ٱلْحَمْدُ لِلَّهِ ٱلَّذِى لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَلَهُ ٱلْحَمْدُ فِى ٱلْـَٔاخِرَةِ ۚ وَهُوَ ٱلْحَكِيمُ ٱلْخَبِيرُ ﴿١﴾
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যাৰ অধীনত আছে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু । তেৱেঁই সিহঁ তক সৃষ্টি কৰিছে, তেৱেঁই সেইবোৰৰ মালিক, আৰু তেৱেঁই সেইবোৰক নিয়ন্ত্ৰ ণ কৰে। সেই পৱিত্ৰ আল্লাহৰ বাবেই আছে আখিৰাতত প্ৰশংসা। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান। বান্দাৰঅৱস্থাসম্পৰ্কে তেওঁ সম্যক অৱহিত। তেওঁ ৰপৰাএকোৱেই গোপন নহয় ।
يَعْلَمُ مَا يَلِجُ فِى ٱلْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعْرُجُ فِيهَا ۚ وَهُوَ ٱلرَّحِيمُ ٱلْغَفُورُ ﴿٢﴾
তেওঁ সেই সকলো বস্তু সম্পৰ্কে অৱগত যিবোৰমাটি ৰভিতৰত সোমায় ,উদাহৰণস্ব ৰূপে পানী আৰুগছৰশিপা আদি। তেওঁ সেই বিষয়ে ও জানে যিবোৰ মাটি ৰ পৰা ওলায় , যেনে- উদ্ভিদ আদি। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ, ফিৰিস্তা আৰু জীৱিকা সম্পৰ্কে ও তেওঁ অৱগত। আনহাতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাৰ আমল আৰু সিহঁ তৰ প্ৰাণ সম্পৰ্কে ও অৱগত। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু। তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لَا تَأْتِينَا ٱلسَّاعَةُ ۖ قُلْ بَلَىٰ وَرَبِّى لَتَأْتِيَنَّكُمْ عَـٰلِمِ ٱلْغَيْبِ ۖ لَا يَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍۢ فِى ٱلسَّمَـٰوَٰتِ وَلَا فِى ٱلْأَرْضِ وَلَآ أَصْغَرُ مِن ذَٰلِكَ وَلَآ أَكْبَرُ إِلَّا فِى كِتَـٰبٍۢ مُّبِينٍۢ ﴿٣﴾
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ কিয়ামত কেতিয়াও সংঘটি ত নহ’ব। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, কিয় নহ’ব; আল্লাহৰ শপত! নিশ্চয় কিয়ামত সংঘটি ত হ’ব যিটোক তোমালোকে অস্বীকাৰ কৰি আছা। কিন্তু ইয়াৰ সঠি ক তথা নিৰ্ধাৰিত সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পৱিত্ৰ আল্লাহেই অদৃশ্য বিষয়াদি সম্পৰ্কে সৰ্বজ্ঞ, যেনে কিয়ামত সম্পৰ্কে অৱগত। আকাশমণ্ডল আৰু পৃথিৱীত সৰুতকৈও সৰু এটা পৰুৱাৰ সমানো কোনো বস্তু নাই, যিটো তেওঁৰ জ্ঞানৰ বাহিৰত আছে। আনকি ইয়াতকৈ সৰুৱে হওক অথবা ডাঙৰ, একোৱেই তেওঁৰ পৰা গোপন নহয় । সেই সকলোবোৰএখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফু জত লিপিবদ্ধ হৈ আছে। সেই গ্ৰন্থত কিয়ামত পৰ্যতন্হ’বলগীয়া সকলো বস্তু লিপিবদ্ধ আছে।
لِّيَجْزِىَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ ۚ أُو۟لَـٰٓئِكَ لَهُم مَّغْفِرَةٌۭ وَرِزْقٌۭ كَرِيمٌۭ ﴿٤﴾
আল্লাহে লওহে মাহফু জত যি যি লিপিবদ্ধ কৰিৰাখিছে, তাৰঅন্যতম কাৰণ হৈছে যাতে সেই অনু পাতে আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰা লোকসকলক আৰু সৎকৰ্ম কৰা লোকসকলক তেওঁ প্ৰতিদান দিব পাৰে। এনেকু ৱা লোকৰ বাবেই আল্লাহৰ ওচৰত আছে গুনাহৰ মাগফিৰাত। তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ'ব। তথা তেওঁ লোকৰ বাবে আছে উত্তম জীৱিকা, অৰ্থাৎ কিয়ামতৰ দিনা জান্নাতত সেইবোৰ তেওঁ লোকে লাভ কৰিব।
وَٱلَّذِينَ سَعَوْ فِىٓ ءَايَـٰتِنَا مُعَـٰجِزِينَ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌۭ مِّن رِّجْزٍ أَلِيمٌۭ ﴿٥﴾
আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহক যিসকলে বাতিল হিচাপে প্ৰতীয় মান কৰাবলৈ প্ৰয়াস কৰে, সিহঁ তে আমাৰ আয়াতসমূহক যাদু বুলি কয় । তথা আমাৰ ৰাছু লক যাদুকৰ আৰু কবি বুলি আখ্যায়ি ত কৰে। এনেকু ৱা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে অতি নিকৃ ষ্টতথা অতি কঠি ন শাস্তি ।
وَيَرَى ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ ٱلَّذِىٓ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ هُوَ ٱلْحَقَّ وَيَهْدِىٓ إِلَىٰ صِرَٰطِ ٱلْعَزِيزِ ٱلْحَمِيدِ ﴿٦﴾
চাহাবাসকলৰ মাজৰ বিদ্যানসকলে আৰু আহলে কিতাবসকলৰ মাজৰ পৰা যিসকল বিদ্যান লোকে ঈমান আনিছে, তেওঁ লোকে এই সাক্ষ্য প্ৰদান কৰে যে, আল্লাহে আপোনাৰ প্ৰতি অহীৰ দ্বাৰা যি অৱতীৰ্ণ কৰিছে সেয়া হৈছে পৰম সত্য, য’ত কোনো ধৰণৰ সন্দে হৰ অৱকাশ নাই। এই সত্যই সেই মহাপৰাক্ৰ মশালী সত্তাৰ পথ দেখুৱায় , যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ পৃথিৱী আৰু আখিৰাত উভয় তে প্ৰশংসিত। بلغ আল-কোৰআন · তাফছীৰ
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ هَلْ نَدُلُّكُمْ عَلَىٰ رَجُلٍۢ يُنَبِّئُكُمْ إِذَا مُزِّقْتُمْ كُلَّ مُمَزَّقٍ إِنَّكُمْ لَفِى خَلْقٍۢ جَدِيدٍ ﴿٧﴾
কাফিৰসকলে পৰস্পৰে পৰস্পৰক ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি তথা সেইবোৰক উপলুঙা কৰি কয়ঃ আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে জনাম নেকি, যিয়ে তোমালোকক কয় যে, যেতিয়া তোমালোকে মৃত্যুবৰণ কৰিবা আৰু তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ যাব, তাৰ পিছত আকৌ তোমালোকক নতু নকৈ পুনৰ্জীৱিত কৰা হ’ব?
أَفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَم بِهِۦ جِنَّةٌۢ ۗ بَلِ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ فِى ٱلْعَذَابِ وَٱلضَّلَـٰلِ ٱلْبَعِيدِ ﴿٨﴾
সিহঁ তে কয়ঃ এই মানু হজনে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা নাই জানো, সেইকাৰণেই তেওঁ আমাৰ মৃ ত্যুৰ পিছত পুনৰ্জীৱনৰ দাবী কৰি আছে? অথবা তেওঁ উন্মাদ হৈছে, সেইকাৰণেই মুখেৰে যি আহে সেইটোৱে কয় , যিবোৰৰ কোনো বাস্ত ৱিকতা নাই? বিষয় টো তেনেকু ৱা নহয় , যিদৰে ইহঁ তে ভাবি আছে। বৰংপ্ৰ কৃ ততে যিসকলে আখিৰাতৰপ্ৰ তি ঈমান পোষণ নকৰে, কিয়ামতৰদিনা সিহঁ ত কঠি ন শাস্তি ৰসন্মুখীন হ’ব, আনহাতে পৃথিৱীত সিহঁ তে সত্যৰ পৰা বিভ্ৰান্ত হৈ বহু দূৰৈত আঁতৰি থাকিব।
أَفَلَمْ يَرَوْا۟ إِلَىٰ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ ۚ إِن نَّشَأْ نَخْسِفْ بِهِمُ ٱلْأَرْضَ أَوْ نُسْقِطْ عَلَيْهِمْ كِسَفًۭا مِّنَ ٱلسَّمَآءِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَةًۭ لِّكُلِّ عَبْدٍۢ مُّنِيبٍۢ ﴿٩﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে পৃথিৱী আৰু আকাশখনক দেখা নাপায় নেকি? আমি ইচ্ছা কৰিলে সিহঁ তৰ ভৰিৰ তলত ভূ মিস্খলন সৃষ্টি কৰিব পাৰোঁ আৰু সিহঁ তক ভূ গৰ্ভ ত বিলীন কৰিব পাৰোঁ। লগতে আমি সিহঁ তৰ ওপৰত আকাশৰ কোনো এটা টু কু ৰা ভাঙি পেলাবলৈ ইচ্ছা কৰিলে, সেইটোও কৰিব পাৰোঁ। নিশ্চয় ইয়াত প্ৰত্যেক সেই বান্দাৰ বাবে এটা নিৰ্ণায় ক সংকেত আছে, যিয়ে নিজ প্ৰতিপালকৰ ওচৰলৈ অধিক প্ৰত্যাৱৰ্ত ন কামনা কৰে। তথা ইয়াক আল্লাহৰ ক্ষমতাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰে। কিয় নো যি সত্তাই এইবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছত তথা তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হোৱাৰ পিছতো তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম।
۞ وَلَقَدْ ءَاتَيْنَا دَاوُۥدَ مِنَّا فَضْلًۭا ۖ يَـٰجِبَالُ أَوِّبِى مَعَهُۥ وَٱلطَّيْرَ ۖ وَأَلَنَّا لَهُ ٱلْحَدِيدَ ﴿١٠﴾
নিশ্চয় আমি আমাৰ ফালৰ পৰা দাঊদ আলাইহিচ্ছালামক নু বুওৱত প্ৰদান কৰিছিলোঁ আৰু ৰাজত্ব প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতসমূ হক কৈছিলোঁ, হে পৰ্বতসমূহ! তোমালোকে দাঊদৰ সৈতে তাছবীহ পাঠ কৰা। এই নিৰ্দে শ আমি চৰাই-চিৰিকটি বিলাককো দিছিলোঁ। আমি তেওঁৰ বাবে লোহাক লেতু - সেতু কৰিদিছিলোঁ,যাতে তেওঁ নিজৰইচ্ছামতে প্ৰয়োজনীয় সা-সামগ্ৰী আদি বনাবপাৰে।
أَنِ ٱعْمَلْ سَـٰبِغَـٰتٍۢ وَقَدِّرْ فِى ٱلسَّرْدِ ۖ وَٱعْمَلُوا۟ صَـٰلِحًا ۖ إِنِّى بِمَا تَعْمَلُونَ بَصِيرٌۭ ﴿١١﴾
হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তু ত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তু ত কৰাৰ সময় ত) পেঁচ- গজালবোৰইমান পাতলকৈ নবনাবা যিবোৰফু টাত খাপ নাখায় , আৰুইমান মোটাকৈও নবনাবা যিবোৰফু টাত নোসোমায় । লগতে সৎকৰ্ম কৰিযোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয় । শীঘ্ৰে ই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।
وَلِسُلَيْمَـٰنَ ٱلرِّيحَ غُدُوُّهَا شَهْرٌۭ وَرَوَاحُهَا شَهْرٌۭ ۖ وَأَسَلْنَا لَهُۥ عَيْنَ ٱلْقِطْرِ ۖ وَمِنَ ٱلْجِنِّ مَن يَعْمَلُ بَيْنَ يَدَيْهِ بِإِذْنِ رَبِّهِۦ ۖ وَمَن يَزِغْ مِنْهُمْ عَنْ أَمْرِنَا نُذِقْهُ مِنْ عَذَابِ ٱلسَّعِيرِ ﴿١٢﴾
বতাহক আমি দাঊদৰ পুত্ৰ ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ। পুৱাৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু সন্ধিয়াৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰ ম কৰিছিল। আমি তেওঁ ৰবাবেগলিত তামৰপ্ৰ স্ৰৱন প্ৰবাহিত কৰিছিলোঁ,যাতে তেওঁ নিজৰইচ্ছামতে তামৰসা-সামগ্ৰী প্ৰস্তু ত কৰিবপাৰে,তথা এনেকু ৱা কিছুমান জিনক আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিসকলে নিজ প্ৰতিপালকৰ আদেশত তেওঁৰ সন্মুখত কাম কৰিছিল। জিনসকলৰ মাজৰ যিয়ে ই আমাৰ আদেশৰ পৰা বিমু খ হ’ব, আমি তাক জ্বলন্ত অগ্নিৰ শাস্তি উপভোগ কৰাম। بلغ আল-কোৰআন · তাফছীৰ
يَعْمَلُونَ لَهُۥ مَا يَشَآءُ مِن مَّحَـٰرِيبَ وَتَمَـٰثِيلَ وَجِفَانٍۢ كَٱلْجَوَابِ وَقُدُورٍۢ رَّاسِيَـٰتٍ ۚ ٱعْمَلُوٓا۟ ءَالَ دَاوُۥدَ شُكْرًۭا ۚ وَقَلِيلٌۭ مِّنْ عِبَادِىَ ٱلشَّكُورُ ﴿١٣﴾
এই জিনসকলে ছু লাইমানে বিচৰা সকলো বস্তু নিৰ্মাণ কৰিছিল। যেনে- চালাতৰ বাবে মছজিদ নিৰ্মাণ, অট্টালিকা, তথা তেওঁ বিচৰা দৃশ্যৰ ছবি, জলাশয় সদৃশ বৃহদাকাৰৰ পানী থোৱাৰ পাত্ৰ, লগতে সুদৃঢ় ভাৱে স্থাপিত সহজে লৰাব নোৱাৰা ৰন্ধন-পাত্ৰ নিৰ্মাণ কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ, হে দাঊদ-পৰিয়াল! আল্লাহে তোমালোকৰ ওপৰত যিবোৰ উপকাৰ কৰিছে, তাৰ বাবে তোমালোকে তেওঁ ৰ কৃ তজ্ঞতা প্ৰকাশ কৰা। কাৰণ মোৰ উপকাৰৰ বহুত কম সংখ্যক লোকেই কৃ তজ্ঞতাপ্ৰ কাশ কৰে।
فَلَمَّا قَضَيْنَا عَلَيْهِ ٱلْمَوْتَ مَا دَلَّهُمْ عَلَىٰ مَوْتِهِۦٓ إِلَّا دَآبَّةُ ٱلْأَرْضِ تَأْكُلُ مِنسَأَتَهُۥ ۖ فَلَمَّا خَرَّ تَبَيَّنَتِ ٱلْجِنُّ أَن لَّوْ كَانُوا۟ يَعْلَمُونَ ٱلْغَيْبَ مَا لَبِثُوا۟ فِى ٱلْعَذَابِ ٱلْمُهِينِ ﴿١٤﴾
কিন্তু যেতিয়া আমি ছু লাইমানৰ মৃ ত্যু চূ ড়ান্ত কৰিছিলোঁ, তেতিয়াও জিনসকলে একো গ'ম পোৱা নাছিল, সিহঁ তে গ'ম পাইছিল সেইবোৰ কীটৰ মাধ্যমত, যিবোৰে ছু লাইমানে ভৰ কৰি থকা লাখুটি ডালক খাই আছিল। এতেকে যেতিয়া তেওঁ মাটি ত বাগৰি পৰিল, তেতিয়াহে জিনসকলে বুজি পালে যে, সিহঁতে গায়েব সম্পৰ্কে একো নাজানে। যদি সিহঁতে গায়েব সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় এই লাঞ্ছনাদায়ক শাস্তি ত আৱদ্ধ হৈ নাথাকিলহেঁ তেন। অৰ্থাৎ সেই কঠি ন কামবোৰধাৰাবাহিকভাৱেনকৰিলেহেঁ তেন, যিবোৰসিহঁ তে ছু লাইমান আলাইহিচ্ছালামক জীৱিত বুলি ভাবিকৰি আছিল। সিহঁ তে ভাবিছিল যে,ছু লাইমান আলাইহিচ্ছালামে সিহঁ তক দেখিআছে।
لَقَدْ كَانَ لِسَبَإٍۢ فِى مَسْكَنِهِمْ ءَايَةٌۭ ۖ جَنَّتَانِ عَن يَمِينٍۢ وَشِمَالٍۢ ۖ كُلُوا۟ مِن رِّزْقِ رَبِّكُمْ وَٱشْكُرُوا۟ لَهُۥ ۚ بَلْدَةٌۭ طَيِّبَةٌۭ وَرَبٌّ غَفُورٌۭ ﴿١٥﴾
غفور ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁ ৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁ তক নিৰ্দে শ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পৰা পোৱা জীৱিকা ভক্ষণ কৰা,আৰুইয়াৰবাবেতেওঁ ক কৃ তজ্ঞতাজ্ঞাপন কৰা। এইখন এখন পৱিত্ৰনগৰ,আৰুশুনা! আল্লাহ হৈছে তোমালোকৰপ্ৰ তিপালক। তেওঁ অতি ক্ষমাশীল: যিয়ে ই তাওবা কৰি তেওঁ ৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে ।
فَأَعْرَضُوا۟ فَأَرْسَلْنَا عَلَيْهِمْ سَيْلَ ٱلْعَرِمِ وَبَدَّلْنَـٰهُم بِجَنَّتَيْهِمْ جَنَّتَيْنِ ذَوَاتَىْ أُكُلٍ خَمْطٍۢ وَأَثْلٍۢ وَشَىْءٍۢ مِّن سِدْرٍۢ قَلِيلٍۢ ﴿١٦﴾
তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞ হোৱাৰ পৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হৈছিল। ফলত আমি সিহঁতৰ সেই নিয়ামতসমূহক শাস্তি লৈ ৰূপান্ত ৰিত কৰিছিলোঁ। তথা সিহঁ তৰ ওপৰত সংহাৰী জলপ্ৰ লয় প্ৰে ৰণ কৰিছিলোঁ। যি বানে সিহঁ তৰ মথাউৰি ধ্বংস কৰিছিল আৰু সিহঁ তৰখেতি-পথাৰবুৰাই পেলাইছিল। লগতে সিহঁ তৰসেই বাগান দুখনক এনেকু ৱা বাগানত পৰিণত কৰিছিলোঁ, যিয়ে তিক্ত আৰু কেহেটা ফল প্ৰদান কৰিছিল। লগতে তাত আছিলকিছু মান ঝাউগছ আৰুসামান্যকেইজোপামান বগৰীগছ।
ذَٰلِكَ جَزَيْنَـٰهُم بِمَا كَفَرُوا۟ ۖ وَهَلْ نُجَـٰزِىٓ إِلَّا ٱلْكَفُورَ ﴿١٧﴾
এই পৰিৱৰ্ত নৰমূ ল কাৰণ হৈছে,সিহঁ তে কু ফৰীকৰিছিল আৰুনিয়ামতসমূ হৰপৰাবিমু খ হৈ অকৃ তজ্ঞ হৈছিল। এই কঠি ন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূ হক অস্বীকাৰ কৰে আৰু তেওঁ ৰ সৈতে কু ফৰী কৰে।
وَجَعَلْنَا بَيْنَهُمْ وَبَيْنَ ٱلْقُرَى ٱلَّتِى بَـٰرَكْنَا فِيهَا قُرًۭى ظَـٰهِرَةًۭ وَقَدَّرْنَا فِيهَا ٱلسَّيْرَ ۖ سِيرُوا۟ فِيهَا لَيَالِىَ وَأَيَّامًا ءَامِنِينَ ﴿١٨﴾
য়ামানত আমি ছাবা-বাসীসকলৰমাজত আৰুছিৰিয়াত যিবোৰজনবসতিৰওপৰত আমি বৰকত প্ৰদান কৰিছিলোঁ,সেইবোৰৰওচৰে-পাঁজৰেঅন্যআৰু কিছু মান গাওঁ আমি গঢ়ি তু লিছিলোঁ। সিহঁ তে এটাৰ পিছত এটা জনবসতি অতিক্ৰ ম কৰি সহজেই ছিৰিয়াতগৈ উপনীত হ’ব পাৰিছিল। আমি সিহঁ তক কৈছিলোঁ, তোমালোকে নিজ ইচ্ছা অনু সৰি ৰাতিতেই হওক অথবা দিনত, যেতিয়াই ইচ্ছা তেতিয়াই নিৰাপদভাৱে সহজে ভ্ৰমণ কৰিব পাৰা। শত্ৰু, ভোক- পিয়াহ আদিৰকোনো ভয় নাই। بلغ আল-কোৰআন · তাফছীৰ
فَقَالُوا۟ رَبَّنَا بَـٰعِدْ بَيْنَ أَسْفَارِنَا وَظَلَمُوٓا۟ أَنفُسَهُمْ فَجَعَلْنَـٰهُمْ أَحَادِيثَ وَمَزَّقْنَـٰهُمْ كُلَّ مُمَزَّقٍ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّكُلِّ صَبَّارٍۢ شَكُورٍۢ ﴿١٩﴾
صبار شكور আল্লাহে সিহঁ তৰদূৰত্ব কম কৰিসিহঁ তৰপ্ৰ তি যি অনুগ্ৰ হ কৰিছিল,সেই অনুগ্ৰ হ পাই সিহঁ তে অহংকাৰকৰিবলৈ ধৰিলে। তথাসিহঁ তে ক’লেঃহে আমাৰ প্ৰতিপালক! এই জনবসতিবোৰআঁতৰাই আমাৰভ্ৰ মণৰদূৰত্ব বৃদ্ধি কৰিদিয়া। যাতে আমি ভ্ৰমণত ভাগৰউপলব্ধি কৰিবপাৰোঁ তথা ইয়াৰফলত যাতে আমাৰ বাহনবোৰৰ বিশেষত্য প্ৰকাশ পায় । দৰাচলতে সিহঁ তে আল্লাহৰ নিয়ামতসমূ হ পাই অহংকাৰ কৰি আৰু তেওঁ ৰ কৃ তজ্ঞতাৰ পৰা বিমু খ হৈ নিজৰ ওপৰতেই অন্যায় কৰিছিল, লগতে সিহঁ তে সিহঁ তৰ মাজৰ দুখীয়া দৰিদ্ৰ সকলক দেখি ঈৰ্ষা কৰিছিল। ফলত আমি সিহঁ তক কিচ্ছা-কাহিনীত পৰিণত কৰিলোঁ, যাতে পৰৱৰ্তী লোকসকলে সিহঁতৰ বিষয়ে চৰ্চা কৰে। তথা আমি সিহঁতক বিভিন্ন দেশত বিভক্ত কৰিছিলোঁ, যাতে সিহঁতে সহজেই ইজনে সিজনক লগ কৰিব নোৱাৰে। নিশ্চয় ইয়াৰ মাজত- অৰ্থাৎ ছাবাৰ অধিবাসীসকলক প্ৰদান কৰা আল্লাহৰ নিয়ামতসমূ হৰ মাজত আৰু এই নিয়ামতবোৰক অহংকাৰ কৰি অস্বীকাৰ কৰাৰ ফলত আৰু কু ফৰী কৰাৰ ফলত সিহঁ তৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি ৰ মাজত - প্ৰত্যেক সেইসকল লোকৰ বাবে আছে উপদেশ, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু আল্লাহৰনিয়ামত লাভ কৰিতেওঁ ৰকৃ তজ্ঞতা প্ৰকাশ কৰে।
وَلَقَدْ صَدَّقَ عَلَيْهِمْ إِبْلِيسُ ظَنَّهُۥ فَٱتَّبَعُوهُ إِلَّا فَرِيقًۭا مِّنَ ٱلْمُؤْمِنِينَ ﴿٢٠﴾
ইবলিছৰ যিটো ধাৰণা আছিল যে, সি সিহঁ তক পথভ্ৰ ষ্টকৰিব আৰু সিহঁ তক সত্যৰ পৰা আঁতৰাই নিব পাৰিব, সেই ধাৰণাটো সি বাস্ত ৱত পৰিণত কৰিলে। ফলত সিহঁ তে কু ফৰী আৰু পথভ্ৰ ষ্টতাত ইবলিছৰঅনু সৰণ কৰিবলৈ ধৰিলে। কিন্তু মু মিনসকলৰএটা দলে তাৰএই আকাংক্ষাক বিফল কৰিছিল। কাৰণ তেওঁ লোকে ইবলিছৰ অনু সৰণ কৰা নাছিল।
وَمَا كَانَ لَهُۥ عَلَيْهِم مِّن سُلْطَـٰنٍ إِلَّا لِنَعْلَمَ مَن يُؤْمِنُ بِٱلْـَٔاخِرَةِ مِمَّنْ هُوَ مِنْهَا فِى شَكٍّۢ ۗ وَرَبُّكَ عَلَىٰ كُلِّ شَىْءٍ حَفِيظٌۭ ﴿٢١﴾
حفيظ ইবলিছৰ ইমান শক্তি নাই যে, সি সিহঁ তক পথভ্ৰ ষ্টকৰিবলৈ বাধ্য কৰাব পাৰিব। বৰং সিহঁ তৰ সন্মুখত সি গুনাহৰ কৰ্মবোৰ শোভনীয় কৰি উপস্থাপন কৰিছিল আৰুসিহঁ তক সত্যৰপৰা আঁতৰোৱাবলৈ প্ৰয়াস কৰিছিল। এই অনুমতি আমি তাক এইকাৰণে প্ৰদান কৰিছিলোঁ, যাতে ইয়াৰদ্বাৰা প্ৰকাশ হয় যে,কোনে আখিৰাত আৰুতাৰপ্ৰ তিদানক বিশ্বাস কৰেআৰুকোনে ইয়াৰপ্ৰ তি সন্দে হ পোষণ কৰে। হে ৰাছু ল! আপোনাৰপ্ৰ তিপালক হৈছে সকলো বস্তু ৰসংৰক্ষক। তেৱেঁই বান্দাৰসকলোকৰ্ম সংৰক্ষণ কৰে। তেৱেঁই সিহঁ তক সিহঁ তৰকৰ্মৰপ্ৰ তিদান দিব।
قُلِ ٱدْعُوا۟ ٱلَّذِينَ زَعَمْتُم مِّن دُونِ ٱللَّهِ ۖ لَا يَمْلِكُونَ مِثْقَالَ ذَرَّةٍۢ فِى ٱلسَّمَـٰوَٰتِ وَلَا فِى ٱلْأَرْضِ وَمَا لَهُمْ فِيهِمَا مِن شِرْكٍۢ وَمَا لَهُۥ مِنْهُم مِّن ظَهِيرٍۢ ﴿٢٢﴾
شرك وما له منهم من ظهير হে ৰাছু ল! আপুনি এই মু শ্বৰিকসকলক কৈ দিয় ক, আল্লাহৰ বাহিৰে তোমালোকে যিবোৰক নিজৰ উপাস্য বুলি ভাবিছিলা, সেইবোৰক আজি মাতাচোন। যাতে সেইবোৰে আজি তোমালোকৰ কিবা উপকাৰ কৰিব পাৰে আৰু তোমালোকৰ বিপদ দূৰ কৰিব পাৰে। জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত সিহঁ তৰ অণু পৰিমাণো কৰ্তৃ ত্বনাই, লগতে আল্লাহৰ সৈতে সিহঁ তৰ কোনো অংশীদাৰিত্ব ও নাই। সিহঁ ত আল্লাহৰ কোনো সহায় কো নহয় যে, কোনো কামত আল্লাহক সহায় কৰিব। নিশ্চয় আল্লাহ অংশীদাৰিত্ব ৰ পৰা আৰু সহায় ক আদিৰ পৰা সম্পূৰ্ণৰূপে অমু খাপেক্ষী।
وَلَا تَنفَعُ ٱلشَّفَـٰعَةُ عِندَهُۥٓ إِلَّا لِمَنْ أَذِنَ لَهُۥ ۚ حَتَّىٰٓ إِذَا فُزِّعَ عَن قُلُوبِهِمْ قَالُوا۟ مَاذَا قَالَ رَبُّكُمْ ۖ قَالُوا۟ ٱلْحَقَّ ۖ وَهُوَ ٱلْعَلِىُّ ٱلْكَبِيرُ ﴿٢٣﴾
পৱিত্ৰআল্লাহে যাক মধ্যস্থ তাকৰাৰঅনুমতি প্ৰদান কৰিব,তেওঁৰবাহিৰেআন কাৰোৰেই মধ্যস্থ তাফলপ্ৰ সূ নহ’ব। আনহাতে আল্লাহে তাকেই মধ্যস্থ তা কৰাৰ অনুমতি প্ৰদান কৰিব, যাৰ প্ৰতি তেওঁ সন্তু ষ্ট। এইটো দৰাচলতে তেওঁৰ মহানতাৰ এটা দৃশ্যহে। তেওঁৰ মহানতাৰ আন এটা দৃশ্য হৈছে এই যে, তেওঁ আকাশমণ্ডলত যেতিয়া কথা কয় , তেতিয়া ফিৰিস্তাসকলে তেওঁ ৰ আনু গত্যত নিজৰ পাখি পাৰি দিয়ে আৰু অৱশেষত যেতিয়া সিহঁ তৰ অন্ত ৰৰ পৰা ভয় -ভীতি দূৰ হয় তেতিয়া সিহঁ তে জিব্ৰীল আলাইহিচ্ছালামক সোধে, আপোনাৰ প্ৰতিপালকে কি ক’লে? জিব্ৰীলে কয়ঃ যি কৈছে সত্য কৈছে। তেওঁ সত্তাগতভাৱে আৰু ক্ষমতাৰ ফালেৰে অতি মহান, সকলো বস্তু তেওঁ তকৈ সৰু। بلغ আল-কোৰআন · তাফছীৰ
۞ قُلْ مَن يَرْزُقُكُم مِّنَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ قُلِ ٱللَّهُ ۖ وَإِنَّآ أَوْ إِيَّاكُمْ لَعَلَىٰ هُدًى أَوْ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٢٤﴾
হে ৰাছু ল! আপুনি এই মু শ্বৰিকসকলক সোধকঃ কোৱাচোন তোমালোকে, আকাশৰ পৰা পানী বৰ্ষণ কৰি আৰু পৃথিৱীৰ পৰা খাদ্যদ্ৰ ৱ্যতথা ফল-মূ ল আদি উৎপন্ন কৰি কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? আপুনি কৈ দিয়ক, আল্লাহেই তোমালোকক এইবোৰৰ দ্বাৰা জীৱিকা প্ৰদান কৰে। হে মু শ্বৰিকসকল! আমাৰ আৰু তোমালোকৰ এই দল দুটাৰ মাজৰ যিকোনো এটা দল নিশ্চয় হিদায় তৰ ওপৰত আছে আৰু আনটো স্পষ্ট বিভ্ৰান্তি ত আছে। ইয়াত কোনোসন্দে হ নাই যে,মু মিনসকলেই হৈছে হিদায় তপ্ৰাপ্ত আৰুমু শ্বৰিকসকল হৈছে পথভ্ৰ ষ্ট।
قُل لَّا تُسْـَٔلُونَ عَمَّآ أَجْرَمْنَا وَلَا نُسْـَٔلُ عَمَّا تَعْمَلُونَ ﴿٢٥﴾
হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, আমি যিবোৰ পাপ কৰ্ম কৰিছোঁ সেই বিষয়ে কিয়ামতৰ দিনা তোমালোকক সোধ-পোচ কৰা নহ’ব। আনহাতে তোমালোকে যিবোৰ কৰ্ম কৰিছা সেই বিষয়ে ও আমাক জবাবদিহি কৰা নহ’ব।
قُلْ يَجْمَعُ بَيْنَنَا رَبُّنَا ثُمَّ يَفْتَحُ بَيْنَنَا بِٱلْحَقِّ وَهُوَ ٱلْفَتَّاحُ ٱلْعَلِيمُ ﴿٢٦﴾
আপুনি সিহঁতক কৈ দিয় ক, আল্লাহে কিয়ামতৰ দিনা আমাক আৰু তোমালোক আটাইকে একত্ৰিত কৰিব। তাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সত্যক অসত্যৰ পৰা স্পষ্ট কৈ পৃথক কৰিব। তেৱেঁই বিচাৰক, যিয়ে ন্যায় সহকাৰে বিচাৰ কৰে। তেওঁ উচিত মীমাংসা সম্পৰ্কে সৰ্বজ্ঞ।
قُلْ أَرُونِىَ ٱلَّذِينَ أَلْحَقْتُم بِهِۦ شُرَكَآءَ ۖ كَلَّا ۚ بَلْ هُوَ ٱللَّهُ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٢٧﴾
হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোকো দেখুৱাচোন সেই উপাস্যবোৰ, যিবোৰক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছা, তথা ইবাদতত তেওঁ ৰ অংশী কৰি লৈছা। নহয় , কদাপিও নহয় । বিষয় টো তেনেকু ৱা নহয় যিদৰে তোমালোকে ধাৰণা কৰিছা যে, আল্লাহৰো অংশী আছে। বৰং আল্লাহ সেইজন, যিজন মহাপৰাক্ৰ মশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান।
وَمَآ أَرْسَلْنَـٰكَ إِلَّا كَآفَّةًۭ لِّلنَّاسِ بَشِيرًۭا وَنَذِيرًۭا وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ ﴿٢٨﴾
হে ৰাছু ল! আমি আপোনাক গোটেই মানৱজাতিৰপ্ৰ তি প্ৰে ৰণ কৰিছোঁ। যাতে আপুনি মু ত্তাক্বীসকলক জান্নাতৰসুসংবাদ দিয়ে । আনহাতে কাফিৰআৰু পাপিষ্ঠ সকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁ তেন।
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٢٩﴾
মুশ্বৰিকসকলক যিটো শাস্তি ৰ বিষয়ে ভয় দেখুৱা হৈছে, সেই শাস্তি সম্পৰ্কে সিহঁ তে খৰখেদা কৰি কয়ঃ যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে কোৱাচোন সেই শাস্তি ৰপ্ৰ তিশ্ৰুতিটোকেতিয়াবাস্ত ৱায় ন হ’ব? قل ل كم ميعاد يوم لا تستٔخرون عنهساعة ولا تستقدمون
قُل لَّكُم مِّيعَادُ يَوْمٍۢ لَّا تَسْتَـْٔخِرُونَ عَنْهُ سَاعَةًۭ وَلَا تَسْتَقْدِمُونَ ﴿٣٠﴾
হে ৰাছু ল! শাস্তি ৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয় কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তে ক সময় আগুৱায়ো নাহিব আৰু পিছু ৱায়ো নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন। بلغ আল-কোৰআন · তাফছীৰ
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لَن نُّؤْمِنَ بِهَـٰذَا ٱلْقُرْءَانِ وَلَا بِٱلَّذِى بَيْنَ يَدَيْهِ ۗ وَلَوْ تَرَىٰٓ إِذِ ٱلظَّـٰلِمُونَ مَوْقُوفُونَ عِندَ رَبِّهِمْ يَرْجِعُ بَعْضُهُمْ إِلَىٰ بَعْضٍ ٱلْقَوْلَ يَقُولُ ٱلَّذِينَ ٱسْتُضْعِفُوا۟ لِلَّذِينَ ٱسْتَكْبَرُوا۟ لَوْلَآ أَنتُمْ لَكُنَّا مُؤْمِنِينَ ﴿٣١﴾
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ আমি এই কোৰআনৰ প্ৰতি কদাপিও ঈমান পোষণ নকৰোঁ, যিখনৰ বিষয়ে মু হাম্মদে ধাৰণা কৰে যে, এইখন তেওঁৰ ওপৰত অৱতীৰ্ণ হৈছে। এইদৰে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ প্ৰতিও আমি ঈমান পোষণ নকৰোঁ। হে ৰাছুল! আপুনি যদি সেই অৱস্থাটো দেখা পালেহেঁতেন, যেতিয়া অন্যায় কাৰী সকলক কিয়ামতৰ দিনা সিহঁতৰ প্ৰতিপালকৰ সন্মুখত হিচাপ-নিকাচৰ বাবে থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদানুবাদ কৰিব আৰু সিহঁ তৰ মাজৰ প্ৰত্যেকেই ইজনে সিজনৰ ওপৰত দোষ জাপি দিব আৰু ইজনে সিজনক ভৰ্ৎ সনা কৰিব। এতেকে পৃথিৱীত নেতাসকলৰ তলতীয়া হৈ জীৱন-যাপন কৰা অনুসাৰীসকলে ক’বঃ যদি তোমালোকে আমাক পথভ্ৰ ষ্টনকৰিলাহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰুতেওঁ ৰৰাছু লৰপ্ৰ তি ঈমান পোষণ কৰিলোঁহেঁ তেন।
قَالَ ٱلَّذِينَ ٱسْتَكْبَرُوا۟ لِلَّذِينَ ٱسْتُضْعِفُوٓا۟ أَنَحْنُ صَدَدْنَـٰكُمْ عَنِ ٱلْهُدَىٰ بَعْدَ إِذْ جَآءَكُم ۖ بَلْ كُنتُم مُّجْرِمِينَ ﴿٣٢﴾
অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি থকা লোকসকলে সেই অনুসাৰীসকলক উদ্দেশ্যি ক’ব, যিসকলক সিহঁ তে দুৰ্বল বুলি ভাবিছিলঃ মুহাম্মদে লৈ অহা হিদায় তৰ পৰা আমি তোমালোকক বাধা প্ৰদান কৰিছিলোঁ নেকি? নহয় , কেতিয়াও নহয় । বৰং তোমালোক নিজেই অন্যায় কাৰী আছিলা আৰু উপদ্ৰ ৱ সৃষ্টি কাৰী আছিলা তথা দূৰাচাৰী আছিলা।
وَقَالَ ٱلَّذِينَ ٱسْتُضْعِفُوا۟ لِلَّذِينَ ٱسْتَكْبَرُوا۟ بَلْ مَكْرُ ٱلَّيْلِ وَٱلنَّهَارِ إِذْ تَأْمُرُونَنَآ أَن نَّكْفُرَ بِٱللَّهِ وَنَجْعَلَ لَهُۥٓ أَندَادًۭا ۚ وَأَسَرُّوا۟ ٱلنَّدَامَةَ لَمَّا رَأَوُا۟ ٱلْعَذَابَ وَجَعَلْنَا ٱلْأَغْلَـٰلَ فِىٓ أَعْنَاقِ ٱلَّذِينَ كَفَرُوا۟ ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا۟ يَعْمَلُونَ ﴿٣٣﴾
অনুসাৰীসকলে সিহঁ তৰ সেই নেতাসকলক উদ্দেশ্যি ক’ব, যিসকলে অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি আছিল, তোমালোকৰ দিনে ৰাতি কৰা চক্ৰান্ত ই আমাক হিদায় তৰ পৰা বিৰত ৰাখিছিল। যেতিয়া তোমালোকে আমাক আল্লাহৰ লগত কু ফৰী কৰিবলৈ আৰু তেওঁৰ বাহিৰে সৃষ্টি ৰ উপাসনা কৰিবলৈ আদেশ দিছিলা। এতেকে যেতিয়া সিহঁ তে স্বচক্ষে শাস্তি দেখিবলৈ পাব আৰু এই কথা নিশ্চিত হ’ব যে শাস্তি এতিয়া ভোগ কৰিব লাগিব, তেতিয়া সিহঁ তে পৃথিৱীত কৰা কু ফৰীকলৈ মনে মনে আফচোচ কৰিব। আমি কাফিৰসকলৰ ডিঙিত শিকলি ওলোমাই দিম। সিহঁ তক এই শাস্তি পৃথিৱীত কৰা কৰ্মৰ বিনিময় ত প্ৰদান কৰা হ’ব। উদাহৰণস্ব ৰূপে আল্লাহৰবাহিৰেআনৰইবাদত কৰাৰকাৰণে আৰুপাপকৰ্মত লিপ্ত থকাৰকাৰণে।
وَمَآ أَرْسَلْنَا فِى قَرْيَةٍۢ مِّن نَّذِيرٍ إِلَّا قَالَ مُتْرَفُوهَآ إِنَّا بِمَآ أُرْسِلْتُم بِهِۦ كَـٰفِرُونَ ﴿٣٤﴾
যেতিয়াই আমি কোনো এটা জনবসতিৰ ওচৰলৈ ৰাছুল প্ৰে ৰণ কৰিছিলোঁ, যিজনে সিহঁতক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিছিল, তেতিয়াই সেই জনবসতিৰধনাট্য প্ৰভাৱশালী ব্যক্তি সকলে কৈছিলঃহে ৰাছু ল! তু মি যি লৈ আহিছা সেইটোক আমি নামানো। وقالوا نحن أكثرأمولا وأولدا وما نحن بمعذ بين
وَقَالُوا۟ نَحْنُ أَكْثَرُ أَمْوَٰلًۭا وَأَوْلَـٰدًۭا وَمَا نَحْنُ بِمُعَذَّبِينَ ﴿٣٥﴾
প্ৰভাৱশালী লোকসকলে অহংকাৰ কৰি তথা ফিতাহি মাৰি কৈছিলঃ আমি প্ৰচু ৰ ধন-সম্পদৰ মালিক তথা সন্তান-সন্ত তিৰ ক্ষেত্ৰতো অধিক মৰ্যাদাৱান। আনহাতে আমাক শাস্তি বিহা হ’ব বুলি তু মি যি দাবী কৰি আছা সেইটোও এটা গোকাট মিছা কথা। আমাক পৃথিৱীতো কোনো শাস্তি দিয়া নহ’ব আৰু আখিৰাততো নহয় ।
قُلْ إِنَّ رَبِّى يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ ﴿٣٦﴾
হে ৰাছু ল! আপুনি এই লোকসকলক কৈ দিয় ক, যিসকলে নিয়ামত লাভ কৰি গৌৰৱ কৰি আছেঃ মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাকেই জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ত তা প্ৰদান কৰে, যাতে সেই ব্যক্তিক পৰীক্ষা কৰিব পৰা যায় যে, সি কৃ তজ্ঞ হয় নে অকৃ তজ্ঞ। আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰিদিয়ে ,এইটোচাবলৈ যে,সি ধৈৰ্য্যধাৰণ কৰেনে অধৈৰ্য্যহয় । কিন্তু অধিকাংশ লোকেই নাজানে যে,আল্লাহ হৈছে মহাপ্ৰ জ্ঞাৱান। তেওঁৰ প্ৰত্যেকটোসিদ্ধান্ত হিকমত অনু যায়ীহয় । কিছু মানে সেইটোবুজি পায় আৰুকিছু মানে বুজি নাপায় । بلغ আল-কোৰআন · তাফছীৰ
وَمَآ أَمْوَٰلُكُمْ وَلَآ أَوْلَـٰدُكُم بِٱلَّتِى تُقَرِّبُكُمْ عِندَنَا زُلْفَىٰٓ إِلَّا مَنْ ءَامَنَ وَعَمِلَ صَـٰلِحًۭا فَأُو۟لَـٰٓئِكَ لَهُمْ جَزَآءُ ٱلضِّعْفِ بِمَا عَمِلُوا۟ وَهُمْ فِى ٱلْغُرُفَـٰتِ ءَامِنُونَ ﴿٣٧﴾
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ত তি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰাৰ পথ দেখুৱাবনোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰেআৰুসৎকৰ্ম কৰেতেন্তে তেওঁ দ্বি গুণ ছোৱাবঅৰ্জ ন কৰিব। কাৰণ তেওঁৰসেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বি গুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তি ৰে বসবাস কৰিব। তেওঁলোকে শাস্তি ৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।
وَٱلَّذِينَ يَسْعَوْنَ فِىٓ ءَايَـٰتِنَا مُعَـٰجِزِينَ أُو۟لَـٰٓئِكَ فِى ٱلْعَذَابِ مُحْضَرُونَ ﴿٣٨﴾
যিসকল কাফিৰে আমাৰ আয়াতৰ পৰা মানুহক আঁতৰাই ৰাখিবলৈ চৰম পৰ্যায় ৰ প্ৰয়াস কৰে তথা সদায় নিজৰ উদ্দেশ্যক সফল কৰিবলৈ চেষ্টা কৰে; সিহঁ ত নিশ্চিতভাৱে পৃথিৱীত বিফল হ’ব আৰু আখিৰাতত শাস্তি ভোগ কৰিব।
قُلْ إِنَّ رَبِّى يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ لَهُۥ ۚ وَمَآ أَنفَقْتُم مِّن شَىْءٍۢ فَهُوَ يُخْلِفُهُۥ ۖ وَهُوَ خَيْرُ ٱلرَّٰزِقِينَ ﴿٣٩﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক, নিশ্চয় মোৰ প্ৰতিপালকে তেওঁ ৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে , আৰু যাক ইচ্ছা কৰেসংকীৰ্ণ কৰিদিয়ে । তোমালোকে আল্লাহৰপথত যি ব্যয় কৰিবা, আল্লাহে তোমালোকক তাৰবিনিময় ত পৃথিৱীতো প্ৰতিদান দিবআৰু আখিৰাততো উত্তম তথাপৰিপূৰ্ণ প্ৰতিদান দিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকাদাতা। এতেকে যাৰজীৱিকাৰপ্ৰ য়োজন,সি আল্লাহৰআশ্ৰ য় গ্ৰহণ কৰাউচিত।
وَيَوْمَ يَحْشُرُهُمْ جَمِيعًۭا ثُمَّ يَقُولُ لِلْمَلَـٰٓئِكَةِ أَهَـٰٓؤُلَآءِ إِيَّاكُمْ كَانُوا۟ يَعْبُدُونَ ﴿٤٠﴾
হে ৰাছুল! সেই দিৱসটোলৈ মন কৰক, যেতিয়া সিহঁত আটাইকে একত্ৰিত কৰা হ’ব। তেতিয়া আল্লাহে মুশ্বৰিকসকলক ভৰ্ৎসনা আৰু নিন্দা কৰাৰ উদ্দেশ্যে ফিৰিস্তাসকলক ক’বঃ এইসকলেই পৃথিৱীত আল্লাহক এৰি তোমালোকৰ উপাসনা কৰিছিল নেকি?
قَالُوا۟ سُبْحَـٰنَكَ أَنتَ وَلِيُّنَا مِن دُونِهِم ۖ بَلْ كَانُوا۟ يَعْبُدُونَ ٱلْجِنَّ ۖ أَكْثَرُهُم بِهِم مُّؤْمِنُونَ ﴿٤١﴾
ফিৰিস্তাসকলে ক’বঃ(হে আল্লাহ!) তু মি নিৰঞ্জন তথাপৱিত্ৰ। তু মিয়ে আমাৰঅভিভাৱক তথাসংৰক্ষক,আন কোনোনহয় । আমাৰআৰুইহঁ তৰমাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বৰং এই মুশ্বৰিকসকলে চয় তানকহে পূজা পাঠ কৰিছিল। চয় তানে ইহঁ তৰ সন্মুখত ফিৰিস্তাৰ ৰূপ ধাৰণ কৰি আহিছিল, ফলত ইহঁ তে আল্লাহক এৰিচয় তানৰউপাসনাকৰিছিল। প্ৰকৃ ততে ইহঁ তৰঅধিকাংশইر তাৰপ্ৰ তি বিশ্বাস পোষণ কৰিছিল।
فَٱلْيَوْمَ لَا يَمْلِكُ بَعْضُكُمْ لِبَعْضٍۢ نَّفْعًۭا وَلَا ضَرًّۭا وَنَقُولُ لِلَّذِينَ ظَلَمُوا۟ ذُوقُوا۟ عَذَابَ ٱلنَّارِ ٱلَّتِى كُنتُم بِهَا تُكَذِّبُونَ ﴿٤٢﴾
হিচাপ-নিকাচ তথা হাচৰৰ দিনা উপাস্যবোৰে সেইসকল লোকক কোনো ধৰণৰ উপকাৰো কৰিব নোৱাৰিব আৰু অপকাৰো কৰিব নোৱাৰিব, যিসকলে সিহঁ তক পৃথিৱীত উপাসনা কৰিছিল। কু ফৰ আৰু পাপকৰ্মত লিপ্ত হৈ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছিল আমি সিহঁ তক সম্বোধন কৰি কম যে, পৃথিৱীত তোমালোকে যি শাস্তি ক অস্বীকাৰকৰিছিলা, সেই শাস্তি ৰআজি সোৱাদ লোৱা। بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍۢ قَالُوا۟ مَا هَـٰذَآ إِلَّا رَجُلٌۭ يُرِيدُ أَن يَصُدَّكُمْ عَمَّا كَانَ يَعْبُدُ ءَابَآؤُكُمْ وَقَالُوا۟ مَا هَـٰذَآ إِلَّآ إِفْكٌۭ مُّفْتَرًۭى ۚ وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلْحَقِّ لَمَّا جَآءَهُمْ إِنْ هَـٰذَآ إِلَّا سِحْرٌۭ مُّبِينٌۭ ﴿٤٣﴾
যেতিয়া এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ সন্মুখত আমাৰ ৰাছু লৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় , যিবোৰৰ মাজত কোনো ধৰণৰ সন্দে হ নাই, তেতিয়া সিহঁ তে কয়ঃ এই মানুহজনে যি লৈ আহিছে, এওঁ দৰাচলতে তোমালোকক তোমালোকৰ আজোককাসকলৰ ধৰ্মৰ পৰা আঁতৰাব বিচাৰে। সিহঁতে এই কথাও কয় যে, এই কোৰআনখন হৈছে মিছা, ইয়াক সি নিজেই ৰচনা কৰি আল্লাহৰ গ্ৰন্থবুলি প্ৰচাৰ কৰি আছে। আনহাতে নাস্তি কসকলৰ ওচৰত যেতিয়া এই কোৰআনৰ বাৰ্তা গৈ পায় , তেতিয়া সিহঁ তে কয়ঃ এইখন হৈছে স্পষ্ট যাদু, যিয়ে স্বামী-স্ত্ৰীৰ মাজত আৰু পিতা-পুত্ৰৰ মাজত বিচ্ছেদ ঘটায় ।
وَمَآ ءَاتَيْنَـٰهُم مِّن كُتُبٍۢ يَدْرُسُونَهَا ۖ وَمَآ أَرْسَلْنَآ إِلَيْهِمْ قَبْلَكَ مِن نَّذِيرٍۢ ﴿٤٤﴾
আমি সিহঁতক এনেকু ৱা কোনো গ্ৰন্থদিয়া নাই যি গ্ৰন্থত লিখা আছে যে, মুহাম্মদে এইখন নিজে লিখি মিছা প্ৰচাৰ কৰি আছে। হে ৰাছুল! আমি আপোনাৰ পূৰ্বে সিহঁ তৰ ওচৰলৈ কোনো ৰাছু লো প্ৰে ৰণ কৰা নাছিলোঁ, যিয়ে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ভয় দেখুৱাব।
وَكَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ وَمَا بَلَغُوا۟ مِعْشَارَ مَآ ءَاتَيْنَـٰهُمْ فَكَذَّبُوا۟ رُسُلِى ۖ فَكَيْفَ كَانَ نَكِيرِ ﴿٤٥﴾
পূৰ্বৱৰ্তী উম্মতবোৰেও অস্বীকাৰ কৰিছিল, উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰ দায় । আপোনাৰ সম্প্ৰ দায় ৰ মুশ্বৰিকসকলে শক্তি-সামৰ্থ, ধন- সম্পদ আৰু জনবলৰ তু লনাত পূৰ্বৱৰ্তী উম্মতৰ দহ ভাগৰ এভাগতো উপনীত হ'ব পৰা নাই। সিহঁ তেও নিজ নিজ ৰাছু লক অস্বীকাৰ কৰিছিল। কিন্তু সিহঁ তৰ ধন-সম্পদ, শক্তি-সামৰ্থ আৰু জনবলে একো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত মোৰ শাস্তি য়ে সিহঁ তক ধ্বংস কৰিছিল। এতেকে হে ৰাছু ল! ভাবি চাওক আপুনি, মোৰ শাস্তি আৰু মোৰ প্ৰতিক্ৰি য়া সিহঁ তৰ ওপৰত কেনেকু ৱা আছিল!
۞ قُلْ إِنَّمَآ أَعِظُكُم بِوَٰحِدَةٍ ۖ أَن تَقُومُوا۟ لِلَّهِ مَثْنَىٰ وَفُرَٰدَىٰ ثُمَّ تَتَفَكَّرُوا۟ ۚ مَا بِصَاحِبِكُم مِّن جِنَّةٍ ۚ إِنْ هُوَ إِلَّا نَذِيرٌۭ لَّكُم بَيْنَ يَدَىْ عَذَابٍۢ شَدِيدٍۢ ﴿٤٦﴾
بينيدى عذاب شديد হে ৰাছু ল! আপুনি এই মু শ্বৰিকসকলক কৈ দিয় ক, মই তোমালোকক এটা উপদেশ দিওঁ , তোমালোকে নিজৰ ইচ্ছা আকাংক্ষাৰ অনু সৰণৰ পৰা আঁতৰি আল্লাহৰ ওৱাস্তে এজন এজন বা দুজন দুজনকৈ থিয় হোৱা আৰু তোমালোকৰ নবীৰ চৰিত্ৰ সম্পৰ্কে তেওঁ ৰ বিবেক, সত্যতা আৰু আমনতদাৰিতাক লৈ চিন্তা-চৰ্চা কৰাচোন, তেতিয়া এই কথা স্পষ্ট হৈ পৰিব যে, তেওঁ কোনো উন্মাদ নহয় । তেওঁ তোমালোকক কঠি ন শাস্তি ৰ পৰা সতৰ্কহে কৰে, যদি তোমালোকে শ্বি ৰ্কৰপৰাতাওবাকৰিআল্লাহৰপিনে উভতি নাহাতেন্তে নিশ্চয় সেই শাস্তি ত পতিত হ'বা।
قُلْ مَا سَأَلْتُكُم مِّنْ أَجْرٍۢ فَهُوَ لَكُمْ ۖ إِنْ أَجْرِىَ إِلَّا عَلَى ٱللَّهِ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌۭ ﴿٤٧﴾
হে ৰাছু ল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয় ক, মই তোমালোকৰ ওচৰলৈ যি হিদায় ত তথা কল্যাণ লৈ আহিছোঁ, তাৰ বিনিময় ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰ মিক অথবা কোনো প্ৰতিদান বিচৰা নাই। যদি মই কিবা বিচাৰিছোঁ সেয়া তোমালোকৰ বাবেই। মোক প্ৰতিদান দিয়াৰ দায়ি ত্বহৈছে একমাত্ৰ আল্লাহৰহাতত। তেওঁ সকলো বস্তু ৰসাক্ষী। তেওঁ সাক্ষ্য প্ৰদান কৰিবযে, মই নিশ্চয় তোমালোকক সঠি কৰূপে বাৰ্তা পৌঁচাই দিছোঁ। আনকি তোমালোকৰকৰ্মৰোতেৱেঁই সাক্ষী। তেৱেঁই তোমালোকক প্ৰতিদান দিব।
قُلْ إِنَّ رَبِّى يَقْذِفُ بِٱلْحَقِّ عَلَّـٰمُ ٱلْغُيُوبِ ﴿٤٨﴾
নিশ্চয় মোৰ প্ৰতিপালকে অসত্যৰ ওপৰত সত্যক বিজয় প্ৰদান কৰি অসত্যক মিছা প্ৰমাণিত কৰে। অদৃশ্য তথা গায়ে ব সম্পৰ্কে তেৱেঁই সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁ ৰ পৰা গোপন নহয় । বান্দাসকলৰ কোনো কৰ্মও তেওঁ ৰ পৰা গুপ্ত নহয় । بلغ আল-কোৰআন · তাফছীৰ
قُلْ جَآءَ ٱلْحَقُّ وَمَا يُبْدِئُ ٱلْبَـٰطِلُ وَمَا يُعِيدُ ﴿٤٩﴾
হে ৰাছু ল! আপুনি এই মু শ্বৰিকসকলক কৈ দিয় ক যে, সত্য অৰ্থাৎ ইছলাম আহি পৰিছে, সেয়ে বাতিলৰ সমাপ্তি অনিবাৰ্য্য; যাৰ কোনো প্ৰভাৱ তথা শক্তি নাই। আনকি প্ৰভাৱশালী হৈ কেতিয়াও উভতিবও নোৱাৰিব।
قُلْ إِن ضَلَلْتُ فَإِنَّمَآ أَضِلُّ عَلَىٰ نَفْسِى ۖ وَإِنِ ٱهْتَدَيْتُ فَبِمَا يُوحِىٓ إِلَىَّ رَبِّىٓ ۚ إِنَّهُۥ سَمِيعٌۭ قَرِيبٌۭ ﴿٥٠﴾
হে ৰাছু ল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয় ক, যদি মই তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈছোঁ, তেন্তে মোৰ এই পথভ্ৰ ষ্টতাই মোকহে ক্ষতি কৰিব, ইয়াৰ ফলত তোমালোকৰ একো ক্ষতি নহ’ব। আনহাতে যদি মই হিদায় তৰ ওপৰত প্ৰতিষ্ঠি ত আছোঁ, তেন্তে ইয়াৰ কাৰণ হৈছে সেই অহী, যিটো মোৰওচৰলৈ মোৰপ্ৰ তিপালকে প্ৰে ৰণ কৰিছে। নিশ্চয় তেওঁ বান্দাসকলৰকথাবোৰমনোযোগ সহকাৰেশ্ৰ ৱণ কৰে। আনকি ইমান ওচৰৰ পৰা শ্ৰৱণ কৰে যে, মোৰ কথা শুনাও তেওঁ ৰ বাবে কোনো কঠি ন বিষয় নহয় ।
وَلَوْ تَرَىٰٓ إِذْ فَزِعُوا۟ فَلَا فَوْتَ وَأُخِذُوا۟ مِن مَّكَانٍۢ قَرِيبٍۢ ﴿٥١﴾
হে ৰাছু ল! যদি আপুনি দেখা পালেহেঁ তেন, কিয়ামতৰ দিনা এই অস্বীকাৰকাৰীসকলে যেতিয়া নিজ চকু ৰে শাস্তি দেখা পাই হতভম্ব হৈ পৰিব, তেতিয়া সিহঁ তে পলায় ন কৰাৰতথা আশ্ৰ য় লোৱাৰো কোনো স্থান বিচাৰিনাপাব। সিহঁ তক প্ৰাথমিক সময় ছোৱাতে ওচৰৰপৰা অতি সহজে কৰায় ত্তকৰা হ’ব। যদি আপুনি সেই পৰিস্থি তিটোক দেখিলেহেঁ তেন,তেন্তে নিশ্চয় এটাআশ্চৰ্যজনক পৰিৱেশ দেখাপালেহেঁ তেন।
وَقَالُوٓا۟ ءَامَنَّا بِهِۦ وَأَنَّىٰ لَهُمُ ٱلتَّنَاوُشُ مِن مَّكَانٍۭ بَعِيدٍۢ ﴿٥٢﴾
সিহঁ তে নিজৰপৰিণাম দেখি ক’ব, আমি ঈমান আনিছোঁ কিয়ামত দিৱসৰপ্ৰ তি। এতিয়া ঈমান পোষণ কৰাটো কেনেকৈ সম্ভ ৱহ’বপাৰে, অথচ ঈমান পোষণ কৰাৰ প্ৰকৃ ত স্থানক সিহঁ তে পিছফালে এৰি থৈ আহিছে। পৃথিৱী হৈছে আমলৰ ঠাই, তাত হিচাপ-নিকাচ নাই। আনহাতে সিহঁ তে আখিৰাতত প্ৰৱেশ কৰিছে,এইখন হৈছে প্ৰতিদান পোৱাৰঠাই,এইখন আমলৰস্থান নহয় ।
وَقَدْ كَفَرُوا۟ بِهِۦ مِن قَبْلُ ۖ وَيَقْذِفُونَ بِٱلْغَيْبِ مِن مَّكَانٍۭ بَعِيدٍۢ ﴿٥٣﴾
কি ভিত্তিত সিহঁ তৰ ঈমান এতিয়া গ্ৰহণযোগ্য হ’ব তথা ফলপ্ৰ সূ হ’ব; অথচ পাৰ্থিৱ জীৱনত সিহঁ তে কু ফৰী কৰিছে? লগতে সত্যৰ পৰা আঁতৰি অনু মানত তীৰনিক্ষেপ কৰিছে। আনহাতে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁ তে যাদুকৰ, জ্যোতিষি আৰুকবিবুলি আখ্যায়ি ত কৰিছিল।
وَحِيلَ بَيْنَهُمْ وَبَيْنَ مَا يَشْتَهُونَ كَمَا فُعِلَ بِأَشْيَاعِهِم مِّن قَبْلُ ۚ إِنَّهُمْ كَانُوا۟ فِى شَكٍّۢ مُّرِيبٍۭ ﴿٥٤﴾
এই অস্বীকাৰকাৰী সকলক সিহঁ তৰ চাহিদাৰ পৰা অৰ্থাৎ সুখী জীৱনৰ পৰা, কু ফৰীৰ পৰা তাওবা, জাহান্নামৰ পৰা মুক্তি, লগতে পাৰ্থিৱ জীৱনলৈ উভতি যোৱা আদিৰ পৰা বঞ্চিত কৰা হ'ব। যিদৰে ইহঁ তৰ পূৰ্বে ইহঁ তৰ দৰে লোকসকলক কৰা হৈছিল। সিহঁ তেও ৰাছু লসকলে লৈ অহা বাৰ্তাৰ প্ৰতি, আল্লাহৰ তাওহীদৰপ্ৰ তি আৰুআখিৰাতৰজীৱনৰপ্ৰ তি সন্দে হ পোষণ কৰিছিল। এনেকু ৱাসন্দে হ যিটোকু ফৰীত পতিত হোৱাৰকাৰণ আছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন