طسٓمٓ ﴿١﴾
(ত্ব -ছীন-মীম) ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Qasas (28)
মক্কী · 88 আয়াত
طسٓمٓ ﴿١﴾
(ত্ব -ছীন-মীম) ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।
تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْمُبِينِ ﴿٢﴾
এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত।
نَتْلُوا۟ عَلَيْكَ مِن نَّبَإِ مُوسَىٰ وَفِرْعَوْنَ بِٱلْحَقِّ لِقَوْمٍۢ يُؤْمِنُونَ ﴿٣﴾
আমি আপোনাক সত্য সহকাৰে মুছা আৰু ফিৰআউনৰ সংবাদ পাঠ কৰি শুনাই আছোঁ, য’ত কোনো ধৰণৰ সন্দে হ নাই; সেইসকল লোকৰ উদ্দেশ্যে যিসকলে ঈমান আনিছে। কাৰণ তেওঁ লোকেই এনেকু ৱাঘটনাৰদ্বাৰাউপকৃ ত হয় ।
إِنَّ فِرْعَوْنَ عَلَا فِى ٱلْأَرْضِ وَجَعَلَ أَهْلَهَا شِيَعًۭا يَسْتَضْعِفُ طَآئِفَةًۭ مِّنْهُمْ يُذَبِّحُ أَبْنَآءَهُمْ وَيَسْتَحْىِۦ نِسَآءَهُمْ ۚ إِنَّهُۥ كَانَ مِنَ ٱلْمُفْسِدِينَ ﴿٤﴾
নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰ ৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায় । নিঃসন্দে হে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি , যিজনে পৃথিৱীত উপদ্ৰ ৱ সৃষ্টি কৰিছিল।
وَنُرِيدُ أَن نَّمُنَّ عَلَى ٱلَّذِينَ ٱسْتُضْعِفُوا۟ فِى ٱلْأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةًۭ وَنَجْعَلَهُمُ ٱلْوَٰرِثِينَ ﴿٥﴾
আমাৰ উদ্দশ্য আছিল মিচৰৰ ভূমিত বনী ইছৰাঈলক প্ৰাধান্য দিয়া, যিসকলক ফিৰআউনে দুৰ্বল কৰি ৰাখিছিল। আমি ফিৰআউনক ধ্বংস কৰি আৰু বনী ইছৰাঈলৰ দুৰ্বলতা আঁতৰাই তেওঁলোকক সত্যৰ প্ৰতিনিধি বনাব বিচাৰিছিলোঁ, যাতে সত্যৰ ক্ষেত্ৰত মানুহে তেওঁলোকক অনুসৰণ কৰে। লগতে আমিفيه ফিৰআউনক ধ্বংস কৰাৰপিছত তেওঁলোকক বৰকতময় শ্বাম (ছিৰিয়া) দেশৰউত্তৰাধিকাৰী বনাববিচাৰিছিলোঁ। যেনেঃমহান আল্লাহে কৈছেঃ
وَنُمَكِّنَ لَهُمْ فِى ٱلْأَرْضِ وَنُرِىَ فِرْعَوْنَ وَهَـٰمَـٰنَ وَجُنُودَهُمَا مِنْهُم مَّا كَانُوا۟ يَحْذَرُونَ ﴿٦﴾
কল্যাণপ্ৰাপ্ত সাম্ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলোঁ। পৃথিৱীত আমি তেওঁ লোকক ৰাজত্ব দান কৰি শাসনভাৰ প্ৰদান কৰিব বিচাৰিছিলোঁ। লগতে ফিৰআউনক আৰু তাৰ মন্ত্ৰী সভাত থকা আটাইতকৈ ডাঙৰ সহযোগী হামানক তথা সিহঁ তৰ সৈন্যবাহিনীক যিসকলে সিহঁ তক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল, এই সকলোকে আমি বনী ইছৰাঈলৰ এজন পুত্ৰ সন্তানৰ দ্বাৰা সিহঁ তৰ ৰাজপাঠ হেৰুৱাৰ দৃশ্য দেখুৱাব বিচাৰিছিলোঁ, বনী ইছৰাঈলৰ যি সন্তানটোৰ বিষয়ে সিহঁ তে সদায় শংকিত হৈ থাকিছিল।
وَأَوْحَيْنَآ إِلَىٰٓ أُمِّ مُوسَىٰٓ أَنْ أَرْضِعِيهِ ۖ فَإِذَا خِفْتِ عَلَيْهِ فَأَلْقِيهِ فِى ٱلْيَمِّ وَلَا تَخَافِى وَلَا تَحْزَنِىٓ ۖ إِنَّا رَآدُّوهُ إِلَيْكِ وَجَاعِلُوهُ مِنَ ٱلْمُرْسَلِينَ ﴿٧﴾
আমি মুছা আলাইহিচ্ছালামৰ মাতৃৰ অন্ত ৰত এই কথা ইলহাম কৰিছিলোঁ যে, আপুনি তাক পিয়াহ খুৱাই থাকক। কিন্তু যদি ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰফালৰপৰা কোনো আশংকা হয় যে, সিহঁ তে তেওঁ ক হত্যা কৰিবতেন্তে আপুনি তাক এটা বাকচত ভৰাই নীল নদীত উটু ৱাই দিব। তেওঁ ডু বি بلغ আল-কোৰআন · তাফছীৰ যাব বুলি অথবা ফিৰআউনে তেওঁ ক কিবা অনিষ্ট কৰিব বুলি আপুনি কেতিয়াও চিন্তি ত নহ’ব। লগতে তেওঁ ৰ বিচ্ছেদকলৈও দুখী নহ’ব। নিশ্চয় আমি তেওঁক জীৱিত অৱস্থাত আপোনাৰ ওচৰলৈ ওভোতাই আনিম। লগতে তেওঁক সেইসকল ৰাছু লৰ অন্ত ৰ্ভু ক্তকৰিম, যিসকলক মানুহৰ ওচৰলৈ প্ৰে ৰণ কৰা হয় । و
فَٱلْتَقَطَهُۥٓ ءَالُ فِرْعَوْنَ لِيَكُونَ لَهُمْ عَدُوًّۭا وَحَزَنًا ۗ إِنَّ فِرْعَوْنَ وَهَـٰمَـٰنَ وَجُنُودَهُمَا كَانُوا۟ خَـٰطِـِٔينَ ﴿٨﴾
যেতিয়া তেওঁ আমাৰ আদেশ পালন কৰি মু ছাক বাকচত ভৰাই নদীত উটু ৱাই দিলে, তেতিয়া ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে বাকচটো দেখা পাই উঠাই ল’লে। যাতে আল্লাহৰ পৰিকল্পনা বাস্ত ৱত পৰিণত হয় যে, তেওঁ অচিৰেই মুছাক ফিৰআউনৰ শত্ৰুত পৰিণত কৰিব, আৰু তেওঁৰ জৰিয় তেই ফিৰআউনৰ ৰাজত্ব ৰ অৱসান ঘটি ব। ফলত এইটো সিহঁ তৰ চিন্তাৰ কাৰণ হৈ পৰিব। নিশ্চয় ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান, লগতে সিহঁ ত দুজনৰ সহায় কসকল আছিল অতি পাপিষ্ঠ , কাৰণ সিহঁ তে কু ফৰী কৰিছিল আৰুঅবাধ্যতাত লিপ্ত আছিল। তথা অন্যায় -অত্যাচাৰৰজৰিয় তে সিহঁ তে পৃথিৱীত উপদ্ৰ ৱসৃষ্টি কৰিছিল।
وَقَالَتِ ٱمْرَأَتُ فِرْعَوْنَ قُرَّتُ عَيْنٍۢ لِّى وَلَكَ ۖ لَا تَقْتُلُوهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوْ نَتَّخِذَهُۥ وَلَدًۭا وَهُمْ لَا يَشْعُرُونَ ﴿٩﴾
ফিৰআউনে যেতিয়া তেওঁক হত্যা কৰিব বিচাৰিলে তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ইয়াক এৰি দিয় ক, এই ল’ৰাটো মোৰ আৰু আপোনাৰ বাবে আনন্দ ৰ উৎস হৈ থাকিব। লগতে আমাৰ সেৱা কৰি আমাক উপকৃ ত কৰিব। নাইবা ইয়াক আমি পুত্ৰ বনাই লম। কিন্তু সিহঁ তে জনা নাছিল যে, এটা সময় ত এই ল’ৰাটোৰদ্বাৰাসিহঁ তৰৰাজত্ব ৰপতন ঘটি ব।
وَأَصْبَحَ فُؤَادُ أُمِّ مُوسَىٰ فَـٰرِغًا ۖ إِن كَادَتْ لَتُبْدِى بِهِۦ لَوْلَآ أَن رَّبَطْنَا عَلَىٰ قَلْبِهَا لِتَكُونَ مِنَ ٱلْمُؤْمِنِينَ ﴿١٠﴾
ইপিনে মুছা আলাইহিচ্ছালামৰ মাতৃ ৰ অৱস্থা এনেকু ৱা হৈছিল যে, তেওঁ পৃথিৱীৰ সকলো বিষয় ত্যাগ কৰি অকল মুছাকলৈয়ে চিন্তি ত আছিল। তেওঁ ধৈৰ্য্যধাৰণত ব্যাকু ল হৈ পৰিছিল। ইমান অস্থি ৰহৈ পৰিছিল যে,জানোচাকেতিয়াপ্ৰ কাশ কৰিদিয়ে “এওঁ মোৰেই সন্তান”। কিন্তু আমি তেওঁৰঅন্ত ৰ সুদৃঢ় কৰি ৰাখিছিলোঁ আৰু ধৈৰ্য্য ধাৰণ কৰাৰ সামৰ্থ প্ৰদান কৰিছিলোঁ। যাতে তেওঁ সেইসকল মুমিনৰ তালিকাভুক্ত হ’ব পাৰে, যিসকলে নিজ প্ৰতিপালকৰওপৰত ভৰসা কৰেতথা যিসকলে তেওঁ ৰফয় চালাত সন্তু ষ্টি ব্যক্তি কৰে।
وَقَالَتْ لِأُخْتِهِۦ قُصِّيهِ ۖ فَبَصُرَتْ بِهِۦ عَن جُنُبٍۢ وَهُمْ لَا يَشْعُرُونَ ﴿١١﴾
মুছা আলাইহিচ্ছালামৰ মাতৃ য়ে তেওঁক সাগৰত নিক্ষেপ কৰাৰ পিছত, মুছাৰ ভনীয়ে কক নিৰ্দে শ দিলে যে, তু মি এই বাকচৰ পিছে পিছে যোৱাঁ। ইয়াৰ লগত কি সংঘটি ত হয় সেই বিষয়ে যাতে সবিশেষ তথ্য জানিবপাৰা। এতেকে তাই সেই বাকচটোক দূৰৰপৰাই লক্ষ্য ৰাখিছিল, যাতে ৰহস্য ফাদিল হৈ নাযায় । ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰ লোকসকলে গমেই নাপালে যে, এই ছোৱালীজনী মুছাৰ ভনী তথা তাই ইয়াৰ খবৰ সংগ্ৰ হ কৰিবলৈ আহিছে।
۞ وَحَرَّمْنَا عَلَيْهِ ٱلْمَرَاضِعَ مِن قَبْلُ فَقَالَتْ هَلْ أَدُلُّكُمْ عَلَىٰٓ أَهْلِ بَيْتٍۢ يَكْفُلُونَهُۥ لَكُمْ وَهُمْ لَهُۥ نَـٰصِحُونَ ﴿١٢﴾
ইপিনে আল্লাহৰ পৰিকল্পনা মতে মুছা আলাইহিচ্ছামে কোনো নাৰীৰেই পিয়াহ খোৱা নাছিল, এই ঘটনা সংঘটি ত হৈছিল মূছাক তেওঁৰ মাতৃ ৰ কোলাত ওভোতাই দিয়াৰ পূৰ্বে। যেতিয়া মু ছা আলাইহিচ্ছালামৰ ভনীয়ে দেখিলে যে, সিহঁ তে তেওঁ ক পিয়াহ খুৱাবলৈ ব্যাকু ল হৈ আছে, তেতিয়া সিহঁ তক ক’লেঃ আমি আপোনালোকক এনেকু ৱা এটি পৰিয়ালৰ বিষয়ে সংবাদ দিব পাৰোঁনে, যি পৰিয়ালে ইয়াক পিয়াহ খুৱাব পাৰিব তথা ইয়াক ভালকৈ লালন-পালনো কৰিব পাৰিব, তথা তেওঁ লোক ইয়াৰ শুভাকাংক্ষীওق হ’ব?
فَرَدَدْنَـٰهُ إِلَىٰٓ أُمِّهِۦ كَىْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ وَلِتَعْلَمَ أَنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ ﴿١٣﴾
এইদৰেই আমি মু ছাক তেওঁ ৰ মাতৃ ৰ ওচৰলৈ ওভোতাই দিছিলোঁ। যাতে তেওঁ ক ওচৰত পাই তেওঁ ৰ মাকৰ চকু শীতল হয় , লগতে তেওঁ ৰ বিচ্ছেদত যাতে শোকাগ্ৰ তস্ নহয় । তথা এই কথাও যাতে গম পায় যে, মুছাক ওভোতাই দিয়াৰআল্লাহৰপ্ৰ তিশ্ৰুতিটো সত্য, য’ত কোনো ধৰণৰসন্দে হৰঅৱকাশ নাই। কিন্তু অধিকাংশ লোকেই এই প্ৰতিশ্ৰুতি সম্পৰ্কে নাজানে,লগতে এইজনীয়ে ই যে মু ছাৰমাতৃ আছিল,এই কথাটোকোনোৱেই জনানাছিল। بلغ আল-কোৰআন · তাফছীৰ
وَلَمَّا بَلَغَ أَشُدَّهُۥ وَٱسْتَوَىٰٓ ءَاتَيْنَـٰهُ حُكْمًۭا وَعِلْمًۭا ۚ وَكَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٤﴾
যেতিয়া তেওঁ যৌৱনত উপনীত হ’ল আৰু শক্তিশালী হৈ গ’ল, তেতিয়া আমি তেওঁক নুবুওৱত প্ৰদানৰ পূৰ্বেই বনী ইছৰাঈলৰ ধৰ্ম সম্পৰ্কে জ্ঞান আৰু বুদ্ধিমত্তা দান কৰিছিলোঁ। যিদৰে আমি মুছা আলাইহিচ্ছালামক আনুগত্যৰ কাৰণে প্ৰতিফল দান কৰিছিলোঁ, ঠি ক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানতে সদাচাৰী লোকসকলক প্ৰতিফল দান কৰোঁ।
وَدَخَلَ ٱلْمَدِينَةَ عَلَىٰ حِينِ غَفْلَةٍۢ مِّنْ أَهْلِهَا فَوَجَدَ فِيهَا رَجُلَيْنِ يَقْتَتِلَانِ هَـٰذَا مِن شِيعَتِهِۦ وَهَـٰذَا مِنْ عَدُوِّهِۦ ۖ فَٱسْتَغَـٰثَهُ ٱلَّذِى مِن شِيعَتِهِۦ عَلَى ٱلَّذِى مِنْ عَدُوِّهِۦ فَوَكَزَهُۥ مُوسَىٰ فَقَضَىٰ عَلَيْهِ ۖ قَالَ هَـٰذَا مِنْ عَمَلِ ٱلشَّيْطَـٰنِ ۖ إِنَّهُۥ عَدُوٌّۭ مُّضِلٌّۭ مُّبِينٌۭ ﴿١٥﴾
و لى ى إنه عد م ض م بين এদিনাখন মুছা আলাইহিচ্ছালাম এনেকু ৱা এটা সময় ত নগৰত প্ৰৱেশ কৰিলে, যেতিয়া মানুহে নিজ নিজ ঘৰত বিশ্ৰাম কৰিআছিল। তেওঁ দেখা পালে দুজন লোকে পৰস্পৰে কাজিয়া কৰি আছে তথা মাৰপিট কৰি আছে। সিহঁ তৰ মাজৰ এজন আছিল মুছাৰ সম্প্ৰ দায় ৰ অৰ্থাৎ বনী ইছৰাঈলৰ, আৰু আনজন আছিল কিবতী অৰ্থাৎ মুছা আলাইহিচ্ছালামৰ শত্ৰু ফিৰআউন সম্প্ৰদায়ৰ। এতেকে যিজন মুছাৰ সম্প্ৰদায়ৰ আছিল, সি মুছা আলাইহিচ্ছালামৰ পৰা নিজৰ শত্ৰু কিবতীৰ বিৰুদ্ধে সহায় কৰিবলৈ কাকু তি-মিনতি কৰিলে। ফলত মুছা আলাইহিচ্ছালামে কিবতীক এটা ঘোচা মাৰিলে, শক্তিশালী ঘোচাৰ ফলত মানুহজন নিহত হ’ল। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় এইটো চয় তানৰ শোভনীয় কৰ্ম তথা তাৰ প্ৰৱঞ্চনাৰঅন্ত ৰ্ভু ক্ত। নিঃসন্দে হে চয় তানে তাৰঅনু সাৰীসকলক পথভ্ৰ ষ্টকৰেআৰুসি হৈছে এজন প্ৰকাশ্যশত্ৰু। এতেকে মোৰদ্বাৰাযি সংঘটি ত হৈছে, সেইটো তাৰশত্ৰুতাৰকাৰণেই হৈছে। আনহাতে তাৰকামেই হৈছে মানু হক পথভ্ৰ ষ্টকৰা, গতিকে সি মোক পথভ্ৰ ষ্টকৰিববিচাৰিছে।
قَالَ رَبِّ إِنِّى ظَلَمْتُ نَفْسِى فَٱغْفِرْ لِى فَغَفَرَ لَهُۥٓ ۚ إِنَّهُۥ هُوَ ٱلْغَفُورُ ٱلرَّحِيمُ ﴿١٦﴾
মু ছা আলাইহিচ্ছালামে তেওঁ ৰ দ্বাৰা সংঘটি ত অপৰাধ স্বীকাৰ কৰি নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! এই কিবতীক হত্যা কৰিনিশ্চিতভাৱেমই নিজৰওপৰত অন্যায় কৰিছোঁ। গতিকে তু মি মোৰএই অপৰাধক্ষমা কৰিদিয়া। এতেকে আল্লাহে আমাক এই কথাটো স্পষ্ট কৰি দিছে যে, তেওঁ মুছা আলাইহিচ্ছালামক ক্ষমা কৰিছিল। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু ।
قَالَ رَبِّ بِمَآ أَنْعَمْتَ عَلَىَّ فَلَنْ أَكُونَ ظَهِيرًۭا لِّلْمُجْرِمِينَ ﴿١٧﴾
মু ছা আলাইহিচ্ছালামে তেওঁ ৰ প্ৰাৰ্থনাত আৰু কৈছিলঃ হে মোৰ প্ৰতিপালক! যিহেতু তু মি মোক শক্তি , বুদ্ধিমত্তা আৰু জ্ঞান প্ৰদান কৰি উপকাৰ কৰিছা। গতিকে মইى কেতিয়াও অপৰাধীৰ সহায় ক হ’ব নোৱাৰোঁ।
فَأَصْبَحَ فِى ٱلْمَدِينَةِ خَآئِفًۭا يَتَرَقَّبُ فَإِذَا ٱلَّذِى ٱسْتَنصَرَهُۥ بِٱلْأَمْسِ يَسْتَصْرِخُهُۥ ۚ قَالَ لَهُۥ مُوسَىٰٓ إِنَّكَ لَغَوِىٌّۭ مُّبِينٌۭ ﴿١٨﴾
তেওঁ ৰ দ্বাৰা কিবতী এজন হত্যা হোৱাৰ পিছত তেওঁ ভয় ভয় কৰি খা-খবৰ লোৱাৰ উদ্দেশ্যে নগৰত প্ৰৱেশ কৰিলে, যাতে এই বিষয়ে বিতং খবৰ সংগ্ৰ হ কৰিব পাৰে যে, বৰ্তমান পৰিস্থি তি কেনেকু ৱা। হঠাৎ তেওঁ দেখা পালে যে, যোৱাকালি যি ব্যক্তিয়ে তাৰ কিবতী শত্ৰুৰ বিৰুদ্ধে সহায় বিচাৰিছিল, সেইজনেই আজিও আন এজন কিবতীৰ লগত কাজিয়া কৰি আছে আৰু তাৰ বিৰুদ্ধে সহায় বিচাৰি আছে। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় তু মি হৈছাএজন বিভ্ৰান্তি সৃষ্টি কাৰীতথাপ্ৰ কাশ্যপথভ্ৰ ষ্টব্যক্তি । و
فَلَمَّآ أَنْ أَرَادَ أَن يَبْطِشَ بِٱلَّذِى هُوَ عَدُوٌّۭ لَّهُمَا قَالَ يَـٰمُوسَىٰٓ أَتُرِيدُ أَن تَقْتُلَنِى كَمَا قَتَلْتَ نَفْسًۢا بِٱلْأَمْسِ ۖ إِن تُرِيدُ إِلَّآ أَن تَكُونَ جَبَّارًۭا فِى ٱلْأَرْضِ وَمَا تُرِيدُ أَن تَكُونَ مِنَ ٱلْمُصْلِحِينَ ﴿١٩﴾
যেতিয়া মু ছা আলাইহিচ্ছালামে কিবতীক কৰায় ত্তকৰিব বিচাৰিলে, যিজন মু ছাৰ শত্ৰু আছিল তথা ইছৰাঈলী ব্যক্তি ৰো শত্ৰু আছিল; তেতিয়া ইছৰাঈলী ব্যক্তি জনে ভাবিলে যে, মু ছা আলাইহিচ্ছালামে তাক কৰায় ত্তকৰিবলৈ আহিছে, যিহেতু মু ছা আলাইহিচ্ছালামে ইতিপূৰ্বে তাক কৈছিল, নিশ্চয় তু মি হৈছা بلغ আল-কোৰআন · তাফছীৰ এজন বিভ্ৰান্ত সৃষ্টি কাৰী তথা প্ৰকাশ্য পথভ্ৰ ষ্ট ; সেয়ে সি ধাৰণা কৰিছিল যে, মুছা আলাইহিচ্ছালামে তাকেই কৰায় ত্তকৰিবলৈ আহিছে, গতিকে সি মুছা আলাইহিচ্ছালামক ক’লেঃ তু মি আজি মোকো হত্যা কৰিব বিচাৰিছা নেকি, যিদৰে যোৱাকালি তু মি এজন ব্যক্তি ক হত্যা কৰিছিলা? নিশ্চয় তু মি পৃথিৱীত স্বেচ্ছাচাৰী দুৰাচাৰী হৈ মানুহক হত্যা কৰিব বিচৰা আৰু সিহঁ তৰ ওপৰত অন্যায় -অত্যাচাৰ কৰিব বিচৰা। তু মি কেতিয়াও দুজন কাজিয়া কৰা লোকৰ মাজত মীমাংসা নিবিচৰা।
وَجَآءَ رَجُلٌۭ مِّنْ أَقْصَا ٱلْمَدِينَةِ يَسْعَىٰ قَالَ يَـٰمُوسَىٰٓ إِنَّ ٱلْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ فَٱخْرُجْ إِنِّى لَكَ مِنَ ٱلنَّـٰصِحِينَ ﴿٢٠﴾
যেতিয়া এই খবৰ চাৰিওফালে প্ৰচাৰ হৈ গ’ল, তেতিয়া নগৰৰ দূৰৱৰ্তী প্ৰান্ত ৰ পৰা এজন ব্যক্তি মু ছাৰ শুভাকাংক্ষী হৈ তেওঁ ৰ ওচৰলৈ দৌৰি আহিল, যাতে মু ছাআলাইহিচ্ছালাম কোনোঅনিষ্ট ৰসন্মুখীন নহয় । সেই ব্যক্তি জনে আহি ক’লেঃহে মু ছা! ফিৰআউন সম্প্ৰ দায় ৰনেতাসকলে আপোনাক প্ৰাণে মৰাৰ পৰামৰ্শ কৰি আছে। গতিকে আপুনি নগৰৰ পৰা আঁতৰি যাওক। নিশ্চয় মই আপোনাৰ শুভাকাংক্ষী। আপোনাক সিহঁ তে কৰায় ত্তকৰি যাতে হত্যা কৰিব নোৱাৰে সেইকাৰণেই মোৰ এই প্ৰয়াস।
فَخَرَجَ مِنْهَا خَآئِفًۭا يَتَرَقَّبُ ۖ قَالَ رَبِّ نَجِّنِى مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ ﴿٢١﴾
এতেকে মুছা আলাইহিচ্ছালামে সেই শুভাকাংক্ষীৰ কথা মানি ল’লে, আৰু নগৰৰ পৰা ভীত-সন্ত্ৰ তস্ হৈ গোপনে ওলাই গ’ল। তেওঁ সদায় চিন্তি ত হৈ আছিল, জানোচা কেতিয়া কি হয়। সেই সময়ত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক এই অত্যাচাৰীসকলৰ পৰা ৰক্ষা কৰা। যাতে সিহঁ তে মোক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে।
وَلَمَّا تَوَجَّهَ تِلْقَآءَ مَدْيَنَ قَالَ عَسَىٰ رَبِّىٓ أَن يَهْدِيَنِى سَوَآءَ ٱلسَّبِيلِ ﴿٢٢﴾
যেতিয়া তেওঁ মাদিয়ান অভিমু খে যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া তেওঁ ক’লেঃ আশা কৰোঁ মোৰ প্ৰতিপালকে মোক উত্তম পথ দেখুৱাব, যাতে পথ হেৰুৱাই নাযাওঁ ।
وَلَمَّا وَرَدَ مَآءَ مَدْيَنَ وَجَدَ عَلَيْهِ أُمَّةًۭ مِّنَ ٱلنَّاسِ يَسْقُونَ وَوَجَدَ مِن دُونِهِمُ ٱمْرَأَتَيْنِ تَذُودَانِ ۖ قَالَ مَا خَطْبُكُمَا ۖ قَالَتَا لَا نَسْقِى حَتَّىٰ يُصْدِرَ ٱلرِّعَآءُ ۖ وَأَبُونَا شَيْخٌۭ كَبِيرٌۭ ﴿٢٣﴾
ى যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ঠাইত গৈ উপস্থি ত হ’ল, তেতিয়া তেওঁ দেখা পালে কিছু সংখ্যক লোকে নিজৰ পোহনীয়া জন্তু বোৰক পানী খুওৱাই আছে। সিহঁ তৰ পৰা কিছু নিলগত দুজনী ছোৱালীক দেখা পালে, তেওঁলোকে নিজৰ ছাগলীবোৰক আটক কৰি ৰাখিছে, মানুহবোৰ আঁতৰি যোৱাৰ পাছতহে তেওঁলোকে নিজৰ ছাগলীবোৰক পানী খুৱাব। মুছা আলাইহিচ্ছালামে তেওঁলোক দুয়োকে সুধিলেঃ তোমালোকৰ অসুবিধা কি, তোমালোকে নিজৰ জন্তু বোৰক সিহঁ তৰ লগত পানী খুওৱা নাই কিয় ? তেওঁলোকে ক’লেঃ আমাৰ অভ্যাস হৈছে যেতিয়ালৈকে ৰাখোৱালসকল গুচি নাযায় তেতিয়ালৈকে আমি আমাৰ জন্তু বোৰক পানী নুখুওৱাওঁ। যাতে সিহঁ তৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব পাৰোঁ। আনহাতে আমাৰ পিতৃ ও অধিক বয় সস্থ । জন্তু বোৰক পানী খুৱাবলৈ তেওঁ নিজে আহিব নোৱাৰে। সেইকাৰণেই আমি আমাৰ ছাগলীবোৰক পানী খুৱাবলৈ অহাত বাধ্য।
فَسَقَىٰ لَهُمَا ثُمَّ تَوَلَّىٰٓ إِلَى ٱلظِّلِّ فَقَالَ رَبِّ إِنِّى لِمَآ أَنزَلْتَ إِلَىَّ مِنْ خَيْرٍۢ فَقِيرٌۭ ﴿٢٤﴾
এই শুনি তেওঁলোকৰ প্ৰতি মুছা আলাইহিচ্ছালামৰ পুতৌ জন্মিল আৰু তেওঁলোকৰ ছাগলীবোৰক লৈ তেওঁ পানী খুৱাই আনিলে। ইয়াৰ পিছত তেওঁ গছৰ ছাঁত গৈ বিশ্ৰাম কৰিবলৈ ধৰিলে, লগতে নিজ প্ৰতিপালকৰ ওচৰত তেওঁৰ প্ৰয়োজনৰ কথা উল্লে খ কৰি দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! তু মি মোৰ ওপৰত যি কল্যাণেই নকৰা কিয় , সেইটোৱে এতিয়া মোৰ প্ৰয়োজন। بلغ আল-কোৰআন · তাফছীৰ
فَجَآءَتْهُ إِحْدَىٰهُمَا تَمْشِى عَلَى ٱسْتِحْيَآءٍۢ قَالَتْ إِنَّ أَبِى يَدْعُوكَ لِيَجْزِيَكَ أَجْرَ مَا سَقَيْتَ لَنَا ۚ فَلَمَّا جَآءَهُۥ وَقَصَّ عَلَيْهِ ٱلْقَصَصَ قَالَ لَا تَخَفْ ۖ نَجَوْتَ مِنَ ٱلْقَوْمِ ٱلظَّـٰلِمِينَ ﴿٢٥﴾
দুয়োজনী ছোৱালীয়ে যেতিয়া নিজৰ ঘৰত উভতি গৈ পিতাৰ ওচৰত এই বিষয় টো বিতংভাৱে আলোচনা কৰিলে। তেতিয়া পিতায়ে এজনীক পঠি য়াই দিলে যে, তেওঁ ক মাতি আনাগৈ। ছোৱালীজনীয়ে মু ছাৰ ওচৰত আহি লাজুকীয়াভাৱে ক’লেঃ আপোনাক মোৰ পিতাই মাতি পঠি য়াইছে। আপুনি আমাৰ জন্তু বোৰক পানী খুওৱাৰ বাবে পিতাই আপোনাক ইয়াৰ পাৰিশ্ৰ মিক দিব বিচাৰিছে। যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁলোকৰ পিতাৰ ওচৰত আহি উপস্থি ত হ’ল, আৰু নিজৰ বিষয়ে বিস্তাৰিতভাৱে তেওঁক জনালে, তেতিয়া তেওঁ মুছা আলাইহিচ্ছালামক সান্ত না প্ৰদান কৰি ক’লেঃ চিন্তা নকৰিবা, নিশ্চয় তু মি ফিৰআউন আৰু তাৰ অত্যাচাৰী নেতাসকলৰ পৰা ৰক্ষা পাইছা। মাদিয়ানৰ ওপৰত সিহঁ তৰ কোনো কৰ্তৃ ত্বনাই। সিহঁ তে তোমাক ইয়াত কোনো ধৰণৰ অনিষ্ট কৰিবলৈ আহিব নোৱাৰে।
قَالَتْ إِحْدَىٰهُمَا يَـٰٓأَبَتِ ٱسْتَـْٔجِرْهُ ۖ إِنَّ خَيْرَ مَنِ ٱسْتَـْٔجَرْتَ ٱلْقَوِىُّ ٱلْأَمِينُ ﴿٢٦﴾
তেওঁৰ এজনী ছোৱালীয়ে ক’লেঃ হে মোৰ পিতা! আপুনি এওঁক আমাৰ ছাগলীবোৰ চোৱাচিতা কৰিবলৈ সেৱক হিচাপে ৰাখক। নিশ্চয় এওঁ সেৱক হোৱাৰ উপযুক্ত। কাৰণ এওঁ শক্তিশালীও আছে তথা এজন বিশ্বতস্ ব্যক্তি। গতিকে শক্তিৰ দ্বাৰা এওঁ সুচাৰুৰূপে দায়ি ত্বপালন কৰিব, আৰু বিশ্বতস্তাৰ জৰিয় তে এওঁ সা-সম্পদ সুৰক্ষিত ৰাখিব।
قَالَ إِنِّىٓ أُرِيدُ أَنْ أُنكِحَكَ إِحْدَى ٱبْنَتَىَّ هَـٰتَيْنِ عَلَىٰٓ أَن تَأْجُرَنِى ثَمَـٰنِىَ حِجَجٍۢ ۖ فَإِنْ أَتْمَمْتَ عَشْرًۭا فَمِنْ عِندِكَ ۖ وَمَآ أُرِيدُ أَنْ أَشُقَّ عَلَيْكَ ۚ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّـٰلِحِينَ ﴿٢٧﴾
ه তেওঁ লোকৰ পিতৃ য়ে মু ছা আলাইহিচ্ছালামক সম্বোধন কৰি ক’লেঃ মই মোৰ দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিবাহ দিব বিচাৰিছোঁ। কিন্তু চৰ্ত হৈছে এই বিবাহৰ মোহৰ আদায় ৰ বাবে তু মি আঠ বছৰলৈকে আমাৰ ছাগলীবোৰ পোহ-পাল দিব লাগিব। যদি দহ বছৰ সম্পূৰ্ণ কৰা তেন্তে এইটো তোমাৰ ফালৰ পৰা কৃ পা বুলি গণ্য হ’ব, কিন্তু এইটো তোমাৰ বাবে অনিবাৰ্য্য নহয় । কাৰণ নিৰ্ধাৰিত থাকিব কেৱল আঠ বছৰ। ইয়াতকৈ অধিক হ’লে অতিৰিক্ত বুলি গণ্যহ’ব। মই তোমাৰওপৰত বোজাঅৰ্পন কৰিতোমাক কষ্ট দিববিচৰানাই। ইন শ্বাআল্লাহ তু মি মোক সদাচাৰীসকলৰঅন্ত ৰ্ভু ক্তপাবা, যিসকলে প্ৰতিশ্ৰুতি পূৰণ কৰেআৰুকেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।
قَالَ ذَٰلِكَ بَيْنِى وَبَيْنَكَ ۖ أَيَّمَا ٱلْأَجَلَيْنِ قَضَيْتُ فَلَا عُدْوَٰنَ عَلَىَّ ۖ وَٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٌۭ ﴿٢٨﴾
মু ছা আলাইহিচ্ছালামে ক’লেঃ ঠি ক আছে, এইটোৱে মোৰ আৰু আপোনাৰ মাজত চু ক্তি ৰ চূ ড়ান্ত সিদ্ধান্ত । দুটা ম্যাদৰ (অৰ্থাৎ আঠ বছৰেই হওক অথবা দহ বছৰ) যিকোনো এটা সময় সীমা পূৰণ কৰিলেই মই মোৰ দায়ি ত্বপূৰণ কৰা বুলি গণ্য হ'ম। কিন্তু ইয়াতকৈ অধিক সময় সীমা আপুনি বৃদ্ধি কৰিব নোৱাৰিব। আমাৰমাজত যিটো চু ক্তি চূ ড়ান্ত হ’ল, ইয়াৰসাক্ষী তথা নিৰীক্ষক হিচাপে আল্লাহেই যথেষ্ট ।
۞ فَلَمَّا قَضَىٰ مُوسَى ٱلْأَجَلَ وَسَارَ بِأَهْلِهِۦٓ ءَانَسَ مِن جَانِبِ ٱلطُّورِ نَارًۭا قَالَ لِأَهْلِهِ ٱمْكُثُوٓا۟ إِنِّىٓ ءَانَسْتُ نَارًۭا لَّعَلِّىٓ ءَاتِيكُم مِّنْهَا بِخَبَرٍ أَوْ جَذْوَةٍۢ مِّنَ ٱلنَّارِ لَعَلَّكُمْ تَصْطَلُونَ ﴿٢٩﴾
মুছা আলাইহিচ্ছালামে যেতিয়া অধিকতম ম্যাদ অৰ্থাৎ দহ বছৰ সম্পূৰ্ণ কৰি নিজ পৰিয়ালক লগত লৈ মাদিয়ানৰ পৰা মিচৰলৈ ৰাওনা হ’ল, তেতিয়া তেওঁ তুৰ পৰ্বতৰ প্ৰান্ত ত জুই দেখা পালে। সেয়ে তেওঁ নিজ পৰিয়ালক ক’লেঃ তোমালোকে ইয়াতে অৱস্থান কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। গতিকে সম্ভ ৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ লৈ আহিব পাৰিম নাইবা একু ৰা জুই আনিম, যিটোৰ জৰিয় তে তোমালোকে জুই জ্বলাই শীতৰ পৰা ৰক্ষা পাব পাৰিবা।
فَلَمَّآ أَتَىٰهَا نُودِىَ مِن شَـٰطِئِ ٱلْوَادِ ٱلْأَيْمَنِ فِى ٱلْبُقْعَةِ ٱلْمُبَـٰرَكَةِ مِنَ ٱلشَّجَرَةِ أَن يَـٰمُوسَىٰٓ إِنِّىٓ أَنَا ٱللَّهُ رَبُّ ٱلْعَـٰلَمِينَ ﴿٣٠﴾
মু ছা আলাইহিচ্ছালামে যেতিয়া তেওঁ দেখা পোৱা জুই কু ৰাৰ ওচৰ পালেগৈ, তেতিয়া মহান তথা পৱিত্ৰ আল্লাহে উপত্যকাৰ সোঁফালৰ পৰা, অৰ্থাৎ সেই স্থানৰ পৰা যি স্থানক আল্লাহে মু ছা আলাইহিচ্ছালামৰ লগত কথাপোকথনৰ বাবে বৰকতময় কৰি দিছিল, এজোপা গছৰ পৰা মাতি ক’লেঃ হে মু ছা! بلغ আল-কোৰআন · তাফছীৰ ময়ে ই আল্লাহ,গোটেই সৃষ্টি জগতৰপ্ৰ তিপালক। ن
وَأَنْ أَلْقِ عَصَاكَ ۖ فَلَمَّا رَءَاهَا تَهْتَزُّ كَأَنَّهَا جَآنٌّۭ وَلَّىٰ مُدْبِرًۭا وَلَمْ يُعَقِّبْ ۚ يَـٰمُوسَىٰٓ أَقْبِلْ وَلَا تَخَفْ ۖ إِنَّكَ مِنَ ٱلْـَٔامِنِينَ ﴿٣١﴾
তথা তেওঁক আদেশ দিলে, তু মি তোমাৰ লাখুটি ডাল নিক্ষেপ কৰা। মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি লাখুটি ডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ সেইডালক সাপৰ দৰে দ্ৰুত লৰচৰ আৰু চোঁচৰি গতি কৰা দেখিলে তেতিয়া তেওঁ ভয় তে দৌৰি পলায় ন কৰিবলৈ ধৰিলে, আনকি পিছফালেও ঘূৰি চোৱা নাছিল। এই দেখি আল্লাহে তেওঁক ক’লেঃ হে মুছা! ভয় নকৰিব, আগুৱাই যাওক। কাৰণ নিশ্চিতভাৱে আপোনাক সুৰক্ষিত কৰা হৈছে সেই সকলো বস্তু ৰ পৰা যিবোৰক দেখি আপুনি ভয় পায় ।
ٱسْلُكْ يَدَكَ فِى جَيْبِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍۢ وَٱضْمُمْ إِلَيْكَ جَنَاحَكَ مِنَ ٱلرَّهْبِ ۖ فَذَٰنِكَ بُرْهَـٰنَانِ مِن رَّبِّكَ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦٓ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًۭا فَـٰسِقِينَ ﴿٣٢﴾
আপুনি আপোনাৰ হাতখন কাষলতিত সোমোৱাই দিয় ক, চাব হাতখন ওলাই আনিলে শুভ্ৰ উজ্জ্বল হৈ ওলাই আহিব, এইটো কোনো পখৰা ৰোগ নহয় । এতেকে মুছাই যেতিয়া নিজৰ হাতখন কাষলতিত সোমোৱাই দিলে, সঁচাই হাতখন ওলাই অনাত বৰফৰ দৰে বগা হৈ ওলাই আহিল। এতিয়া আপুনি আপোনাৰহাতখন বুকু ত ৰাখি দিয় ক যাতে আপোনাৰভয় -ভীতি দূৰহয় । এতেকে মু ছা আলাইহিচ্ছালামে তেনেকু ৱাই কৰিলে, ফলত তেওঁ ৰভয় -ভীতি দূৰ হৈ গ’ল। উক্ত দুয়োটা নিদৰ্শন -অৰ্থাৎ লাখুটি আৰু উজ্জ্বল হাত- ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰ নেতাসকলৰ প্ৰতি প্ৰে ৰণ কৰা অন্যতম দলিল। নিশ্চয় সিহঁ ত আল্লাহৰআনু গত্যৰপৰা বহিষ্কৃ ত সম্প্ৰ দায় ৰলোক আছিল, কাৰণ সিহঁ তে কু ফৰী কৰিছিল আৰু গুনাহৰকৰ্মত লিপ্ত আছিল। قال رب إنى قتلت منهم نفسا فأخاف أن يقتلون
قَالَ رَبِّ إِنِّى قَتَلْتُ مِنْهُمْ نَفْسًۭا فَأَخَافُ أَن يَقْتُلُونِ ﴿٣٣﴾
মু ছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ নিশ্চয় মই সিহঁ তৰ মাজৰ এজনক হত্যা কৰিছিলোঁ। গতিকে মই যদি এই বাৰ্তা লৈ সিহঁ তৰ ওচৰলৈ গৈ উপস্থি ত হওঁ , তেন্তে সিহঁ তে মোক হত্যা কৰিব বুলি মই ভয় কৰি আছোঁ।
وَأَخِى هَـٰرُونُ هُوَ أَفْصَحُ مِنِّى لِسَانًۭا فَأَرْسِلْهُ مَعِىَ رِدْءًۭا يُصَدِّقُنِىٓ ۖ إِنِّىٓ أَخَافُ أَن يُكَذِّبُونِ ﴿٣٤﴾
মোৰভাই হাৰূন মোতকৈ অধিক ভাষাজ্ঞানত পাকৈত। গতিকে তেওঁ ক মোৰসহায় ক হিচাপে প্ৰে ৰণ কৰা। ফিৰআউন আৰু তাৰসম্প্ৰ দায়ে যদি মোক অস্বীকাৰ কৰে তেতিয়া তেওঁ যাতে মোক সমৰ্থন কৰে। মই আশংকা কৰিছোঁ সিহঁতেও মোক সেইদৰেই অস্বীকাৰ কৰিব, যিদৰে মোৰ পূৰ্বৱৰ্তী ৰাছু লসকলক অন্যান্য জাতিয়ে অস্বীকাৰ কৰিছিল।
قَالَ سَنَشُدُّ عَضُدَكَ بِأَخِيكَ وَنَجْعَلُ لَكُمَا سُلْطَـٰنًۭا فَلَا يَصِلُونَ إِلَيْكُمَا ۚ بِـَٔايَـٰتِنَآ أَنتُمَا وَمَنِ ٱتَّبَعَكُمَا ٱلْغَـٰلِبُونَ ﴿٣٥﴾
আল্লাহে মুছা আলাইহিচ্ছালামৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ক'লেঃ হে মুছা! অচিৰেই আমি আপোনাৰ ভাতৃ ক আপোনাৰ সহায় ক ৰাছু ল বনাই আপোনাক শক্তিশালী কৰিম। লগতে আমি আপোনালোকক দলিল-প্ৰমাণ আৰু সমৰ্থন প্ৰদান কৰিম। এতেকে আমি আপোনালোকক যি বাৰ্তা প্ৰদান কৰি সিহঁ তৰ ওচৰলৈ প্ৰে ৰণ কৰি আছোঁ, এই বিষয় ক কেন্দ্ৰ কৰি সিহঁ তে আপোনালোকৰ একো অনিষ্ট কৰিব নোৱাৰিব। নিশ্চিতভাৱে আপোনালোক দুয়ো আৰু আপোনালোকৰঅনু সাৰী মু মিনসকলেই বিজয় প্ৰাপ্ত হ’ব।
فَلَمَّا جَآءَهُم مُّوسَىٰ بِـَٔايَـٰتِنَا بَيِّنَـٰتٍۢ قَالُوا۟ مَا هَـٰذَآ إِلَّا سِحْرٌۭ مُّفْتَرًۭى وَمَا سَمِعْنَا بِهَـٰذَا فِىٓ ءَابَآئِنَا ٱلْأَوَّلِينَ ﴿٣٦﴾
যেতিয়া মু ছা আলাইহিচ্ছালামে আমাৰ প্ৰকাশ্য আয়াতসমূ হ লৈ সিহঁ তৰ ওচৰত আহি উপস্থি ত হ'ল, তেতিয়া সিহঁ তে ক'লেঃ এইবোৰ মিছা তথা এইবোৰ মু ছা নিজেই ৰচনা কৰিছে। আমি আমাৰপূৰ্বৱৰ্তী লোকসকলৰওচৰত এনেকু ৱা বিষয় সম্পৰ্কে শুনা নাছিলোঁ। بلغ আল-কোৰআন · তাফছীৰ
وَقَالَ مُوسَىٰ رَبِّىٓ أَعْلَمُ بِمَن جَآءَ بِٱلْهُدَىٰ مِنْ عِندِهِۦ وَمَن تَكُونُ لَهُۥ عَـٰقِبَةُ ٱلدَّارِ ۖ إِنَّهُۥ لَا يُفْلِحُ ٱلظَّـٰلِمُونَ ﴿٣٧﴾
মুছা আলাইহিচ্ছালামে ফিৰআউনক সম্বোধন কৰি ক’লেঃ মোৰ প্ৰতিপালকে সেইজন সত্যবাদীক ভালকৈয়ে জানে, যিজনে তেওঁৰ ফালৰ পৰা হিদায় তলৈ আগমন কৰিছে। লগতে সেই ব্যক্তিকো ভালদৰেজানে, আখিৰাতত যাৰপৰিণাম উত্তম হ’ব। নিশ্চিতভাৱেঅন্যায় কাৰীসকলে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ’ব নোৱাৰিব, লগতে সিহঁ তে ভয় কৰা বস্তু ৰ পৰাও ৰক্ষা পাব নোৱাৰিব।
وَقَالَ فِرْعَوْنُ يَـٰٓأَيُّهَا ٱلْمَلَأُ مَا عَلِمْتُ لَكُم مِّنْ إِلَـٰهٍ غَيْرِى فَأَوْقِدْ لِى يَـٰهَـٰمَـٰنُ عَلَى ٱلطِّينِ فَٱجْعَل لِّى صَرْحًۭا لَّعَلِّىٓ أَطَّلِعُ إِلَىٰٓ إِلَـٰهِ مُوسَىٰ وَإِنِّى لَأَظُنُّهُۥ مِنَ ٱلْكَـٰذِبِينَ ﴿٣٨﴾
ى তেতিয়া ফিৰআউনে তাৰ সম্প্ৰ দায় ৰ প্ৰমুখ ব্যক্তিসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমুখসকল! মই মোৰ বাহিৰে তোমালোকৰ বাবে আন কোনো উপাস্যৰবিষয়ে নাজানো। এতেকে হে হামান! তু মি মোৰবাবেমাটি পুৰিইট তৈয়াৰকৰা, ইট প্ৰস্তু ত হ’লে সেই ইটেৰেমোৰবাবেএখন সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে সেই ভৱনৰ ওপৰত থিয় হৈ মই মুছাৰ প্ৰতিপালকক চাব পাৰোঁ আৰু তেওঁৰ বিষয়ে জানিব পাৰোঁ। মই নিশ্চিত যে মুছা এইক্ষেত্ৰত এজন মিছলীয়া, কাৰণ সি মিছা দাবী কৰিছে যে, সি আল্লাহৰ ফালৰ পৰা মোৰ ওচৰলৈ তথা মোৰ সম্প্ৰ দায় ৰ ওচৰলৈ ৰাছু ল হিচাপে আগমন কৰিছে।
وَٱسْتَكْبَرَ هُوَ وَجُنُودُهُۥ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَظَنُّوٓا۟ أَنَّهُمْ إِلَيْنَا لَا يُرْجَعُونَ ﴿٣٩﴾
ফিৰআউন আৰুতাৰসেনাবাহিনীৰঅহংকাৰবৃদ্ধি পাবলৈ ধৰিলে। ইপিনে সিহঁ তে মিচৰৰভূমিত অন্যায় ভাৱেশাসন চলাইছিল। লগতে সিহঁ তে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানকো অস্বীকাৰ কৰিছিল। লগতে সিহঁ তে ধাৰণা পোষণ কৰিছিল যে, সিহঁ তক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তথা শাস্তি ৰ বাবে আমাৰ ওচৰলৈ ওভোতাই অনা নহ’ব।
فَأَخَذْنَـٰهُ وَجُنُودَهُۥ فَنَبَذْنَـٰهُمْ فِى ٱلْيَمِّ ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلظَّـٰلِمِينَ ﴿٤٠﴾
ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক কৰায় ত্তকৰিলোঁ, তথা সিহঁ তক সাগৰত ডু বাই মাৰিবলৈ নিক্ষেপ কৰিলোঁ, অৱশেষত সিহঁ ত সকলোৱে ধ্বংস হ’ল। এতেকে হে ৰাছু ল! আপুনি চিন্তা কৰি চাওক, অন্যায় কাৰীসকলৰ পৰিণতি আৰু শেষ পৰিণাম কেনেকু ৱা! নিশ্চিতভাৱে সিহঁ তৰ অন্ত তথা শেষ পৰিণাম হৈছে ধ্বংস।
وَجَعَلْنَـٰهُمْ أَئِمَّةًۭ يَدْعُونَ إِلَى ٱلنَّارِ ۖ وَيَوْمَ ٱلْقِيَـٰمَةِ لَا يُنصَرُونَ ﴿٤١﴾
আমি সিহঁ তক পাষণ্ড দুৰাচাৰী লোকৰ নেতা বনাইছিলোঁ, সিহঁ তে কু ফৰী আৰু ভ্ৰান্ত মতবাদৰ দ্বাৰা মানু হক জাহান্নামৰ পিনে আহ্বান কৰিছিল। কিয়ামতৰ দিনা সিহঁ তে শাস্তি ৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ সহায় বিচাৰি নাপাব। বৰংসিহঁ তক দ্বি গুণ শাস্তি প্ৰদান কৰা হ’ব, কাৰণ সিহঁ তে পাপকৰ্মৰ পৰম্পৰা সৃষ্টি কৰিছিল আৰু মানু হক বিভ্ৰান্ত মতবাদৰ পিনে আহ্বান কৰিছিল। সেইকাৰণে সিহঁ তে নিজৰ আমলৰ শাস্তি ও ভোগ কৰিব, লগতে সিহঁ তৰ কথা মতে আমল কৰা লোকৰ পাপ কৰ্মৰ শাস্তি ৰ অংশীদাৰো সিহঁ তে হ’ব।
وَأَتْبَعْنَـٰهُمْ فِى هَـٰذِهِ ٱلدُّنْيَا لَعْنَةًۭ ۖ وَيَوْمَ ٱلْقِيَـٰمَةِ هُم مِّنَ ٱلْمَقْبُوحِينَ ﴿٤٢﴾
সিহঁ তৰ শাস্তি বৃদ্ধি কৰিবলৈ এই পৃথিৱীত আমি তিৰস্কাৰ আৰু ধিক্কাৰ সিহঁ তৰ সৈতে সম্পৃক্ত কৰি দিছোঁ, তথা কিয়ামতৰ দিনা সিহঁ ত হ’ব লাঞ্ছিত আৰু অপমানিত। সিহঁ ত আল্লাহৰৰহমতৰপৰা বহু দূৰৈত অৱস্থান কৰিব।
وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ مِنۢ بَعْدِ مَآ أَهْلَكْنَا ٱلْقُرُونَ ٱلْأُولَىٰ بَصَآئِرَ لِلنَّاسِ وَهُدًۭى وَرَحْمَةًۭ لَّعَلَّهُمْ يَتَذَكَّرُونَ ﴿٤٣﴾
পূৰ্বৱৰ্তী উম্মতসমূ হৰপ্ৰ তি ৰাছু ল প্ৰে ৰণ কৰাৰপিছত আমি মু ছাক প্ৰদান কৰিছিলোঁ তাওৰাত, তথাপিও সিহঁ তে তেওঁ লোকক অস্বীকাৰকৰিছিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁ তক ধ্বংস কৰিছিলোঁ। ইয়াৰ মাজত আছে মানুহৰ বাবে উপদেশ, অৰ্থাৎ কোনটো বিষয় সিহঁ তৰ বাবে উপকাৰী যিটোৰ ওপৰত সিহঁ তে আমল কৰা উচিত; আৰু কোনটো বিষয় সিহঁ তৰ বাবে ক্ষতিকাৰক, যিটোক সিহঁ তে পৰিত্যাগ কৰা উচিত। তথা ইয়াত আছে بلغ আল-কোৰআন · তাফছীৰ কল্যাণৰ পিনে লৈ যোৱা সঠি ক দিশনিৰ্দে শনা। লগতে আছে দয়া আৰু কৃ পা, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে অতি কল্যাণকৰ। যাতে সিহঁ তে আল্লাহৰ নিয়ামতসমূ হ স্মৰণ কৰি তাৰ কৃ তজ্ঞতা জ্ঞাপন কৰিব পাৰে আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।
وَمَا كُنتَ بِجَانِبِ ٱلْغَرْبِىِّ إِذْ قَضَيْنَآ إِلَىٰ مُوسَى ٱلْأَمْرَ وَمَا كُنتَ مِنَ ٱلشَّـٰهِدِينَ ﴿٤٤﴾
যেতিয়া আমি মুছা আলাইহিচ্ছালামক এই সংবাদ দিছিলোঁ যে, আপোনাক ৰাছু ল বনাই ফিৰআউন আৰু তাৰ প্ৰমুখ নেতাসকলৰ ওচৰলৈ প্ৰে ৰণ কৰা হ’ব,তেতিয়াসেইসময় ত হে ৰাছু ল! পৰ্বতৰপশ্চিম প্ৰান্ত ত আপুনি উপস্থি ত নাছিল। আনকি সেই সংবাদ সংগ্ৰ হ কৰিবলৈওআপুনি তাত উপস্থি ত নাছিল যে, সেইবোৰ আপুনি মানুহৰ ওচৰত বৰ্ণনা কৰিব। এতেকে আপুনি মানুহক যি সংবাদ দি আছে, সেইবোৰ হৈছে দৰাচলতে আল্লাহৰ ফালৰ পৰা আপোনাৰপ্ৰ তি প্ৰে ৰণ কৰাঅহী।
وَلَـٰكِنَّآ أَنشَأْنَا قُرُونًۭا فَتَطَاوَلَ عَلَيْهِمُ ٱلْعُمُرُ ۚ وَمَا كُنتَ ثَاوِيًۭا فِىٓ أَهْلِ مَدْيَنَ تَتْلُوا۟ عَلَيْهِمْ ءَايَـٰتِنَا وَلَـٰكِنَّا كُنَّا مُرْسِلِينَ ﴿٤٥﴾
মুছাৰ পিছতো আমি বহুতো উম্মত সৃষ্টি কৰিছিলোঁ, যিসকলে দীৰ্ঘ সময় অতিবাহিত কৰিছিল। ফলত আল্লাহে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহক সিহঁতে পাহৰিগৈছিল। (হে ৰাছু ল) আপুনি মাদিয়ানবাসীৰমাজত অৱস্থান কৰা নাছিল যে, সিহঁ তক আমাৰআয়াতসমূহ পাঠ কৰিশুনোৱাব। কিন্তু আমিয়ে ই আপোনাক আমাৰ ফালৰ পৰা ৰাছু ল হিচাপে প্ৰে ৰণ কৰিছোঁ। তথা আপোনাক মুছাৰ সংবাদ আৰু মাদিয়ানত তেওঁৰ অৱস্থান কৰা পৰিস্থি তি সম্পৰ্কে অহীৰদ্বাৰাঅৱগত কৰাইছোঁ। গতিকে আল্লাহে আপোনাৰপ্ৰ তি যি অহীকৰিছে সেইটোহে আপুনি মানু হক অৱগত কৰাই আছে।
وَمَا كُنتَ بِجَانِبِ ٱلطُّورِ إِذْ نَادَيْنَا وَلَـٰكِن رَّحْمَةًۭ مِّن رَّبِّكَ لِتُنذِرَ قَوْمًۭا مَّآ أَتَىٰهُم مِّن نَّذِيرٍۢ مِّن قَبْلِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ ﴿٤٦﴾
يتذك رون আৰু মুছাক যেতিয়া আমি আহ্বান কৰিছিলোঁ তথা তেওঁক আমি যি অহী কৰিছিলোঁ, তেতিয়াও আপুনি তাত উপস্থি ত নাছিল যে, সেই সম্পৰ্কে আপুনি মানুহক অৱগত কৰিব। কিন্তু আমিয়ে ই আপোনাক মানুহৰ ওচৰলৈ ৰহমত হিচাপে প্ৰে ৰণ কৰিছোঁ। তথা আপোনাৰ প্ৰতি সেই সকলো তথ্য অহী কৰিছোঁ, যাতে আপুনি এনেকু ৱা এটা জাতিক সতৰ্ক কৰিব পাৰে, যি জাতিৰ ওচৰলৈ আপোনাৰ পূৰ্বে সতৰ্ক কাৰী কোনো ৰাছু ল আগমন কৰা নাছিল। যাতে সিহঁ তে উপদেশ গ্ৰহণ কৰিবপাৰে,তথাআপুনি আল্লাহৰফালৰপৰাযি বাৰ্তালৈ আহিছে তাৰপ্ৰ তি ঈমান পোষণ কৰিবপাৰে।
وَلَوْلَآ أَن تُصِيبَهُم مُّصِيبَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَيَقُولُوا۟ رَبَّنَا لَوْلَآ أَرْسَلْتَ إِلَيْنَا رَسُولًۭا فَنَتَّبِعَ ءَايَـٰتِكَ وَنَكُونَ مِنَ ٱلْمُؤْمِنِينَ ﴿٤٧﴾
ৰাছু ল প্ৰে ৰণ নকৰাকৈ সিহঁ তৰকু ফৰীআৰুগুনাহৰকাৰণে যদি সিহঁ তৰওপৰত কোনোশাস্তি আহি পৰিলহেঁ তেন তেতিয়াসিহঁ তে নিশ্চয় ক’লেহেঁ তেনঃ (হে আমাৰপ্ৰ তিপালক!) তু মি আমাৰওচৰলৈ ৰাছু ল কিয় প্ৰে ৰণ নকৰিলা,আমি তোমাৰআয়াতসমূ হৰঅনু সৰণ কৰিলোঁহেঁ তেন আৰুসেইমতে আমল কৰিলোঁহেঁ তেন। লগতে নিজ প্ৰতিপালকৰআদেশ মতে আমল কৰা মুমিনসকলৰঅন্ত ৰ্ভু ক্তহৈ গ’লোঁহেঁ তেন? যদি এই অভিযোগ উত্থাপনৰঅৱকাশ নাথাকিলহেঁ তেন তেন্তে নিশ্চয় আমি সিহঁ তক শীঘ্ৰে ই শাস্তি প্ৰদান কৰিলোঁহেতেন। কিন্তু সেই শাস্তি টোক আমি পিছু ৱাই ৰাখিছোঁ,যাতে ৰাছু ল প্ৰে ৰণ কৰি সিহঁ তৰ এই অভিযোগ উত্থাপনৰ সুযোগটো নাইকিয়া কৰিব পাৰোঁ।
فَلَمَّا جَآءَهُمُ ٱلْحَقُّ مِنْ عِندِنَا قَالُوا۟ لَوْلَآ أُوتِىَ مِثْلَ مَآ أُوتِىَ مُوسَىٰٓ ۚ أَوَلَمْ يَكْفُرُوا۟ بِمَآ أُوتِىَ مُوسَىٰ مِن قَبْلُ ۖ قَالُوا۟ سِحْرَانِ تَظَـٰهَرَا وَقَالُوٓا۟ إِنَّا بِكُلٍّۢ كَـٰفِرُونَ ﴿٤٨﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা ৰিছালত লৈ যেতিয়া কু ৰাইশ্বৰ ওচৰলৈ আগমন কৰিলে, তেতিয়া সিহঁ তে এই বিষয়ে ইয়াহুদীসকলক সুধিলে, আৰু ইয়াহুদীসকলে সিহঁ তক বুজাই পৰাই দিলে, সেই শুনি সিহঁ তে ক’লেঃ মু হাম্মদে নিজ প্ৰতিপালকৰ তৰফৰ পৰা মু ছাৰ দৰে নিদৰ্শন লৈ কিয় নাহে? যেনেঃ শুভ্ৰোজ্জ্বল হাত, লাখুটি আদি। হে ৰাছু ল! আপুনি সিহঁ তক প্ৰত্যুত্তৰ দি কওক, ইতিপূৰ্বে মু ছাক যিবোৰ নিদৰ্শন দিয়া হৈছিল ইয়াহুদীসকলে সেইবোৰক নাকচ কৰা নাছিলনে? সিহঁ তে দেখোন তাওৰাত আৰু কোৰআন উভয় ৰ বিষয়ে কয়ঃ এই দুয়োটা হৈছে যাদু, তথা এটাই আনটোক সমৰ্থন কৰে। সিহঁ তে এই কথাও কয় যে,আমি কোৰআন আৰুতাওৰাত দুয়োটাকেই অস্বীকাৰকৰোঁ। بلغ আল-কোৰআন · তাফছীৰ
قُلْ فَأْتُوا۟ بِكِتَـٰبٍۢ مِّنْ عِندِ ٱللَّهِ هُوَ أَهْدَىٰ مِنْهُمَآ أَتَّبِعْهُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٤٩﴾
হে ৰাছু ল! আপুনি ইহঁ তক কৈ দিয় ক, তোমালোকৰ দাবী অনুসৰি তাওৰাত আৰু কোৰআন যদি সঁচাই যাদু হয় , এতেকে তোমালোকে যদি নিজৰ এই দাবীত সত্যবাদী হোৱা তেন্তে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ এনেকু ৱা এখন গ্ৰন্থলৈ অহা, যি গ্ৰন্থই কোৰআন আৰু তাওৰাততকৈ অধিক সত্যৰ পথ দেখুৱাব। যদি তোমালোকে এনেকু ৱা গ্ৰন্থলৈ আহিবপাৰা তেন্তে ময়ো সেই গ্ৰন্থৰঅনু সৰণ কৰিম।
فَإِن لَّمْ يَسْتَجِيبُوا۟ لَكَ فَٱعْلَمْ أَنَّمَا يَتَّبِعُونَ أَهْوَآءَهُمْ ۚ وَمَنْ أَضَلُّ مِمَّنِ ٱتَّبَعَ هَوَىٰهُ بِغَيْرِ هُدًۭى مِّنَ ٱللَّهِ ۚ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ ﴿٥٠﴾
এতেকে কু ৰাইশ্বে যদি তাওৰাত আৰুকোৰআনতকৈ অধিক সঠি ক গ্ৰন্থলৈ অহাৰএই আহ্বান স্বীকাৰনকৰেতেন্তে আপুনি নিশ্চিতৰূপে জানি থওক যে, সিহঁ তে এই দুখন গ্ৰন্থক নাকচ কৰাটো হৈছে ভিত্তিহীন। বৰং প্ৰবৃত্তিৰ অনুসৰণ কৰি সিহঁ তে এনেকু ৱা সংহতিহীন কথা কয় । সেই ব্যক্তিতকৈ অধিক পথভ্ৰ ষ্টআন কোনেও হ’ব নোৱাৰে, যিয়ে আল্লাহৰ হিদায় ত অবিহনে নিজৰ মনৰ চাহিদাৰ অনুসৰণ কৰে। প্ৰকৃ ততে আল্লাহে সেইসকল লোকক কেতিয়াও সত্যৰ পথ নেদেখুৱায় , যিসকলে আল্লাহৰ লগত কু ফৰী কৰি নিজৰেই অন্যায় কৰে।
۞ وَلَقَدْ وَصَّلْنَا لَهُمُ ٱلْقَوْلَ لَعَلَّهُمْ يَتَذَكَّرُونَ ﴿٥١﴾
নিশ্চয় আমি মু শ্বৰিকসকলৰ ওচৰত পূৰ্বৱৰ্তী উম্মতসমূ হৰ অৰ্থাৎ বনী ইছৰাঈলৰ মাজৰ ইয়াহুদীসকলৰ মাজত সংঘটি ত হোৱা সকলো ঘটনা সম্পৰ্কীয় বিৱৰণ পৌঁচাই দিছোঁ, লগতে সিহঁ তে আমাৰৰাছু লসকলক অস্বীকাৰকৰাৰফলত যি শাস্তি ৰসন্মুখীন হৈছিল সেই বিষয়ে ও জনাই দিছোঁ। যাতে সিহঁ তে এইবোৰৰ পৰা উপদেশ গ্ৰহণ কৰি ঈমান পোষণ কৰে, আৰু সিহঁ তৰ ওপৰতো যাতে তেনেকু ৱা শাস্তি নামি নাহে, যেনেকু ৱা শাস্তি পূৰ্বৱৰ্তী উম্মতৰ ওপৰত আহিছিল।
ٱلَّذِينَ ءَاتَيْنَـٰهُمُ ٱلْكِتَـٰبَ مِن قَبْلِهِۦ هُم بِهِۦ يُؤْمِنُونَ ﴿٥٢﴾
কোৰআন অৱতীৰ্ণ হোৱাৰপূৰ্বে যিসকলে তাওৰাতৰওপৰত দৃঢ় ভাৱেঈমান পোষণ কৰিছিল, সেইসকল লোকেই কোৰআনৰওপৰত ঈমান আনিছে। কাৰণ তেওঁ লোকে সেই গ্ৰন্থত কোৰআন সম্পৰ্কে সুসংবাদ তথাইয়াৰপ্ৰ শংসাপঢ়ি বলৈ পাইছিল।
وَإِذَا يُتْلَىٰ عَلَيْهِمْ قَالُوٓا۟ ءَامَنَّا بِهِۦٓ إِنَّهُ ٱلْحَقُّ مِن رَّبِّنَآ إِنَّا كُنَّا مِن قَبْلِهِۦ مُسْلِمِينَ ﴿٥٣﴾
যেতিয়া তেওঁ লোকৰ ওচৰত কোৰআন তিলাৱত কৰা হয় , তেতিয়া তেওঁ লোকে কয়ঃ আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ; নিশ্চিতভাৱে এইখন হৈছে সত্য, ইয়াত কোনো সন্দে হ নাই। এইখন আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। এই কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বৰে পৰা আমি মু ছলিম, কাৰণ ইয়াৰ পূৰ্বে ৰাছু লসকলে যি লৈ আহিছিল, আমি সেইবোৰৰপ্ৰ তিও ঈমান আনিছিলোঁ।
أُو۟لَـٰٓئِكَ يُؤْتَوْنَ أَجْرَهُم مَّرَّتَيْنِ بِمَا صَبَرُوا۟ وَيَدْرَءُونَ بِٱلْحَسَنَةِ ٱلسَّيِّئَةَ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ ﴿٥٤﴾
উক্ত লোকসকলক আল্লাহে দ্বি গুণ ছোৱাব প্ৰদান কৰিব। কাৰণ তেওঁলোকে নিজৰ ধৰ্মগ্ৰ ন্থৰ ওপৰতো ধৈৰ্য্য সহকাৰে ঈমান পোষণ কৰিছিল, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পিছত তেওঁৰ প্ৰতিও ঈমান পোষণ কৰিছে। তেওঁলোকেই নেক আমলৰ ছোৱাবৰ জৰিয় তে গুনাহক প্ৰতিহত কৰে। লগতে আমি তেওঁ লোকক যি ধন-সম্পদ প্ৰদান কৰিছোঁ,তেওঁ লোকে সেইবোৰনেকীৰৰাস্তাত ব্যয় কৰে।
وَإِذَا سَمِعُوا۟ ٱللَّغْوَ أَعْرَضُوا۟ عَنْهُ وَقَالُوا۟ لَنَآ أَعْمَـٰلُنَا وَلَكُمْ أَعْمَـٰلُكُمْ سَلَـٰمٌ عَلَيْكُمْ لَا نَبْتَغِى ٱلْجَـٰهِلِينَ ﴿٥٥﴾
মুমিন বান্দাসকলে যেতিয়া আহলে কিতাবৰ অযথা কথা শুনা পায় , তেতিয়া তেওঁলোকে সেইবোৰক আওকাণ কৰি বেলেগ ফালে মনোযোগ দিয়ে । লগতে সিহঁ তক সম্বোধন কৰি কয়ঃ শুনা! আমি আমাৰ কৰ্মৰ প্ৰতিদান পাম আৰু তোমালোকে তোমালোকৰ কৰ্মৰ প্ৰতিদান পাবা। আমাৰ ফালৰ পৰা তোমালোক সকলো ধৰণৰ গোৱাল-গালি আৰু অনিষ্ট ৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। আমি মু ৰ্খসকলৰ সংস্পৰ্শ নিবিচাৰোঁ, কাৰণ ইয়াৰ মাজত পৃথিৱী আৰু بلغ আল-কোৰআন · তাফছীৰ আখিৰাতত ক্ষয় -ক্ষতি আৰুশাস্তি নিহিত আছে।
إِنَّكَ لَا تَهْدِى مَنْ أَحْبَبْتَ وَلَـٰكِنَّ ٱللَّهَ يَهْدِى مَن يَشَآءُ ۚ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ ﴿٥٦﴾
হে ৰাছু ল! আপুনি যাকে ইচ্ছাতাকেই ঈমান পোষণ কৰাৰক্ষমতাপ্ৰ দান কৰিবনোৱাৰে। উদাহৰণস্বৰূপে আবু তালিব। কিন্তু একমাত্ৰ আল্লাহেই সেই সত্ত্বা, যিজনে যাক ইচ্ছা কৰে তাকেই হিদায় তৰ তাওফীক দিব পাৰে। কাৰণ তেৱেঁই ভালকৈ জানে, কোন ব্যক্তিয়ে হিদায় ত লাভ কৰি সঠি ক পথৰ পথিক হ’ব পাৰিব।
وَقَالُوٓا۟ إِن نَّتَّبِعِ ٱلْهُدَىٰ مَعَكَ نُتَخَطَّفْ مِنْ أَرْضِنَآ ۚ أَوَلَمْ نُمَكِّن لَّهُمْ حَرَمًا ءَامِنًۭا يُجْبَىٰٓ إِلَيْهِ ثَمَرَٰتُ كُلِّ شَىْءٍۢ رِّزْقًۭا مِّن لَّدُنَّا وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ ﴿٥٧﴾
من لدنا ولكن أكثرهم لا يعلمون মক্কাৰ মুশ্বৰিকসকলে ইছলামৰ অনুসৰণ আৰু ইয়াৰ প্ৰতি ঈমান পোষণৰ পৰা বিৰত থকাৰ ইচ্ছাৰে অজুহাত দাঙি ধৰি কয়ঃ “যদি আমি আপুনি লৈ অহা ইছলাম গ্ৰহণ কৰোঁ, তেন্তে অতিশীঘ্ৰে আমাৰ শত্ৰুসকলে আমাক দেশৰ পৰা বহিষ্কাৰ কৰিব”। এই মুশ্বৰিকসকলৰ বাবে হৰমক আমি নিৰাপত্তাৰ ঠাই বনোৱা নাইনে? যি ঠাইত অন্যায় -অত্যাচাৰ আৰু তেজ প্ৰবাহিত কৰা নিষেধ। তাত সিহঁ ত শত্ৰুৰ আক্ৰ মণৰ পৰাও সুৰক্ষিত। যি ঠাইত সকলো প্ৰকাৰৰ ফল-মূল জীৱিকা স্বৰূপে উপলব্ধ হয় । কিন্তু সিহঁ তৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ নিয়ামতবোৰৰ বিষয়ে অৱগত নহয় । সেইকাৰণেই আল্লাহৰকৃ তজ্ঞতা জ্ঞাপন নকৰে।
وَكَمْ أَهْلَكْنَا مِن قَرْيَةٍۭ بَطِرَتْ مَعِيشَتَهَا ۖ فَتِلْكَ مَسَـٰكِنُهُمْ لَمْ تُسْكَن مِّنۢ بَعْدِهِمْ إِلَّا قَلِيلًۭا ۖ وَكُنَّا نَحْنُ ٱلْوَٰرِثِينَ ﴿٥٨﴾
বহুতো জনবসতি এনেকু ৱা আছিল, যিসকলে আল্লাহৰ নিয়ামতৰ অকৃ তজ্ঞতা কৰিছিল, তথা পাপকৰ্ম আৰু অবাধ্যতাত লিপ্ত হৈছিল। অৱশেষত আমি সিহঁ তৰ ওপৰত শাস্তি প্ৰে ৰণ কৰি সিহঁ তক ধ্বংস কৰিছিলোঁ। চোৱা এইবোৰ হৈছে সিহঁ তৰ জনশূন্য বাসস্থান, যিবোৰৰ ওচৰেৰে মানুহে অহা যোৱা কৰে। তাত কিছু মান পৰ্যটকৰবাহিৰেআন কোনেও অৱস্থান নকৰে। প্ৰকৃ ততে আমিয়ে ই ইয়াৰউত্তৰাধিকাৰী; আকাশমণ্ডল, পৃথিৱী আৰুএই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰৰ।
وَمَا كَانَ رَبُّكَ مُهْلِكَ ٱلْقُرَىٰ حَتَّىٰ يَبْعَثَ فِىٓ أُمِّهَا رَسُولًۭا يَتْلُوا۟ عَلَيْهِمْ ءَايَـٰتِنَا ۚ وَمَا كُنَّا مُهْلِكِى ٱلْقُرَىٰٓ إِلَّا وَأَهْلُهَا ظَـٰلِمُونَ ﴿٥٩﴾
ظلمون হে ৰাছু ল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো জনবসতিক এনেয়ে ধ্বংস নকৰে, যেতিয়ালৈকে সিহঁ তৰ মাজৰ ডাঙৰ জনবসতিৰ মাজত কোনো ৰাছু ল প্ৰে ৰণ কৰিসিহঁ তৰঅভিযোগ উত্থাপনৰপথ বন্ধ নকৰে। যিদৰেআপোনাক উম্মুল কু ৰালৈ (অৰ্থাৎ মক্কালৈ) প্ৰে ৰণ কৰিছে। আনহাতে সেইসমূ হ জনবসতিকো আমি ধ্বংস নকৰোঁ যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠি ত থাকে। বৰং আমি ধ্বংস কৰোঁ সেইসমূহ জনবসতিক, যিবোৰে কু ফৰী আৰু গুনাহৰ জৰিয় তে নিজৰওপৰত অন্যায় কৰে।
وَمَآ أُوتِيتُم مِّن شَىْءٍۢ فَمَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا وَزِينَتُهَا ۚ وَمَا عِندَ ٱللَّهِ خَيْرٌۭ وَأَبْقَىٰٓ ۚ أَفَلَا تَعْقِلُونَ ﴿٦٠﴾
আল্লাহে তোমালোকক যিবোৰ সা-সামগ্ৰী দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃ ত হোৱা তথা পাৰ্থিৱ জীৱনক সুসজ্জিত হিচাপে গঢ়ি তোলা, এটা সময় ত এইবোৰ নিঃশেষ হৈ যাব। পক্ষান্ত ৰে আখিৰাতত আল্লাহৰ ওচৰত যি মহান ছোৱাব আছে, সেয়া এই পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰীতকৈ তথা শোভা বৃদ্ধি কৰা বস্তু তকৈ অধিক উত্তম আৰু চিৰস্থায়ী। তোমালোকে এইবোৰ বুজি নোপোৱা নেকি? যাতে ধ্বংসশীল বস্তু ৰ ওপৰত চিৰস্থায়ী বস্তু ক প্ৰধান্য দিব পাৰা।
أَفَمَن وَعَدْنَـٰهُ وَعْدًا حَسَنًۭا فَهُوَ لَـٰقِيهِ كَمَن مَّتَّعْنَـٰهُ مَتَـٰعَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ثُمَّ هُوَ يَوْمَ ٱلْقِيَـٰمَةِ مِنَ ٱلْمُحْضَرِينَ ﴿٦١﴾
যি ব্যক্তিক আমি আখিৰাতত জান্নাত আৰুতাৰমাজত থকা চিৰস্থায়ী নিয়ামত প্ৰদানৰপ্ৰ তিশ্ৰুতি দিছোঁ, সেইবোৰতেওঁ নিশ্চয় লাভ কৰিব; এই ব্যক্তিক কেতিয়াও সেই ব্যক্তি ৰ লগত তু লনা কৰিব নোৱাৰি, যাক পাৰ্থিৱ জীৱনৰ ধন-সম্পদ আৰু শোভনীয় বস্তু প্ৰদান কৰা হৈছে, কাৰণ কিয়ামতৰ দিনা بلغ আল-কোৰআন · তাফছীৰ এনেকু ৱাব্যক্তি জাহান্নামৰঅগ্নিতনিক্ষিপ্ত সকলৰঅন্ত ৰ্ভু ক্তহ’ব।
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تَزْعُمُونَ ﴿٦٢﴾
যিদিনা সিহঁ তৰ পৱিত্ৰ আৰু সৰ্বোচ্চ প্ৰতিপালক আল্লাহে সিহঁ তক মাতি ক’বঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, মোক এৰি যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, তথা সেইবোৰক মোৰ অংশীদাৰ বুলি ভাবিছিলা?!
قَالَ ٱلَّذِينَ حَقَّ عَلَيْهِمُ ٱلْقَوْلُ رَبَّنَا هَـٰٓؤُلَآءِ ٱلَّذِينَ أَغْوَيْنَآ أَغْوَيْنَـٰهُمْ كَمَا غَوَيْنَا ۖ تَبَرَّأْنَآ إِلَيْكَ ۖ مَا كَانُوٓا۟ إِيَّانَا يَعْبُدُونَ ﴿٦٣﴾
কু ফৰীৰপিনে আহ্বানকাৰীযিসকল প্ৰচাৰকৰওপৰত আমাৰশাস্তি অনিবাৰ্য্যহৈ পৰিছে সিহঁ তে ক'বঃহে আমাৰপ্ৰ তিপালক! এই পথভ্ৰ ষ্টলোকসকলক আমিয়ে ই পথভ্ৰ ষ্টকৰিছিলোঁ, যিদৰে আমি নিজেই পথভ্ৰ ষ্টহৈছিলোঁ, আৰু এতিয়া আমি তোমাৰ সন্মুখত সিহঁ তৰ পৰা সম্পৰ্ক চ্ছেদ কৰিলোঁ। সিহঁ তে আমাৰইবাদত কৰানাছিল,বৰংপ্ৰ কৃ ততে সিহঁ তে চয় তানৰহে অনু সৰণ কৰিছিল।
وَقِيلَ ٱدْعُوا۟ شُرَكَآءَكُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا۟ لَهُمْ وَرَأَوُا۟ ٱلْعَذَابَ ۚ لَوْ أَنَّهُمْ كَانُوا۟ يَهْتَدُونَ ﴿٦٤﴾
তেতিয়া সিহঁ তক কোৱা হ’ব, তোমালোকে অংশী স্থাপন কৰা লোকসকলক আহ্বান কৰা, যাতে সিহঁ তে তোমালোকক এই তিৰস্কাৰৰ পৰা ৰক্ষা কৰিব পাৰে, যি তিৰস্কাৰত তোমালোকে লিপ্ত হৈ আছা। তেতিয়া সিহঁ তে সেই অংশীদাৰসকলক মাতিব, কিন্তু সিহঁ তে এই আহ্বানত কোনো সঁহাৰি নিদিব। সিহঁ তে সিহঁ তৰ বাবে প্ৰস্তু ত কৰা শাস্তি বোৰ যেতিয়া দেখিব, তেতিয়া কামনা কৰিব যে, যদি সিহঁ তে পৃথিৱীত সত্যৰ পথ অৱলম্বন কৰিলেহেঁ তেন।
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ مَاذَآ أَجَبْتُمُ ٱلْمُرْسَلِينَ ﴿٦٥﴾
সেইদিনা আল্লাহে সিহঁ তক মাতি ক’বঃ তোমালোকে মোৰ সেই ৰাছু লসকলক কেনেকু ৱা সঁহাৰি প্ৰদান কৰিছিলা, যিসকলক আমি তোমালোকৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ।
فَعَمِيَتْ عَلَيْهِمُ ٱلْأَنۢبَآءُ يَوْمَئِذٍۢ فَهُمْ لَا يَتَسَآءَلُونَ ﴿٦٦﴾
তেতিয়া সিহঁ তে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিব, তথা মৌন হৈ থাকিব। লগতে যিহেতু সিহঁ তে ভালকৈ গম পাব যে, এতিয়া শাস্তি ত পতিত হ'বই লাগিব,গতিকে সেই ভয় তে সিহঁ তে ইজনে সিজনকোসোধ-পোচ কৰিবলৈও সাহস নকৰিব।
فَأَمَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَـٰلِحًۭا فَعَسَىٰٓ أَن يَكُونَ مِنَ ٱلْمُفْلِحِينَ ﴿٦٧﴾
কিন্তু এই মুশ্বৰিকসকলৰ মাজৰ যিসকলে নিজৰ কু ফৰীৰ পৰা তাওবা কৰি আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিব, তথা সৎকৰ্ম কৰিব তেন্তে আশাকৰাযায় সি উদ্দেশ্যত সফল হৈ সাফল্যমণ্ডিত লোকৰঅন্ত ৰ্ভু ক্তহ’ব। লগতে ভয় -ভীতিৰপৰাৰক্ষাপাব।
وَرَبُّكَ يَخْلُقُ مَا يَشَآءُ وَيَخْتَارُ ۗ مَا كَانَ لَهُمُ ٱلْخِيَرَةُ ۚ سُبْحَـٰنَ ٱللَّهِ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ ﴿٦٨﴾
হে ৰাছু ল! আপোনাৰ প্ৰতিপালকে যিটো সৃষ্টি কৰিব বিচাৰে, সেইটোৱে সৃষ্টি কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে, তেওঁৰ আনুগত্য আৰু নুবুওৱতৰ বাবে নিৰ্বাচিত কৰি লয় । এই ক্ষেত্ৰত মু শ্বৰিকসকলৰ অভিযোগ উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। নিশ্চয় আল্লাহ তাআলা সেই সকলো অংশীদাৰৰ পৰা মহা পৱিত্ৰ, যিবোৰক সিহঁ তে অংশী কৰি তেওঁ ৰ সৈতে ইবাদত কৰে। بلغ আল-কোৰআন · তাফছীৰ وربك يعلمما تكن صدورهم وما يعلنون
وَرَبُّكَ يَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ ﴿٦٩﴾
সিহঁ তৰঅন্ত ৰেযি গোপন কৰেআৰুযি প্ৰকাশ কৰে,সেই সকলোবোৰআপোনাৰপ্ৰ তিপালকে জানে। এইবোৰৰএকোৱেই তেওঁ ৰপৰা গোপন নহয় । তেওঁ সিহঁ তকএইবোৰৰপ্ৰ তিদান দিব।
وَهُوَ ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ ۖ لَهُ ٱلْحَمْدُ فِى ٱلْأُولَىٰ وَٱلْـَٔاخِرَةِ ۖ وَلَهُ ٱلْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ ﴿٧٠﴾
তেৱেঁই পৱিত্ৰ আল্লাহ। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৃথিৱীত আছে কেৱল তেওঁৰেই প্ৰশংসা আৰু আখিৰাততো আছে কেৱল তেওঁৰেই প্ৰশংসা। সিদ্ধান্ত কেৱল তেওঁৰেই জাৰি হয় , যিটোক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰলৈকেই তোমালোকক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদানৰ বাবে ওভোতাই নিয়া হ’ব।
قُلْ أَرَءَيْتُمْ إِن جَعَلَ ٱللَّهُ عَلَيْكُمُ ٱلَّيْلَ سَرْمَدًا إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ مَنْ إِلَـٰهٌ غَيْرُ ٱللَّهِ يَأْتِيكُم بِضِيَآءٍ ۖ أَفَلَا تَسْمَعُونَ ﴿٧١﴾
হে ৰাছু ল! আপুনি এই মুশ্বৰিকসকলক সোধক, কোৱাচোন তোমালোকে যদি আল্লাহে কিয়ামত পৰ্যতন্ নিৰৱচ্ছিন্নভাৱে কেৱল ৰাতিয়ে ৰাতি কৰি দিয়ে তেন্তে তোমালোকৰ এনেকু ৱা কোনো উপাস্য আছে নেকি, যিয়ে দিনৰ দৰে পোহৰ আনি দিব পাৰিব? তোমালোকে এইবোৰ দলিল-প্ৰমাণৰ বিষয়ে শুনা পোৱা নাইনে? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃ ত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এই পোহৰ আনিবলৈ সক্ষম নহয় ?
قُلْ أَرَءَيْتُمْ إِن جَعَلَ ٱللَّهُ عَلَيْكُمُ ٱلنَّهَارَ سَرْمَدًا إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ مَنْ إِلَـٰهٌ غَيْرُ ٱللَّهِ يَأْتِيكُم بِلَيْلٍۢ تَسْكُنُونَ فِيهِ ۖ أَفَلَا تُبْصِرُونَ ﴿٧٢﴾
تبصرون হে ৰাছুল! আপুনি সিহঁতক কওক, কোৱাচোন আল্লাহে যদি কিয়ামত পৰ্যতন্ তোমালোকৰ বাবে দিনেই দিন কৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে তোমালোকক ৰাতি আনি দিব পাৰিব, গোটেই দিন পৰিশ্ৰ ম কৰাৰ পিছত যি ৰাতিত তোমালোকে বিশ্ৰাম লোৱা? তোমালোকে এই নিদৰ্শনবোৰ নেদেখা নেকি? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃ ত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এইবোৰ আনিবলৈ সক্ষম নহয় ?
وَمِن رَّحْمَتِهِۦ جَعَلَ لَكُمُ ٱلَّيْلَ وَٱلنَّهَارَ لِتَسْكُنُوا۟ فِيهِ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ ﴿٧٣﴾
পৱিত্ৰ আল্লাহৰ অসীম কৃ পা এই যে, তেওঁ তোমালোকৰ বাবে ৰাতিক অন্ধকাৰ বনাইছে, যাতে দিনৰ বিভিন্ন পৰিশ্ৰ মৰ পিছত ৰাতিত বিশ্ৰাম কৰিব পাৰা। আনহাতে দিনক আলোকিত কৰিছে, যাতে জীৱিকা উপাৰ্জ নৰ বাবে প্ৰয়াস কৰিব পাৰা। আশা কৰা যায় আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰৰ বাবে তোমালোকে তেওঁ ৰ কৃ তজ্ঞতা জ্ঞাপন কৰিবা, আৰু সেইবোৰ ভোগ কৰি অকৃ তজ্ঞ নহ’বা।
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تَزْعُمُونَ ﴿٧٤﴾
যিদিনা সিহঁতক সিহঁতৰ সৰ্বোচ্চ পৱিত্ৰ প্ৰতিপালকে এই বুলি মাতিবঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, যিবোৰক তোমালোকে মোৰ বাহিৰে উপাসনা কৰিছিলা। তথা তোমালোকে ধাৰণা কৰিছিলা যে, সেইবোৰ হৈছে মোৰ অংশীদাৰ?
وَنَزَعْنَا مِن كُلِّ أُمَّةٍۢ شَهِيدًۭا فَقُلْنَا هَاتُوا۟ بُرْهَـٰنَكُمْ فَعَلِمُوٓا۟ أَنَّ ٱلْحَقَّ لِلَّهِ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ ﴿٧٥﴾
আমি প্ৰত্যেক উম্মতৰ নবীসকলক উপস্থি ত কৰিম, তেওঁলোকে সিহঁ তৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব, কাৰণ সিহঁ তে কু ফৰী কৰিছিল আৰু নবীসকলক অস্বীকাৰ কৰিছিল। আমি সেই উম্মতসমূহৰ অস্বীকাৰকাৰী লোকসকলক সুধিমঃ তোমালোকে যি কু ফৰী আৰু অস্বীকাৰ কৰাৰ পথত অটল আছিলা, তাৰ সপক্ষে তোমালোকৰ দলিল-প্ৰমাণবোৰ উপস্থাপন কৰাচোন। তেতিয়া সিহঁ তৰ ওচৰত উত্তৰ দিবলৈ একো নাথাকিব। তেতিয়া সিহঁ তে পৰিপূৰ্ণৰূপে বিশ্বাস পোষণ কৰিব যে, সন্দে হৰ পৰা ঊৰ্দ্ধ ত থকা সত্য হৈছে কেৱল একমাত্ৰ আল্লাহৰ সত্য। সিহঁ তে পৱিত্ৰ আল্লাহৰ সৈতে যিবোৰ উপাস্যক অংশী কৰি লৈছিল সেই সকলোবোৰতেতিয়াভিত্তিহীন প্ৰমাণিত হ’ব। بلغ আল-কোৰআন · তাফছীৰ
۞ إِنَّ قَـٰرُونَ كَانَ مِن قَوْمِ مُوسَىٰ فَبَغَىٰ عَلَيْهِمْ ۖ وَءَاتَيْنَـٰهُ مِنَ ٱلْكُنُوزِ مَآ إِنَّ مَفَاتِحَهُۥ لَتَنُوٓأُ بِٱلْعُصْبَةِ أُو۟لِى ٱلْقُوَّةِ إِذْ قَالَ لَهُۥ قَوْمُهُۥ لَا تَفْرَحْ ۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْفَرِحِينَ ﴿٧٦﴾
নিশ্চয় কাৰূণ আছিল মুছা আলাইহিচ্ছালামৰ সম্প্ৰ দায় ৰ এজন লোক, কিন্তু সি তেওঁলোকৰ প্ৰতি অহংকাৰ কৰিছিল। আমি তাক ইমান ধন ভাণ্ডাৰ প্ৰদান কৰিছিলোঁ যে, সেইবোৰ ধন ভাণ্ডাৰৰ চাবি উঠাবলৈয়ো এদল শক্তিশালী লোকৰ বাবেও কঠি ন আছিল। এতেকে যেতিয়া তাক তাৰ সম্প্ৰ দায় ৰ লোকসকলে ক'লেঃ তু মি উৎফু ল্লি ত হৈ অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে সীমা চেৰাই যোৱা আনন্দ ক ভাল নাপায় । বৰং তেনেকু ৱা লোকৰ প্ৰতি অসন্তু ষ্টহয় আৰুসিহঁতকইয়াৰশাস্তি দিয়ে ।
وَٱبْتَغِ فِيمَآ ءَاتَىٰكَ ٱللَّهُ ٱلدَّارَ ٱلْـَٔاخِرَةَ ۖ وَلَا تَنسَ نَصِيبَكَ مِنَ ٱلدُّنْيَا ۖ وَأَحْسِن كَمَآ أَحْسَنَ ٱللَّهُ إِلَيْكَ ۖ وَلَا تَبْغِ ٱلْفَسَادَ فِى ٱلْأَرْضِ ۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْمُفْسِدِينَ ﴿٧٧﴾
তোমাক আল্লাহে যি ধন-সম্পদ দান কৰিছে, সেইবোৰক কল্যাণৰ পথত ব্যয় কৰি আখিৰাতৰ ছোৱাব অৰ্জ ন কৰা। আনহাতে তোমাৰ প্ৰাপ্যখিনিও পাহৰি নাযাবা, যেনেঃ পানাহাৰ, বস্ত্ৰ আদি নিয়ামত। কিন্তু এই ক্ষেত্ৰতো কোনো ধৰণৰ অপচয় আৰু কৃ পণালী কৰা উচিত নহয় । লগতে তোমাৰ প্ৰতিপালকৰ আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদাচৰণ কৰিবা, যিদৰে আল্লাহে তোমাৰ সৈতে ভাল ব্যৱহাৰ কৰিছে। তথা পাপকৰ্ম কৰি আৰু ইবাদত পৰিত্যাগ কৰি পৃথিৱীত উপদ্ৰ ৱ সৃষ্টি নকৰিবা। নিশ্চয় আল্লাহে পৃথিৱীত বিপৰ্যয় সৃষ্টি কাৰী লোকক পছন্দ নকৰে, বৰং সিহঁ তক ঘৃণা কৰে।
قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلْمٍ عِندِىٓ ۚ أَوَلَمْ يَعْلَمْ أَنَّ ٱللَّهَ قَدْ أَهْلَكَ مِن قَبْلِهِۦ مِنَ ٱلْقُرُونِ مَنْ هُوَ أَشَدُّ مِنْهُ قُوَّةًۭ وَأَكْثَرُ جَمْعًۭا ۚ وَلَا يُسْـَٔلُ عَن ذُنُوبِهِمُ ٱلْمُجْرِمُونَ ﴿٧٨﴾
কাৰূনে ক’লেঃ“মোৰএই ধন-সম্পত্তি মই নিজৰজ্ঞান আৰুদক্ষতাৰফলত অৰ্জ ন কৰিছোঁ। তথা মই ইয়াৰঅধিকাৰী আছিলোঁ”। কাৰূনে নাজানে নেকি যে, আল্লাহে ইয়াৰ পূৰ্বে বহুতো জাতিক ধ্বংস কৰিছে, যিসকল তাতকৈও অধিক শক্তি শালী আছিল আৰু অধিক সম্পদ সঞ্চয় কাৰী আছিল? কিন্তু অৱশেষত সিহঁতৰ শক্তিয়েও একো উপকাৰ কৰিব পৰা নাছিল আৰু সিহঁতৰ সম্পদো কোনো কামত অহা নাছিল। কিয়ামতৰ দিনা আল্লাহে অপৰাধীসকলক সিহঁ তৰগুনাহ সম্পৰ্কে প্ৰশ্ননকৰিব,কাৰণ আল্লাহ সেই বিষয়ে ভালকৈয়ে অৱগত। বৰংসিহঁ তক ভৰ্ৎ সনাআৰুলাঞ্ছনাৰবাবেপ্ৰ শ্নকৰা হ’ব।
فَخَرَجَ عَلَىٰ قَوْمِهِۦ فِى زِينَتِهِۦ ۖ قَالَ ٱلَّذِينَ يُرِيدُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا يَـٰلَيْتَ لَنَا مِثْلَ مَآ أُوتِىَ قَـٰرُونُ إِنَّهُۥ لَذُو حَظٍّ عَظِيمٍۢ ﴿٧٩﴾
عظيم এতেকে এদিনাখন কাৰূন সুসজ্জিত হৈ নিজৰ জাকজমকতা দেখুৱাবলৈ বাহিৰ হ’ল। এই দেখি কাৰূনৰ সঙ্গীসকলৰ মাজৰ যিসকলে পাৰ্থিৱ সম্পদৰ লোভী আছিল সিহঁ তে ইচ্ছা প্ৰকাশ কৰি ক’লে যে, হায়! কাৰূনৰ দৰে আমাকো যদি পাৰ্থিৱ জীৱনৰ শোভনীয় বস্তু বোৰ প্ৰদান কৰা হ’লহেঁ তেন। নিশ্চয় কাৰূন হৈছে এজন মহাভাগ্যশালীতথাসৌভাগ্যৱান ব্যক্তি ।
وَقَالَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ وَيْلَكُمْ ثَوَابُ ٱللَّهِ خَيْرٌۭ لِّمَنْ ءَامَنَ وَعَمِلَ صَـٰلِحًۭا وَلَا يُلَقَّىٰهَآ إِلَّا ٱلصَّـٰبِرُونَ ﴿٨٠﴾
পক্ষান্ত ৰে যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁ লোকে যেতিয়া কাৰূনক জাকজমকতাৰ মাজত দেখিলে আৰু তাৰ সঙ্গীসকলৰ আশা সম্পৰ্কে শুনিলে তেতিয়া তেওঁলোকে ক’লেঃ দুৰ্ভোগ তোমালোকৰ বাবে! কাৰণ আখিৰাতত থকা আল্লাহৰ প্ৰতিদান, যিবোৰ তেওঁ সেইসকল লোকৰ বাবে প্ৰস্তু ত কৰি ৰাখিছে যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কাৰূনক প্ৰদান কৰা পাৰ্থিৱ জীৱনৰ এই জাকজমকতাৰ তু লনাত সেইবোৰ অতি উত্তম। এইবোৰ কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে ঈমান আনিছে আৰু সেইমতে আমল কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছে। তেওঁ লোকে সংযমৰ সৈতে আল্লাহৰ ওচৰত পাবলগীয়া প্ৰতিদানক পৃথিৱীৰ অস্থায়ী সা-সামগ্ৰীৰৰ ওপৰত প্ৰাধান্য দিয়ে । بلغ আল-কোৰআন · তাফছীৰ
فَخَسَفْنَا بِهِۦ وَبِدَارِهِ ٱلْأَرْضَ فَمَا كَانَ لَهُۥ مِن فِئَةٍۢ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مِنَ ٱلْمُنتَصِرِينَ ﴿٨١﴾
ফলত আমি তাৰ স্বৈৰাচাৰীতাৰ প্ৰতিশোধ স্বৰূপে তাক আৰু তাৰ ঘৰসহ, লগতে তাত থকা সা-সামগ্ৰীসহ মাটি ৰ তলত বিলীন কৰি দিছিলোঁ। আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ তাৰ ওচৰত কোনো জনবল নাছিল। আনকি সি নিজেও নিজৰ সহায় কৰিবলৈ সক্ষম নাছিল।
وَأَصْبَحَ ٱلَّذِينَ تَمَنَّوْا۟ مَكَانَهُۥ بِٱلْأَمْسِ يَقُولُونَ وَيْكَأَنَّ ٱللَّهَ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ ۖ لَوْلَآ أَن مَّنَّ ٱللَّهُ عَلَيْنَا لَخَسَفَ بِنَا ۖ وَيْكَأَنَّهُۥ لَا يُفْلِحُ ٱلْكَـٰفِرُونَ ﴿٨٢﴾
ইপিনে কাৰূন ধ্বংস হোৱাৰ পূৰ্বে যিসকল লোকে তাৰ ধন-সম্পদ দেখি সেইবোৰ পোৱাৰ কামনা কৰিছিল, সেইসকল লোকে এই ধ্বংসলীলা দেখি অনুতপ্ত হৈ তথা শিক্ষা গ্ৰহণ কৰি ক'লেঃ নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে , আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে । অন্যথা আমি যি অনু চিত কথা মু খেৰে প্ৰকাশ কৰিছিলোঁ, আমাৰ ওপৰত আল্লাহৰ অনু গ্ৰহ নাথাকিলে, আমিও কাৰূনৰ দৰে ধ্বংস হ’লোঁহেঁ তেন। নিশ্চয় অকৃ তজ্ঞ লোকে কেতিয়াও সফল হ’ব নোৱাৰে। পৃথিৱীতো নোৱাৰে আৰু আখিৰাততো নোৱাৰে। বৰং উভয় স্থানতেই সিহঁ তৰবাবেআছে লোকচান আৰুক্ষতিগ্ৰ তস্তা। و
تِلْكَ ٱلدَّارُ ٱلْـَٔاخِرَةُ نَجْعَلُهَا لِلَّذِينَ لَا يُرِيدُونَ عُلُوًّۭا فِى ٱلْأَرْضِ وَلَا فَسَادًۭا ۚ وَٱلْعَـٰقِبَةُ لِلْمُتَّقِينَ ﴿٨٣﴾
এইখন হৈছে আখিৰাতৰ ঘৰ, এইখনক আমি সেইসকল লোকৰ বাবে নিয়ামত আৰু সন্মানৰ ঘৰত পৰিণত কৰিম, যিসকলে পৃথিৱীত সত্যৰ প্ৰতি ঈমান আনিবলৈ আৰু তাৰ অনুসৰণ কৰিবলৈ অহংকাৰ নকৰে, লগতে পৃথিৱীত উপদ্ৰ ৱ সৃষ্টি কৰি নুফু ৰে। জান্নাতৰ নিয়ামত আৰু আল্লাহৰ সন্তু ষ্টি অৰ্জ ন কৰাৰ প্ৰশংসনীয় পৰিণাম কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে আল্লাহৰআদেশ পালন কৰিতেওঁ ক ভয় কৰে, আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকে।
مَن جَآءَ بِٱلْحَسَنَةِ فَلَهُۥ خَيْرٌۭ مِّنْهَا ۖ وَمَن جَآءَ بِٱلسَّيِّئَةِ فَلَا يُجْزَى ٱلَّذِينَ عَمِلُوا۟ ٱلسَّيِّـَٔاتِ إِلَّا مَا كَانُوا۟ يَعْمَلُونَ ﴿٨٤﴾
কিয়ামতৰ দিনা যি ব্যক্তি য়ে চওম, চালাত আৰু যাকাত আদি সৎকৰ্মলৈ আগমন কৰিব, তেওঁ ক এই সৎকৰ্মৰ উত্তম প্ৰতিদান দিয়া হ’ব। কাৰণ প্ৰত্যেক সৎকৰ্মৰ প্ৰতিদান দহগুণ বৃদ্ধি কৰি দিয়া হ’ব। আনহাতে কিয়ামতৰ দিনা যি ব্যক্তিয়ে কু ফৰী, সুত আদি ভক্ষণ কৰি আৰু ব্যভিচাৰ আদি গুনাহ কৰি উপস্থি ত হ’ব, সেই ব্যক্তি ক তাৰগুনাহ অনু পাতেই প্ৰতিফল দিয়া হ’ব। একো বৃদ্ধি কৰা নহ’ব।
إِنَّ ٱلَّذِى فَرَضَ عَلَيْكَ ٱلْقُرْءَانَ لَرَآدُّكَ إِلَىٰ مَعَادٍۢ ۚ قُل رَّبِّىٓ أَعْلَمُ مَن جَآءَ بِٱلْهُدَىٰ وَمَنْ هُوَ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٨٥﴾
যি সত্ত্বাই আপোনাৰওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, তথা ইয়াৰপ্ৰ চাৰ-প্ৰসাৰআৰুইয়াৰবিধান মতে আমল কৰাৰদায়ি ত্বআপোনাৰকান্ধত অৰ্পন কৰিছে; সেই সত্ত্বাই নিশ্চিতভাৱে আপোনাক বিজয় প্ৰদান কৰি মক্কালৈ ওভোতাই আনিব। হে ৰাছুল! আপুনি মুশ্বৰিকসকলক কৈ দিয় কঃ মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰনিৰ্দে শ লৈ আহিছে,আৰুকোনে সত্যৰপৰাআঁতৰিস্পষ্ট বিভ্ৰান্ত ত পতিত হৈ আছে।
وَمَا كُنتَ تَرْجُوٓا۟ أَن يُلْقَىٰٓ إِلَيْكَ ٱلْكِتَـٰبُ إِلَّا رَحْمَةًۭ مِّن رَّبِّكَ ۖ فَلَا تَكُونَنَّ ظَهِيرًۭا لِّلْكَـٰفِرِينَ ﴿٨٦﴾
হে ৰাছু ল! আপুনি নুবুওৱতৰ পূৰ্বে কেতিয়াও আশা কৰা নাছিল যে, আপোনাৰ প্ৰতি অহীৰ জৰিয় তে কোৰআন অৱতীৰ্ণ কৰা হ’ব। কিন্তু আল্লাহৰ অসীম কৃ পাৰফলত আপুনি এই সৌভাগ্যলাভ কৰিছে। গতিকে কাফিৰসকল যি বিভ্ৰান্তি ত লিপ্ত হৈ আছে,সেই ক্ষেত্ৰত সিহঁ তক আপুনি সহায় নকৰিব।
وَلَا يَصُدُّنَّكَ عَنْ ءَايَـٰتِ ٱللَّهِ بَعْدَ إِذْ أُنزِلَتْ إِلَيْكَ ۖ وَٱدْعُ إِلَىٰ رَبِّكَ ۖ وَلَا تَكُونَنَّ مِنَ ٱلْمُشْرِكِينَ ﴿٨٧﴾
আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ হোৱাৰ পিছত, আল্লাহৰ আয়াতসমূ হৰ পৰা এই মু শ্বৰিকসকলে যাতে আপোনাক কেতিয়াও ইয়াৰ তিলাৱত আৰু প্ৰচাৰ-প্ৰসাৰৰ পৰা আঁতৰাই আনিব নোৱাৰে। বৰং আপুনি মানু হক আল্লাহৰ প্ৰতি আৰু তেওঁ ৰ তাওহীদৰ প্ৰতি ঈমান আনিবলৈ, লগতে তেওঁ ৰ চৰীয় ত মতে আমল কৰিবলৈ আহ্বান কৰক। আপুনি কেতিয়াও সেই মু শ্বৰিকসকলৰ অন্ত ৰ্ভু ক্তনহ’ব, যিসকলে আল্লাহৰ সৈতে আনৰো উপাসনা কৰে। বৰং بلغ আল-কোৰআন · তাফছীৰ আপুনি সেইসকল তাওহীদপন্থী লোকৰ অন্ত ৰ্ভু ক্তহওক, যিসকলে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে।
وَلَا تَدْعُ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ ۘ لَآ إِلَـٰهَ إِلَّا هُوَ ۚ كُلُّ شَىْءٍ هَالِكٌ إِلَّا وَجْهَهُۥ ۚ لَهُ ٱلْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ ﴿٨٨﴾
আপুনি কেতিয়াও আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা নকৰিব। কাৰণ তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৱিত্ৰ আল্লাহৰ মুখমণ্ডলৰবাহিৰেপ্ৰ ত্যেক বস্তু ৱেই হৈছে ধ্বংসশীল। আদেশ একমাত্ৰতেওঁৰেই চলে। তেওঁ যি ইচ্ছাকৰেসেইটোৱেই আদেশ দিয়ে । কিয়ামতৰদিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে কেৱল তেওঁ ৰ ওচৰলৈকেই প্ৰত্যাৱৰ্ত ন কৰিব লাগিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে