حمٓ ﴿١﴾
(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Jaathiya (45)
মক্কী · 37 আয়াত
حمٓ ﴿١﴾
(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ ﴿٢﴾
কোৰআন হৈছে মহাপৰাক্ৰ মশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজনক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰুনিয় ন্ত্ৰ ণৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান।
إِنَّ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ لَـَٔايَـٰتٍۢ لِّلْمُؤْمِنِينَ ﴿٣﴾
নিশ্চয় মুমিনসকলৰ বাবে আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ অসংখ্য প্ৰমাণ আছে। কাৰণ তেওঁলোকেই নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰে।
وَفِى خَلْقِكُمْ وَمَا يَبُثُّ مِن دَآبَّةٍ ءَايَـٰتٌۭ لِّقَوْمٍۢ يُوقِنُونَ ﴿٤﴾
হে মানৱজাতি! প্ৰথমে বীৰ্য, তাৰ পিছত ৰক্ত পিণ্ড আৰু তাৰ পিছত মাংসপিণ্ড, তোমালোকৰ সৃষ্টি ৰ এই পদ্ধতিৰ মাজতো আছে নিদৰ্শন। পৃথিৱীত বিচৰণ কৰা প্ৰত্যেক প্ৰাণীৰ সৃষ্টি ৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ তাওহীদৰ নিদৰ্শন, যিসকলে আল্লাহক সৃষ্টি কৰ্তা বুলি বিশ্বাস কৰে।
وَٱخْتِلَـٰفِ ٱلَّيْلِ وَٱلنَّهَارِ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن رِّزْقٍۢ فَأَحْيَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا وَتَصْرِيفِ ٱلرِّيَـٰحِ ءَايَـٰتٌۭ لِّقَوْمٍۢ يَعْقِلُونَ ﴿٥﴾
ءايت لقوم يعقلون দিন-ৰাতিৰ আৱৰ্ত নৰ মাজত, আল্লাহে আকাশৰ পৰা বৰ্ষণ কৰা বৰষুণৰ মাজতো আছে নিদৰ্শন, সেই পানীৰ জৰিয় তেই আল্লাহে মৃত ভূমিক জীৱিত কৰি উদ্ভিদ আদি উৎপন্ন কৰে। লগতে বতাহৰ গতিবিধিৰ মাজতো আছে নিদৰ্শন, তোমালোকৰ সুবিধাৰ বাবেই কেতিয়াবা ইফালৰ পৰা আৰু কেতিয়াবা সিফালৰ পৰা বতাহ বলে। এইবোৰৰ মাজত বিবেকৱান লোকসকলৰ বাবে আছে শিক্ষা। তেওঁলোকে এইবোৰৰ দ্বাৰা আল্লাহৰ তাওহীদ আৰু পুনৰ্জীৱিত কৰাৰক্ষমতাআদিৰপ্ৰ মাণ লাভ কৰে। নিশ্চয় তেওঁ সকলোবিষয় তে ক্ষমতাৱান।
تِلْكَ ءَايَـٰتُ ٱللَّهِ نَتْلُوهَا عَلَيْكَ بِٱلْحَقِّ ۖ فَبِأَىِّ حَدِيثٍۭ بَعْدَ ٱللَّهِ وَءَايَـٰتِهِۦ يُؤْمِنُونَ ﴿٦﴾
হে ৰাছু ল! এইবোৰআয়াত আৰুপ্ৰ মাণাদি আমি আপোনাৰওচৰত সত্য সহকাৰেপাঠ কৰিআছোঁ। এতেকে এতিয়া যদি সিহঁ তে আল্লাহে তেওঁ ৰবান্দাৰ প্ৰতি অৱতীৰ্ণ কৰা এই বাণীৰ ওপৰত, আৰু প্ৰমাণ আদিৰ ওপৰত ঈমান পোষণ নকৰে তেন্তে সিহঁতে ইয়াৰ পিছত কোনটো বাণীৰ ওপৰত আৰু কোনটোপ্ৰ মাণৰওপৰত ঈমান আনিব? ويل لكل أفاك أثيم
وَيْلٌۭ لِّكُلِّ أَفَّاكٍ أَثِيمٍۢ ﴿٧﴾
আল্লাহৰশাস্তি আৰু ধ্বংস প্ৰত্যেক সেই ব্যক্তি ৰওপৰত অনিবাৰ্য্য, যিজন মিছলীয়া তথা মহাপাপিষ্ঠ । بلغ আল-কোৰআন · তাফছীৰ
يَسْمَعُ ءَايَـٰتِ ٱللَّهِ تُتْلَىٰ عَلَيْهِ ثُمَّ يُصِرُّ مُسْتَكْبِرًۭا كَأَن لَّمْ يَسْمَعْهَا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍۢ ﴿٨﴾
কাফিৰ ব্যক্তি য়ে আল্লাহৰ আয়াতসমূ হ শ্ৰৱণ কৰে যিবোৰ তাৰ সন্মুখত তিলাৱত কৰা হয় , তাৰ পিছতো সি সত্যৰ পৰা অহংকাৰ কৰি কু ফৰ আৰু গুনাহৰ ওপৰত অবিচল থাকে। এনেকু ৱা লাগে যেনিবা সি আল্লাহৰ আয়াত শুনাই নাই। এতেকে হে ৰাছু ল! আপুনি তাক আখিৰাতৰ বেয়া পৰিণাম সম্পৰ্কে জনাই দিয় ক,অৰ্থাৎ তাৰবাবেৰৈআছে কষ্ট দায় ক শাস্তি ।
وَإِذَا عَلِمَ مِنْ ءَايَـٰتِنَا شَيْـًٔا ٱتَّخَذَهَا هُزُوًا ۚ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌۭ مُّهِينٌۭ ﴿٩﴾
কোৰআনৰ কোনো আয়াত শুনিলেই সিহঁতে তাকলৈ উপহাস কৰে। কোৰআনক উপহাস কৰা এই লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায় কশাস্তি ।
مِّن وَرَآئِهِمْ جَهَنَّمُ ۖ وَلَا يُغْنِى عَنْهُم مَّا كَسَبُوا۟ شَيْـًۭٔا وَلَا مَا ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ ﴿١٠﴾
সিহঁ তৰ সন্মুখত আছে জাহান্নামৰ শাস্তি , যি শাস্তি য়ে আখিৰাতত সিহঁ তৰ অপেক্ষা কৰি আছে। সিহঁ তৰ উপাৰ্জিত সম্পদে আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁ তে উপাসনা কৰা সেই মূৰ্ত্তিবোৰেও কোনো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা সিহঁ তৰ বাবে আছে মহাশাস্তি ।
هَـٰذَا هُدًۭى ۖ وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ لَهُمْ عَذَابٌۭ مِّن رِّجْزٍ أَلِيمٌ ﴿١١﴾
আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা এই কিতাবখনে সত্যৰ পথ দেখুৱায় । এতেকে আল্লাহৰ ফালৰ পৰা ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূ হক যিসকলে অস্বীকাৰ কৰিব, সিহঁ তৰ বাবে আছে কষ্ট দায় ক তথা নিকৃ ষ্টশাস্তি ।
۞ ٱللَّهُ ٱلَّذِى سَخَّرَ لَكُمُ ٱلْبَحْرَ لِتَجْرِىَ ٱلْفُلْكُ فِيهِ بِأَمْرِهِۦ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ ﴿١٢﴾
হে মানৱজাতি! একমাত্ৰ আল্লাহেই সাগৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তেওঁ ৰ আদেশত তাত নাও চলাচল কৰিব পাৰে। যাতে তোমালোকে তেওঁৰ অনুগ্ৰ হত বৈধভাৱে উপাৰ্জ ন কৰিব পাৰা, তথা তোমালোকে যাতে আল্লাহৰ সেইবোৰ নিয়ামতৰ কৃ তজ্ঞতা জ্ঞাপন কৰিব পাৰা, যিবোৰ তেওঁ তোমালোককপ্ৰ দান কৰিছে।
وَسَخَّرَ لَكُم مَّا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ جَمِيعًۭا مِّنْهُ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَتَفَكَّرُونَ ﴿١٣﴾
আকাশমণ্ডলত থকা সূৰ্য, চন্দ্ৰ আৰু তৰা আদি, তথা পৃথিৱীত থকা নদ-নদী, গছ-গছনি আৰু পাহাৰ-পৰ্বত আদিক আল্লাহেই তোমালোকৰ কৰ্মত নিয়োজিত কৰি ৰাখিছে। এই সকলোবোৰ নিয়ামত তেওঁ নিজ অনুগ্ৰ হত প্ৰদান কৰিছে। নিশ্চয় এইবোৰক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজত আছে বহুতো নিদৰ্শন, যিবোৰে আল্লাহৰ ক্ষমতা আৰু তেওঁ ৰ তাওহীদৰ প্ৰমাণ বহন কৰে। এইবোৰ সেইসকল লোকৰ বাবে উপকাৰী, যিসকলে আল্লাহৰ আয়াতসমূ হকলৈ চিন্তা-চৰ্চা কৰে তথা এইবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে।
قُل لِّلَّذِينَ ءَامَنُوا۟ يَغْفِرُوا۟ لِلَّذِينَ لَا يَرْجُونَ أَيَّامَ ٱللَّهِ لِيَجْزِىَ قَوْمًۢا بِمَا كَانُوا۟ يَكْسِبُونَ ﴿١٤﴾
হে ৰাছু ল! যিসকলে আল্লাহৰপ্ৰ তি ঈমান আনিছে আৰুতেওঁৰৰাছু লৰপ্ৰ তি বিশ্বাস কৰিছে, আপুনি তেওঁলোকক কৈ দিয় কঃতোমালোকৰসৈতে বেয়া ব্যৱহাৰ কৰা কাফিৰসকলক তোমালোকে ক্ষমা কৰি দিয়া, সিহঁ তে আল্লাহৰ নিয়ামতক আৰু শাস্তি ক কোনো ভ্ৰূক্ষেপ নকৰে। নিশ্চয় আল্লাহে ধৈৰ্য্য ধাৰণ কৰা মু মিনসকলক আৰু সীমালংঘন কৰা কাফিৰসকলৰ প্ৰত্যেককে পৃথিৱীত কৰা সিহঁ তৰ কৰ্মৰ শীঘ্ৰে ই প্ৰতিদান দিব। بلغ আল-কোৰআন · তাফছীৰ
مَنْ عَمِلَ صَـٰلِحًۭا فَلِنَفْسِهِۦ ۖ وَمَنْ أَسَآءَ فَعَلَيْهَا ۖ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ ﴿١٥﴾
যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ প্ৰতিফল সি নিজে উপভোগ কৰিব। আল্লাহে তেওঁৰ এই সৎকৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, তাৰ পৰিণামো সি নিজেই ভোগ কৰিব, ইয়াৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহ'ব। ইয়াৰ পিছত আখিৰাতত তোমালোক আটায়ে আমাৰ ওচৰলৈকেই উভতি আহিবলাগিব। তেতিয়াআমি তোমালোকৰপ্ৰ ত্যেককে উপযুক্ত প্ৰতিফল দান কৰিম।
وَلَقَدْ ءَاتَيْنَا بَنِىٓ إِسْرَٰٓءِيلَ ٱلْكِتَـٰبَ وَٱلْحُكْمَ وَٱلنُّبُوَّةَ وَرَزَقْنَـٰهُم مِّنَ ٱلطَّيِّبَـٰتِ وَفَضَّلْنَـٰهُمْ عَلَى ٱلْعَـٰلَمِينَ ﴿١٦﴾
আমি বনী ইছৰাঈলক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু সেইমতে মানুহৰ মাজত মীমাংসা কৰাৰ নিৰ্দেশ দিছিলোঁ। তথা অধিকাংশ নবী আমি তেওঁ লোকৰ মাজৰ পৰাই ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰ পৰা বনাইছিলোঁ। আমি তেওঁ লোকক বিভিন্ন প্ৰকাৰৰ পৱিত্ৰ খাদ্য দান কৰিছিলোঁ। লগতে তেওঁ লোককসেইসময় ৰলোকসকলৰওপৰত শ্ৰে ষ্ঠত্বপ্ৰদান কৰিছিলোঁ।
وَءَاتَيْنَـٰهُم بَيِّنَـٰتٍۢ مِّنَ ٱلْأَمْرِ ۖ فَمَا ٱخْتَلَفُوٓا۟ إِلَّا مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْعِلْمُ بَغْيًۢا بَيْنَهُمْ ۚ إِنَّ رَبَّكَ يَقْضِى بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ ﴿١٧﴾
আমি তেওঁলোকক এনেকু ৱা প্ৰমাণ দান কৰিছিলোঁ, যিবোৰে সত্যক মিছাৰ পৰা পাৰ্থক্য কৰিছিল। কিন্তু তথাপিও সিহঁ তে এনেকু ৱা সময় ত বিভেদ সৃষ্টি কৰিছিল, যেতিয়া সিহঁ তৰ সন্মুখত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰে ৰিত হোৱাৰ প্ৰমাণাদি প্ৰতিষ্ঠি ত হৈছিল। সিহঁ তে পদমৰ্যাদা আৰু ৰাজত্ব ৰ চাহিদাৰফলত পৰস্পৰেএই বিভেদ সৃষ্টি কৰিছিল। হে ৰাছু ল! পৃথিৱীত সিহঁ তে যিবোৰবিষয় কলৈ বিভেদ কৰিআছে, কিয়ামতৰদিনা নিশ্চয় আপোনাৰ প্ৰতিপালকে সিহঁ তৰমাজত এইবোৰৰমীমাংসা কৰিদিব। তেওঁ প্ৰকাশ কৰিদিব, কোন সত্য পথত আছিল আৰুকোন বাতিল পথত আছিল।
ثُمَّ جَعَلْنَـٰكَ عَلَىٰ شَرِيعَةٍۢ مِّنَ ٱلْأَمْرِ فَٱتَّبِعْهَا وَلَا تَتَّبِعْ أَهْوَآءَ ٱلَّذِينَ لَا يَعْلَمُونَ ﴿١٨﴾
এতেকে আমি আপোনাক প্ৰতিষ্ঠি ত কৰিছোঁ এটা উৎকৃ ষ্টপথত, তথা বিশেষ বিধানৰ ওপৰত আৰু সঠি ক চৰীয় তৰ ওপৰত। এইটো দৰাচলতে সেই আদেশৰেই এটা অংগ, যিটো আমি আপোনাৰ পূৰ্বৱৰ্তী ৰাছু লসকলক প্ৰদান কৰিছিলোঁ। যাতে আপুনি মানু হক ঈমানৰ প্ৰতি আৰু নেক আমলৰ প্ৰতি আহ্বান কৰে। গতিকে আপুনি এই চৰীয় তৰ অনু সৰণ কৰক। আনহাতে সেইসকল লোকৰ ইচ্ছাৰ অনু সৰণ নকৰিব, যিসকলে সত্য সম্পৰ্কে একোৱেই নাজানে। সেইকাৰণেই সিহঁ তৰচাহিদাই সিহঁ তক সত্যৰপৰাআঁতৰাই পথভ্ৰ ষ্টকৰিছে।
إِنَّهُمْ لَن يُغْنُوا۟ عَنكَ مِنَ ٱللَّهِ شَيْـًۭٔا ۚ وَإِنَّ ٱلظَّـٰلِمِينَ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍۢ ۖ وَٱللَّهُ وَلِىُّ ٱلْمُتَّقِينَ ﴿١٩﴾
যিসকলে সত্য সম্পৰ্কে নাজানে, যদি আপুনি সিহঁ তৰ অনু সৰণ কৰে তেন্তে সিহঁ তে কেতিয়াও আপোনাক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। সকলো ধৰ্মৰ অত্যাচাৰী লোকসকল হৈছে মুমিনসকলৰ বিৰুদ্ধে ইজনে সিজনৰ সহায় ক তথা সমৰ্থক। কিন্তু আল্লাহ হৈছে সেইসকল লোকৰ সহায় ক, যিসকলে তেওঁ ৰ আদেশ পালন কৰে তথা তেওঁ ৰনিষেধকৃ ত বস্তু বোৰৰ পৰা বিৰত থাকে।
هَـٰذَا بَصَـٰٓئِرُ لِلنَّاسِ وَهُدًۭى وَرَحْمَةٌۭ لِّقَوْمٍۢ يُوقِنُونَ ﴿٢٠﴾
আমাৰ ৰাছু লৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআনখন হৈছে জ্ঞানগৰ্ভ । ইয়াৰ দ্বাৰা মানুহে অসত্যৰ পৰা সত্যক পাৰ্থক্য কৰিব পাৰে। তথা এইখন হৈছে সত্যৰ পথ দেখুৱা হিদায় ত আৰু সেইসকল লোকৰ বাবে ৰহমত, যিসকলে পূৰ্ণ বিশ্বাস পোষণ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা সঠি ক পথ গ্ৰহণ কৰে, যাতে তেওঁ লোকৰপ্ৰ তিপালকে তেওঁ লোকৰওপৰত সন্ত ষ্টহয় আৰু তেওঁ লোকক জাহান্নামৰপৰা ৰক্ষা কৰিজান্নাতত প্ৰৱেশ কৰায় । بلغ আল-কোৰআন · তাফছীৰ
أَمْ حَسِبَ ٱلَّذِينَ ٱجْتَرَحُوا۟ ٱلسَّيِّـَٔاتِ أَن نَّجْعَلَهُمْ كَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَوَآءًۭ مَّحْيَاهُمْ وَمَمَاتُهُمْ ۚ سَآءَ مَا يَحْكُمُونَ ﴿٢١﴾
يحكمون শৰীৰৰ অংগ-প্ৰত্যংগৰ দ্বাৰা কু ফৰী আৰু গুনাহ কৰা লোকসকলে ধাৰণা কৰিছে নেকি যে, আমি সিহঁ তক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা লোকসকলৰ দৰেই প্ৰতিদান দান কৰিম? যাতে পৃথিৱী আৰু আখিৰাতত সিহঁত সকলোৱে সমান পৰ্যায় ত থাকে? সিহঁতৰ এই ধাৰণা অত্যন্ত ঘৃ ণনীয় ।
وَخَلَقَ ٱللَّهُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ ﴿٢٢﴾
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক হিকমত অনুযায়ী সৃষ্টি কৰিছে। এইবোৰক অনৰ্থক সৃষ্টি কৰা নাই। ইয়াৰ উদ্দেশ্য হৈছে, যাতে তেওঁ প্ৰত্যেক ব্যক্তি কেই নিজৰ নিজৰ ভাল আৰু বেয়া কৰ্ম অনু পাতে প্ৰতিদান দিব পাৰে। আল্লাহে কেতিয়াও সিহঁ তৰছোৱাব হ্ৰাস কৰি অথবা সিহঁ তৰ গুনাহ বৃদ্ধি কৰি সিহঁ তৰপ্ৰ তিঅন্যায় নকৰিব।
أَفَرَءَيْتَ مَنِ ٱتَّخَذَ إِلَـٰهَهُۥ هَوَىٰهُ وَأَضَلَّهُ ٱللَّهُ عَلَىٰ عِلْمٍۢ وَخَتَمَ عَلَىٰ سَمْعِهِۦ وَقَلْبِهِۦ وَجَعَلَ عَلَىٰ بَصَرِهِۦ غِشَـٰوَةًۭ فَمَن يَهْدِيهِ مِنۢ بَعْدِ ٱللَّهِ ۚ أَفَلَا تَذَكَّرُونَ ﴿٢٣﴾
হে ৰাছুল! আপুনি সেই ব্যক্তিৰ পিনে লক্ষ্য কৰকচোন, যিয়ে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, আনকি সি নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে তথা কেতিয়াওইয়াৰবিৰোধিতানকৰে। তেনেকু ৱাব্যক্তি ক আল্লাহে জানি বুজি পথভ্ৰ ষ্টকৰিদিছে। কিয় নোসিহঁ ত পথভ্ৰ ষ্টহোৱাৰেই যোগ্যআছিল। সিহঁ তৰ অন্ত ৰত মোহৰ মাৰি দিছে, গতিকে সিহঁ তে উপকৃ ত হোৱাৰ আশাত একো শুনিব নোৱাৰে। লগতে আল্লাহে সিহঁ তৰ চকু ৰ ওপৰত ৰাখি দিছে আৱৰণ, ফলত সিহঁতে সত্যক দেখা নাপায় । এতেকে কওকচোন, আল্লাহে সিহঁতক পথভ্ৰ ষ্টকৰাৰ পিছত, কোনে সিহঁতক সত্যৰ তাওফীক প্ৰদান কৰিব? তোমালোকে প্ৰবৃত্তিৰ অনু সৰণৰ ক্ষতিকৰ দিশসমূ হ আৰু আল্লাহৰ চৰীয় ত অনু সৰণৰ উপকাৰী দিশসমূ হ বুজি নোপোৱানে?
وَقَالُوا۟ مَا هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا يُهْلِكُنَآ إِلَّا ٱلدَّهْرُ ۚ وَمَا لَهُم بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَظُنُّونَ ﴿٢٤﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “আমাৰ পাৰ্থিৱ জীৱনেই হৈছে একমাত্ৰ জীৱন। ইয়াৰ পিছত আন কোনো জীৱন নাই। এটা প্ৰজন্মৰ মৃত্যুৰ পিছত, সেইটো প্ৰজন্ম কেতিয়াও ঘূৰি নাহে, তাৰ পিছত দ্বি তীয় প্ৰজন্ম আহে। লগতে কালচক্ৰ ৰ ফলতেই আমাৰ মৃত্যু ঘটে”। অথচ আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ সপক্ষে সিহঁ তৰ ওচৰত কোনো সঠি ক জ্ঞান নাই। সিহঁ তে কেৱল ধাৰণাহে কৰে। এই কথা নিশ্চিত যে, ধাৰণাই কেতিয়াও সত্যৰ স্থান ল’ব নোৱাৰে।
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍۢ مَّا كَانَ حُجَّتَهُمْ إِلَّآ أَن قَالُوا۟ ٱئْتُوا۟ بِـَٔابَآئِنَآ إِن كُنتُمْ صَـٰدِقِينَ ﴿٢٥﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলৰ সন্মুখত যেতিয়া আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰি শুনোৱা হয় , তেতিয়া উপস্থাপন কৰিবলৈ সিহঁতৰ ওচৰত কোনো দলিল নাথাকে, কিন্তু সিহঁতে নবী চাল্লাল্লাহু আলাইহি অচাল্লাম আৰু তেওঁৰ চাহাবাসকলক উদ্দেশ্যি কয়ঃ তেন্তে আমাৰ পূৰ্বপুৰুষসকলক জীৱিত কৰি আমাৰ সন্মুখত আনাচোন, যদি তোমালোকে এই দাবীত সত্যবাদী যে আমাৰ মৃত্যুৰ পিছত আকৌ আমাক জীৱিত কৰা হ’ব।
قُلِ ٱللَّهُ يُحْيِيكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يَجْمَعُكُمْ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ لَا رَيْبَ فِيهِ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ ﴿٢٦﴾
হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় কঃ তোমালোকক সৃষ্টি কৰি আল্লাহেই জীৱন দান কৰিছে আৰু তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। ইয়াৰ পিছত তেৱেঁই তোমালোকক কিয়ামতৰদিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰবাবেএকত্ৰিত কৰিব। এই দিৱসটো যে অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দে হ নাই। কিন্তু অধিকাংশ লোকেই এই বিষয় টোনাজানে। সেইকাৰণেই সিহঁ তে সৎকৰ্মৰজৰিয় তে ইয়াৰবাবেপ্ৰ স্তু তি নলয় । بلغ আল-কোৰআন · তাফছীৰ
وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يَوْمَئِذٍۢ يَخْسَرُ ٱلْمُبْطِلُونَ ﴿٢٧﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব হৈছে একমাত্ৰ আল্লাহৰেই হাতত। গতিকে উভয় ৰ মাজত তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে যিদিনা কিয়ামত কায়ে ম হ’ব, যেতিয়া আল্লাহে মৃ ত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব, সেইদিনা আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰা বাতিল পন্থীবিলাকে ক্ষতিগ্ৰ তস্ হ’ব, যিসকলে সত্যক অসত্য আৰু অসত্যক সত্য প্ৰমাণ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল।
وَتَرَىٰ كُلَّ أُمَّةٍۢ جَاثِيَةًۭ ۚ كُلُّ أُمَّةٍۢ تُدْعَىٰٓ إِلَىٰ كِتَـٰبِهَا ٱلْيَوْمَ تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ ﴿٢٨﴾
হে ৰাছু ল! সেইদিনা আপুনি প্ৰত্যেক সম্প্ৰ দায় ৰ লোকসকলক নিজৰ পৰিণামৰ প্ৰতীক্ষাত আঁঠুকাঢ়ি থকা অৱস্থাত দেখিবলৈ পাব। প্ৰত্যেক উম্মতকে সিহঁ তৰ কৰ্মপুথিৰ পিনে আহ্বান কৰা হ’ব, যিখনক লিপিবদ্ধ কৰিছে সংৰক্ষণৰ বাবে নিয়োজিত ফিৰিস্তাসকলে। হে মানৱজাতি! আজি তোমালোকক পৃথিৱীত কৰা ভাল বেয়া কৰ্মৰেই প্ৰতিদান দিয়া হ’ব।
هَـٰذَا كِتَـٰبُنَا يَنطِقُ عَلَيْكُم بِٱلْحَقِّ ۚ إِنَّا كُنَّا نَسْتَنسِخُ مَا كُنتُمْ تَعْمَلُونَ ﴿٢٩﴾
আমাৰ ফিৰিস্তাসকলে লিপিবদ্ধ কৰা তোমালোকৰ কৰ্মপুথিখন প্ৰকৃ ততে তোমালোকৰ বিৰুদ্ধে সত্য সহকাৰে সাক্ষী দিব। গতিকে তোমালোকে ইয়াক পাঠ কৰা। নিশ্চয় আমিয়ে ই সেই ফিৰিস্তাসকলক তোমালোকৰপাৰ্থিৱজীৱনৰকৰ্মৰাজি লিপিবদ্ধ কৰাৰনিৰ্দে শ দিছিলোঁ।
فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فَيُدْخِلُهُمْ رَبُّهُمْ فِى رَحْمَتِهِۦ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْمُبِينُ ﴿٣٠﴾
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক তেওঁলোকৰপ্ৰ তিপালকে নিজ অনুগ্ৰ হত জান্নাতত প্ৰৱেশ কৰাব। আল্লাহে তেওঁলোকক প্ৰদান কৰাপ্ৰ তিদানেই হৈছে স্পষ্ট সফলতা,কোনোসফলতাই ইয়াৰলগত তু লনানহয় ।
وَأَمَّا ٱلَّذِينَ كَفَرُوٓا۟ أَفَلَمْ تَكُنْ ءَايَـٰتِى تُتْلَىٰ عَلَيْكُمْ فَٱسْتَكْبَرْتُمْ وَكُنتُمْ قَوْمًۭا مُّجْرِمِينَ ﴿٣١﴾
আনহাতে যিসকলে আল্লাহৰ লগত কু ফৰী কৰিছে, সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হোৱা নাছিলনে,অথচ তোমালোকে ইয়াৰপ্ৰ তি ঈমান পোষণ কৰাৰবিপৰীতে অহংকাৰকৰিছিলা? প্ৰকৃ ততে তোমালোক আছিলা অপৰাধী সম্প্ৰ দায় । কু ফৰী আৰু গুনাহৰ কৰ্মই হৈছে তোমালোকৰن মূ ল ভিত্তি। ق
وَإِذَا قِيلَ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَٱلسَّاعَةُ لَا رَيْبَ فِيهَا قُلْتُم مَّا نَدْرِى مَا ٱلسَّاعَةُ إِن نَّظُنُّ إِلَّا ظَنًّۭا وَمَا نَحْنُ بِمُسْتَيْقِنِينَ ﴿٣٢﴾
যেতিয়া তোমালোকক কোৱা হৈছিল, নিশ্চয় আল্লাহৰ এই প্ৰতিশ্ৰুতি হৈছে সত্য যে, তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব তথা সিহঁ তক প্ৰতিদান দান কৰিব, ইয়াত কোনো সন্দে হ নাই; লগতে কিয়ামত সংঘটি ত হ’ব, ইয়াতো কোন সন্দে হ নাই। গতিকে তোমালোকে ইয়াৰ বাবে প্ৰস্তু তি লোৱা। কিন্তু তোমালোকে তেতিয়া কৈছিলাঃ এই কিয়ামত কি? কিয়ামতৰ বিষয়ে আমি একো নাজানো? যদিও কিছু অনুমান হয় যে ই সংঘটি ত হ’ব কিন্তু ইয়াক আমি পৰিপূৰ্ণৰূপে বিশ্বাস নকৰোঁ। وبدا لهم سئات ما عملواوحاق بهم ما كانوابه يستهزءون
وَبَدَا لَهُمْ سَيِّـَٔاتُ مَا عَمِلُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٣٣﴾
সিহঁ তৰ সন্মুখত কু ফৰ আৰু পাপকৰ্মৰ দুষ্পৰিণাম প্ৰকট হ’ব, যিবোৰ সিহঁ তে পৃথিৱীত কৰিছিল। সিহঁ তক সেই শাস্তি ৰ দ্বাৰাই দণ্ডিত কৰা হ’ব, যিটো শাস্তি ৰবিষয়ে সিহঁ তক সতৰ্ক কৰিলে সিহঁ তে সেইটোক উপহাস কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
وَقِيلَ ٱلْيَوْمَ نَنسَىٰكُمْ كَمَا نَسِيتُمْ لِقَآءَ يَوْمِكُمْ هَـٰذَا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّـٰصِرِينَ ﴿٣٤﴾
আল্লাহে সিহঁ তক ক’বঃ আজি আমি তোমালোকক জাহান্নামৰ মাজত এৰি দিম, যিদৰে তোমালোকে আমাৰ এই সাক্ষাতক পাহৰি আছিলা। তথা ঈমান আৰু সৎকৰ্মৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তু তি লোৱা নাছিলা। এতেকে তোমালোকৰ প্ৰকৃ ত ঠি কনা হৈছে জাহান্নাম, তাতেই তোমালোকে অৱস্থান কৰিবা। আল্লাহৰ শাস্তি ক প্ৰতিৰোধ কৰিবলৈ তাত তোমালোকৰ কোনো সহায় ক নাথাকিব।
ذَٰلِكُم بِأَنَّكُمُ ٱتَّخَذْتُمْ ءَايَـٰتِ ٱللَّهِ هُزُوًۭا وَغَرَّتْكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا ۚ فَٱلْيَوْمَ لَا يُخْرَجُونَ مِنْهَا وَلَا هُمْ يُسْتَعْتَبُونَ ﴿٣٥﴾
এই শাস্তি তোমালোকক এইকাৰণে দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ আয়াতসমূ হক উপহাসৰ পাত্ৰ বনাই লৈছিলা তথা সেইবোৰকলৈ ঠাট্টা-মস্কৰা কৰিছিলা, লগতে পাৰ্থিৱ জীৱনৰ সা-সুবিধা আৰু চাহিদাই তোমালোকক প্ৰতাৰিত কৰিছিল। গতিকে আল্লাহৰ আয়াতসমূহক ঠাট্টা কৰা কাফিৰসকলে জাহান্নামৰ পৰা কেতিয়াও নিস্তাৰ নাপাব। বৰং চিৰকাল তাতেই অৱস্থান কৰিব। সৎকৰ্ম কৰিবলৈ কেতিয়াও সিহঁতক পাৰ্থিৱ জীৱনলৈ ওভোতাই পঠোৱানহ'ব। তথাপ্ৰ তিপালকেওকেতিয়াওসিহঁ তৰপ্ৰ তি সন্তু ষ্টনহ’ব।
فَلِلَّهِ ٱلْحَمْدُ رَبِّ ٱلسَّمَـٰوَٰتِ وَرَبِّ ٱلْأَرْضِ رَبِّ ٱلْعَـٰلَمِينَ ﴿٣٦﴾
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই। তেৱেঁই হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা গোটেই সৃষ্টি জগতৰ প্ৰতিপালক।
وَلَهُ ٱلْكِبْرِيَآءُ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٣٧﴾
আকাশমণ্ডল আৰু পৃথিৱীত আছে একমাত্ৰ তেওঁৰেই মহিমা তথা গৌৰৱ। তেৱেঁই মহাপৰাক্ৰ মশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত আৰু চৰীয় ত প্ৰণয় নৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে