মুখ্য পৃষ্ঠাতাফছীৰAz-Zumar (39)

তাফছীৰ Az-Zumar (39) — الزمر

মক্কী · 75 আয়াত

পঢ়ক · শুনকPDF ফাইল

تَنزِيلُ ٱلْكِتَـٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ ﴿١﴾

কোৰআন অৱতীৰ্ণ হৈছে মহাপৰাক্ৰ মশালী আল্লাহৰ ফালৰ পৰা, যি সত্তাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত আৰুচৰীয় ত প্ৰণয় নত মহাপ্ৰ জ্ঞাৱান। পৱিত্ৰ আল্লাহৰবাহিৰেআন কাৰোফালৰপৰাএইখন অৱতীৰ্ণ হোৱানাই।

إِنَّآ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ بِٱلْحَقِّ فَٱعْبُدِ ٱللَّهَ مُخْلِصًۭا لَّهُ ٱلدِّينَ ﴿٢﴾

হে ৰাছু ল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত থকা সকলো সংবাদ সত্য, তথা ইয়াৰ মাজত থকা সকলো বিধি-বিধান হৈছে ন্যায় সংগত। গতিকে আপুনি নিৰ্ভে জালভাৱে একমাত্ৰ আল্লাহৰ ইবাদত কৰক। শ্বিৰ্ক ৰ পৰা বিৰত থাকি তাওহীদৰ ওপৰত প্ৰতিষ্ঠি তথাকক।

أَلَا لِلَّهِ ٱلدِّينُ ٱلْخَالِصُ ۚ وَٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِهِۦٓ أَوْلِيَآءَ مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلْفَىٰٓ إِنَّ ٱللَّهَ يَحْكُمُ بَيْنَهُمْ فِى مَا هُمْ فِيهِ يَخْتَلِفُونَ ۗ إِنَّ ٱللَّهَ لَا يَهْدِى مَنْ هُوَ كَـٰذِبٌۭ كَفَّارٌۭ ﴿٣﴾

জানি থোৱা! শ্বি ৰ্কমু ক্তদ্বীন একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। যিসকল লোকে আল্লাহৰ বাহিৰে মূ ৰ্ত্তি আৰু তাগুত আদিক নিজৰ অভিভাৱক বনাই লৈছে তথা আল্লাহৰ বাহিৰে সেইবোৰৰেই উপাসনা কৰে, লগতে সেইবোৰৰ উপাসনাক উচিত প্ৰমাণ কৰিবলৈ কয়ঃ “আমি এইবোৰৰ ইবাদত কেৱল এইকাৰণেই কৰোঁ, যাতে এইবোৰে আমাক আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে, তথা আমাৰ প্ৰয়োজনবোৰ আল্লাহৰ ওচৰত উপস্থাপন কৰে, লগতে তেওঁ ৰ ওচৰত আমাৰ বাবে যাতে মধ্যস্ত তা কৰে”। নিশ্চয় কিয়ামতৰ দিনা আল্লাহে তাওহীদৰ ওপৰত প্ৰতিষ্ঠি ত মুমিনসকলৰ মাজত, লগতে কাফিৰ আৰু মুশ্বৰিকসকলৰ মাজত সেই তাওহীদ সম্পৰ্কে মীমাংসা কৰিব, যিটোকলৈ সিহঁতে মতানৈক্য কৰিছিল। নিশ্চিতভাৱে আল্লাহে সেইসকল লোকক কেতিয়াও হিদায় ত নিদিয়ে যিসকলে অংশীদাৰ স্থাপন কৰি আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰে, তথা আল্লাহে প্ৰদান কৰা নিয়ামতসমূহক অস্বীকাৰ কৰে।

لَّوْ أَرَادَ ٱللَّهُ أَن يَتَّخِذَ وَلَدًۭا لَّٱصْطَفَىٰ مِمَّا يَخْلُقُ مَا يَشَآءُ ۚ سُبْحَـٰنَهُۥ ۖ هُوَ ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ ﴿٤﴾

সঁচাই যদি আল্লাহে পুত্ৰ গ্ৰহণ কৰিব বিচাৰিলেহেঁ তেন তেন্তে তেওঁ ৰ মখলুকসকলৰ মাজৰ যাক ইচ্ছা তাকেই নিৰ্বাচন কৰি পুত্ৰৰ স্থান দিলেহেঁ তেন। কিন্তু মুশ্বৰিকসকলৰ এনেকু ৱা কথাৰ পৰা আল্লাহ পৱিত্ৰ আৰু সম্পূৰ্ণৰূপে পৰিচ্ছন্ন। তেওঁ সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক তথা অদ্বিلতীয় । এইবোৰত তেওঁ ৰকোনোঅংশীদাৰনাই। তেওঁ গোটেই সৃষ্টি জগতৰওপৰত প্ৰবল প্ৰতাপী।

خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۖ يُكَوِّرُ ٱلَّيْلَ عَلَى ٱلنَّهَارِ وَيُكَوِّرُ ٱلنَّهَارَ عَلَى ٱلَّيْلِ ۖ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ ۖ كُلٌّۭ يَجْرِى لِأَجَلٍۢ مُّسَمًّى ۗ أَلَا هُوَ ٱلْعَزِيزُ ٱلْغَفَّـٰرُ ﴿٥﴾

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক এটা মহৎ উদ্দেশ্য অনুযায়ী সৃষ্টি কৰিছে; অনৰ্থক সৃষ্টি কৰা নাই, যিদৰে অন্যায় কাৰীসকলে মন্ত ব্যকৰে। তেৱেঁই ৰাতিক দিনৰমাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰমাজত প্ৰৱেশ কৰায় । এতেকে এই দুটাৰযিকোনো এটাৰআগমনত আনটো বিলুপ্ত হৈ যায় । তেৱেঁই সূৰ্য্যআৰুচন্দ্ৰ ক নিয় ন্ত্ৰ ণ কৰে। উভয়ে ই এটানিৰ্ধাৰিত সময় লৈকে গতি কৰিবঅৰ্থাৎ এই জীৱনৰঅন্ত লৈকে। জানি থোৱা! পৱিত্ৰআল্লাহ হৈছে মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। بلغ আল-কোৰআন · তাফছীৰ

خَلَقَكُم مِّن نَّفْسٍۢ وَٰحِدَةٍۢ ثُمَّ جَعَلَ مِنْهَا زَوْجَهَا وَأَنزَلَ لَكُم مِّنَ ٱلْأَنْعَـٰمِ ثَمَـٰنِيَةَ أَزْوَٰجٍۢ ۚ يَخْلُقُكُمْ فِى بُطُونِ أُمَّهَـٰتِكُمْ خَلْقًۭا مِّنۢ بَعْدِ خَلْقٍۢ فِى ظُلُمَـٰتٍۢ ثَلَـٰثٍۢ ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ لَهُ ٱلْمُلْكُ ۖ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُصْرَفُونَ ﴿٦﴾

হে মানৱজাতি! তোমালোকক তোমালোকৰ প্ৰতিপালকে এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে, অৰ্থাৎ আদমৰ পৰা। তাৰ পিছত আদমৰ পৰা তেওঁ ৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে উট, গৰু, ছাগলী, ভেড়া আদিৰ আঠ প্ৰকাৰ সৃষ্টি কৰিছে। প্ৰত্যেকৰে মাজত মতা-মাইকী সৃষ্টি কৰিছে। পৱিত্ৰ আল্লাহেই তোমালোকক তোমালোকৰমাতৃ গৰ্ভ ত ত্ৰিবিধঅন্ধকাৰত পৰ্যায় ক্ৰমে সৃষ্টি কৰিছে,পেট,গৰ্ভাশয় আৰুপাতল আৱৰণৰঅন্ধকাৰত। এইবোৰক যি সত্ত্বাই সৃষ্টি কৰে, সেই আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌমত্ব একমাত্ৰ তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তেওঁৰ ইবাদতৰ পৰা বিমুখ হৈ তোমালোকে কেনেকৈ সেইবোৰৰ উপাসনালৈ উভতি যোৱা যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, আনকি সেইবোৰ নিজেই সৃষ্ট ?!

إِن تَكْفُرُوا۟ فَإِنَّ ٱللَّهَ غَنِىٌّ عَنكُمْ ۖ وَلَا يَرْضَىٰ لِعِبَادِهِ ٱلْكُفْرَ ۖ وَإِن تَشْكُرُوا۟ يَرْضَهُ لَكُمْ ۗ وَلَا تَزِرُ وَازِرَةٌۭ وِزْرَ أُخْرَىٰ ۗ ثُمَّ إِلَىٰ رَبِّكُم مَّرْجِعُكُمْ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ ۚ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٧﴾

হে মানৱজাতি! যদি তোমালোকে নিজ প্ৰতিপালকৰ সৈতে কুফৰী কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ হৈছে তোমালোকৰ ঈমানৰ পৰা অমুখাপেক্ষী। আনকি তোমালোকৰ কু ফৰীয়ে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে, বৰং তোমালোকৰ কু ফৰীয়ে তোমালোককেই ক্ষতি কৰিব। কিন্তু বান্দাই তেওঁ ৰলগত কু ফৰী কৰাটো তেওঁ পছন্দ নকৰে। ইয়াৰআদেশও তেওঁ নিদিয়ে । কিয় নো আল্লাহে কেতিয়াও অশ্লীলতা আৰুকু সংস্কাৰৰআদেশ নিদিয়ে । আনহাতে যদি তোমালোকে আল্লাহৰ নিয়ামতৰ কৃ তজ্ঞতা কৰা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তেওঁ তোমালোকৰ কৃ তজ্ঞতাত সন্তু ষ্টহ’ব, লগতে তোমালোকক ছোৱাবপ্ৰ দান কৰিব। কোনো প্ৰাণীয়ে ই অন্যপ্ৰাণীৰগুনাহৰবোজা বহন নকৰিব। প্ৰত্যেকেই নিজ নিজ কৰ্মৰবাবে দায় বদ্ধ থাকিব। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্ত ন কৰিব লাগিব। তেৱেঁই তোমালোকক অৱগত কৰিব পৃথিৱীত তোমালোকে কি কি কৰ্ম কৰিছিলা আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় তেৱেঁই বান্দাসকলৰ অন্ত ৰৰ ভেদ সম্পৰ্কে অৱগত। একোৱেই তেওঁ ৰপৰাগোপন নহয় । ر

۞ وَإِذَا مَسَّ ٱلْإِنسَـٰنَ ضُرٌّۭ دَعَا رَبَّهُۥ مُنِيبًا إِلَيْهِ ثُمَّ إِذَا خَوَّلَهُۥ نِعْمَةًۭ مِّنْهُ نَسِىَ مَا كَانَ يَدْعُوٓا۟ إِلَيْهِ مِن قَبْلُ وَجَعَلَ لِلَّهِ أَندَادًۭا لِّيُضِلَّ عَن سَبِيلِهِۦ ۚ قُلْ تَمَتَّعْ بِكُفْرِكَ قَلِيلًا ۖ إِنَّكَ مِنْ أَصْحَـٰبِ ٱلنَّارِ ﴿٨﴾

কাফিৰ ব্যক্তিক যেতিয়া কোনো বিপদ-আপদে স্পৰ্শ কৰে, যেনেঃ বেমাৰ-আজাৰ, আৰ্থিক ক্ষতি অথবা ডু বি যোৱাৰ ভয় আদিয়ে স্পৰ্শ কৰে তেতিয়া একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্ত ন কৰে আৰু তেওঁৰ ওচৰতেই বিপদ দূৰীকৰণৰ বাবে দুআ কৰে। ইয়াৰ পিছত আল্লাহে যেতিয়া তাক কোনো নিয়ামত প্ৰদান কৰে, যেনেঃ সি আবদ্ধ হোৱা বিপদৰ পৰা তাক ৰক্ষা কৰে, তেতিয়া সি আকৌ আল্লাহক পাহৰি যায় তথা আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰৰ উপাসনা কৰা আৰম্ভ কৰে, যাতে আন আন লোকসকলক আল্লাহৰ পথৰ পৰা আঁতৰাই ৰাখিব পাৰে। হে ৰাছু ল! আপুনি এনেকু ৱা স্বভাৱৰ লোকসকলক কৈ দিয় ক, তোমালোকে জীৱনৰ বাকী থকা অতি নগন্য সময় খিনি নিজৰ কু ফৰী কৰ্মবোৰ উপভোগ কৰা। কিয় নো তোমালোক হৈছা জাহান্নামৰ অধিবাসী। কিয়ামতৰ দিনা তোমালোকে জাহান্নামত ওচৰা-ওচৰিকৈ থাকিবা।

أَمَّنْ هُوَ قَـٰنِتٌ ءَانَآءَ ٱلَّيْلِ سَاجِدًۭا وَقَآئِمًۭا يَحْذَرُ ٱلْـَٔاخِرَةَ وَيَرْجُوا۟ رَحْمَةَ رَبِّهِۦ ۗ قُلْ هَلْ يَسْتَوِى ٱلَّذِينَ يَعْلَمُونَ وَٱلَّذِينَ لَا يَعْلَمُونَ ۗ إِنَّمَا يَتَذَكَّرُ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ ﴿٩﴾

উত্তম ব্যক্তি কোন, যিয়ে আল্লাহৰআনুগত্য কৰে, ৰাতিৰভাগত নিজ প্ৰতিপালকৰসন্মুখত ছাজদাৱনত হৈ তথা থিয় হৈ ৰাতি যাপন কৰে, আখিৰাতৰ শাস্তি ক ভয় কৰে,নিজ প্ৰতিপালকৰৰহমত কামনা কৰেসেই ব্যক্তি উত্তম,নে সেই কাফিৰব্যক্তি উত্তম,যিয়ে কেৱল বিপদগ্ৰ তস্ হ’লে আল্লাহৰইবাদত কৰেআৰুসুখ-শান্তি ৰসময় ত তেওঁ ৰলগত কু ফৰী কৰে,লগতে আল্লাহৰসৈতে অংশীদাৰস্থাপন কৰে?! হে ৰাছু ল! আপুনি কওক,যিয়ে আল্লাহ সম্পৰ্কে অৱগত হোৱাৰ কাৰণে আল্লাহে অনিবাৰ্য্য কৰা বিষয় বোৰ জানে, পক্ষান্ত ৰে যিসকলে এইবোৰ নাজানে, এই দুয়ো ধৰণৰ ব্যক্তি সমান হ’ব পাৰেনে? এই দুয়ো দলৰ মাজত পাৰ্থক্য কেৱল সেইসকল লোকেই কৰিব পাৰে যিসকলৰ ওচৰত স্বচ্ছবিবেক আছে। بلغ আল-কোৰআন · তাফছীৰ

قُلْ يَـٰعِبَادِ ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ رَبَّكُمْ ۚ لِلَّذِينَ أَحْسَنُوا۟ فِى هَـٰذِهِ ٱلدُّنْيَا حَسَنَةٌۭ ۗ وَأَرْضُ ٱللَّهِ وَٰسِعَةٌ ۗ إِنَّمَا يُوَفَّى ٱلصَّـٰبِرُونَ أَجْرَهُم بِغَيْرِ حِسَابٍۢ ﴿١٠﴾

হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায় , সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয় তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত , এতেকে ইয়াৰ মাজত এনেকু ৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভ ৱ নহয় ।

قُلْ إِنِّىٓ أُمِرْتُ أَنْ أَعْبُدَ ٱللَّهَ مُخْلِصًۭا لَّهُ ٱلدِّينَ ﴿١١﴾

হে ৰাছু ল! আপুনি কওক,নিশ্চয় আল্লাহে মোক নিৰ্দে শ দিছে,মই যেন নিৰ্ভে জালভাৱেএকমাত্ৰতেওঁ ৰেই ইবাদত কৰোঁ।

وَأُمِرْتُ لِأَنْ أَكُونَ أَوَّلَ ٱلْمُسْلِمِينَ ﴿١٢﴾

লগতে মোক এই নিৰ্দে শো দিছে যে, মই যেন এই উম্মতৰপ্ৰ থম আত্মসমৰ্পনকাৰী তথা আনু গত্যকাৰী হওঁ ।

قُلْ إِنِّىٓ أَخَافُ إِنْ عَصَيْتُ رَبِّى عَذَابَ يَوْمٍ عَظِيمٍۢ ﴿١٣﴾

হে ৰাছু ল! আপুনি কওক, মই কিয়ামত দিৱসৰ মহাশাস্তি ক ভয় কৰোঁ, কাৰণ যদি মই আল্লাহৰ অবাধ্যতা কৰোঁ তথা তেওঁ ৰ আনু গত্য নকৰোঁ (তেন্তে সেই শাস্তি য়ে মোকগ্ৰাসকৰিব)।

قُلِ ٱللَّهَ أَعْبُدُ مُخْلِصًۭا لَّهُۥ دِينِى ﴿١٤﴾

হে ৰাছু ল! আপুনি কওক,নিশ্চয় মই নিৰ্ভে জালভাৱেএকমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ,তেওঁ ৰবাহিৰেআন কাৰোইবাদত মই নকৰোঁ।

فَٱعْبُدُوا۟ مَا شِئْتُم مِّن دُونِهِۦ ۗ قُلْ إِنَّ ٱلْخَـٰسِرِينَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ ٱلْقِيَـٰمَةِ ۗ أَلَا ذَٰلِكَ هُوَ ٱلْخُسْرَانُ ٱلْمُبِينُ ﴿١٥﴾

হে মুশ্বৰিকসকল! যোৱা, তেওঁৰ বাহিৰে তোমালোকে যি মূৰ্ত্তিৰ ইচ্ছা সেই মূৰ্ত্তিৰেই উপাসনা কৰাগৈ, (এইটো ধমকৰ সুৰত কোৱা হৈছে)। হে ৰাছু ল! আপুনি কৈ দিয় ক, নিশ্চয় প্ৰকৃ ত ক্ষতিগ্ৰ তস্ হৈছে সেইসকল, যিসকলে নিজৰক্ষতি সাধন কৰেআৰুনিজ পৰিয়ালৰক্ষতি কৰে। ফলত সিহঁ তে সাক্ষাৎ কৰিব নোৱাৰিব। হয় তো সিহঁ তৰ পৰিয়ালবৰ্গৰ লোকসকলে জান্নাতত প্ৰৱেশ কৰাৰ কাৰণে সিহঁ তৰ পৰা বিচ্ছিন্ন হ’ব, অন্যথা একেলগে জাহান্নামত প্ৰৱেশ কৰাৰপিছতোপৰস্পৰেকেতিয়াওসাক্ষাৎ কৰিবনোৱাৰিব। জানি থোৱা! এইটোৱেই হৈছে স্পষ্ট ক্ষতি,ইয়াত কোনোসন্দে হ নাই।

لَهُم مِّن فَوْقِهِمْ ظُلَلٌۭ مِّنَ ٱلنَّارِ وَمِن تَحْتِهِمْ ظُلَلٌۭ ۚ ذَٰلِكَ يُخَوِّفُ ٱللَّهُ بِهِۦ عِبَادَهُۥ ۚ يَـٰعِبَادِ فَٱتَّقُونِ ﴿١٦﴾

সিহঁ তৰ ওপৰত থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ, তথা সিহঁ তৰ তলফালেও থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ। এইবোৰ শাস্তি ৰ দ্বাৰা আল্লাহে তেওঁ ৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি মোৰ তাক্ব ৱা অৱলম্ব ন কৰা। بلغ আল-কোৰআন · তাফছীৰ

وَٱلَّذِينَ ٱجْتَنَبُوا۟ ٱلطَّـٰغُوتَ أَن يَعْبُدُوهَا وَأَنَابُوٓا۟ إِلَى ٱللَّهِ لَهُمُ ٱلْبُشْرَىٰ ۚ فَبَشِّرْ عِبَادِ ﴿١٧﴾

যিসকলে মূ ৰ্ত্তি পূজাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, তথা আল্লাহৰ বাহিৰে উপাসনাকৃ ত সকলো বস্তু ৰ পৰা নিজকে আঁতৰাই ৰাখিছে, লগতে তাওবা কৰি আল্লাহৰ ফালে প্ৰত্যাৱৰ্ত ন কৰিছে তেওঁ লোকৰ বাবে মৃ ত্যুৰ সময় ত, কবৰৰ মাজত আৰু কিয়ামতৰ দিনা আছে জান্নাতৰ শুভসংবাদ। হে ৰাছু ল! আপুনি মোৰ বান্দাসকলক সুসংবাদ দিয় ক।

ٱلَّذِينَ يَسْتَمِعُونَ ٱلْقَوْلَ فَيَتَّبِعُونَ أَحْسَنَهُۥٓ ۚ أُو۟لَـٰٓئِكَ ٱلَّذِينَ هَدَىٰهُمُ ٱللَّهُ ۖ وَأُو۟لَـٰٓئِكَ هُمْ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ ﴿١٨﴾

যিসকলে মনোযোগ সহকাৰে কথা শুনে, তথা ভাল বেয়া পাৰ্থক্য কৰি উপকৃ ত হোৱাৰ উদ্দেশ্যে ভাল কথাৰ অনুসৰণ কৰে। এনেকু ৱা বৈশিষ্ট্যৰ অধিকাৰীলোকসকলকেই আল্লাহে হিদায় তৰতাওফীক প্ৰদান কৰে। তথাতেওঁ লোকেই হৈছে সুস্থ বিবেকৱান লোক।

أَفَمَنْ حَقَّ عَلَيْهِ كَلِمَةُ ٱلْعَذَابِ أَفَأَنتَ تُنقِذُ مَن فِى ٱلنَّارِ ﴿١٩﴾

ধাৰাবাহিকভাৱে কু ফৰী আৰু বিভ্ৰান্তি ত পতিত থকাৰ কাৰণে যিসকলৰ ওপৰত শাস্তি অনিবাৰ্য্য হৈ পৰিছে, হে ৰাছুল! এনেকু ৱা লোকক সুপথত পৰিচালিত কৰিবলৈ আপোনাৰ কোনো কৌশল কামত নাহিব। হে ৰাছু ল! এনেকু ৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আপুনি জাহান্নামৰ পৰা ৰক্ষা কৰিব পাৰিবনে?!

لَـٰكِنِ ٱلَّذِينَ ٱتَّقَوْا۟ رَبَّهُمْ لَهُمْ غُرَفٌۭ مِّن فَوْقِهَا غُرَفٌۭ مَّبْنِيَّةٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ وَعْدَ ٱللَّهِ ۖ لَا يُخْلِفُ ٱللَّهُ ٱلْمِيعَادَ ﴿٢٠﴾

পক্ষান্ত ৰে যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰে, তেওঁ লোকৰ বাবে আছে সুউচ্চ বহুতো অট্টালিকা। তাৰে কিছুমান আন কিছুমানতকৈ ওখ হ’ব। সেইবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। এই প্ৰতিশ্ৰুতি আল্লাহে তেওঁ লোকক প্ৰদান কৰিছে। নিশ্চয় আল্লাহে কেতিয়াওপ্ৰ তিশ্ৰুতি ভংগ নকৰে।

أَلَمْ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَسَلَكَهُۥ يَنَـٰبِيعَ فِى ٱلْأَرْضِ ثُمَّ يُخْرِجُ بِهِۦ زَرْعًۭا مُّخْتَلِفًا أَلْوَٰنُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصْفَرًّۭا ثُمَّ يَجْعَلُهُۥ حُطَـٰمًا ۚ إِنَّ فِى ذَٰلِكَ لَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَـٰبِ ﴿٢١﴾

ى সচৰাচৰ তোমালোকে দেখিবলৈ পোৱা যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তেৱেঁই সেই পানীক প্ৰস্ৰৱনত প্ৰৱেশ কৰায় আৰু প্ৰবাহিত কৰে। ইয়াৰপিছত সেই পানীৰেতেওঁ বিভিন্ন বৰণৰশস্যউৎপন্ন কৰে। অৱশেষত সেই শস্যপকি যায় । হে প্ৰত্যক্ষকাৰীব্যক্তি! নিশ্চয় তোমালোকে দেখিবলৈ পোৱা যে, সেই সেউজীয়া শস্যবোৰ এটা সময় ত হালধীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁ সেইবোৰক খেৰকু টাত পৰিণত কৰে। নিশ্চয় এই বৰ্ণনা সেইসকল লোকৰ বাবে শিক্ষাপ্ৰ দ, যিসকল জীৱিত অন্ত ৰৰ অধিকাৰী।

أَفَمَن شَرَحَ ٱللَّهُ صَدْرَهُۥ لِلْإِسْلَـٰمِ فَهُوَ عَلَىٰ نُورٍۢ مِّن رَّبِّهِۦ ۚ فَوَيْلٌۭ لِّلْقَـٰسِيَةِ قُلُوبُهُم مِّن ذِكْرِ ٱللَّهِ ۚ أُو۟لَـٰٓئِكَ فِى ضَلَـٰلٍۢ مُّبِينٍ ﴿٢٢﴾

م بين আল্লাহে যাৰ বুকু ইছলামৰ বাবে উন্মুক্ত কৰি দিছে, তথা যিয়ে হিদায় ত লাভ কৰিছে, লগতে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰাপ্ত জ্যোতিৰ ওপৰত প্ৰতিষ্ঠি ত, তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাৰ অন্ত ৰ আল্লাহৰ স্মৰণৰ পৰা কঠোৰ হৃদয় ত পৰিণত হৈছে? এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। এতেকে মুক্তি কেৱল হিদায় তপ্ৰাপ্ত লোকসকলৰ বাবে। আনহাতে ক্ষতিগ্ৰ তস্ সেইসকল লোক, যিসকলৰ অন্ত ৰ স্মৰণৰ পৰা কঠোৰ হৈ পৰিছে। সেইসকল লোকেই সত্যৰপৰাস্পষ্ট বিভ্ৰান্তি ত পতিত। بلغ আল-কোৰআন · তাফছীৰ

ٱللَّهُ نَزَّلَ أَحْسَنَ ٱلْحَدِيثِ كِتَـٰبًۭا مُّتَشَـٰبِهًۭا مَّثَانِىَ تَقْشَعِرُّ مِنْهُ جُلُودُ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُمْ ثُمَّ تَلِينُ جُلُودُهُمْ وَقُلُوبُهُمْ إِلَىٰ ذِكْرِ ٱللَّهِ ۚ ذَٰلِكَ هُدَى ٱللَّهِ يَهْدِى بِهِۦ مَن يَشَآءُ ۚ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍ ﴿٢٣﴾

ه আল্লাহে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, সেইখন হৈছে উৎকৃষ্ট বাণী। তেওঁ এই কিতাবখনক সামঞ্জস্যপূৰ্ণভাৱে অৱতীৰ্ণ কৰিছে, যাৰ এটা ভাগ আনটো ভাগৰ সৈতে, সত্যতা, সুন্দ ৰতা, পৰস্পৰ সম্পৰ্ক আৰু বিভেদ ৰহিত হোৱাৰ ক্ষেত্ৰত সাদৃশ্যপূৰ্ণ। ইয়াৰ মাজত বিভিন্ন ঘটনা, বিধি-বিধান, প্ৰতিশ্ৰুতি আৰু সতৰ্ক বাণী, সত্যবাদীসকলৰ বৈশিষ্ট্য আৰু অসত্যবাদীসকলৰ দোষ-গুণ আদি বৰ্ণনা কৰা হৈছে। এতেকে যিসকল লোকে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ মাজত থকা সতৰ্ক বাণী তথা ধমকমূ লক আয়াত শুনি তেওঁ লোকৰ গাৰ নোম শিয়ঁৰি উঠে। আনহাতে যেতিয়া তেওঁ লোকে আশা আৰু সুসংবাদমূ লক আয়াতবোৰ শুনা পায় , তেতিয়া তেওঁ লোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণৰ পিনে ধাৱিত হয় । এইটোৱেই হৈছে কোৰআনৰপ্ৰ ভাৱতথাআল্লাহৰহিদায় ত। তেওঁ যাক ইচ্ছাকৰেতাকহে হিদায় ত দিয়ে । পক্ষান্ত ৰেআল্লাহে যাক অকলে এৰি দিয়ে ,অৰ্থাৎ তেওঁ যাক হিদায় ত নিদিয়ে ,তাক কোনেও হিদায় ত দিবনোৱাৰে।

أَفَمَن يَتَّقِى بِوَجْهِهِۦ سُوٓءَ ٱلْعَذَابِ يَوْمَ ٱلْقِيَـٰمَةِ ۚ وَقِيلَ لِلظَّـٰلِمِينَ ذُوقُوا۟ مَا كُنتُمْ تَكْسِبُونَ ﴿٢٤﴾

আল্লাহে যাক হিদায় ত প্ৰদান কৰিছে,তথা পৃথিৱীত ইয়াৰতাওফীক দান কৰিছে,লগতে আখিৰাতত যাক জান্নাতত প্ৰৱেশ কৰাব,এই ব্যক্তি সেই ব্যক্তি ৰ সমান নেকি, যিয়ে কু ফৰী কৰিছে আৰুকু ফৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, তথা আল্লাহে যাৰহাত ভৰিবান্ধি জাহান্নামত নিক্ষেপ কৰিব, যিয়ে নিজকে জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ উবৰি খাই পৰি থকা মুখমণ্ডলৰ বাহিৰে আন কোনো অংগ-প্ৰত্যংগৰ সহায় ল’ব নোৱাৰিব?! কু ফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা এই যালিমসকলক ধিক্কাৰ দি কোৱা হ’বঃ তোমালোকে কু ফৰী আৰু গুনাহৰ কাম কৰি যি অৰ্জ ন কৰিছিলা, আজি তাৰেই ফলাফল ভোগ কৰা। এইটোৱে হৈছে তোমালোকৰ প্ৰতিদান।

كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ فَأَتَىٰهُمُ ٱلْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ ﴿٢٥﴾

এই মুশ্বৰিকসকলৰ পূৰ্বেও বহুতো উম্মতে অস্বীকাৰ কৰিছিল। এতেকে সিহঁ তৰ ওচৰত আকস্মিক শাস্তি আহি পৰিছিল, সিহঁ তে উপলব্ধিও কৰিব পৰা নাছিল যে,তাওবাকৰিপ্ৰ স্তু তি গ্ৰহণ কৰিব।

فَأَذَاقَهُمُ ٱللَّهُ ٱلْخِزْىَ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ ﴿٢٦﴾

এতেকে আল্লাহে এই শাস্তি ৰ জৰিয় তে সিহঁ তক পাৰ্থিৱ জীৱনতেই অপমান, লাঞ্ছনা আৰু গ্লানিৰ সন্মুখীন কৰিছে। হায়! যদি সিহঁ তে জানিলেহেঁ তেন, নিশ্চয় আখিৰাতৰ শাস্তি ইয়াতকৈও কঠি ন আৰু ডাঙৰ হ’ব, যি শাস্তি ৰ সিহঁ তে অপেক্ষা কৰি আছে।

وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِى هَـٰذَا ٱلْقُرْءَانِ مِن كُلِّ مَثَلٍۢ لَّعَلَّهُمْ يَتَذَكَّرُونَ ﴿٢٧﴾

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত আমি মানুহৰ বাবে ভাল-বেয়া, সত্য-অসত্য তথা ঈমান আৰু কু ফৰী আদিৰ বিষয়ে বিভিন্ন প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে মানুহে এইবোৰ উদাহৰণৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে। লগতে অসত্য পৰিত্যাগ কৰি যাতে সত্য সহকাৰে আমল কৰে। قرءانا عربيا غيرذى عوج لعلهم يتقون

قُرْءَانًا عَرَبِيًّا غَيْرَ ذِى عِوَجٍۢ لَّعَلَّهُمْ يَتَّقُونَ ﴿٢٨﴾

এই কোৰআন আৰবী ভাষাত লিপিবদ্ধ। ইয়াৰ মাজত কোনো ধৰণৰ বক্ৰ তা, বেমেজালি আৰু সন্দে হ-সংশয় ৰ অৱকাশ নাই। যাতে মানুহে আল্লাহৰ আদেশ পালন কৰিআৰু তেওঁ ৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকি তেওঁ ৰতাক্ব ৱা অৱলম্বন কৰে। بلغ আল-কোৰআন · তাফছীৰ

ضَرَبَ ٱللَّهُ مَثَلًۭا رَّجُلًۭا فِيهِ شُرَكَآءُ مُتَشَـٰكِسُونَ وَرَجُلًۭا سَلَمًۭا لِّرَجُلٍ هَلْ يَسْتَوِيَانِ مَثَلًا ۚ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ ﴿٢٩﴾

لا يعلمون আল্লাহে মু শ্বি ৰক আৰু তাওহীদপন্থী ব্যক্তি ৰ বিষয়ে এটা উদাহৰণ দাঙি ধৰিছে। উদাহৰণস্ব ৰূপে এনেকু ৱা এজন ব্যক্তি যাৰ কেইবাজনো মালিক আছে, যিসকলে পৰস্পৰে বিবাদ কৰে। এজনক সন্তু ষ্টকৰিলে আনজন অসন্তু ষ্টহৈ পৰে। ফলত সেই ব্যক্তিজন সদায় ভাৰাক্ৰান্ত , পৰিশ্ৰান্ত হৈ থাকে। আনহাতে এনেকু ৱাএজন ব্যক্তি আছে,যাৰমালিক কেৱল এজনেই। সেই ব্যক্তি য়ে নিজৰমালিকৰসকলোসংকেত বুজি পায় । ফলত ব্যক্তি জন সদায় শান্তি ত থাকে। এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কিন্তু সিহঁ তৰ মাজৰ অধিকাংশ লোকেই নাজানে। এইকাৰণেই সিহঁ তে আল্লাহৰসৈতে অন্যান্যবস্তু ক অংশীদাৰকৰে। إنك ميت وإن هم ميتون

إِنَّكَ مَيِّتٌۭ وَإِنَّهُم مَّيِّتُونَ ﴿٣٠﴾

হে ৰাছু ল! নিশ্চয় আপুনিও মৃ ত্যুবৰণ কৰিবআৰুসিহঁ তেও মৃ ত্যুবৰণ কৰিব।

ثُمَّ إِنَّكُمْ يَوْمَ ٱلْقِيَـٰمَةِ عِندَ رَبِّكُمْ تَخْتَصِمُونَ ﴿٣١﴾

ইয়াৰ পিছত হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত সেইসমূহ বিষয় কলৈ বিতৰ্ক কৰিবা যিবোৰকলৈ তোমালোকে মতভেদ কৰিছিলা। তেতিয়া স্পষ্ট হৈ পৰিব,সত্যৰওপৰত কোন আৰুঅসত্যৰওপৰত কোন।

۞ فَمَنْ أَظْلَمُ مِمَّن كَذَبَ عَلَى ٱللَّهِ وَكَذَّبَ بِٱلصِّدْقِ إِذْ جَآءَهُۥٓ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًۭى لِّلْكَـٰفِرِينَ ﴿٣٢﴾

সেই ব্যক্তি তকৈ ডাঙৰ অন্যায় কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ সৈতে অনু চিত বিষয় বোৰ সম্পৃক্ত কৰি কয় যে, তেওঁ ৰ অংশী আছে অথবা স্ত্ৰী আৰু সন্তানো আছে। এইদৰে সেই ব্যক্তিও মহা অন্যায় কাৰী, যিয়ে সেই অহীক অস্বীকাৰ কৰে যিটো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। আল্লাহক অস্বীকাৰ কৰা তথা ৰাছু লে লৈ অহা চৰীয় তক নাকচ কৰা কাফিৰসকলৰ বাবে জাহান্নাম অন্তি ম ঠি কনা তথা বাসস্থান নহয় নে?! কিয় নহয় ,নিশ্চয় সিহঁ তৰঠি কনাতথাবাসস্থান হৈছে জাহান্নাম।

وَٱلَّذِى جَآءَ بِٱلصِّدْقِ وَصَدَّقَ بِهِۦٓ ۙ أُو۟لَـٰٓئِكَ هُمُ ٱلْمُتَّقُونَ ﴿٣٣﴾

যিসকলে সত্যৰ ওপৰত আধাৰিত নবীসকলৰ কথা কৰ্মক মনে-প্ৰাণে বিশ্বাস কৰে আৰু সেইমতে আমল কৰে, তেওঁলোকেই হৈছে প্ৰকৃ ত মুত্ত্বাক্বী ব্যক্তি । তেওঁ লোকেই নিজ প্ৰতিপালকৰআদেশ পালন কৰেআৰুতেওঁ যি যি নিষেধকৰিছে, সেইবোৰপৰিত্যাগ কৰে।

لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمْ ۚ ذَٰلِكَ جَزَآءُ ٱلْمُحْسِنِينَ ﴿٣٤﴾

তেওঁ লোকৰ প্ৰতিপালকৰ ওচৰত তেওঁ লোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পুণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টি কৰ্তাৰ সৈতে আৰু তেওঁ ৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।

لِيُكَفِّرَ ٱللَّهُ عَنْهُمْ أَسْوَأَ ٱلَّذِى عَمِلُوا۟ وَيَجْزِيَهُمْ أَجْرَهُم بِأَحْسَنِ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ ﴿٣٥﴾

যাতে আল্লাহে তেওঁলোকৰ সেই সকলো পাপকৰ্ম ক্ষমা কৰি দিয়ে , যিবোৰ তেওঁলোকৰ দ্বাৰা পৃথিৱীত সংঘটি ত হৈছিল, কাৰণ তেওঁলোকে ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু নিজ প্ৰতিপালকৰপ্ৰ তি উভতি আহিছিল। লগতে আল্লাহে তেওঁলোকক যাতে উত্তম প্ৰতিদান দিয়ে সেইসমূহ নেক কৰ্মৰ বিনিময় ত যিবোৰতেওঁ লোকে কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ

أَلَيْسَ ٱللَّهُ بِكَافٍ عَبْدَهُۥ ۖ وَيُخَوِّفُونَكَ بِٱلَّذِينَ مِن دُونِهِۦ ۚ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍۢ ﴿٣٦﴾

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাৰ্মিক আৰু পাৰ্থিৱ হিতসমূহক ৰক্ষা কৰিবলৈ আৰু তেওঁক শত্ৰুসকলৰ পৰা সুৰক্ষা দিবলৈ আল্লাহেই যথেষ্ট নহয় নে? কিয় নহয় , নিশ্চয় তেৱেঁই যথেষ্ট । হে ৰাছু ল! ইহঁ তে অজ্ঞানতা আৰু মুৰ্খতাৰ ফলত আপোনাক সিহঁ তৰ মূৰ্ত্তিবোৰৰ পৰা ভয় দেখুৱায় যে, সেইবোৰে আপোনাক ক্ষতি কৰিব যিবোৰক সিহঁ তে আল্লাহৰ বাহিৰে উপাসনা কৰে। আল্লাহে যাক নিলগীয়া কৰে তথা হিদায় তৰ তাওফীক নিদিয়ে , তাক কোনেও হিদায় ত দিব নোৱাৰে আৰু ইয়াৰ তাওফীকো দিব নোৱাৰে।

وَمَن يَهْدِ ٱللَّهُ فَمَا لَهُۥ مِن مُّضِلٍّ ۗ أَلَيْسَ ٱللَّهُ بِعَزِيزٍۢ ذِى ٱنتِقَامٍۢ ﴿٣٧﴾

আল্লাহে যাক হিদায় তৰ তাওফীক প্ৰদান কৰে, তাক কোনেও পথভ্ৰ ষ্টকৰিব নোৱাৰে। আল্লাহ মহাপৰাক্ৰ মশালী নহয় নে? যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ হৈছে কুফৰী আৰু পাপকৰ্ম কৰা ব্যক্তিৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী। নিশ্চয়, ইয়াত কোনো সন্দে হ নাই। নিশ্চয় তেওঁ মহাপৰাক্ৰ মশালী,প্ৰতিশোধগ্ৰ হণকাৰী।

وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ ٱللَّهُ ۚ قُلْ أَفَرَءَيْتُم مَّا تَدْعُونَ مِن دُونِ ٱللَّهِ إِنْ أَرَادَنِىَ ٱللَّهُ بِضُرٍّ هَلْ هُنَّ كَـٰشِفَـٰتُ ضُرِّهِۦٓ أَوْ أَرَادَنِى بِرَحْمَةٍ هَلْ هُنَّ مُمْسِكَـٰتُ رَحْمَتِهِۦ ۚ قُلْ حَسْبِىَ ٱللَّهُ ۖ عَلَيْهِ يَتَوَكَّلُ ٱلْمُتَوَكِّلُونَ ﴿٣٨﴾

হে ৰাছু ল! এই মুশ্বৰিকসকলক যদি আপুনি প্ৰশ্নকৰে যে, আকাশমণ্ডল আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে, তেতিয়া সিহঁ তে নিশ্চয় ক’বঃ সেইবোৰক আল্লাহেই সৃষ্টি কৰিছে। এতেকে আপুনি সিহঁ তৰ উপাস্যবোৰৰ অপাৰগতা তথা দুৰ্বলতা প্ৰকাশ কৰি সিহঁ তক কওক, তোমালোকে আল্লাহক এৰি যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, যদি আল্লাহে মোক কিবা ক্ষতি কৰিব বিচাৰে তেন্তে সেইবোৰে মোক সেই ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি দয়া কৰিব বিচাৰে তেন্তে সেইবোৰে মোৰ পৰা তেওঁৰ দয়াক প্ৰতিৰোধ কৰিব পাৰিবনে? আপুনি সিহঁ তক কৈ দিয় ক, মোৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট । মই সকলো কৰ্মতে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰোঁ। গতিকে ভৰসাকাৰীসকলে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।

قُلْ يَـٰقَوْمِ ٱعْمَلُوا۟ عَلَىٰ مَكَانَتِكُمْ إِنِّى عَـٰمِلٌۭ ۖ فَسَوْفَ تَعْلَمُونَ ﴿٣٩﴾

হে ৰাছু ল! আপুনি কওক, হে মোৰ জাতিৰ লোকসকল! তোমালোকে শ্বি ৰ্কৰ যিটো অৱস্থাক পছন্দ কৰি লৈছা, সেইমতেই আমল কৰি থাকা। আনহাতে ময়ো মোৰ প্ৰতিপালকৰ আদেশ অনুযায়ী আমল কৰিম, লগতে মানুহক তাওহীদৰ পিনে আৰু নিৰ্ভে জাল ইবাদতৰ পিনে আহ্বান কৰি থাকিম। অনতিপলমে তোমালোকে জানিব পাৰিবা, কোন পথৰ কি পৰিণাম। من يأتيه عذاب يخزيه ويحل عليه عذاب مقيم

مَن يَأْتِيهِ عَذَابٌۭ يُخْزِيهِ وَيَحِلُّ عَلَيْهِ عَذَابٌۭ مُّقِيمٌ ﴿٤٠﴾

তোমালোকে শীঘ্ৰে ই গম পাবা পৃথিৱীত কাৰ ওপৰত অপমানকাৰী তথা লাঞ্ছনাকাৰী শাস্তি অৱতীৰ্ণ হ’ব আৰু আখিৰাতত অৱতীৰ্ণ হ’ব স্থায়ী শাস্তি । যি শাস্তি কেতিয়াও বিচ্ছিন্ন নহ’ব, আৰু সমাপ্ত ও নহ’ব।

إِنَّآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَـٰبَ لِلنَّاسِ بِٱلْحَقِّ ۖ فَمَنِ ٱهْتَدَىٰ فَلِنَفْسِهِۦ ۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۖ وَمَآ أَنتَ عَلَيْهِم بِوَكِيلٍ ﴿٤١﴾

হে ৰাছু ল! নিশ্চয় আমি আপোনাৰপ্ৰ তি সত্যসহকাৰেএই কোৰআন মানুহৰবাবেঅৱতীৰ্ণ কৰিছোঁ,যাতে আপুনি সিহঁ তক সতৰ্ক কৰে। এতেকে যিয়ে সৎপথ অৱলম্বন কৰিব, তাৰ এই সুপথ লাভ কৰাৰ উপকাৰ সি নিজেই ভোগ কৰিব। কাৰণ সি সুপথ লাভ কৰিলে আল্লাহৰ কোনো উপকাৰ নহ'ব। কিয় নো আল্লাহৰ বাবে এইবোৰৰ কোনো প্ৰয়োজন নাই। আনহাতে যিয়ে সঠি ক পথৰ পৰা আঁতৰি যাব, এই বিভ্ৰান্ত হোৱাৰ ক্ষতি তাৰ নিজৰেই হ'ব। ইয়াৰফলত আল্লাহৰকোনো ক্ষতি নহয় । পক্ষান্ত ৰে(হে ৰাছু ল!) সঠি ক পথ গ্ৰহণ কৰিবলৈ সিহঁ তক বাধ্য কৰাৰো আপোনাৰহাতত কোনো ক্ষমতা নাই। আপোনাৰ দায়ি ত্বহৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটো পৌঁচাই দিবলৈ আপোনাক আদেশ দিয়া হৈছে। بلغ আল-কোৰআন · তাফছীৰ

ٱللَّهُ يَتَوَفَّى ٱلْأَنفُسَ حِينَ مَوْتِهَا وَٱلَّتِى لَمْ تَمُتْ فِى مَنَامِهَا ۖ فَيُمْسِكُ ٱلَّتِى قَضَىٰ عَلَيْهَا ٱلْمَوْتَ وَيُرْسِلُ ٱلْأُخْرَىٰٓ إِلَىٰٓ أَجَلٍۢ مُّسَمًّى ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يَتَفَكَّرُونَ ﴿٤٢﴾

আল্লাহেই সেইসমূ হ প্ৰাণ হৰণ কৰিলয় ,যিবোৰৰনিৰ্ধাৰিত সময় সম্পূৰ্ণ হৈছে। আনহাতে যিবোৰৰনিৰ্ধাৰিত সময় সম্পূৰ্ণ হোৱানাই,সেইবোৰক তেৱেঁই আয় ত্বত ৰাখে টোপনিৰ সময় ত। এতেকে যিবোৰৰ ক্ষেত্ৰত তেওঁ মৃত্যুৰ সিদ্ধান্ত লৈছে সেইবোৰ প্ৰাণক তেওঁ ৰাখি দিয়ে , আৰু যিবোৰৰ বিষয়ে তেওঁ সিদ্ধান্ত লোৱা নাই সেইবোৰক তেওঁ ৰ জ্ঞান অনু সাৰে এটা নিৰ্দিষ্ট সময় লৈকে এৰি দিয়ে । নিশ্চয় এইবোৰৰ মাজত অৰ্থাৎ প্ৰাণবোৰক ধৰি ৰখা, এৰি দিয়া, তথা মৃত্যু প্ৰদান আৰু জীৱনদান আদিৰ মাজত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে এই বিষয় লৈ চিন্তা-চৰ্চা কৰে যে, যি সত্ত্বাই এইবোৰ কৰিবলৈ সক্ষম তেওঁ নিশ্চয় হিচাপ-নিকাচ আৰু প্ৰতিদানৰবাবে মানু হৰমৃ ত্যুৰপিছত সিহঁ তক পুনৰুত্থিত কৰিবলৈও সক্ষম।

أَمِ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ شُفَعَآءَ ۚ قُلْ أَوَلَوْ كَانُوا۟ لَا يَمْلِكُونَ شَيْـًۭٔا وَلَا يَعْقِلُونَ ﴿٤٣﴾

মুশ্বৰিকসকলে সিহঁ তৰ কিছু মান মূৰ্ত্তিক মধ্যস্ত তাকাৰী বনাই লৈছে, সিহঁ তে আল্লাহৰ বাহিৰে সেইবোৰৰ ওচৰতেই উপকাৰ কামনা কৰে। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, যদি তোমালোকৰ বাবে অথবা সিহঁ তৰ নিজৰ বাবে এইবোৰৰ কিবা কৰাৰ ক্ষমতা নাথাকে নাইবা এইবোৰে যদি একো বুজিও নাপায় , তথাপিও তোমালোকে এইবোৰক নিজৰমধ্যস্ত তাকাৰী বুলি গ্ৰহণ কৰিবা নেকি? তেন্তে জানি থোৱা! এইবোৰহৈছে চেতনাহীন জড় পদাৰ্থ মাত্ৰ, যিবোৰে কথাও ক'ব নোৱাৰে, শুনিবও নোৱাৰে, দেখিবও নোৱাৰে আৰু উপকাৰ বা অপকাৰ কৰাৰো সিহঁ তৰ কোনো ক্ষমতা নাই।

قُل لِّلَّهِ ٱلشَّفَـٰعَةُ جَمِيعًۭا ۖ لَّهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ ثُمَّ إِلَيْهِ تُرْجَعُونَ ﴿٤٤﴾

হে ৰাছু ল! আপুনি এই মু শ্বৰিকসকলক কৈ দিয় ক, শ্বাফাআতৰ সম্পূৰ্ণ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ হাতত। তেওঁ ৰ অনু মতি অবিহনে তেওঁ ৰ ওচৰত কোনেও শ্বাফাআত কৰিবনোৱাৰে। আনহাতে শ্বাফাআত গ্ৰহণযোগ্য হ’বকেৱল সেই ব্যক্তিৰসপক্ষে, যাৰওপৰত আল্লাহ সন্তু ষ্ট। আকাশমণ্ডল আৰু পৃথিৱীৰ ক্ষমতাধৰ একমাত্ৰ তেৱেঁই। ইয়াৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে একমাত্ৰ তেওঁ ৰ ওচৰলৈকেই উভতি যাব লাগিব। তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

وَإِذَا ذُكِرَ ٱللَّهُ وَحْدَهُ ٱشْمَأَزَّتْ قُلُوبُ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ ۖ وَإِذَا ذُكِرَ ٱلَّذِينَ مِن دُونِهِۦٓ إِذَا هُمْ يَسْتَبْشِرُونَ ﴿٤٥﴾

যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় , তেতিয়া সেইসকল মু শ্বৰিকৰ অন্ত ৰ সংকীৰ্ণ হৈ পৰে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে তথা পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদানকো বিশ্বাস নকৰে। পক্ষান্ত ৰে যেতিয়া সেই মূ ৰ্ত্তিবোৰৰ বিষয়ে উল্লে খ কৰা হয় যিবোৰক সিহঁ তে আল্লাহৰ বাহিৰে উপাসনাকৰে,তেতিয়াসিহঁ ত আনন্দি ত হৈ পৰে।

قُلِ ٱللَّهُمَّ فَاطِرَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ عَـٰلِمَ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ أَنتَ تَحْكُمُ بَيْنَ عِبَادِكَ فِى مَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ ﴿٤٦﴾

হে ৰাছু ল! আপুনি কওক,হে আল্লাহ! তু মিয়ে ই পূৰ্বৱৰ্তী কোনোউদাহৰণ নোহোৱাকৈ আকাশমণ্ডল আৰুপৃথিৱীৰসৃষ্টি কৰ্তা,প্ৰকাশ্যঅপ্ৰ কাশ্যসম্পৰ্কে সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তু ৱেই গোপন নহয় , একমাত্ৰ তু মিয়ে ই কিয়ামতৰ দিনা বান্দাসকলৰ মাজত মীমাংসা কৰিবা, যিবোৰ বিষয় কলৈ সিহঁ তে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে সেইদিনা তু মিয়ে ই সত্য আৰু অসত্যৰ মাজত, তথা সৌভাগ্যশালী আৰু দুৰ্ভ গীয়াৰ মাজত পাৰ্থক্য কৰি দিবা।

وَلَوْ أَنَّ لِلَّذِينَ ظَلَمُوا۟ مَا فِى ٱلْأَرْضِ جَمِيعًۭا وَمِثْلَهُۥ مَعَهُۥ لَٱفْتَدَوْا۟ بِهِۦ مِن سُوٓءِ ٱلْعَذَابِ يَوْمَ ٱلْقِيَـٰمَةِ ۚ وَبَدَا لَهُم مِّنَ ٱللَّهِ مَا لَمْ يَكُونُوا۟ يَحْتَسِبُونَ ﴿٤٧﴾

যিসকলে শ্বি ৰ্কআৰু গুনাহৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে, পৃথিৱীৰ সকলো মূ ল্যৱান সা-সম্পদ, আনকি তাতোকৈও দ্বি গুণ সম্পদ যদি সিহঁ তৰ হৈ যায় , সেই সকলো সা-সম্পদ সিহঁ তে সেই কঠি ন শাস্তি ৰপৰা বাচিবলৈ মুক্তিপণ হিচাপে দিববিচাৰিব, যি শাস্তি সিহঁ তে মৃত্যুৰপিছত প্ৰত্যক্ষ কৰিব। যদিও সেইবোৰ সা-সম্পদ সিহঁতৰ হোৱাটো অসম্ভ ৱ। আনহাতে ধৰি লোৱা হ’ল যে, সেইবোৰ যদি সিহঁতৰ হয়ো যায় , তথাপিও মুক্তিপণ হিচাপে সেইবোৰ সিহঁ তৰ পৰা গ্ৰহণ কৰা নহ’ব। আল্লাহৰ ফালৰ পৰা সিহঁ তক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব, যিবোৰ সিহঁ তে কল্প নাও কৰা নাছিল। بلغ আল-কোৰআন · তাফছীৰ وبدا لهم سئات ما كسبواوحاق بهم ما كانوابه يستهزءون

وَبَدَا لَهُمْ سَيِّـَٔاتُ مَا كَسَبُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٤٨﴾

সিহঁ তে কৰা গুনাহ আৰু শ্বিৰ্ক ৰ দুষ্পৰিণাম সিহঁ তৰ সন্মুখত উপস্থাপন কৰা হ’ব, আৰু সিহঁ তক সেই শাস্তি য়ে পৰিবেষ্ট ন কৰিব যি শাস্তি ৰ পৰা পৃথিৱীত সিহঁ তক সতৰ্ক কৰাহৈছিল,কিন্তু সিহঁ তে সেই শাস্তি ৰবিষয়ে শুনি উপহাস কৰিছিল। ر

فَإِذَا مَسَّ ٱلْإِنسَـٰنَ ضُرٌّۭ دَعَانَا ثُمَّ إِذَا خَوَّلْنَـٰهُ نِعْمَةًۭ مِّنَّا قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلْمٍۭ ۚ بَلْ هِىَ فِتْنَةٌۭ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ ﴿٤٩﴾

يعلمون কোনো কাফিৰ ব্যক্তি য়ে যেতিয়া কোনো বেমাৰ-আজাৰ অথবা দৰিদ্ৰ তা আদিত আক্ৰান্ত হয় , তেতিয়া সি সেই বিপদ দূৰ কৰিবলৈ আমাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত যেতিয়া আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ আদি দান কৰোঁ, তেতিয়া সি কয়ঃ “আল্লাহে মোক এইবোৰ এইকাৰণে দান কৰিছে যে, মই এইবোৰৰ প্ৰকৃ ত উপযুক্ত”। দৰাচলতে এইটো হৈছে আল্লাহৰ ফালৰ পৰা পৰীক্ষা তথা অৱকাশহে। কিন্তু অধিকাংশ কাফিৰসকলেই এই বিষয়ে অৱগত নহয় । সেইকাৰণেই সিহঁ তে আল্লাহৰনিয়ামতসমূ হকলৈ প্ৰবঞ্চিত।

قَدْ قَالَهَا ٱلَّذِينَ مِن قَبْلِهِمْ فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ ﴿٥٠﴾

সিহঁ তৰপূৰ্বেও কাফিৰসকলে এই কথাষাৰকে কৈছিল। কিন্তু সিহঁ তৰ সেই উপাৰ্জিত ধন-সম্পদ আৰু পদমৰ্যাদা আদি কোনো কামত অহা নাছিল।

فَأَصَابَهُمْ سَيِّـَٔاتُ مَا كَسَبُوا۟ ۚ وَٱلَّذِينَ ظَلَمُوا۟ مِنْ هَـٰٓؤُلَآءِ سَيُصِيبُهُمْ سَيِّـَٔاتُ مَا كَسَبُوا۟ وَمَا هُم بِمُعْجِزِينَ ﴿٥١﴾

এতেকে সিহঁ তে কৰা গুনাহ আৰু শ্বিৰ্ক ৰ পৰিণামে সিহঁ তক আগুৰি ধৰিছিল। গতিকে গুনাহ আৰু শ্বিৰ্ক ৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰা এই উপস্থি ত লোকসকলকো পূৰ্বৱৰ্তী লোকসকলৰ দৰে ইহঁ তৰ কৃ তকৰ্মৰ পৰিণামে ইহঁ তক আৱৰি ধৰিব। এই লোকসকলে আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষাও পাব নোৱাৰে আৰু তেওঁ ক বিৱশ কৰিবও নোৱাৰিব।

أَوَلَمْ يَعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يُؤْمِنُونَ ﴿٥٢﴾

এই মু শ্বৰিকসকলে এই কথা কোৱাৰ আগতে এই তথ্যৰ প্ৰতি লক্ষ্য কৰা নাই নেকি যে, আল্লাহে যাক ইচ্ছা কৰে পৰীক্ষা কৰাৰ বাবে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে , সি কৃ তজ্ঞতা স্বীকাৰ কৰে নে নকৰে? আনহাতে কাৰোবাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে এই পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে আল্লাহৰ তাকদীৰকলৈ অসন্তু ষ্টহয় ? নিশ্চিতৰূপে জীৱিকাৰ প্ৰশস্ত তা আৰু ইয়াৰ সংকীৰ্ণতাৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁ লোকেই এইবোৰশিক্ষাৰদ্বাৰাউপকৃ ত হয় । আনহাতে কাফিৰসকলে এইবোৰৰপৰাবিমু খ হৈ পাৰহৈ যায় ।

۞ قُلْ يَـٰعِبَادِىَ ٱلَّذِينَ أَسْرَفُوا۟ عَلَىٰٓ أَنفُسِهِمْ لَا تَقْنَطُوا۟ مِن رَّحْمَةِ ٱللَّهِ ۚ إِنَّ ٱللَّهَ يَغْفِرُ ٱلذُّنُوبَ جَمِيعًا ۚ إِنَّهُۥ هُوَ ٱلْغَفُورُ ٱلرَّحِيمُ ﴿٥٣﴾

হে ৰাছুল! আপুনি মোৰ সেই বান্দাসকলক কৈ দিয় ক, যিসকলে শ্বিৰ্কত লিপ্ত হৈ অথবা গুনাহত পতিত হৈ সীমালঙ্ঘন কৰি নিজৰ ওপৰত অন্যায় কৰিছেঃ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা আৰু তোমালোকৰ গুনাহৰ মাগফিৰাতৰ পৰা নিৰাশ নহ’বা। নিঃসন্দে হে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰিদিয়ে , যিয়ে তেওঁ ৰওচৰত তাওবা কৰে। নিশ্চয় তেওঁ তাওবাকাৰী ব্যক্তি সকলৰপ্ৰ তি ক্ষমাশীল, তেওঁ লোকৰপ্ৰ তি দয়ালু।

وَأَنِيبُوٓا۟ إِلَىٰ رَبِّكُمْ وَأَسْلِمُوا۟ لَهُۥ مِن قَبْلِ أَن يَأْتِيَكُمُ ٱلْعَذَابُ ثُمَّ لَا تُنصَرُونَ ﴿٥٤﴾

তাওবা আৰু সৎকৰ্মৰ জৰিয় তে নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা, আৰু তেওঁ ৰ আদেশ মতে আমল কৰা। কিয়ামত দিৱসৰ শাস্তি অহাৰ পূৰ্বেই এইবোৰ আমল কৰা। তেতিয়া কিন্তু তোমালোকে তোমালোকৰ মূ ৰ্ত্তিবোৰক আৰু নিজৰ পৰিয়ালক বিচাৰি নাপাবা যে, তোমালোকক শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব। بلغ আল-কোৰআন · তাফছীৰ

وَٱتَّبِعُوٓا۟ أَحْسَنَ مَآ أُنزِلَ إِلَيْكُم مِّن رَّبِّكُم مِّن قَبْلِ أَن يَأْتِيَكُمُ ٱلْعَذَابُ بَغْتَةًۭ وَأَنتُمْ لَا تَشْعُرُونَ ﴿٥٥﴾

তথা সেই কোৰআনৰ অনু সৰণ কৰা, যিখন হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা সৰ্বোত্তম বাণী, এইখন তেওঁ ৰ ৰাছু লৰ ওপৰত অৱতীৰ্ণ হৈছে। এতেকে তোমালোকে ইয়াৰ আদেশসমূহ পালন কৰা আৰু ইয়াত বৰ্ণিত নিষেধকৃ ত বস্তু বোৰৰ পৰা বিৰত থকা। সেই শাস্তি অহাৰ পূৰ্বেই যিটো আকস্মিক আহিব, তোমালোকে অনু মানো কৰিব নোৱাৰিবা। লগতে তাওবা কৰি ইয়াৰ বাবে প্ৰস্তু তিও ল’ব নোৱাৰিবা।

أَن تَقُولَ نَفْسٌۭ يَـٰحَسْرَتَىٰ عَلَىٰ مَا فَرَّطتُ فِى جَنۢبِ ٱللَّهِ وَإِن كُنتُ لَمِنَ ٱلسَّـٰخِرِينَ ﴿٥٦﴾

এইবোৰ কাম সুচাৰুৰূপে পালন কৰা। অন্যথা কিয়ামতৰ দিনা চৰম লজ্জিত হৈ ক’ব লাগিব যে, হায় আফচোচ! কু ফৰী আৰু গুনাহৰ কামত লিপ্ত থাকি মই আল্লাহৰ অবাধ্যতা কৰিছিলোঁ, লগতে মু মিনসকলক তথা আনু গত্যকাৰীসকলক উপহাস কৰিছিলোঁ।

أَوْ تَقُولَ لَوْ أَنَّ ٱللَّهَ هَدَىٰنِى لَكُنتُ مِنَ ٱلْمُتَّقِينَ ﴿٥٧﴾

অথবা ভাগ্যক জগৰীয়া কৰি যাতে ক’বলগীয়া নহয় যে, যদি আল্লাহে মোক তাওফীক দিলেহেঁ তেন তেন্তে ময়ো মু ত্ত্বাক্বীসকলৰ অন্ত ৰ্ভু ক্তহ’লোঁহেঁ তেন। তেওঁ ৰআদেশ পালন কৰিলোঁহেঁ তেন আৰুতেওঁ ৰনিষেধকৃ ত বস্তু বোৰৰপৰাবিৰত থাকিলোঁহেঁ তেন।

أَوْ تَقُولَ حِينَ تَرَى ٱلْعَذَابَ لَوْ أَنَّ لِى كَرَّةًۭ فَأَكُونَ مِنَ ٱلْمُحْسِنِينَ ﴿٥٨﴾

অথবা শাস্তি দেখিও যাতে এইদৰে ক’বলগীয়া নহয় যে, হায়! যদি মই পৃথিৱীলৈ উভতি যাব পাৰিলোঁহেতেন তেন্তে নিশ্চয় আল্লাহৰ ওচৰত তাওবা কৰিলোঁহেঁ তেন। লগতেসেইসকললোকৰঅন্ত ৰ্ভু ক্তহ’লোঁহেঁ তেন,যিসকলেসৎকৰ্ম কৰে।

بَلَىٰ قَدْ جَآءَتْكَ ءَايَـٰتِى فَكَذَّبْتَ بِهَا وَٱسْتَكْبَرْتَ وَكُنتَ مِنَ ٱلْكَـٰفِرِينَ ﴿٥٩﴾

তোমাৰ এই হিদায় ত কামনা কৰাটো তেনেকু ৱা নহয় যিদৰে তুমি ধাৰণা কৰিছা। কাৰণ তোমাৰ ওচৰলৈ মোৰ নিদৰ্শনসমূহ আহিছিল, কিন্তু তুমি অহংকাৰ কৰি সেইবোৰক অস্বীকাৰ কৰিছিলা। আল্লাহৰ লগত কু ফৰী কৰিছিলা, তেওঁ ৰ আয়াতসমূ হক আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিছিলা।

وَيَوْمَ ٱلْقِيَـٰمَةِ تَرَى ٱلَّذِينَ كَذَبُوا۟ عَلَى ٱللَّهِ وُجُوهُهُم مُّسْوَدَّةٌ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًۭى لِّلْمُتَكَبِّرِينَ ﴿٦٠﴾

আপুনি দেখিবলৈ পাব কিয়ামতৰ দিনা সেইসকল লোকৰ মুখমণ্ডল ক’লা পৰিব, যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি তথা তেওঁৰ সৈতে সন্তানৰ বিষয় টো সম্পৃক্ত কৰি মিছা প্ৰচাৰ কৰিছে। এইটো দৰাচলতে সিহঁ তৰ দুৰ্ভ গীয়া হোৱাৰ প্ৰমাণ। আল্লাহ আৰু তেওঁ ৰ ৰাছু লসকলৰ প্ৰতি ঈমান পোষণ কৰাৰক্ষেত্ৰত অহংকাৰকৰালোকসকলৰঠি কনাজাহান্নাম নহয় নে?নিশ্চয় ,সেইখনেই হৈছে সিহঁ তৰঠি কনা।

وَيُنَجِّى ٱللَّهُ ٱلَّذِينَ ٱتَّقَوْا۟ بِمَفَازَتِهِمْ لَا يَمَسُّهُمُ ٱلسُّوٓءُ وَلَا هُمْ يَحْزَنُونَ ﴿٦١﴾

আল্লাহে সেইসকল লোকক শাস্তি ৰ পৰা ৰক্ষা কৰিব, যিসকলে তেওঁ ৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰিছিল। তেওঁ সেইসকল লোকক সফলতাৰ স্থানত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব। য’ত তেওঁলোকক কোনো শাস্তি য়ে স্পৰ্শ কৰিব নোৱাৰিব। তথা পৃথিৱীত এৰি থৈ যোৱা ভোগ সামগ্ৰীকলৈও চিন্তি ত নহ’ব।

ٱللَّهُ خَـٰلِقُ كُلِّ شَىْءٍۢ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ وَكِيلٌۭ ﴿٦٢﴾

তেৱেঁই প্ৰত্যেক বস্তু ৰসৃষ্টি কৰ্তা। তেওঁৰবাহিৰেআন কোনোসৃষ্টি কৰ্তানাই। তেৱেঁই প্ৰত্যেক বস্তু ৰসংৰক্ষক। তেৱেঁই সকলোবিষয় পৰিচালনাকৰে। যিদৰে বিচাৰে সেইদৰেই পৰাচালনা কৰে। بلغ আল-কোৰআন · তাফছীৰ

لَّهُۥ مَقَالِيدُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ أُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ ﴿٦٣﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰৰ চাবিকাঠি হৈছে একমাত্ৰ তেওঁ ৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে তাকেই ধন-সম্পদ দান কৰে, আৰু যাক ইচ্ছা কৰে তাক ইয়াৰ পৰা বঞ্চিত কৰে। এতেকে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁ তেই হৈছে প্ৰকৃ ত ক্ষতিগ্ৰ তস্। কিয় নো সিহঁ তে পাৰ্থিৱজীৱনত ঈমানৰপৰাবঞ্চিত আছিল,সেইকাৰণে সিহঁ তে আখিৰাতত জাহান্নামত প্ৰৱেশ কৰিব,য’ত সিহঁ তে চিৰকাল থাকিব।

قُلْ أَفَغَيْرَ ٱللَّهِ تَأْمُرُوٓنِّىٓ أَعْبُدُ أَيُّهَا ٱلْجَـٰهِلُونَ ﴿٦٤﴾

হে ৰাছু ল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয় ক, যিসকলে আপোনাক সিহঁ তৰ মূৰ্ত্তিৰ পূজা-অৰ্চ না কৰিবলৈ প্ৰৰোচনা দিয়ে , হে প্ৰতিপালক সম্পৰ্কে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ পূজা পাঠ কৰিবলৈ কোৱা নেকি? তেন্তে শুনা! একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয় । গতিকে তেওঁ ৰবাহিৰেমই আন কাৰো ইবাদত নকৰোঁ।

وَلَقَدْ أُوحِىَ إِلَيْكَ وَإِلَى ٱلَّذِينَ مِن قَبْلِكَ لَئِنْ أَشْرَكْتَ لَيَحْبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلْخَـٰسِرِينَ ﴿٦٥﴾

হে ৰাছু ল! আল্লাহে আপোনাৰপ্ৰ তি আৰুআপোনাৰপূৰ্বে অহাৰাছু লসকলৰপ্ৰ তি এই অহীপ্ৰে ৰণ কৰিছে যে,যদি আপুনি আল্লাহৰসৈতে আনৰইবাদত কৰে তেন্তে আপোনাৰ সকলো নেক কৰ্মৰ ছোৱাব বিনষ্ট হৈ যাব। তথা আপুনি পৃথিৱীত ক্ষতিগ্ৰ তস্সকলৰ তালিকাভু ক্তহ’ব, কাৰণ আপুনি দ্বীন পালনত বিফল হৈছে, আৰু আখিৰাতত শাস্তি ৰ সন্মুখীন হ’ব।

بَلِ ٱللَّهَ فَٱعْبُدْ وَكُن مِّنَ ٱلشَّـٰكِرِينَ ﴿٦٦﴾

বৰং আপুনি এককভাৱে আল্লাহৰ ইবাদত কৰক, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিব। লগতে তেওঁ আপোনাক যিবোৰ নিয়ামত দান কৰিছে সেইবোৰৰ বাবে তেওঁ ৰ কৃ তজ্ঞতা স্বীকাৰ কৰক।

وَمَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدْرِهِۦ وَٱلْأَرْضُ جَمِيعًۭا قَبْضَتُهُۥ يَوْمَ ٱلْقِيَـٰمَةِ وَٱلسَّمَـٰوَٰتُ مَطْوِيَّـٰتٌۢ بِيَمِينِهِۦ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ ﴿٦٧﴾

عما يشركون আল্লাহক যিদৰে সন্মান কৰা উচিত, মু শ্বৰিকসকলে সেইদৰে সন্মান কৰা নাই। কাৰণ সিহঁ তে তেওঁ ৰ দুৰ্বল সৃষ্টি বোৰকো তেওঁ ৰ অংশী স্থাপন কৰি লৈছে। আনহাতে আল্লাহৰ মহান ক্ষমতাৰ নিদৰ্শনবোৰক আওকাণ কৰিছে, অথচ তেওঁৰ ক্ষমতাৰ এটা প্ৰমাণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা বিশাল পৰ্বতসমূ হ, নদ-নদী আৰু সাগৰ-মহাসাগৰসমূ হ থকা সত্তেও এই পৃথিৱীক নিজৰ হাতৰ মু ঠি ত ল’ব। আনহাতে সাতখন আকাশক তেওঁ নিজৰ সোঁহাতত মেৰিয়াই ল’ব। তেওঁ মহা পৱিত্ৰ তথা সুউচ্চ সেই সকলো বিষয় ৰ পৰা যিবোৰ মু শ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।

وَنُفِخَ فِى ٱلصُّورِ فَصَعِقَ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ إِلَّا مَن شَآءَ ٱللَّهُ ۖ ثُمَّ نُفِخَ فِيهِ أُخْرَىٰ فَإِذَا هُمْ قِيَامٌۭ يَنظُرُونَ ﴿٦٨﴾

قيام ينظرون শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যিদিনা শিঙাত ফুঁ দিব, সেইদিনা আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো প্ৰাণীয়ে মৃ ত্যুবৰণ কৰিব, কেৱল সেইসকলৰ বাহিৰে যিসকলক আল্লাহে মৃ ত্যু দিব নিবিচাৰিব। ইয়াৰ পিছত ফিৰিস্তাই সকলো প্ৰাণীকে জীৱিত কৰিবলৈ দ্বি তীয় ফুঁ দিব। তেতিয়া সকলো প্ৰাণী জীৱিত হৈ থিয় হ’বআৰুপ্ৰ ত্যক্ষ কৰিবআল্লাহে সিহঁ তৰবাবেকি ব্যৱস্থা লয় ।

وَأَشْرَقَتِ ٱلْأَرْضُ بِنُورِ رَبِّهَا وَوُضِعَ ٱلْكِتَـٰبُ وَجِا۟ىٓءَ بِٱلنَّبِيِّـۧنَ وَٱلشُّهَدَآءِ وَقُضِىَ بَيْنَهُم بِٱلْحَقِّ وَهُمْ لَا يُظْلَمُونَ ﴿٦٩﴾

যেতিয়া সৰ্বশক্তি মান পৱিত্ৰ আল্লাহে তেওঁ ৰ বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ দেখা দিব, তেতিয়া তেওঁ ৰ নূ ৰৰ দ্বাৰা পৃথিৱী আলোকিত হৈ পৰিব। সেইদিনা মানুহৰ কৰ্মফল (আমলনামা) উপস্থাপন কৰা হ’ব। আনহাতে নবীসকলক উপস্থি ত কৰা হ’ব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক নবীসকলৰসপক্ষে তথা তেওঁ লোকৰজাতিৰবিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থি ত কৰা হ’ব। আল্লাহে সকলোৰেমাজত ন্যায় সহকাৰে بلغ আল-কোৰআন · তাফছীৰ মীমাংসা কৰি দিব। সেইদিনা কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কোনো মানু হৰেই গুনাহ বৃদ্ধি কৰা নহ’ব আৰু কোনো ব্যক্তি ৰেই ছোৱাব হ্ৰাস কৰা নহ’ব। ووفيت كل نفس ما عملت وهوأعلمبما يفعلون

وَوُفِّيَتْ كُلُّ نَفْسٍۢ مَّا عَمِلَتْ وَهُوَ أَعْلَمُ بِمَا يَفْعَلُونَ ﴿٧٠﴾

আল্লাহে প্ৰত্যেক প্ৰাণীকেই পৰিপূৰ্ণৰূপে প্ৰতিদান দান কৰিব। আমল ভাল হওক অথবাবেয়া। নিশ্চয় আল্লাহে সিহঁ তৰকৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁ তৰ ভাল বেয়া কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয় । তেৱেঁই সিহঁ তক সেইদিনা সিহঁ তৰ কৰ্মৰ প্ৰতিদান দিব।

وَسِيقَ ٱلَّذِينَ كَفَرُوٓا۟ إِلَىٰ جَهَنَّمَ زُمَرًا ۖ حَتَّىٰٓ إِذَا جَآءُوهَا فُتِحَتْ أَبْوَٰبُهَا وَقَالَ لَهُمْ خَزَنَتُهَآ أَلَمْ يَأْتِكُمْ رُسُلٌۭ مِّنكُمْ يَتْلُونَ عَلَيْكُمْ ءَايَـٰتِ رَبِّكُمْ وَيُنذِرُونَكُمْ لِقَآءَ يَوْمِكُمْ هَـٰذَا ۚ قَالُوا۟ بَلَىٰ وَلَـٰكِنْ حَقَّتْ كَلِمَةُ ٱلْعَذَابِ عَلَى ٱلْكَـٰفِرِينَ ﴿٧١﴾

ى ফিৰিস্তাসকলে আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলক লাঞ্ছিত অপমানিত গোটত বিভিক্ত কৰি জাহান্নামৰ পিনে খেদি লৈ যাব। অৱশেষত যেতিয়া জাহান্নামৰ দুৱাৰডলিত গৈ সিহঁ তে উপস্থি ত হ’ব তেতিয়া তাত নিয়োজিত ৰক্ষক ফিৰিস্তাই জাহান্নামৰ দুৱাৰ খুলি দিব আৰু সিহঁ তক ভৰ্ৎ সনা কৰি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই কোনো ৰাছু ল প্ৰে ৰিত হোৱা নাছিল নেকি, যিয়ে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ আয়াতসমূ হ তিলাৱত কৰি শুনাইছিল, আৰু কিয়ামত দিৱসৰ সাক্ষাৎ আৰু ইয়াৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল”? তেতিয়া কাফিৰসকলে এই কথা স্বীকাৰ কৰি ক’বঃ হয় , নিশ্চয় আহিছিল, আৰু তেওঁলোকে এই যাৱতীয় দায়ি ত্ববোৰও পালন কৰিছিল। কিন্তু যিহেতু কাফিৰসকলৰ বিষয়ে শাস্তি ৰ সিদ্ধান্ত চূ ড়ান্ত হৈছে, গতিকে আমিও কাফিৰ আছিলোঁ।

قِيلَ ٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَـٰلِدِينَ فِيهَا ۖ فَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ ﴿٧٢﴾

সিহঁ তক অপমানিত কৰি তথা আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি, লগতে জাহান্নামৰ পৰা উলিওৱাৰ আশাত চেঁ চা পানী ঢালি সিহঁ তক কোৱা হ’বঃ জাহান্নামত প্ৰৱেশ কৰা,এইটোৱেহৈছে তোমালোকৰচিৰস্থায়ীবাসস্থান। সত্যৰপৰাঅহংকাৰকৰালোকসকলৰএই ঠি কনাকিমান যে নিকৃ ষ্টঠি কনা!

وَسِيقَ ٱلَّذِينَ ٱتَّقَوْا۟ رَبَّهُمْ إِلَى ٱلْجَنَّةِ زُمَرًا ۖ حَتَّىٰٓ إِذَا جَآءُوهَا وَفُتِحَتْ أَبْوَٰبُهَا وَقَالَ لَهُمْ خَزَنَتُهَا سَلَـٰمٌ عَلَيْكُمْ طِبْتُمْ فَٱدْخُلُوهَا خَـٰلِدِينَ ﴿٧٣﴾

ফিৰিস্তাসকলে সেইসকল মু মিনক যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ক ভয় কৰিছিল, তেওঁ লোকক বিনম্ৰ তা সহকাৰে সন্মানিত গোটত বিভক্ত কৰি জান্নাতৰ পিনে লৈ যাব। অৱশেষত তেওঁ লোকে যেতিয়া জান্নাতৰ ওচৰতগৈ উপস্থি ত হ'ব, তেতিয়া তেওঁ লোকৰ বাবে জান্নাতৰ দুৱাৰ খুলি দিয়া হ’ব। লগতে জান্নাতৰ দুৱাৰত নিয়োজিত ফিৰিস্তাসকলে তেওঁ লোকক ক’বঃ শান্তি অৱতীৰ্ণ হওক আপোনালোকৰ ওপৰত, তথা আপোনালোকে সকলো প্ৰকাৰ কষ্ট আৰু অপ্ৰি য় বস্তু ৰ পৰা নিৰাপদে থাকক! আপোনালোকৰ অন্ত ৰ আৰু কৰ্ম উভয়ে ই পৱিত্ৰ। গতিকে আপোনালোকে জান্নাতত প্ৰৱেশ কৰক, এইটোৱে আপোনালোকৰ চিৰস্থায়ী বাসস্থান।

وَقَالُوا۟ ٱلْحَمْدُ لِلَّهِ ٱلَّذِى صَدَقَنَا وَعْدَهُۥ وَأَوْرَثَنَا ٱلْأَرْضَ نَتَبَوَّأُ مِنَ ٱلْجَنَّةِ حَيْثُ نَشَآءُ ۖ فَنِعْمَ أَجْرُ ٱلْعَـٰمِلِينَ ﴿٧٤﴾

মু মিনসকলে জান্নাতত প্ৰৱেশ কৰি ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই ৰাছু লসকলৰ মাধ্যমত আমালৈ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি বাস্ত ৱত পৰিণত কৰিছে। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে,আমাক জান্নাতত প্ৰৱেশ কৰাবআৰুজান্নাতৰভূ মিৰউত্তৰাধিকাৰী কৰিব। তাত আমি য’ত ইচ্ছা ত’তেই অৱস্থান কৰিব পাৰিম। এতেকে যিসকল লোকে নিজ প্ৰতিপালকৰ সন্তু ষ্টি অৰ্জ ন কৰিবলৈ সৎকৰ্ম কৰে, তেওঁলোকৰ প্ৰতিদান কিমান যে উত্তম!

وَتَرَى ٱلْمَلَـٰٓئِكَةَ حَآفِّينَ مِنْ حَوْلِ ٱلْعَرْشِ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ ۖ وَقُضِىَ بَيْنَهُم بِٱلْحَقِّ وَقِيلَ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ ﴿٧٥﴾

কিয়ামতৰ দিনা ফিৰিস্তাসকলে মহাসিংহাসনক অৰ্থাৎ আৰছক পৰিবেষ্ট ন কৰি থাকিব। কাফিৰসকলে তেওঁক যিবোৰ অনুচিত বিষয় ৰ সৈতে সম্পৃক্ত কৰে, সেইবোৰৰ পৰা তেওঁ লোকে তেওঁ ক পৱিত্ৰ ঘোষণা কৰিব। আল্লাহে গোটেই সৃষ্টি জগতৰ মাজত ন্যায় সহকাৰে ফয় চালা কৰিব। এতেকে যিয়ে بلغ আল-কোৰআন · তাফছীৰ সন্মানৰ উপযুক্ত তাক সন্মান প্ৰদান কৰিব আৰু যিজন শাস্তি ৰ উপযুক্ত তাক শাস্তি বিহিব। কোৱা হ’বঃ সকলো ধৰণৰ প্ৰশংসা সৃষ্টি জগতৰ প্ৰতিপালক আল্লাহৰবাবে, তেৱেঁই মু মিন বান্দাসকলৰপক্ষত দয়াৰসিদ্ধান্ত গ্ৰহণ কৰিছে আৰুকাফিৰসকলৰবাবেশাস্তি ৰসিদ্ধান্ত লৈছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Az-Zumar — الزمر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা