মুখ্য পৃষ্ঠাতাফছীৰNooh (71)

তাফছীৰ Nooh (71) — نوح

মক্কী · 28 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِنَّآ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦٓ أَنْ أَنذِرْ قَوْمَكَ مِن قَبْلِ أَن يَأْتِيَهُمْ عَذَابٌ أَلِيمٌۭ ﴿١﴾

আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰ দায় ৰ প্ৰতি প্ৰে ৰণ কৰিছিলোঁ যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্ক ৰ ফলত যন্ত্ৰ ণাদায় ক শাস্তি অহাৰপূৰ্বেই তেওঁ যেন সিহঁ তকসতৰ্ক কৰিদিয়ে । قال يقوم إنى لكم نذيرمبين

قَالَ يَـٰقَوْمِ إِنِّى لَكُمْ نَذِيرٌۭ مُّبِينٌ ﴿٢﴾

নূহ আলাইহিচ্ছালামে নিজ সম্প্ৰ দায় ৰলোকসকলক কৈছিলঃহে মোৰসম্প্ৰ দায় ৰলোকসকল! মই তোমালোকক স্পষ্ট ভাৱেসেই শাস্তি ৰপৰা সতৰ্ক কৰি আছোঁ, যি শাস্তি তোমালোকৰ অপেক্ষাত ৰৈ আছে, যদি তোমালোকে তাওবা নকৰা।

أَنِ ٱعْبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُ وَأَطِيعُونِ ﴿٣﴾

আৰু এই কাৰণেই মই তোমালোকক কৈ আছোঁ, একমাত্ৰ আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত কাকো অংশীদাৰ নকৰিবা। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। মই তোমালোকক যি আদেশ কৰোঁ সেইটো তোমালোকে পালন কৰা।

يَغْفِرْ لَكُم مِّن ذُنُوبِكُمْ وَيُؤَخِّرْكُمْ إِلَىٰٓ أَجَلٍۢ مُّسَمًّى ۚ إِنَّ أَجَلَ ٱللَّهِ إِذَا جَآءَ لَا يُؤَخَّرُ ۖ لَوْ كُنتُمْ تَعْلَمُونَ ﴿٤﴾

যদি তোমালোকে এইটো কৰা তেন্তে আল্লাহে তোমালোকৰ সেইসমূহ গুনাহ ক্ষমা কৰি দিব, যিবোৰ বান্দাৰ অধিকাৰৰ সৈতে জৰিত নহয় । লগতে আপোনাৰ সম্প্ৰ দায় ৰ জীৱন এটা নিৰ্দিষ্ট সময় লৈকে বৃদ্ধি কৰি দিব, যিটো সময় আল্লাহে জানে। যেতিয়ালৈকে তোমালোকে ইয়াৰ প্ৰতি প্ৰতিষ্ঠি ত থাকিবা তেতিয়ালৈকে পৃথিৱীত বসবাস কৰিব পাৰিবা। নিশ্চয় মৃ ত্যু যেতিয়া আহিব তেতিয়া নিৰ্দিষ্ট সময় ৰ পৰা অলপো পলম নহ’ব। যদি তোমালোকে জানিলাহেঁ তেন তেন্তে অনতিপলমে আল্লাহৰপ্ৰ তি ঈমান আনিলাহেঁ তন আৰুতোমালোকৰএই শ্বি ৰ্কআৰুপথভ্ৰ ষ্টতাৰপৰাতাওবাকৰিলাহেঁ তেন। قال رب إنى دعوت قومى ليلا ونهارا

قَالَ رَبِّ إِنِّى دَعَوْتُ قَوْمِى لَيْلًۭا وَنَهَارًۭا ﴿٥﴾

নূহ আলাইহিচ্ছালামে ক’লেঃ হে মোৰ প্ৰতিপালক! মই মোৰ সম্প্ৰ দায় ক তোমাৰ ইবাদত আৰু একত্ব বাদৰ প্ৰতি ধাৰাবাহিকভাৱে দিনে-ৰাতি আহ্বান কৰিছোঁ।

فَلَمْ يَزِدْهُمْ دُعَآءِىٓ إِلَّا فِرَارًۭا ﴿٦﴾

কিন্তু মোৰ আহ্বানৰ ফলত সিহঁ তৰ পলায় নহে বৃদ্ধি পাইছে, আৰু মোৰ সংবাদৰ পৰা আতঁ ৰি যোৱাটোহে বৃদ্ধি পাইছে।

وَإِنِّى كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوٓا۟ أَصَـٰبِعَهُمْ فِىٓ ءَاذَانِهِمْ وَٱسْتَغْشَوْا۟ ثِيَابَهُمْ وَأَصَرُّوا۟ وَٱسْتَكْبَرُوا۟ ٱسْتِكْبَارًۭا ﴿٧﴾

আৰু মই যেতিয়াই সিহঁ তক সেই বিষয় ৰ ফালে আহ্বান কৰিছোঁ, যাৰ ভিতৰত সিহঁ তৰ গুনাহসমূহ ক্ষমা হোৱাৰ উপায় আছে যেনে, একমাত্ৰ তোমাৰ ইবাদত কৰা আৰু তোমাৰ ৰাছুলৰ আনুগত্য কৰা। তেতিয়া সিহঁতে মোৰ কথা নুশুনিবলৈ কাণৰ ভিতৰত আঙুলিৰে সোপা মাৰিছিল, আৰু মোক নেদেখিবলৈ সিহঁ তে কাপোৰেৰে মু খখন ঢাকি লৈছিল, আৰু শ্বি ৰ্কৰ প্ৰতি অটু ট আছিল। এইদৰে সিহঁ তে মোৰ কথা অস্বীকাৰ কৰিবলৈ আৰু মোৰ কথা মানি নল’বলৈ অহংকাৰ কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ ثم إنى دعوتهم جهارا

ثُمَّ إِنِّى دَعَوْتُهُمْ جِهَارًۭا ﴿٨﴾

(হে মোৰপ্ৰ তিপালক) তাৰপিছতোমই সিহঁ তক প্ৰকাশ্যভাৱেআহ্বান কৰিছিলোঁ।

ثُمَّ إِنِّىٓ أَعْلَنتُ لَهُمْ وَأَسْرَرْتُ لَهُمْ إِسْرَارًۭا ﴿٩﴾

আৰু মই উচ্চ স্বৰে আহ্বান কৰিছোঁ আৰু গোপনভাৱেও আহ্বান কৰিছোঁ। মই সিহঁ তক মাতিবলৈ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিছোঁ।

فَقُلْتُ ٱسْتَغْفِرُوا۟ رَبَّكُمْ إِنَّهُۥ كَانَ غَفَّارًۭا ﴿١٠﴾

মই সিহঁ তক এই কথাও কৈছোঁঃ হে মোৰ সম্প্ৰ দায়! নিজ প্ৰতিপালকৰ ওচৰত তাওবা কৰা আৰু ক্ষমা বিচৰা। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলৰ পাপসমূ হ ক্ষমা কৰি দিয়ে ।

يُرْسِلِ ٱلسَّمَآءَ عَلَيْكُم مِّدْرَارًۭا ﴿١١﴾

যদি তোমালোকে তাওবা কৰা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তেন্তে প্ৰয়োজন অনুসৰি আল্লাহে তোমোলোকৰ প্ৰতি বৰষুণ অৱতীৰ্ণ কৰিব আৰু তোমালোকৰ ওপৰত কেতিয়াও দুৰ্ভিক্ষ জাপি নিদিব। ويمددكم بأمول وبنين ويجعل ل كم جنت ويجعل ل كم أنهرا

وَيُمْدِدْكُم بِأَمْوَٰلٍۢ وَبَنِينَ وَيَجْعَل لَّكُمْ جَنَّـٰتٍۢ وَيَجْعَل لَّكُمْ أَنْهَـٰرًۭا ﴿١٢﴾

আৰু তোমালোকক অধিক মাত্ৰাত ধন-সম্পদ আৰু সন্তান-সন্ত তি প্ৰদান কৰিব। ফল খাবলৈ বাগান প্ৰদান কৰিব আৰু তোমালোকৰ বাবে নিজৰা প্ৰবাহিত কৰিব, যাৰ পানী তোমালোকে নিজে পান কৰিব পাৰিবা আৰু তোমালোকৰ জীৱ-জন্তু ৱেও খাব কৰিব পাৰিব, আৰু সেই পানী তোমালোকৰ খেতিতো সিচিঁব পাৰিবা। ما لكم لا ترجون لله وقارا

مَّا لَكُمْ لَا تَرْجُونَ لِلَّهِ وَقَارًۭا ﴿١٣﴾

হে মোৰ সম্প্ৰ দায় ৰ লোকসকল! তোমালোকৰ কি হৈছে যে, তোমালোকে আল্লাহৰ মহিমাক কিয় ভয় নকৰা, আৰু কোনো সংকোচ নকৰাকৈ তেওঁৰ অৱজ্ঞা কৰি আছা? وقد خلقكم أطوارا

وَقَدْ خَلَقَكُمْ أَطْوَارًا ﴿١٤﴾

যিহেতু তেওঁ তোমালোকক বিভিন্ন ধাপত সৃষ্টি কৰিছে। পানীৰটোপালৰপৰা ৰক্ত পিণ্ড, তাৰপাছত মাংসপিণ্ড।

أَلَمْ تَرَوْا۟ كَيْفَ خَلَقَ ٱللَّهُ سَبْعَ سَمَـٰوَٰتٍۢ طِبَاقًۭا ﴿١٥﴾

তোমালোকে দেখা নাই নে যে,মহান আল্লাহে তস্ৰেতস্ৰেকেনেকৈ সাতখন আকাশ সৃষ্টি কৰিছে।

وَجَعَلَ ٱلْقَمَرَ فِيهِنَّ نُورًۭا وَجَعَلَ ٱلشَّمْسَ سِرَاجًۭا ﴿١٦﴾

আৰু ইয়াৰ ভিতৰত চন্দ্ৰ ক ৰাখিছে নিম্ন আকাশত পৃথিৱীবাসীসকলৰ বাবে পোহৰ হিচাপে, আৰু সূৰ্য্যক সৃষ্টি কৰিছে প্ৰদীপ হিচাপে। بلغ আল-কোৰআন · তাফছীৰ

وَٱللَّهُ أَنۢبَتَكُم مِّنَ ٱلْأَرْضِ نَبَاتًۭا ﴿١٧﴾

আৰু মহান আল্লাহে তোমালোকক মাটি ৰ পৰা সৃষ্টি কৰিছে, কিয় নো তেৱেঁই তোমালোকৰ আদি পিতা আদম আলাইহিচ্ছালামক মাটি ৰে সৃষ্টি কৰিছিল। এতেকে তোমালোকেও মাটি ৰ পৰা গজোৱা উদ্ভিদ বা গছ- গছনিৰ পৰাই ভোজন কৰা। ثم يعيدكم فيها ويخرجكم إخراجا

ثُمَّ يُعِيدُكُمْ فِيهَا وَيُخْرِجُكُمْ إِخْرَاجًۭا ﴿١٨﴾

আকৌ তোমালোকক মৃ্ ত্যুৰ পিছত মাটি ৰ ভিতৰতেই ওভতাই নিয়া হ’ব। তাৰ পাছত তোমালোকক তাৰ পৰা পুনৰুত্থানৰ বাবে উঠোৱা হ’ব।

وَٱللَّهُ جَعَلَ لَكُمُ ٱلْأَرْضَ بِسَاطًۭا ﴿١٩﴾

মহান আল্লাহেই পৃথিৱীখনক তোমালোকৰ বাবে বিচনাৰ দৰে বিস্তৃ ত কৰিছে, তথা বসবাস উপযোগী বনাইছে। لتسلكوامنها سبلا فجاجا

لِّتَسْلُكُوا۟ مِنْهَا سُبُلًۭا فِجَاجًۭا ﴿٢٠﴾

যাতে তোমালোকে ইয়াৰ বিভিন্ন প্ৰশস্ত পথেৰে বৈধ জীৱিকাৰ বাবে চলাচল কৰিব পাৰা।

قَالَ نُوحٌۭ رَّبِّ إِنَّهُمْ عَصَوْنِى وَٱتَّبَعُوا۟ مَن لَّمْ يَزِدْهُ مَالُهُۥ وَوَلَدُهُۥٓ إِلَّا خَسَارًۭا ﴿٢١﴾

নূহ আলাইহিচ্ছালামে ক’লেঃ হে মোৰ প্ৰতিপালক! মোৰ সম্প্ৰ দায়ে মোক অমান্য কৰিছে, লগতে তোমাৰ তাওহীদক আৰু তোমাৰ ইবাদত কৰাৰ আদেশকো অমান্য কৰিছে, আৰু সিহঁ তৰ মাজৰ নিম্ন তস্ৰৰ লোকসকলে সেইসকল নেতাৰ কথা মানি লৈছে, যিসকলক তু মি ধন-সম্পদ, সন্তান-সন্ত তি প্ৰদান কৰিছা। অথচ তু মি প্ৰদান কৰাএই উপকাৰেসিহঁ তৰপথভ্ৰ ষ্টতাহে বৃদ্ধি কৰিছে। ومكروا مكرا كبارا

وَمَكَرُوا۟ مَكْرًۭا كُبَّارًۭا ﴿٢٢﴾

আৰু সিহঁ তৰ মাজৰ নেতা শ্ৰে ণীৰ লোকসকলে সাধাৰণ ব্যক্তি সকলক নূدহ আলাইহিচ্ছালামৰ বিৰুদ্ধে উচটনি প্ৰদান কৰি বৰ ডাঙৰ চক্ৰান্ত ৰচিছিল। وقالوالا تذرن ءالهتكم ولا تذرن و اولا سواعا ولا يغوث ويعوق ونسرا

وَقَالُوا۟ لَا تَذَرُنَّ ءَالِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّۭا وَلَا سُوَاعًۭا وَلَا يَغُوثَ وَيَعُوقَ وَنَسْرًۭا ﴿٢٣﴾

আৰু সিহঁতে সিহঁতৰ অনুসাৰী বিলাকক ক’লেঃ তোমালোকে নিজ উপাস্যবোৰৰ উপাসনা নেৰিবা। তোমালোকৰ মূৰ্তিসমূহ যেনে- অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰৰ উপাসনা কেতিয়াও নেৰিবা।

وَقَدْ أَضَلُّوا۟ كَثِيرًۭا ۖ وَلَا تَزِدِ ٱلظَّـٰلِمِينَ إِلَّا ضَلَـٰلًۭا ﴿٢٤﴾

আৰু সিহঁ তে এই মূৰ্তিবোৰৰমাধ্যমত বহুত লোকক পথভ্ৰ ষ্টকৰিছিল। এতেকে হে মোৰপ্ৰ তিপালক! এই অত্যাচাৰীসকলৰপথভ্ৰ ষ্টতা অধিক বৃদ্ধি কৰি দিয়া, যিসকলে কু ফু ৰী আৰু পাপকৰ্মৰ মাধ্যমত নিজৰ ওপৰত অন্যায় কৰিছে।

مِّمَّا خَطِيٓـَٔـٰتِهِمْ أُغْرِقُوا۟ فَأُدْخِلُوا۟ نَارًۭا فَلَمْ يَجِدُوا۟ لَهُم مِّن دُونِ ٱللَّهِ أَنصَارًۭا ﴿٢٥﴾

সিহঁ তে যিবোৰ পাপকৰ্ম কৰিছিল, তাৰ পৰিণামস্ব ৰূপে সিহঁ তক পৃথিৱীত মহাপ্লাৱনৰ জৰিয় তে ডু বাই দিয়া হৈছিল, আৰু মৃ ত্যুৰ পিছতেই সিহঁ তক অগ্নিত নিক্ষেপ কৰা হৈছে। এতেকে তাৰ পাছত সিহঁ তে আল্লাহৰ বাহিৰে কাকো সহায় ক হিচাপে পোৱা নাছিল, যিয়ে সিহঁ তক ডু বি যোৱাৰ পৰা আৰু জাহান্নামৰ পৰা ৰক্ষা কৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَقَالَ نُوحٌۭ رَّبِّ لَا تَذَرْ عَلَى ٱلْأَرْضِ مِنَ ٱلْكَـٰفِرِينَ دَيَّارًا ﴿٢٦﴾

যেতিয়া আল্লাহে নূহ আলাইহিচ্ছালামক জনাই দিলে যে, তেখেতৰ সম্প্ৰ দায় ৰ যিসকলে ঈমান আনিছে, সিহঁ তৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। তেতিয়া তেখেতে ক’লেঃ হে মোৰ প্ৰতিপালক! পৃথিৱীৰ ওপৰত চলা-ফু ৰা কৰা কোনো কাফিৰকে তু মি এৰি নিদিবা।

إِنَّكَ إِن تَذَرْهُمْ يُضِلُّوا۟ عِبَادَكَ وَلَا يَلِدُوٓا۟ إِلَّا فَاجِرًۭا كَفَّارًۭا ﴿٢٧﴾

হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি যদি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰ ষ্টকৰিব, আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী সকলকহে জন্ম দিব, যিসকলে তোমাৰ কথাৰ অৱমাননা কৰিব, লগতে সিহঁ তে নিষ্ঠুৰ কাফিৰসকলকহে জন্ম দিব, যিসকলে তোমাৰ অনুগ্ৰ হবোৰৰ অকৃ তজ্ঞতা কৰিব।

رَّبِّ ٱغْفِرْ لِى وَلِوَٰلِدَىَّ وَلِمَن دَخَلَ بَيْتِىَ مُؤْمِنًۭا وَلِلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ وَلَا تَزِدِ ٱلظَّـٰلِمِينَ إِلَّا تَبَارًۢا ﴿٢٨﴾

হে মোৰ প্ৰতিপালক, মোৰ পাপসমূ হ ক্ষমা কৰি দিয়া, লগতে মোৰ পিতৃ -মাতৃ ক ক্ষমা কৰি দিয়া। প্ৰত্যেক সেই ব্যক্তি কো ক্ষমা কৰি দিয়া, যিয়ে মু মিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব। হে মোৰ প্ৰতিপালক! তু মি প্ৰতিজন মুমিন পৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰি দিয়া। পক্ষান্ত ৰে সেইসকল লোকৰ ধ্বংস আৰু ক্ষতি অধিক বৃদ্ধি কৰি দিয়া, যিসকলে কু ফু ৰী আৰু পাপকৰ্মৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Nooh — نوح

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা