حمٓ ﴿١﴾
(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Ahqaf (46)
মক্কী · 35 আয়াত
حمٓ ﴿١﴾
(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ ﴿٢﴾
মহাপ্ৰ ভু ত্বশালী আল্লাহৰ ফালৰ পৰা এই কোৰআন অৱতীৰ্ণ হৈছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰুচৰীয় তপ্ৰ ণয় নতমহাপ্ৰ জ্ঞাৱান। م
مَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ وَأَجَلٍۢ مُّسَمًّۭى ۚ وَٱلَّذِينَ كَفَرُوا۟ عَمَّآ أُنذِرُوا۟ مُعْرِضُونَ ﴿٣﴾
আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা গোটেই বস্তু বোৰক আমি অনৰ্থক সৃষ্টি কৰা নাই। বৰং সেইবোৰক আমি সত্য সহকাৰে সৃষ্টি কৰিছোঁ তথা গুৰুত্ব পূৰ্ণ হিকমতসহ সৃষ্টি কৰিছোঁ। তাৰে এটা হিকমত হৈছে এই যে, যাতে বান্দাসকলে ইয়াৰ মাধ্যমত নিজ প্ৰতিপালকক চিনিব পাৰে আৰু তেওঁ ৰ ইবাদত কৰে, লগতে তেওঁ ৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰে। তথা এটা নিৰ্ধাৰিত সময় লৈকে যিটো কেৱল একমাত্ৰ আল্লাহেই জানে, সেই সময় ছোৱাত পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ দাবীসমূহ যাতে সিহঁ তে পূৰণ কৰে। আনহাতে যিসকলে আল্লাহৰ লগত কু ফৰী কৰিছে, সিহঁ তে সেই বিষয় বোৰৰপৰা বিমু খ হৈ আছে, যিবোৰবিষয় সম্পৰ্কে আল্লাহৰ কিতাবত সতৰ্ক কৰা হৈছে। সিহঁ তে সেইবোৰক কোনো ভ্ৰূক্ষেপ নকৰে।
قُلْ أَرَءَيْتُم مَّا تَدْعُونَ مِن دُونِ ٱللَّهِ أَرُونِى مَاذَا خَلَقُوا۟ مِنَ ٱلْأَرْضِ أَمْ لَهُمْ شِرْكٌۭ فِى ٱلسَّمَـٰوَٰتِ ۖ ٱئْتُونِى بِكِتَـٰبٍۢ مِّن قَبْلِ هَـٰذَآ أَوْ أَثَـٰرَةٍۢ مِّنْ عِلْمٍ إِن كُنتُمْ صَـٰدِقِينَ ﴿٤﴾
হে ৰাছুল! সত্যৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক আপুনি সোধক, কোৱাচোন! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰে পৃথিৱীৰ কি কি বস্তু সৃষ্টি কৰিছে? পাহাৰ-পৰ্বত আদিক সেইবোৰে সৃষ্টি কৰিছে নেকি? নে সেইবোৰে নদ-নদী আদিক সৃষ্টি কৰিছে? নাইবা আকাশমণ্ডল সৃষ্টি ৰ ক্ষেত্ৰত সিহঁতে আল্লাহক সহায় কৰিছে নেকি? যদি তোমালোকৰ এই মূৰ্ত্তিবোৰ সঁচাই উপাসনাৰ যোগ্য তেন্তে ইয়াৰ সপক্ষে কোৰআনৰ পূৰ্বে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা কোনো গ্ৰন্থৰ পৰা নাইবা পূৰ্বৱৰ্তী লোকসকলে এৰি থৈ যোৱা কোনো জ্ঞানকে উপস্থাপন কৰাচোন।
وَمَنْ أَضَلُّ مِمَّن يَدْعُوا۟ مِن دُونِ ٱللَّهِ مَن لَّا يَسْتَجِيبُ لَهُۥٓ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ وَهُمْ عَن دُعَآئِهِمْ غَـٰفِلُونَ ﴿٥﴾
সেই ব্যক্তিতকৈ অধিক পথভ্ৰ ষ্টআন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ বাহিৰে এনেকু ৱা মূৰ্ত্তিবোৰৰ উপাসনা কৰে, যিবোৰে কিয়ামত পৰ্যতন্ সিহঁ তৰ কোনো প্ৰাৰ্থনাৰ সঁহাৰি দিব নোৱাৰে। আল্লাহৰ বাহিৰে উপাসনা কৰা এই মূৰ্ত্তিবোৰে লাভ-ক্ষতি কৰাতো দূৰৰ কথা, নিজৰ উপাসক বিলাকৰ প্ৰাৰ্থনা সম্পৰ্কে ও অনভিজ্ঞ।
وَإِذَا حُشِرَ ٱلنَّاسُ كَانُوا۟ لَهُمْ أَعْدَآءًۭ وَكَانُوا۟ بِعِبَادَتِهِمْ كَـٰفِرِينَ ﴿٦﴾
যদিও এইবোৰ মূ ৰ্ত্তিয়ে পৃথিৱীত সিহঁ তক একো উপকাৰ কৰিব নোৱাৰিব, আৰু কিয়ামতৰ দিনা যেতিয়া সিহঁ তক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰে নিজৰ উপাসকসকলৰ শত্ৰু হৈ পৰিব, যিসকলে সিহঁ তৰ উপাসনা কৰিছিল। তথা সিহঁ তৰ পৰা সম্পৰ্ক চ্ছেদ কৰিব। লগতে সিহঁ তে অস্বীকাৰ কৰিব যে, সিহঁ তৰউপাসনাসম্পৰ্কে সিহঁ তে অৱগতই নাছিল। بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍۢ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلْحَقِّ لَمَّا جَآءَهُمْ هَـٰذَا سِحْرٌۭ مُّبِينٌ ﴿٧﴾
যেতিয়া সিহঁতৰ সন্মুখত আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ তিলাৱত কৰা হয় , তেতিয়া কাফিৰসকলে ৰাছুলৰ মাধ্যমত অহা এই কোৰআন সম্পৰ্কে কয়ঃএইখন হৈছে স্পষ্ট যাদু। কেতিয়াওএইখন আল্লাহৰঅহীহ’বনোৱাৰে।
أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ إِنِ ٱفْتَرَيْتُهُۥ فَلَا تَمْلِكُونَ لِى مِنَ ٱللَّهِ شَيْـًٔا ۖ هُوَ أَعْلَمُ بِمَا تُفِيضُونَ فِيهِ ۖ كَفَىٰ بِهِۦ شَهِيدًۢا بَيْنِى وَبَيْنَكُمْ ۖ وَهُوَ ٱلْغَفُورُ ٱلرَّحِيمُ ﴿٨﴾
এই মুশ্বৰিকসকলে এই দাবী কৰে নেকি যে, মুহাম্মদে নিজেই এই কোৰআন সৃষ্টি কৰি আল্লাহৰ লগত সম্পৃক্ত কৰিছে? হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় কঃ যদি মই এইখন নিজে ৰচনা কৰিছোঁ তেন্তে শুনা, ইয়াৰ কাৰণে আল্লাহে মোক শাস্তি দিব বিচাৰিলে তোমালোকে কেতিয়াও মোক সেই শাস্তি ৰ পৰা ৰক্ষা কৰিব নোৱাৰিবা। তেনেক্ষেত্ৰত মই আল্লাহৰ সৈতে মিছা কথা সম্পৃক্ত কৰি নিজকে কিয় ধ্বংসৰ গৰালত ঠেলি দিম?! তোমালোকে কোৰআন সম্পৰ্কে যিবোৰ মিছা কথা কৈ আছা আৰু মোৰ ওপৰত যিবোৰ মিছা আৰোপ কৰি আছা, সেই সকলোবোৰ আল্লাহে ভালদৰেই জানে। মোৰ আৰু তোমালোকৰমাজত সাক্ষীহিচাপে পৱিত্ৰ আল্লাহেই যথেষ্ট । তেওঁ তাওবাকাৰীবান্দাসকলৰপ্ৰ তি অতি ক্ষমাশীল। তেওঁ লোকৰপ্ৰ তি পৰম দয়ালু।
قُلْ مَا كُنتُ بِدْعًۭا مِّنَ ٱلرُّسُلِ وَمَآ أَدْرِى مَا يُفْعَلُ بِى وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَىَّ وَمَآ أَنَا۠ إِلَّا نَذِيرٌۭ مُّبِينٌۭ ﴿٩﴾
হে ৰাছু ল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয় ক যে, মই কোনো নতু ন ৰাছু ল নহয় , যাক প্ৰথমবাৰ আল্লাহে প্ৰে ৰণ কৰিছে, তেন্তে কিয় তোমালোকে মোৰ দাৱাত সম্পৰ্কে আশ্চৰ্য প্ৰকাশ কৰি আছা। মোৰ পূৰ্বেও বহুতো ৰাছু ল আহিছিল। মই নাজানো পৃথিৱীত আল্লাহে মোৰ লগত কি কৰিব আৰু তোমালোকৰ সৈতে কি কৰিব। মই কেৱল সেই অহীৰহে অনুসৰণ কৰোঁ, যিটো মোৰ প্ৰতি প্ৰে ৰণ কৰা হয় । মোৰ প্ৰত্যেক কথা আৰু কৰ্ম অহী অনু যায়ীহে সম্পাদন হয় । প্ৰকৃ ততে মই এজন সতৰ্ক কাৰীহে মাত্ৰ,মই তোমালোকক আল্লাহৰশাস্তি ৰপৰাস্পষ্ট ৰূপে সাৱধান কৰোঁ।
قُلْ أَرَءَيْتُمْ إِن كَانَ مِنْ عِندِ ٱللَّهِ وَكَفَرْتُم بِهِۦ وَشَهِدَ شَاهِدٌۭ مِّنۢ بَنِىٓ إِسْرَٰٓءِيلَ عَلَىٰ مِثْلِهِۦ فَـَٔامَنَ وَٱسْتَكْبَرْتُمْ ۖ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ ﴿١٠﴾
হে ৰাছু ল! এই অস্বীকাৰকাৰীসকলক কৈ দিয় ক, তোমালোকে মোক কোৱাচোন, যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে বুলি প্ৰমাণিত হয় , যাক তোমালোকে অস্বীকাৰ কৰি আছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে তাওৰাতৰ ভাষ্যৰ ভিত্তিত সাক্ষ্য দিছে যে এইখন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ আৰু ইয়াৰ ওপৰত তেওঁ ঈমানো আনিছে, পক্ষান্ত ৰে তোমালোকে অহংকাৰ কৰি ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিৰত আছা, তেনে অৱস্থাত তোমালোকে অন্যায় কাৰী বুলি গণ্য নহ’বানে? নিশ্চয় আল্লাহে অন্যায় কাৰী সম্প্ৰ দায় ক সত্যৰ তাওফীক নিদিয়ে ।
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوا۟ لَوْ كَانَ خَيْرًۭا مَّا سَبَقُونَآ إِلَيْهِ ۚ وَإِذْ لَمْ يَهْتَدُوا۟ بِهِۦ فَسَيَقُولُونَ هَـٰذَآ إِفْكٌۭ قَدِيمٌۭ ﴿١١﴾
যিসকলে কোৰআনক আৰু ৰাছু লে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছে, সিহঁ তে মুমিনসকলক কয়ঃ “সঁচাই যদি মুহাম্মদৰ বাৰ্তা সত্য হ’লহেঁ তেন আৰু কল্যাণৰ পথ দেখুৱালেহেঁ তেন তেন্তে এই দৰিদ্ৰ , দাস আৰু দুৰ্বলসকলে কেতিয়াও আমাক পিছ পেলোৱাই আগভাগ ল’ব নোৱাৰিলেহেঁ তেন”। যিহেতু সিহঁ তে ৰাছু লে লৈ অহা বাৰ্তাক স্বীকাৰ কৰিব পৰা নাই, সেয়ে সিহঁ তে কয়ঃ “মু হাম্মদে লৈ অহা এই বাৰ্তা হৈছে প্ৰাচীনকালৰ মিছা কথাহে মাত্ৰ। গতিকে আমি মিছা কথা কেতিয়াও নামানো”। ي
وَمِن قَبْلِهِۦ كِتَـٰبُ مُوسَىٰٓ إِمَامًۭا وَرَحْمَةًۭ ۚ وَهَـٰذَا كِتَـٰبٌۭ مُّصَدِّقٌۭ لِّسَانًا عَرَبِيًّۭا لِّيُنذِرَ ٱلَّذِينَ ظَلَمُوا۟ وَبُشْرَىٰ لِلْمُحْسِنِينَ ﴿١٢﴾
للمح سنين এই কোৰআনৰপূৰ্বে অৱতীৰ্ণ হৈছিল তাওৰাত গ্ৰন্থ। সেইখনক আল্লাহে মুছা আলাইহিচ্ছালামৰওপৰত অৱতীৰ্ণ কৰিছিল। যিখন সত্যৰপথপ্ৰ দৰ্শক আছিল আৰু মুমিনসকলৰ বাবে আছিল সেইখন কৃ পাস্বৰূপ, বনী ইছৰাঈলে সেইখনৰ অনুসৰণ কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত নাযিল হোৱা এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ হৈছে, এইখনে পূৰ্বৱৰ্তী সকলো গ্ৰন্থক সমৰ্থন কৰে। এই গ্ৰন্থখনৰউদ্দেশ্য হৈছে, যাতে ইয়াৰ দ্বাৰা সেইসকল লোকক সতৰ্ক কৰিব পৰা যায় , যিসকলে শ্বি ৰ্কআৰু পাপকৰ্মৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে। লগতে এইখনে بلغ আল-কোৰআন · তাফছীৰ সেইসকল লোকৰ বাবে সুসংবাদ কঢ়ি য়াই আনিছে, যিসকলে সৃষ্টি কৰ্তাৰ সৈতে আৰু তেওঁ ৰ সৃষ্টি ৰ সৈতে ভাল ব্যৱহাৰ কৰে।
إِنَّ ٱلَّذِينَ قَالُوا۟ رَبُّنَا ٱللَّهُ ثُمَّ ٱسْتَقَـٰمُوا۟ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ ﴿١٣﴾
নিশ্চয় যিসকলে স্বীকাৰ কৰিছে যে, আল্লাহেই আমাৰ একমাত্ৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, তাৰ পিছত ঈমান আৰু সৎকৰ্মৰ ওপৰত অবিচল থাকে, আখিৰাত সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব, আৰু পিছফালে এৰি থৈ অহা পাৰ্থিৱ জীৱনৰ সা-সুবিধাকলৈও তেওঁ লোকৰ কোনো চিন্তা নহ’ব।
أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَنَّةِ خَـٰلِدِينَ فِيهَا جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ ﴿١٤﴾
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হ’ব জান্নাতবাসী, তেওঁলোকে তাত চিৰকাল থাকিব। এইটো তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান যিবোৰ তেওঁ লোকে পৃথিৱীত সম্পাদন কৰিছিল।
وَوَصَّيْنَا ٱلْإِنسَـٰنَ بِوَٰلِدَيْهِ إِحْسَـٰنًا ۖ حَمَلَتْهُ أُمُّهُۥ كُرْهًۭا وَوَضَعَتْهُ كُرْهًۭا ۖ وَحَمْلُهُۥ وَفِصَـٰلُهُۥ ثَلَـٰثُونَ شَهْرًا ۚ حَتَّىٰٓ إِذَا بَلَغَ أَشُدَّهُۥ وَبَلَغَ أَرْبَعِينَ سَنَةًۭ قَالَ رَبِّ أَوْزِعْنِىٓ أَنْ أَشْكُرَ نِعْمَتَكَ ٱلَّتِىٓ أَنْعَمْتَ عَلَىَّ وَعَلَىٰ وَٰلِدَىَّ وَأَنْ أَعْمَلَ صَـٰلِحًۭا تَرْضَىٰهُ وَأَصْلِحْ لِى فِى ذُرِّيَّتِىٓ ۖ إِنِّى تُبْتُ إِلَيْكَ وَإِنِّى مِنَ ٱلْمُسْلِمِينَ ﴿١٥﴾
ى আমি মানুহক গুৰুত্ব সহকাৰে নিৰ্দে শ দিছোঁ যে, সিহঁ তে যেন পিতৃ -মাতৃ ৰ লগত সদ্ব্যৱহাৰ কৰে। তেওঁলোকৰ আদেশ পালন কৰে, জীৱিত অৱস্থাতো আৰু তেওঁলোকৰ মৃত্যৰ পিছতো, মনত ৰখা উচিত যাতে আদেশ পালনত চৰীয় তৰ বিৰোধিতা নহয় । বিশেষকৈ মাকৰ প্ৰতি মনোযোগ দিয়া উচিত, যিয়ে বহু কষ্ট সহ্য কৰি গৰ্ভ ধাৰণ কৰিছিল আৰু প্ৰসৱ যন্ত্ৰ ণা সহ্য কৰি তাক জন্ম দিছে। গৰ্ভ ধাৰণ আৰু তস্নপান এৰুৱাবলৈ যাৰ সময় লাগিছিল ত্ৰিশ মাহ। অৱশেষত মানুহে যেতিয়া পূৰ্ণ বিবেকৱান তথা শক্তিপ্ৰাপ্ত হয় আৰু চল্লি শ বছৰত ভৰি দিয়ে , তেতিয়া এইদৰে দুআ কৰা উচিতঃ হে মোৰ প্ৰতিপালক! তু মি মোক শক্তি দিয়া যাতে মই তোমাৰ নিয়ামতৰ কৃ তজ্ঞতা আদায় কৰিব পাৰোঁ, যিবোৰ নিয়ামত তু মি মোক প্ৰদান কৰিছা আৰু মোৰ পিতৃ-মাতৃক প্ৰদান কৰিছা। তুমি মোক সৎকৰ্ম কৰাৰ তাওফীক দান কৰা, যিবোৰ তুমি পছন্দ কৰা। তথা সেই সৎকৰ্ম তুমি মোৰ পৰা কবূল কৰি লোৱা। লগতে মোৰ বাবে মোৰ সন্তান-সন্ত তিসকলক সংশোধন কৰি দিয়া। মই মোৰ গুনাহৰ পৰা তোমাৰ ওচৰত তাওবা কৰিছোঁ। লগতে তোমাৰ আনু গত্যৰ আগত মই শিৰ নত কৰিছোঁ আৰু তোমাৰ আদেশৰ আগত আত্মসমৰ্পন কৰিছোঁ।
أُو۟لَـٰٓئِكَ ٱلَّذِينَ نَتَقَبَّلُ عَنْهُمْ أَحْسَنَ مَا عَمِلُوا۟ وَنَتَجَاوَزُ عَن سَيِّـَٔاتِهِمْ فِىٓ أَصْحَـٰبِ ٱلْجَنَّةِ ۖ وَعْدَ ٱلصِّدْقِ ٱلَّذِى كَانُوا۟ يُوعَدُونَ ﴿١٦﴾
يوعدون এনেকু ৱা লোকৰ পৰাই আমি তেওঁলোকৰ সৎকৰ্মবোৰ কবূল কৰোঁ আৰু তেওঁলোকৰ গুনাহসমূহ মাৰ্জ না কৰোঁ, তেওঁলোকৰ ত্ৰুটি বোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰোঁ। তেওঁলোক হৈছে জান্নাতীসকলৰঅন্ত ৰ্ভু ক্ত। তেওঁলোকক প্ৰদান কৰাএই প্ৰতিশ্ৰুতি হৈছে সত্য। নিশ্চিতৰূপে এইটো কাৰ্যকৰি হ’বই হ’ব।
وَٱلَّذِى قَالَ لِوَٰلِدَيْهِ أُفٍّۢ لَّكُمَآ أَتَعِدَانِنِىٓ أَنْ أُخْرَجَ وَقَدْ خَلَتِ ٱلْقُرُونُ مِن قَبْلِى وَهُمَا يَسْتَغِيثَانِ ٱللَّهَ وَيْلَكَ ءَامِنْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ فَيَقُولُ مَا هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ﴿١٧﴾
যিয়ে নিজৰ পিতৃ -মাতৃ ক কয়ঃ “ধিক্ তোমালোকৰ ওপৰত, তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোৰ মৃ ত্যুৰ পিছত মোক পুনৰ কবৰৰ পৰা উঠোৱা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে, সিহঁ তৰ মাজৰ কাকো দেখোন জীৱিত কৰি উঠোৱা দেখা পোৱা নাই”? তেতিয়া তাৰ পিতৃ -মাতৃ য়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে যাতে আল্লাহে তেওঁলোকৰ পুত্ৰক ঈমানৰ হিদায় ত দিয়ে । লগতে পিতা-মাতা উভয়ে পুত্ৰক উদ্দেশ্যি কয়ঃ “আখিৰাতৰ জীৱনৰ প্ৰতি যদি তু মি ঈমান পোষণ নকৰা তেন্তে তোমাৰ বিনাশ অনিবাৰ্য্য। নিশ্চিতভাৱে আখিৰাত সম্পৰ্কীয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, ইয়াত কোনো সন্দে হ নাই”। কিন্তু সি পুনৰুত্থানক অস্বীকাৰ কৰি সেই একেটা কথাকে পুনৰাবৃত্তি কৰি ক’লেঃ “পুনৰুত্থান সম্পৰ্কে যিবোৰ কথা উত্থাপন হৈ আছে, সেইবোৰ দৰাচলতে পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা সংগৃহীত। আল্লাহৰ ফালৰ পৰা এইবোৰ প্ৰমাণিত নহয় ”। بلغ আল-কোৰআন · তাফছীৰ
أُو۟لَـٰٓئِكَ ٱلَّذِينَ حَقَّ عَلَيْهِمُ ٱلْقَوْلُ فِىٓ أُمَمٍۢ قَدْ خَلَتْ مِن قَبْلِهِم مِّنَ ٱلْجِنِّ وَٱلْإِنسِ ۖ إِنَّهُمْ كَانُوا۟ خَـٰسِرِينَ ﴿١٨﴾
এইসকল লোকৰ ওপৰতেই শাস্তি অনিবাৰ্য্য হৈ পৰিছে। সিহঁ তক পূৰ্বৱৰ্তী জিন আৰু মানুহৰ সৈতে শাস্তি বিহা হ’ব, নিশ্চয় সিহঁ ত আছিল ক্ষতিগ্ৰ তস্। কাৰণ জাহান্নামত প্ৰৱেশ কৰিসিহঁ তে নিজৰআৰুনিজ পৰিয়ালৰক্ষতি সাধন কৰিছে।
وَلِكُلٍّۢ دَرَجَـٰتٌۭ مِّمَّا عَمِلُوا۟ ۖ وَلِيُوَفِّيَهُمْ أَعْمَـٰلَهُمْ وَهُمْ لَا يُظْلَمُونَ ﴿١٩﴾
দুয়োটা গোটৰ বাবে –জান্নাতবাসী আৰু জাহান্নামবাসীৰ বাবে- সিহঁতৰ কৰ্ম অনুপাতে শ্ৰে ণী থাকিব। জান্নাতীসকলে থাকিব উচ্চ শ্ৰে ণীত আৰু জাহান্নামীসকলে থাকিব নিম্ন শ্ৰে ণীত। আল্লাহে তেওঁলোক আটাইকে তেওঁলোকৰ কৰ্ম অনুসাৰে পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কিয়ামতৰ দিনা তেওঁ লোকৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব, তেওঁ লোকৰ নেকীও হ্ৰাস কৰা নহ’ব আৰু গুনাহো বৃদ্ধি কৰা নহ’ব।
وَيَوْمَ يُعْرَضُ ٱلَّذِينَ كَفَرُوا۟ عَلَى ٱلنَّارِ أَذْهَبْتُمْ طَيِّبَـٰتِكُمْ فِى حَيَاتِكُمُ ٱلدُّنْيَا وَٱسْتَمْتَعْتُم بِهَا فَٱلْيَوْمَ تُجْزَوْنَ عَذَابَ ٱلْهُونِ بِمَا كُنتُمْ تَسْتَكْبِرُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَبِمَا كُنتُمْ تَفْسُقُونَ ﴿٢٠﴾
আল্লাহৰ লগত কু ফৰী কৰা আৰু তেওঁৰ ৰাছু লসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থি ত কৰোৱা হ’ব, তেতিয়া সিহঁ তক ভৰ্ৎ সনা কৰি আৰু তিৰস্কাৰ কৰি কোৱা হ’বঃ তোমালোকে পৃথিৱীতেই তোমালোকৰ নেকীসমূ হ বিনষ্ট কৰিছিলা, আৰু পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰীক প্ৰাধান্য দি সেইবোৰকে উপভোগ কৰিছিলা। সেয়ে আজি তোমালোকক শাস্তি বিহা হ’ব, কাৰণ তোমালোকে পৃথিৱীত অন্যায় ভাৱে সত্যৰ পৰা অহংকাৰ কৰিছিলা, লগতে কু ফৰী আৰু পাপকৰ্মৰ জৰিয় তে আল্লাহৰ আনু গত্যৰ পৰা ওলাই গৈছিলা।
۞ وَٱذْكُرْ أَخَا عَادٍ إِذْ أَنذَرَ قَوْمَهُۥ بِٱلْأَحْقَافِ وَقَدْ خَلَتِ ٱلنُّذُرُ مِنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦٓ أَلَّا تَعْبُدُوٓا۟ إِلَّا ٱللَّهَ إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍۢ ﴿٢١﴾
أخاف عليكم عذاب يوم عظيم হে ৰাছু ল! আদ সম্প্ৰ দায় ৰ বংশগত ভাই হূ দ আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰ দায় ৰ লোকসকলক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিছিল। এইটো সেই সময় ৰকথা যেতিয়া তেওঁ আৰবীয়ান দ্বীপৰদক্ষিণ দিশত অৱস্থি ত আহক্বাফনামক ঠাইত নিজ অঞ্চলত বসবাস কৰিআছিল। এই কথাও নিশ্চিত যে, হূ দ আলাইহিচ্ছালামৰ আগত আৰু পিছতো বহুতো ৰাছু ল অতীত হৈছে। তেওঁলোকে নিজ নিজ সম্প্ৰ দায় ক কৈছিলঃ একমাত্ৰ আল্লাহৰবাহিৰেআন কাৰোইবাদত নকৰিবা। তেওঁ ৰসৈতে কাকোঅংশীদাৰস্থাপন নকৰিবা। হে মোৰসম্প্ৰ দায়! নিশ্চয় মই তোমালোকৰবিষয়ে এটা ভীষণ দিৱসৰ শাস্তি কলৈ আশংকা কৰি আছোঁ।
قَالُوٓا۟ أَجِئْتَنَا لِتَأْفِكَنَا عَنْ ءَالِهَتِنَا فَأْتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ ﴿٢٢﴾
তেওঁৰ সম্প্ৰ দায় ৰ লোকসকলে তেওঁক ক’লেঃ তু মি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বাধা দিবলৈ আহিছা নেকি? তোমাক আমি এইটো কেতিয়াও কৰিবলৈ নিদিওঁ । যদি তু মি তোমাৰদাবীত সত্যবাদীহোৱাতেন্তে তু মি সেই শাস্তি লৈ আহা,যি শাস্তি ৰভয় তু মি আমাক দেখুৱাই আছা।
قَالَ إِنَّمَا ٱلْعِلْمُ عِندَ ٱللَّهِ وَأُبَلِّغُكُم مَّآ أُرْسِلْتُ بِهِۦ وَلَـٰكِنِّىٓ أَرَىٰكُمْ قَوْمًۭا تَجْهَلُونَ ﴿٢٣﴾
হূ দ আলাইহিচ্ছালামে ক’লেঃশাস্তি কেতিয়াআহিবইয়াৰসঠি ক জ্ঞান একমাত্ৰআল্লাহৰওচৰতহে আছে। মই এই বিষয়ে একোনাজানো। মই হৈছোঁ এজন ৰাছু ল তথাবাৰ্তাবাহক,মই তোমালোকক সেই বাৰ্তাপৌঁচাই দিওঁ যিটোপ্ৰ দান কৰিমোক তোমালোকৰওচৰলৈ প্ৰে ৰণ কৰাহৈছে। কিন্তু মই যি দেখি আছোঁ তোমালোক হৈছা এটা বিবেকহীন সম্প্ৰ দায় , কাৰণ যিটো বিষয় তোমালোকৰ বাবে উপকাৰী সেইটোক তোমালোকে পৰিত্যাগ কৰি আছা আৰু যিবোৰ বিষয় তোমালোকৰ বাবে ক্ষতিকৰ, সেইবোৰক আঁকোৱালি লৈছা। بلغ আল-কোৰআন · তাফছীৰ
فَلَمَّا رَأَوْهُ عَارِضًۭا مُّسْتَقْبِلَ أَوْدِيَتِهِمْ قَالُوا۟ هَـٰذَا عَارِضٌۭ مُّمْطِرُنَا ۚ بَلْ هُوَ مَا ٱسْتَعْجَلْتُم بِهِۦ ۖ رِيحٌۭ فِيهَا عَذَابٌ أَلِيمٌۭ ﴿٢٤﴾
এতেকে যেতিয়া সিহঁ তৰ ওচৰলৈ সেই শাস্তি আহি পালে যিটোকলৈ সিহঁ তে খৰখেদা কৰি আছিল, সিহঁ তে সেইটোক আকাশৰ এফালে বিস্তৃত অৱস্থাত মেঘৰূপে দেখা পালে, যিটো সিহঁ তৰ উপত্যকাৰ ফালে আহি আছিল। এই দেখি সিহঁ তে ক’বলৈ ধৰিলেঃ “এইটো দেখোন এটু কু ৰা মেঘহে, যিটো বৰষুণ হৈ আমাৰওপৰত অৱতীৰ্ণ হ’ব”। সিহঁ তৰএই কথা শুনি হূ দ আলাইহিচ্ছালামে সিহঁ তক ক’লেঃ“বিষয় টো তেনেকু ৱা নহয় , যিটো তোমালোকে ধাৰণা কৰি আছা যে, এইটো এটু কু ৰা মেঘ বুলি যিটো তোমালোকৰ ওপৰত বৰ্ষণ হ’ব। বৰং এইটো হৈছে সেই শাস্তি যিটোৰ বিষয়ে তোমালোকে খৰখেদা কৰি আছিলা। দৰাচলতে এইটোহৈছে কাল ধুমু হা,ইয়াৰমাজত আছে কষ্ট দায় ক শাস্তি ”।
تُدَمِّرُ كُلَّ شَىْءٍۭ بِأَمْرِ رَبِّهَا فَأَصْبَحُوا۟ لَا يُرَىٰٓ إِلَّا مَسَـٰكِنُهُمْ ۚ كَذَٰلِكَ نَجْزِى ٱلْقَوْمَ ٱلْمُجْرِمِينَ ﴿٢٥﴾
“এই ধুমুহা যি দিশেৰেগতি কৰিব, প্ৰত্যেক সেই বস্তু ক বিনাশ কৰিযাবযিটোক ধ্বংস কৰাৰআদেশ আল্লাহে প্ৰদান কৰিছে”। ফলত সিহঁ ত সকলোৱে ধ্বংস্তূ পত পৰিণত হ’ল। এতেকে ইতিপূৰ্বে তাত যে জনবসতি আছিল সেইটোৰপ্ৰ মাণ কেৱল সিহঁ তৰসেই চূ ৰ্ণ-বিচূ ৰ্ণঘৰ-বাৰিৰদ্বাৰাহে পোৱা গৈছিল। এনেকু ৱা কষ্ট দায় ক শাস্তি আমি সেইসকল লোককো প্ৰদান কৰোঁ, যিসকলে কু ফৰী আৰুপাপকৰ্মত সদায় অটল থাকে।
وَلَقَدْ مَكَّنَّـٰهُمْ فِيمَآ إِن مَّكَّنَّـٰكُمْ فِيهِ وَجَعَلْنَا لَهُمْ سَمْعًۭا وَأَبْصَـٰرًۭا وَأَفْـِٔدَةًۭ فَمَآ أَغْنَىٰ عَنْهُمْ سَمْعُهُمْ وَلَآ أَبْصَـٰرُهُمْ وَلَآ أَفْـِٔدَتُهُم مِّن شَىْءٍ إِذْ كَانُوا۟ يَجْحَدُونَ بِـَٔايَـٰتِ ٱللَّهِ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٢٦﴾
নিশ্চয় আমি হূদ আলাইহিচ্ছালামৰ জাতিক শক্তিৰ সেই সকলো সাধন প্ৰদান কৰিছিলোঁ, যিবোৰ তোমালোকক প্ৰদান কৰা নাই। আমি সিহঁতক শুনিবলৈ কাণ, দেখিবলৈ চকু আৰু বুজিবলৈ অন্ত ৰ দিছিলোঁ, কিন্তু সিহঁ তৰ সেই কাণ, চকু আৰু অন্ত ৰেও সিহঁ তক কোনো উপকাৰ কৰিব পৰা নাছিল। যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ শাস্তি আহি পৰিছিল, তেতিয়া সিহঁতে সিহঁতৰ পৰা সেই শাস্তি ক প্ৰতিৰোধ কৰিব পৰা নাছিল। কিয় নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। নবী হূ দ আলাইহিচ্ছালামে সিহঁ তক যি শাস্তি ৰ পৰা সতৰ্ক কৰিছিল, সিহঁ তৰ ওপৰত সেই শাস্তি য়ে নামি আহিছিল, যিটোক সিহঁ তে ঠাট্টা কৰিছিল।
وَلَقَدْ أَهْلَكْنَا مَا حَوْلَكُم مِّنَ ٱلْقُرَىٰ وَصَرَّفْنَا ٱلْـَٔايَـٰتِ لَعَلَّهُمْ يَرْجِعُونَ ﴿٢٧﴾
হে মক্কাৰ অধিবাসীসকল! নিশ্চয় আমি তোমালোকৰ ওচৰে-পাঁজৰে থকা জনবসতিসমূহকো ধ্বংস কৰিছিলোঁ। আমিয়ে আদ, ছামূদ, লূত সম্প্ৰ দায় আৰু মাদিয়ানবাসীকো ধ্বংস কৰিছোঁ। সিহঁতৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ যুক্তি প্ৰমাণ উপস্থাপন কৰিছিলোঁ, যাতে সিহঁতে কু ফৰীৰ পৰা উভতি আহে।
فَلَوْلَا نَصَرَهُمُ ٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ قُرْبَانًا ءَالِهَةًۢ ۖ بَلْ ضَلُّوا۟ عَنْهُمْ ۚ وَذَٰلِكَ إِفْكُهُمْ وَمَا كَانُوا۟ يَفْتَرُونَ ﴿٢٨﴾
তেতিয়া সিহঁ তৰ সেই মূৰ্ত্তিবোৰে কিয় সিহঁ তক সহায় কৰা নাছিল, যিবোৰক সিহঁ তে আল্লাহৰ বাহিৰে উপাস্য হিচাপে গ্ৰহণ কৰিছিল, ইবাদত আৰু বলি বিধানৰজৰিয় তে যিবোৰৰসিহঁ তে নৈকট্য লাভ কৰিছিল?! সেইবোৰেসিহঁ তৰকোনো সহায় কৰা নাছিল। বৰংপ্ৰ কৃ ত প্ৰয়োজনৰসময় তে সেইবোৰে সিহঁ তৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাছিল। দৰাচলতে সেইটো আছিল মিথ্যাচাৰ, যিবোৰৰ দ্বাৰা সিহঁ তে সান্ত না লভিছিল যে, এই মূৰ্তিবোৰে সিহঁ তক উপকাৰ কৰিব তথা আল্লাহৰ ওচৰত সিহঁ তৰ বাবে মধ্যস্ত তা কৰিব।
وَإِذْ صَرَفْنَآ إِلَيْكَ نَفَرًۭا مِّنَ ٱلْجِنِّ يَسْتَمِعُونَ ٱلْقُرْءَانَ فَلَمَّا حَضَرُوهُ قَالُوٓا۟ أَنصِتُوا۟ ۖ فَلَمَّا قُضِىَ وَلَّوْا۟ إِلَىٰ قَوْمِهِم مُّنذِرِينَ ﴿٢٩﴾
হে ৰাছুল! স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া আমি আপোনাৰ ওচৰলৈ জিনসকলৰ এটা দল প্ৰে ৰণ কৰিছিলোঁ। যিসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন মনোযোগ সহকাৰে শুনি আছিল। যেতিয়া তেওঁলোকে কোৰআন শুনিবলৈ উপস্থি ত হৈছিল, তেতিয়া তেওঁলোকে ইজনে সিজনক কৈছিলঃ “মনে মনে থাকা, যাতে আমি ভালকৈ শুনিব পাৰোঁ”। এতেকে যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন তিলাৱত সমাপ্ত কৰিলে, তেতিয়া তেওঁলোকে নিজ সম্প্ৰ দায় ৰ ওচৰলৈ উভতি গ’ল, আৰু সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিবলৈ ধৰিলে যে, যদি সিহঁ তে এই কোৰাআনৰপ্ৰ তি ঈমান পোষণ নকৰে(তেন্তে সিহঁ তে শাস্তি ৰসন্মুখীন হ'ব)। بلغ আল-কোৰআন · তাফছীৰ
قَالُوا۟ يَـٰقَوْمَنَآ إِنَّا سَمِعْنَا كِتَـٰبًا أُنزِلَ مِنۢ بَعْدِ مُوسَىٰ مُصَدِّقًۭا لِّمَا بَيْنَ يَدَيْهِ يَهْدِىٓ إِلَى ٱلْحَقِّ وَإِلَىٰ طَرِيقٍۢ مُّسْتَقِيمٍۢ ﴿٣٠﴾
তেওঁলোকে নিজ সম্প্ৰ দায় ক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! আমি এখন কিতাব শুনিছোঁ, যিখন আল্লাহে মুছা আলাইহিচ্ছালামৰ পিছত অৱতীৰ্ণ কৰিছে। সেই কিতাবখনে পূৰ্বৱৰ্তী সকলোঐশীগ্ৰ ন্থক সমৰ্থন কৰে। আমি শুনাএই কিতাবখনে সত্যৰপথ দেখুৱায় ,আৰুসঠি ক পথৰহিদায় ত দিয়ে । অৰ্থাৎ ইছলামৰ পথ দেখুৱায় ।
يَـٰقَوْمَنَآ أَجِيبُوا۟ دَاعِىَ ٱللَّهِ وَءَامِنُوا۟ بِهِۦ يَغْفِرْ لَكُم مِّن ذُنُوبِكُمْ وَيُجِرْكُم مِّنْ عَذَابٍ أَلِيمٍۢ ﴿٣١﴾
হে মোৰ জাতিৰ লোকসকল! মুহাম্মদে তোমালোকক যি সত্যৰ পিনে আহ্বান কৰি আছে, তোমালোকে সেইটোক আঁকোৱালি লোৱা, লগতে এই কথা বিশ্বাস কৰা যে, তেওঁ হৈছে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰে ৰিত এজন ৰাছুল। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা সেই কষ্ট দায় ক শাস্তি ৰ পৰা তোমালোকক ৰক্ষা কৰিব, যি শাস্তি সত্য স্বীকাৰ নকৰাসকলক তথা ৰাছু লৰ প্ৰতি ঈমান পোষণ নকৰাসকলক প্ৰদান কৰা হ’ব।
وَمَن لَّا يُجِبْ دَاعِىَ ٱللَّهِ فَلَيْسَ بِمُعْجِزٍۢ فِى ٱلْأَرْضِ وَلَيْسَ لَهُۥ مِن دُونِهِۦٓ أَوْلِيَآءُ ۚ أُو۟لَـٰٓئِكَ فِى ضَلَـٰلٍۢ مُّبِينٍ ﴿٣٢﴾
আৰু মুহাম্মদে যি সত্যৰ পিনে আহ্বান কৰি আছে, সেইটোক যিয়ে অস্বীকাৰ কৰিব, সি পৃথিৱীত পলায় ন কৰি কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰে। আল্লাহৰ বাহিৰে সিহঁ তৰ কোনো সহায় কো নাই, যিয়ে সিহঁ তক শাস্তি ৰ পৰা ৰক্ষা কৰিব। এনেকু ৱা লোকেই সত্যৰ পৰা প্ৰকাশ্য পথভ্ৰ ষ্টত পতিত হৈ আছে।
أَوَلَمْ يَرَوْا۟ أَنَّ ٱللَّهَ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَلَمْ يَعْىَ بِخَلْقِهِنَّ بِقَـٰدِرٍ عَلَىٰٓ أَن يُحْـِۧىَ ٱلْمَوْتَىٰ ۚ بَلَىٰٓ إِنَّهُۥ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٣٣﴾
كل شىء قدير আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই মু শ্বৰিকসকলে লক্ষ্য কৰা নাই নেকি যে, যিজন আল্লাহে বিশালাকাৰ, বৃহদায় তন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, যিবোৰ সৃষ্টি কৰিবলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই, তেওঁ নিশ্চয় মৃতসকলকো হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম?! হয় , নিশ্চয় তেওঁ সিহঁ তক জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। গতিকে মৃ তসকলক জীৱন দানৰক্ষেত্ৰতো তেওঁ অপাৰগ নহয় ।
وَيَوْمَ يُعْرَضُ ٱلَّذِينَ كَفَرُوا۟ عَلَى ٱلنَّارِ أَلَيْسَ هَـٰذَا بِٱلْحَقِّ ۖ قَالُوا۟ بَلَىٰ وَرَبِّنَا ۚ قَالَ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ ﴿٣٤﴾
আল্লাহ আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থি ত কৰা হ’ব, তেতিয়া সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ “এই শাস্তি যিটোক তোমালোকে দেখি আছা, সত্য নহয় নে?! মিছা নেকি এইটো? যিদৰে পৃথিৱীত তোমালোকে ইয়াক মিছা বুলি কৈছিলা?”! তেতিয়া সিহঁ তে ক’বঃ “নহয় , আমি আমাৰ প্ৰতিপালকৰ শপত খাই কওঁ, নিশ্চয় এয়া সত্য”। তেতিয়া সিহঁ তক কোৱা হ’বঃ “তেন্তে এতিয়া তোমালোকে এই শাস্তি উপভোগ কৰা, কাৰণ তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা”।
فَٱصْبِرْ كَمَا صَبَرَ أُو۟لُوا۟ ٱلْعَزْمِ مِنَ ٱلرُّسُلِ وَلَا تَسْتَعْجِل لَّهُمْ ۚ كَأَنَّهُمْ يَوْمَ يَرَوْنَ مَا يُوعَدُونَ لَمْ يَلْبَثُوٓا۟ إِلَّا سَاعَةًۭ مِّن نَّهَارٍۭ ۚ بَلَـٰغٌۭ ۚ فَهَلْ يُهْلَكُ إِلَّا ٱلْقَوْمُ ٱلْفَـٰسِقُونَ ﴿٣٥﴾
হে ৰাছু ল! আপোনাৰ সম্প্ৰ দায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনিও সেইদৰে ধৈৰ্য্য ধাৰণ কৰক যিদৰে দৃঢ় সংকল্পৱান ৰাছু লসকলে অৰ্থাৎ নূ হ, ইব্ৰাহীম, মু ছা আৰু ঈছা আলাইহিমু চ্ছালামে ধৈৰ্য্য ধাৰণ কৰিছিল। সিহঁ তৰ ওপৰত শাস্তি আহিবলৈ ততাতৈয়া নকৰিব। আপোনাৰ সম্প্ৰ দায় ৰ এই অস্বীকাৰকাৰীসকলে আখিৰাতত যেতিয়া সেই শাস্তি দেখা পাব, যি শাস্তি ৰপৰা সিহঁ তক সতৰ্ক কৰা হৈছিল, তেতিয়া সিহঁ তে শাস্তি ৰসময় সীমাৰতু লনাত এনেকু ৱা অনু ভৱকৰিবযেনিবা সিহঁ তে পৃথিৱীত দিনৰএটা অংশহে অতিবাহিত কৰিছিল। মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে মানুহ আৰু জিনৰবাবেএক সতৰ্ক বাৰ্তা, তথা এইখনেই যথেষ্ট । দৰাচলতে শাস্তি ৰজৰিয় তে কেৱল সেইসকল লোককেই ধ্বংস কৰা হ’ব, যিসকলে কু ফৰী আৰু পাপকৰ্মৰ জৰিয় তে আল্লাহৰ আনু গত্যৰ পৰা ওলাই গৈছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে