মুখ্য পৃষ্ঠাতাফছীৰFaatir (35)

তাফছীৰ Faatir (35) — فاطر

মক্কী · 45 আয়াত

পঢ়ক · শুনকPDF ফাইল

ٱلْحَمْدُ لِلَّهِ فَاطِرِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ جَاعِلِ ٱلْمَلَـٰٓئِكَةِ رُسُلًا أُو۟لِىٓ أَجْنِحَةٍۢ مَّثْنَىٰ وَثُلَـٰثَ وَرُبَـٰعَ ۚ يَزِيدُ فِى ٱلْخَلْقِ مَا يَشَآءُ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿١﴾

ى সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টি কৰিছে। তেৱেঁই ফিৰিস্তাসকলক বাৰ্তাবাহক বনাইছে, তেওঁলোকেই ভাগ্য সম্পৰ্কীয় তেওঁৰ নিৰ্দেশনা জাৰি কৰে। তথা ফিৰিস্তাসকলৰ মাজতেই আছে এনেকু ৱা বাৰ্তাবাহক যিয়ে নবীসকলক অহী পৌঁচাই দিয়াৰ কৰ্মত নিয়োজিত। আল্লাহেই তেওঁলোকক সুচাৰুৰূপে দায়ি ত্বপালন কৰাৰ শক্তি প্ৰদান কৰিছে। তেওঁলোকৰ মাজৰ কিছু মানৰ আছে দুখন পাখি আৰু কিছু মানৰ আছে তিনিখন আৰু কিছু মানৰ আছে চাৰিখনকৈ পাখি। তেওঁলোকে সেইবোৰৰ সহায় ত আল্লাহৰ আদেশ জাৰি কৰিবলৈ উৰি ফু ৰে। আল্লাহে তেওঁ ৰ ইচ্ছানু সাৰে তেওঁ ৰ কিছু মান সৃষ্টি ক অংগ, সৌন্দ ৰ্যআৰু মনোমোহা সুৰৰ আকৰ্ষণ অধিক প্ৰদান কৰে। নিশ্চয় আল্লাহ সকলো বস্তু ৰওপৰত ক্ষমতাৱান। তেওঁ ক কোনেও অপাৰগ কৰিবনোৱাৰে।

مَّا يَفْتَحِ ٱللَّهُ لِلنَّاسِ مِن رَّحْمَةٍۢ فَلَا مُمْسِكَ لَهَا ۖ وَمَا يُمْسِكْ فَلَا مُرْسِلَ لَهُۥ مِنۢ بَعْدِهِۦ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٢﴾

প্ৰকৃ ততে প্ৰত্যেক বস্তু ৰ চাবি-কাঠি আছে আল্লাহৰ হাতত। এতেকে মানু হৰ বাবে জীৱিকা, হিদায় ত আৰু সুখ-শান্তি আদি যিবোৰ নিয়ামতৰ দুৱাৰ তেওঁ উন্মুক্ত কৰে, সেইটোক কোনেও বাধা দিব নোৱাৰে। আনহাতে তেওঁ যিটোক প্ৰতিৰোধ কৰে, সেইটোক উন্মক্ত কৰাৰো কাৰো ক্ষমতা নাই। তেওঁ মহাপ্ৰ ভু ত্বশালী, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ সৃষ্টি ৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান।

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ ۚ هَلْ مِنْ خَـٰلِقٍ غَيْرُ ٱللَّهِ يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ ۚ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ ﴿٣﴾

فأ نى تؤفكون হে মানৱজাতি! তোমালোকে আল্লাহৰ সেই নিয়ামতবোৰ স্মৰণ কৰা, যিবোৰ তোমালোকৰ হৃ দয় , জিভা আৰু বিভিন্ন অংগ-প্ৰত্যংগৰ দ্বাৰা প্ৰকাশ পায় । আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সৃষ্টি কৰ্তা আছে নেকি, যিয়ে তোমালোকক আকাশৰ পৰা পানী বৰ্ষণ কৰি তথা মাটি ৰ পৰা ফলমূ ল আৰু শস্যাদি উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? জানি থোৱা! তেওঁ ৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। ইয়াৰ পিছতো কিয় তোমালোকে এই সত্যৰ পৰা আঁতৰি যোৱা? তথা কিয় আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰা আৰু তেওঁৰ বিষয়ে ধাৰণা পোষণ কৰা যে, তেওঁৰ অংশীদাৰ আছে? অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰুতেৱেঁই তোমালোকক জীৱিকাপ্ৰ দান কৰে।

وَإِن يُكَذِّبُوكَ فَقَدْ كُذِّبَتْ رُسُلٌۭ مِّن قَبْلِكَ ۚ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ ﴿٤﴾

হে ৰাছু ল! যদি আপোনাৰসম্প্ৰ দায়ে আপোনাক অস্বীকাৰকৰিছে তেন্তে ধৈৰ্য্যধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছু ল নহয় ,যাক তেওঁৰসম্প্ৰ দায়ে অস্বীকাৰ কৰিছে। বৰং আপোনাৰ পূৰ্বেও ৰাছু লসকলক তেওঁলোকৰ সম্প্ৰ দায়ে অস্বীকাৰ কৰিছিল; যেনে- আদ, ছামূদ আৰু লূত সম্প্ৰ দায় । সকলো বিষয় একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। অৱশেষত তেৱেঁই অস্বীকাৰকাৰীসকলক ধ্বংস কৰিব। তথা তেওঁৰ ৰাছুলসকলক আৰু মু মিনসকলক সহায় কৰিব। ق

يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ ۖ فَلَا تَغُرَّنَّكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا ۖ وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلْغَرُورُ ﴿٥﴾

হে মানৱজাতি! আল্লাহে আখিৰাতৰজীৱন আৰুকিয়ামতৰপ্ৰ তিদান সম্পৰ্কে যি প্ৰতিশ্ৰুতি দান কৰিছে সেয়াসত্য,তাত সন্দে হৰকোনোঅৱকাশ নাই। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসে আৰু প্ৰবৃত্তিৰ চাহিদাই যেন তোমালোকক সৎকৰ্মৰ দ্বাৰা সেই দিৱসৰ প্ৰস্তু তি লোৱাৰ পৰা অমনোযোগী কৰি নাৰাখে। আনহাতে চয় তানে বাতিলক শোভনীয় কৰিউপস্থাপনৰজৰিয় তে তোমালোকক যেন প্ৰতাৰণা কৰিবনোৱাৰে। লগতে পাৰ্থিৱজীৱনৰপ্ৰ তি যাতে আকৰ্ষিত কৰিবনোৱাৰে। بلغ আল-কোৰআন · তাফছীৰ و

إِنَّ ٱلشَّيْطَـٰنَ لَكُمْ عَدُوٌّۭ فَٱتَّخِذُوهُ عَدُوًّا ۚ إِنَّمَا يَدْعُوا۟ حِزْبَهُۥ لِيَكُونُوا۟ مِنْ أَصْحَـٰبِ ٱلسَّعِيرِ ﴿٦﴾

হে মানৱজাতি! নিশ্চয় চয় তান হৈছে তোমালোকৰচিৰস্থায়ীশত্ৰু। এতেকে তাক শত্ৰুবুলি গণ্যকৰিসদায় তাৰবিৰুদ্ধে মাৰবান্ধি থিয় হোৱা। প্ৰকৃ ততে চয় তানে তাৰঅনুসাৰীসকলক আল্লাহৰকু ফৰীৰপিনে আহ্বান কৰে। যাতে কিয়ামতৰদিনা সিহঁ তে জ্বলন্ত জুইত প্ৰৱেশ কৰিঅন্তি ম পৰিণাম ভোগ কৰিব পাৰে।

ٱلَّذِينَ كَفَرُوا۟ لَهُمْ عَذَابٌۭ شَدِيدٌۭ ۖ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُم مَّغْفِرَةٌۭ وَأَجْرٌۭ كَبِيرٌ ﴿٧﴾

যিসকল লোকে আল্লাহৰ লগত কু ফৰী কৰি চয় তানৰ অনুসৰণ কৰিছে, সিহঁতৰ বাবে আছে কঠি ন শাস্তি । আনহাতে যিসকলে সৎকৰ্ম কৰিছে, তেওঁ লোকৰ বাবে আল্লাহৰ ওচৰত আছে তেওঁ লোকৰ গুনাহৰ মাগফিৰাত আৰু মহাপ্ৰ তিদান, অৰ্থাৎ জান্নাত।

أَفَمَن زُيِّنَ لَهُۥ سُوٓءُ عَمَلِهِۦ فَرَءَاهُ حَسَنًۭا ۖ فَإِنَّ ٱللَّهَ يُضِلُّ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَٰتٍ ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا يَصْنَعُونَ ﴿٨﴾

চয় তানে যাৰ পাপ কৰ্মক শোভনীয় কৰি উপস্থাপন কৰিছে আৰু সেই ব্যক্তিয়ে সেইটোক ভাল বুলি ধাৰণা কৰে। এনেকু ৱা ব্যক্তিয়ে কেতিয়াও সেই ব্যক্তিৰ দৰে হ'ব নোৱাৰে, যাৰ বাবে সত্যক আল্লাহে শোভনীয় কৰি দিছে আৰু তেওঁ সেইটোক ভাল বুলি ধাৰণা কৰে। দৰাচলতে আল্লাহে যাক ইচ্ছা কৰে হিদায় ত দিয়ে , আৰু যাক ইচ্ছা কৰে পথভ্ৰ ষ্টকৰি দিয়ে । তেওঁক বাধ্য কৰিব পৰা কোনো নাই। এতেকে হে ৰাছু ল! আপুনি এই পথভ্ৰ ষ্টসকলৰ পথভ্ৰ ষ্টতাত চিন্তি ত হৈ নিজকে বিনাশ নকৰিব। নিশ্চয় আল্লাহ সিহঁ তৰকৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁ তৰকোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় ।

وَٱللَّهُ ٱلَّذِىٓ أَرْسَلَ ٱلرِّيَـٰحَ فَتُثِيرُ سَحَابًۭا فَسُقْنَـٰهُ إِلَىٰ بَلَدٍۢ مَّيِّتٍۢ فَأَحْيَيْنَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا ۚ كَذَٰلِكَ ٱلنُّشُورُ ﴿٩﴾

আল্লাহেই বতাহ প্ৰে ৰণ কৰে। এই বতাহেই মেঘক সঞ্চালন কৰে। ইয়াৰপিছত আমি সেই মেঘক এনেকু ৱা ঠাই লৈ খেদি লৈ যাওঁ, যি ঠাইত কোনো উদ্ভিদ নাই। তথা সেই পানীৰেউদ্ভিদ উৎপন্ন কৰিমৃ ত ভূ মিক জীৱিত কৰোঁ। যিদৰেআমি উদ্ভিদ উৎপন্ন কৰিমৃ ত ভূ মিক জীৱিত কৰোঁ, ঠি ক সেইদৰেই কিয়ামতৰ দিনা মৃ ত ব্যক্তি সকলক আমি পুনৰ্জীৱিত কৰিম।

مَن كَانَ يُرِيدُ ٱلْعِزَّةَ فَلِلَّهِ ٱلْعِزَّةُ جَمِيعًا ۚ إِلَيْهِ يَصْعَدُ ٱلْكَلِمُ ٱلطَّيِّبُ وَٱلْعَمَلُ ٱلصَّـٰلِحُ يَرْفَعُهُۥ ۚ وَٱلَّذِينَ يَمْكُرُونَ ٱلسَّيِّـَٔاتِ لَهُمْ عَذَابٌۭ شَدِيدٌۭ ۖ وَمَكْرُ أُو۟لَـٰٓئِكَ هُوَ يَبُورُ ﴿١٠﴾

যি ব্যক্তিয়ে পৃথিৱী অথবা আখিৰাতত সন্মান কামনা কৰে, তেনেকু ৱা আল্লাহৰ বাহিৰে আনৰ ওচৰত সন্মান কামনা কৰা উচিত নহয় । কাৰণ সন্মানৰ কৰ্তৃ ত্বএকমাত্ৰ আল্লাহৰ হাতত। বান্দাৰ ভাল চৰ্চা তেওঁ ৰ ওচৰলৈকেই আৰোহণ কৰে আৰু বান্দাৰ সৎকৰ্মও তেওঁ ৰ ওচৰলৈকেই উঠি যায় । যিসকলে কু চক্ৰান্ত ৰচে, যেনে- ৰাছুলক হত্যা কৰাৰ ষড়যন্ত্ৰ - সিহঁতৰ বাবে আছে কঠি ন শাস্তি । নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ বিফল হ’ব। সিহঁতৰ কোনো উদ্দেশ্যই সফল নহ’ব।

وَٱللَّهُ خَلَقَكُم مِّن تُرَابٍۢ ثُمَّ مِن نُّطْفَةٍۢ ثُمَّ جَعَلَكُمْ أَزْوَٰجًۭا ۚ وَمَا تَحْمِلُ مِنْ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِۦ ۚ وَمَا يُعَمَّرُ مِن مُّعَمَّرٍۢ وَلَا يُنقَصُ مِنْ عُمُرِهِۦٓ إِلَّا فِى كِتَـٰبٍ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌۭ ﴿١١﴾

আল্লাহেই তোমালোকৰ আদি পিতা আদমক মাটি ৰে সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক নাৰী আৰু পুৰুষৰূপে সৃষ্টি কৰিছে, যাতে পৰস্পৰক বিবাহ কৰিব পাৰা। যেতিয়াই কোনো নাৰীয়ে গৰ্ভ ধাৰণ কৰে, অথবা প্ৰসৱ কৰে বিষয় টো তেওঁ অৱগত থাকে। কোনো এটা বিষয়ে ই তেওঁ ৰ পৰা গোপন নহয় । তেওঁ ৰ সৃষ্টি ৰ মাজৰ পৰা কাৰো আয়ু বৃদ্ধি হওক অথবা হ্ৰাস হওক, সেইটো লিখা আছে লওহে মাহফু জত। এতেকে উক্ত বিষয় বোৰঅৰ্থাৎ প্ৰথমে মাটি ৰেতোমালোকক সৃষ্টি কৰা আৰুতাৰপিছত পৰ্যায় ক্ৰমে সৃষ্টি কৰা, লগতে লওহে মাহফু জত তোমালোকৰ আয়ু লিপিবদ্ধ থকা আদি বিষয় বোৰ আল্লাহৰ বাবে অতি সহজ। بلغ আল-কোৰআন · তাফছীৰ ي

وَمَا يَسْتَوِى ٱلْبَحْرَانِ هَـٰذَا عَذْبٌۭ فُرَاتٌۭ سَآئِغٌۭ شَرَابُهُۥ وَهَـٰذَا مِلْحٌ أُجَاجٌۭ ۖ وَمِن كُلٍّۢ تَأْكُلُونَ لَحْمًۭا طَرِيًّۭا وَتَسْتَخْرِجُونَ حِلْيَةًۭ تَلْبَسُونَهَا ۖ وَتَرَى ٱلْفُلْكَ فِيهِ مَوَاخِرَ لِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ ﴿١٢﴾

দুয়োখন সাগৰ সমান হ’ব নোৱাৰে। কাৰণ এখনৰ পানী হৈছে মিঠা, তথা মিঠা হোৱাৰ কাৰণে সেইখনৰ পানী খোৱাটো সহজ। আনহাতে দ্বি তীয় খনৰ পানী হৈছে নিমখীয়া তথা তিক্ত । ইমান নিমখীয়া যে, সেই পানী খোৱাটোও সম্ভ ৱ নহয় । উক্ত দুয়োখন সাগৰৰ পৰা তোমালোকে তাজা মাংস অৰ্থাৎ মাছ ভক্ষণ কৰিব পাৰা, লগতে মোতি, মুকু তা আদিও উলিওৱাব পাৰা, যিবোৰ তোমালোকে সৌন্দৰ্য বৃদ্ধি কৰিবলৈ পৰিধান কৰা। হে দৰ্শক! নিশ্চয় তোমালোকে দেখা পোৱা যে, জাহাজবোৰে সাগৰৰ বুকু ফালি অহা যোৱা কৰে, যাতে তোমালোকে ইয়াৰ জৰিয় তে দেশ-বিদেশলৈ ব্যৱসায় -বাণিজ্য কৰিব পাৰা তথা আল্লাহৰ অনু গ্ৰহ সন্ধান কৰিব পাৰা। যাতে তোমালোকে তোমালোকৰ ওপৰত কৰা আল্লাহৰ অসংখ্য নিয়ামতৰ কৃ তজ্ঞতা জ্ঞাপন কৰিব ل م পাৰা।

يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ كُلٌّۭ يَجْرِى لِأَجَلٍۢ مُّسَمًّۭى ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ لَهُ ٱلْمُلْكُ ۚ وَٱلَّذِينَ تَدْعُونَ مِن دُونِهِۦ مَا يَمْلِكُونَ مِن قِطْمِيرٍ ﴿١٣﴾

আল্লাহে ৰাতিক দিনৰভিতৰত প্ৰৱেশ কৰাই দিনক দীৰ্ঘ কৰিদিয়ে । তথাদিনক ৰাতিৰভিতৰত প্ৰৱেশ কৰাই ৰাতিক দীৰ্ঘ কৰিদিয়ে । আল্লাহেই চন্দ্ৰ সূৰ্য্যক নিয় ন্ত্ৰ ণ কৰে। উভয়ে ই এটানিৰ্ধাৰিত সময় লৈকে চলমান থাকিব। সেই নিৰ্ধাৰিত সময় ৰসঠি ক জ্ঞান একমাত্ৰআল্লাহৰওচৰতহে আছে। জানি থোৱা উচিত যে, নিৰ্ধাৰিত সময় ৰ দ্বাৰা ইয়াত কিয়ামত বুজোৱা হৈছে। তোমালোকৰ প্ৰতিপালক আল্লাহেই এই সময় নিৰ্ধাৰণ কৰিছে তথা এইবোৰক কামত নিয়োজিত কৰি ৰাখিছে। ৰাজত্ব একমাত্ৰ তেওঁ ৰেই। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূ ৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰে খেজুৰৰ গুটি ত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয় । এতেকে তোমালোকে মোক এৰি কিয় সেইবোৰৰ উপাসনা কৰা?

إِن تَدْعُوهُمْ لَا يَسْمَعُوا۟ دُعَآءَكُمْ وَلَوْ سَمِعُوا۟ مَا ٱسْتَجَابُوا۟ لَكُمْ ۖ وَيَوْمَ ٱلْقِيَـٰمَةِ يَكْفُرُونَ بِشِرْكِكُمْ ۚ وَلَا يُنَبِّئُكَ مِثْلُ خَبِيرٍۢ ﴿١٤﴾

خبير তোমালোকে যদি তোমালোকৰ উপাস্যবোৰৰ ওচৰত প্ৰাৰ্থনা কৰা, তথাপিও সিহঁ তে তোমালোকৰ প্ৰাৰ্থনা শুনা নাপাব। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু , সেইবোৰৰ মাজত প্ৰাণ নাই তথা সিহঁ তৰ শ্ৰৱণশক্তিও নাই। আলোচনাৰ খাতিৰত যদি ধৰি লওঁ যে, সেইবোৰে তোমালোকৰ প্ৰাৰ্থনা শুনা পায় , তথাপিও সেইবোৰে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি জনাব নোৱাৰিব। কিয়ামতৰ দিনা সেইবোৰে তোমালোকৰ উপাসনা আৰু শ্বিৰ্কৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। এতেকে হে ৰাছু ল! আল্লাহতকৈ অধিক সত্য সংবাদ আপোনাক আন কোনেও দিব নোৱাৰিব।

۞ يَـٰٓأَيُّهَا ٱلنَّاسُ أَنتُمُ ٱلْفُقَرَآءُ إِلَى ٱللَّهِ ۖ وَٱللَّهُ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ ﴿١٥﴾

হে মানৱজাতি! তোমালোকে সকলো ক্ষেত্ৰতে আৰু সকলো পৰিস্থি তিতেই আল্লাহৰ মুখাপেক্ষী। কিন্তু আল্লাহ হৈছে অমুখাপেক্ষী। কোনো ক্ষেত্ৰতেই তেওঁ তোমালোকক প্ৰয়োজনবোধনকৰে। তেওঁ বান্দাসকলৰবিষয়ে যি সিদ্ধান্ত ই নলওক কিয় , সেই ক্ষেত্ৰতেই পৃথিৱী আৰুআখিৰাতত তেওঁ হৈছে প্ৰশংসাৰ পাত্ৰ। إن يشأ يذهبكم ويأت بخلق جديد

إِن يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍۢ جَدِيدٍۢ ﴿١٦﴾

তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি নিঃশেষ কৰিব পাৰে আৰু তোমালোকৰ স্থানত অন্য কোনো মখলুক সৃষ্টি কৰিব পাৰে। যিবোৰে তেওঁৰ ইবাদত কৰিব আৰু কাকো তেওঁ ৰ অংশীদাৰ স্থাপন নকৰিব।

وَمَا ذَٰلِكَ عَلَى ٱللَّهِ بِعَزِيزٍۢ ﴿١٧﴾

তোমালোকক ধ্বংস কৰি নিঃশেষ কৰা আৰু তোমালোকৰ ঠাইত অন্য কোনো মখলুক সৃষ্টি কৰাটো আল্লাহৰ বাবে কোনো কঠি ন কাম নহয় । بلغ আল-কোৰআন · তাফছীৰ

وَلَا تَزِرُ وَازِرَةٌۭ وِزْرَ أُخْرَىٰ ۚ وَإِن تَدْعُ مُثْقَلَةٌ إِلَىٰ حِمْلِهَا لَا يُحْمَلْ مِنْهُ شَىْءٌۭ وَلَوْ كَانَ ذَا قُرْبَىٰٓ ۗ إِنَّمَا تُنذِرُ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ وَأَقَامُوا۟ ٱلصَّلَوٰةَ ۚ وَمَن تَزَكَّىٰ فَإِنَّمَا يَتَزَكَّىٰ لِنَفْسِهِۦ ۚ وَإِلَى ٱللَّهِ ٱلْمَصِيرُ ﴿١٨﴾

ى ى কোনো প্ৰাণীয়ে ই আন কোনো প্ৰাণীৰ পাপকৰ্মৰ বোজা বহন নকৰিব। বৰং প্ৰত্যেকেই নিজৰ নিজৰ গুনাহৰ বোজা নিজেই বহন কৰিব লাগিব। যদি কোনো প্ৰাণীয়ে পাপকৰ্মৰ বোজা বহন কৰিব নোৱাৰি অন্য কোনো প্ৰাণীক সহায় কৰিবলৈ আহ্বান কৰে, তথাপিও কোনো প্ৰাণীয়ে তাৰ বোজা বহন কৰিবলৈ প্ৰস্তু ত নহ'ব। যদিও সি কোনো নিকট আত্মীয় নহওক কিয় । হে ৰাছু ল! আপুনি কেৱল সেইসকল লোকক আল্লাহৰশাস্তি ৰপৰা ভয় দেখুৱাব পাৰে যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে, তথা পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। কাৰণ এওঁলোকেই হৈছে সেইসকল লোক, যিসকলে আপুনি পৌঁচাই দিয়া সতৰ্ক বাণীৰ দ্বাৰা উপকৃ ত হয় । এতেকে যিয়ে গুনাহৰ পৰা পৱিত্ৰতা অৰ্জ ন কৰিব – (জানি থোৱা উচিত যে, আটাইতকৈ ডাঙৰগুনাহ হৈছে শ্বি ৰ্ক ) - এই পৱিত্ৰতাসি নিজৰবাবেই অৱলম্বন কৰিব। কিয় নোইয়াৰপ্ৰ তিফল সি নিজেই ভোগ কৰিব। কাৰণ তাৰআনু গত্যৰপৰা আল্লাহ হৈছে অমু খাপেক্ষী। লগতে কিয়ামতৰদিনা হিচাপ-নিকাচ আৰুপ্ৰ তিদানৰবাবেআল্লাহৰওচৰতেই উভতি যাবলাগিব।

وَمَا يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ ﴿١٩﴾

মৰ্যাদাৰক্ষেত্ৰত কাফিৰআৰুমু মিন কেতিয়াও সমান হ’বনোৱাৰে। যিদৰেঅন্ধ ব্যক্তি আৰুদৃষ্টি সম্পন্ন ব্যক্তি সমান হ’বনোৱাৰে।

وَلَا ٱلظُّلُمَـٰتُ وَلَا ٱلنُّورُ ﴿٢٠﴾

কু ফৰ আৰু ঈমানো সমান হ’ব নোৱাৰে, যিদৰে অন্ধকাৰ আৰু পোহৰ সমান হ’ব নোৱাৰে।

وَلَا ٱلظِّلُّ وَلَا ٱلْحَرُورُ ﴿٢١﴾

এইদৰে জান্নাত আৰু জাহান্নামৰ প্ৰভাৱো সমান হ’ব নোৱাৰে, যেনেকৈ ছাঁ আৰু গৰম বতাহ সমান নহয় ।

وَمَا يَسْتَوِى ٱلْأَحْيَآءُ وَلَا ٱلْأَمْوَٰتُ ۚ إِنَّ ٱللَّهَ يُسْمِعُ مَن يَشَآءُ ۖ وَمَآ أَنتَ بِمُسْمِعٍۢ مَّن فِى ٱلْقُبُورِ ﴿٢٢﴾

মু মিনসকল আৰু কাফিৰসকল কেতিয়াও সমান হ’ব নোৱাৰে, যিদৰে জীৱিত আৰু মৃ তসকল সমান নহয় । প্ৰকৃ ততে আল্লাহে সেই ব্যক্তি ক শুনায় , যাক তেওঁ হিদায় ত দিববিচাৰে। হে ৰাছু ল! আপুনি কাফিৰসকলক কেতিয়াও শুনাবনোৱাৰিব,সিহঁ ত হৈছে প্ৰকৃ ততে কবৰত পৰিথকামৃ ত ব্যক্তি ৰসদৃশ। إن أنت إلا نذير

إِنْ أَنتَ إِلَّا نَذِيرٌ ﴿٢٣﴾

আপুনি সিহঁ তক কেৱল আল্লাহৰ শাস্তি ৰ পৰা ভয় দেখুৱাবহে পাৰিব।

إِنَّآ أَرْسَلْنَـٰكَ بِٱلْحَقِّ بَشِيرًۭا وَنَذِيرًۭا ۚ وَإِن مِّنْ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٌۭ ﴿٢٤﴾

হে ৰাছু ল! আমি আপোনাক সত্য সহকাৰে প্ৰে ৰণ কৰিছোঁ, ইয়াৰ মাজত কোনো সন্দে হ নাই। যাতে আপুনি মুমিনসকলক সেই উত্তম প্ৰতিদানৰ শুভ সংবাদ দিয়ে ,যিটো আল্লাহে তেওঁ লোকৰবাবেপ্ৰ স্তু ত কৰিৰাখিছে। লগতে কাফিৰসকলক কষ্ট দায় ক শাস্তি ৰপৰা সাৱধান কৰে। পূৰ্বৱৰ্তী উম্মতসকলৰ মাজৰ পৰা প্ৰত্যেক উম্মতৰ ওচৰতেই আল্লাহৰ ফালৰ পৰা একোজনকৈ ৰাছু ল আহিছিল, যিজনে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা সাৱধান কৰিছিল।

وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ وَبِٱلزُّبُرِ وَبِٱلْكِتَـٰبِ ٱلْمُنِيرِ ﴿٢٥﴾

হে ৰাছু ল! যদি আপোনাৰ সম্প্ৰ দায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছু ল নহয় , যাক তেওঁৰ সম্প্ৰ দায়ে অস্বীকাৰ কৰিছে। পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও সিহঁ তৰ ৰাছু লসকলক সিহঁ তে অস্বীকাৰ কৰিছিল। উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰ দায় । সিহঁ তৰৰাছু লসকলেসিহঁ তৰওচৰলৈপ্ৰ কাশ্যপ্ৰ মাণ লৈআগমন কৰিছিল,যিবোৰেৰাছু লসকলৰসত্যতাৰপ্ৰ মাণ বহন কৰিছিল। সিহঁ তৰ بلغ আল-কোৰআন · তাফছীৰ ৰাছু লসকলে সিহঁ তৰ ওচৰলৈ ছহীফা আৰু প্ৰকাশমান গ্ৰন্থলৈ আগমন কৰিছিল, যাতে সিহঁ তে গৱেষণা কৰে আৰু চিন্তা-চৰ্চা কৰে।

ثُمَّ أَخَذْتُ ٱلَّذِينَ كَفَرُوا۟ ۖ فَكَيْفَ كَانَ نَكِيرِ ﴿٢٦﴾

ইয়াৰ পিছতো সিহঁ তে আল্লাহ আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিছিল, লগতে আল্লাহৰ ফালৰ পৰা লৈ অহা ৰাছু লসকলৰ বাৰ্তাবোৰৰ অৱমাননা কৰিছিল। ফলত অস্বীকাৰকাৰীসকলক মই ধ্বংস কৰিছিলোঁ। এতেকে হে ৰাছু ল! আপুনি চিন্তা কৰিচাওক, মোক অস্বীকাৰকৰাৰপৰিণাম কেনেকু ৱা আছিল, যেতিয়া আমি সিহঁ তক ধ্বংস কৰিছিলোঁ।

أَلَمْ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَخْرَجْنَا بِهِۦ ثَمَرَٰتٍۢ مُّخْتَلِفًا أَلْوَٰنُهَا ۚ وَمِنَ ٱلْجِبَالِ جُدَدٌۢ بِيضٌۭ وَحُمْرٌۭ مُّخْتَلِفٌ أَلْوَٰنُهَا وَغَرَابِيبُ سُودٌۭ ﴿٢٧﴾

ألونها وغرابيب سود হে ৰাছু ল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহেই আকাশৰ পৰা বৰষুণৰ পানী বৰষায় । ইয়াৰ পিছত আমিয়ে ই সেই পানীৰ দ্বাৰা গছ-গছনিক সজীৱ কৰি বিভিন্ন ৰঙৰ ফল সৃষ্টি কৰোঁ, ৰঙা, সেউজীয়া আৰু হালধীয়া আদি। আনহাতে পৰ্বতৰ মাজতো আছে বিভিন্ন ৰঙৰ তস্ৰ, শুভ্ৰ , ৰঙা আৰু গাঢ় ক’লা আদি।

وَمِنَ ٱلنَّاسِ وَٱلدَّوَآبِّ وَٱلْأَنْعَـٰمِ مُخْتَلِفٌ أَلْوَٰنُهُۥ كَذَٰلِكَ ۗ إِنَّمَا يَخْشَى ٱللَّهَ مِنْ عِبَادِهِ ٱلْعُلَمَـٰٓؤُا۟ ۗ إِنَّ ٱللَّهَ عَزِيزٌ غَفُورٌ ﴿٢٨﴾

মানুহৰমাজত, জীৱ-জন্তু ৰমাজত আৰুঘৰচীয়া জন্তু ৰমাজতো আছে উপৰোক্ত বস্তু বোৰৰনিচিনা বিভিন্ন ৰং। প্ৰকৃ ততে বিজ্ঞ লোকসকলেই আল্লাহক ভয় কৰে তথা তেওঁৰ সন্মুখত থিয় হোৱাৰ গুৰুত্ব বুজি পায় । কাৰণ তেওঁলোকে তেওঁৰ গুণ সম্পৰ্কে , তেওঁৰ চৰীয় ত সম্পৰ্কে ভালকৈয়ে অৱগত তথা তেওঁৰ শক্তিক ভালকৈয়ে চিনি পায় । নিশ্চয় মহান আল্লাহ হৈছে মহাপৰাক্ৰ মশালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সেইসকল বান্দাৰ প্ৰতি অতি ক্ষমাশীল,যিসকলে তাওবাকৰে। ر

إِنَّ ٱلَّذِينَ يَتْلُونَ كِتَـٰبَ ٱللَّهِ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَنفَقُوا۟ مِمَّا رَزَقْنَـٰهُمْ سِرًّۭا وَعَلَانِيَةًۭ يَرْجُونَ تِجَـٰرَةًۭ لَّن تَبُورَ ﴿٢٩﴾

যিসকল লোকে আল্লাহৰ গ্ৰন্থতিলাৱত কৰে, যিখন আমি আমাৰ ৰাছু লৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু তাত থকা বিধান মতে তেওঁলোকে আমল কৰে, লগতে পৰিপূৰ্ণৰূপে আৰু উত্তমভাৱে চালাত আদায় কৰে, তথা আমি তেওঁ লোকক যি সম্পদ প্ৰদান কৰিছোঁ, তাৰ পৰা তেওঁ লোকে যাকাত প্ৰদান কৰে। লগতে প্ৰকাশ্য আৰু গোপনেও দান খয় ৰাত কৰে। তেওঁলোকে দৰাচলতে এইবোৰ আমলৰ জৰিয় তে আল্লাহৰ সৈতে এনেকু ৱা ব্যৱসায় কৰে, যি ব্যৱসায় ত ক্ষতি হোৱাৰ কোনো আশংকা নাই।

لِيُوَفِّيَهُمْ أُجُورَهُمْ وَيَزِيدَهُم مِّن فَضْلِهِۦٓ ۚ إِنَّهُۥ غَفُورٌۭ شَكُورٌۭ ﴿٣٠﴾

যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰকৰ্মৰপৰিপূৰ্ণ প্ৰতিদান দিয়ে । বৰংনিজ অনুগ্ৰ হত যাতে আৰু অধিক বৃদ্ধি কৰিদিয়ে । কাৰণ তেওঁলোকেই হৈছে ইয়াৰউপযুক্ত । নিশ্চয় আল্লাহ উক্ত বৈশিষ্ট্যৰঅধিকাৰী লোকসকলৰপ্ৰ তি ক্ষমাশীল আৰু তেওঁ লোকৰউত্তম আমলৰউচিত মৰ্যাদা প্ৰদানকাৰী।

وَٱلَّذِىٓ أَوْحَيْنَآ إِلَيْكَ مِنَ ٱلْكِتَـٰبِ هُوَ ٱلْحَقُّ مُصَدِّقًۭا لِّمَا بَيْنَ يَدَيْهِ ۗ إِنَّ ٱللَّهَ بِعِبَادِهِۦ لَخَبِيرٌۢ بَصِيرٌۭ ﴿٣١﴾

হে ৰাছুল! আমি আপোনাৰপ্ৰ তি যি গ্ৰন্থঅৱতীৰ্ণ কৰিছোঁ, সেইখনেই হৈছে সত্য। য’ত সন্দে হৰকোনো অৱকাশ নাই। আল্লাহে এইখনক পূৰ্বৱৰ্তী গ্ৰন্থবোৰৰ সমৰ্থনৰ বাবে অৱতীৰ্ণ কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱগত তথা সৰ্বদ্ৰ ষ্টা। গতিকে তেৱেঁই প্ৰত্যেক উম্মতৰ ৰাছু লৰপ্ৰ তি সেই উম্মতৰআৱশ্যকতা অনু যায়ী অহী প্ৰে ৰণ কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ

ثُمَّ أَوْرَثْنَا ٱلْكِتَـٰبَ ٱلَّذِينَ ٱصْطَفَيْنَا مِنْ عِبَادِنَا ۖ فَمِنْهُمْ ظَالِمٌۭ لِّنَفْسِهِۦ وَمِنْهُم مُّقْتَصِدٌۭ وَمِنْهُمْ سَابِقٌۢ بِٱلْخَيْرَٰتِ بِإِذْنِ ٱللَّهِ ۚ ذَٰلِكَ هُوَ ٱلْفَضْلُ ٱلْكَبِيرُ ﴿٣٢﴾

তাৰ পিছত আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক কোৰআন প্ৰদান কৰিছোঁ। তেওঁলোকক আমি আন আন উম্মতৰ পৰা নিৰ্বাচিত কৰিছোঁ। তেওঁলোকৰ মাজত আছে কিছু মান অন্যায় কাৰী, যিসকলে হাৰাম কামত লিপ্ত থাকে আৰু জৰুৰী কৰ্মবোৰ পৰিত্যাগ কৰে। তেওঁলোকৰ মাজৰ আন কিছু মান আছে মধ্যমপন্থী, তেওঁলোকে জৰুৰী কামবোৰ পালন কৰে আৰু হাৰাম কৰ্মবোৰ পৰিত্যাগ কৰে, কিন্তু তেওঁলোকে কিছু মান মুতাস্হাব কৰ্মও ত্যাগ কৰে আৰু কিছু মান অপছন্দ নীয় কৰ্ম কৰোঁতেও কু ণ্ঠাবোধ নকৰে। তেওঁলোকৰ মাজত আন কিছু মান আছে নেক কৰ্মৰ প্ৰতি অগ্ৰ গামী। তেওঁলোকে জৰুৰী কামৰ লগতে মুতাহাবস্ কৰ্মবোৰো নিয় মিতভাৱে পালন কৰে, তথা হাৰাম আৰু অপছন্দ নীয় কামবোৰ পৰিত্যাগ কৰে। ওপৰত যি যি উল্লে খ কৰা হ’ল -অৰ্থাৎ এই উম্মত হৈছে নিৰ্বাচিত তথা এই উম্মতক কোৰআন প্ৰদান কৰা হৈছে- এই সকলোবোৰহৈছে আল্লাহৰএটা ডাঙৰ অনু গ্ৰহ, আন কোনো অনু গ্ৰহই ইয়াৰসমান হ’বনোৱাৰে।

جَنَّـٰتُ عَدْنٍۢ يَدْخُلُونَهَا يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍۢ وَلُؤْلُؤًۭا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌۭ ﴿٣٣﴾

এই নিৰ্বাচিত লোকসকলে চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰিব। তাত তেওঁ লোকে পৰিধান কৰিব মু কু তা আৰু সোণৰ কঙ্কন, আৰু তেওঁ লোকৰ পোচাক হ’ব ৰেচমৰ।

وَقَالُوا۟ ٱلْحَمْدُ لِلَّهِ ٱلَّذِىٓ أَذْهَبَ عَنَّا ٱلْحَزَنَ ۖ إِنَّ رَبَّنَا لَغَفُورٌۭ شَكُورٌ ﴿٣٤﴾

তেওঁ লোকে জান্নাতত প্ৰৱেশ কৰাৰ পিছত ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আমাক চিন্তা মু ক্তকৰিছে। কাৰণ ইতিপূৰ্বে আমি জাহান্নামত প্ৰৱেশ কৰাৰ পৰা ভয় পোষণ কৰিছিলোঁ। নিশ্চয় আমাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহ ক্ষমা কৰিবলৈ অতি তৎপৰ। তথা তেওঁ লোকৰ আনু গত্যৰ বাবে তেওঁ লোকৰ গুণগ্ৰাহী।

ٱلَّذِىٓ أَحَلَّنَا دَارَ ٱلْمُقَامَةِ مِن فَضْلِهِۦ لَا يَمَسُّنَا فِيهَا نَصَبٌۭ وَلَا يَمَسُّنَا فِيهَا لُغُوبٌۭ ﴿٣٥﴾

তেৱেঁই নিজ অনুগ্ৰ হত আমাক চিৰস্থায়ী বাসস্থানত অৱতৰণ কৰাইছে, এই ক্ষেত্ৰত আমাৰ কোনো শক্তি সামৰ্থ নাছিল। য’ত আমাক ক্লান্তি ও স্পৰ্শ নকৰিব আৰু আমি ভাগৰিও নপৰিম।

وَٱلَّذِينَ كَفَرُوا۟ لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا۟ وَلَا يُخَفَّفُ عَنْهُم مِّنْ عَذَابِهَا ۚ كَذَٰلِكَ نَجْزِى كُلَّ كَفُورٍۢ ﴿٣٦﴾

যিসকলে আল্লাহৰ লগত কু ফৰী কৰিছে, সিহঁ তৰ বাবে আছে জাহান্নাম, য’ত সিহঁ তে চিৰকাল অৱস্থান কৰিব। সিহঁ তৰ বিৰুদ্ধে মৃত্যুৰ ফয় চালাও দিয়া নহ’ব যে, মৃ ত্যুবৰণ কৰি শাস্তি ৰ পৰা মু ক্তি লাভ কৰিব পাৰিব। ইপিনে জাহান্নামৰ শাস্তি ও লাঘৱ কৰা নহ’ব। এনেকু ৱা প্ৰতিফল আমি কিয়ামতৰ দিনা প্ৰত্যেক সেই ব্যক্তি ক প্ৰদান কৰিম, যিয়ে নিজ প্ৰতিপালকৰনিয়ামতক অগ্ৰাহ্যকৰিছে।

وَهُمْ يَصْطَرِخُونَ فِيهَا رَبَّنَآ أَخْرِجْنَا نَعْمَلْ صَـٰلِحًا غَيْرَ ٱلَّذِى كُنَّا نَعْمَلُ ۚ أَوَلَمْ نُعَمِّرْكُم مَّا يَتَذَكَّرُ فِيهِ مَن تَذَكَّرَ وَجَآءَكُمُ ٱلنَّذِيرُ ۖ فَذُوقُوا۟ فَمَا لِلظَّـٰلِمِينَ مِن نَّصِيرٍ ﴿٣٧﴾

তাত সিহঁ তে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা উলিয়াই নিয়া, আমি পৃথিৱীত যি আমল কৰিছিলোঁ তাৰ বিপৰীতে আমি এতিয়া নেক আমল কৰিম, যাতে আমি তোমাৰ সন্তু ষ্টি অৰ্জ ন কৰিব পাৰোঁ আৰু তোমাৰ শাস্তি ৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ। ইয়াৰ উত্তৰত আল্লাহে ক’বঃআমি তোমালোকক ইমানখিনি আয়ু দিয়া নাছিলোঁনে যে, শিক্ষা গ্ৰহণ কৰিব বিচৰা ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিলেহেঁতেন! তথা আল্লাহৰ ওচৰত তাওবা কৰি সদাচাৰী হ’ব পাৰিলেহেঁতেন?! আনকি তোমালোকক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওচৰত এজন ৰাছুলো আহিছিল। এতেকে এতিয়া তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ কোনো প্ৰমাণো নাই আৰু কোনো উচিত অজুহাতো নাই। গতিকে এতিয়া জাহান্নামৰ শাস্তি ভোগ কৰা। কু ফৰ তথা পাপকৰ্মত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো সহায় ক নাই, যিয়ে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব পাৰিব অথবা সেই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিব। بلغ আল-কোৰআন · তাফছীৰ

إِنَّ ٱللَّهَ عَـٰلِمُ غَيْبِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٣٨﴾

নিশ্চয় আল্লাহ আকাশমণ্ডল আৰুপৃথিৱীৰগায়ে বসম্পৰ্কে সৰ্বজ্ঞ। তেওঁ ৰজ্ঞানৰবাহিৰত একোৱেই নাই। বান্দাই নিজ অন্ত ৰত সৎ-অসৎ যি যি গোপন কৰে, সেই সকলো বিষয়ে নিশ্চিতভাৱে আল্লাহ অৱগত।

هُوَ ٱلَّذِى جَعَلَكُمْ خَلَـٰٓئِفَ فِى ٱلْأَرْضِ ۚ فَمَن كَفَرَ فَعَلَيْهِ كُفْرُهُۥ ۖ وَلَا يَزِيدُ ٱلْكَـٰفِرِينَ كُفْرُهُمْ عِندَ رَبِّهِمْ إِلَّا مَقْتًۭا ۖ وَلَا يَزِيدُ ٱلْكَـٰفِرِينَ كُفْرُهُمْ إِلَّا خَسَارًۭا ﴿٣٩﴾

হে মানৱজাতি! তেৱেঁই তোমালোকক প্ৰজন্ম আকাৰে সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকে কেনেকু ৱা আমল কৰা। এতেকে যিয়ে আল্লাহৰ লগত কু ফৰী কৰিব আৰু ৰাছু লে লৈ অহা বাৰ্তাক অগ্ৰাহ্য কৰিব, সেই কু ফৰীৰ গুনাহ আৰু শাস্তি সি নিজেই ভোগ কৰিব। তাৰ কু ফৰীয়ে তাৰ প্ৰতিপালকৰ একো ক্ষতি কৰিব নোৱাৰিব। কাফিৰসকলৰ কু ফৰীয়ে সিহঁতৰ বাবে প্ৰতিপালকৰ ওচৰত কেৱল ক্ৰোধহে বৃদ্ধি কৰে। লগতে কাফিৰসকলৰকু ফৰীয়ে সিহঁ তৰবাবেক্ষতিগ্ৰ তস্তাহে বৃদ্ধি কৰিব। কিয় নোসিহঁ তে সেই জান্নাতৰপৰাবঞ্চিত থাকিব,যিখন আল্লাহে সিহঁ তৰবাবে প্ৰস্তু ত কৰিছিল। হায়! যদি সিহঁ ত ঈমান আনিলেহেঁ তেন!

قُلْ أَرَءَيْتُمْ شُرَكَآءَكُمُ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ أَرُونِى مَاذَا خَلَقُوا۟ مِنَ ٱلْأَرْضِ أَمْ لَهُمْ شِرْكٌۭ فِى ٱلسَّمَـٰوَٰتِ أَمْ ءَاتَيْنَـٰهُمْ كِتَـٰبًۭا فَهُمْ عَلَىٰ بَيِّنَتٍۢ مِّنْهُ ۚ بَلْ إِن يَعِدُ ٱلظَّـٰلِمُونَ بَعْضُهُم بَعْضًا إِلَّا غُرُورًا ﴿٤٠﴾

ى হে ৰাছু ল! আপুনি এই মুশ্বৰিকসকলক সোধক, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক তেওঁৰ অংশীদাৰ স্থাপন কৰি উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, সেইবোৰে পৃথিৱীৰ কোনটো বস্তু সৃষ্টি কৰিছে? সিহঁ তে এই পৰ্বতবোৰ সৃষ্টি কৰিছে নেকি? নে এই নদীসমূহ সৃষ্টি কৰিছে? নে ইয়াত থকা জীৱ-জন্তু বোৰ সৃষ্টি কৰিছে? অথবা আকাশমণ্ডল সৃষ্টি কৰাৰ ক্ষেত্ৰত সিহঁ তে আল্লাহক সহায় কৰিছে নেকি? নাইবা সিহঁ তক আমি এনেকু ৱা কোনো গ্ৰন্থপ্ৰদান কৰিছোঁ নেকি, য’ত এইবোৰক অংশী কৰি ইবাদত কৰা বিষয় টোক অনুমোদন দিয়া হৈছে? নিশ্চয় এইবোৰৰ এটাৰো ভিত্তি নাই। দৰাচলতে কু ফৰী আৰুপাপকৰ্মৰজৰিয় তে নিজৰওপৰত অন্যায় কৰা লোকসকলে ইজনে সিজনক প্ৰবঞ্চনামূ লক প্ৰতিশ্ৰুতি দিয়ে ।

۞ إِنَّ ٱللَّهَ يُمْسِكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ أَن تَزُولَا ۚ وَلَئِن زَالَتَآ إِنْ أَمْسَكَهُمَا مِنْ أَحَدٍۢ مِّنۢ بَعْدِهِۦٓ ۚ إِنَّهُۥ كَانَ حَلِيمًا غَفُورًۭا ﴿٤١﴾

غفورا নিশ্চয় আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক আয় ত্তত ৰাখিছে, যাতে স্থানচ্যুত নহয় । ধৰি লোৱা হ’ল, যদি স্থানচ্যুত হয় তেন্তে আল্লাহৰ বাহিৰে আন কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে। তাওবাকাৰী বান্দাসকলৰ প্ৰতি তেওঁ অত্যন্ত ক্ষমাশীল।

وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَـٰنِهِمْ لَئِن جَآءَهُمْ نَذِيرٌۭ لَّيَكُونُنَّ أَهْدَىٰ مِنْ إِحْدَى ٱلْأُمَمِ ۖ فَلَمَّا جَآءَهُمْ نَذِيرٌۭ مَّا زَادَهُمْ إِلَّا نُفُورًا ﴿٤٢﴾

نفورا এই অস্বীকাৰকাৰী কাফিৰসকলে দৃঢ় শপত খাই কৈছিল যে, যদি আল্লাহে তেওঁৰ শাস্তি ৰ পৰা সতৰ্ক কৰিবলৈ সিহঁ তৰ ওচৰলৈ কোনো ৰাছু ল প্ৰে ৰণ কৰে, তেন্তে সিহঁ ত ইয়াহুদী আৰু খৃষ্টানসকলতকৈও অধিক সঠি ক পথত পৰিচালিত হ’ব তথা সত্যৰ অনুসৰণ কৰি দেখুৱাব। কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া আল্লাহৰ ফালৰ পৰা সিহঁ তৰ ওচৰলৈ ৰাছু ল হিচাপে প্ৰে ৰিত হ’ল, তথা সিহঁ তক তেওঁৰ শাস্তি ৰ পৰা সতৰ্ক কৰিলে, ফলত তেওঁৰ আগমনত সিহঁ ত আৰু অধিক সত্যৰ পৰা আঁতৰি গ’ল, লগতে বাতিলৰ লগত মিলিত হ’ল। এতেকে সিহঁ তে পূৰ্বৱৰ্তী লোকসকলতকৈ অধিক সঠি ক পথত থকাৰযি দৃঢ় অঙ্গীকাৰকৰিছিল,সেই দৃঢ় অঙ্গীকাৰৰওপৰত সিহঁ তে প্ৰতিষ্ঠি ত থাকিবনোৱাৰিলে। بلغ আল-কোৰআন · তাফছীৰ

ٱسْتِكْبَارًۭا فِى ٱلْأَرْضِ وَمَكْرَ ٱلسَّيِّئِ ۚ وَلَا يَحِيقُ ٱلْمَكْرُ ٱلسَّيِّئُ إِلَّا بِأَهْلِهِۦ ۚ فَهَلْ يَنظُرُونَ إِلَّا سُنَّتَ ٱلْأَوَّلِينَ ۚ فَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَبْدِيلًۭا ۖ وَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَحْوِيلًا ﴿٤٣﴾

আল্লাহৰ শপত খাই সিহঁ তে কৰা এই প্ৰতিশ্ৰুতিৰ উদ্দেশ্য সঠি ক নাছিল। ইয়াৰ উদ্দেশ্য আছিল পৃথিৱীত অহংকাৰ কৰি ফু ৰা আৰু মানুহক প্ৰবঞ্চনা কৰা। প্ৰকৃ ততে বেয়া চক্ৰান্ত ই একমাত্ৰ চক্ৰান্ত কাৰীকহে ক্ষতি কৰে। এই অহংকাৰকাৰীসকলে তথা চক্ৰান্ত কাৰীসকলে আল্লাহৰ প্ৰতিষ্ঠি ত নীতিৰ অপেক্ষাত আছে নেকি, অৰ্থাৎ সেই ধ্বংসৰ অপেক্ষাত আছে নেকি, যিদৰে সিহঁ তৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা হৈছিল। অহংকাৰীসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত আপুনি আল্লাহৰনীতিত কোনো ধৰণৰপৰিবৰ্ত ন নাপাব। তেওঁ কেতিয়াও সিহঁ তক শাস্তি নিদিয়াকৈ এৰিনিদিব। আপুনি আল্লাহৰএই নীতিত কোনো ওলট-পালটো নাপাবযে, সিহঁ তৰস্থানত বেলেগক শাস্তি বিহিব। কিয় নো এইটো হৈছে আল্লাহৰপ্ৰ তিষ্ঠি ত নীতি।

أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ وَكَانُوٓا۟ أَشَدَّ مِنْهُمْ قُوَّةًۭ ۚ وَمَا كَانَ ٱللَّهُ لِيُعْجِزَهُۥ مِن شَىْءٍۢ فِى ٱلسَّمَـٰوَٰتِ وَلَا فِى ٱلْأَرْضِ ۚ إِنَّهُۥ كَانَ عَلِيمًۭا قَدِيرًۭا ﴿٤٤﴾

কু ৰাইশ্বৰ মাজৰ যিসকল লোকে আপোনাক অস্বীকাৰ কৰিছে, সিহঁ তে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে সিহঁ তে গম পালেহেঁ তেন যে, পূৰ্বৱৰ্তী উম্মতৰ যিসকল লোকে অস্বীকাৰ কৰিছিল, সিহঁ তৰ শেষ পৰিণতি কেনেকু ৱা হৈছিল? সিহঁ তৰ পৰিণতি বেয়া নাছিলনে? তথা সিহঁ তক আল্লাহে ধ্বংস কৰা নাছিলনে? অথচ সিহঁ ত কু ৰাইশ্বতকৈও অধিক শক্তিশালী আছিল। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই আল্লাহৰ পৰা গোপন নহয় । নিশ্চয় তেওঁ এই অস্বীকাৰকাৰীসকলৰকৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁ তৰকোনো কৰ্মই তেওঁৰআয় ত্তৰবাহিৰত নহয় তথা গোপন নহয় । তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সিহঁ مতক ধ্বংস কৰিবলৈ সক্ষম।

وَلَوْ يُؤَاخِذُ ٱللَّهُ ٱلنَّاسَ بِمَا كَسَبُوا۟ مَا تَرَكَ عَلَىٰ ظَهْرِهَا مِن دَآبَّةٍۢ وَلَـٰكِن يُؤَخِّرُهُمْ إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى ۖ فَإِذَا جَآءَ أَجَلُهُمْ فَإِنَّ ٱللَّهَ كَانَ بِعِبَادِهِۦ بَصِيرًۢا ﴿٤٥﴾

যদি আল্লাহে মানুহৰ গুনাহ তথা পাপকৰ্মৰ ভিত্তিত লগে লগে শাস্তি বিহিলেহেঁ তেন, তেন্তে এতিয়াই পৃথিৱীবাসীক আৰু সিহঁ তৰ ধন-সম্পদৰ লগতে সিহঁতৰ জীৱ-জন্তু বোৰক ধ্বংস কৰিলেহেঁতেন। কিন্তু আল্লাহে সিহঁতক এটা নিৰ্ধাৰিত সময় লৈকে অৱকাশ দিছে, অৰ্থাৎ কিয়ামতলৈকে। এতেকে যেতিয়া কিয়ামত আহিব (তেতিয়া সিহঁ তৰ কোনো ৰক্ষা নাই)। জানি থোৱা! নিশ্চয় আল্লাহ তেওঁ ৰ বান্দাসকলৰ বিষয়ে সৰ্বদ্ৰ ষ্টা। সিহঁ তৰ কোনো কৰ্মই তেওঁ ৰ পৰা গোপন নহয় । তেৱেঁই সিহঁ তক সিহঁ তৰ কৰ্মৰ প্ৰতিদান দিব। ভাল হ’লে ভাল প্ৰতিদান পাব, আৰু বেয়া হ’লে বেয়া প্ৰতিদান পাব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Faatir — فاطر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা