طسٓ ۚ تِلْكَ ءَايَـٰتُ ٱلْقُرْءَانِ وَكِتَابٍۢ مُّبِينٍ ﴿١﴾
(ত্ব -ছীন) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে। আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই আয়াতবোৰ স্পষ্ট গ্ৰন্থতথা কোৰআনৰ আয়াত, যিবোৰৰ মাজত কোনো ধৰণৰ বেমেজালি নাই। যিয়ে ই ইয়াকলৈ গৱেষণা কৰিব, তেৱেঁই গম পাব যে, নিশ্চিতভাৱে এইখন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। هدى وبشر للمؤمنين
هُدًۭى وَبُشْرَىٰ لِلْمُؤْمِنِينَ ﴿٢﴾
এই আয়াতবোৰ হৈছে সত্যৰ পথপ্ৰ দৰ্শক আৰু সত্যৰ সহযাত্ৰী। লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা মুমিনসকলৰ বাবে সু সংবাদবাহক।
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ يُوقِنُونَ ﴿٣﴾
যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, লগতে উপযুক্ত শিতানত নিজৰ ধন-সম্পদৰ যাকাত প্ৰদান কৰে, আৰু তেওঁ লোকে আখিৰাতৰ ছোৱাব আৰু শাস্তি ক মনে প্ৰাণে বিশ্বাস কৰে।
إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ زَيَّنَّا لَهُمْ أَعْمَـٰلَهُمْ فَهُمْ يَعْمَهُونَ ﴿٤﴾
যিসকল কাফিৰে আখিৰাতক, লগতে ইয়াৰ ছোৱাব আৰু শাস্তি ক বিশ্বাস নকৰে, নিশ্চিতভাৱে সিহঁ তৰ কু কৰ্মবোৰক সিহঁ তৰ বাবে সুন্দ ৰ কৰি দিয়া হৈছে। গতিকে সিহঁ তে সেইবোৰৰ মাজতে ব্যস্ত থাকে। সেয়ে সিহঁ তে উদ্ভ্ৰান্ত হৈ সেইবোৰৰ মাজতে ঘূৰি ফু ৰি থাকিব, কেতিয়াও হিদায় ত তথা সুপথ বিচাৰি নাপাব।
أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَهُمْ سُوٓءُ ٱلْعَذَابِ وَهُمْ فِى ٱلْـَٔاخِرَةِ هُمُ ٱلْأَخْسَرُونَ ﴿٥﴾
উক্ত বৈশিষ্ট্যৰঅধিকাৰীলোকসকলৰবাবেই পৃথিৱীত আছে হত্যাআৰুবন্দীত্ব ৰদৰেবেয়াশাস্তি । তথাসিহঁ তেই আখাৰিতত আটাইতকৈ বেছি ক্ষতিগ্ৰ তস্ হ’ব। কাৰণ সিহঁ তে কিয়ামতৰ দিনা নিজকে আৰু নিজৰ পৰিয়ালক জাহান্নামৰ অধিবাসী কৰি ক্ষতিৰ সন্মুখীন হ’ব।
وَإِنَّكَ لَتُلَقَّى ٱلْقُرْءَانَ مِن لَّدُنْ حَكِيمٍ عَلِيمٍ ﴿٦﴾
হে ৰাছু ল! নিশ্চিতভাৱেআপোনাৰপ্ৰ তি অৱতীৰ্ণ এই কোৰআন সেই সত্ত্বাৰপৰা প্ৰাপ্ত , যিজন সৃষ্টি কৰাৰক্ষেত্ৰত, পৰিচালনাত আৰুচৰীয় ত প্ৰণয় নত মহাপ্ৰ জ্ঞাৱান। তেওঁ সৰ্বজ্ঞ, বান্দাসকলৰ কোনো কল্যাণকৰ কৰ্মই তেওঁ ৰ পৰা গোপন নহয় ।
إِذْ قَالَ مُوسَىٰ لِأَهْلِهِۦٓ إِنِّىٓ ءَانَسْتُ نَارًۭا سَـَٔاتِيكُم مِّنْهَا بِخَبَرٍ أَوْ ءَاتِيكُم بِشِهَابٍۢ قَبَسٍۢ لَّعَلَّكُمْ تَصْطَلُونَ ﴿٧﴾
হে ৰাছু ল! স্মৰণ কৰক, যেতিয়া মু ছা আলাইহিচ্ছালামে তেওঁ ৰ পৰিয়ালবৰ্গক কৈছিলঃ মই জুই দেখা পাইছোঁ, নিশ্চয় মই সেই জুই জ্বলোৱা ব্যক্তি ৰ পৰা পথ সম্পৰ্কে খা-খবৰ লৈ আহিম, নাইবা তাৰ পৰা একু ৰা জুই লৈ আহিম, যাতে তোমালোকে শীতৰ পৰা অলপ ৰক্ষা পোৱা। بلغ আল-কোৰআন · তাফছীৰ
فَلَمَّا جَآءَهَا نُودِىَ أَنۢ بُورِكَ مَن فِى ٱلنَّارِ وَمَنْ حَوْلَهَا وَسُبْحَـٰنَ ٱللَّهِ رَبِّ ٱلْعَـٰلَمِينَ ﴿٨﴾
যেতিয়া তেওঁ প্ৰত্যক্ষ কৰা সেই জুইকু ৰাৰ ওচৰ পালেগৈ, তেতিয়া আল্লাহে তেওঁ ক আহ্বান কৰি ক'লেঃ পৱিত্ৰ সেই সত্ত্বা যিজন ইয়াৰ মাজত আছে, তথা সেইসকল ফিৰিস্তা যিসকল ইয়াৰ ওচৰে পাঁজৰে আছে। নিশ্চিতভাৱে বিশ্বজগতৰ প্ৰতিপালক মহাপৱিত্ৰ, তেওঁ সেইসকলো দোষ-ত্ৰুটি ৰ পৰা পৱিত্ৰ, যিবোৰ তেওঁ ৰ বাবে অনু পযুক্ত । তথাপিও বহুতো বিভ্ৰান্ত লোকে সেইবোৰ দোষ-ত্ৰুটি ৰে তেওঁ ক বিশেষিত কৰে।
يَـٰمُوسَىٰٓ إِنَّهُۥٓ أَنَا ٱللَّهُ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٩﴾
আল্লাহে তেওঁ ক ক’লেঃহে মু ছা! ময়ে আল্লাহ, মহাপৰাক্ৰ মশালী। মোক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় মই সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰুচৰীয় তপ্ৰ ণয় নতমহাপ্ৰ জ্ঞাৱান। ن
وَأَلْقِ عَصَاكَ ۚ فَلَمَّا رَءَاهَا تَهْتَزُّ كَأَنَّهَا جَآنٌّۭ وَلَّىٰ مُدْبِرًۭا وَلَمْ يُعَقِّبْ ۚ يَـٰمُوسَىٰ لَا تَخَفْ إِنِّى لَا يَخَافُ لَدَىَّ ٱلْمُرْسَلُونَ ﴿١٠﴾
(আদেশ হ'ল) আপুনি আপোনাৰলাখুটি ডাল নিক্ষেপ কৰক। এতেকে মু ছাই সেই আদেশ পালন কৰিতেওঁ ৰলাখুটি ডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ ইয়াক প্ৰকাণ্ড সাপৰ দৰে লৰচৰ কৰা দেখিলে তেতিয়া পিচমোৱা হৈ দৌৰিবলৈ ধৰিলে, আনকি পিছলৈয়ো ঘূৰি নাচালে। তেতিয়া আল্লাহে তেওঁ ক ক'লেঃ ইয়াক দেখি ভয় নাখাব। কিয় নো আমাৰ ৰাছু লসকলে কেতিয়াও সাপ আদিক দেখি ভয় নকৰে।
إِلَّا مَن ظَلَمَ ثُمَّ بَدَّلَ حُسْنًۢا بَعْدَ سُوٓءٍۢ فَإِنِّى غَفُورٌۭ رَّحِيمٌۭ ﴿١١﴾
কিন্তু যিয়ে গুনাহ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, তাৰ পিছত যদি সি তাওবা কৰে তেন্তে নিশ্চয় মই তাক ক্ষমা কৰিম আৰু তাৰ প্ৰতি মই অতি দয়ালু ।
وَأَدْخِلْ يَدَكَ فِى جَيْبِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍۢ ۖ فِى تِسْعِ ءَايَـٰتٍ إِلَىٰ فِرْعَوْنَ وَقَوْمِهِۦٓ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًۭا فَـٰسِقِينَ ﴿١٢﴾
فسقين আপুনি আপোনাৰ হাতখন কাষলতিত সোমাই দিয় ক, চাব আপোনাৰ হাত কোনো ৰোগ নোহোৱাকৈ বৰফৰ দৰে বগা হৈ ওলাই আহিব। এইটো সেই নটা নিদৰ্শনৰ এটা, যিবোৰে আপোনাৰ সত্যতা বহন কৰে। সেইবোৰ হৈছে যেনেঃ লাখুটি , (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূ লৰ নাটনি, প্ৰবল ধুমু হা, কাকতি ফৰিং, ওকণি, ভেকু লী আৰু তেজ। এইবোৰ লৈ আপুনি ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰ ওচৰলৈ যাওক। নিশ্চয় ইহঁত হৈছে কু ফৰীৰ জৰিয় তে আল্লাহৰ আনু গত্যৰ পৰা ওলাই যোৱা লোক।
فَلَمَّا جَآءَتْهُمْ ءَايَـٰتُنَا مُبْصِرَةًۭ قَالُوا۟ هَـٰذَا سِحْرٌۭ مُّبِينٌۭ ﴿١٣﴾
এতেকে যেতিয়া সিহঁ তৰ ওচৰলৈ আমাৰ এই স্পষ্ট আৰু প্ৰত্যক্ষ নিদৰ্শনবোৰ আহিল, যিবোৰৰ দ্বাৰা আমি মুছাক সহায় সমৰ্থন কৰিছিলোঁ। তেতিয়া সিহঁ তে ক’লেঃমু ছাই লৈ অহা এই নিদৰ্শনবোৰহৈছে প্ৰকাশ্য যাদু। و
وَجَحَدُوا۟ بِهَا وَٱسْتَيْقَنَتْهَآ أَنفُسُهُمْ ظُلْمًۭا وَعُلُوًّۭا ۚ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُفْسِدِينَ ﴿١٤﴾
সিহঁ তে এই স্পষ্ট নিদৰ্শনবোৰ মানিবলৈ অস্বীকাৰ কৰিলে, তথা সেইবোৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। যদিও সিহঁ তৰ অন্ত ৰে স্পষ্ট ৰূপে এই কথা স্বীকাৰ কৰিছিল যে, এইবোৰ আল্লাহৰ ফালৰ পৰা আহিছে। কিন্তু সিহঁ তে অন্যায় অত্যাচাৰ আৰু অহংকাৰৰ বশৱৰ্তী হৈ সত্য প্ৰকাশ কৰা নাছিল। হে ৰাছু ল! আপুনি ভাবি চাওকচোন! পৃথিৱীত কু ফৰী আৰু পাপ কৰ্মৰ জৰিয় তে উপদ্ৰ ৱ সৃষ্টি কৰা লোকসকলৰ যুগে যুগে কি পৰিণাম হৈছিল! নিশ্চিতভাৱে আমি সিহঁ তক ধ্বংস কৰিছিলোঁ তথা আটাইকে বিনাশ কৰিছিলোঁ। بلغ আল-কোৰআন · তাফছীৰ
وَلَقَدْ ءَاتَيْنَا دَاوُۥدَ وَسُلَيْمَـٰنَ عِلْمًۭا ۖ وَقَالَا ٱلْحَمْدُ لِلَّهِ ٱلَّذِى فَضَّلَنَا عَلَىٰ كَثِيرٍۢ مِّنْ عِبَادِهِ ٱلْمُؤْمِنِينَ ﴿١٥﴾
নিশ্চয় আমি দাউদ আৰু তেওঁৰ পুত্ৰ ছু লাইমানক জ্ঞান দান কৰিছিলোঁ। যেনেঃ চৰাই-চিৰিকটি ৰ কথা বুজাৰ জ্ঞান। দাউদ আৰু ছু লাইমান উভয়ে ই প্ৰভু ত্বশালী মহান আল্লাহৰ কৃ তজ্ঞতা স্বীকাৰ কৰি কৈছিলঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে আমাক বিশেষ জ্ঞান আৰু নু বুওৱত প্ৰদান কৰি তেওঁ ৰ বহুতো বান্দাৰ ওপৰত আমাক প্ৰাধান্য দিছে।
وَوَرِثَ سُلَيْمَـٰنُ دَاوُۥدَ ۖ وَقَالَ يَـٰٓأَيُّهَا ٱلنَّاسُ عُلِّمْنَا مَنطِقَ ٱلطَّيْرِ وَأُوتِينَا مِن كُلِّ شَىْءٍ ۖ إِنَّ هَـٰذَا لَهُوَ ٱلْفَضْلُ ٱلْمُبِينُ ﴿١٦﴾
ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ পিতা দাউদৰ পৰা নুবুওৱত, জ্ঞান আৰু ৰাজত্ব ৰ উত্তৰাধিকাৰী হৈছিল। আল্লাহে তেওঁলোক দুয়োকে যিবোৰ নিয়ামত প্ৰদান কৰিছিল, তেওঁ সেইবোৰৰবিষয়ে বিৱৰণ দি কৈছেঃহে মানৱজাতি! আল্লাহে আমাক চৰাই-চিৰিকটি ৰভাষা শিকাইছে, তথা আমাক সেই সকলো বস্তু প্ৰদান কৰিছে, যিবোৰনবীসকলক আৰু ৰজাসকলক প্ৰদান কৰা হয় । আল্লাহে আমাক যিবোৰবস্তু দান কৰিছে, দৰাচলতে সেইবোৰহৈছে স্পষ্ট তথাপ্ৰ কাশ্যঅনুগ্ৰ হ।
وَحُشِرَ لِسُلَيْمَـٰنَ جُنُودُهُۥ مِنَ ٱلْجِنِّ وَٱلْإِنسِ وَٱلطَّيْرِ فَهُمْ يُوزَعُونَ ﴿١٧﴾
মানৱ, জ্বি ন আৰু চৰাই-চিৰিকটি ৰ সেনাবাহিনীক ছু লাইমান আলাইহিচ্ছালামৰ সন্মুখত একত্ৰিত কৰা হ’ল। তাৰ পিছত শৃঙ্খলাবদ্ধ হিচাপে সেইবোৰক অভিযানত লৈ যোৱাৰবাবেপ্ৰ স্তু তি লোৱা হ’ল।
حَتَّىٰٓ إِذَآ أَتَوْا۟ عَلَىٰ وَادِ ٱلنَّمْلِ قَالَتْ نَمْلَةٌۭ يَـٰٓأَيُّهَا ٱلنَّمْلُ ٱدْخُلُوا۟ مَسَـٰكِنَكُمْ لَا يَحْطِمَنَّكُمْ سُلَيْمَـٰنُ وَجُنُودُهُۥ وَهُمْ لَا يَشْعُرُونَ ﴿١٨﴾
يشعرون তেওঁলোকে যাত্ৰা অব্যাহত ৰাখিলে, অৱশেষত যেতিয়া তেওঁলোকে পৰুৱা অধ্যূষিত উপত্যকাত আহি পালে (এইটো ছিৰিয়াত অৱস্থি ত এডোখৰ ঠাই), তেতিয়া এটা পৰুৱাই চিঞৰি ক’লেঃ হে পৰুৱাৰ দল! তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সেনাবাহিনীয়ে তোমালোকক অজানিতে গচকি নামাৰে। কাৰণ যদি তেওঁলোকে গম পায় তেন্তে এই ভুল তেওঁলোকে কেতিয়াও নকৰিব, অৰ্থাৎ কেতিয়াও তোমালোকক গচকি নামাৰিব।
فَتَبَسَّمَ ضَاحِكًۭا مِّن قَوْلِهَا وَقَالَ رَبِّ أَوْزِعْنِىٓ أَنْ أَشْكُرَ نِعْمَتَكَ ٱلَّتِىٓ أَنْعَمْتَ عَلَىَّ وَعَلَىٰ وَٰلِدَىَّ وَأَنْ أَعْمَلَ صَـٰلِحًۭا تَرْضَىٰهُ وَأَدْخِلْنِى بِرَحْمَتِكَ فِى عِبَادِكَ ٱلصَّـٰلِحِينَ ﴿١٩﴾
ছু লাইমান আলাইহিচ্ছালামে পৰুৱাৰ এই কথা শুনি মিচিকিয়াঁ হাঁহিলে, আৰু পৱিত্ৰ আল্লাহৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তু মি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ কৃ তজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, সেইবোৰ নিয়ামতৰ বাবে যিবোৰ নিয়ামত তু মি মোক আৰু মোৰ পিতৃ -মাতৃ ক দান কৰিছা। লগতে মোক তাওফীক দিয়া, যাতে মই তোমাক সন্তু ষ্টকৰিব পৰা সৎকৰ্ম কৰিব পাৰোঁ। তথা তোমাৰ অশেষ অনুগ্ৰ হৰ দ্বাৰা মোক তোমাৰ সৎকৰ্মশীল বান্দাসকলৰতালিকাভু ক্তকৰা।
وَتَفَقَّدَ ٱلطَّيْرَ فَقَالَ مَا لِىَ لَآ أَرَى ٱلْهُدْهُدَ أَمْ كَانَ مِنَ ٱلْغَآئِبِينَ ﴿٢٠﴾
ইয়াৰপিছত ছু লাইমান আলাইহিচ্ছালামে চৰাইবোৰক নিৰীক্ষণ কৰিলে, কিন্তু তাত হুদহুদ চৰাইক দেখা নাপালে। সেয়ে তেওঁ ক’লেঃকি হ’ল, হুদহুদক দেখা নাই যে? কিবা অসুবিধাৰ কাৰণে মই তাক দেখা পোৱা নাই নেকি? নে সি আজি অনু পস্থি ত? بلغ আল-কোৰআন · তাফছীৰ لأعذبنه عذابا شديدا أو لأاذبحنه أو ليأتينى بسلطن مبين
لَأُعَذِّبَنَّهُۥ عَذَابًۭا شَدِيدًا أَوْ لَأَا۟ذْبَحَنَّهُۥٓ أَوْ لَيَأْتِيَنِّى بِسُلْطَـٰنٍۢ مُّبِينٍۢ ﴿٢١﴾
যেতিয়া তেওঁ ৰ ওচৰত এই কথা স্পষ্ট হ’ল যে, সি আজি অনু পস্থি ত, তেতিয়া তেওঁ ক’লেঃ অনু পস্থি ত থকাৰ উপযুক্ত কাৰণ দৰ্শাব নোৱাৰিলে আজি মই তাক কঠোৰ শাস্তি বিহিম, নাইবা তাক হত্যা কৰিম। এনেকু ৱা উপযুক্ত কাৰণ দৰ্শাব লাগিব, যাৰ দ্বাৰা অনু পস্থি ত থকাৰ সঠি ক উদ্দেশ্য প্ৰকাশ পাব। فمكث غيربعيد فقال أحطت بما لم تحط به وجئتك من سبإبنبإ يقين
فَمَكَثَ غَيْرَ بَعِيدٍۢ فَقَالَ أَحَطتُ بِمَا لَمْ تُحِطْ بِهِۦ وَجِئْتُكَ مِن سَبَإٍۭ بِنَبَإٍۢ يَقِينٍ ﴿٢٢﴾
কিছু সময় পিছতেই হুদহুদ আহি উপস্থি ত হ’ল। তথাছু লাইমান আলাইহিচ্ছালামক উদ্দেশ্যিক’লেঃমই এনেকু ৱাএটাবিষয় সম্পৰ্কে অৱগত হৈছোঁ, যিটো বিষয় আপুনি নাজানে। মই ছাবাবাসীৰ বিষয়ে এনেকু ৱা এটা সত্য সংবাদ লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দে হ নাই।
إِنِّى وَجَدتُّ ٱمْرَأَةًۭ تَمْلِكُهُمْ وَأُوتِيَتْ مِن كُلِّ شَىْءٍۢ وَلَهَا عَرْشٌ عَظِيمٌۭ ﴿٢٣﴾
নিশ্চয় মই সিহঁ তৰওপৰত এজনীনাৰীক শাসন কৰাদেখিছোঁ। সেই নাৰীক সকলোপ্ৰ কাৰশক্তি সামৰ্থ তথাৰাজত্ব ৰসাধন প্ৰদান কৰাহৈছে। লগতে তাইৰআছে এখন বিশাল সিংহাসন। যিখনত বহি তাই ৰাজ্যৰসকলোবিষয় পৰিচালনাকৰে।
وَجَدتُّهَا وَقَوْمَهَا يَسْجُدُونَ لِلشَّمْسِ مِن دُونِ ٱللَّهِ وَزَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ فَهُمْ لَا يَهْتَدُونَ ﴿٢٤﴾
يهتدون সেই নাৰী আৰু তাইৰ সম্প্ৰ দায় ক মই দেখিছোঁ সিহঁ তে আল্লাহক এৰি সূৰ্য্যক ছাজদাহ কৰে। চয় তানে সিহঁ তৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰিদিছে। তথাসিহঁ তক সত্যৰপৰাআঁতৰাই ৰাখিছে। সেই কাৰণেই সিহঁ তে হিদায় ত লাভ কৰানাই।
أَلَّا يَسْجُدُوا۟ لِلَّهِ ٱلَّذِى يُخْرِجُ ٱلْخَبْءَ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَيَعْلَمُ مَا تُخْفُونَ وَمَا تُعْلِنُونَ ﴿٢٥﴾
চয় তানে সিহঁ তৰ শ্বি ৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে, যাতে সিহঁ তে এক আল্লাহক ছাজদাহ কৰিব নোৱাৰে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু মাটি ৰ পৰা উদ্ভিদ উলিয়ায় । তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰ কাশ্য সকলো আমল সম্পৰ্কে তেওঁ অৱগত। এইবোৰৰ একোৱেই তেওঁ ৰ পৰাগোপন নহয় ।
ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ رَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ ۩ ﴿٢٦﴾
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মহাসিংহাসনৰ প্ৰতিপালক।
۞ قَالَ سَنَنظُرُ أَصَدَقْتَ أَمْ كُنتَ مِنَ ٱلْكَـٰذِبِينَ ﴿٢٧﴾
ছু লাইমান আলাইহিচ্ছালামে হুদহুদক ক'লেঃনিশ্চয় আমি তোমাক পৰীক্ষাকৰিচাম,তু মি নিজৰদাবীত সত্যবাদীনে মিছলীয়া?
ٱذْهَب بِّكِتَـٰبِى هَـٰذَا فَأَلْقِهْ إِلَيْهِمْ ثُمَّ تَوَلَّ عَنْهُمْ فَٱنظُرْ مَاذَا يَرْجِعُونَ ﴿٢٨﴾
ছু লাইমান আলাইহিচ্ছালামে এখন পত্ৰ লিখিলে আৰু সেইখন হুদহুদক অৰ্পন কৰি ক'লেঃ মোৰ এই পত্ৰখন লৈ যোৱা আৰু ছাবাবাসীৰ ওচৰলৈ পৌঁচাই দিয়া, তথা সিহঁ তৰপৰা অলপ আঁতৰত থাকি লক্ষ্যকৰিবা যে, সিহঁ তে এই বিষয়ে কেনেকু ৱা প্ৰতিক্ৰি য়া প্ৰকাশ কৰে।
قَالَتْ يَـٰٓأَيُّهَا ٱلْمَلَؤُا۟ إِنِّىٓ أُلْقِىَ إِلَىَّ كِتَـٰبٌۭ كَرِيمٌ ﴿٢٩﴾
ৰাণীয়ে পত্ৰপাই মন্ত্ৰীসভাক মাতি ক'লেঃহে মন্ত্ৰীমণ্ডল! মোলৈ এখন গুৰুত্ব পূৰ্ণ পত্ৰপ্ৰে ৰণ কৰাহৈছে। بلغ আল-কোৰআন · তাফছীৰ
إِنَّهُۥ مِن سُلَيْمَـٰنَ وَإِنَّهُۥ بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ ﴿٣٠﴾
ছু লাইমানৰফালৰপৰা প্ৰে ৰিত এই পত্ৰখন বিছমিল্লাহিৰৰহমানিৰৰাহীমৰদ্বাৰা আৰম্ভ কৰা হৈছে, (অৰ্থাৎ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত), তথা তাত লিখা আছেঃ أل اتعلوا على وأتونى مسلمين
أَلَّا تَعْلُوا۟ عَلَىَّ وَأْتُونِى مُسْلِمِينَ ﴿٣١﴾
তোমালোকে অহংকাৰ নকৰিবা, লগতে তোমালোকে যি শ্বিৰ্ক ত লিপ্ত হৈ আছা, সেইবোৰ ত্যাগ কৰি মই আহ্বান কৰা আল্লাহৰ তাওহীদ স্বীকাৰ কৰি আনু গত্যশীল হৈ বিনীতভাৱে মোৰ ওচৰলৈ গুচি আহা।
قَالَتْ يَـٰٓأَيُّهَا ٱلْمَلَؤُا۟ أَفْتُونِى فِىٓ أَمْرِى مَا كُنتُ قَاطِعَةً أَمْرًا حَتَّىٰ تَشْهَدُونِ ﴿٣٢﴾
ৰাণীয়ে ক’লেঃ হে মন্ত্ৰীমণ্ডল আৰু প্ৰতিনিধিসকল! এই বিষয়ে মোক আপোনালোকে সঠি ক পৰামৰ্শ দিয় ক। মই আপোনালোকৰ উপস্থি তি তথা আপোনালোকৰ দৃষ্টি কোণ নজনাকৈ কেতিয়াও কোনো বিষয় ত সিদ্ধান্ত লোৱা নাই।
قَالُوا۟ نَحْنُ أُو۟لُوا۟ قُوَّةٍۢ وَأُو۟لُوا۟ بَأْسٍۢ شَدِيدٍۢ وَٱلْأَمْرُ إِلَيْكِ فَٱنظُرِى مَاذَا تَأْمُرِينَ ﴿٣٣﴾
তেওঁ ৰ সম্প্ৰ দায় ৰ প্ৰমু খসকলে আৰু নেতাসকলে ক’লেঃ নিশ্চয় আমি বহুত শক্তি শালী, তথা কঠোৰ যুদ্ধা। কিন্তু চূ ড়ান্ত সিদ্ধান্ত আপুনিহে ল’ব লাগিব। আপুনি যি আদেশেই নিদিয় ক কিয় ,আমি সেইটোমানিবলৈ সম্পূৰ্ণ সক্ষম।
قَالَتْ إِنَّ ٱلْمُلُوكَ إِذَا دَخَلُوا۟ قَرْيَةً أَفْسَدُوهَا وَجَعَلُوٓا۟ أَعِزَّةَ أَهْلِهَآ أَذِلَّةًۭ ۖ وَكَذَٰلِكَ يَفْعَلُونَ ﴿٣٤﴾
ৰাণীয়ে ক’লেঃ ৰজাসকলে যেতিয়া কোনো জনবসতিপূৰ্ণ অঞ্চলক অধীনস্থ কৰিবলৈ প্ৰৱেশ কৰে, তেতিয়া তাত হত্যা লুণ্ঠন আদিৰে বিপৰ্যতস্ কৰি পেলায় , লগতে তাত বসবাস কৰা সন্মানীয় ব্যক্তিসকলক অপদস্থ কৰে। ৰজাসকলে যেতিয়াই কোনো জনবসতিক পৰাজিত কৰে, তেতিয়াই এনেকু ৱা নীতি অৱলম্বন কৰে। যাতে তাত বসবাস কৰালোকসকলৰঅন্ত ৰত ভয় -ভীতি সোমাই পৰে।
وَإِنِّى مُرْسِلَةٌ إِلَيْهِم بِهَدِيَّةٍۢ فَنَاظِرَةٌۢ بِمَ يَرْجِعُ ٱلْمُرْسَلُونَ ﴿٣٥﴾
মই এই পত্ৰ প্ৰে ৰণকাৰীলৈ তথা তেওঁৰ সম্প্ৰ দায় ৰ ওচৰলৈ এটা উপহাৰ প্ৰে ৰণ কৰিব বিচাৰোঁ। এই উপহাৰ প্ৰে ৰণ কৰাৰ পিছত, মই চাব বিচাৰোঁ কটকীয়ে কি সংবাদ লৈ আহে।
فَلَمَّا جَآءَ سُلَيْمَـٰنَ قَالَ أَتُمِدُّونَنِ بِمَالٍۢ فَمَآ ءَاتَىٰنِۦَ ٱللَّهُ خَيْرٌۭ مِّمَّآ ءَاتَىٰكُم بَلْ أَنتُم بِهَدِيَّتِكُمْ تَفْرَحُونَ ﴿٣٦﴾
যেতিয়া ৰাণীৰ কটকী আৰু তাৰ সহায় কসকলে উপহাৰ লৈ ছু লাইমানৰ ওচৰত আহি উপস্থি ত হ’ল, ছু লাইমানে সিহঁ তৰ উপহাৰ প্ৰে ৰণৰ বিষয় টোক অপছন্দ কৰি ক’লেঃ তোমালোকে ধনৰ জৰিয় তে মোক উৎকোচ দিব বিচাৰিছা নেকি, যাতে মই তোমালোকৰ বিপক্ষে কোনো ধৰণৰ পদক্ষেপ হাতত নলওঁ? শুনা! আল্লাহে মোক যি দান কৰিছে অৰ্থাৎ নুবুওৱত, ৰাজত্ব আৰু ধন-সম্পত্তি, এইবোৰ হৈছে তোমালোকক প্ৰদান কৰা সম্পদতকৈও উত্তম। বৰং এইবোৰ পাৰ্থিৱ উপহাৰ দেখি তোমালোকেহে আনন্দি ত হোৱা।
ٱرْجِعْ إِلَيْهِمْ فَلَنَأْتِيَنَّهُم بِجُنُودٍۢ لَّا قِبَلَ لَهُم بِهَا وَلَنُخْرِجَنَّهُم مِّنْهَآ أَذِلَّةًۭ وَهُمْ صَـٰغِرُونَ ﴿٣٧﴾
ছু লাইমান আলাইহিচ্ছালামে ৰাণীৰ কটকীক ক’লেঃ তোমালোকে যি উপহাৰ লৈ আহিছা, সেইবোৰলৈ তোমালোকে উভতি যোৱা। যদি তেওঁ মোৰ ওচৰত আহি আত্মসমৰ্পন নকৰে, তেনেহ’লে আমি ৰাণী আৰু তেওঁৰ দেশবাসীৰ ওপৰত এনেকু ৱা সৈন্যবাহিনী লৈ আক্ৰ মণ কৰিম, যাৰ মোকাবিলা সিহঁ তে কেতিয়াও কৰিবলৈ সক্ষম নহয় । যদি সিহঁ তে আনু গত্যশীল হৈ আত্মসমৰ্পন নকৰেতেন্তে নিশ্চয় আমি সিহঁ তক অপদস্থ কৰিছাবাৰপৰাবহিষ্কাৰ بلغ আল-কোৰআন · তাফছীৰ কৰিম,সন্মানীয় জীৱন-যাপনৰপিছত তেতিয়াকিন্তু সিহঁ তে তু চ্ছজীৱন-যাপন কৰিবলাগিব।
قَالَ يَـٰٓأَيُّهَا ٱلْمَلَؤُا۟ أَيُّكُمْ يَأْتِينِى بِعَرْشِهَا قَبْلَ أَن يَأْتُونِى مُسْلِمِينَ ﴿٣٨﴾
ছু লাইমান আলাইহিচ্ছালামে তেওঁৰ ৰাজত্ব ৰ লোকসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমূখসকল! ৰাণীয়ে আত্মসমৰ্পন কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে তেওঁ ৰ সিংহাসনখন লৈ আহিব পাৰিবা?
قَالَ عِفْرِيتٌۭ مِّنَ ٱلْجِنِّ أَنَا۠ ءَاتِيكَ بِهِۦ قَبْلَ أَن تَقُومَ مِن مَّقَامِكَ ۖ وَإِنِّى عَلَيْهِ لَقَوِىٌّ أَمِينٌۭ ﴿٣٩﴾
এজন দুৰ্বৃত্ত তথা শক্তিশালী জ্বি নে ক’লেঃআপুনি এই বৈঠকৰপৰা উঠাৰআগতেই মই সেই সিংহাসন আনিবপাৰিম। সেইখন বহন কৰিবলৈ নিশ্চয় মোৰপূৰ্ণ সামৰ্থ আছে। তথাতাত যিবোৰবস্তু আছে সেইবোৰৰক্ষেত্ৰতোমই এজন বিশ্ব তস্। তাত কোনোধৰণৰক্ষয় -ক্ষতি নকৰোঁ।
قَالَ ٱلَّذِى عِندَهُۥ عِلْمٌۭ مِّنَ ٱلْكِتَـٰبِ أَنَا۠ ءَاتِيكَ بِهِۦ قَبْلَ أَن يَرْتَدَّ إِلَيْكَ طَرْفُكَ ۚ فَلَمَّا رَءَاهُ مُسْتَقِرًّا عِندَهُۥ قَالَ هَـٰذَا مِن فَضْلِ رَبِّى لِيَبْلُوَنِىٓ ءَأَشْكُرُ أَمْ أَكْفُرُ ۖ وَمَن شَكَرَ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِۦ ۖ وَمَن كَفَرَ فَإِنَّ رَبِّى غَنِىٌّۭ كَرِيمٌۭ ﴿٤٠﴾
ছু লাইমানৰ ওচৰত উপস্থি ত এজন জ্ঞানী সদাচাৰী ব্যক্তি, যাৰ ওচৰত আছিল ঐশী গ্ৰন্থৰ জ্ঞান, লগতে আছিল আল্লাহৰ মহান নামসমূহৰ জ্ঞান অৰ্থাৎ ইছমে আজমৰ জ্ঞান, যিবোৰৰ দ্বাৰা দুআ কৰিলে দুআ কবূল হয় , তেওঁ ক’লেঃ মই নিমিষতে তেওঁ ৰ সিংহাসনখন আনিব পাৰিম। মই আল্লাহৰ ওচৰত দুআ কৰিম, তেৱেঁই সেইখন ইয়াত আনি দিয়াৰ ব্যৱস্থা কৰি দিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওচৰত দুআ কৰিলে, আৰু তৎক্ষণাত সেই সিংহাসনখন আল্লাহে উপস্থি ত কৰি দিলে। ছু লাইমান আলাইহিচ্ছালামে যেতিয়া তেওঁৰ সিংহাসনখন সন্মুখত দেখা পালে তেতিয়া ক’লেঃ এয়া মোৰ প্ৰতিপালকৰ অনু গ্ৰহ। তেওঁ মোক পৰীক্ষাকৰিববিচাৰিছে,মই তেওঁ ৰকৃ তজ্ঞ হওঁ নে অকৃ তজ্ঞ?যিয়ে তেওঁ ৰকৃ তজ্ঞতাপ্ৰ কাশ কৰিব,সেই কৃ তজ্ঞতাৰপ্ৰ তিফল তেওঁ নিজেই লাভ কৰিব। নিশ্চয় আল্লাহ অমুখাপেক্ষী, বান্দাৰ কৃ তজ্ঞতাই তেওঁৰ কোনো মৰ্যাদা বৃদ্ধি নকৰে। আনহাতে যিয়ে আল্লাহৰ নিয়ামতৰ অনাদৰ কৰি অকৃ তজ্ঞতা কৰিব, তেন্তে জানি থোৱা! নিশ্চিতভাৱে তেনেকু ৱা ব্যক্তিৰ কৃ তজ্ঞতাৰ পৰা মোৰ প্ৰতিপালক অমুখাপেক্ষী, তেওঁ অতি মহান। তথা এইটোতেওঁ ৰমহান কৃ পাযে,তেওঁ অকৃ তজ্ঞ ব্যক্তি কোনিয়ামত প্ৰদান কৰে।
قَالَ نَكِّرُوا۟ لَهَا عَرْشَهَا نَنظُرْ أَتَهْتَدِىٓ أَمْ تَكُونُ مِنَ ٱلَّذِينَ لَا يَهْتَدُونَ ﴿٤١﴾
ছু লাইমান আলাইহিচ্ছালামে ক’লেঃ তেওঁৰ ৰাজ-সিংহাসনখনৰ গঠনক অলপ পৰিবৰ্ত ন কৰি দিয়া। চাওঁ, তেওঁ নিজৰ সিংহাসনখনক চিনি পায় নে নাই?নে তেৱোঁসেইসকল লোকৰঅন্ত ৰ্ভু ক্তহয় ,যিসকলে নিজৰবস্তু কে চিনি নাপায় ।
فَلَمَّا جَآءَتْ قِيلَ أَهَـٰكَذَا عَرْشُكِ ۖ قَالَتْ كَأَنَّهُۥ هُوَ ۚ وَأُوتِينَا ٱلْعِلْمَ مِن قَبْلِهَا وَكُنَّا مُسْلِمِينَ ﴿٤٢﴾
এতেকে যেতিয়া ছাবাৰ ৰাণী ছু লাইমানৰ ওচৰত আহি উপস্থি ত হ'ল, তেতিয়া ছু লাইমান আলাইহিচ্ছালামে তাইক পৰীক্ষা কৰিবলৈ সুধিলেঃ এইখন আপোনাৰ সিংহাসনৰ দৰেই নে, তাই উত্তৰ দি ক'লেঃ এনেকু ৱা লাগিছে যেনিবা সেইখনেই। ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ আল্লাহে আমাক ইতিপূৰ্বেই জ্ঞান দান কৰিছে যে, তেওঁ এনেকু ৱা কৰ্ম সম্পাদন কৰিবলৈ পূৰ্ণ সামৰ্থৱান। সেইকাৰণেই আমি আল্লাহৰওচৰত আত্মসমৰ্পনকাৰী তথা তেওঁ ৰ আনু গত্যশীল।
وَصَدَّهَا مَا كَانَت تَّعْبُدُ مِن دُونِ ٱللَّهِ ۖ إِنَّهَا كَانَتْ مِن قَوْمٍۢ كَـٰفِرِينَ ﴿٤٣﴾
তাইক আল্লাহৰ তাওহীদৰ পৰা বিৰত ৰাখিছিল সেইসমূহ উপাস্যই, যিবোৰক তাই নিজৰ জাতিৰ অনুকৰণত আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। দৰাচলতে তাই আল্লাহক অস্বীকাৰকৰাজাতিৰঅন্ত ৰ্ভু ক্তআছিল,সেইকাৰণে তায়োনিজ জাতিৰৰীতি-নীতি অৱলম্বন কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
قِيلَ لَهَا ٱدْخُلِى ٱلصَّرْحَ ۖ فَلَمَّا رَأَتْهُ حَسِبَتْهُ لُجَّةًۭ وَكَشَفَتْ عَن سَاقَيْهَا ۚ قَالَ إِنَّهُۥ صَرْحٌۭ مُّمَرَّدٌۭ مِّن قَوَارِيرَ ۗ قَالَتْ رَبِّ إِنِّى ظَلَمْتُ نَفْسِى وَأَسْلَمْتُ مَعَ سُلَيْمَـٰنَ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ ﴿٤٤﴾
তাইক কোৱা হ’ল যে, ভৱনত প্ৰৱেশ কৰক; আৰু সেই ভৱনখন ছাদৰ দৰে সমতল আছিল। যেতিয়া তাই ভৱনৰ পিনে লক্ষ্য কৰিলে, ভাবিলে এইটো কোনোবা এটা জলাশয় , আৰু তাত নামিবলৈ ভৰিৰ কাপোৰ কলাফু লিলৈকে উন্মুক্ত কৰিলে। এই দেখি ছু লাইমান আলাইহিচ্ছালামে ক’লেঃ এইখন কাচেৰে নিৰ্মিত এখন স্বচ্চ ভৱন। তাৰ পিছত তেওঁ তাইক ইছলামলৈ নিমন্ত্ৰ ণ জনালে। ফলত তাই এই বুলি ইছলাম গ্ৰহণ কৰিলেঃ হে মোৰ প্ৰতিপালক! মই তোমাৰ ইবাদতত আনক অংশীদাৰ কৰি নিশ্চয় মোৰ ওপৰত অন্যায় কৰিছিলোঁ, আৰু এতিয়া ছু লাইমানৰ সৈতে হে বিশ্বজগতৰ ৰব্ব আল্লাহ তোমাৰওচৰত আত্মসমৰ্পন কৰিলোঁ।
وَلَقَدْ أَرْسَلْنَآ إِلَىٰ ثَمُودَ أَخَاهُمْ صَـٰلِحًا أَنِ ٱعْبُدُوا۟ ٱللَّهَ فَإِذَا هُمْ فَرِيقَانِ يَخْتَصِمُونَ ﴿٤٥﴾
নিশ্চয় আমি ছামূদ জাতিৰ প্ৰতি সিহঁতৰ বংশগত ভাই ছলেহ আলাইহিচ্ছালামক ৰাছুল হিচাপে প্ৰে ৰণ কৰিছিলোঁ, যাতে সিহঁতে একমাত্ৰ আল্লাহৰ ইবাদত কৰে। কিন্তু সিহঁ তক (তাওহীদৰ পিনে) নিমন্ত্ৰ ণ জনোৱাৰ পিছতেই সিহঁ তে দুটা দলত বিভক্ত হৈ গ’ল। এটা দল আছিল মুমিনসকলৰ আৰু আনটো আছিল কাফিৰসকলৰ। দুয়ো দল এই বিষয়ে মতানৈক্য কৰিছিল যে, সিহঁ তৰ মাজৰ কোনটো দল সত্যবাদী।
قَالَ يَـٰقَوْمِ لِمَ تَسْتَعْجِلُونَ بِٱلسَّيِّئَةِ قَبْلَ ٱلْحَسَنَةِ ۖ لَوْلَا تَسْتَغْفِرُونَ ٱللَّهَ لَعَلَّكُمْ تُرْحَمُونَ ﴿٤٦﴾
ছলেহ আলাইহিচ্ছালামে সিহঁ তক ক’লেঃ তোমালোকে ৰহমতৰ পূৰ্বেই শাস্তি ক কিয় ইমান ক্ষীপ্ৰ তাৰে বিচাৰি আছা? তোমালোকে নিজৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তেওঁ তোমালোকৰ প্ৰতি দয়া কৰে?
قَالُوا۟ ٱطَّيَّرْنَا بِكَ وَبِمَن مَّعَكَ ۚ قَالَ طَـٰٓئِرُكُمْ عِندَ ٱللَّهِ ۖ بَلْ أَنتُمْ قَوْمٌۭ تُفْتَنُونَ ﴿٤٧﴾
তেওঁ ৰ সম্প্ৰ দায় ৰ লোকসকলে সত্যৰ প্ৰতি অহংকাৰ কৰি ক’লেঃ আমি তোমাক আৰু তোমাৰ লগত থকা মু মিনসকলক অমঙ্গলৰ প্ৰতীক বুলি ভাবোঁ। তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁ তক ক’লেঃ তোমালোকে চৰাই উৰাই যি ভাগ্য নিৰ্ণয় কৰা তথা অনিষ্ট ৰ পৰা ৰক্ষা পাব বিচৰা, সেইটোৰ বাস্ত ৱিকতা সম্পৰ্কে আল্লাহেই ভালদৰে জানে, তেওঁ ৰ পৰা কোনো বিষয়ে ই গোপন নহয় । বৰং তোমালোকক যিদৰে অধিক মাত্ৰাত জীৱিকা প্ৰশস্ত কৰি দিয়া হৈছে, তথা যিদৰে তোমালোকে গুনাহত লিপ্ত হৈছা, এইবোৰ হৈছে দৰাচলতে তোমালোকৰ বাবে এটা পৰীক্ষা।
وَكَانَ فِى ٱلْمَدِينَةِ تِسْعَةُ رَهْطٍۢ يُفْسِدُونَ فِى ٱلْأَرْضِ وَلَا يُصْلِحُونَ ﴿٤٨﴾
ইপিনে হিজৰ নামৰ নগৰখনত ন জনীয়া এটা দল আছিল। যিসকলে পৃথিৱীত কু ফৰ আৰু পাপকৰ্মৰ জৰিয় তে উপদ্ৰ ৱ কৰিছিল। ঈমান তথা সৎকৰ্মৰ দ্বাৰা সিহঁ তে সংশোধন হোৱাও নাছিল আৰু কৰাও নাছিল।
قَالُوا۟ تَقَاسَمُوا۟ بِٱللَّهِ لَنُبَيِّتَنَّهُۥ وَأَهْلَهُۥ ثُمَّ لَنَقُولَنَّ لِوَلِيِّهِۦ مَا شَهِدْنَا مَهْلِكَ أَهْلِهِۦ وَإِنَّا لَصَـٰدِقُونَ ﴿٤٩﴾
সিহঁ তে পৰস্পৰে ক’লেঃ আমাৰ মাজৰ প্ৰত্যেকে শপত খোৱা উচিত যে, আজি ৰাতি এওঁ ৰ ঘৰত প্ৰৱেশ কৰি এওঁ ক আৰু এওঁ ৰ পৰিয়ালক হত্যা কৰিম। তথা এওঁৰ উত্তৰাধিকাৰীসকলক কম যে, ছলেহ আৰু তেওঁৰ পৰিয়ালবৰ্গক হত্যাৰ সময় ত আমি ইয়াত উপস্থি ত নাছিলোঁ, বিশ্বাস কৰক আমি আমাৰ কথাত সত্যবাদী। ومكروامكرا ومكرنا مكرا وهم لا يشعرون
وَمَكَرُوا۟ مَكْرًۭا وَمَكَرْنَا مَكْرًۭا وَهُمْ لَا يَشْعُرُونَ ﴿٥٠﴾
সিহঁ তে ছলেহ আলাইহিচ্ছালামক আৰু তেওঁ ৰ অনু সাৰী মু মিনসকলক বিনাশ কৰিবলৈ গোপন ষড় যন্ত্ৰ ৰচিছিল। ইপিনে আমিও তেওঁ ক ৰক্ষা কৰিবলৈ আৰু তেওঁ ক সহায় কৰিবলৈ, লগতে কাফিৰসকলক ধ্বংস কৰিবলৈ কৌশল অৱলম্বন কৰিছিলোঁ। এই বিষয়ে সিহঁ তৰএকো জ্ঞান নাছিল। بلغ আল-কোৰআন · তাফছীৰ
فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ مَكْرِهِمْ أَنَّا دَمَّرْنَـٰهُمْ وَقَوْمَهُمْ أَجْمَعِينَ ﴿٥١﴾
হে ৰাছু ল! ভাবিচাওকচোন, সিহঁ তৰষড় যন্ত্ৰ আৰুচক্ৰান্ত ৰপৰিণাম কেনেকু ৱা আছিল? নিশ্চিতভাৱেআমি আমাৰশাস্তি ৰজৰিয় তে সিহঁ ত সকলোকে বিনাশ কৰিছিলোঁ তথা সিহঁ তৰ গুৰি নিপাত কৰিছিলোঁ।
فَتِلْكَ بُيُوتُهُمْ خَاوِيَةًۢ بِمَا ظَلَمُوٓا۟ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةًۭ لِّقَوْمٍۢ يَعْلَمُونَ ﴿٥٢﴾
এইবোৰ হৈছে সিহঁ তৰ ঘৰ দুৱাৰ, যিবোৰ বিধ্বস্ত অৱস্থাত পৰি আছে, নাই কোনো ইয়াৰ অধিবাসী, কাৰণ সিহঁ ত অন্যায় -অত্যাচাৰত লিপ্ত আছিল। সিহঁ তে অন্যায় -অত্যাচাৰৰ ফলত যি শাস্তি ত পতিত হৈছিল, তাৰ মাজত আছে মুমিনসকলৰ বাবে শিক্ষা। কিয় নো তেওঁলোকেই নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰে।
وَأَنجَيْنَا ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ ﴿٥٣﴾
ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁ ৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰিছিল, আমি তেওঁ লোকক উদ্ধাৰ কৰিছিলোঁ তথা ৰক্ষা কৰিছিলোঁ।
وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ أَتَأْتُونَ ٱلْفَـٰحِشَةَ وَأَنتُمْ تُبْصِرُونَ ﴿٥٤﴾
হে ৰাছুল! স্মৰণ কৰক নবী লূত আলাইহিচ্ছালামক, যেতিয়া তেওঁ নিজ সম্প্ৰ দায় ক ভৰ্ৎসনা কৰি আৰু সিহঁতৰ কৰ্মকাণ্ডক নসাৎ কৰি কৈছিলঃ তোমালোকে অনু ষ্ঠান পাতি প্ৰকাশ্যভাৱেসমকামিতাৰদৰেঅশ্লীল কৰ্ম কৰাটো অতি জঘন্য তথা নিকৃ ষ্টকৰ্ম নহয় নে?
أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ شَهْوَةًۭ مِّن دُونِ ٱلنِّسَآءِ ۚ بَلْ أَنتُمْ قَوْمٌۭ تَجْهَلُونَ ﴿٥٥﴾
তোমালোকে নিজৰ কামভাৱ পূৰণৰ বাবে, নিজৰ স্ত্ৰীক এৰি পুৰুষৰ ওচৰলৈ কিয় যোৱা? দৰাচলতে তোমালোকৰ সন্মানৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নাই আৰু সন্তান-সন্ত তিৰ প্ৰতিও নাই। বৰং তোমালোকৰ একমাত্ৰ উদ্দেশ্য হৈছে পশুৰ দৰে যৌনতাৰ চাহিদা পূৰণ কৰা। প্ৰকৃ ততে তোমালোক হৈছা ঈমান, পৱিত্ৰতা তথা পাপকৰ্মৰ পৰা বিৰত থকা বিষয় বোৰৰ পৰা অনভিজ্ঞ।
۞ فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوٓا۟ أَخْرِجُوٓا۟ ءَالَ لُوطٍۢ مِّن قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌۭ يَتَطَهَّرُونَ ﴿٥٦﴾
উত্তৰত তেওঁ ৰ সম্প্ৰ দায় ৰ লোকসকলে কেৱল এইখিনিয়ে ক’লেঃ “লূত পৰিয়ালক এই জনবসতিৰ পৰা বহিষ্কাৰ কৰি দিয়া হওক। কিয় নো তেওঁ লোকে নিজকে ময় লা-আৱৰ্জ না আৰু অশ্লীলতাৰ পৰা পৱিত্ৰ বুলি ভাবে”। দৰাচলতে সিহঁতে লূত পৰিয়ালক বিদ্ৰূপাত্মকভাৱে এনেকৈ কৈছিল। কাৰণ তেওঁ লোকে সিহঁ তৰ অশ্লীল কৰ্মত অংশ গ্ৰহণ কৰা নাছিল, তথা সিহঁ তৰ এনেকু ৱা কৰ্মক সদায় ভৰ্ৎ সনা কৰিছিল।
فَأَنجَيْنَـٰهُ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَـٰهَا مِنَ ٱلْغَـٰبِرِينَ ﴿٥٧﴾
এতেকে আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক সুৰক্ষিত অৱস্থাত ৰক্ষা কৰিছিলোঁ; কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইৰ বিষয়ে আমাৰ সিদ্ধান্ত এইটো আছিল যে,তাই অৱশিষ্ট লোকৰঅন্ত ৰ্ভু ক্তহৈ শাস্তি ত পতিত হ’ব,যাতে বিনাশ হোৱালোকৰতালিকাভু ক্তহয় ।
وَأَمْطَرْنَا عَلَيْهِم مَّطَرًۭا ۖ فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ ﴿٥٨﴾
আমি সিহঁ তৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এইটো আছিল সেইসকল লোকৰ বাবে অতি ভীষণ বিনাশকাৰী বৰষুণ, যিসকলক শাস্তি ৰবিষয়ে সতৰ্ক কৰাহৈছিলকিন্তু সিহঁ তে মানানাছিল। بلغ আল-কোৰআন · তাফছীৰ
قُلِ ٱلْحَمْدُ لِلَّهِ وَسَلَـٰمٌ عَلَىٰ عِبَادِهِ ٱلَّذِينَ ٱصْطَفَىٰٓ ۗ ءَآللَّهُ خَيْرٌ أَمَّا يُشْرِكُونَ ﴿٥٩﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক, সকলো ধৰণৰপ্ৰ শংসা একমাত্ৰ আল্লাহৰবাবে। কাৰণ তেৱেঁই বিভিন্ন নিয়ামত দান কৰিছে, লগতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলক লূত আৰু ছলেহ আলাইহিমাচ্ছালামৰ উম্মতৰ দৰে শাস্তি ৰ পৰা সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰিছে। (এতেকে কোৱাচোন) প্ৰকৃ ত উপাস্য কোন, সেই আল্লাহ যিজনৰ হাতত আছে সকলো ধৰণৰ কল্যাণ, নে মু শ্বৰিকসকলে উপাসনা কৰা সেই অসত্য উপাস্যবোৰ, যিবোৰে উপকাৰ বা অপকাৰ একোৱে কৰিব নোৱাৰে।
أَمَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَأَنزَلَ لَكُم مِّنَ ٱلسَّمَآءِ مَآءًۭ فَأَنۢبَتْنَا بِهِۦ حَدَآئِقَ ذَاتَ بَهْجَةٍۢ مَّا كَانَ لَكُمْ أَن تُنۢبِتُوا۟ شَجَرَهَآ ۗ أَءِلَـٰهٌۭ مَّعَ ٱللَّهِ ۚ بَلْ هُمْ قَوْمٌۭ يَعْدِلُونَ ﴿٦٠﴾
বৰং (প্ৰকৃ ত সত্য উপাস্য হৈছে) যিজনে পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত সেই পানীৰ দ্বাৰা আমি তোমালোকৰ বাবে মনোৰম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ-গছনিবোৰ তোমালোকৰ পক্ষে উৎপন্ন কৰা অসম্ভ ৱ, কাৰণ সেইবোৰ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ হাতত নাই। সেইবোৰক আল্লাহেই উৎপন্ন কৰে। কোৱাচোন! এইবোৰকাম কৰাৰসময় ত আল্লাহৰলগত আন কোনোউপাস্যই সহযোগ কৰিছিল নেকি? নহয় ,কদাপিও নহয় । বৰং এই মু শ্বৰিকসকলে সত্যৰ পৰা আঁতৰি গৈ সৃষ্টি কৰ্তাক অন্যায় ভাৱে সৃষ্টি ৰ সমকক্ষ কৰি আছে।
أَمَّن جَعَلَ ٱلْأَرْضَ قَرَارًۭا وَجَعَلَ خِلَـٰلَهَآ أَنْهَـٰرًۭا وَجَعَلَ لَهَا رَوَٰسِىَ وَجَعَلَ بَيْنَ ٱلْبَحْرَيْنِ حَاجِزًا ۗ أَءِلَـٰهٌۭ مَّعَ ٱللَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ ﴿٦١﴾
أكثرهم لا يعلمون বৰং (প্ৰকৃ ত উপাস্য হৈছে তেওঁ) যিজনে পৃথিৱীক স্থি ৰ তথা বসবাস উপযোগী বনাইছে, যাতে পৃথিৱীয়ে ইয়াৰ ওপৰত থকা বস্তু বোৰকলৈ হালি-জালি নাথাকে। তথা ইয়াৰ মাজত প্ৰবাহিত কৰিছে নদ-নদী আৰু প্ৰতিষ্ঠা কৰিছে পৰ্বতমালা। লগতে তেৱেঁই দুই সাগৰক একেলগে প্ৰবাহিত কৰিছে আৰু দুয়োৰে মাজত ৰাখিছে এটা অন্ত ৰায় । যিটোৱে মিঠা পানীক লুণীয়া পানীৰ লগত মিশ্ৰি ত হ’বলৈ নিদিয়ে , যাতে সোৱাদ বিনষ্ট নহয় ; অন্যথা খোৱাৰ উপযোগী হৈ নাথাকিব। কোৱাচোন! কোনোবা উপাস্য আছে নেকি, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনোৱেই নাই। বৰং সিহঁ তৰ মাজৰ অধিকাংশই এই সত্য সম্পৰ্কে অৱগত নহয় । যদি সিহঁতে এই সত্য সম্পৰ্কে অৱগত থাকিলহেঁতেন, তেন্তে সিহঁতে কেতিয়াও আল্লাহৰ লগত তেওঁ ৰ সৃষ্টি ক অংশীদাৰ স্থাপন নকৰিলেহেঁ তেন।
أَمَّن يُجِيبُ ٱلْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ ٱلسُّوٓءَ وَيَجْعَلُكُمْ خُلَفَآءَ ٱلْأَرْضِ ۗ أَءِلَـٰهٌۭ مَّعَ ٱللَّهِ ۚ قَلِيلًۭا مَّا تَذَكَّرُونَ ﴿٦٢﴾
বৰং(প্ৰকৃ ত উপাস্য হৈছে তেওঁ) যিজনে বিপদগ্ৰ তস্ তথা কঠি ন পৰিস্থি তিৰসন্মুখীন হৈ নিৰুপায় অৱস্থাত দুআকৰা ব্যক্তিৰদুআত সঁহাৰিদিয়ে । লগতে মানু হে যেতিয়া বেমাৰ-আজাৰ আৰু অভাৱগ্ৰ তস্ হয় , তেতিয়া সিহঁ তক তেৱেঁই তাৰ পৰা ৰক্ষা কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ উত্তৰাধিকাৰী বনায় , যাতে তোমালোকে পীড়ি ৰপিছত পীড়ি উত্তৰাধিকাৰী হৈ থাকিবপাৰা। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰসৈতে এইবোৰকাম কৰে? নাই, কোনো নাই। বৰং তোমালোক খুবেই কম উপদেশ গ্ৰহণ কৰা তথা শিক্ষা গ্ৰহণ কৰা।
أَمَّن يَهْدِيكُمْ فِى ظُلُمَـٰتِ ٱلْبَرِّ وَٱلْبَحْرِ وَمَن يُرْسِلُ ٱلرِّيَـٰحَ بُشْرًۢا بَيْنَ يَدَىْ رَحْمَتِهِۦٓ ۗ أَءِلَـٰهٌۭ مَّعَ ٱللَّهِ ۚ تَعَـٰلَى ٱللَّهُ عَمَّا يُشْرِكُونَ ﴿٦٣﴾
يشركون বৰং(তেৱেঁই প্ৰকৃ ত উপাস্য) যিজনে তোমালোকক জল আৰু স্থলৰঅন্ধকাৰত বিভিন্ন প্ৰতীক আৰু নক্ষত্ৰৰদ্বাৰা পথ দেখুৱায় । যিজনে বতাহক বৰষুণৰ পূৰ্বে সুসংবাদবাহীৰূপে প্ৰে ৰণ কৰে, যাৰ দ্বাৰা তেওঁ বান্দাসকলৰ প্ৰতি দয়া কৰে। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। আল্লাহ অতি পৱিত্ৰ। সৃষ্টি ক তেওঁ ৰ লগত অংশীদাৰৰ পৰা তেওঁ মহাপৱিত্ৰ। بلغ আল-কোৰআন · তাফছীৰ
أَمَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ وَمَن يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ ۗ أَءِلَـٰهٌۭ مَّعَ ٱللَّهِ ۚ قُلْ هَاتُوا۟ بُرْهَـٰنَكُمْ إِن كُنتُمْ صَـٰدِقِينَ ﴿٦٤﴾
صدقين বৰং(প্ৰকৃ ত উপাস্য হৈছে তেওঁ) যিজনে মাতৃ গৰ্ভ ত পৰ্যায় ক্ৰমে সৃষ্টি ৰআৰম্ভ ণি কৰে। তেৱেঁই মৃত্যুৰপিছত পুনৰ্জীৱিত কৰিব। কোৱাচোন! আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে তোমালোকক জীৱিকা দান কৰে, আৰু পৃথিৱীৰ বিভিন্ন উদ্ভিদ উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? হে ৰাছু ল! আপুনি এই মু শ্বৰিকসকলক কৈ দিয় কঃ তোমালোকে যি শ্বি ৰ্কত লিপ্ত আছা, তাৰ সপক্ষে কোনো প্ৰমাণ লৈ আহাচোন। যদি তোমালোকে নিজৰদাবীত সত্যবাদী হোৱা তথা তোমালোক সত্যৰওপৰত প্ৰতিষ্ঠি ত থাকা তেন্তে প্ৰমাণ লৈ আহা।
قُل لَّا يَعْلَمُ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ٱلْغَيْبَ إِلَّا ٱللَّهُ ۚ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ ﴿٦٥﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক,আকাশত থকা ফিৰিস্তাসকল আৰুপৃথিৱীত থকা মানৱজাতিৰকোনোৱেই গায়ে বসম্পৰ্কে অৱগত নহয় । গায়ে বসম্পৰ্কে একমাত্ৰ আল্লাহেই জানে। আল্লাহৰ বাহিৰে আকাশমণ্ডল আৰু পৃথিৱীত থকা কোনেও নাজানে যে সিহঁ তক কেতিয়া প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ'ব।
بَلِ ٱدَّٰرَكَ عِلْمُهُمْ فِى ٱلْـَٔاخِرَةِ ۚ بَلْ هُمْ فِى شَكٍّۢ مِّنْهَا ۖ بَلْ هُم مِّنْهَا عَمُونَ ﴿٦٦﴾
আখিৰাত সম্পৰ্কে সিহঁ তে ধাৰাবাহিকভাৱেখবৰপাই আছে নেকি, যাৰফলত সিহঁ তে আশ্বতস্ হৈ আছে? নহয় , কদাপিও নহয় । বৰংসিহঁ তে আখিৰাত সম্পৰ্কে সন্দে হ তথাসংশয় ত পৰিআছে। বৰংসিহঁ তে বোধশক্তি হেৰাই পেলাইছে।
وَقَالَ ٱلَّذِينَ كَفَرُوٓا۟ أَءِذَا كُنَّا تُرَٰبًۭا وَءَابَآؤُنَآ أَئِنَّا لَمُخْرَجُونَ ﴿٦٧﴾
কাফিৰসকলে আশ্চৰ্য প্ৰকাশ কৰিকয়ঃযেতিয়া আমি মৃ ত্যুবৰণ কৰিম তথা মাটি ত পৰিণত হ’ম, তাৰপিছতো আমাক জীয়াই তোলাটো সম্ভ ৱনে?
لَقَدْ وُعِدْنَا هَـٰذَا نَحْنُ وَءَابَآؤُنَا مِن قَبْلُ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ﴿٦٨﴾
নিশ্চয় এই প্ৰতিশ্ৰুতি যিটো আমাক দিয়া হৈছে, এইটো আমাৰ পূৰ্বৱৰ্তী লোকসকলকো দিয়া হৈছিল যে, আমাক সকলোকে পুনৰ্জীৱিত কৰা হ’ব। কিন্তু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে পুৰণ হোৱা নেদেখিলোঁ। দৰাচলতে আমাক দিয়া এই প্ৰতিশ্ৰুতি হৈছে পূৰ্বৱৰ্তী লোকসকলৰ মিছা বাণী, যিবোৰ সিহঁ তে নিজৰ পুথিত লিপিবদ্ধ কৰি থৈ গৈছে।
قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُجْرِمِينَ ﴿٦٩﴾
হে ৰাছু ল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয় ক, তোমালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্ত ত ঘূৰি পকি চোৱা, লগতে খা-খবৰ লৈ চোৱা পুনৰুত্থানক অস্বীকাৰ কৰা লোকসকলৰ পৰিণাম কেনেকু ৱা আছিল। সিহঁ তৰ কুঃচৰিত্ৰৰ কাৰণে আমি সিহঁ তক ধ্বংস কৰিছিলোঁ। ولا تحزن عليهم ولا تكن فى ضيق مما يمكرون
وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُن فِى ضَيْقٍۢ مِّمَّا يَمْكُرُونَ ﴿٧٠﴾
মুশ্বৰিসকলে আপোনাৰ নিমন্ত্ৰ ণৰ পৰা বিমুখ হোৱাৰ কাৰণে আপুনি কেতিয়াও আক্ষেপ নকৰিব। লগতে সিহঁ তৰ ষড় যন্ত্ৰ ৰ বাবে আপুনি কেতিয়াও সংকীৰ্ণতাঅনু ভৱনকৰিব। নিশ্চয় আল্লাহে সিহঁ তৰবিৰুদ্ধে আপোনাক সহায় কৰিব। بلغ আল-কোৰআন · তাফছীৰ
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٧١﴾
পুনৰুত্থানক অস্বীকাৰ কৰা আপোনাৰ উম্মতৰ কাফিৰসকলে প্ৰশ্নকৰে যে, আপুনি আৰু মু মিনসকলে আমাক যি শাস্তি ৰ পৰা ভয় দেখুৱায় তথা সতৰ্ক কৰে,সেই শাস্তি কেতিয়াবাস্ত ৱায়ি ত হ’ব? যদি আপুনি আপোনাৰদাবীত সত্যবাদী(তেন্তে আমাক ইয়াৰনিৰ্দিষ্ট সময় সম্পৰ্কে অৱগত কৰক)।
قُلْ عَسَىٰٓ أَن يَكُونَ رَدِفَ لَكُم بَعْضُ ٱلَّذِى تَسْتَعْجِلُونَ ﴿٧٢﴾
হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক,তোমালোকে যি শাস্তি ৰবাবেখৰধৰকৰিআছা,সম্ভ ৱতঃসেই শাস্তি ৰকিয় দাংশ অতি নিকটৱৰ্তী হৈছে।
وَإِنَّ رَبَّكَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ ﴿٧٣﴾
হে ৰাছু ল! নিশ্চয় আপোনাৰপ্ৰ তিপালক হৈছে মানুহৰপ্ৰ তি অত্যন্ত দয়ালু,কিয় নোতেওঁ মানুহৰপাপকৰ্ম আৰুকু ফৰীৰকাৰণে সিহঁ তক শাস্তি প্ৰদানত খৰধৰ নকৰে। তথাপিও অধিকাংশ লোকে আল্লাহৰ নিয়ামতৰ বাবে তেওঁ ৰ কৃ তজ্ঞতা জ্ঞাপন নকৰে। وإن ربك ليعلمما تكن صدورهم وما يعلنون
وَإِنَّ رَبَّكَ لَيَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ ﴿٧٤﴾
বান্দাৰ অন্ত ৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই বিষয়ে ভালদৰেই জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । শীঘ্ৰে ই তেওঁ সিহঁ তকইয়াৰপ্ৰ তিফলদান কৰিব।
وَمَا مِنْ غَآئِبَةٍۢ فِى ٱلسَّمَآءِ وَٱلْأَرْضِ إِلَّا فِى كِتَـٰبٍۢ مُّبِينٍ ﴿٧٥﴾
মানুহৰ দৃষ্টি ৰ অন্ত ৰালত থকা আকাশৰ প্ৰত্যেক বস্তু তথা পৃথিৱীত থকা সকলো বস্তু সম্পৰ্কে এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফু জত লিপিবদ্ধ আছে।
إِنَّ هَـٰذَا ٱلْقُرْءَانَ يَقُصُّ عَلَىٰ بَنِىٓ إِسْرَٰٓءِيلَ أَكْثَرَ ٱلَّذِى هُمْ فِيهِ يَخْتَلِفُونَ ﴿٧٦﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত বনী ইছৰাঈলৰ অধিকাংশ মতানৈক্য সম্পৰ্কে আলোচনা কৰা হৈছে, তথা সিহঁ তৰ পথভ্ৰ ষ্টতাৰ পৰ্দা উন্মুক্ত কৰা হৈছে। وإنه لهدى ورحمة للمؤمنين
وَإِنَّهُۥ لَهُدًۭى وَرَحْمَةٌۭ لِّلْمُؤْمِنِينَ ﴿٧٧﴾
প্ৰকৃ ততে এই গ্ৰন্থখন মু মিনসকলৰবাবেতথাইয়াৰশিক্ষামতে আমল কৰালোকসকলৰবাবেহৈছে হিদায় ত আৰুকৃ পা।
إِنَّ رَبَّكَ يَقْضِى بَيْنَهُم بِحُكْمِهِۦ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْعَلِيمُ ﴿٧٨﴾
হে ৰাছু ল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা মুমিন আৰু কাফিৰ, সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। এতেকে তেওঁ মুমিনসকলৰ প্ৰতি দয়া কৰিব আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰিব। তেওঁ মহা পৰাক্ৰ মশালী, তেওঁ নিজৰ শত্ৰুৰ পৰা প্ৰতিশোধ লয় । তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৰ্বজ্ঞ, সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাটো তেওঁ ৰ বাবে একো জটি ল কাম নহয় ।
فَتَوَكَّلْ عَلَى ٱللَّهِ ۖ إِنَّكَ عَلَى ٱلْحَقِّ ٱلْمُبِينِ ﴿٧٩﴾
এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক, লগতে আপোনাৰ যাৱতীয় কৰ্ম সম্পাদনৰ ক্ষেত্ৰত তেওঁৰ ওপৰতে নিৰ্ভ ৰ কৰক তথা বিশ্বাস কৰক। নিশ্চয় আপুনিস্পষ্ট সত্যৰওপৰতপ্ৰ তিষ্ঠি ত। بلغ আল-কোৰআন · তাফছীৰ
إِنَّكَ لَا تُسْمِعُ ٱلْمَوْتَىٰ وَلَا تُسْمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوْا۟ مُدْبِرِينَ ﴿٨٠﴾
হে ৰাছু ল! আপুনি সেইসকল মৃত ব্যক্তিক শুনাব নোৱাৰিব, যিসকলৰ অন্ত ৰ আল্লাহৰ লগত কু ফৰী কৰাৰ কাৰণে মৃত্যুবৰণ কৰিছে। এইদৰে আপুনি সেইসকল লোককো সত্য শুনাব নোৱাৰিব,যিসকলে আপোনাৰ নিমন্ত্ৰ ণক অৱজ্ঞা কৰি গুচি যায় । কাৰণ সত্য শুনিব পৰা সিহঁ তৰ শ্ৰৱণশক্তি আল্লাহে হৰণ কৰিছে।
وَمَآ أَنتَ بِهَـٰدِى ٱلْعُمْىِ عَن ضَلَـٰلَتِهِمْ ۖ إِن تُسْمِعُ إِلَّا مَن يُؤْمِنُ بِـَٔايَـٰتِنَا فَهُم مُّسْلِمُونَ ﴿٨١﴾
আপুনি সিহঁ তক কেতিয়াও সত্যৰ পথ দেখুৱাব নোৱাৰিব, যিসকলে সত্যক চোৱাৰ যোগ্যতা হেৰুৱাইছে। এতেকে আপুনি সিহঁ তকলৈ আক্ষেপ নকৰিব, তথা নিজকে ক্লাতন্ নকৰিব। আপুনি কেৱল সেইসকল লোককেই বুজাব পাৰিব, যিসকলে আমাৰ আয়াতসমূ হৰ প্ৰতি বিশ্বাস পোষণ কৰে, তথা আল্লাহৰ আদেশ পালন কৰে।
۞ وَإِذَا وَقَعَ ٱلْقَوْلُ عَلَيْهِمْ أَخْرَجْنَا لَهُمْ دَآبَّةًۭ مِّنَ ٱلْأَرْضِ تُكَلِّمُهُمْ أَنَّ ٱلنَّاسَ كَانُوا۟ بِـَٔايَـٰتِنَا لَا يُوقِنُونَ ﴿٨٢﴾
পাপকৰ্ম আৰু কু ফৰীত অটল থকাৰ কাৰণে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অত্যাৱশ্যক হৈ পৰিব, তথা কেৱল নিকৃ ষ্টলোকসকল অৱশিষ্ট থাকিব, তেতিয়া আমি সিহঁ তৰ বাবে কিয়ামতৰ আগমূ হুৰ্ত ত কিয়ামতৰ এটা ডাঙৰ নিদৰ্শন প্ৰকাশ কৰিম। অৰ্থাৎ পৃথিৱীত এটা জন্তু ওলাব, যিয়ে মানু হৰ সৈতে কথা পাতিব, আৰু মানু হে তাৰ কথা বুজিও পাব। (সেই জন্তু টোৱে ক’ব) মানু হে আমাৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূ হক বিশ্বাস কৰা নাছিল। ويومنحشرمن كل أمة فوجا ممن يكذب بٔايتنا فهم يوزعون
وَيَوْمَ نَحْشُرُ مِن كُلِّ أُمَّةٍۢ فَوْجًۭا مِّمَّن يُكَذِّبُ بِـَٔايَـٰتِنَا فَهُمْ يُوزَعُونَ ﴿٨٣﴾
হে ৰাছু ল! স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া আমি প্ৰত্যেক উম্মতৰ প্ৰমূখসকলৰ এটা এটা দল একত্ৰিত কৰিম, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেককে প্ৰস্তু ত কৰা হ’ব, তাৰ পিছত সিহঁ তক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব।
حَتَّىٰٓ إِذَا جَآءُو قَالَ أَكَذَّبْتُم بِـَٔايَـٰتِى وَلَمْ تُحِيطُوا۟ بِهَا عِلْمًا أَمَّاذَا كُنتُمْ تَعْمَلُونَ ﴿٨٤﴾
অৱশেষত সিহঁ তে যেতিয়া হিচাপ-নিকাচৰ স্থানত গৈ উপস্থি ত হ’ব, তেতিয়া আল্লাহে সিহঁ তক ভৰ্ৎ সনা কৰি ক’বঃ তোমালোকে মোৰ আয়াতসমূ হক কিয় অস্বীকাৰ কৰিছিলা? যিবোৰে মোৰ তাওহীদ প্ৰমাণ কৰিছিল আৰু সেইবোৰ মোৰ চৰীয় তৰ অন্ত ৰ্ভু ক্তআছিল। আনকি তোমালোকে সেইবোৰৰ বিষয়ে কোনো পৰীক্ষা নিৰীক্ষাও কৰা নাছিলা যে, যাৰ ভিত্তিত তোমালোকে সেইবোৰক অস্বীকাৰ কৰাটো উচিত বুলি ক’ব পাৰিবা; কোৱাচোন, প্ৰকৃ ততে তোমালোকে সেইবোৰক অস্বীকাৰ কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ কিহৰ ওপৰত ভিত্তি কৰিছিলা?
وَوَقَعَ ٱلْقَوْلُ عَلَيْهِم بِمَا ظَلَمُوا۟ فَهُمْ لَا يَنطِقُونَ ﴿٨٥﴾
আল্লাহৰলগত কু ফৰী কৰাৰকাৰণে আৰু তেওঁ ৰআয়াতসমূ হক অস্বীকাৰকৰিঅন্যায় কৰাৰকাৰণে সিহঁ তৰওপৰত শাস্তি বাস্ত ৱায় ন কৰা হ’ব। সিহঁ তে আত্মৰক্ষাৰ বাবেও কোনো কথা উত্থাপন কৰিব নোৱাৰিব। কিয় নো বিষয় টো হ’ব সিহঁ তৰ সাধ্যাতীত, আনহাতে সিহঁ তৰ যুক্তি ও হ'ব অসত্য।
أَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا ٱلَّيْلَ لِيَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يُؤْمِنُونَ ﴿٨٦﴾
পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলে লক্ষ্য নকৰে নেকি যে, আমি সিহঁ তৰ বাবে ৰাতি বনাইছোঁ, যাতে সিহঁ তে টোপনিৰ জৰিয় তে বিশ্ৰাম ল'ব পাৰে। আনহাতে দিনক বনাইছোঁ আলোকিত, যাতে দেখিব পাৰে আৰু জীৱিকা অনুসন্ধান কৰিব পাৰে। বাৰে বাৰে অহা এই মৃত্যু তথা ইয়াৰ পিছত জীৱিত হোৱাৰ মাজত, নিশ্চিতভাৱে সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে ঈমান পোষণ কৰে। بلغ আল-কোৰআন · তাফছীৰ
وَيَوْمَ يُنفَخُ فِى ٱلصُّورِ فَفَزِعَ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ إِلَّا مَن شَآءَ ٱللَّهُ ۚ وَكُلٌّ أَتَوْهُ دَٰخِرِينَ ﴿٨٧﴾
হে ৰাছু ল! স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া শিঙাত ফুঁ দিয়াৰ বাবে নিযুক্ত ফিৰিস্তাই দ্বি তীয় বাৰ শিঙাত ফুঁ মাৰিব; তেতিয়া আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে ভীষণ ভীত-সন্ত্ৰ তস্ হৈ পৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক আল্লাহে অনুগ্ৰ হ কৰি এই ভয় -ভীতিৰ পৰা ৰক্ষা কৰিব। সেইদিনা আল্লাহৰপ্ৰ ত্যেক সৃষ্টি য়ে ই আনু গত্যশীল আৰুবিনীত হৈ তেওঁ ৰসন্মুখত উপস্থি ত হ’ব।
وَتَرَى ٱلْجِبَالَ تَحْسَبُهَا جَامِدَةًۭ وَهِىَ تَمُرُّ مَرَّ ٱلسَّحَابِ ۚ صُنْعَ ٱللَّهِ ٱلَّذِىٓ أَتْقَنَ كُلَّ شَىْءٍ ۚ إِنَّهُۥ خَبِيرٌۢ بِمَا تَفْعَلُونَ ﴿٨٨﴾
সেইদিনা আপুনি পৰ্বতসমূহক দেখি অনুভৱ কৰিব যে, সেইবোৰ স্থি ৰ হৈ আছে বা নিজৰ ঠাইতে অৱস্থি ত আছে, কিন্তু প্ৰকৃ ততে সেইবোৰ মেঘৰ দৰে উৰিফু ৰিব। এয়াহৈছে আল্লাহৰসৃষ্টি ,তেৱেঁই সেইবোৰক গতি প্ৰদান কৰিব। নিশ্চয় তেওঁ তোমালোকৰকৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।
مَن جَآءَ بِٱلْحَسَنَةِ فَلَهُۥ خَيْرٌۭ مِّنْهَا وَهُم مِّن فَزَعٍۢ يَوْمَئِذٍ ءَامِنُونَ ﴿٨٩﴾
যিসকলে কিয়ামতৰ দিনা ঈমান আৰু সৎকৰ্ম লৈ উপস্থি ত হব, তেওঁলোকৰ বাবে আছে জান্নাত। লগতে তেওঁলোক থাকিব নিৰাপদ অৱস্থাত। কাৰণ আল্লাহে তেওঁ লোকক কিয়ামতৰ ভয় -ভীতিৰ পৰা সুৰক্ষা প্ৰদান কৰিব।
وَمَن جَآءَ بِٱلسَّيِّئَةِ فَكُبَّتْ وُجُوهُهُمْ فِى ٱلنَّارِ هَلْ تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ ﴿٩٠﴾
কিন্তু যিসকলে কু ফৰ আৰু পাপকৰ্ম লৈ উপস্থি ত হ’ব, সিহঁ তক অধোমুখে চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। সিহঁ তক ভৰ্ৎ সনা কৰি আৰু অপমান কৰি কোৱা হ’ব যে, তোমালোকে পৃথিৱীত যি কু ফৰী আৰু পাপ কৰ্ম কৰিছিলা, সেইটোৰে প্ৰতিফল আজি ভোগ কৰি আছা।
إِنَّمَآ أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَـٰذِهِ ٱلْبَلْدَةِ ٱلَّذِى حَرَّمَهَا وَلَهُۥ كُلُّ شَىْءٍۢ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُسْلِمِينَ ﴿٩١﴾
হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক যে, মোক আদেশ দিয়া হৈছে, মই যাতে মক্কাৰপ্ৰ তিপালকৰইবাদত কৰোঁ, যিয়ে এই চহৰক সন্মানিত কৰিছে। গতিকে ইয়াত তেজ প্ৰবাহিত কৰা অনুচিত। কাৰো প্ৰতি অন্যায় কৰাও অবৈধ। ইয়াত চিকাৰ কৰাও নিষিদ্ধ। ইয়াত থকা গছ-গছনি আদি কাটি পেলোৱা নিষিদ্ধ। তেৱেঁই সকলো বস্তু ৰ গৰাকী। লগতে মোক আদেশ দিয়া হৈছে, মই যাতে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰোঁ তথা তেওঁ ৰ আনু গত্য কৰিআজ্ঞাকাৰীসকলৰঅন্ত ৰ্ভু ক্তহৈ যাওঁ ।
وَأَنْ أَتْلُوَا۟ ٱلْقُرْءَانَ ۖ فَمَنِ ٱهْتَدَىٰ فَإِنَّمَا يَهْتَدِى لِنَفْسِهِۦ ۖ وَمَن ضَلَّ فَقُلْ إِنَّمَآ أَنَا۠ مِنَ ٱلْمُنذِرِينَ ﴿٩٢﴾
লগতে মোক আৰু আদেশ দিয়া হৈছে, মই যাতে মানুহৰ সন্মুখত কোৰআন তিলাৱত কৰোঁ। গতিকে ইয়াৰ জৰিয় তে যিয়ে হিদায় ত লাভ কৰিব তথা সেইমতে আমল কৰিব, সেই সুপথ লাভ কৰাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। আনহাতে যিয়ে পথভ্ৰ ষ্টহ’ব আৰু ইয়াৰ শিক্ষাৰ পৰা বিমুখ হ’ব, লগতে সেইমতে আমল নকৰিব, তেনেকু ৱা লোকক আপুনি কৈ দিয় ক যে, “মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী ব্যক্তি, গতিকে মই তোমালোকক আল্লাহৰশাস্তি ৰপৰাসতৰ্ক কৰোঁ। তোমালোককহিদায় ত প্ৰদান কৰাটোমোৰদায়ি ত্বনহয় ।”
وَقُلِ ٱلْحَمْدُ لِلَّهِ سَيُرِيكُمْ ءَايَـٰتِهِۦ فَتَعْرِفُونَهَا ۚ وَمَا رَبُّكَ بِغَـٰفِلٍ عَمَّا تَعْمَلُونَ ﴿٩٣﴾
হে ৰাছু ল! আপুনি কৈ দিয় ক,সকলোধৰণৰপ্ৰ শংসাএকমাত্ৰআল্লাহৰবাবে,কাৰণ তেৱেঁই অসংখ্যঅগণন নিয়ামত প্ৰদান কৰিছে। অচিৰেই আল্লাহে তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, যিবোৰ আছে তোমালোকৰ মাজত তথা আকাশমণ্ডল-পৃথিৱী আৰু জীৱিকাৰ মাজত। যিবোৰ নিদৰ্শন দেখিলে তোমালোকে অতি সহজেই চিনিব পাৰিবা আৰু সত্যক আঁকোৱালি ল’বলৈও সহজ হ’ব। তোমালোকে যিবোৰ কৰি আছা, এইবোৰৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকক কেতিয়াও অমনোযোগী বুলি নাভাবিবা। বৰং তেওঁ প্ৰতিটো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। একোৱেই তেওঁ ৰ পৰা গোপন নহয় । তেওঁ শীঘ্ৰে ই তোমালোককইয়াৰপ্ৰ তিদান দিব। بلغ আল-কোৰআন · তাফছীৰ উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন