ فَلِلَّهِ ٱلْمَكْرُ جَمِيعًۭا ۖ يَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍۢ ۗ وَسَيَعْلَمُ ٱلْكُفَّـٰرُ لِمَنْ عُقْبَى ٱلدَّارِ ﴿٤٢﴾

পূৰ্বৱৰ্তী সম্প্ৰ দায় সমূহেও নিজ নিজ নবীসকলৰ বিৰুদ্ধে ষড় যন্ত্ৰ কৰিছিল, আৰু তেওঁলোকে লৈ অহা চৰীয় তক অস্বীকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে ষড় যন্ত্ৰ কৰি সিহঁ তে কি লাভ পালে? একো পোৱা নাই। কিয় নো প্ৰকৃ ত কৌশলকাৰী হৈছে মহান আল্লাহ, তেওঁৰ বাহিৰে আন কোনো নাই। যিদৰে পৱিত্ৰ আল্লাহে সৃষ্টি ৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয় । এটা সময় ত এই অস্বীকাৰকাৰীসকলে গ'ম পাব যে, সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰি কিমান ভুল কৰিছিল আৰু মুমিনসকলে ঈমান পোষণ কৰি কিমান ভাল কাম কৰিছিল। সেই কাৰণেই তেওঁ লোকে জান্নাত আৰুউৎকৃ ষ্টপৰিণাম লাভ কৰিছে।

وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَسْتَ مُرْسَلًۭا ۚ قُلْ كَفَىٰ بِٱللَّهِ شَهِيدًۢا بَيْنِى وَبَيْنَكُمْ وَمَنْ عِندَهُۥ عِلْمُ ٱلْكِتَـٰبِ ﴿٤٣﴾

কাফিৰসকলে কয়ঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ফালৰ পৰা প্ৰে ৰিত ৰাছু ল নহয় । হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, তোমালোকৰ আৰু মোৰ মাজত সাক্ষ্য দানৰবাবেআল্লাহেই যথেষ্ট যে, মই হৈছোঁ মোৰপ্ৰ তিপালকৰতৰফৰপৰা তোমালোকৰপ্ৰ তি প্ৰে ৰিত ৰাছু ল। লগতে সেইসকল লোকৰ সাক্ষ্যও যথেষ্ট , যিসকলৰ ওচৰত ঐশী গ্ৰন্থআহিছে, য’ত লিপিবদ্ধ আছে মোৰ বৈশিষ্ট্য। এতেকে যাৰ সত্যতাৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰে, তাক بلغ আল-কোৰআন · তাফছীৰ অস্বীকাৰ কৰি কোনেও কোনো ক্ষতি কৰিব নোৱাৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Ar-Ra'd — الرعد

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা