ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ أَضَلَّ أَعْمَـٰلَهُمْ ﴿١﴾
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে আৰু মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে, আল্লাহে সিহঁ তৰ সকলো আমলক অগ্ৰ হণযোগ্য বুলি ঘোষণা কৰিছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Muhammad (47)
মাদানী · 38 আয়াত
ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ أَضَلَّ أَعْمَـٰلَهُمْ ﴿١﴾
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে আৰু মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে, আল্লাহে সিহঁ তৰ সকলো আমলক অগ্ৰ হণযোগ্য বুলি ঘোষণা কৰিছে।
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَءَامَنُوا۟ بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍۢ وَهُوَ ٱلْحَقُّ مِن رَّبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ وَأَصْلَحَ بَالَهُمْ ﴿٢﴾
بالهم যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু সৎকৰ্ম কৰিছে, লগতে সেইখন গ্ৰন্থৰ প্ৰতিও ঈমান আনিছে যিখন আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদৰ ওপৰত অৱতীৰ্ণ কৰিছে –আৰু সেইখনেই তেওঁ লোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য- আল্লাহে তেওঁ লোকৰ গুনাহসমূ হ মাৰ্জ না কৰি দিব, তেওঁ লোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। তেওঁ লোকৰ পাৰ্থিৱ জীৱনৰ আৰু আখিৰাতৰ সকলো বিষয় সংশোধন কৰি দিব।
ذَٰلِكَ بِأَنَّ ٱلَّذِينَ كَفَرُوا۟ ٱتَّبَعُوا۟ ٱلْبَـٰطِلَ وَأَنَّ ٱلَّذِينَ ءَامَنُوا۟ ٱتَّبَعُوا۟ ٱلْحَقَّ مِن رَّبِّهِمْ ۚ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ لِلنَّاسِ أَمْثَـٰلَهُمْ ﴿٣﴾
أمثلهم দুয়োটা দলৰ প্ৰতিদান ভিন্ন হোৱাৰ কাৰণ হৈছে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছে সিহঁ তে বাতিলৰ অনুসৰণ কৰিছে। আনহাতে যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান আনিছে তেওঁ লোকে দৰাচলতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্যৰ অনু সৰণ কৰিছে। দুয়োটা দলৰ কৰ্ম ভিন্ন হোৱাৰ কাৰণে সিহঁ তৰ প্ৰতিদানো হৈছে ভিন্ন। যিদৰে আল্লাহে মু মিন আৰু কাফিৰসকলৰ দুয়োটা দলৰ বিষয়ে স্পষ্ট ফয় চালা শুনাইছে, সেইদৰেই তেওঁ মানু হৰ বাবে উদাহৰণবোৰ উপস্থাপন কৰে, যিবোৰ সিহঁ তৰ বাবে প্ৰযোজ্য।
فَإِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُوا۟ فَضَرْبَ ٱلرِّقَابِ حَتَّىٰٓ إِذَآ أَثْخَنتُمُوهُمْ فَشُدُّوا۟ ٱلْوَثَاقَ فَإِمَّا مَنًّۢا بَعْدُ وَإِمَّا فِدَآءً حَتَّىٰ تَضَعَ ٱلْحَرْبُ أَوْزَارَهَا ۚ ذَٰلِكَ وَلَوْ يَشَآءُ ٱللَّهُ لَٱنتَصَرَ مِنْهُمْ وَلَـٰكِن لِّيَبْلُوَا۟ بَعْضَكُم بِبَعْضٍۢ ۗ وَٱلَّذِينَ قُتِلُوا۟ فِى سَبِيلِ ٱللَّهِ فَلَن يُضِلَّ أَعْمَـٰلَهُمْ ﴿٤﴾
ه يضل أعملهم হে মুমিনসকল! যুদ্ধক্ষেত্ৰত তোমালোকে কাফিৰসকলক লগ পোৱাৰ লগে লগে শিৰচ্ছেদ কৰিবা, সিহঁ তৰ মাজৰ অধিকাংশ লোকক হত্যা নকৰালৈকে এই অভিযান জাৰি ৰাখিবা, যাতে সিহঁ তে দুৰ্বল হৈ পৰে। সিহঁ তৰ মাজৰ অধিকাংশ লোকক হত্যা কৰাৰ পিছত বাকীসকলক বন্দী কৰিবা। এতেকে সিহঁ তক জেলত বন্দী কৰাৰ পিছত, বিষয় টো তোমালোকৰ ইচ্ছাধীন থাকিব। তোমালোকে ইচ্ছা কৰিলে বিনিময় নোলোৱাকৈ সিহঁ তক এৰি দিব পাৰা নাইবা অৰ্থদণ্ড গ্ৰহণ কৰি মুক্তি দিব পাৰা। এই যুদ্ধ সমাপ্ত নোহোৱালৈকে সিহঁ তক হত্যা কৰা তথা সিহঁ তক বন্দী কৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবা, যেতিয়ালৈকে সিহঁ তে ইছলাম গ্ৰহণ নকৰিব অথবা কোনো চু ক্তি স্বাক্ষৰ নকৰিব। কাফিৰসকলৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাৰ এই ধাৰাবাহিকতা, সময় ৰহেৰফেৰ, লগতে ইজনক সিজনৰওপৰত বিজয় প্ৰদান আদি আল্লাহৰআদেশানুক্ৰ মেই হৈ থাকে। আল্লাহে ইচ্ছা কৰিলে কাফিৰসকলৰলগত যুদ্ধ নকৰাকৈয়ে বিজয় প্ৰদান কৰিবপাৰিলেহেঁ তেন। কিন্তু এনেকু ৱা নকৰিতেওঁ জিহাদ প্ৰৱৰ্ত ন কৰিছে, যাতে তোমালোকৰমাজৰইজনক সিজনৰ দ্বাৰা পৰীক্ষা কৰিব পৰা যায় যে, মু মিনসকলৰ মাজৰ কোনে যুদ্ধ কৰে আৰু কোনে নকৰে। আনহাতে কাফিৰসকলক মু মিনসকলৰ দ্বাৰা পৰীক্ষা কৰা হয় । যদি কাফিৰে মুমিনক হত্যা কৰে তেন্তে সেই মুমিন ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব। আনহাতে মুমিনে কাফিৰক হত্যা কৰিলে, সেই কাফিৰ জাহান্নামত প্ৰৱেশ কৰিব। যিসকলে আল্লাহৰপথত শ্বহীদ হ’ব, তেওঁ লোকৰআমল আল্লাহে কেতিয়াও ব্যৰ্থ নকৰিব। سيهديهم ويص لح بالهم
سَيَهْدِيهِمْ وَيُصْلِحُ بَالَهُمْ ﴿٥﴾
আল্লাহে তেওঁ লোকক পাৰ্থিৱ জীৱনত সত্য অনু সৰণ কৰাৰ তাওফীক প্ৰদান কৰিব, আৰু তেওঁ লোকৰ সকলো অৱস্থা ঠি ক কৰি দিব। بلغ আল-কোৰআন · তাফছীৰ
وَيُدْخِلُهُمُ ٱلْجَنَّةَ عَرَّفَهَا لَهُمْ ﴿٦﴾
কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। পাৰ্থিৱ জীৱনতেই আল্লাহে তেওঁলোকৰ আগত জান্নাতৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিছে, ফলত তেওঁ লোকে জান্নাত দেখাৰ লগে লগে চিনি পাব। তথা আখিৰাতত তেওঁ লোকে নিজৰ ঠি কনা চিনি পাব।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تَنصُرُوا۟ ٱللَّهَ يَنصُرْكُمْ وَيُثَبِّتْ أَقْدَامَكُمْ ﴿٧﴾
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ কৰি আল্লাহৰ দ্বীন আৰু তেওঁৰ নবীক সহায় কৰা, তেন্তে তেওঁ তোমালোকক বিজয় প্ৰদান কৰি সহায় কৰিব। লগতে যুদ্ধক্ষেত্ৰত সিহঁ তৰ লগত মুখামুখি হোৱাৰ সময় ত তেওঁ তোমালোকক সুদৃঢ় ৰাখিব।
وَٱلَّذِينَ كَفَرُوا۟ فَتَعْسًۭا لَّهُمْ وَأَضَلَّ أَعْمَـٰلَهُمْ ﴿٨﴾
যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰ কৰিছে, সিহঁ তৰ বাবে আছে ক্ষতি আৰু বিনাশ। তথা আল্লাহে সিহঁ তৰ আমলৰ প্ৰতিদানসমূ হ বিনষ্ট কৰি দিব।
ذَٰلِكَ بِأَنَّهُمْ كَرِهُوا۟ مَآ أَنزَلَ ٱللَّهُ فَأَحْبَطَ أَعْمَـٰلَهُمْ ﴿٩﴾
সিহঁ তে এই শাস্তি পোৱাৰকাৰণ হৈছে, আল্লাহে ৰাছু লৰপ্ৰ তি অৱতীৰ্ণ কৰা এই কোৰআনৰমাজত আল্লাহৰতাওহীদৰবৰ্ণনা থকাৰবাবেসিহঁ তে ইয়াক অপছন্দ কৰিছিল। ফলত আল্লাহেও সিহঁ তৰআমলসমূ হক ব্যৰ্থ কৰিদিছে। এতেকে পৃথিৱীআৰুআখিৰাত উভয় ঠাইতে সিহঁ ত ক্ষতিগ্ৰ তস্।
۞ أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ دَمَّرَ ٱللَّهُ عَلَيْهِمْ ۖ وَلِلْكَـٰفِرِينَ أَمْثَـٰلُهَا ﴿١٠﴾
এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে গ'ম পালেহেঁ তেন যে সিহঁ তৰ পূৰ্বে অতীত হোৱা লোকসকলৰ কি দশা হৈছিল? নিশ্চিতভাৱেসিহঁ তৰপৰিণাম আছিল অতি কষ্ট দায় ক। সিহঁ তৰলগতে সিহঁ তৰঘৰসমূহকো আল্লাহে ধ্বংস কৰিছিল। এইদৰেসিহঁ তক, সিহঁ তৰসন্তান- সন্ত তি আৰুধন-সম্পদকোনিঃশেষ কৰিছিল। কাফিৰসকলৰবাবেপ্ৰ ত্যেক সময় তে আৰুপ্ৰ ত্যেক স্থানতে এনেকু ৱাশাস্তি নিৰ্ধাৰণ কৰাহৈছে।
ذَٰلِكَ بِأَنَّ ٱللَّهَ مَوْلَى ٱلَّذِينَ ءَامَنُوا۟ وَأَنَّ ٱلْكَـٰفِرِينَ لَا مَوْلَىٰ لَهُمْ ﴿١١﴾
দুয়োটা গোটৰ বাবে ভিন্ন শাস্তি হোৱাৰ অন্যতম কাৰণ হৈছে, কিয় নো আল্লাহ হৈছে মুমিনসকলৰ সহায় ক। আনহাতে কাফিৰসকলৰ বাবে কোনো সহায় ক নাই।
إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ وَٱلَّذِينَ كَفَرُوا۟ يَتَمَتَّعُونَ وَيَأْكُلُونَ كَمَا تَأْكُلُ ٱلْأَنْعَـٰمُ وَٱلنَّارُ مَثْوًۭى لَّهُمْ ﴿١٢﴾
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব, য’ত অট্টালিকা আৰু গছ-গছনি আদিৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লক অস্বীকাৰ কৰিছে, সিহঁ তে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি পাৰ্থিৱ জীৱন উপভোগ কৰি আছে, সিহঁ তে সেইদৰেই খাই-বৈ আছে যিদৰে জীৱ-জন্তু ৱে খায় । সিহঁ তৰ সকলোবোৰ গতিবিধিৰমূ ল লক্ষ্যহৈছে পেট আৰুলজ্জাস্থান। কিয়ামতৰদিনাজাহান্নামেই হৈছে সিহঁ তৰশেষ ঠি কনা,তাতেই সিহঁ তে অৱস্থান কৰিব। بلغ আল-কোৰআন · তাফছীৰ
وَكَأَيِّن مِّن قَرْيَةٍ هِىَ أَشَدُّ قُوَّةًۭ مِّن قَرْيَتِكَ ٱلَّتِىٓ أَخْرَجَتْكَ أَهْلَكْنَـٰهُمْ فَلَا نَاصِرَ لَهُمْ ﴿١٣﴾
পূৰ্বৱৰ্তী বহুতো উম্মত পাৰ হৈছে, সিহঁ ত আছিল আপোনাক বহিষ্কাৰ কৰা মক্কাবাসীতকৈও অধিক শক্তি শালী, সন্তান-সন্ত তিৰ ক্ষেত্ৰতো আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰতো। কিন্তু তথাপিও সিহঁ তে যেতিয়া ৰাছু লসকলক অস্বীকাৰ কৰিছিল, আমি সিহঁ তক ধ্বংস কৰিছিলোঁ। শাস্তি অহাৰ পিছত সিহঁ তক আল্লাহৰ আযাবৰ পৰা ৰক্ষা কৰিব পৰা কোনো সহায় ক নাছিল। এতেকে আমি যদি মক্কাৰ অধিবাসীসকলক ধ্বংস কৰিব বিচাৰোঁ, তেন্তে আমাৰ বাবে এয়া কোনোকঠি নবিষয় নহয় ।
أَفَمَن كَانَ عَلَىٰ بَيِّنَةٍۢ مِّن رَّبِّهِۦ كَمَن زُيِّنَ لَهُۥ سُوٓءُ عَمَلِهِۦ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُم ﴿١٤﴾
যি ব্যক্তি ৰ ওচৰত নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলিল আছে, তথা যিয়ে সঠি ক জ্ঞান অনু সৰি ইবাদত কৰে, তেনেকু ৱা ব্যক্তি ক সেই ব্যক্তি ৰ লগত তু লনা কৰা হ’ব নেকি, যাৰ বেয়া কৰ্মবোৰক চয় তানে শোভনীয় কৰি দিছে, লগতে নিজৰ প্ৰবৃত্তিৰ অনু সৰণ কৰি মূ ৰ্ত্তিপূজাত লিপ্ত হৈছে আৰুবিভিন্ন গুনাহত পতিত হৈছে,লগতে ৰাছু লসকলক অস্বীকাৰকৰিছে?
مَّثَلُ ٱلْجَنَّةِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۖ فِيهَآ أَنْهَـٰرٌۭ مِّن مَّآءٍ غَيْرِ ءَاسِنٍۢ وَأَنْهَـٰرٌۭ مِّن لَّبَنٍۢ لَّمْ يَتَغَيَّرْ طَعْمُهُۥ وَأَنْهَـٰرٌۭ مِّنْ خَمْرٍۢ لَّذَّةٍۢ لِّلشَّـٰرِبِينَ وَأَنْهَـٰرٌۭ مِّنْ عَسَلٍۢ مُّصَفًّۭى ۖ وَلَهُمْ فِيهَا مِن كُلِّ ٱلثَّمَرَٰتِ وَمَغْفِرَةٌۭ مِّن رَّبِّهِمْ ۖ كَمَنْ هُوَ خَـٰلِدٌۭ فِى ٱلنَّارِ وَسُقُوا۟ مَآءً حَمِيمًۭا فَقَطَّعَ أَمْعَآءَهُمْ ﴿١٥﴾
আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তাক্ব ৱা অৱলম্বন কৰা লোকসকলক আল্লাহে যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, সেই জান্নাতৰ বৈশিষ্ট্য হৈছে এনে ধৰণৰঃ তাত এনেকু ৱা নদী আছে, যি নদীৰ পানী অধিক সময় ৰখি থাকিলেও সোৱাদ আৰু ঘ্ৰাণ পৰিবৰ্ত ন নহয় । লগতে তাত আছে সোৱাদ পৰিবৰ্ত ন নোহোৱা গাখীৰৰনদী। এইদৰেতাত আছে সুস্বাদু সুৰাৰনদী। লগতে তাত পৰিশোধিত মৌজোলৰনদীও আছে। তেওঁলোকৰ বাবে তাত থাকিব তেওঁলোকে বিচৰা সকলো প্ৰকাৰ ফল-মূল। এই সকলোবোৰৰ ওপৰত থাকিব তেওঁলোকৰ বাবে আল্লাহৰ ফালৰ পৰা গুনাহৰ ক্ষমা। তেওঁলোকক এই বিষয়ে কোনো সোধ-পোচ কৰা নহ’ব। এনেকু ৱা প্ৰতিদান লাভ কৰা ব্যক্তিক, সেই ব্যক্তিৰ লগত তু লনা কৰা ঠি ক হ’বনে, যিয়ে চিৰকাল জাহান্নামত থাকিব, তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু যাক উতলা গৰম পানী খুওৱা হ’ব, ফলত সিহঁ তৰ নাৰী-ভু ৰু ছিন্ন- বিচ্ছিন্ন হৈ পৰিব?
وَمِنْهُم مَّن يَسْتَمِعُ إِلَيْكَ حَتَّىٰٓ إِذَا خَرَجُوا۟ مِنْ عِندِكَ قَالُوا۟ لِلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ مَاذَا قَالَ ءَانِفًا ۚ أُو۟لَـٰٓئِكَ ٱلَّذِينَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُمْ ﴿١٦﴾
ى হে ৰাছু ল! মুনাফিকসকলৰ মাজৰ কিছু মানে আপোনাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু সত্য গ্ৰহণ কৰা সিহঁ তৰ উদ্দেশ্য নহয় , বৰং ইয়াৰ পৰা বিমুখ হোৱাটোহে সিহঁ তৰ মূল উদ্দেশ্য। সিহঁ তে যেতিয়া আপোনাৰ বৈঠকৰ পৰা ওলাই যায় তেতিয়া সিহঁ তে সেইসকল লোকক সোধে যিসকলক আল্লাহে জ্ঞান দান কৰিছে, নজনাৰ ভাও ধৰি আৰু ভ্ৰূক্ষেপ নকৰাকৈ এইদৰে সোধেঃ “এইমাত্ৰ তেওঁ কি আলোচনা কৰিলে?” জানি থোৱা! এনেকু ৱা লোকৰ অন্ত ৰতেই আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণে সিহঁ তৰ অন্ত ৰত কোনো কল্যাণকৰ কথা প্ৰৱেশ নকৰে। সিহঁ তে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ অনুসৰণ কৰি আছে, আৰু এইটোৱেই সিহঁ তক সত্যৰ পৰা অন্ধ কৰি পেলাইছে।
وَٱلَّذِينَ ٱهْتَدَوْا۟ زَادَهُمْ هُدًۭى وَءَاتَىٰهُمْ تَقْوَىٰهُمْ ﴿١٧﴾
আনহাতে যিসকলে সত্যৰ পথ অৱলম্বন কৰিছে আৰু ৰাছু লে লৈ অহা চৰীয় তৰ অনু সৰণ কৰিছে, তেওঁ লোকক তেওঁ লোকৰ প্ৰতিপালকে আৰু অধিক হিদায় ত প্ৰদান কৰিব তথা কল্যাণৰ তাওফীক প্ৰদান কৰিব। লগতে তেওঁলোকক এনেকু ৱা কৰ্ম কৰাৰ সামৰ্থ প্ৰদান কৰিব, যিবোৰে তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰিব। بلغ আল-কোৰআন · তাফছীৰ
فَهَلْ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأْتِيَهُم بَغْتَةًۭ ۖ فَقَدْ جَآءَ أَشْرَاطُهَا ۚ فَأَنَّىٰ لَهُمْ إِذَا جَآءَتْهُمْ ذِكْرَىٰهُمْ ﴿١٨﴾
কাফিৰসকলে এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ কোনো অগ্ৰি ম জাননী নিদিয়াকৈ আকস্মিক আহি পৰক? যদিও ইয়াৰ প্ৰতীকসমূ হ আহি পৰিছে। উদাহৰণস্ব ৰূপে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰআগমন,চন্দ্ৰ দ্বি খণ্ডিত হোৱা আদি। কিন্তু যেতিয়া কিয়ামত সংঘটি ত হ’ব তেতিয়াসিহঁ তে কেনেকৈ উপদেশ গ্ৰহণ কৰিব?!
فَٱعْلَمْ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّا ٱللَّهُ وَٱسْتَغْفِرْ لِذَنۢبِكَ وَلِلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ ۗ وَٱللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَىٰكُمْ ﴿١٩﴾
হে ৰাছু ল! আপুনি পৰিপূৰ্ণ বিশ্বাস কৰক যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তেওঁৰ ওচৰতেই আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে মু মিন পুৰুষসকলৰ আৰু মু মিনা নাৰীসকলৰ গুনাহৰ বাবেও ক্ষমা প্ৰাৰ্থনা কৰক। আল্লাহে তোমালোকৰ দিনৰ ভাগত কৰা চলা- ফু ৰা আৰু ৰাতিৰবিশ্ৰামস্থ ল সম্পৰ্কে ও অৱগত। তেওঁ ৰপৰা একোৱেই গোপন নহয় ।
وَيَقُولُ ٱلَّذِينَ ءَامَنُوا۟ لَوْلَا نُزِّلَتْ سُورَةٌۭ ۖ فَإِذَآ أُنزِلَتْ سُورَةٌۭ مُّحْكَمَةٌۭ وَذُكِرَ فِيهَا ٱلْقِتَالُ ۙ رَأَيْتَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌۭ يَنظُرُونَ إِلَيْكَ نَظَرَ ٱلْمَغْشِىِّ عَلَيْهِ مِنَ ٱلْمَوْتِ ۖ فَأَوْلَىٰ لَهُمْ ﴿٢٠﴾
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ৰাছু লৰ প্ৰতি যুদ্ধৰ বিধান সংক্ৰান্তীয় ছু ৰা অৱতীৰ্ণ হোৱাৰ আশা পোষণ কৰি কয়ঃ আল্লাহে এনেকু ৱা কোনো ছু ৰা কিয় অৱতীৰ্ণ নকৰে, যাৰ মাজত যুদ্ধৰ বৰ্ণনা আছে? এতেকে আল্লাহে যেতিয়া যুদ্ধৰ বিধি-বিধান সংক্ৰান্তীয় কোনো ছু ৰা অৱতীৰ্ণ কৰে, তেতিয়া হে নবী! আপুনি সেইসকল মুনাফিকক দেখিবলৈ পাব যিসকলৰ অন্ত ৰত সংশয় ৰ ব্যাধি আছে, সিহঁ তে আপোনাৰ ফালে সেই ব্যক্তিৰ দৰে চাই থাকে যিদৰে প্ৰচণ্ড ভয় ত বেহুঁ চ হোৱা ব্যক্তিয়ে চায় । আল্লাহে সেইসকল লোকক সতৰ্ক বাণী প্ৰদান কৰিছে যে, সিহঁ তৰ শাস্তি অতি সন্নি কট, কাৰণ সিহঁ তে যুদ্ধৰ পৰা আঁতৰি আছিল আৰু যুদ্ধক ভয় কৰিছিল।
طَاعَةٌۭ وَقَوْلٌۭ مَّعْرُوفٌۭ ۚ فَإِذَا عَزَمَ ٱلْأَمْرُ فَلَوْ صَدَقُوا۟ ٱللَّهَ لَكَانَ خَيْرًۭا لَّهُمْ ﴿٢١﴾
সিহঁ তে আল্লাহৰ আনুগত্য কৰিব লাগিছিল আৰু উত্তম কথা ক’ব লাগিছিল, এইটোৱে তেওঁলোকৰ পক্ষে কল্যাণকৰ আছিল। এতেকে যেতিয়া যুদ্ধ অনিবাৰ্য্য কৰা হৈছিল, তেতিয়া যদি সিহঁ তে সঠি ক ঈমানৰ বহিঃপ্ৰ কাশ কৰিলেহেঁ তেন তথা আল্লাহৰ আনুগত্য কৰিলেহেঁ তেন তেন্তে নিশ্চয় এইটো সিহঁ তৰ বাবে নিফাক আৰু আল্লাহৰ অৱজ্ঞাৰ পৰা শত গুণে উত্তম হ’লহেঁ তেন।
فَهَلْ عَسَيْتُمْ إِن تَوَلَّيْتُمْ أَن تُفْسِدُوا۟ فِى ٱلْأَرْضِ وَتُقَطِّعُوٓا۟ أَرْحَامَكُمْ ﴿٢٢﴾
তোমালোকৰ অৱস্থা দেখি এইটোৱে প্ৰতীত হয় যে, যদি তোমালোকে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা বিমুখ হোৱা তেন্তে নিশ্চয় তোমালোকে পৃথিৱীত কু ফৰী আৰু পাপকৰ্মৰ জৰিয় তে উপদ্ৰ ৱ সৃষ্টি কৰিবা। লগতে আত্মীয় তাৰ বন্ধন ছিন্ন কৰাত উদ্গনি দিবা, যিদৰে অজ্ঞতা যুগত তোমালোকৰ অৱস্থা আছিল।
أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَعَنَهُمُ ٱللَّهُ فَأَصَمَّهُمْ وَأَعْمَىٰٓ أَبْصَـٰرَهُمْ ﴿٢٣﴾
পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আৰুআত্মীয় তাৰবন্ধন ছিন্ন কৰা এই লোকসকলকেই আল্লাহে নিজৰৰহমতৰপৰা আঁতৰাই দিছে। সিহঁ তৰকাণত গধুৰতা সৃষ্টি কৰিদিছে, যাতে সিহঁ তে সত্যগ্ৰ হণ কৰাৰউদ্দেশ্যেআৰুমানি লোৱাৰউদ্দেশ্যেশুনিবনোৱাৰে। লগতে সিহঁ তক অন্ধ বনাইছে, যাতে সিহঁ তে শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে দেখিব নোৱাৰে।
أَفَلَا يَتَدَبَّرُونَ ٱلْقُرْءَانَ أَمْ عَلَىٰ قُلُوبٍ أَقْفَالُهَآ ﴿٢٤﴾
বিমুখ হোৱা এই লোকসকলে কোৰআন আৰু ইয়াৰ শিক্ষাকলৈ চিন্তা-চৰ্চা কিয় নকৰে? যদি সিহঁ তে চিন্তা-চৰ্চা কৰিলেহেঁ তেন তেন্তে নিশ্চয় সিহঁ তক কল্যাণৰ পথ দেখুৱালেহেঁ তেন আৰু সকলো প্ৰকাৰ অনিষ্ট ৰ পৰা দূৰত ৰাখিলেহেঁ তেন। নাইবা সিহঁ তৰ অন্ত ৰত মজবুত তলা লগোৱা আছে নেকি? যাৰ بلغ আল-কোৰআন · তাফছীৰ ফলত সিহঁ তৰ ওচৰত কোনো শিক্ষাও কাম নকৰে আৰু কোনো উপদেশো উপকাৰ নকৰে।
إِنَّ ٱلَّذِينَ ٱرْتَدُّوا۟ عَلَىٰٓ أَدْبَـٰرِهِم مِّنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَى ۙ ٱلشَّيْطَـٰنُ سَوَّلَ لَهُمْ وَأَمْلَىٰ لَهُمْ ﴿٢٥﴾
নিশ্চয় যিসকলে ঈমানৰ পৰা আকৌ কু ফৰী আৰু নিফাকলৈ উভতি গৈছে, অথচ সিহঁ তৰ ওচৰত অজুহাত উত্থাপন কৰাৰ কোনো উপায় নাই, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কে ও প্ৰমাণ স্পষ্ট হৈছে, সিহঁ তৰ বাবে চয় তানেই কু ফৰক আৰু নিফাকক শোভনীয় কৰি দিছে আৰু সহজ কৰি দিছে। তথা সিহঁ তক ডাঙৰ আশা দি ৰাখিছে।
ذَٰلِكَ بِأَنَّهُمْ قَالُوا۟ لِلَّذِينَ كَرِهُوا۟ مَا نَزَّلَ ٱللَّهُ سَنُطِيعُكُمْ فِى بَعْضِ ٱلْأَمْرِ ۖ وَٱللَّهُ يَعْلَمُ إِسْرَارَهُمْ ﴿٢٦﴾
সিহঁ তক এইকাৰণে পথভ্ৰ ষ্টকৰাহৈছে যে,সিহঁ তে ৰাছু লৰপ্ৰ তি অৱতীৰ্ণ হোৱাঅহীক অপছন্দ কৰামু শ্বৰিকসকলক কয়ঃ“আমি অনতিপলমে কিছু মান বিষয় ত তোমালোকৰ অনু সৰণ কৰিম, যেনে- মানু হক যুদ্ধৰ পৰা বিৰত ৰখা আদি”। অথচ আল্লাহে সিহঁ তৰ প্ৰকাশ্য আৰু গোপন সকলো তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁ ৰপৰা গোপন নহয় । অদৃশ্য জ্ঞানৰপৰা যিখিনি তেওঁ ইচ্ছা কৰেসেইখিনি ৰাছু লক অৱগত কৰে।
فَكَيْفَ إِذَا تَوَفَّتْهُمُ ٱلْمَلَـٰٓئِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَـٰرَهُمْ ﴿٢٧﴾
সেইসময় ত সিহঁ তৰ কি দশা হ’ব, যেতিয়া সিহঁ তক আপুনি শাস্তি ৰ মাজত তথা দুৰাৱস্থাত দেখিবলৈ পাব, লগতে প্ৰাণ হৰণ কৰা ফিৰিস্তাসকলে যেতিয়া প্ৰাণহৰণ কৰাৰসময় ত লোহাৰহাতু ৰীৰেসিহঁ তৰমু খমণ্ডল আৰুপিঠি ত আঘাত কৰিব?!
ذَٰلِكَ بِأَنَّهُمُ ٱتَّبَعُوا۟ مَآ أَسْخَطَ ٱللَّهَ وَكَرِهُوا۟ رِضْوَٰنَهُۥ فَأَحْبَطَ أَعْمَـٰلَهُمْ ﴿٢٨﴾
এই শাস্তি সিহঁ তক এইকাৰণে দিয়া হ’ব যে, সিহঁ তে প্ৰত্যেক সেই পন্থা অৱলম্বন কৰিছিল, যি পন্থাই আল্লাহক অসন্তু ষ্টকৰে। যেনে- কু ফৰী, নিফাক, লগতে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ সৈতে শত্ৰুতা। তথা প্ৰত্যেক সেই কৰ্মক অপছন্দ কৰিছিল, যি কৰ্মই আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে আৰু তেওঁক সন্তু ষ্টকৰে। যেনে- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছু লৰ অনুসৰণ কৰা আদি। ফলত আল্লাহে সিহঁ তৰ সকলো আমল ব্যৰ্থ কৰি দিছে।
أَمْ حَسِبَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ أَن لَّن يُخْرِجَ ٱللَّهُ أَضْغَـٰنَهُمْ ﴿٢٩﴾
অন্ত ৰত সন্দে হ-সংশয় থকা মুনাফিকসকলে ধাৰণা কৰেনেকি যে, আল্লাহে সিহঁ তৰবিদ্বে ষসমূহ কেতিয়াও প্ৰকাশ নকৰিব? আল্লাহে সিহঁ তক বিপদগ্ৰ তস্ কৰিনিশ্চয় সিহঁ তৰবিদ্বে ষসমূ হ উন্মোচন কৰিব। যাতে প্ৰকৃ ত মু মিনসকলক মিছলীয়াসকলৰপৰা পৃথক কৰাত সুবিধা হয় । তথা সহজেই যাতে চিনিব পৰা যায় যে, কোন মু মিন আৰু কোন মু নাফিক।
وَلَوْ نَشَآءُ لَأَرَيْنَـٰكَهُمْ فَلَعَرَفْتَهُم بِسِيمَـٰهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِى لَحْنِ ٱلْقَوْلِ ۚ وَٱللَّهُ يَعْلَمُ أَعْمَـٰلَكُمْ ﴿٣٠﴾
হে ৰাছু ল! আমি আপোনাক মুনাফিকসকলৰ পৰিচয় দিব বিচাৰিলে নিশ্চয় দিব পাৰিলোঁহেঁ তেন। কিন্তু আপুনি সিহঁ তৰ প্ৰতীকসমূহৰ জৰিয় তেই চিনি পাব, আনকি সিহঁ তৰ কথা কোৱাৰ ধৰণতে সিহঁ তক চিনি পাব। আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয় । তেৱেঁই তোমালোকক ইয়াৰপ্ৰ তিদান দিব।
وَلَنَبْلُوَنَّكُمْ حَتَّىٰ نَعْلَمَ ٱلْمُجَـٰهِدِينَ مِنكُمْ وَٱلصَّـٰبِرِينَ وَنَبْلُوَا۟ أَخْبَارَكُمْ ﴿٣١﴾
হে মু মিনসকল! নিশ্চয় আমি তোমালোকক পৰীক্ষা কৰিম, জিহাদৰ দ্বাৰা, শত্ৰুৰ বিৰুদ্ধে যুদ্ধৰ দ্বাৰা, হত্যা আদিৰ দ্বাৰা, যাতে এই কথা স্পষ্ট হৈ পৰে যে তোমালোকৰ মাজৰ কোন প্ৰকৃ ত মুজাহিদ, আৰু কোনে শত্ৰুৰ লগত যুদ্ধ কৰাৰ সময় ত ধৈৰ্য্য ধাৰণ কৰে। আমি তোমালোকক পৰীক্ষা কৰিম যাতে সত্যবাদী আৰু মিছলীয়া ব্যক্তি ৰ মাজত পাৰ্থক্য কৰিব পৰা যায় । بلغ আল-কোৰআন · তাফছীৰ
إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ وَشَآقُّوا۟ ٱلرَّسُولَ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَىٰ لَن يَضُرُّوا۟ ٱللَّهَ شَيْـًۭٔا وَسَيُحْبِطُ أَعْمَـٰلَهُمْ ﴿٣٢﴾
وسيح بط أعملهم যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰ কৰিছে, আল্লাহৰ দ্বীনৰ পৰা নিজকে আৰু আনকো বিৰত ৰাখিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যে প্ৰকৃ ত নবী, এই কথা স্পষ্ট হোৱাৰ পিছতো সিহঁ তে তেওঁ ৰ ৰাছু লৰ বিৰোধিতা কৰিছে আৰু তেওঁ ৰ সৈতে শত্ৰুতা পোষণ কৰিছে, সিহঁ তে আল্লাহৰ একো ক্ষতি কৰিবনোৱাৰিব। বৰংসিহঁ তে নিজৰহে ক্ষতি কৰিআছে। শীঘ্ৰে ই আল্লাহে সিহঁ তৰকৰ্মবোৰবাতিল ঘোষণাকৰিব।
۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ وَلَا تُبْطِلُوٓا۟ أَعْمَـٰلَكُمْ ﴿٣٣﴾
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ অনুসৰণ কৰা আৰু ৰাছুলৰো অনুসৰণ কৰা, তেওঁলোকৰ আদেশ পালন কৰা আৰু তেওঁলোকে নিষেধ কৰা বিষয় ৰ পৰা বিৰত থাকা। তথা কু ফৰ আৰু ৰিয়া আদি (লোকক দেখুৱাবলৈ কৰা) আমলৰজৰিয় তে নিজৰআমলসমূ হ বিনষ্ট নকৰিবা।
إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ ثُمَّ مَاتُوا۟ وَهُمْ كُفَّارٌۭ فَلَن يَغْفِرَ ٱللَّهُ لَهُمْ ﴿٣٤﴾
নিশ্চয় যিসকলে আল্লাহৰ সৈতে কু ফৰী কৰিছে, লগতে নিজকে আৰু মানুহকো আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে আৰু তাওবা নকৰাকৈ কু ফৰীৰ ওপৰতেই মৃ ত্যুবৰণ কৰিছে, আল্লাহে সিহঁ তৰ গুনাহবোৰ কেতিয়াও ক্ষমা নকৰিব, বৰং ইয়াৰ বাবে সিহঁ তক জবাবদিহি কৰিব। তথা সিহঁ তক জাহান্নামত প্ৰৱেশ কৰাব,য’ত সিহঁ তে চিৰকাল থাকিব।
فَلَا تَهِنُوا۟ وَتَدْعُوٓا۟ إِلَى ٱلسَّلْمِ وَأَنتُمُ ٱلْأَعْلَوْنَ وَٱللَّهُ مَعَكُمْ وَلَن يَتِرَكُمْ أَعْمَـٰلَكُمْ ﴿٣٥﴾
হে মুমিনসকল! তোমালোকে শত্ৰুৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত কেতিয়াও দুৰ্বলতা নেদেখুৱাবা আৰু সিহঁ তে প্ৰতাৱস্ দিয়াৰ পূৰ্বে কেতিয়াও তোমালোকে সিহঁ তক সন্ধিৰপ্ৰ তাৱস্ নিদিবা। কাৰণ তোমালোকেই হৈছা প্ৰভাৱশালী আৰু বিজয়ী। নিশ্চয় সহায় -সমৰ্থনৰদ্বাৰা আল্লাহ তোমালোকৰলগত আছে। তেওঁ কেতিয়াও তোমালোকৰ কৰ্মৰ প্ৰতিদান হ্ৰাস নকৰিব, বৰং নিজ অনু গ্ৰহত আৰু অধিক বৃদ্ধিহে কৰি দিব।
إِنَّمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا لَعِبٌۭ وَلَهْوٌۭ ۚ وَإِن تُؤْمِنُوا۟ وَتَتَّقُوا۟ يُؤْتِكُمْ أُجُورَكُمْ وَلَا يَسْـَٔلْكُمْ أَمْوَٰلَكُمْ ﴿٣٦﴾
পাৰ্থিৱ জীৱন হৈছে খেল-ধেমালি আৰু অৰ্থহীন আড্ডাহে মাত্ৰ। গতিকে ইয়াক লৈ ব্যস্ত থাকি কোনো বিবেকৱান ব্যক্তি য়ে আখিৰাতৰ পৰা অমনোযোগী হোৱা উচিত নহয় । যদি তোমালোকে আল্লাহ আৰুতেওঁ ৰৰাছু লৰপ্ৰ তি ঈমান পোষণ কৰা, লগতে আল্লাহৰআদেশ পালন কৰিআৰুতেওঁ ৰনিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা, তেন্তে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কোনো প্ৰকাৰ ছোৱাব হ্ৰাস কৰা নহ’ব। তেওঁ তোমালোকৰ পৰা তোমালোকৰ গোটেই সম্পদ বিচৰা নাই, বৰং তোমালোকৰ পৰা অনিবাৰ্য্য যাকাতহে বিচাৰে। إن يسٔلكموها فيحفكم تبخلوا ويخرج أضغنكم
إِن يَسْـَٔلْكُمُوهَا فَيُحْفِكُمْ تَبْخَلُوا۟ وَيُخْرِجْ أَضْغَـٰنَكُمْ ﴿٣٧﴾
যদি তেওঁ তোমালোকৰ পৰা তোমালোকৰ সম্পূৰ্ণ সম্পদ বিচাৰিলেহেঁতেন তথা ডাঠি কৈ বিচাৰিলেহেঁতেন তেন্তে তোমালোকে নিশ্চয় কৃপণালি কৰিলাহেঁ তেন। আল্লাহৰপথত ব্যয় কৰাৰক্ষেত্ৰত তোমালোকৰঅন্ত ৰত যি অপছন্দ নীয় ভাৱআছে,সেয়াওলাই পৰিলেহেঁ তেন। গতিকে তোমালোকৰ প্ৰতি এইটো তেওঁ ৰসহানু ভূ তি যে, তেওঁ তোমালোকৰপৰা সম্পূৰ্ণ ধন বিচৰা নাই।
هَـٰٓأَنتُمْ هَـٰٓؤُلَآءِ تُدْعَوْنَ لِتُنفِقُوا۟ فِى سَبِيلِ ٱللَّهِ فَمِنكُم مَّن يَبْخَلُ ۖ وَمَن يَبْخَلْ فَإِنَّمَا يَبْخَلُ عَن نَّفْسِهِۦ ۚ وَٱللَّهُ ٱلْغَنِىُّ وَأَنتُمُ ٱلْفُقَرَآءُ ۚ وَإِن تَتَوَلَّوْا۟ يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوٓا۟ أَمْثَـٰلَكُم ﴿٣٨﴾
শুনা! তোমালোকেই হৈছা সেইসকল লোক, যিসকলক আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ দান কৰিবলৈ আহ্বান কৰা হৈছে। তেওঁ তোমালোকক গোটেই সম্পদ ব্যয় কৰাৰআদেশ দিয়ানাই। কিন্তু তোমালোকৰমাজৰকিছু মানে কৃ পণালি কৰিব্যয় কৰাৰপৰাআঁতৰিথাকে। এতেকে যিয়ে আল্লাহৰ بلغ আল-কোৰআন · তাফছীৰ পথত নিজৰসম্পদৰএটা অংশ ব্যয় কৰাৰপৰা কৃ পণালি কৰে, সি দৰাচলতে নিজৰলগতেই কৃ পণালি কৰে। কাৰণ সি ছোৱাবৰপৰা বঞ্চিত থাকিব। আল্লাহ অমুখাপেক্ষী, তোমালোকৰ ব্যয় তেওঁক কোনো উপকাৰ নকৰে। আনহাতে তোমালোক হৈছা অভাৱগ্ৰ তস্। যদি তোমালোকে ইছলামৰ পৰা কু ফৰীলৈ উভতি যোৱা তেন্তে তেওঁ তোমালোকক ধ্বংস কৰিব, আৰু তোমালোকৰ ঠাইত অন্য জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। কিন্তু সেইসকল লোক তোমালোকৰ দৰে নহ’ব। বৰং তেওঁ লোক হ’ব আল্লাহৰ আনু গত্যকাৰী। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে