মুখ্য পৃষ্ঠাতাফছীৰGhafir (40)

তাফছীৰ Ghafir (40) — غافر

মক্কী · 85 আয়াত

পঢ়ক · শুনকPDF ফাইল

حمٓ ﴿١﴾

(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।

تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْعَلِيمِ ﴿٢﴾

পৱিত্ৰ কোৰআন মহাপৰাক্ৰ মশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, যি সত্ত্বাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। এইখন তেওঁ ৰৰাছু ল মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰওপৰত অৱতীৰ্ণ।

غَافِرِ ٱلذَّنۢبِ وَقَابِلِ ٱلتَّوْبِ شَدِيدِ ٱلْعِقَابِ ذِى ٱلطَّوْلِ ۖ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ إِلَيْهِ ٱلْمَصِيرُ ﴿٣﴾

তেৱেঁই পাপীসকলৰ পাপ মাৰ্জ নাকাৰী। তেৱেঁই তাওবাকাৰী বান্দাসকলৰ তাওবা গ্ৰহণকাৰী। কিন্তু তেওঁ তাওবা নকৰা ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদানকাৰী। তেওঁ অনু গ্ৰহশীল, উপকাৰকাৰী সত্ত্বা। তেওঁ ৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কিয়ামতৰ দিনা বান্দাসকলৰ শেষ প্ৰত্যাৱৰ্ত ন হৈছে একমাত্ৰ তেওঁ ৰওচৰতেই। তেৱেঁই বান্দাসকলক প্ৰাপ্য অনু যায়ী প্ৰতিদান দান কৰিব।

مَا يُجَـٰدِلُ فِىٓ ءَايَـٰتِ ٱللَّهِ إِلَّا ٱلَّذِينَ كَفَرُوا۟ فَلَا يَغْرُرْكَ تَقَلُّبُهُمْ فِى ٱلْبِلَـٰدِ ﴿٤﴾

আল্লাহৰ তাওহীদ আৰু তেওঁৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰা আয়াতসমূহকলৈ কেৱল সেইসকল লোকেই বাক-বিতণ্ডা কৰে, যিসকলে বিবেকহীনতাৰ কাৰণে আল্লাহৰ লগত কু ফৰী কৰিছে। গতিকে সিহঁতকলৈ আপুনি চিন্তি ত নহ’ব। তথা সিহঁতক প্ৰদান কৰা প্ৰশস্ত জীৱিকা আৰু নিয়ামতবোৰকলৈও আপুনি ভু ল নবুজিব। কাৰণ সেইবোৰ সিহঁ তক অৱকাশ দিয়াৰ বাবে আৰু চক্ৰান্ত মূ লকভাৱে প্ৰদান কৰা হৈছে।

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍۢ وَٱلْأَحْزَابُ مِنۢ بَعْدِهِمْ ۖ وَهَمَّتْ كُلُّ أُمَّةٍۭ بِرَسُولِهِمْ لِيَأْخُذُوهُ ۖ وَجَـٰدَلُوا۟ بِٱلْبَـٰطِلِ لِيُدْحِضُوا۟ بِهِ ٱلْحَقَّ فَأَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ ﴿٥﴾

ইহঁ তৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়ে ও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰ দায় ৰ পিছত বহুতো সম্প্ৰ দায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰ দায় কে আদি কৰি মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছু লক কৰায় ত্তকৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁ তৰ ওপৰত আমাৰ শাস্তি কেনেকু ৱা আছিল। কিয় নো সিহঁ তক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল।

وَكَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ كَفَرُوٓا۟ أَنَّهُمْ أَصْحَـٰبُ ٱلنَّارِ ﴿٦﴾

হে ৰাছু ল! যিদৰে আল্লাহে পূৰ্বৱৰ্তী অস্বীকাৰ কৰা উম্মতবোৰৰ বিষয়ে সিহঁ তক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছিল, ঠি ক সেইদৰেই এই কাফিৰসকলৰ প্ৰতিও আপোনাৰপ্ৰ তিপালকৰসিদ্ধান্ত অনিবাৰ্য্যহৈ পৰিছে যে,নিশ্চিতভাৱেসিহঁ ত হৈছে জাহান্নামী।

ٱلَّذِينَ يَحْمِلُونَ ٱلْعَرْشَ وَمَنْ حَوْلَهُۥ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيُؤْمِنُونَ بِهِۦ وَيَسْتَغْفِرُونَ لِلَّذِينَ ءَامَنُوا۟ رَبَّنَا وَسِعْتَ كُلَّ شَىْءٍۢ رَّحْمَةًۭ وَعِلْمًۭا فَٱغْفِرْ لِلَّذِينَ تَابُوا۟ وَٱتَّبَعُوا۟ سَبِيلَكَ وَقِهِمْ عَذَابَ ٱلْجَحِيمِ ﴿٧﴾

হে ৰাছুল! যিসকল ফিৰিস্তাই আপোনাৰ প্ৰতিপালকৰ আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে পৰিবেষ্ট ন কৰি আছে, তেওঁলোক আটায়ে নিজ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰে, প্ৰত্যেক সেইবোৰ বিষয় ৰ পৰা যিবোৰ তেওঁ ৰ বাবে অনু চিত। তেওঁ লোকে তেওঁ ৰ প্ৰতি ঈমান পোষণ কৰে, আৰু মু মিনসকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত প্ৰাৰ্থনা কৰে। তেওঁ লোকে দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তোমাৰ জ্ঞান আৰু بلغ আল-কোৰআন · তাফছীৰ তোমাৰ ৰহমতে সকলো বস্তু কে পৰিবেষ্ট ন কৰি আছে। গতিকে সেইসকল লোকৰ গুনাহ মাৰ্জ না কৰি দিয়া, যিসকলে নিজৰ গুনাহৰ পৰা তাওবা কৰিছে আৰু তোমাৰ দ্বীনৰ অনু সৰণ কৰিছে। তথা তেওঁ লোকক জাহান্নামৰ অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা।

رَبَّنَا وَأَدْخِلْهُمْ جَنَّـٰتِ عَدْنٍ ٱلَّتِى وَعَدتَّهُمْ وَمَن صَلَحَ مِنْ ءَابَآئِهِمْ وَأَزْوَٰجِهِمْ وَذُرِّيَّـٰتِهِمْ ۚ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٨﴾

ফিৰিস্তাসকলে কয়ঃ হে আমাৰ প্ৰতিপালক! মুমিনসকলক সেই চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা, যি জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি তুমি তেওঁ লোকক প্ৰদান কৰিছা। তেওঁ লোকৰ সৈতে তেওঁ লোকৰ পূৰ্বপুৰুষ, স্ত্ৰী আৰু সন্তান-সন্ত তিৰ মাজৰ যিসকলে নেক আমল কৰিছিল, তেওঁ লোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি মহা পৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তুমি নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰ জ্ঞাৱান।

وَقِهِمُ ٱلسَّيِّـَٔاتِ ۚ وَمَن تَقِ ٱلسَّيِّـَٔاتِ يَوْمَئِذٍۢ فَقَدْ رَحِمْتَهُۥ ۚ وَذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿٩﴾

তথা তেওঁ লোকক তেওঁ লোকৰ বেয়া কৰ্মৰ দুষ্পৰিণামৰ পৰা সুৰক্ষা প্ৰদান কৰা, সেইবোৰক কেন্দ্ৰ কৰি তেওঁ লোকক শাস্তি নিবিহিবা। এই কথা নিশ্চিত যে, কিয়ামতৰ দিনা যাক তু মি বেয়া কৰ্মৰ শাস্তি ৰ পৰা সুৰক্ষিত ৰাখিবা, তেওঁ নিশ্চয় ৰহমতপ্ৰাপ্ত । দৰাচলতে শাস্তি ৰ পৰা ৰক্ষা পোৱা আৰু জান্নাতত প্ৰৱেশ কৰাৰকৃ পাআদিয়ে ই হৈছে মহাসফলতা। কোনোসফলতাৰেই ইয়াক তু লনাকৰিবনোৱাৰি।

إِنَّ ٱلَّذِينَ كَفَرُوا۟ يُنَادَوْنَ لَمَقْتُ ٱللَّهِ أَكْبَرُ مِن مَّقْتِكُمْ أَنفُسَكُمْ إِذْ تُدْعَوْنَ إِلَى ٱلْإِيمَـٰنِ فَتَكْفُرُونَ ﴿١٠﴾

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনা সিহঁ তে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব তথা নিজেই নিজকে ভৰ্ৎ সনা কৰিব আৰু অভিশাপ কৰিব তেতিয়া সিহঁ তক মাতি কোৱা হ’বঃ আজি তোমালোকে নিজৰ ওপৰত যিমান ক্ৰোধান্বি ত হৈছা, ইয়াতকৈও অধিক আল্লাহ তাআলা তোমালোকৰ ওপৰত ক্ৰোধান্বি ত হৈছিল যেতিয়া তোমালোকে পৃথিৱীত আল্লাহৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰিছিলা, আৰু তেওঁ ৰ সৈতে বহুতো উপাস্য গ্ৰহণ কৰিছিলা।

قَالُوا۟ رَبَّنَآ أَمَتَّنَا ٱثْنَتَيْنِ وَأَحْيَيْتَنَا ٱثْنَتَيْنِ فَٱعْتَرَفْنَا بِذُنُوبِنَا فَهَلْ إِلَىٰ خُرُوجٍۢ مِّن سَبِيلٍۢ ﴿١١﴾

কাফিৰসকলে সেইসময় ত নিজৰ অপৰাধ স্বীকাৰ কৰিব, যেতিয়া সিহঁ তৰ স্বীকাৰোক্তি আৰু তাওবা একোৱে কামত নাহিব। সিহঁ তে ক’বঃ হে আমাৰ প্ৰতিপালক! তু মি আমাক দুবাৰকৈ মৃত্যুপ্ৰ দান কৰিছা,প্ৰথমবাৰযেতিয়াআমাৰকোনোঅস্তি ত্বই নাছিল,তু মিয়ে ই আমাক অস্তি ত্বপ্ৰদান কৰিছা,আৰু দ্বি তীয় মৃত্যু, সেই অস্তি ত্বৰ পিছত তু মি আমাক মৃত্যু প্ৰদান কৰিছা। তথা দুবাৰকৈ আমাক জীৱনো দান কৰিছা। যেতিয়া আমাৰ কোনো অস্তি ত্বই নাছিল তেতিয়া তু মিয়ে আমাক জীৱন দান কৰিছা, আৰু দ্বি তীয় বাৰ আমাক জীৱন দান কৰিছা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰি। গতিকে আমি এতিয়া আমাৰ অপৰাধবোৰ স্বীকাৰ কৰিছোঁ। এতেকে জাহান্নামৰ পৰা উলিওৱাৰ কোনো উপায় আছেনে? যাতে আমি পাৰ্থিৱ জীৱনলৈ উভতি গৈ আমাৰআমলসমূ হ সংশোধন কৰিবপাৰোঁ,যাতে তু মি সন্তু ষ্টহোৱা!

ذَٰلِكُم بِأَنَّهُۥٓ إِذَا دُعِىَ ٱللَّهُ وَحْدَهُۥ كَفَرْتُمْ ۖ وَإِن يُشْرَكْ بِهِۦ تُؤْمِنُوا۟ ۚ فَٱلْحُكْمُ لِلَّهِ ٱلْعَلِىِّ ٱلْكَبِيرِ ﴿١٢﴾

তোমালোকক এই শাস্তি দিয়াৰ কাৰণ হৈছে, তোমালোকক যেতিয়া এক আল্লাহৰ প্ৰতি আহ্বান কৰা হৈছিল আৰু তেওঁ ৰ লগত অংশীদাৰ স্থাপন কৰিবলৈ বাৰণ কৰা হৈছিল, তেতিয়া তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা আৰু আল্লাহৰ লগত শ্বি ৰ্ককৰিছিলা। কিন্তু যেতিয়া আল্লাহৰ সৈতে অন্য উপাস্যক অংশী কৰা হৈছিল, তেতিয়া সেইটো তোমালোকে সহজেই মানি লৈছিলা। এতেকে শুনা! আজি চূ ড়ান্ত সিদ্ধান্ত প্ৰদানৰদায়ি ত্বহৈছে একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সত্ত্বাগতভাৱে, ক্ষমতাৰক্ষেত্ৰত আৰুপ্ৰ তাপৰক্ষেত্ৰত অতি উচ্চ। তেওঁ আটাইতকৈ মহান, সকলো বস্তু তেওঁ তকৈ সৰু।

هُوَ ٱلَّذِى يُرِيكُمْ ءَايَـٰتِهِۦ وَيُنَزِّلُ لَكُم مِّنَ ٱلسَّمَآءِ رِزْقًۭا ۚ وَمَا يَتَذَكَّرُ إِلَّا مَن يُنِيبُ ﴿١٣﴾

আল্লাহেই তোমালোকক মহাকাশত আৰু স্বয়ং তোমালোকৰ মাজতো তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় । যাতে তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু তাওহীদ সম্পৰ্কে পৰিচিত কৰাব পাৰে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যাতে ইয়াৰ দ্বাৰা গছ-গছনি আৰু শস্য আদি উৎপন্ন হয় যিবোৰ তোমালোকে ভক্ষণ কৰা। আল্লাহৰ নিদৰ্শনসমূ হৰ পৰা কেৱল সেইসকল লোকেই উপদেশ গ্ৰহণ কৰে, যিসকলে নিৰ্ভে জালভাৱে তাওবা بلغ আল-কোৰআন · তাফছীৰ কৰি তেওঁ ৰফালে প্ৰত্যাৱৰ্ত ন কৰে।

فَٱدْعُوا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ وَلَوْ كَرِهَ ٱلْكَـٰفِرُونَ ﴿١٤﴾

এতেকে হে মুমিনসকল! তোমালোকে নিৰ্ভে জালভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ওচৰত দুআ কৰা। তেওঁৰ সৈতে শ্বিৰ্ক নকৰিবা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰেঅথবা ক্ৰোধান্বি ত হয় ।

رَفِيعُ ٱلدَّرَجَـٰتِ ذُو ٱلْعَرْشِ يُلْقِى ٱلرُّوحَ مِنْ أَمْرِهِۦ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦ لِيُنذِرَ يَوْمَ ٱلتَّلَاقِ ﴿١٥﴾

নিৰ্ভে জাল আনুগত্য আৰু নিৰ্ভে জাল দুআৰ একমাত্ৰ উপযুক্ত তেৱেঁই। কাৰণ তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰু গোটেই সৃষ্টি জগতৰ পৰা পৃথক। তেৱেঁই মহা আৰছৰ প্ৰতিপালক। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰতেই অহী প্ৰে ৰণ কৰে। যাতে তেওঁলোক নিজেও সতৰ্ক থাকে আৰু আনকো সতৰ্ক কৰিব পাৰে। তথা সেই কিয়ামত সম্পৰ্কে যাতে মানু হক সতৰ্ক কৰে যিদিনা পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলোৱে একত্ৰিত হ’ব।

يَوْمَ هُم بَـٰرِزُونَ ۖ لَا يَخْفَىٰ عَلَى ٱللَّهِ مِنْهُمْ شَىْءٌۭ ۚ لِّمَنِ ٱلْمُلْكُ ٱلْيَوْمَ ۖ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ ﴿١٦﴾

ى যিদিনা সকলোৱেএটা স্থানতে একত্ৰিত হ'ব। সিহঁ তৰকোনো বিষয়ে ই আল্লাহৰপৰা গোপন নাথাকিব। সিহঁ তৰব্যক্তিত্ব সম্পৰ্কে ই হওক অথবা সিহঁ তৰ কৰ্ম সম্পৰ্কে নাইবা সিহঁ তৰপ্ৰ তিফল সম্পৰ্কে । তেওঁ সুধিবঃআজি ৰাজত্ব কাৰ, আজি এটা উত্তৰৰবাহিৰেআন কোনো উপায় নাই। ৰাজত্ব একমাত্ৰ আল্লাহৰ, যিজন সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক। তেওঁ সৰ্বশক্তিমান, প্ৰত্যেক বস্তু তেওঁৰেই অধীনস্থ । তথা প্ৰত্যেকেই তেওঁৰ আগত শিৰনত কৰিবলৈ বাধ্য।

ٱلْيَوْمَ تُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ ۚ لَا ظُلْمَ ٱلْيَوْمَ ۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ ﴿١٧﴾

আজি প্ৰত্যেক প্ৰাণীকেই নিজ নিজ কৰ্মৰপ্ৰ তিফল দিয়া হ’ব। কৰ্ম ভাল হ’লে, প্ৰতিফল ভাল পাব। আনহাতে বেয়া হ’লে, বেয়া প্ৰতিফল পাব। আজি কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কাৰণ ফয় চালাকাৰী হৈছে স্বয়ংআল্লাহ, তেওঁ সদায় ন্যায় ফয় চালা কৰে। নিশ্চয় আল্লাহ বান্দাসকলৰদ্ৰুত হিচাপ গ্ৰহণকাৰী। কিয় নোতেওঁ ৰজ্ঞানে সিহঁ তকপৰিবেষ্ট ন কৰিআছে।

وَأَنذِرْهُمْ يَوْمَ ٱلْـَٔازِفَةِ إِذِ ٱلْقُلُوبُ لَدَى ٱلْحَنَاجِرِ كَـٰظِمِينَ ۚ مَا لِلظَّـٰلِمِينَ مِنْ حَمِيمٍۢ وَلَا شَفِيعٍۢ يُطَاعُ ﴿١٨﴾

হে ৰাছুল! আপুনি ইহঁতক কিয়ামত দিৱস সম্পৰ্কে সতৰ্ক কৰক। নিশ্চয় কিয়ামত নিকটৱৰ্তী, তথা অৱশ্যম্ভাৱী। জানি থোৱা উচিত যে, প্ৰত্যেক আহিবলগীয়া বিষয়ে ই হৈছে নিকটৱৰ্তী। সেইদিনাৰপৰিৱেশ ইমান ভয়াৱহ হ’বযে, কষ্ট ত মানুহৰপ্ৰাণ কণ্ঠগত হ’ব। সকলোৱেমৌন হৈ থাকিব। কেৱল সেই ব্যক্তিয়ে কথা কোৱাৰ সাহস কৰিব, যাক ৰহমানে কথা কোৱাৰ অনুমতি প্ৰদান কৰিব। যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁ তৰ কোনো বন্ধুও নাথাকিব আৰু কোনো নিকটৱৰ্তী লোকো নাথাকিব। তথা এনেকু ৱা কোনো মধ্যস্ত তাকাৰীও নাথাকিব, যাৰ মধ্যস্ত তা গ্ৰহণ কৰা হ’ব।

يَعْلَمُ خَآئِنَةَ ٱلْأَعْيُنِ وَمَا تُخْفِى ٱلصُّدُورُ ﴿١٩﴾

গোপনে দৃষ্টি পাত কৰা ব্যক্তিৰ দৃষ্টি সম্পৰ্কে ও আল্লাহে অৱগত, আৰু অন্ত ৰত থকা গোপন বিষয় সম্পৰ্কে ও অৱগত। মহান আল্লাহৰ পৰা একোৱেই গোপন নহয় ।

وَٱللَّهُ يَقْضِى بِٱلْحَقِّ ۖ وَٱلَّذِينَ يَدْعُونَ مِن دُونِهِۦ لَا يَقْضُونَ بِشَىْءٍ ۗ إِنَّ ٱللَّهَ هُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ ﴿٢٠﴾

আল্লাহে ন্যায় ৰ সৈতে ফয় চালা কৰিব। কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা কাৰোবাৰ গুনাহ বৃদ্ধি কৰি কাৰো প্ৰতিয়ে অন্যায় নকৰিব। মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সিহঁ তৰ ফয় চালা কৰাৰ কোনো অধিকাৰ নাই। কিয় নো সিহঁ ত একোৰেই অধিকাৰী নহয় । নিশ্চয় আল্লাহ তেওঁ ৰবান্দাসকলৰকথাশ্ৰ ৱণকাৰী। তথাসিহঁ তৰনিয়্যত আৰুকৰ্ম সম্পৰ্কে অৱগত। অচিৰেই তেওঁ সিহঁ তক ইয়াৰপ্ৰ তিদান দিব। بلغ আল-কোৰআন · তাফছীৰ

۞ أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ كَانُوا۟ مِن قَبْلِهِمْ ۚ كَانُوا۟ هُمْ أَشَدَّ مِنْهُمْ قُوَّةًۭ وَءَاثَارًۭا فِى ٱلْأَرْضِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمْ وَمَا كَانَ لَهُم مِّنَ ٱللَّهِ مِن وَاقٍۢ ﴿٢١﴾

ه এই মুশ্বৰিকসকলে পৃথিৱীত চলাফু ৰা কৰা নাই নেকি, তেতিয়াহে চিন্তা কৰিব পাৰিলেহেঁতেন যে, বিগত অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকু ৱা আছিল। নিশ্চিতভাৱে সিহঁ তৰ শেষ পৰিণাম বেয়া আছিল। সেইবোৰ উম্মতৰ লোকসকল ইহঁ ততকৈও শক্তি শালী আছিল। পৃথিৱীৰ বুকু ত এনেকু ৱা এনেকু ৱা অট্টালিকা নিৰ্মাণ কৰিছিল যিবোৰ ইহঁ তৰ দ্বাৰা সম্ভ ৱ নহয় । তথাপিও আল্লাহে সিহঁ তক সিহঁ তৰ গুনাহৰ কাৰণে ধ্বংস কৰিছিল। কোনেও সিহঁ তক আল্লাহৰ শাস্তি ىৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।

ذَٰلِكَ بِأَنَّهُمْ كَانَت تَّأْتِيهِمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ فَكَفَرُوا۟ فَأَخَذَهُمُ ٱللَّهُ ۚ إِنَّهُۥ قَوِىٌّۭ شَدِيدُ ٱلْعِقَابِ ﴿٢٢﴾

এই শাস্তি সিহঁ তে এইকাৰণে ভোগ কৰিবলগীয়া হৈছিল, কাৰণ সিহঁ তৰওচৰত ধাৰাহিকভাৱেআল্লাহৰফালৰপৰা ৰাছু ল আৰু স্পষ্ট দলিল-প্ৰমাণ তথা অকাট্য যুক্তি আহিছিল, তথাপিও সিহঁ তে আল্লাহৰ লগত কু ফৰী কৰিছিল আৰু তেওঁৰ ৰাছু লসকলক অস্বীকাৰ কৰিছিল। সিহঁ ত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁ তক ধ্বংস কৰিছিল। এতেকে যিয়ে আল্লাহৰ লগত কু ফৰী কৰিব আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিব, নিশ্চয় আল্লাহে তাক কঠোৰশাস্তি বিহিব। আল্লাহ সৰ্বশক্তি মান,অতি পৱিত্ৰ। ولقد أرسلنا موس بٔايتنا وسلطن مبين

وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَـٰتِنَا وَسُلْطَـٰنٍۢ مُّبِينٍ ﴿٢٣﴾

নিশ্চয় আমি মু ছাআলাইহিচ্ছালামক স্পষ্ট নিদৰ্শন আৰুঅকাট্যপ্ৰ মাণৰসৈতে প্ৰে ৰণ কৰিছিলোঁ। إلى فرعون وهمن وقرون فقالواسحر كذاب

إِلَىٰ فِرْعَوْنَ وَهَـٰمَـٰنَ وَقَـٰرُونَ فَقَالُوا۟ سَـٰحِرٌۭ كَذَّابٌۭ ﴿٢٤﴾

ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান আৰু কাৰূনৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ। সিহঁ তে কৈছিলঃ মুছা হৈছে এজন যাদুকৰ। তথা তেওঁ ৰাছু ল হোৱাৰ যি দাবীকৰিআছে,এই ক্ষেত্ৰত তেওঁ হৈছে এজন মিছলীয়া।

فَلَمَّا جَآءَهُم بِٱلْحَقِّ مِنْ عِندِنَا قَالُوا۟ ٱقْتُلُوٓا۟ أَبْنَآءَ ٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ وَٱسْتَحْيُوا۟ نِسَآءَهُمْ ۚ وَمَا كَيْدُ ٱلْكَـٰفِرِينَ إِلَّا فِى ضَلَـٰلٍۢ ﴿٢٥﴾

فى ضلل যেতিয়া মু ছাই সিহঁ তৰ ওচৰলৈ তেওঁ ৰ সত্যতাৰ প্ৰমাণ লৈ উপস্থি ত হ'ল, তেতিয়া ফিৰআউনে ক’লেঃ যিসকলে তেওঁ ৰ ওপৰত ঈমান আনিছে, সিহঁ তৰ সন্তানসকলক হত্যা কৰা, আৰু সিহঁ তৰ স্ত্ৰীসকলক অপমানিত অৱস্থাত জীৱিত ৰখা। কাফিৰসকলে মু মিনসকলৰ সংখ্যা হ্ৰাস কৰাৰ যি চক্ৰান্ত কৰিছিল, নিশ্চিতভাৱেসেই চক্ৰান্ত ধ্বংস হ’বলগীয়াই আছিল। যাৰকোনোপ্ৰ ভাৱনাই।

وَقَالَ فِرْعَوْنُ ذَرُونِىٓ أَقْتُلْ مُوسَىٰ وَلْيَدْعُ رَبَّهُۥٓ ۖ إِنِّىٓ أَخَافُ أَن يُبَدِّلَ دِينَكُمْ أَوْ أَن يُظْهِرَ فِى ٱلْأَرْضِ ٱلْفَسَادَ ﴿٢٦﴾

ফিৰআউনে ক’লেঃ মোক এৰি দিয়া মই মু ছাক শাস্তি স্বৰূপে মৃ ত্যুদণ্ড প্ৰদান কৰিম। সিও নিজ প্ৰতিপালকক আহ্বান কৰক, যাতে মোক প্ৰতিৰোধ কৰিব পাৰে। তেওঁ ৰ প্ৰতিপালকক আহ্বান কৰাৰ ক্ষেত্ৰত তেওঁ ৰ বাবে মোৰ ফালৰ পৰা সম্পূৰ্ণ অনু মতি আছে, মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। মই কেৱল এইটো আশংকা কৰি আছোঁ যে, সি তোমালোকৰ ধৰ্মক পৰিবৰ্ত ন কৰি পেলাব নাইবা হত্যা আৰু ধ্বংসজজ্ঞৰ জৰিয় তে উপদ্ৰ ৱ সৃষ্টি কৰিব।

وَقَالَ مُوسَىٰٓ إِنِّى عُذْتُ بِرَبِّى وَرَبِّكُم مِّن كُلِّ مُتَكَبِّرٍۢ لَّا يُؤْمِنُ بِيَوْمِ ٱلْحِسَابِ ﴿٢٧﴾

মুছা আলাইহিচ্ছালামে ফিৰআউনৰসকীয় নি গম পাই ক’লেঃনিশ্চয় মই মোৰতথা তোমালোকৰপ্ৰ তিপালকৰআশ্ৰ য় গ্ৰহণ কৰিছোঁ, প্ৰত্যেক সেই ব্যক্তি ৰ পৰা, যিয়ে সত্যৰ পৰা আৰু ইয়াৰ প্ৰতি ঈমান পোষণৰ পৰা অহংকাৰ কৰে। লগতে যিয়ে কিয়ামত দিৱস, আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তি ৰ প্ৰতিওঈমান পোষণ নকৰে। بلغ আল-কোৰআন · তাফছীৰ

وَقَالَ رَجُلٌۭ مُّؤْمِنٌۭ مِّنْ ءَالِ فِرْعَوْنَ يَكْتُمُ إِيمَـٰنَهُۥٓ أَتَقْتُلُونَ رَجُلًا أَن يَقُولَ رَبِّىَ ٱللَّهُ وَقَدْ جَآءَكُم بِٱلْبَيِّنَـٰتِ مِن رَّبِّكُمْ ۖ وَإِن يَكُ كَـٰذِبًۭا فَعَلَيْهِ كَذِبُهُۥ ۖ وَإِن يَكُ صَادِقًۭا يُصِبْكُم بَعْضُ ٱلَّذِى يَعِدُكُمْ ۖ إِنَّ ٱللَّهَ لَا يَهْدِى مَنْ هُوَ مُسْرِفٌۭ كَذَّابٌۭ ﴿٢٨﴾

مسرف كذ اب ফিৰআউন বংশৰ এজন মু মিন ব্যক্তি য়ে , যিয়ে নিজৰ ঈমান গোপন কৰি ৰাখিছিল, মু ছা আলাইহিচ্ছালামৰ হত্যা সম্পৰ্কীয় সিদ্ধান্ত ক গৰিহণা দি ক'লেঃ তোমালোকে এজন নিৰ্দোষী ব্যক্তিক এইকাৰণে শাস্তি দিব বিচৰা নেকি, যাৰ দোষ কেৱল এইটো যে সি কয়ঃ মোৰ প্ৰতিপালক হৈছে একমাত্ৰ আল্লাহ তাআলা। অথচ তেওঁ এনেকু ৱা স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছে, যিবোৰেতেওঁৰদাবীৰসত্যতা প্ৰমাণ কৰেযে তেওঁ হৈছে আল্লাহৰফালৰপৰা প্ৰে ৰিত ৰাছুল। যদি এই কথা মানিও লোৱা যায় যে, তেওঁ নিজৰ দাবীত মিছলীয়া, তথাপিও সেই শাস্তি তেওঁ নিজেই ভোগ কৰিব। আনহাতে যদি তেওঁ সত্যবাদীহয় ,তেন্তে তেওঁ তোমালোকক যি শাস্তি ৰপৰাসতৰ্ক কৰিআছে,অচিৰেই সেই শাস্তি য়ে তোমালোকৰকিছু মানক স্পৰ্শ কৰিব। জানি থোৱা! যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা উলঙ্ঘা কৰে তথা তেওঁ ৰ ওপৰত আৰু ৰাছু লৰ ওপৰত মিছা অপবাদ জাপি দিয়ে , নিশ্চিতভাৱে আল্লাহে তেনেকু ৱা ব্যক্তি ক সত্যৰতাওফীক প্ৰদান নকৰে।

يَـٰقَوْمِ لَكُمُ ٱلْمُلْكُ ٱلْيَوْمَ ظَـٰهِرِينَ فِى ٱلْأَرْضِ فَمَن يَنصُرُنَا مِنۢ بَأْسِ ٱللَّهِ إِن جَآءَنَا ۚ قَالَ فِرْعَوْنُ مَآ أُرِيكُمْ إِلَّا مَآ أَرَىٰ وَمَآ أَهْدِيكُمْ إِلَّا سَبِيلَ ٱلرَّشَادِ ﴿٢٩﴾

ى হে মোৰ জাতিৰ লোকসকল! আজি মিচৰৰ শাসনভাৰ তোমালোকৰ হাতত আছে, তথা তোমালোক হৈছা ইয়াত প্ৰভাৱশালী। কিন্তু মু ছাক হত্যা কৰাৰ ফলত যদি আমাৰ ওপৰত আল্লাহৰ শাস্তি আহি পৰে তেন্তে কোনে আমাক ৰক্ষা কৰিব? ফিৰআউনে ক’লেঃ মোৰ পৰামৰ্শই হৈছে সঠি ক পৰামৰ্শ, তথা মোৰ সিদ্ধান্ত ই হৈছে চূড়ান্ত সিদ্ধান্ত । গতিকে ফিতনা ফাছাদ আৰু উপদ্ৰ ৱ প্ৰতিৰোধ কৰিবলৈ মোৰ সিদ্ধান্ত হৈছে মুছাক হত্যা কৰা হওক। মই তোমালোকক সঠি ক তথা শুদ্ধ পথহে দেখুৱাই আছোঁ।

وَقَالَ ٱلَّذِىٓ ءَامَنَ يَـٰقَوْمِ إِنِّىٓ أَخَافُ عَلَيْكُم مِّثْلَ يَوْمِ ٱلْأَحْزَابِ ﴿٣٠﴾

ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিক উপদেশ দি ক’লেঃ শুনা! তোমালোকে যদি শত্ৰুতা পোষণ কৰি অন্যায় ভাৱে মুছাক হত্যা কৰা তেন্তে মই আশংকা কৰি আছোঁ, হয়তো তোমালোকৰ ওপৰতো তেনেকুৱা শাস্তি আহিব পাৰে যিদৰে পূৰ্বৱৰ্তী লোকসকলৰ ওপৰত আহিছিল, যিসকলে ৰাছু লসকলৰবিৰুদ্ধে দল গঠন কৰিছিল,ফলত আল্লাহে সিহঁ তক ধ্বংস কৰিছিল।

مِثْلَ دَأْبِ قَوْمِ نُوحٍۢ وَعَادٍۢ وَثَمُودَ وَٱلَّذِينَ مِنۢ بَعْدِهِمْ ۚ وَمَا ٱللَّهُ يُرِيدُ ظُلْمًۭا لِّلْعِبَادِ ﴿٣١﴾

সেইসকল লোকৰ দৰে যিসকলে কু ফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ সম্প্ৰ দায় , আদ আৰু ছামূদ সম্প্ৰ দায় , আৰু যিসকলে সিহঁ তৰ পিছত আহিছিল। আল্লাহে সিহঁ তক ধ্বংস কৰিছিল কাৰণ সিহঁ তে কু ফৰী কৰিছিল আৰু তেওঁৰ ৰাছু লসকলক অস্বীকাৰ কৰিছিল। আল্লাহে বান্দাসকলৰলগত অন্যায় কৰিবনিবিচাৰে। তেওঁ সিহঁ তক কেৱল সিহঁ তৰগুনাহৰকাৰণেহে উপযুক্ত শাস্তি বিহে।

وَيَـٰقَوْمِ إِنِّىٓ أَخَافُ عَلَيْكُمْ يَوْمَ ٱلتَّنَادِ ﴿٣٢﴾

হে মোৰজাতিৰলোকসকল! মই তোমালোকৰবিষয়ে কিয়ামত দিৱস সম্পৰ্কে ভয় কৰোঁ, যিদিনা মানুহে ইজনে সিজনক আত্মীয় তা আৰুপদমৰ্যাদাৰ আধাৰত আহ্বান কৰিব,এই আশাত যে হয় তোএই ভয়াৱহ পৰিস্থি তিত তেওঁ কিছু হ’লেও উপকাৰকৰিব।

يَوْمَ تُوَلُّونَ مُدْبِرِينَ مَا لَكُم مِّنَ ٱللَّهِ مِنْ عَاصِمٍۢ ۗ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍۢ ﴿٣٣﴾

যিদিনা তোমালোকে জাহান্নামক দেখি পিছ হোঁহকা দি পলায় ন কৰিব বিচাৰিবা, তেতিয়া কোনেও তোমালোকক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহে যাক নিলগীয়া কৰিব তথা তেওঁ যাক ঈমান পোষণ কৰাৰ তাওফীক নিদিব, তাক কোনেও হিদায় ত দিব নোৱাৰে। কিয় নো হিদায় তৰ বাবে তাওফীক প্ৰদানৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত। بلغ আল-কোৰআন · তাফছীৰ

وَلَقَدْ جَآءَكُمْ يُوسُفُ مِن قَبْلُ بِٱلْبَيِّنَـٰتِ فَمَا زِلْتُمْ فِى شَكٍّۢ مِّمَّا جَآءَكُم بِهِۦ ۖ حَتَّىٰٓ إِذَا هَلَكَ قُلْتُمْ لَن يَبْعَثَ ٱللَّهُ مِنۢ بَعْدِهِۦ رَسُولًۭا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَنْ هُوَ مُسْرِفٌۭ مُّرْتَابٌ ﴿٣٤﴾

মু ছা আলাইহিচ্ছালামৰ পূৰ্বে নিশ্চয় ইউছু ফ আলাইহিচ্ছালামে তোমালোকৰ ওচৰলৈ আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। কিন্তু তেওঁ লৈ অহা বাৰ্তাক তোমালোকে সন্দে হ কৰিছিলা আৰু তেওঁক নবী হিচাপে অস্বীকাৰ কৰিছিলা। আনকি তেওঁৰ মৃত্যুৰ পিছত তোমালোকৰ সন্দে হ তথা সংশয় আৰু অধিক বৃদ্ধি পাইছিল। তোমালোকে এইটোও কৈছিলা যে, তেওঁৰ পিছত আল্লাহে কোনো ৰাছু লেই প্ৰে ৰণ নকৰিব। যিদৰে এইক্ষেত্ৰত তোমালোকে সত্যৰ পৰা বিভ্ৰান্ত হৈছা, ঠি ক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিক পথভ্ৰ ষ্টত ৰাখে, যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰে আৰু তেওঁ ৰতাওহীদত সন্দে হ পোষণ কৰে।

ٱلَّذِينَ يُجَـٰدِلُونَ فِىٓ ءَايَـٰتِ ٱللَّهِ بِغَيْرِ سُلْطَـٰنٍ أَتَىٰهُمْ ۖ كَبُرَ مَقْتًا عِندَ ٱللَّهِ وَعِندَ ٱلَّذِينَ ءَامَنُوا۟ ۚ كَذَٰلِكَ يَطْبَعُ ٱللَّهُ عَلَىٰ كُلِّ قَلْبِ مُتَكَبِّرٍۢ جَبَّارٍۢ ﴿٣٥﴾

كل قلب متكبرجبار যিসকলে কোনো দলিল-প্ৰমাণ নোহোৱাকৈ আল্লাহৰ আয়াতসমূ হকলৈ বিবাদ কৰে, তথা সেইবোৰক অসত্য বুলি প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে। সিহঁ তৰ এই বিতৰ্ক আল্লাহ আৰুমু মিনসকলৰদৃষ্টি ত অতি ঘৃণনীয় । এই আয়াতসমূ হক মিছাপ্ৰ মাণিত কৰিবলৈ বিতৰ্ক কৰাব্যক্তি সকলৰঅন্ত ৰত আল্লাহে যিদৰে মোহৰ মাৰি দিছে, ঠি ক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ অন্ত ৰতো মোহৰ মাৰি দিয়ে , যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, তথা অন্যায় কৰে। এতেকে সি কেতিয়াও সত্যৰ হিদায় ত নাপাব, আনকি কল্যাণৰ সন্ধানো নাপাব।

وَقَالَ فِرْعَوْنُ يَـٰهَـٰمَـٰنُ ٱبْنِ لِى صَرْحًۭا لَّعَلِّىٓ أَبْلُغُ ٱلْأَسْبَـٰبَ ﴿٣٦﴾

ফিৰআউনে তাৰ মন্ত্ৰী হামানক ক’লেঃ হে হামান! মোৰ বাবে এটা সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে মই কোনো পথ বিচাৰি পাওঁ ।

أَسْبَـٰبَ ٱلسَّمَـٰوَٰتِ فَأَطَّلِعَ إِلَىٰٓ إِلَـٰهِ مُوسَىٰ وَإِنِّى لَأَظُنُّهُۥ كَـٰذِبًۭا ۚ وَكَذَٰلِكَ زُيِّنَ لِفِرْعَوْنَ سُوٓءُ عَمَلِهِۦ وَصُدَّ عَنِ ٱلسَّبِيلِ ۚ وَمَا كَيْدُ فِرْعَوْنَ إِلَّا فِى تَبَابٍۢ ﴿٣٧﴾

যাতে মই মহাকাশত যাব পৰা কোনো পথ বিচাৰি পাওঁ, আৰু মুছাৰ উপাস্যজনক দেখিব পাৰোঁ, যাৰ বিষয়ে মুছাই ধাৰণা কৰে যে তেওঁ হৈছে সত্য উপাস্য। নিশ্চয় মই মুছাক তেওঁৰ এই দাবীত মিছলীয়া বুলি ভাবোঁ। এইদৰে ফিৰআউনৰ বাবে তাৰ বেয়া কৰ্মবোৰক শোভনীয় কৰি দিয়া হৈছিল, সেইকাৰণেই সি হামানক উক্ত আদেশ প্ৰদান কৰিছিল। তাক সত্য পথৰপৰা আঁতৰাই অসত্য পথত পৰিচালিত কৰা হৈছিল। বাতিলক বিকশিত কৰা আৰু মুছাই লৈ অহা সত্যক পৰাস্ত কৰিবলৈ কৰা ফিৰআউনৰ এই চক্ৰান্ত বিনষ্ট হোৱাটোৱে নিশ্চিত আছিল। অৱশেষত তাৰ এই প্ৰয়াস বিফল হৈছিল আৰু সি এনেকু ৱা দুৰ্ভাগ্যগ্ৰ তস্ হৈছিল যিটো কেতিয়াও সমাপ্ত নহ’ব।

وَقَالَ ٱلَّذِىٓ ءَامَنَ يَـٰقَوْمِ ٱتَّبِعُونِ أَهْدِكُمْ سَبِيلَ ٱلرَّشَادِ ﴿٣٨﴾

ফিৰআউন বংশৰ সেই ঈমান পোষণ কৰা ব্যক্তি জনে তেওঁ ৰ জাতিৰ লোকসকলক উপদেশ প্ৰদান কৰি তথা সত্যৰ পথ দেখুৱাই ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মোৰ কথা মানি লোৱা, মই তোমালোকক সঠি ক পথ দেখুৱাই আছোঁ। এইটোৱে সত্যৰ হিদায় ত।

يَـٰقَوْمِ إِنَّمَا هَـٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَا مَتَـٰعٌۭ وَإِنَّ ٱلْـَٔاخِرَةَ هِىَ دَارُ ٱلْقَرَارِ ﴿٣٩﴾

হে মোৰ জাতিৰ লোকসকল! পাৰ্থিৱ জীৱনৰ এই সুখ-সুবিধাবোৰ হৈছে কেৱল অস্থায়ী ভোগ সামগ্ৰী। গতিকে তোমালোকে এইবোৰৰ মোহত পৰি প্ৰবঞ্চিত নহ’বা। পক্ষান্ত ৰে আখিৰাতৰ ঘৰ হৈছে চিৰস্থায়ী তথা কেতিয়াও সমাপ্ত নোহোৱা নিয়ামতেৰে ভৰা বাসস্থান। এতেকে আল্লাহৰ আনু গত্য কৰি আখিৰাতৰ বাবে আমল কৰি যোৱা। আৰু পাৰ্থিৱ জীৱনৰ কৰ্মত ব্যস্ত হৈ আখিৰাতৰ প্ৰস্তু তিৰ পৰা অমনোযোগী নহ’বা। بلغ আল-কোৰআন · তাফছীৰ

مَنْ عَمِلَ سَيِّئَةًۭ فَلَا يُجْزَىٰٓ إِلَّا مِثْلَهَا ۖ وَمَنْ عَمِلَ صَـٰلِحًۭا مِّن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌۭ فَأُو۟لَـٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ يُرْزَقُونَ فِيهَا بِغَيْرِ حِسَابٍۢ ﴿٤٠﴾

يرزقون فيها بغيرحساب যিয়ে বেয়া আমল কৰিছে, তাক সেই অনু পাতেই শাস্তি দিয়া হ'ব। তাৰ কৰ্মতকৈ অধিক শাস্তি কেতিয়াও দিয়া নহ’ব। আনহাতে যিয়ে আল্লাহৰ সন্তু ষ্টি অৰ্জ নৰ বাবে সৎকৰ্ম কৰিব, পুৰষেই হওক অথবা নাৰী, কিন্তু আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী হ’ব লাগিব, এই উত্তম আদৰ্শৱান লোকসকলেই কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰিব। তাত আল্লাহে তেওঁলোকক জান্নাতৰ অগণিত ফলমূল আৰু অসীম নিয়ামত উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।

۞ وَيَـٰقَوْمِ مَا لِىٓ أَدْعُوكُمْ إِلَى ٱلنَّجَوٰةِ وَتَدْعُونَنِىٓ إِلَى ٱلنَّارِ ﴿٤١﴾

হে মোৰ জাতিৰ লোকসকল! এইটো কেনেকু ৱা কথা, মই তোমালোকক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ, সৎকৰ্ম কৰিবলৈ, লগতে পৃথিৱী আৰু আখিৰাতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মু ক্তি ৰ পিনে আহ্বান কৰি আছোঁ, কিন্তু তোমালোকে মোক আল্লাহৰ সৈতে কু ফৰী কৰিবলৈ আৰু তেওঁ ৰ অবাধ্যতা কৰিবলৈ তথা জাহান্নামত প্ৰৱেশ কৰিবলৈ আহ্বান কৰিআছা?

تَدْعُونَنِى لِأَكْفُرَ بِٱللَّهِ وَأُشْرِكَ بِهِۦ مَا لَيْسَ لِى بِهِۦ عِلْمٌۭ وَأَنَا۠ أَدْعُوكُمْ إِلَى ٱلْعَزِيزِ ٱلْغَفَّـٰرِ ﴿٤٢﴾

তোমালোকে মোক বাতিলৰ পিনে আহ্বান কৰি আছা, যাতে মই আল্লাহৰ লগত কু ফৰী কৰোঁ; লগতে যাতে তেওঁৰ সৈতে এনেকু ৱা উপাস্যৰ উপাসনা কৰোঁ, যিবোৰৰ উপাসনা সঠি ক হোৱাৰ সপক্ষে মোৰ ওচৰত কোনো জ্ঞান নাই। পক্ষান্ত ৰে মই তোমালোকক মহাপৰাক্ৰ মশালী আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰি আছোঁ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ক্ষমাশীল, বান্দাসকলক ক্ষমা কৰি ভালপায় ।

لَا جَرَمَ أَنَّمَا تَدْعُونَنِىٓ إِلَيْهِ لَيْسَ لَهُۥ دَعْوَةٌۭ فِى ٱلدُّنْيَا وَلَا فِى ٱلْـَٔاخِرَةِ وَأَنَّ مَرَدَّنَآ إِلَى ٱللَّهِ وَأَنَّ ٱلْمُسْرِفِينَ هُمْ أَصْحَـٰبُ ٱلنَّارِ ﴿٤٣﴾

এই কথা সত্য যে, তোমালোকে মোক যাৰ প্ৰতি বিশ্বাস কৰিবলৈ তথা যাৰ আনু গত্য কৰিবলৈ মাতি আছা, প্ৰকৃ ততে সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয় । আনকি আহ্বানকাৰীৰ উত্তৰ দিয়াৰো তাৰ সামৰ্থ নাই। নিশ্চয় আমি সকলোৱে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্ত ন কৰিব লাগিব। কু ফৰীআৰুগুনাহৰদ্বাৰাসীমালংঘন কৰালোকসকলেই হৈছে জাহান্নামী,কিয়ামতৰদিনাসিহঁ তে তাত প্ৰৱেশ কৰিব।

فَسَتَذْكُرُونَ مَآ أَقُولُ لَكُمْ ۚ وَأُفَوِّضُ أَمْرِىٓ إِلَى ٱللَّهِ ۚ إِنَّ ٱللَّهَ بَصِيرٌۢ بِٱلْعِبَادِ ﴿٤٤﴾

কিন্তু সিহঁ তে তেওঁৰ উপদেশক নাকচ কৰিলে। তেতিয়া তেওঁ ক’লেঃ তোমালোকে অচিৰেই মোৰ এই উপদেশক স্মৰণ কৰিবা আৰু সেইটো গ্ৰহণ নকৰাৰ বাবে পৰিতাপ কৰিবা। মই মোৰ সকলো বিষয় একমাত্ৰ আল্লাহৰ ওপৰতেই সমৰ্পন কৰিছোঁ। নিশ্চয় বান্দাসকলৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয় ।

فَوَقَىٰهُ ٱللَّهُ سَيِّـَٔاتِ مَا مَكَرُوا۟ ۖ وَحَاقَ بِـَٔالِ فِرْعَوْنَ سُوٓءُ ٱلْعَذَابِ ﴿٤٥﴾

এতেকে যেতিয়া সিহঁ তে তেওঁক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, তেতিয়া আল্লাহে তেওঁক সিহঁ তৰ ষড় যন্ত্ৰ ৰ পৰা ৰক্ষা কৰিলে। ইপিনে ফিৰআউন বংশক শাস্তি য়ে পৰিবেষ্ট ন কৰিলে। ফলত আল্লাহে ফিৰআউনক আৰুতাৰসৈন্যবাহিনীকي পৃথিৱীতেইو ডু বাই মাৰিলে।

ٱلنَّارُ يُعْرَضُونَ عَلَيْهَا غُدُوًّۭا وَعَشِيًّۭا ۖ وَيَوْمَ تَقُومُ ٱلسَّاعَةُ أَدْخِلُوٓا۟ ءَالَ فِرْعَوْنَ أَشَدَّ ٱلْعَذَابِ ﴿٤٦﴾

মৃত্যুৰ পিছত কবৰত পুৱা-গধূলি সিহঁ তক অগ্নিৰ সন্মুখত উপস্থি ত কৰা হয় । কিয়ামতৰ দিনা কোৱা হ’বঃ ফিৰআউনৰ অনুসাৰীসকলক কঠি ন তথা মহাশাস্তি ৰ ভিতৰত নিক্ষেপ কৰা। কিয় নো সিহঁ তে কু ফৰী কৰিছিল, অস্বীকাৰ কৰিছিল আৰু আল্লাহৰ পথত মানু হক বাধা দিছিল। بلغ আল-কোৰআন · তাফছীৰ

وَإِذْ يَتَحَآجُّونَ فِى ٱلنَّارِ فَيَقُولُ ٱلضُّعَفَـٰٓؤُا۟ لِلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُنَّا لَكُمْ تَبَعًۭا فَهَلْ أَنتُم مُّغْنُونَ عَنَّا نَصِيبًۭا مِّنَ ٱلنَّارِ ﴿٤٧﴾

হে ৰাছু ল! আপুনি সেই সময় ছোৱাক স্মৰণ কৰক, যেতিয়া জাহান্নামত অনুসাৰীসকল আৰু যিসকলক অনুসৰণ কৰা হৈছিল সিহঁ তে পৰস্পৰে বিবাদ কৰিব। এতেকে দুৰ্বল অনুসাৰীসকলে অহংকাৰী নেতাসকলক উদ্দেশ্যি ক’বঃ পৃথিৱীত আমি তোমালোকৰ অনুসৰণ কৰি বিভ্ৰান্ত হৈছিলোঁ, এতিয়া তোমালোকে আমাৰ পৰা আল্লাহৰ এই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিবل পাৰিবা নেকি?

قَالَ ٱلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُلٌّۭ فِيهَآ إِنَّ ٱللَّهَ قَدْ حَكَمَ بَيْنَ ٱلْعِبَادِ ﴿٤٨﴾

তেতিয়া অহংকাৰী নেতাসকলে ক'বঃ শুনা! নেতা আৰু অনুসাৰী আমি সকলোৱে এতিয়া জাহান্নামত আছোঁ। আমাৰ মাজৰ কোনেও এতিয়া কাৰো শাস্তি ভগাই ল'বনোৱাৰে। যিহেতু আল্লাহে বান্দাসকলৰমাজত চূ ড়ান্ত ফয় চালাকৰিদিছে,লগতে প্ৰত্যেককে উচিত শাস্তি বিহিছে।

وَقَالَ ٱلَّذِينَ فِى ٱلنَّارِ لِخَزَنَةِ جَهَنَّمَ ٱدْعُوا۟ رَبَّكُمْ يُخَفِّفْ عَنَّا يَوْمًۭا مِّنَ ٱلْعَذَابِ ﴿٤٩﴾

জাহান্নামৰ শাস্তি প্ৰাপ্ত নেতা আৰু অনুসাৰী, সকলোৱে যেতিয়া জাহান্নামৰ পৰা ওলোৱাৰ বিষয় সম্পৰ্কে নিৰাশ হৈ পৰিব, তথা সিহঁ তৰ পৃথিৱীলৈ ঘূৰি অহাৰ আশাত যেতিয়া চেঁচা পানী পৰিব, তেতিয়া সিহঁতে জাহান্নামৰ চোৱাচিতাৰ দায়ি ত্বত থকা ফিৰিস্তাক সম্বোধন কৰি ক’বঃ আপোনালোকে আপোনালোকৰ প্ৰতিপালকক আমাৰ বাবে অলপ দুআ কৰি কওক, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ’লেও এই চিৰস্থায়ী শাস্তি ক অকণমান লাঘৱ কৰি দিয়ে ।

قَالُوٓا۟ أَوَلَمْ تَكُ تَأْتِيكُمْ رُسُلُكُم بِٱلْبَيِّنَـٰتِ ۖ قَالُوا۟ بَلَىٰ ۚ قَالُوا۟ فَٱدْعُوا۟ ۗ وَمَا دُعَـٰٓؤُا۟ ٱلْكَـٰفِرِينَ إِلَّا فِى ضَلَـٰلٍ ﴿٥٠﴾

জাহান্নামৰ প্ৰহৰীয়ে কাফিৰসকলক উত্তৰ দি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ অহা নাছিলনে”? কাফিৰসকলে ক’বঃ “হয় , নিশ্চয় তেওঁ লোকে আমাৰ ওচৰলৈ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল”। তেতিয়া প্ৰহৰীয়ে সিহঁ তক ভৰ্ৎ সনা কৰি ক’বঃ “তেন্তে তোমালোকে নিজেই প্ৰাৰ্থনা কৰা, আমি কাফিৰসকলৰ বাবে মধ্যস্ত তা নকৰোঁ”। কাফিৰসকলৰ প্ৰাৰ্থনা ব্যৰ্থ হোৱাটোৱেই নিশ্চিত। গ্ৰহণযোগ্য নোহোৱাৰকাৰণ হৈছে সিহঁ তে কু ফৰীকৰিছিল।

إِنَّا لَنَنصُرُ رُسُلَنَا وَٱلَّذِينَ ءَامَنُوا۟ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَيَوْمَ يَقُومُ ٱلْأَشْهَـٰدُ ﴿٥١﴾

নিশ্চয় আমি আমাৰ ৰাছু লসকলক সহায় কৰোঁ, লগতে যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছু লসকলৰ প্ৰতি ঈমান আনিছে তেওঁলোককো সহায় কৰোঁ, পৃথিৱীত তেওঁলোকৰ পক্ষক শক্তিশালী কৰি আৰু শত্ৰুৰ বিৰুদ্ধে তেওঁলোকক সমৰ্থন কৰাৰ মাধ্যমত তেওঁলোকক সহায় কৰোঁ। লগতে কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাত সহায় কৰিম আৰু পৃথিৱীত তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক জাহান্নামত প্ৰৱেশ কৰাম। এইবোৰ সেইসময় ত সংঘটি ত হ’ব যেতিয়া নবীসকলে আৰু ফিৰিস্তাসকলে লগতে মুমিনসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, সিহঁ তৰ ওচৰত ইছলামৰবাৰ্তা আহি পৰিছিল কিন্তু সিহঁ তে অস্বীকাৰকৰিছিল।

يَوْمَ لَا يَنفَعُ ٱلظَّـٰلِمِينَ مَعْذِرَتُهُمْ ۖ وَلَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ ﴿٥٢﴾

কু ফৰ আৰু গুনাহৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে সেইদিনা নিজৰ পাপকৰ্মৰ অজুহাত দাঙি ধৰিলেও কোনো উপকাৰ নহ’ব। সেইদিনাসিহঁ তক আল্লাহৰৰহমতৰপৰাআঁতৰাই দিয়াহ’ব। আখিৰাতত সিহঁ তৰবাবেই আছে নিকৃ ষ্টবাসস্থান,য’ত সিহঁ তক কষ্ট দায় ক শাস্তি দিয়াহ’ব।

وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْهُدَىٰ وَأَوْرَثْنَا بَنِىٓ إِسْرَٰٓءِيلَ ٱلْكِتَـٰبَ ﴿٥٣﴾

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক এনেকু ৱা জ্ঞান প্ৰদান কৰিছিলোঁ, যাৰ দ্বাৰা বনী ইছৰাঈলে সত্যৰ হিদায় ত পাইছিল। তথা তাওৰাতক আমি এনেকু ৱাএখন গ্ৰন্থত পৰিণত কৰিছিলোঁ,যিখনৰউত্তৰাধিকাৰীবনীইছৰাঈলৰপ্ৰ জন্মৰপিছত প্ৰজন্মই লাভ কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ

هُدًۭى وَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَـٰبِ ﴿٥٤﴾

যিখনে সত্যৰ পথ দেখুৱাইছিল আৰু সুস্থ বিবেকৱান লোকসকলৰ বাবে আছিল সেইখন উপদেশ।ق

فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَٱسْتَغْفِرْ لِذَنۢبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِٱلْعَشِىِّ وَٱلْإِبْكَـٰرِ ﴿٥٥﴾

হে ৰাছু ল! আপোনাৰজাতিয়ে আপোনাক অস্বীকাৰকৰা কাৰ্যত আৰুসিহঁ তৰনিৰ্যাতনত আপুনি ধৈৰ্য্যধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় - সহযোগিতা আৰু সমৰ্থন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াৰ মাজত কোনো সন্দে হ নাই। গতিকে আপুনি আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে পুৱা-গধূলি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তাছবীহ পাঠ কৰক।

إِنَّ ٱلَّذِينَ يُجَـٰدِلُونَ فِىٓ ءَايَـٰتِ ٱللَّهِ بِغَيْرِ سُلْطَـٰنٍ أَتَىٰهُمْ ۙ إِن فِى صُدُورِهِمْ إِلَّا كِبْرٌۭ مَّا هُم بِبَـٰلِغِيهِ ۚ فَٱسْتَعِذْ بِٱللَّهِ ۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ ﴿٥٦﴾

নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ বিতৰ্ক কৰে, সিহঁ তৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা কোনো প্ৰমাণ নাই। সিহঁ তৰ উদ্দেশ্য কেৱল সত্যক দমন কৰা আৰু নিজকে সুউচ্চ প্ৰমাণিত কৰাৰ বাহিৰে আন একো নহয় । সিহঁ তে নিজৰ এই উদ্দেশ্যত কেতিয়াও সফল হ’ব নোৱাৰিব। হে ৰাছুল! আপুনি দৃঢ়ভাৱে তথা একনিষ্ঠ ভাৱে আল্লাহৰ হৈ থাকক। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী,আৰুতেওঁ সিহঁ তৰকৰ্ম সম্পৰ্কে সৰ্বদ্ৰ ষ্টা। একোৱেই তেওঁ ৰপৰাবাদ নপৰে। তেওঁ অচিৰেই সিহঁ তকইয়াৰপ্ৰ তিদান দিব।

لَخَلْقُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ أَكْبَرُ مِنْ خَلْقِ ٱلنَّاسِ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ ﴿٥٧﴾

নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱী, বিশাল আৰু প্ৰশস্ত তাৰ ক্ষেত্ৰত মানৱ সৃষ্টি তকৈও ডাঙৰ বিষয় । এতেকে যি সত্ত্বাই এই বিশাল আকাশমণ্ডল আৰু ভূমণ্ডলক সৃষ্টি কৰিছে, সেই সত্ত্বাই নিশ্চয় মৃতসকলক পুনৰুত্থিত কৰি কবৰৰ পৰা উঠাই হিচাপ-নিকাচ আৰু প্ৰতিদান দিবলৈ সক্ষম। কিন্তু অধিকাংশ লোকেই এই বিষয় টো নাজানে। সেইকাৰণেই সিহঁ তে ইয়াৰদ্বাৰা শিক্ষা গ্ৰহণ নকৰে, তথা ইয়াক পুনৰুত্থানৰদলিল হিচাপে গ্ৰহণ নকৰে, যদিও বিষয় টো একেবাৰে স্পষ্ট ।

وَمَا يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَلَا ٱلْمُسِىٓءُ ۚ قَلِيلًۭا مَّا تَتَذَكَّرُونَ ﴿٥٨﴾

দৃষ্টি শক্তি থকা আৰু দৃষ্টি শক্তি নথকা ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। ঠি ক সেইদৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছু লসকলৰ প্ৰতি বিশ্বাস কৰিছে লগতে সৎকৰ্ম কৰিছে, তেওঁ লোকে কেতিয়াও সেইসকল লোকৰ দৰে নহয় , যিসকলে বাতিল আক্বীদাহ আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ বেয়াআমল কৰিআছে। (পৰিলক্ষিত হৈছে যে) তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। কিয় নোসঁচাই যদি তোমালোকে উপদেশ গ্ৰহণ কৰিলাহেঁ তেন তেন্তে নিশ্চয় দুয়োদলৰপাৰ্থক্যবুজি পালাহেঁ তেন তথাসেইসকল লোকৰঅন্ত ৰ্ভু ক্তহ’লাহেঁ তেন যিসকলে আল্লাহৰসন্তু ষ্টি অৰ্জ ন কৰিবলৈ ঈমান পোষণ কৰিছে আৰুসৎকৰ্ম কৰিছে।

إِنَّ ٱلسَّاعَةَ لَـَٔاتِيَةٌۭ لَّا رَيْبَ فِيهَا وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يُؤْمِنُونَ ﴿٥٩﴾

নিশ্চয় কিয়ামত দিৱস অৱশ্যম্ভাৱী, যিদিনা মৃতসকলক জীৱিত কৰিহিচাপ-নিকাচ লোৱা হ'বআৰুপ্ৰ তিদান দিয়া। ইয়াৰমাজত কোনো সন্দে হ নাই। কিন্তু অধিকাংশ লোকেই এই দিৱস আহিববুলি বিশ্বাস নকৰে। সেইকাৰণেই সিহঁ তে ইয়াৰবাবেপ্ৰ স্তু তি নলয় ।

وَقَالَ رَبُّكُمُ ٱدْعُونِىٓ أَسْتَجِبْ لَكُمْ ۚ إِنَّ ٱلَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِى سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ ﴿٦٠﴾

হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে কৈছে যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু কেৱল মোৰ ওচৰতেই প্ৰাৰ্থনা কৰা। মই তোমালোকৰ প্ৰাৰ্থনা কবূল কৰিম, তোমালোকক ক্ষমা কৰিম তথা তোমালোকৰ প্ৰতি দয়া কৰিম। নিশ্চয় যিসকলে এককভাৱে মোৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰকৰে,শীঘ্ৰে ই সিহঁ তে কিয়ামতৰদিনালাঞ্ছিত অপমানিত হৈ জাহান্নামত প্ৰৱেশ কৰিব। بلغ আল-কোৰআন · তাফছীৰ

ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِتَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَشْكُرُونَ ﴿٦١﴾

يشكرون আল্লাহেই ৰাতিক তোমালোকৰ বাবে অন্ধকাৰাচ্ছন্ন কৰি দিছে, যাতে তোমালোকে বিশ্ৰাম ল’ব পাৰা। পক্ষান্ত ৰে দিনক আলোকিত কৰি দিছে, যাতে সেই সময় ছোৱাত কাম কৰিব পাৰা। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি মহা অনুগ্ৰ হশীল, তেৱেঁই মানুহক প্ৰকাশ্য অপ্ৰ কাশ্য সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে। কিন্তু অধিকাংশ লোকেই তেওঁ ৰনিয়ামতৰকৃ তজ্ঞতাজ্ঞাপন নকৰে।

ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ خَـٰلِقُ كُلِّ شَىْءٍۢ لَّآ إِلَـٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ ﴿٦٢﴾

তেৱেঁই আল্লাহ, যিজনে তোমালোকক বিভিন্ন প্ৰকাৰৰনিয়ামত প্ৰদান কৰিছে, তেৱেঁই সকলো বস্তু ৰস্ৰ ষ্টা। তেওঁ ৰবাহিৰেকোনো সৃষ্টি কৰ্তা নাই। তেওঁ ৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। তেন্তে তেওঁ ক এৰি তোমালোকে কিহৰ ভিত্তিত আনৰ উপাসনা কৰা, যিবোৰে উপকাৰ বা অপকাৰ একোৱেই কৰিব নোৱাৰে।

كَذَٰلِكَ يُؤْفَكُ ٱلَّذِينَ كَانُوا۟ بِـَٔايَـٰتِ ٱللَّهِ يَجْحَدُونَ ﴿٦٣﴾

যিদৰে এইসকল লোকক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা আৰু এককভাৱে তেওঁ ৰ ইবাদত কৰাৰ পৰা আঁতৰাই দিয়া হৈছে, ঠি ক সেইদৰে সেইসকল লোককো প্ৰত্যেক যুগতে তথা প্ৰত্যেক স্থানতে আঁতৰাই ৰখা হ’ব, যিসকলে আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূ হক অস্বীকাৰ কৰিব। ফলত সিহঁ তে কেতিয়াও সত্যৰ পথ বিচাৰি নাপাব, লগতে সিহঁ তক সঠি ক পথত পৰিচালিত হোৱাৰ তাওফীকো দিয়া নহ’ব।

ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ قَرَارًۭا وَٱلسَّمَآءَ بِنَآءًۭ وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَـٰتِ ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ ۖ فَتَبَارَكَ ٱللَّهُ رَبُّ ٱلْعَـٰلَمِينَ ﴿٦٤﴾

হে মানৱজাতি! আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাসযোগ্য বনাইছে। তেৱেঁই তোমালোকৰ ওপৰত সুদৃঢ় আকাশ বনাইছে, যিখন ভাঙি পৰাৰপৰা সুৰক্ষিত। তেৱেঁই তোমালোকক মাকৰগৰ্ভ ত সুন্দ ৰআকৃ তি প্ৰদান কৰিছে। লগতে তেৱেঁই তোমালোকক হালাল তথা পৱিত্ৰ জীৱিকা প্ৰদান কৰিছে। যি সত্ত্বাই তোমালোকক এই সকলোবোৰনিয়ামত প্ৰদান কৰিছে,তেৱেঁই আল্লাহ,যিজন তোমালোকৰপ্ৰ তিপালক। আল্লাহ মহাবৰকতময় , তেৱেঁই গোটেই সৃষ্টি জগতৰপ্ৰ তিপালক। তেওঁ ৰবাহিৰেআন কোনোপ্ৰ তিপালক নাই।

هُوَ ٱلْحَىُّ لَآ إِلَـٰهَ إِلَّا هُوَ فَٱدْعُوهُ مُخْلِصِينَ لَهُ ٱلدِّينَ ۗ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ ﴿٦٥﴾

তেওঁ চিৰঞ্জীৱ, কেতিয়াও মৃত্যুবৰণ নকৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তোমালোকে সকলো প্ৰকাৰ দুআ তথা প্ৰাৰ্থনা একমাত্ৰ তেওঁ ৰ ওচৰতেই কৰাঁ, ইবাদতৰ বাবেই হওক অথবা প্ৰয়োজনৰ বাবে। লগতে তেওঁ ৰ সৈতে তেওঁ ৰ কোনো সৃষ্টি ক অংশীদাৰ স্থাপন নকৰিবা। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই সৃষ্টি জগতৰ প্ৰতিপালক।

۞ قُلْ إِنِّى نُهِيتُ أَنْ أَعْبُدَ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ لَمَّا جَآءَنِىَ ٱلْبَيِّنَـٰتُ مِن رَّبِّى وَأُمِرْتُ أَنْ أُسْلِمَ لِرَبِّ ٱلْعَـٰلَمِينَ ﴿٦٦﴾

হে ৰাছু ল! আপুনি কৈ দিয় ক, নিশ্চয় আল্লাহে মোক নিষেধ কৰিছে, মই যেন আল্লাহৰ বাহিৰে সেইবোৰ মূৰ্ত্তিৰ উপাসনা নকৰোঁ যিবোৰৰ উপাসনা তোমালোকে কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। অথচ সেইবোৰৰ উপাসনা ভু ল বুলি মোৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। লগতে আল্লাহে মোক আদেশ কৰিছে যে, মই যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰিতেওঁৰআনুগত্য কৰোঁ। তেৱেঁই গোটেই সৃষ্টি জগতৰৰব্ব, তেওঁ ৰ বাহিৰে আন কোনো ৰব্ব নাই। بلغ আল-কোৰআন · তাফছীৰ

هُوَ ٱلَّذِى خَلَقَكُم مِّن تُرَابٍۢ ثُمَّ مِن نُّطْفَةٍۢ ثُمَّ مِنْ عَلَقَةٍۢ ثُمَّ يُخْرِجُكُمْ طِفْلًۭا ثُمَّ لِتَبْلُغُوٓا۟ أَشُدَّكُمْ ثُمَّ لِتَكُونُوا۟ شُيُوخًۭا ۚ وَمِنكُم مَّن يُتَوَفَّىٰ مِن قَبْلُ ۖ وَلِتَبْلُغُوٓا۟ أَجَلًۭا مُّسَمًّۭى وَلَعَلَّكُمْ تَعْقِلُونَ ﴿٦٧﴾

তেৱেঁই তোমালোকৰ পিতা আদমক মাটি ৰে সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই বীৰ্যৰ পিছত ৰক্তপিণ্ডত পৰিণত কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাকৰ গৰ্ভ ৰ পৰা নৱজাতকৰূপে ভূমিষ্ঠ কৰিছে। তেৱেঁই তোমালোকক ডাঙৰ দীঘল কৰি যৌৱনত উপনীত কৰে, আৰুঅৱশেষত বৃদ্ধাৱস্থাত পৌঁচাই দিয়ে । তোমালোকৰমাজৰকিছু মানে ইয়াৰপূৰ্বেই মৃত্যুবৰণ কৰে। এইবোৰৰকাৰণ হৈছে যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা সময় ত উপনীত হ’ব পাৰা, যিটোক তোমালোকে হ্ৰাস কৰিবও নোৱাৰিবা আৰু বৃদ্ধি কৰিবও নোৱাৰিবা। যাতে তোমালোকে আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ এই প্ৰমাণ আৰু দলিলবোৰৰ দ্বাৰা উপকৃ ত হ’ব পাৰা।

هُوَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ ۖ فَإِذَا قَضَىٰٓ أَمْرًۭا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ ﴿٦٨﴾

তেৱেঁই অদ্বি তীয় পৱিত্ৰ আল্লাহ, যাৰ হাতত আছে জীৱন দানৰ ক্ষমতা। একমাত্ৰ তেওঁৰ হাততেই আছে মৃত্যু প্ৰদানৰ ক্ষমতা। এতেকে তেওঁ যেতিয়া কোনো বিষয় ৰ ফয় চালা কৰে, তেতিয়া কেৱল কয় ‘হ’, ফলত সেইটো লগে লগে হৈ যায় ।

أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُجَـٰدِلُونَ فِىٓ ءَايَـٰتِ ٱللَّهِ أَنَّىٰ يُصْرَفُونَ ﴿٦٩﴾

হে ৰাছু ল! আপুনি সেইসকল লোকক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ স্পষ্ট আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰে, সিহঁ তৰ অৱস্থা দেখি আপুনি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিব, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা মু খ ঘূৰাই লয় ।

ٱلَّذِينَ كَذَّبُوا۟ بِٱلْكِتَـٰبِ وَبِمَآ أَرْسَلْنَا بِهِۦ رُسُلَنَا ۖ فَسَوْفَ يَعْلَمُونَ ﴿٧٠﴾

যিসকলে কোৰআনক আৰু আমি আমাৰ ৰাছু লসকলৰ দ্বাৰা যি সত্য প্ৰে ৰণ কৰিছোঁ তাক অস্বীকাৰ কৰিছে। এই অস্বীকাৰকাৰী লোকসকলে অচিৰেই সিহঁ তৰপৰিণাম সম্পৰ্কে অৱগত হ’বআৰু বেয়া সমাপ্তি দেখিবলৈ পাব।

إِذِ ٱلْأَغْلَـٰلُ فِىٓ أَعْنَـٰقِهِمْ وَٱلسَّلَـٰسِلُ يُسْحَبُونَ ﴿٧١﴾

সেইসময় ত সিহঁতে নিজৰ পৰিণাম সম্পৰ্কে ভালকৈয়ে অৱগত হ'ব যেতিয়া সিহঁতৰ ডিঙিত থাকিব গলাবদ্ধ, আৰু সিহঁতৰ ভৰি শিকলিৰে আৱদ্ধ থাকিব। লগতে শাস্তি ৰফিৰিস্তাই সিহঁ তক চোঁচৰাই লৈ যাব।

فِى ٱلْحَمِيمِ ثُمَّ فِى ٱلنَّارِ يُسْجَرُونَ ﴿٧٢﴾

সিহঁ তক উতলা গৰম পানীত চোঁচৰাই নিয়া হ’ব। ইয়াৰ পিছত অগ্নিৰ মাজত নিক্ষেপ কৰা হ’ব, যাতে তাতেই জ্বলি পুৰি শাস্তি ভোগ কৰে। ثم قيل لهم أين ما كنتمتشركون

ثُمَّ قِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تُشْرِكُونَ ﴿٧٣﴾

সিহঁতক গৰিহণা আৰু ধিক্কাৰ দি কোৱা হ’ব, ক’ত আছে তোমালোকৰ সেই তথাকথিত উপাস্যবোৰ, যিবোৰক তোমালোকে অংশীদাৰ স্থাপন কৰি উপাসনা কৰিছিলা?!

مِن دُونِ ٱللَّهِ ۖ قَالُوا۟ ضَلُّوا۟ عَنَّا بَل لَّمْ نَكُن نَّدْعُوا۟ مِن قَبْلُ شَيْـًۭٔا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ ٱلْكَـٰفِرِينَ ﴿٧٤﴾

সেই মূৰ্ত্তিবোৰ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰিছিলা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? কাফিৰসকলে ক’বঃ “সেইবোৰ আমাৰ পৰা আঁতৰি গৈছে, বৰং পৃথিৱীত আমি এনেকু ৱা কোনো বস্তু ৰ ইবাদত কৰাই নাছিলোঁ যিবোৰ ইবাদতৰ যোগ্য”। এইদৰেই আল্লাহে প্ৰত্যেক যুগতে আৰুপ্ৰ ত্যেক স্থানতে কাফিৰসকলক পথভ্ৰ ষ্টতাত পতিত কৰে। بلغ আল-কোৰআন · তাফছীৰ

ذَٰلِكُم بِمَا كُنتُمْ تَفْرَحُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَبِمَا كُنتُمْ تَمْرَحُونَ ﴿٧٥﴾

সিহঁ তক কোৱা হ’বঃ যি শাস্তি তোমালোকে ভোগ কৰি আছা, ইয়াৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ সেই শ্বি ৰ্ক , যাক লৈ তোমালোকে আনন্দি ত আছিলা।

ٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَـٰلِدِينَ فِيهَا ۖ فَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ ﴿٧٦﴾

এতেকে প্ৰৱেশদ্বাৰেৰে তোমালোকে জাহান্নামত প্ৰৱেশ কৰা। এইটোৱেই হৈছে তোমালোকৰ চিৰস্থায়ী বাসস্থান। হায়! সত্যৰ পৰা অহংকাৰ কৰা লোকৰপৰিণাম কিমান যে নিকৃ ষ্ট! ق

فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ ۚ فَإِمَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا يُرْجَعُونَ ﴿٧٧﴾

হে ৰাছু ল! আপুনি আপোনাৰসম্প্ৰ দায় ৰঅত্যাচাৰআৰুঅস্বীকাৰকাৰ্যত ধৈৰ্য্যধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় কৰাৰযি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াত কোনো সন্দে হ নাই। আপোনাৰ জীৱনকালতেই যদি সেই প্ৰতিশ্ৰুতিৰ কিছু শাস্তি প্ৰদান কৰি আপোনাক দেখুৱাওঁ , যিদৰে বদৰৰ দিনা দেখুৱাইছোঁ, নাইবা ইয়াৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। আমিয়ে ই সিহঁ তকসিহঁ তৰকৰ্মৰপ্ৰ তিদান প্ৰদান কৰিম। তথাসিহঁ তকচিৰকালৰবাবেজাহান্নামত প্ৰৱেশ কৰাম।

وَلَقَدْ أَرْسَلْنَا رُسُلًۭا مِّن قَبْلِكَ مِنْهُم مَّن قَصَصْنَا عَلَيْكَ وَمِنْهُم مَّن لَّمْ نَقْصُصْ عَلَيْكَ ۗ وَمَا كَانَ لِرَسُولٍ أَن يَأْتِىَ بِـَٔايَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۚ فَإِذَا جَآءَ أَمْرُ ٱللَّهِ قُضِىَ بِٱلْحَقِّ وَخَسِرَ هُنَالِكَ ٱلْمُبْطِلُونَ ﴿٧٨﴾

হে ৰাছু ল! আপোনাৰ পূৰ্বেও আমি বহুতো ৰাছু লক তেওঁলোকৰ সম্প্ৰ দায় ৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ। তেওঁলোককো সিহঁ তে অস্বীকাৰ কৰিছিল আৰু নিৰ্যাতন কৰিছিল। কিন্তু তেওঁ লোকে সিহঁ তৰ অস্বীকাৰ কাৰ্যত আৰু অত্যাচাৰত ধৈৰ্য্য ধাৰণ কৰিছিল। তেওঁ লোকৰ মাজৰ কিছু মান নবীৰ বিষয়ে আমি আপোনাৰ সন্মুখত বৰ্ণনা কৰিছোঁ আৰু কিছুমানৰ বিষয়ে কৰা নাই। আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো ৰাছুলৰেই তেওঁৰ সম্প্ৰ দায় ৰ ওচৰলৈ মু জিঝা বা অলৌকিকতা আনিব পৰা ক্ষমতা নাছিল। গতিকে কাফিৰসকলে তেওঁ লোকৰ পৰা মু জিঝা বা অলৌকিকতা দাবী কৰাটো হৈছে এক প্ৰকাৰ অন্যায় । এতেকে আল্লাহৰ ফালৰ পৰা যেতিয়া জয় লাভৰ আদেশ আহি পৰিব, অথবা ৰাছু লসকলৰ আৰু তেওঁলোকৰ উম্মতবোৰৰ মাজত যেতিয়া ফয় চালা কৰাৰ সময় আহি পৰিব, তেতিয়া আল্লাহে ন্যায় সহকাৰে তেওঁলোকৰ মাজত ফয় চালা কৰিব। তেতিয়া কাফিৰসকলৰ বিনাশ হ’ব আৰু ৰাছু লসকলে জয় লাভ কৰিব। বান্দাসকলৰমাজত ফয় চালাকৰাৰএই সময় ছোৱাত বাতিল পন্থীসকলে নিজৰকু ফৰীকৰ্মৰকাৰণে ধ্বংসত পতিত হ’ব।

ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَنْعَـٰمَ لِتَرْكَبُوا۟ مِنْهَا وَمِنْهَا تَأْكُلُونَ ﴿٧٩﴾

আল্লাহেই তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি সৃষ্টি কৰিছে, যাতে সেইবোৰৰ কিছু মানক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু কিছু মানৰ মাংস ভক্ষণ কৰিব পাৰা।

وَلَكُمْ فِيهَا مَنَـٰفِعُ وَلِتَبْلُغُوا۟ عَلَيْهَا حَاجَةًۭ فِى صُدُورِكُمْ وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ ﴿٨٠﴾

এই জন্তু বোৰৰ মাজত তোমালোকৰ বাবে আছে কিছুমান উপকাৰ, যিবোৰ সময় অনুসাৰে পৰিবৰ্তন হয়। এইবোৰৰ দ্বাৰা তোমালোকৰ সেই প্ৰয়োজনবোৰ পূৰণ হয় যিবোৰ তোমালোকে অনুভৱ কৰা। উদাহৰণস্বৰূপে এটা গুৰুত্ব পূৰ্ণ প্ৰয়োজন হৈছে, এঠাইৰ পৰা আন ঠাইলৈ প্ৰস্থান কৰাৰ সময় ত সেইবোৰক পৰিবহণ হিচাপে ব্যৱহাৰকৰা।

وَيُرِيكُمْ ءَايَـٰتِهِۦ فَأَىَّ ءَايَـٰتِ ٱللَّهِ تُنكِرُونَ ﴿٨١﴾

সেই পৱিত্ৰ সত্ত্বাই তোমালোকক তেওঁৰ তাওহীদ আৰু ক্ষমতাৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূহ দেখুৱাই থাকে। এতেকে তোমালোকে তেওঁৰ কোনটো কোনটো নিদৰ্শনক আওকাণ কৰিবা, অথচ সেইবোৰ যে তেওঁ ৰ ফালৰ পৰা নিদৰ্শন সেই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে। بلغ আল-কোৰআন · তাফছীৰ

أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَانُوٓا۟ أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةًۭ وَءَاثَارًۭا فِى ٱلْأَرْضِ فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ ﴿٨٢﴾

ى এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি নাচায় নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে, পূৰ্বৱৰ্তী অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকু ৱা আছিল আৰু তাৰ পৰা শিক্ষা ল’লেহেঁতেন? পূৰ্বৱৰ্তী সেই উম্মতবোৰৰ লোকসকল ইহঁততকৈও অধিক সন্তানৰ অধিকাৰী আৰু অধিক শক্তি শালী আছিল, লগতে সিহঁ তে পৃথিৱীত বহুতো ঐতিহ্য এৰি থৈ গৈছে। কিন্তু সিহঁ তৰ সেই শক্তি য়ে ও সিহঁ তক আল্লাহৰ বিনাশকাৰী শাস্তি ৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।

فَلَمَّا جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ فَرِحُوا۟ بِمَا عِندَهُم مِّنَ ٱلْعِلْمِ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٨٣﴾

এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ আগমন কৰিছিল তেতিয়া সিহঁতে অস্বীকাৰ কৰিছিল। তথা সিহঁতে ৰাছু লসকলে লৈ অহা জ্ঞানৰ বিপৰীতে সেই জ্ঞানকে খামোচি ধৰিলে যিটো সিহঁ তৰ ওচৰত আছিল, তথা সিহঁ তৰ এই জ্ঞান ৰাছু লসকলে লৈ অহা শিক্ষাৰ বিপৰীত আছিল। এতেকে সিহঁ তৰওপৰত সেই শাস্তি টোৱেনামি আহিল,যি শাস্তি ৰপৰা সিহঁ তৰৰাছু লসকলে সিহঁ তক সতৰ্ক কৰিছিল আৰুযি শাস্তি ক সিহঁ তে ইতিপূৰ্বে উপহাস কৰিছিল।

فَلَمَّا رَأَوْا۟ بَأْسَنَا قَالُوٓا۟ ءَامَنَّا بِٱللَّهِ وَحْدَهُۥ وَكَفَرْنَا بِمَا كُنَّا بِهِۦ مُشْرِكِينَ ﴿٨٤﴾

কিন্তু যেতিয়া সিহঁ তে আমাৰ শাস্তি ক নিজ চকু ৰে প্ৰত্যক্ষ কৰিলে তেতিয়া সিহঁ তে স্বীকাৰ কৰিলে, কিন্তু এই সময় ত স্বীকাৰ কৰাৰ কোনো লাভ নাই। সিহঁ তে স্বীকাৰ কৰি ক’লেঃ আমি এক আল্লাহৰ প্ৰতি ঈমান আনিলোঁ, আৰু তেওঁ ৰ বাহিৰে আমি যিবোৰ অংশীদাৰ স্থাপন কৰিছিলোঁ তথা যিবোৰ মূ ৰ্ত্তিৰ উপাসনা কৰিছিলোঁ সেইবোৰক অসত্য বুলি ঘোষণা কৰিলোঁ।

فَلَمْ يَكُ يَنفَعُهُمْ إِيمَـٰنُهُمْ لَمَّا رَأَوْا۟ بَأْسَنَا ۖ سُنَّتَ ٱللَّهِ ٱلَّتِى قَدْ خَلَتْ فِى عِبَادِهِۦ ۖ وَخَسِرَ هُنَالِكَ ٱلْكَـٰفِرُونَ ﴿٨٥﴾

আমাৰ শাস্তি অৱতীৰ্ণ হোৱা দেখি ঈমান পোষণ কৰাটো সিহঁ তৰ বাবে লাভদায় ক নাছিল। আল্লাহৰ এই নীতি পূৰ্বৰে পৰা চলি আহিছে যে, শাস্তি প্ৰত্যক্ষ কৰাৰপিছত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো লাভ নিদিব। কাফিৰসকলে নিজকে বিনাশৰগৰালত ঠেলি দি ক্ষতিগ্ৰ তস্ হৈছে, কাৰণ সিহঁ তে আল্লাহৰসৈতে কু ফৰীকৰিছে,লগতে শাস্তি প্ৰত্যক্ষ কৰাৰআগত তাওবাকৰানাছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Ghafir — غافر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা