حمٓ ﴿١﴾
মুখ্য পৃষ্ঠা›তাফছীৰ›Ash-Shura (42)
মক্কী · 53 আয়াত
حمٓ ﴿١﴾
عٓسٓقٓ ﴿٢﴾
হা-মীম। আঈন-ছীন-ক্বাফ। এনেকু ৱাআখৰৰবিষয়ে ছু ৰাআল-বাক্বাৰাৰআৰম্ভ ণিতে আলোচনাকৰাহৈছে।
كَذَٰلِكَ يُوحِىٓ إِلَيْكَ وَإِلَى ٱلَّذِينَ مِن قَبْلِكَ ٱللَّهُ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٣﴾
হে মুহাম্মদ! যিদৰে আপোনাৰ প্ৰতি অহী কৰা হৈছে, ঠি ক সেইদৰে আপোনাৰ পূৰ্বেও নবীসকলৰ ওপৰত অহী প্ৰে ৰণ কৰা হৈছিল। নিশ্চয় আল্লাহ তেওঁ ৰ শত্ৰুসকলৰপৰা প্ৰতিশোধলোৱাৰক্ষেত্ৰত মহাপৰাক্ৰ মশালী, লগতে নিয় ন্ত্ৰ ণ আৰু সৃষ্টি ৰক্ষেত্ৰতো তেওঁ মহাপ্ৰ জ্ঞাৱান।
لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ وَهُوَ ٱلْعَلِىُّ ٱلْعَظِيمُ ﴿٤﴾
একমাত্ৰ আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, তেৱেঁই মালিক আৰু তেৱেঁই নিয় ন্ত্ৰ ণকাৰী। তেওঁ সত্ত্বাগত দিশৰ পৰা, ক্ষমতা আৰু প্ৰভাৱৰ ফালৰপৰাঅতি উচ্চ। লগতে তেওঁ সত্ত্বাগতভাৱেঅতি মহান।
تَكَادُ ٱلسَّمَـٰوَٰتُ يَتَفَطَّرْنَ مِن فَوْقِهِنَّ ۚ وَٱلْمَلَـٰٓئِكَةُ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيَسْتَغْفِرُونَ لِمَن فِى ٱلْأَرْضِ ۗ أَلَآ إِنَّ ٱللَّهَ هُوَ ٱلْغَفُورُ ٱلرَّحِيمُ ﴿٥﴾
পৱিত্ৰ আল্লাহ ইমান মহান যে, তেওঁ ৰপ্ৰ ভাৱত বিশাল আৰুসুউচ্চ আকাশমণ্ডল পৃথিৱীৰওপৰত ভাঙি পৰাৰউপক্ৰ ম হয় । ফিৰিস্তাসকলে প্ৰতিপালকৰ আগত নত স্বীকাৰ কৰি তেওঁৰ পৱিত্ৰতা আৰু মহানতাৰ গুণগান কৰে, লগতে তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ওচৰত পৃথিৱীবাসীৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা! নিশ্চয় আল্লাহ তেওঁ ৰতাওবাকাৰী বান্দাসকলৰপ্ৰ তি অতি ক্ষমাশীল, আৰু তেওঁ লোকৰপ্ৰ তি অতি দয়ালু।
وَٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِهِۦٓ أَوْلِيَآءَ ٱللَّهُ حَفِيظٌ عَلَيْهِمْ وَمَآ أَنتَ عَلَيْهِم بِوَكِيلٍۢ ﴿٦﴾
যিসকলে আল্লাহৰ বাহিৰে মূ ৰ্ত্তিবোৰক আকোঁৱালি লৈছে, তথা আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা কৰে আৰু সেইবোৰক নিজৰ সংৰক্ষক বুলি ভাবে। আল্লাহে সিহঁতক সুক্ষ্মভাৱে চাই আছে, তথা সিহঁতৰ যাৱতীয় কৰ্ম ৰেকৰ্ড কৰি আছে। লগতে তেওঁ সিহঁতক ইয়াৰ প্ৰতিদানো দিব। হে ৰাছুল! আপোনাক সিহঁ তৰ কৰ্ম সংৰক্ষণ কৰাৰ দায়ি ত্বদিয়া হোৱা নাই। সিহঁ তৰ কৰ্ম সম্পৰ্কে আপোনাক একো সোধ-পোচ কৰাও নহ’ব। কাৰণ আপোনাৰ দায়ি ত্বহৈছে কেৱল বাৰ্তাপৌঁচাই দিয়া। ي
وَكَذَٰلِكَ أَوْحَيْنَآ إِلَيْكَ قُرْءَانًا عَرَبِيًّۭا لِّتُنذِرَ أُمَّ ٱلْقُرَىٰ وَمَنْ حَوْلَهَا وَتُنذِرَ يَوْمَ ٱلْجَمْعِ لَا رَيْبَ فِيهِ ۚ فَرِيقٌۭ فِى ٱلْجَنَّةِ وَفَرِيقٌۭ فِى ٱلسَّعِيرِ ﴿٧﴾
হে ৰাছুল! যিদৰে আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ, ঠি ক সেইদৰে আমি আপোনাৰ প্ৰতিও আৰবী ভাষাত কোৰআনৰ অহী কৰিছোঁ, যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু ইয়াৰ ওচৰে-পাঁজৰে থকা লোকসকলক আৰু তাৰ পাছত গোটেই মানৱ জাতিক সতৰ্ক কৰিব পাৰে আৰু মানুহক কিয়ামত সম্পৰ্কে সতৰ্ক কৰিব পাৰে, যিদিনা আল্লাহে আগৰ পিছৰ সকলো লোককে একে ঠাইতে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। সেই দিৱস সম্পৰ্কে কোনো ধৰণৰ সন্দে হৰ অৱকাশ নাই। সেইদিনা মানু হবিলাক দুটা গোটত বিভক্ত হ’ব, এটা গোটৰ মানু হে জান্নাতত প্ৰৱেশ কৰিব, তেওঁ লোক হৈছে মু মিনসকল, আৰু আনটো গোটৰ লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু সিহঁ ত হৈছে কাফিৰসকল। بلغ আল-কোৰআন · তাফছীৰ
وَلَوْ شَآءَ ٱللَّهُ لَجَعَلَهُمْ أُمَّةًۭ وَٰحِدَةًۭ وَلَـٰكِن يُدْخِلُ مَن يَشَآءُ فِى رَحْمَتِهِۦ ۚ وَٱلظَّـٰلِمُونَ مَا لَهُم مِّن وَلِىٍّۢ وَلَا نَصِيرٍ ﴿٨﴾
আল্লাহে যদি সকলোকে ইছলাম ধৰ্মত দীক্ষিত কৰি এটা উম্মতৰ অন্ত ৰ্ভু ক্তকৰাৰ ইচ্ছা কৰিলেহেঁ তেন, তেন্তে তেওঁলোকক ইছলামৰ ওপৰত প্ৰতিষ্ঠি ত কৰি একেটা উম্মতৰে অন্ত ৰ্ভু ক্তকৰিলেহেঁ তেন আৰু সকলোকে জান্নাতত প্ৰৱেশ কৰালেহেঁ তেন। কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, তেওঁ যাক ইচ্ছা কৰে তাকেই ইছলামত প্ৰৱেশ কৰাৰ সুযোগ দিয়ে আৰু তাক জান্নাতত প্ৰৱেশ কৰায়। কুফৰ আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো অভিভাৱক নাই, যিয়ে সিহঁ তৰ দায়ি ত্বভাৰ গ্ৰহণ কৰিব। সিহঁ তৰ বাবে কোনো সহায় কো নাই, যিয়ে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব।
أَمِ ٱتَّخَذُوا۟ مِن دُونِهِۦٓ أَوْلِيَآءَ ۖ فَٱللَّهُ هُوَ ٱلْوَلِىُّ وَهُوَ يُحْىِ ٱلْمَوْتَىٰ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٩﴾
বৰং এই মুশ্বৰিকসকলে আল্লাহক এৰি বহুতকে নিজৰ অভিভাৱক বনাই লৈছে, সেইবোৰৰ পৰা নিজৰ সুৰক্ষা প্ৰাৰ্থনা কৰে। অথচ প্ৰকৃ ত অভিভাৱক হৈছে একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে কোনেও উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। তেৱেঁই মৃত লোকসকলক হিচাপ- নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব। কোনেও পৱিত্ৰ আল্লাহক বিৱশ কৰিব নোৱাৰে।
وَمَا ٱخْتَلَفْتُمْ فِيهِ مِن شَىْءٍۢ فَحُكْمُهُۥٓ إِلَى ٱللَّهِ ۚ ذَٰلِكُمُ ٱللَّهُ رَبِّى عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ أُنِيبُ ﴿١٠﴾
হে মানৱজাতি! তোমালোকে ধৰ্মৰ মূল বিধি-বিধান আৰু সৰু-সুৰা যিবোৰ বিষয় ত মতভেদ কৰা, সেইবোৰৰ ফয় চালাৰ দায়ি ত্বহৈছে আল্লাহৰ হাতত। গতিকে তেনেকু ৱা বিষয় ত তোমালোকে আল্লাহৰ কিতাব আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে প্ৰত্যাৱৰ্তন কৰা। ওপৰত যিবোৰ বৈশিষ্ট্য বৰ্ণনা কৰা হ’ল, সেইবোৰ বিশেষণেৰে বিশেষিত সত্ত্বাই হৈছে মোৰ প্ৰতিপালক। মই মোৰ সকলো কৰ্মতে তেওঁ ৰ ওপৰতেই ভৰসা কৰোঁ আৰু তাওবাকৰিতেওঁ ৰওচৰতেই প্ৰত্যাৱৰ্ত ন কৰোঁ।
فَاطِرُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ جَعَلَ لَكُم مِّنْ أَنفُسِكُمْ أَزْوَٰجًۭا وَمِنَ ٱلْأَنْعَـٰمِ أَزْوَٰجًۭا ۖ يَذْرَؤُكُمْ فِيهِ ۚ لَيْسَ كَمِثْلِهِۦ شَىْءٌۭ ۖ وَهُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ ﴿١١﴾
পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ বাবে তোমালোকৰ সঙ্গিণী সৃষ্টি কৰিছে। তোমালোকৰ বাবেই উট, গৰু, ছাগলী আদিৰ যোৰা সৃষ্টি কৰিছে, যাতে সেইবোৰে বংশবৃদ্ধি কৰিব পাৰে। তেৱেঁই তোমালোকক বিবাহ বন্ধনৰ মাধ্যমত বংশ বৃদ্ধিৰ সুযোগ প্ৰদান কৰিছে। লগতে চতু ষ্পদ জন্তু ৰ গাখিৰ আৰু মাংসক তোমালোকৰ বাবে জীৱন-যাপনৰ উপকৰণ বনাইছে। সৃষ্টি জগতৰ একোৱেই তেওঁৰ সমপৰ্যায় ৰ নহয় । তেৱেঁই সৰ্বশ্ৰোতা, বান্দাৰ কথা শ্ৰৱণ কৰে আৰু সিহঁ তৰ কৰ্মবোৰ প্ৰত্যক্ষ কৰে। কোনোবস্তু ৱেতেওঁৰতত্ত্বাৱধায় নৰপৰাএৰানপৰে। অচিৰেই তেওঁ সিহঁ তক সিহঁ তৰকৰ্মৰপ্ৰ তিদান দিব। যদি কৰ্ম ভাল হয় তেন্তে ভাল প্ৰতিদান পাব আৰু যদি বেয়া হয় তেন্তে বেয়া ফল পাব।
لَهُۥ مَقَالِيدُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ إِنَّهُۥ بِكُلِّ شَىْءٍ عَلِيمٌۭ ﴿١٢﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰৰ চাবি-কাঠি হৈছে একমাত্ৰ তেওঁ ৰেই হাতত। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে , এই পৰীক্ষা কৰিবলৈ যে, সি কৃ তজ্ঞ হয় নে অকৃ তজ্ঞ? আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে , এই কথা প্ৰকাশ কৰিবলৈ যে, সি ধৈৰ্য্য ধৰে নে নাই, অথবা সি আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰ সম্পৰ্কে অসন্তু ষ্টহয় নেকি? নিশ্চয় তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কল্যাণকৰ হিতেই তেওঁ ৰ পৰা গোপন নহয় । بلغ আল-কোৰআন · তাফছীৰ
۞ شَرَعَ لَكُم مِّنَ ٱلدِّينِ مَا وَصَّىٰ بِهِۦ نُوحًۭا وَٱلَّذِىٓ أَوْحَيْنَآ إِلَيْكَ وَمَا وَصَّيْنَا بِهِۦٓ إِبْرَٰهِيمَ وَمُوسَىٰ وَعِيسَىٰٓ ۖ أَنْ أَقِيمُوا۟ ٱلدِّينَ وَلَا تَتَفَرَّقُوا۟ فِيهِ ۚ كَبُرَ عَلَى ٱلْمُشْرِكِينَ مَا تَدْعُوهُمْ إِلَيْهِ ۚ ٱللَّهُ يَجْتَبِىٓ إِلَيْهِ مَن يَشَآءُ وَيَهْدِىٓ إِلَيْهِ مَن يُنِيبُ ﴿١٣﴾
ينيب তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যিদৰে আমি নূহ আলাইহিচ্ছালামক ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আৰু সেইমতে আমল কৰিবলৈ আদেশ কৰিছিলোঁ, আৰু হে ৰাছুল আপোনাৰ প্ৰতিও আমি সেই অহীকেই প্ৰে ৰণ কৰিছোঁ। আমি তোমালোকৰ বাবে সেইদৰেই চৰীয় ত বিধিবদ্ধ কৰিছোঁ, যিটো প্ৰচাৰ কৰিবলৈ আৰু সেইমতে আমল কৰিবলৈ আমি ইব্ৰাহীমক, মু ছাক আৰু ঈছা আলাইহিমু চ্ছালামক নিৰ্দে শ প্ৰদান কৰিছিলোঁ। যাৰ সাৰাংশ হৈছে, “তোমালোকে দ্বীন প্ৰতিষ্ঠি ত কৰা, ইয়াৰমাজত মতভেদ কৰাৰপৰা বিৰত থকা”। (হে ৰাছু ল!) অন্যান্যউপাস্যৰউপাসনা পৰিত্যাগ কৰাৰ বিধান আৰু তাওহীদৰ পিনে কৰা আপোনাৰ এই আহ্বান, মু শ্বৰিকসকলৰ বাবে কঠি ন অনু ভৱ হৈ আছে। আল্লাহে তেওঁ ৰ যি বান্দাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তাক তেওঁৰ ইবাদত আৰু আনুগত্যৰ তাওফীক দিয়ে । লগতে যিয়ে গুনাহৰ পৰা তাওবা কৰি তেওঁৰ পিনে প্ৰত্যৱৰ্ত ন কৰে তাক তেওঁ হিদায় তদিয়ে । م
وَمَا تَفَرَّقُوٓا۟ إِلَّا مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْعِلْمُ بَغْيًۢا بَيْنَهُمْ ۚ وَلَوْلَا كَلِمَةٌۭ سَبَقَتْ مِن رَّبِّكَ إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى لَّقُضِىَ بَيْنَهُمْ ۚ وَإِنَّ ٱلَّذِينَ أُورِثُوا۟ ٱلْكِتَـٰبَ مِنۢ بَعْدِهِمْ لَفِى شَكٍّۢ مِّنْهُ مُرِيبٍۢ ﴿١٤﴾
কিন্তু কাফিৰ আৰু মুশ্বৰিকসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত প্ৰমাণিত হোৱাৰ পিছতো মতভেদ সৃষ্টি কৰিলে। সিহঁ তৰ এই মতভেদ সৃষ্টি ৰ কাৰণ আছিল পাৰস্পৰিক বিদ্বে ষ আৰু অন্যায় -অত্যাচাৰ। এটা নিৰ্ধাৰিত সময় লৈকে অৰ্থাৎ কিয়ামত দিৱসলৈকে সিহঁ তৰ শাস্তি পলম কৰা সম্পৰ্কে আল্লাহৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে, সিহঁ তে যিদৰে আল্লাহৰ লগত কু ফৰী কৰি আছে আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰি আছে, নিশ্চয় আল্লাহে ইয়াতেই সিহঁ তৰ ফয় চালা কৰি দিলেহেঁ তেন। যিসকল ইয়াহুদীয়ে তাওৰাতৰ উত্তৰাধিকাৰী হৈছিল, তথা যিসকল খৃষ্টানে ইঞ্জীলৰ উত্তৰাধিকাৰী হৈছিল নিজৰ পূৰ্বপুৰুষসকলৰ পিছত, আৰু এই মুশ্বৰিকসকলৰ পিছত, সিহঁত আটায়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা কোৰআন সম্পৰ্কে সন্দে হত পতিত হৈ আছে, তথা ইয়াক অস্বীকাৰকৰিআছে।
فَلِذَٰلِكَ فَٱدْعُ ۖ وَٱسْتَقِمْ كَمَآ أُمِرْتَ ۖ وَلَا تَتَّبِعْ أَهْوَآءَهُمْ ۖ وَقُلْ ءَامَنتُ بِمَآ أَنزَلَ ٱللَّهُ مِن كِتَـٰبٍۢ ۖ وَأُمِرْتُ لِأَعْدِلَ بَيْنَكُمُ ۖ ٱللَّهُ رَبُّنَا وَرَبُّكُمْ ۖ لَنَآ أَعْمَـٰلُنَا وَلَكُمْ أَعْمَـٰلُكُمْ ۖ لَا حُجَّةَ بَيْنَنَا وَبَيْنَكُمُ ۖ ٱللَّهُ يَجْمَعُ بَيْنَنَا ۖ وَإِلَيْهِ ٱلْمَصِيرُ ﴿١٥﴾
এতেকে আপুনি এই সঠি ক দ্বীনৰ পিনেই মানুহক আহ্বান কৰক, নিজ প্ৰতিপালকৰ আদেশ অনুসাৰে ইয়াৰ ওপৰতেই অবিচল থাকক। আপুনি কেতিয়াও সিহঁ তৰইচ্ছাৰঅনুসৰণ নকৰিব। সিহঁ তৰসৈতে বাদানুবাদৰসময় ত আপুনি সিহঁ তক কৈ দিয় কঃ“মই আল্লাহৰপ্ৰ তি ঈমান আনিছোঁ, আৰু সেইসমূহ কিতাবৰ প্ৰতি ঈমান আনিছোঁ, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছে। আল্লাহে মোক নিৰ্দেশ দিছে যে, মই যেন তোমালোকৰ মাজত ন্যায় সহকাৰে ফয় চাল কৰোঁ। মই ইবাদত কৰা আল্লাহেই হৈছে আমাৰ আৰু তোমালোক সকলোৰে প্ৰতিপালক। আমাৰ কৰ্ম আমাৰ বাবে, ভাল হওক অথবা বেয়া। তোমালোকৰ কৰ্ম তোমালোকৰ বাবে, ভালকৰ্মই হওক অথবা বেয়া। দলিল-প্ৰমাণ স্পষ্ট হোৱাৰ পিছত তথা সঠি ক পথ প্ৰকাশ পোৱাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত কোনো ধৰণৰ বিবাদৰ অৱকাশ নাই। আল্লাহে আমাক সকলোকে একত্ৰিত কৰিব, কিয়ামতৰদিনা আমি তেওঁৰওচৰতেই প্ৰত্যাৱৰ্ত ন কৰিবলাগিব। আমাৰমাজৰপ্ৰ ত্যেকেই উচিত প্ৰতিদান লাভ কৰিব। তেতিয়া স্পষ্ট হৈ পৰিবযে, সত্য কোন আৰু অসত্য কোন; সঠি ক পথত কোন আছিল আৰু বাতিল পথত কোন আছিল”।
وَٱلَّذِينَ يُحَآجُّونَ فِى ٱللَّهِ مِنۢ بَعْدِ مَا ٱسْتُجِيبَ لَهُۥ حُجَّتُهُمْ دَاحِضَةٌ عِندَ رَبِّهِمْ وَعَلَيْهِمْ غَضَبٌۭ وَلَهُمْ عَذَابٌۭ شَدِيدٌ ﴿١٦﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই দ্বীনক মানুহে আঁকোৱালি লোৱাৰ পিছতো যিসকলে বাতিল যুক্তি আদিৰ সঁহাৰি লৈ তৰ্ক -বিতৰ্ক কৰে, সিহঁ তৰ প্ৰতিপালকৰ ওচৰত আৰু মু মিনসকলৰ ওচৰত সেইসকল লোকৰ যুক্তি ৰ কোনো মূ ল্যনাই। ইয়াৰ কোনো প্ৰভাৱ নপৰিব। যিহেতু সিহঁ তে সত্যক অস্বীকাৰ কৰিছে, লগতে কু ফৰী কৰিছে, গতিকে সিহঁ তৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। তথা কিয়ামতৰ দিনা সিহঁ তৰ বাবে অপেক্ষাকৰিআছে কঠি ন শাস্তি । بلغ আল-কোৰআন · তাফছীৰ
ٱللَّهُ ٱلَّذِىٓ أَنزَلَ ٱلْكِتَـٰبَ بِٱلْحَقِّ وَٱلْمِيزَانَ ۗ وَمَا يُدْرِيكَ لَعَلَّ ٱلسَّاعَةَ قَرِيبٌۭ ﴿١٧﴾
আল্লাহেই সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছে, ইয়াৰ মাজত সন্দে হৰ কোনো অৱকাশ নাই। ন্যায় অৱতীৰ্ণ কৰিছে, যাতে মানুহৰ মাজত ন্যায় সহকাৰে ফয় চালা কৰা হয় । সিহঁ তে যি কিয়ামতক অস্বীকাৰ কৰি আছে, সম্ভ ৱতঃ সেইটো অতি নিকৱৰ্তী। তথা এই কথা সৰ্বজনবিদিত যে, প্ৰত্যেক আহিবলগীয়াবস্তু ৱেহৈছে নিকটৱৰ্তী হিচাপে পৰিগণিত।
يَسْتَعْجِلُ بِهَا ٱلَّذِينَ لَا يُؤْمِنُونَ بِهَا ۖ وَٱلَّذِينَ ءَامَنُوا۟ مُشْفِقُونَ مِنْهَا وَيَعْلَمُونَ أَنَّهَا ٱلْحَقُّ ۗ أَلَآ إِنَّ ٱلَّذِينَ يُمَارُونَ فِى ٱلسَّاعَةِ لَفِى ضَلَـٰلٍۭ بَعِيدٍ ﴿١٨﴾
যিসকলে কিয়ামত দিৱসক বিশ্বাস নকৰে, সিহঁ তেই ইয়াকলৈ খৰধৰ কৰে। কিয় নো সিহঁ তে হিচাপ-নিকাচ আৰু প্ৰতিদান তথা শাস্তি দিয়া হ'ব বুলি বিশ্বাস নকৰে। আনহাতে যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, তেওঁলোকে এই দিৱসৰ পৰিণাম সম্পৰ্কে সদায় ভীত-সন্ত্ৰ তস্ হৈ থাকে। তেওঁলোকে পৰিপূৰ্ণৰূপে বিশ্বাস কৰেযে, এই দিৱস অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দে হ নাই। জানি থোৱা! যিসকলে কিয়ামত সম্পৰ্কে বিতৰ্ক কৰেতথা বাক-বিতণ্ডা কৰে, লগতে ইয়াৰ বাস্ত ৱতাকলৈ সন্দে হ পোষণ কৰে, নিশ্চয় সিহঁ তে সত্যৰ পৰা বহু দূৰ আঁতৰি গৈ পথভ্ৰ ষ্টহৈছে।
ٱللَّهُ لَطِيفٌۢ بِعِبَادِهِۦ يَرْزُقُ مَن يَشَآءُ ۖ وَهُوَ ٱلْقَوِىُّ ٱلْعَزِيزُ ﴿١٩﴾
আল্লাহ বান্দাসকলৰপ্ৰ তি অনুগ্ৰ হশীল। তেওঁ যাক ইচ্ছা কৰেজীৱিকা প্ৰদান কৰেতথা তাৰজীৱিকাত প্ৰশস্ত তা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে তেওঁ ৰ হিকমত অনু যায়ী আৰু তেওঁ ৰ কৃ পা অনু যায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে , যদিও দেখাত বিপৰীত অনু ভৱ হয় । তেওঁ সৰ্বশক্তি মান, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ মহাপৰাক্ৰ মশালী, যিয়ে শত্ৰুৰপৰা প্ৰতিশোধগ্ৰ হণ কৰে।
مَن كَانَ يُرِيدُ حَرْثَ ٱلْـَٔاخِرَةِ نَزِدْ لَهُۥ فِى حَرْثِهِۦ ۖ وَمَن كَانَ يُرِيدُ حَرْثَ ٱلدُّنْيَا نُؤْتِهِۦ مِنْهَا وَمَا لَهُۥ فِى ٱلْـَٔاخِرَةِ مِن نَّصِيبٍ ﴿٢٠﴾
نص يب যিয়ে আখিৰাতৰ ছোৱাব আশা কৰিব তথা ইয়াৰ বাবে প্ৰয়োজনীয় আমল কৰিব, আমি তাৰ ছোৱাব বৃদ্ধি কৰি দিম। কিয় নো এটা ছোৱাবৰ প্ৰতিদান দহ গুণৰ পৰা সাতশ গুণ পৰ্যতন্ বৃদ্ধি কৰি দিয়া হয় , আনকি ইয়াতকৈও বহুলাংশে বৃদ্ধি কৰি দিয়া হয় । আনহাতে যিয়ে অকল পাৰ্থিৱ জীৱনৰ সা-সুবিধা কামনা কৰে, আমি তাক তাৰনিৰ্ধাৰিত অংশ ইয়াতেই প্ৰদান কৰিম। যিহেতু সি পাৰ্থিৱজীৱনক প্ৰাধান্য দিছে, সেয়ে আখিৰাতত তাৰকোনো পাবলগীয়া অংশ নাথাকিব।
أَمْ لَهُمْ شُرَكَـٰٓؤُا۟ شَرَعُوا۟ لَهُم مِّنَ ٱلدِّينِ مَا لَمْ يَأْذَنۢ بِهِ ٱللَّهُ ۚ وَلَوْلَا كَلِمَةُ ٱلْفَصْلِ لَقُضِىَ بَيْنَهُمْ ۗ وَإِنَّ ٱلظَّـٰلِمِينَ لَهُمْ عَذَابٌ أَلِيمٌۭ ﴿٢١﴾
عذاب أليم আল্লাহৰ বাহিৰেও এই মু শ্বৰিকসকলৰ এনেকু ৱা কিছু মান উপাস্য আছে নেকি, যিসকলে সিহঁ তৰ বাবে ধৰ্মৰ কিছু মান এনেকু ৱা বিধি-বিধান জাৰি কৰিছে, যিবোৰ জাৰি কৰাৰ আদেশ আল্লাহে সিহঁ তক প্ৰদান কৰা নাই। যেনেঃ আল্লাহৰ লগত শ্বি ৰ্ককৰা, তেওঁ হালাল কৰা বস্তু ক হাৰাম কৰা আৰু হাৰাম কৰা বস্তু ক হালাল কৰা আদি? এই মতানৈক্যকাৰীসকলৰ মাজত ফয় চালা কৰিবলৈ আল্লাহে যদি এটা দিৱস নিৰ্ধাৰিত কৰি নাৰাখিলেহেঁ তেন, আৰু সিহঁ তক সেই নিৰ্ধাৰিত সময় লৈকে অৱকাশ দিয়াৰযদি পূৰ্ব সিদ্ধাতন্নাথাকিলহেঁ তেন,তেন্তে আল্লাহে নিশ্চয় সিহঁ তৰমাজত এতিয়াই মীমাংসাকৰিদিলেহেঁ তেন। নিশ্চয় যিসকলে শ্বি ৰ্কআৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁ তৰ বাবে কিয়ামতৰ দিনা অপেক্ষা কৰি আছে কষ্ট দায় ক শাস্তি ।
تَرَى ٱلظَّـٰلِمِينَ مُشْفِقِينَ مِمَّا كَسَبُوا۟ وَهُوَ وَاقِعٌۢ بِهِمْ ۗ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ فِى رَوْضَاتِ ٱلْجَنَّاتِ ۖ لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمْ ۚ ذَٰلِكَ هُوَ ٱلْفَضْلُ ٱلْكَبِيرُ ﴿٢٢﴾
হে ৰাছু ল! আপুনি দেখিবলৈ পাব, যিসকলে শ্বি ৰ্কআৰু গুনাহৰ মাধ্যমত নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁ তে নিজৰ উপাৰ্জিত গুনাহৰ কাৰণে শাস্তি ৰভয় ত পেপুৱালাগিব। এই শাস্তি সিহঁ তে যিকোনোউপায়ে ভোগ কৰিবলাগিব। তাওবানকৰাকৈ কেৱল এই ভয়ে একোউপকাৰসাধন بلغ আল-কোৰআন · তাফছীৰ নকৰিব। পক্ষান্ত ৰে যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লসকলৰ প্ৰতি ঈমান আনিছে, তেওঁ লোকৰ অৱস্থা হ’ব সিহঁ তৰ বিপৰীত। তেওঁ লোকে জান্নাতৰ বাগানসমূহত নিয়ামত উপভোগ কৰিব। তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সেইসকলো নিয়ামত লাভ কৰিব, যিবোৰ তেওঁলোকে কামনা কৰিব, সেই নিয়ামতবোৰকেতিয়াও সমাপ্ত নহ’ব। এইটোৱেই হৈছে মহা অনু গ্ৰহ, আন কোনো অনু গ্ৰহেই ইয়াৰমু কাবিলা কৰিবনোৱাৰে।
ذَٰلِكَ ٱلَّذِى يُبَشِّرُ ٱللَّهُ عِبَادَهُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ ۗ قُل لَّآ أَسْـَٔلُكُمْ عَلَيْهِ أَجْرًا إِلَّا ٱلْمَوَدَّةَ فِى ٱلْقُرْبَىٰ ۗ وَمَن يَقْتَرِفْ حَسَنَةًۭ نَّزِدْ لَهُۥ فِيهَا حُسْنًا ۚ إِنَّ ٱللَّهَ غَفُورٌۭ شَكُورٌ ﴿٢٣﴾
এইটোৱে সেই মহা সুসংবাদ, যিটো ৰাছু লসকলৰ মাধ্যমত আল্লাহে সেইসকল লোকক প্ৰদান কৰিছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁ ৰ ৰাছু লসকলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। হে ৰাছুল! আপুনি কওক, “সত্য পৌঁচাই দিয়াৰ বিনিময় ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰ মিক নিবিচাৰোঁ, এটা প্ৰতিদানৰ বাহিৰে কিন্তু সেইটোৰো লাভ তোমালোকৰেই হ’ব, সেয়া হৈছে আত্মীয় তাৰ বন্ধন অনুযায়ী তোমালোকে মোক মুহাব্বতৰ দৃষ্টি ৰেচোৱা”। যিয়ে ই সৎকৰ্ম কৰিব,আমি তাক ইয়াৰপ্ৰ তিদান বৃদ্ধি কৰিপ্ৰ দান কৰিম। কাৰণ এটানেকীৰপ্ৰ তিদান দহগুণ পৰ্যতন্দিয়াহয় । নিশ্চয় আল্লাহ তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। তেওঁ সেইসমূ হ সৎকৰ্মৰ উচিত মৰ্যাদা প্ৰদান কৰে, যিবোৰ তেওঁ লোকে আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰিবলৈ পালন কৰে।
أَمْ يَقُولُونَ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًۭا ۖ فَإِن يَشَإِ ٱللَّهُ يَخْتِمْ عَلَىٰ قَلْبِكَ ۗ وَيَمْحُ ٱللَّهُ ٱلْبَـٰطِلَ وَيُحِقُّ ٱلْحَقَّ بِكَلِمَـٰتِهِۦٓ ۚ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٢٤﴾
মু শ্বৰিকসকলে ধাৰণা কৰে যে, নবী মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেই এই কোৰআনখন ৰচনা কৰি আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে। সেয়ে আল্লাহে সিহঁ তৰ এই ধাৰণা খণ্ডন কৰি কৈছেঃ যদি আপোনাৰ অন্ত ৰত মিছা আৰোপ কৰাৰ কোনো কল্পনাও আহিলহেঁ তেন তেন্তে আমি আপোনাৰ অন্ত ৰত মোহৰ মাৰি দিলোঁহেঁ তেন। তথা বাতিলক মচি পেলাই সত্যক অৱশিষ্ট ৰাখিলোঁহেঁ তেন। যিহেতু এনেকু ৱা কোনো ঘটনা সংঘটি ত হোৱা নাই, গতিকে ইয়াৰদ্বাৰাপ্ৰ মাণ হয় যে,এইখন আল্লাহৰফালৰপৰাঅৱতীৰ্ণ গ্ৰন্থ। নিশ্চয় আল্লাহ বান্দাসকলৰঅন্ত ৰৰগোপন তথ্যসম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই অগোচৰ নহয় ।
وَهُوَ ٱلَّذِى يَقْبَلُ ٱلتَّوْبَةَ عَنْ عِبَادِهِۦ وَيَعْفُوا۟ عَنِ ٱلسَّيِّـَٔاتِ وَيَعْلَمُ مَا تَفْعَلُونَ ﴿٢٥﴾
সেই পৱিত্ৰ আল্লাহেই বান্দাসকলৰ তাওবা কবূল কৰে, যেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত কুফৰী আৰু গুনাহৰ পৰা তাওবা কৰে। যেতিয়া তেওঁলোকৰ পৰা কোনো গুনাহ হৈ যায় , তেতিয়া তেৱেঁই বান্দাসকলৰ গুনাহ ক্ষমা কৰি দিয়ে । তোমালোকে যি কৰ্মই নকৰা কিয় , তেওঁ সেই সকলো জানে। তোমালোকৰকোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।
وَيَسْتَجِيبُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَيَزِيدُهُم مِّن فَضْلِهِۦ ۚ وَٱلْكَـٰفِرُونَ لَهُمْ عَذَابٌۭ شَدِيدٌۭ ﴿٢٦﴾
তথা যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ দুআ কবূল কৰে। তেওঁ নিজ অনু গ্ৰহত তেওঁ লোকক সেই সকলো সা-সুবিধা প্ৰদান কৰে, যিবোৰ তেওঁ লোকে বিচৰা নাছিল। আনহাতে যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিছে, সিহঁ তৰ বাবে কিয়ামতৰ দিনা অপেক্ষা কৰি আছে কঠি ন শাস্তি ।
۞ وَلَوْ بَسَطَ ٱللَّهُ ٱلرِّزْقَ لِعِبَادِهِۦ لَبَغَوْا۟ فِى ٱلْأَرْضِ وَلَـٰكِن يُنَزِّلُ بِقَدَرٍۢ مَّا يَشَآءُ ۚ إِنَّهُۥ بِعِبَادِهِۦ خَبِيرٌۢ بَصِيرٌۭ ﴿٢٧﴾
আল্লাহে যদি সকলো বান্দাকে প্ৰচুৰ পৰিমাণে জীৱিকা প্ৰদান কৰিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অন্যায়-অত্যাচাৰ আৰু উপদ্ৰ ৱ সৃষ্টি কৰি ফু ৰিলেহেঁতেন। কিন্তু আল্লাহে প্ৰয়োজন অনুসাৰে নিজ ইচ্ছামতে জীৱিকা অৱতীৰ্ণ কৰে, কেতিয়াবা অধিক আৰু কেতিয়াবা কম। নিশ্চয় তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ, পুংখানুপুংখভাৱে পৰ্যবেক্ষণকাৰী। গতিকে তেওঁ হিকমত অনুযায়ী প্ৰদান কৰে আৰু হিকমত অনুযায়ী ইয়াৰ পৰা বঞ্চিত কৰে। بلغ আল-কোৰআন · তাফছীৰ
وَهُوَ ٱلَّذِى يُنَزِّلُ ٱلْغَيْثَ مِنۢ بَعْدِ مَا قَنَطُوا۟ وَيَنشُرُ رَحْمَتَهُۥ ۚ وَهُوَ ٱلْوَلِىُّ ٱلْحَمِيدُ ﴿٢٨﴾
বান্দাসকলে বৰষুণৰ পৰা নিৰাশ হোৱাৰ পিছত তেৱেঁই বান্দাসকলৰ ওপৰত বৰষুণৰ পানী অৱতীৰ্ণ কৰে। বৰষুণৰ পানী অৱতীৰ্ণ হোৱাৰ লগে লগে উদ্ভিদবোৰঠন ধৰিউঠে। তেৱেঁই বান্দাসকলৰযাৱতীয় কাম চোৱাচিতাকৰে,তেওঁ সকলোঅৱস্থাতেই প্ৰশংসিত।
وَمِنْ ءَايَـٰتِهِۦ خَلْقُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَثَّ فِيهِمَا مِن دَآبَّةٍۢ ۚ وَهُوَ عَلَىٰ جَمْعِهِمْ إِذَا يَشَآءُ قَدِيرٌۭ ﴿٢٩﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি , তথা এই দুয়োৰে মাজত থকা আশ্চৰ্যজনক মখলুকবোৰৰ সৃষ্টি আদি হৈছে আল্লাহৰ তাওহীদ তথা ক্ষমতাৰ অন্যতম নিদৰ্শন। তেওঁ যেতিয়া ইচ্ছা তেতিয়াই সকলোকে জীৱিত কৰি প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিবলৈ সক্ষম। এইটো তেওঁ ৰ সাধ্যাতীত কোনো বিষয় নহয় , যিদৰে প্ৰথমবাৰ কৰা সৃষ্টি তেওঁ ৰ সাধ্যাতীত নাছিল।
وَمَآ أَصَـٰبَكُم مِّن مُّصِيبَةٍۢ فَبِمَا كَسَبَتْ أَيْدِيكُمْ وَيَعْفُوا۟ عَن كَثِيرٍۢ ﴿٣٠﴾
হে মানৱজাতি! তোমালোকক যি বিপদ-আপদেই স্পৰ্শ নকৰক কিয় , তোমালোকৰ ধন-সম্পদৰ বিনাশ হওক অথবা প্ৰাণৰ ক্ষয় -ক্ষতি, সেইবোৰ তোমালোকৰ গুনাহৰ কাৰণেই হয় । আনহাতে আল্লাহে তোমালোকৰ বহুতো গুনাহক ক্ষমা কৰি দিয়ে । সেইবোৰক কেন্দ্ৰ কৰি তোমালোকক জবাবদিহি নকৰে।
وَمَآ أَنتُم بِمُعْجِزِينَ فِى ٱلْأَرْضِ ۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّۢ وَلَا نَصِيرٍۢ ﴿٣١﴾
যদি তোমালোকৰ প্ৰতিপালকে তোমালোকক শাস্তি দিব বিচাৰে, তেন্তে তোমালোকে কেতিয়াও তেওঁ ৰ পৰা পলায় ন কৰি মু ক্তি পাব নোৱাৰা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ কামবোৰ চোৱাচিতা কৰিব। যদি তেওঁ তোমালোকক দণ্ডিত কৰিব বিচাৰে তেন্তে তোমালোকৰ পৰা সেই শাস্তি প্ৰতিৰোধ কৰিব পৰা কোনো সহায় কো বিচাৰি নাপাবা।
وَمِنْ ءَايَـٰتِهِ ٱلْجَوَارِ فِى ٱلْبَحْرِ كَٱلْأَعْلَـٰمِ ﴿٣٢﴾
সাগৰত চলাচল কৰা পৰ্বত সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড নাও তথা জাহাজবোৰো হৈছে আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ অন্যতম নিদৰ্শন।
إِن يَشَأْ يُسْكِنِ ٱلرِّيحَ فَيَظْلَلْنَ رَوَاكِدَ عَلَىٰ ظَهْرِهِۦٓ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّكُلِّ صَبَّارٍۢ شَكُورٍ ﴿٣٣﴾
আল্লাহে ইচ্ছাকৰিলে এই প্ৰকাণ্ডনাওবোৰক চলাই নিয়াবতাহক ৰখাই দিবপাৰে। তেতিয়াসেই নাওবোৰসমু দ্ৰপৃষ্ঠ ত গতিহীন হৈ পৰিব। নিশ্চয় নাঁৱৰ সৃষ্টি আৰু বতাহৰ নিয় ন্ত্ৰ ণ আদিৰ মাজত আল্লাহৰ ক্ষমতাৰ স্পষ্ট নিদৰ্শন আছে, প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে বিপদ-আপদ আৰু পৰীক্ষাৰ সময় ত ধৈৰ্য্য ধাৰণ কৰে। তথা আল্লাহৰ নিয়ামতসমূ হৰ কৃ তজ্ঞতা জ্ঞাপন কৰে। أو يوبقهن بما كسبواويعف عن كثير
أَوْ يُوبِقْهُنَّ بِمَا كَسَبُوا۟ وَيَعْفُ عَن كَثِيرٍۢ ﴿٣٤﴾
অথবা মানুহে যি হাৰত গুনাহ কৰিছে সেইবোৰক কেন্দ্ৰ কৰিআল্লাহে এই নাওবোৰক ধুমুহাৰসন্মুখীন কৰাই ধ্বংস কৰিববিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰে। কিন্তু আল্লাহে বান্দাসকলৰবহুতোগুনাহ ক্ষমাকৰিদিয়ে ,সেইবোৰৰকাৰণে সিহঁ তক শাস্তি নিদিয়ে ।
وَيَعْلَمَ ٱلَّذِينَ يُجَـٰدِلُونَ فِىٓ ءَايَـٰتِنَا مَا لَهُم مِّن مَّحِيصٍۢ ﴿٣٥﴾
যিসকলে আল্লাহৰ আয়াতসমূ হক মিছা প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে, সিহঁ তে গম পায় যে, প্ৰচণ্ড ধুমু হাৰ কবলত পৰি নাওবোৰ ধ্বংস হোৱাৰ সময় ত ৰক্ষা পোৱাৰ বাবে পলায় ন কৰাৰ কোনো সুবিধা নাই। সেইকাৰণেই সিহঁ তে তেতিয়া একমাত্ৰ আল্লাহকেই আহ্বান কৰে। তেওঁৰ বাহিৰে সকলো উপাস্যকে পৰিত্যাগ কৰে। بلغ আল-কোৰআন · তাফছীৰ
فَمَآ أُوتِيتُم مِّن شَىْءٍۢ فَمَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَمَا عِندَ ٱللَّهِ خَيْرٌۭ وَأَبْقَىٰ لِلَّذِينَ ءَامَنُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ ﴿٣٦﴾
হে মানৱজাতি! তোমালোকক ধন-সম্পদ, পদমৰ্যাদা আৰু সন্তান-সন্ত তি আদি যিবোৰ প্ৰদান কৰা হৈছে, সেইবোৰ হৈছে দৰাচলতে পাৰ্থিৱ জীৱনৰ অস্থায়ী ভোগ-সামগ্ৰী, যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে স্থায়ী নিয়ামত হৈছে জান্নাতৰ নিয়ামত, সেই নিয়ামত আল্লাহে সেইসকল লোকৰ বাবে প্ৰস্তু ত কৰি ৰাখিছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁ ৰ ৰাছু লসকলৰ প্ৰতি ঈমান আনিছে। তেওঁ লোকে সকলো কৰ্মতে একমাত্ৰ আল্লাহৰ ওপৰতেই ভৰসা কৰে।
وَٱلَّذِينَ يَجْتَنِبُونَ كَبَـٰٓئِرَ ٱلْإِثْمِ وَٱلْفَوَٰحِشَ وَإِذَا مَا غَضِبُوا۟ هُمْ يَغْفِرُونَ ﴿٣٧﴾
তেওঁলোকে মহাপাপ আৰু বেয়া কৰ্ম আদিৰ পৰা দূৰত্ব অৱলম্বন কৰে। তেওঁলোকে যেতিয়া এনেকুৱা লোকৰ ওপৰত ক্ৰোধান্বিত হয়, যিয়ে তেওঁ লোকক কথা অথবা কৰ্মৰ জৰিয় তে কষ্ট দিছে, তেনে ব্যক্তি ৰ ভু লক তেওঁ লোকে ক্ষমা কৰি দিয়ে । কোনো ধৰণৰ প্ৰতিশোধ নলয় । এই ক্ষমাদান হৈছে তেওঁ লোকৰ ফালৰ পৰা এক প্ৰকাৰ কৃ পা। যেতিয়া ইয়াৰ মাজত কোনো কল্যাণ তথা হিত নিহিত থাকে।
وَٱلَّذِينَ ٱسْتَجَابُوا۟ لِرَبِّهِمْ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَمْرُهُمْ شُورَىٰ بَيْنَهُمْ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ ﴿٣٨﴾
তেওঁলোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ আহ্বানত সঁহাৰি দিয়ে । লগতে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। তেওঁলোকে গুৰুত্ব পূৰ্ণ বিষয় ত পৰামৰ্শ কৰে। লগতে তেওঁলোকে আল্লাহৰসন্তু ষ্টি অৰ্জ ন কৰিবলৈ আমি প্ৰদান কৰাসম্পদৰপৰা ব্যয় কৰে।
وَٱلَّذِينَ إِذَآ أَصَابَهُمُ ٱلْبَغْىُ هُمْ يَنتَصِرُونَ ﴿٣٩﴾
কিন্তু যদি তেওঁ লোকৰ ওপৰত অত্যাচাৰ কৰা হয় , তথা অত্যাচাৰী ব্যক্তি যদি ক্ষমাৰ যোগ্য নহয় তেন্তে আত্মসন্মান ৰক্ষা কৰিবলৈ তেওঁ লোকে প্ৰতিশোধ লয় । বিশেষকৈ সেই সময় ত প্ৰতিশোধলোৱা উচিত, যেতিয়া ক্ষমা কৰিলে কোনো লাভ নহয় ।
وَجَزَٰٓؤُا۟ سَيِّئَةٍۢ سَيِّئَةٌۭ مِّثْلُهَا ۖ فَمَنْ عَفَا وَأَصْلَحَ فَأَجْرُهُۥ عَلَى ٱللَّهِ ۚ إِنَّهُۥ لَا يُحِبُّ ٱلظَّـٰلِمِينَ ﴿٤٠﴾
যিয়ে নিজৰ প্ৰাপ্য ল'ব বিচাৰে তেওঁ ল'ব পাৰে, তেওঁৰ অধিকাৰ আছে। কিন্তু অন্যায় ৰ সমপৰিমাণহে ল'ব পাৰিব, তাতকৈ অধিক নহয় । আনহাতে যিয়ে দুৰ্ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়ে , ইয়াৰ বাবে তাৰ পৰা প্ৰতিশোধ নলয় , লগতে নিজৰ আৰু ভাতৃ ৰ মাজত থকা বিভেদক মীমাংসা কৰি লয় , তেনে ব্যক্তি ৰ প্ৰতিদান আছে আল্লাহৰ হাতত। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায় , যিসকলে মানু হৰ প্ৰাণ আৰু ধন-সম্পদৰ ক্ষেত্ৰত অন্যায় কৰে, তথা সিহঁ তৰমান-সন্মান হানি কৰে। আল্লাহে এনেকু ৱা লোকক ঘৃণা কৰে।
وَلَمَنِ ٱنتَصَرَ بَعْدَ ظُلْمِهِۦ فَأُو۟لَـٰٓئِكَ مَا عَلَيْهِم مِّن سَبِيلٍ ﴿٤١﴾
নিৰ্যাতিত হোৱাৰপিছত যিয়ে প্ৰতিশোধগ্ৰ হণ কৰিব, তেনেকু ৱা লোকক জবাবদিহি কৰা নহ’ব। কিয় নো দৰাচলতে তেওঁলোকে নিজৰপ্ৰাপ্যহে গ্ৰহণ কৰিছে।
إِنَّمَا ٱلسَّبِيلُ عَلَى ٱلَّذِينَ يَظْلِمُونَ ٱلنَّاسَ وَيَبْغُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ ۚ أُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌۭ ﴿٤٢﴾
জবাবদিহি সেইসকল লোকক কৰা হ’ব তথা শাস্তি সেইসকল লোকক বিহা হ’ব, যিসকলে মানু হৰ ওপৰত অন্যায় কৰে। পৃথিৱীত পাপকৰ্ম কৰি ফু ৰে। আখিৰাতত সিহঁ তৰবাবেআছে কষ্ট দায় ক শাস্তি । بلغ আল-কোৰআন · তাফছীৰ
وَلَمَن صَبَرَ وَغَفَرَ إِنَّ ذَٰلِكَ لَمِنْ عَزْمِ ٱلْأُمُورِ ﴿٤٣﴾
নিৰ্যাতিত হোৱাৰপিছতো যিয়ে ধৈৰ্য্যধাৰণ কৰিবতথা ক্ষমা কৰিদিব,নিশ্চয় এই ধৈৰ্য্যধাৰণে তেওঁ ৰপ্ৰ তি আৰুসমাজৰপ্ৰ তি কল্যাণ কঢ়ি য়াই আনিব। নিশ্চয় এয়া এক প্ৰশংসনীয় কৰ্ম। ইয়াৰ তাওফীক কেৱল তেৱেঁই লাভ কৰে, যিজন মহা সৌভাগ্যৱান।
وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِن وَلِىٍّۢ مِّنۢ بَعْدِهِۦ ۗ وَتَرَى ٱلظَّـٰلِمِينَ لَمَّا رَأَوُا۟ ٱلْعَذَابَ يَقُولُونَ هَلْ إِلَىٰ مَرَدٍّۢ مِّن سَبِيلٍۢ ﴿٤٤﴾
আল্লাহে যাক হিদায়তৰ পৰা আঁতৰাই দিব, তাক চোৱাচিতা কৰিব পৰা আল্লাহৰ বাহিৰে তাৰ আন কোনো অভিভাৱক নাই। আপুনি সিদিনা যালিমসকলক দেখিবলৈ পাব যে, যিসকলে কু ফৰী আৰু গুনাহৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে, কিয়ামতৰ দিনা যেতিয়া সিহঁ তে নিজ চকু ৰে শাস্তি দেখা পাব, তেতিয়া আশা প্ৰকাশ কৰি ক’বঃ পৃথিৱীলৈ উভতি যোৱাৰ কোনো উপায় আছেনে, যাতে আমি আল্লাহৰ ওচৰত তাওবা কৰিব পাৰোঁ?
وَتَرَىٰهُمْ يُعْرَضُونَ عَلَيْهَا خَـٰشِعِينَ مِنَ ٱلذُّلِّ يَنظُرُونَ مِن طَرْفٍ خَفِىٍّۢ ۗ وَقَالَ ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ ٱلْخَـٰسِرِينَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ ٱلْقِيَـٰمَةِ ۗ أَلَآ إِنَّ ٱلظَّـٰلِمِينَ فِى عَذَابٍۢ مُّقِيمٍۢ ﴿٤٥﴾
হে ৰাছু ল! আপুনি এই অত্যাচাৰীসকলক দেখা পাব, যেতিয়া সিহঁ তক জাহান্নামৰ সন্মুখত অপমানিত তথা লাঞ্ছিত অৱস্থাত উপস্থি ত কৰা হ’ব। সিহঁ তে ভীত-সন্ত্ৰ তস্ অৱস্থাত মানুহৰপিনে গোপনে চাই থাকিব। সেইদিনা আল্লাহৰপ্ৰ তি আৰুতেওঁৰৰাছু লসকলৰপ্ৰ তি ঈমান পোষণ কৰা লোকসকলে ক’বঃ নিশ্চয় প্ৰকৃ ত ক্ষতিগ্ৰ তস্ হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা আল্লাহৰ শাস্তি ৰ সন্মুখীন হৈ নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। জানি থোৱা! নিশ্চয় কু ফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলেই চিৰস্থায়ী শাস্তি ভোগ কৰিব, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব।
وَمَا كَانَ لَهُم مِّنْ أَوْلِيَآءَ يَنصُرُونَهُم مِّن دُونِ ٱللَّهِ ۗ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِن سَبِيلٍ ﴿٤٦﴾
কিয়ামতৰ দিনা আল্লাহৰ শাস্তি ৰ পৰা সিহঁ তক ৰক্ষা কৰিবলৈ তথা সহায় কৰিবলৈ সিহঁ তৰ কোনো অভিভাৱক নাথাকিব। আল্লাহে যাক সত্যৰ পৰা আঁতৰাই পথভ্ৰ ষ্টকৰিব, সেই ব্যক্তি য়ে কেতিয়াও হিদায় তৰপথ বিচাৰি নাপাব, যি পথে সত্যৰপিনে লৈ যায় ।
ٱسْتَجِيبُوا۟ لِرَبِّكُم مِّن قَبْلِ أَن يَأْتِىَ يَوْمٌۭ لَّا مَرَدَّ لَهُۥ مِنَ ٱللَّهِ ۚ مَا لَكُم مِّن مَّلْجَإٍۢ يَوْمَئِذٍۢ وَمَا لَكُم مِّن نَّكِيرٍۢ ﴿٤٧﴾
হে মানৱজাতি! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু বোৰৰ পৰা বিৰত থাকি, তেওঁ ৰ প্ৰতিটো বিধানত সঁহাৰি দিয়া, লগতে অজুহাত আদি পৰিত্যাগ কৰা, সেই অপ্ৰ তিৰোধ্য দিৱসটো অহাৰ পূৰ্বেই যিটোক প্ৰতিৰোধ কৰা সম্ভ ৱ নহয় । সেইদিনা তোমালোকৰ আশ্ৰ য় ল’ব পৰা কোনো আশ্ৰ য় স্থল নাথাকিব। আনকি পৃথিৱীত কৰা তোমালোকৰ পাপকৰ্মবোৰকো অস্বীকাৰ কৰিব নোৱাৰিবা।
فَإِنْ أَعْرَضُوا۟ فَمَآ أَرْسَلْنَـٰكَ عَلَيْهِمْ حَفِيظًا ۖ إِنْ عَلَيْكَ إِلَّا ٱلْبَلَـٰغُ ۗ وَإِنَّآ إِذَآ أَذَقْنَا ٱلْإِنسَـٰنَ مِنَّا رَحْمَةًۭ فَرِحَ بِهَا ۖ وَإِن تُصِبْهُمْ سَيِّئَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَإِنَّ ٱلْإِنسَـٰنَ كَفُورٌۭ ﴿٤٨﴾
এতেকে হে ৰাছু ল! যদি সিহঁ তে আপোনাৰ আদেশৰ পৰা বিমুখ হয় , তেন্তে জানি থওক আপোনাক আমি সিহঁ তৰ ৰক্ষক হিচাপে প্ৰে ৰণ কৰা নাই যে, আপুনি সিহঁ তৰ কৰ্মবোৰ হিচাপ কৰি ৰাখিব। বৰং আপোনাৰ দায়ি ত্বহৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটোক পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছে, আৰু সিহঁতৰ হিচাপ-নিকাচৰ দায়ি ত্বহৈছে আল্লাহৰ হাতত। নিশ্চয় আমি আমাৰ ফালৰ পৰা যেতিয়া মানুহক আমাৰ কোনো ৰহমত উপভোগ কৰিবলৈ দিওঁ, ধন-সম্পদ হওক অথবা সুস্বাস্থ্য, তেতিয়া সিহঁ তে উৎফু ল্লি ত হয় । আনহাতে যদি সিহঁ তৰ গুনাহৰ ফলত কোনো অপ্ৰি য় বিষয় ৰ দ্বাৰা সিহঁ তক পৰীক্ষা কৰা হয় তেন্তে সিহঁ তে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিবলৈ ধৰে আৰু কৃ তজ্ঞতা নকৰে তথা অসন্তু ষ্টি ব্যক্ত কৰে। অথচ আল্লাহেই এইটো তেওঁ ৰহিকমত অনু যায়ী নিৰ্ধাৰণ কৰিছে। بلغ আল-কোৰআন · তাফছীৰ
لِّلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ يَخْلُقُ مَا يَشَآءُ ۚ يَهَبُ لِمَن يَشَآءُ إِنَـٰثًۭا وَيَهَبُ لِمَن يَشَآءُ ٱلذُّكُورَ ﴿٤٩﴾
أَوْ يُزَوِّجُهُمْ ذُكْرَانًۭا وَإِنَـٰثًۭا ۖ وَيَجْعَلُ مَن يَشَآءُ عَقِيمًا ۚ إِنَّهُۥ عَلِيمٌۭ قَدِيرٌۭ ﴿٥٠﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, নৰ-নাৰী অথবা আন কিবা। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে আৰু পুত্ৰ সন্তানৰ পৰা বঞ্চিত কৰে। আনহাতে কাৰোবাক আকৌ পুত্ৰ সন্তান দান কৰে আৰু কন্যা সন্তানৰ পৰা বঞ্চিত কৰে। পক্ষান্ত ৰে তেওঁ যাক ইচ্ছা কৰে পুত্ৰ সন্তান আৰু কন্যা সন্তান উভয়ে প্ৰদান কৰে। তথা যাক ইচ্ছা কৰে বন্ধ্যা বনাই দিয়ে , ফলত তাৰ কোনো সন্তান নহয় । যি হৈছে আৰুভৱিষ্যতত যি হ’বসেই সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। এইটোহৈছে তেওঁৰপৰিপূৰ্ণ জ্ঞান আৰুস্বয়ংসম্পূৰ্ণ হিকমতৰপৰিচয় । একোৱেই তেওঁ ৰ পৰা গোপন নহয় আৰু কোনেও তেওঁ ক পৰাজিত কৰিব নোৱাৰে।
۞ وَمَا كَانَ لِبَشَرٍ أَن يُكَلِّمَهُ ٱللَّهُ إِلَّا وَحْيًا أَوْ مِن وَرَآئِ حِجَابٍ أَوْ يُرْسِلَ رَسُولًۭا فَيُوحِىَ بِإِذْنِهِۦ مَا يَشَآءُ ۚ إِنَّهُۥ عَلِىٌّ حَكِيمٌۭ ﴿٥١﴾
حكيم কোনো মানুহৰেই এনেকু ৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক’ব পাৰিব, কিন্তু অহীৰ মাধ্যমত অথবা আন কোনো উপায় ত হ’লে বিষয়টো সুকীয়া, অথবা তেওঁক নেদেখাকৈ কথা কোৱা বিষয়টোও ভিন্ন। নাইবা কোনো ফিৰিস্তাৰ জৰিয়তে অহী প্ৰে ৰণ কৰা যেনে- জিব্ৰীল আলাইহিচ্ছালাম, যি ফিৰিস্তাই আল্লাহৰঅনুমতিক্ৰ মে অহী লৈ আগমন কৰে। নিশ্চয় পৱিত্ৰ আল্লাহ সত্ত্বাগতভাৱেআৰুগুণগতভাৱেঅতি উচ্চ। তথা সৃষ্টি কৰাৰক্ষেত্ৰত,নিৰ্ধাৰণ কৰাৰক্ষেত্ৰত আৰুচৰীয় ত প্ৰণয় নত তেওঁ মহাপ্ৰ জ্ঞাৱান।
وَكَذَٰلِكَ أَوْحَيْنَآ إِلَيْكَ رُوحًۭا مِّنْ أَمْرِنَا ۚ مَا كُنتَ تَدْرِى مَا ٱلْكِتَـٰبُ وَلَا ٱلْإِيمَـٰنُ وَلَـٰكِن جَعَلْنَـٰهُ نُورًۭا نَّهْدِى بِهِۦ مَن نَّشَآءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِىٓ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٥٢﴾
হে ৰাছুল! যিদৰে আমি আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি অহী প্ৰে ৰণ কৰিছিলোঁ, ঠি ক সেইদৰেই আমি আমাৰ ফালৰ পৰা আপোনাৰ প্ৰতি এই কোৰআন অহীৰমাধ্যমত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰপূৰ্বে আপুনি ৰাছু লসকলৰওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰবিষয়ে জনা নাছিল, তথা এই বিষয়ে ও আপুনি জনা নাছিল যে, ঈমান কি বস্তু ? কিন্তু এই কোৰআন আমি জ্যোতি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি আমাৰ যি বান্দাক ইচ্ছা কৰোঁ হিদায় ত দিওঁ । নিশ্চয় আপুনি মানু হক সঠি ক পথৰপিনে অৰ্থাৎ ইছলামৰপিনে আহ্বান কৰিআছে।
صِرَٰطِ ٱللَّهِ ٱلَّذِى لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ أَلَآ إِلَى ٱللَّهِ تَصِيرُ ٱلْأُمُورُ ﴿٥٣﴾
আপুনি সেই আল্লাহৰ পথৰ পিনে আহ্বান কৰি আছে, যাৰ অধীনস্থ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু । তেৱেঁই এইবোৰক সৃষ্টি কৰিছে আৰু তেৱেঁই এইবোৰৰ মালিক তথা তেৱেঁই এইবোৰক পৰিচালনা কৰে। নিশ্চিতৰূপে সকলো বিষয় একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। এইবোৰৰবিষয়ে তেৱেঁই সিদ্ধাতন্লয় আৰুতেৱেঁই সঞ্চালন কৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে